Class 9 Science Chapter 2 | আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে?|Is matter around us Pure?

Class 9 Science Chapter 2 | আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে?|Is matter around us Pure? SEBA:  আমাৰ ৱেবছাইটলৈ স্বাগতম! আপোনাৰ শৈক্ষিক যাত্ৰাৰ বাবে আপোনাক নৱম শ্ৰেণীৰ Notes প্ৰদান কৰি আমি আনন্দিত।

নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ বছৰ কিয়নো তেওঁলোকে আগন্তুক ব’ৰ্ড পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰে, যি তেওঁলোকৰ শৈক্ষিক সফলতা নিৰ্ধাৰণ কৰিব।

আজি, এই প্ৰবন্ধটোত মই আপোনাৰ দশম শ্ৰেণীৰ আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে?|Is matter around us Pure? দীঘলয়া আৰু চুটি প্ৰশ্ন আলোচনা কৰিম| আমি প্ৰায় সকলো দীঘলয়া আৰু চুটি প্ৰশ্ন Solution প্ৰদান কৰিছোঁ।

আমাৰ লক্ষ্য হৈছে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰা। আমি ইয়াত বিনামূলীয়াকৈ Notes সমূহ প্ৰদান কৰিছো। আমি আপোনাক আগন্তুক পৰীক্ষাৰ বাবে শুভেচ্ছা জনাইছো। যদি আপোনাৰ কোনো সন্দেহ আছে তেন্তে আমাৰ সৈতে যোগাযোগ কৰক।

প্রশ্নোত্তৰ

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন 1 : বিশুদ্ধ পদার্থ বুলিলে কি বুজায় ?

উত্তৰঃ বিশুদ্ধ পদাৰ্থঃ যিবোৰ পদাৰ্থ মাত্র এবিধ মাত্র উপাদানেৰে গঠিত সেইবোৰ পদার্থকে বিশুদ্ধ পদার্থ বোলে।

বিশুদ্ধ পদাৰ্থবোৰৰ উপাদানবোৰ ভৈতিক প্ৰক্ৰিয়াৰে পৃথক কৰিব নোৱাৰি।

প্রশ্ন 2 : তলৰ মিশ্ৰণবোৰ সমসত্ব নে অসমসত্ব শ্রেণীভুক্ত কৰা—

চ’ডা পানী, কাঠ, বায়ু, মাটি, ভিনেগাৰ, চেকিলোৱা চাহ

উত্তৰঃ সমসত্ব মিশ্রণ— ছাডা পানী, বায়ু, ভিনেগাৰ, চেকিলোৱা চাহ।

অসমসত্ব মিশ্রণ : মাটি, কাঠ।

প্রশ্ন 3 : তলৰ কোনটোৱে “টিণ্ডেল প্রভাৱ” দেখুৱায়—

(a) লবণৰ দ্ৰৱ (b) গাখীৰ (c) কপাৰ ছালফেটৰ দ্ৰৱণ (d) ষ্টাৰ্চৰ দ্ৰৱণ।

উত্তৰঃ টিল প্রভাব দেখুৱা দ্ৰৱণ হ’ল ঃ (b) গাখীৰ, (d) ষ্টাৰ্চৰ দ্ৰৱণ।

প্রশ্ন 4 : দুবিধ বিশুদ্ধ মৌল আৰু দুবিধ বিশুদ্ধ যৌগৰ নাম লিখা।

উত্তৰঃ দুবিধ বিশুদ্ধ মৌল— ক্ল’ৰিণ, কার্বন।

দুবিধ বিশুদ্ধ যৌগ— ছ’ডিয়াম ক্লৰাইড (খোৱা নিমখ), ছালফিউৰিক এছিড।

প্রশ্ন 5: মিশ্রণ কাক বোলে?

উত্তৰঃ দুই বা ততোধিক মৌল বা যৌগ পৰস্পৰৰ মাজত বিক্রিয়া নকৰি একেলগে থকাকে মিশ্রণ বোলে।

প্রশ্ন 6(a) : মিশ্ৰণৰ দুটা উদাহৰণ দিয়া

উত্তৰঃ মাটি আৰু বায়ু।

প্রশ্ন 6(b) : বায়ু এবিধ মিশ্রণ নে যৌগ?

