Class 9 Science Chapter 6 কলা Question Answer | SEBA

Class 9 Science Chapter 6 কলা Question Answer | SEBA: আমাৰ ৱেবছাইটলৈ স্বাগতম! আপোনাৰ শৈক্ষিক যাত্ৰাৰ বাবে আপোনাক নবম শ্ৰেণীৰ Notes প্ৰদান কৰি আমি আনন্দিত।

আজি, এই প্ৰবন্ধটোত মই আপোনাৰ নবম শ্ৰেণীৰ জীৱৰ মৌলিক একক “কলা” দীঘলয়া আৰু চুটি প্ৰশ্ন আলোচনা কৰিম| আমি প্ৰায় সকলো দীঘলয়া আৰু চুটি প্ৰশ্ন Solution প্ৰদান কৰিছোঁ।

আমাৰ লক্ষ্য হৈছে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰা। আমি ইয়াত বিনামূলীয়াকৈ Notes সমূহ প্ৰদান কৰিছো। আমি আপোনাক আগন্তুক পৰীক্ষাৰ বাবে শুভেচ্ছা জনাইছো। যদি আপোনাৰ কোনো সন্দেহ আছে তেন্তে আমাৰ সৈতে যোগাযোগ কৰক।

Class 9 Science Chapter 6 Question Answer

প্রশ্নোত্তৰ

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন 1: ক’লা কি?

উত্তৰ : একোটা নির্দিষ্ট কাম সম্পন্ন কৰা একে গঠন আৰু আকৃতি বিশিষ্ট কোষৰ সমষ্টিকেই কলা বোলে।

প্রশ্ন 2 : বিভিন্ন প্ৰকাৰৰ কলাসমূহৰ নাম লিখা।

উত্তৰ : বিভিন্ন প্ৰকাৰৰ সৰল স্থায়ী কলাসমূহ হ’ল – পেৰেণকাইমা, ক’লেনকাইমা আৰু স্কেলৰেণকাইমা।

প্রশ্ন 3 : অগ্রস্থ ভাজক কলা ক’ত পোৱা যায়?

উত্তৰ : অগ্ৰস্থ ভাজক কলা কাণ্ড আৰু শিপাৰ একেবাৰে অগ্ৰ অংশত পোৱা যায়।

প্রশ্ন 4 : কোনবিধ কলাই নাৰিকলৰ বাকলিখন কঠন কৰে?

উত্তৰ : স্ক্লেৰেণকাইমা কলাই নাৰিকলৰ বাকলিখন গঠন কৰে।

প্রশ্ন 5 : ফ্লোৱেম কলা কিহেৰে গঠিত? [H.S.L.C 2016 ]

উত্তৰ : ফ্লোৱেম কলা চাৰিবিধ কোষেৰে গঠিত। এই চাৰিবিধ কোষ হ’ল – চালনি নলীকা, সংগী কোষ, ফ্লোৱেম পেৰণকাইমা আৰু ফ্লোৱেম তন্তু।

প্রশ্ন 6 : প্ৰাণীদেহৰ চলনৰ লগত জড়িত কলাবিধ কি?

উত্তৰ : প্রাণীদেহৰ চলনৰ লগত জড়িত কলা বিধ হ’ল পেশীকলা।

প্রশ্ন ৪ : ক্ল’ৰেণকাইমা কি?

উত্তৰ : ক্ল’ৰেণকাইমনা হ’ল এক বিশেষ ধৰণৰ পেৰেণকাইমা কলা যাৰ কোষত পত্ৰহৰিৎ পোৱা যায়। এই কলাৰ কোষসমূহে সালোক-সশ্লেষণ সংঘটিত কৰে।

প্রশ্ন 9 : বায়ু কলা কি ?

উত্তৰঃ জলজ উদ্ভিদৰ পেৰেণকাইমা কোষত বায়ু-গহ্বৰ পোৱা যায়, যিয়ে উদ্ভিদজোপাক পানীত ওপঙি থকাত সহায় কৰে। এনে পেৰেণকাইমা কলাক বায়ু কলা বোলে।

প্রশ্ন 108 স্কেলৰেণকাইমা কলা ক’ত কত পোৱা যায় ?

উত্তৰঃ স্কেলৰেণকাইমা কলা কাণ্ডৰ সংবহন কণাৰ চাৰিওফালে পাতৰ সিৰা আৰু

আৰু ফল, বীজ আদিৰ টান খোলাত পোৱা যায়।

প্রশ্ন ।। ক’লেনকাইমা কলা ক’ত ক’ত পোৱা যায় ?

উত্তৰ :

ক’লেনকাইমা কলা পাতৰ ঠাৰি আৰু কাণ্ডৰ বহ্যিকৰ তলত পোৱা যায়।

প্রশ্ন 12 পেৰেণকাইমা কলা ক’ত ক’ত পোৱা যায় ?

উত্তৰ ৪

পেৰেণকাইমা কলা উদ্ভিদদেহৰ বহিস্ত্বক, কর্টেক্স, পিথ, ফল আৰু বীজত

পোৱা যায়।

প্রশ্ন 138 বহিস্ত্বক কি?

উত্তৰ : উদ্ভিদ এজোপাৰ প্ৰতিটো দিশৰে বহিঃ অংশটো আৱৰি থকা আৱৰণীখনক

বহিস্ত্বক বোলে।

প্রশ্ন 14 : বহিস্ত্বকৰ বৈশিষ্ট্য সমূহ কি ?

উত্তৰ : বহিস্ত্বকৰ বৈশিষ্ট্যসমূহ হ’ল– (i) ই কোষৰ এটা মাত্ৰ তৰপেৰে গঠিত।

(ii) ইয়াৰ কোৰ্যবোৰৰ মাজত কোষমধ্যৱৰ্তী স্থান নাথাকে।

(iii) ইয়াৰ কোষবোৰ চেপেটা।

প্রশ্ন 15: সংবহন কণা কি?

উত্তৰঃ জাইলেম আৰু ফ্লোৱেমক একেলগে সংবহন কণা বোলে।

প্রশ্ন 16: জাইলেম কলাৰ উপাদন সমূহ কি কি?

উত্তৰ : জাইলেম কলা গঠন কৰা উপাদানসমূহ হ’ল – ট্ৰেকাইড, নলীকা, জাইলেম

পেৰেণকাইমা, জাইলেম তত্ত্ব।

প্রশ্ন 17: ফ্লোরেন্স কলাৰ উপাদনসমূহ কি কি?

উত্তৰ : ফ্লোৱেম কলা গঠন কৰা উপাদানসমূহ হ’ল- চালনি নলীকা, সংগী কোষ, ফ্লোরেম পেলেণকাইমা আৰু ফ্লোৱেম তন্তু।

প্রশ্ন 18 : প্রাণী কলাসমূহ কেইপ্ৰকাৰৰ আৰু কি কি?

উত্তৰ : প্রাণীকলাসমূহ চাৰি প্ৰকাৰৰ –

(i) আচ্ছাদক কলা (ii) সংযোজক কলা (iii) পেশী কলা (iv) স্নায়ু কলা।

প্রশ্ন 19 : আচ্ছাদক কলাৰ প্ৰকাৰসমূহ কি কি?

উত্তৰ : আচ্ছাদক কলা চাৰিপ্ৰকাৰৰ। সেইবোৰ হ’ল—

(i) স্ক’ৱামাছ আচ্ছাদক কলা। (ii) স্তত্তাকাৰ আচ্ছাদক কলা (iii) ঘনকাকাৰ আচ্ছাদক কলা (iv) গ্রন্থি আচ্ছাদক কলা।

প্রশ্ন 20: স্ক’ৱামাছ আচ্ছাদক কলাৰ প্ৰকাৰ দুটা কি কি?

উত্তৰ : স্ক’ৱামাছ আচ্ছাদক কলাৰ প্ৰকাৰ দুটা হ’ল—

(i) সৰল স্ক’ৱামাছ আচ্ছাদক কলা আৰু (ii) স্তৰীভূত স্ক’ৱামাছ আচ্ছাদক কলা।

প্রশ্ন 21 : পেশী কলা কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰ : পেশীকলা তিনি প্ৰকাৰৰ, যেনে-

(i) ঐচ্ছিক বা ৰেখিত পেশী।

(ii) অনৈচ্ছিক বা অৰেখিত পেশী।

(iii) হৃদপেশী।

প্রশ্ন 22 : উদ্ভিদ কলাৰ প্ৰকাৰসমূহ কি কি?

