Class 9 Science Chapter 8 গতি (Motion) Question Answer | SEBA

Class 9 Science Chapter 8 গতি (Motion) Question Answer | SEBA: আমাৰ ৱেবছাইটলৈ স্বাগতম! আপোনাৰ শৈক্ষিক যাত্ৰাৰ বাবে আপোনাক নবম শ্ৰেণীৰ Notes প্ৰদান কৰি আমি আনন্দিত।

আজি, এই প্ৰবন্ধটোত মই আপোনাৰ নবম শ্ৰেণীৰ জীৱৰ মৌলিক একক গতি (Motion)” দীঘলয়া আৰু চুটি প্ৰশ্ন আলোচনা কৰিম| আমি প্ৰায় সকলো দীঘলয়া আৰু চুটি প্ৰশ্ন Solution প্ৰদান কৰিছোঁ।

আমাৰ লক্ষ্য হৈছে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰা। আমি ইয়াত বিনামূলীয়াকৈ Notes সমূহ প্ৰদান কৰিছো। আমি আপোনাক আগন্তুক পৰীক্ষাৰ বাবে শুভেচ্ছা জনাইছো। যদি আপোনাৰ কোনো সন্দেহ আছে তেন্তে আমাৰ সৈতে যোগাযোগ কৰক।

Class 9 Science Chapter 8 Question Answer

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন 1 : শুদ্ধ বিকল্পটো বাছি উলিওৱা।

(i) কোনো এটা বস্তুৰ প্ৰতি একক সময়ত হোৱা সৰণৰ পৰিবৰ্তনক বোলা হয়—

(a) ত্বৰণ

(b) মন্থৰণ

(c) দ্রুতি

(d) বেগ,

উত্তৰঃ (d) বেগ

(ii) বেগৰ এছ. আই. একক হৈছে—

(a) CmS1

(b) mS-1

(c) mS – 2

(d) ইয়াৰে এটাও নহয়।

উত্তৰ: (b) mS-1

প্রশ্ন 2 : পৃথিৱীখন যে গতিশীল আমি অনুভৱ নকৰো কিয়?

উত্তৰ : আমি পৃথিৱীৰ সকলো বস্তুৱে পৃথিৱীৰ লগতে একেলগে গতি কৰি আছোঁ বাবে পৃথিৱীৰ গতি অনুভৱ কৰিব নোৱাৰো। অৰ্থাৎ পৃথিৱী সাপেক্ষে আমাৰ আপেক্ষিক গতি নাই।

প্রশ্ন 2(a) : পৰম স্থিতি আৰু পৰম গতি সম্ভৱনে?

উত্তৰ: পৰম স্থিতি আৰু পৰম গতি সম্ভৱ।

প্রশ্ন 3 : আমি বস্তু এটাৰ স্থান নিৰূপণৰ বাবে কি ব্যৱস্থা লওঁ?

উত্তৰ : বস্তুৰ স্থান নিৰূপণৰ বাবে আমি প্ৰসংগ বিন্দু (যাক ‘মূলবিন্দু বোলে) এটা লওঁ।

প্রশ্ন 4(a) : সৰণৰ সংজ্ঞা দিয়া।

উত্তৰ : বস্তু এটাৰ যাত্ৰা পথৰ প্ৰাৰম্ভিক বিন্দুৰ পৰা অন্তিম বিন্দুৰ মাজৰ নিম্নতম দূৰত্বকে তাৰ সৰণ বোলে।

প্রশ্ন 4 (b) : ভৰ আৰু ত্বৰণৰ এছ. আই. একক কি কি?

উত্তৰ : ভৰৰ এছ. আই. একক হ’ল কি.গ্রাম (kg)।

ত্বৰণৰ এছ. আই. একক হ’ল মি./ছে.2(ms-2)

প্রশ্ন 5 : দূৰত্বৰ সংজ্ঞা লিখা।

উত্তৰ: দূৰত্ব হ’ল বস্তু এটাই অতিক্ৰম কৰা পথৰ জোখ।

প্রশ্ন 6 : দ্ৰুতিৰ সংজ্ঞা লিখা।

উত্তৰ: দ্ৰুতি হ’ল বস্তু এটাই একক সময়ত অতিক্রম কৰা দূৰত্ব ।

প্রশ্ন 7: বেগ কাক বোলে?

উত্তৰ : বস্তুৰ বেগ হ’ল ই নিৰ্দিষ্ট দিশত একক সময়ত কৰা স্থানান্তৰণ।

প্রশ্ন ৪ : ত্বৰণৰ সংজ্ঞা লিখা।

উত্তৰ : বস্তু এটাই কৰা বেগৰ পৰিৱৰ্তনৰ হাৰকে ত্বৰণ বোলে।

প্রশ্ন 9: বেগ-সময় লেখৰ পৰা দূৰত্ব কিদৰে নির্ণয় কৰিব পাৰি?

উত্তৰ: বেগ-সময় লেখৰ তলৰ অংশৰ কালিয়ে বস্তুটোৱে অতিক্রম কৰা দূৰত্বৰ জোখ দিয়ে।

প্রশ্ন 10 : ৰৈখিক বেগৰ দূৰত্বৰ মান দিয়া সমীকৰণ এটা লিখা।

উত্তৰ : দূৰত্বৰ মান দিয়া সমীকৰণ এটা হ’ল-S = ut + 1/2 at2

প্রশ্ন 11 : বৃত্তাকাৰ পথেৰে গতি কৰা বস্তু এটাৰ বেগৰ প্ৰকাশ ৰাশিটো লিখা।

উত্তৰ: প্ৰকাশৰ ৰাশিটো হ’ল— v =2πR/t

প্রশ্ন 12 : মটৰগাড়ীৰ অড মিটাৰেৰে (odometer) কি জোখে?

উত্তৰ : গাড়ীৰ অড’মিটাৰেৰে গাড়ীখনে এক নিৰ্দিষ্ট সময়ত অতিক্রম কৰা মুঠ দূৰত্ব জোখা হয়।

প্রশ্ন 13 : সুষমভাৱে গতিশীল বস্তু এটাৰ গতিপথ কেনেকুৱা?

