Class 9 Science Chapter 14 | প্রাকৃতিক সম্পদ | Question Answer| SEBA

Class 9 Science Chapter 14 | প্রাকৃতিক সম্পদ | Question Answer| SEBA: আমাৰ ৱেবছাইটলৈ স্বাগতম! আপোনাৰ শৈক্ষিক যাত্ৰাৰ বাবে আপোনাক নবম শ্ৰেণীৰ Notes প্ৰদান কৰি আমি আনন্দিত।

আজি, এই প্ৰবন্ধটোত মই আপোনাৰ নবম শ্ৰেণীৰ জীৱৰ মৌলিক একক “প্রাকৃতিক সম্পদ” দীঘলয়া আৰু চুটি প্ৰশ্ন আলোচনা কৰিম| আমি প্ৰায় সকলো দীঘলয়া আৰু চুটি প্ৰশ্ন Solution প্ৰদান কৰিছোঁ।

আমাৰ লক্ষ্য হৈছে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰা। আমি ইয়াত বিনামূলীয়াকৈ Notes সমূহ প্ৰদান কৰিছো। আমি আপোনাক আগন্তুক পৰীক্ষাৰ বাবে শুভেচ্ছা জনাইছো। যদি আপোনাৰ কোনো সন্দেহ আছে তেন্তে আমাৰ সৈতে যোগাযোগ কৰক।

Class 9 Science Chapter 14 Question Answer

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন 1: প্রাকৃতিক সম্পদ কি?

উত্তৰ : পৃথিৱীৰ বুকুত পোৱা সকলো প্ৰকাৰৰ জীৱৰ বাবে প্ৰয়োজনীয় সম্পদাজিক প্রাকৃতিক সম্পদ বোলে।

প্রশ্ন 2 : তিনিবিধ প্রাকৃতিক সম্পদৰ উদাহৰণ দিয়া।

উত্তৰ : তিনিবিধ প্রাকৃতিক সম্পদৰ উদাহৰণ হ’ল— বায়ু, পানী আৰু মাটি।

প্রশ্ন 3 : স্থলমণ্ডল কি?

উত্তৰ : পৃথিৱীৰ খোলাটোৰ বহিঃ তৰপটোক স্থলমণ্ডল বোলে।

প্রশ্ন 4 : জলমণ্ডল কি ?

উত্তৰ : পৃথিৱীৰ পৃষ্ঠত পোৱা পানীভাগ আৰু ভূ-গর্ভস্থ পানীৰে গঠিত মণ্ডলটোক জলমণ্ডল বোলে।

প্রশ্ন 5 : বায়ুমণ্ডল কি?

উত্তৰ : পৃথিৱীক আগুৰি থকা বায়ুৰ তৰপটোক বায়ুমণ্ডল বোলে।

প্রশ্ন 6: জীৱমণ্ডল কি?

উত্তৰ: পৃথিৱীৰ যি অংশত স্থলমণ্ডল, জলমণ্ডল আৰু বায়ুমণ্ডল একেলগে থাকি জীৱসমূহৰ জীৱন সম্ভৱপৰ কৰি তোলে, তাক জীৱমণ্ডল বোলে ৷

প্রশ্ন 7 : জীৱমণ্ডলৰ উপাদান দুটা কি কি?

উত্তৰ: জীৱমণ্ডলৰ উপাদান দুটা হ’ল— জৈৱিক উপাদান আৰু অজৈৱিক উপাদান ৷

প্রশ্ন ৪ : জৈৱিক উপাদান বুলিলে কি বুজা?

উত্তৰ : জীৱসমূহৰ দ্বাৰা গঠিত জীৱমণ্ডলৰ উপাদানটোক জৈৱিক উপাদান বোলে। জৈৱিক উপাদানবোৰ হ’ল— উদ্ভিদ, প্রাণী আৰু অণুজীৱ ।

প্রশ্ন 9 : অজৈৱিক উপাদান কোন বিলাক?

উত্তৰ: জীৱমণ্ডলৰ যিটো উপাদান জড় পদাৰ্থৰ দ্বাৰা গঠিত, তাক অজৈৱিক উপাদান বোলে। যেনে— বায়ু, পানী আৰু মাটি।

প্রশ্ন 10 : শুক্ৰ আৰু মঙ্গল গ্ৰহৰ বায়ুমণ্ডলৰ প্ৰধান উপাদানটো কি আৰু ই উক্ত গ্ৰহদুটাৰ বায়ুমণ্ডলৰ কিমান শতাংশ ব্যাপি আছে?

উত্তৰ: শুক্ৰ আৰু মঙ্গল গ্ৰহৰ বায়ুমণ্ডলৰ প্ৰধান উপাদানটো হ’ল কার্বন-ডাই-অক্সাইড (Co2 )। উক্ত গ্ৰহদুটাৰ বায়ুমণ্ডলৰ 95-97% আয়তন কার্বন-ডাই-অক্সাইডে দখল কৰি আছে।

প্রশ্ন 11 : পৃথিৱীৰ উপৰিভাগৰ মুঠ আয়তনৰ কিমান অংশ পানী ?

উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ মুঠ আয়তনৰ 75% পানীয়ে আৱৰি থাকে।

প্রশ্ন 12: বায়ুমণ্ডলৰ কাৰ্বন-ডাই-অক্সাইডৰ যোগান ধৰা দুটা প্ৰক্ৰিয়াৰ নাম উল্লেখ কৰা।?

উত্তৰ: বায়ুমণ্ডলত কার্বন-ডাই-অক্সাইডৰ যোগান ধৰা দুটা প্ৰক্ৰিয়া হ’ল—

(i) শ্বসন

(ii) দহন।

প্রশ্ন 13 : ভূমি বাস কৰা নগৰ/মহানগৰ/গাঁৱত নিৰ্মল পানীৰ উৎস কি?

উত্তৰ: ভূ-গৰ্ভৰ পানী।

প্রশ্ন 14 : মাটিৰ ক্ষয়ীভৱন কি?

উত্তৰ: পানী বা বতাহৰ সোঁতে মাটিৰ কণিকাবোৰ উটুৱাই নিয়াকে মাটিৰ ক্ষয়ীভৱন বোলা হয়।

প্রশ্ন 15 : জৈৱিক কাৰণত প্ৰয়োজনীয় অক্সিজেন আৰু নাইট্ৰ’জেন মুক্ত দুটা যৌগৰ নাম লিখা।

উত্তৰ: প্ৰটিন আৰু নিউক্লিক এছিড (DNA, RNA)।

প্রশ্ন 16 : বায়ুমণ্ডত কি কি দুটা অৱস্থাত অক্সিজেন পোৱা যায় ?

উত্তৰ: বায়ুমণ্ডলত পোৱা অক্সিজেনৰ দুটা ৰূপ হল – (i) দ্বি-পাৰমাণৱিক অক্সিজেন মৌল (O,) (ii) অ’জ’ন (O)

প্রশ্ন 17:বতাহ কি?

উত্তৰ : বায়ুমণ্ডলৰ উচ্চ চাপ অঞ্চলৰপৰা নিম্ন চাপ অঞ্চললৈ বায়ুৰ গতিকে বতাহ বোলে।

প্রশ্ন 18: চন্দ্ৰৰ পৃষ্ঠত ৰাতি আৰু দিনৰ ভিতৰত উষ্ণতাৰ নিম্নসীমা আৰু উচ্চসীমা কিমান?

উত্তৰ : চন্দ্ৰৰ পৃষ্ঠত ৰাতি আৰু দিনৰ ভিতৰত উষ্ণতাৰ নিম্নসীমা হ’ল— 190°C আৰু উচ্চসীমা হ’ল 110°C।

প্রশ্ন 19 : বায়ু প্ৰদূষণ কৰা বায়ুত ওপঙি থকা কণিকাবোৰ কি ?

উত্তৰ : বায়ু প্ৰদূষণ কৰা বায়ুত ওপঙি থকা কণিকাবোৰ অদাহ্য কার্বন কণিকা বা হাইড্ৰ’কাৰ্বন নামৰ এবিধ পদাৰ্থ হ’ব পাৰে।

প্রশ্ন 20 : বায়ু প্ৰদূষণৰ ফলত হ’ব পৰা মানুহৰ তিনিটা ৰোগৰ নাম লিখা।

উত্তৰ : বায়ু প্ৰদূষণৰ ফলত হ’ব পৰা মানুহৰ তিনিটা ৰোগ হ’ল— এলাৰ্জি, কর্কট ৰোগ আৰু হৃদৰোগ।

প্রশ্ন 21 : পানী প্ৰদূষিত কৰিব পৰা তিনিবিধ ঔদ্যোগিক দ্রব্যৰ নাম লিখা।

উত্তৰ : পানী প্ৰদূষিত কৰিব পৰা তিনিবিধ ঔদ্যোগিক দ্রব্য হ’ল— ৰাসায়নিক সাৰ, কীটনাশক আৰু কাগজ উদ্যোগত ব্যৱহাৰ হোৱা মার্কাৰি লৱণ।

প্রশ্ন 22: পানী প্ৰদূষণ কি?

উত্তৰ: পানীৰ লগত কোনো অবাঞ্ছিত পদার্থ মিহলি হোৱা, কোনো অত্যাৱশ্যকীয় পদাৰ্থ পানীৰ পৰা অপসাৰিত হোৱা বা পানীৰ উষ্ণতাৰ পৰিৱৰ্তন হোৱাকে পানী প্রদূষণ বোলে।

প্রশ্ন 23: মাটি প্ৰদূষণ কি ?

উত্তৰ : মাটিৰ লগত কোনো হানিকাৰক পদার্থ মিহিল হোৱা বা মাটিৰপৰা কোনো প্রয়োজনীয় উপাদানৰ অপসৰণ হোৱাকে মাটি প্রদূষণ বোলা হয়।

প্রশ্ন 24: মাটিৰ উপাদানসমূহ কি?

উত্তৰ: মাটিৰ উপাদানসমূহ হ’ল– (i) শিলৰ কণিকা (ii) হিউমাছ (iii) অণুজীৱ।

প্রশ্ন 25: মাটিৰ প্ৰকাৰ বা ধৰণ কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে?

উত্তৰ : মাটিৰ প্ৰকাৰ বা ধৰণ মাটিত থকা কণিকাবোৰৰ গড় আকাৰৰ ওপৰত নিৰ্ভৰ কৰে।

প্রশ্ন 26: মাটিৰ গুণাগুণ কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে?

উত্তৰ : মাটিৰ গুণাগুণ মাটিত থকা হিউমাছৰ পৰিমাণ আৰু তাত থকা অণুজীৱৰ ওপৰত নিৰ্ভৰ কৰে।

প্রশ্ন 27: মাটিত থকা খনিজ লৱণবোৰ কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে?

উত্তৰ: মাটিত থকা খনিজ লৱণবোৰ সিহঁতক সৃষ্টি কৰা শিলৰ ওপৰত নিৰ্ভৰ কৰে।

প্রশ্ন 28 : মাটিৰ ক্ষয়ীভৱন কি?

উত্তৰ : পানী বা বতাহৰ সোঁতত মাটিৰ ক্ষুদ্র ক্ষুদ্র কণিকা উটি যোৱাকে মাটিৰ ক্ষয়ীভৱন বোলে।

প্রশ্ন 29: পৃথিৱী পৃষ্ঠত নিৰ্মল পানীৰ উৎসসমূহ কি কি?

