Class 9 Science Chapter 3 | পৰমাণু আৰু অণু |[Atoms and Molecules]

Class 9 Science Chapter 3 | পৰমাণু আৰু অণু |[Atoms and Molecules]: আমাৰ ৱেবছাইটলৈ স্বাগতম! আপোনাৰ শৈক্ষিক যাত্ৰাৰ বাবে আপোনাক নৱম শ্ৰেণীৰ Notes প্ৰদান কৰি আমি আনন্দিত।

নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ বছৰ কিয়নো তেওঁলোকে আগন্তুক ব’ৰ্ড পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰে, যি তেওঁলোকৰ শৈক্ষিক সফলতা নিৰ্ধাৰণ কৰিব।

আজি, এই প্ৰবন্ধটোত মই আপোনাৰ দশম শ্ৰেণীৰ “পৰমাণু আৰু অণু” দীঘলয়া আৰু চুটি প্ৰশ্ন আলোচনা কৰিম| আমি প্ৰায় সকলো দীঘলয়া আৰু চুটি প্ৰশ্ন Solution প্ৰদান কৰিছোঁ।

আমাৰ লক্ষ্য হৈছে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰা। আমি ইয়াত বিনামূলীয়াকৈ Notes সমূহ প্ৰদান কৰিছো। আমি আপোনাক আগন্তুক পৰীক্ষাৰ বাবে শুভেচ্ছা জনাইছো। যদি আপোনাৰ কোনো সন্দেহ আছে তেন্তে আমাৰ সৈতে যোগাযোগ কৰক।

প্রশ্নোত্তৰ

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন 1 (a) : 1 amu ৰ অর্থ কি?

উত্তৰঃ 1 am uৰ অৰ্থ হ’ল পৰমাণুৰ ভৰ C-12 ৰ পৰমাণু এটাৰ ভৰৰ অংশৰ কিমান গুণ।

প্রশ্ন 1 (b): ভৰৰ নিত্যতা বিধিটো কি?

উত্তৰঃ ৰাসায়নিক সমীকৰণ এটাত বিক্রিয়াত ভাগ লোৱা মৌল বা যৌগসমূহৰ ভৰ সদায়ে অটুট থাকে।

প্রশ্ন 2(a) : “অক্সিজেনৰ পাৰমাণৱিক ভৰ 16u” বুলিলে কি বুজা?

উত্তৰঃ “অক্সিজেনৰ পাৰমাণৱিক ভৰ 16u” ইয়াৰ অৰ্থ হ’ল অক্সিজেনৰ এটা পৰমাণুৰ ভৰ কাৰ্বন -12-ৰ পৰমাণুৰ ভৰৰ অংশৰ 16 গুণ।

প্রশ্ন 2 (b) : অনু কাক বোলে?

উত্তৰঃ মৌলৰ বা যৌগৰ স্থায়ী সত্ত্বা সম্পন্ন ক্ষুদ্রতম কণাকে অণু বোলে।

প্রশ্ন 3 : এভ’গেড্ৰ’ কোন দেশৰ বিজ্ঞানী ?

উত্তৰঃ এভ’গেড’ ইটালি দেশৰ বিজ্ঞানী।

প্রশ্ন 4 : এভ’গেড্ৰৰ সংখ্যাটো কি?

উত্তৰঃ 6.022 x 1023

প্রশ্ন 5: গ্রাম হিচাপে কোনো পদাৰ্থৰ ভৰ আৰু এভগেড্ৰ’ৰ সংখ্যাৰ সম্পর্ক কি?

উত্তৰঃ গ্রাম হিচাপে কোনো পদাৰ্থৰ ভৰ আৰ এভ’গেড্ৰ’ৰ সংখ্যাৰ সম্পৰ্ক হ’ল

1 গ্রাম ম’ল = 6.023 × 1023 সংখ্যক অণু ।

প্রশ্ন 6 : গ্রাম আণৱিক ভৰ কাক বোলে?

উত্তৰঃ আণৱিক ভৰক গ্ৰামত প্ৰকাশ কৰিলে তাক গ্রাম আণৱিক ভৰ বোলে।

প্রশ্ন 7. : গেছৰ অণুৰ লগত আয়তনৰ সম্পৰ্কটো কি?

উত্তৰঃ যিমানে অণুৰ সংখ্যা (n) বাঢ়ে সিমানে গেছৰ আয়তন (V) বাঢ়ে।

অর্থাৎ V ∝ n

প্রশ্ন ৪ঃ প্ৰমাণ চাপ আৰু উষ্ণতাত 6.02×1022 সংখ্যক H, অণুৰ আয়তন কিমান হ’ব?

উত্তৰঃ 2.24 লিটাৰ।

প্রশ্ন 9 : পৰম উষ্ণতাত গেছৰ আয়তনৰ মান কিমান?

উত্তৰঃ শূন্য।

প্রশ্ন 10 : 2.2 গ্রাম CO,-ত থকা অণুৰ সংখ্যা কিমান?

উত্তৰঃ 3.011 × 1023

প্রশ্ন 11: 3 গ্রাম কার্বনত থকা মুঠ কার্বন এট ‘মৰ সংখ্যা কিমান?

উত্তৰঃ 1/4 × 6.02×1023

প্রশ্ন 12 : এক লিটাৰত কিমান ঘন ছে. মি.?

উত্তৰঃ এক লিটাৰত 1000 ঘন ছে. মি.

প্রশ্ন 13 : NaOH ৰ আণৱিক ভৰ কিমান?

উত্তৰঃ 40 u

প্রশ্ন 14 : Na-ৰ পাৰমাণৱিক ভৰ 23 পা. ভ. একক। ইয়াৰ অৰ্থ এয়ে যে ইয়াৰ পৰমাণু এটাৰ ভৰ—

উত্তৰঃ C12 ৰ এটা পৰমাণুৰ ভৰৰ 23 / 12 গুণ।

প্রশ্ন 15: ক্ল’ৰিনৰ পাৰমাণৱিক ভৰ কিমান?

উত্তৰঃ 35.5 u

প্রশ্ন 16: উষ্ণতাক পৰম শূন্য উষ্ণতাৰ ডিগ্ৰী চেলছিয়াছত মান কিমান?

উত্তৰঃ -273° ছে.

প্রশ্ন 17 : প্রমাণ উষ্ণতা আৰু চাপৰ মান কিমান?

উত্তৰঃ 0° চে. আৰু 760 মি. মি. পাৰাৰ চাপ।

প্রশ্ন 18: “স্থিৰ উষ্ণতা আৰু চাপত কোনো গেছৰ আয়তন সেই গেছত থকা অণুৰ সংখ্যাৰ সমানুপাতিক।” এই সূত্ৰটো কাৰ?

উত্তৰঃ এভ’গেড্ৰ’ৰ সূত্ৰ।

প্রশ্ন 19: 40 গ্রাম NaOH ত থকা অণুৰ সংখ্যা কিমান?

উত্তৰঃ 6.02×1024

প্রশ্ন 20 : আণৱিক ভৰ 28u যুক্ত যৌগটো কি?

উত্তৰঃ CO

প্রশ্ন 21 : ৰসায়ণ বিজ্ঞানীৰ গাণনিক এককটো কি?

উত্তৰঃ পাৰমাণৱিক ভৰ একক (amu বা u)

প্রশ্ন 22: 6.02 × 1023 পানীৰ অণুৰ ভৰ কিমান?

উত্তৰঃ 0.018 কি.গ্রা.