উত্তৰঃ বায়ু এবিধ মিশ্রণ।

প্রশ্ন 7: মিশ্ৰণৰ প্ৰকাৰবোৰ লিখা।

উত্তৰঃ মিশ্ৰণৰ প্ৰকাৰবোৰ হ’ল— (ক) দ্ৰৱণ (খ) প্ৰলম্বন (গ) কলয়দ্ৰীয় দ্ৰৱ।

প্রশ্ন ৪ : এটা দ্ৰবৰ উদাহৰণ দিয়া।

উত্তৰঃ নিমখ পানী।

প্রশ্ন 9 : এবিধ গোটা আৰু এবিধ গেছীয় দ্ৰৱৰ নাম লিখা।

উত্তৰঃ পিতল এবিধ গোটা দ্ৰব আৰু বায়ু এবিধ গেছীয় দ্রব?

প্রশ্ন 10 : সংকৰ ধাতু কি ধৰণৰ দ্ৰব।

উত্তৰঃ সংকৰ ধাতু গোটা দ্ৰৱ। ইয়াত দুই বা ততোধিক ধাতু বা ধাতু আৰু অধাতু সমসত্বভাৱে মিহলি হৈ থাকে।

প্রশ্ন 11: পিতলৰ সংযুতি কি?

উত্তৰঃ পিতলৰ সংযুতি হ’ল- 30% জিংক আৰু 70% কপাৰ

প্রশ্ন 12: এটা ধাতু আৰু অধাতুৰ দ্ৰৱৰ উদাহৰণ দিয়া।

উত্তৰঃ তীখা ধাতু আৰু অধাতুৰ দ্ৰব। তীখাত লো আৰু কাৰ্বন থাকে।

প্রশ্ন 13: দ্ৰৱণৰ উপাদান দুটা কি কি?

উত্তৰঃ দ্রাব্য আৰু দ্ৰাৱক

প্রশ্ন 14: দ্ৰৱণীয়তার সংজ্ঞা লিখা।

উত্তৰঃ সংপৃক্ত দ্ৰৱত দ্ৰৱীভূত হৈ থকা দ্ৰাব্যক তাৰ দ্ৰৱণীয়ত৷ বোলে

প্রশ্ন 15: সংপৃক্ত দ্ৰৱ কাক বোলে?

উত্তৰঃ এক নিৰ্দিষ্ট আয়তনৰ দ্ৰৱত নির্দিষ্ট উষ্ণতাত সৰ্ব্বোচ্চ পৰিমাণে থাকিব লগীয়া দ্রাব্য দ্রবীভূত হৈ থাকিলে, সেই দ্ৰবক সংপৃক্ত দ্ৰৱ বোলে।

প্রশ্ন 16: দ্ৰৱৰ চোক বা গাঢ়তা বুলিলে কি বুজা?

উত্তৰঃ কোনো নির্দিষ্ট আয়তন বা ভৰৰ দ্ৰৱণত দ্ৰৱীভূত হৈ থকা দ্ৰাব্যৰ পৰিমাণক দ্ৰৱটোৰ চোক বা গাঢ়তা বোলে।

প্রশ্ন 17 : দ্ৰৱণৰ গাঢ়তাৰ প্ৰকাশ ৰাশিটো লিখা।

উত্তৰঃ দ্ৰৱণৰ গাঢ়তা = দ্রাব্যৰ পৰিমাণ / দ্ৰৱণৰ পৰিমাণ

প্রশ্ন 18: প্রলম্বন কি?

উত্তৰঃ প্রলম্বন এটা অসমসত্ব মিশ্রণ য’ত দ্রাব্য পদার্থ দ্ৰাৱকত দ্রবীভূত হোৱাৰ পৰিবৰ্তে সমগ্ৰ দ্ৰাৱক মাধ্যমত ওপঙি বা প্রলম্বিত হৈ থাকে।

প্রশ্ন 19 (a) : টিণ্ডেল প্ৰভাৱ কি?

উত্তৰঃ কলয়ডীয় দ্ৰৱৰ মাজেৰে পোহৰ গ’লে ইয়াৰ কণিকাবোৰে পোহৰ বিচ্ছুৰিত কৰে। এই পৰিঘটনাকে টিণ্ডেল প্ৰভাৱ বোলে।

প্রশ্ন 19 (b): হাবিৰ মাজত টিণ্ডেল প্ৰভাৱ পৰিলক্ষিত হয় কিয় ?

উত্তৰঃ হাবিৰ ডাঠ গছৰ পাতত থকা জলীয় বাষ্পই (কুঁৱলী) তাৰ মাজেৰে যোৱা সূৰ্যৰ পোহৰক বিচ্ছুৰিত কৰে বাবে তাত টিণ্ডেল প্ৰভাৱ দেখা যায়।

প্রশ্ন 20 : কলয়ডীয় দ্ৰৱৰ উপাদান কি কি?

উত্তৰঃ কলয়ডীয় দ্ৰৱৰ উপাদান হ’ল – (i) বিস্তাৰণ মাধ্যম (dispersion medium)

আৰু (ii) বিস্তাৰিত প্ৰাৱস্থা (dispersive phase).

