Class 9 Science Chapter 15 | খাদ্য সম্পদৰ উৎকর্ষ সাধন | Question Answer| SEBA

Class 9 Science Chapter 15 | খাদ্য সম্পদৰ উৎকর্ষ সাধন | Question Answer| SEBA: আমাৰ ৱেবছাইটলৈ স্বাগতম! আপোনাৰ শৈক্ষিক যাত্ৰাৰ বাবে আপোনাক নবম শ্ৰেণীৰ Notes প্ৰদান কৰি আমি আনন্দিত।

আজি, এই প্ৰবন্ধটোত মই আপোনাৰ নবম শ্ৰেণীৰ জীৱৰ মৌলিক একক খাদ্য সম্পদৰ উৎকর্ষ সাধন” দীঘলয়া আৰু চুটি প্ৰশ্ন আলোচনা কৰিম| আমি প্ৰায় সকলো দীঘলয়া আৰু চুটি প্ৰশ্ন Solution প্ৰদান কৰিছোঁ।

আমাৰ লক্ষ্য হৈছে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰা। আমি ইয়াত বিনামূলীয়াকৈ Notes সমূহ প্ৰদান কৰিছো। আমি আপোনাক আগন্তুক পৰীক্ষাৰ বাবে শুভেচ্ছা জনাইছো। যদি আপোনাৰ কোনো সন্দেহ আছে তেন্তে আমাৰ সৈতে যোগাযোগ কৰক।

Class 9 Science Chapter 15 Question Answer

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন 1: সেউজ বিপ্লৱ কি?

উত্তৰ : আমাৰ দেশত খাদ্যশস্যৰ উৎপাদন বৃদ্ধিৰ বাবে যি আধুনিক আৰু বিজ্ঞানসন্মত কার্যপদ্ধতিৰ বহুল ব্যৱহাৰ প্ৰচলন হৈছিল, তাক সেউজ বিপ্লৱ বোলে ৷

প্রশ্ন 2 : শ্বেত বিপ্লৱ কি?

উত্তৰ: আমাৰ দেশত গাখীৰৰ উৎপাদন বৃদ্ধি আৰু গাখীৰৰ দক্ষতাপূর্ণ ব্যৱহাৰৰ বাবে যি আধুনিক আৰু বিজ্ঞানসন্মত কাৰ্যপন্থা গ্ৰহণ কৰা হৈছিল, তাক শ্বেত বিপ্লৱ বোলে৷

প্রশ্ন 3 : আমাক কার্বহাইড্ৰেট যোগান ধৰা কেইবিধমান ধানজাতীয় শস্যৰ উদাহৰণ দিয়া।

উত্তৰ : আমাক কাৰ্বহাইড্রেট যোগান ধৰা কেইবিধমান ধানজাতীয় শস্য হ’ল ঘেঁহু, ধান, মাকৈ, মিলেট ইত্যাদি।

প্রশ্ন 4 : আমাক প্ৰ’টিন যোগান ধৰা কেইবিধমান শস্যৰ উদাহৰণ দিয়া।

উত্তৰ: আমাক প্ৰ’টিন যোগান ধৰা কেইবিধমান মাহজাতীয় শস্যৰ উদাহৰণ হ’ল – বুট, মটৰ, মুগ, মচুৰ আদি ।

প্রশ্ন 5 : আমাক লিপিড বা চৰ্বী যোগান ধৰা কেইবিধমান শস্যৰ উদাহৰণ দিয়া।

উত্তৰ : আমাক লিপিড বা চৰ্বী যোগান ধৰা কেইবিধমান তৈলবীজ শস্যৰ উদাহৰণ হ’ল – ছয়াবিন, সৰিয়হ, সূর্যমুখী ফুল, তিল আদি।

প্রশ্ন 6 : ভিটামিন আৰু খনিজ লৱণৰ উৎস শস্যবোৰ কি ?

উত্তৰঃ শাক-পাচলি, ফল-মূল আৰু মচলা জাতীয় খাদ্য শস্যবোৰ হ’ল ভিটামিন আৰু খনিজ লৱণৰ উৎস শস্য।

প্রশ্ন 7 : জীৱজন্তুৰ খাদ্য হিচাপে উৎপাদন কৰা তিনিবিধ শস্যৰ নাম লিখা।

উত্তৰ : জীৱ-জন্তুৰ খাদ্য হিচাপে উৎপাদন কৰা তিনিবিধ শস্যৰ নাম হ’ল – বাৰ্চীম, অ’ টচ আৰু চুডান ঘাঁহ ।

প্রশ্ন ৪ : ৰবি শস্য কি ? উদাহৰণ দিয়া।

উত্তৰ : যিবিলাক শস্যৰ খেতি শীতকালত অর্থাৎ নৱেম্বৰ মাহৰ পৰা এপ্রিল মাহৰ ভিতৰত কৰা হয়, তেনে শস্যক ৰবি শস্য বোলে। যেনে – ঘেঁহু, রুট, মটৰ, সৰিহয় আদি।

প্রশ্ন 9: খাৰিফ শস্য কাক বোলে? উদাহৰণ দিয়া।

উত্তৰ: যি বিলাক শস্যৰ খেতি বাৰিষা কালত অর্থাৎ জুন মাহৰ পৰা অক্টোবৰ মাহৰ ভিতৰত কৰা হয়, তেনে শস্যক খাৰিফ শস্য বোলে। যেনে: ধান, ছয়াবিন, কপাহ আদি।

প্রশ্ন 10 : বৰ্ণ সংকৰণ কি ?

উত্তৰ: বৰ্ণ সংকৰণ হ’ল জিনীয়ভাৱে পাৰ্থক্য থকা দুটা জীৱৰ মাজত কৰা প্ৰজনন পদ্ধতি।

প্রশ্ন 11: জিনীয়ভাৱে ৰূপান্তৰিত শস্য কাক বোলে ?

উত্তৰ : কোনো উদ্ভিদৰ দেহত কোনো নিৰ্দিষ্ট চৰিত্ৰৰ জিন প্ৰয়োগ কৰি উন্নত শস্যৰ সঁচ পাব পাৰি। এনেদৰে প্ৰাপ্ত সঁচক জিনীয়ভাৱে ৰূপান্তৰিত শস্য বোলা হয়।

প্রশ্ন 12 : শস্যৰ ক্ষতিসাধন কৰা জৈৱিক কাৰকসমূহ কি কি?

উত্তৰ: শস্যৰ ক্ষতিসাধন কৰা জৈৱিক কাৰকসমূহ হ’ল – ৰোগ, পতংগ আৰু কৃমি ।

প্রশ্ন 13 : শস্যৰ উৎপাদন হ্ৰাস কৰিব পৰা অজৈৱিক কাৰকসমূহ কি?

উত্তৰ: শস্যৰ উৎপাদন হ্ৰাস কৰিব পৰা অজৈৱিক কাৰকসমূহ হ’ল— খৰাং, অত্যধিক লৱণ, পানী জমা হোৱা, তাপ, শীত আৰু হিম।

প্রশ্ন 14: জৈৱ সাৰ কি?

উত্তৰ: জৈৱ সাৰ হ’ল জীৱ-জন্তুৰ মল-মূত্ৰ আৰু উদ্ভিদজাত পেলনীয়া অংশৰ বিয়োজন ঘটাই প্ৰস্তুত কৰা এবিধ জৈৱিক পদার্থ।

প্রশ্ন 15 : জৈৱ সাৰৰ উপাদানসমূহ কি কি?

উত্তৰ : জৈৱ সাৰৰ উপাদান দুটা হ’ল– (i) জৈৱিক পদার্থ (ii) অণুপোষক।

প্রশ্ন 16: তৈল বীজৰ পৰা আমি কি পাওঁ?

উত্তৰ : তৈল বীজৰ পৰা আমি চৰ্বি আহৰণ কৰো।

প্রশ্ন 17 : সেউজ সাৰে মাটিত যোগান ধৰা অণুপোষক দুটা কি কি?

উত্তৰঃ সেউজ সাৰে মাটিত যোগান ধৰা অণুপোষক দুটা হ’ল—নাইট্ৰ’জেন আৰু ফছফৰাছ।

প্রশ্ন 18: ৰাসায়নিক সাৰ কি?

উত্তৰ : ৰাসায়নিক বা কৃত্রিম সাৰ হ’ল বাণিজ্যিকভাৱে প্ৰস্তুত কৰা উদ্ভিদৰ অণুপোষক।

প্রশ্ন 19 : কৃত্রিম সাৰে মাটিত যোগান ধৰা অণুপোষকবোৰ কি ?

উত্তৰ: কৃত্ৰিম সাৰে মাটিত যোগান ধৰা অণুপোষকবোৰ হ’ল—নাইট্ৰ’জেন, ফছফৰাছ আৰু পটেছিয়াম।

প্রশ্ন 20: জলসিঞ্চনৰ পদ্ধতিসমূহ উল্লেখ কৰা।

উত্তৰ : জলসিঞ্চনৰ বিভিন্ন পদ্ধতিসমূহ হ’ল— কুঁৱা, নলা, নদী উত্তোলন ব্যৱস্থা আৰু পুখুৰী ৷

প্রশ্ন 21 : কৃষি প্ৰণালী কাক বোলে?

উত্তৰ : শস্য উৎপাদন কৰা বিভিন্ন পদ্ধতিকে কৃষি প্ৰণালী বোলে।

প্রশ্ন 22 : মিশ্রিত কৃষি প্ৰণালী কি?

উত্তৰ: একেডৰা মাটিত সমকালীনভাৱে দুটা বা ততোধিক শস্যৰ খেতি কৰা প্ৰথাকে মিশ্রিত কৃষি প্ৰণালী বোলে।

প্রশ্ন 23: মিশ্রিত কৃষি প্ৰণালীৰ সুবিধা কি?

উত্তৰ : মিশ্রিত কৃষি প্ৰণালীৰ সুবিধাটো হ’ল যে এবিধ শস্যৰ ক্ষতিসাধন হ’লেও আনবিধ শস্যৰ দ্বাৰা কৃষকসকল লাভান্বিত হ’ব পাৰে।

প্রশ্ন 24 : অন্তৰাৱৰ্ত্তী কৃষি প্ৰণালী কি?