প্রশ্ন 23 : ডেল্টনৰ পৰমাণুবাদৰ কোনটো স্বীকার্য ভৰৰ নিত্যতা সূত্ৰৰ ফল ?

উত্তৰঃ ডেল্টনৰ পৰমাণুবাদৰ স্বীকার্য যিটোৱে ভৰৰ নিত্যতা নিৰ্দ্দেশ কৰে সেইটো হ’ল— “পৰমাণু অবিভাজ্য যাক সৃষ্টি আৰু বিনাশ কৰিব নোৱাৰি।”

প্রশ্ন 24 : ডেল্টনৰ পৰমাণুবাদৰ কোনটো স্বীকার্য বানুপাত সুত্ৰটো ব্যাখ্যা কৰিব পাৰে?

উত্তৰঃ স্থিৰানুপাত সূত্ৰটো ব্যাখ্যা কৰিব পৰা ডেল্টনৰ পৰমাণুবাদৰ স্বীকাৰ্যটো হ’ল-

‘নিৰ্দিষ্ট যৌগ এটাত পৰমাণুবোৰৰ আপেক্ষিক সংখ্যা আৰু প্ৰকাৰ স্থিৰ থাকে।

প্রশ্ন 25: তলত দিয়া প্ৰতিটো প্ৰশ্নৰ চাৰিটাকৈ উত্তৰ দিয়া আছে। শুদ্ধ উত্তৰটো বাছি উলিওৱা।

(i) 1 পাৰমাণৱিক, ভৰ একক, 1u হৈছে

(a) 1H ৰ এটা পৰমাণু ভৰ

(b) 12C ৰ এটা পৰমাণুৰ ভৰ

(c) 1 / 12 × 12C ৰ এটা পৰমাণুৰ ভৰ

(d)1 / 16 × 16O ৰ এটা পৰমাণুৰ ভৰ

উত্তৰঃ (c) 1 / 12 × 12C ৰ এটা পৰমাণুৰ ভৰ

(ii) ছ’ডিয়ামৰ পাৰমাণৱিক ভৰ 23u 46 গ্রাম ছডিয়ামত থকা ইয়াৰ ম’ল সংখ্যা হৈছে–

(a) 23 (b) 46 (c) 1 (d) 2

উত্তৰঃ (d) 2

(iii) 0.5 ম’ল H, 1.5 ম’ল CI, ৰ সৈতে বিক্ৰিয়া কৰিবলৈ দিলে কিমান ম’ল HCI গেছ উৎপন্ন হ’ব?

(a) 0.5 ম’ল (b) 1.5 ম’ল (c) 1.0 ম’ল (d) 2.0 ম’ল

উত্তৰঃ (b) 1.5 ম’ল

(iv) ফেৰিক অক্সাইডৰ সংকেত হৈছে-

(a) FeO (b) FeO2 (c) Fe2O3 (d) Fe3O4

উত্তৰঃ (c) Fe2O3

(v) এলুমিনিয়াম অক্সাইডত এলুমিনিয়ামৰ যোজ্যতা হৈছে—

(a) 2 (b) 3 (c) 4 (d) 6

উত্তৰঃ (b) 3

(vi) তলত দিয়াবোৰৰ কোনটোৰ ভৰ আটাইতকৈ বেছি?

(a) 1 গ্রাম পৰমাণু 12C (b) 0.25 ম’ল CO2

(b) 3.011 × 1024 অণু H2 (d) 4°C ত 1 মি.লি. পানী।

উত্তৰঃ (d) 4°C ত 1 মি.লি. পানী।

(vii) পদার্থ কিছুমান ক্ষুদ্রাতিক্ষুদ্র ‘পৰমাণু’ৰ দ্বাৰা গঠিত। কোনজনা ভাৰতীয় এই চিন্তাটো প্ৰথমবাৰৰ বাবে কৰিছিল ?

(a) পাকুধা কার্টায়াম (b) কণাড (c) চৰক (d) ব্যাস।

উত্তৰঃ (b) কণাড

(viii) আধুনিক পাৰমাণৱিক মতবাদৰ জনক হ’ল—

(a) মহর্ষি কণাড (b) ডিম’ক্রিটাছ

(c) জনডেল্টন (d) জে. থমচন।

উত্তৰঃ (d) জে. থমচন।

(ix) নিউক্লিয়াছ বা পৰমাণুকেন্দ্ৰৰ আৱিষ্কাৰক হ’ল

(a) জে. থমচন (b) জন ডেল্টন (c) নীলচ ব’ৰ (d) এ. ৰাডাৰফৰ্ড।

উত্তৰঃ (c) নীলচ ব’ৰ

(x) পৰমাণু প্রত্যক্ষ কৰিবলৈ ব্যৱহাৰ কৰা শক্তিশালী অণুবীক্ষণ যন্ত্ৰ হ’ল-

(a) ইলেক্ট্রন মাইক্ৰ’স্ক’প (b) STEM (c) CHANDRA (d) TEMS

উত্তৰঃ (b)STEM

(xi) কোনবিধ প্রাকৃতিক বহুযোগী নহয়—

(a) প্ৰ’টিন (b) ঊণ (c) ছেলুল’জ (d) পলিথিন।

উত্তৰঃ (d) পলিথিন।

(xii) সাধাৰণ উষ্ণতাত তৰল অৱস্থাত পোৱা অধাতুটো হ’ল—

(a) ব্ৰ’মিণ (b) ছালফাৰ (c) ব’ৰণ (d) আয়’ডিন

উত্তৰঃ (a) ব্ৰ’মিণ ।

চমু প্রশ্নোত্তৰ

প্রশ্ন 1 : খালী চকুৰে পৰমাণু এটা দেখা সম্ভৱ নহয় কিয়?

উত্তৰঃ পৰমাণুবোৰ অতি ক্ষুদ্র কণিকা। ইয়াৰ বাসাৰ্দ্ধ প্রায় 100 মিটাৰ। তাৰোপৰি প্ৰায়বোৰ মৌলৰে কণিকা সমূহ স্বাধীনভাৱে নাথাকে। গতিকে আমাৰ চকুৱে ইয়াক ঢুকি নাপায় বাবে আমি পৰমাণু এটা দেখা সম্ভৱ নহয়।

প্রশ্ন 2 : সংকেত লিখা :

(i) ছ’ডিয়াম অক্সাইড (ii) এলুমিনিয়াম ক্ল’ৰাইড

(iii) ছ’ডিয়াম ছালফাইড (iv) মেগনেছিয়াম হাইড্ৰ’ক্সাইড

উত্তৰঃ (i) ছ’ডিয়াম অক্সাইড – Na2O

(ii) এলুমিনিয়াম ক্ল’ৰাইড— AICI3

(iii) ছ’ডিয়াম ছালফাইড – Na2S

(iv) মেগনেছিয়াম হাইড্ৰ’ক্সাইড – Mg(OH)2

প্রশ্ন 3 : তলৰ সংকেতবোৰে বুজোৱা যৌগবোৰৰ নাম লিখা :

(i) AL2(SO4)3 (ii) CaCl2 (iii)K2SO4 (iv) KNO3 (v) CaCO3

উত্তৰঃ (i) AI2(SO4)3— এলুমিনিয়াম ছালফেট

(ii) CaCl2 — কেলছিয়াম ক্ল’ৰাইড

(iii) K2SO4 — পটাছিয়াম ছালফেট

(iv) KNO3 — পটাছিয়াম নাইট্রেট

(v) CaCO3 – কেলছিয়াম কার্বনেট

প্রশ্ন 4 (a) : ৰাসায়নিক সংকেত পদটোৰ দ্বাৰা কি বুজোৱা হৈছে?

