Class 10 General Science Chapter 1 |ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰন short Question Answer |

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰন

(Chemical Reaction and Equation)

১)ৰাসায়নিক বিক্রিয়া কি ?

উত্তৰ : যেতিয়া পদার্থ এটাত ৰাসায়নিক পৰিৱৰ্তন সংঘটিত হয়, তেতিয়া তাত এক ৰাসায়নিক বিক্ৰিয়া সংঘটিত

হোৱা বুলি কোৱা হয়। ইয়াৰ ফলত পদাৰ্থবিধৰ ৰাসায়নিক ধৰ্ম আৰু সংযুতি সলনিৰে নতুন পদাৰ্থৰ সৃষ্টি হয়।
২)ৰাসায়নিক সমীকৰণ কাক বোলে ?

উত্তৰ : ৰাসায়নিক বিক্ৰিয়া এটাত অংশ লোৱা মৌল আৰু যৌগসমূহৰ ক্ৰমে চিহ্ন আৰু সংকেতেৰে ৰাসায়নিক

বিক্রিয়া এটাক প্ৰতীকাত্মকভাৱে উপস্থাপন কৰা পদ্ধতিটোকে ৰাসায়নিক সমীকৰণ বোলে।
৩)অসন্তুলিত বা জঁকা সমীকৰণ কি ?

উত্তৰ : যেতিয়া ৰাসায়নিক সমীকৰণ এটাত বিক্ৰিয়াৰ আগত আৰু বিক্ৰিয়াৰ পাছত প্ৰতিটো মৌলৰ পৰামাণুৰ

সংখ্যা একে নাথাকে, তেতিয়া তেনে সমীকৰণক জঁকা বা অসন্তুলিত সমীকৰণ বোলে৷
৪)সন্তুলিত সমীকৰণ কি ?

উত্তৰ : যেতিয়া কোনো ৰাসায়ানিক সমীকৰণত বিক্ৰিয়াৰ আগত আৰু বিক্ৰিয়াৰ পাছত প্ৰতিটো মৌলৰ পৰমাণু

সংখ্যা একে থাকে, তেতিয়া তেনে সমীকৰণকে সন্তুলিত সমীকৰণ বোলে।
৫)বায়ুত মেগনেছিয়ামৰ ফিতা এডাল জ্বলালে উৎপন্ন হোৱা বগা পদাৰ্থবিধ কি ? বিক্ৰিয়াৰ সন্তুলিত

সমীকৰণ লিখা।

উত্তৰ : মেগনেছিয়াম অক্সাইড (MgO)।

2Mg + O2 → 2MgO
৬)সংযোজন বিক্রিয়া কাক বোলে ?

উত্তৰ : যি ৰাসায়নিক বিক্ৰিয়াত দুটা বা ততোধিক বিক্রিয়ক পদার্থ লগ হৈ এটাই মাত্র বিক্রিয়াজাত পদাৰ্থ উৎপন্ন

কৰে, তাক সংযোজন বিক্রিয়া বোলে ৷
৭)এটা সংযোজন বিক্ৰিয়াৰ উদাহৰণ দিয়া ৷

উত্তৰ: C + O2 → CO2
৮) কেলছিয়াম অক্সাইডে তীব্ৰভাৱে পানীৰ লগত বিক্ৰিয়া কৰি শিথিলিত চূণ (কেলছিয়াম

হাইড্রক্সাইড) উৎপন্ন কৰে। বিক্ৰিয়াৰ সন্তুলিত সমীকৰণ লিখা আৰু বিক্ৰিয়াৰ প্ৰকাৰ উল্লেখ কৰা ।
[HSLC. 2020]

উত্তৰ : CaO + H2O → Ca(OH)2 + তাপ

বিক্ৰিয়াৰ প্ৰকাৰ : সংযোজন ৷
৯)বিযোজন বিক্রিয়া কাক বোলে?

উত্তৰ: যি ৰাসায়নিক বিক্ৰিয়াত এটাই মাত্র বিক্রিয়ক পদার্থ ভাঙি গৈ দুটা বা ততোধিক বিক্রিয়াজাত পদার্থ

উৎপন্ন হয়, তাক বিযোজন বিক্রিয়া বোলে।
১০)এটা বিযোজন বিক্ৰিয়াৰ উদাহৰণ দিয়া।

উত্তৰ : CaCO3 তাপ→ CaO+CO2
১১)ক’লা-বগা ফটোগ্ৰাফীত ব্যৱহাৰ হোৱা এটা বিযোজন বিক্ৰিয়াৰ উদাহৰণ দিয়া ৷

উত্তৰ : 2AgCl সূৰ্যৰ পোহৰ→ 2Ag + Cl2
১২) পানীৰ বিদ্যুৎ-বিশ্লেষণৰ ফলত কি উৎপন্ন হয় ? বিক্ৰিয়াৰ সন্তুলিত সমীকৰণ আৰু প্ৰকাৰ উল্লেখ কৰা ।
উত্তৰ : হাইড্ৰ’জেন আৰু অক্সিজেন ।

2H2O বিদুৎ→ 2H2 + O2

বিক্ৰিয়াৰ প্ৰকাৰ : বিযোজন।
১৩)তাপীয় বিযোজন বিক্রিয়া কি?