উত্তৰ: পৃথিৱী পৃষ্ঠত নির্মল পানীৰ উৎসসমূহ হ’ল—

দুই মেৰুত বৰফ হিচাপে গোট মাৰি থকা পানী, ওখ পর্বতশ্রেণীৰ উপৰিভাগ আবৃত কৰি ৰখা তুয়াৰ, ভূ-গর্ভস্থ পানী আৰু নদ-নদী, হ্রদ, পুখুৰী আদিৰ পানী।

প্রশ্ন 30 : মাটিৰ ক্ষয়ীভৱন কৰা কাৰক দুটা কি কি?

উত্তৰ : মাটিৰ ক্ষয়ীভৱন কাৰক দুটা হ’ল— পানী আৰু বায়ু ।

প্রশ্ন 31: মাটিৰ ক্ষয়ীভৱনৰ দুটা কাৰণ উল্লেখ কৰা।

উত্তৰ: মাটিৰ ক্ষয়ীভৱনৰ দুটা কাৰণ হ’ল—

(ক) গছ-গছনি কাটি অৰণ্য ধ্বংস কৰা।

(খ) মাটিৰ ওপৰৰ ঘাঁহ-বনৰ আৱৰণখন অপসাৰিত কৰা।

প্রশ্ন 32 : জৈৱ ভূ-ৰাসায়নিক চক্র কাক বোলে ?

উত্তৰ: জীৱমণ্ডলৰ বিভিন্ন উপাদানৰ মাজত পদাৰ্থ আৰু শক্তিৰ আদান-প্রদানৰ দ্বাৰা সৃষ্টি হোৱা পৰস্পৰ নিৰ্ভৰশীলতাৰ সম্পৰ্কসমূহক জৈৱ ভূ-ৰাসায়নিক চক্ৰ বোলে।

প্রশ্ন 33 : জলচক্র বুলিলে কি বুজা ?

উত্তৰঃ যি প্ৰক্ৰিয়াৰ দ্বাৰা পানীৰ বাষ্পীভৱন ঘটাৰ পিছত ই পুনৰ বৰষুণ হিচাপে পৃথিৱীলৈ নামি আহি নদীসমূহৰ দ্বাৰা সাগৰলৈ উটি যায়, তাকে জলচক্র বোলে।

প্রশ্ন 34: আমাৰ বায়ুমণ্ডলৰ মুঠ আয়তনৰ কিমান শতাংশ নাইট্র জৈন দখল কৰি আছে?

উত্তৰ : আমাৰ বায়ুমণ্ডলৰ মুঠ আয়তনৰ 78% নাইট্ৰ’জেনে দখল কৰি আছে।

প্রশ্ন 35 : জীৱদেহৰ বাবে প্ৰয়োজনীয় কোন তিনিবিধ অণুত নাইট্র জৈন পোৱা যায় ?

উত্তৰ : জীৱদেহৰ বাবে প্রয়োজনীয় তিনিবিধ নাইট্ৰ’জেন থকা অণু হ’ল— প্ৰটিন, নিউক্লিক এছিড (DNA আৰু RNA) আৰু ভিটামিন।

প্রশ্ন 36 নাইট্ৰ’জেন থকা পাঁচবিধ প্রয়োজনীয় জৈৱ পদাৰ্থৰ নাম লিখা।

উত্তৰঃ নাইট্ৰ’জেন থকা পাঁচবিধ প্রয়োজনীয় জৈৱ পদাৰ্থ হ’ল—

প্রটিন, নিউক্লিক এছিদ (DNA আৰু RNA), ভিটামিন, এলকালয়ড আৰু ইউৰিয়া।

প্রশ্ন 37: নাইট্ৰ’জেন স্থিৰীকৰণ কৰা প্ৰক্ৰিয়া বা কাৰক দুটা কি?

উত্তৰ : নাইট্ৰ’জেন স্থিৰীকৰণ কৰা প্ৰক্ৰিয়া বা কাৰক দুটা হ’ল—

নাইট্ৰ’জেন স্থিৰীকৰণ কৰা বেক্টেৰিয়াৰ দ্বাৰা আৰু বিজুলী ঢেকেনিৰ দ্বাৰ৷৷

প্রশ্ন:38: নাইট্ৰ’জেন স্থিৰীকৰণৰ ফলত নাইট’জেন কি কি পদার্থলৈ ৰূপান্তৰিত হয় ?

উত্তৰঃ নাইট্ৰ’জেন স্থিৰীকৰণৰ ফলত নাইট্ৰ’জেন নাইট্ৰেট আৰু নাইট্রাইটলৈ ৰূপান্তৰিত হয়।

প্রশ্ন 39 : উদ্ভিদে মাটিৰপৰা শোষণ কৰা নাইট্রেট আৰু নাইট্ৰাইটক কি পদাৰ্থলৈ পৰিৱৰ্তন কৰে?

উত্তৰ: উদ্ভিদে মাটিৰপৰা শোষণ কৰা নাইট্রেট আৰু নাইট্ৰাইটক এমিন’ এছিডলৈ পৰিৱৰ্তন কৰে।

প্রশ্ন 40 : উদ্ভিদে কোনবিধ যৌগক প্ৰটিনলৈ ৰূপান্তৰিত কৰে?

উত্তৰ: উদ্ভিদে এমিন’ এছিডক প্ৰটিনলৈ ৰূপান্তৰিত কৰে ৷

প্রশ্ন 41 : জীৱদেহৰ বাবে অত্যাৱশ্যকীয় পাঁচবিধ যৌগৰ নাম লিখা যত কাৰ্বন পোৱা যায়।

উত্তৰ: কাৰ্বন থকা জীৱদেহৰ বাবে অত্যাৱশ্যকীয় পাঁচবিধ যৌগ হ’ল— কার্বহাইড্রেট, প্রটিন, লিপিড, নিউক্লিক এছিড আৰু ভিটামিন।

প্রশ্ন 42: বায়ুমণ্ডলত থকা কাৰ্বনক জীৱদেহ গঠনকাৰী দ্রব্যলৈ কি প্ৰক্ৰিয়াই পৰিৱৰ্তন কৰে?

উত্তৰ : বায়ুমণ্ডলত থকা কাৰ্বনক জীৱদেহ গঠনকাৰী দ্ৰব্যলৈ (গ্ৰু-কজ সালোক সংশ্লেষণ প্ৰক্ৰিয়াই পৰিৱৰ্তন কৰে।

প্রশ্ন.43 : কার্বন চক্র কাক বোলে?

উত্তৰ: কাৰ্বন মৌল বায়ুমণ্ডলীয় কার্বন-ডাই-অক্সাইডৰ ৰূপত বিভিন্ন ভৌতিক আৰু জৈৱিক প্ৰক্ৰিয়াৰে পুনৰ বায়ুমণ্ডললৈ উভতি যোৱাৰ চক্ৰীয় প্ৰক্ৰিয়াটোক কার্বন চক্র বোলে।

প্রশ্ন 44: নাইট্ৰ’জেন চক্র কাক বোলে?

উত্তৰ : বায়ুমণ্ডলীয় নাইট্ৰ’জেন কিছুমান অণু আকাৰে প্ৰথমে মাটি আৰু পানীলৈ আৰু পিছত জীৱৰ দেহলৈ গৈ পুনৰ বায়ুমণ্ডললৈ ঘূৰি অহা চক্ৰীয় প্ৰক্ৰিয়াটোক নাইট্ৰ’জেন চক্র বোলে।

প্রশ্ন 45: বায়ুমণ্ডলত মৌলিক ৰূপত অক্সিজেনৰ শতকৰা পৰিমাণ কিমান?

উত্তৰ : বায়ুমণ্ডলত মৌলিক ৰূপত অক্সিজেনৰ শতকৰা পৰিমাণ হ’ল 21%।

প্রশ্ন 46: বায়ুমণ্ডলত যৌগ ৰূপত অক্সিজেন কি হিচাপে পোৱা যায় ?

উত্তৰ: বায়ুমণ্ডলত যৌগ ৰূপত অক্সিজেন কার্বন-ডাই-অক্সাইড হিচাপে পোৱা যায়।

প্রশ্ন 47 : তিনিবিধ সেউজ গৃহ গেছৰ উদাহৰণ দিয়া।

উত্তৰ : তিনিবিধ সেউজ গৃহ গেছৰ উদাহৰণ হ’ল— কার্বন-ডাই-অক্সাইড (CO,), মিথেন (CH·) আৰু ক্ল’ৰ’ফ্ল’ৰ কাৰ্বন (CFC)।

প্রশ্ন 48: জীৱৰ বাবে প্ৰয়োজনীয় চাৰিবিধ যৌগৰ উদাহৰণ দিয়া য’ত অক্সিজেন পোৱা যায়।

উত্তৰ : জীৱৰ বাবে প্ৰয়োজনীয় চাৰিবিধ অক্সিজেন থকা যৌগৰ উদাহৰণ হ’ল—

কার্বহাইড্রেট, প্রটিন, লিপিড আৰু নিউক্লিক এছিড।

প্রশ্ন 49 : বায়ুমণ্ডলীয় অক্সিজেন কি কি প্রক্রিয়াত ব্যবহৃত হয়?

উত্তৰ : বায়ুমণ্ডলীয় অক্সিজেন ব্যৱহৃত হোৱা প্ৰক্ৰিয়া তিনিটা হ’ল – শ্বসন, দহন আৰু নাইট্ৰ’জেনৰ অক্সাইড উৎপাদনত।

প্রশ্ন 50 : কি প্ৰক্ৰিয়াৰ দ্বাৰা বায়ুমণ্ডললৈ অক্সিজেন উভতি যায় ?

উত্তৰ : বায়ুমণ্ডললৈ অক্সিজেন উভতি যোৱা প্ৰক্ৰিয়াটো হ’ল- সালোকসংশ্লেষণ।

প্রশ্ন 51: কোনবিধ জীৱৰ বাবে অক্সিজেন এবিধ বিষাক্ত গেছ?

উত্তৰ : বেক্টেৰিয়াৰ বাবে অক্সিজেন এবিধ বিষাক্ত গেছ।

প্রশ্ন 52: অক্সিজেন চক্র কি?

উত্তৰ: বায়ুমণ্ডলীয় অক্সিজেন বিভিন্ন ভৌতিক আৰু জৈৱিক প্ৰক্ৰিয়াৰ মাজেৰে পুনৰ বায়ুমণ্ডললৈ উভতি যোৱা চক্ৰীয় প্ৰক্ৰিয়াটোক অক্সিজেন চক্র বোলে৷

প্রশ্ন 53: অ’জ’ন কি ?

উত্তৰ : অ’জন হ’ল বায়ুমণ্ডলৰ ওপৰৰ স্তৰত পোৱা তিনিটা অক্সিজেন পৰমাণুযুক্ত এবিধ অণু ।

প্রশ্ন 54 : অ’জনৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰ: অ’জ’নৰ দুটা বৈশিষ্ট্য হ’ল—

(i) ই বিষাক্ত।

(ii) পৃথিৱীৰ বায়ুমণ্ডলৰ তলৰ স্তৰত অ’জন স্থিৰ অৱস্থাত থাকিব নোৱাৰে, সেয়ে ইয়াক অকল বায়ুমণ্ডলৰ ওপৰৰ স্তৰতহে পাব পাৰি।

প্রশ্ন 55 : মাটি কি?