উত্তৰঃ ‘ৰাসায়নিক সংকেত’ পদটোৱে যৌগ এটাৰ অণু গঠনৰ এটা সাংকেতিক চিহ্ন বুজায়। যৌগটোত থকা পৰমাণুবোৰ নিৰ্দ্দেশ কৰে আৰু লগতে পৰমাণুবোৰে কি অনুপাতত সংযুক্ত হৈ যৌগটো গঠন কৰে তাকো নিৰ্দ্দেশ কৰে।

প্রশ্ন 4 (b): 2H2 +02 -> 2H2O এই বিক্ৰিয়াটোৱে কি সূচাইছে?

উত্তৰঃ 2H2 + O2 -> 2H2O বিক্রিয়াটোৱে 2 টা হাইড্ৰ’জেন গেছৰ অণুৰ লগত 1 টা অক্সিজেন অণুৰ বিক্ৰিয়াৰ ফলত 2 টা পাণীৰ অণু গঠন হয়।

প্রশ্ন 5: (i) H, S অণু আৰু (ii) PO – আয়নত কেইটাকৈ পৰমাণু আছে?

উত্তৰঃ (i) H, S অণুত তিনিটা পৰমাণু আছে। তাৰে দুটা হাইড্ৰ’জেন আৰু এটা ছালফাৰৰ পৰমাণু।

(ii) PO 3 – আয়নটোত পাঁচটা পৰমাণু আছে। ইয়াৰে এটা ফচফ’ৰাছ আৰু চাৰিটা অক্সিজেনৰ।

প্রশ্ন 6ঃ H2, O2, CI2, CO2,CH4,C2H6, C2H4, NH3, আৰু CH3OH ৰ আণৱিক ভৰ গণনা কৰা।

উত্তৰঃ H2 ৰ আণৱিক ভৰ =1 +1 = 2u

O2 ৰ আণৱিক ভৰ =16 +16 =32u

Cl2 ৰ আণৱিক ভৰ =35.5 +35.5 = 71u

CO2 ৰ আণৱিক ভৰ =12 + 2× 16 = 44u

CH4 ৰ আণৱিক ভৰ =12 ×1 + 1× 4 = 16u

C2H6 ৰ আণৱিক ভৰ =12 ×2 + 1× 6 = 30u

C2H4 ৰ আণৱিক ভৰ =12 ×2+ 1 × 4 = 28u

NH3 ৰ আণৱিক ভৰ =14+1× 3 = 17u

CH3OH ৰ আণৱিক ভৰ =12+1×3 + 16 + 1 = 32u

প্রশ্ন 7: ZnO, Na2O, আৰু K2CO3 ৰ সংকেত গোট ভৰ গণনা কৰা। প্রদত্ত পাৰমাণৱিক ভৰবোৰ হ’ল Zn = 65u, Na = 23u, K = 39u আৰু O = 16u

উত্তৰঃ ZnOৰ গোটভৰ = 65+16 = 8lu

Na2O ৰ গোট ভৰ = 23 × 2 + 16 = 62u

K2CO3 ৰ গোট ভৰ = 39 × 2 + 12 + 16 × 3 = 138u

প্রশ্ন 83.0g কার্বন 8.00g অক্সিজেনৰে সৈতে দহন কৰাত 11.00g কার্বন ডাই অক্সাইড উৎপন্ন হ’ল। 3.00g কার্বন 50.00g অক্সিজেনত দহন কৰিলে গঠন হোৱা কার্বন ডাই অক্সাইডৰ ভৰ কিমান হ’ব? ৰাসায়নিক সংযোগৰ কোনটো বিধি তোমাৰ উত্তৰৰ ক্ষেত্ৰত প্ৰয়োজ্য হ’ব? |

উত্তৰঃ 3.0 গ্রাম কাৰ্বন 8.0 গ্রাম অক্সিজেনৰ লগত দহন কৰিলে 11.0 গ্রাম কাৰ্বন ডাই অক্সাইড (CO2) পোৱা যায়। অর্থাৎ CO2 ত কাৰ্বন আৰু অক্সিজেনৰ অনুপাত = 3:8 এতিয়া 3 গ্রাম কার্বনক 50 গ্রাম কাৰ্বন ডাই অক্সাইডৰ লগত দহন ঘটালেও ৪ গ্রাম কার্বনডাই অক্সাইড ব্যৱহাৰ হ’ব। বাকী থকা 50–8 = 12 গ্রাম অক্সিজেন অবশিষ্ট ভাৱে ৰৈ যাব। ইয়াৰ পৰা এইটো নিশ্চিত যে যৌগ গঠনৰ ক্ষেত্ৰত মৌলবোৰ নিৰ্দ্দিষ্ট ভৰৰ অনুপাততহে সংযুক্ত হয়।

প্রশ্ন 9: বহু পাৰমাণৱিক আয়নবোৰ কি ? উদাহৰণ দিয়া।

উত্তৰঃ যেতিয়া দুটা বা ততোধিক পৰমাণুই সংযুক্ত হৈ এটা নিৰ্দ্দিষ্ট আৰু স্বকীয় প গঠন কৰে আৰু এই থূপটোৱে যদি ধনাত্মক বা ঋণাত্মক আধান বহন কৰিলে তাক বহু পাৰমাণৱিক আয়ন বোলে। উদাহৰণ স্বৰূপে OH, SO42-, NH4+ আদি।

প্রশ্ন 10(a) : তলত দিয়াবোৰৰ ৰাসায়নিক সংকেত লিখা।

(a) মেগনেছিয়াম ক্ল’ৰাইড (b) কেলছিয়াম অক্সাইড

(c) কপাৰ নাইট্রেট (d) এলুমিনিয়াম ক্ল’ৰাইড

(e) কেলছিয়াম কার্বনেট

উত্তৰঃ (a) মেগনেছিয়াম ক্ল’ৰাইড – MgCI2

(b) কেলছিয়াম অক্সাইড – CaO

(c) কপাৰ নাইট্রেট – Cu(NO3)2

(d) এলুমিনিয়াম ক্ল’ৰাইড – AICI3

(e) কেলছিয়াম কার্বনেট – CaCO3

প্রশ্ন 10 (b) : হাইড্ৰ’জেন ছালফাইড আৰু কেলছিয়াম অক্সাইডৰ সংকেত লিখা।

উত্তৰঃ হাইড্ৰজেন ছালফাইড –H2S

কেলছিয়াম অক্সাইড– CaO

প্রশ্ন 11 : তলৰ যৌগবোৰত থকা মৌলবোৰৰ নাম দিয়া :

(a) পোৰা চূণ (Quick Lime) (b) হাইড্ৰ’জেন ব্র’মাইড

(c) বেকিং পাউডাৰ (d) পটেছিয়াম ছালফেট

উত্তৰঃ (a) পোৰা চূণ (Quick Lime) = কেলছিয়াম আৰু অক্সিজেন

(b) হাইড্ৰ’জেন ব্র’মাইড = হাইড্ৰজেন আৰু ব্ৰ ‘মিন

(c) বেকিং পাউডাৰ = ছ’ডিয়াম, কার্বন, অক্সিজেন, হাইড্ৰ’জেন

(d) পটেছিয়াম ছালফেট = পটাছিয়াম, ছালফাৰ, অক্সিজেন

12 (a) : ম’লাৰ ভৰ কাক বোলে? 3.011×1023 টা নাইট্ৰজেন (N) পৰমাণুৰ ভৰ গণনা কৰা।

উত্তৰঃ ম’লাৰ ভৰঃ কোনো পদাৰ্থৰ 1 ম’ল পদাৰ্থৰ ভৰকে তাৰ ম’লাৰ ভৰ বোলে। ম’লাৰ ভৰৰ বাবে অণুটোত থকা পৰমাণুসমূহৰ মুঠ ভৰ গণনা কৰিব লাগে। 3.011×1023 টা N পৰমাণুৰ ভৰ = 14 গ্রাম।