উত্তৰ : একেডৰা মাটিতে দুটা বা ততোধিক শস্যৰ খেতি এক নিৰ্দিষ্ট শৈলীৰে কৰা প্ৰথাক অন্তৰাৱৰ্তী কৃষি প্রণালী বোলে।

প্রশ্ন 25 : শস্যাৱৰ্তন কাক বোলে?

উত্তৰ : সুপৰিকল্পিতভাৱে একে ডোখৰ মাটিতে এটাৰ পিছত এটাকৈ বিভিন্ন শস্যৰ খেতি কৰা প্ৰথাক শস্যাৱৰ্তন বোলে।

প্রশ্ন 26: শষ্যাৱৰ্তনৰ সুবিধা কি?

উত্তৰ: শস্যাৱৰ্তনৰ প্ৰধান সুবিধাটো হ’ল যে একেডৰা মাটিত এবছৰতেই দুটা বা ততোধিক শস্যৰ খেতি সফলতাৰে কৰিব পাৰি।

প্রশ্ন 27: শস্যত ৰোগ সৃষ্টি কৰা অণুজীৱসমূহ কি কি?

উত্তৰ: শস্যত ৰোগ সৃষ্টি কৰা অণুজীৱসমূহ হ’ল— বেক্টেৰিয়া, ভাইৰাছ আৰু ভেঁকুৰ।

প্রশ্ন 28: কীটনাশক কাক বোলে ?

উত্তৰ : কীটনাশকবোৰ হ’ল শস্যৰ ক্ষতিসাধন কৰা অপতৃণ, পতংগ আৰু ৰোগ নিয়ন্ত্ৰণ কৰা কিছুমান ৰাসায়নিক পদার্থ।

প্রশ্ন 29 : কীটনাশকৰ প্ৰকাৰ কেইটা কি কি?

উত্তৰ : কীটনাশকসমূহ তিনি প্রকাৰৰ। যেনে— বননাশক, পতংগনাশক আৰু ভেঁকুৰনাশক।

প্রশ্ন 30 : গ্রীষ্মকালীন কর্ষণ কাক বোলে?

উত্তৰ : অপতৃণ আৰু কীটসমূহ ধ্বংস কৰাৰ বাবে খেতি পথাৰসমূহত গ্ৰীষ্মকালত দ’কৈ হাল বোৱা হয় । ইয়াকে গ্রীষ্মকালীন কর্ষণ বোলে।

প্রশ্ন 31 : ভঁৰালত মজুত ৰখা শস্যৰ ক্ষতিসাধন কৰা জৈৱিক কাৰকবোৰ কি?

উত্তৰ : ভঁৰালত মজুত ৰখা শস্যৰ ক্ষতিসাধন কৰা জৈৱিক কাৰকবোৰ হ’ল— পতংগ, এন্দুৰ, ভেঁকুৰ, বেক্টেৰিয়া আদি।

প্রশ্ন 32: ভঁৰালত মজুত ৰখা শষ্যৰ ক্ষতিসাধন কৰা অজৈৱিক কাৰক দুটা কি কি?

উত্তৰ : ভঁৰালত মজুত ৰখা শস্যৰ ক্ষতিসাধন কৰা অজৈৱিক কাৰক দুটা হ’ল—

ভঁৰালৰ অনুপযুক্ত আৰ্দ্ৰতা আৰু উষ্ণতা।

প্রশ্ন 33: পশুপালন কাক বোলে ?

উত্তৰ : পশুধনৰ বিজ্ঞানসন্মত ব্যৱস্থাপনাক পশুপালন বোলে।

প্রশ্ন 34 : পশুপালনত অন্তর্ভুক্ত মুখ্য বিষয় তিনিটা কি কি?

উত্তৰ: পশুপালনত অন্তৰ্ভুক্ত মুখ্য বিষয় তিনিটা হ’ল— খাদ্য যোগান, প্ৰজনন আৰু ৰোগ নিয়ন্ত্রণ।

প্রশ্ন 35: গো-পালনৰ মুখ্য উদ্দেশ্য দুটা কি কি?

উত্তৰ : গো-পালনৰ মুখ্য উদ্দেশ্য দুটা হ’ল– (i) গাখীৰ উৎপাদন (ii) কৃষিকৰ্মত ব্যৱহাৰৰ বাবে বলধ গৰুৰ উৎপাদন।

প্রশ্ন 36: খীৰতী আৰু বলধ কাক বোলে?

উত্তৰ : গাখীৰ দিয়া মাইকী গৰুক খীৰতী আৰু কৃষিকৰ্মত ব্যৱহাৰ হোৱা মতা গৰুক বলধ বোলে।

প্রশ্ন 37 : ভাৰতীয় গৰুৰ প্ৰজাতিটোৰ নাম কি?

উত্তৰ : ভাৰতীয় গৰুৰ প্ৰজাতিটোৰ নাম হ’ল বচ্ ইণ্ডিকাচ ।

প্রশ্ন 38: ভাৰতীয় ম’হৰ প্ৰজাতিটোৰ নাম কি?

উত্তৰ : ভাৰতীয় ম’হৰ প্ৰজাতিটোৰ নাম হ’ল— বচ্ বোবেলিচ।

প্রশ্ন 39 : দুগ্ধকাল বুলিলে কি বুজা?

উত্তৰ: খীৰতী গৰু বা ম’হে পোৱালি জন্ম দিয়াৰ পিছৰ যিমান দিনলৈকে গাখীৰ উৎপাদন কৰে, সেই সময়খিনিক দুগ্ধকাল বোলে ৷

প্রশ্ন 40: দুবিধ বিদেশী গৰুৰ সঁচৰ উদাহৰণ দিয়া।

উত্তৰ: দুবিধ বিদেশী গৰুৰ সঁচৰ উদাহৰণ হ’ল— জাচী আৰু ব্ৰাউন চুইছ।

প্রশ্ন 41 : দুবিধ থলুৱা গৰুৰ সঁচৰ উদাহৰণ দিয়া।

উত্তৰ : দুবিধ থলুৱা গৰুৰ সঁচৰ উদাহৰণ হ’ল— ৰঙা সিন্ধি আৰু চাহিৱাল ৷

প্রশ্ন 42 : গৰু-ম’হৰ সঁচৰ উৎকর্ষ সাধনৰ বাবে লোৱা সাধাৰণ ব্যৱস্থাটো কি?

উত্তৰ : গৰু-ম’হৰ সঁচৰ উৎকৰ্ষ সাধনৰ বাবে লোৱা সাধাৰণ ব্যৱস্থাটো হ’ল— বৰ্ণ সংকৰণ পদ্ধতি।

প্রশ্ন 43: বহিঃ পৰজীৱীৰ দ্বাৰা হোৱা গৰু-ম’হৰ ৰোগবিধ কি?

উত্তৰ: বহিঃ পৰজীৱীৰ দ্বাৰা হোৱা গৰু-ম’হৰ ৰোগবিধ হ’ল-চৰ্মৰোগ।

প্রশ্ন 44: অন্তঃপৰজীৱীৰ দ্বাৰা গৰু-ম’হৰ হ’ব পৰা ৰোগৰ উদাহৰণ দিয়া।

উত্তৰ : অন্তঃপৰজীৱীৰ দ্বাৰা হ’ব পৰা গৰু-ম’হৰ ৰোগসমূহ হ’ল— পাকস্থলী আৰু অন্ত্ৰৰ ৰোগ, যকৃতৰ ক্ষতিসাধন আদি।

প্রশ্ন 45 : বৰ্ণ সংকৰণ পদ্ধতিত ব্যৱহাৰ হোৱা থলুৱা আৰু বিদশেী কুকুৰাৰ সঁচ দুটাৰ নাম লিখা।

উত্তৰ: বৰ্ণ সংকৰণ পদ্ধতিত ব্যৱহাৰ হোৱা থলুৱা কুকুৰাৰ সঁচটো হ’ল অচীল আৰু বিদেশী কুকুৰাৰ সঁচটো হ’ল লেগহণ।

প্রশ্ন 46: কুকুৰাৰ সঁচৰ উৎকৰ্ষ সাধনৰ সাধাৰণ পদ্ধতিটো কি ?

উত্তৰ : কুকুৰাৰ সঁচৰ উৎকৰ্ষ সাধনৰ সাধাৰণ পদ্ধতিটো হ’ল— বৰ্ণ সংকৰণ।

প্রশ্ন 47: মাছে আমাক প্ৰধানকৈ কোনবিধ খাদ্যৰ উপাদান যোগান ধৰে?

উত্তৰ : মাছে আমাক যোগান ধৰা প্ৰধান খাদ্যৰ উপাদানবিধ হ’ল—প্রটিন।

প্রশ্ন 48 : মাছ আহৰণ কৰাৰ প্ৰধান উপায় দুটা কি কি?

উত্তৰ : মাছ আহৰণ কৰাৰ উপায় দুটা হ’ল– (i) মীন সংগ্ৰহ আৰু (ii) মীন পালন।

প্রশ্ন 49 : মীন সংগ্রহ কাক বোলে ?

উত্তৰ : প্রাকৃতিক উৎসৰ পৰা মাছ আহৰণ কৰা পদ্ধতিকে মীন সংগ্রহ বোলে।

প্রশ্ন 50: মীন পালন কি?

উত্তৰ : কৃত্রিম ভাৱে মাছ পালন কৰি আহৰণ কৰাকে মীন পালন বোলে।

প্রশ্ন 51: মেৰিকালচাৰ বুলিলে কি বুজা?

উত্তৰ : সাগৰৰ পানীত কৰা মীন পালনকে মেৰিকালচাৰ বোলা হয়।

প্রশ্ন 52 : একুৱাকালচাৰ কি?

উত্তৰ : অর্ন্তদেশীয় মীনক্ষেত্ৰ যেনে নদী, পুখুৰী, নলা, মোহনা, লেগুন আদিত কৰা মীন পালনকে একুৱাকালচাৰ বোলে৷

প্রশ্ন 53: পচন সাৰ কি?

উত্তৰ: কৃষি পামৰ পেলনীয়া পদাৰ্থ যেনে পশুধনৰ মলমূত্ৰ, শাক-পাচলিৰ পেলনীয়া অংশ, ঘৰুৱা আৱৰ্জনা আদি গাতত পুতি বিয়োজন ঘটাই প্ৰস্তুত কৰা জৈৱিক সাৰক পচন সাৰ বোলে৷

প্রশ্ন 54 : সেউজ সাৰ কি?