উত্তৰ : সুষমভাৱে গতিশীল বস্তু এটাৰ গতিপথ সৰলৰৈখিক।

প্রশ্ন 14 : বস্তুৰ সুষম আৰু বিষম গতিৰ ক্ষেত্ৰত দূৰত্ব-সময় লেখৰ আৰু প্ৰকৃতি কেনেকুৱা হয়?

উত্তৰ : বস্তুৰ সুষম গতিৰ দূৰত্ব-সময় লেখডাল এডাল সৰল ৰেখা হয়।

আনহাতে বস্তুৰ বিষম গতিৰ দূৰত্ব-সময়ৰ লেখডাল বক্ৰৰেখা হয়।

প্রশ্ন 15 : বস্তু এটাৰ দূৰত্ব-সময় লেখ সময় অক্ষৰ সমান্তৰাল এডাল সৰলৰেখা

হয়, তেন্তে বস্তুটোৰ গতিৰ বিষয়ে তুমি কি মন্তব্য কৰিবা?

উত্তৰ : বস্তুটোৱে স্থিৰ অৱস্থাত থকা বুজাব।

প্রশ্ন 16 : বস্তু এটাৰ দ্ৰুতি-সময় লেখ, সময়-অক্ষৰ সমান্তৰাল এডাল সৰলৰেখা হয়, তেন্তে বস্তুটোৰ গতিৰ বিষয়ে কি মন্তব্য কৰিবা?

উত্তৰ : বস্তুটোৱে সুষম দ্ৰুতিত গতি কৰাটো বুজাব।

প্রশ্ন 17 : বেগ-সময় লেখ এডালৰ তলৰ অংশই আৱৰি থকা কালিৰ জোখে নিৰ্দেশ কৰা ৰাশিটো কি?

উত্তৰ: বেগ-সময় লেখ এডালৰ তলৰ অংশই আৱৰি থকা কালিৰ জোখে বস্তুটোৱে অতিক্ৰম কৰা দূৰত্বক বুজায়।

প্রশ্ন 18: সুষম বেগ কাক বোলে?

উত্তৰ : সুষম বেগ : এক নিৰ্দিষ্ট দিশত যদি বস্তু এটাই সমান সমান সময়ৰ ব্যৱধানত সমান সমান দূৰত্ব অতিক্রম কৰে, তেন্তে বস্তুটোৰ বেগক সমবেগ বা সুষম বেগ বোলে।

প্রশ্ন 19 : কি চৰ্ত্ত সাপেক্ষে দ্ৰুতি আৰু বেগ একে হ’ব পাৰে?

উত্তৰ : যদি বস্তুটোৱে একে দিশত সমান সমান সময়ত সমান দূৰত্ব অতিক্রম কৰে।

প্রশ্ন 1 : দ্ৰুতি আৰু বেগৰ পাৰ্থক্য কি ?

উত্তৰ: দ্ৰুতি হ’ল বস্তু এটাই প্রতি একক সময়ত অতিক্ৰম কৰা দূৰত্ব । আনহাতে বেগ হ’ল প্ৰতি একক সময়ত বস্তু এটা নিৰ্দিষ্ট দিশত অতিক্ৰম কৰা দূৰত্ব ৷ অৰ্থাৎ, দ্ৰুতিৰ মানহে আছে কিন্তু বেগৰ মান আৰু দিশ দুয়োটাই আছে। সেয়েহে দ্ৰুতি স্কেলাৰ ৰাশি কিন্তু বেগ ভেক্টৰ ৰাশি।

প্রশ্ন 2 : কি কি চৰ্ত সাপেক্ষে বস্তুৰ গড়বেগৰ মান তীৰ দ্ৰুতিৰ সমান হয়?

উত্তৰ:

বস্তু এটাৰ গড় বেগ= মুঠ সৰণ/ মুঠ সময়

বস্তুৰ গড় দ্ৰুতি= মুঠ দূৰত্ব/ মুঠ সময়

যেতিয়া বস্তু এটাই সৰল ৰেখাৰে গতি কৰে তেতিয়া ইয়াৰ মুঠ দূৰত্ব = মুঠ সৰণ হয় ।

গতিকে এই চৰ্তত গড় দ্ৰুতি আৰু গড় বেগ একে হয়।

প্ৰশ 3 : আমি স্থিৰ অৱস্থাত দেখা বস্তুবোৰো আচলতে গতিশীল। উপযুক্ত উদাহৰণৰ সৈতে ব্যাখ্যা কৰা৷

উত্তৰ : পৃথিৱীখনৰ ওপৰত আমি আছোঁ আৰু বস্তুবোৰো আছে। পৃথিৱীখনে গতি কৰি আছে গতিকে আমিয়ো বস্তুবোৰৰ সৈতে একেলগে গতি কৰি আছোঁ। আমাৰ মাজত কোনো আপেক্ষিক গতি নাই। গতিকে সময়ৰ লগত বস্তুবোৰে তাৰ স্থানৰ সলনি ঘটোৱা নাই।

যদি আমি এই বস্তুবোৰ পৃথিৱীৰ বাহিৰৰ কোনো এটা গ্ৰহৰ পৰা লক্ষ্য কৰোঁ তেন্তে বস্তুটোৱে পৃথিৱীৰ লগত একে বেগেৰে গতি কৰি থকা দেখা যায়। উদাহৰণস্বৰূপে বাছ এখনত একে লগে বহি থকা যাত্ৰীসকলৰ মাজত কাৰো পৰস্পৰ গতি নাই। অৰ্থাৎ আটাইবোৰ যাত্ৰী বাছত ইজনৰ বাবে সিজনে স্থিৰ অৱস্থাত আছে।

কাৰণ তেওঁলোকৰ মাজত আপেক্ষিক গতি নাই। কিন্তু যদি ৰাস্তাৰ দাঁতিত ৰৈ থকা মানুহ এজনে বাছৰ যাত্ৰীসকলক লক্ষ্য কৰে, তেন্তে যাত্ৰীসকলে ৰৈ থকা দেখা নাপায়। বাছখনৰ গতিৰে তেওঁলোকে একে বেগেৰে গতি কৰি থকা দেখা পায়।

প্রশ4: দূৰত্ব (মিটাৰত) →

(i) তুমি O ৰ পৰা Cলৈ গৈছা। এইক্ষেত্ৰত অতিক্রম কৰা দূৰত্ব আৰু সৰণৰ পৰিমাণ উলিওৱা।

(ii) তুমি O ৰ পৰা Cলৈ গৈ B লৈ উভতি আহিছা। এই ক্ষেত্ৰত দূৰত্ব আৰু সৰণৰ মান উলিওৱা।

