Class 9 Science Chapter 9 |বল আৰু গতি বিষয়ক সূত্রসমূহ Question Answer| SEBA

Class 9 Science Chapter 9 |বল আৰু গতি বিষয়ক সূত্রসমূহ Question Answer| SEBA: আমাৰ ৱেবছাইটলৈ স্বাগতম! আপোনাৰ শৈক্ষিক যাত্ৰাৰ বাবে আপোনাক দশম শ্ৰেণীৰ Notes প্ৰদান কৰি আমি আনন্দিত।

আজি, এই প্ৰবন্ধটোত মই আপোনাৰ দশম শ্ৰেণীৰ জীৱৰ মৌলিক একক “বল আৰু গতি বিষয়ক সূত্রসমূহ” দীঘলয়া আৰু চুটি প্ৰশ্ন আলোচনা কৰিম| আমি প্ৰায় সকলো দীঘলয়া আৰু চুটি প্ৰশ্ন Solution প্ৰদান কৰিছোঁ।

আমাৰ লক্ষ্য হৈছে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰা। আমি ইয়াত বিনামূলীয়াকৈ Notes সমূহ প্ৰদান কৰিছো। আমি আপোনাক আগন্তুক পৰীক্ষাৰ বাবে শুভেচ্ছা জনাইছো। যদি আপোনাৰ কোনো সন্দেহ আছে তেন্তে আমাৰ সৈতে যোগাযোগ কৰক।

Class 9 Science Chapter 9 Question Answer

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন 1 : জড়তাৰ সূত্ৰটো নিউটনৰ কোনটো সূত্ৰৰ সৈতে জড়িত ?

উত্তৰ : নিউটনৰ প্ৰথম সূত্র।

প্রশ্ন 2 : আমি মটৰ গাড়ী এখনত বহি থকা অৱস্থাত গাড়ীখনে যদি হঠাতে বেগ বঢ়ায়, আমাৰ শৰীৰটোৱে বহি থকা আসনখন পিছফালে ঠেলি দিয়া যেন অনুমান হয়। এই কথাখিনিৰ লগত জড়িত সূত্ৰটো কি?

উত্তৰ : নিউটনৰ প্ৰথম সূত্র।

প্রশ্ন 3:25 কি. গ্রা.ৰ বস্তু এটাৰ ওপৰত 500 নিউটন বল প্রয়োগ কৰা হ’লে, বস্তুটোৰ ত্বৰণ কিমান হ’ব?

উত্তৰ : 20 মি. ছে

প্রশ্ন 4 : কি চৰ্তত বস্তুটোৰ ত্বৰণ শূন্য হ’ব পাৰে?

উত্তৰ: যেতিয়া বস্তুৰ ওপৰত প্ৰয়োগ বলৰ মান শূন্য হয়, তেতিয়া বস্তুটোৰ ত্বৰণ শূন্য হয়।

বল, F = 0 হ’লে,

ত্বৰণ, a =F/m=0/m=0

প্রশ্ন 5:4 ছে. মি.? জ্বৰণেৰে গতি কৰি থকা বস্তু এটাৰ বেগ 3 ছেকেণ্ডৰ পাছত হয়গৈ 16 মি/ছেকেণ্ড। বস্তুটোৰ আদি বেগ কি আছিল?

উত্তৰ : 4 মি./ছে.

প্রশ্ন 6: এক কিলোগ্রাম ওজনৰ পৰিমাণ কিমান?

উত্তৰ : 1 কি.গ্রা. ওজন= 1 কি.গ্রা × 9.8 মি./ছে2

= 9.8 কি.গ্রা. মি./ছে2 = 9.8 নিউটন।

প্রশ্ন 7 : বায়ুশূন্য ঠাইত চৰাই এজনী উৰিব পাৰেনে?

উত্তৰ : উৰিব নোৱাৰে।

প্রশ্ন ৪ : ভৰবেগৰ এককটো কি?

উত্তৰ : কি. গ্রা. মি. ছে

প্রশ্ন 9. মাধ্যাকর্ষণীয় ত্বৰণৰ মান পৃথিৱীৰ ক’ত আটাইতকৈ বেছি?

উত্তৰ: বিষুৱৰ ওপৰত আটাইতকৈ বেছি।

প্রশ্ন 10. নিউটনৰ তৃতীয় সূত্ৰৰ উদাহৰণ দিয়া।

উত্তৰ : বন্দুকৰ গুলীয়ে বন্দুকটো পিছফালে ঠেলে।

প্রশ্ন 11: নিউটনৰ কোনটো গতিসূত্ৰৰ পৰা বলৰ পৰিমাণ পোৱা যায় ?

উত্তৰ : দ্বিতীয় গতিসূত্র।

প্রশ্ন 12: নিউটন গতিসূত্ৰ কোনটোৰ পৰাঁ বলৰ ঘাতৰ মান পোৱা যায় ?

উত্তৰ : দ্বিতীয় গতিসূত্ৰৰ পৰা।

প্রশ্ন 13: ভৰবেগৰ একক নিউটন ছেঃ কেনেকৈ হয়?

উত্তৰ: ভৰবেগৰ একক = কিঃগ্রাঃ মিঃ/ছেঃ

= কিঃ গ্রাঃ মিঃ/ছেঃ

= নিউটন × ছেঃ

কাৰণ কিঃ গ্ৰাঃ মিঃ/ছেঃ± = নিউটন।

প্রশ্ন 14ঃ ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াৰ এটা পার্থক্য লিখা।

উত্তৰ : ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াৰ দিশ বিপৰীত আৰু দুয়োৰে ক্ৰিয়া বিন্দু একে নহয় ।

প্রশ্ন 15ঃ খোজকাঢ়োতে নিউটনৰ প্ৰধানত কোনটো সূত্ৰ ব্যৱহাৰ হয়?

উত্তৰ : খোজকাঢ়োতে নিউটনৰ প্ৰধানত তৃতীয় সূত্ৰ ব্যৱহাৰ হয় ।

প্রশ্ন 16: নিউটন আৰু ডাইনৰ সম্পৰ্ক কি?

উত্তৰঃ 1 নিউটন = 10° ডাইন।

প্রশ্ন 17:1 নিউটন মানে কি?

উত্তৰ : 1 কিঃগ্ৰাঃ ভৰৰ বস্তু এটাৰ ওপৰত যিমান বলে ক্ৰিয়া কৰি 1 মিঃ/ছেঃ ত্বৰণৰ সৃষ্টি কৰে তাকে 1 নিউটন বল বোলে।

প্রশ্ন 18: ভৰবেগৰ ৰক্ষণশীলতাৰ নীতিটো লিখা।

উত্তৰ : কোনো বাহ্যিক বলে ক্রিয়া নকৰিলে দুটা বা ততোধিক বস্তুৰ মাজত হোৱা ক্রিয়া-প্রতিক্ৰিয়াৰ ফলত বস্তুকেইটাৰ মুঠ ভৰবেগৰ কোনো পৰিৱৰ্তন নহয় |

প্রশ্ন 19: টনা আৰু ঠেলা বলৰ পাৰ্থক্য বুজাই দিয়া।

উত্তৰ: টনা আৰু ঠেলা বলৰ পাৰ্থক্য হ’ল—টনা বলত বস্তু এটাই নিজৰ অভিমুখে গতি কৰে কিন্তু ঠেলা বলত বস্তুটোৱে নিজৰ পৰা আঁতৰি যায়।

প্রশ্ন 20 : প্ৰতিটোৰ এটাকৈ উদাহৰণ দিয়া :

(ক) বলে বস্তুৰ বেগৰ পৰিবৰ্তন কৰিব পাৰে।

(খ) বলে বস্তুৰ গতিৰ দিশ সলনি কৰিব পাৰে।

(গ) বলে বস্তুৰ আকৃতিৰ পৰিবৰ্তন কৰিব পাৰে।

উত্তৰঃ (ক) চলি থকা চাইকেলখনৰ পেডেলত বেছি বল প্রয়োগ কৰিলে চাইকেলখনৰ বেগ বাঢ়ি যায়।

(খ) মজিয়া এখনৰ ওপৰেৰে গতি কৰি থকা মাৰ্বল এটাক আঙুলিৰে টুকুৰিয়াই দিলে ই তাৰ গতিৰ মূল দিশৰ সলনি কৰি অন্য দিশত গতি কৰে।

(গ) বাঁহৰ কামী এডালৰ দুই মূৰে ৰছী এডালেৰে টানি বান্ধি থ’লে ই ধনুৰ আকৃতি লয়। ৰছীডালেৰে বল প্রয়োগ কৰি কামিচটাৰ আকৃতি সলনি কৰা হয়।

প্রশ্ন 21: ভৰবেগ কাক বোলে? ভৰবেগৰ একক কি?

উত্তৰ : ভৰবেগ : বস্তুৰ ভৰ আৰু বেগৰ পূৰণফলক তাৰ ভৰবেগ বোলে।

অৰ্থাৎ ভৰবেগ = ভৰ x বেগ

=> P =mx v

ভৰবেগৰ একক হ’ল কিঃগ্রাঃ মিঃ/ছেঃ বা নিউটন ছেঃ।

প্রশ্ন 22ঃ প্ৰযুক্তবল আৰু বস্তুৰ ভৰবেগৰ সম্পৰ্ক কি?

উত্তৰ : প্রযুক্ত বল যিমানে বাঢ়ে ভৰবেগ সিমানে বাঢ়ে। অৰ্থাৎ ভৰবেগৰ প্ৰযুক্ত বলৰ সমানুপাতিক।

প্রশ্ন 23ঃ কোন ভৌতিক ৰাশিৰ একক কিঃ গ্ৰাঃ মিঃ/ছেঃ ?

উত্তৰ : ভৰবেগৰং একক কিঃ গ্রাঃ মিঃ/ছেঃ।

প্রশ্ন 24ঃ কোন ভৌতিক ৰাশিৰ একক কিঃ গ্রাঃ মিঃ/ছেঃ?

উত্তৰ : বলৰ একক কিঃগ্রাঃ মিঃ/ছেঃ।

প্রশ্ন 25:1 নিউটন বল মানে কি?

উত্তৰ : যদি 1 কি. গ্রাম বস্তু এটাৰ ওপৰত বল প্রয়োগ কৰাত ইয়াৰ বেগৰ পৰিৱৰ্তনৰ হাৰ 1 মি./ছে হয়, তেন্তে এই বলক 1 নিউটন বল বোলে।

প্রশ্ন 26: 1 ডাইন বলৰ সংজ্ঞা দিয়া।

উত্তৰ : এক ডাইন বল হ’ল সিমান পৰিমাণৰ বল যিয়ে এক গ্রাম ভৰৰ বস্তু এটাৰ ত্বৰণ 1 ছে.মি./ছে. ঘটায়।

প্রশ্ন 28: তলত দিয়া কোনটো বস্তুৰ জড়তা বেছি

(ক) এটা ৰবৰৰ বল আৰু একে আকাৰৰ শিলৰ বল?

(খ) এখন চাইকেল আৰু এখন ৰেলগাড়ী ?

(গ) এটা পাঁচটকীয়া মুদ্ৰা আৰু এটা এটকীয়া মুদ্ৰা ?

উত্তৰঃ (ক) শিলৰ বল, (খ) ৰেলগাড়ী (গ) পাঁচটকীয়া মুদ্রা।

প্রশ্ন: 20% টনা বা ঠেলাৰ সময়ত কি বলে বাধাৰ সৃষ্টি কৰে? সেই বাধা অতিক্রম কৰিবলৈ কি কৰিব লাগে?

উত্তৰঃ টনা বা ঠেলাৰ সময়ত ঘৰ্ষণ বলে বাধাৰ সৃষ্টি কৰে। সেই বাধা অতিক্রম কৰিবলৈ বস্তুটোৰ ওপৰত ঘর্ষণ বলতকৈ বেছি বল প্রয়োগ কৰিব লাগিব। অর্থাৎ অসমতুল বল প্রয়োগ কৰিব লাগিব।

প্রশ্ন 30 : প্রযুক্তবল আৰু বস্তুৰ ভৰবেগৰ সম্পৰ্ক কি?

