Class 9 Science Chapter 7 | জীৱৰ বিচিত্ৰতা Question Answer | SEBA

Class 9 Science Chapter 7 | জীৱৰ বিচিত্ৰতা Question Answer | SEBA: আমাৰ ৱেবছাইটলৈ স্বাগতম! আপোনাৰ শৈক্ষিক যাত্ৰাৰ বাবে আপোনাক নবম শ্ৰেণীৰ Notes প্ৰদান কৰি আমি আনন্দিত।

আজি, এই প্ৰবন্ধটোত মই আপোনাৰ নবম শ্ৰেণীৰ জীৱৰ মৌলিক একক “জীৱৰ বিচিত্ৰতা” দীঘলয়া আৰু চুটি প্ৰশ্ন আলোচনা কৰিম| আমি প্ৰায় সকলো দীঘলয়া আৰু চুটি প্ৰশ্ন Solution প্ৰদান কৰিছোঁ।

আমাৰ লক্ষ্য হৈছে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰা। আমি ইয়াত বিনামূলীয়াকৈ Notes সমূহ প্ৰদান কৰিছো। আমি আপোনাক আগন্তুক পৰীক্ষাৰ বাবে শুভেচ্ছা জনাইছো। যদি আপোনাৰ কোনো সন্দেহ আছে তেন্তে আমাৰ সৈতে যোগাযোগ কৰক।

Class 9 Science Chapter 7 Question Answer:

প্রশ্নোত্তৰ

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন 1 : জীৱজগতৰ শ্ৰেণীবিভাজনত প্ৰথম পৰ্যায়ত বিৰিচনা কৰা প্ৰাথমিক চৰিত্ৰগত বৈশিষ্ট্যটো কি?

উত্তৰ : জীৱজগতৰ শ্ৰেণীবিভাজনৰ প্ৰথম পৰ্যায়ত বিবেচনা কৰা প্ৰাথমিক চৰিত্ৰগত বৈশিষ্ট্যটো হ’ল— কোষৰ প্ৰকাৰ, অৰ্থাৎ জীৱৰ কোষ প্রকোষকেন্দ্ৰীয় নে সংকোষকেন্দ্ৰীয়।

প্রশ্ন 2 : কি চৰিত্ৰগত বৈশিষ্ট্যক ভিত্তি কৰি উদ্ভিদ আৰু প্ৰাণীবিলাকক দুটা পৃথক ভাগত স্থান দিয়া হৈছে?

উত্তৰ : উদ্ভিদ আৰু প্ৰাণীক দুটা পৃথক ভাগত স্থান দিয়া চৰিত্ৰগত বৈশিষ্ট্য হল—

জীৱৰ পৰিপুষ্টিৰ ধৰণ, অৰ্থাৎ জীৱটো স্বপোষী নে পৰপোষী।

প্রশ্ন 3 : সালোক সংশ্লেষণ সংঘটিত কৰিব পৰা সংকোষকেন্দ্রীয় কোষেৰে গঠিত এককোষী জীৱখিনিক তুমি কোনটো ৰাজ্যত অন্তর্ভূক্ত কৰিবা?

উত্তৰ : প্ৰটিষ্টা ৰাজ্যত ।

প্রশ্ন 4 : শ্ৰেণীবিভাজনৰ বৰ্গানুক্ৰমত একে বৈশিষ্ট্যসূচক চৰিত্ৰৰ জীৱবিলাকত কোনটো বর্গানুক্ৰমত আটাইতকৈ কম সংখ্যক আৰু কোনটো বৰ্গানুক্ৰমত আটাইতকৈ বেছি সংখ্যক জীৱ অন্তর্ভুক্ত হয়?

উত্তৰ : আটাইতকৈ কম সংখ্যক জীৱ অন্তর্ভুক্ত হোৱা বর্গানুক্ৰম হ’ল— প্ৰজাতি আৰু আটাইতকৈ বেছি সংখ্যক জীৱ অন্তর্ভুক্ত হোৱা বর্গানুক্ৰম হ’ল—ৰাজ্য।

প্রশ্ন 5 : উদ্ভিদ জগতৰ কোনটো বিভাগৰ অন্তৰ্গত উদ্ভিদবিলাক একেবাৰে সৰল ?

উত্তৰ : সমাঙ্গদেহী উদ্ভিদ।

প্রশ্ন 6: ঢেঁকীয়াজাতীয় উদ্ভিদ সপুষ্পক উদ্ভিদৰ পৰা কি ক্ষেত্ৰত পৃথক?

উত্তৰ : ঢেঁকীয়াজাতীয় উদ্ভিদে বীজ ধাৰণ নকৰে। আনহাতে সপুষ্পক উদ্ভিদে বীজ ধাৰণ কৰি তাৰ সহায়ত বংশবৃদ্ধি কৰে।

প্রশ্ন 7 : নগ্নবীজী উদ্ভিদ আৰু গুপ্তবীজী উদ্ভিদৰ ইটোৰ লগত থকা সিটোৰ পাৰ্থক্য কি?

উত্তৰ : নগ্নবীজী উদ্ভিদৰ বীজ নগ্ন অৱস্থাত পোৱা যায়। অর্থাৎ বীজটো ফলেৰে আবৃত্ত হৈ নাথাকে। আনহাতে গুপ্তবীজী উদ্ভিদৰ বীজটো ফলেৰে আবৃত্ত হৈ থাকে।

প্রশ্ন ৪ : ক্রমবিকাশৰ ধাৰণাৰ প্ৰথমে কোনে অৱতাৰণা কৰিছিল ? তেখেতৰ বিখ্যাত গ্ৰন্থখনৰ নাম উল্লেখ কৰা।

উত্তৰ : ক্রমবিকাশৰ ধাৰণাৰ প্ৰথমে অৱতাৰণা কৰা বিজ্ঞানী গৰাকী আছিল চাৰ্লছ ডাউইন। তেখেতৰ বিখ্যাত গ্ৰন্থখনৰ নাম ‘অৰিজিন অৱ স্পেচিছ’। তেখেতে এই গ্ৰন্থখন 1859 চনত প্ৰকাশ কৰিছিল ।

প্রশ্ন 9 : জীৱজগতক পাঁচ ৰাজ্যত বিভক্ত কৰা বিজ্ঞানী জন কোন?

উত্তৰঃ ৰবাৰ্ট হোৱাইটেকাৰ।

প্রশ্ন 10 : জীৱৰ শ্ৰেণীবিভাজনৰ ক্ষুদ্রতম বা মৌলিক এককটো কি?

উত্তৰ: প্রজাতি।

প্রশ্ন 11: প্ৰজাতিৰ সংজ্ঞা দিয়া।

উত্তৰ : প্ৰজাতি হ’ল এনে কিছুমান জীৱৰ এটা গোষ্ঠী, যিবিলাক জীৱৰ চৰিত্ৰগত বৈশিষ্ট্যৰ মিল থকাৰ উপৰিও সিহঁতৰ মাজত প্ৰজনন ঘটি বংশবৃদ্ধি হয়।

প্রশ্ন 12: কোনটো ৰাজ্যৰ জীৱক মৃতজীবী আখ্যা দিয়া হয় আৰু কিয় ?

উত্তৰ: ভেঁকুৰ ৰাজ্যৰ জীৱক মৃতজীৱী আখ্যা দিয়া হয়। কাৰণ ইহঁতে গেলা-পচা জৈৱ পদাৰ্থৰ পৰা খাদ্য আহৰণ কৰে ৷

প্রশ্ন 13 : সহজীৱীতা বুলিলে কি বুজা?

উত্তৰ : কিছুমান ভেঁকুৰে নীলা-সেউজীয়া শেলাইৰ লগত স্থায়ী পৰস্পৰ নিৰ্ভৰশীল সম্পর্ক স্থাপন কৰি জীয়াই থাকে। এনে সম্পৰ্কক সহজীৱীতা বোলে। এনে সহজীৱী জীৱক ‘লিচেচন’ নামেৰে জনা যায়।

প্রশ্ন 14: উদ্ভিদ ৰাজ্যৰ কোনটো বিভাগৰ উদ্ভিদসমূহক ‘শেলাই’ বোলা হয়?

উত্তৰ : উদ্ভিদ ৰাজ্যৰ সমাঙ্গদেহী উদ্ভিদসমূহক শেলাই বোলা হয়।

প্রশ্ন 15 : উদ্ভিদ ৰাজ্যৰ ‘উভচৰ’ বুলি কাক আখ্যা দিয়া হয় ?

উত্তৰ : মচ জাতীয় উদ্ভিদসমূহক।

প্রশ্ন 16 : গুপ্তবীজী উদ্ভিদৰ ভাগ দুটা কি কি?

উত্তৰ : গুপ্তবীজী উদ্ভিদৰ ভাগ দুটা হ’ল— একবীজপত্রী উদ্ভিদ আৰু দ্বিবীজপত্রী উদ্ভিদ।

প্রশ্ন 17 : প্ৰাণীৰাজ্যৰ কোনটো পৰ্বৰ প্ৰাণীসমূহক ‘স্পঞ্জ’ নামেৰে জনা যায়?

উত্তৰ: ৰন্ধী প্রাণী।

প্রশ্ন 18 : গোধবেমাৰৰ কাৰক ঘূৰণীয়া কৃমিবিধৰ নাম কি ?

উত্তৰ : ফাইলেৰিয়া পেলু।

প্রশ্ন 19 : কোনটো পৰ্বৰ প্ৰাণীৰ সংখ্যা পৃথিৱীত সর্বাধিক?

উত্তৰঃ সন্ধিপদী প্রাণী।

প্রশ্ন 20 : পৃষ্ঠজ্জ্ব কি ?

উত্তৰ : পৃষ্ঠবজ্জু হ’ল পৃষ্ঠদণ্ডী প্রাণীৰ শৰীৰত পোৱা এডাল দীঘল মাৰি সদৃশ গঠন যি প্ৰাণীদেহৰ পশ্চাৎ অংশত থাকি অস্ত্ৰৰ পৰা স্নায়ুকলাক পৃথক কৰি ৰাখে।

প্রশ্ন 21: মৎস্যৰ হৃদপিণ্ডৰ কেইটা কোঠালি থাকে?

উত্তৰ : দুটা।

প্রশ্ন 22: চাৰিটা কোঠালিযুক্ত হৃদপিণ্ড থকা সৰীসৃপ বিধ কি?

উত্তৰ : ঘঁৰিয়াল।

প্রশ্ন 23 : কণী পাৰি পোৱালি জন্ম দিয়া দুবিধ স্তন্যপায়ী প্ৰাণীৰ নাম লিখা।

উত্তৰ : প্লেটিপাচ আৰু একিড্‌না।

প্রশ্ন 24 : বৈজ্ঞানিক নামাকৰণ ব্যৱস্থাৰ কোনে প্রথমে প্রচলন কৰিছিল?