(iii) তুমি O ৰ পৰা C লৈ গৈ A লৈ উভতি আহিছা। এইক্ষেত্ৰত দূৰত্ব আৰু সৰণৰ মান উলিওৱা।

(iv) তুমি O ৰ পৰা C লৈ গৈ O লৈ উভতি আহিছা। এইক্ষেত্ৰত দূৰত্ব আৰু সৰণৰ মান উলিওৱা।

উত্তৰ:

(i) চিত্ৰৰ পৰা OC ৰ মাজৰ দূৰত্ব = 100 – 0 = 100 মিঃ এইক্ষেত্ৰত দূৰত্ব আৰু সৰণৰ মান একেই অর্থাৎ 100 মিঃ।

(ii) OC = 100 মিঃ আকৌ CB = 100 – 70 = 30 মিঃ- গতিকে মুঠ দূৰত্ব OC + CB. = 100 + 30 = 130 মিঃ মুঠ সৰণ = OB = 100 – 30 = 70 মিঃ

(iii) OC = 100 মিঃ CA = 100 – 30 = 70 – 0 = 70 মিঃ:: মুঠ দূৰত্ব OC + CA = 100 + 70 = 170 মিঃ মুঠ সৰণ = OA = 30 – 0 = 30 মিঃ

প্রশ4: পৰম স্থিতি বা পৰম গতি সম্ভৱনে? পৃথিৱীৰ গতি যে আছে ইয়াক কি কি? পৰিঘটনাৰ পৰা প্ৰমাণ পোৱা যায় ?

উত্তৰ : পৰম স্থিতি বা পৰম গতি অসম্ভৱ। পৃথিৱীৰ যে গতি আছে তাক পৃথিৱীত ঘটা দিন-ৰাতি, ঋতু পৰিৱৰ্তন আদি পৰিঘটনা সমূহৰ পৰা প্ৰমাণ পোৱা যায়।

প্রশ্ন 5(a) : সুষম বৃত্তীয় গতি কি?

উত্তৰ : বৃত্তীয় পথত গতিশীল বস্তু এটাৰ দ্ৰুতিৰ মান একে থাকিলে, তেনে গতিক সুষম বৃত্তীয় গতি বোলে।

প্রশ্ন 5 (b) : সুষম আৰু অসুষম গতি কাক বোলে? উদাহৰণ দিয়া।

উত্তৰ :

সুষম গতি : বস্তু এটাই সমান সমান সময়ত সমান সমান দূৰত্ব অতিক্রম কৰিলে তাৰ গতিক সুষম গতি বোলে। যদি গাড়ী এখন পোন ৰাস্তা এটাৰে ঘণ্টাত 60 কি. মিটাৰকৈ গতি কৰা হয় তেন্তে ইয়াৰ গতি সুষম ।

অসুষম গতি : বস্তু এটাই সমান সমান সময়ত যদি সমান সমান দূৰত্ব অতিক্রম নকৰে, তেন্তে বস্তুটোৰ গতিক অসুষম গতি বোলে। গাড়ী এখনে বেয়া ৰাস্তাৰে কৰা গতি অসুষম গতিৰ উদাহৰণ।

প্রশ্ন 6: ত্বৰণ হোৱা বস্তুৰ বেগ সুষম হ’ব নোৱাৰে কিয় বুজাই লিখা।

উত্তৰ: ত্বৰণ মানেই হ’ল বস্তু এটাই তাৰ গতি পথত কৰা বেগৰ পৰিৱৰ্তনৰ হাব। বেগৰ মান অথবা দিশৰ পৰিৱৰ্তন হ’লেহে বস্তুটোৰ বেগৰ পৰিৱৰ্তনৰ হাৰ৷ পোৱা যায়। গতিকে বস্তু এটাৰ গতিপথত ত্বৰণ থাকিব লাগিলে ইয়াৰ যাত্ৰাকালৰ বেগৰ সময় যোৱা লগে লগে সলনি হৈ থাকিব লাগিব।

অর্থাৎ প্ৰাৰম্ভিক বেগতকৈ অন্তিম রেগৰ মান হয় বেছি (বা কম) হ’ব লাগিব। ফলস্বৰূপে ত্বৰিত বস্তুৰ বেগ সুষম অর্থাৎ গতিপথত সমান হৈ থাকিব নোৱাৰে।

প্রশ্ন 7. R° ছেঃ মিঃ ব্যাসার্ধৰ বস্তু এটাই এটা বৃত্তত 5 পাক ঘূৰিলে ই অতিক্ৰম কৰা দূৰত্ব আৰু সৰণ কিমান হ’ব?

উত্তৰ: বস্তুটোৱে ঘূৰা বৃত্তীয় পথৰ ব্যাসার্ধ = R ছেঃ মিঃ

গতিকে, ই অতিক্রম কৰা দূৰত্ব হ’ব = 5 × 2TR = 107R বস্তুটোৱে অতিক্ৰম কৰা সৰণ শূন্য হ’ব।

প্রশ্ন ৪ঃ দূৰত্ব আৰু সৰণৰ মাজত পাৰ্থক্য বুজাই দিয়া।

উত্তৰ: বস্তু এটাই তাৰ যাত্ৰাৰ প্ৰাৰম্ভিক বিন্দুৰ পৰা অন্তিম বিন্দুলৈ যি পথেৰে গতি কৰে সেই পথৰ জোখেই তাৰ দূৰত্ব। আনহাতে বিন্দু দুটাৰ মাজৰ যি নিম্নতম দূৰত্ব তাকে তাৰ সৰণ বোলে।

দূৰত্বৰ কোনো নির্দিষ্ট দিশ নাই, গতিকে ই স্কেলাৰ ৰাশি। আনহাতে সৰণৰ নির্দিষ্ট দিশ আছে, গতিকে ই ভেক্টৰ ৰাশি। চিত্ৰত A আৰু B বিন্দু দুটাৰ মাজৰ 1, 2, 3 পথেৰে দূৰত্ব দেখুওৱা হৈছে। কিন্তু 4 পথটো হ’ল ইয়াৰ একমাত্ৰ সৰণ।