ত্তৰ : উদ্ভিদ কলা দুই প্ৰকাৰৰ। যেনে—

(i) ভাজক কলা আৰু

(ii) স্থায়ী কলা।

প্রশ্ন 23:ভাজক কলাৰ প্ৰকাৰ সমূহ লিখা।

উত্তৰ : ভাজক কলাৰ প্ৰকাৰসমূহ হ’ল:

(i) অগ্রস্থ ভাজক কলা।

(ii) পার্শ্বীয় ভাজক কলা।

(iii) নিবেশিত ভাজক কলা।

প্রশ্ন 24: স্থায়ী কলা কেইপ্ৰকাৰৰ আৰু কি কি?

উত্তৰ : স্থায়ী কলা দুই প্ৰকাৰৰ। যেনে—

(i) সৰল স্থায়ী কলা

(ii) জটিল স্থায়ী কলা

প্রশ্ন 25: সৰল স্থায়ী কলাৰ প্ৰকাৰ সমূহ কি?

উত্তৰ : সৰল স্থায়ী কলা তিনি প্ৰকাৰৰ। যেনে–

(i) পেৰেণকাইমা

(ii) ক’লেনকাইমা

(iii) স্ক্লেৰেণকাইমা

প্রশ্ন 26: জটিল স্থায়ী কলাৰ প্ৰকাৰবোৰ কি?

উত্তৰ : জটিল স্থায়ী কলাৰ প্ৰকাৰবোৰ হ’ল –

(i) জাইলেম আৰু

(ii) ফ্লোৱেম

প্রশ্ন 27: তেজক কিয় তৰল সংযোজক কলা বোলে ?

উত্তৰঃ তেজৰ আধাৰদ্ৰব্য প্লাজমা এবিধ তৰল পদার্থ। সেয়ে তেজক তৰল সংযোজক কলা বোলা হয়।

প্রশ্ন 28: তেজৰ উপাদনসমূহ কি কি?

উত্তৰঃ তেজৰ উপাদানসমূহ হ’ল–

(i) প্লাজমা (ii) লোহিত ৰক্ত কণিকা (iii) শ্বেত ৰক্তকণিকা (iv) অণুচক্রিকা।

প্রশ্ন 29: প্লাজমাৰ মুখ্য উপাদানসমূহ কি কি?

উত্তৰ : প্লাজমাৰ মুখ্য উপাদান হ’ল পানী (প্রায় 90%)। ইয়াৰ উপৰিও প্লাজমাত প্ৰটিন, লৱণ আৰু হৰম’ন পোৱা যায়।

প্রশ্ন 30 : অস্থিৰ আধাৰদ্ৰব্য কিহেৰে গঠিত?

উত্তৰ : অস্থিৰ আধাৰদ্ৰব্য কেলছিয়াম আৰু ফচফ’ৰাছ যৌগৰ দ্বাৰা গঠিত।

প্রশ্ন 31 : উপাস্থিৰ আধাৰ দ্ৰব্য কিহেৰে গঠিত ?

উত্তৰ : উপাস্থিৰ আধাৰদ্ৰব্য প্রটিন আৰু শৰ্কৰাৰ দ্বাৰা গঠিত।

প্রশ্ন 32: পেশী কলা কি?

উত্তৰ : প্রাণীদেহৰ বিভিন্ন অংগ-প্ৰত্যংগৰ সঞ্চালনৰ লগত জড়িত কলাবিধক পেশী কলা বোলে।

প্রশ্ন 33: পেশী তত্ত্ব কি?

উত্তৰ : পেশী কলা গঠনকাৰী দীঘলীয়া কোযসমূহক পেশী তত্ত্ব বোলে।

প্রশ্ন 34 : ঐচ্ছিক পেশীক ৰেখিত পেশী কিয় বোলা হয় ?

উত্তৰ : ঐচ্ছিক পেশীৰ কোয়সমূহৰ গাত একান্তৰভাৱে স্বচ্ছ আৰু অস্বচ্ছ কিছুমান অনুপ্রস্থ ৰেখা পোৱা যায়। সেয়ে ঐচ্ছিক পেশীক ৰেখিত পেশী বোলে।

প্রশ্ন 35: স্নায়ুকলা কাক বোলে?

উত্তৰঃ যি কলাৰ কোষবোৰে বিভিন্ন উদ্দীপনা গ্ৰহণ কৰি সেই উদ্দীপনা শৰীৰৰ এটা অংশৰ পৰা আন এটা অংশলৈ কঢ়িয়ই নিব পাৰে, তাক স্নায়ু কলা বোলে।

প্রশ্ন 36: হৃদপেশীৰ বিশেষ কার্য কি?

উত্তৰ : হৃদপেশীৰ নিৰৱচ্ছিন্ন সংকোচন আৰু প্ৰসাৰণ ঘটি থকাৰ ফলত প্ৰাণীৰ শীত তেজৰ সঞ্চালন ঘটে।

প্রশ্ন 37 : ৰক্ষী কোষ কি? (HSLC.’2014)

উত্তৰ : উদ্ভিদৰ পাতৰ পত্ৰৰঞ্জৰ ছিদ্রটি মুকলি আৰু বন্ধ কৰাত সহায় কৰা কোষ দুটাক ৰক্ষী কোষ বোলে।

প্রশ্ন 38 : সংযোজক কলা কাক বোলে?

উত্তৰ : যি কলাই এবিধ কলাক আন এবিধ কলাৰ লগত বা এটা অংগক আন এটা ভাংগৰ লগত সংযোগ কৰে, তেনে কলাক সংযোজক কলা বোলে।

প্রশ্ন 39: স্নায়ু কাক বোলে ?

উত্তৰ: সংযোজক কলাৰ দ্বাৰা বান্ধ খাই থকা স্নায়ুসূত্রসমূহকে একেলগে এডাল স্নায়ু বোলে।

প্রশ্ন 40: বিভেদন কি?

উত্তৰ: কিছুমান উদ্ভিদ কলাই স্থায়ী আকাৰ, আকৃতি আৰু কাৰ্য লাভ কৰি স্থায়ী কলালৈ ৰূপান্তৰিত হয়। এই প্রক্রিয়াকে বিভেদন বোলে।

প্রশ্ন 41 : অগ্রস্থ ভাজক কলা কাক বোলে? ইয়াৰ কাম কি ?

উত্তৰ: যিবোৰ ভাজক কলা উদ্ভিদৰ কাণ্ড আৰু শিপাৰ একেবাৰে অগ্ৰ অংশত পোৱা যায়, তাক অগ্রস্থ ভাজক কলা বোলে। অগ্ৰস্থ ভাজক কলাৰ কাম হ’ল কাণ্ড আৰু শিপাৰ দৈর্ঘ্য বৃদ্ধি কৰা ।

প্রশ্ন 42 : স্তম্ভাকাৰ আচ্ছাদক কলা কি? ইয়াক ক’ত পোৱা যায় ?

উত্তৰ : স্তম্ভ আকৃতিৰ কোষেৰে গঠিত আচ্ছাদক কলাক উত্তাকাৰ আহ্লাদক কলা এনে কলা অন্তৰ ভিতৰৰ আৱৰণীত পোৱা যায়।

প্রশ্ন 43: উপাস্থি কি? ইয়াক ক’ত ক’ত পোৱা যায় ?

উত্তৰ : উপাস্থি হ’ল এবিধ লেহুকা সংযোজক কলা যাব কঠিন আধাৰদ্ৰব্য প্রটিন আৰু শৰ্কৰাৰ দ্বাৰা গঠিত। উপাস্থি নাক, কাণ, ট্ৰেকীয়া আৰু লেৰিক্সত পোৱা যায়।

প্রশ্ন 44: পেৰেণকাইমা কলা পোৱা অঞ্চলবিলাকৰ নাম লিখা।

উত্তৰ: পেৰেণকাইমা কলা সাধাৰণতে উদ্ভিদদেহৰ বহিস্ত্বক, কর্টেক্স, ফল, বীজ আদিত পোৱা যায়।

প্রশ্ন 45 : নিউৰন কি?