উত্তৰ: মাটি হ’ল এক মিশ্ৰণ য’ত শিলৰ ক্ষুদ্ৰ কণিকাবোৰৰ লগত জীৱৰ অপচয় যাক হিউমাছ বোলা হয় আৰু বিভিন্ন প্ৰকাৰৰ অণুজীৱ মিহলি হৈ থাকে।

প্রশ্ন 56: মাটি সৃষ্টি হোৱাৰ লগত জড়িত চাৰিটা কাৰক উল্লেখ কৰা।

উত্তৰ : মাটি সৃষ্টি হোৱাৰ লগত জড়িত চাৰিটা কাৰক হ’ল –

(i) সূৰ্য

(ii) পানী

(iii)বতাহ

(iv) জীৱ ।

প্রশ্ন 57: সেউজ গৃহ প্ৰভাৱ কি?

উত্তৰ: কিছুমান গেছে পৃথিৱীৰ পৰা প্ৰতিফলিত তাপ ধৰি ৰাখে। বায়ুমণ্ডলত এনে গেছৰ পৰিমাণ বৃদ্ধি পোৱাৰ ফলত পৃথিৱীৰ উষ্ণতা বৃদ্ধি পাইছে। এই পৰিঘটনাক সেউজ গৃহ প্ৰভাৱ বোলে।

প্রশ্ন 58: বতাহ কিহে সৃষ্টি কৰে?

উত্তৰ: পৃথিৱীৰ উপৰিভাগৰ ভিন ভিন অঞ্চল সূৰ্যৰ তাপৰ দ্বাৰা অসমভাৱে উত্তাপিত হোৱাৰ বাবে বতাহৰ সৃষ্টি হয়। বতাহৰ সৃষ্টি কৰা আন দুটা কাৰক হ’ল – পৃথিৱীৰ ঘূর্ণন আৰু পৰ্বতশ্রেণীৰ অৱস্থান।

প্রশ্ন 59: কার্বন-ডাই-অক্সাইডৰ স্থিৰীকৰণ বুলিলে কি বুজা?

উত্তৰ : কার্বন-ডাই-অক্সাইডক বিভিন্ন প্রক্ৰিয়াৰ দ্বাৰা আন পদাৰ্থলৈ পৰিণত কৰা প্রক্রিয়াটোকে কার্বন-ডাই-অক্সাইডৰ স্থিৰীকৰণ বোলে।

প্রশ্ন 60 : বৰষুণৰ ধৰণ কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্দ্ধাৰণ কৰা হয় ?

উত্তৰ : বৰষুণৰ ধৰণ বতাহৰ ধৰণৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্দ্ধাৰণ কৰা হয়।

প্রশ্ন 61 : বায়ু প্ৰদূষণ কি?

উত্তৰ : বায়ুত কিছুমান হানিকাৰক পদাৰ্থৰ বৃদ্ধিকে বায়ু প্ৰদূষণ বোলে।

প্রশ্ন 62 : পানী প্ৰদূষণ কাক বোলে?

উত্তৰ : পানীত কোনো অবাঞ্ছিত পদার্থ মিহলি হোৱা কোনো লাগতিয়াল পদার্থ পানীৰ পৰা অপসাৰিত হোৱা বা পানীৰ উষ্ণতাৰ পৰিৱৰ্তন হোৱাকে পানী প্ৰদূষণ বোলে।

প্রশ্ন 63 : ক্ল’ৰফ্ল’ৰ’ কাৰ্বন (CFC) ব্যৱহাৰ হোৱা দুবিধ মানুহৰ দ্বাৰা আৱিষ্কৃত আহিলাৰ নাম লিখা।

উত্তৰঃ ক্ল’ৰ’ফ্ল’ৰ’ কাৰ্বন (CFC) ব্যৱহাৰ হোৱা দুবিধ মানুহৰ দ্বাৰা আৱিষ্কৃত আহিলা হ’ল— ৰেফ্রিজেৰেটৰ আৰু বাতানুকূল যন্ত্ৰ (Air Conditioned Mechine)।

প্রশ্ন 64 : পৃথিৱীৰ বুকুত কার্বন কি কি মৌলিক ৰূপত পোৱা যায় ?

উত্তৰ : হীৰা আৰু গ্রেফাইট হিচাপে।

প্রশ্ন 65: অ’জ’ন স্তৰৰ অৱক্ষয়ৰ লগত জড়িত হানিকাৰক পদার্থবিধ কি?

উত্তৰঃ ক্ল’ৰ’ফ্ল’ৰ’ কার্বন (CEC)।

প্রশ্ন 66 : জৈৱ ভূ-ৰাসায়নিক চক্ৰ বুলিলে কি বুজা?

উত্তৰ: জীৱমণ্ডলৰ বিভিন্ন উপাদানৰ মাজত পদাৰ্থ আৰু শক্তিৰ আদান-প্রদানৰ দ্বাৰা সৃষ্টি হোৱা পৰস্পৰ নিৰ্ভৰশীলতাৰ সম্পৰ্কসমূহকে জৈৱ ভূ-ৰাসায়নিক চক্র বোলে।

প্রশ্ন 67: খালী ঠাই পূৰণ কৰা:

(1) পৃথিৱীৰ যিটো মণ্ডল জীৱৰ জীৱন-ধাৰণৰ বাবে অনুকুল, সেই মণ্ডলটোক বোলে।

উত্তৰ : জীৱমণ্ডল।

(2) উদ্ভিদ, প্রাণী আৰু অণুজীৱৰ দ্বাৰা গঠিত জীৱমণ্ডলৰ উপাদানটোক____ বোলে।

উত্তৰ : জৈৱিক উপাদান।

(3) বায়ু, পানী, মাটি জীৱমণ্ডলৰ_____উপাদানৰ উদাহৰণ।

উত্তৰ: অজৈৱিক।

(4) শুক্ৰ আৰু মঙ্গল গ্ৰহৰ বায়ুমণ্ডলৰ প্ৰধান উপাদান হ’ল___|

উত্তৰ: কার্বন-ডাই-অক্সাইড।

(5) বায়ুণ্ডলত কার্বন-ডাই-অক্সাইডৰ যোগানৰ লগত জড়িত দুটা মুখ্য প্ৰক্ৰিয়া হ’ল ______আৰু——।

উত্তৰ : শ্বসন, দহন।

(6) সেউজীয়া উদ্ভিদে বায়ুমণ্ডলৰ____গেছৰ সহায়ত গ্লুক’জ উৎপন্ন কৰে।

উত্তৰঃ কার্বন-ডাই-অক্সাইড।

(7) সেউজীয়া উদ্ভিদে কার্বন-ডাই-অক্সাইড ব্যৱহাৰ কৰি গ্লুক’জ উৎপন্ন কৰা প্ৰক্ৰিয়াটোক_____বোলে।

উত্তৰ : সালোক-সংশ্লেষণ।

(8) বায়ুমণ্ডলে জলবায়ু নিয়ন্ত্রণ কৰাৰ বাবে দায়ী বায়ুৰ ধৰ্মটো হ’ল যে বায়ু______ৰ কু-পৰিবাহী।

উত্তৰ : তাপ।

(9) দিনৰ ভাগত সাগৰৰ পাৰৰ অঞ্চলসমূহত— ৰ পৰা — ৰ দিশলৈ বতাহ বয়।

উত্তৰ : পানী, মাটি।

(10) ৰাতিৰ ভাগত সাগৰৰ পাৰৰ অঞ্চলসমূহত ___ ৰপৰা____ ৰ দিশলৈ বতাহ বয়।

উত্তৰ : মাটি, পানী।

(11) বায়ুমণ্ডলৰ ওপৰৰ স্তৰত বায়ুৰ লগত থকা জলীয় বাষ্পৰ –– ঘটাৰ ফলত ক্ষুদ্র ক্ষুদ্র পানীৰ কণিকাৰ সৃষ্টি হয়।

উত্তৰ : ঘনীভৱন।

(12) বৰষুণৰ ধৰণ-কৰণ——ৰ ধৰণ-কৰণৰ দ্বাৰা নিৰ্দ্ধাৰিত কৰা হয়।

উত্তৰ : বতাহ ।

(13) বায়ুত হানিকাৰক পদাৰ্থৰ পৰিমাণ বৃদ্ধিক____বোলে।

উত্তৰ : বায়ু প্ৰদূষণ।

(14) জীৱাশ্ম ইন্ধনৰ দহনে বায়ুমণ্ডলত ——আৰু___ৰ অক্সাইড যোগ কৰে।

উত্তৰ : ছালফাৰ, নাইট্ৰ’জেন।

(15) পৃথিৱীৰ উপৰিভাগত পোৱা বেছিভাগ পানীয়েই___আৰু ___ত পোৱা যায়।

উত্তৰ : সাগৰ, মহাসাগৰ।

(16) পানীৰ উষ্ণতাৰ পৰিৱৰ্তন এটা—— প্ৰদূষণৰ কাৰণ।

উত্তৰ : পানী।

(17) সকলো জীৱৰে বেছিভাগ পোষক দ্রব্য পৃথিৱীৰ খোলাটোত পোৱা____সমূহে যোগান ধৰে।

উত্তৰ : খনিজ পদার্থ।

(18) জীৱৰ বাবে লাগতিয়াল খনিজ পদার্থসমূহ পৃথিৱীৰ খোলাটোত পোৱা____বোৰত আৱদ্ধ হৈ থাকে।

উত্তৰঃ শিলাস্তব।

(19) দিনৰ ভাগত শিলাস্তৰবোৰৰ— ঘটে আৰু নিশাৰ ভাগত ইহঁতৰ ঘটে।

উত্তৰ : প্ৰসাৰণ, সংকোচন।

(20) মাটিৰ কণিকাবোৰ ইঠাইৰপৰা সিঠাইলৈ কঢ়িয়াই নিয়া কাৰক দুটা হ’ল____আৰু ——।

উত্তৰ : পানী, বতাহ ।

প্রশ্ন 68: শুদ্ধ উত্তৰটো বাছি উলিওৱা :

(i) তলৰ কোনটো কাৰকে বতাহৰ সৃষ্টিত অৰিহণা নোযোগায়—

(ক) বায়ুমণ্ডলৰ অসমান উত্তাপন .

(খ) পৃথিৱীৰ ঘূর্ণন

(গ) বতাহৰ পথত পর্বতশ্রেণীৰ অৱস্থান

(ঘ) অৰণ্যৰ উপস্থিতি

উত্তৰ : (ঘ) অৰণ্যৰ উপস্থিতি

(ii) বায়ুমণ্ডলৰ ওপৰৰ স্তৰত জলীয় বাষ্পৰ কোনটো পৰিৱৰ্তনে ডাৱৰৰ সৃষ্টি কৰে—

(ক) বাষ্পভীৱন (খ) ঘনীভৱন (গ) উত্তাপন (ঘ) সংকোচন

উত্তৰ : (খ) ঘনীভৱন

(iii) তলৱ কোনবিধ যৌগৰ সহায়ত সাগৰীয় প্রাণীসমূহেনিজৰ দেহৰ খোলা নির্মাণ কৰে—

(ক) ছালফেট (খ) অক্সাইড (গ) কার্বনেট (ঘ) নাইট্রেট

উত্তৰ : (গ) কার্বনেট

(iv) তলৰ কোনবিধ ৰোগ সৃষ্টিত বায়ু প্ৰদূষণে অৰিহণা নোযোগায়—

(ক) এলাজি (খ) কৰ্কট ৰোগ (গ) হৃদৰোগ (ঘ) ডায়েবেটিচ

উত্তৰ : (ঘ) ডায়েবেটিচ

(v) তলৰ কোন দুবিধ মৌলৰ অক্সাইড বৰষুণৰ পানীত দ্ৰৱীভূত হৈ এছিড বৰষুণৰ সৃষ্টি কৰে—

(ক) নাইট্ৰজেন আৰু অক্সিজেন

(খ) নাইট্ৰ’জেন আৰু কেলচিয়াম

(গ) নাইট্ৰ’জেন আৰু ছালফাৰ

(ঘ) নাইট্ৰ’জেন আৰু কাৰ্বন

উত্তৰ: (গ) নাইট্ৰ’জেন আৰু ছালফাৰ

(vi) পৃথিৱীৰ উপৰিভাগৰ পানী সৰ্বাধিক পৰিমাণে পোৱা যায়?