উত্তৰ: কোনো শস্যৰ খেতি কৰাৰ আগে আগে কিছুমান উদ্ভিদ যেনে – ছানহেস্প, গোৱাৰ আদিৰ খেতি কৰা হয় আৰু পাছত হাল বাই সিহঁতক মাটিৰ লগত মিহলাই দিয়া হয়। ইহঁতক সেউজ সাৰ বোলে।

প্রশ্ন 55 : কৃত্রিম সাৰে মাটিত যোগান ধৰা তিনিটা মুখ্য অনুপোষকৰ নাম লিখা।

উত্তৰ: কৃত্ৰিম সাৰে মাটিত যোগান ধৰা তিনিটা মুখ্য অনুপোষক হ’ল – নাইট্ৰ’জেন, ফচফৰাচ আৰু পটাছিয়াম

প্রশ্ন 56: কি ধৰণে মাছ ধৰা হয়?

উত্তৰ : মাছ দুই ধৰণে ধৰা হয় । প্রাকৃতিক উৎসৰ পৰা, যাক মীন সংগ্ৰহ বোলে আৰু মীন পামৰ দ্বাৰা, যাক মীন পালন বোলা হয়।

প্রশ্ন 57 : ভাৰতীয় গৰু আৰু ম’হৰ বৈজ্ঞানিক নাম দুটা কি কি?

উত্তৰ : ভাৰতীয় গৰুৰ বৈজ্ঞানিক নাম – বচ্ ইন্দিকাচ।

ভাৰতীয় ম’হৰ বৈজ্ঞানিক নাম-বঢ় বোবেলিচ

প্রশ্ন 58 (a) : কৃষি প্ৰণালী কেইপ্ৰকাৰৰ আৰু কি কি?

উত্তৰ: কৃষি প্ৰণালী তিনি প্ৰকাৰৰ। যেনে— (i) মিশ্রিত কৃষি প্ৰণালী (ii) অন্তৰাৱতী কৃষি প্ৰণালী (iii) শস্যাৱৰ্তন।

প্রশ্ন 58 (b): কণীৰ কাৰণে আৰু মাংসৰ কাৰণে কি প্ৰজাতিৰ কুকুৰা পালন কৰা হয় ?

উত্তৰ : কণীৰ কাৰণে লেয়াৰ আৰু মাংসৰ কাৰণে ব্ৰইলাৰ প্ৰজাতিৰ কুকুৰা পালন কৰা হয়।

চমু প্রশ্নোত্তৰ

প্রশ্ন 1: শস্যৰ উৎপাদনত জৈৱিক আৰু অজৈৱিক কাৰকবোৰে কেনেদৰে প্ৰভাৱ পেলায় ?

উত্তৰ : শস্যৰ উৎপাদনত জৈৱিক আৰু অজৈৱিক কাৰকসমূহে বিৰূপ প্ৰভাৱ পেলায়। জৈৱিক কাৰক যেনে বেমাৰৰ বীজাণু, কীট-পতংগ আৰু কুমিয়ে শস্যৰ বিভিন্ন অংশৰ ক্ষতিসাধন কৰি তাৰ বৃদ্ধি আৰু বিকাশত বাধা দিয়ে। তেনেদৰে অজৈৱিক কাৰক যেনে খৰাং, লৱণৰ আধিক্য, পানী জমা হোৱা, তাপ, শীত, হিম আদিয়েও শস্যৰ ক্ষতিসাধন কৰে।

প্রশ্ন 2 : শস্যৰ উৎকর্ষ সাধনত কোনবিলাক শস্য সম্বন্ধীয় আকাংক্ষিত বৈশিষ্ট্যপূর্ণ চৰিত্ৰ বিবেচনা কৰা।

উত্তৰ : শস্যৰ উৎকর্ষ সাধনত কেইটামান শস্য সম্বন্ধীয় আকাংক্ষিত বৈশিষ্ট্যপূর্ণ চৰিত্ৰ হ’ল –

(i) পশুধনৰ খাদ্য হিচাপে ব্যৱহৃত শস্য ওখ আৰু জোপোহা হ’ব লাগে।

(ii) ধান জাতীয় শস্যৰ বাবে চাপৰ হোৱাটো আকাংক্ষিত চৰিত্ৰ।

প্রশ্ন 3 : মুখ্য অনুপোষক কি কি আৰু ইহঁতক কিয় মুখ্য অনুপোষক বোলা হয় ?

উত্তৰ: মুখ্য অনুপোষকবোৰ হ’ল – নাইট্ৰ’জেন, ফছফৰাছ, পটাছিয়াম, কেলছিয়াম, মেগনেচিয়াম আৰু ছালফাৰ ৷ ইহঁতক মুখ্য অনুপোষক বোলা হয়, কাৰণ উদ্ভিদৰ বাবে ইহঁত বেছি পৰিমাণে প্রয়োজনীয় হয়।

প্রশ্ন 4 : উদ্ভিদে অনুপোষকবোৰ কেনেদৰে সংগ্ৰহ কৰে?

উত্তৰ : উদ্ভিদে অনুপোষকবোৰৰ ভিতৰত কাৰ্বন আৰু অক্সিজেন বায়ুৰ পৰা আৰু হাইড্ৰ’জেন পানীৰ পৰা সংগ্ৰহ কৰে। বাকী তেৰটা অত্যাৱশ্যকীয় অনুপোষক উদ্ভিদে মাটিৰ পৰা সংগ্ৰহ কৰে।

প্রশ্ন 5 : মাটিৰ উৰ্বৰ্তা ৰক্ষা কৰাত জৈৱসাৰ আৰু কৃত্ৰিম সাৰৰ ব্যৱহাৰৰ তুলনা কৰা৷

উত্তৰ: মাটিৰ উৱৰ্তা ৰক্ষা কৰাত জৈৱসাৰৰ ব্যৱহাৰ অতিকৈ ফলপ্ৰসূ । কাৰণ জৈৱসাৰে মাটিক জৈৱ পদাৰ্থৰ যোগান ধৰি মাটিৰ গুণাগুণ আৰু গঠন উন্নত কৰে। ইয়াৰ উপৰিও ই মাটিক কিছু পৰিমাণে অনুপোষকৰ যোগান ধৰি শস্যৰ বৃদ্ধিত অৰিহণা যোগায়। আনহাতে জৈৱসাৰে মাটিত থকা উপকাৰী অণুজীৱসমূহৰ কোনো ক্ষতি নকৰে আৰু ইহঁতে কোনোধৰণে পৰিৱেশ প্ৰদূষিত নকৰে।

আনহাতে এডৰা মাটিত একেৰাহে কৃত্ৰিম সাৰ ব্যৱহাৰ কৰাৰ পৰা মাটিৰ উৰ্বৰতা হ্ৰাস পায় । কাৰণ কৃত্ৰিম সাৰে কোনো জৈৱ পদাৰ্থৰ যোগান নধৰে, লগতে ইহঁতে অণুজীৱসমূহক ধ্বংস কৰে। তেনেদৰে বৰষুণৰ পানীত কৃত্ৰিম সাৰসমূহ উটি গৈ জলাশয়ৰ পানীত পৰিলে পানী প্ৰদূষিত হয়।

প্রশ্ন 6 : তলৰ কোনবিলাক অৱস্থাৰ পৰা অধিক লাভৱান হ’ব পাৰি আৰু কিয় ?

(a) খেতিয়কে উন্নত মানদণ্ডৰ বীজ ব্যৱহাৰ কৰে, জলসিঞ্চনৰ ব্যৱস্থা বা কৃত্রিম সাৰ ব্যৱহাৰ নকৰে।

(b) খেতিয়কে সাধাৰণ বীজ ব্যৱহাৰ কৰে, জলসিঞ্চনৰ ব্যৱস্থা কৰে আৰু কৃত্ৰিম সাৰ ব্যৱহাৰ কৰে।

(c) খেতিয়কে উন্নত মানদণ্ডৰ বীজ ব্যৱহাৰ কৰে, জলসিঞ্চনৰ ব্যৱস্থা কৰে; কৃত্রিম সাৰ ব্যৱহাৰ কৰে আৰু শস্য সুৰক্ষাৰ ব্যৱস্থাপনা গ্ৰহণ কৰে।

উত্তৰ : প্রশ্নত দিয়া (c) বিকল্পটিৰ পৰা অধিক লাভৱান হ’ব পাৰি। কাৰণ, উন্নত মানদণ্ডৰ বীজে শস্যৰ উৎপাদন বৃদ্ধি কৰাৰ লগতে শস্যক বিভিন্ন হানিকাৰক জৈৱিক আৰু অজৈৱিক কাৰকৰ প্ৰভাৱৰ পৰা সুৰক্ষা দিয়ে। তেনেকৈ জলসিঞ্চন আৰু কৃত্রিম সাৰৰ ব্যৱহাৰে শস্য উৎপাদনৰ উৎকর্ষ সাধন কৰে। আনহাতে শস্য সুৰক্ষাৰ সুব্যৱস্থাপনাই শস্যৰ ক্ষতিসাধন ৰোধ কৰি অধিক উৎপাদনত অৰিহণা যোগায়।

প্রশ্ন 7 : শস্য সুৰক্ষাত কিয় প্ৰতিৰোধ ব্যৱস্থা আৰু জৈৱিক নিয়ন্ত্ৰণক অগ্ৰাধিকাৰ দিয়া হয় ?

উত্তৰ : শস্য সুৰক্ষাত প্ৰতিৰোধ ব্যৱস্থা আৰু জৈৱিক নিয়ন্ত্ৰণৰ এক অপৰিসীম গুৰুত্ব আছে। কাৰণ বিভিন্ন জৈৱিক আৰু অজৈৱিক কাৰকৰ প্ৰভাৱত উৎপাদিত শস্যৰ বিভিন্ন ধৰণে ক্ষতিসাধন হ’ব পাৰে। যেনে শস্যৰ মানদণ্ড কমা, ওজন কমা, অংকুৰণ ভালদৰে নোহোৱা আৰু শস্যৰ বীজৰ বৰণ সলনি হোৱা। এই ক্ষতিসমূহে খেতিয়কসকলক বাণিজ্যিকভাৱে ক্ষতিগ্রস্ত কৰে। সেয়ে শস্য সুৰক্ষাত প্ৰতিৰোধ ব্যৱস্থা আৰু জৈৱিক নিয়ন্ত্ৰণৰ অগ্ৰাধিকাৰ দিয়া হয়।

প্রশ্ন ৪ : গো প্রজাতি উন্নত কৰিবৰ কাৰণে কোনটো পদ্ধতি সাধাৰণতে ব্যৱহাৰ কৰা হয় আৰু কিয় ?