প্রশ্ন : স্কেলাৰ ৰাশি কাক বোলে? উদাহৰণ দিয়া।

উত্তৰঃ স্কেলাৰ ৰাশি : যিবোৰ ভৌতিক ৰাশিৰ কেৱল সাংখিক মানহে থাকে দিশ নাথাকে, সেইবোৰ ৰাশিক স্কেলাৰ (অদিশ) ৰাশি বোলে।

উদাহরণ : ভৰ (mass), দূৰত্ব (distance), কার্য (work), সময় (time), বিভৱ (potential) ইত্যাদি।

প্রশ্ন 10: ভেক্টৰ ৰাশি কাক বোলে? উদাহৰণ দিয়া।

উত্তৰ : ভেক্টৰ ৰাশি : যিবোৰ ভৌতিক ৰাশিৰ মান আৰু দিশ দুয়োটাই আছে, সেইবোৰক ভেক্টৰ (সদিশ) বাশি বোলে।

উদাহৰণঃ সৰণ (displacement), বেগ (velocity), ত্বৰণ (acceleration), বল (force) ইত্যাদি।

প্রশ্ন 11: সাধাৰণতে গতিশীল বস্তুৰ ক্ষেত্ৰত গড়দ্ৰুতি নিৰ্ণয় কৰা হয় কিয় ? গড়দ্ৰুতিৰ সূত্র লিখা।

উত্তৰ : সাধাৰণতে গতিশীল বস্তুৰ ক্ষেত্ৰত গড়দ্ৰুতি নিৰ্ণয় কৰা হয়। ইয়াৰ কাৰণ হ’ল বস্তু এটাই সমদ্ৰুতিত গতি কৰিব নোৱাৰে যিহেতু গতি পথত ঘৰ্ষণ, মাধ্যাকর্ষণ, বতাহৰ বাধা আৰু গতি পথত দিশৰ পৰিৱৰ্তন হৈ থাকে। গতিকে বস্তুটোৰ দ্ৰুতিৰ মান কম-বেছি হৈ থাকে। অন্য এক কাৰণ হ’ল এক মুহূৰ্তৰ বাবে দূৰত্ব আৰু সময়ৰ জোখ লোৱাটোও কঠিন কাম।

গড়দ্ৰুতি: মুঠ অতিক্ৰম দূৰত্ব/ মুঠ সময়

প্রশ্ন 12 : সুষম দ্রুতি কাক বোলে? উদাহৰণেৰে বুজাই দিয়া।

উত্তৰ : সুষম দ্ৰুতি : গতিশীল বস্তু এটাই সমান সময়ৰ অন্তৰালত যদি সমান দূৰত্ব অতিক্ৰম কৰে, তেন্তে বস্তুটোৰ দ্ৰুতিক সুষম দ্রুতি বোলে। ধৰাহ’ল গাড়ী এখন চলাওঁতে গাড়ীখনক প্রতি ঘণ্টাত 40 কিঃ মিঃ/ঘণ্টা। অৰ্থাৎ গাড়ীখনৰ দ্ৰুতি সমদ্ৰুতি হ’ব।

প্রশ্ন 13: কি কি ধৰণেৰে বেগৰ পৰিৱৰ্তন হব পাৰে?

উত্তৰ : বেগৰ পৰিৱৰ্তন তিনি ধৰণেৰে হ’ব পাৰে—

গড় দ্রুতি =

(ক) বস্তুটোৰ বেগৰ মানৰ সলনি হয়।

(খ) বস্তুটোৰ গতিৰ দিশৰ সলনি হয়। ..

(গ) বস্তুটোৰ বেগৰ মান আৰু গতিৰ দিশ দুয়োটাৰ সলনি হয়।

প্রশ্ন 14 : ত্বৰণ কাক বোলে? ত্বৰণৰ একক কি? ত্বৰণ কি ধৰণৰ ভৌতিক ৰাশি?

উত্তৰ : বস্তুৰ বেগৰ পৰিৱৰ্তনৰ হাৰক ত্বৰণ বোলে। ত্বৰণৰ একক হ’ল— মিঃ/ছেঃবা (মিঃ/ছেঃ), কিঃ মিঃ/ঘণ্টা, ছেঃ মিঃ/ছেঃ ইত্যাদি।

ত্বৰণ সদিশ বা ভেক্টৰ ৰাশি।

প্রশ্ন 15 : তুমি কেতিয়া বস্তু এটাৰ (i) সুষম ত্বৰণ, (ii) বিষম ত্বৰণ হোৱা বুলি ক’বা।

উত্তৰ :

(i) সুষম ত্বৰণ : যেতিয়া বস্তু এটাই সৰল ৰৈখিক পথেৰে সমান সমান সময়ত সমান সমানভাৱে বেগৰ পৰিৱৰ্তন কৰি গতি কৰি থাকে, তেতিয়া বস্তুটোক সুষম ত্বৰণত গতি কৰা বুলি কোৱা হয়।

(iii) বিষম ত্বৰণ : যদি বস্তুটোৰ গতিপথ সৰল ৰৈখিক নহয় আৰু ইয়াৰ বেগৰ পৰিৱৰ্তন সমান সমান সময়ত সমান সমান নহয়, তেতিয়া বস্তুটোৰ গতিক বিষম বা অনুষম ত্বৰণ বোলে।

প্রশ্ন 16: তলত দিয়া পৰিস্থিতিবোৰৰ ভিতৰত যিবোৰ সম্ভৱপৰ সেইবোৰ উল্লেখ কৰা আৰু প্ৰত্যেকৰে একোটাকৈ উদাহৰণ দিয়া।

(a) স্থিৰ জ্বৰণ কিন্তু শূন্য বেগৰ বস্তু।

(b) কোনো এক দিশত গতিশীল বস্তু এটাৰ ত্বৰণ তাৰ গতিৰ লম্ব দিশত।

উত্তৰ:

(a) হয়। যেতিয়া বস্তু এটা মাধ্যাকৰ্ষণৰ বিপৰীতে ওপৰলৈ নিক্ষেপ কৰা হয়, তেতিয়া ইয়াৰ শীৰ্ষতম অৱস্থানত বেগ শূন্য হয়, কিন্তু মাধ্যাকৰ্ষণৰ মান থিৰে থাকে৷