(ক) সাগৰ আৰু মহাসাগৰত

(খ) নদ-নদীত

(গ) ভূ-গৰ্ভত

(ঘ) দুয়োমেৰুৰ হিমবাহ হিচাপে

উত্তৰ : (ক) সাগৰ আৰু মহাসাগৰত

(vii) তলৰ কোনটো নিৰ্মল পানীৰ উৎস নহয়—

(ক) নদী.

(খ) ভূ-গর্ভস্থ পানী

(গ) মেৰুৰ হিমবাহ

(ঘ) সাগৰ

উত্তৰ : (ঘ) সাগৰ

(viii) তলৰ কোনটো কাৰকৰ ওপৰত মাটিৰ গঠন নিৰ্ভৰ কৰে-

(ক) অণুজীৱৰ উপস্থিতি

(খ) হিউমাছৰ উপস্থিতি

(গ) পোষক দ্ৰব্যৰ উপস্থিতি

(ঘ) মাটিৰ কণিকাৰ আকাৰ

উত্তৰঃ (খ) হিউমাছৰ উপস্থিতি

(ix) তলৰ কোনবিধ কাৰ্যই মাটি প্ৰদূষণ কৰে?

(ক) জীৱাশ্ম ইন্ধনৰ দহন

(খ) জলসিঞ্চন

(গ) শস্য পথাৰত অপতৃণ গজা

(ঘ) ৰাসায়নিক সাৰ আৰু কীটনাশকৰ প্ৰয়োগ

উত্তৰ : (ঘ) ৰাসায়নিক সাৰ আৰু কীটনাশকৰ প্ৰয়োগ

(x) আমাৰ বায়ুমণ্ডলত মুঠ আয়তন কিমান শতাংশ নাইট্ৰ’জেন-

(ক) 21%

(খ) 1%

(গ) 78%

(ঘ) 91%

উত্তৰঃ (c) 78%

(xi) নাইট্ৰ জৈনৰ স্থিৰীকৰণ কৰা পৰাশ্রয়ী বেক্টেৰিয়াবিধ তলৰ কোনবিধ উদ্ভিদৰ শিপাত পোৱা যায়—

(ক) ধান জাতীয় শস্য

(খ) মাহ জাতীয় শস্য

(গ) তেল জাতীয় শস্য

(ঘ) শাক-পাচলি

উত্তৰ : (খ) মাহ জাতীয় শস্য

(xii) তলৰ কোনবিধ এবিধ সেউজ গৃহ গেছ নহয়—

(ক) মিথেন

(গ) অক্সিজেন

উত্তৰ: (গ) অক্সিজেন

(xiii) তলৰ কোনবিধ জীৱৰ বাবে মৌলিক অক্সিজেন এবিধ বিষাক্ত গেছ—

(ক) বেক্টেৰিয়া

(খ) প্ৰট’য়’ৱা

(গ) উদ্ভিদ

(ঘ) ভেঁকুৰ

উত্তৰ : (ক) বেক্টেৰিয়া

(xiv) তলৰ কোনবিধ পদার্থই অজ’ন স্তৰৰ অৱক্ষয় সাধন কৰে—

(ক) কার্বন-ডাই-অক্সাইড (খ) হাইড্ৰ জৈন (গ) মিথেন (ঘ) CFC

উত্তৰ: (ঘ) CFC

(xv) তলৰ কোনবিধ জীৱই শিলৰ অৱক্ষয় সাধন কৰি মাটি গঠন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে—

(ক) ভেঁকুৰ

(খ) লিচেচন

(গ) ঢেঁকীয়াজাতীয় উদ্ভিদ

(ঘ) বেক্টেৰিয়া

উত্তৰ: (খ) লিচেচন

চমু প্রশ্নোত্তৰ

প্রশ্ন 1 : আমাৰ পৃথিৱীৰ বায়ুণ্ডল শুক্ৰ আৰু মংগল গ্ৰহৰ বায়ুমণ্ডলতকৈ কেনেদৰে পৃথক?

উত্তৰ: আমাৰ পৃথিৱীত বিভিন্ন জীৱৰ বসতি থকা হেতুকে সিহঁতৰ বিভিন্ন ক্রিয়া- কলাপৰ দ্বাৰা বায়ুমণ্ডলত কার্বন-ডাই-অক্সাইডৰ ভাৰসাম্য অটুট থাকে। অতি কম পৰিমাণৰ কার্বন-ডাই-অক্সাইড থকাৰ লগতে বায়ুমণ্ডলত নাইট্ৰ’জেন, অক্সিজেন আদি জীৱৰ বাবে প্রয়োজনীয় গেছ সমূহো থাকে। কিন্তু শুক্র বা মংগল গ্ৰহত কোনো জীৱৰ অস্তিত্ব নাই বাবে, তাৰ বায়ুমণ্ডলত 95-97% কার্বন-ডাই-অক্সাইড পোৱা যায়।

প্রশ্ন 2 : বায়ুমণ্ডলে এখন কম্বলৰ দৰে কেনেকৈ কাম কৰে?

উত্তৰ: বায়ুমণ্ডলৰ ওপৰটোক এখন কম্বলৰ লগত তুলনা কৰা হয়। বায়ু তাপৰ কু- পৰিবাহী। সেয়ে বায়ুৰ এই তৰপটোৱে দিনৰ ভাগত পৃথিৱীৰ গড় উষ্ণতা স্থিৰ ৰখাত সহায় কৰে। তেনেদৰে ৰাতিৰ ভাগত পৃথিৱীৰ পৰা প্ৰতিফলিত তাপ ধৰি ৰাখি বায়ুমণ্ডলে পৃথিৱীৰ উপৰিভ্ৰাগ অতি ঠাণ্ডা হোৱাৰ পৰা ৰক্ষা কৰে।

প্রশ্ন 3 : বায়ু প্ৰদূষণ সৃষ্টি কৰা যিকোনো তিনিটা মানুহৰ কাৰ্যকলাপৰ তালিকা প্ৰস্তুত কৰা।?

উত্তৰ : বায়ু প্ৰদূষণ সৃষ্টি কৰা মানুহৰ তিনিটা কার্যকলাপ হ’ল-

(ক) জীৱাশ্ম ইন্ধনৰ দহন,

(খ) খেতি পথাৰত মুকলিকৈ ঘাঁহ-বন, গছ-পাত, জাৱৰ আদি জ্বলোৱা,

(গ) কল-কাৰখানা আদিৰ পৰা হানিকাৰক গেছ আৰু ধোঁৱাৰ লগত ওলোৱা কার্বন-কণিকা বায়ুমণ্ডললৈ এৰি দিয়া ।

প্রশ্ন 4 : জীৱসমূহক পানীৰ কিয় প্রয়োজন হয়?

উত্তৰ: জীৱসমূহক পানীৰ প্ৰয়োজনীয়তাৰ দুটা কাৰণ হ’ল-

(ক) পানীত দ্ৰৱীভূত অৱস্থাত থকা কোষীয় পদার্থসমূহৰ মাজতহে সকলোধৰণৰ বিক্রিয়া সম্ভৱ হয় ৷

(খ) জীৱৰ শৰীৰৰ এটা অংশৰ পৰা আন এটা অংশলৈ বিভিন্ন পদার্থ পানীত দ্ৰৱীভূত অৱস্থাতহে সৰবৰাহ হয়।

প্রশ্ন 5 : কি কি কার্যকলাপৰ বাবে পানী প্ৰদূষিত হ’ব পাৰে?

উত্তৰ : পানী প্ৰদূষিত কৰা কেইটামান কার্যকলাপ হ’ল –

(ক) খেতিপথাৰত ব্যৱহাৰ কৰা ৰাসায়নিক সাৰ আৰু কীটনাশকবোৰ বৰষুণৰ পানীত

দ্ৰৱীভূত হৈ জলাশয়ত পৰি পানী প্ৰদূষিত কৰে। এনে বৰষুণৰ পানী মাটিৰ দ্বাৰা শোষিত হ’লে ভূ-গৰ্ভৰ পানীও প্ৰদূষিত হয়।

(খ) চহৰ অঞ্চলৰ পৰা অহা বৰ্জিত দূষিত পানী আৰু কল-কাৰখানাৰ পৰা নিৰ্গত বর্জনীয় পদার্থ নদ-নদীত পৰি পানী প্ৰদূষিত কৰে।

(গ) কিছুমান উদ্যোগ আৰু নদী-বান্ধবোৰৰ পৰা গৰম পানী নদ-নদীত এৰি দি পানীৰ উষ্ণতা বঢ়াই পানী প্ৰদূষিত কৰে।

প্রশ্ন 6 : মাটি কেনেকৈ গঠন হয়?

উত্তৰ : পৃথিৱীৰ উপৰিভাগত থকা ডাঙৰ ডাঙৰ শিলাস্তৰবোৰ হেজাৰ হেজাৰ বছৰ ধৰি চলা কিছুমান ভৌতিক, ৰাসায়নিক আৰু জৈৱিক প্ৰক্ৰিয়াৰ ফলত ভাঙি সৰু সৰুখণ্ডলৈ ৰূপান্তৰিত হয়। এনে এক প্ৰক্ৰিয়াৰ শেষ পৰিণতি স্বৰূপে সৰু সৰু শিলৰ কণিকাবোৰ সৃষ্টি হয়, যি পিছত হিউমাচ আৰু অণুজীৱসমূহৰ সংমিশ্ৰণত মাটিৰ ৰূপ লয়।

প্রশ্ন 7 : মাটিক ক্ষয়ীভৱনৰ পৰা ৰক্ষা কৰিবলৈ কি কি ব্যৱস্থা হাতত ল’বা?

উত্তৰ : মাটিৰ ক্ষয়ীভৱন ৰোধ কৰিবলৈ ল’বলগীয়া ব্যৱস্থাসমূহ হ’ল

(ক) বৃক্ষ ৰোপণ কৰা ।

(খ) মাটিৰ উপৰিভাগত থকা ঘাঁহ-বনৰ আৱৰণীখনৰ অপসাৰণ ৰোধ কৰা।

প্রশ্ন ৪ : জলচক্ৰত কি কি অৱস্থাত পানীক পোৱা যায় ?

উত্তৰ : জলচক্ৰত পানী প্রথমে তৰল অৱস্থাৰ পৰা বাষ্পীভৱনৰ যোগেদি গেছীয় অৱস্থা পায় । পিছত জলীয় বাষ্পবোৰৰ ঘনীভৱনৰ ফলত ই আকৌ তৰল অৱস্থালৈ আহি বৰষুণৰ ৰূপত তললৈ নামি আহে। সেয়ে জলচক্ৰত পানীক তৰল আৰু গেছীয় দুয়োটা অৱস্থাতে পোৱা যায়।

প্রশ্ন9: বায়ুত কার্বন-ডাই-অক্সাইডৰ কার্যকলাপ উল্লেখ কৰা।

উত্তৰ:

(ক) জীৱাশ্ম ইন্ধনৰ দহন।

(খ) মুকলিকৈ ঘাঁহ-বন, গছ-পাত, জাবৰ আদি জ্বলোৱা ।

(গ) বনাঞ্চল ধ্বংস কৰা।

প্রশ্ন 10 : জীৱৰ কাৰণে বায়ুমণ্ডলৰ প্ৰয়োজন কি?