প্রশ্ন 21 : প্ৰাৱস্থা গেছ আৰু বিস্তাৰিত মাধ্যম আৰু ঠিক ইয়াৰ ওলোটাটো হ’লে ইহঁত কি প্ৰকাৰৰ কলয়ডীয় দ্ৰৱ পোৱা যায়।

উত্তৰঃ ফেন (foam) আৰু এৰ’চল (erosol)

প্রশ্ন 22: ৰঙীণ মণিমুক্তাৰ কলয়ডীয় দ্ৰবৰ প্ৰকাৰটো কি?

উত্তৰঃ গোটাচ’ল – বিস্তাৰণ গোটা আৰু বিস্তাৰিত প্ৰাৱস্থাও গোটা।

প্রশ্ন 23(a) : গাখীৰৰ পৰা মাখন পৃথক কৰিবলৈ কি পদ্ধতি ব্যৱহাৰ কৰা হয়।

উত্তৰঃ অপকেন্দ্রিক পদ্ধতি।

প্রশ্ন 23 (b): অপকেন্দ্রিক পদ্ধতিৰ এটা ব্যৱহাৰ উল্লেখ কৰা।

উত্তৰঃ গাখীৰৰ পৰ৷ মাখন পৃথক কৰিবলৈ অপকেন্দ্রিক পদ্ধতি ব্যৱহাৰ কৰা হয়।

প্রশ্ন 24: এম’নিয়াম ক্ল’বাইডৰ পৰা নিমখৰ পৃথকীকৰণত কি পদ্ধতি ব্যৱহাৰ কৰা হয় ?

উত্তৰঃ ঊর্ধ্বপাতন।

প্রশ্ন 25: ৰঙীণ দ্ৰৱ এটাৰ পৰা কি পদ্ধতি ব্যৱহাৰ কৰি তাৰ পৰা ৰঞ্জক পদার্থ পৃথক কৰিব পাৰি?

উত্তৰঃ বৰ্ণ লেখন বা Chromatography

প্রশ্ন 26: তেজত থকা ঔষধ পৃথকীকৰণ প্ৰক্ৰিয়াৰ নাম লিখা?

উত্তৰঃ বর্ণ লেখন বা ক্ৰমাট’গ্রাফী।

প্রশ্ন 27 : পাতন প্রক্রিয়াৰে দ্ৰৱ এটাৰ উপাদান দুটাক পৃথক কৰিবলৈ কি কি চৰ্ত পূৰ্ণ হ’ব লাগে ?

উত্তৰ : দ্রাব্য আৰু দ্ৰাৱকৰ মাজত উতলাঙ্কৰ পাৰ্থক্য থাকিব লাগিব আৰু দুয়োটাৰ মাজত ৰাসায়নিক বিক্রিয়া হ’ব নালাগিব।

প্রশ্ন 28: কি পদ্ধতিৰে বায়ুৰ পৰা তাৰ উপাদানবোৰ পৃথক কৰিব পাৰি?

উত্তৰঃ আংশিক পাতন পদ্ধতিৰে।

প্রশ্ন 29 : অশুদ্ধ কপাৰ ছালফেটৰ পৰা বিশুদ্ধ কপাৰ ছালফেট পাব পৰা প্রক্রিয়াৰ নাম কি?

উত্তৰঃ স্ফটিকীকৰণ।

প্রশ্ন 30 : ভৌতিক পৰিবৰ্তন কাক কয় ?

উত্তৰঃ যিবোৰ পৰিবৰ্তনত উপাদানবোৰৰ কোনো গুণগত পৰিবৰ্তন নহয় আৰু এইবোৰক সহজতে পুনৰুদ্ধাৰ কৰিব পাৰি তাকে ভৌতিক পৰিবর্তন বোলে।

প্রশ্ন 31 : ৰাসায়নিক পৰিবৰ্তনৰ সংজ্ঞা লিখা।

উত্তৰঃ যিবোৰ পৰিবৰ্তনত উপাদানবোৰৰ গুণগত মান সম্পূর্ণরূপে লোপ পাই এটা নতুন যৌগ পোৱা যায় তাকে ৰাসায়নিক পৰিবৰ্তন বোলে।

প্রশ্ন 32: মৌল নামটো কোনে প্রথমে দিছিল ?

উত্তৰঃ মৌল নামটো প্রথমে দিছিল ৰ’বটি ব’য়লে ৷

প্রশ্ন 33: মৌলৰ ভাগ তিনিটা কি কি?