উত্তৰ: গো প্রজাতি উন্নত কৰিবৰ কাৰণে সাধাৰণতে ব্যৱহাৰ কৰা পদ্ধতি হ’ল বৰ্ণ সংকৰণ পদ্ধতি। এই পদ্ধতিত দুটা বিশেষ বিশেষ গুণ সম্পন্ন প্রজাতিৰ গোৰ মাজত প্ৰজনন কৰোৱা হয়। যেনে – দীৰ্ঘম্যাদী দুগ্ধকালৰ বাবে বিদেশী প্রজাতি আৰু ৰোগ প্ৰতিৰোধৰ ক্ষমতাৰ বাবে থলুৱা প্ৰজাতি নির্বাচন কৰা হয়। এই পদ্ধতিৰ দ্বাৰা দুয়োটা গুণবিশিষ্ট গো পাব পাৰি।

প্রশ্ন 9 : তলৰ উক্তিটোৰ তাৎপৰ্য আলোচনা কৰা :

‘এইটো অতি তাৎপর্যপূৰ্ণ কথা যে ভাৰতীয় হাঁহ-কুকুৰাই হ’ল কম আঁহযুক্ত (মানুহৰ

অনুপযোগী) খাদ্যৰ পৰা অতি পুষ্টিকৰ প্ৰাণী প্ৰ’টিনলৈ ৰূপান্তৰ কৰিব পৰা প্ৰাণী।”

উত্তৰ: কণী পৰা হাঁহ-কুকুৰাৰ বাবে আঁহযুক্ত সস্তীয়া খাদ্য কৃষিৰ উপজাত দ্রব্যৰ পৰা প্রস্তুত কৰা হয়। এনে খাদ্য মানুহূৰ বাবে অনুপযোগী। কিন্তু এই খাদ্য গ্রহণ কৰি হাঁহ- কুকুৰাই যি কণী উৎপাদন কৰে, সি অতিশয় পুষ্টিকৰ প্ৰটিনযুক্ত হয়। ওপৰৰ উক্তিটোৰ এয়াই তাৎপর্য।

প্রশ্ন 10 : দুগ্ধপাম আৰু হাঁহ-কুকুৰা পাম পৰিচালনাৰ বাবে কি কি সাধাৰণ ব্যৱস্থা হাতত লোৱা হয় ?

উত্তৰ : দুগ্ধপাম আৰু হাঁহ-কুকুৰা পাম পৰিচালনাৰ বাবে লোৱা কেইটামান সাধারণ ব্যৱস্থা হ’ল –

(i) পামঘৰৰ চাফ-চিকুণতা,

(ii) উপযুক্ত খাদ্যৰ যোগান।

(iii) সংক্রমক ৰোগৰ বিৰুদ্ধে ছিটাকৰণ ব্যৱস্থা।

প্রশ্ন 11ঃ মৌ উৎপাদনৰ বাবে উপযোগী মৌমাখিৰ জাতৰ কেনে ধৰণৰ আকাংক্ষিত বৈশিষ্ট্য থকা উচিত?

উত্তৰ : মৌ উৎপাদনৰ বাবে উপযোগী মৌমাখিৰ জাতৰ তলত দিয়া আকাংক্ষিত বৈশিষ্ট্যসমূহ থকাটো দৰকাৰী

(i) সিহঁতৰ মৌজোল সংগ্ৰহৰ ক্ষমতা বেছি হোৱা উচিত।

(ii) সিহঁত কম আক্রমণাত্মক হোৱা উচিত।

(iii) সিহঁতে একেখন মৌচাকতে দীর্ঘদিন ধৰি থকা হ’ব লাগে।

(iv) অধিক প্ৰজনন কৰিব পৰা হ’ব লাগে।

প্রশ্ন 12: পেষ্টুৰেজ বা মৌমাখিৰ খাদ্য কি?ই মৌ উৎপাদনৰ লগত কেনেদৰে জড়িত?

উত্তৰ: মৌৰস আৰু পৰাগ সংগ্ৰহ কৰিব পৰা বিভিন্ন ফুল হ’ল মৌমাখিৰ খাদ্য বা পেষ্টুৰেজ। পেষ্টুৰেজ মৌ উৎপাদনৰ লগত জড়িত কাৰণ ইয়াৰ আধিক্যই মৌজোলৰ পৰিমাণ বঢ়ায় আৰু ফুলবিলাকৰ বিভিন্ন প্ৰকাৰে মৌৰ গুণাগুণ আৰু সোৱাদতো প্ৰভাৱ পেলায়।

প্রশ্ন 13 : শস্যৰ অধিক উৎপাদন কৰিব পৰা যিকোনো এটা পদ্ধতি বর্ণনা কৰা।

উত্তৰ : শস্যৰ অধিক উৎপাদন কৰিব পৰা এটা পদ্ধতি হ’ল শস্যৰ সঁচৰ উৎকর্ষ সাধন। শস্যৰ সঁচৰ উৎকর্ষ সাধনৰ দুটা ব্যৱস্থা আছে। প্রথমটো হ’ল বৰ্ণ সংকৰণ পদ্ধতি। বৰ্ণ সংকৰণ হ’ল জিনীয়ভাৱে পাৰ্থক্য থকা দুটা উদ্ভিদৰ মাজত কৰা প্ৰজনন পদ্ধতি।

এই পদ্ধতিৰ দ্বাৰা কোনো শস্যৰ সঁচক আকাংক্ষিত গুণবিশিষ্ট কৰিব পৰা যায়। দ্বিতীয়তে, শস্যৰ সঁচৰ উৎকৰ্ষ সাধনৰ বাবে কোনো প্রয়োজনীয় জিন আনি শস্যত অন্তর্ভুক্ত কৰিব পাৰি। এইদৰে সেই নিৰ্দিষ্ট জিনটোৱে বহন কৰা আকাংক্ষিত চৰিত্ৰটো সঁচটোৱে লাভ কৰে।

প্রশ্ন 14 : পথাৰত কিয় জৈৱ সাৰ আৰু কৃত্ৰিম সাৰ প্ৰয়োগ কৰা হয়?

উত্তৰ: জৈৱ সাৰসমূহে মাটিক জৈৱ পদাৰ্থ আৰু কিছু পৰিমাণে অনুপোষক যোগান ধৰে। জৈৱ পদাৰ্থসমূহে মাটিৰ গঠন আৰু গুণাগুণ উন্নত কৰে, যাৰ ফলত মাটিৰ পানী ধাৰণ ক্ষমতা বা পানী বোৱাই দিব পৰা ক্ষমতা বাঢ়ে। অনুপোষক সমূহে উদ্ভিদৰ পৰিপুষ্টিত সহায় কৰে। তেনেদৰে কৃত্ৰিম সাৰ হ’ল ব্যৱসায়িকভাৱে প্ৰস্তুত কৰা উদ্ভিদৰ অনুপোষক।

সেয়ে কৃত্রিম সাৰসমূহে উদ্ভিদৰ বাবে প্ৰয়োজনীয় অনুপোষকসমূহ যোগান ধৰে। এনেবোৰ কাৰণত জৈৱ সাৰ আৰু কৃত্রিম সাৰ পথাৰত প্ৰয়োগ কৰা হয় ।

প্রশ্ন 15: অন্তৱৰ্তী কৃষি পদ্ধতি আৰু শস্যাৱৰ্তনৰ সুবিধাসমূহ কি কি?

উত্তৰ : অন্তৰ্ৱৰ্তী কৃষি পদ্ধতিৰ সুবিধাসমূহ হ’ল:

(ক) এই পদ্ধতিত ব্যৱহাৰ কৰা শস্যসমূহে বেলেগ বেলেগ অনুপোষক গ্ৰহণ কৰে বাবে শস্যপথাৰৰ অনুপোষকসমূহৰ পূৰামাত্ৰাই ব্যৱহাৰ হয় ।

(খ) এনে পদ্ধতিৰ বাবে কোনো কীট বা ৰোগে একেবিধ শস্যৰ আটাইখিনি উদ্ভিদতে

বিয়পিব নোৱাৰে।

শস্যাৱৰ্তনৰ সুবিধাসমূহ হ’ল:

(ক) এনে পদ্ধতিত দুটা বা তিনিটা শস্যৰ খেতি একেডৰা মাটিত এবছৰতেই সফলতাৰে কৰিব পাৰি।

(খ) পূর্বৱতী শস্যবিধ যদি মাহজাতীয় শস্য হয়, তেনেহ’লে ই মাটিত উপকাৰী অণুজীৱৰ সংখ্যা বঢ়াই পৰৱৰ্তী শস্যবিধৰ বাবে কৃষিভূমি উৰ্বৰ কৰি তোলে।

প্রশ্ন 16: জিনীয় সালসলনি কৌশল কি? কৃষি পদ্ধতিত কিয় উপযোগী?

উত্তৰ : কোনো শস্যৰ ক্ৰম’জ’মত আন জিন প্ৰতিষ্ঠা কৰাৰ ফলত শস্যবিধৰ জিনীয় সালসলনি ঘটে, যাৰ ফলত শস্যবিধে সেই জিনটোৱে বহন কৰা চৱিত্ৰ লাভ কৰে। এই কৌশলকে জিনীয় সালসলনি কৌশল বোলে।

এই কৌশল কৃষি পদ্ধতিত উপযোগী, কাৰণ এই পদ্ধতিৰ দ্বাৰা শস্য এবিধৰ যিকোনো আকাংক্ষিত চৰিত্ৰ প্ৰদান কৰি তাৰ উৎকর্ষ সাধন কৰিব পাৰি।

প্রশ্ন 17: ভঁৰালত মজুত কৰি ৰখা শস্যৰ কেনেদৰে ক্ষতিসাধন হয়?