উত্তৰ : তাপৰ প্ৰভাৱত কোনো বিক্রিয়ক পদার্থ দুটা বা ততোধিক বিক্রিয়াজাত পদাৰ্থলৈ ভাঙি গ’লে, তেনে

বিক্ৰিয়াক তাপীয় বিযোজন বিক্রিয়া বোলে। 
১৪)এটা তাপীয় বিযোজন বিক্ৰিয়াৰ উদাহৰণ দিয়া।

উত্তৰ : CaCO3 তাপ→ CaO+CO2
১৫)অপসৰণ বিক্রিয়া কাক বোলে?

উত্তৰ: যি ৰাসায়নিক বিক্ৰিয়াত এটা বেছি সক্রিয় মৌলই আন এটা কম সক্রিয় মৌলক তাৰ যৌগৰ পৰা

অপসাৰিত কৰে, তাক অপসাৰণ বিক্রিয়া বোলে।
১৬) এটা অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ দিয়া ।

উত্তৰ : Fe + CuSO – → FeSO4 + Cu
১৭) দ্বিঅপসৰণ বিক্রিয়া কাক বোলে ?

উত্তৰ : যি ৰাসায়নিক বিক্ৰিয়াত বিক্রিয়ক পদার্থ দুটাৰ মাজত আয়নৰ বিনিময় বিক্রিয়াজাত পদার্থসমূহ উৎপন্ন

হয়, তাক দ্বিঅপসৰণ বিক্রিয়া বোলে ৷
১৮)এটা দ্বি অপসৰণ বিক্ৰিয়াৰ উদাহৰণ দিয়া ।

উত্তৰ : Na2SO4 + BaCl2 → BaSO4 + 2NaCl
১৯) জাৰণ বিক্রিয়া কি ? [HSLC 2019] [HSLC 2022]

উত্তৰ : যি ৰাসায়নিক বিক্ৰিয়াত কোনো এটা পদার্থই অক্সিজেন লাভ কৰে বা হাইড্ৰ’জেন হেৰুৱায়, তাক জাৰণ

বিক্রিয়া বোলে ।
২০)এটা জাৰণ বিক্ৰিয়াৰ উদাহৰণ দিয়া । [HSLC 2022]
উত্তৰ : 2Cu + O2 → 2CuO
জাৰিত হৈছে
২১) বিজাৰণ বিক্রিয়া কি ? [HSLC 2022]

উত্তৰ : যি ৰাসায়নিক বিক্ৰিয়াত কোনো এটা পদার্থই হাইড্ৰ’জেন লাভ কৰে বা অক্সিজেন হেৰুৱায় তাক বিজাৰণ

বিক্রিয়া বোলে।
২২) এটা বিজাৰণ বিক্ৰিয়াৰ উদাহৰণ দিয়া । [HSLC 2022]

উত্তৰ : ZnO + C → Zn + CO
বিজাৰিত হৈছে
২৩)জাৰণ-বিজাৰণ বা ৰেডক্স বিক্রিয়া কি ?

উত্তৰ : যি ৰাসায়নিক বিক্ৰিয়াত এটা পদাৰ্থ জাৰিত হওঁতে আনটো পদার্থ একে সময়তে বিজাতি হয়, তাক জাৰণ-

বিজাৰণ বা ৰেডক্স বিক্ৰিয়া বোলে।
২৪)এটা ৰেডক্স বিক্ৰিয়াৰ উদাহৰণ দিয়া।
জাৰিত হৈছে
উত্তৰ : CuO + H2 → Cu + H2O
বিজাৰিত হৈছে
২৫)ক্ষয়ীভৱন কাক বোলে ?

উত্তৰ : যেতিয়া ধাতু এটা ইয়াৰ চৌপাশৰ বিভিন্ন পদার্থ যেনে জলীয় বাষ্প, এচিড আদিৰ দ্বাৰা আক্ৰান্ত হয়,

তেতিয়া ইয়াৰ ক্ষয় ঘটে আৰু এই প্ৰক্ৰিয়াক ক্ষয়ীভৱন বোলে।
২৬)ৰেণচিডিটি বা দুর্গন্ধিতা কি ?

উত্তৰ: যেতিয়া তেল আৰু চৰ্বীযুক্ত খাদ্যবস্তু জাৰিত হয়, তেতিয়া ইয়াৰ গোন্ধ আৰু সোৱাদ সলনি হয়। ইয়াকে

ৰেণচিডিটি বোলে।

1 thought on “Class 10 General Science Chapter 1 |ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰন short Question Answer |”

Leave a Comment

error: Content is protected !!