উত্তৰ: প্রযুক্ত বল যিমানে বাঢ়ে ভৰবেগ সিমানে বাঢ়ে। অর্থাৎ ভৰবোৰ প্ৰযুক্ত বলৰ সমানুপাতিক

প্রশ্ন 31. শুদ্ধ উত্তৰটো বাছি উলিওৱা :

(i) বস্তু এটাৰ গতিৰ ক্ষেত্ৰত তলৰ কোনটো অসত্য-

(a) বস্তুটোৰ গতিৰ দিশৰ পৰিৱৰ্তন ঘটাবলৈ হ’লে অসন্তুলিত বলে ক্রিয়া নকৰিলেও হয়।

(b) অসগুলিত বলে ক্ৰিয়া কৰিলে বস্তুটোৰ ত্বৰণ ঘটে।

(c) বস্তুটোৰ গতি অটুট ৰাখিবলৈ হ’লে অসন্তুলিত বলে ক্ৰিয়া কৰি থাকিব লাগিব।

(d) বস্তুটোৰ মন্থৰণ ঘটাবলৈও অসন্তুলিত বলৰ প্ৰয়োজন হয়।

উত্তৰ: (a) বস্তুটোৰ গতিৰ দিশৰ পৰিৱৰ্তন ঘটাবলৈ হ’লে অসন্তুলিত বলে ক্রিয়া নকৰিলেও হয়।

(ii) আভ্যন্তৰীণ বল সদায়—

(a) অসজ্জ্বলিত বল

(b) সজ্জ্বলিত বল

(c) অসন্তুলিত অথবা সন্তুলিত বল

(d) একে মন্তব্য দিব পৰা নাযায়।

উত্তৰ: (b) সজ্জ্বলিত বল।

(iii) খেলুৱৈ এজনে লংজাপ মৰাৰ আগতে কিছু আগৰ পৰাই দৌৰি অহাৰ কাৰণ—

(b) গতি জড়তা আহৰণ কৰিবলৈ

(2) শক্তি আহৰণ কৰিবলৈ

(c) বল আহৰণ কৰিবলৈ

(d) এনেদৰে অহাটো খৈলুৱৈৰ এটা নান্দনিক ৰূপ।

উত্তৰ: (b) গতি জড়তা আহৰণ কৰিবলৈ।

(iv) বলৰ উপযুক্ত সংজ্ঞা দিব পৰা নিউটনৰ সূত্ৰটো হ’ল-

(a) প্রথম সূত্র

(b) দ্বিতীয় সূত্র

(c) তৃতীয় সূত্র

(d) চতুর্থ সূত্র

উত্তৰ: (b) দ্বিতীয় সূত্র।

(v) বল আৰু ভৰৰ অনুপাতটোৱে দিয়া ৰাশিটো হ’ল—

(a) বেগ

(b) ভৰবেগ

(c) ত্বৰণ

(d) সৰণ

উত্তৰঃ (c) ত্বৰণ

(vi) বলৰ CGS আৰু SI একক হ’ল ক্রমে—

(a) নিউটন, জুল

(b) ডাইন, আর্গ

(d) ডাইন, নিউটন

(c) নিউটন, ডাইন

(vii) নিউটন আৰু ডাইনৰ সম্পৰ্কটো হ’ল-

(a) 1N = 102 dyne

(b) 1N = 105dyne.

(c) 1N = 10 dyne
(d) IN = 107dyne

উত্তৰঃ (c) IN = 10 dyne

(viii) ভৰবেগৰ SI এককটো হ’ল—

(a) নিউটন. ছেকেণ্ড (NS)

(b) কি.গ্রা. মি.ছে. (kgms )

(d) জুল

(c) ডাইন, ছেকেণ্ড

উত্তৰ: (a) নিউটন ছেকেণ্ড (NS)

(ix) এটা M ভৰৰ কাঠৰ টুকুৰাক ভৰৰ ৰচী এডালেৰে মিহি অনুভূমিক তল এখনেৰে টানি নিয়া হ’ল। যদি প্রয়োগবল F হয়, তেন্তে টুকুৰাটোৰ ত্বৰণৰ মান হ’ব:

(a) F/M

(b) F/m

(c) F/M-m

(d) F/M+m

উত্তৰ : (d) F/M+m

(x) ভৰবেগৰ পৰিৱৰ্তনৰ হাৰক বোলা হয়?

(a) ত্বৰণ

(b) সৰণ

(c) বল

(d) কার্য

উত্তৰ : (c) বল

(xi) দুটা বস্তু A আৰু B ৰ ভৰ ক্ৰমে 5 kg আৰু 10 kg হলে

(a) Bতকৈ Aৰ জড়তা বেছি।

(b) A তকৈ Bৰ জড়তা বেছি।

(c) A আৰু Bৰ জড়তা সমান।

(d) A আৰু Bৰ কোনোটোৰেই জড়তা নাই ।

উত্তৰ: (b) A তুকৈ B ৰ জড়তা বেছি।

(xii) যেতিয়া কোনো বস্তুৰ ত্বৰণ হৈ থাকে—

(a) ইয়াৰ দ্ৰুতি সদায় বাঢ়ে।

(b) ইয়াৰ বেগ সদায় বাঢ়ে।

(c) ইয়াৰ ওপৰত অনবৰত বল প্রযুক্ত হয়।

উত্তৰঃ (c) ইয়াৰ ওপৰত অনবৰত বল প্রযুক্ত হয়।

(xiii) যদি বস্তুৰ ভৰ আৰু প্ৰযুক্ত বলৰ পৰিমাণ দিয়া থাকে, নিউটনৰ গতিসূত্ৰই জানিবলৈ সহায় কৰে-

(a) বস্তুৰ ওজন।

(b)বস্তুৰ বেগ

(c) বস্তুৰ ত্বৰণ।

উত্তৰ: (c) বস্তুৰ ত্বৰণ।

(xiv) 2 কিগ্রা ভৰৰ বস্তুৰ ওপৰত 2 নিউটন বল প্রয়োগ কৰিলে—

(a) বস্তুৰ বেগ হ’ব মিঃ/ছেঃ

(b) বস্তুৰ ত্বৰণ হ’ব মিঃ/ছেঃ

(c) বস্তুৰ বেগ হ’ব কিঃ মিঃ/ছেঃ

(d) বস্তুৰ ত্বৰণ হ’ব কিঃ মিঃ/ছেঃ?

উত্তৰ : (b) বস্তুৰ ত্বৰণ হ’ব মিঃ/ছেঃ

(xv) বস্তুৰ গতিৰ পৰীক্ষাটো কৰিছিল-

(a) ছাৰ আইজাক নিউটনে

(b) এৰিষ্ট টলে

(c) গেলিলি’ গেলিলি

(d) এলবার্ট আইনষ্টাইনে

উত্তৰ: (c) গেলিলি’ গেলিলি

(xvi) : m ভৰ বস্তু এটা বেগেৰে গতি কৰিলে তাৰ ভৰবেগ হ’ব—

(a) (mv) 2

(b) mv2

(c) 1/2mv2

(d) mv

উত্তৰঃ (ঘ) mv

(xvii) ক্রিকেট খেলৰ বেট ধৰোতাজনে মৰা বলটো মাটিৰে অলপ দূৰ বাগৰি গৈ ৰৈ যায়৷ বলটো ৰৈ যোৱাৰ কাৰণ হ’ল—

(a) বেট ধৰোতাজনে বলটো পৰ্যাপ্ত জোৰেৰে নামাৰিলে।

(b) বলটোৰ বেগ, ইয়াৰ ওপৰত প্ৰয়োগ কৰা বলৰ সমানুপাতিক।

(c) বলটোৰ গতিৰ বিৰোধিতা কৰা কোনো বল আছে।

(d) বলটোৰ ওপৰত কোনো অসন্তুলিত বলে ক্রিয়া কৰা নাই আৰু সেইবাবেই বলটো ৰৈ যাব খোজে।

উত্তৰঃ (c) বলটোৰ গতিৰ বিৰোধিতা কৰা কোনো বল আছে।

চমু প্রশ্নোত্তৰ

প্রশ্ন 1 : তলত দিয়া উদাহৰণটোত বলটোৰ বেগৰ পৰিৱৰ্তন কিমানবাৰ হৈছে ঠাৱৰ কৰিবলৈ চেষ্টা কৰা—

এজন ফুটবল খেলুৱৈয়ে ফুটবলটো তেওঁৰ দলৰ অন্য এজন খেলুৱৈলৈ আগবঢ়াই দিছে। যিজনে বলটো গ’ললৈ মাৰিছে। বিপৰীত দলৰ গলৰক্ষকজনে বলটো ধৰি তেওঁৰ নিজৰ দলৰ অন্য এজন খেলুৱৈলৈ আগবঢ়াই দিছে। প্রত্যেক ক্ষেত্ৰতে বলৰ যোগালীজনক চিনাক্ত কৰা।

উত্তৰ : তিনিবাৰ ৷ প্ৰথমজন খেলুৱৈয়ে বলটো এটা বেগত নি দ্বিতীয়জন খেলুৱৈক দিয়ে। দ্বিতীয়জন খেলুৱৈয়ে ইয়াৰ বেগৰ পৰিৱৰ্তন ঘটায় আৰু বিপৰীত গ’লৰক্ষকৰ পিনে মাৰি পঠিয়ায়। গ’লৰক্ষকজনে তাক ধৰে। এই ক্ষেত্ৰত পুনৰ বেগৰ পৰিৱৰ্তন ঘটায় আৰু তাৰ পিছতে আন এজন খেলুৱৈক দিয়ে। এইজন খেলুৱৈও তাৰ বেগৰ পৰিৱৰ্তন ঘটায়।

প্রশ্ন 2 : গছৰ ডাল এডাল জোৰকৈ জোকাৰি দিলে কিছুমান পাত কিয় সৰি পৰে?

উত্তৰ : গছৰ ডাল এডাল জোৰকৈ জোকাৰি দিলে গছৰ ডালবোৰৰ স্থানান্তৰণ ঘটে। কিন্তু তাত ঢিলাকৈ লাগি থকা পকা পাত কিছুমান তাৰ স্থিতি জড়তাৰ বাবে ঠাইতে ৰৈ থকা বাবে এনে পাতবোৰ সৰি পৰে।

ব্যাখ্যা কৰা।

প্রশ্ন 3 : চলন্ত বাছ এখন হঠাৎ ৰখি গ’লে আমি আগলৈ আৰু ৰৈ থকা বাছ এখন হঠাৎ ত্বৰিত হ’লে আমি পিছলৈ যাওঁ কিয় ?