উত্তৰ : ভঁৰালত মজুত কৰি ৰখা শস্যৰ ক্ষতিসাধন দুই প্রকাৰে হ’ব পাৰে।

কীট-পতংগ, জৈৱিক আৰু অজৈৱিক কাৰকৰ দ্বাৰা। জৈৱিক কাৰকবোৰ হ’ল এন্দুৰ, ভেঁকুৰ, বেক্টেৰিয়া আদি আৰু অজৈৱিক কাৰকবোৰ হ’ল – ভঁৰালয়ৰ অনুপযুক্ত উষ্ণতা আৰু আর্দ্রতা ।

প্রশ্ন 18: পশুপালনৰ দ্বাৰা কৃষকসকল কেনেকৈ লাভান্বিত হয়?

উত্তৰ: পশুপালনৰ দ্বাৰা উৎপাদিত দ্রব্যসমূহ যেনে গাখীৰ, কণী, মাংস আদি বিক্রী কৰি কৃষকসকল আর্থিকভাৱে লাভৱান হয়। আনহাতে পশুপালনৰ দ্বাৰা পোৱা জীৱ- জন্তুৰ মলমূত্ৰ আৰু পামৰ আন পেলনীয়া আৱৰ্জনাৰ পৰা পচন সাৰ প্ৰস্তুত কৰি কৃষকসকলে শস্যপথাৰত ব্যৱহাৰ কৰি শস্য উৎপাদন বৃদ্ধি কৰিব পাৰে।

প্রশ্ন 19 : ব্ৰইলাৰ আৰু লেয়াৰৰ মাজত পাৰ্থক্য কি আৰু সিহঁতৰ পৰিচালনাৰ মাজত পার্থক্য কেনে ধৰণৰ ?

উত্তৰ: ব্ৰইলাৰ আৰু লেয়াৰৰ মাজত থকা পার্থক্য হ’ল – ব্ৰইলাৰবোৰ হ’ল মাংস উৎপাদন কৰা চৰাই আৰু আনহাতে লেয়াৰবোৰে কণী উৎপাদন কৰে। সিহঁতৰ পৰিচালনাৰ মাজতো বিশেষ পার্থক্য থাকে। পামঘৰৰ অৱস্থা, পৰিৱেশ আৰু পৰিপুষ্টৰ ফালৰ পৰা সিহঁতক বেলেগ বেলেগ সুবিধাৰ দৰকাৰ। লেয়াৰবিলাকক সাধাৰণতে সস্তীয়া আঁহযুক্ত খাদ্যৰ যোগান ধৰা হয়। আনহাতে ব্ৰইলাৰবিলাকক প্ৰটিন আৰু চর্বিযুক্ত খাদ্য যোগান ধৰা হয়।

প্রশ্ন 20: গো-পালনৰ দ্বাৰা কি কি লাভ হয়?

উত্তৰ: গো-পালনৰ লাভালাভসমূহ হ’ল –

(ক) গাখীৰ উৎপাদন।

(খ) কৃষি কৰ্মত ব্যৱহাৰ কৰিবলৈ বলধ গৰুৰ যোগান।

প্রশ্ন 21 : উৎপাদন বৃদ্ধি কৰিবৰ বাবে হাঁহ-কুকুৰা পালন, মীন পালন আৰু মৌমাখি পালনত কি সাধাৰণ ব্যৱস্থা হাতত লোৱা হয় ?

উত্তৰ : উৎপাদন বৃদ্ধি কৰিবৰ বাবে হাঁহ-কুকুৰা পালন, মীন পালন আৰু মৌমাখি পালনত লোৱা সাধাৰণ ব্যৱস্থাটো হ’ল— উন্নত মানদণ্ডৰ সঁচৰ ব্যৱহাৰ ।

প্রশ্ন 22: মীন সংগ্রহ, মেৰিকালচাৰ আৰু একুৱা কালচাৰৰ মাজত পার্থক্য কি?

উত্তৰঃ প্রাকৃতিক উৎসৰ পৰা মাছ আহৰণ কৰাকে মীন সংগ্রহ বোলে। আনহাতে সাগৰৰ পানীত সাগৰীয় মাছৰ পালনকে মেৰিকালচাৰ বোলে। তেনেদৰে অন্তর্দেশীয় মীনক্ষেত্র যেনে নদী, নলা, পুখুৰী, মোহনা আদিত মীন পালনক একুৱা কালচাৰ বোলা হয়।

প্রশ্ন 23 : ধান জাতীয় শস্য, মাহজাতীয় শস্য, ফল-মূল আৰু শাক-পাচলিৰ পৰা আমি কি পাওঁ?

উত্তৰ: ধান জাতীয় শস্যৰ পৰা আমি কাৰ্বহাইড্রেট পাওঁ, মাহ জাতীয় শস্যৰ পৰা প্র’টিন পাওঁ; আনহাতে ফল-মূল আৰু শাক-পাচলিৰ পৰা আমি প্ৰধানকৈ ভিটামিন আৰু খনিজ লৱণ আহৰণ কৰো।

প্রশ্ন 24 : খাদ্য সম্পদৰ উৎকর্ষ সাধনৰ আৱশ্যকতা কি?

উত্তৰ : খাদ্য সম্পদৰ উৎকর্ষ সাধনৰ এক বিশেষ আৱশ্যকতা আছে। কাৰণ বর্ধিত জনসংখ্যাৰ বাবে এতিয়া আমাক অধিক খাদ্যৰ প্ৰয়োজন। কিন্তু এই খাদ্যৰ চাহিদা পূৰাবলৈ আমি আমাৰ কৃষিভূমিৰ আকাৰ বঢ়াব নোৱাৰো। সেয়ে আমাৰ শস্য আৰু পশুধনৰ উৎপাদন উৎকর্ষ সাধন আৱশ্যকীয় হৈ পৰিছে।

প্রশ্ন 25: কৃষি আৰু পশুপালনত বহনক্ষম প্ৰথা প্ৰয়োগ কৰাটো কিয় প্রয়োজনীয় ?

উত্তৰ : আমি খাদ্য শস্য আৰু পশুধনৰ উৎপাদন বৃদ্ধিৰ বাবে প্ৰাকৃতিক সম্পদসমূহৰ অত্যধিক ব্যৱহাৰ কৰিব লগা হয়। ইয়াৰ দ্বাৰা প্ৰাকৃতিক সম্পদৰ অনিষ্ট হৈ প্ৰাকৃতিক ভাৰসাম্যত ব্যাঘাত জন্মাৰ আশংকা থাকে। সেয়ে আমি আমাৰ প্ৰাকৃতিক পৰিৱেশ বিনষ্ট নকৰাকৈ আৰু তাৰ ভাৰসাম্যত ব্যাঘাত নজন্মোৱাকৈ খাদ্য সম্পদৰ উৎকর্ষ সাধনৰ বাবে চেষ্টা কৰা উচিত। এনে প্রথাক বহনক্ষম প্রথা বোলে আৰু সেয়ে ই আমাৰ বাবে প্ৰয়োজনীয়।

প্রশ্ন 26: ৰবি আৰু খাৰিফ শস্য কি ?

উত্তৰ : যিবিলাক শস্যৰ খেতি শীতকালত অর্থাৎ নৱেম্বৰ মাহৰ পৰা এপ্রিল মাহৰ ভিতৰত কৰা হয়, তাক ৰবি শস্য বোলে। যেনে ঘেঁহু, বুট, মটৰ, সৰিয়হ আদি । আনহাতে, যিবিলাক শস্যৰ খেতি বাৰিষা কালত অৰ্থাৎ জুন মাহৰ পৰা অক্টোবৰ মাহৰ ভিতৰত কৰা হয়, তাক খাৰিফ শস্য বোলে। যেনে— ধান, চয়াবিন, কপাহ্ আদি।

প্রশ্ন 27 : মুখ্য অনুপোষক আৰু ক্ষুদ্রমাত্রিক অনুপোষক কি?

উত্তৰঃ মাটিৰ পৰা আহৰণ কৰা তেৰটা অনুপোষকৰ যি ছয়টা অনুপোষক উদ্ভিদৰ বাবে অতি বেছি পৰিমাণে দৰকাৰ হয়, সিহঁতক মুখ্য অনুপোষক বোলে। আনহাতে, মাটিৰ পৰা আহৰণ কৰা যি সাতটা অনুপোষক উদ্ভিদৰ বাবে কম পৰিমাণে প্রয়োজনীয়, সিহঁতক ক্ষুদ্রমাত্রিক অনুপোষক বোলে।

প্রশ্ন 28 : মিশ্রিত কৃষি প্রণালী কাক বোলে? ইয়াৰ সুবিধা কি?

উত্তৰ : একেডৰা মাটিত সমকালীনভাৱে দটা বা ততোধিক শস্যৰ খেতি কৰা প্ৰথাকে মিশ্রিত কৃষি প্রণালী বোলে। ইয়াৰ সুবিধা হ’ল – এবিধ শস্যৰ ক্ষতিসাধন হ’লেও আনবিধ শস্যৰ উৎপাদনৰ পৰা লাভান্বিত হ’ব পাৰি৷

প্রশ্ন 29 : অন্তৰাৱৰ্তী কৃষি প্ৰণালী আৰু শস্যাবর্তন বুলিলে কি বুজা?

উত্তৰ : একেডৰা মাটিতে দুটা বা ততোধিক শস্যৰ খেতি এক নিৰ্দিষ্ট শৈলীৰে কৰা প্ৰথাক অন্তৰাৱতী কৃষি প্ৰণালী বোলে ৷

সুপৰিকল্পিতভাৱে একে ডোখৰ মাটিতে এটাৰ পিছত এটাকৈ বিভিন্ন শস্যৰ খেতি কৰা প্ৰথাক শস্যাৱৰ্তন বোলে ৷

প্রশ্ন 30 : জৈৱ সাৰ আৰু কৃত্ৰিম সাৰৰ পার্থক্যসমূহ কি কি?

