Class 9 Science Chapter 4 পৰমাণুৰ গঠন Question Answer |SEBA

Class 9 Science Chapter 4 পৰমাণুৰ গঠন Question Answer | SEBA: আমাৰ ৱেবছাইটলৈ স্বাগতম! আপোনাৰ শৈক্ষিক যাত্ৰাৰ বাবে আপোনাক নবম শ্ৰেণীৰ Notes প্ৰদান কৰি আমি আনন্দিত।

আজি, এই প্ৰবন্ধটোত মই আপোনাৰ নবম শ্ৰেণীৰ “পৰমাণুৰ গঠন [Structure of the Atom]” দীঘলয়া আৰু চুটি প্ৰশ্ন আলোচনা কৰিম| আমি প্ৰায় সকলো দীঘলয়া আৰু চুটি প্ৰশ্ন Solution প্ৰদান কৰিছোঁ।

আমাৰ লক্ষ্য হৈছে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰা। আমি ইয়াত বিনামূলীয়াকৈ Notes সমূহ প্ৰদান কৰিছো। আমি আপোনাক আগন্তুক পৰীক্ষাৰ বাবে শুভেচ্ছা জনাইছো। যদি আপোনাৰ কোনো সন্দেহ আছে তেন্তে আমাৰ সৈতে যোগাযোগ কৰক।

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন । : কোনে প্রথমে পৰমাণু কিছুমান অৱ-পাৰমাণৱিক কণাৰে গঠিত বুলি কৈছিল ?

উত্তৰ : জে. জে. থমচনে 1900 চনত।

প্রশ্ন 2 : কেনেল ৰশ্মি বা ধনৰশ্মি কোনে আবিষ্কাৰ কৰিছিল ?

উত্তৰ : ই. গোল্ডষ্টেইনে।

প্রশ্ন 3 : কোনে প্রথমে বৈদ্যুতিক আধানৰ প্ৰকৃতি সম্পর্কে মতপোষণ কৰিছিল ?

উত্তৰ : উইলিয়াম গিলবার্টে।

প্রশ্ন 4 : কোনে প্রথমে কি পৰীক্ষাৰ সহায়ত ধনাত্মক আৰু ঋণাত্মক আধানযুক্ত আয়নৰ দ্বাৰা বিদ্যুৎ বিশ্লেষ্যবোৰ গঠিত বুলি জনাইছিল ?

উত্তৰ : মাইকেল ফোডে বিদ্যুৎ বিশ্লেষণ পৰীক্ষাৰ দ্বাৰা বৈদ্যুতিক বিশ্লেষ্যবোৰ ধনাত্মক আৰু ঋণাত্মক আয়নৰ দ্বাৰা গঠিত বুলি জনাইছিল।

প্রশ্ন 5 : কোনে কেতিয়া ঋণাত্মক আধানযুক্ত আয়নত থকা আধানক ইলেক্ট্ৰ’ন বুলি নামাংকন কৰিছিল ?

উত্তৰ : পি জে, ষ্টনীয়ে 1874 চনত বৈদ্যুতিক আধানযুক্ত আয়নবোৰত থকা আধানক ইলেক্ট্র’ন বুলি নামাংকন কৰিছিল।

প্রশ্ন 6: কাৰ পৰীক্ষাৰ পৰা ইলেক্ট্ৰ’নৰ স্থিতি সম্পর্কে জানিব পৰা গৈছিল ?

উত্তৰ : জে জে থমছনৰ পৰীক্ষাৰ পৰা ইলেক্ট্ৰ’নৰ স্থিতিৰি প্ৰমাণ পোৱা গৈছিল।

প্রশ্ন 7(a) : পাৰমাণৱিক এককত ইলেক্ট্র’ন আৰু প্ৰট’নৰ ভৰ কিমান?

উত্তৰ :

ইলেক্ট্ৰ’নৰ ভৰ= 5.4857× 10-4u

প্ৰট’নৰ ভৰ= 1.00728u

প্রশ্ন’7 (b): N চিহ্নই কি বুজায় লিখা।

উত্তৰ: 14N7. চিহ্নই নাইট্ৰ’জেনৰ পৰমাণুক বুজায়। নাইট্ৰ’জেনৰ পাৰমাণৱিক সংখ্যা 7 আৰু ভৰ সংখ্যা 14 ।

প্রশ্ন ৪ : কোনে প্রথমে পৰমাণুৰ আৰ্হি উদ্ভাৱন কৰিছিল?

উত্তৰ: জে. জে. থমচনে – প্লাম পুডিং আৰ্হি।

প্রশ্ন 9: থমচনৰ আৰ্হি টো অংকন কৰা।

উত্তৰ : থমচনৰ পৰমাণুৰ আৰ্হি :

প্রশ্ন 10 : ৰাডাৰফ’ৰ্ডৰ পৰীক্ষাটোক কি বোলে?

উত্তৰ : কণা বিচ্চুৰণ পৰীক্ষা

প্রশ্ন 11 : পৰমাণুৰ সৰ্বজন গৃহীত বৰ্তমানৰ আৰ্হিটো কোনে উদ্ভাৱন কৰিছিল ?

উত্তৰ : নীলচ ব’ৰে।

প্রশ্ন 12 : নিউট্রন কোনে আবিষ্কাৰ কৰিছিল ?

উত্তৰ : 1932 চনত জেম্‌ছ ছাডউইকে।

প্রশ্ন 13 (a) : ইলেক্ট্রনবোৰ কক্ষপথত সজ্জিত হৈ থকা সূত্ৰটো কি?

উত্তৰ : ব’ৰ-বেৰিৰ 2n2 (n=1,2,3….) সূত্র।

প্রশ্ন 13 (b) : CIৰ ইলেক্ট্রনীয় বণ্টন কেনে হ’ব লিখি যোজ্যতা নির্ণয় কৰা।

উত্তৰ : CI ৰ ইলেক্ট্রনীয় বণ্টন হ’ল : 287; ইয়াৰ যোজ্যতা হল : –1

প্রশ্ন 14 : পাৰমাণৱিক সংখ্যা কি?

উত্তৰ : পৰমাণুত থকা প্ৰট’নৰ সংখ্যাকে পাৰমাণৱিক সংখ্যা বোলে।

প্রশ্ন 15: আইচ টপ কাক বোলে?

উত্তৰ: এটা মৌলৰ যিবোৰ পৰমাণুৰ পাৰমাণৱিক ভৰ বা ভৰ সংখ্যা বেলেগ সেইবোৰকে আইচ টপ বা সমস্থানিক বোলে।

প্রশ্ন 16 (a) : আইচ’’বাৰৰ সংজ্ঞা লিখা।

উত্তৰ : একে ভৰ সংখ্যাযুক্ত কিন্তু পাৰমাণৱিক সংখ্যা বেলেগ বেলেগ পৰমাণুবোৰক আইচ’বাৰ বোলে৷

প্রশ্ন 16 (b): কাৰ্বনৰ সমস্থানিক দুটাৰ সংকেত লিখা।

উত্তৰ ঃ এটা মৌলৰ যিবোৰ পৰমাণুৰ পাৰমাণৱিক ভৰ বা ভৰ সংখ্যা বেলেগ সেইবোৰকে

আইচ টপ বা সমস্থানিক বোলে।

প্রশ্ন 16 (a) : আইচ’’বাৰৰ সংজ্ঞা লিখা।

উত্তৰ : একে ভৰ সংখ্যাযুক্ত কিন্তু পাৰমাণৱিক সংখ্যা বেলেগ বেলেগ পৰমাণুবোৰক

আইচ’বাৰ বোলে৷

প্রশ্ন 16 (b): কাৰ্বনৰ সমস্থানিক দুটাৰ সংকেত লিখা।

উত্তৰ : কাৰ্বনৰ সমস্থানিক দুটাৰ সংকেত হ’ল : আৰু C

12 14

C আৰু C

6 6

প্রশ্ন 17 : আইচ ‘টন কি?

উত্তৰ : যিবোৰ পৰমাণুত নিউট্ৰ’নৰ সংখ্যা একে থাকে তাকে আইচ টন বোলে।

প্রশ্ন 18 : কেনেল ৰশ্মি কি?

উত্তৰ : কেনেল ৰশ্মি: গেছৰ বিদ্যুৎ মোক্ষণত কেথ`ডৰ পৰা তাৰ বিপৰীত দিশ কেথ’ডৰ ৰন্ধৰ মাজেৰে সি ধনাত্মক ৰশ্মিৰ উদ্ভৱ হয় তাকে কেনেল ৰশ্মি বা ধন ৰশ্মি বোলে।

প্রশ্ন 19 : পৰমাণু এটাত এটা প্ৰ’টন আৰু এটা ইলেকট্রন থাকিলে ই কোনো আধান বহন কৰিবনে নকৰে?

উত্তৰ : পৰমাণু এটাত এটা প্ৰট’ন আৰু এটা ইলেক্ট্রন থাকিলে ই কোনো আধান বহন নকৰে। কাৰণ দুয়োৰে আধান সমান আৰু বিপৰীত ধৰ্মী। গতিকে পৰমাণুটো উদাসীন হ’ব।

প্রশ্ন 20 : থমছনৰ পৰমাণুৰ আৰ্হিৰ মতে পৰমাণু এটা সামগ্ৰিকভাৱে কেনেদৰে প্রশম হয় ব্যাখ্যা কৰা।

উত্তৰ: থমছনৰ পৰমাণু আৰ্হিমতে পৰমাণু এটাত থকা প্ৰট’ন আৰু ইলেক্ট্ৰ’নৰ সংখ্যা সমান। দুয়োৰে আধান বিপৰীত আৰু সমমানৰ। গতিকে বৈদ্যুতিকভাৱে পৰমাণু এটা উদাসীন।

প্রশ্ন 21 : ৰাডাৰফৰ্ডৰ পৰমাণুৰ আৰ্হিৰ মতে পৰমাণুৰ নিউক্লিয়াছত কোনটো অৱ- পাৰমাণৱিক কণা থাকে।

উত্তৰ: ৰাডাফ’ৰ্ডৰ পৰমাণুৰ আৰ্হিমতে প্ৰট’ন অৱ-পাৰমাণৱিক কণাবোৰ পৰামাণুৰ কেন্দ্ৰত থাকে।

প্রশ্ন 22: তিনিটা খেলৰে সৈতে ব’ৰৰ পৰমাণুৰ আৰ্হিৰ এটা চিত্র অংকন কৰা।

উত্তৰ : তলত তিনিটা খোলৰে সৈতে ব’ৰৰ পৰমাণুৰ আৰ্হিৰ চিত্ৰ দিয়া হ’ল :

উত্তৰ : তলত তিনিটা খোলৰে সৈতে ব’ৰৰ পৰমাণুৰ আৰ্হিৰ চিত্ৰ দিয়া হ’ল :

K খোল বা কক্ষ (n = 1 )

L খোল বা কক্ষ (n = 2 )

M খোল বা কক্ষ (n = 3 )

প্রশ্ন 23 : পৰমাণুৰ তিনিটা অৱ-পাৰমাণৱিক কণাৰ নাম লিখা।

উত্তৰ : পৰমাণুৰ তিনিটা অৱ পাৰমাণৱিক কণাৰ নাম হ’ল—

(i) ইলেক্ট্রন (oe-1) (ii) প্ৰট’ন (1P+l) (iii) নিউট্ৰ’ন (1nº)

প্রশ্ন 24 : পৰমাণু এটাৰ K আৰু Lশ্বেলবোৰ পূৰ্ণ হৈ থাকিলে পৰমাণুটোত ইলেকট্ৰনৰ মুঠ সংখ্যা কিমান হ’ব?

উত্তৰ: পৰমাণু এটাৰ K আৰু Lশ্বেল (খোল বা কক্ষ) পূৰ্ণ হৈ থাকিলে পৰমাণুটোত ইলেকট্রনৰ সংখ্যা 2 + 8 =10 হ’ব।

প্রশ্ন 25 : তলত দিয়া প্ৰশ্নবোৰৰ প্ৰতিটোৰ চাৰিটাকৈ উত্তৰ দিয়া আছে। শুদ্ধ উত্তৰটো বাছি উলিওৱা

(i) কেথড ৰশ্মিত থকা কণিকাটোৰ নাম-

(a) ইলেক্ট্রন (b) প্রটন

(c) নিউট্রন (d) নিউক্লিয়াছ

উত্তৰ : (a) ইলেক্ট্ৰ’ন

(ii) ৰাডাৰফৰ্ডৰ  α- কণা বিচ্যুতিৰ পৰীক্ষাত তলত দিয়া কোনটো কণিকা আৱিষ্কাৰ হয়?

(a) ইলেক্ট্রন (b) প্ৰ’টন (c) নিউট্রন

উত্তৰ: (b) প্ৰ’টন

(iii) Azx মৌলটোত থকা প্ৰ’টন, নিউট্রন আৰু ইলেক্ট্ৰ’নৰ সংখ্যা হৈছে –

(a) A, Z, Z (b) Z, A, (A – Z)

(c) Z, (A – Z), Z (d) (A – Z), ZZ

উত্তৰঃ (c) Z, (A-Z), Z

(iv) সমস্থানিক হৈছে-

(a) একে ভৰসংখ্যাৰ বিভিন্ন মৌলৰ নিউক্লাইড

(b) বিভিন্ন মৌলৰ বিভিন্ন ভৰ সংখ্যাৰ নিউক্লাইড

(c) একেটা মৌলৰ বিভিন্ন ভৰ সংখ্যাৰ নিউক্লাইড

(d) এইবোৰৰ এটাও নহয়।

উত্তৰ : (c) একেটা মৌলৰ বিভিন্ন ভৰ সংখ্যাৰ নিউক্লাইড

(v) ইলেক্ট্ৰ ‘নত থকা আধানৰ মান –

(a) -4.803×10-19 কুলম্ব

(b) – 1.602×10-19.ই. এছ. ইউ.

(c) 4.803 x 10-19 ই. এছ. ইউ.

(d) – 1.602×10-19 কুলম্ব

উত্তৰ: (d) -1.602 x 10-19 কুলম্ব

(vi) পাৰমাণৱিক ভৰ এককত প্ৰ’টন এটাৰ প্ৰকৃত ভৰ হৈছে –

(a) 5, 48 x 10+ u

(b) 1.00728u

(c) 1.00866u

(d) 1.6725u

উত্তৰ : (c)

(vii) এটা মাত্ৰ সমস্থানিকৰ প্ৰকৃতিত পোৱা মৌল এটা হৈছে –

(a) অক্সিজেন

(b) নাইট্ৰ’জেন

(c) নিয়ন

(d) ফ্ল’ৰিন

উত্তৰ : (c) নিয়ন

(viii) অক্সাইড আয়ন, O+ ত থকা যোজক ইলেক্ট্ৰ’নৰ সংখ্যা-

(a) 2

(b) 6

(c) 0

(d) 8

উত্তৰ: (d) 8

(ix) তলৰ কোনটো ছ’ডিয়ামৰ শুদ্ধ ইলেকট্রনীয় বিন্যাস ?

(a) 2,8 (b) 8,2,1 (c) 2,1,8 (d) 2, 8, 1

উত্তৰ: (d) 2, 8, 1

প্রশ্ন 26: তলৰ শুদ্ধ উক্তিবোৰৰ ঠাইত T ভুলবোৰৰ ঠাইত F লিখা।

(a) জে. জে. থমছনে প্ৰস্তাৱ কৰিছিল যে পৰমাণুৰ নিউক্লিয়াছত কেৱল নিউক্লিয়ন থাকে।

উত্তৰ: F

(b) ইলেক্ট্রন এটা আৰু প্ৰ’টন এটা লগ লাগি নিউট্রন এটা গটন হয়। সেই বাবে ই প্রশম।

উত্তৰঃ F

(c) ইলেকট্রন এটাৰ ভৰ প্ৰ’টনৰ ভৰৰ প্ৰায় 1/2000 গুণ।

উত্তৰঃ T

(d) টিংচাৰ আয়ডিন প্ৰস্তুত কৰাত আয়ডিনৰ এটা সংস্থানিক ব্যৱহাৰ কৰা হয়।

উত্তৰ: T

প্রশ্ন 27: শুদ্ধ বাছনিৰ বিপৰীতে (~) চিন আৰু ভুল বাছনিৰ বিপৰীতে (×) চিন দিয়া।

(i) ৰাডাৰ ফ’ৰ্ডৰ আলফা কণা বিচ্ছুৰণ পৰীক্ষাই –

(a) পাৰমাণৱিক নিউক্লিয়াছ

(b) ইলেকট্রন

(c) প্রটন

(d) নিউট্রন আৱিষ্কাৰ কৰিছিল।

উত্তৰঃ (a) √ (b) x (c) x (d) x

(ii) মৌল এটাৰ সমস্থানিকবোৰৰ-

(a) একে ভৌতিক ধর্ম

(b) ভিন্ন ৰাসায়নিক ধর্ম

(c) ভিন্ন সংখ্যক নিউট্রন

(d) ভিন্ন পাৰমাণৱিক সংখ্যা থাকে।

উত্তৰ: (a) × (b) x (c) √ (d) x

(iii) আয়নত যোজ্যতা ইলেকট্রন সংখ্যা-

(a) 16 (b) 18 (c) 17 (d) 15

উত্তৰঃ (a) × (b) √ (c) x (d) x

প্রশ্ন 28 : তলত দিয়া উক্তিবোৰ ভুল নে শুদ্ধ বাছি উলিওৱা, ভুল উক্তিবোৰ শুধৰাই ল’বা।

(i) কেথ’ড ৰশ্মিবোৰ ধনাত্মক আধান যুক্ত কণিকাৰে গঠিত।

উত্তৰ : ভুল। কেথ’ড ৰশ্মিবোৰ ঋণাত্মক আধানযুক্ত কণিকাৰে গঠিত।

(ii) পাৰমাণৱিক সংখ্যা নিউক্লিয়নৰ সংখ্যাৰ সমান।

উত্তৰ : ভুল। পাৰমাণৱিক সংখ্যা প্ৰট’নৰ সংখ্যা সমান।

(iii) পাৰমাণৱিক ভৰ সংখ্যা নিউক্লিয়াছত থকা প্ৰটন আৰু নিউট্রনৰ মুঠ ভৰৰ সমান।

উত্তৰ : শুদ্ধ।

(iv) সমভাৰী বোৰত সমান সংখ্যক নিউট্রন থাকে।

উত্তৰ : ভুল, সমভাবীবোৰত সমান সংখ্যক প্রট’ন থাকে। বেৰী আঁচনি মতে পৰমাণুৰ শেষৰ আগৰ কক্ষত 2n’ সংখ্যক

(v) ব’ৰ ইলেক্ট্রন থাকে য’ত n হৈছে সেই শক্তি স্তৰৰ সংখ্যা।

উত্তৰ : শুদ্ধ।

(vi) পৰমাণু এটাৰ ব্যাসার্দ্ধ প্রায় 10-8 ছে.মি. হয়।

উত্তৰ : ভুল। পৰমাণু এটাৰ ব্যাসাৰ্দ্ধ প্রায় 10-10 মিঃ।

(vii) 6027Co সমস্থানিকটো থাইৰয়ডৰ বেমাৰত ঔষধ হিচাপে ব্যৱহাৰ হয়।

উত্তৰ: ভুল। 27Co60 সমস্থানিকটো কেন্সাৰ ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়।

প্রশ্ন 29 : খালী ঠাই পূৰ কৰা :

(i) কেথড ৰশ্মিবোৰ _______ আধান যুক্ত কণিকাৰ দ্বাৰা গঠিত।

উত্তৰ : ঋণাত্মক।

(ii) প্ৰটনৰ ভৰ______ কি.গ্রা. আৰু ইয়াৰ আধানৰ মান______কুলম্ব।

উত্তৰ : 1.625×10-27 + 1.602×10-19.

(iii) নিউট্রন বৈদ্যুতিক ভাবে_____আৰু ইয়াৰ ভৰ প্ৰ’টনৰ ভৰৰ_____|

উত্তৰ : আধানহীন, সমান।

(iv) পৰমাণুত থকা আধানযুক্ত মৌলিক কণিকা কেইটা হৈছে______আৰু_____|

উত্তৰঃ প্ৰটিন, ইলেক্ট্ৰ’ন।

(v) সমস্থানিক বোৰত সমান সংখ্যক______আৰু বিভিন্ন সংখ্যক থাকে।

উত্তৰঃ প্রট’ন, নিউট্রন।

(vi) সমভাৰীবোৰৰ ভৰ সংখ্যা_______কিন্তু প্রটন সংখ্যা______|

উত্তৰ : সমান, বেলেগ।

(vii) মৌল এটাৰ পাৰমাণবিক সংখ্যা 12 আৰু ভৰ সংখ্যা 24। গতিকে মৌলটোত______টা ইলেক্ট্ৰ’ন আৰু_____ টা নিউট্রন থাকিব।

উত্তৰ: 12 টা, 1 2টা।

(viii) ছ’ডিয়ামৰ ইলেক্ট্রনীয় বিন্যাস_____আৰু ইয়াৰ যোজ্যতা_______|

উত্তৰ : 2, 8, 1; +1,

চমু প্রশ্নোত্তৰ

প্রশ্ন 1 : হিলিয়াম পরমাণুৰ পাৰমাণৱিক ভৰ 4। আৰু ইয়াৰ নিউক্লিয়াছত দুটা প্র’টন আছে। ইয়াত কিমানটা নিউট্রন থাকিব?

উত্তৰ : হিলিয়াম পরমাণুৰ পাৰমাণৱিক ভৰ = 4u

প্ৰট’নৰ সংখ্যা = 2

পাৰমাণৱিক ভৰ = প্ৰ’টন + নিউট্রন |

গতিকে 4 – 2 = 2 টা নিউট্রন থাকিব |

কাৰণ প্ৰতিটো নিউট্রন আৰু প্ৰট’নৰ ভৰ = lu.

প্রশ্ন ৪ : কাৰ্বন আৰু ছ’ডিয়াম পৰমাণুত ইলেকট্রনৰ বিতৰণ দেখুওৱা।

উত্তৰ : কাৰ্বনত ইলেক্ট্রনৰ সংখ্যা = 6

গতিকে ইয়াৰ ইলেক্ট্রনীয় বিন্যাস K = 2

L= 4

অর্থাৎ 2,4

ছ’ডিয়ামৰ ইলেক্ট্রনৰ সংখ্যা = ।।

গতিকে ইলেক্ট্রনীয় বিন্যাস K = 2

L= 8

M = 1

অর্থাৎ 2.8.1.