উত্তৰ : নিউটনৰ গতিৰ প্ৰথম সূত্রমতে সচল বস্তু এটাই দিশৰ পৰিৱৰ্তন নকৰাকৈ একে দিশতে গৈ থাব্বি বিচাৰে, যদিহে তাৰ ওপৰত বাহ্যিকবলে ক্রিয়া নকৰে। গতিশীল বাছ গাড়ীখনৰ ভিতৰৰ যাত্ৰীবোৰো গতিশীল। যেতিয়া বাছখন হঠাতে ৰৈ যায়, তেতিয়াও কিন্তু যাত্রীবোৰে এই সূত্রমতে গতি জড় তাৰ বাবে গৈ থাকিব বিচাৰে। কিন্তু বাছখন ৰৈ যোৱাৰ বাবে যাত্রীবোৰৰ দেহৰ বাছৰ চিটৰ লগত সংযোগ হৈ থকা অংশ ৰৈ যায় আৰু ওপৰ অংশই গৈ থকাৰ প্ৰয়াস কৰে। ফলত যাত্ৰীবোৰ আগফালে হালি যায়।

যদি বাছখন হঠাৎ ত্বৰিত কৰা হয়, তেতিয়া বাছখনৰ লগত লাগি থকা দেহৰ অংশটো বাছৰ লগত গতিশীল হয়। কিন্তু শৰীৰৰ ওপৰ অংশটোৱে স্থিতি জড়তাৰ বাবে স্থিৰ হৈয়ে থাকিব বিচাৰে। ফলত যাত্ৰীসলৰ বাছত সংলগ্ন অংশটো আগলৈ আৰু মূৰৰ অংশ পিছলৈ যায়। অর্থাৎ আমি পিছলৈ হালি পৰো।

প্রশ্ন 4 : যদি ক্রিয়া সদায় প্ৰতিক্ৰিয়াৰ সমান, তেন্তে ঘোঁৰা এটাই গাড়ীখন কেনেকৈ টানিব পাৰে ব্যাখ্যা কৰা।

উত্তৰ: ঘোঁৰা এটাই গাড়ীখনৰ ওপৰত ক্রিয়া কৰে। গাড়ীখনে নিউটনৰ তৃতীয় সূত্রমতে ইয়াৰ ওপৰত সমান আৰু বিপৰীতমুখী প্রতিক্রিয়া কৰে। ঘোঁৰাৰ ক্ৰিয়া আৰু গাড়ীৰ প্ৰতিক্ৰিয়া বল সমান। গতিকে গাড়ীখন আগফালে নাযায়। কিন্তু ঘোঁৰাটোৱে তাৰ আগ ভৰিৰে মাটিৰ ওপৰত পিছফাললৈ ক্রিয়া কৰে। মাটিলৈ সেয়ে আগফালে তাৰ প্ৰতিক্ৰিয়া প্ৰয়োগ কৰে। ফলত গাড়ীখন আগফালে গতি কৰে। এনেদৰে ঘোঁৰাই গাড়ীখন টানি লৈ যায়।

প্রশ্ন 5: অগ্নিনির্বাবক বাহিনীৰ কৰ্মী এজনে তীব্র বেগেৰে গুলী ওলোৱা পাইপৰ মূৰটো ধৰি ৰাখোতে কিয় অসুবিধা পায় ব্যাখ্যা কৰা।

উত্তৰ : অগ্নিনির্বাপক গাড়ীৰ পানী ওলোৱা পাইপৰ পৰা পানী প্রচণ্ড জোৰেৰে ওলাই আহে। ইয়াৰ প্ৰতিক্ৰিয়া ৰূপে পাইপডালৰ খুউব জোৰেৰে পিছফালে যায়। গতিকে অগ্নিনির্বাপক বাহিনীৰ কৰ্মীয়ে এনে পাইপ এডাল ধৰি ৰাখিবলৈ যথেষ্ট বল প্রয়োগ কৰিব লগা হয়। গতিষ্কে সেই কাৰ্যটো অতি কষ্টকৰ আৰু অসুবিধাজনক ৷

প্রশ্ন 6 : এটা বস্তুৱে বাহ্যিক অসন্তুলিত বলৰ অনুভৱ কৰা নাই। বস্তুটোৱে কিবা বেগেৰে গতি কৰি থকাটো সম্ভৱনে? যদি সম্ভৱ তেনে বেগৰ মান আৰু দিশৰ ওপৰত আৰোপ কৰিবলগীয়া চৰ্তসমূহ উল্লেখ কৰা। যদি নহয়, কাৰণ দর্শোৱা।

উত্তৰ: হয় সম্ভৱ৷ বৰষুণৰ টোপাল যেতিয়া স্থিৰ বেগত তললৈ নামে, তেতিয়া বায়ুৰ সান্দ্ৰতা বলে ইয়াক ওপৰলৈ ঠেলে। এই বল হ’ল ইয়াৰ ওপৰত প্ৰয়োগ হোৱা অসমতুল বল । এই অসমতুল (অসন্তুলিত) বল টোপালৰ ওজনৰ বাবে ক্রিয়া কৰা বলৰ দ্বাৰা সন্তুলিত হয়। গতিকে টোপালটোৱে কোনো অসন্তুলিত বল অনুভৱ নকৰে। তথাপি কিন্তু বৰষুণৰ টোপালবোৰে তললৈ গতি কৰে।

প্রশ্ন : যেতিয়া দলিচা এখন মাৰিৰে কোবোৱা হয়, ধূলিবোৰ ওলাই আহে। ব্যাখ্যা কৰা।

উত্তৰ: দলিচা এখন মাৰিৰে কোৱালে দলিচাখনৰ সৰণ ঘটে। কিন্তু দলিচাত সাধাৰণভাৱে লাগি থকা ধূলিকণাবোৰৰ স্থিতি জড়তাৰ সৰণ নঘটে। ফলত এইবোৰ দলিচাৰ পৰা মাটিত সৰি পৰে।

প্রশ্ন ৪ : বাছৰ ওপৰত ৰখা বস্তুবোৰ ৰছীৰে বান্ধি ৰাখিবলৈ কোৱা হয় কিয়?

উত্তৰ : বাছৰ ওপৰৰ বস্তুবোৰেও বাছৰ গতিৰ লগতে সমানে গতি করে। বাছখন যেতিয়া হঠাতে ৰখাই দিব লগা হয়, তেতিয়া গতি জড়তাৰ বাবে বাছৰ ওপৰত ৰখা বস্তুবোৰে গতি কৰি থাকিবলৈয়ে বিচাৰে। ফলত বস্তুবোৰ বাছৰ ওপৰৰ পৰা সৰি পৰাৰ সম্ভাৱনা থাকে। গতিকে বস্তুবোৰ সৰি পৰাৰ পৰা ৰক্ষা কৰিবলৈ ৰছীৰে বান্ধি ৰাখিবলৈ কোৱা হয়।

প্রশ্ন 9 : 200N অনুভূমিক বল প্রয়োগ কৰি কাঠৰ বাকচ এটা মজিয়া এখনেৰে স্থিৰ বেগেৰে নিয়াৰ চেষ্টা কৰা হৈছে। মজিয়াখনে বাকচটোৰ ওপৰত প্ৰয়োগ কৰা ঘৰ্ষণ বলৰ মান কিমান ?

উত্তৰ : মজিয়াখনে বাকচটোৰ ওপৰত 200N বল বাকচটো ঠেলাৰ বিপৰীত দিশত ক্ৰিয়া কৰিব লাগিব। তেতিয়া ইয়াৰ ওপৰত প্ৰয়োগ হোৱা অসম বলৰ মান শূন্য হ’ব। গতিকে ঘর্ষণ বলৰ মান –200N হ’ব।

প্রশ্ন 10 : গতি বিষয়ক তৃতীয় সূত্ৰৰ মতে আমি যদি বস্তু এটা ঠেলো তেন্তে বস্তুটোৱে আমাক সমান আৰু বিপৰীত বলেৰে পিছলৈ ঠেলে। যদি বস্তুটো ৰাস্তাৰ কাষত ৰখাই থোৱা এখন গধূৰ ট্ৰাক হয়, তেন্তে ই লৰচৰ নকৰাৰ সম্ভাৱনাই বেছি। সমান আৰু বিপৰীত বলে পৰস্পৰ্ক সন্তুলিত কৰে বুলি ছাত্ৰ এজনে যুক্তি আগবঢ়াই দি ইয়াৰ নায্যতা প্ৰতিপাদন কৰিছে। এই যুক্তিৰ ওপৰত তোমাৰ মতামত দিয়া আৰু ট্ৰাকখনে কিয় লৰচৰ নকৰে তাক ব্যাখ্যা দিয়া।

উত্তৰ : ক্রিয়া প্রতিক্রিয়াই একোটা বিন্দুত ক্রিয়া নকৰে। গতিকে ইহঁতে পৰস্পৰে কটাকটি নহয় । যেতিয়া গধূৰ ট্ৰাক খন ঠেলা হয় তেতিয়া ইয়াৰ চকাত থকা টায়াৰ আৰু মাটিৰ মাজৰ ঘর্ষণ বল যথেষ্ট বেছি হয়। গতিকে গধূৰ ট্ৰাকখনৰ লৰচৰ নহয়।

প্রশ্ন 11: আখাটাৰ, কিৰণ আৰু ৰাহুল মটৰগাড়ীৰে দ্ৰুতবেগী পথত তীব্র বেগেৰে গৈ থকা অৱস্থাত পোক এটাই গাড়ীৰ বায়ুৰোধী ঢালখনত (windshield) খুন্দা মাৰি লাগি ধৰিল। আখটাৰ আৰু কিৰণে বিষয়টোৰ ওপৰত চিন্তা চৰ্চা কৰিবলৈ ধৰিলে। কিৰণে যুক্তি দিলে যে গাড়ীখনৰ ভৰবেগৰ পৰিৱৰ্তনতকৈ পোকটোৰৰ ভৰবেগ পৰিৱৰ্তন অধিক (কাৰণ গাড়ীখনতকৈ পোকটোৰ বেগৰ পৰিৱৰ্তন অধিক)। আখটাৰে ক’লৈ যে, যিহেতু গাড়ীখন অধিক বেগেৰে গৈ আছিল, ই পোকটোৰ ওপৰত অধিক বল প্ৰয়োগ কৰিলে আৰু তাৰ ফলত পোকটো মৰিল। ৰাহুলে সম্পূর্ণ নতুন এটা ব্যাখ্যা দি ক’লে যে মটৰগাড়ী আৰু পোক দুয়োটাই একেই বল আৰু ভৰবেগৰ একেই পৰিৱৰ্তন অনুভৱ কৰিছিল। এই যুক্তিসমূহৰ ওপৰত মতামত দিয়া।

উত্তৰ : মটৰগাড়ী আৰু পোক উভয়ে সমানে ‘বল লাভ কৰে। গতিকে ইহঁতৰ ভৰবেগৰ পৰিৱৰ্তনো সমান।

গতিকে আগবঢ়োৱা ব্যাখ্যা সঁচা। কিন্তু পোকটোৰ ভৰ একেবাৰে কম হোৱা বাবে ইয়াৰ জড়তাৰ মানো কম হ’ল। গতিকে ই মৰি থাকিল।

প্রশ্ন 12 : বস্তু এটাৰ গতিৰ দূৰত্ব-সময় তালিকা এখন তলত দিয়া হ’ল—

ছেকেণ্ড হিচাপত সময়মিটাৰ হিচাপত দূৰত্ব
00
11
28
327
464
5125
6216
7343

(a) ত্বৰণ সম্পর্কে কি সিদ্ধান্ত ল’বা? স্থিৰ, ক্রমবর্ধমান, ক্রমহ্রাসমান নে শূন্য?

(b) বস্তুটোৰ ওপৰত ক্রিয়া কৰা বলৰ সম্পৰ্কে কি মন্তব্য কৰিবা?

উত্তৰ :

সময় (ছেকেণ্ড)দূৰত্ব (মিঃ) বেগ (v) = S2-S1/t2-t1ms-1 ত্বৰণ (a) = u2-v1/t2-t1ms-2
0000
111-0/1-0=11-0/1-0=1
288-1/2-1=77-1/2-1=6
32727-8/3-2=1919-7/3-2=12
46464-27/4-3=3737-19/4-3=18
5125125-64/5-4=6161-37/5-4=24
6216216-125/6-5=9191-61/6-5=30
7343343-216/7-6=127127-91/7-6=36

(a) দেখা গ’ল যে গতি হ’ল সমত্বৰিত গতি। ত্বৰণ ক্রমবর্ধমান।

(b) যিহেতু ত্বৰণ ক্রমবর্ধমান গতিকে বস্তুটোৰ ওপৰত ক্রিয়া কৰ৷ বলো ক্রমবর্ধমান।

প্রশ্ন 13 : সমতুল বল বুলিলে কি বুজা ? উদাহৰণৰ সৈতে ব্যাখ্যা কৰা।

উত্তৰ : সমতুল বল : যদি,দুটা সমান আৰু বিপৰীত মুখ্য বলে বস্তু এটাৰ ওপৰত ক্ৰিয়া কৰে তেন্তে বস্তুটোৱে গতি নকৰে অৰ্থাৎ স্থিৰ অৱস্থাতে থাকে। এনে সমান আৰু বিপৰীতমুখী বলক সমতুল বল বোলে।

প্রশ্ন 14 : সমতল ৰাস্তা এটাত 1200kg ভৰৰ মটৰ গাড়ী এখন দুজন মানুহে সুষম বেগেৰে ঠেলিবলৈ সক্ষম হৈছে। একেখন গাড়ী তিনিজন মানুহে ঠেলিলে 0.2ms-2 ত্বৰণ উৎপন্ন হয়। প্ৰতিজন মানুহে কিমান বলেৰে গাড়ীখন ঠেলিছে? (প্ৰতিজন মানুহে সমান পেশীয় প্রয়াসেৰে (masular effort) গাড়ীখন ঠেলে বুলি ধৰিবা।)

উত্তৰ :

এই ক্ষেত্ৰত গাড়ীৰ ভৰ (m)= 1,200 kg

ত্বৰণ (a) = 0.2ms-1

এইটো স্পষ্ট যে তৃতীয় ব্যক্তিজনে অসমতূল্য বল প্ৰদান কৰিছে, যিহেতু গাড়ীখনৰ ত্বৰণ ঘটিছে।

তৃতীয় ব্যক্তিজনে প্রয়োগ কৰা বল = m xa

= 1200 x 0.2 = 240N

যিহেতু তিনিওজন ব্যক্তিয়ে সম পৰিমাণৰ বলেৰে গাড়ীখন ঠেলিছে, গতিকে প্ৰতিগৰাকী ব্যক্তিয়ে 240N পেশী বল প্রয়োগ কৰিছে।

প্রশ্ন 15ঃ একে বেগ ৰে গতি কৰি থকা অৱস্থাত ট্রাক আৰু সৰু মটৰগাড়ী এখন মুখামুখি সংঘৰ্ষত লিপ্ত হৈ গ’ল। যদি সংঘৰ্ষৰকাল IS হয় তেন্তে—

(ক) কোনখন গাড়ীয়ে অধিক প্রতিঘাত বল অনুভৱ কৰিব?

