Domestic Data Entry Operator | Digital Documentation (Advanced)-Class X

Q1: What is the importance of a style? 

Ans: ষ্টাইল গুৰুত্বপূৰ্ণ কিয়নো আমি ডকুমেন্ট এখন আকৰ্ষণীয় আৰু এক সুসংগত ফৰ্মেটৰ সৈতে উপস্থাপনযোগ্য কৰিবলৈ ষ্টাইল প্ৰয়োগ কৰিব পাৰোঁ। এনে ডকুমেণ্ট পঢ়িবলৈ আৰু বুজিবলৈ সহজ।

Q2: What is paragraph formatting? 

Ans: পেৰাগ্ৰাফ ফৰ্মেটিং ত টেব ষ্টপ, পাঠ সংৰেখন, লাইন স্পেচিং আৰু বৰ্ডাৰ অন্তৰ্ভুক্ত থাকে।

Q3: What is a frame? (ফ্রেম কি?) 

Ans:  ফ্ৰেমবোৰ পাত্ৰৰ দৰে যি পাঠ, গ্রাফিক্স আৰু তালিকা ধৰি ৰাখিব পাৰে। ফ্ৰেম ব্যৱহাৰ কৰি, শাখাবোৰত ডকুমেণ্ট এখন সংগঠিত কৰিব পাৰি। 

Q9: What is the use of a table? (টেবুল এখনৰ ব্যৱহাৰ কি? ) 

Ans: টেবুল এখন ব্যৱহাৰ কৰি, বৃহৎ পৰিমাণৰ তথ্য সংগঠিত আৰু কাৰ্যকৰীভাৱে উপস্থাপন কৰিব পাৰি। 

Q4: Write down the process to use Fill Format . (ফিল ফৰ্মেটৰ ব্যৱহাৰ কি?) 

Ans: ফিল ফৰ্মেট ব্যৱহাৰ কৰিবলৈ নিম্নলিখিত প্ৰক্ৰিয়াটো লোৱা হৈছে: 

পদক্ষেপ 1: ষ্টাইল কৰিবলগা ডকুমেণ্টখন খুলি ল’ব লাগিব। 

পদক্ষেপ 2: এতিয়া ষ্টাইলউইণ্ডো খুলিব লাগিব আৰু ড্রপ ডাউন তালিকাৰ পৰা বিচৰা ষ্টাইল শ্ৰেণী আৰু তাৰ পিছত বিচৰা ষ্টাইল বাছনি কৰিব লাগিব৷ 

পদক্ষেপ 3: ফিল ফর্মেট বুটামটো বাছনি কৰিব লাগিব৷ 

পদক্ষেপ 4: চয়ন কৰা ষ্টাইলপ্রয়োগ কৰিবলৈ, মাউচ পইণ্টাৰটো বিচৰা অৱস্থানলৈ লৈ যাব লাগিব আৰু ক্লিক কৰিব লাগিব। 

পদক্ষেপ 5: গোটেই ডকুমেণ্টখনত সেই ষ্টাইলটোৰ বাবে সকলো পৰিৱৰ্তন নোহোৱালৈকে পদক্ষেপ 4 পুনৰাবৃত্তি কৰিব লাগিব। 

পদক্ষেপ 6: ফিল ফৰ্মেট বিকল্পটোৰ ৰপা আতৰি আবিবলৈ, পুনৰ ফিল ফৰ্মেট বুটামত ক্লিক কৰিব লাগিব বা ESC কী টিপিব লাগিব।

Q5: How do we create a new style? (আমি কেনেকৈ এটা নতুন ষ্টাইল সৃষ্টি কৰিব পাৰোঁ?) 

Ans: এটা নতুন ষ্টাইল সৃষ্টি কৰিবলৈ 

পদক্ষেপ 1: ডকুমেণ্ট এখনৰ অংশ এটা বাছনি কৰিব লাগিব 

পদক্ষেপ 2: “ষ্টাইল মেনু”ত ক্লিক কৰিব লাগিব 

পদক্ষেপ 3: “ষ্টাইল আৰু ফর্মেটিং” ত ক্লিক কৰিব লাগিব (বা F11 টিপিব লাগিব 

পদক্ষেপ 4: সোঁফালৰ ফালে এখন উইণ্ডো ওলাব আৰু তাৰ পৰা এটা শ্ৰেণী বাছনি কৰিব লাগিব 

পদক্ষেপ 5: সেই উইন্ডোৰ পৰা “ষ্টাইল একচন” বুটাম টো বাছনি কৰিব লাগিব 

পদক্ষেপ 6: তালিকাৰ পৰা “নতুন ষ্টাইল”ত ক্লিক কৰিব লাগিব 

পদক্ষেপ 7: এখন ক্ৰীয়েত ষ্টাইল ডায়লগ উইন্ডো ওলাব 

পদক্ষেপ ৪: তাত ষ্টাইলৰ নাম টাইপ কৰিব লাগিব (যেনে “My Style”) 

পদক্ষেপ 9: “Ok”ত ক্লিক কৰিব লাগিব) 

Q6: How can we update a style? (আমি এটা ষ্টাইল কেনেদৰে আপডেট কৰিব পাৰোঁ?) 

ষ্টাইল এটা সংশোধন বা আপডেট কৰিবলৈ নিম্নলিখিত পদক্ষেপবোৰ অনুসৰণ কৰিব লাগিব : 

পদক্ষেপ 1: পৰিবৰ্তন কৰিব লগা পৃষ্ঠা / অনুচ্ছেদ টো বাছনি কৰিব লাগিব । 

পদক্ষেপ 2: বাছনি কৰা অংশটো প্ৰয়োজন অনুসৰি সজ্জিত কৰিব লাগিব । 

পদক্ষেপ 3: ষ্টাইল মেনুলৈ যাব লাগিব, আৰু আমি কাৰ ষ্টাইল আপডেট কৰিব বিচাছো তাত ক্লিক কৰিব লাগিব। 

পদক্ষেপ 4: ষ্টাইল একচন বুটাম ব্যৱহাৰ কৰি, আপডেট কৰা নিৰ্বাচিত ষ্টাইলত ক্লিক কৰিব লাগিব।

Q7: How can we load a style? (আমি কেনেকৈ ষ্টাইল এটা লোড কৰিব পাৰোঁ?) 

ষ্টাইল এটা লোড কৰিবলৈ নিম্নলিখিত পদক্ষেপবোৰ ব্যৱহাৰ কৰা হয়: 

পদক্ষেপ 1: ষ্টাইল মেনুত থকা লোড ষ্টাইলত ক্লিক কৰিব লাগিব 

পদক্ষেপ 2: ই লোড ষ্টাইল ডায়লগ বাকচ খুলিব। আপোনাৰ ডকুমেণ্টৰ শ্ৰেণী টো বাছনি কৰিব লাগিব৷ 

পদক্ষেপ 3: ষ্টাইলবোৰ প্ৰতিলিপি কৰিবলৈ বিচৰা টেমপ্লেটটো বিচাৰি উলিয়াই বাছনি কৰিব লাগিব। 

পদক্ষেপ 4: একেডাইলগ উইণ্ডোৰ পৰা, লগতে, প্ৰতিলিপি কৰিব লগা ষ্টাইলৰ প্ৰকাৰৰ বিকল্পবোৰ বাছনি কৰিব লাগিব৷ 

পদক্ষেপ 5: ষ্টাইলবোৰ প্ৰতিলিপি কৰিবলৈ Ok ত ক্লিক কৰিব লাগিব।)

Leave a Comment

error: Content is protected !!