প্রশ্ন 12(b) : তলৰ পদাৰ্থবোৰৰ ম’লাৰ ভৰ গণনা কৰা:

(a) ইথাইন C2H6 (b) ছালফাৰ অণু, S8

(c) ফছফৰাছ অণু P4 (ফছফৰাছৰ পাৰমাণৱিক ভৰ = 31)

(d) হাইড্ৰ’ক্লৰিক এছিড, HCI (e) নাইট্রিক এছিড, HNO3

উত্তৰঃ (a) ইথাইন(C,H,) = 12 × 2 +1 × 16 = 30 গ্রাম

(b) ছালফাৰ অণু, (S.) = 8 × 32 = 256 গ্রাম

(c) ফছফৰাছ অণু (P) = 4 × 31 = 124 গ্রাম

(d) হাইড্ৰ’ক্লৰিক এছিড, (HCl) = 1 × 1+1×35.5 = 36.5 গ্রাম

(e) নাইট্রিক এছিড, (HNO,) = 1 × 1+1 × 14+3×16 = 63 গ্রাম

প্রশ্ন 13 (a) : ভৰ কিমান

(a) 1 ম’ল নাইট্ৰজেন পৰমাণুৰ ?

(b) 4 ম’ল এলুমিনিয়াম পৰমাণু (এলুমিনিয়ামৰ পাৰমাণৱিক ভৰ) ৰ?

(c) 10 ম’লৈ ছডিয়াম ছালফাইট (Na2SO3)ৰ?

উত্তৰঃ (a) 1 ম’ল নাইট্ৰ’জেন পৰমাণুৰ ভৰ = 14u বা 14 গ্রাম

(b) 4 ম’ল এলুমিনিয়াম পৰমাণুৰ ভৰ = 4×27 = 108u বা 108 গ্রাম

(c) 10 ম’ল ছ’ডিয়াম ছালফাইট (Na2SO3) = 10 x ( 2×23 + 1×32+3×16)

=10 x 126u = 1260 বা 1260 গ্রাম।

প্রশ্ন 13(b) : HNO3 ৰ আণৱিক ভৰ কিমান?

উত্তৰঃ HNO, ৰ আণৱিক ভৰ = 1+14+3×16 = 15 + 48 = 63u

প্রশ্ন 14 : ম’ললৈ পৰিবৰ্তন কৰা :

(a) 12g অক্সিজেন গেছ। (b) 20g পানী। (c) 22g কার্বন ডাই অক্সাইড।

উত্তৰঃ (a) 32গ্রাম অক্সিজেন = 1 ম’ল

:. 12 ” ” = 1 / 32 x 12 = 0.375 ম’ল

(b) 18 গ্রাম পানী = 1 ম’ল

20 ” ” = 1 / 18 x 20 = 1.1 ম’ল

(c) 44 গ্রাম কার্বন ডাই অক্সাইড = 1 ম’ল।

20 ” ” = 1 / 44 x 22 = 0.5 ম’ল

প্রশ্ন 15: ভৰ কিমান?

(a) 0.2 ম’ল অক্সিজেন পৰমাণুৰ?

(b) 0.5 ম’ল পানী অণুৰ ?

উত্তৰঃ (a) 1 ম’ল অক্সিজেন পৰমাণু = 16 গ্রাম

0.2 ম’ল ” ” = 16 x 0.2 = 3.2 গ্রাম

(b) 1 ম’ল পানীৰ অণু = 18 গ্রাম

0.5 ম’ল ” ” = 18 x 0.5 = 9 গ্রাম

প্রশ্ন 16: আণৱিক ভৰ আৰু গ্ৰাম আণৱিক ভব কি ? অক্সিজেনৰ গ্ৰাম আণৱিক ভৰ কিমান?

উত্তৰঃ আণৱিক ভৰ : কোনো মৌল বা যৌগৰ অণু এটা ‘±C অণুৰ ভৰৰ যিমাণ গুণ তাকে মৌল বা যৌগটোৰ আণৱিক ভৰ বোলে।

অথবা এটা অণুত থকা পৰমাণুসমূহৰ ভৰৰ যোগ ফলকে অণুটোৰ আণৱিক ভঁৰ বোলে।

গ্রাম আণৱিক ভৰ: আণৱিক ভৰক গ্ৰামত প্ৰকাশ কৰিলে তাক গ্ৰাম আণৱিক ভৰ বোলা হয়।

অক্সিজেনৰ গ্ৰাম আণৱিক ভৰ হ’ল 32 গ্রাম।

প্রশ্ন 17 : তলত দিয়াবোৰৰ গ্ৰাম আণৱিক ভৰ লিখা

H2O, CO2, NaCI আৰু H2SO4

উত্তৰঃ H2O-ৰ গ্ৰাম আণৱিক ভৰ= 1 × 2 +16 = 18 গ্রাম

CO2 ” ” = 12 + 16 × 2 = 44, গ্রাম

NaCl ” ” = 23 + 35 = 58′ গ্রাম

H2SO4 ” ” = 1 × 2 + 32 + 16×4 =2+32+64 = 98 গ্রাম

প্রশ্ন 18: পাৰমাণৱিক ভৰৰ লগত আণৱিক ভৰৰ সম্পৰ্ক কি? এটা উদাহৰণৰ সহায়ত লিখা।

উত্তৰঃ কোনো মৌল বা যৌগৰ আণৱিক ভৰ হ’ল মৌল বা যৌগটোৰ এটা অণুত থকা পৰমাণুবোৰৰ পাৰমাণৱিক ভৰৰ যোগফল। উদাহৰণস্বৰূপে H2O (পানী)ৰ আণৱিক ভৰ হ’ল H2O ত থকা দুটা হাইড্ৰ’জেন আৰু এটা অক্সিজেন পৰমাণুৰ মুঠ পাৰমাণৱিক ভৰ। অৰ্থাৎ H2O = 2 × H + O = 2 × 1 + 16 = 18u.

প্রশ্ন 19 : প্ৰতি ম’ল পানী, কার্বন-ডাই-অক্সাইড আৰু সাধাৰণ নিমখৰ আণৱিক ভৰ লিখা।

উত্তৰঃ প্ৰতি ম’ল পানী (H,O) = 1 × 2 + 16 = 18 গ্রাম।

প্রতি ম’ল কার্বন-ডাই-অক্সাইড (CO,) = 12 + 2 × 16 = 44 গ্রাম

প্ৰতি ম’ল সাধাৰণ নিমখ (NaCl) = 23 + 35.5 = 58.5 গ্রাম।

প্রশ্ন 20: কি চৰ্তত এভ’গৈড্ৰ’ৰ সূত্ৰটো সিদ্ধ হয়?