(খ) কোনখন গাড়ীৰ ভৰবেগৰ পৰিৱৰ্তন অধিক হ’ব?

(গ) কোনখন গাড়ীয়ে অধিক ত্বৰণ অনুভৱ কৰিব ?

(ঘ) ট্ৰাকখনতকৈ সৰু গাড়ীখনৰ ক্ষতিৰ পৰিমাণ অধিক হোৱাৰ সম্ভাৱনাৰ কাৰণ কি?

উত্তৰ: (ক) দুয়োখন গাড়ীয়ে সমান প্রতিঘাত বল অনুভৱ কৰিব।

(খ) দুয়োখন গাড়ীৰ ভৰবেগৰ পৰিৱৰ্তন একে হ’ব।

(গ) সৰু গাড়ীখনৰ ত্বৰণ অধিক হ’ব।

(ঘ) সৰু গাড়ীখনৰ ভৰ কম, গতিকে জড়তাৰ মানো কম। অর্থাৎ ই কম পৰিমাণৰ বাধাবল প্রয়োগ কৰিব। গতিকে ক্ষতিৰ সম্ভাৱনা অধিক হ’ব।

প্রশ্ন 16: যি বলে বস্তুৰ গতি সৃষ্টি নকৰে, অকল আকৃতিৰ পৰিৱৰ্তন কৰে সেয়া সমতুল বল নে অসমতুল বল ?

উত্তৰ: অসমতুল বল। কাৰণ বস্তুটোৰ গতি নহ’লেও বলৰ প্ৰভাৱত বস্তুটোৱে আকৃতিৰ পৰিৱৰ্তন হোৱা মানে বস্তুটোৰ কোনো এটা দিশত বেছি পৰিমাণৰ বল আন দিশতকৈ বেছি হয়।

প্রশ্ন 17: কি কি চৰ্ত সাপেক্ষে কোনো এটা বস্তু স্থিৰ অৱস্থাত থাকিব পাৰে?

উত্তৰ : বস্তু এটাৰ স্থিৰ অৱস্থাত থকাৰ চৰ্ত দুটা হ’ল—

(ক) বস্তুটোৰ ওপৰত কোনো বল প্রয়োগ নকৰা।

(খ) বস্তুটোৰ ওপৰত সমতুল বল প্রয়োগ কৰা ।

প্রশ্ন 18: ‘ঘর্ষণ আচলতে এক ধৰণৰ বল’। বুজাই দিয়া।

উত্তৰ : ঘৰ্ষণ আচলতে এক প্ৰকাৰৰ বল। কাৰণ বস্তু এটা প্রায় ঘর্ষণবিহীন বা অতি মসৃণ তলৰ ওপৰেৰে ঠেলিলে বা টানিলে অতি কম বল দিলেই ই গতি কৰে। কিন্তু যদি এখন খহটা তলেৰে ইয়াক ঠেলি বা টানি দিয়া হয়, তেন্তে বস্তুটোৱে গতি নকৰে বা কম পৰিমাণে গতি কৰে। এইক্ষেত্ৰত বস্তুটোৰ ওপৰত প্ৰয়োগ কৰা বলৰ বিপৰীতে বস্তুটোৱে গতি কৰা তলখনে বস্তুটোৰ ওপৰত সমতুল বা অসমতুল বল প্রয়োগ কৰিব লাগিব। এই অসমতুল বলেই হ’ল ঘর্ষণ বল ৷ গতিকে ঘর্ষণ এককপ্ৰকাৰ বল ।

প্রশ্ন 19 : টেবুলৰ ওপৰত ৰখা ৰবৰৰ বল এটা চেপিলে কোন ধৰণৰ বল প্ৰযুক্ত হয় — সমতুল বল নে অসমতুল বল? ব্যাখ্যা কৰা। এইক্ষেত্ৰত বলৰ কোনটো প্ৰভাৱ পৰিলক্ষিত হয় ?

উত্তৰ: টেবুলৰ ওপৰত ৰখা ৰবৰৰ বল এটা চেপিলে অসমতুল বল প্রযুক্ত হয়। কাৰণ এই বলে বলটোৰ ওপৰৰ পৃষ্ঠত ক্রিয়া কৰাৰ ফলত সেই পৃষ্ঠটো দোখাই যায়। পৃষ্ঠই যদি সমানে বিপৰীত দিশে বল প্রয়োগ কৰিব পাৰিলেহেঁতেন তেন্তে বলটো চেপেটা বা দোখাই নগ’লহেঁতেন। এইক্ষেত্ৰত বলৰ প্ৰভাৱটো হ’ল বলে বস্তুৰ অকল গতিয়েই সৃষ্টি নকৰে ইয়া আকৃতিৰো সলনি ঘটাব পাৰে।

প্রশ্ন 20: গতিশীল চাইকেলৰ পেডেল মৰা বন্ধ কৰিলে চাইকেলৰ গতি মন্থৰ হোৱাৰ কাৰণ ব্যাখ্যা কৰা।

উত্তৰ : গতিশীল চাইকেলৰ পেডেল মৰা বন্ধ কৰিলে চাইকেলৰ গতি মন্থৰ হোৱাৰ কাৰণ হ’ল চাইকেলৰ চকাৰ ওপৰত ৰাস্তাৰ পৃষ্ঠই প্ৰয়োগ কৰা ঘৰ্ষণ বল। চাইকেলৰ চকা আৰু ৰাস্তা দুয়োৰে পৃষ্ঠ খহটা। গতিকে পেডেল মাৰি থকা অৱস্থাত দুয়োৰে স্পৰ্শতলে দিয়া ঘর্ষণ বলতকৈ প্ৰয়োগ বল বেছি হয়। ফলত চাইকেলখনে বলৰ দিশত গতি কৰে। কিন্তু পেডেল মাৰিব এৰি দিলে প্রয়োগ বলৰ মান ঘৰ্ষণ বলে ক্ৰমে ক্ৰমে হ্ৰাস কৰি নিয়ে আৰু এটা সময়ত প্ৰয়োগ বলৰ মান ঘৰ্ষণৰ সমান বা কম হয়। ফলত চাইকেলৰ গতি মন্থৰ হয় বা চাইকেলখন ৰৈ যায়৷

প্রশ্ন 21 : অসমতুল বল প্রয়োগ নকৰিলেও গতিশীল বস্তু এটা গতিশীল অৱস্থাতেই থাকিব। গেলিলিওৰ পৰীক্ষাটো বৰ্ণনা কৰা।

উত্তৰ:

গেলিলিঅ’ৰ পৰীক্ষা :

হেলনীয়া তলৰ ওপৰেদি বস্তুৰ গতিৰ বিষয়ত গেলিলিওৱে ভালেমান পৰীক্ষা-নিৰীক্ষা কৰিছিল৷ তাৰে এটা হ’ল আমাৰ আলোচ্য বিষয়। তেওঁ মুখামুখি অৱস্থাত মসৃণ আৰু একে পৰিমাণৰ হেলনীয়া দুখন তল OA আৰু OB লৈছিল৷ A বিন্দুৰ পৰা মসৃণ ঘূৰণীয়া তল বিশিষ্ট বল এটা এৰি দিয়াত বলটো বাগৰি গৈ দ্বিতীয়খন তলৰ ওপৰেদি B বিন্দুলৈ উঠিছিল। দেখা গ’ল Oৰ পৰা A আৰু Bৰ দূৰত্ব সমান অৰ্থাৎ OA দূৰত্ব আৰু OB দূৰত্ব সমান। আকৌ ভূমিৰ পৰা A আৰু B বিন্দুৰ উচ্চতাও (h) সমান।

ইয়াৰ পাছত তেওঁ OB তলখন বেছি হেলনীয়া কৰি (চিত্ৰত OC) আকৌ A বিন্দুৰ পৰা বলটো এৰি দিয়ে। এতিয়া বলটো C বিন্দুলৈ উঠিছিল। দেখা গ’ল OAতকৈ OC দূৰত্ব বেছি। কিন্তু ভূমিৰ পৰা A আৰু C বিন্দুৰ উচ্চতা (h) একে। দ্বিতীয় তলখন আৰু অধিক হেলনীয়া কৰি তেওঁ পুনৰ একে পৰীক্ষা কৰিছিল। তেতিয়া বলটোৱে দ্বিতীয়খন তলৰ ওপৰেদি D বিন্দুলৈ গতি কৰিছিল।

স্পষ্টতঃ OBতকৈ OC আৰু OCতকৈ OD দূৰত্ব বেছি। কিন্তু প্ৰতিটো ক্ষেত্ৰতে বলটো একে উচ্চতালৈ উঠিছিল। এই পৰীক্ষাৰ পৰা তেওঁ এনে এটা সিদ্ধান্তত উপনীত হৈছিল যে দ্বিতীয়খন তল সম্পূৰ্ণৰূপে হেলনীয়া কৰি দিলে (চিত্ৰত OE) অর্থাৎ অনুভূমিক তলৰ ওপৰেদি বাগৰি যোৱাৰ সময়ত ওপৰলৈ উঠিব নোৱাৰাৰ বাবে বলটো অবিৰামভাৱে গৈ থাকিব। পাছত নিউটনে এই পৰীক্ষাৰ সত্যতা প্রমাণ কৰিছিলে। অর্থাৎ অসমতুল বল প্রয়োগ নকৰিলেও গতিশীল বস্তু এটা অনুভূমিক মসৃণ তলৰ ওপৰেদি অনবৰত গতি কৰি থাকিব।

প্রশ্ন 22: কি চৰ্ত সাপেক্ষে অসমতুল বল প্রয়োগ নকৰিলেও গতিশীল বস্তু গতিশীল অৱস্থাতেই থাকিব?

উত্তৰ : অসমতুল বল প্রয়োগ নকৰিলেও গতিশীল বস্তু এটা গতিশীল অৱস্থাতেই থাকিব পাৰে যদিহে বস্তুটোৱে গতি কৰা তলখন ঘর্ষণবিহীন কৰিব পৰা যায়। আন এটা চৰ্ত হ’ল যদিহে বস্তুটোৰ ওপৰত প্ৰয়োগ হোৱা বাহ্যিক বাধা বল (বায়ুৰ বাধা আদি) সম্পূৰ্ণৰূপে নাইকিয়া কৰিব পৰা যায়।

প্রশ্ন 23 : নিউটনৰ প্ৰথম গতিসূত্র লিখা। দুটা উদাহৰণ দিয়া।

উত্তৰ: নিউটনৰ প্ৰথম গতি সূত্র ঃ বাহ্যিক অসমতুল বলে ক্রিয়া নকৰা পর্যন্ত অচল বস্তু এটা অচল অৱস্থাত আৰু সচল বস্তু এটাই একে বেগত একে দিশতে গতি কৰি থাকে।

উদাহৰণ:

(ক) গতিশীল বাছ এখন হঠাতে ৰাখি দিলে যাত্ৰীসকলে আগফালে হালি যায়।

(খ) বন্দুকৰ গুলী এটাই কাঁচৰ খিৰিকীৰে গ’লে কাঁচত এটা সৰু ফুটা কৰি যায়, কাঁচখন নাভাঙে।

প্রশ্ন 24(a) : নিউটনৰ প্ৰথম গতি সূত্ৰক কিয় জড়তাৰ সূত্ৰ বুলি কোৱা হয়?