উত্তৰঃ বৈজ্ঞানিক নামাকৰণ ব্যৱস্থাৰ প্ৰথম প্ৰচলন কৰা বিজ্ঞানী গৰাকী আছিল কে’লাচ লিনিয়াচ ।

প্রশ্ন 25: ছদ্ম-গুহা থকা প্রাণীবিধ কি?

উত্তৰ: ঘূৰণীয়া কৃমি।

প্রশ্ন 26: ভেঁকুৰৰ কোষবোৰ কি পদাৰ্থৰে গঠিত?

উত্তৰঃ কাইটিন।

প্রশ্ন 27 : সংঘবদ্ধভাৱে আৰু অকলশৰীয়াকৈ বাস কৰা একনলদেহী প্ৰাণীৰ প্ৰত্যেকৰে একোটাকৈ উদাহৰণ দিয়া।

উত্তৰ : সংঘবদ্ধভাৱে বাস কৰা একনলদেহী প্রাণী— প্রবাল। অকলশৰীয়াকৈ বাস কৰা একনলদেহী প্রাণী—হাইড্রা।

প্রশ্ন 28 : কণ্টকচমী প্ৰাণীৰ দুটা উদাহৰণ দিয়া।

উত্তৰ : তৰামাছ আৰু সামূদ্রিক আৰ্চিন।

প্রশ্ন 29: জীৱৰ চৰিত্ৰ’ বুলিলে কি বুজা?

উত্তৰ : জীৱৰ ‘চৰিত্ৰ’ বুলিলে জীৱটোৰ এক নির্দিষ্ট গঠন বা কার্যক বুজায়।

প্রশ্ন 30 : জীৱৰ শ্ৰেণীবিভাজনৰ আটাইতকৈ মৌলিক আধাৰ বা ভিত্তিটো কি?

উত্তৰ : জীৱৰ শ্ৰেণীবিভাজনৰ আটাইতকৈ মৌলিক আদাৰ বা ভিত্তিটো হ’ল কোষৰ গঠন।

প্রশ্ন 31 : আদিম বা নিম্ন জীৱ কোনবিলাক ?

উত্তৰ : পৃথিৱীৰ কিছুমান গোষ্ঠীৰ জীৱৰ দেহৰ আৰ্হিটো পূৰণি আৰু ই সময়ৰ লগে লগে বিশেষ সলনি হোৱা নাই৷ এনেবোৰ জীৱক আদিম বা নিম্ন জীৱ বোলা হয়।

প্রশ্ন 32: অগ্রগামী বা উচ্চ জীৱ কি ?

উত্তৰ : পৃথিৱীৰ কিছুমান গোষ্ঠীৰ জীৱৰ দেহৰ আৰ্হিটো তুলনামূলকভাৱে নতুন অৰ্থাৎ ই ক্রমবিকাশৰ দ্বাৰা পিছৰ পৰ্যায়ত বিকশিত হোৱা। এনে জীৱসমূহক অগ্রগামী বা উচ্চ জীৱ বোলে৷

প্রশ্ন 33: জীৱজগতক ৰাজ্যৰ দৰে ডাঙৰ ডাঙৰ গোষ্ঠীত ভাগ কৰাৰ প্ৰয়াস কৰা তিনিগৰাকী বিজ্ঞানীৰ নাম লিখা।

উত্তৰ : জীৱজগতক ৰাজ্যৰ দৰে ডাঙৰ ডাঙৰ গোষ্ঠীত ভাগ কৰাৰ প্ৰয়াস কৰা তিনিগৰাকী বিজ্ঞানী হ’ল – আৰ্নষ্ট হেকেল, ৰোবাৰ্ট হোৱাইটেকাৰ আৰু কার্ল উইজ।

প্রশ্ন 34: ৰবাৰ্ট হোৱাইটেকাৰৰ মতে জীৱজগতৰ পাচখন ৰাজ্য কি কি ?

উত্তৰ : ৰবাৰ্ট হোৱাইটেকাৰৰ মতে জীৱজগত পাচখন ৰাজ্য হ’ল – মনেৰা, প্ৰটিষ্টা, ভেঁকুৰ, উদ্ভিদ আৰু প্ৰাণী ।

প্রশ্ন 35ঃ-শ্রেণীবিভাজন বর্গানুক্রম অনুসৰি ৰাজ্যৰ পাছৰ উপ-গোষ্ঠী সমূহ কি কি?

উত্তৰ : শ্রেণীবিভাজন বর্গানুক্রম অনুসৰি ৰাজ্যৰ পাছৰ উপগোষ্ঠীসমূহ হ’ল – ৰাজ্য, পৰ্ব (প্ৰাণীৰ ক্ষেত্ৰত) /বিভাগ (উদ্ভিদৰ ক্ষেত্ৰ). শ্রেণী, বর্গ, গোতত্র, গণ আৰু প্ৰজাতি।

প্রশ্ন 36 : মনেৰা ৰাজ্যৰ তিনিবিধ জীৱৰ উদাহৰণ দিয়া।

উত্তৰ : মনেৰা ৰাজ্যৰ তিনিবিহধ জীৱৰ উদাহৰণ হ’ল – বেক্টেৰিয়া, নীলা-সেউজীয়া শেলাই আৰু মাইক’প্লাজমা।

প্রশ্ন 37: নীলা-সেউজীয়া শেলাইৰ আন এটা নাম কি?

উত্তৰ : নীলা-সেউজীয়া শেলাইৰ আন এটা নাম হ’ল- চায়েনবেক্টেৰিয়া।

প্রশ্ন 38 : প্রটিষ্টা ৰাজ্যৰ তিনিবিধ জীৱৰ উদাহৰণ দিয়া।

উত্তৰ : প্ৰটিষ্টা ৰাজ্যৰ তিনিবিধ জীৱৰ উদাহৰণ হ’ল – এককোষী শেলাই, ডায়েটম আৰু প্ৰট’য’ৱা।

প্রশ্ন 39 : তিনিবিধ প্ৰট’য’ৱাৰ উদাহৰণ দিয়া।

উত্তৰ: তিনিবিধ প্ৰট’যৱাৰ উদ্দাহৰণ হ’ল – এমিবা, পেৰামিচিয়াম আৰু ইউরেনা।

প্রশ্ন 40: তিনিবিধ ভেঁকুৰৰ উদাহৰণ দিয়া।

ত্তৰঃ তিনিবিধ ভেঁককুৰৰ উদাহৰণ হ’ল-ইষ্ট, কাঠফুলা আৰু পেনিচিলিয়াম।

প্রশ্ন 41 : উদ্ভিদ ৰাজ্যৰ শ্ৰেণীবিভাজনৰ ক্ষেত্ৰত আটাইতকৈ মৌলিক চৰিত্ৰ হিচাপে কাক বিবেচনা কৰা হয় ?

উত্তৰ : উদ্ভিদ ৰাজ্যৰ শ্ৰেণীবিভাজনৰ ক্ষেত্ৰত আটাইতকৈ মৌলিক হিচাপে বিবেচনা কৰা চৰিত্ৰটো হ’ল – উদ্ভিদ দেহক সুস্পষ্ট উপাংগত পৃথকীকৰণ কৰিব পাৰি নে নোৱাৰি।

প্রশ্ন 42: খালী ঠাই পূৰণ কৰা :

(i) জীৱৰ ক্ৰমবিকাশৰ ধাৰণাৰ অৱতাৰণা কৰা বিজ্ঞানীগৰাকী হ’ল———|

উত্তৰ : চাৰ্লছ ডাৰউইন।

(ii) ক্রমবিকাশ সম্পৰ্কীয় চাৰ্লছ ডাউইনৰ বিশ্ববিখ্যাত গ্ৰন্থখন হ’ল——।

উত্তৰ : অিজন অৱ স্পেচিছ।

(iii) চনত ডাউইনে ‘অৰিজিন অৱ স্পেচিচছ’ গ্ৰন্থখনি প্ৰকাশ কৰিছিল।

উত্তৰ : ইং 1859 চনত।

(iv) জীৱ জগতক পঞ্চ ৰাজ্যত ভাগ কৰা বিজ্ঞানীগৰাকী হ’ল-?

উত্তৰঃ ৰবাৰ্ট হোৱাইটেকাৰ।

(v) জীৱৰ শ্ৰেণীবিভাজনৰ মৌলিক এককটো হ’ল——।

উত্তৰ : প্রজাতি।

(vi) শ্রেণীবিভাজনৰ বৰ্গানুক্ৰমত আটাইতকৈ বেছি সংখ্যক জীৱ থকা বর্গানুক্রমটো হ’ল—।

উত্তৰ : ৰাজ্য ।

(vii) শ্রেণীবিভাজনৰ বৰ্গানুক্ৰমত আটাইতকৈ কমসংখ্যক জীৱ থকা বর্গানুক্রমটো হ’ল—।

উত্তৰ : প্রজাতি।

(viii) মনেৱা ৰাজ্যক পুনৰ দুটা ভাগত বিভক্ত কৰা বিজ্ঞানীগৰাকী হ’ল——

উত্তৰ: কার্ল উইজ ।

(ix) চিলিয়া আৰু প্লেজেলা— ৰাজ্যৰ জীৱত পোৱা যায়।

উত্তৰঃ প্রটিষ্টা।

(x) ______ৰাজ্যৰ জীৱসমূহক ‘মৃতজীৱী বোলা হয়।

উত্তৰ: কাইটিন।

(xi) ভেঁকুৰৰ কোষবোৰ — নামৰ এক কঠিন আৰু জটিল শৰ্কৰাৰে গঠিত।

উত্তৰ: কাইটিন।

(xii)____ৰাজ্যৰ জীৱসমূহে জীৱন কালৰ কোনো এক নির্দিষ্ট পর্যায়ত বহুকোষী জীৱলৈ পৰিণত হয়।

উত্তৰ: ভেঁকুৰ।

(xiii)______হ’ল জীৱজগতৰ শ্ৰেণীবিভাজনৰ আটাইতকৈ মৌলিক ভিত্তি।

উত্তৰ : কোষৰ গঠন

(xiv) উদ্ভিদ ৰাজ্যৰ শ্ৰেণীবিভাজনৰ প্ৰথম স্তৰৰ মৌলিক ভিত্তি হ’ল উদ্ভিদ দেহক সুস্পষ্ট উপাংগত _______কৰিব পাৰি নে নোৱাৰি।