(b) হয়, যেতিয়া চৰাই এটা আকাশত আনুভূমিক দিশত গতি কৰি থাকে, তেতিয়া ইয়াৰ ওপৰত মাধ্যাকৰ্ষণিক ত্বৰণে তাৰ গতিৰ লম্ব দিশত ক্রিয়া কৰি থাকে।

প্রশ্ন 17: সুষম ত্বৰণ কাক বোলে? দুটা উদাহৰণ দিয়া।

উত্তৰ : সুষম ত্বৰণ: গতিশীল বস্তু এটাৰ বেগ সমহাৰত বৃদ্ধি হ’লে তাৰ ত্বৰণক সুষম ত্বৰণ বোলে।

সুষম ত্বৰণৰ উদাহৰণ হ’ল :

(ক) বাধাহীনভাৱে বস্তু এটাই মাধ্যাকর্ষণ শক্তিৰ প্ৰভাৱত ভূপৃষ্ঠলৈ কৰা গতি।

(খ) মসৃণ আনত তল এখনেৰে নামি অহা বস্তুর গতি।

প্রশ্ন 18ঃ ধনাত্মক ত্বৰণ আৰু ঋণাত্মক ত্বৰণৰ মাজত পাৰ্থক্য বুজাই দিয়া।

উত্তৰ : ধনাত্মক ত্বৰণত বস্তুৰ সময়ৰ লগত বেগৰ বৃদ্ধি ঘটে। কিন্তু ঋণাত্মক ত্বৰণত সময়ৰ লগত বস্তুৰ বেগৰ হ্ৰাস হয়।

পৃথিৱী অৰ্থাৎ বস্তুটোৰ বেগ সময় যোৱাৰ লগে লগে বৃদ্ধি হৈ গৈ থাকিলে তাৰ ত্বৰণ ধনাত্মক হয়। এইক্ষেত্ৰত বস্তুটোৰ বেগ আৰু সময়ৰ লেখডাল ঊর্ধ্বমুখী হয়। ঋণাত্মক ত্বৰণৰ ক্ষেত্ৰত বস্তুটোৰ সময় যোৱাৰ লগে লগে বেগ কমি যায়। বেগ- সময়ৰ লেখডাল নিম্নমুখী হয়।

চলন্ত গাড়ী এখনৰ বেগ বঢ়াই গৈ থাকিলে ধনাত্মক ত্বৰণ পোৱা যায়, কিন্তু যদি ব্লেগ মাৰি দিয়া হয়, তেন্তে তাৰ মন্থৰণ বা ঋণাত্মক ত্বৰণ পোৱা যায়।

দেখা গ’ল যে দ্বিতীয় গাড়ীখনে ব্লেগ মৰাৰ পিছত বেছি দূৰত্ব অতিক্ৰম কৰিব।

প্রশ্ন 19: চিত্ৰত A, B আৰু C তিনিটা বস্তুৰ দূৰত্ব-সময় লেখ দেখুৱা হৈছে। লখকেইটা অধ্যয়ন কৰি তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়াঃ

(a) তিনিটাৰ ভিতৰত আটাইতকৈ বেগী কোন?

(b) কেতিয়াবা তিনিটাই পথৰ কোনো বিন্দুত একেলগ হৈছিলনে?

(c) AB এ পিছ পেলোৱাৰ মুহূৰ্তত C এ কিমান দূৰলৈ গৈছিল ?

(d) C ক পিছ পেলোৱাৰ মুহূৰ্তত B এ কিমান দূৰলৈ গৈছিল ?

উত্তৰ :

(a) A বস্তুটোৰ দ্ৰুতি = PN -ৰ নতি=10-6/1.1-0=4/1.1=40/11=3.63kmh-1

B বস্তুটোৰ দ্ৰুতি =OM -ৰ নতি=6-0/0.7-0=6/0.7=60/7=8.57kmh-1

C বস্তুটোৰ দ্ৰুতি = OM -ৰ নতি= 6-2/0.7-0=4/0.7=40/7=5.71kmh-1

দেখা গ’ল যে B বস্তুটোৰ দ্ৰুতি আটাইতকৈ বেছি।

(b) হোৱা নাই। তিনিওটাই পথৰ কোনো বিন্দুত লগ হোৱা নাই

(c) B এ A ক 1.1 ঘণ্টা সময়ত N বিন্দুত পিছ পেলাই যোৱাৰ মুহূৰ্তত C এ প্রায় 9 কি. মি. অতিক্ৰম কৰিছিল।

(d) C ক পিছ পেলোৱাৰ মুহূৰ্তত B এ প্রায় 0.7 ঘণ্টা সময়ত 6 কি. মি. দূৰ গৈছিল।

প্রশ্ন 20: চিত্ৰত গাড়ী এখনৰ দ্ৰুতি-সময় দেখুওৱা হৈছে।

(a) প্রথম 4 ছেকেণ্ডত গাড়ীখন কিমান দূৰ যাব নির্ণয় কৰা। এইখিনি সময়ত গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব বুজোৱা লেখৰ তলৰ কথাখিনিত ৰং দিয়া।

(b) লেখৰ কোনটো অংশই গাড়ীখনৰ সুষম গতি নিৰ্দেশ কৰিছে।

উত্তৰ : (a) প্রথম 4 ছেত গাড়ীখনে অতিক্রম কৰা দূৰত্বৰ মান লেখডালে সময় অক্ষৰ লগত কৰা ক্ষেত্রফলে দিব।