উত্তৰ : স্নায়ুকলা গঠন কৰা কোষবোৰক স্নায়ুকোষ বা নিউব’ন বোলে।

প্রশ্ন 44: শুদ্ধ উত্তৰ বাছি উলিওৱা :

(i) তলৰ কোনবিধ কলাৰ কোষত ৰসধানী পোৱা নাযায়।

(ক) ভাজক কলা

(খ) পেৰেণকাইমা

(ঘ) জাইলেম

(গ) ক’লেনকাইমা

উত্তৰ : (ক) ভাজক কলা

(ii) তলৰ কোনবিধ কলাই সালোক-সংশ্লেষণ কৰিব পাৰে—

(ক) ক’লেনকাইমা

(খ) স্ক্লেৰেণকাইমা

(ঘ) বায়ুকলা

(গ) ক্ল’ৰেণকাইমা

উত্তৰ: (গ) ক্ল’ৰেণকাইমা

(iii) তলৰ কোনবিধ কলাই জলজ উদ্ভিদক পানীত ওপঙি থকাত সহায় কৰে—

(ক) ক’লেনকাইমা

(খ) স্কেলৰেণকাইমা

(ঘ) বায়ুকলা

(গ) ক্ল’ৰেণকাইমা

উত্তৰ : (ঘ) বায়ুকলা

(iv) তলৰ কোনবিধ কলাই উদ্ভিদৰ অংগক নমনীয় হোৱাত সহায় কৰে—

(ক) পেৰেণকাইমা

(খ) ক’লেনকাইমা

(গ) স্কেলৰেণকাইমা

(ঘ) বায়ুকলা

উত্তৰ: (খ) ক’লেনকাইমা

(v) তলৰ কোনবিধ এবিধ স্থায়ী কলা-

(ক) অগ্রস্থ ভাজক কলা

(গ) পার্শ্বীয় ভাজক কলা

(খ) নিবেশিত ভাজক কলা

(ঘ) পেৰেণকাইমা

উত্তর : (ঘ) পেৰেণকাইমা

(vi) তলৰ কোনবিধ কলাত লিগনিন পোৱা যায়—

(ক) পেৰেণকাইমা (খ) ক’লেনকাইমা (গ) স্ক্লেৰেণকাইমা (ঘ) ফ্লোরেম

উত্তৰ : (গ) স্কেলৰেণকাইমা

(vii) তলৰ কোনটো উদ্ভিদ অংগত কিউটিন পোৱা যায়—

(ক) কর্টেক্স (খ) বহিস্ত্বক (গ) সংবহন কণা (ঘ) পিথ

উত্তৰ : (খ) বহিস্ত্বক

(viii) তলৰ কোনটো উদ্ভিদ অংগত চুবাৰিণ পোৱা যায়—

(ক) বহিস্ত্বক (খ) কর্টেক্স (গ) কর্ক (ঘ) সংবহন কণা

উত্তৰ: (গ) কর্ক

(ix) তলৰ কোনবিধ এবিধ জটিল স্থায়ী কলা:

(ক) পেৰেণকাইমা (খ) ক’লেনকাইমা (গ) স্কেৰেণকাইমা (ঘ) জাইলেম

উত্তৰ : (ঘ) জাইলেম

(x) তলৰ কোনবিধ কলাত ট্ৰেকাইড পোৱা যায়—

(ক) জাইলেম (খ) ফ্লোৱেম (গ) বায়ুকলা (ঘ) পেৰেণ কাইমা

উত্তৰ : (ক) জাইলেম

(xi) তলৰ কোনবিধ কলাত সংগী কোষ পোৱা যায়—

(ক) ক’লেণকাইমা (খ) পেৰেণকাইমা (গ) জাইলেম (ঘ) ফ্লোৱেম

উত্তৰ : (ঘ) ফ্লোৱেম

(xii) তলৰ কোনবিধ কলা উদ্ভিদদেহত পানী আৰু খনিজ লৱণৰ পৰিবহনৰ লগত জড়িত

(ক) ক’লেণকাইমা (খ) জাইলেম (গ) ফ্লোৱেম (ঘ) বায়ুকলা

উত্তৰ: (খ) জাইলেম

(xiii) তলৰ কোনবিধ কলাই উদ্ভিদদেহৰ পাতত প্রস্তুত হোৱা খাদ্য দ্রব্য আন অংশলৈ পৰিবহন কৰে?

(ক) ক’লেনকাইমা (খ) ক্ল’ৰেণকাইমা (গ) জাইলেম (ঘ) ফ্লোৱেম

উত্তৰ: (ঘ) ফ্লোৱেম |

(Xiv) তলৰ কোনবিধ প্ৰাণীৰ অংগত সৰল স্ক’ৱামাছ আচ্ছাদক কলা পোৱা যায়।

(ক) মুখ-গহবৰৰ অন্তঃআৱৰণী

(গ) বৃক্তনলীৰ অন্তঃআৱৰণী

(খ) শ্বাসনালী

(ঘ) অন্ধ্ৰৰ অন্তঃআৱৰণী

উত্তৰ: (ক) মুখ-গহবৰৰ অন্তঃআৱৰণী

(xv) প্ৰাণীৰ দেহত চৰী সঞ্চয় কৰা কলাবিধ হ’ল-

(ক) এৰিওলাৰ কলা

(গ) টেণ্ডন

(ঘ) মেদকলা

উত্তৰ : (ঘ) মেদকলা

(xvi) তাপৰোধী হিচাপে কাম কৰা প্ৰাণীদেহৰ সংযোজক কলাবিধ হ’ল –

(ক) তেজ

(খ) এৰিওকলাৰ কলা

(গ) মেদকলা

(থ) টেণ্ডন

উত্তৰ : (গ) মেদকলা

(xvii) দুডাল অস্থিক পৰস্পৰৰ লগত সংযোগ কৰা কলাবিধ হ’ল-

(ক) টেণ্ডন (খ) এৰিওলাৰ কলা (গ) লিগামেন্ট (ঘ) মেদকলা

উত্তৰঃ (গ) লিগামেন্ট

(xviii) অস্থিৰ লগত পেশীক সংযোগ কৰা সংযোজক কলাবিধ হ’ল –

(ক) লিগামেন্ট (খ) এৰিওলাৰ কলা (গ) টেণ্ডন

উত্তৰ : (গ) টেণ্ডন

(xix) তলৰ কোনবিধ কলাই উদ্দীপনা গ্রহণ আৰু সঞ্চাৰন কৰিব পাৰে—

(ক) আচ্ছাদক কলা (খ) পেশী কলা (গ) সংযোজক কলা (ঘ) স্নায়ু কলা

উত্তৰ : (ঘ) স্নায়ু কলা

(xx) প্রাণীদেহৰ বিভিন্ন অংগৰ সঞ্চালনৰ লগত জড়িত কলা বিধ হ’ল-

(ক) আচ্ছাদক কলা (খ) পেশী কলা (গ) সংযোজক কলা (ঘ) স্নায়ু কলা

উত্তৰ : (খ) পেশী কলা

প্রশ্ন 45: খালী ঠাই পূৰ কৰা :

(i) একোটা নির্দিষ্ট কাম সম্পন্ন কৰা একে গঠন আৰু আকৃতি বিশিষ্ট কোষৰ সমষ্টিক_____

উত্তৰ : কলা ।

(ii) ______কলাৰ ভাজক কলা আৰু স্থায়ী কলা হিচাপে শ্রেণীবিভাজন কৰিব পৰা নাযায়।

উত্তৰ: প্রাণী।

(iii) উদ্ভিদদেহত পোৱা জটিল কলা দুবিধ হ’ল______আৰু_____

উত্তৰ : জাইলেম, ফ্লোরেম।

(iv) কিছুমান কলাই বিভাজন ক্ষমতা হেৰুৱাই স্থায়ী আকাৰ, আকৃতি আৰু কাৰ্য লাভ কৰা প্ৰক্ৰিয়াটোক______বোলে।

উত্তৰ : বিভেদন।

(v) _____ কলাৰ কোষৰ কোষবেৰত লিগনিন নামৰ ৰাসায়নিক পদার্থবিধ পোৱা যায়।

উত্তৰ : স্কেলৰেণকাইমা।

(vi) কলাৰ কোষবোৰ চুকপালে অনিয়মীয়াভাৱে ডাঠ।

উত্তৰঃ ক’লেনকাইমা।

(vii)______কলাৰ কোষবোৰক তন্তু বুলি কোৱা হয়।

উত্তৰঃ স্কেলৰেণকাইমা।

(viii)_____কলাক কাষ্ঠ বুলি জনা যায়।

উত্তৰঃ জাইলেম।

(ix)______কলাক বাষ্ট বুলিও জনা যায়।

উত্তৰঃ ফ্লোৱেম ৷

(x) উদ্ভিদদেহৰ পৰা পানী ওলাই যোৱাত বাধা দিবৰ বাবে উদ্ভিদৰ বহিস্ত্বকে_____ নামৰ মমজাতীয় পদার্থবিধ নিঃসৰণ কৰে।