উত্তৰ : পৃথকীকৰণ।

(xv)____বিভাগৰ উদ্ভিদসমূহক শেলাই নামেৰে জনা যায়।

উত্তৰ: সমাঙ্গদেহী।

( xvi )____বিভাগৰ উদ্ভিদসমূহক উভচৰ’ আখ্যা দিয়া হয়।

উত্তৰ : মচ জাতীয় উদ্ভিদ।

(xvii)_____বিভাগৰ উদ্ভিদসমূহক কোনো সুস্পষ্ট উপাংগত পৃথকীকৰণ কৰিব নোৱাৰি।

উত্তৰ: সমাঙ্গদেহী।

(xviii)_____বিভাগৰ উদ্ভিদসমূহৰ দেহক কাণ্ড আৰু পাত জাতীয় উপাংগত পৃথকীকৰণ কৰিব পাৰি যদিও সিহঁতৰ দেহত পানী আৰু আন দ্রব্য পৰিবহনৰ বাবে বিশেষ সংবহন কলা নাথাকে।

উত্তৰ : মচ জাতীয় উদ্ভিদ।

(xix) পানী আৰু আন দ্ৰৰ পৰিবহনৰ বাবে বিশেষ সংবহন কলা থাকে কিন্তু বীজ ধাৰণ নকৰা উদ্ভিদসমূহৰ বিভাগটোক_____বোলে।

উত্তৰ : ঢেঁকীয়া জাতীয় উদ্ভিদ।

(xx) সমাঙ্গদেহী, মচ জাতীয় আৰু ঢেঁকীয়া জাতীয় উদ্ভিদৰ নগ্ন ভ্রূণক_____ বোলে।

উত্তৰ: ৰেণু।

প্রশ্ন 43 : শুদ্ধ উত্তৰ বাছি উলিওৱা :

(i) জীৱজগতৰ শ্ৰেণীবিভাজনৰ আটাইতকৈ মৌলিক ভিত্তিটো হ’ল—

(ক) পৰিপুষ্টিৰ ধৰণ (খ) দেহৰ সংগঠন

(গ) কোষৰ গঠন (ঘ) কোষ বেৰৰ উপস্থিতি

উত্তৰ : (গ) কোষৰ গঠন।

(ii) জীৱ জগতক পঞ্চৰাজ্যত বিভক্ত কৰা বিজ্ঞানীগৰাকী হ’ল-

(ক) আনষ্ট হেকেল

(খ) কার্ল উইজ

(গ) চাৰ্লছ ডাউইন

(ঘ) ৰবাৰ্ট হোৱাইটেকাৰ

উত্তৰ : (ঘ) ৰবাৰ্ট হোৱাইটেকাৰ

(iii) জীৱৰ শ্ৰেণীবিভাজনৰ মৌলিক একক হ’ল—

(ক) ৰাজ্য

(খ) বর্গ

(গ) প্রজাতি

(ঘ) গণ

উত্তৰ : (গ) প্রজাতি

(iv) প্রকোষকেন্দ্ৰীয় জীৱসমূহ অন্তৰ্ভুক্ত হোৱা ৰাজ্যখন হ’ল-

(ক) প্রটিষ্টা

(খ) প্রাণী

(গ) উদ্ভিদ

(ঘ) মনো

উত্তৰ : (ঘ) মনেৰা

(v) সংকোষকেন্দ্ৰীয় আৰু এককোষী জীৱসমূহ অন্তৰ্ভুক্ত হোৱা ৰাজ্যখন—

(ক) প্রটিষ্টা

(খ) ভেঁকুৰ

(গ) মনেৰা

(ঘ) উদ্ভিদ

উত্তৰ : (ক) প্রটিষ্টা

(vi) প্ৰটয’ৱা বা আদ্যপ্ৰাণীসমূহ তলৰ কোনখন ৰাজ্যৰ জীৱ—

(ক) মনেৰা

(খ) ভেঁকুৰ

(গ) উদ্ভিদ

(ঘ) প্রটিষ্টা

উত্তৰ : (ঘ) প্রটিষ্টা

(vii) তলৰ কোনবিধ জীৱ প্ৰটিষ্টা ৰাজ্যৰ অন্তৰ্ভুক্ত জীৱ—

(ক) বেক্টেৰিয়া

(গ) ভাইৰাচ

(খ) ইষ্ট

(ঘ) এমিবা

উত্তৰ : (ঘ) এমিবা

(viii) তলৰ কোনটো বিভাগৰ উদ্ভিদসমূহক শেলাই বুলি জনা যায়—

(ক) মচ জাতীয় উদ্ভিদ

(খ) ঢেঁকীয়া জাতীয় উদ্ভিদ

(গ) নগ্নবীজী উদ্ভিদ

(ঘ) সমাঙ্গদেহী উদ্ভিদ

উত্তৰ : (ঘ) সমাঙ্গদেহী উদ্ভিদ

(ix) তলৰ কোনটো বিভাগৰ উদ্ভিদসমূহক উভচৰ আখ্যা দিয়া হয়-

(ক) সমাঙ্গদেহী উদ্ভিদ

(খ) ঢেঁকীয়া জাতীয় উদ্ভিদ

(গ) গুপ্তবীজী উদ্ভিদ

(ঘ) মচ জাতীয় উদ্ভিদ

উত্তৰ : (ঘ) মচ জাতীয় উদ্ভিদ

(x) তলৰ কোনটো বিভাগৰ উদ্ভিদে বীজ ধাৰণ কৰে—

(ক) ঢেঁকীয়া জাতীয় উদ্ভিদ

(খ) নগ্নবীজী উদ্ভিদ

(গ) সমাঙ্গদেহী উদ্ভিদ

(ঘ) মচ জাতীয় উদ্ভিদ

উত্তৰ: (খ) নগ্নবীজী উদ্ভিদ।

(xi) একবীজপত্রী আৰু দ্বিবীজপত্রী উদ্ভিদ কোনটো বিভাগৰ উদ্ভিদ-

(ক) নগ্নবীজী উদ্ভিদ

(খ) ঢেঁকীয়া জাতীয় উদ্ভিদ

(গ) গুপ্তবীজী উদ্ভিদ

(ঘ) সমাঙ্গদেহী উদ্ভিদ

উত্তৰ : (গ) গুপ্তবীজী উদ্ভিদ

(xii) তলৰ কোনটো জীৱৰ দেহত কোষবেৰ পোৱা নাযায়—

(ক) কাঠফুলা

(খ) বেক্টেৰিয়া

(গ) শেলাই

(ঘ) হাইড্রা

উত্তৰঃ (ঘ) হাইড্রা

(xiii) তলৰ কোনটো পৰ্বৰ প্ৰাণীক স্পঞ্জ বুলি জনা যায়—

(ক) একনল দেহী প্রাণী

(খ) ৰন্ধী প্রাণী

(গ) চেপেটা কৃমি

(ঘ) ঘূৰণীয়া কৃমি

উত্তৰ: (খ) ৰন্ধী প্রাণী

(xiv) তলৰ কোনটো পৰ্বৰ অন্তৰ্গত জীৱৰ এটা উদাহৰণ জেলিমাছ

(ক) মেৰুদণ্ডী

(খ) কণ্টকচমী

(গ) একনলদেহী

(ঘ) ৰন্ধী প্ৰাণী

উত্তৰ: (গ) একনলদেহী

(xv) মুক্তভাৱে জীয়াই থকা এবিধ চেপেটা কৃমি হ’ল—

(ক) ফাইলেৰিয়া পেলু

(খ) ফিটা পেলু

(ঘ) যকৃত কৃমি

(গ) প্লেনেৰিয়া

উত্তৰ : (গ) প্লেনেৰিয়া

(xvi) ফাইলেৰিয়া পেলু তলৰ কোনবিধ বেমাৰৰ কাৰক-

(ক) গ্রহণী

(খ) গোধ বেমাৰ

(গ) চৰ্মৰোগ

(ঘ) কুষ্ঠ

উত্তৰ : (খ) গোধ বেমাৰ

(xvii) তেজেৰে পৰিপূৰ্ণ দেহ-গুহা বিশিষ্ট প্ৰাণীৰ পৰ্বটো—

(ক) সন্ধিপদী প্রাণী

(খ) বলয়ী প্রাণী

(গ) কণ্টকচমী প্রাণী

(ঘ) ঘূৰণীয়া কৃমি।

উত্তৰ: (ক) সন্ধিপদী প্রাণী

(xviii) দেহপদ থকা প্ৰাণীসমূহ অন্তৰ্ভুক্ত হোৱা পৰ্বটো হ’ল—

(ক) বলয়ী প্রাণী

(খ) একনলদেহী প্রাণী

(গ) কোমল দেহী প্রাণী

(ঘ) কণ্টকচর্মী প্রাণী

উত্তৰ : (গ) কোমল দেহী প্রাণী

(xix) এক বিশেষ জল সংবহন নলীকা তন্ত্ৰৰ সহায়ত চলাচল কৰা প্ৰাণীসমূহৰ পর্বটো হ’ল—

(ক) কণ্টকচমী প্রাণী

(খ) প্ৰট’কৰডেটা

(গ) ৰন্ধ্ৰী প্ৰাণী

(ঘ) কোমলদেহী প্রাণী

উত্তৰ: (ক) কণ্টকচৰ্মী প্রাণী

(xx) চূণজাতীয় পদার্থেৰে নিৰ্মিত কংকালযুক্ত প্ৰাণীৰ পৰ্বটো হ’ল—

(ক) সন্ধিপদী প্রাণী

(খ) মেৰুদণ্ডী প্রাণী

(গ) কণ্টকচমী প্রাণী

(ঘ) ৰন্ধ্ৰপ্ৰাণী

উত্তৰ: (গ) কণ্টকচমী প্রাণী

চমু প্রশ্নোত্তৰ

প্রশ্ন 1 : আমি জীৱবিলাকক কিয় শ্রেণীবিভাজন কৰোঁ?