সময় অক্ষত 5 সৰু বৰ্গ ক্ষেত্ৰ = 2S

দ্ৰুতি অক্ষত 3 টা সৰু বৰ্গক্ষেত্ৰ = 2mS-1

গতিকে,

15 টা সৰু বৰ্গক্ষেত্ৰৰ ক্ষেত্রফল = 2S x 2ms-1 = 4m

.:. 1 টা বৰ্গক্ষেত্ৰৰ ক্ষেত্রফল = 4/15m

O ৰ পৰা 4 ছেকেণ্ড সময়ত লেখডালে আবৃত কৰা ক্ষেত্ৰৰ ক্ষেত্রফল

= 57 টা সৰু বৰ্গক্ষেত্ৰ + ½ ×6 সৰু বৰ্গক্ষেত্ৰ== 60 টা সৰু বৰ্গক্ষেত্ৰ

গতিকে প্রথম 4 টা ছে.ত অতিক্ৰম কৰা দূৰত্ব

=60 টা সৰু বৰ্গক্ষেত্ৰৰ ক্ষেত্রফল =60 x 4/15 m

(b) লেখৰ 6 ছেকেণ্ডৰ পাছৰ অংশই সুষম গতি নিৰ্দেশ কৰিছে।

প্রশ্ন 21 : প্রমাণ কৰা, a =V – u/t

উত্তৰ : ধৰা হ’ল বস্তু এটাৰ আদিবেগ u.t সময়ৰ পিছত অন্তিম বেগ ‘v’।

গতিকে t সময়ত

বস্তুটোৰ বেগৰ পৰিৱৰ্তন হাৰ=v-u

বেগৰ পৰিৱৰ্তনৰ হাৰ = v-u/t

সংজ্ঞামতে, বস্তুটোৰ বেগৰ পৰিৱৰ্তন হাৰেই ত্বৰণ (a)।গতিকে, a =a=v-u/t.

প্রশ্ন 22: কি চৰ্ত্ত সাপেক্ষে = a=v/t হ’ব?

উত্তৰ : যেতিয়া বস্তুটোৱে স্থিৰ অৱস্থাৰ পৰা গতি কৰে,

তেতিয়া x = 0 হয়।

গতিকে, a=v-u/t=v-o/t=v/t হয়।

প্রশ্ন 23 : কোন কোন ক্ষেত্ৰত জ্বৰণৰ মান শূন্য হ’ব?

উত্তৰ : বস্তু এটাই যদি সমৱেগত গতি কৰে অৰ্থাৎ v = k হয়, তেন্তে বস্তুটোৰ ত্বৰণ শূন্য হয়।

a=v-u/t=o/t=0 (v=u)

তলৰ পৰা ওপৰলৈ দলিয়াই দিয়া বস্তু এটাৰ গতিপথৰ উচ্চতম স্থানত ত্বৰণ শূন্য হয়।

প্রশ্ন 24: সুষম বেগত গতিশীল কোনো বস্তুৰ বেগ 5 মিঃ/ছেঃ। ইয়াৰ বেগ, সময় আৰু সৰণৰ তালিকা এখন প্ৰস্তুত কৰা। ইয়াৰ বেগ-সময় লেখচিত্র আঁকা।

উত্তৰ : ইয়াত গতিশীল বস্তুটোৰ সুষম বেগ = 5 মিঃ/ছেঃ এই বেগেৰে গতি কৰা বস্তু

এটাৰ বেগ, সময় আৰু সৰণৰ তালিকাখন হ’ল :

বেগ 5 5 5 5 5

সময় (ছেকেণ্ড) 1 2 3 4 5

সৰণ (মিটাৰ) 5 10 15 20 25

এই তালিকাৰ পৰা বেগ-সময় লেখডাল হ’বঃ

লেখত x অক্ষত সময় আৰুy অক্ষত সৰণ স্থাপন কৰা হৈছে। এক ঘৰে x অক্ষত। ছেকেণ্ড আৰু y অক্ষত । মিঃ সূচাইছে।

প্রশ্ন 25: কোনো গতিশীল বস্তুৰ সুষম ত্বৰণ 5 মিঃ/ছে’। ইয়াৰ বেগ-সময়ৰ লেখচিত্র আঁকা।

উত্তৰ: ইয়াত গতিশীল বস্তুটোৰ সুষম ত্বৰণ = 5 মিঃ/ছেঃ2। এই সুষম ত্বৰণ, সময় আৰু বেগৰ তালিকাখন হ’ল :

সুষম ত্বৰণ মিঃ/ছে2 : 5 5 5 5

সময় (ছেকেণ্ড) : 5 2 3 4

বেগ (মিঃ/ছেঃ) : 5 10 15 20

এই সুষম ত্বৰণত গতি কৰা বস্তুটোৰ লেখ হ’ব বেগ আৰু সময়ৰ মাজত। তলত বেগ-সময় লেখ অংকন কৰি দেখুওৱা হ’ল :

OA হ’ল নিৰ্ণেয় লেখ। লেখডাল এডাল সৰল ৰেখা।

x অক্ষ = সময় অক্ষ।

y অক্ষ = বেগ অক্ষ।

সৰু ঘৰ একোটাক x অক্ষত । ছেঃ আৰু y অক্ষত 5 মিঃ/ছেঃ ধৰা হৈছে।

প্রশ্ন 26. গতিশীল বস্তু এটাৰ গতিৰ সময়ত ত্বৰণৰ কি কি ঘটিব পাৰে?

উত্তৰ : গতিশীল বস্তু এটাৰ গতিৰ সময়ত ত্বৰণৰ তিনি ধৰণৰ পৰিৱৰ্তন ঘটিব পাৰে।—

(i) বস্তুটোৰ বেগ ক্ৰমাৎ বাঢ়িব পাৰে। অৰ্থাৎ ধনাত্মক ত্বৰণ হ’ব পাৰে।

(ii) বস্তুটো একে বেগত গৈ থাকিব পাৰে। অৰ্থাৎ ত্বৰণ শূন্য হ’ব পাৰে।

(iii) বস্তুটোৰ বেগ ক্ৰমাৎ হ্রাস হ’ব পাৰে। অৰ্থাৎ ঋণাত্মক ত্বৰণ হ’ব পাৰে।

প্রশ্ন 27. সময় বেগৰ লেখ এডালে কেনেদৰে সুষম ত্বৰণ, সমবেগ আৰু সুষম মন্থৰণ নির্দেশ কৰে; লেখ আঁকি বর্ণনা কৰা।

উত্তৰ : সময় বেগৰ লেখ এডালে কেনেদৰে সুষম ত্বৰণ, সমবেগ আৰু সুষম মন্থৰণ নিৰ্দেশ কৰে, লেখ আঁকি তলত বৰ্ণনা কৰা হ’ল।

এই চিত্ৰত এখন মটৰগাড়ীৰ বেগ-সময়, অর্থাৎ সময়ৰ লগত বেগৰ পৰিৱৰ্তনৰ লেখচিত্র দেখুওৱা হৈছে।