উত্তৰঃ এভ’গেড্ৰ’ৰ সূত্ৰটো হ’ল প্ৰমাণ চাপ আৰু উষ্ণতাত সকলো গেছীয় পদাৰ্থৰ সম আয়তনত সমান সংখ্যক কণা (অণু, পৰমাণু, আয়ন) থাকে।

গতিকে এই সূত্ৰত জাৰিত থকা চৰ্তকেইটা হ’ল— (ক) পদার্থটো গেছীয় হ’ব লাগিব।

(খ) পদার্থবিলাক প্রমাণ চাপ আৰু উষ্ণতাত থাকিব লাগিব।

(গ) প্ৰতিটো পদাৰ্থৰ আয়তন সমান হ’ব লাগিব।

প্রশ্ন 21 : এভ’গেড্ৰ’ৰ প্ৰকল্পটো লিখা। এভ’গৈড্ৰ’ৰ সংখ্যা কি? ইয়াৰ গ্ৰহণযোগ্য মান কিমান?

উত্তৰঃ এভ’গৈড্ৰ’ৰ প্ৰকল্প ঃ গেছীয় পদাৰ্থৰ আয়তন আৰু অণুৰ সংখ্যাৰ মাজৰ সম্বন্ধকে এভ’গৈড্ৰ’ৰ প্ৰকল্প বোলে। এই প্রকল্পমতে একে চাপ আৰু উষ্ণতাত সকলো গেছীয় পদাৰ্থৰ সম আয়তনত সমসংখ্যক অণু থাকে।

এভ’গেড্ৰ’ৰ সংখ্যা (NA) : সকলো পদাৰ্থৰে এক গ্রাম আণৱিক ভৰত থকা অণুৰ

সংখ্যা সদায় সমান। অর্থাৎ এক গ্রাম আণৱিক ভৰত থকা অণুৰ সংখ্যাকে এভ’গেড্ৰ’ৰ সংখ্যা (NA) বোলে।

এভ’গেড্ৰ’ৰ সংখ্যাৰ গ্ৰহণযোগ্য মান; No = 6.02×1023

প্রশ্ন 22 : এভগেড্ৰ’ৰ সূত্ৰটো লিখা। ইয়াৰ গাণিতিক প্ৰকাশ দিয়া।

উত্তৰঃ এভ’গেড্ৰ’ৰ সূত্ৰ: স্থিৰ উষ্ণতা আৰু চাপত সম আয়তনৰ গেছীয় পদাৰ্থত সমসংখ্যক অণু থাকে।

গাণিতিক প্রকাশ: এভ’গেড্ৰ’ৰ সূত্ৰমৰ্তে স্থিৰ উষ্ণতা আৰু চাপত কোনো গেছৰ আয়তন সেই গেছটোত থকা অণুৰ সংখ্যাৰ সমানুপাতিক। অর্থাৎ চাপ (P ) আৰু উষ্ণতা (T) স্থিৰ থাকিলে,

V ∝ n (P. আৰু T স্থিৰ ) য’ত V = গেছৰ আয়তন

আৰু n = সেই আয়তনত থকা অণুৰ সংখ্যা।

আন এটা গেছ আয়তন (একে T আৰু P) V’ অত অণুৰ সংখ্যা n’ হ’লে—

V ∝ n (P আৰু T স্থিৰ)

কিন্তু এই প্রকল্প মতে V = V’

:. n = n’হ’ব।

প্রশ্ন 23: (i) উষ্ণতাৰ পৰম স্কেল আৰু চেলছিয়াছ স্কেলৰ সম্পৰ্কটো লিখা।

(ii) এক এটম ‘স্ফেৰিক চাপ মানে কি?

উত্তৰঃ (i) উষ্ণতাৰ পৰম স্কেল আৰু চেলছিয়াছ স্কেলৰ সম্পৰ্কটো হ’ল-

tº চে. = (t+273) কেলভিন। যেনে: 30°C = ( 30 + 273)°K = 303°K.

(ii) সমুদ্রপৃষ্ঠত 76 ছে. মি. পাৰাস্তম্ভ এটাই ধৰি ৰাখিব পৰা চাপকে এক বায়ুমণ্ডলীয় চাপ বোলে।

1 বায়ুমণ্ডলীয় চাপ = 76 × 13.6 x 980 ডাইন ছে. মি.

প্রশ্ন 24 : ভৰ আৰু আয়তন হিচাপে ম’লৰ সংজ্ঞা লিখা।

উত্তৰঃ ভৰ হিচাপে ম’লৰ সংজ্ঞা: কোনো পদাৰ্থৰ এক গ্রাম আণৱিক ভৰকে এক ম’ল বোলা হয়।

অৰ্থাৎ1 ম’ল পানী =H,O-ৰ গ্ৰাম আণৱিক ভৰ =18 গ্রাম (ভৰ)

আয়তন হিচাপে ম’লৰ সংজ্ঞা: প্ৰমাণ চাপ আৰু উষ্ণতাত কোনো গেছৰ 22.4 লিটাৰ আয়তনকে এক ম’ল বোলা হয়।

অর্থাৎ প্ৰ.উ.চাপ 1 ম’ল গেছ = 22.4 লিটাৰ।

প্রশ্ন 25 : কোনো এটা গেছৰ প্ৰ.উ.চা.ত আয়তন, ম’ল, গ্ৰাম, আণৱিক ভৰ আৰু এভ ‘গৈড্ৰ’ৰ সংখ্যাৰ (NA) মাজৰ সম্পৰ্ক লিখা।

উত্তৰঃ কোনো প্ৰ.উ.চা.ত আয়তন, ম’ল, গ্রাম, আণৱিক ভৰ আৰু এভ’গেড্ৰ’ৰ সংখ্যাৰ মাজৰ সম্পৰ্কটো তলত দিয়া ধৰণে উল্লেখ কৰিব পাৰি।

এটা গেছৰ 1 ম’ল = গেছটোৰ গ্ৰাম আণৱিক ভৰ = প্ৰ, উ. চাত 22.4 লিটাৰ = 6.023 × 1023 সংখ্যক অণু।

প্রশ্ন 26 : যোজ্যতা বুলিলে কি বুজা লিখা? মৌলৰ যোজ্যতা কি কি প্ৰকাৰৰ হ’ব পাৰে? উদাহৰণ দিয়া।

উত্তৰঃ যোজ্যতা (Valency) : মৌলসমূহে আন মৌলৰ লগত লগ বা যোজিত হৈ যৌগ গঠন কৰে। সকলে৷ মৌলই আন মৌলৰ লগত একে ধৰণে যোজিত নহয় ৷ মৌলৰ যোজিত হ’ব পৰা ক্ষমতাকে যোজন ক্ষমতা বোলে। এটা মৌলৰ আন এটা মৌলৰ লগত যোজিত হ’ব পৰা ক্ষমতাকে মৌলটোৰ যোজ্যতা বোলে। যোজ্যতা মৌলৰ পৰমাণুৰ সংখ্যাৰে গণনা কৰা হয়।

সাধাৰণতে এটা মৌলই হাইড্ৰ’জেন বা ক্ল’ৰিণৰ যিমানটা পৰমাণু ধৰি ৰাখিব পাৰি তাকে সেই মৌলটোৰ যোজ্যতা বুলি জনা যায়

মৌলৰ যোজ্যতা দুই প্ৰকাৰৰ৷ স্থিৰ যোজ্যতা আৰু পৰিৱৰ্তী যোজ্যতা। কিছুমান মৌলৰ যোজ্যতা সদায় স্থিৰ আৰু কিছুমান মৌলৰ যোজ্যতাৰ পৰিৱৰ্তন ঘটে। অর্থাৎ কেতিয়াবা এক, কেতিয়াবা দুই বা তিনি ইত্যাদি যোজ্যতা দেখুরায়। এনে যোজ্যতাক পৰিৱৰ্তী যোজ্যতা বোলে। আন উদাহৰণস্বৰূপে হাইড্ৰ’জেন, অক্সিজেন, ক্ল’ৰিণ, ফ্ল’ৰিণ, লিথিয়াম (Li), ছ’ডিয়াম, মেগনেছিয়া, এলুমিনিয়াম, কাৰ্বন আদিৰ যোজ্যতা সদায় স্থিৰ। ইহঁতৰ যোজ্যতাক স্থিৰ যোজ্যতা বোলে। আনহাতে ছালফাৰ, নাইট্ৰ’জেন, আইৰণ, কপাৰ, মাৰ্কাৰী আদি মৌলবোৰ যোজ্যতা এটাতকৈ বেছি বাবে ইহঁতৰ যোজ্যতাক পৰিৱৰ্তী যোজ্যতা বোলে।

প্রশ্ন 27: একযোজী, দ্বি-যোজী, ত্রি-যোজী, চতুযোজী, পঞ্চযোজী আৰু ষড়যোজী মৌলৰ প্ৰত্যেকৰে এটাকৈ উদাহৰণ দিয়া।

উত্তৰঃ একযোজী মৌল – হাইড্ৰ’জেন (H)

দ্বি-যোজী মৌল – অক্সিজেন (O)

ত্রি-যোজী মৌল – নাইট্ৰ’জেন (N)

চতুযোজী মৌল – কার্বন (C)

পঞ্চযোজী মৌল – ফছফৰাছ (P)

ষড়যোজী মৌল – ছালফাৰ (S)

প্রশ্ন 28(a) : আয়ন কি? মেগনেছিয়ামৰ আয়নিক চিহ্ন লিখা।

উত্তৰঃ আয়ন (ion) : কোনো মৌল বা যৌগ মূলকত ইলেক্ট্রনৰ ঘাটি বা বৃদ্ধিকে আয়ন বোলে। মেগনেছিয়ামৰ আয়নিক চিহ্ন হ’ল Mg2+

প্রশ্ন 28(b): যৌগমূলক কাক বোলে ? সাধাৰণ যৌগমূলকসমূহৰ নাম আৰু ইহঁতৰ যোজ্যতা লিখা।

উত্তৰঃ যৌগমূলক: ধনাত্মক বা ঋণাত্মক আধানযুক্ত এটা বা অধিক পৰমাণুৰ সমষ্টিক মূলক বোলে। কেইবাটাও পৰমাণুৰ মূলকক যৌগমূলক বোলে৷ যৌগমূলক এটাই ৰাসায়নিক বিক্ৰিয়াত এটা পৰমাণুৰ দূৰে অংশ লয়। ধনাত্মক আধান যুক্ত মূলকক ক্ষাৰৰ্কীয় মূলক আৰু ঋণাত্মক আধান যুক্ত হ’লে তাক আম্লিকমূলক বোলে। যৌগমূলক এটাৰ ধনাত্মক বা ঋণাত্মক আধানৰ সংখ্যাটোক মূলকৰ যোজ্যতা বোলে। তলত যৌগমূলক সমূহৰ (কেইটামান) নাম আৰু তাৰ যোজ্যতা দিয়া হ’ল।

যৌগমূলকযোজ্যতা
NH4++1
OH–1
HCO3–1
HSO4–1
NO3–1
CO32––2
SO42––2
SO32––2
ZnO22––2
PO43–3
AsO43–3
BO33–3

প্রশ্ন 29 : ৰাসায়নিক সমীকৰণ বুলিলে কি বুজা? এটা উদাহৰণৰ সহায়ত লিখা।

উত্তৰঃ ৰাসায়নিক সমীকৰণ হ’ল ৰাসায়নিক বিক্রিয়াৰ এক সংক্ষিপ্ত ৰূপ। এই বিক্ৰিয়াত থকা বিক্রিয়াক আৰু বিক্রিয়াজাত পদার্থসমূহক প্রথমতে ৰাসায়নিক সংকেতৰ দ্বাৰা লিখি লোৱা হয়। তাৰ পাছত বিক্ৰিয়াসমূহক “=” চিনৰ বাওঁফালে আৰু বিক্রিয়াজাত পদার্থসমূহক সোঁফালে লিখি শেষত গোটেই সমীকৰণটোক সমতুল করা হয়।

উদাহৰণস্বৰূপে, উপযুক্ত পৰিৱেশত হাইড্ৰ’জেনে (H2) অক্সিজেন (O2) ৰ লগত লগ হৈ পানী (H2O) উৎপন্ন কৰে। এই বিক্ৰিয়াটে৷ তলত দিয়া ধৰণেৰে ৰাসায়নিক সমীকৰণৰ সহায়ত প্ৰকাশ কৰিব পাৰি।

H2 + O2 → H2O

সমতুল সমীকৰণ: 2H2+ O2 = 2H2O

সাংখ্যিক সমস্যা

সমস্যা: 1 বিক্রিয়া এটাত 5.3 গ্রাম ছডিয়াম কার্বনেট 6 গ্রাম ইথানয়িক এছিডৰ সৈতে বিক্ৰিয়া কৰিছিল। উৎপাদিত দ্রব্যবোৰ আছিল 2.2 গ্রাম কার্বন ডাই অক্সাইড, 0.9 গ্রাম পানী আৰু 8.2 গ্রাম ছ’ডিয়াম ইথানয়েট। দেখুওৱা যে ফলালফলবোৰ ভৰৰ নিত্যতা সূত্র অনুযায়ী হৈছে।

ছ’ডিয়াম কার্বনেট + ইথানয়িক এছিড → ছডিয়াম ইথনায়েট + কার্বন ডাই অক্সাইড + পানী

উত্তৰঃ ইয়াত দিয়া ৰাসায়নিক বিক্ৰিয়াটো হ’ল :

ছডিয়াম কার্ব’নেট + ইথানয়িক এছিড → ছ’ডিয়াম ইথান’য়েড

ভৰৰ নিত্যতা সূত্র মতে,

বিক্রিয়কৰ ভৰ = বিক্রিয়াজাত পদাৰ্থৰ ভৰ + কার্বনডাই অক্সাইড + পানী

দিয়ামতে, বিক্ৰিয়কৰ ভৰ = (5.3 + 6.0) গ্রাম = 11.3 গ্রাম

বিক্রিয়াজাত পদাৰ্থৰ ভৰ = (2.2 + 0.9 + 8.2) গ্রাম = 11.3 গ্রাম

দেখা গ’ল যে বিক্ৰিয়কৰ ভৰ আৰু বিক্রিয়াজাত পদাৰ্থৰ ভৰ সমান। গতিকে ভৰৰ সৃষ্টি বা বিনাশ ৰাসায়নিক পৰিবৰ্তনৰ সময়ত ঘটা নাই। গতিকে ফলাফল ভৰৰ নিত্যতা সূত্র অনুযায়ী হৈছে।

সমস্যা 2: হাইড্ৰ’জেন আৰু অক্সিজেন 1.8 ভৰৰ অনুপাতত লগ লাগি পানী উৎপন্ন কৰে। 3 গ্রাম হাইড্ৰ’জেনৰ সৈতে সম্পূৰ্ণকৈ বিক্ৰিয়া কৰিবলৈ কিমান ভৰৰ অক্সিজেনৰ প্রয়োজন হ’ব?

