ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰন
(Chemical Reaction and Equation)
১)ৰাসায়নিক বিক্রিয়া কি ? উত্তৰ : যেতিয়া পদার্থ এটাত ৰাসায়নিক পৰিৱৰ্তন সংঘটিত হয়, তেতিয়া তাত এক ৰাসায়নিক বিক্ৰিয়া সংঘটিত হোৱা বুলি কোৱা হয়। ইয়াৰ ফলত পদাৰ্থবিধৰ ৰাসায়নিক ধৰ্ম আৰু সংযুতি সলনিৰে নতুন পদাৰ্থৰ সৃষ্টি হয়। |
২)ৰাসায়নিক সমীকৰণ কাক বোলে ? উত্তৰ : ৰাসায়নিক বিক্ৰিয়া এটাত অংশ লোৱা মৌল আৰু যৌগসমূহৰ ক্ৰমে চিহ্ন আৰু সংকেতেৰে ৰাসায়নিক বিক্রিয়া এটাক প্ৰতীকাত্মকভাৱে উপস্থাপন কৰা পদ্ধতিটোকে ৰাসায়নিক সমীকৰণ বোলে। |
৩)অসন্তুলিত বা জঁকা সমীকৰণ কি ? উত্তৰ : যেতিয়া ৰাসায়নিক সমীকৰণ এটাত বিক্ৰিয়াৰ আগত আৰু বিক্ৰিয়াৰ পাছত প্ৰতিটো মৌলৰ পৰামাণুৰ সংখ্যা একে নাথাকে, তেতিয়া তেনে সমীকৰণক জঁকা বা অসন্তুলিত সমীকৰণ বোলে৷ |
৪)সন্তুলিত সমীকৰণ কি ? উত্তৰ : যেতিয়া কোনো ৰাসায়ানিক সমীকৰণত বিক্ৰিয়াৰ আগত আৰু বিক্ৰিয়াৰ পাছত প্ৰতিটো মৌলৰ পৰমাণু সংখ্যা একে থাকে, তেতিয়া তেনে সমীকৰণকে সন্তুলিত সমীকৰণ বোলে। |
৫)বায়ুত মেগনেছিয়ামৰ ফিতা এডাল জ্বলালে উৎপন্ন হোৱা বগা পদাৰ্থবিধ কি ? বিক্ৰিয়াৰ সন্তুলিত সমীকৰণ লিখা। উত্তৰ : মেগনেছিয়াম অক্সাইড (MgO)। 2Mg + O2 → 2MgO |
৬)সংযোজন বিক্রিয়া কাক বোলে ? উত্তৰ : যি ৰাসায়নিক বিক্ৰিয়াত দুটা বা ততোধিক বিক্রিয়ক পদার্থ লগ হৈ এটাই মাত্র বিক্রিয়াজাত পদাৰ্থ উৎপন্ন কৰে, তাক সংযোজন বিক্রিয়া বোলে ৷ |
৭)এটা সংযোজন বিক্ৰিয়াৰ উদাহৰণ দিয়া ৷ উত্তৰ: C + O2 → CO2 |
৮) কেলছিয়াম অক্সাইডে তীব্ৰভাৱে পানীৰ লগত বিক্ৰিয়া কৰি শিথিলিত চূণ (কেলছিয়াম হাইড্রক্সাইড) উৎপন্ন কৰে। বিক্ৰিয়াৰ সন্তুলিত সমীকৰণ লিখা আৰু বিক্ৰিয়াৰ প্ৰকাৰ উল্লেখ কৰা । [HSLC. 2020] উত্তৰ : CaO + H2O → Ca(OH)2 + তাপ বিক্ৰিয়াৰ প্ৰকাৰ : সংযোজন ৷ |
৯)বিযোজন বিক্রিয়া কাক বোলে? উত্তৰ: যি ৰাসায়নিক বিক্ৰিয়াত এটাই মাত্র বিক্রিয়ক পদার্থ ভাঙি গৈ দুটা বা ততোধিক বিক্রিয়াজাত পদার্থ উৎপন্ন হয়, তাক বিযোজন বিক্রিয়া বোলে। |
১০)এটা বিযোজন বিক্ৰিয়াৰ উদাহৰণ দিয়া। উত্তৰ : CaCO3 তাপ→ CaO+CO2 |
১১)ক’লা-বগা ফটোগ্ৰাফীত ব্যৱহাৰ হোৱা এটা বিযোজন বিক্ৰিয়াৰ উদাহৰণ দিয়া ৷ উত্তৰ : 2AgCl সূৰ্যৰ পোহৰ→ 2Ag + Cl2 |
১২) পানীৰ বিদ্যুৎ-বিশ্লেষণৰ ফলত কি উৎপন্ন হয় ? বিক্ৰিয়াৰ সন্তুলিত সমীকৰণ আৰু প্ৰকাৰ উল্লেখ কৰা । উত্তৰ : হাইড্ৰ’জেন আৰু অক্সিজেন । 2H2O বিদুৎ→ 2H2 + O2 বিক্ৰিয়াৰ প্ৰকাৰ : বিযোজন। |