উত্তৰ: পৃথিৱীত পোৱা অগণন প্ৰকাৰৰ জীৱৰ প্ৰত্যেকৰে ব্যক্তিগতভাৱে অধ্যয়ন কৰি সিহঁতক জনাটো সম্ভৱপৰ নহয় । তাৰ সলনি পৃথিৱীৰ জীৱসমূহক সিহঁতৰ সাদৃশ্যৰ ওপৰত নিৰ্ভৰ কৰি কিছুমান শ্রেণী বা উপশ্রেণীত বিভক্ত কৰি, সেই শ্রেণী বা উপশ্রেণীসমূহ অধ্যয়ন কৰি জীৱসমূহক জনাটো বেছি সহজসাধ্য। সেয়ে জীৱবিলাকক শ্রেণীবিভাজন কৰাটো আৱশ্যকীয়।

প্রশ্ন 2: তোমাৰ চাৰিওপাশে থকা বিভিন্ন জীৱবিলাকৰ মাজত দেখা পোৱা পাৰ্থক্য বিলাকৰ তিনিটা উদাহৰণ দিয়া।

উত্তৰ : আমাৰ চাৰিওপাশে থকা বিভিন্ন জীৱবিলাকৰ মাজত দেখা পোৱা পাৰ্থক্যৰ তিনিটা উদাহৰণ হ’ল—

(ক) আমাৰ পৰিবেশত থকা বেক্টেৰিয়া নামৰ অণুজীৱৰ আকাৰ মাত্ৰ কেই মাইক্ৰ’মিটাৰ মান হোৱাৰ বিপৰীতে নীল তিমি আৰু ৰেড উড ট্ৰি ৰ দৰে প্ৰাণী আৰু উদ্ভিদৰ আকাৰ ক্ৰমে ৩০ মিটাৰ আৰু ১০০ মিটাৰ।

(খ) কিছুমান সৰল গছ বহু হাজাৰ বছৰ জীয়াই থকাৰ বিপৰীতে মহৰ দৰে পতংগৰ জীৱনকাল মাত্ৰ কেইটামান দিনহে।

(গ) কিছুমান কৃমিৰ দেহ বৰণহীন বা স্বচ্ছ হোৱাৰ বিপৰীতে কিছুমান চৰাই আৰু ফুলৰ উজ্জ্বল বৰণ থাকে।

প্রশ্ন 3 : জীৱজগতৰ শ্ৰেণীবিভাজন কৰোতে কোনটো চৰিত্ৰগত বৈশিষ্ট্যক বেছি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰিবা?

(ক) সিহঁতে বসবাস কৰা স্থানক?

(খ) সিহঁতৰ দেহ গঠনত অংশ লোৱা কোষৰ প্ৰকাৰক ? আৰু কিয় ?

ত্তৰ : জীৱজগতৰ শ্ৰেণীবিভাজন কৰোতে প্ৰশ্নত দিয়া (খ) বিকল্পটিৰ চৰিত্ৰগত বৈশিষ্ট্যটো বেছি গুৰুত্বপূৰ্ণ। কাৰণ একেটা স্থানতে বসবাস কৰা জীৱসমূহ বিভিন্ন দৈহিক গঠন আৰু চৰিত্ৰবিশিষ্ট হোৱাটো তেনেই স্বাভাৱিক। সেয়ে সেই সমূহ জীৱক একেটা শ্ৰেণীত অন্তৰ্ভুক্ত কৰাটো সমীচীন নহ’ব। তাৰ বিপৰীতে জীৱৰ কোষৰ প্ৰকাৰ জীৱৰ শ্ৰেণীবিভাজনৰ এক ভিত্তি হ’ব পাৰে।

কিয়নো সংকোষকেন্দ্রীয় কোষযুক্ত জীৱসমূহে বিভিন্ন কোষ অংগাণুৰ সহায়ত নানান কোষীয় প্রক্রিয়া সংঘটিত কৰি এক বিশেষ দৈহিক গঠন লাভ কৰে। আনহাতে প্রকোষ কেন্দ্রীয় কোষযুক্ত জীৱসমূহে এনে কোষ অংগাণুৰ অভাৱত নিজৰ জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াবোৰ সম্পূৰ্ণ অন্য ধৰণে সম্পন্ন কৰি বেলেগ কোষীয় আৰু দৈহিক গঠন লাভ কৰে।

প্রশ্ন 4 : কোন বিলাক জীৱক আদিম জীৱ বোলা হয় আৰু ইহঁত অগ্রগামী জীৱসমূহতকৈ কেনেদৰে পৃথক ?

উত্তৰ : যিবিলাক জীৱৰ দেহৰ আৰ্হিটো প্রাচীন আৰু ইয়াৰ সময় সাপেক্ষে বিশেষ পৰিবৰ্তন হোৱা নাই, তেনে জীৱক আদিম বা নিম্ন জীৱ বোলা হয়। আনহাতে যিবিলাক জীৱে সিহঁতৰ নিৰ্দিষ্ট দেহৰ আৰ্হিটো তুলনামূলকভাৱে পিছত আহৰণ কৰিছে, তেনে জীৱক অগ্রগামী বা উচ্চ জীৱ বোলে ৷

প্রশ্ন 5 : অগ্রগামী জীৱসমূহ জটিল জীৱসমূহৰ লগত একে হ’বনে? কিয় ?

উত্তৰ : অগ্রগামী জীৱসমূহ জটিল জীৱসমূহৰ লগত একে হ’ব। কাৰণ, যিবিলাক জীৱে সিহঁতৰ নিৰ্দিষ্ট দেহৰ আৰ্হিটো তুলনামূলকভাৱে পিছত আহৰণ কৰিছে, তেনে জীৱক অগ্রগামী জীৱ বোলা হয়। আনহাতে এই সমূহ জীৱ পূৰ্বৱৰ্তী কোনো জীৱৰ ক্ৰমবিকাশৰ ফলত সৃষ্টি হোৱা নতুন জীৱ৷ ক্ৰমবিকাশৰ যোগেদি সিহঁতে জটিল দৈহিক গঠন লাভ কৰে বাবে আমি এনে অগ্রগামী জীৱসমূহক জটিল জীৱ বুলিও ক’ব পাৰো৷

প্রশ্ন 6: ক্রিপ্ত’গেমী (cryptogamae) বুলিলে কি বুজা?

উত্তৰ : সমাঙ্গদেহী উদ্ভিদ, মচ জাতীয় উদ্ভিদ আৰু ঢেঁকীয়া জাতীয় উদ্ভিদৰ নগ্ন ভ্রূণ থাকে। যাক ৰেণু বোলা হয়। এই তিনিবিধৰ উদ্ভিদে ৰেণুৰ সহায়ত বংশবৃদ্ধি কৰে। এই তিনিওবিধ উদ্ভিদৰে প্ৰজনন অংগসমূহ অস্পষ্ট হোৱা বাবে ইহঁতক একেলগে ক্রিপ্ত’গেমী নামেৰে জনা যায়।

প্রশ্ন 7: ঢেঁকীয়া, জাতীয় উদ্ভিদ কাক বোলে ?

উত্তৰঃ যিবোৰ উদ্ভিদৰ দেহক শিপা, কাণ্ড আৰু পাৰ দৰে সুস্পষ্ট উপাংগত পৃথকীকৰণ কৰিব পাৰি আৰু সিহঁতৰ দেহত পানী আৰু আন দ্ৰব্যৰ সংবহনৰ বাবে বিশেষ সংবহন কলা থাকে, তেনেবোৰ উদ্ভিদক ঢেঁকীয়া জাতীয় উদ্ভিদ বোলে। যেনেঃ পানী টেঙেচি আৰু ঢেঁকীয়া।

প্রশ্ন ৪ : বীজপত্র কি?

উত্তৰ: বীজপত্ৰ হ’ল গুপ্তবীজী উদ্ভিদৰ বীজৰ ভ্ৰূণত থকা এক বিশেষ গঠন। ইহঁতে বীজটোৰ অংকুৰণৰ সময়ত বাহিৰলৈ ওলাই আহি সেউজীয়া বৰণ লয় বাবে ইহঁতক বীজপত্র বোলা হয়।

প্রশ্ন 9 : সমাঈদেহী উদ্ভিদ কাক বোলে?

উত্তৰ : এই বিভাগৰ উদ্ভিদদেবাৰ উদ্ভিদ ৰাজ্যৰ আটাতিকৈ সৰল উদ্দিভদ। ইহঁতৰ দেহক সুস্পষ্ট উপাংগত পৃথকীকৰণ কৰিব নোৱাৰি। ইহঁত প্ৰধানকৈ জলজ আৰু ইহঁতক সাধাৰণতে শেলাই নামেৰে জনা যায়। যেনে: সর্পিল শেলাই।

প্রশ্ন 10 : মচ জাতীয় উদ্ভিদ কাক বোলে?

উত্তৰঃ যিবিলাক উদ্ভিদৰ দেহক কাণ্ড আৰু পাত-জাতীয় উপাংগত পৃথকীকৰণ কৰিব পাৰি কিন্তু সিহঁতৰ দেহত পানী আৰু আন দ্ৰব্য সংবহনৰ বাবে বিশেষ সংবহন কলা নাথাকে, তেনেবোৰ উদ্ভিদক মচ জাতীয় উদ্ভিদ’ বোলে। যেনে ঃ ফিউনেৰিয়া আৰু মার্কেনশ্বিয়া।

প্রশ্ন 11 : মনেৰা আৰু প্ৰটিষ্টা ৰাজ্যৰ অন্তৰ্গত জীৱবিলাকক কি নিৰ্ণায়ক চৰিত্ৰৰ ওপৰত ভিত্তি কৰি বিভক্ত কৰা হৈছে?

উত্তৰ: মনেৰা আৰু প্ৰটিষ্টা ৰাজ্যৰ অন্তৰ্গত জীৱবিলাকক বিভক্ত কৰাৰ নিৰ্ণায়ক চৰিত্ৰটো হ’ল— কোষৰ প্ৰকাৰ। যিবিলাক জীৱৰ কোষ প্ৰকোষকেন্দ্ৰীয় তেনেবিলাক জীৱক মনেৰা আৰু যিবিলাকৰ কোষ সংকোষকেন্দ্রীয় সেইবিলাকক প্ৰতিষ্টা ৰাজ্যত অন্তৰ্ভুক্ত কৰা হৈছে।

প্রশ্ন 12 : ৰন্ধ্ৰী প্ৰাণীসমূহ একনলদেহী প্রাণীসমূহৰ পৰা কেনেদৰে পৃথক ?

উত্তৰ : ৰন্ধ্ৰী প্ৰাণী আৰু একনলদেহী প্ৰাণীৰ মাজত থকা মুখ্য পার্থক্যসমূহ হ’ল-

(ক) ৰন্ধ্ৰী প্ৰাণীৰ দেহৰ গঠন সৰল, কিন্তু একনলদেহী প্ৰাণীৰ দেহৰ গঠন কিছু জটিল।

(খ) ৰন্ধ্ৰী প্ৰাণীৰ গোটেই দেহতেই কিছুমান ৰন্ধ্ৰ পোৱা যায়, কিন্তু একনলদেহী প্ৰাণীৰ দেহত এনে ৰন্ধ নাই। তাৰ সলনি একনলদেহী প্ৰাণীৰ গোটেই দেহতে এটা গহ্বৰ পোৱা যায়।

(গ) ৰন্ধ্ৰী প্ৰাণীৰ গাত থকা ৰন্ধ্ৰবোৰৰ দ্বাৰা এক নলতন্ত্র গঠন হয়। একনলদেহী প্ৰাণীৰ গাত এনে নলতন্ত্র পোৱা নাযায়।

প্রশ্ন 13: বলয়ী প্রাণীসমূহ সন্ধীপদী প্ৰাণীৰ পৰা কেনেদৰে পৃথক ?