উত্তৰঃ পানীৰ অণু (H2O) ক্ষেত্ৰত স্থিৰানুপাত বিধিমতে, H : O = 1:8 যদি H: 3 গ্রাম হয় তেন্তে, H:O = 3 : 3 × 8 = 3:24 হ’ব লাগিব।

অর্থাৎ 3 গ্রাম হাইড্ৰ’জেনৰ লগত সম্পূৰ্ণৰূপে বিক্ৰিয়া কৰি পানী প্ৰস্তুত কৰিবলৈ হ’লে 24 গ্রাম হ’ব লাগিব।

সমস্যা : 3 : এক ম’ল কাৰ্বন পৰমাণুৰ ভৰ 12 গ্রাম হ’লে 1 টা কাৰ্বন পৰমাণুৰ ভৰ (গ্ৰামত) কিমান হব?

উত্তৰঃ 1 ম’ল কাৰ্বন পৰমাণুৰ ভৰ =12 গ্রাম।

1 ম’ল কাৰ্বন পৰমাণুত কাৰ্বনৰ সংখ্যা = 6.023×1023

অর্থাৎ 6.023×1023 সংখ্যক কার্বন পৰমাণুৰ ভৰ = 12 গ্রাম।

:. 1 ” ” = 12 / 6.023×1023

= 1.99 x 10-23

সমস্যা : 4: 100 গ্রাম ছ’ডিয়াম বা 100 গ্রাম আইৰণৰ কোনটোত পৰমাণুৰ সংখ্যা বেছি থাকিব। (দিয়া আছে Na ৰ পাৰমাণৱিক ভৰ = 23u, Fe = 56u) ?

উত্তৰঃ

23u বা 23 গ্রাম ছ’ডিয়াম (=1 ম’ল) ত থকা Na ৰ সংখ্যা = 6.023×1023

100 গ্রাম ছ’ডিয়ামত থকা Na ৰ পৰমাণুৰ সংখ্যা = (6.023×1023 / 23) x 100

= 2.617×1024

তেনেদৰে, 56u বা 56 গ্রাম আইৰণৰ ( =1 মল)ত থকা Fe পৰমাণুৰ সংখ্যা = 6.023×1023

100 গ্রাম আইৰণত থকা Fe পৰমাণুৰ সংখ্যা = (6.023×1023 / 56) x100

= 1.075×1024

গতিকে, 100 গ্রাম ছ’ডিয়াম থকা পৰমাণুৰ সংখ্যা 100 গ্রাম আইৰণত থকা পৰমাণু সংখ্যাতকৈ বেছি।

সমস্যা : 5 অক্সিজেন আৰু বৰণে গঠিত যৌগৰ নমুনা এটাৰ 0.24g বিশ্লেষণ কৰাত 0.096g ব’ৰণ আৰু 0.144g অক্সিজেন পোৱা গৈছিল। ভৰ হিচাপত যৌগটোৰ শতকৰা সংযুক্তি গণনা কৰা।

উত্তৰঃ যৌগৰ নমুনাৰ ভৰ = 0.24 গ্রাম।

ব’ৰণৰ ভৰ = 0.096 গ্রাম।

অক্সিজেনৰ ভৰ = 0.144 গ্রাম।

গতিকে, ব’ৰণৰ শতকৰা পৰিমাণ = (0.096 / 0.24) x 100

= (9.6 / 2.4) x 100

অক্সিজেনৰ শতকৰা পৰিমাণ = (0.144 / 0.24) x 100

= (0.144 / 0.24) x 10 = 60%

অর্থাৎ নমুনাটোত 60% অক্সিজেন আৰু 40% বৰ’ণ আছে।

সমস্যাঃ 6: 16g গোটা ছালফাৰত থকা ছালফাৰ অণু (S,) ৰ সংখ্যা গণনা কৰা।

উত্তৰঃ (a) 1 ম’ল S8 অণু = 32 × 8 = 256g1

1 ম’ল S8 অণু = 6.023 × 102 অণু

256g S8 অণু = 6.023 × 1023 অণু

16g S8 অণু = (6.023×1023) / 256 x 16 অণু = 3.76 × 1022 অণু

সমস্যা : 7: 0.051g এলুমিনিয়াম অক্সাইডত থকা এলুমিনিয়াম আয়নৰ সংখ্যা গণনা কৰা।

(ইংগিত : আয়ন এটাৰ ভৰ একে মৌলৰ পৰমাণু এটাৰ ভৰৰ সৈতে একে। Al ৰ পাৰমাণৱিক ভৰ = 274 )

উত্তৰঃ 1 ম’ল Al2O3, = 2 × 27 + 3 × 16 = 102u = 102g

অর্থাৎ 102g AI2O3 অত থাকে = 6.02 × 1023 অণু

0.051g AI2O3 ত থাকে = (6.023 × 1023) / x 0.05 = 3.01 x 1020 অণু

আকৌ, 1 ম’ল AI2O3 = 2A1+++ আয়ন

গতিকে 0.051g AI2O3 = 2×3.01 × 1020 Al+++

= 6.023 × 1020Al+++

সমস্যা ৪:1 পাৰমাণৱিক ভৰ একক (1u) ক S. I. এককত প্রকাশ কৰা।

সমাধান :

সমস্যা 9 (a) : 0.9 গ্রাম এলুমিনিয়ামত কিমানটা পৰমাণু আছে গণনা কৰা।

সমাধান : এলুমিনিয়ামৰ গ্ৰাম পাৰমাণৱিক ভৰ = A = 27 গ্রাম

এলুমিনিয়ামৰ ভৰ = W = 0.9 গ্রাম

প্রশ্ন 9 (b) : 46g Na পৰমাণু (ভৰৰ সংখ্যা) কণিকাৰ সংখ্যা গণনা কৰা।

উত্তৰঃ

Na পৰমাণুৰ ভৰ = 23 গ্রাম = 1 ম’ল পৰমাণু

অর্থাৎ, 23 গ্রাম ছ’ডিয়ামত থকা কণিকাৰ সংখ্যা = 6.023×1023

:. 46 গ্রাম ছ’ডিয়ামত থকা কণিকাৰ সংখ্যা = 2 × 6.023× 1023

= 12.046 × 1023

প্রশ্ন 9 (c) : 0.5 ম’ল N2 গেছ (মলৰ পৰা অণুৰ) ভৰ গণনা কৰা।

উত্তৰঃ 1 ম’ল N2 (গেছ) = 2 × 14 = 28 গ্রাম

:.0.5 ম’ল N2 (গেছ) = 28 × 0.5 গ্রাম = 14 গ্রাম

সমস্যা 10 : (i) 9 গ্রাম পানীত থকা ম’লৰ সংখ্যা কিমান?

(ii) 9 গ্রাম পানীত থকা অণুৰ সংখ্যা গণনা কৰা।

সমাধান : (i) পানীৰ গ্ৰাম আণৱিক ভৰ = 18 গ্রাম

18 গ্রাম পানী = 1 ম’ল

9 গ্রাম পানী =(1 / 18) x 9 = 1 / 2 = 0.5 ম’ল

(ii)। ম’ল পানীত অণুৰ সংখ্যা = 6.023×1023

5 ম’ল পানীত অণুৰ সংখ্যা = 6.023×1023 x 5

= 3.0115×1023 = 3.012×1023

সমস্যা 11 : 1 ম’ল ছালফিউৰিক এচিডত থকা অক্সিজেনৰ ম’ল পৰমাণু আৰু পৰমাণুৰ সংখ্যা গণনা কৰা।

সমাধানঃ 1 ম’ল H, SO, ( 2 × 1 + 32 + 16×4) গ্রাম

ইয়াত অক্সিজেনৰ ম’ল পৰমাণু = 4 ম’ল পৰমাণু

1 ম’ল অক্সিজেনত পৰমাণু সংখ্যা = 6.02 × 10 টা

4 ম’ল পানীত অণুৰ সংখ্যা – 6.02 × 1023 × 4 টা = 24.08 × 1023 টা

সমস্যা 12: CaCO3 ৰ গ্ৰাম আণবিক ভৰ লিখা। 0.5 ম’ল CaCO3 ৰ গ্রাম আণৱিক ভৰ আণৱিক ভৰ কিমান ?

সমাধানঃ CaCO3 ৰ গ্রাম আণৱিক ভৰ= Ca + C + 3 x O = 40 +12+3×16

= 40+12 +48 = 100 গ্রাম ম’ল-1

:. 1 ম’ল CaCO = 100 গ্রাম

:. 0.5 ম’ল CaCO3 = 100 × 0.5

= 50 গ্রাম।

সমস্যা 13: এক ম’ল নাইট্রিক এচিডত অক্সিজেনৰ কিমান ম’ল পৰমাণু আৰু কিমান সংখ্যা পৰমাণু আছে গণনা কৰা।

সমাধানঃ 1 ম’ল HNO3 = (1+14 + 16× 3 ) গ্রাম

ইয়াত অক্সিজেনৰ ম’ল পৰমাণু = 3 ম’ল

আকৌ, 1 ম’ল অক্সিজেনত পৰমাণুৰ সংখ্যা = 6.02×1023

:. 3 ম’ল অক্সিজেনত পৰমাণুৰ সংখ্যা = 6.02 × 3 × 10 – 18.06 * 102

সমস্যা 14: 44 গ্রাম CO, -ত থকা গ্রামাণুৰ সংখ্যা গণনা কৰা।

সমাধানঃ CO2 ৰ আণৱিক ভৰ = (12+2×16) পা. ভ. এ. (u)

CO2 ৰ গ্রাম আণৱিক ভৰ = 44 গ্রাম

22 গ্রাম CO2-ত থকা গ্রামাণুৰ সংখ্যা (n)

সমস্যা 15: 1.003 × 1020 সংখ্যক SO2 ৰ অণুৰ ভৰ কিমান?

সমাধানঃ আমি জানো যে, SO2 ৰ গ্ৰাম আণৱিক ভৰ।

=S+ 2 x O =32 + 16 x 2 = 64 গ্রাম

অৰ্থাৎ SO2ৰ 1 ম’ল = 64 গ্রাম = 6.02 × 1023 সংখ্যক তাণু।

:. 6.02 × 1023 সংখ্যক SO, ৰ অণু = 64 গ্রাম

সমস্যা 16: 1.5 ম’ল অক্সিজেনত থকা অণুৰ সংখ্যা গণনা কৰা।

সমাধানঃ 1 ম’ল O2 ত থকা অণুৰ সংখ্যা = 6.02 × 1023

:. 1.5 ম’ল O2ত থকা অণুৰ সংখ্যা = 6.02 × 1023 × 1.5

= 9.03 × 1023

সমস্যা 17: 25 গ্রাম পানীত কিমান ম’ল পানী থাকিব?

সমাধানঃ পানী (H2O) ৰ গ্ৰাম আণৱিক ভৰ = 2 × 1+16 = 18 গ্রাম

:. অর্থাৎ 18 গ্রাম পানীত থাকে = 1 ম’ল পানী

:. 25 গ্রাম পানীত থাকে 1 / 18 x 25 = 1.32 ম’ল পানী

সমস্যা 18: 3.6 গ্রাম পানীত থকা অণুৰ সংখ্যা কিমান?

সমাধানঃ পানীৰ গ্ৰাম আমৱিক ভৰ = 18 গ্রাম

অর্থাৎ 18 গ্রাম পানীত থকা অণুৰ সংখ্যা = 6.02×1023

:. 3.6 গ্রাম পানীত থকা অণুৰ সংখ্যা = (6.2×1023) x 3.6 = 1.204 x 1023 টা।

সমস্যা 19: 3.01 × 102” সংখ্যক অক্সিজেনৰ অণুৰ ভৰ কিমান?

সমাধানঃ

সমস্যা 20: কোনো গেছৰ 1.2046 × 1025 টা অণুৰ ভৰ 640 গ্রাম। গেছটোৰ আণৱিক ভৰ কিমান? গেছটোৰ 16 গ্ৰামত কিমান ম’ল গেছ থাকিব?

সমাধানঃ

সমস্যা 21ঃ প্ৰমাণ চাপ আৰু উষ্ণতাত 0.1204 × 1025 সংখ্যক O2 অনুৰ আয়তন কিমান হ’ব?

সমাধানঃ প্র. উ. চাত 6.023 × 1023 সংখ্যক O2 অণুৰ আয়তন = 22.4 লিটাৰ

প্র. উ. চাত 0.1204 × 1025 সংখ্যক O2 অণুৰ আয়তন = (22.4 / 6.023 × 1023) × 0.1204 × 1025

= (22.4 / 6.02) x 12.04 = 44.8 লিটাৰ

সমস্যা 22: তলত দিয়া বিক্রিয়া অনুসৰি 3.6 গ্রাম পানী উৎপন্ন হ’বলৈ কিমান গ্রাম ছ’ডিয়াম হাইড্ৰ’ক্সাইড (NaOH) ৰ আৱশ্যক হ’ব?

H₂SO4 + 2NaOH ➜ Na2SO4 + 2H2O

সমাধানঃ সমতুল বিক্ৰিয়াটো

H2SO4 + 2NaOH ➜ Na2SO4 + 2H2O

2 ম’ল 2 ম’ল

= 2(23 + 16 +1) = 80 গ্রাম = 2 (2+16) = 36 গ্রাম

36 গ্রাম পানী উৎপন্ন কৰে 80 গ্রাম NaOH এ

:. 3.6 গ্রাম পানী উৎপন্ন কৰিব = (80 / 36) x × 3.6 = 8 গ্রাম NaOH এ।

Conclusion

আমি বিশ্বাস কৰোঁ যে এই টোকাবোৰে শিক্ষাৰ্থীসকলক বিষয়বোৰৰ বিষয়ে ভালদৰে বুজাবুজি বিকশিত কৰাত আৰু তেওঁলোকৰ পৰীক্ষাৰ বাবে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰিব।

আমি নিশ্চিত যে এই টোকাবোৰে শিক্ষাৰ্থীসকলক তেওঁলোকৰ লক্ষ্য প্ৰাপ্ত কৰাত আৰু তেওঁলোকৰ শৈক্ষিক প্ৰদৰ্শন বৃদ্ধি কৰাত সহায় কৰিব। যদি আপুনি এই প্ৰবন্ধটো ভাল পায় আৰু সহায়ক হয় তেন্তে আপোনাৰ বন্ধুবৰ্গৰ সৈতে Share কৰিবলৈ নাপাহৰিব।

2 thoughts on “Class 9 Science Chapter 3 | পৰমাণু আৰু অণু |[Atoms and Molecules]”

Leave a Comment

error: Content is protected !!