উত্তৰঃ ধাতু, অধাতু, আৰু ধাতুকল্প।

প্রশ্ন 34: সংপৃক্ত দ্ৰৱ কাক কয়?

উত্তৰঃ দ্ৰৱ এটাত দ্ৰাৱকক সর্বোচ্চ পৰিমাণে দ্ৰৱীভূত কৰিব পাৰি তাকে কৰা হ’লে দ্ৰৱটোৰ গাঢ়তা সর্বোচ্চ হয়। ইয়াত আৰু বেছি দ্ৰাব্য দিলেও দ্রৱীভূত নহয়। এনে দ্ৰৱক সংপৃক্ত দ্ৰৱ বোলে।

প্রশ্ন 35 : তলৰ মিশ্ৰণবোৰৰ পৃথকীকৰণ পদ্ধতিৰ নাম লিখা।

(i) দৈৰ পৰা মাখন (butter) (ii) সাগৰৰ পানীৰ পৰা নিমখ (iii) নিমখৰ পৰা কৰ্পূৰ।

উত্তৰঃ (i) অপকেন্দ্ৰিক পদ্ধতি (ii) বাষ্পীভৱন প্ৰণালী (iii) ঊর্ধ্বপাতন প্রণালী।

প্রশ্ন 36 : স্ফটিকীকৰণ পদ্ধতিৰে কি ধৰণৰ মিশ্ৰণ পৃথক কৰা যায় ?

উত্তৰঃ স্ফটিকৰণ প্ৰক্ৰিয়াৰে – (i) সাগৰৰ পৰা পোৱা নিমখ বিশুদ্ধ কৰিব পাৰি।

(ii) এটা দ্ৰবৰ পৰা তাৰ দ্ৰব্যবোৰ বিশুদ্ধ ভাবে পাব পাৰি।

প্রশ্ন 37 : খালী ঠাই পূৰ কৰা:

(a) পদার্থই ____________অধিকাৰ কৰে আৰু_____________ আছে।

উত্তৰঃ ঠাই, ভৰ

(b) প্ৰকৃতিৰ প্ৰায়বোৰ পদাৰ্থই হৈছে _____________

উত্তৰঃ মিশ্র।

(c) সমান সংযুতি থকা মিশ্ৰণ এটা হৈছে ____________ মিশ্ৰণ।

উত্তৰঃ সমসত্ব।

(d) ______________ বোৰ খনিজ পদাৰ্থৰ মিশ্রণ।

উত্তৰঃ আকৰ।

(e) পিতল ______________ আৰু _______________ ৰ সংকৰ ধাতু ।

উত্তৰঃ কপাৰ, জিংক।

(f) সংকৰ ধাতুবোৰ ____________ মিশ্রণ।

উত্তৰঃ সমসত্ব।

(৪) ধোঁৱা _______________ আৰু _______________ মিশ্রণ।

উত্তৰঃ কার্বন-ডাই-অক্সাইড, জলীয় ভাপ ।

(h) ________________ দ্রব এটা পৰিস্ৰাৱণৰ দ্বাৰা পৃথক কৰিব পাৰি ।

উত্তৰঃ বর্ণলেখন।

(i) বালি আৰু এম নিয়াম ক্ল’ৰাইডৰ মিশ্ৰণ এটাক ______________ দ্বাৰা পৃথক কৰিব পাৰি।