উত্তৰ : বলয়ী আৰু সন্ধিপদী প্ৰাণীৰ মুখ্য পার্থক্যসমূহ হ’ল—

(ক) বলয়ী প্ৰাণীৰ গোটেই দেহটো বহুতো খণ্ডত বিভক্ত, কিন্তু ইহঁতৰ উপাংগ পোৱা নাযায়। আনহাতে সন্ধিপদী প্ৰাণীৰ দেহটোত উপাংগ পোৱা যায়।

(খ) বলয়ী প্ৰাণীৰ গাত মুক্ত পৰিবহন তন্ত্ৰ পোৱা নাযায়, কিন্তু সন্ধিপদী প্ৰাণীৰ দেহত মুক্ত পৰিবহন তন্ত্ৰ পোৱা যায়।

প্রশ্ন 14: উভচৰ আৰু সৰীসৃপ প্রাণীসমূহৰ মাজত পাৰ্থক্য কি?

উত্তৰ: উভচৰ আৰু সৰীসৃপৰ মাজত থকা পার্থক্য হ’ল—

(ক) উভচৰ প্ৰাণীৰ গাত বাকলি নাথাকে, কিন্তু সৰীসৃপৰ গাত বাকলি থাকে।

(খ) উভচৰ প্ৰাণীয়ে উশাহ-নিশাহ ফুল বা হাওঁফাওঁৰ সহায়ত লয়; কিন্তু সৰীসৃপৰ

ক্ষেত্ৰত উশাহ-নিশাহ কেবল হাওঁফাওঁৰ দ্বাৰা সংঘটিত হয়।

প্রশ্ন 15 : পক্ষী শ্ৰেণীৰ অন্তৰ্ভুক্ত প্রাণীসমূহ আৰু স্তন্যপায়ী প্রাণীসমূহৰ মাজত পার্থক্য কি?.

উত্তৰ : পক্ষী শ্ৰেণীৰ অন্তৰ্ভুক্ত প্রাণীসমূহ আৰু স্তন্যপায়ী প্রাণীসমূহৰ মাজত থকা পার্থক্য হ’ল—

(ক) পক্ষী শ্ৰেণীৰ অন্তৰ্গত প্ৰাণীসমূহে কণী পাৰে, কিন্তু স্তন্যপায়ী প্রাণীসমূহে পোৱালি জন্ম দিয়ে।

(খ) পক্ষী শ্ৰেণীৰ প্ৰাণীৰ দেহ পাখিৰে আবৃত; আনহাতে স্তন্যপায়ী প্ৰাণীৰ দেহ নোমেৰে আবৃত। স্তন্যপায়ী প্রাণীৰ ছালত ওপৰঞ্চিভাৱে ঘৰ্মগ্ৰন্থি আৰু তৈলগ্ৰন্থি পোৱা যায়।

(গ) পক্ষী শ্ৰেণীৰ প্ৰাণীৰ গাত স্তন গ্ৰন্থিৰ বিকাশ নহয়, কিন্তু স্তন্যপায়ী প্ৰাণীৰ গাত স্তন গ্রন্থি পোৱা যায়।

প্রশ্ন 16 : জীৱবিলাকৰ বৰ্গীকৰণৰ সুবিধাসমূহ কি কি?

উত্তৰ: পৃথিৱীত পোৱা অগণন প্ৰকাৰৰ জীৱৰ প্ৰত্যেকৰে ব্যক্তিগতভাৱে অধ্যয়ন কৰি সিহঁতক জনাটো সম্ভৱপৰ নহয়। তাৰ সলনি পৃথিৱীৰ জীৱসমূহক সিহঁতৰ সাদৃশ্যৰ ওপৰত নিৰ্ভৰ কৰি কিছুমান শ্ৰেণী বা উপশ্রেণীত বিভক্ত কৰি, সেই শ্ৰেণী বা উপশ্রেণীসমূহ অধ্যয়ন কৰি জীৱসমূহৰ বিষয়ে জনাটো বেছি সহজসাধ্য। ইয়াৰ লগতে বৰ্গীকৰণৰ আন এটা সুবিধা হ’ল জীৱসমূহৰ প্ৰণালীবদ্ধ বিভাজনৰ দ্বাৰা বিভিন্ন জীৱৰ মাজত থকা সম্পর্ক আৰু সিহঁতৰ উৎপত্তি আৰু ক্ৰমবিকাশৰ বিষয়ে জ্ঞান আহৰণ কৰা।

প্রশ্ন 17 : জীৱৰ দুটা চৰিত্ৰৰ মাজত থকা বৈশিষ্ট্যক বিবেচনা কৰি কেনেদৰে শ্ৰেণীবিভাজনৰ বৰ্গীকৰণ কৰিবা ?

উত্তৰ: জীৱৰ দুটা চৰিত্ৰগত বৈশিষ্ট্যৰ ভিতৰত যিটো বেছি মৌলিক আৰু ক্ৰমবিকাশৰ ফালৰ পৰা বেছি পুৰণি, সেই চৰিত্ৰটোৱে বর্গীকরণ বিন্যাসৰ প্রথম পর্যায়টো গঠন কৰিব। আনহাতে যিটো চৰিত্ৰ প্ৰথম চৰিত্ৰটোৰ ওপৰত নিৰ্ভৰশীল হৈ পিছত উদ্ভৱ হৈছে, সেই চৰিত্ৰটোৱে বৰ্গীকৰণ বিন্যাসৰ দ্বিতীয় পর্যায়টো গঠন কৰিব।

প্রশ্ন 18 : জীৱজগতৰ পঞ্চ ৰাজ্য বিভাজনৰ ভিত্তিসমূহ বর্ণনা কৰা।

উত্তৰ : জীৱজগতৰ পঞ্চ ৰাজ্য বিভাজনৰ ভিত্তিসমূহ হ’ল—

(ক) কোষৰ প্ৰকাৰ: অর্থাৎ জীৱৰ কোষটো প্ৰকোযকেন্দ্ৰীয় যে সংকোষকেন্দ্ৰীয়।

(খ) দেহৰ সংগঠন : অৰ্থাৎ জীৱৰ দেহ এককোষী নে বহুকোষী।

(গ) পৰিপুষ্টিৰ ধৰণ : অৰ্থাৎ জীৱটো স্বপোয়ী নে পৰপোষী।

প্রশ্ন 19 : উদ্ভিদ ৰাজ্যৰ মুখ্য বিভাগ সমূহ কি? এইবিলাকৰ কিহৰ ওপৰত ভিত্তি কৰি বিভাজন কৰা হৈছে?

উত্তৰ : উদ্ভিদ ৰাজ্যৰ মুখ্য বিভাগসমূহ হ’ল— সমাঙ্গদেহী উদ্ভিদ, মচ জাতীয় উদ্ভিদ, ঢেঁকীয়া জাতীয় উদ্ভিদ, নগ্নবীজী উদ্ভিদ আৰু গুপ্তবীজী উদ্ভিদ।

এই বিভাজনৰ ভিত্তি সমূহ একাদিক্ৰমে হ’ল—

(i) প্রথম পর্যায়ঃ উদ্ভিদ দেহক বিভিন্ন সুস্পষ্ট উপাংগত পৃথকীকৰণ কৰিব পাৰি নে নোৱাৰি।

(ii) দ্বিতীয় পর্যায় : সুস্পষ্ট অংগত পৃথকীকৰণ কৰিব পৰা উদ্ভিদ দেহত পানী আৰু আন দ্ৰব্যৰ পৰিবহনৰ বাবে বিশেষ কলা আছে নে নাই।

(iii) তৃতীয় পর্যায়: বিশেষ সংবহন কলাবিশিষ্ট উদ্ভিদে বীজ ধাৰণ কৰে নে নকৰে ।

(iv) চতুর্থ পর্যায় : বীজ ধাৰণ কৰা উদ্ভিদৰ বীজটো ফলেৰে আবৃত হৈ থাকে নে নাথাকে।

প্রশ্ন 20 : উদ্ভিদক বিভিন্ন বিভাগত ভাগ কৰা নিৰ্ণায়ক চৰিত্ৰসমূহ প্ৰাণীক বিভিন্ন উপভাগত ভগোৱা নিৰ্ণায়ক চৰিত্ৰসমূহৰ পৰা কিদৰে পৃথক?

উত্তৰ : উদ্ভিদক বিভিন্ন বিভাগত ভাগ কৰা নিৰ্ণায়ক চৰিত্ৰসমূহ হ’ল—

(ক) উদ্ভিদ দেহক বিভিন্ন সুস্পষ্ট উপাংগত পৃথকীকৰণ কৰিব পাৰি নে নোৱাৰি।

(খ) উদ্ভিদ দেহত পানী আৰু আন দ্ৰব্যৰ পৰিবহনৰ বাবে বিশেষ কলা আছে নে নাই ।

(গ) উদ্ভিদে বীজ ধাৰণ কৰে নে নকৰে।

(ঘ) বীজধাৰণ কৰা উদ্ভিদৰ বীজটো ফলেৰে আবৃত হৈ থাকে নে নাথাকে।

আনহাতে, প্রাণীর বিভিন্ন উপভাগত ভগোৱা নিৰ্ণায়ক চৰিত্ৰসমূহ হ’ল-

(গ) অন্তঃৰ পৰা মানাসদৃশ দেহগুয়া সৃষ্টি হয় নে নহয় |

(ঘ) কেন নাথাকে।

(৬) পৃষ্ঠ অধ বিকশিত নে ৰূপান্তৰিত হৈ মেৰুদণ্ডৰ সৃষ্টি কৰে।

প্রশ্ন 21 : মেরুদণ্ডী প্রাণীসমূহ কি কি উপভাগত ভগোৱা হৈছে বৰ্ণনা কৰা।

উত্তৰঃ মেরুদণ্ডী প্রাণীসমূহক পাঁচটা শ্ৰেণীত বিভক্ত কৰা হৈছে। সেইকেইটা হ’ল- মৎস্য, উভচৰ, সৰীসৃপ, পক্ষী আৰু স্তন্যপায়ী।