উত্তৰ : জড়তাৰ সূত্র মতে বস্তু এটাই তাৰ গতিশীল বা স্থিতিশীল অৱস্থাৰ পৰিবৰ্তন কৰিবলৈ নিবিচৰা গুণ।

নিউটনৰ প্ৰথম সূত্রমতে বাহ্যিক বল অবিহনে কোনো বস্তুই তাৰ অৱস্থাৰ পৰিবৰ্তন ঘটাবলৈ নিবিচাৰে। অর্থাৎ সচল বস্তুই সচল অৱস্থাতে আৰু অচল বস্তুই অচল অৱস্থাতে থাকিব বিচাৰে।

দুয়োটা সংজ্ঞাই, আচলতে একে অর্থকে প্রকাশ কৰিছে। গতিকে নিউটনৰ প্ৰথম গতি সূত্ৰক জড়তাৰ সূত্ৰ বুলি কোৱা হয় ।

প্রশ্ন 24(b) : জড়তাৰ সংজ্ঞা দিয়া। স্থিতি জড়তা কাক বোলে ? উদাহৰণ দিয়া ।

উত্তৰ : জড়তা : পদাৰ্থত নিহিত থকা যি গুণটোৰ বাবে স্থিৰ অৱস্থাত থকা বস্তু এটাই স্থিৰ অৱস্থাতে আৰু গতিশীল অৱস্থাত থকা বস্তু এটাই গতি কবিয়েই থাকিব বিচাৰে; সেই গুণটোক জড়তা বোলে।

স্থিতি জড়তা : স্থিৰ অৱস্থাত থকা বস্তুটোৱে যি গুণৰ বাবে স্থিৰ অৱস্থাতে থাকিব বিচাৰে, সেই গুণৰ নামেই স্থিতি জড়তা।

উদাহৰণ : মেজৰ ওপৰত থকা কিতাপখুন বাহ্যিক বলে ক্রিয়া নকৰিলে ই মেজৰ ওপৰতে থাকিব।

প্রশ্ন 25: গতি জড়তা কাক বোলে? উদাহৰণ দিয়া।

উত্তৰ : গতি জড়তা : গতিশীল অৱস্থাত থকা বস্তুটোৱে যি গুণৰ বাবে গতিশীলতা বজাই ৰাখিব বিচাৰে, সেই গুণৰ নামেই গতি জড়তা।

উদাহৰণ ঃ ঘূৰি থকা পাংখাখনৰ বিদ্যুৎ সংযোগ বন্ধ কৰিলেও কিছু সময় ঘূৰি থকাৰ কাৰণ হ’ল গতি জড়তা।

প্রশ্ন 26 : বস্তুৰ জড়তাৰ কাৰক কি? একে আয়তনৰ টেনিছ বা আৰু ক্ৰিকেট বলৰ ভিতৰত কোনটোৰ জড়তা বেছি আৰু কিয় ?

উত্তৰঃ বস্তুৰ জড়তাৰ কাৰক হ’ল ভৰ। একে আয়তনৰ টেনিছ বল আৰু ক্রিকেট বলব ভিতৰত ক্রিকেট বলৰ জড়তা বেছি। কাৰণ হ’ল ক্রিকেট বলৰ ভৰ টেনিছ বলৰ ভৰতকৈ কম। জড়তা ভৰৰ সমানুপাতিক। গতিকে ক্রিকেট বলৰ জড়তা বেছি।

প্রশ্ন 27: গতিশীল বাছে হঠাতে দিশ সলনি কৰিলে বহি থকা যাত্ৰীৰ ওপৰত কি ধৰণৰ প্ৰভাৱ পৰিলক্ষিত হয় বুজাই লিখা।

উত্তৰ : নিউটনৰ গতিৰ প্ৰথম সূত্রমতে সচল বস্তু এটাই দিশৰ পৰিৱৰ্তন নকৰাকৈ একে দিশতে গৈ থাকিব বিচাৰে, যদিহে তাৰ ওপৰত বাহ্যিক বলে ক্রিয়া নকৰে। গতিশীল বাছ গাড়ীখনৰ ভিতৰৰ যাত্ৰীবোৰো গতিশীল। যেতিয়া বাছখন হঠাতে ৰৈ যায়, তেতিয়াও কিন্তু যাত্ৰীবোৰে এই সূত্রমতে গতি জড়তাৰ বাবে গৈ থাকিব বিচাৰে। কিন্তু বাছখন ৰৈ যোৱাৰ বাবে যাত্ৰীবোৰৰ দেহৰ বাছৰ চিটৰ লগত সংযোগ হৈ থকা অংশ ৰৈ যায় আৰু ওপৰ অংশই গৈ থকাৰ প্ৰয়াস কৰে। ফলত যাত্ৰীবোৰ আগফালে হালি যায়।

প্রশ্ন 28: স্থিতি জড়তাৰ অস্তিত্ব পৰীক্ষাৰ দ্বাৰা প্ৰতিপন্ন কৰা।

উত্তৰ : স্থিতি জড়তাৰ অস্তিত্ব তলত বৰ্ণনা কৰা পৰীক্ষাৰদ্বাৰা প্ৰতিপন্ন কৰিব পাৰি। এডাল থিয় দণ্ডৰ ওপৰত এটা বাটি দৃঢ়ভাৱে বহুওৱা হ’ল। বাটিটোৰ ওপৰত এখন কাৰ্ডব’ৰ্ড ৰাখি তাৰ ওপৰত এটা গধুৰ বল থোৱা হ’ল। লক্ষ্য কৰিব লাগিব যাতে বলটো বাটিত সোমাব পাৰে। এতিয়া ওচৰত ৰখা স্প্রিং এডাল টানি আনি হঠাৎ এৰি দিলে কাৰ্ডব’ৰ্ডখন ছিটিকি গৈ দূৰত পৰিব। কিন্তু বলটো ছিটিকি নগৈ বাটিত পৰিব। ইয়াৰ কাৰণ হ’ল বলটো স্থিতি জড়তাৰ প্ৰভাৱত একে ঠাইতে ৰৈ গ’ল।

প্রশ্ন 29 : কোনো বস্তুৰ ওপৰত বলে কৰা প্ৰভাৱৰ তিনিটা উল্লেখ কৰা।

উত্তৰ : কোনো বস্তুৰ ওপৰত বলে কৰা প্ৰভাৱৰ তিনিটা হ’ল :

(a) বলে বস্তুৰ দ্ৰুতিৰ পৰিৱৰ্তন কৰিব পাৰে।

(b) বলে রম্ভৰ গতিৰ দিশ পৰিৱৰ্তন কৰে।

(c) বলে বস্তুৰ আকৃতিৰ সলনি কৰে বা কৰিব বিচাৰে।

প্রশ্ন 30 : নিউটনৰ দ্বিতীয় গতিসূত্র লিখা। ইয়াৰ গাণিতিক ৰূপ দিয়া।

উত্তৰ : নিউটনৰ দ্বিতীয় সূত্র : কোনো গতিশীল বস্তুৰ ত্বৰণ বস্তুটোৰ ওপৰত প্ৰয়োগ কৰা অসমতুল প্রযুক্ত বলৰ সমানুপাতিক আৰু ভৰৰ ব্যস্তানুপাতিক। অথবা, কোনো বস্তুৰ ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ বস্তুটোৰ ওপৰত প্ৰযুক্ত অসমতুল বলৰ সমানুপাতিক আৰু এই পৰিৱৰ্তন বলৰ দিশত ঘটে।

ধৰা হ’ল, ‘m’ ভৰবিশিষ্ট বস্তুটোৰ প্ৰাৰম্ভিক বেগ ॥ আৰু ইয়াৰ ওপৰত F বল প্ৰয়োগ কৰাত ই ত্বৰিত হৈ । সময়ৰ পাছত বেগ v লাভ কৰিলে।

: বস্তুটোৰ প্ৰাৰম্ভিক ভৰবেগ = mu

বস্তুটোৰ অন্তিম ভৰবেগ = mu

: t সময়ত বস্তুটোৰ ভৰবেগৰ পৰিৱৰ্তন = mv-mu. [ ইয়াত v> u]

::. বস্তুটোৰ ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ,

=mv – mu/t=m*v-u/t=ma[v-u/t=a]=ত্বৰণ

নিউটনৰ দ্বিতীয় সূত্রমতে ভৰবেগৰ পৰিবৰ্তনৰ বাহ্যিক বলৰ সমানুপাতিক।

অর্থাৎ F ma

যদি একক ভৰৰ ওপৰত একক বল প্রয়োগ কৰাত একক ত্বৰণৰ সৃষ্টি হয়, তেন্তে K = 1 হ’র।

F = Kma, K = সমানুপাতিক ধ্ৰুৱক ।

প্রশ্ন 30 : প্রমাণ কৰা, F বল প্রয়োগ কৰিলে m ভৰৰ বস্তুৰ ত্বৰণ যদি @ হয় তেন্তে F = ma

উত্তৰ: কোনো ভৰৰ ওপৰত বল প্রয়োগ (F) কৰিলে সৃষ্টি হোৱা ত্বৰণ (a) বস্তুটোৰ ভৰ (m)-ৰ ব্যস্তানুপাতিক আৰু বল (F)-ৰ সমানুপাতিক। অর্থাৎ a c F

a& 1/m=>a & F/m=>a=1/k.F/m, যেতিয়া F = 1 m = 1, a = 1, হয় K = 1 হ’ব

গতিকে = a=F/m ,

F=ma=> বল = ভৰ x ত্বৰণ

প্রশ্ন 31 : নিউটনৰ দ্বিতীয় সূত্ৰৰ পৰা বলৰ একক নির্ণয় কৰিব পাৰি-ব্যাখ্যা করা।

উত্তৰ : নিউটনৰ দ্বিতীয় পুত্র হ’ল- F=ma

গতিকে বলব একক হ’ব,

F = 1 কিঃগ্রাঃ * 1 মিঃ/ছে2 = 1 নিউটন।

=কিঃ গ্রাঃ মিঃ/ছে2 == 1 নিউটন।

কিঃ গ্রাঃ মিঃ/ছে2 অক নিউটন বোলে।

অৰ্থাৎ বলৰ S. I. একক নিউটন।

প্রশ্ন 32: বলৰ সংজ্ঞা লিখা। ইয়াৰ S.I. একক কি?

উত্তৰ : বলঃ যি বাহ্যিক কাৰকৰ ফলত বস্তু এটাৰ অৱস্থাৰ পৰিবর্তন ঘটে তাকে বল বোলে।

বলৰ S.I. একক হ’ল নিউটন (newton : N)

প্রশ্ন 33 : নিউটনৰ দ্বিতীয় সূত্ৰৰ পৰা কেনেকৈ প্ৰথম সূত্ৰৰ উপপাদন কৰিব পাৰি?

উত্তৰ: নিউটনৰ দ্বিতীয় সূত্ৰৰ গাণিতিক ৰূপটো হ’ল-

F = ma

এই সূত্ৰৰ পৰা দেখা যায় যে যেতিয়া F = 0, a = 0 বিহেতু m =.0, অর্থাৎ ত্বৰণ শূন্য। অর্থাৎ বল প্রয়োগ নকৰিলে স্থিৰ বস্তুটোৱে স্থিৰে থাকে আৰু গৈ থকা বস্তুটোৱে ত্বৰিত নোহোৱাকৈ (সুষম বেগেৰে) একে দিশত গৈ থাকে। এইটোৱেই হ’ল নিউটনৰ প্ৰথম সূত্র।

প্রশ্ন 34 : ডাইন আৰু নিউটনৰ মাজৰ সম্পৰ্ক উলিওৱা।

প্রমাণ কৰা যে 1 নিউটন=10$ ডাইন

উত্তৰঃ ডাইন হ’ল বলৰ চি. জি. এছ. একক আনহাতে নিউটন হ’ল বলৰ এছ, আই, একক।

1 নিউটন = 1 kg x 1ms -2

কিন্তু 1 ডাইন = 1 gmx1cms -2

1 Newton = 1kg x 1ms-2.

= 1000 gm x 100 cms-2

= 105 dyne.