উত্তৰ: জীৱৰ কাৰণে বায়ুমণ্ডল অতিকৈ প্ৰয়োজনীয়। কাৰণ বায়ুমণ্ডলত জীৱৰ বাবে প্রয়োজনীয় অত্যাৱশ্যকীয় গেছসমূহ যেনে অক্সিজেন, নাইট্ৰ’জেন, কার্বন-ডাই-অক্সাইড আদি থাকে৷ ইয়াৰ উপৰিও বায়ু তাপৰ কু-পৰিবাহী হোৱা হেতুকে, বায়ুমণ্ডলে দিনৰ ভাগত পৃথিৱীৰ গড় উষ্ণতা প্রায় স্থিৰ ৰখাত সহায় কৰে আৰু ৰাতিৰ ভাগত পৃথিৱীৰ পৰা প্ৰতিফলিত তাপ ধৰি ৰাখি পৃথিৱীৰ উপৰিভাগ অতিপাত ঠাণ্ডা হোৱাৰ পৰা ৰক্ষা কৰে।

প্রশ্ন 11 : কেনেকৈ জীৱই মাটিৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে? পানীত থকা জীৱসমূহ মাটিৰ ওপৰত সম্পূৰ্ণ অনিৰ্ভৰশীলনে?

উত্তৰ : সকলো জীৱই মাটিৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে। কাৰণ মাটিতেই উদ্ভিদসমূহ গজে। তেনেদৰে সকলো স্থলচৰ প্ৰাণীৰ বাবে মাটি হ’ল মূল আৱাস। আকৌ সকলো প্ৰাণীয়ে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে খাদ্যৰ বাবে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল বাবে মাটিয়েই প্ৰাণীসমূহক খাদ্যৰ যোগান ধৰে।

পানীত থকা জীৱসমূহ মাটিৰ ওপৰত সম্পূৰ্ণ আত্মনিৰ্ভৰশীল নহয়। কাৰণ নদীয়ে মাটিৰ পৰা সাগৰলৈ কঢ়িয়াই নিয়া বহুতো খনিজ লৱণ সাগৰীয় জীৱসমূহে ব্যৱহাৰ কৰে৷

প্রশ্ন 12: তোমালোকে নিশ্চয় দূৰদৰ্শন আৰু বাতৰিকাকতত বতৰৰ আগলি বতৰাৰ প্রতিবেদন দেখিছা। বতৰৰ আগলি বতৰা কেনেদৰে পাওঁ বুলি ধাৰণা কৰা?

উত্তৰ : বতৰৰ আগলি বতৰাত বৰষুণৰ ভৱিষ্যৎ বাণী কৰা হয় বতাহৰ ধৰণ-কৰণৰ ওপৰত ভিত্তি কৰি। কাৰণ, দেশৰ বিভিন্ন অংশত দক্ষিণ-পশ্চিম আৰু উত্তৰ-পূব মৌচুমী বতাহে বৰষুণ কঢ়িয়াই আনে।

প্রশ্ন 13: আমি জানো যে মানুহৰ বিভিন্ন কাৰ্যলাপৰ দ্বাৰা বায়ু, পানী আৰু মাটিৰ প্রদূষণ হয় । তুমি ভাবা নেকি যে এনে কার্যকলাপসমূহ কিছুমান বিশেষ অঞ্চলত সীমাবদ্ধ কৰাৰ পৰা প্ৰদূষণ কমিব ?

উত্তৰ: এনে কার্যকলাপ কিছুমান বিশেষ অঞ্চলত সীমাবদ্ধ কৰিলেও প্ৰদূষণ নকমে। কাৰণ এটা নিৰ্দিষ্ট অঞ্চলৰ বায়ু প্ৰদূষিত হ’লৈ সি গোটেই বায়ুমণ্ডলতেই প্ৰভাৱ পেলাব। তেনেদৰে এটা নিৰ্দিষ্ট অঞ্চলৰ পানী প্ৰদূষিত হ’লৈ, সেই দূষিত পানী নদ-নদীৰে আন ঠাইলৈ বিয়পি আৰু সেই পানী শোষিত হৈ ভূ-গর্ভৰ পানীতৰৰ লগত মিহলি হৈও সামগ্ৰিকভাৱে পানীৰ প্ৰদূষণ কৰিব।

আনহাতে কোনো এটা অঞ্চলৰ মাটি প্ৰদূষিত হ’লৈ, সি সেই অঞ্চলৰ উদ্ভিদ আৰু প্ৰাণীৰ ক্ষতিসাধন কৰি সামগ্ৰিকভাৱে প্ৰকৃতিৰ ভাৰসাম্য বিনষ্ট কৰাৰ লগতে জীৱ বৈচিত্র্যও হ্ৰাস কৰিব।

প্রশ্ন 14 : বনাঞ্চলসমূহে বায়ু, পানী আৰু মাটিৰ গুণাগুণৰ ওপৰত কেনেকৈ প্ৰভাৱ পেলায় এটা টোকা লিখা।

উত্তৰ : উদ্ভিদে বায়ুমণ্ডলৰ কাৰ্বন-ডাই-অক্সাইড ব্যৱহাৰ কৰি সালোক-সংশ্লেষণৰ দ্বাৰা খাদ্য প্রস্তুত কৰে। এনেদৰে বনাঞ্চলসমূহে বায়ুমণ্ডলত কার্বন-ডাই-অক্সাইডৰ পৰিমাণ কমাই ৰখাৰ উপৰিও, সালোকসংশ্লেষণত উৎপন্ন অক্সিজেন বায়ুমণ্ডললৈ এৰি দি আমাৰ চাৰিওফালে থকা বায়ুক বিশুদ্ধ কৰি ৰাখে।

উদ্ভিদৰ শিপাই মাটিত খামোচ মাৰি ধৰি থাকি মাটিৰ ক্ষয়ীভৱনত বাধা দিয়ে। তেনেকৈ উদ্ভিদৰ বিভিন্ন অংশ মাটিত সৰি পচি হিউমাচ সৃষ্টিত অৰিহণা যোগায়। এনেদৰে বনাঞ্চলে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে।

আনহাতে বনাঞ্চলে বৰষুণৰ মাত্ৰা বঢ়াই ভূ-গৰ্ভৰ পানীৰ স্তৰ অধোগামী হোৱাৰ পৰা ৰক্ষা কৰে। আনহাতে মাটিৰ উপৰিপৃষ্ঠৰ ঘাঁহ-বন জাতীয় উদ্ভিদে মাটিৰ দ্বাৰা বৰষুণৰ পানী শোষিত, হোৱাত যথেষ্ট সহায় কৰে।

প্রশ্ন 15: জীৱৰ কোষে কেনেদৰে শক্তি আহৰণ কৰে?

উত্তৰ: জীৱৰ কোষে অক্সিজেনৰ সহায়ত গ্লুক’জৰ অণু ভাঙি সেই প্ৰক্ৰিয়াৰপৰা শক্তি আহৰণ কৰে ৷ এই প্ৰক্ৰিয়াত কাৰ্বন-ডাই-অক্সাইড উৎপন্ন হয় আৰু এই প্ৰক্ৰিয়াটোক জীৱৰ শ্বসন বোলা হয়।

প্রশ্ন 16 : কার্বন-ডাই-অক্সাইডৰ স্থিৰীকৰণ কৰা দুটা প্ৰক্ৰিয়া উল্লেখ কৰা। বা, বায়ুমণ্ডলত কার্বন-ডাই-অক্সাইডৰ পৰিমাণ হ্ৰাস কৰি ৰখা দুটা প্ৰক্ৰিয়া কি কি?

উত্তৰ: কার্বন-ডাই-অক্সাইডক স্থিৰীকৰণ কৰা দুটা প্ৰক্ৰিয়া হ’ল—

(ক) সেউজীয়া উদ্ভিদে সালোক-সংশ্লেষণ প্ৰক্ৰিয়াৰ সহায়ত কার্বন-ডাই-অক্সাইডক গ্লুক’জলৈ পৰিৱৰ্তন কৰে৷

(খ) বহুতো সামুদ্রিক প্রাণীয়ে সাগৰৰ পানীত দ্ৰৱীভূত কার্বনেট ব্যৱহাৰ কৰি সিহঁতৰ দেহৰ খোলাটো নিৰ্মাণ কৰে।

প্রশ্ন 17: চন্দ্ৰৰ পৃষ্ঠ দিনৰ ভাগত অতিপাত কাম গৰম আৰু ৰাতিৰ ভাগত অতিপাত শীতল হোৱাৰ কাৰণ কি?

উত্তৰ: চন্দ্ৰত বায়ুমণ্ডল নাই। বায়ু যিহেতু তাপৰ কু-পৰিবাহী, সেয়ে ই সূৰ্যৰ তাপ দিনৰ ভাগত অধিক পৰিমাণে তাৰ মাজেৰে পাৰ হৈ অহাত বাধা দিয়ে৷ তেনেদৰে ৰাতি কোনো গ্ৰহৰ পৃষ্ঠাৰপৰা প্ৰতিফলিত তাপ মহাকাশলৈ ওলাই যোৱা প্ৰক্ৰিয়া মন্থৰ কৰে।

সেয়ে চন্দ্ৰৰ চাৰিওফালে বায়ুমণ্ডল নথকাৰ কাৰণে ই দিনৰ ভাগত অতিপাত গৰম হয় আৰু ৰাতিৰ ভাগত অতিপাত শীতল হৈ পৰে।

প্রশ্ন 18 : দিনৰ ভাগত সাগৰৰ পানীৰ পৃষ্ঠাৰপৰা মাটিভাগলৈ বতাহ বোৱাৰ কাৰণ কি? বা, জলবতাহ কি?

উত্তৰ : মাটি পানীতকৈ সোনকালে উত্তপ্ত হয়। সেয়ে দিনৰ ভাগত মাটি পানীৰ তুলনাত সোনকালে উত্তপ্ত হোৱাৰ ফলত মাটিৰ ওপৰৰ বায়ুত উত্তপ্ত হৈ পাতল হয়। এইপাতল বায়ু ওপৰলৈ উঠাৰ ফলত মাটিৰ ওপৰত নিম্ন চাপৰ সৃষ্টি হয় আৰু সেয়ে পানীৰ পৃষ্ঠৰ ওপৰব শীতল বায়ু মাটিৰ ফাললৈ গতি কৰিবলৈ ধৰে। ইয়াকে জল বতাহ বোলে।

প্রশ্ন 19 : ৰাতিৰ ভাগত মাটিৰপৰা সাগৰৰ পৃষ্ঠলৈ বতাহ বোৱাৰ কাৰণ কি ? বা, স্থলবতাহ কি ?