উত্তৰঃ উর্ধ্বপাতন।

(j) ক’লা চিয়াহীৰ ৰংবোৰ ________________ ৰ দ্বাৰা পৃথক কৰিব পাৰি।

উত্তৰঃ বর্ণলেখন।

(k) ______________ ৰ দ্বাৰা বায়ুৰ উপাদানবোৰ পৃথক ককৰিব পাৰি।

উত্তৰঃ ঊর্ধ্বপাতন।

(l) _______________ বোৰ ৰাসায়নিক বিক্ৰিয়াৰ দ্বাৰা প্ৰস্তুত হয়।

উত্তৰঃ যৌগ।

প্রশ্ন 35: শুদ্ধ উত্তৰ বাছি উলিওৱা –

(a) বায়ু এবিধ –

(i) যৌগিক পদার্থ (ii) মিশ্র পদার্থ (iii) অ-সমসত্ব মিশ্রণ (iv) সমসত্ব মিশ্রণ

উত্তৰঃ (iv) সমসত্ব -মিশ্রণ

(b) সংকৰ ধাতুবোৰ হৈছে –

(i) বিশুদ্ধ পদার্থ (ii) মৌল (iii) সমসত্ব মিশ্রণ (iv) অসমসত্ব মিশ্রণ

উত্তৰঃ (iii) সমসত্ব মিশ্রণ

(c) চক আৰু চেনিৰ মিশ্ৰণ এটা পৃথক কৰিব পাৰি—

(i) পাতন প্ৰথাৰে (ii) বর্ণলেখন পদ্ধতিৰে

(iii) পৰিস্ৰাৱণ প্ৰথাৰে (iv) স্ফটিকীকৰণ প্ৰথাৰে

উত্তৰঃ (iii) পৰিস্ৰাৱণ প্ৰথাৰে

(d) বায়ুৰ প্ৰধান উপাদানবোৰ –

(i) নাইট্ৰ’জেন আৰু অক্সিজেন

(ii) অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড

(iii) অক্সিজেন আৰু জলীয় বাষ্প

(iv) নাইট্ৰ’জেন আৰু কাৰ্বন ডাই অক্সাইড।

উত্তৰঃ (i) নাইট্ৰ’জেন আৰু অক্সিজেন

(e) বিশুদ্ধ পানী –

(i) এটা মৌল (ii) এটা যৌগ

(iii) এটা সমসত্ব মিশ্রণ (iv) এটা কলয়ডীয় দ্ৰৱ।

উত্তৰঃ (ii) এটা যৌগ

(f) গাখীৰ কেনে ধৰণৰ মিশ্ৰ –

(i) দুই বা ততোধিক তৰলৰ (ii) দুই বা ততোধিক মিহলি নোহোৱা তৰলৰ

(iii) গোটা আৰু তৰলৰ (iv) তৰল আৰু গেছৰ ৷

উত্তৰঃ (iii) গোটা আৰু তৰলৰ

(g) তলৰ কোনটোৱে টিণ্ডেল প্রভাৱ দেখুৱায় ?

(i) গাখীৰ

(ii) কপাৰ ছালফেটৰ দ্ৰৱ

(iii) লৱণৰ দ্ৰব

(iv) ষ্টাৰ্চৰ দ্ৰৱণ

উত্তৰঃ (iv) ষ্টাৰ্চৰ দ্ৰৱণ

(h) কি পদ্ধতি প্রয়োগ কৰি চিয়াহীত থকা ৰঞ্জক পদার্থ পৃথক কৰিব পাৰি?

(i) আংশিক পাতন (ii) বর্ণ লেখন

(iii) অপকেন্দ্রিক (iv) স্ফটিকীকৰণ

উত্তৰঃ (ii) বৰ্ণ লেখন

চমু প্রশ্নোত্তৰ

প্রশ্ন 1 : মিশ্রণ কাক বোলে৷ এটা উদাহৰণ দিয়া । মিশ্ৰণৰ প্ৰকাৰ দুটাৰ নাম লিখা।

উত্তৰঃ দুটা বা ততোধিক উপাদান মিহলি হৈ থকাকে মিশ্রণ বোলে। উদাহৰণ চেনী আৰু পানীৰ মিশ্রণ।

মিশ্ৰণৰ প্ৰকাৰ দুটা হ’ল – সমসত্ব মিশ্রণ (homogenous mixture)

অসমসত্ব মিশ্রণ (heterogenous mixture)

প্রশ্ন 2 : দ্রবণ কাক বোলে? দ্রবণৰ শ্ৰেণীবিভাগবোৰ লিখা।

উত্তৰঃ দ্ৰাৱক আৰু দ্ৰাব্য দুয়োকে একেলগে দ্ৰৱণ বোলে।

দ্ৰৱণৰ শ্ৰেণীবিভাগ হ’ল— (i) সংপৃক্ত দ্ৰৱণ (ii) অসংপৃক্ত দ্ৰৱণ (iii) অতিপৃক্ত দ্ৰৱণ।

প্রশ্ন 3: গোটা দ্ৰৱ, গেছীয় দ্ৰৱ আৰু তৰল দ্ৰৱৰ এটাকৈ উদাহৰণ দিয়া।

উত্তৰঃ গোটা দ্ৰৱৰ উদাহৰণ – সংকৰ ধাতু, যেনে— পিতল

গেছীয় দ্ৰৱৰ উদাহৰণ— বায়ু

তৰল দ্ৰৱৰ উদাহৰণ – গাখীৰ

প্রশ্ন 4 : টিংচাৰ অব আয় ‘ডিন কি? ছ’ডা পানী কি ধৰণৰ দ্ৰৱণ?

উত্তৰঃ টিংচাৰ অৱ আয়’ডিন হ’ল— আয়’ডিন তৰল এলকহলত দ্ৰৱীভূত কৰি তৈয়াৰ কৰা দ্ৰৱণ। ইয়াত আয় `ডিন দ্ৰাব্য আৰু এলকহল দ্রাবক।

ছ’ডা পানী তৰলত গেছীয় পদাৰ্থৰ দ্ৰৱণ। ইয়াত কার্বন ডাই অক্সাইড গেছ দ্ৰাব্য আৰু পানী দ্ৰাৱক৷

প্রশ্ন 5 : বিশুদ্ধ দ্ৰৱৰ বিশেষত্ববোৰ কি কি?