মৎস্য শ্রেণীর প্রাণীবিলাকৰ বহিঃকংকাল বাকলিৰে আবৃত, অন্তঃকংকাল, তাস্থি বা উপাস্থিৰে গঠিত আৰু ইহঁতে ফুলৰ সহায়ত উশাহ লয়।

উভচর প্রাণীবিলাকে ফুল বা হাওঁফাওঁৰ সহায়ত উশাহ লয় আৰু ইহঁতৰ গাত বাকলি নাথাকে। সৰীসৃপৰ বহিঃকংকাল বাকলিৰে আবৃত আৰু ইহঁতে হাওঁফাওঁৰ সহায়ত উশাহ লয়।

ইহঁতৰ হৃদপিণ্ড তিনি-কোঠালিযুক্ত, মাথোঁ ঘঁৰিয়ালৰ হৃদপিণ্ড চাৰি-কোঠালিযুক্ত। ইহঁতে মূলত কণী পাৰে। পক্ষীৰ বহিঃ কংকাল পাখিৰে আবৃত। ইহঁতে হাওঁফাওঁৰ সহায়ত উশাহ লয় আৰু হৃদপিণ্ড চাৰি-কোঠালিযুক্ত।

তন্যপায়ী প্ৰাণীৰ বেছিভাগে পোৱালি জন্ম দিয়ে। বহিঃকংকাল নোমেৰে আবৃত আৰু ছালত ঘর্মগ্রন্থি আৰু তৈলগ্রন্থি থাকে। স্ত্রী স্তন্যপায়ী প্রাণীৰ শৰীৰত বিশেষ স্তন গ্রন্থি থাকে।

প্রশ্ন 22 : মনেৰা আৰু প্ৰটিষ্টা ৰাজ্যৰ জীৱসমূহৰ মাজত থকা পার্থক্যবোৰ কি ?

মনেৰাপ্রটিষ্টা
(i) এই ৰাজ্যৰ জীৱসমূহৰ দেহৰ গঠন অতি সৰল।(i) এই ৰাজ্যৰ জীৱসমূহৰ দেহৰ গঠন তুলনামূলকভাৱে জটিল।
(ii) ইহঁত প্রকোষকেন্দ্রীয় জীৱ।(ii) ইহঁত সংকোষকেন্দ্ৰীয় জীৱ।
(iii) চিলিয়া বা ফ্রেজেলা পোৱা নাযায়।(iii) চিলিয়া বা ফ্রেজেলা পোৱা যায়।

প্রশ্ন 23 : সমাজদেহী আৰু মচ জাতীয় উদ্ভিদৰ পাৰ্থক্য লিখ।

উত্তৰ :

সমাঙ্গদেহী উদ্ভিদমার্চ জাতীয় উদ্ভিদ
(i) এই বিভাগৰ উদ্ভিদসমূহৰ দেহক সুস্পষ্ট উপাংগত পৃথকীকৰণ কৰিব নোৱাৰি।(i) এই বিভাগৰ উদ্ভিদৰ দেহক কাণ্ড আৰু পাত জাতীয় উপাংগত পৃথকীকৰণ কৰিব পাৰি।
(ii) ইহঁত প্ৰধানকৈ জলজ। (ii) ইহঁতক জল আৰু স্থল উভয়তে পোৱা যায়, যাৰ বাবে ইহঁতক উভচৰ বুলি আখ্যা দিয়া হয়।

প্রশ্ন 24: সন্ধিপদী প্ৰাণীৰ তিনিটা বৈশিষ্ট্য লিখা।

উত্তৰ : সন্ধিপদী প্ৰাণীৰ তিনিটা বৈশিষ্ট্য হ’ল-

(ক) ইহঁত দ্বিপাৰ্শ্বভাৱে সমমিত আৰু খণ্ডযুক্ত ।

(খ) ইহঁতৰ পৰিবহন তন্ত্র মুক্ত প্ৰকৃতিৰ; সেয়ে সুস্পষ্ট ৰক্ত নলীকাইদি তেজৰ পৰিবহন

(গ) ইহঁতৰ ঠেং সন্ধিযুক্ত।

প্রশ্ন 25: ৰন্ধ্ৰী প্ৰাণীৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰ : ৰন্ধ্ৰী প্ৰাণীৰ তিনিটা বৈশিষ্ট্য হ’ল—

(ক) ইহঁতৰ গোটেই গাতে কিছুমান ৰন্ধ্ৰ থাকে, যিয়ে ইহঁতৰ শৰীৰত পানীৰ পৰিবহনৰ বাবে এক নলতন্ত্র গঠন কৰে।

(খ) ইহঁত চলনক্ষম নহয়; সেয়ে ইহঁতে কোনো কঠিন পদাৰ্থত খামোচ মাৰি লাগি ধৰি থাকে।

(গ) ইহঁত প্ৰধানকৈ সাগৰীয়।

প্রশ্ন 26: একনলদেহী প্ৰাণীৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰ : একনলদেহী প্ৰাণীৰ তিনিটা বৈশিষ্ট্য হল—

(ক) ইহঁতে পানীত বাস কৰে।

(খ) ইহঁতৰ দেহৰ গঠন তুলনামূলকভাৱে জটিল।

(গ) ইহঁতৰ দেহত এটা গহ্বৰ থাকে

প্রশ্ন 27: জীৱৰ শ্ৰেণীবিভাজনৰ নীতিটো কি?

উত্তৰ : পৃথিৱীত পোৱা বিভিন্ন জীৱৰ অধ্যয়নৰ বাবে আমি সিহঁতক বিভিন্ন শ্রেণীত ভাগ কৰো। তাৰ বাবে আমি সেই চাৰিত্ৰিক বৈশিষ্ট্যসমূহ বিবেচনা কৰো, যিবোৰে জীৱবিলাকৰ মাজত থকা মৌলিক পার্থক্যসমূহ নির্ণীত কৰে। আনহাতে এনেদৰে ডাঙৰ ডাঙৰ শ্ৰেণীসমূহ পোৱাৰ পাছত, সিহঁতক সৰু সৰু উপশ্ৰেণীত ভাগ কৰা হয়। এই উপশ্রেণীসমূহ পাবৰ বাবে আগৰ চৰিত্ৰগত বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰি যিবিলাক গৌণ চৰিত্ৰ প্ৰকাশ পায়, সেইবিলাকক আমি বিবেচনা কৰো। এনেদৰে জীৱৰ শ্ৰেণীবিভাজন কৰা হয় ।

প্রশ্ন 28: জীৱৰ বৰ্গীকৰণত কোষৰ গঠন বা প্রকৃতিক কিয় আটাইতকৈ মৌলিক চৰিত্ৰৰ বুলি বিবেচনা কৰা হয়?

উত্তৰ : জীৱৰ বৰ্গীকৰণত কোষৰ গঠন বা প্রকৃতিক আটাইতকৈ মৌলিক চৰিত্ৰ বুলি বিবেচনা কৰা হয়। কাৰণ কোষৰ গঠনে জীৱ’ৰ কোষৰ আৰ্হিত প্ৰভাৱ পেলায়। উদাহৰণ স্বৰূপে সংকোষকেন্দ্ৰীয় কোষত এটা সুস্পষ্ট, কেন্দ্ৰাবৰণযুক্ত কোষকেন্দ্ৰ থকাৰ উপৰিও তাত আৱৰণী বিশিষ্ট কোষ অংগাণুসমূহ থাকে। সেয়ে এনে কোষযুক্ত জীৱে সকলোধৰণৰ জীৱন- প্রক্রিয়া এক বিশেষ পদ্ধতিৰে সম্পন্ন কৰে, যি পদ্ধতি সুষ্পষ্ট কোষকেন্দ্ৰ আৰু কোষ অংগাণুসমূহ নথকা প্রকোষকেন্দ্রীয় জীৱসমূহে অৱলম্বন কৰিব নোৱাৰে। ইয়াৰ দ্বাৰা দুয়োবিধ জীৱৰে কোষৰ আৰ্হিৰ বৈসাদৃশ্যৰ সৃষ্টি হয়। আনহাতে কোষ অংগাণুসমূহৰ কাৰ্যৰ দ্বাৰা সংকোষকেন্দ্ৰীয় কোষে বহুকোষী জীৱৰ সৃষ্টিতো অৰিহণা যোগাব পাৰে। সেয়েহে কোষৰ গঠন বা প্রাকৃতিক বৰ্গীকৰণৰ আটাইতকৈ মৌলিক চৰিত্ৰ বুলি বিবেচনা কৰা হয়।

প্রশ্ন 29 : জীৱৰ বৰ্গীকৰণত দেহৰ সংগঠন কিয় এক মৌলিক চৰিত্ৰ বুলি বিবেচিত হয়?

উত্তৰ : যিবিলাক জীৱৰ দেহ এটাতকৈ বেছি কোষেৰে গঠিত, তেনে জীৱে শ্ৰমৰ বিভাজনৰ নীতি গ্ৰহণ কৰে। অৰ্থাৎ তেনে জীৱৰ দেহত একোটা নির্দিষ্ট কাম কোষৰ একোটা বিশেষ সমষ্টিয়েহে সম্পন্ন কৰে। ইয়াৰ বাবে এককোষী আৰু বহুকোষী জীৱৰ দেহৰ আৰ্হিৰ যথেষ্ট পার্থক্য পৰিলক্ষিত হয়।

ইয়াৰ বাবেই এমিবা আৰু কৃমিৰ দেহৰ আৰ্হি দুটা সম্পূর্ণ বেলেগ আৰু দুয়োকে দুটা ভিন্ন গোষ্ঠীত ৰাখি অধ্যয়ন কৰাটো বেছি সমীচীন হৈ পৰে। সেয়ে জীৱৰ বৰ্গীকৰণত দেহৰ সংগঠন এটা বিশেষ মৌলিক চৰিত্ৰ বুলি বিবেচিত হয়।

প্রশ্ন 30 : জীৱৰ বৰ্গীকৰণত পৰিপুষ্টিৰ ধৰণক কিয় এটা মৌলিক চৰিত্ৰ বুলি গণ্য কৰা হয়।

উত্তৰ: কিছুমান জীৱে সালোক-সংশ্লেষণৰ দ্বাৰা নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি লব পাৰে আৰু আন কিছুমানে পৰিবেশৰ পৰা আহাৰ আহৰণ কৰি পৰিপুষ্টি সম্পন্ন কৰিব লগা হয়। পৰিপুষ্টিৰ এই ভিন্ন উপায়ৰ বাবেই দুয়োবিধ জীৱৰ দেহৰ আৰ্হিও বেলেগ বেলেগ ধৰণে বিকশিত হয়। যাৰ বাবে আমি সিহঁতকএকেটা গোষ্ঠীত অন্তৰ্ভুক্ত কৰিব নোৱাৰো। এই বাবেই পৰিপুষ্টিৰ ধৰণ জীৱৰ বৰ্গীকৰণত এটা মৌলিক চৰিত্ৰ বুলি গণ্য কৰা হয় ।

প্রশ্ন 31: জীৱৰ শ্ৰেণীবিভাজনৰ লগত ক্ৰমবিকাশৰ সম্পৰ্ক কি?