প্রশ্ন 35: একে আকৃতিৰ এটা ৰবৰৰ বল আৰু এটা লোৰ বল একে বেগত গতি কৰিছে। কোলটো বল ধৰিবলৈ সহজ হ’ব। কিয়?

উত্তৰ: একে আকৃতিৰ হ’লেও ৰবৰৰ বলটোৰ ভৰ লোৰ বলতকৈ কম। বেগ দুয়োৰে সমান। গতিকে ভৰবেগৰ সূত্র অনুযায়ী লোৰ বলৰ ভৰবেগ বেছি হ’ব। ধৰাৰ লগে লগে বস্তুটোৰ বেগ শূন্য হয়। গতিকে তাৰ ভৰ বেগৰ পৰিৱৰ্তন ঘটে। বস্তু এটাৰ ভৰ বেগৰ পৰিৱৰ্তনৰ হাৰ তাৰ ওপৰত প্ৰয়োগ কৰা বলৰ সমানুপাতিক। গতিকে লোৰ বলটোত বেছি বল প্রয়োগ কৰিব লাগিব।

প্রশ্ন 36 : ভৰৰ ধাৰণাৰ পৰা নিউটনৰ দ্বিতীয় সূত্র লিখি প্রমাণ কৰা যে বল = ভৰ × ত্বৰণ

উত্তৰঃ কোনো ভৰৰ ওপৰত বল প্রয়োগ (F) কৰিলে সৃষ্টি হোৱা ত্বৰণ (a) বস্তুটোৰ ভ্য (m)-ৰ ব্যস্তানুপাতিক আৰু বল (F)-ৰ সমানুপাতিক। অর্থাৎ a x F

a * 1/m => a * F/m

=> a= 1/k . F/m যেতিয়া F = 1 m = 1, a = 1 হয় K = 1 হব

গতিকে a=F/m

=> F =ma => বল = ভৰ × ত্বৰণ

প্রশ্ন 37 : দুখন সমান ভৰবিশিষ্ট গাড়ীৰ এখনৰ বেগ আনখনৰ দুগুণ। কোনখনক খাবলৈ বেছি বলৰ প্ৰয়োজন হ’ব আৰু কিয় ?

উত্তৰ : ইয়াত গাড়ী দুখনৰ ভৰ সমান।

ধৰা হ’ল এই ভৰ— m1 =m2 =m1

ধৰা হ’ল, প্ৰথমখনৰ বেগ = u

.:. ২য়খনৰ বেগ = 2u (যিহেতু দুগুণ)

প্ৰথমখনৰ ভৰবেগ = mu

:: ২য়খনৰ ভৰবেগ = 2mu

প্ৰথমখনৰ ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ বা বল (F1) = mu-0/t =mu/t

বা, ২য়খনৰ ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ বা বল (F2) = 2mu-0/t =2mu/t

স্পষ্টত: F1 <F2

অর্থাৎ ২য়খন গাড়ী ৰখাবলৈ বেছি বলৰ প্ৰয়োজন হ’ব।

প্রশ্ন 38 : দ্বিগুণ ভৰৰ বস্তুৰ ওপৰত দ্বিগুণ বল প্রয়োগ কৰিলে ত্বৰণৰ ওপৰত কি ধৰণৰ প্ৰভাৱ পৰিব ?

উত্তৰ : ইয়াত ভৰ = 2m

বল = 2F

2F = 2m * a

=>a =F/m

অৰ্থাৎ তুৰণৰ কোনো পৰিৱৰ্তন নহ’ব।

প্রশ্ন 39 : ভৰবেগ কাক বোলে? ভৰবেগৰ একক কি?

উত্তৰ: ভৰবেগ : বস্তুৰ ভৰ আৰু বেগৰ পূৰণফলক তাৰ ভৰবেগ বোলে।

অৰ্থাৎ, ভৰবেগ = ভৰ × বেগ

=> P=m x v

ভৰবেগৰ একক হ’ল কিঃগ্রাঃ মিঃ/ছেঃ বা নিউটন ছেঃ।

প্রশ্ন 40 : নিউটনৰ তৃতীয় গতি সূত্র লিখা। দুটা উদাহৰণৰ সৈতে ব্যাখ্যা কৰা।

উত্তৰ: নিউটনৰ তৃতীয় সূত্র: সকলো প্রতিক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্রতিক্রিয়া থাকে। কোনো এটা বস্তু A-য়ে আন এটা বস্তু B-ৰ ওপৰত ক্ৰিয়া কৰিলে, B- য়েও A-ৰ ওপৰত সমান কিন্তু বিপৰীতমুখী ক্ৰিয়া কৰিব। ইয়াক প্রতিক্রিয়া বোলে। ক্রিয়া আৰু প্রতিক্রিয়া এটা বস্তু বা একে বস্তুৰ এটা অংশত সংঘটিত নহয়। ইহঁতে সদায় দুটা বেলেগ বস্তুত ক্রিয়া কৰে। উদাহৰণ-

মেজত কিতাপ এখন ৰাখিলে ই তাৰ ওজনৰ সমান বলেৰে মেজবনক তললৈ হেঁচা দিয়ে। এইটো ক্রিয়া। আনহাতে মেজখনে কিতাপখনক সমান বলেৰে ওপৰলৈ হেঁচা দিয়ে। এইটো প্রতিক্রিয়া।

যদি কিতাপখনে দিয়া ক্রিয়া বলক F আৰু মেজে দিয়া প্রতিক্রিয়া বলক F’ ধৰা হয়, তেতিয়া F =-F’ হব।

F = mg = কিতাপৰ ওজন।

F আৰু Fতাৰু ক্ৰিয়া বিন্দু ক্ৰমে টেবুল আৰু কিতাপ।

প্রশ্ন41: m ভৰ বিশিষ্ট দুটা বস্তুৰ ওপৰত F, আৰু F, বল প্রয়োগ কৰাত সিহঁতৰ ত্বৰণ হ’ল ক্ৰমাৎ a আৰু 2a | F1 আৰু F2 বল দুটাৰ মাজত সম্পর্ক স্থাপন কৰা।

উত্তৰ : ইয়াত F = ma

আৰু F2 = m x2a = 2ma

F1/F2= ma/2ma =1/2 অর্থাৎ F2 = 2F1

প্রশ্ন 42: কাৰণ দর্শোবা:

(ক) ওলমাই ৰখা কার্পেটক দণ্ড এডালেৰে আঘাত কৰিলে ধূলি-বালি ওলাই যায়।

উত্তৰ : ওলোমাই ৰখা কাৰ্পেৰ্টক দণ্ড এডালেৰে কোৱালে ইয়াৰ পৰা ধূলি-বালিবোৰ সৰি পৰে।

নিউটনৰ প্ৰথম সূত্ৰ ইয়াত প্রযোজ্য। কাৰণ কার্পেটত, ধুলিবোৰ সাধাৰণভাৱে লাগি থাকে। দণ্ডডালেৰে কাপের্টখন কোৱাই ইয়াক স্থানান্তৰ কৰি দিয়া হয়। কিন্তু ধূলি-বালিখিনিৰ গাত কোব নপৰে। গতিকে তাৰ ওপৰত বল প্রয়োগ নহয়। গতিকে নিউটনৰ জড়তাৰ সূত্রমতে ধূলি-বালিখিনিয়ে স্থিৰ অৱস্থাতে থাকি যায়। গতিকে এইবোৰ কাৰ্পেৰ্টৰ পৰা তললৈ সৰি পৰে।

(খ) কোনো এটা বস্তুৰ ভৰ আধা আৰু বেগ দুগুণ কৰিলে ভৰৱেগৰ পৰিবৰ্তন নহয়।

উত্তৰ : প্রথমে বস্তুটোৰ ভৰ = m

বেগ = v

.: প্রথম ভৰ বেগ (P0 1) = mv

দ্বিতীয়তে, ভৰ = m / 2

আৰু বেগ = 2v

গতিকে দ্বিতীয় ভৰবেগ (P2) =m/2 × 2v = mv= P1

অর্থাৎ P1 = P2 হ’ব।

গতিকে ভৰবেগৰ পৰিৱৰ্তন নহয়।

(গ) দৌৰত দৌৰবিদসকলে দৌৰসীমা নিৰ্দেশক ফিটা স্পৰ্শ কৰাৰ পাছতো গতি বন্ধ কৰিব নোৱাৰে কিয় ?

উত্তৰ: দৌৰত দৌৰবিদসকলে গতি জড়তা লাভ কৰে। দৌৰি আহি যেতিয়া সীমা “নিৰ্দেশক ফিটা স্পর্শ কৰে তাত ৰৈ গ’লে গতি জড়তাৰ বিপৰীতে কাম কৰা বাবে পৰি গৈ আঘাত পাব। গতিকে নিজকে বচাবলৈ গতি জড়তাৰ কাৰণে সি কিছু সময় দৌৰি থাকে।

(ঘ) ‘দীঘল জাঁপ’ত জঁপিওৱাৰ আগতে দৌৰবিদজনে কিছু দূৰ দৌৰি আহে কিয় ?

উত্তৰ : দীঘল জাঁপত জঁপিওৱাৰ আগতে দৌৰবিদজনে কিছুদূৰ আগৰ পৰা দৌৰি অহাৰ কাৰণ হ’ল গতি জড়তাৰ সৃষ্টি কৰি লোৱা। স্থিৰ অৱস্থাত সীমাৰেখাৰ পৰা জাঁপ মাৰিলে যিমান দূৰত্ব যাব, কিছু আগৰ পৰা দৌৰি গতি জড়তা লাভ কৰি সীমাৰেখাৰ পৰা জঁপিয়ালে বেছি দূৰত্ব জঁপিয়াব পাৰিব।

প্রশ্ন 43: কেতিয়াবা পাঞ্জা নাইবা ৰছী টনাটনি খেলত ভাগ লৈছানে? যদি নাই লোৱা সহপাঠীৰ লগত ভাগ লৈ অভিজ্ঞতা অর্জন কৰা আৰু তাৰে ভিত্তিত তলৰ প্রশ্নকেইটাৰ উত্তৰ দিয়া-

(ক) কোনটো ক্ষেত্ৰত টনা বল আৰু কোনটো ক্ষেত্ৰত ঠেলা বলৰ প্ৰয়োগ হয়?

(খ) সমতুল বলৰ প্ৰভাৱ কেতিয়া পৰিলক্ষিত হয়?

(গ) জয়-পৰাজয় কিহৰ ভিত্তিত সাব্যস্ত হয়? তাৰে বাবে প্ৰয়োগ কৰা বল দুটা সমতুল বল নে অসমতুল বল?