উত্তৰঃ কিউটিন।

(xi) ট্রেকাইড____কলাত পোৱা যায়।

উত্তৰঃ জাইলেম।

(xii) চালনি নলীকা____কলাত পোৱা যায়।

উত্তৰ : ফ্লোৱেম।

(xiii) ঘনক আকৃতিৰ কোষেৰে গঠিত আচ্ছাদক কলাক______বোলা হয়।

উত্তৰ : ঘনকাকাৰ আচ্ছাদক কলা।

(xiv) যিবোৰ আচ্ছাদক কলাৰ কোষে ৰূপান্তৰিত হৈ কিছুমান ৰস নিঃসৰণ কৰে,______ বোলে।

উত্তৰ : গ্ৰন্থি আচ্ছাদক কলা।

(xv) যি প্রাণী কলাই এবিধ কলাক আন এবিধ কলাৰ লগত বা এটা অংগক আন এটা অংগৰ লগত সংযোগ কৰে, তাক______কলা বোলে।

উত্তৰ : সংযোজক।

(xvi )______কলাই দুডাল অস্থিক পৰস্পৰৰ লগত সংযোগ কৰে।

উত্তৰ: লিগামেন্ট।

(xvii)______হ’ল এবিধ সংযোজক কলা যিয়ে অস্থিৰ লগত পেশীক সংযোগ কৰে।

উত্তৰ: টেণ্ডন।

(xviii) চৰী সঞ্চয় কৰা কলাবিধক _____|

উত্তৰ : মেদ কলা।

(xix) প্ৰাণীৰ শৰীৰৰ বিভিন্ন অংগৰ সঞ্চালনৰ লগত জড়িত কলা বিধ হ’ল______কলা।

উত্তৰঃ পেশী।

(xx) স্নায়ু কলা গঠন কৰা কোষবোৰক_____বোলে।

উত্তৰ: নিউৰ’ণ।

(xxi) নিউৰণৰ যি অংশত কোষকেন্দ্ৰ আৰু কোষ প্ৰৰস পোৱা যায়, তাক_______বোলে।

উত্তৰঃ দেহকোষ।

(xxii)______হ’ল নিউৰ’ণৰ দেহকোষৰ পৰা ওলোৱা আটইতকৈ দীঘল স্নায়ু প্রবর্ধ।

উত্তৰ : এক্সন।

চমু প্রশ্নোত্তৰ

প্রশ্ন 1 : বহুকোষী জীৱৰ ক্ষেত্ৰত কলাবিলাকৰ কাম কি?

উত্তৰ : বহুকোষী জীৱৰ ক্ষেত্ৰত বেলেগ বেলেগ কলাই বেলেগ বেলেগ কার্য সম্পাদন কৰাৰ ক্ষমতা ৰাখে। একোটা নির্দিষ্ট কলাই একোটা নির্দিষ্ট কার্য সমাধা কৰা বাবে তেনে কাৰ্য অধিক দক্ষতাৰে সম্পন্ন হয়।

প্রশ্ন 2 : নিউৰণ দেখাত কেনেকুৱা হয়?

উত্তৰঃ স্নায়ুকলা গঠন কৰা নিউৰণ হ’ল এক দীঘলীয়া আকৃতিৰ কোষ। ইয়াৰ কোষকেন্দ্ৰ আৰু কোষপ্ৰৰস থকা অংশক দেহকোষ বোলে। দেহকোষৰ পৰা ওলোৱা আটাইতকৈ দীঘল স্নায়ু প্রবর্ধডালক এক্সন আৰু চুটি আৰু প্ৰশাখাযুক্ত প্ৰবৰ্ধবোৰক ডেনড্ৰাইট বোলে৷

প্রশ্ন 3 : হৃদপেশীৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ হৃদপেশীৰ তিনিটা বৈশিষ্ট্য হ’ল:

(ক) এই পেশীৰ কোষবোৰ দীঘলীয়া, চুঙা আকৃতিৰ!

(খ) এই পেশীৰ কোষবোৰ শাখাযুক্ত।

(গ) এই পেশীৰ কোষত এটা মাত্র কোষকেন্দ্র থাকে।

প্রশ্ন 4 : এৰিওলাৰ কলাৰ কাৰ্যসমূহ কি কি ?

উত্তৰ: এবিওলাৰ কলাৰ কাৰ্যসমূহ হ’ল-

(ক) এই কলাই আভ্যন্তৰীণ অংগসমূহক সুৰক্ষা প্রদান কৰে।

(খ) এই কলাই আন কলাৰ ক্ষত অংশ মেৰামতি কৰে।

প্রশ্ন 5: কি কি উপাদানেৰে জাইলেম কলা গঠিত উল্লেখ কৰা।

উত্তৰ : জাইলেম কলা চাৰিবিধ উপাদানেৰে গঠিত। সেই সমূহ হ’ল—— ট্রেকাইড, নলীকা, জাইলেম, পেৰেণকাইমা আৰু জাইলেম তন্তু।

প্রশ্ন 7 : উদ্ভিদৰ সৰল কলাসমূহ জটিল কলাতকৈ কি ক্ষেত্ৰত পৃথক ?

উত্তৰ : উদ্ভিদৰ সৰল কলা আৰু জটিল কলাৰ মাজত থকা মুখ্য পার্থক্য হ’ল – সৰল কলাসমূহ এক প্ৰকাৰৰ কোষেৰে তৈয়াৰী, কিন্তু জটিল কলাসমূহ কেইবা প্ৰকাৰৰ কোষৰ দ্বাৰা গঠিত।

প্রশ্ন ৪: কোষবেৰৰ ওপৰত ভিত্তি কৰি পেৰেণকাই মা, কলেনকাই মা, স্কেলৰেণকাইমাৰ মাজত থকা পার্থক্য দাঙি ধৰা।

উত্তৰ : পেৰণকাইমা কলাৰ কোষবোৰৰ কোষবেৰ অতিকৈ পাতল হয়। আনহাতে ক’লেনকাইমা কলাৰ কোষবোৰৰ কোষবেৰ দুইমূৰৰ ফালে অনিমীয়াভাৱে ডাঠ। তেনেদৰে স্কেলৰেণকাইমা কলাৰ কোষবোৰৰ কোষবেৰ লিগনিন নামৰ ৰাসয়নিক পদার্থবিধ জমা হোৱা বাবে অতিকৈ ডাঠ।

প্রশ্ন 9: পত্ৰৰৰ্দ্ধৰ কাৰ্যবিলাক কি কি?

উত্তৰ : পত্ৰৰন্ধ্ৰৰ মুখ্য কাৰ্যসমূহ হ’ল –

(ক) বায়ুমণ্ডল আৰু উদ্ভিদকোষৰ মাজত গেছৰ আদান-প্রদান কৰা ।

(খ) প্রস্বেদনৰ জৰিয়তে উদ্ভিদেহৰ অতিৰিক্ত পানীভাগ বাষ্প আকাৰে বায়ুমণ্ডললৈ উলিয়াই দিয়া ।

প্রশ্ন 10 : ছৱিৰ সহায়ত তিনি প্ৰকাৰৰ পেশীতন্তুৰ পাৰ্থক্য দাঙি ধৰা।

উত্তৰ :

প্রশ্ন 10: ৰেখিত, অৰেখিত আৰু হৃদপেশীৰ গঠন আৰু শৰীৰত অৱস্থানৰ ওপৰত ভিত্তি কৰি পাৰ্থক্যসমূহ দাঙি ধৰা।

উত্তৰ : গঠনৰ ফালৰ পৰা ৰেখিত পেশীসমূহ দীঘলীয়া, চুঙা আকৃতিৰ, শাখাহীন আৰু বহুকোষকেন্দ্ৰযুক্ত। এনে পেশীৰ কোষত একান্তৰভাৱে স্বচ্ছ আৰু অস্বচ্ছ অনুপ্রস্থ ৰেখা দেখা যায়। আনহাতে অৰেখিত পেশীসমূহ দীঘলীয়া, মহুৰা আকৃতিৰ আৰু এটা কোষকেন্দ্রযুক্ত। এনে পেশীৰ কোষত অনুপ্ৰস্থ ৰেখা নাথাকে। তেনেদৰে হৃদপেশীৰ কোষসমূহ দীঘলীয়া, চুঙা আকৃতিৰ, শাখাযুক্ত আৰু এটা কোষকেন্দ্ৰযুক্ত।