উত্তৰ :

(ii)

iii)

জৈৱ সাৰকৃত্ৰিম সাৰ
(i)মাটিক জৈৱ পদাৰ্থ আৰু কিছু পৰিমাণে অনুপোষক যোগান ধৰে।মাটিক অনুপোষক যোগান ধৰে।
(ii)জৈৱ সাৰত থকা জৈৱ পদাৰ্থই মাটিৰ গঠন আৰু গুণাগুণ উন্নত কৰে।কৃত্রিম সাৰত কোনো জৈৱ পদার্থ নাথাকে বাবে ইহঁতে মাটিৰ গঠন উন্নত কৰে।
(iii) জৈৱ সাৰে মাটিত থকা অণুজীৱৰ ক্ষতি নকৰে।কৃত্রিম সাৰে মাটিত থকা অণুজীৱসমূহ ধ্বংস কৰে।
(iv) জৈৱ সাৰে মাটিৰ ঊৰ্বৰতা বৃদ্ধি কৰে।কৃত্ৰিম সাৰ একেৰাহে ব্যৱহাৰ কৰাৰ ফলত মাটিৰ ঊৰ্বৰতা হ্রাস পায়।
(v) জৈৱ সাৰে পৰিৱেশ প্ৰদূষিত নকৰে।ইহঁতে পানীৰ লগত উটি গৈ জলাশয়ৰ পানী প্ৰদূষিত কৰে।

প্রশ্ন 31 : অপতৃণ কি? ইহঁতে শস্যৰ কেনেদৰে ক্ষতি কৰে? ইহঁতৰ নিয়ন্ত্ৰণৰ চাৰিটা উপায় লিখা।

উত্তৰ : অপতৃণবোৰ হ’ল কৃষিভূমিত উৎপন্ন হোৱা অবাঞ্ছিত উদ্ভিদ। অপতৃণবোৰে খাদ্য, ঠাই আৰু পোহৰৰ বাবে শস্যৰ লগত প্ৰতিযোগিতা কৰে। সিহঁতে মাটিৰ অনুপোষকবোৰ গ্ৰহণ কৰি শস্যৰ বৃদ্ধি আৰু বিকাশত রাধা দিয়ে। এনেদৰে অপতৃণবোৰে শস্যৰ ক্ষতি কৰে।

অপতৃণ নিয়ন্ত্ৰণৰ চাৰিটা উপায় হ’ল –

(i) বননাশকৰ ব্যৱহাৰ

(ii) সময়মতে বীজ সিঁচা

(iii) অন্তৰাৱৰ্তী কৃষি প্ৰণালী

(iv) শস্যাৱৰ্তন।

প্রশ্ন 32 : ভঁৰালত মজুত ৰখা শস্যৰ ক্ষতি ৰোধ কৰিবলৈ কি কি ব্যৱস্থা লোৱা হয়?

উত্তৰ: ভঁৰালত মজুত ৰখা শস্যৰ ক্ষতি ৰোধ কৰিবলৈ লোৱা ব্যৱস্থাসমূহ হ’ল—

(ক) শস্যৰ বীজ ভালদৰে চাফা কৰা ।

(খ) প্ৰথমে ৰ’দত আৰু পাছত ছাঁত শস্যসমূহ ভালদৰে শুকোৱা ।

(গ) ৰাসায়নিক দ্রব্য ব্যৱহাৰ কৰি কীট-পতংগ নাশ কৰিবলৈ ধোঁৱাৰ ব্যৱস্থা কৰা।

প্রশ্ন 33: গাখীৰ দিয়া জন্তুবিলাকৰ বাবে আৱশ্যকীয় খাদ্যৰ প্ৰকাৰ দুটা কি কি ?

উত্তৰ : গাখীৰ দিয়া জন্তুৰ বাবে আৱশ্যকীয় খাদ্যৰ প্ৰকাৰ দুটা হ’ল

(i) দেহ গঠনৰ বাবে আৱশ্যকীয় খাদ্য,

(ii) দুগ্ধ উৎপাদনৰ বাবে আৱশ্যকীয় খাদ্য।

প্রশ্ন:34 : কি কি আকাংক্ষিত চাৰিত্রিক বৈশিষ্ট্যৰ বাবে ভাৰতীয় আৰু বিদেশী হাঁহ- কুকুৰাৰ মাজত প্ৰজনন কৰোৱা হয় ?

উত্তৰ : ভাৰতীয় আৰু বিদেশী হাঁহ-কুকুৰাৰ মাজত তলত দিয়া চাৰিত্ৰিক বৈশিষ্ট্যবোৰৰ বাবে প্রজনন কৰোৱা হয়—

(ক) উন্নত গুণবিশিষ্ট আৰু বেছি সংখ্যক পোৱালি জন্ম দিব পৰা জাত।

(খ) বাণিজ্যিক ভিত্তিত পোৱালি দিবৰ বাবে চাপৰ ব্ৰইলাৰ পিতৃজনু।

(গ) অধিক উষ্ণতা সহ্য কৰিব পৰা জাত।

(ঘ) প্ৰতিপালনৰ বাবে ন্যূনতম ব্যৱস্থাৰ প্ৰয়োজন হোৱা জাত।

প্রশ্ন 35: মিশ্ৰিত মীন পালন পদ্ধতি কি ? ইয়াৰ সমস্যা কি?

উত্তৰ: মিশ্ৰিত মীন পালন পদ্ধতি এনে এক পদ্ধতি য’ত পাঁচ বা ছটা প্ৰজাতিৰ মাছ একেটা পুখুৰীতে পালন কৰা হয়। এই প্রজাতিসমূহ এনেদৰে বাচি লোৱা হয় যাতে সিহঁতৰ প্ৰত্যেকৰে খাদ্যাভ্যাস বেলেগ বেলেগ হয় আৰু সেয়ে সিহঁতে খাদ্যৰ বাবে ইটোৱে সিটোৰ লগত প্ৰতিযোগিতা কৰিব লগা নহয় । ফলত পুখুৰীটোৰ সকলো অংশৰে খাদ্যৰ সদব্যৱহাৰ হয়।

মিশ্রিত মীন পালন পদ্ধতিৰ এটা সমস্যা হ’ল উন্নত প্ৰকাৰৰ মাছৰ পোনাৰ অভাৱ। বেছিভাগ প্ৰজাতিৰ মাছেই বাৰিষাকালত কণী পাৰে বাবে প্ৰাকৃতিক উৎসৰ পৰা সিহঁতক সংগ্ৰহ কৰোতে এটা নিৰ্দিষ্ট প্ৰজাতিৰ মাছৰ পোনাৰ লগত আন প্ৰজাতিৰ মাছৰ পোনা মিহলি হোৱাৰ সম্ভাৱনা থাকে।

প্রশ্ন 36: মৌমাখি পালনৰ উদ্দেশ্য কি?

উত্তৰ : মৌমাখি পালনৰ উদ্দেশ্যসমূহ হ’ল –

(ক) মৌ এক বহুলভাৱে ব্যৱহৃত দ্রব্য।

(খ) মৌমাখি পালনত অতি কম মূলধনৰ দৰকাৰ হয় বাবে কৃষকসকলে ইয়াক উপাৰ্জনৰ এক অতিৰিক্ত উপায় হিচাপে ল’ব পাৰে।

(গ) মৌচাকৰ পৰা পোৱা মৌ-সিটা বিভিন্ন ঔষধ প্ৰস্তুত কৰিবলৈ ব্যৱহৃত হয়।

প্রশ্ন 37 : ভাৰতীয় মৌমাখি আৰু ইটালীয় মৌমাখিৰ বৈজ্ঞানিক নাম দুটা কি কি?

উত্তৰ :

ভাৰতীয় মৌমাখিৰ বৈজ্ঞানিক নাম – এপিচ্ চেৰেনা ইণ্ডিকা।

ইটালীয় মৌমাখিৰ বৈজ্ঞানিক নাম – এপিচ্ মেলিফেৰা।

প্রশ্ন 38: ভাৰতত খাদ্য সম্পদৰ উৎকৰ্ষ সাধনৰ প্ৰয়োজনীয়তা কি?

উত্তৰ : ভাৰত এখন জনবহুল দেশ। বর্তমান আমাৰ দেশত অস্বাভাৱিক হাৰত হোৱা জনসংখ্যা বৃদ্ধিৰ বাবে আমাক এতিয়া আগতকৈ অধিক খাদ্যদ্রব্যৰ প্ৰয়োজন। কিন্তু তাৰ তুলনাত আমি আমাৰ খেতি পথাৰৰ আকাৰ বৃদ্ধি কৰিব নোৱাৰো। সেয়ে দেশত খাদ্যৰ’, নাটনি নহ’বৰ বাবে আমি আমাৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰি খাদ্য সম্পদৰ উৎকর্ষ সাধন কৰাটো আৱশ্যকীয় হৈ পৰিছে।

প্রশ্ন 39 : খাদ্য সম্পদৰ উৎকর্ষ সাধনৰ ক্ষেত্ৰত ভাৰতে লাভ কৰা কৃতকার্যতাৰ বিষয়ে লিখা।

উত্তৰ : খাদ্য সম্পদৰ উৎকৰ্ষ সাধনৰ ক্ষেত্ৰত ভাৰতে লোৱা প্ৰচেষ্টাসমূহত কিছু সফলতা লাভ কৰা হৈছে। উদাহৰণস্বৰূপে ভাৰতত হোৱা সেউজ বিপ্লৱৰ ফলত আমাৰ দেশত খাদ্য শস্যৰ উৎপাদন বৃদ্ধি পাইছে। তেনেদৰে শ্বেত বিপ্লৱৰ দ্বাৰা ভাৰতত গাখীৰৰ উৎপাদন বৃদ্ধিৰ লগতে গাখীৰৰ আগতকৈ ভাল আৰু দক্ষতাপূৰ্ণ ব্যৱহাৰত সফলতা পোৱা গৈছে।

প্রশ্ন 40 : ভাৰতত পোৱা সেউজ বিপ্লৱ আৰু শ্বেত বিপ্লৱৰ অসুবিধা বা অপকাৰিতা কি?

উত্তৰ : ভাৰতত পোৱা সেউজ বিপ্লৱ আৰু শ্বেত বিপ্লৱৰ প্ৰধান অসুবিধাটো হ’ল-

এনেবোৰ বিপ্লৱৰ দ্বাৰা আমাৰ খাদ্য সম্পদৰ উৎকৰ্ষ সাধনৰ চেষ্টাত আমাৰ দেশৰ প্ৰাকৃতিক সম্পদসমূহ অত্যধিক ব্যৱহাৰ হোৱা। ইয়াৰ ফলত আমাৰ প্ৰাকৃতিক সম্পদৰ উৎসসমূহৰ ক্ষতিসাধন হৈ প্ৰকৃতিৰ ভাৰসাম্য বিনষ্ট হোৱাৰ আশংকা থাকে।

প্রশ্ন 41: কৃষি আৰু পশুপালনত বহনক্ষম অনুশীলন বুলিলে কি বুজা?