উত্তৰ : মাটি পানীতকৈ সোনকালে গৰম হোৱাৰ লগতে সোনকালে শীতলো হয়। সেয়ে ৰাতিৰ ভাগত সাগৰৰ পাৰৰ মাটি সোনকালে শীতল হোৱাৰ বিপৰীতে সাগৰৰ পৃষ্ঠাৰ ওপৰভাগ তুলনামূলকভাৱে উষ্ণতৰ হৈ থাকে। ইয়াৰ ফলত সাগৰৰ পৃষ্ঠাৰ ওপৰত নিম্ন চাপৰ সৃষ্টি হয় আৰু মাটিৰ ফালৰপৰা সাগৰৰ পৃষ্ঠলৈ প্ৰবাহিত হ’বলৈ ধৰে। ইয়াকে স্থলবতাহ বোলে।

প্রশ্ন 20: বতাহ সৃষ্টিৰ তিনিটা কাৰক উল্লেখ কৰা।

উত্তৰ: বতাহ সৃষ্টিৰ তিনিটা কাৰক হ’ল—

(i) পৃথিৱীপৃষ্ঠৰ ৱিভিন্ন ঠাইৰ বায়ুমণ্ডলৰ অসমান উত্তাপন।

(ii) পৃথিৱীৰ ঘূর্ণন।

(iii) বতাহৰ পথত পর্বতশ্রেণীৰ অৱস্থান।

প্রশ্ন 21 : কোনো এটুকুৰা মাটিত কেনেধৰণৰ উদ্ভিদৰ বৃদ্ধি আৰু বিকাশ সম্ভৱপৰ হ’ব, সেই কথা মাটি টুকুৰাৰ কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে?

উত্তৰ : কোনো এটুকুৰা মাটিত কেনেধৰণৰ উদ্ভিদৰ বৃদ্ধি আৰু বিকাশ সম্ভৱপৰ হ’ব, সেই কথা নিৰ্ভৰ কৰা মাটি টুকুৰাৰ কাৰকবোৰ হ’ল—

(i) মাটিত থকা পোষক দ্রব্য

(ii)হিউমাছৰ পৰিমাণ

(iii) মাটিৰ গভীৰতা।

প্রশ্ন 22 :সামুদ্রিক জীৱসমূহক মাটিয়ে কেনেদৰে সহায় কৰে?

উত্তৰ: যেতিয়া পানী শিলৰ ফাঁক বা শিলৰ ওপৰেৰে বৈ যায়, তেতিয়া শিলত থকা বিভিন্ন খনিজ লৱণ পানীত দ্ৰৱীভূত হয়। সেয়ে এই খনিজ লৱণসমূহ নৈৰ পানীয়ে সাগৰলৈ কঢ়িয়াই নিয়ে আৰু এই খনিজ লৱণসমূহ সামুদ্রিক জীৱসমূহে বিভিন্ন পোষক দ্রব্য হিচাপে গ্ৰহণ কৰে। এনেদৰে সামুদ্রিক জীৱসমূহক মাটিয়ে সহায় কৰে।

প্রশ্ন 23 : সেউজ গৃহ কি ?

উত্তৰ : কাঁচে তাপ ধৰি ৰাখিব পাৰে। সেয়ে কাঁচৰ বন্ধ পাত্ৰ এটাৰ ভিতৰত বাহিৰৰ পৰিৱেশতকৈ উষ্ণতা বেছি হয়। এই পৰিঘটনাটোক ব্যৱহাৰ কৰি শীতল জলবায়ু অঞ্চলত কিছুমান উদ্ভিদক উষ্ণ কৰি ৰাখিবলৈ কাঁচৰ ডাঙৰ পাত্ৰ একোটাত উদ্ভিধসমূহ ৰখা হৈছিল। এই পাত্রসমূহকে সেউজ গৃহ বোলে।

প্রশ্ন 24 : গোলকীয় উত্তাপন (Global Warming) কি ?

উত্তৰ: পৃথিৱীৰ বায়ুমণ্ডলত মানুহৰ বিভিন্ন ক্ৰিয়া-কলাপৰ ফলত সেউজ গৃহ গেছবোৰৰ পৰিমাণ অত্যধিক হাৰত বৃদ্ধি পোৱাৰ বাবে পৃথিৱীৰ উপৰিভাগৰ উষ্ণতা অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে। এই পৰিঘটনাকে গোলকীয় উত্তাপন বোলে।

প্রশ্ন 25: অ’জনে আমাক কেনেদৰে সহায় কৰে?

উত্তৰ: বায়ুমণ্ডলৰ ওপৰৰ স্তৰত অ’জ’নে সূৰ্যৰ হানিকাৰক অতিবেঙুনীয়া ৰশ্মি শোষণ কৰে। সেয়ে এনে ৰশ্মিয়ে পৃথিৱীৰ উপৰিভাগ ঢুকি নাপায় আৰু পৃথিৱীৰ জীৱসমূহ এনে হানিকাৰক বিকিৰণৰ কু-প্ৰভাৱৰ পৰা ৰক্ষা পৰে। এনেদৰে অ’জনে আমাক সহায় কৰে।

সোনকালে গৰম হয়, সেয়ে মাটিৰ ওপৰৰ বায়ুও পানীৰ পৃষ্ঠৰ ওপৰৰ বায়ুতকৈ সোনকালে গৰম হয়। সেয়ে সমুদ্রতীৰ অঞ্চলত দিনৰ ভাগত মাটিৰ ওপৰৰ বায়ু সোনকালে গৰম হৈ ওপৰলৈ উঠিবলৈ ধৰে। ইয়াৰ ফলত মাটিৰ ওপৰত এক নিম্নচাপ অঞ্চলৰ সৃষ্টি হয় আৰু সাগৰ পৃষ্ঠৰ ওপৰৰ বায়ু এনে নিম্ন চাপ অঞ্চললৈ প্ৰৱাহিত হ’বলৈ ধৰে। আনুহাতে ৰাতিৰ ভাগত মাটি সোনকালে শীতল হোৱাৰ বিপৰীতে পানী লাহে লাহে শতীল হয়। সেয়ে পানীৰ পৃষ্ঠৰ ওপৰৰ বায়ু মাটিৰ ওপৰৰ বায়ুতকৈ বেছি উষ্ণ হৈ থাকে।

ইয়াৰ ফলত ৰাতিৰ ভাগত সাগৰ পৃষ্ঠৰ ওপৰত নিম্ন চাপ অঞ্চলৰ সৃষ্টি হয় আৰু মাটিৰ ফালৰপৰাসাগৰৰ ফাললৈ বায়ু প্ৰৱাহিত হয়। এনেদৰে পৃথিৱীৰ উপৰিভাগৰ অসমান উত্তাপনৰ বাবে পৃথিৱীপৃষ্ঠত বতাহৰ সৃষ্টি হয়।

প্রশ্ন 31:বতাহৰ সৃষ্টিৰ লগত জড়িত তিনিটা কাৰক কি কি?

উত্তৰ: বতাহৰ সৃষ্টিৰ লগত জড়িত তিনিটা কাৰক হ’ল—

(ক) পৃথিৱীৰ উপৰিভাগৰ বিভিন্ন অঞ্চলৰ অসমান উত্তাপন।

(খ) পৃথিৱীৰ নিজ অক্ষত ঘূর্ণন।

(গ) বতাহৰ পথত পর্বতশ্রেণীৰ উপস্থিতি।

প্রশ্ন 32: বৰষুণৰ সৃষ্টি কেনেদৰে হয়?

উত্তৰ : যেতিয়া সূৰ্যৰ তাপত দিনৰ ভাগত জলাশয়ৰ পানী তপত হয়, তেতিয়া এক বৃহৎ পৰিমাণৰ জলীয় বাষ্পৰ সৃষ্টি হয় আৰু ই বায়ুমণ্ডলৰ বায়ুৰ লগত মিহলি হয় ৷ যেতিয়া গৰম বায়ু ওপৰলৈ উঠে, ই লগতে যথেষ্ট পৰিমানৰ জলীয় বাষ্পও কঢ়িয়াই নিয়ে।

বায়ুমণ্ডলৰ ওপৰৰ স্তৰত এই বায়ুৰ প্ৰসাৰণ ঘটি ই শীতল হয়। ইয়াৰ ফলত বায়ুৰ লগত থকা জলীয় বাষ্পখিনিৰ ঘনীভৱন ‘ঘটি ই সৰু সৰু পানীৰ টোপাললৈ পৰিৱৰ্তিত হয়। এই সৰু সৰু পানীৰ টোপালসমূহ ইটোৱে সিটোৰ লগ লাগি বা অধিক ঘনীভৱনৰ ফলত ডাঙৰ ডাঙৰ টোপালৰ সৃষ্টি কৰে। যেতিয়া এই টোপালবোৰ আকাৰত ডাঙৰ হৈ গধুৰ হৈ পৰে, তেতিয়া ইহঁতে বৰষুণ হিচাপে পৃথিৱীপৃষ্ঠলৈ নামি আহে।

প্রশ্ন 33:বায়ুমণ্ডলত জলীয় বাষ্প যোগান ধৰা তিনিটা প্ৰক্ৰিয়া উল্লেখ কৰা।

উত্তৰ : বায়ুমণ্ডলত জলীয় বাষ্প যোগান ধৰা তিনিটা প্ৰক্ৰিয়া হ’ল—

(ক) দিনৰ ভাগত পৃথিৱীপৃষ্ঠৰ জলাশয়ৰ পৰা বাষ্পীভৱন ঘটাৰ ফলত যথেষ্ট পৰিমাণৰ জলীয় বাষ্প বায়ুমণ্ডলত যোগ হয়।

(খ) জীৱসমূহে শ্বসন কাৰ্য সংঘটিত কৰাৰ ফলত জলীয় বাষ্প উৎপন্ন হয় যি নিশ্বাসেৰে ওলাই আহি বায়ুমণ্ডলত যোগ হয়।

(গ) উদ্ভিদে দেহৰ অতিৰিক্ত পানীভাগ জলীয় বাষ্পৰ ৰূপত পত্ৰৰন্ধ্ৰেৰে বায়ুমণ্ডললৈ, এৰি দিয়ে। এই প্ৰক্ৰিয়াক প্রস্বেদন বা বাষ্পমোচন বোলে।

প্রশ্ন 34 : বৰফ, হিমবৃষ্টি আৰু শিলাবৃষ্টি কেনেদৰে হয়?

উত্তৰ : পৃথিৱীৰ পৃষ্ঠৰ পৰা ওপৰলৈ যোৱা বায়ুৰ শীতলীকৰণৰ ফলত তাৰ লগত থকা জলীয় বাষ্পভাগ ঘনীভূত হৈ সৰু সৰু পানীৰ টোপাললৈ পৰিণত হয়। পিছত এই সৰু সৰু টোপালবোৰৰ পুনৰ ঘনীভৱন ঘটি ডাঙৰ ডাঙৰ টোপালৰ সৃষ্টি কৰে আৰু ইহঁত

গধুৰ হ’লে বৰষুণৰ ৰূপত তললৈ নামি আহে। কিন্তু কেতিয়াবা বায়ুৰ উষ্ণতা অতিপাত কম হ’লে, এই ঘনীভূত পানীৰ কণিকাসমূহ গোট মাৰি বৰফ, হিমবৃষ্টি বা শিলাবৃষ্টি রূপে পৃথিৱীলৈ নামি আহে ।

প্রশ্ন 35 : জীৱাশ্ম ইন্ধনৰ দহনে’ কেনেদৰে বায়ু প্ৰদূষিত কৰে?