প্রশ্ন 2 : যদি a – কণা বিচ্ছুৰণ পৰীক্ষাটোত সোণৰ পাতৰ সলনি আন ধাতুৰ পাত ব্যৱহাৰ কৰা তেনেহ’লে কি দেখা যাব বুলি ভাবা?

উত্তৰ : সোণৰ পাতৰ সলনি আম ধাতুৰ পাতেৰে ৰাডাৰফ’ৰ্ডৰ পৰীক্ষাটো কৰিলেও ফলাফল একেই পোৱা গ’লহেঁতেন। কিন্তু সোণৰ দৰে পাতখন পাতল হ’ব লাগিব। এই ধৰণৰ পাতল পাত সোণৰ বাহিৰে আন ধাতুৰ পৰা পোৱাটো কঠিন। কাৰণ আন ধাতুবোৰ সোণৰ দৰে পিটি প্ৰসাৰণ কৰিব নোৱাৰি।

কিন্তু ডাঠ পাত ব্যৱহাৰ কৰিলে a. – বিচ্ছুৰণ পৰীক্ষাটোৰ ফলাফল পোৱা নাযাব কাৰণ, a – কণাবোৰ পাতৰ মাজেৰে পাৰ হৈ যাব নোৱাৰিব আৰু ঘূৰি আহিব। গতি নিউক্লিয়াছৰ দ্বাৰা ঘটা বিচ্ছু ৰণ দেখা নাযাব।

প্রশ্ন 3 : ক্ল’ৰিণ, ছালফাৰ আৰু মেগনেছিয়ামৰ যোজ্যতা কেনেদৰে পাবা?

উত্তৰ : পৰমাণু এটাৰ বহিকক্ষত থকা ইলেক্ট্রনৰ সংখ্যা 4 বা 4 তকৈ (যোজক ইলেক্ট্রন) বেছি হ’লে ইয়াৰ যোজ্যত পাবলৈ হ’লে ৪ অৰ পৰা যোজক ইলেক্ট্রন বিয়োগ কৰিলে তাৰ যোজ্যতা পোৱা যায়।

ইয়াত ক্ল’ৰিণ, ছালফাৰ আৰু মেগনেছিয়ামৰ ইলেক্ট্রনীয় বিন্যাস হ’ল ক্ৰমে Cl = 2, 8, 7. S = 2, 8,6 Mg = 2, 8, 2. গতিকে,

CIৰ যোজ্যতা 8-7=1

Sৰ যোজ্যতা ৪-6 = 2

Mg ৰ যোজ্যতা = 2

প্রশ্ন 4: যদি পৰমাণু এটাত ইলেকট্রনৰ সংখ্যা ৪ আৰু প্ৰটনৰ সংখ্যাও ৪ হয় তেন্তে –

(i) পৰমাণুটোৰ পাৰমাণৱিক সংখ্যা কি হ’ব? আৰু

(ii) পৰমাণুটোৰ আধান কিমান হ’ব?

Conclusion:

আমি বিশ্বাস কৰোঁ যে এই টোকাবোৰে শিক্ষাৰ্থীসকলক বিষয়বোৰৰ বিষয়ে ভালদৰে বুজাবুজি বিকশিত কৰাত আৰু তেওঁলোকৰ পৰীক্ষাৰ বাবে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰিব।

আমি নিশ্চিত যে এই টোকাবোৰে শিক্ষাৰ্থীসকলক তেওঁলোকৰ লক্ষ্য প্ৰাপ্ত কৰাত আৰু তেওঁলোকৰ শৈক্ষিক প্ৰদৰ্শন বৃদ্ধি কৰাত সহায় কৰিব। যদি আপুনি এই প্ৰবন্ধটো ভাল পায় আৰু সহায়ক হয় তেন্তে আপোনাৰ বন্ধুবৰ্গৰ সৈতে Share কৰিবলৈ নাপাহৰিব।

1 thought on “Class 9 Science Chapter 4 পৰমাণুৰ গঠন Question Answer |SEBA”

Leave a Comment

error: Content is protected !!