উত্তৰ : জীৱৰ শ্ৰেণীবিভাজনৰ লগত ক্ৰমবিকাশৰ এক এৰাব নোৱাৰা সম্পর্ক আছে। পৃথিৱীত বর্তমানে পোৱা প্ৰত্যেক জীৱই এক পূর্ববর্তী জীৱৰ পৰা ক্ৰমবিকশিত হৈ আজিৰ ৰূপ পাইছে। জীৱৰ যি বিলাক আদিম অৱস্থাৰ চাৰিত্রিক বৈশিষ্ট্য, সেই সমূহ বৈশিষ্ট্যৰ সম্ভৱপৰ হৈ উঠে। সেয়ে ক্রমবিকাশৰ ফালৰ পৰা যিবোৰ চৰিত্ৰগত বৈশিষ্ট্য বেছি পুৰণি, ওপৰত নিৰ্ভৰ কৰি নতুন নতুন বৈশিষ্ট্য বিকশিত হোৱাৰ ফলত জীৱবিলাকৰ ক্ৰমবিকাশ সেইবিলাকক জীৱৰ শ্ৰেণীবিভাজনৰ বাবেও বেছি মৌলিক চৰিত্ৰ বুলি গণ্য কৰা হয়। আনহাতে ক্ৰমবিকাশৰ ফালৰ পৰা যিবিলাক চৰিত্ৰ তুলনামূলকভাৱে পিছৰ পৰ্যায়ত বিকশিত হোৱা, সেইবোৰক শ্রেণীবিভাজনৰ বাবে গৌণ চৰিত্ৰ বুলি বিবেচনা কৰা হয়।

প্রশ্ন 32: মনেৰা ৰাজ্যৰ জীৱৰ চাৰিটা বৈশিষ্ট্য লিখা।

উত্তৰ : মনেৰা ৰাজ্যৰ জীৱৰ চাৰিটা বৈশিষ্ট্য হ’ল—

(ক) এই ৰাজ্যৰ জীৱসমূহ প্রকোষকেন্দ্ৰীয়।

(খ) এই ৰাজ্যৰ জীৱসমূহ এককোষী।

(গ) এই ৰাজ্যৰ জীৱসমূহৰ কিছুমানৰ কোষত কোষবেৰ থাকে, আনহাতে কিছুমানৰ কোষত কোষবেৰ পোৱা নাযায়।

(ঘ) এই ৰাজ্যৰ জীৱসমূহৰ কিছুমান স্বপোষী আৰু আনহাতে আন কিছুমান পৰপোষী।

প্রশ্ন 33 : প্রটিষ্টা ৰাজ্যৰ জীৱৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰ : প্ৰটিষ্টা ৰাজ্যৰ জীৱৰ চাৰিটা বৈশিষ্ট্য হ’ল—

(ক) এই ৰাজ্যৰ জীৱসমূহ সংকোষকেন্দ্রীয়।

(খ) এই ৰাজ্যৰ জীৱসমূহ এককোষী।

(গ) এই ৰাজ্যৰ কিছুমান জীৱে চলাচলৰ বাবে চিলিয়া আৰু ফ্লেজেলাৰ দৰে উপাংগ ব্যৱহাৰ কৰে।

(ঘ) এই ৰাজ্যৰ জীৱসমূহৰ কিছুমান স্বপোষী, আনহাতে আন কিছুমান পৰপোষী |

প্রশ্ন 34 : ভেঁকুৰ ৰাজ্যৰ জীৱসমূহৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা৷

উত্তৰ: ভেঁকুৰ ৰাজ্যৰ জীৱসমূসহৰ চাৰিটা বৈশিষ্ট্য হ’ল—

(ক) এই ৰাজ্যৰ জীৱসমূহ সংকোষ কেন্দ্রীয়।

(২) এই ৰাজ্যৰ জীৱসমূহৰ বেছিভাগে সিহঁতৰ জীৱন-কালৰ কোনো এক নির্দিষ্ট পর্যায়ত বহুকোষী জীৱলৈ পৰিণত হয়।

(গ) এই ৰাজ্যৰ জীৱসমূহৰ কোষবেৰ থাকে, যি কাইটিন নামৰ এক কঠিন আৰু জটিল কৰাৰ দ্বাৰা গঠিত।

(ঘ) এই ৰাজ্যৰ জীৱসমূহ পৰপোষী। ইহঁতে গেলা-পচা পদাৰ্থৰ পৰা জৈৱিক সমাহৰণ কৰি পুষ্টি সাধন কৰে, যাৰ বাবে ইহঁতক মৃতজীৱী আখ্যা দিয়া হয়।

প্রশ্ন 35: সমাঙ্গদেহী উদ্ভিদৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰ : সমাঙ্গদেহী উদ্ভিদৰ দুটা বৈশিষ্ট্য হল-

(ক) এই বিভাগৰ উদ্ভিদৰ দেহক সুনির্দিষ্ট উপাংগত পৃথকীকৰণ কৰিব নোৱাৰি।

(খ) এই বিভাগৰ উদ্ভিদবোৰ প্ৰধানকৈ জলজ।

প্রশ্ন 36: মচ জাতীয় উদ্ভিদৰ বৈশিষ্ট্যসমূহ লিখা।

উত্তৰ : মচ জাতীয় উদ্ভিদৰ বৈশিষ্ট্যসমূহ হ’ল—

(ক) এই বিভাগৰ উদ্ভিদসমূহৰ দেহক কাণ্ড আৰু পাত জাতীয় উপাংগত পৃথকীকৰণ কৰিব পাৰি ।

(খ) এই বিভাগৰ উদ্ভিদসমূহৰ দেহত পানী আৰু আন দ্রব্য পৰিবহনৰ বাবে বিশেষ সংবহন কলা নাথাকে।

(গ) ইহঁতক উদ্ভিদ ৰাজ্যৰ উভচৰ আখ্যা দিয়া হয়।

প্রশ্ন 37 : ঢেঁকীয়াজাতীয় উদ্ভিদৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা?

উত্তৰ : ঢেঁকীয়াজাতীয় উদ্ভিদৰ বৈশিষ্ট্যসমূহ হল –

(ক) এই বিভাগৰ উদ্ভিদসমূহৰ দেহরু কাণ্ড, পাত আৰু শিপাৰ দৰে উপাংগত পৃথকীকৰণ কৰিব পাৰি ।

(খ) এই বিভাগৰ উদ্ভিদসমূহৰ দেহত পানী আৰু আন দ্রব্য পৰিবহনৰ বাবে বিশেষ সংবহন কলা থাকে।

(গ) এই বিভাগৰ উদ্ভিদে বীজ ধাৰণ নকৰে আৰু তাৰ সলনি ৰেণুৰ সহায়ত্ব বংশ বৃদ্ধি কৰে।

প্রশ্ন 38: নগ্নবীজী উদ্ভিদৰ প্ৰধান বৈশিষ্ট্যবোৰ কি?

উত্তৰ: নগ্নবীজী উদ্ভিদৰ প্ৰধান বৈশিষ্ট্যবোৰ হ’ল—

(ক) এই বিভাগৰ উদ্ভিদসমূহে নগ্ন বীজ ধাৰণ কৰে, অৰ্থাৎ ইহঁতৰ বীজটো ফলেৰে আবৃত হৈ নাথাকে।

(খ) এই বিভাগৰ উদ্ভিদবোৰ বহুবর্ষজীৱী, চিৰসেউজ আৰু কাষ্ঠল ।

প্রশ্ন.39 : গুপ্তবীজী উদ্ভিদৰ প্ৰধান বৈশিষ্ট্যসমূহ কি?

উত্তৰ : গুপ্তবীজী উদ্ভিদৰ প্ৰধান বৈশিষ্ট্যসমূহ হ’ল

(ক) এই বিভাগৰ উদ্ভিদসমূহৰ বীজ ফলেৰে আবৃত হৈ থাকে।

(খ) এই বিভাগৰ উদ্ভিদৰ বীজত ‘বীজপত্র’ নামেৰে গঠন দেখা যায়।

(গ) এই বিভাগৰ উদ্ভিদসমূহক সপুষ্পক উদ্ভিদ বোলে।

প্রশ্ন 40: চেপেটা কৃমিৰ বৈশিষ্ট্যসমূহ লিখা।

উত্তৰ : চেপেটা কৃমিৰ প্ৰধানবৈ শিষ্ট্যসমূহ হ’ল—

(ক) এই পৰ্বৰ প্ৰাণীৰ দেহ দ্বি-পাৰ্শ্বভাৱে সমমিত আৰু ত্ৰিস্তৰীয়।

(খ) ইহঁতৰ দেহত দেহ-গুহা নাথাকে।

(গ) ইহঁতৰ দেহটো পৃষ্ঠীয়-অংকীয়ভাৱে চেপেটা, যাৰ বাবে ইহঁতক চেপেটা কৃমি বোলে।

(ঘ) ইহঁতৰ কিছুমান মুক্তভাৱে আৰু কিছুমানে পৰজীৱী হিচাপে বাস কৰে।

প্রশ্ন 41 : ঘূৰণীয়া কৃমিৰ প্ৰধান বৈশিষ্ট্যবোৰ লিখা।

উত্তৰ : ঘূৰণীয়া কৃমিৰ প্ৰধান বৈশিষ্ট্যবোৰ হ’ল-

(ক) এই পৰ্বৰ প্ৰাণীৰ দেহ দ্বি-পাৰ্শ্বভাৱে সসমিত আৰু ত্ৰিস্তৰীয়।

(খ) ইহঁতৰ প্ৰকৃত দেহ-গুহা নাথাকে; তাৰ সলনি ইহঁতৰ এটা ছদ্ম -গুহা থাকে।

(গ) ইহঁত পৰজীৱী আৰু বিভিন্ন ৰোগৰ কাৰক।

প্রশ্ন 42: বলয়ী প্ৰাণীৰ বৈশিষ্ট্যসমূহ কি কি?