উত্তৰঃ বিশুদ্ধ দ্ৰৱৰ বিশেষত্ববোৰ হ’ল—

(ক) এইবোৰ এবিধ অণুৰেই গঠিত।

(খ) বিশুদ্ধ দ্ৰৱৰ এটা নিৰ্দিষ্ট উতলাংক আৰু হিমাংক থাকে।

(গ) বিশুদ্ধ দ্ৰৱবোৰ সমসত্ব হয়।

প্রশ্ন 6 : তলত দিয়া মিশ্ৰণবোৰৰ প্ৰকাৰ কি?

বায়ু, গাখীৰ, মৃদু পানীয়, নিষ্কলংক তীখা, ধোঁৱা

উত্তৰঃ বায়ু : গেছ – গেছ মিশ্রণ।

গাখীৰ : গোটা— তৰল মিশ্রণ।

মৃদু পানীয় : তৰল – গেছ মিশ্রণ।

নিষ্কলংক তীখা : গোটা – গোটা মিশ্রণ।

ধোঁৱা : গোটা – গেছ মিশ্রণ।

প্রশ্ন 7: উদাহৰণ দি সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ পাৰ্থক্য লিখা।

উত্তৰঃ সমসত্ব মিশ্রণ : মিশ্রণ এটাৰ সংযুক্তি ইয়াৰ সকলো অংশতে সমান হ’লে, তাক সমসত্ব মিশ্রণ বোলে।

উদাহৰণ : ভালদৰে ঘুটি লোৱা পানী, কপাৰ ছালফেট দ্রব, এলকহল পানী আদি ।

অসমসত্ব মিশ্রণ : মিশ্রণ এটাৰ সংযুক্তি ইয়াৰ সকলো অংশতে সমান নহ’লে তাক অসমসত্ব মিশ্রণ বোলে।

যেনেঃ লোৰ গুড়ি আৰু নিমখৰ মিশ্ৰণ, বালি আৰু মিশ্ৰণ, পানী আৰু তেলৰ মিশ্ৰণ আদি।

প্রশ্ন 8 (a) : কেৰাচিন আৰু পেট্ৰ’লৰ (ইহঁতৰ উতলাংকৰ পাৰ্থক্য 25°C তকৈ বেছি।) মিশ্ৰণৰ পৰা সিহঁতক কিদৰে পৃথক কৰিবা?

উত্তৰঃ কোচিন আৰু পেট্ৰ’লৰ মিশ্ৰণৰ পৰা পাতন প্ৰক্ৰিয়াৰে এটা আনটোৰ পৰা পৃথক কৰিব পাৰি । মিশ্ৰণৰ উপাদান দুটাৰ উতলাংকৰ পার্থক্য 25°C। চিত্ৰত দিয়াৰ দৰে এটা পাতন সজুঁলি ব্যৱহাৰ কৰা হয়। পাতন ফ্লাক্সত কেৰাচিন আৰু পেট্ৰ’লৰ মিশ্ৰণটো লৈ এটা থিলাৰ সহায়ত তাত এটা থাৰ্ম’মিটাৰ লগাই দিয়া হ’ল। বুনচেন বাৰ্ণাৰৰ সহায়ত ইয়াক গৰম কৰা হ’ল। উষ্ণতা ভালদৰে থাৰ্ম’মিটাৰত নিৰীক্ষণ কৰা হ’ল।

অলপ তাপ পোৱাৰ পাছতে পেট্ৰ’ল প্ৰথমে বাষ্পীভূত হ’ব। শীতৰ মাজেৰে গৈ ই ঘনীভূত হ’ব আৰু গ্ৰাহক পাত্ৰত টোপা টোপে জমা হ’ব। উষ্ণতা (উত্তলাংকৰ পাচৰ পৰা) 25°C পাৰ হৈ যোৱাৰ অলপ পাছতে তাপ দিয়া বন্ধ কৰি দিয়া হ’ল। এতিয়া পাতল ফ্লাক্সত যি অৱশিষ্ট ৰৈ যাব সেইখিনি কেৰাচিন তেল হিচাবে ৰৈ যাব। এইদৰে কেৰাচিন – পেট্ৰ’ল মিশ্ৰণ এটাৰ পৰা কেৰাচিন আৰু পেট্ৰ’লক পৃথক কৰিব পাৰি।

প্রশ্ন 8 (b) : আংশিক পাতন পদ্ধতি কেতিয়া প্রয়োগ কৰা হয় ?