১৩)তাপীয় বিযোজন বিক্রিয়া কি? উত্তৰ : তাপৰ প্ৰভাৱত কোনো বিক্রিয়ক পদার্থ দুটা বা ততোধিক বিক্রিয়াজাত পদাৰ্থলৈ ভাঙি গ’লে, তেনে বিক্ৰিয়াক তাপীয় বিযোজন বিক্রিয়া বোলে। |
১৪)এটা তাপীয় বিযোজন বিক্ৰিয়াৰ উদাহৰণ দিয়া। উত্তৰ : CaCO3 তাপ→ CaO+CO2 |
১৫)অপসৰণ বিক্রিয়া কাক বোলে? উত্তৰ: যি ৰাসায়নিক বিক্ৰিয়াত এটা বেছি সক্রিয় মৌলই আন এটা কম সক্রিয় মৌলক তাৰ যৌগৰ পৰা অপসাৰিত কৰে, তাক অপসাৰণ বিক্রিয়া বোলে। |
১৬) এটা অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ দিয়া । উত্তৰ : Fe + CuSO – → FeSO4 + Cu |
১৭) দ্বিঅপসৰণ বিক্রিয়া কাক বোলে ? উত্তৰ : যি ৰাসায়নিক বিক্ৰিয়াত বিক্রিয়ক পদার্থ দুটাৰ মাজত আয়নৰ বিনিময় বিক্রিয়াজাত পদার্থসমূহ উৎপন্ন হয়, তাক দ্বিঅপসৰণ বিক্রিয়া বোলে ৷ |
১৮)এটা দ্বি অপসৰণ বিক্ৰিয়াৰ উদাহৰণ দিয়া । উত্তৰ : Na2SO4 + BaCl2 → BaSO4 + 2NaCl |
১৯) জাৰণ বিক্রিয়া কি ? [HSLC 2019] [HSLC 2022] উত্তৰ : যি ৰাসায়নিক বিক্ৰিয়াত কোনো এটা পদার্থই অক্সিজেন লাভ কৰে বা হাইড্ৰ’জেন হেৰুৱায়, তাক জাৰণ বিক্রিয়া বোলে । |
২০)এটা জাৰণ বিক্ৰিয়াৰ উদাহৰণ দিয়া । [HSLC 2022] উত্তৰ : 2Cu + O2 → 2CuO জাৰিত হৈছে |
২১) বিজাৰণ বিক্রিয়া কি ? [HSLC 2022] উত্তৰ : যি ৰাসায়নিক বিক্ৰিয়াত কোনো এটা পদার্থই হাইড্ৰ’জেন লাভ কৰে বা অক্সিজেন হেৰুৱায় তাক বিজাৰণ বিক্রিয়া বোলে। |
২২) এটা বিজাৰণ বিক্ৰিয়াৰ উদাহৰণ দিয়া । [HSLC 2022] উত্তৰ : ZnO + C → Zn + CO বিজাৰিত হৈছে |
২৩)জাৰণ-বিজাৰণ বা ৰেডক্স বিক্রিয়া কি ? উত্তৰ : যি ৰাসায়নিক বিক্ৰিয়াত এটা পদাৰ্থ জাৰিত হওঁতে আনটো পদার্থ একে সময়তে বিজাতি হয়, তাক জাৰণ- বিজাৰণ বা ৰেডক্স বিক্ৰিয়া বোলে। |
২৪)এটা ৰেডক্স বিক্ৰিয়াৰ উদাহৰণ দিয়া। জাৰিত হৈছে উত্তৰ : CuO + H2 → Cu + H2O বিজাৰিত হৈছে |
২৫)ক্ষয়ীভৱন কাক বোলে ? উত্তৰ : যেতিয়া ধাতু এটা ইয়াৰ চৌপাশৰ বিভিন্ন পদার্থ যেনে জলীয় বাষ্প, এচিড আদিৰ দ্বাৰা আক্ৰান্ত হয়, তেতিয়া ইয়াৰ ক্ষয় ঘটে আৰু এই প্ৰক্ৰিয়াক ক্ষয়ীভৱন বোলে। |
২৬)ৰেণচিডিটি বা দুর্গন্ধিতা কি ? উত্তৰ: যেতিয়া তেল আৰু চৰ্বীযুক্ত খাদ্যবস্তু জাৰিত হয়, তেতিয়া ইয়াৰ গোন্ধ আৰু সোৱাদ সলনি হয়। ইয়াকে ৰেণচিডিটি বোলে। |
1 thought on “Class 10 General Science Chapter 1 |ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰন short Question Answer |”