উত্তৰ : বলয়ী প্ৰাণীৰ বৈশিষ্ট্যসমূহ হ’ল

(ক) এই পৰ্বৰ প্ৰাণীসমূহৰ দেহ দ্বি-পাৰ্শ্বভাৱে সমমিত আৰু ত্ৰিস্তৰীয়।

(খ) ইহঁতৰ গাত প্ৰকৃত দেহ-গুহা পোৱা যায়।

(গ) ইহঁতৰ দেহ মূৰৰ পৰা পুচ্চাংশলৈ বহুতো খণ্ডত বিভক্ত ।

(ঘ) ইহঁতক নির্মল পানী, সাগৰৰ পানী আৰু মাটিতো পোৱা যায় ৷

প্রশ্ন 44: পক্ষী শ্ৰেণীৰ প্ৰাণীসমূহৰ প্ৰধান বৈশিষ্ট্যবোৰ কি?

উত্তৰ: পক্ষী শ্ৰেণীৰ প্ৰাণীসমূহৰ প্ৰধান বৈশিষ্ট্যসমূহ হ’ল—

(ক) ইহঁত উষ্ণ-ৰক্তী প্রাণী।

খ) ইহঁতৰ হৃদপিণ্ড চাৰি-কোঠালিযুক্ত।

(গ) ইহঁতে কণী পাৰি পোৱালি জন্ম দিয়ে।

(ঘ) ইহঁতৰ দেহটো পাখিৰে আবৃত আৰু ইহঁতৰ আগ ঠেং দুখন ৰূপান্তৰিত হৈ ডেউকাৰ ৰূপ লয়, যাৰ সহায়ত ইহঁতে উৰিব পাৰে।

(ঙ) ইহঁজে তাফাওৰ সহায়ত উশাহ্-নিশাহ লয়।

প্রশ্ন 45: স্তন্যপায়ী প্ৰাণীৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰ : স্তন্যপায়ী প্ৰাণীৰ বৈশিষ্ট্যসমূহ হ’ল-

(ক) ইহঁত উষ্ণ-ৰক্তী প্রাণী।

(খ) ইহঁতৰ হৃদপিণ্ড চাৰি কোঠালিযুক্ত ৷

(গ) স্ত্ৰী প্ৰাণীৰ গাত স্তন গ্ৰন্থি পোৱা যায়।

(ঘ) ইহঁতৰ ছালত নোম থকাৰ উপৰিও বৰ্মগ্ৰন্থি আৰু তৈলগ্রন্থি পোৱা যায়।।

(ঙ) প্ৰায়ভাগ স্তন্যপায়ী প্রাণীয়েই পোৱালি জন্ম দিয়ে। কিন্তু প্লেটিপাচ আৰু একিড্‌নাই কণী পাৰে।

প্রশ্ন 46: প্ৰাণী ৰাজ্যৰ শ্ৰেণীবিভাজনৰ মূল ভিত্তি সমূহ কি কি?

উত্তৰ: প্ৰাণী ৰাজ্যৰ শ্ৰেণীবিভাজনৰ মূল ভিত্তিসমূহ হ’ল –

(ক) দেহত কলাস্তৰৰ সংগঠন পোৱা যায় নে নাযায়।

(খ) দেহ-গুহা থাকে নে নাথাকে।

(গ) অন্তঃস্তকৰ পৰা মোনা-সদৃশ দেহ-গুহা সৃষ্টি হয় নে নহয়।

(ঘ) পৃষ্ঠৰজ্জু থাকে নে নাথাকে।

(ঙ) পৃষ্ঠৰজ্জু অৰ্ধবিকশিত নে ৰূপান্তৰিত হৈ মেৰুদণ্ডৰ সৃষ্টি কৰে।

প্রশ্ন 47 : শ্ৰেণীবিভাজনৰ বৰ্গাণুক্ৰম বুলিলে কি বুজা?

উত্তৰ : পৃথিৱীত পোৱা জীৱসমূহৰ অধ্যয়নৰ সুবিধার্থে সিহঁতক কিছুমান মৌলিক পাৰ্থক্যৰ ওপৰত নিৰ্ভৰ কৰি প্ৰথমে ডাঙৰ ডাঙৰ গোষ্ঠীত ভগোৱা হয়৷ পাছত তাৰ পিছৰ পৰ্যায়ৰ কেতবোৰ গৌণ চৰিত্ৰগত বৈশিষ্ট্য বিবেচনা কৰি সেই ডাঙৰ ডাঙৰ গোষ্ঠীসমূহক আকৌ শ্ৰেণীবিভাজন কৰা হয়। এনেদৰে ডাঙৰ গোষ্ঠী এটাৰ পৰা ক্ৰমান্বয়ে আমি সৰু গোষ্ঠীসমূহ পাওঁ। এনে শ্রেণীবিভাজনৰ ব্যৱস্থাকে শ্রেণীবিভাজন বর্গাণুক্রম বোলে।

প্রশ্ন 48 : তলত দিয়া প্রাণীবোৰৰ পৰ্ববোৰ লিখা।

(i) প্লেনেৰিয়া (ii) নেৰিছ (iii) শামুক (iv) মিছামাছ

উত্তৰ:

(i) প্লেনেৰিয়া— প্লেটিহেল মেন্‌থিছ, (ii) নেৰিছ – এনেলিডা

(iii) শামুক – মাল্লাস্কা (খোলাধাৰী) (iv) মিছামাছ – আর্থ’প্ৰদ৷ (সন্ধিপদী)

[Tinsukia-2013)

প্রশ্ন 49 : দুবিধ কণীপৰা স্তন্যপায়ী প্ৰাণীৰ নাম লিখা।

উত্তৰ : দুবিধ কণী পৰা স্তন্যপায়ী প্রাণী হ’ল– (i) প্লেটিপাছ, (ii) একিডনা

প্রশ্ন 50: পার্থক্য লিখাঃ

উত্তৰ :

মচ জাতীয় উদ্ভিদ ঢেঁকীয়া জাতীয় উদ্ভিদ
(i) এই বিভাগৰ উদ্ভিদসমূহৰ
দেহক কাণ্ড আৰু পাতজাতীয়
উপাংগত পৃথকীকৰণ কৰিব পাৰি।
এই বিভাগৰ উদ্ভিদসমূহৰ
দেহক কাণ্ড, পাত আৰু
শিপাৰ দৰে সুস্পষ্ট উপাংগত
পৃথক কৰিব পাৰি।
(ii) এই বিভাগৰ উদ্ভিদসমূহৰ দেহত
পানী আৰু আন দ্ৰব্যৰ পৰিবহনৰ
বাবে বিশেষ সংবহন কলা নাথাকে।
এই বিভাগৰ উদ্ভিদসমূহৰ দেহত
পানী আৰু আন দ্রব্য পৰিবহনৰ
বাবে বিশেষ সংবহন কলা থাকে।

নগ্নবীজী উদ্ভিদ গুপ্তবীজী উদ্ভিদ
(i) এই বিভাগৰ উদ্ভিদসমূহে নগ্ন
বীজ ধাৰণ কৰে অৰ্থাৎ ইহঁতৰ
বীজ ফলৰে আবৃত হৈ নাথকে।
এই বিভাগৰ উদ্ভিদসমূহৰ
বীজ ফলেৰে আবৃত হৈ থাকে।
(ii) এই বিভাগৰ উদ্ভিদসমূহ
বৃক্ষজাতীয় আৰু কাষ্ঠল হয়।
এই বিভাগৰ উদ্ভিদসমূহ
তৃণজাতীয়, তৰুজাতীয় রা
বৃক্ষজাতীয় হ’ব পাৰে।
(iii) এই বিভাগৰ উদ্ভিদসমূহ বহুবর্ষজীৱী।এই বিভাগৰ উদ্ভিদসমূহ
একবর্ষজীবী, দ্বিবর্ষজীৱী বা
বহুবর্ষজীৱী হব পাৰে।

প্রশ্ন 51 : বৈজ্ঞানিক নামাকৰণৰ বিষয়ে এটা চমুটোকা লিখা।

উত্তৰ : পৃথিবীত পোৱা জীৱসমূহৰ প্ৰত্যেকৰে আধুনিক আৰু বিজ্ঞানসন্মত নামাকৰণৰ ব্যৱস্থাকে বৈজ্ঞানিক নামাকৰণ বোলে। এই ব্যৱস্থাৰ প্ৰচলন সৰ্বপ্ৰথমবাৰৰ বাবে কেৰ’লাচ লিনিয়াছ নামৰ বিজ্ঞানীজনে কৰিছিল। বৈজ্ঞানিক নামাকৰণ অনুসৰি জীৱৰ বৈজ্ঞানিক নাম এটাত দুটা অংশ বা পদ থাকে। প্রথম পদটোৱে জীৱটোৰ গণৰ নাম আৰু দ্বিতীয় পদটোৱে প্ৰজাতিৰ নাম সূচায়।

বৈজ্ঞানিক নাম এটাত দুটা পদ থকা কাৰণে বৈজ্ঞানিক নামাকৰণক দ্বিপদ নামাকৰণ বুলিও কোৱা হয়। পৃথিৱীৰ স্থান বিশেষে জীৱ এটাৰ স্থানীয় ভাষাত নামটো বেলেগ বেলেগ হয়। সেয়ে পৃথিৱীৰ এটা ভাষাৰ মানুহে আন ভাষাত কোৱা বা লিখা জীৱটোৰ বিষয়ে জনাটো কষ্টসাধ্য হয়।

বৈজ্ঞানিক নামাকৰণে এই অসুবিধাটো দূৰ কৰে। কাৰণ বৈজ্ঞানিক নাম এটা একক আৰু অদ্বিতীয় আৰু পৃথিৱীৰ সকলো ঠাই আৰু ভাষাতে একে।

Conclusion:

আমি বিশ্বাস কৰোঁ যে এই টোকাবোৰে শিক্ষাৰ্থীসকলক বিষয়বোৰৰ বিষয়ে ভালদৰে বুজাবুজি বিকশিত কৰাত আৰু তেওঁলোকৰ পৰীক্ষাৰ বাবে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰিব।

আমি নিশ্চিত যে এই টোকাবোৰে শিক্ষাৰ্থীসকলক তেওঁলোকৰ লক্ষ্য প্ৰাপ্ত কৰাত আৰু তেওঁলোকৰ শৈক্ষিক প্ৰদৰ্শন বৃদ্ধি কৰাত সহায় কৰিব। যদি আপুনি এই প্ৰবন্ধটো ভাল পায় আৰু সহায়ক হয় তেন্তে আপোনাৰ বন্ধুবৰ্গৰ সৈতে Share কৰিবলৈ নাপাহৰিব।

1 thought on “Class 9 Science Chapter 7 | জীৱৰ বিচিত্ৰতা Question Answer | SEBA”

Leave a Comment

error: Content is protected !!