উত্তৰ: (ক) পাঞ্জাত ঠেলা বলৰ প্ৰয়োগ হয়। ৰছী টনাটনিত টনা বলৰ প্ৰয়োগ হয়।

(খ) যেতিয়া পাঞ্জাত এজনে আনজনৰ হাতখন ঠেলি হলাই দিয়ে তেতিয়া অসমতুল বলৰ পৰিলক্ষিত হয়। ৰছী টনাটনিত যেতিয়া এডাল আন দলক টানি আগুৱাই নিয়ে, তেতিয়া অসমতুল বলৰ প্ৰয়োগ হয়।

(গ) বলৰ ভিত্তিত জয়-পৰাজয় সাব্যস্ত হয়। প্রয়োগ বল যদি অসমতুল হয় তেন্তে জয়-পৰাজয় হয়। অন্যথা জয়-পৰাজয়ৰ প্ৰশ্ন নুঠে। দুয়ো সমান হ’ব যাৰ প্ৰয়োগ কৰা বলৰ মান বেছি হয় সিয়ে জয়লাভ কৰে।

প্রশ্ন 44: কাঁচৰ গিলাচ এটাত এটা পাঁচটকীয়া মুদ্ৰা ৰাখাঁ। গিলাচটো হঠাতে বেগেৰে তললৈ টানি দিয়া। মুদ্ৰাটো গিলাচৰ পৰা ওলাই বাহিৰত পৰিল নে? ইয়াৰ কাৰণ ব্যাখ্যা কৰা।

উত্তৰ: মুদ্ৰাটো গিলাচৰ পৰা ওলাই বাহিৰত পৰিব৷ কাৰণ মুদ্ৰাটো গিলাচৰ তলিত এনেয়ে লাগি আছিল। যেতিয়া গিলাচটো তললৈ টানি দিয়া হ’ল, গিলাচৰ বলৰ দিশত স্থানান্তৰ ঘটিল। কিন্তু স্থিতি জড়তাৰ বাবে মুদ্ৰাটো আগৰ ঠাইতে ৰৈ গ’ল। গতিকে মুদ্ৰাটো গিলাচটোৱে স্থান সলনি কৰাৰ বাবে থকা ঠাইৰ অভাৱ ঘটিল আৰু বাহিৰত ওলাই পৰিল ।

প্রশ্ন 45: সূতাডালেৰে গধুৰ শিলৰ টুকুৰা এটা বান্ধি ওলোমাই দিয়া হ’ল। ওপৰৰ সূতাডালতকৈ অলপ বেছি মজবুত দুডাল সূতা শিলৰ টুকুৰাটোৰ তলফালে বান্ধি দিয়া। এতিয়া তলৰ সূতা এডালৰ মূৰত ধৰি হঠাতে জোৰেৰে টানি দিয়া। পিছত দ্বিতীয় সূতাডাল লাহে লাহে তললৈ টানা৷ পৰ্য্যবক্ষণ দুটাৰ ব্যাখ্যা দিয়া।

উত্তৰ : প্রথম পর্যবেক্ষণ : শিলগুটিটোৰ তলত বান্ধি দিয়া সূতা দুডালৰ এডালত ধৰি হঠাতে টানি দিলে তলৰ সূতাডাল ছিঙি যাব। শিলগুটিটো ওলমি থাকিল। কাৰণ হ’ল হঠাতে টানি দিয়া বাবে স্থিতিজড়তাৰ কাৰণে শিলগুটিটোৱে কোনো ক্রিয়া নাপালে। ফলত নৃতাডাল ছিগিল ৷

দ্বিতীয় পর্যবেক্ষণ : দ্বিতীয় সূতাডালত ধৰি লাহে লাহে টানি দিয়া বাবে এই বল শিলগুটিটোৱে লাভ কৰিলে। ফলত শিলগুটিৰ ওজন বাঢ়িল আৰু ওলোমাই থোৱা সূতাডালে ওজন বা বল সহ্য কৰিব নোৱাৰি ছিগি পৰিল।

প্রশ্ন 46: গিলাচ এটা সম্পূৰ্ণকৈ পানীৰে ভৰাই লোৱা। পানীৰ ওপৰত জুইশলাৰ চেমি মান টুকুৰা এটা এনেদৰে ৰাখা যাতে গিলাচৰ গাত লাগি নাথাকে আৰু এঠাইত স্থিৰ হৈ থাকে। গিলাচটো লাহে লাহে ঘূৰাই থাকা। জুইশলাৰ টুকুৰাটোৰ ওপৰত ইয়াৰ কিবা প্ৰভাৱ পৰিলনে? পর্যবেক্ষণৰ ব্যাখ্যা দিয়া।

উত্তৰ : পানীৰে পূৰ্ণ গিলাচটো লাহে লাহে ঘূৰাই থকাত তাৰ গাতে লাগি থকা পানীখিনিও ঘূর্ণন গতি লাভ কৰিব। এই ঘূর্ণন গতিৰ বাবে গিলাচৰ গাত লাগি নথকাকৈ পানীৰ ওপৰত পেলাই ৰখা জুইশলাৰ কাঠিৰ টুকুৰাটোৱেও ঘূৰ্ণ গতি লাভ কৰিব। ফলত টুকুৰাটো পানীৰ লগতে ঘূৰি থাকিব। অর্থাৎ গতিশীল বস্তুৰ ভিতৰত থকা সকলো বস্তুৱে গতিশীল হয়।

প্রশ্ন 47 : গিলাচৰ ওপৰত এখন মিহি ডাঠ কাৰ্ডৰ টুকুৰাৰ ‘ওপৰত এটা পাঁচটকীয়া মুদ্ৰা ৰখা হ’ল। কাৰ্ডখনৰ এটা কোণত হঠাতে অনুভূমিক দিশত বল প্রয়োগ কৰা (টুকুৰিয়াই দিয়া)। পর্যবেক্ষণটো ব্যাখ্যা কৰা।

উত্তৰ: গিলাচৰ ওপৰৰ ডাঠ কাৰ্ডৰ ওপৰত ৰখা মুদ্ৰাটো গিলাচৰ ভিতৰত সোমাই পৰিব৷ কাৰণ ডাঠ কাৰ্ডখন টুকুৰিয়াই দিলে কাৰ্ডখনে বলৰ দিশত গতি কৰিব। কিন্তু মুদ্ৰাটোৱে স্থিতি জড়তাৰ বাবে তাৰ স্থানান্তৰণ নঘটায়। সেয়ে গিলাচৰ ভিতৰত সোমাব।

প্রশ্ন 48: দুখন প্লেটৰ ওপৰত দুটা কণী আছে। তাৰে এটা কেঁচা আৰু আনটো সিজোৱা। কণী দুটা সাৱধানে প্লেটৰ ওপৰত ঘূৰাবলৈ চেষ্টা কৰা। কোনটো কণী অধিক সময় ধৰি ঘূৰে? ইয়াৰ কাৰণ ব্যাখ্যা কৰা আৰু সিজোৱা কণীটো চিনাক্ত কৰা।

উত্তৰ: সিজোৱা কণীটো অধিক সময় ঘূৰিব। কাৰণ কেঁচা কণীটো সিজোৱা কণীটোতকৈ গধুৰ। গতিকে কেঁচা কণীটোৰ জড়তা সিজোৱা কণীটোতকৈ যিহেতু জড়তা ভৰৰ সমানুপাতিক।

কেঁচা কণীটোৱে প্লেটৰ ওপৰত বেছি হেঁচা প্ৰয়োগ কৰিব আৰু জড়তাই ইয়াৰ ওপৰত বেছিকৈ ক্ৰিয়া কৰিব। ফলত ইয়াৰ ঘূর্ণন সোনকালে বন্ধ হ’ব অথবা একে বল প্রয়োগ কৰি ঘূৰালেও কেঁচা কণীটো লাহে লাহে ঘূৰিব।

প্রশ্ন 49 : চলন্ত বাছৰ পৰা নমাৰ সময়ত বাছৰ গতিৰ দিশত অলপ দৌৰি যাব লাগে কিয়— সহপাঠীৰ লগত আলোচনা কৰা। লগতে গাড়ীৰ গতিৰ বিপৰীত দিশে মুখ কৰি নমা অনুচিত কিয় আলোচনা কৰা।

উত্তৰ : চলন্ত বাছখনত থকা সময়ত যাত্ৰীসকলে বাছৰ গতি লাভ কৰে। কিন্তু যদি যাত্রীজনে হঠাতে নামি দিয়ে, তেন্তে মাটিত যাত্রীজনে থিয় হৈ ৰৈ যাব খোজে যদিও যাত্ৰীৰ গাত ক্ৰিয়া কৰা গতি জড়তাই যাত্ৰীজনক বাছৰ গতিৰ দিশত আগুৱাই যায়। থিয় হৈ থাকিব নোৱাৰি যাত্ৰীজনে মাটি পৰি আগলৈ চুঁচৰি যাব। ফলত দেহত আঘাত যাব। কিন্তু যদি নামিয়েই বাছখনৰ গতিৰ দিশত ‘দৌৰ মাৰে তেতিয়া গতি জড়তাই সহায় কৰিব আৰু পৰি নাযায়। ফলত সম্ভাব্য আঘাতৰ পৰা ৰক্ষা পৰিব।

কিন্তু যদি তাৰ সলনি গতিৰ বিপৰীত দিশত মুখ কৰি নামে তেতিয়া গতি জড়তাই তৎকালেই ক্ৰিয়া কৰি পেলাই দিব। আঘাত দুগুণে বাঢ়িব।

প্রশ্ন 50: তলত দিয়াবোৰৰ কাৰণ দৰ্শোৱা-

(i) নাও এখনৰ পৰা পাৰলৈ জাঁপ মাৰিলে নাওখন পাছলৈ হোঁহকে।

(ii) বন্দুকৰ পৰা গুলী ওলাই গ’লে বন্দুকটোৱে পিচফালে হেঁচা দিয়ে।

(iii) বায়ুশূন্য ঠাইত চৰাই উৰিব নোৱাৰে।

(iv) বেলুন এটাত বায়ু ভৰাই মুখখন খুলি দিলে ই ছিটিকি পৰে।

উত্তৰ : (i) নিউটনৰ গতিৰ তৃতীয় সূত্রমতে প্রত্যেক ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্রতিক্রিয়া আছে। নাওখনৰ পৰা যাত্ৰীজনে পাৰলৈ জাঁপ মাৰোতে নাওখনত ভৰিৰে পিচফালে হেঁচা দি কৰা ক্ৰিয়াৰ ফলস্বৰূপে আগফালে যায়। প্রতিক্রিয়া বলৰ ফলত নাওখন পিছফালে হোঁহকে।

(ii) গুলীটো ওলাই যোৱাৰ আগমুহূৰ্তত বন্দুক আৰু গুলীটোৰ মুঠ ভৰবেগ শূন্য। গুলীটো ওলাই যোৱাৰ সময়ত গুলীটোৱে বন্দুকটোৰ ওপৰত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। ভৰবেগৰ ৰক্ষণশীলতাৰ সূত্ৰমতে গুলী আৰু বন্দুকটোৰ মুঠ ভৰবেগ শূন্য। সেইবাবে বন্দুক আৰু গুলীৰ ভৰবেগ বিপৰীতমুখী হয়। বন্দুকটোৰ ভৰ গুলীটোৰ ভৰতকৈ বহুত বেছি বাবে

বন্দুকটোৰ বেগ গুলীটোৰ বেগতকৈ বহুত কম। সেইবাবে বন্দুকৰ পৰা গুলী এটা ওলাই যোৱাৰ লগে লগে গুলীৰ গতিৰ বিপৰীত দিশত বন্দুকটোৱে পিচফাললৈ হেঁচা দিয়ে।

(iii) চৰাই এটা উৰি যাওঁতে ই ডেউকাৰে বায়ুমণ্ডলত বল প্রয়োগ কৰে। বায়ুমণ্ডলেও চৰাইটোৰ ওপৰত সমান আৰু বিপৰীতমুখী (প্ৰতিক্ৰিয়া) বল প্রয়োগ কৰে। চৰাইটোৱে প্ৰয়োগ কৰা বল হৈছে ক্রিয়া। এই ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াৰ বাবে চৰাই এটা উৰিব পাৰে। বায়ুশূন্য ঠাইত ক্রিয়া-প্রতিক্রিয়া বলৰ প্ৰয়োগ নহয় বাবে চৰাই উৰিব নোৱাৰে।

(iv) বেলুন এটাত বায়ু ভৰাই মুখখন খোলা অৱস্থাত এৰি দিলে মুখেৰে বায়ু ওলাবলৈ ধৰে আৰু বেলুনটো বিপৰীত দিশত গতি কৰে। বেলুনৰ ভিতৰত থকা বায়ুৰ চাপে খোলা মুখেৰে বায়ু বাহিৰলৈ ঠেলি দিয়ে আৰু এই ক্ৰিয়াৰ প্ৰতিক্রিয়া হিচাপে বাহিৰৰ বায়ুৰ বিপৰীতমুখী চাপে বেলুনটোক বিপৰীত ফালে ঠেলি দিয়ে।

প্রশ্ন 51: “চাইকেল আৰোহী এজনে পেডেল মৰা বন্ধ কৰাৰ পাছতো চাইকেলখনে কিছুদূৰলৈ গতি কৰি থাকে”- কাৰণ দর্শোৱা৷

উত্তৰ : নিউটনৰ প্ৰথম সূত্রমতে গতিশীল বস্তু এটাই গতি কৰি থাকিব বিচাৰে বাবে এইটো হয়। ই হ’ল চাইকেলখনৰ গতি জড়তা। চাইকেলখনৰ ওপৰত পেডেলৰ জৰিয়তে দিয়া বল আঁতৰাই দিয়াতো তাৰ গতিজড়তাৰ বাবে চাইকেলখনে কিছু দূৰলৈ গতি কৰি থাকে।

প্রশ্ন 52: ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াই কিদৰে ক্ৰিয়া কৰে?