উত্তৰ : জীৱাশ্ম ইন্ধনৰ দহনে দুই ধৰণে বায়ু প্ৰদূষিত কৰে। যেনে—

(ক) জীৱাশ্ম ইন্ধন যেনে কয়লা আৰু পেট্ৰলিয়ামৰ দহনৰ ফলত নাইট্ৰ’জেন আৰু ছালফাৰ অক্সাইড উৎপন্ন হয়। এই গেছবিলাক স্বাস্থ্যৰ বাবে হানিকাৰক হোৱাৰ উপৰিও ইহঁতে বৰষুণৰ পানীত দ্ৰৱীভূত হৈ এছিড বৰষুণ হিচাপে তললৈ নামি আহে। এনে এছিড বৰষুণ উদ্ভিদ আৰু প্ৰাণীসমূহৰ বাবে ক্ষতিকাৰক।

(খ) জীৱাশ্ম ইন্ধনৰ দহনৰ ফলত কিছুমান হানিকাৰক কণিকা উৎপন্ন হৈ বায়ুমণ্ডলত ভাঁহি থাকে। এনে কণিকাসমূহ অদাহ্য কার্বন কণিকা বা হাইড্রকার্বন নামৰ এক জাতীয় পদাৰ্থ হ’ব পাৰে। এনে কণিকাসমূহ:বায়ুমণ্ডলত উপস্থিতিৰ বাবে দূৰৰ বস্তু ভালদৰে দেখাত ব্যাঘ্যাত জন্মাৰ উপৰিও এনে কণিকা সেৱনৰ বাবে মানুহৰ এলাৰ্জি, কৰ্কট ৰোগ আৰু হৃদৰোগ হোৱাৰ সম্ভাৱনা বাঢ়ে।

প্রশ্ন 36: পানীক কিয় ‘বিস্ময় তৰল’ আখ্যা দিয়া হয়?

উত্তৰ : পানী জীৱৰ বাবে এক অত্যাৱশ্যকীয় সম্পদ। পানী অবিহনে জীৱৰ জীৱন ধাৰণ সম্ভৱপৰ নহয়। পানীয়ে সকলো জীৱৰে জীৱন-প্ৰণালীক বিভিন্ন দিশেৰে প্ৰভাৱিত কৰে যদিও জীৱক জীয়াই থাকিবলৈ পানীৰ অত্যাৱশ্যকীয়তা দুটা কাৰণত সৰ্বাধিক। সেই দুটা হ’ল—

(ক) জীৱকোষত সংঘটিত হোৱা সকলো জৈৱৰাসায়নিক বিক্রিয়াই পানীত দ্ৰৱীভূত হৈ থকা পদাৰ্থসমূহৰ মাজতহে সংঘটিত হ’ব পাৰে।

(খ) জীৱৰ শৰীৰৰ এটা অংশৰপৰা আন এটা অংশলৈ বিভিন্ন দ্ৰব্যৰ পৰিবহন মাথো পানীৰ মাধ্যমতহে দ্ৰৱণীয় অৱস্থাত সম্ভৱপৰ হয়। এনেবোৰ কাৰণতে পানীক ‘বিস্ময় তৰল’ আখ্যা দিয়া হয়।

প্রশ্ন 37: পানী প্ৰদূষিত কৰাৰ বাবে দায়ী মানবীয় কার্যকলাপ তিনিটাৰ উদাহৰণ দিয়া। বা, কি কি কাৰণত পানী প্ৰদূষিত হ’ব পাৰে?

উত্তৰ: তলত দিয়া মানুহৰ কাৰ্য-কলাপবোৰৰ দ্বাৰা পানী প্ৰদূষিত হ’ব পাৰে–

(ক) আমি খেতিপথাৰত ব্যৱহাৰ কৰা ৰাসায়নিক সাৰ আৰু কীটনাশকসমূহ বৰষুণৰ পানীত উটি গৈ জলাশয়সমূহত পৰি তাৰ পানী প্ৰদূষিত কৰে।

(খ) চহৰবোৰৰপৰা নিৰ্গত দূষিত পানী আৰু কল-কাৰখানাৰ পৰা ওলোৱা হানিকাৰক বর্জনীয় পদার্থসমূহ নদ-নদী বা হ্রদত পেলোৱাৰ ফলত তাৰ পানী প্ৰদূষিত হয়।

(গ) কিছুমান বিশেষ উদ্যোগে বিভিন্ন প্রক্রিয়াত পানীক শীতলীকৰণ দ্রব্য হিচাপে ব্যৱহাৰ কৰি পিছত সেই গৰম পানী জলাশয়ত এৰি দিয়ে। তেনেদৰে নদী বান্ধসমূহৰ পৰাও সময়ে সময়ে গৰম পানী জলাশয়ত এৰি পানীৰ উষ্ণতাৰ পৰিৱৰ্তন কৰা হয়। এনে ধৰণৰ পানী প্ৰদূষণৰ ফলত জলজ উদ্ভিদ আৰু প্ৰাণীসমূহৰ ক্ষতি সাধন হয়।

প্রশ্ন 38 : পানীৰ উষ্ণতাৰ পৰিৱৰ্তনৰ দ্বাৰা পানী প্ৰদূষিত কৰা দুটা মানুহৰ ক্রিয়া- কলাপৰ উদাহৰণ দিয়া।

উত্তৰ: পানীৰ উষ্ণতাৰ পৰিৱৰ্তনৰ দ্বাৰা পানী প্ৰদূষিত কৰা মানুহৰ দুটা কার্যকলাপ হ’ল—

(ক) কিছুমান বিশেষ উদ্যোগে পানীক শীতলীকৰণ দ্রব্য হিচাপে ব্যৱহাৰ কৰে আৰু পিছত সেই গৰম পানী জলাশয়বোৰত এৰি দি তাৰ পানীৰ উষ্ণতা পৰিৱৰ্তন কৰে।

(খ) নদী বান্ধবোৰৰ পৰা সময়ে সময়ে গৰম পানী জলাশয়বোৰত এৰি দিয়াৰ ফলতো পানীৰ উষ্ণতাৰ পৰিৱৰ্তন ঘটে।

প্রশ্ন 39 : পানীৰ উষ্ণতাৰ পৰিৱৰ্তনে জলজ জীৱৰ কেনেদৰে ক্ষতিসাধন কৰে?

উত্তৰ : পানীৰ উষ্ণতাৰ পৰিৱৰ্তনে জলজ জীৱসমূহৰ প্ৰজননত বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰে। কাৰণ বিভিন্ন জীৱৰ কণী আৰু পোনাবোৰৰ বিকাশ পানীৰ পৰিৱৰ্তিত উষ্ণতাই ক্ষতিগ্রস্ত কৰে।

প্রশ্ন 40: মাটি গঠনৰ প্ৰক্ৰিয়াটো চমুকৈ ব্যাখ্যা কৰা।

উত্তৰ : পৃথিৱী পৃষ্ঠৰ ওপৰত বা তাৰ নিচেই তলত থকা ডাঙৰ ডাঙৰ শিলাস্তৰবোৰত জীৱৰ বাবে অত্যাৱশ্যকীয় বিভিন্ন খনিজ পদার্থ আৱদ্ধ হৈ থাকে। বহু হেজাৰ বছৰ ধৰি চলা কেতবোৰ ভৌতিক, ৰাসায়নিক আৰু জৈৱিক প্ৰক্ৰিয়াৰ দ্বাৰা এই ডাঙৰ ডাঙৰ শিলাস্তৰসমূহ ভাঙি সৰু সৰু খণ্ডলৈ বিখণ্ডিত হয়।

এনে বিখণ্ডনৰ শেষ পৰিণতি হিচাপে মাটিৰ ক্ষুদ্র ক্ষুদ্র কণিকাসমূহৰ সৃষ্টি হয়। পিছত এই কণিকাসমূহৰ লগত বিভিন্ন জৈৱিক পদাৰ্থৰ অপচয় আৰু অণুজীৱসমূহ মিহলি হৈ ভিন্ন প্ৰকাৰৰ মাটিৰ গঠন হয়।

প্রশ্ন 41: মাটিৰ গঠন প্ৰক্ৰিয়াত সূৰ্যৰ প্ৰভাৱৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ: মাটিৰ গঠন প্ৰক্ৰিয়াত সূৰ্যই প্ৰভাৱ বিস্তাৰ কৰে। সূৰ্যৰ তাপত দিনৰ ভাগত শিলাস্তৰ উত্তপ্ত হোৱা বাবে তাৰ প্ৰসাৰণ ঘটে। আনহাতে ৰাতি এই শিলাস্তৰসমূহ শীতলহোৱাৰ ফলত সিহঁতৰ সংকোচন ঘটে। কিন্তু শিলাস্তৰৰ প্ৰতিটো অংশই সমহাৰত প্ৰসাৰিত আৰু সংকুচিত নহয় বাবে সময়ত শিলাস্তৰসমূহত ফাঁকৰ সৃষ্টি হয় আৰু পিছত এই শিলাস্তৰসমূহ ফাটি গৈ সৰু সৰু খণ্ডলৈ ৰূপান্তৰিত হয়।

প্রশ্ন 42 : হিউমাছ কি? ই মাটিৰ গঠনত কেনেদৰে প্ৰভাৱ পেলায় ?

উত্তৰ: উদ্ভিদ আৰু প্ৰাণীৰ দেহ গেলি-পচি যোৱাৰ পিছত যি অপচয়ৰ সৃষ্টি হৈ মাটিৰ লগত মিহলি হৈ যায়, তাকে হিউমাছ বোলে।

হিউমাছে মাটিৰ গঠনত নিৰ্ণায়ক ভূমিকা লয়। কাৰণ হিউমাছে মাটিক ৰন্ধ্ৰযুক্ত কৰি মাটিৰ গভীৰলৈ পানী আৰু বায়ু সোমাই যোৱাত সুবিধা কৰি দিয়ে।

প্রশ্ন 59 : খেতিপথাৰত ব্যৱহাৰ হোৱা ৰাসায়নিক সাৰ আৰু কীটনাশক মাটি প্ৰদূষণত কেনেদেৰ গুৰুত্বপূৰ্ণ ভূমিকা লয়?

উত্তৰ : খেতিপথাৰত ব্যৱহাৰ হোৱা ৰাসায়নিক সাৰ আৰু কীটনাশকে মাটি প্ৰদূষণত এক গুৰুত্বপূর্ণ ভূমিকা লয়। কাৰণ এনেবোৰ পদাৰ্থ খেতিপথাৰত অত্যধিক পৰিমাণে ব্যৱহাৰ কৰাৰ ফলত ইহঁতে মাটিত থকা উপকাৰী অণুজীৱসমূহক ধ্বংস কৰে। এই অণুজীৱসমূহে মাটিৰ অত্যাৱশ্যকীয় পোষক দ্রব্যসমূহৰ যোগান ধৰে আৰু ইহঁত ধ্বংস

হোৱাৰ ফলত মাটিৰ গঠনৰ ক্ষতিসাধন হয়। তেনেদৰে ৰাসায়নিক সাৰ আৰু কীটনাশকসমূহে মাটিত থকা কেঁচুসমূহক মাৰি পেলায়। কেঁচুবোৰে হিউমাছ সৃষ্টিত অৰিহণা যোগায় বাবে ইহঁতৰ মৃত্যুৰ ফলত মাটিৰ উৰ্বৰতা কমি যায়।

প্রশ্ন 43 : জলচক্র কাক বোলে? জলচক্ৰৰ প্ৰক্ৰিয়াটো চমুকৈ বুজাই লিখা।

উত্তৰ : যি প্ৰক্ৰিয়াৰ দ্বাৰা পানীৰ বাষ্পীভৱন ঘটাৰ পিছত ই পুনৰ বৰষুণ হিচাপে পৃথিৱীলৈ নামি আহি নদীসমূহৰ দ্বাৰা সাগৰলৈ উভতি যায়, তাকে জলচক্র বোলে।