ত্বৰণৰ লেখচিত্র ঊর্ধ্বমুখী আৰু মন্থৰণৰ লেখচিত্র নিম্নমুখী হয়।

(i) যদি ত্বৰণৰ লেখচিত্ৰ ক্ৰমে ঊর্ধ্বমুখী সৰলৰেখা হয়, ই সুষম ত্বৰণ নিৰ্দেশ কৰে। ইয়াত OA ৰ দ্বাৰা সুষম ত্বৰণ বুজাইছে।

(ii) যদি বস্তুটো সমবেগত গতি কৰে, ত্বৰণৰ মান শূন্য হ’ব। তেতিয়া সৰল ৰেখাডাল X অক্ষৰ সমান্তৰাল হ’ব। ইয়াত AB যে বস্তুৰ সূষমবেগ বা শূন্য ত্বৰণ নিৰ্দেশ কৰিছে।

(iii) যদি ত্বৰণৰ লেখচিত্ৰ ক্ৰমে নিম্নমুখী সৰলৰেখা হয়, ই সুষম মন্থৰণ নিৰ্দেশ কৰে। ইয়াত BCয়ে সুষম মন্থৰণ নির্দেশ কৰিছে।

প্রশ্ন 28. অসম দ্ৰুতিৰ গতি কৰা বস্তুৰ লেখ চিত্র অংকন কৰি দেখুওৱা।

উত্তৰ : অসম দ্ৰুতিত বস্তুটোৱে সমান সময়ৰ ব্যৱধানত সমান সমান দূৰত্ব অতিক্রম নকৰে। তলত অসমদ্ৰুতিত গতিশীল বস্তু এটাৰ সময় আৰু দূৰত্বৰ তালিকা দিয়া হ’ল। এই তালিকাৰ পৰা পোৱা লেখ চিত্রও দেখুওৱা হ’ল।

সময় (ছেকেণ্ড): 0 1 2 3 4

দূৰত্ব (মিটাৰত): 0 2 5 10 17

তালিকাৰ পৰা দেখা যায় সমান সময়ৰ ব্যৱধানত অতিক্রম কৰা দূৰত্ব ক্ৰমাৎ বাঢ়িছে। অৰ্থাৎ বস্তুটোৰ ত্বৰণ হৈছে। গতিকে বস্তুটোৰ দ্ৰুতি ইয়াত অসম দ্রুতি।

প্রশ্ন 29. সুষম বেগত গতিশীল বস্তু এটাৰ বেগ সময়ৰ লেখ অংকন কৰা। দেখুওৱা যে এই লেখে x-অক্ষৰ লগত অধিকাৰ কৰা কালিয়ে বস্তুটোৰ সৰণৰ মান দিয়ে।

উত্তৰ: ধৰা হ’ল কোনো গতিশীল বস্তুৰ সুষম বেগ v মি/ছে। সমবেগ হোৱা হেতুকে সময়ৰ পৰিবৰ্তন হ’লেও বেগ একে থাকে।

আমি জানো, সৰণ = সমবেগ × সময়।

অর্থাৎ s = vt গতিকে বেগ, সময় আৰু সৰণৰ তালিকাখন তলত দিয়া ধৰণৰ হ’ব-

বেগ সময় (ছেকেণ্ড) সৰণ (মিটাৰত)

V 1 v

V 2 2v

V 3 3v

V t1 vt1

V t2 vt1

V t vt

OA = v ধৰিলে ABয়ে সৰণৰ মান নির্দেশ কৰে। গতিকে বেগ-সময়ৰ লেখচিত্র

আচলতে সৰণৰ লেখচিত্র।। আৰুণ, সময়ৰ ভিতৰত সৰনৰ মান জনাৰ বাবে ।, আৰু , বিন্দু দুটাত ক্ৰমে PC আৰু QD লম্ব টনা হ’ল। PQDC আয়তৰ CD আৰু , t2-t1 | আৰু PC = v

PQDC =PC * CD

=V(t2-t1)

সৰণ PQ= সৰণ

AQ-সৰণ AP=vt2-vt1

=v(t2-t1)

অৰ্থাৎ PQ সৰণৰ সাংখিক মান PQয়ে X-অক্ষৰ লগত কৰা PQDC আয়তৰ ক্ষেত্ৰফলৰ

সমান।

প্রশ্ন 31 : তলৰ লেখ চিত্ৰৰ পৰা গতিশীল বস্তু এটাৰ গতিৰ প্ৰকাৰ লিখা।

উত্তৰ তলত লেখচিত্রসমূহে দেখুওৱা গতিশীল বস্তু এটাৰ গতিৰ প্ৰকাৰ

হ’লঃ

A = সুষম বেগ।

B = অসম দ্রুতি।

C = সমবেগ (ত্বৰণ শূন্য)

D = অসমত্বৰণ৷

E = u আদি বেগেৰে গৈ । সময়ৰ পিছত মন্থৰণ হৈ স্থিৰ অৱস্থা পোৱা গতি।

F = সমমন্থৰণ।

= u আদি বেগত গতি কৰি থকাৰ পিছত সুষমবেগেৰে গৈ সমমন্থৰিত হয়। এটা সময়ত স্থিৰ অৱস্থালৈ আহি আকৌ সুষম ত্বৰণত গতি কৰে। তাৰ পিছত আকৌ সুষম বেগ লাভ কৰে।

প্রশ্ন 32. বস্তু এটাই কি কি চৰ্ত সাপেক্ষে ত্বৰিত হ’ব পাৰে?

উত্তৰ : কোনো বস্তুৰ বেগৰ পৰিৱৰ্তন হ’লে আমি কওঁ বস্তুটো ত্বৰিত হৈছে। বেগৰ

পৰিৱৰ্তন হ’ব পাৰে যদি—

(a) বেগৰ মানৰ পৰিৱৰ্তন হয়।

(b) বস্তুটোৰ গতিৰ দিশ সলনি হয়।

(c) বস্তুটোৰ বেগৰ মানৰ পৰিৱৰ্তন আৰু দিশৰ সলনি দুয়োটাই একেলগে সংঘটিত হয়।

প্রশ্ন 33: সুষম ত্বৰণত গতি কৰা বস্তুৰ গতি বিষয়ক সমীকৰণ তিনিটা লিখা।

উত্তৰ : সুষম ত্বৰণত গতি কৰা বস্তুৰ গতি বিষয়ক সমীকৰণ তিনিটা হ’ল-

1. v=u+ at

2. S = ut +1/2 at2

3. v2=u + 2aS

u= আদি বেগ, v= অন্তিম বেগ

S = অতিক্ৰম কৰা দূৰত্ব, a = সুষম ত্বৰণ t = সময়।

প্রশ্ন 34: প্রমাণ কৰা যে y = u + at.