উত্তৰঃ দুটা বা ততোধিক বিভিন্ন তৰলৰ মিশ্ৰণৰ পৰা প্ৰতিটো তৰল পৃথক কৰিবলৈ আংশিক পাতন পদ্ধতি ব্যৱহাৰ কৰা হয়। মিশ্ৰণটোৰ প্ৰতিটো তৰলৰে পৰস্পৰৰ মাজত ৰাসায়নিক বিক্রিয়া ঘটিব নালাগিব আৰু প্রত্যেকৰে উতলাংকৰ মান পৃথক হ’ব লাগিব। তেতিয়াহে এই পদ্ধতিৰ প্ৰয়োগ কৰিব পৰা যায়।

এই পদ্ধতিৰ দুটা ব্যৱহাৰ হ’ল—

(ক) ক্ৰোচিন আৰু পেট্ৰ’লৰ মিশ্ৰণৰ পৰা উভয়কে পৃথক কৰিব পাৰি । খাৰুৱা তেলৰ শোধনৰ সময়ত তেলৰ বিভিন্ন উপাংশবোৰ পৃথক কৰিব পৰা যায়।

(খ) পানী আৰু এলকহলৰ মিশ্ৰণৰ পৰা এলকহলৰ পৰা পানীক পৃথক কৰিব পৰা যায়। পানীতকৈ এলকহলৰ উতলাংক যথেষ্ট কম।

প্রশ্ন 9 : তলৰ কাৰ্যকালপবোৰ ৰাসায়নিক নে ভৌতিক পৰিবৰ্ত্তন?

  • গছ কটা
  • কেৰাহি এখনত মাখন বিগলন
  • আলমাৰিত মামৰ ধৰা, পানী উতলাই জলীয় ভাপ কৰা,
  • পানীৰ মাজেদি বিদ্যুত প্রবাহিত কৰিলে হাইড্ৰ’জেন আৰু অক্সিজেন গেছ উৎপন্ন হোৱা।
  • পানীত নিমখ দ্ৰৱীভূত কৰা।
  • কেচা ফলৰ পৰা চালাড প্ৰস্তুত কৰা
  • কাগজ আৰু কাঠ পুৰিলে-ভৌতিক পৰিৱৰ্তন।

উত্তৰঃ ● গছ কটা – ভৌতিক পৰিৱৰ্তন

● কেৰাহি এখনত মাখন বিগলন – ভৌতিক পৰিৱৰ্তন

● আলমাৰিত মামৰ ধৰা — ৰাসায়নিক পৰিবৰ্তন

● পানী উতলাই জলীয় ভাপ কৰা— ভৌতিক পৰিৱৰ্তন

● পানীৰ মাজেদি বিদ্যুত প্রবাহিত কৰিলে হাইড্ৰ’জেন আৰু অক্সিজেন গেছ উৎপন্ন হোৱা।— ৰাসায়নিক পৰিৱৰ্তন

● পানীত নিমখ দ্ৰৱীভূত কৰা- ভৌতিক পৰিৱৰ্তন

● কেচা ফলৰ পৰা চালাড প্রস্তুত কৰা-ভৌতিক পৰিৱৰ্তন

● কাগজ আৰু কাঠ পুৰিলে-ভৌতিক পৰিৱৰ্তন

প্রশ্ন 10 : তোমাৰ চাৰিওকাষৰ বস্তুবোৰ বিশুদ্ধ আৰু মিশ্ৰণ হিচাপে পৃথক কৰি উলিয়াবলৈ চেষ্টা কৰা।

উত্তৰঃ আমাৰ চাৰিও কাষৰ বস্তুবোৰৰ কিছুমান হ’ল—

বিশুদ্ধ পদার্থ : লো, তাম, এলুমিনিয়াম, সোণ রূপ। সাধাৰণ অৰ্থত আন কিছুমান বিশুদ্ধ পদার্থ যৌগ হ’ল পানী, কেৰাছিন, নিমখ চেনী, বৰফ, ইত্যাদি ।

মিশ্ৰণ হ’লঃ কাগজ, কাঠ, মাটি, বালি, শিল, খাদ্য, কাপোৰ, জোতা, চেণ্ডেল, ফলমূল, চিয়াহী, পেন, LPG, বিস্কুট, মিঠাই, মিঠাতেল, গাখীৰ, চোডা পানী, কাঁচ, পিতল, কাঁহ, প্লাষ্টিক আদি।

প্রশ্ন 11: তলৰ পদাৰ্থবোৰ পৃথক কৰিবলৈ কি পৃথকীকৰণ পদ্ধতি প্রয়োগ কৰিবা ?