উত্তৰ : কৃষি আৰু পশুপালনৰ দ্বাৰা আমাৰ খাদ্য সম্পদৰ উৎকর্ষ সাধন কৰিবলৈ যাওঁতে আমি লক্ষ্য ৰখা উচিত যাতে এনে প্ৰচেষ্টাৰ ফলত আমাৰ প্ৰাকৃতিক সম্পদবোৰৰ ক্ষতিসাধন নহয় আৰু প্ৰকৃতিৰ ভাৰসাম্য বিনষ্ট নহয়। কৃষি আৰু পশুপালনৰ এনে অনুশীলনকে বহনক্ষম অনুশীলন বোলা হয়।

প্রশ্ন 42: শস্যৰ উৎপাদন বৃদ্ধিৰ বাবে লোৱা তিনিটা মুখ্য ব্যৱস্থা কি?

উত্তৰ : শস্যৰ উৎপাদন বৃদ্ধিৰ বাবে লোৱা তিনিটা মুখ্য ব্যৱস্থা হ’ল –

(ক) শস্যৰ সঁচৰ উৎকৰ্ষ সাধন

(খ) শস্যৰ উৎপাদনৰ উৎকৰ্ষ সাধন

(গ) শস্যৰ ৰক্ষণাবেক্ষণৰ ব্যৱস্থাপনা।

প্রশ্ন 43 : শস্যৰ সঁচৰ উৎকৰ্ষ সাধনৰ লক্ষ্যসমূহ কি কি? বা, কি কি কাৰণত শস্যৰ সঁচৰ উৎকর্ষ সাধন কৰা হয়?

উত্তৰ : শস্যৰ সঁচৰ উৎকৰ্ষ সাধনৰ প্ৰধান লক্ষ্যসমূহ হ’ল –

(ক) অধিক উৎপাদন

(খ) শস্যৰ গুণাগুণৰ উন্নতি সাধন

(গ) জৈৱিক আৰু অজৈৱিক কাৰকৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা

(ঘ) পূর্ণতাপ্রাপ্তি কালৰ পৰিৱৰ্তন

(ঙ) বিস্তৃত অভিযোজন ক্ষমতা

(চ) শস্য সম্বন্ধীয় আকাংক্ষিত চাৰিত্ৰিক বৈশিষ্ট্য।

প্রশ্ন 44 : উদ্ভিদৰ বাবে অত্যাৱশ্যকীয় অনুপোষকসমূহৰ গুৰুত্ব কি?

উত্তৰ : উদ্ভিদৰ বাবে অত্যাৱশ্যকীয় অনুপোষকসমূহৰ গুৰুত্ব অপৰিসীম। এইবোৰ হ’ল –

(ক) এই অনুপোষকসমূহৰ অভাৱে উদ্ভিদৰ বিভিন্ন শৰীৰ ক্ৰিয়াত কু-প্ৰভাৱ পেলায়। উদাহৰণস্বৰূপে অত্যাৱশ্যকীয় অনুপোষকসমূহৰ অভাৱত উদ্ভিদৰ প্ৰজনন প্ৰক্ৰিয়া আৰু বৃদ্ধি বাধাগ্রস্ত হয় আৰু সিহঁতৰ বিভিন্ন অভাৱজনিত ৰোগে দেখা দিয়ে।

(খ) এই অনুপোষকসমূহ জৈৱসাৰ আৰু ৰাসায়নিক সাৰ হিচাপে খেতিপথাৰত প্ৰয়োগ কৰি খেতিপথাৰৰ ঊৰ্বৰতা বৃদ্ধি কৰা হয় আৰু শস্যৰ উৎপাদন বৃদ্ধি পায়।

প্রশ্ন 45ঃ শস্যৰ পূৰ্ণতাপ্রাপ্তি কালৰ পৰিৱৰ্তনে খেতিয়কসকলক কেনেদৰে লাভান্বিত কৰে ?

উত্তৰ: শস্যৰ পূৰ্ণতাপ্রাপ্তি কালৰ পৰিৱৰ্তনে খেতিয়কসকলক দুই ধৰণে লাভান্বিত কৰে। যেনে-

(ক) শস্যৰ পূৰ্ণতাপ্রাপ্তি কাল কম হ’লে, খেতিয়কসকলে একেডৰা মাটিত এবছৰত কেইবাটাও ফচল কৰিব পাৰে।

(খ) শস্যৰ পূৰ্ণতাপ্রাপ্তি কাল কম হ’লৈ শস্য উৎপাদনৰ খৰচ বহু পৰিমাণে কমে।

প্রশ্ন 46: উন্নত শস্যৰ সঁচত কেনে ধৰণৰ গুণগত মানদণ্ড বিবেচনা কৰা হয় চাৰিটা উদাহৰণ দিয়া ৷

উত্তৰ : উন্নত শস্যৰ সঁচত বিবেচনা কৰা চাৰিটা গুণগত মানদণ্ডৰ উদাহৰণ হ’ল –

(ক) ঘেঁহুৰ ক্ষেত্ৰত সেকি ৰুটি বনাব পৰা গুণগত মানদণ্ড

(খ) মাহজাতীয় শস্যৰ ক্ষেত্ৰত প্ৰটিনৰ গুণগত মানদণ্ড

(গ) তৈলবীজৰ ক্ষেত্ৰত তেলৰ গুণগত মানদণ্ড

(ঘ) ফল-মূল আৰু শাক-পাচলিৰ ক্ষেত্ৰত সংৰক্ষণৰ গুণগত মানদণ্ড।

প্রশ্ন 47 : জৈৱ সাৰৰ উপকাৰিতাসমূহ কি?

উত্তৰ: জৈৱ সাৰৰ উপকাৰিতাসমূহ হ’ল

(ক) জৈৱ সাৰে মাটিত জৈৱিক পদাৰ্থ আৰু অনুপোষকৰ যোগান ধৰি মাটিৰ ঊৰ্বৰতা বঢ়ায়।

(খ) জৈৱ সাৰে মাটিৰ গঠন উন্নত কৰে। অৰ্থাৎ জৈৱসাৰত থকা জৈৱিক পদাৰ্থসমূহে মাটিৰ পানী ধৰি ৰাখিব পৰা ক্ষমতা বঢ়ায় আৰু বোকা মাটিত পানী বৈ যোৱাত সহায় কৰে।

(গ) জৈৱ সাৰৰ ব্যৱহাৰৰ দ্বাৰা পৰিৱেশ প্ৰদূষিত নহয়।

(ঘ) যিহেতু জৈৱ সাৰ কৃষি পামৰ পেলনীয়া আৱৰ্জনাৰ পৰা প্ৰস্তুত কৰা হয়, সেয়ে জৈৱ সাৰৰ প্ৰস্তুতকৰণৰ দ্বাৰা কৃষি পামৰ আৱৰ্জনাসমূহৰ সুব্যৱস্থাপনা হয়।

প্রশ্ন 48: ৰাসায়নিক সাৰৰ অপকাৰিতাসমূহ কি?

উত্তৰ : ৰাসায়নিক সাৰৰ অপকাৰিতাসমূহ হ’ল-

(ক) শস্যপথাৰত প্ৰয়োগ কৰা ৰাসায়নিক সাৰসমূহ বৰষুণৰ পানীত বা অত্যধিক জলসিঞ্চনৰ ফলত উটি গৈ জলাশয়ত পৰি তাৰ পানী প্ৰদূষিত কৰিব পাৰে৷

(খ) একেডৰা মাটিত একেৰাহে ৰাসায়নিক সাৰৰ প্ৰয়োগৰ ফলত মাটিত থকা উপকাৰী অণুজীৱসমূহ ধ্বংস হয় আৰু মাটিৰ জৈৱিক পদাৰ্থসমূহৰো নৱীকৰণ নহয়। ইয়াৰ ফলত মাটিৰ ঊৰ্বৰতা হ্রাস পায়।

প্রশ্ন 49 : কীটসমূহে কি কি উপায়ে শস্যৰ ক্ষতিসাধন কৰে?

উত্তৰ : কীট-পতংগসমূহে তলত দিয়া ধৰণে শস্যৰ ক্ষতিসাধন কৰে:

(i) সিহঁতে উদ্ভিদ এজোপাৰ শিপা, কাণ্ড আৰু পাতবোৰ কাটি পেলায় ৷

(ii) সিহঁতে উদ্ভিদজোপাৰ বিভিন্ন অংশৰ পৰা কোষৰম চুহি লয় ৷

(iii) সিহঁতে কাণ্ড আৰু ফলত বিন্ধা কৰে।

প্রশ্ন 50 : কীটসমূহৰ নিয়ন্ত্ৰণৰ বাবে শস্যপথাৰত লোৱা ব্যৱস্থাসমূহ উল্লেখ কৰা।

উত্তৰ : কীটসমূহৰ নিয়ন্ত্ৰণৰ বাবে শস্যপথাৰত লোৱা ব্যৱস্থাসমূহ হ’ল

(i) কীটনাশকৰ ব্যৱহাৰ

(ii) কীট প্ৰতিৰোধী সঁচৰ ব্যৱহাৰ

(iii) গ্রীষ্মকালীন কর্ষণ।

প্রশ্ন 51 : কীটনাশক কাক বোলে? ইয়াৰ অপকাৰিতাসমূহ কি ?

উত্তৰ : শস্য পথাৰত শস্যৰ অনিষ্টকাৰী অপতৃণ, পতংগ আৰু ৰোগৰ নিয়ন্ত্ৰণৰ বাবে ব্যৱহাৰ কৰা ৰাসায়নিক পদার্থসমূহক কীটনাশক বোলে।

কীটনাশকৰ অপকাৰিতাসমূহ হ’ল –

(ক) কীটনাশকসমূহ আন উদ্ভিদ আৰু মানুহকে ধৰি বিভিন্ন জীৱ-জন্তুৰ বাবে বিষাক্ত

(খ) কীটনাশকসমূহে মাটি আৰু পানীৰ প্ৰদূষণ কৰি পৰিৱেশৰ অনিষ্টসাধন কৰে।

প্রশ্ন 40 : ভঁৰালত মজুত ৰখা শস্যৰ ক্ষতিসাধন কি কি উপায়েৰে হ’ব পাৰে?