অৱস্থানৰ ফালৰ পৰা ৰেখিত পেশীসমূহ প্ৰাণীৰ অন্তঃকংকালৰ অস্থিৰ লগত সংলগ্ন হৈ থকা দেখা যায়। তেনেদৰে অৰেখিত পেশীসমূহ শৰীৰৰ অনৈচ্ছিক অংগ যেনে খাদ্যনলী, ৰক্তনলী, চকুৰ আইৰিছ, জৰায়ু আদিত পোৱা যায়। হৃদপেশী প্ৰাণীৰ হৃদপিণ্ডত পোৱা যায় ৷

প্রশ্ন 11 : নিউৰ’নৰ এটা চিহ্নিত চিত্র আঁকা।

প্রশ্ন 12 : তলৰ কলা বিলাকৰ নাম লিখা

(a) আমাৰ মুখৰ অন্তঃআৱৰণী গঠন কৰা কলা।

উত্তৰ: সৰল স্ক’রামাছ আচ্ছাদক কলা।

(b) মানুহৰ শৰীৰত অস্থিৰ লগত পেশীক সংযোগ কৰা কলা।

উত্তৰ: টেণ্ডন

(c) উদ্ভিদদেহত খাদ্য পৰিবহনকাৰী কলা।

উত্তৰ: ফ্লোৱেম।

(d) আমাৰ শৰীৰত চৰী সঞ্চয় কৰা কলা।

উত্তৰ: মেদকলা।

(e) তৰল আধাৰ দ্ৰব্য বিশিষ্ট সংযোজক কলা।

উত্তৰঃ তেজ।

(1) মগজুত থকা কলা।

উত্তৰ : স্নায়ুকলা।

প্রশ্ন 13: তলৰ অংগসমূহত থকা কলাৰ প্ৰকাৰবোৰ চিনাক্ত কৰা :

ছাল, গছৰ বাকলি, অস্থি, বৃক্কনলীৰ অন্তঃআৱৰণী, সংবহন কণা

উত্তৰ :

(i) ছাল : স্তৰীভূত স্ক’ৱামাছ আচ্ছাদক কলা।

(ii) গছৰ বাকলি : গৌণ ভাজক কলা।

(iii) অস্থি ঃ সংযোজক কলা।

(iv) বৃক্কনলীৰ অন্তঃআৱৰণী : ঘনকাকাৰ আচ্ছাদক কলা।

(v) সংবহন কণা : জটিল স্থায়ী কলা।

প্রশ্ন 14 : উদ্ভিদৰ বহিস্ত্বকখনৰ ভূমিকা কি?

উত্তৰ: উদ্ভিদৰ বহিস্ত্বকখনৰ মুখ্য ভূমিকা হ’ল—

(ক) ই উদ্ভিদদেহৰ সকলো অংগকে শাৰিৰীক ক্ষতি আৰু ভেঁকুৰ আদি পৰজীৱীৰ আক্ৰমণৰ পৰা সুৰক্ষা দিয়ে।

(খ) ই উদ্ভিদদেহৰ পৰা পানী ওলাই যোৱাত বাধা দিয়ে। তাৰ বাবে বহিস্ত্বকখনে কিউটিন নামৰ এখন মমজাতীয় পদার্থ নিঃসৰণ কৰে।

প্রশ্ন 15: কর্কে কেনেদৰে প্ৰতিৰোধী কলা হিচাপে কাম কৰে?

উত্তৰ : গছ এজোপাৰ বয়স বঢ়াৰ লগে লগে তাৰ বহিস্ত্বকখনৰ পৰিবৰ্তন সাধন হয়। গছৰ কাণ্ডৰ বহিস্ত্বকখন এশাৰী গৌণ ভাজক কলাৰ দ্বাৰা প্ৰতিস্থাপিত হয়। একেবাৰে বাহিৰৰ কোষবোৰেই স্তৰীভূত হৈ কৰ্ক বা গছৰ বাকলিৰ সৃষ্টি কৰে। ই গছজোপাক সুৰক্ষা দিয়াৰ লগতে ইয়াৰ মৃত কোষবোৰৰ কোষবেৰত জমা হোৱা চুবাৰিণ নামৰ ৰাসায়নিক পদার্থবিধৰ বাবে কৰ্কৰ মাজেৰে গেছ আৰু পানী সৰকি যাব নোৱাৰে। এনেদৰে কৰ্কে প্ৰতিৰোধী কলা হিচাপে কাম কৰে।

প্রশ্ন 16: উদ্ভিদ কলা আৰু প্ৰাণীকলাৰ মাজত থকা পাৰ্থক্যবোৰ লিখা

উত্তৰ : উদ্ভিদ কলা আৰু প্ৰাণী কলাৰ মাজত থকা পাৰ্থক্যবোৰ হ’ল:

(ক) বেছিভাগ উদ্ভিদ কলাই মৃত, কিন্তু বেছিভাগ প্ৰাণীকলাই জীৱিত।

(খ) উদ্ভিদ কলাসমূহৰ বিভাজন ক্ষমতাৰ ওপৰত ভিত্তি কৰি সিহঁতক ভাজক কলা আৰু স্থায়ী কলা হিচাপে শ্রেণীবিভাজন কৰা হয় । কিন্তু প্রাণী কলাৰ এনে বিভাজন নাথাকে।

প্রশ্ন 17: ভাজক কলা কি? ই কেইপ্ৰকাৰৰ আৰু কি কি?

উত্তৰ : যি উদ্ভিদ কলাই নিৰৱচ্ছিন্নভাৱে বিভাজনক্ষম অৱস্থাত থাকি নতুন নতুন কোষৰ সৃষ্টি কৰে, তাক ভাজক কলা বোলে। অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰি ভাজক কলাক তিনি ভাগত ভগোৱা হৈছে। যেনে- অগ্রস্থ ভাজক কলা, পার্শ্বীয় ভাজক কলা আৰু নিবেশিত ভাজক কলা।

প্রশ্ন 18:-ভাজক কলাৰ বৈশিষ্ট্যসমূহ লিখা।

উত্তৰ : ভাজক কলাৰ বৈশিষ্ট্যসমূহ হ’ল-

(ক) এই কলাব কোষবোৰ ভাতিকৈ সক্রিয়।

(খ) এই কলাৰ কোষবোৰ ঘন কোষপ্ৰৰসযুক্ত।

(গ) এই কলাৰ কোষবোৰৰ কোষবের পাতল।

(ঘ) এই কলাব কোষবোৰৰ কোষকেন্দ্ৰৰ আকাৰ যথেষ্ট ডাঙৰ।

(ঙ) এই কলাৰ কোষত বসধানী নাথাকে।

প্রশ্ন 20 : স্থায়ী কলা কি? ই কেই প্ৰকাৰৰ, আৰু কি কি?

উত্তৰঃ যি উদ্ভিদ কলাই বিভাজন ক্ষমতা হেবরাই স্থায়ী আকার, আকৃতি আৰু কাৰ্য লাভ কৰে, তাক স্থায়ী কলা বোলে। স্থায়ী কলা দুই প্রকাৰব। যেনে— সবল স্থায়ী কলা আৰু জটিল স্থায়ী কলা।

প্রশ্ন 21 : পেৰেণকাহমা কলাৰ কাৰ্য উল্লেখ কৰা।

উত্তৰ : পেৰেণকাইমা কলাৰ মুখ্য কাৰ্যসমূহ হ’ল—

(ক) উদ্ভিদ দেহক শক্তি দিয়া।

(খ) খাদ্য সঞ্চয় কৰা।

(গ) পত্ৰহৰিতযুক্ত পেৰেণকাইয়া কোষে সালোক-সংশ্লেষণত অংশ লয়। এনে পেৰেণকাইমা কলাক কলেণকাইমা বোলে।

(ঘ) জলজ উদ্ভিদৰ পেৰেণকাইয়া কোষত বায়ু-গহ্বৰ থকা বাবে ইহঁতে উদ্ভিদজোপাক, পানীত ওপঙি থকাত সহায় কৰে। এনে পেৰেণকাইমা কলাক বায়ু কলা বোলে।

প্রশ্ন 22: ক’লেনকাইমা কলাৰ দুটা কাৰ্য লিখা।

উত্তৰ: ক’লেনকাইমা কলাৰ দুটা কাৰ্য হ’ল—

(ক) উদ্ভিদক শাৰিৰীক শক্তি প্রদান কৰা।

(খ) এই কলাই উদ্ভিদৰ বিভিন্ন অংগক বেঁকা হোৱাত সহায় কৰি ভাঙি নোযোৱাকৈ ৰাখে।

প্রশ্ন 23 : স্কেলৰেণকাইমা কলাৰ কাৰ্য উল্লেখ কৰা।

উত্তৰঃ স্কেলৰ্ণেকাইমা কলাৰ কাৰ্যসমূহ হ’ল:

(ক) এই কলাই উদ্ভিদৰ অংগক দৃঢ়তা প্রদান কৰে।

(খ) বীজ, ফল আদিক সুৰক্ষা দিয়ে।

প্রশ্ন 24 : পেৰেণকাইমা, ক’লেনকাইমা আৰু স্কেলৰেণকাইমা কলাৰ বৈশিষ্ট্য সমূহ তুলনা কৰা।

বৈশিষ্ট্যপেৰেণকাইমাক’লৈন কাইমাস্কেলৰেণকাইমা
(i) কোষৰেপাতল
অনিয়মিতভাৱে
কোষৰ চুকৰ ফালে |
ডাঠ
লিগনিন জমা হোৱা বাবে অতিকৈ ডাঠ।
(ii) কোষ মধ্যবর্তী | যথেষ্ট বেছিঅতিকৈ কমকোষ মধ্যৱৰ্তী স্থান নাথাকে।
(iii) কোষৰ অৱস্থা। জীৱিতজীৱিত

প্রশ্ন 25 : জাইলেম আৰু ফ্লোৱেমৰ দুটা পার্থক্য লিখা।

উত্তৰ: জাইলেম আৰু ফ্লোৱেমৰ দুটা পার্থক্য হল –

(ক) জাইলেম কলাই উদ্ভিদ দেহত পানী আৰু খনিজ লৱণৰ ঊর্ধ্বমুখী পৰিবহনত সহায় কৰে। আনহাতে ফ্লোৱেম কলাই পাতত উৎপাদিত খাদ্য উদ্ভিদ দেহৰ আন অংশলৈপৰিবহন কৰে ৷

(খ) জাইলেম কলাৰ মাজেৰে দ্ৰব্য অকল একেটা দিশত গতি কৰিব পাৰে। কিন্তু ফ্লোৱেম কলাৰ মাজেৰে দ্ৰব্য ঊর্ধ্বমুখী আৰু অধঃ দুয়োটা দিশতে গতি কৰিব পাৰে।

প্রশ্ন 26 : আচ্ছাদক কলাৰ মুখ্য বৈশিষ্ট্যসমূহ লিখা।

উত্তৰ : আচ্ছাদক কলাৰ মুখ্য বৈশিষ্ট্যসমূহ হ’ল

(ক) এই কলাৰ কোষবোৰৰ মাজত কোষমধ্যৱৰ্তী স্থান প্রায় নাথাকেই আৰু সেয়ে ইহঁতে এখন নিৰৱচ্ছিন্ন পৃষ্ঠ গঠন কৰে।

(খ) এই কলাৰ কোষবোৰ এখন ভৌম-ঝিলীৰ ওপৰত সজ্জিত হৈ থাকে।

প্রশ্ন 27 : আচ্ছাদক কলা কাক বোলে? ইয়াৰ দুটা কাৰ্য উল্লেখ কৰা।

উত্তৰ : প্রাণীদেহৰ বিভিন্ন অংগক সুৰক্ষা দিয়া বাহ্যিক আৱৰণীখন গঠন কৰা ফলাই আচ্ছাদক কলা।

(ক) ই প্ৰাণীদেহৰ বিভিন্ন অংগক সুৰক্ষা দিয়ে।

(খ) ই বিভিন্ন অংগতন্ত্ৰক পৰস্পৰৰ পৰা পৃথক কৰি ৰাখে।

প্রশ্ন 28: লিগামেন্ট আৰু টেণ্ডনৰ মাজত থকা দুটা পার্থক্য লিখা।

উত্তৰ : লিগামেণ্ট আৰু টেণ্ডনৰ মাজত থকা দুটা পার্থক্য হ’ল –

(ক) লিগামেন্ট হ’ল দুডাল অস্থিক পৰস্পৰৰ লগত সংযোগ কৰা এবিধ সংযোজক কলা। আনহাতে টেণ্ডন হ’ল অস্থিৰ লগত পেশীক সংযোগ কৰা এবিধ সংযোজক কলা।

(খ) লিগামেন্ট যথেষ্ট স্থিতিস্থাপক হোৱাৰ বিপৰীত টেণ্ডনৰ স্থিতিস্থাপকতা কম।

প্রশ্ন 29 : পেশীকলা কাক বোলে? ই কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰ: প্ৰাণীদেহৰ বিভিন্ন অংগৰ সঞ্চালনৰ লগত জড়িত কলাবিধক পেশীকলা বোলে। ই তিনি প্ৰকাৰৰ। যেনে – ঐচ্ছিক পেশী, অনৈচ্ছিক পেশী আৰু হৃদপেশী।

প্রশ্ন 30 : ঐচ্ছিক পেশী কাক বোলে? ইয়াৰ তিনিটা বৈশিষ্ট্য লিখা।

উত্তৰ : যিবোৰ পেশীক আমাৰ ইচ্ছা অনুসৰি লৰচৰ কৰিব পাৰো, তেনে পেশীক ঐচ্ছিক পেশী বোলে।

ইয়াৰ তিনিটা বৈশিষ্ট্য হ’ল—

(ক) এই পেশীৰ কোষবোৰ দীঘলীয়া, চুঙা আকৃতিৰ আৰু শাখাহীন।

(খ) এই পেশীৰ কোষবেৰ বহুকোষকেন্দ্ৰযুক্ত।

(গ) এই পেশীৰ কোষৰ লগত একান্তৰভাৱে স্বচ্ছ আৰু অস্বচ্ছ অনুপ্রস্থ ৰেখা পোৱা যায়,,যাৰ বাবে ইহঁতক ৰৈখিক বা ৰেখিত পেশীও বোলে।

প্রশ্ন 31: অনৈচ্ছিক পেশী কি? ইয়াৰ তিনিটা বৈশিষ্ট্য লিখা।

উত্তৰ: যিবোৰ পেশীক আমাৰ ইচ্ছা অনুসৰি লৰচৰ কৰিব নোৱাৰো তেনে পেশীক অনৈচ্ছিক বা অৰেখিত পেশী বোলে।

ইয়াৰ তিনিটা বৈশিষ্ট্য হ’ল—

(ক) এই পেশীৰ কোষবোৰ দীঘলীয়া, মহুৰা আকৃতিৰ ৷

(খ) এই পেশীৰ কোষবোৰ এককোষকেন্দ্ৰযুক্ত।

(গ) এই পেশীৰ কোষৰ গাত অনুপ্ৰস্থ ৰেখা পোৱা নাযায়।

প্রশ্ন 32: নিউৰ’নৰ প্ৰধান অংশকেইটা কি কি?

উত্তৰ : নিউৰ’নৰ প্ৰধান অংশকেইটা হ’ল-

(ক) দেহকোষ : এই অংশত কোষকেন্দ্র আৰু কোষপ্ৰৰস পোৱা যায়।

(খ) স্নায়ু প্রবর্ধঃ দেহকোষৰ পৰা ওলোৱা এইবোৰ চুলিৰ দৰে কিছুমান অংগ। স্নায়ু প্ৰবৰ্ধ দুবিধ— এক্সন আৰু ডেনড্ৰাইট ।

প্রশ্ন 33 : পার্শ্বীয় ভাজক কলা কি? ইয়াৰ কাম উল্লেখ কৰা।

উত্তৰ : যিবোৰ ভাজক কলা উদ্ভিদৰ কাণ্ড আৰু শিপাৰ পৰিধিৰ সমান্তৰালকৈ পোৱা তাক পার্শ্বীয় ভাজক কলা বোলে। পার্শ্বীয় ভাজক কলাৰ কাম হ’ল উদ্ভিদৰ কাণ্ড আৰু শিপাৰ পৰিধি বৃদ্ধি কৰা।

প্রশ্ন 34: নিবেশিত ভাজক কলা কি? ইয়াৰ কাম কি?

উত্তৰ : যিবোৰ ভাজক কলা উদ্ভিদৰ পাতৰ গুৰিত আৰু গাঁঠিৰ দুয়োকাষে পোৱা যায়, তাক নিবেশিত ভাজক কলা বোলে। নিবেশিত ভাজক কলাই পাত আৰু গাঁঠিৰ গুৰিক দৃঢ়তা প্রদান কৰে।

প্রশ্ন 35: চিত্ৰৰ সহায়ত বিভিন্ন প্ৰকাৰৰ ভাজক কলাৰ অৱস্থান দেখুওৱা।

অগ্রস্থ ভাজক কলা

উত্তৰ:

নিবেশিত ভাজক কলা

পার্শ্বীয় ভাজক কলা

প্রশ্ন 36: সৰল স্থায়ী কলা কাক বোলে? ই কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰ : যিবোৰ স্থায়ী কলা মাথোঁ একধৰণৰ কোষেৰে গঠিত, তেনে স্থায়ী কলাক সৰল স্থায়ী কলা বোলে।

সৰল স্থায়ী কলা তিনি প্ৰকাৰৰ

(i) পেৰেণকাইমা (ii) ক’লেনকাইমা (iii) স্কেলৰেণকাইমা

প্রশ্ন 37: পেৰেণকাইমা কলাৰ বৈশিষ্ট্যসমূহ লিখা।

উত্তৰ : পেৰেণকাইমা কলাৰ বৈশিষ্ট্যসমূহ হ’ল-

(ক) এই কলাৰ কোষবোৰ জীৱিত।

(খ) এই কলাৰ কোষৰ কোষবেৰ পাত আৰু চেলুল’জেৰে তৈয়াৰী।

(গ) এই কলাৰ কোষবোৰৰ মাজত যথেষ্ট কোষমধ্যবর্তী স্থান থাকে।

(ঘ) এই কলাৰ কোষবোৰৰ আকৃতি সাধাৰণতে বহুভূজীয় গোলাকাৰ বা ডিম্বাকৃতির হয়।

প্রশ্ন 38: ক’লৈনকাইমা কলাৰ বৈশিষ্ট্যসমূহ লিখা।

উত্তৰ : ক’লেনকাইমা কলাৰ বৈশিষ্ট্যসমূহ হ’ল—

(ক) এই কলাৰ কোষবোৰ জীৱিত।

(খ) এই কলাৰ কোষৰ কোষবেৰ সাধাৰণভাৱে ডাঠ ।

(গ) ই চেলুল’জ আৰু পেক্‌টিনেৰে গঠিত।

(ঘ) এই কলাৰ কোষবোৰ মূৰৰ ফাললৈ অনিয়মীয়া ভাৱে ক্ৰমে ডাঠ হৈ যায়।

(ঙ) এই কলাৰ কোষবোৰৰ মাজত অতি কম কোষমধ্যৱৰ্তী স্থান থাকে।

(চ) এই কলাৰ কোষবোৰৰ পেৰেণকাইমা কোষতকৈ সামান্য দীঘলীয়া হয় আৰু ইহঁতৰ মূৰবোৰ ঘূৰণীয়া বা জোঙা হয়।

প্রশ্ন 39 : স্কেলৰেণকইিমা কলাৰ বৈশিষ্ট্যসমূহ লিখা।

উত্তৰ : স্কেলৰেণকাইমা কলাৰ বৈশিষ্ট্যসমূহ হ’ল-

(ক) এই কলাৰ কোষবোৰ মৃত।

(খ) এই কলাৰ কোষবেৰ লিগনিন নামৰ পদাৰ্থবিধ জমা হোৱা বাবে অতিকৈ ডাঠ।

(গ) এই কলাৰ কোষবোৰৰ মাজত কোষমধ্যৱৰ্তী স্থান পোৱা নাযায়।

(ঘ) এই রুলাৰ কোষবোৰৰ আকাৰ দীঘলীয়া, জন্তুৰ দৰে।

প্রশ্ন 40: বহ্যিক কাক বোলে? ইয়াৰ কার্য কি?

‘উত্তৰ : উদ্ভিদ এজোপাৰ প্ৰতিটো দিশৰে বহিঃ অংশটো আৱৰি থকা আৱৰণীখনক বহিস্ত্বক বোলে। বহিস্ত্বকৰ কাৰ্যসমূহ হ’ল—

(i) ই উদ্ভিদ জোপাৰ বিভিন্ন অংগক শাৰিৰীক ক্ষতি আৰু পৰজীৱী ভেঁকুৰৰ আক্ৰমণৰ পৰা ৰক্ষা কৰে।

(ii) ই উদ্ভিদজোপাৰ, পৰা অতিৰিক্ত পানী ওলাই যোৱাত বাধা দিয়ে। তাৰ বাবে বহিস্ত্বকখনে কিউটিন নামৰ এবিধ মমজাতীয় পদার্থ নিঃসৰণ কৰে।

(iii) শিপাত থকা বহিস্ত্বকীয় কোষসমূহত চুলিৰ দৰে অংগ থাকে, যাৰ দ্বাৰা সিহঁতে পানী শোষণ কার্যত সহায় কৰে।

প্রশ্ন 41 : ৰক্ষীকোষৰ ভূমিকা উল্লেখ কৰা।

উত্তৰ : ৰক্ষীকোষে পত্ৰৰন্ধৰ ছিদ্রটি মুকলি আৰু বন্ধ হোৱা কাৰ্য নিয়ন্ত্ৰণ কৰে৷ সেয়ে পত্ৰৰন্ধ্ৰৰ মাজেৰে উদ্ভিদকোষ আৰু বায়ুমণ্ডলৰ মাজত গেছৰ আদান-প্রদানত ৰক্ষীকোষে বিশেষ ভূমিকা লয়। তেনেদৰে পত্ৰৰন্ধৰ মাজেৰে প্রস্বেদনৰ দ্বাৰা অতিৰিক্ত পানীভাগ উদ্ভিদদেহৰ পৰা বাষ্প হৈ ওলাই যোৱা প্ৰক্ৰিয়াও ৰক্ষী কোষে নিয়ন্ত্ৰণ কৰে৷

প্রশ্ন 42 : জটিল স্থায়ী কলা কাক বোলে? ইয়াৰ প্ৰকাৰসমূহ কি কি?

উত্তৰ : যিবিলাক স্থায়ী কলা এটাতকৈ বেছি প্ৰকাৰৰ কোষেৰে গঠিত তাক জটিল স্থায়ী কলা বোলে।

জটিল স্থায়ীকলা দুই প্রকাৰৰ— (i) জাইলেম আৰু (ii) ফ্লোৱেম

প্রশ্ন 43:সৰল স্ক’ৱামাছ আচ্ছাদক কলা কি? এই কলা পোৱা যোৱা দুটা অংগৰ উদাহৰণ দিয়া ৷

উত্তৰ : যি স্ক’ৱামাছ আচ্ছাদক কলা পাতল আৰু চেপেটা কোষৰ এটা মাত্ৰ তৰপেৰে গঠিত, তাক সৰল স্ক’রামাছ আচ্ছাদক কলা বোলে। ইচ’ফেগাছ আৰু মুখ-গহ্বৰৰ ভিতৰৰ আৱৰণী এই কলাৰে গঠিত।

প্রশ্ন 44 : স্তৰীভূত স্ক’ৱামাছ আচ্ছাদক কলা কি? এই কলা পোৱা যোৱা এটা অংগৰ উদাহৰণ দিয়া।

উত্তৰ: যি স্ক’ৱামাছ আচ্ছাদক কলা পাতল আৰু চেপেটা কোয়ৰ বহুকেইটা তৰপৰ দ্বাৰা গঠিত, তাক স্তৰীভূত স্ক’ৱামাছ আচ্ছাদক কলা বোলে। এই কলাৰ দ্বাৰা আমাৰ শৰীৰৰ ছালখন গঠিত।

প্রশ্ন 45 : চিলিয়াযুক্ত স্তম্ভকাৰ আচ্ছাদক কলা কি? এই কলা পোৱা যোৱা এটা অংগৰ নাম লিখা।

উত্তৰ : যিবোৰ উম্ভাকাৰ আচ্ছাদক কলাৰ বহিঃপৃষ্ঠত চিলিয়া বা কেশৰ থাকে, তেনে কলাক চিলিয়াযুক্ত স্তম্ভাকাৰ আচ্ছাদক কলা বোলে। এনে কলা শ্বাসনলীত পোৱা যায়।

প্রশ্ন 46: ঘনকাকাৰ আচ্ছাদক কলা কাক বোলে ? ইয়াক ক’ত পোৱা যায় ?

উত্তৰ: ঘনক আকৃতিৰ কোষেৰে গঠিত আচ্ছাদক কলাক ঘনকাকাৰ আচ্ছাদক কলা বোলে। এনে কলা বৃক্কনলীৰ অন্তঃআৱৰণী আৰু লালটি গ্ৰন্থিৰ নলীত পোৱা যায়।

প্রশ্ন 47: গ্ৰন্থি আচ্ছাদক কলা কাক বোলে? ইহঁতৰ কাম কি?