উত্তৰ : ধৰা হ’ল বস্তু এটাই A অৱস্থানৰ পৰা । আদিবেগেৰে যাত্ৰা কৰি । সময় পিছত B স্থান পালে (চিত্র)। B স্থানত ইয়াৰ বেগ ।

বস্তুটোৰ । সময়ত বেগৰ পৰিৱৰ্তন = V – u

গতিকে একক সময়ত বেগৰ পৰিৱৰ্তন=v-u/t

গতিকে a = v-u/t

⇒ v -u =at v=u+at

প্রশ্ন 35: প্রমাণ কৰা যে S = ut + 1/2at2

উত্তৰ : ধৰা হ’ল । আদি বেগেৰে গতি কৰা বস্তুটোৰ ত্বৰণ = a আৰু ই । সময়ত

অতিক্ৰম কৰা দূৰত্ব = S.

S= V* t v=v+u/2= গড় বেগ।

=>s=v+u/2*t

=> (u+at)+u/2*2

=>S=2ut/2+at2/2

S=ut + 1/2 at2

→ S =

→ S =

(u + al) + “ × 1 [যিহেতু v = u + at]

2

2ut

2

.:. S = ut +

1

+

at 2

2

at².

আমি জানো যে, v = u + at

→ = 4 + 2atu + at

51

→ v = u + 2a (ul + jati)

2

2

প্রশ্ন 36: প্রমাণ কৰা : √2 = u + 2as

উত্তৰ : v আদিবেগ আৰু a সুষম ত্বৰণেৰে । সময়ৰ পিছত ” অন্তিম বেগ লাভ কৰা

বস্তুটোৱে অতিক্ৰম কৰা দূৰত্ব = s ৷

1

. v± = u? + 2as [ যিহেতু s =ut + = at] [

সাংখ্যিক সমস্যা

সমস্যা 1: পৰীক্ষা এটাৰ সময়ত মহাকাশযান এখনৰ পৰা প্ৰেৰিত সংকেত এটা 5

মিনিটত ভূমিস্থিত ষ্টেচনত সংগৃহীত হ’ল। ভূমিস্থিত ষ্টেচনৰ পৰা মহাকাশযানখনৰ,

দূৰত্ব কিমান হ’ব? সংকেতটোৱে পোহৰৰ দ্ৰুতিত গতি কৰে অৰ্থাৎ 3×108ms-1

উত্তৰ : ইয়াত, সময় (t) = 5 মিনিট = 300s

পোহৰৰ (সংকেত) বেগ (v) = 3×108ms-1

ধৰাহ’ল দূৰত্ব = S

S = 3×108 x 300m

= 9 × 1010m

সমস্যা 2 : বাছ এখনৰ 5 ছেকেণ্ডত 80kmh-1 ৰ পৰা 60kmh-1 হ্রাস পালে। বাছখনৰ জ্বৰণ নিৰ্ণয় কৰা।

উত্তৰ : ইয়াত বাছখনৰ আদিবেগ (u) = 80Kmh-1

=80 x 1000/60x60mS-1

=200/9 mS-1

অস্তিম বেগ (v) = 60 kmh-1

=60×1000/60×60 ms-1

=100/6

=50/6mS-1

সময় (t) = 5 S

.:. ত্বৰণ = 50/3 – 200/9/5ms-1

=150-200/9/5mS-1

=-50/9*1/5=-10/9=-1.11mS-2

অৰ্থাৎ গাড়ীখনৰ মন্থৰণ = 1.11 ms-2

সমস্যা 3 : ৰে’লগাড়ী এখনে ষ্টেচন এটাৰ পৰা যাত্ৰা আৰম্ভ কৰি সুষম ত্বৰণেৰে 10 মিনিটত তাৰ দ্ৰুতি 40Kmh-1 বৃদ্ধি কৰিবলৈ ইয়াৰ ত্বৰণ নিৰ্ণয় কৰা। [Dhemaji 19]

উত্তৰ : ইয়াত গাড়ীখনৰ আদিবেগ(u) = 0

অন্তিম বেগ (v) = 40 kmh-

=40*1000/60*60ms-1

=400/36

=100/9 ms-2

সময় (t) = 10 min = 600S

ত্বৰণ (a) =v-u/t=100/9-0/600 ms-1

=100/9*600=1/54ms-1

সমস্যা 4 : এখন বাছ ৰৈ থকা অৱস্থাৰ পৰা গতি আৰম্ভ কৰি 0.1 ms মিনিট সময় গতি কৰিলে। (a) গাড়ীখনে লাভ কৰা দ্ৰুতি আৰু (b) অতিক্ৰম কৰা দুৰত্ব উলিওৱা।

উত্তৰ : (a) বাছখনৰ আদিবেগ (u) = 0 *

ত্বৰণ (a) = 0.1ms-2

সময় (1) = 2min = 120 S

Conclusion:

আমি বিশ্বাস কৰোঁ যে এই টোকাবোৰে শিক্ষাৰ্থীসকলক বিষয়বোৰৰ বিষয়ে ভালদৰে বুজাবুজি বিকশিত কৰাত আৰু তেওঁলোকৰ পৰীক্ষাৰ বাবে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰিব।

আমি নিশ্চিত যে এই টোকাবোৰে শিক্ষাৰ্থীসকলক তেওঁলোকৰ লক্ষ্য প্ৰাপ্ত কৰাত আৰু তেওঁলোকৰ শৈক্ষিক প্ৰদৰ্শন বৃদ্ধি কৰাত সহায় কৰিব। যদি আপুনি এই প্ৰবন্ধটো ভাল পায় আৰু সহায়ক হয় তেন্তে আপোনাৰ বন্ধুবৰ্গৰ সৈতে Share কৰিবলৈ নাপাহৰিব।

Leave a Comment

error: Content is protected !!