উত্তৰ : ভঁৰালত মজুত ৰখা শস্যৰ ক্ষতিসাধন তলত দিয়া দুই ধৰণে হ’ব পাৰে—

(ক) জৈৱিক কাৰকৰ দ্বাৰা : কিছুমান জীৱ আৰু অণুজীৱ যেনে – পতংগ, এন্দুৰ, ভেঁকুৰ, বেক্টেৰিয়া আদিয়ে ভঁৰালত মজুত ৰখা শস্যৰ ক্ষতিসাধন কৰে।

(খ) অজৈৱিক কাৰকৰ দ্বাৰা: কিছুমান অজৈৱিক কাৰক যেনে ভঁৰালত অনুপযুক্ত আৰ্দ্ৰতা আৰু উষ্ণতাৰ বাবেও ভঁৰালত মজুত ৰখা শস্যৰ ক্ষতিসাধন হয়।

প্রশ্ন 52 : বিভিন্ন কাৰকে ভঁৰালত মজুত ৰখা শস্যৰ কেনেধৰণৰ ক্ষতি কৰিব পাৰে?

উত্তৰ : বিভিন্ন জৈৱিক আৰু অজৈৱিক কাৰকে ভঁৰালত মজুত ৰখা শস্যৰ বিভিন্ন ধৰণৰ ক্ষতি কৰিব পাৰে।

উদাহৰণস্বৰূপে শস্যৰ গুণগত মানদণ্ডৰ অৱনমন, শস্যৰ বীজৰ ওজন হ্রাস পোৱা, অংকুৰণক্ষমতা হ্রাস পোৱা, শস্যৰ বীজৰ বৰণ সলনি হোৱা ইত্যাদি।

প্রশ্ন 53 : পশুপালন ব্যৱস্থাৰ উৎকৰ্ষ সাধনৰ আৱশ্যকতা কি?

উত্তৰ : পশুপালন ব্যৱস্থাৰ উৎকৰ্ষ সাধনৰ আৱশ্যকতাসমূহ হ’ল:

(ক) বর্তমানে অত্যধিক জনসংখ্যা বৃদ্ধি আৰু মানুহৰ জীৱন-ধাৰণৰ মানৰ উন্নতিৰ বাবে খাদ্যৰ বাবে কণী, মাংস আৰু গাখীৰৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে।

(খ) পশুধনৰ বাবে মানৱীয় ব্যৱহাৰৰ প্ৰতি আজিৰ সমাজত সজাগতা বৃদ্ধি পাইছে। সেয়ে বিজ্ঞানসন্মত নীতি ব্যৱহাৰ কৰি পশুপালন ব্যৱস্থাৰ দ্বাৰা পশুজগত খাদ্যৰ উৎকৰ্ষ সাধনৰ লগতে পশুধনসমূহৰো মংগল সাধন কৰা আৱশ্যকীয় হৈ পৰিছে।

প্রশ্ন 54 : কি কি আকাংক্ষিত চৰিত্ৰৰ বাবে গৰু-ম’হৰ বেলেগ বেলেগ প্ৰজাতিৰ মাজত বৰ্ণ সংকৰণ কৰোৱা হয়?

উত্তৰ: গৰু-ম’হৰ ভিন্ন প্ৰজাতিৰ মাজত বৰ্ণ সংকৰণ কৰাৰ ক্ষেত্ৰত বিবেচনা কৰা দুটা উল্লেখযোগ্য চৰিত্ৰ হ’ল:

(ক) দীর্ঘম্যাদী দুগ্ধকাল: ইয়াৰ বাবে বিদেশী গো প্রজাতি যেনে জাৰ্চী, ব্রাউন চুইছ আদি নির্বাচন কৰা হয়,

(খ) ৰোগ প্ৰতিৰোধ ক্ষমতা: ইয়াৰ বাবে থলুৱা গো প্রজাতি যেনে ৰঙা সিন্ধি, চাহিৱাল আদি নির্বাচন কৰা হয়।

প্রশ্ন 55: গৰু-ম’হৰ প্ৰতিপালনত গোপামত ল’ব লগা ব্যৱস্থাসমূহ কি ?

উত্তৰ: গৰু-ম’হৰ প্ৰতিপালনত গোপামত ল’ব লগা ব্যৱস্থাসমূহ হ’ল –

(ক) উপযুক্ত চাফ-চিকুণতা (খ) উপযুক্ত থকা ঠাইৰ ব্যৱস্থা (গ) সুষম আহাৰ যোগান (ঘ) ৰোগৰ প্ৰতিৰোধৰ বাবে ছিটাকৰণ ব্যৱস্থা।

প্রশ্ন 56: গৰু-ম’হৰ খাদ্যৰ প্ৰধান উপাদান দুটা কি কি?

উত্তৰ : গৰু-ম’হৰ খাদ্যৰ প্ৰধান উপাদান দুটা হ’ল—

(ক) ৰাফেজ: যিটো উপাদান আঁহজাতীয় খাদ্যৰ দ্বাৰা গঠিত।

(খ) কনচেনট্রেট : যিটো উপাদান কম আঁহযুক্ত আৰু বেছি পৰিমাণৰ প্ৰ’টিন আৰু আন পোষক দ্রব্য বিশিষ্ট।

প্রশ্ন 57 : হাঁহ-কুকুৰা পালনৰ ক্ষেত্ৰত ল’ব লগা ব্যৱস্থাসমূহ কি?

উত্তৰ : হাঁহ-কুকুৰা পালনৰ ক্ষেত্ৰত ল’ব লগা ব্যৱস্থাসমূহ হ’ল-

(ক) উপযুক্ত খাদ্যৰ যোগান।

(খ) সঠিক উষ্ণতা আৰু থকা ঠাইৰ চাফ-চিকুণতা।

(গ) ৰোগ আৰু কীটৰ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধৰ ব্যৱস্থা।

প্রশ্ন 58 : পামত প্রতিপালন কৰা হাঁহ-কুকুৰাৰ প্ৰকাৰ দুটা কি কি? ইহঁতৰ মাজত থকা পার্থক্যবোৰ লিখা।

উত্তৰ : পামত প্ৰতিপালন কৰা হাঁহ-কুকুৰাৰ প্ৰকাৰ দুটা হ’ল – (i) লেয়াৰ (ii) ব্ৰইলাৰ লেয়াৰ আৰু ব্ৰইলাৰৰ মাজত থকা পার্থক্যবোৰ হ’ল

এখালেয়াৰব্ৰইলাৰ
(i) পামত প্রতিপালন কৰা এই প্ৰকাৰৰ হাঁহ-কুকুৰা, কণী উৎপাদনৰ বাবে বিকশিত আৰু পালন কৰা হয়।পামত প্ৰতিপালন কৰা এই প্ৰকাৰৰ হাঁহ-কুকুৰা, মাংস উৎপাদনৰ বাবে বিকশিত আৰু পালন কৰা হয়।
(ii) লেয়াৰবোৰক সাধাৰণতে আঁহজাতীয় সস্তীয়া খাদ্য যোগান ধৰা হয়।ব্ৰইলাৰবোৰক প্ৰ’টিন’ আৰু চৰীযুক্ত খাদ্য যোগান ধৰা হয়। ইয়াৰ উপৰি ইহঁতক ভাল বৃদ্ধিৰ বাবে ভিটামিন A আৰু K যুক্ত পৰিপূৰক খাদ্যও দিয়া হয়।

প্রশ্ন 60 : বাণিজ্যিক মৌমাখি পালনত সাধাৰণতে ব্যৱহাৰ হোৱা মৌমাখিত প্ৰজাতিটো কি ? এইবিধ মৌমাখি পালনৰ সুবিধাসমূহ লিখা।

উত্তৰ : বাণিজ্যিক মৌমাখি পালনত ব্যৱহাৰ হোৱা মৌমাখিৰ প্ৰজাতিটো হ’ল – এপিচ মেলিফো।

এপিচ মেলিফেৰা এবিধ ইটালীয় মৌমাখিৰ প্ৰজাতি আৰু ইয়াৰ ব্যৱহাৰৰ সুবিধাসমূহ হ’ল –

(ক) এইবিধ মৌমাখিৰ অধিক পৰিমাণে মৌজোল সংগ্ৰহ কৰাৰ সক্ষমতা আছে।

(খ) ইহঁতে খুব কমকৈ মানুহক আক্ৰমণ কৰে।

(গ) ইহঁতে এখন নির্দিষ্ট মৌবাহত দীর্ঘদিন ধৰি থাকে।

(ঘ) ইহঁত অধিক প্রজননশীল।

প্রশ্ন 61 : মৌজোলৰ গুণগত মানদণ্ড কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে?

উত্তৰ : মৌজোলৰ গুণগত মানদণ্ড দুটা কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। সেয়া হ’ল:

(ক) পেষ্টৰেজ বা পৰাগ আৰু মৌজোল সংগ্ৰহৰ বাবে ফুলৰ পৰ্যাপ্ত পৰিমাণ।

(খ) মৌজোল সংগ্ৰহৰ বাবে ব্যৱহাৰ হোৱা ফুলৰ প্ৰকাৰ ।

Conclusion:

আমি বিশ্বাস কৰোঁ যে এই টোকাবোৰে শিক্ষাৰ্থীসকলক বিষয়বোৰৰ বিষয়ে ভালদৰে বুজাবুজি বিকশিত কৰাত আৰু তেওঁলোকৰ পৰীক্ষাৰ বাবে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰিব।

আমি নিশ্চিত যে এই টোকাবোৰে শিক্ষাৰ্থীসকলক তেওঁলোকৰ লক্ষ্য প্ৰাপ্ত কৰাত আৰু তেওঁলোকৰ শৈক্ষিক প্ৰদৰ্শন বৃদ্ধি কৰাত সহায় কৰিব। যদি আপুনি এই প্ৰবন্ধটো ভাল পায় আৰু সহায়ক হয় তেন্তে আপোনাৰ বন্ধুবৰ্গৰ সৈতে Share কৰিবলৈ নাপাহৰিব।

1 thought on “Class 9 Science Chapter 15 | খাদ্য সম্পদৰ উৎকর্ষ সাধন | Question Answer| SEBA”

Leave a Comment

error: Content is protected !!