(a) নিমখ পানীৰ দ্ৰৱণৰ পৰা ছডিয়াম ক্ল’ৰাইড।

(b) ছ’ডিয়াম ক্লৰাইড আৰু এম’নিয়াম ক্ল’ৰাইড মিশ্রণৰ পৰা এম’নিয়াম ক্লাইড।

(c) গাড়ীৰ ইঞ্জিন-তেলৰ পৰা ধাতুৰ সৰু সৰু টুকুৰা।

(d) ফুলৰ পাহিৰ আৰকৰ (extract) পৰা বিভিন্ন ৰঞ্জক পদাৰ্থবোৰ।

(e) দৈৰ পৰা মাখন।

(f) পানীৰ পৰা তেল।

(g) চাহৰ পৰা চাহপাত।

(h) বালিৰ পৰা লোৰ পিন।

(i) চোকোৰাৰ পৰা গমৰ গুটি।

(j) পানী আৰু বোকাৰ প্ৰলম্বণৰ পৰা বোকাৰ সূক্ষ্ম কণিকাবোৰ

উত্তৰঃ (a) বাষ্পীভৱন বা স্ফটিকীৰণ

(b) ঊর্ধ্বপাতন

(c)ছেন্ট্রিফি’গাবেচন বা অধঃক্ষেপণ

(d) ক্ৰ’মেট’গ্ৰাফী

(e)চেণ্ট্ৰিফিগাচেন

(f) পৃথকীকৰণ চুপি

(g) চেকন

(h) চুম্বক পৃথকীকৰণ

(i) বতাহৰ দ্বাৰা উইনোৱিং

(j) চেণ্ট্ৰিফিগাৰেচন।

প্রশ্ন 12 : একাপ চাহ বনাবলৈ প্ৰয়োজনীয় পদক্ষেপবোৰ (Steps) লিখা। দ্ৰৱণ, দ্ৰাৱক, দ্ৰাৱ্য, দ্ৰৱীভূত, দ্ৰৱণীয়, অদ্ৰৱণীয় পৰিশ্ৰুত আৰু অৱশেষ আদি শব্দবোৰ ব্যৱহাৰ কৰিবা।

উত্তৰঃ এটা কেটলি বা চাহ কৰা পাত্ৰত পানী লোৱা হ’ল৷ পানী হ’ল ইয়াত দ্ৰাৱক। পানীখিনি উতলোৱা হ’ল । পানীত প্রয়োজনীয় পৰিমাণৰ চেনী, ইয়াত দ্ৰাব্য দিয়া হ’ল। চেনীখিনি পানীত দ্ৰৱীভূত হৈ চেনী পানীৰ এটা দ্রবণ বা দ্ৰৱ তৈয়াৰ হ’ব। এই দ্ৰৱত প্রয়োজনীয় গাখীর বাকী দিয়া হ’ল গাখীৰো এবিধ দ্রাব্য। চাহপাত অলপ চেনী গাখীৰ আৰু পানীৰ দ্ৰৱণত দিয়া হ’ল ৷ চাহপাতৰ পৰা ৰং উঠিব চাহপাত খিনি দ্ৰৱণত অদ্ৰৱণীয়। ইয়াৰ পাছত চেকনীৰে চাহখিনি কাপত চেকি লোৱা হ’ল। চাহপাত খিনি চেকনিত অৱশিষ্ট হিচাবে ৰৈ যাব। কাপত বাকি লোৱা চাহ খোৱাৰ বাবে সাজু হৈ পৰিল।

Conclusion

আমি বিশ্বাস কৰোঁ যে এই টোকাবোৰে শিক্ষাৰ্থীসকলক বিষয়বোৰৰ বিষয়ে ভালদৰে বুজাবুজি বিকশিত কৰাত আৰু তেওঁলোকৰ পৰীক্ষাৰ বাবে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰিব।

আমি নিশ্চিত যে এই টোকাবোৰে শিক্ষাৰ্থীসকলক তেওঁলোকৰ লক্ষ্য প্ৰাপ্ত কৰাত আৰু তেওঁলোকৰ শৈক্ষিক প্ৰদৰ্শন বৃদ্ধি কৰাত সহায় কৰিব। যদি আপুনি এই প্ৰবন্ধটো ভাল পায় আৰু সহায়ক হয় তেন্তে আপোনাৰ বন্ধুবৰ্গৰ সৈতে Share কৰিবলৈ নাপাহৰিব।

2 thoughts on “Class 9 Science Chapter 2 | আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে?|Is matter around us Pure?”

Leave a Comment

error: Content is protected !!