জলচক্ৰৰ প্ৰক্ৰিয়া: সূৰ্যৰ তাপৰ প্ৰভাৱত পৃথিৱীৰ উপৰিভাগৰ পানীভাগৰ বাষ্পীভৱন ঘটাৰ ফলত যথেষ্ট পৰিমাণৰ জলীয় বাষ্প বায়ুমণ্ডলত যোগ হয়। উদ্ভিদৰ প্ৰস্বেদন আৰু জীৱসমূহৰ শ্বসনৰ ফলতো কিছু পৰিমাণৰ জলীয় বাষ্প সৃষ্টি হৈ বায়ুমণ্ডললৈ যায়। এই জলীয় বাষ্পই বায়ুণ্ডলৰ ওপৰৰ স্তৰত ঘনীভূত হৈ ডাৱৰৰ সৃষ্টি কৰে, যি পিছত বৰষুণৰ ৰূপত পুনৰ পৃথিৱীলৈ নামি আহে। এই পানীভাগৰ বেছি অংশই নদীৰ দ্বাৰা গৈ সাগৰত পৰে আৰু কিছু অংশ মাটিৰ দ্বাৰা শোষিত হৈ ভূ-গৰ্ভস্থ জললৈ পৰিণত হয়।

পিছত এই ভূ-গর্ভস্থ জল শিপাৰ দ্বাৰা উদ্ভিদে গ্ৰহণ কৰাৰ লগতে মানুহেও কুঁৱা, দমকল আদিৰ জৰিয়তে এই পানী পৃথিৱীৰ পৃষ্ঠলৈ তুলি আনে । এনেদৰে জলচক্ৰত পানী বিভিন্ন ৰূপত পৃথিৱীৰ আৰু বায়ুমণ্ডলৰ মাজেৰে নিৰন্তৰ অহা-যোৱা কৰি থাকে৷

প্রশ্ন 44 : সকলো জীৱৰ বাবে নাইট্ৰ’জেন কিয় এক আৱশ্যকীয় মৌল?

উত্তৰ: নাইট্ৰ’জেন গেছে বায়ুমণ্ডলৰ মুঠ আয়তনৰ 78% দখল কৰি আছে। নাইট্ৰ জৈন মৌল জীৱৰ বাবে প্ৰয়োজনীয় বিভিন্ন অণু যেনে প্র’টিন, নিউক্লিক এছিড (DNA আৰু RNA) আৰু বিভিন্ন প্ৰকাৰৰ ভিটামিনৰ এক উল্লেখযোগ্য উপাদান। ইয়াৰ উপৰিও নাইট্ৰ জৈন আন কিছুমান গুৰুত্বপূৰ্ণ জৈৱ পদার্থ যেনে এলকালয়ড আৰু ইউৰিয়াতো থাকে। এনেবোৰ কাৰণত জীৱৰ বাবে নাইট্ৰজেন এক অত্যাৱশ্যকীয় মৌল।

প্রশ্ন 45: নাইট্ৰ’জেনৰ স্থিৰীকৰণ বুলিলে কি বুজা? নাইট্ৰ’জেনৰ স্থিৰীকৰণ হোৱাৰ প্ৰক্ৰিয়াবোৰ কি কি?

উত্তৰ : বায়ুমণ্ডলীয় নাইট্ৰ’জেন কিছুমান বিশেষ কাৰকৰ প্ৰভাৱত নাইট্রেট আৰু নাইট্রাইটলৈ পৰিৱৰ্তিত হোৱা প্ৰক্ৰিয়াটোকে নাইট্ৰ’জেন স্থিৰীকৰণ বোলা হয়। নাইট্ৰ’জেনৰ স্থিৰীকৰণ হোৱাৰ প্ৰক্ৰিয়া দুটা হ’ল-

(ক) নাইট্ৰ ‘জৈন স্থিৰীকৰণ বেক্টেৰিয়াৰ দ্বাৰা: কিছুমান মুক্তভাৱে থকা আৰু কিছুমান পৰাশ্রয়ী বেক্টেৰিয়াই বায়ুমণ্ডলীয় নাইট্ৰ’জেনক স্থিৰীকৰণ কৰি নাইট্রেট আৰু নাইট্রাইটলৈ পৰিৱৰ্তিত কৰে। পৰাশ্রয়ীভাৱে জীয়াই থকা এনে এবিধ বেক্টেৰিয়া হ’ল ৰাইয’বিয়াম বেক্টেৰিয়া যাক মাহজাতীয় শস্যৰ শিপাত থকা টেমুনাবোৰত পোৱা যায়।

(খ) বিজুলী ঢেকেনিৰ দ্বাৰা : বিজুলী-ঢেকেনিৰ সময়ত সৃষ্টি হোৱা উচ্চ চাপ আৰু উষ্ণতাৰ বাবে বায়ুমণ্ডলত থকা নাইট্ৰ’জেন নাইট্ৰ’জেনৰ অক্সাইডলৈ পৰিৱৰ্তিত হয়। পিছত এই অক্সাইডসমূহ বৰষুণৰ পানীত দ্ৰৱীভূত হৈ তললৈ নামি আহি মাটিৰ লগত মিহলি হয়। পিছত মাটিৰ পৰা ইহঁতক নাইট্রাইট আৰু নাইট্রেট হিচাপে উদ্ভিদে শোষণ কৰে।

প্রশ্ন 46: জীৱৰ বাবে কার্বন কিয় গুৰুত্বপূর্ণ?

উত্তৰ : জীৱৰ বাবে কাৰ্বনৰ গুৰুত্ব অপৰিসীম। জীৱৰ ক্ষেত্ৰত কাৰ্বনৰ প্ৰয়োজনীয়তা সমূহ হ’ল-

(ক) সকলো জীৱৰে দেহ গঠনকাৰী জৈৱিক অণুসমূহৰ এটা উল্লেখযোগ্য উপাদান হ’ল কাৰ্বন। জীৱৰ বাবে গুৰুত্বপূৰ্ণ যৌগসমূহ যেনে কার্বহাইড্রেট, প্রটিন, লিপিড, নিউক্লিক এছিড (DNA আৰু RNA) আৰু ভিটামিনসমূহৰ এটা মুখ্য উপাদান হ’ল কার্বন।

(খ) বহুতো প্ৰাণীৰ অন্তঃকংকাল আৰু বহিঃকংকাল কার্বনযুক্ত কার্বনেট লৱনৰ দ্বাৰা গঠিত হয়।

প্রশ্ন 47: সেউজ গৃহ প্ৰভাৱ কাক বোলে?

উত্তৰ : কাঁচে তাপ ধৰি ৰাখিব পাৰে। সেয়ে শীতল জলবায়ুত কিছুমান উদ্ভিদক অতিপাত শীতৰ পৰা বচাবলৈ কিছুমান কাঁচৰ ডাঙৰ বন্ধ পাত্ৰত এই উদ্ভিদসমূহক ৰখা হৈছিল। এই পাত্ৰসমূহক সেয়ে সেউজ গৃহ বোলা হয়। কাঁচৰ দৰে বায়ুমণ্ডলত থকা কিছুমান গেছেও তাপ ধৰি ৰাখিব পাৰে আৰু ইহঁতে পৃথিৱীৰ পৃষ্ঠৰপৰা প্ৰতিফলিত তাপক মহাকাশলৈ যোৱাৰ পৰা বিৰত ৰাখে। বায়ুমণ্ডলত এনে গেছৰ উপস্থিতি বৃদ্ধি পোৱাৰ ফলত পৃথিৱীৰ উষ্ণতাও বৃদ্ধি পাইছে। এই পৰিঘটনাটোক সেউজ গৃহ প্ৰভাৱ বোলে।

প্রশ্ন 48: অক্সিজেন জীৱৰ বাবে কিয় প্রয়োজনীয় ?

উত্তৰ : অক্সিজেন জীৱৰ বাবে বিভিন্ন কাৰণত অতিকৈ প্ৰয়োজনীয়। যেনে—

(ক) সকলো জীৱই শ্বসন কাৰ্যৰ বাবে অক্সিজেন ব্যৱহাৰ কৰে।

(খ) অক্সিজেনে জুই জ্বলাত সহায় কৰে।

(গ) জীৱৰ বাবে প্রয়োজনীয় বিভিন্ন জৈৱ যৌগ যেনে কার্বহাইড্রেট, প্রটিন, লিপিড আৰু নিউক্লিক এছিড (DNA আৰু RNA) আদিৰ অক্সিজেন এটা প্রধান উপাদান।

প্রশ্ন 49 : অ’জন স্তৰৰ অৱক্ষয় বুলিলে কি বুজা?

উত্তৰ: পৃথিৱীৰ বায়ুমণ্ডলৰ ওপৰৰ অ’জন নামৰ এবিধ তিনিটা অক্সিজেন পৰমাণুযুক্ত তাণু পোৱা যায়। অ’জ’ন এবিধ বিষাক্ত গেছ আৰু বায়ুমণ্ডলৰ একেবাৰে ওপৰৰ ফালেহে স্থিৰ অৱস্থাত ইয়াক পাব পাৰি। অ’জনৰ এক বিশেষ উল্লেখযোগ্য ভূমিকা হ’ল যে ই সূর্যব হানিকাৰক অতি বেঙুনীয়া ৰশ্মি শোষণ কৰিব পাৰে ইয়াৰ ফলত এনে ৰশ্মি পৃথিৱীৰ পৃষ্ঠ ঢকি নাপায় আৰু জীৱজগতে তাৰ কু-প্ৰভাৱৰ পৰা ৰক্ষা পরে।

কিন্তু আধুনিক কালত ক্ল’ৰফ্ল’ৰ’ কাৰ্বন (CFC) নামৰ এবিধ পদাৰ্থৰ ব্যৱহাৰৰ ফলত অ’জ’ন স্তৰৰ ক্ষতিসাধন হৈছে। কাৰণ বায়ুমণ্ডললৈ নিৰ্গত CFC নামব পদাৰ্থবিধে ওপৰলৈ গৈ অ’জ’নৰ সৈতে বিক্ৰিয়া কৰি অ’জ’নৰ পৰিমাণ কমায়। ইয়াকে অ’জ’ন স্তৰৰ অৱক্ষয় বোলে।

প্রশ্ন 51 : চমুটোকা লিখা :

(ক) নাইট্ৰ জৈন চক্র কার্বন চক্র (গ) অক্সিজেন চক্র

উত্তৰ:

(ক) নাইট্ৰজেন চক্রঃ এই চক্ৰত বায়ুমণ্ডলীয় নাইট্ৰ’জেন কিছুমান বেক্টেৰিয়াৰ সহায়ত আৰু বিজুলী ঢেৰেকণিৰ প্ৰভাৱত নাইট্ৰেট আৰু নাইট্ৰাইটলৈ পৰিৱৰ্তিত হয়। এই নাইট্রেট আৰু নাইট্ৰাইট উদ্ভিদে মাটিৰ পৰা গ্ৰহণ কৰি সিহঁতৰ পৰা এমিন’ এছিড উৎপন্ন কৰে, যাৰ দ্বাৰা পিছত প্ৰ’টিন আৰু অন্য যৌগ উৎপন্ন হয়। উদ্ভিদ দেহৰ পৰা এই প্ৰ’টিন আৰু আন যৌগসমূহ প্ৰাণীৰ শৰীৰলৈ যায়। পিছত কোনো উদ্ভিদ বা প্ৰাণীৰ মৃত্যু হ’লে,

এই নাইট্ৰ’জেন জাতীয় পদার্থসমূহক মাটিত থকা কিছুমান বেক্টেