Class 9 Science Chapter 5 জীৱৰ মৌলিক একক Question Answer | SEBA

আমাৰ ৱেবছাইটলৈ স্বাগতম! আপোনাৰ শৈক্ষিক যাত্ৰাৰ বাবে আপোনাক নবম শ্ৰেণীৰ Notes প্ৰদান কৰি আমি আনন্দিত।

আজি, এই প্ৰবন্ধটোত মই আপোনাৰ নবম শ্ৰেণীৰ জীৱৰ মৌলিক একক “[fundamental unit of life]” দীঘলয়া আৰু চুটি প্ৰশ্ন আলোচনা কৰিম| আমি প্ৰায় সকলো দীঘলয়া আৰু চুটি প্ৰশ্ন Solution প্ৰদান কৰিছোঁ।

আমাৰ লক্ষ্য হৈছে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰা। আমি ইয়াত বিনামূলীয়াকৈ Notes সমূহ প্ৰদান কৰিছো। আমি আপোনাক আগন্তুক পৰীক্ষাৰ বাবে শুভেচ্ছা জনাইছো। যদি আপোনাৰ কোনো সন্দেহ আছে তেন্তে আমাৰ সৈতে যোগাযোগ কৰক।

জীৱৰ মৌলিক একক Question Answer

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন 1 : তুমি অধ্যয়ন কৰি অহা কোষ অংগাণুবিলাকৰ ভিতৰৰ এনে দুটা কোষ অংগাণুৰ নাম উল্লেখ কৰা যি দুটাৰ আণুবংশিক পদার্থ থাকে।

উত্তৰ : মাইট’কন্ড্রিয়া আৰু প্লাষ্টিড।

প্রশ্ন 2 : কোষৰ অভ্যন্তৰৰ ক’ত প্ৰটিন সংশ্লেষণ সংঘটিত হয়?

উত্তৰঃ ৰাইব’জ মত।

প্রশ্ন 3 : কোষাৱৰণখন গঠনৰ বাবে লাগতিয়াল লিপিড আৰু প্ৰটিনবিলাক ক’ত সংশ্লেষিত হয়?

উত্তৰ : কোষাবৰণ গঠনৰ বাবে লাগতিয়াল লিপিড মসৃণ অন্তঃপ্ৰৰসীয় জালিকাত আৰু প্ৰটিন অমসৃণ অন্তঃপ্ৰৰসীয় জালিকাত সংশ্লেষিত হয়। অমসৃণ অন্তঃপ্ৰসীয় জালিকাৰ পৃষ্ঠত থকা ৰাইব’জমে প্ৰটিন উৎপাদনত সহায় কৰে।

প্রশ্ন 4 : কোষৰ বৰ্জিত গেছীয় পদাৰ্থটোৰ নাম লিখা।

উত্তৰ: কার্বন-ডাই-অক্সাইড।

প্রশ্ন 5 : ভাইৰাছক কিয় জীৱ বুলি আখ্যা দিয়া নহয়?

উত্তৰ : ভাইৰাছৰ কোষাবৰণ নাথাকে। সেয়ে ই জীৱৰ বৈশিষ্ট্য নেদেখুৱায়। ই কোনো জীৱৰ শৰীৰত প্ৰৱেশ কৰিলেহে সেই জীৱবিধৰ জৈৱ প্ৰণালী ব্যৱহাৰ কৰি বংশবৃদ্ধি কৰে।

প্রশ্ন 6 : অন্তঃকোষীয় প্ৰক্ৰিয়াৰে ভক্ষণ কৰা প্ৰাণী এবিধৰ নাম লিখা।

উত্তৰ : এমিবা ।

প্রশ্ন 7 : আসৃতি কি ?

উত্তৰ: এখন অর্ধভেদ্য আৱৰণৰ মাজেৰে উচ্চ পানীৰ গাঢ়তা অঞ্চলৰ পৰা নিম্ন পানীৰ গাঢ়তা অঞ্চললৈ পানীৰ প্ৰৱাহক আসৃতি বোলে।

প্রশ্ন ৪ : কোনে পোন প্রথমে মুক্তভাৱে বিচৰণশীল কোষ আৱিষ্কাৰ কৰিছিল ?

উত্তৰ : লিউৱেনহুকে পোন প্ৰথমে পুখুৰীৰ পানীত মুক্তভাৱে বিচৰণশীল জীৱিত কোষ আৱিষ্কাৰ কৰিছিল ৷

প্রশ্ন 9 : কোষৰ কোষকেন্দ্ৰ কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ : ৰবাৰ্ট ব্রাউনে।

প্রশ্ন 10 : ‘প্রট’ প্লাজম’ নামটো কোনে দিছিল?

উত্তৰ: পাৰকিন্‌জেই।

প্রশ্ন 11 : ‘কোষ মতবাদ’ কোন দুজন বিজ্ঞানীয়ে আগবঢ়াইছিল ?

উত্তৰ : শ্লেইডেন আৰু স্বোৱানে।

প্রশ্ন 12: কোষ মতবাদ কি?

উত্তৰ : কোষ মতবাদ অনুসৰি সকলো উদ্ভিদ আৰু প্ৰাণী কোষেৰে গঠিত আৰু কোষ হ’ল জীৱৰ মৌলিক একক।

প্রশ্ন 13 : ব্যাপন কি?

উত্তৰ: কোনো পদাৰ্থৰ উচ্চ গাঢ়তা অঞ্চলৰ পৰা নিম্ন গাঢ়তা অঞ্চললৈ স্বতঃস্ফূর্ত সঞ্চালনকে ব্যাপন বোলে।

প্রশ্ন 14 : জিন কি?

উত্তৰ : DNA ৰ একোটা কাৰ্যকৰী খণ্ডক জিন বোলে৷

প্রশ্ন 15 : নিউক্লিয়ড কি?

উত্তৰ: কেবল মাত্র নিউক্লিক এচিড থকা প্রকোষকেন্দ্ৰীয় কোষৰ অনিৰ্দিষ্ট কেন্দ্রাঞ্চলক নিউক্লিয়ড বোলে৷

প্রশ্ন 16 : প্লাষ্টিড কেইপ্ৰকাৰৰ আৰু কি কি?

উত্তৰ : প্লাষ্টিড দুই প্ৰকাৰৰ। যেনেঃ বর্ণ কণা আৰু অবৰ্ণ কণা।

প্রশ্ন 17: সকলো কোষতে পোৱা যোৱা কোষৰ মুখ্য অংশ কেইটা কি কি?

উত্তৰঃ সকলোকোষতে পোৱা যোৱা কোষৰ মুখ্য অংশ কেইটা হ’ল – কোষাৱৰণ, কোষকেন্দ্ৰ আৰু কোষপ্ৰৰস।

প্রশ্ন 18:কি প্ৰক্ৰিয়াৰে কাৰ্বন-ডাই-অক্সাইড আৰু অক্সিজেন কোষাৱৰণৰ মাজেৰে অহা-যোৱা কৰে ?

উত্তৰঃ কার্বন-ডাই-অক্সাইড আৰু অক্সিজেন কোযাবৰণৰ মাজেৰে ব্যাপন প্রক্রিয়াবে অহা-যোৱা কৰে।

প্রশ্ন 19: কোষাৱৰণ কিহেৰে তৈয়াৰী ?

উত্তৰ : কোষাৱৰণ লিপিড আৰু প্ৰটিনেৰে তৈয়াৰী।

প্রশ্ন 20: উদ্ভিদ কোষত চেলুল’জৰ কাম কি?

উত্তৰ : উদ্ভিদকোষৰ কোষবেৰ চেলুল’জৰ দ্বাৰা গঠন হয়। চেলুল’জ এটা জটিল পদার্থ যিয়ে উদ্ভিদ কোষক দৃঢ়তা প্রদান কৰে।

প্রশ্ন 21: কেন্দ্ৰাৱৰণ কাক বোলে?

উত্তৰঃ কোষকেন্দ্ৰক,আৱৰি থকা দুতৰপীয়া আৱৰণীখনকে কেন্দ্ৰাৱৰণ বোলে।

প্রশ্ন 22: ক্রম’জ’ম ক’ত পোৱা যায় ?

উত্তৰ: ক্ৰম’জ’ম কোষকেন্দ্ৰত পোৱা যায়।

প্রশ্ন 23 : পিতৃ-মাতৃৰ বংশগত চৰিত্ৰ কিহে পৰবৰ্তী প্রজন্মলৈ কঢ়িয়াই নিয়ে?

উত্তৰ : পিতৃ-মাতৃৰ বংশগত চৰিত্ৰ ক্ৰম’জ’মে পৰবৰ্তী প্রজন্মলৈ কঢ়িয়াই নিয়ে।

প্রশ্ন 24: ক্ৰম’জ’ম কিহেৰে তৈয়াৰী ?

উত্তৰঃ ক্ৰম’জম DNA আৰু প্ৰটিনেৰে তৈয়াৰী

প্রশ্ন 25: DNA কি?

উত্তৰ : DNA হ’ল Deoxyribonucleic Acid ৰ সংক্ষিপ্ত ৰূপ। এই DNA ৰ সূত্ৰবিলাকেই প্ৰটিনৰ লগত লগ লাগি ক্ৰম’জ’ম গঠন কৰে।

প্রশ্ন 26: DNA ৰ কাম কি?

উত্তৰঃ DNA ৰ দ্বাৰা ক্ৰম’জ’ম গঠিত হয়। ক্ৰম’জ ‘মত থকা এই DNA অণুসমূহেই পিতৃ-মাতৃৰ বংশগত চৰিত্ৰ পৰবৰ্তী প্রজন্মলৈ বহন কৰে।

প্রশ্ন 27: DNA ৰ একোটা কাৰ্যকৰী খণ্ডক কি বোলে?

উত্তৰ : DNA ৰ একোটা কাৰ্যকৰী খণ্ডক জিন বোলা হয়।

প্রশ্ন 28 : কোষ বিভাজন নোহাৱা অৱস্থাত কোষকেন্দ্ৰত DNA বিলাকক কি নামেৰে জনা যায় ?

উত্তৰ : কোষ বিভাজন নোহোৱা অৱস্থাত কোষকেন্দ্ৰত DNA বিলাকক ক্ৰ’মেটিন দ্রব্য হিচাপে জনা যায়।

প্রশ্ন 29: ৰাইব ‘জ’মৰ কাম কি?

উত্তৰ : ৰাইব’জমৰ মুখ্য কাম হ’ল প্ৰটিন সংশ্লেষণ কৰা।

প্রশ্ন 30 : কোন প্রকাৰৰ অন্তঃপ্ৰৰসীয় জালিকাই প্ৰটিন সংশ্লেষণ কৰে?

উত্তৰ : অমসৃণ অন্তঃপ্ৰৰসীয় জালিকাই তাৰ পৃষ্ঠাত থকা ৰাইব’জ’মৰ সহায়ত প্ৰটিন সংশ্লেষণ কৰে।

প্রশ্ন 31 : কোন প্ৰকাৰৰ অন্তঃপ্ৰৰসীয় জালিকাই লিপিড সংশ্লেষণ কৰে?

উত্তৰ : মসৃণ অন্তঃপ্ৰৰসীয় জালিকাই লিপিড সংশ্লেষণ কৰে।

প্রশ্ন 32 : মেম্‌নে বাইঅ’জেনেছিছ (Membrane Biogenesis) কি?

উত্তৰ : অন্তঃপ্ৰৰসীয় জালিকাত উৎপন্ন হোৱা প্ৰটিন আৰু লিপিডৰ এটা অংশ কোষাৱৰণৰ গঠনত সহায় কৰে। এই প্ৰক্ৰিয়াক মেম্‌ব্রেন বাইঅ’জেনেছিছ বোলে।

প্রশ্ন 33: গলজি সংঘ কোনে আৱিষ্কাৰ কৰিছিল ?

উত্তৰ : গলজি সংঘ কেমিল’ গলজিয়ে আৱিষ্কাৰ কৰিছিল।

প্রশ্ন 34: কোষৰ আত্মঘাতী মোনা কাক আখ্যা দিয়া হয়?

উত্তৰ : কোষৰ আত্মঘাতী মোনা লাইছ’ছ’মক আখ্যা দিয়া হয়।

প্রশ্ন 35: লাইছ ‘ছমত থকা উৎসেচক কিহে তৈয়াৰ কৰি দিয়ে ?

উত্তৰ: লাইছছ’মত থকা উৎসেচক অমসৃণ অন্তঃপ্ৰৰসীয়া জালিকাই তৈয়াৰ কৰি দিয়ে।

প্রশ্ন 36: কোষৰ শক্তিৰ ভঁৰাল বুলি কোনটো কোষ অংগাণুক কোৱা হয়?

উত্তৰ : কোষৰ শক্তিৰ ভঁৰাল বুলি মাইট’কন্ডিয়াক কোৱা হয় ।

প্রশ্ন 37: ATP ৰ সম্পূৰ্ণ ৰূপটো কি?

উত্তৰঃ ATPৰ সম্পূৰ্ণৰূপ হ’ল এডিন’চাইন ট্রাই ফপছেট (Adenosine triphoshate)

প্রশ্ন 38 : ঊমা বুলিলে কি বুজা?

উত্তৰ : প্লাষ্টিডৰ আৱৰণী বিশিষ্ট তৰপবোৰ (গ্ৰেণাম) যি আধাৰদ্ৰব্যত নিমজ্জিত হৈ থাকে, তাকে ষ্টুমা বোলে।

প্রশ্ন 39 : আণুবংশিক দ্ৰব্য কাক আৰু কিয় কয়?

উত্তৰঃ আণুবংশিক দ্ৰব্য DNA ক কোৱা হয়, কাৰণ DNA য়ে পিতৃ-মাতৃৰ আণুবংশিক চৰিত্ৰ পিছৰ প্ৰজন্মলৈ বহন কৰে। অবৰ্ণ কণাৰ মুখ্য কাম হ’ল শ্বেতসাৰ, তৈল পদাৰ্থ আৰু প্ৰটিনৰ কণিকা সঞ্চয় কৰি ৰখা৷

প্রশ্ন 40 : অবর্ণ কণা কি? ইহঁতৰ মুখ্য কাম কি?

উত্তৰ : বগা বা বৰণহীন প্লাষ্টিডবোৰক অবর্ণ কণা বোলে৷

প্রশ্ন 41 : খালী ঠাই পূৰ কৰা

(i) কোষৰ আৱিষ্কাৰক বিজ্ঞানীজনৰ নাম_______|

উত্তৰ : ৰবাৰ্ট হুক।

(ii) _______ৰ কোষে নিজৰ আকৃতি সলনি কৰিব পাৰে।

উত্তৰ : এমিবা ।

(iii) কোষাৱৰণখন এখন_____আৱৰণ।

উত্তৰ : অর্ধভেদ্য।

(iv) কোষাৱৰণৰ মাজেৰে কাৰ্বন-ডাই-অক্সাইড আৰু অক্সিজেন_____প্ৰক্ৰিয়াৰে অহা-যোৱা কৰে।

উত্তৰঃ ব্যাপন।

(v) উচ্চ গাঢ়তা অঞ্চলৰ পৰা নিম্ন গাঢ়তা অঞ্চললৈ পদাৰ্থৰ স্বতঃস্ফূর্ত সঞ্চালনক_____বোলে।

উত্তৰ : ব্যাপন।

(vi) উচ্চ পানীৰ গাঢ়তা অঞ্চলৰ পৰা নিম্ন পানীৰ গাঢ়তা অঞ্চললৈ এখন অর্ধভেদ্য আৱৰণৰ মাজেৰে পানীৰ গতিক____বোলে।

উত্তৰ : আসৃতি

(vii)______হ’ল এখন অর্ধভেদ্য আৱৰণৰ মাজেৰে হোৱা এক বিশেষ ব্যাপন প্রক্রিয়া।

উত্তৰ: আসৃতি।

(viii) উদ্ভিদৰ শিপাৰ দ্বাৰা পানীৰ শোষণ এটা_____ক্ৰিয়াৰ উদাহৰণ।

উত্তৰ : আসৃতি।

(ix) কোষাৱৰণখন_____আৰু _____ৰে তৈয়াৰী।

উত্তৰ: লিপিড, প্রটিন।

(x) এমিবাই_____প্ৰক্ৰিয়াৰে খাদ্য আহৰণ কৰে।

উত্তৰ : অন্তঃকোষীয় ভক্ষণ।

(xi) উদ্ভিদ কোষৰ বহিঃ আৱৰণীখন হ’ল______|

উত্তৰঃ কোষাবেৰ৷

(xii) প্রাণীকোষৰ বহিঃআৱৰণীখন হ’ল_________|

উত্তৰ: কোষাৱৰণ।

(xiii) কোষবেৰ_________ৰে তৈয়াৰী।

উত্তৰ : চেলুল’জ।

(xiv) উদ্ভিদ, ভেঁকুৰ আৰু বেক্টেৰিয়াৰ কোষটোক লঘু বা অল্পসাৰী মাধ্যমত______য়ে ফাটি যোৱাৰ পৰা ৰক্ষা কৰে।

উত্তৰ: কোষবেৰে।

(xv) কেন্দ্ৰাৱৰণখন_____আৱৰণী বিশিষ্ট আৱৰণ।

উত্তৰ: দুখন।

(xvi) ক্ৰমজ’ম______ত পোৱা যায় ৷

উত্তৰ: কোষকেন্দ্র।

(xvii) ক্ৰম’জ’মবোৰ_____ আৰু______ৰে তৈয়াৰী।

উত্তৰঃ DNA, প্রটিন।

(xviii) কোষ বিভাজন নোহোৱা অৱস্থাত কোষকেন্দ্ৰত DNAৰ সূত্ৰ সমূহক______হিচাপে পোৱা যায়।

উত্তৰঃ ক্ৰমেটিন দ্রব্য।

(xix) কোষৰ ভিতৰত পোৱা অৰ্ধজুলীয়া পদার্থখিনিক_____বোলে।

উত্তৰ : কোষপ্রস।.

(xx) গলগি সংঘৰ আৱিষ্কাৰক বিজ্ঞানীজন হ’ল_________|

উত্তৰঃ কেমিল’ গলজি।

(xxi) লাইছ ‘ছ’মৰ সৃষ্টিত অংশ লোৱা কোষ অংগাণুবিধ হ’ল_______|

উত্তৰ : গলগি সংঘ।

(xxii) আত্মঘাতী মোনা বুলি______ক জনা যায়।

উত্তৰঃ লাইছ ছ’ম।

(xxiii) কোষৰ শক্তিৰ ভঁৰাল বুলি __________ক আখ্যা দিয়া হয়।

উত্তৰ : মাইট’কন্ড্রিয়াক।

(xiv) হৰিকণা______প্ৰক্ৰিয়াৰ বাবে অত্যাৱশ্যকীয়।

উত্তৰ : সালোক-সংশ্লেষণ।

(xv) প্লাষ্টিডৰ প্ৰকাৰ দুটা হ’ল_____আৰু______|

উত্তৰ : বৰ্ণকণা, অবর্ণ কণা।

(xvi) কোষত গোটা আৰু তৰল পদার্থ সঞ্চিত কৰা কোষ অংগাণুবিধক______নামেৰে জনা যায়।

উত্তৰ : ৰসধানী।

(xvii) জীৱৰ গঠন আৰু কাৰ্যৰ মৌলিক একক হ’ল______|

উত্তৰ : কোষ।

প্রশ্ন 32 : তলৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা :

(i) তলৰ কোনটো কোষ অংগাণু প্রাণীকোষত পোৱা নাযায়?

(ক) মাইট’কন্ড্রিয়া (খ) গলজি সংঘ (গ) ৰসধানী (ঘ) প্লাষ্টিড

উত্তৰ : (ঘ) প্লাষ্টিড

(ii) উদ্ভিদৰ কোষবেৰ গঠনকাৰী পদাৰ্থবিধ হ’ল—

(ক) প্রটিন

(খ) লিপিড

(গ) গ্লুক’জ

(ঘ) চেলুল’জ

উত্তৰ : (ঘ) চেলুল’জ

(iii) তলৰ কোনটো প্ৰকোষকেন্দ্রীয় কোষৰ বৈশিষ্ট্য নহয়-

(ক) আকাৰত সৰু

(খ) কেন্দ্রাঞ্চল অনির্দিষ্ট।

(গ) এডালতকৈ বেছি ক্রম’জ’ম থাকে।

(ঘ) কোষ অংগাণু পোৱা নাযায়।

উত্তৰ : (গ) এডালতকৈ বেছি ক্ৰমজ’ম থাকে।

(iv) তলৰ কোনটো জীৱৰ কোষাবৰণ নাথাকে-

(ক) এমিবা

(খ) ভাইৰাচ

(গ) পেৰামিচিয়াম

(ঘ) বেক্টেৰিয়া

উত্তৰ : (খ) ভাইৰাচ

(v) প্রটিন সংশ্লেষণকাৰী কণিকা হ’ল –

(ক) লাইছ’ছম

(খ) ৰাইব’জম

(গ) মেছ’ছ’ম

(ঘ) চেণ্ট্ৰ ছম

উত্তৰ : (খ) ৰাইব’জম

(vi) তলৰ কোনটো কোষ অংগাণুত লিপিড সংশ্লেষণ হয়-

(ক) মাইট’কন্ড্রিয়া

(খ) গলজি সংঘ

(গ) মসৃণ অন্তঃপ্ৰৰসীয় জালিকা

(ঘ) অমসৃণ অন্তঃপ্রসীয় জালিকা

উত্তৰ: (গ) মসৃণ অন্তঃপ্ৰৰসীয় জালিকা

(vii) শক্তি সঞ্চয়কাৰী ATP অণু উৎপাদন কৰা কোষ অংগাণুবিধ –

(ক) অন্তঃপ্ৰৰসীয় জালিকা

(খ) গলজি সংঘ

(ঘ) ৰসধানী

(গ) মাইট’কন্ড্রিয়া

উত্তৰ: (গ) মাইট’কড়িয়া

(viii) দুখন আৱৰণী বিশিষ্ট কোষ অংগাণুবিধ হ’ল –

(ক) অন্তঃপ্ৰৰসীয় জালিকা

(খ) প্লাষ্টিড

(গ) গলজি সংঘ

(ঘ) লাইছ ‘ছম

উত্তৰ: (খ) প্লাষ্টিড।

চমু প্রশ্নোত্তৰ

প্রশ্ন 1 : কোষ কোনে আৰু কেনেকৈ আৱিষ্কাৰ কৰিছিল ?

উত্তৰঃ কোষ 1665 চনত ৰবৰ্টি হুক নামৰ বিজ্ঞানীজনে আৱিস্কাৰ কৰিছিল। তেখেতে কৰ্ক (গছৰ বাকলি)ৰ পাতল আৱৰণ এখন নিজে প্ৰস্তুত কৰি উলিওৱা অণুবীক্ষণ যন্ত্ৰৰ সহায়ত পৰ্যবেক্ষণ কৰাত, তাত মৌ-কোঁহৰ আকৃতিৰ কিছুমান সৰু সৰু কোঠালি দেখিবলৈ পাইছিল। এই কোঠালিবোৰকেই তেখেতে ‘কোষ’ নাম দিছিল ।

প্রশ্ন 2 : কোষক কিয় গঠন আৰু কাৰ্যৰ মৌলিক একক বুলি অভিহিত করা হয়?

উত্তৰ : ক্ষুদ্রাতিক্ষুদ্ৰৰ পৰা অতিকায় সকলো জীৱই কোষৰ দ্বাৰা গঠিত। আনহাতে জীৱদেহত সংঘটিত সকলো জৈৱৰাসায়নিক প্রক্রিয়াই আচলতে কোযৰ ভিতৰতহে সংঘটিত হয়। কোষৰ ভিতৰত থকা কোষ অংগাণুসমূহে এই কাৰ্যসমূহ সংঘটিত কৰি জীৱক জীয়াই ৰাখে। সেয়ে কোষক জীৱৰ গঠন আৰু কাৰ্যৰ মৌলিক একক বুলি অভিহিত কৰা হয়।

প্রশ্ন 3 : CO, আৰু পানীৰ দৰে পদাৰ্থবিলাক কোষৰ ভিতৰলৈ বা বাহিৰলৈ কেনেদৰে চলাচল কৰে? আলোচনা কৰা।

উত্তৰ : CO, আৰু পানী কোষৰ ভিতৰলৈ বা বাহিৰলৈ ব্যাপন প্ৰক্ৰিয়াৰে অহাযোৱা কৰে। যেতিয়া কোষৰ বাহিৰৰ পৰিবেশত CO, গেছৰ গাঢ়তা কোষৰ ভিতৰতকৈ বেছি হয় তেতিয়া CO, ব্যাপন প্ৰক্ৰিয়াৰে কোষৰ বাহিৰৰ পৰিবেশৰ পৰা কোষৰ ভিতৰলৈ সোমায় । আনহাতে CO, ৰ গাঢ়তা কোষৰ ভিতৰত বেছি হ’লে ই কোষৰ ভিতৰৰ পৰা বাহিৰৰ পৰিবেশলৈ ওলাই আহে। আনহাতে কোষৰ কোষাবৰণৰ মাজেৰে পানীৰ চলাচল এক বিশেষ ধৰণৰ ব্যাপন প্ৰক্ৰিয়াৰে চলে, যাক আসৃতি বোলা হয়।

কোষৰ ভিতৰত পানীৰ গাঢ়তা কোষৰ বাহিৰৰ পৰিবেশতকৈ বেছি হ’লে, অৰ্থাৎ বাহিৰৰ মাধ্যমটো গাঢ় হ’লে, পানী আসৃত্তি প্ৰক্ৰিয়াৰে কোষৰ বাহিৰলৈ ওলাই যায়। তেনেদৰে বাহিৰৰ মাধ্যমটোৰ পানীৰ গাঢ়তা বেছি হ’লে অর্থাৎ মাধ্যমটো লঘু হলে, পানী আসৃতিৰ দ্বাৰা কোষৰ ভিতৰলৈ সোমায়।

প্রশ্ন 4 : কোষাৱৰণ খনক কিয়া অর্ধভেদ্য আৱৰণ বুলি আখ্যা দিয়া হয়?

উত্তৰ : কোষাৱৰণখনে কিছুমান নিৰ্দ্দিষ্ট দ্রব্যক কোষৰ ভিতৰলৈ সোমোৱাত আৰু কোষৰ বাহিৰলৈ ওলাই অহাত সহায় কৰে। আনহাতে ই আন কিছুমান দ্ৰবৰ অহা-যোৱাত বাধা প্ৰদান কৰে। সেয়ে কোষাবৰণখনক অর্ধভেদ্য আৱৰণ বুলি আখ্যা দিয়া হয়।

প্রশ্ন 5 : প্ৰকোষকেন্দ্ৰীয় আৰু সংকোষকেন্দ্ৰীয় কোষৰ পাৰ্থক্যসমূহ উল্লেখ কৰা।

সংকোষকেন্দ্রীয় কোষপ্রকোষকেন্দ্রীয় কোষ
আকাৰ সাধাৰণতে সৰু ৷আকাৰ সাধাৰণতে ডাঙৰ।
কেন্দ্ৰাঞ্চল অনিৰ্দ্দিষ্ট আৰু ইয়াক কেন্দ্ৰাবৰণে আগুৰি নাথাকে। এনে কেন্দ্রাঞ্চলক নিউক্লিয়ড বোলে।কেন্দ্ৰাঞ্চল সু-নিৰ্দ্দিষ্ট আৰু ইয়াক কেন্দ্ৰাৱৰণে আগুৰি থাকে।
ক্রম’জম এডাল।ক্ৰম ‘জম এডালতকৈ বেছি থাকে।
আৱৰণী বিশিষ্ট কোষ অংগাণু নাথাকে।আৱৰণী বিশিষ্ট কোষ অংগাণু |

প্রশ্ন 6 : যদিহে কিছুমান ভৌতিক বা ৰাসায়নিক কাৰকৰ প্ৰভাৱত কোষৰ সংগঠনৰ ক্ষতি হয় তেতিয়া কি হ’ব?

উত্তৰ : কোষাৱৰণ আৰু কোষ অংগাণুসমূহৰ এক বিশেষ ধৰণৰ সজ্জাৰ ফলত কোয এটাই নিৰ্দিষ্ট গঠন আৰু কাৰ্য সম্পাদনৰ সামর্থ্য লাভ কৰে। সেয়ে কোনো ভৌতিক বা ৰাসায়নিক কাৰকৰ প্ৰভাৱত এই সংগঠনৰ ক্ষতি হ’লে কোষ এটাই কিছুমান নির্দিষ্ট কার্য যেনে শ্বসন, পৰিপুষ্টি সাধন, ৰেচন, নতুন প্ৰটিনৰ উৎপাদন আদি সমাধা কৰাত অসমৰ্থ হ’ব।

প্রশ্ন 7 : লাইছ’ছমক কিয় আত্মঘাতী মোনা আখ্যা দিয়া হয়?

উত্তৰ : লাইছ’ছম সমূহত এক বিশেষ শক্তিশালী পৰিপাকীয় উৎসচক পোৱা যায়। যেতিয়া কোষৰ বিপাকীয় কাৰ্যৰ বিসংগতিৰ বাবে কোষটোৰ ক্ষতিসাধন হয়, তেতিয়া লাইছ’ছমটো ফাটি তাৰ ভিতৰৰ উৎসেচক্ৰৰ দ্বাৰা নিজ কোষটোক পাচিত কৰি ধ্বংস কৰিব পাৰে। সেয়ে লাইছ’ছমক কোষৰ আত্মঘাতী মোনা আখ্যা দিয়া হয়।

প্রশ্ন ৪ : লাইছ’ছম কি? ইয়াৰ কাৰ্য উল্লেখ কৰা।

উত্তৰ: লাইছ’ছম হ’ল পৰিপাকীয় উৎসেচকেৰে পূৰ্ণ আৱৰণী বিশিষ্ট কিছুমান মোনাৰ দৰে গঠন । লাইছ’ছমৰ মুখ্য কাম হ’ল কোষত প্ৰৱেশ কৰা বাহিৰা পদাৰ্থ আৰু মৃত কোষ অংগাণুসমূহক পাচন কৰি কোষটোক নিকা কৰি ৰখা |

প্রশ্ন 9 : উদ্ভিদ কোষ আৰু প্ৰাণীকোষৰ মাজত তুলনা কৰি কি কি ক্ষেত্ৰত উদ্ভিদ কোষ এটা প্রাণী কোষতকৈ পৃথক উল্লেখ কৰা।

উত্তৰ :

উদ্ভিদ কোষপ্রাণী কোষ
কোষবেৰ পোৱা যায় ৷কোষবেৰ নাথাকে।
প্লাষ্টিড পোৱা যায়।প্লাষ্টিড নাথাকে।
ৰসধানীৰ আকাৰ ডাঙৰ।ৰসধানীৰ আকাৰ সৰু ৷

প্রশ্ন 10: কোষৰ কোষাৱৰণখন ফাটি গ’লে কি হ’ব?

উত্তৰ : কোষ এটাত কোষাৱৰণখন আৰু কোষ অংগাণু সমূহ এক বিশেষ সাজোনেৰে সজ্জিত হৈ থাকে। যাৰ ফলত কোষটোৱে এক নিৰ্দিষ্ট গঠন লাভ কৰে আৰু ই নিৰ্দিষ্ট কাৰ্যসমূহ সম্পাদন কৰাৰ সামর্থ্য লাভ কৰে। কোষাৱৰণখন ফাটি গ’লে কোষৰ এই নিৰ্দিষ্ট সংগঠনটো ভাঙি যাব আৰু কোষটোৱে নিজৰ অস্তিত্ব হেৰুৱাৰ লগতে ই বিশেষ কার্যসমূহ সম্পাদন কৰাৰ সামৰ্থ্য হেৰুৱাব।

প্রশ্ন 11: কোষ একোটাত যদি গলজি সংঘ নাথাকে তেন্তে কোষটোৰ জীৱনত কি প্ৰভাৱ পৰিব?

উত্তৰ : কোষ এটাত গলজি সংঘ নাথাকিলে কোষটোৰ বিভিন্ন কার্য সম্পাদনত ব্যাঘাত জন্মিব। কাৰণ গলজি সংঘই কোষৰ ভিতৰত উৎপাদিত বিভিন্ন লাগতিয়াল দ্ৰব্যৰ সঞ্চয়, বন্ধন আৰু ৰূপান্তৰ ঘটায়। গলজি সংঘই সৰল শৰ্কৰাক জটিল শৰ্কৰালৈ পৰিবৰ্তন কৰে। তেনেদৰে ই লাইছ ‘ছমৰ সৃষ্টিতো বিশেষ ভূমিকা গ্ৰহণ কৰে।

এনেদৰে গলজি সংঘৰ অনুপস্থিতিত কোষ এটাৰ বিভিন্ন কোষ অংগাণুসমূহ ক্ষতিগ্রস্ত হোৱাৰ ফলত কোষটোৱে নিয়মীয়াভাৱে কাৰ্য সম্পাদন কৰাত বাধাগ্রস্ত হ’ব।

প্রশ্ন 12 : কোনটো কোষ অংগাণুক কোষৰ শক্তিৰ ভঁৰাল বুলি আখ্যা দিয়া হয় আৰু কিয় ?

উত্তৰ: মাইট্ৰ’কন্ড্রিয়াক কোষৰ শক্তিৰ ভঁৰাল আখ্যা দিয়া হয়। জীৱক জীয়াই থাকিবলৈ দৰকাৰ হোৱা বিভিন্ন জৈৱ-ৰাসায়নিক বিক্ৰিয়াৰ বাবে প্ৰয়োজনীয় শক্তি মাইট’কন্ড্রিয়াই ATP অণু হিচাপে যোগান ধৰে। সেয়ে মাইট’কন্ড্রিয়াক কোষৰ শক্তিৰ ভঁৰাল বুলি আখ্যা দিয়া হয়।

প্রশ্ন 13 : এমিবাই কি দৰে আহাৰ গ্ৰহণ কৰে?

উত্তৰ: এমিবা এবিধ এককোষী জীৱ। ইয়াৰ কোষাৱৰণখন নমনীয় গুণসম্পন্ন হোৱা, হেতুকে ই আৱৰণখন বিশেষ কায়দাৰে ভাঁজ খুৱাই খাদ্যৰ কণিকাটোক আবৰি ধৰি কোষৰ ভিতৰলৈ সুমুৱাই লয়। এই প্রক্রিয়াটোক অন্তঃকোষীয় ভক্ষণ বোলে।

প্রশ্ন 14 : আসৃতিৰ দুটা ব্যৱহাৰ লিখা।

উত্তৰ : আসৃতিৰ দুটা ব্যৱহাৰ হ’ল—

(ক) বিশুদ্ধ পানীত থকা এককোষী জীৱ আৰু বেছিভাগ উদ্ভিদকোষে আসৃতিৰ সহায়ত পানী গ্ৰহণ কৰে।

(খ) উদ্ভিদৰ শিপাই আসৃতিৰ সহায়ত পানী শোষণ কৰে।

প্রশ্ন 15: প্ৰট’প্লাজমৰ সংকোচন বা প্লাজম’লাইছিছ কি?

উত্তৰ : যেতিয়া এটা জীৱিত উদ্ভিদকোষে আসৃতিৰ দ্বাৰা পানী-বাহিৰলৈ উলিয়াই দিয়ে তেতিয়া কোষাৱৰণেৰে সৈতে কোষস্থ পদার্থখিনিৰ সংকোচন ঘটি ই কোষবেৰৰ পৰা আঁতৰি আহে। এই পৰিঘটনাক প্ৰট’প্লাজমৰ সংকোচন বা প্লাজম’লাইছিছ বোলে।

প্রশ্ন 16 : লঘু বা অল্পসাৰী মাধ্যমত কোষবেৰে উদ্ভিদ, ভেঁকুৰ আদি জীৱৰ কোষটো কেনেদৰে ফাটি যোৱাৰ পৰা ৰক্ষা কৰে?

উত্তৰ: লঘু বা অল্পসাৰী মাধ্যমত উদ্ভিদ, ভেঁকুৰ আদিৰ কোষৰ ভিতৰলৈ আসৃতিৰ দ্বাৰা পানী সোমাই অহাৰ ফলত কোষটো ওফন্দি উঠি কোষবেৰখনত ভিতৰৰ পৰা এক চাপ প্রয়োগ কৰে। কোষবেৰখন দৃঢ় হোৱা বাবে ইও কোষৰ ভিতৰফাললৈ এক সমান চাপ প্রয়োগ কৰে। এনেদৰে লঘু মাধ্যমত কোষটো ফাটি যোৱাৰ পৰা ৰক্ষা পৰে।

প্রশ্ন 17 : কোষকেন্দ্ৰৰ কাৰ্য বা তাৎপর্য উল্লেখ কৰা।

উত্তৰ: কোষকেন্দ্ৰৰ মুখ্য কাম হ’ল—

(ক.) ই কোষ বিভাজনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

(খ) ই কোষ একোটাৰ বিকাশ আৰু গঠন নিয়ন্ত্ৰণ কৰে।

প্রশ্ন 18 : অন্তঃপ্ৰৰসীয় জালিকা কি? ইয়াৰ কাৰ্য উল্লেখ কৰা।

উত্তৰ : অন্তঃপ্ৰৰসীয় জালিকা হ’ল কিছুমান আৱৰণী বিশিষ্ট নলাকাৰ আৰু মোনাকাৰ গঠন যি কোষপ্ৰৰসত জালিকাৰ সৃষ্টি কৰি থাকে৷

অন্তঃপ্ৰৰসীয় জালিকাৰ কাৰ্য :

(ক) কোষপ্ৰৰসৰ বিভিন্ন অঞ্চলৰ মাজত বিভিন্ন পদার্থ সৰবৰাহ কৰা ।

(খ) কোষপ্ৰৰসৰ বিভিন্ন জৈব ৰাসায়নিক প্রক্রিয়াসমূহৰ বাবে ঠাইৰ যোগান ধৰা।

(গ) অমসৃণ অন্তঃপ্ৰৰসীয় জালিকাই প্ৰটিন আৰু মসৃণ অন্তঃপ্ৰৰসীয় জালিকাই লিপিড সংশ্লেষণত অংশ লয়।

(ঘ) মসৃণ অন্তঃপ্ৰৰসীয় জালিকাই মেৰুদণ্ডী প্রাণীৰ যকৃত বোৰত কিছুমান বিহ আৰু ঔষধক বিষাক্তহীনতা কৰাত সহায় কৰে।

প্রশ্ন 19: গলগি সংঘ কি? ইয়াৰ কাৰ্য উল্লেখ কৰা।

উত্তৰ : গলগি সংঘ হ’ল আৱৰণী বিশিষ্ট কিছুমান মোনাকাৰ গঠন যাক ভেচিলচ বোলে যি সমান্তৰাল ভাৱে সজ্জিত হৈ ঠাকৰ সৃষ্টি কৰে। এনে একোটা ঠাকক চিষ্টাৰণি বোলা হয় |

গলজি সংঘৰ কাৰ্যঃ

(ক) গলগি সংঘৰ মুখ্য কাম হ’ল বিভিন্ন দ্ৰব্যৰ সঞ্চয়, বন্ধন আৰু ৰূপান্তৰণ।

(খ) ই সৰল শৰ্কৰাক জটিল শৰ্কৰালৈ পৰিবৰ্তন কৰে।

(গ) ই লাইছ’ছমৰ গঠনত সহায় কৰে ৷

প্রশ্ন 20 : প্লাষ্টিডৰ কাম কি?

উত্তৰ :

পালষ্টিডৰ কাম হ’ল –

(ক) হৰিণকণাই সালোক-সংশ্লেষণত সহায় কৰে।

(খ) অবৰ্ণ কণাবোৰ শ্বেতসাৰ, তৈল পদাৰ্থ আৰু প্ৰটিনৰ কণিকা সঞ্চয় কৰি ৰাখে।

প্রশ্ন 21 : ৰসধানী কি? ইয়াৰ কাৰ্য উল্লেখ কৰা।

উত্তৰ : ৰসধানীবোৰ হ’ল গোটা আৰু তৰল পদাৰ্থ সঞ্চয় কৰি ৰখা মোনা সদৃশ কোষ অংগাণু।

ৰসধানীৰ মুখ্য কাম হ’ল-

(ক) ইহঁতৰ ভিতৰত পূৰ্ণ হৈ থকা কোষৰসৰ দ্বাৰা কোষটোক দৃঢ় আৰু স্ফীত কৰি ৰখা।

(খ) উদ্ভিদ, কোষৰ বাবে প্ৰয়োজনীয় কেতবোৰ দ্ৰব্য যেনে এমিন’ এচিড, শৰ্কৰা, প্ৰটিন আদি সঞ্চয় কৰি ৰখা।

(গ) কোষৰ পৰা অতিৰিক্ত পানী আৰু বৰ্জিত পদার্থ উলিয়াই দিয়া।

প্রশ্ন 22: অল্পসাৰী দ্রব কাক বোলে?

উত্তৰ : যেতিয়া এটা কোষক আগুৰি থকা মাধ্যমটোৰ পানীৰ গাঢ়তা কোষৰ ভিতৰতকৈ উচ্চ হয় অর্থাৎ বাহিৰৰ দ্ৰবটো লঘু হয়, তেতিয়া কোষটোৰ ভিতৰলৈ আসৃতিৰ দ্বাৰা পানী সোমাই আহে। এনে লঘু দ্ৰবক অল্পসাৰী দ্রব বোলে।

প্রশ্ন 23 : অত্যাসাৰী দ্রব কাক বোলে?

উত্তৰঃ যেতিয়া এটা কোষক আগুৰি থকা মাধ্যমটোৰ পানীৰ গাঢ়তা কোষৰ ভিতৰতকৈ কম হয় অর্থাৎ বাহিৰৰ দ্ৰবটো গাঢ় হয়, তেতিয়া কোষটোৰ পৰা মাধ্যমলৈ অসৃতিৰ দ্বাৰা পানী ওলাই আহে। এনে গাঢ় দ্রবক অত্যাসাৰী দ্রব বোলে ৷

প্রশ্ন 24: সমসাৰী দ্রব কাক বোলে?

উত্তৰ : যেতিয়া এটা কোষ আৰু তাক আগুৰি থকা মাধ্যমটোৰ পানীৰ গাঢ়তা একে সমান হয়, তেতিয়া কোষাৱৰণৰ মাজেৰে পানীৰ চলাচল নঘটে। এনে ক্ষেত্ৰত বাহিৰৰ দ্রবটোক সমসাৰী দ্রব বোলা হয়।

প্রশ্ন 25: কোষাৱৰণৰ দুটা কাৰ্য উল্লেখ কৰা।

উত্তৰ : কোষাৱৰণৰ দুটা কাৰ্য হ’ল—

(ক) কোষাৱৰণখন অর্ধভেদ্য আৱৰণ হোৱা হেতুকে ই কিছুমান নির্দিষ্ট দ্ৰব্যক কোষৰ ভিতৰলৈ সোমোৱাত আৰু কোষৰ পৰা বাহিৰলৈ ওলাই অহাত সহায় কৰে। তেনেদৰে ই আন কিছুমান দ্ৰব্যৰ অহা-যোৱাত বাধা দিয়ে।

(খ) এমিবাৰ দৰে জীৱে কোযাৱৰণৰ সহায়ত বহিঃপৰিবেশৰ পৰা খাদ্য আৰু আন পদাৰ্থ কোষৰ ভিতৰলৈ সোমাব পাৰে।

প্রশ্ন 26 : কোষাৱৰণৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰ : কোযাৱৰণৰ দুটা বৈশিষ্ট্য হ’ল –

(i) ই নমনীয় গুণবিশিষ্ট। (ii) ই প্ৰটিন আৰু লিপিডেৰে তৈয়াৰী

প্রশ্ন 27 : ব্যাপনৰ দুটা ব্যৱহাৰ লিখা।

উত্তৰ : ব্যাপনৰ দুটা ব্যৱহাৰ হ’ল:

(ক) জীৱৰ কোষৰ ভিতৰলৈ গেছ আৰু পানীৰ আদান-প্রদান ব্যাপনৰ দ্বাৰা হয় ।

(খ) কোষে তাৰ পৰিবেশৰ পৰা পুষ্টি আহৰণ কৰিবলৈ ব্যাপন প্ৰক্ৰিয়াৰ সহায় লয়।

প্রশ্ন 28 : অন্তঃকোষীয় ভক্ষণ বুলিলে কি বুজা?

উত্তৰঃ কোষাৱৰণখন নমনীয় গুণবিশিষ্ট হোৱা বাবে কিছুমান কোষে বহিঃ পৰিবেশৰ পৰা খাদ্য আৰু আন পদাৰ্থ চাৰিওফালৰ পৰা আগুৰি ধৰি কোষৰ ভিতৰলৈ সোমাব পাৰে। এনে প্ৰক্ৰিয়াক অন্তঃকোষীয় ভক্ষণ বোলে। এমিবাই এই প্ৰক্ৰিয়াৰে খাদ্য আহৰণ কৰে।

প্রশ্ন 29: কোষবেৰৰ কাৰ্য উল্লেখ কৰা।

উত্তৰ : কোযবেৰৰ মুখ্য কাৰ্যসমূহ হ’ল—

(ক) ই কোষস্থ পদাৰ্থক সুৰক্ষা প্ৰদান কৰে।

(খ) ই কোষক দৃঢ়তা প্রদান কৰে।

(গ) ই কোষৰ ভিতৰলৈ পানী, গেছ আদি সোমাই যোৱাত আৰু কোষৰ পৰা ওলাই অহাত সহায় কৰে।

প্রশ্ন 30: ক্রম ‘জমবোৰ কি? ইয়াৰ তাৎপৰ্য উল্লেখ কৰা।

উত্তৰঃ ক্রম’জমবোৰ হ’ল কোষকেন্দ্ৰত পোৱা কিছুমান চুটি আৰু ডাঠ দণ্ডাকাৰ গঠন যাক কোষ বিভাজনৰ সময়ত দেখা পোৱা যায়। ক্ৰমজমৰ তাৎপৰ্য হ’ল যে ইহঁতে পিতৃ-মাতৃৰ বংশগত চৰিত্ৰ পৰবৰ্তী প্রজন্মলৈ বহন নিয়ে।

প্রশ্ন 31: গলগি সংঘৰ গঠন ব্যাখ্যা কৰা।

উত্তৰ : গলগি সংঘ হ’ল কিছুমান আৱৰণী বিশিষ্ট মোনাকাৰ গঠন যিয়ে পৰস্পৰে সমান্তৰালকৈ সজ্জিত হৈ ঠাকৰ সৃষ্টি কৰে, যাক চিষ্টাৰনি বুলি কোৱা হয়। গলজি সংঘৰ আৱৰণীখন অন্তঃপ্ৰৰসীয় জালিকাৰ আৱৰণৰ লগত সংযোগ হৈ কোষীয় আৱৰণীৰ এক জটিল অংশৰ সৃষ্টি কৰে।

প্রশ্ন 32: লাইছ ‘ছ’মক কোষৰ বৰ্জিত পদার্থ নিষ্কাষণৰ এক ব্যৱস্থা বুলি কিয় কোৱা হয়?