উত্তৰ: ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াৰ কাৰ্যকৰী বিন্দু বেলেগ বেলেগ। অর্থাৎ ইহঁতে একেটা বিন্দুতে ক্রিয়া নকৰে৷ যিটো বস্তুৰ ওপৰত ক্রিয়া কৰা হয়, সেই বস্তুটোৰ ওপৰত প্ৰতিক্ৰিয়া বলৰ সৃষ্টি হয়। এই প্রতিক্রিয়া বলে যি ক্রিয়া কৰে অৰ্থাৎ ক্রিয়াকাৰী বস্তুটোৰ ওপৰত ক্রিয়া কৰে। যেনে টেবুলৰ ওপৰত ৰখা কিতাপখনে টেবুলত ক্রিয়া কৰে। ফলত টেবুলখনে কিতাপখনৰ ওপৰত প্ৰতিক্রিয়া কৰে।

প্রশ্ন 53: খোজকাঢ়ি যাওঁতে মানুহ এজনৰ ওপৰত কৰা ক্রিয়া-প্রতিক্রিয়া দেখুৱাই মানুহজনৰ গতি বৰ্ণনা কৰা।

উত্তৰ: খোজকাঢ়ি যাওঁতে মানুহজনে ভৰিৰে মাটিত অনুভূমিকৰ লগত কোনো এটা কোণ কৰি বল প্রয়োগ কৰে।

ধৰা হ’ল F’ মানুহজনে মাটিত 0° কোণত ক্রিয়া কৰা বল। এতিয়া এই F বলৰ নিউটনৰ তৃতীয় সূত্রমতে F’ সমান আৰু F′y = F sine বিপৰীতমুখী প্রতিক্রিয়া বল হ’ব। ভেক্টৰৰ বিভাজন নীতি মতে F!-ৰ দুটা উপাংশ হ’ব।

সেয়া হ’ল Fx = F Cos 0 (অনুভূমিক উপাংশ) আৰু Fly = F sin 0 (উলম্ব উপাংশ)। F′y উপাংশই মানুহজনক সাম্য অৱস্থাত ৰাখিব আৰু Fx অনুভূমিক P উপাংশই সন্মুখৰফালে আগুৱাই নিব।

প্রশ্ন 54 : বন্দুক এটাৰ ক্ষেত্ৰত গুলী আৰু বন্দুকৰ মাজত কিদৰে ভৰবেগৰ ৰক্ষণশীলতাৰ প্ৰয়োগ হয় লিখা।

উত্তৰ : বন্দুকৰ ক্ষেত্ৰত গুলী আৰু বন্দুকৰে গুলিওৱাৰ আগমুহূৰ্তত ভৰবেগ শূন্য। বন্দুকটোৰ পৰা গুলীটো আগফালে ওলাই যোৱাত তাৰ যি ভববেগ হয়, বন্দুকটো পিছলাল গতি কৰি বিপৰীতমুখী ভৰবেগ পায়। দুয়ো ভৰবেগৰ মুঠ মান আকৌ শূন্য হয়। এনেদার বন্দুকৰ ভৰবেগৰ সংৰক্ষণ হয়।

প্রশ্ন 55ঃ ৰকেটৰ গতিৰ উৎস, প্রতিক্রিয়া বুজাই লিখা।

উত্তৰ : নিউটনৰ গতিৰ তৃতীয় সূত্রমতে প্রত্যেক ক্ৰিয়াৰে সমান আৰু বিপৰীত প্রতিক্রিয়া আছে। ৰকেট এখনত ইয়াৰ ভিতৰত ইন্ধন জ্বলাই সৃষ্টি হোৱা গেছক ইয়াৰ তলিৰ এটা নযলেৰে (বিন্ধাৰে) প্রচণ্ড বেগেৰে ওলাই যাব দিয়া হয়। এই নিম্নমুখী ক্ৰিয়াৰ ফলস্বৰূপে ৰকেটত ঊর্ধ্বমুখী প্রতিক্ৰিয়াৰ সৃষ্টি হয়। ফলস্বৰূপে প্ৰচণ্ড বেগেৰে ওলাই যোৱা গেছৰ প্ৰচণ্ড প্ৰতিক্ৰিয়াৰ বাবে ৰকেটখন ঊর্ধ্বমুখে প্রচণ্ড বেগেৰে গুচি যায়।

প্রশ্ন 56: নিউটনৰ তৃতীয় সূত্ৰৰ এটা পৰীক্ষামূলক প্রমাণ দিয়া।

উত্তৰ : নিউটনৰ তৃতীয় সূত্রমতে ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া সমান আৰু বিপৰীতমুখী।

ষ্ট পাইপ এডালত চেলোটেপূৰ সহায়ত এটা বায়ুপূর্ণ বেলুন চিত্ৰত দেখুওৱাৰ দৰে, বান্ধি সূতাডাল টানি দুয়োমূৰ বেৰ দুখনত বান্ধি থোৱা হ’ল। সূতাডালত বেলুনটো ষ্ট্র পাইপৰ সৈতে ওলমি থাকিব। এতিয়া বেলুনটোৰ বায়ুখিনি এৰি দিয়া হ’ল। বেলুনটোৱে সূতাডালৰ এফালে (বায়ু ওলোৱাৰ বিপৰীত দিশে) গতি কৰা দেখা যাব।

রেলুনৰ বায়ুয়ে ক্রিয়া কৰা বাবে তাৰ ওপৰত সৃষ্টি হোৱা প্ৰতিক্ৰিয়াই বেলুনটো বিপৰীত দিশত ঠেলি নিছে।

প্রশ্ন 57ঃ ক্ৰিয়া আৰু প্রতিক্রিয়া যে সদায় সমান তাক কিদৰে দেখুৱাব পাৰি লিখা।

উত্তৰ: পৰীক্ষাৰ সহায়ত ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া সমান বুলি দেখুৱাব পাৰি। দুখন স্প্রিংতুলা (ধৰা হ’ল A আৰু B ) লৈ চিত্ৰত দেখুওৱাৰ দৰে এখন বেৰত তাক

B তুলাক আঙুলিৰে বাহিৰৰ ফালে টানি দিয়া হ’ল। টানি থকা অৱস্থাত দুয়োখন তুলাৰ স্কেলৰ পাঠ লৈ চালে দেখা যাব যে এই পাঠৰ মান সমান। B তুলাই ক্ৰিয়া আৰু A তুলাই প্রতিক্রিয়া নির্দেশ কৰিছে। গতিকে ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া সদায় সমান।

প্রশ্ন 58: ভৰবেগৰ ৰক্ষণশীলতাৰ সূত্ৰটো লিখা। ইয়াৰ গাণিতিক প্রমাণ দিয়া।

উত্তৰ: ভৰবেগৰ ৰক্ষণশীলতাৰ সূত্ৰটো 18 নং প্রশ্নৰ উত্তৰৰ পৰা লিখা।

গাণিতিক প্ৰমাণ: ৰক্ষণশীলতাৰ ক্ৰিয়া-প্রতিক্ৰিয়াৰ আগমুহূৰ্তত যদি বস্তু দুটা স্থিৰে থাকে, তেন্তে মুঠ ভৰবেগ শূন্য আৰু ক্ৰিয়া-প্রতিক্ৰিয়াৰ পাছতো শূন্য হ’ব।

ধৰা হ’ল; m, ভৰৰ A বল আৰু m, ভৰৰ B বলে একে দিশতে যথাক্রমে , আৰু U, বেগেৰে গতি কৰি আছে। যদি A-ৰ বেগ u, B-ৰ বেগ ø, তকৈ বেছি হয়, তেন্তে A বলে B বলক খুন্দা মাৰিব। এই সংঘাতৰ পাছত A আৰু B-ৰ বেগ ক্ৰমেv, আৰু v, বুলি ধৰা হ’ল।

B বলৰ ভৰবেগৰ পৰিৱৰ্তনক A বলৰ ক্ৰিয়া আৰু A বলৰ ভৰবেগৰ পৰিৱৰ্তনক B বলৰ প্ৰতিক্ৰিয়া বুলি ধৰিব পাৰি। গতিকে ক্রিয়া = B বলৰ ভৰবেগৰ পৰিৱৰ্তন = m2V2 – m2u2 আৰু প্রতিক্রিয়া আৰু প্ৰতিক্ৰিয়া = A বলৰ ভৰবেগৰ পৰিৱৰ্তন = m1v1 -m, u1 যিহেতু ক্ৰিয়া আৰু প্রতিক্রিয়া সমান আৰু বিপৰীতমুখী।

ক্রিয়া= -প্রতিক্রিয়া

m2V2-m2U2 = -(m1v1-m1u1)

=>m1v1 +m2v2

=>m1u1 +m2U2 =m1u1 + m2u2

=> সংঘাতৰ পাছত মুঠ ভৰবেগ = সংঘাতৰ আগৰ মুঠ ভৰবেগ। অর্থাৎ সংঘাতৰ ফলত বল দুটাৰ মুঠ ভৰবেগৰ পৰিৱৰ্তন নহয়।

সাংখ্যিক সমস্যাৰ সমাধান

প্রশ্ন 1 (a) : 108km/h বেগেৰে গৈ থকা মটৰ গাড়ী এখন ব্রেক প্রয়োগ কৰি ৰখাওঁতে ৪ ছেকেণ্ড সময় লাগে। যদি যাত্ৰীৰ সৈতে গাড়ীখনৰ ভৰ 1000 kg হয়. তেন্তে ব্রেকে গাড়ীখনৰ ওপৰত প্ৰয়োগ কৰা বলৰ মান নির্ণয় কৰা।

উত্তৰ : ইয়াত গাড়ীৰ ভৰ (m) = 1000Kg

আদি বেগ (u) = 108Km/h = 1083×1000/60x60 m/s

= 30m/s

অন্তিম বেগ (৩) = 0

সময় t = 8 Second

F = ?

ব্লেক মাৰাৰ সময়ত গাড়ীখনৰ ত্বৰণ (a) =U-u/t

0-30/8

=_15/4m/st

ব্লেগে প্রয়োগ কৰা বল (F) = ma

=-1000-15 newton (N)

= – 250×15 = -3750 N.

প্রশ্ন 1 (b) 1.5kg ভৰৰ দুটা বস্তু একে সৰলৰেখাৰে কিন্তু বিপৰীত দিশত গতি কৰি আছে। দুয়োটা বস্তু খুন্দা খাই লগ লাগি যোৱাৰ আগেয়ে প্রত্যেকৰে বেগ আছিল 2.5ms। সংঘাতৰ পিছত সংলগ্ন বস্তু দুটাৰ বেগ কিমান ?

উত্তৰ : ইয়াত, m1 = m2 = 1.5kg

u1 = 2.5ms-1

u2 = -2.5ms-1

Conclusion:

আমি বিশ্বাস কৰোঁ যে এই টোকাবোৰে শিক্ষাৰ্থীসকলক বিষয়বোৰৰ বিষয়ে ভালদৰে বুজাবুজি বিকশিত কৰাত আৰু তেওঁলোকৰ পৰীক্ষাৰ বাবে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰিব।

আমি নিশ্চিত যে এই টোকাবোৰে শিক্ষাৰ্থীসকলক তেওঁলোকৰ লক্ষ্য প্ৰাপ্ত কৰাত আৰু তেওঁলোকৰ শৈক্ষিক প্ৰদৰ্শন বৃদ্ধি কৰাত সহায় কৰিব। যদি আপুনি এই প্ৰবন্ধটো ভাল পায় আৰু সহায়ক হয় তেন্তে আপোনাৰ বন্ধুবৰ্গৰ সৈতে Share কৰিবলৈ নাপাহৰিব।

Leave a Comment

error: Content is protected !!