উত্তৰ: কিছুমান আচ্ছাদক কলাৰ কোষবোৰ ৰূপান্তৰিত হৈ কিছুমান গ্ৰন্থি কোয়ৰ সৃষ্টি কৰে, যিয়ে কিছুমান ৰস নিঃসৰণ কৰে। এনে আচ্ছাদক কলাক গ্রন্থি আচ্ছাদক কলা বোলে। এনে আচ্ছাদক কলাৰ মুখ্য কাম হ’ল কিছুমান পদার্থ নিঃসৰণ কৰা।

প্রশ্ন 38: সংযোজক কলাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰ : সংযোজক কলাৰ দুটা বৈশিষ্ট্য হ’ল-

(ক) এই কলাৰ কোযবোৰৰ মাজত যথেষ্ট কোষমধ্যবর্তী স্থান থাকে।

(খ) এই কলাৰ কোষবোৰ এক অন্তঃকোষীয় আধাৰদ্ৰব্যত ওপঙি থাকে। এই আধাৰদ্ৰব্য

জুলীয়া, অর্ধজুলীয়া বা গোটা হ’ব পাৰে।

প্রশ্ন 49 : তেজ কি? ইয়াৰ কাৰ্য উল্লেখ কৰা।

উত্তৰঃ তেজ হ’ল এক তৰল সংযোজক কলা য’ত থকা আধাৰদ্ৰব্য প্লাজমাত লোহিত ৰক্তকণিকা, শ্বেত ৰক্তকণিকা আৰু অনুচক্রিকাবোৰ ওপঙি থাকে।

তেজৰ কাৰ্যসমূহ হ’ল—

(i) শ্বসন গেছ অক্সিজেন আৰু কাৰ্বন-ডাই-অক্সাইডৰ পৰিবহন।

(ii) পাচিত খাদ্যৰ পৰিবহন।

(iii) ৰেচন পদার্থ, হৰম’ন আদিৰ পৰিবহন।

প্রশ্ন 50: তেজক কিয় সংযোজক কলা আখ্যা দিয়া হয়?

উত্তৰ : সংযোজক কলা হ’ল প্রাণীদেহৰ এনে এবিধ কলা যিয়ে এবিধ কলাক আন এবিধ কলাৰ লগত বা এবিধ অংগক আন এবিধ অংগৰ লগত সংযোজিত কৰে। প্ৰাণীৰ দেহত তেজে বিভিন্ন দ্রব্য এঠাইৰ পৰা আন এঠাইলৈ পৰিবহণ কৰি বিভিন্ন অংগসমূহৰ মাজত এক যোগসূত্ৰ হিচাপে কাম কৰে। উদাহৰণস্বৰূপে, আমাৰ হাঁওফাঁওত গ্ৰহণ কৰা অক্সিজেন তেজৰ সহায়ত শৰীৰৰ প্ৰতিটো কোষলৈ পৰিবাহিত হয়।

এনেদৰে শৰীৰৰ আন আন অংগ আৰু হাঁওফাঁওৰ মাজত তেজে যোগসূত্র স্থাপন কৰে। ঠিক একেদৰে শৰীৰৰ কোষসমূহত সৃষ্টি হোৱা হানিকাৰক ৰেচন পদার্থসমূহক তেজে বৃক্কলৈ কঢ়িয়াই আনি সেই অংগসমূহৰ লগত বৃক্কৰ এক যোগসূত্র স্থাপন কৰে।

প্রশ্ন 51: অস্থি কি ? ইয়াৰ কাৰ্য উল্লেখ কৰা।

উত্তৰ: অস্থি হ’ল এক শক্তিশালী আৰু অস্থিতিস্থাপক সংযোজক কলা। এই কলাৰ কোষবোৰ কেলছিয়াম আৰু ফচফ’ৰাছ যৌগৰ দ্বাৰা গঠিত কঠিন আধাৰদ্ৰব্যত পোত গৈ থাকে।

অস্থিৰ মুখ্য কাৰ্যসমূহ হ’ল:

(ক) প্রাণীদেহৰ ভাৰ বহন কৰা।

(খ) প্রাণীদেহক আকাৰ আৰু আকৃতি প্ৰদান কৰা।

(গ) মাংসপেশীৰ সৈতে সংলগ্ন হৈ বিভিন্ন অংগ-প্রত্যংগৰ চলনত সহায় কৰা।

প্রশ্ন 52 : লিগামেন্ট কি? ইয়াৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা ।

উত্তৰ: লিগামেন্ট হ’ল দুডাল অস্থিক পৰস্পৰৰ লগত সংযোগ কৰা এবিধ সংযোজক কলা।

লিগামেণ্টৰ দুটা বৈশিষ্ট্য হল—

(ক) এই কলা অতিকৈ শক্তিশালী।

(খ) এই কলা অতিকৈ স্থিতিস্থাপক।

প্রশ্ন 51ঃটেগুন কি ? ইয়াৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰ: টেণ্ডন হ’ল অস্থিৰ লগত পেশীক সংযোগ কৰা এবিধ সংযোজক কলা। টেণ্ডনৰ দুটা বৈশিষ্ট্য হ’ল –

(ক) এই কলা আঁহযুক্ত আৰু অতি শক্তিশালী।

(খ) এই কলাৰ স্থিতিস্থাপকতা কম।

প্রশ্ন 53 : এৰিওলাৰ কলা কি? ইয়াক ক’ত পোৱা যায় ? এৰিওলাৰ কলাৰ মুখ্য কাম কি ?

উত্তৰ : এবিওলাৰ কলা হ’ল এবিধ বগা, ঈষৎ স্বচ্ছ সংযোজক কলা য’ত আধাৰদ্ৰব্যত নিমজ্জিত হৈ থকা বস্তুবোৰৰ মাজত যথেষ্ট খালী স্থান বা এরিওল পোৱা যায়। এই কলা ছাল আৰু পেশীৰ মাজত, ৰক্তনলী আৰু স্নায়ুৰ চাৰিওকাষে আৰু তাস্থিমজ্জাত পোৱা যায়।

এৰিওলাৰ কলাৰ মুখ্য কাম হ’ল-

(ক) আভ্যন্তৰীণ অংগসমূহক সুৰক্ষা প্ৰদান কৰা

(খ) আন কলাৰ ক্ষত অংশৰ মেৰামতি কৰা।

(গ) অংগ-প্ৰত্যংগৰ ভিতৰৰ খালী স্থানবোৰ পূৰণ কৰা।

প্রশ্ন 54: মেদকলা কি? ইয়াৰ দুটা কাৰ্য উল্লেখ কৰা।

উত্তৰ : প্ৰাণীৰ শৰীৰত চৰ্বী সঞ্চয় কৰি ৰখা সংযোজক কলাবিধক মেদকলা বোলে। এই কলা ছালৰ তলত আৰু আভ্যন্তৰীণ অংগসমূহৰ মাজত পোৱা যায়।

মেদকলাৰ দুটা কাৰ্য হ’ল-

(ক) এই কলাই চৰ্বী সঞ্চয় কৰি ৰাখে।

(খ) চৰ্বী তাপৰ কু-পৰিবাহী হোৱা বাবে মেদকলাই শৰীৰৰ উষ্ণতাৰ সংৰক্ষণ কৰে।

Conclusion:

আমি বিশ্বাস কৰোঁ যে এই টোকাবোৰে শিক্ষাৰ্থীসকলক বিষয়বোৰৰ বিষয়ে ভালদৰে বুজাবুজি বিকশিত কৰাত আৰু তেওঁলোকৰ পৰীক্ষাৰ বাবে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰিব।

আমি নিশ্চিত যে এই টোকাবোৰে শিক্ষাৰ্থীসকলক তেওঁলোকৰ লক্ষ্য প্ৰাপ্ত কৰাত আৰু তেওঁলোকৰ শৈক্ষিক প্ৰদৰ্শন বৃদ্ধি কৰাত সহায় কৰিব। যদি আপুনি এই প্ৰবন্ধটো ভাল পায় আৰু সহায়ক হয় তেন্তে আপোনাৰ বন্ধুবৰ্গৰ সৈতে Share কৰিবলৈ নাপাহৰিব।

1 thought on “Class 9 Science Chapter 6 কলা Question Answer | SEBA”

Leave a Comment

error: Content is protected !!