উত্তৰঃ লাইছ’ছ’মে কোষত প্ৰৱেশ কৰা বাহিৰা পদাৰ্থ আৰু মৃত কোষ অংগাণুসমূহক পাচন কৰি কোষটোক নিকা কৰি ৰাখে। সেয়ে ইয়াক কোষৰ বৰ্জিত পদার্থ নিষ্কাষণৰ এক ব্যৱস্থা বুলি কোৱা হয়।

প্রশ্ন 33 : মাইট’কন্ড্রিয়া কি ? ইয়াৰ বৈশিষ্ট্যপূৰ্ণ চৰিত্ৰটো কি?

উত্তৰ : মাইট’ কন্ড্রিয়া হ’ল এনে কিছুমান কোষ অংগাণু যি কোষীয় শ্বসনৰ ফলত উৎপন্ন শক্তি সঞ্চিত কৰি ৰাখে। ইয়াৰ বৈশিষ্ট্যপূৰ্ণ চৰিত্ৰটো হ’ল যে ইহঁতৰ নিজা DNA আৰু ৰাইব’জ’ম থাকে, সেয়ে ইহঁতে নিজৰ প্ৰটিন নিজে তৈয়াৰ কৰি লব পাৰে ।

প্রশ্ন 34 : মাইট’কন্ড্রিয়াৰ গঠন ব্যাখ্যা কৰা।

উত্তৰ: মাইট’কণ্ডিয়াৰ আৱৰণীখন দুতৰপীয়া। ইয়াৰ বহিঃআৱৰণীখন ছিদ্ৰযুক্ত আৰু অন্তঃআৱৰণীখন ভাঁজ খোৱা। এই ভাঁজবোৰে মাইট’কন্ড্রিয়াত সংঘটিত হোৱা ৰাসায়নিক বিক্ৰিয়াবোৰৰ বাবে যথেষ্ট ঠাইৰ সৃষ্টি কৰে।

প্রশ্ন 35: প্লাষ্টিড আৰু মাইট’কন্ড্রিয়াৰ দুটা সাদৃশ্য লিখা।

উত্তৰ : প্লাষ্টিড আৰু মাই ট’কন্ড্ৰিয়াৰ দুটা সাদৃশ্য হ’ল

(ক) দুয়োবিধ কোষ অংগাণু দুখন আৱৰণী বিশিষ্ট।

(খ) দুয়োবিধ কোষ অংগাণুৰে নিজা DNA আৰু ৰাইব’জ’ম থাকে।

প্রশ্ন 36 : প্রকোষকেন্দ্ৰীয় আৰু সংকোষকেন্দ্ৰীয় কোষৰ মাজত থকা দুটা মুখ্য পার্থক্য উল্লেখ কৰা।

উত্তৰ : প্রকোষকেন্দ্ৰীয় আৰু সংকোষকেন্দ্ৰীয় কোষৰ মাজত থকা দুটা মুখ্য পার্থক্য হ’ল—

(ক) প্রকোষকেন্দ্ৰীয় কোষৰ কেন্দ্ৰাঞ্চল অনিৰ্দিষ্ট আৰু কেন্দ্ৰাৱৰণ পোৱা নাযায়। কিন্তু সংকোষকেন্দ্ৰীয় কোষৰ কেন্দ্ৰাঞ্চল সুনিৰ্দিষ্ট আৰু কেন্দ্ৰাৱৰণ পোৱা যায় ৷

(খ) প্রকোষকেন্দ্রীয় কোষত আৱৰণী বিশিষ্ট কোষ অংগাণুসমূহ পোৱা নাযায়। আনহাতে সংকোষকেন্দ্রীয় কোষত এই কোষ অংগাণুসমূহ পোৱা যায় ৷

প্রশ্ন 37: প্লাষ্টিডৰ গঠন ব্যাখ্যা কৰা।

উত্তৰ : প্লাষ্টিডবোৰ দুখন আৱৰণী বিশিষ্ট কোষ অংগাণু। ইহঁতৰ মুখ্য অংশ দুটা হ’ল— গ্ৰেণাম আৰু ষ্ট্রমা ৷ গ্ৰেণামবোৰ হ’ল ঠাকত সজ্জিত কিছুমান মোনাকাৰ গঠন। আনহাতে এই আৱৰণী বিশিষ্ট তৰপবোৰ যি আধাৰদ্ৰব্যত নিমজ্জিত হৈ অন্তঃআৱৰণী কোষবেৰ গ্রেণাম নিউক্লিয়ড প্লাষ্টিড (হৰিকণা) থাকে, তাক ষ্টুমা বোলা হয়।

প্রশ্ন 38 : এটা প্রকোষকেন্দ্রীয় কোষৰ চিত্ৰ আকি তাৰ প্ৰধান বৈশিষ্ট্য সমূহ লিখা।

চিত্রঃ প্রকোষকেন্দ্রীয় কোষ

Conclusion:

আমি বিশ্বাস কৰোঁ যে এই টোকাবোৰে শিক্ষাৰ্থীসকলক বিষয়বোৰৰ বিষয়ে ভালদৰে বুজাবুজি বিকশিত কৰাত আৰু তেওঁলোকৰ পৰীক্ষাৰ বাবে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰিব।

আমি নিশ্চিত যে এই টোকাবোৰে শিক্ষাৰ্থীসকলক তেওঁলোকৰ লক্ষ্য প্ৰাপ্ত কৰাত আৰু তেওঁলোকৰ শৈক্ষিক প্ৰদৰ্শন বৃদ্ধি কৰাত সহায় কৰিব। যদি আপুনি এই প্ৰবন্ধটো ভাল পায় আৰু সহায়ক হয় তেন্তে আপোনাৰ বন্ধুবৰ্গৰ সৈতে Share কৰিবলৈ নাপাহৰিব।

1 thought on “Class 9 Science Chapter 5 জীৱৰ মৌলিক একক Question Answer | SEBA”

Leave a Comment

error: Content is protected !!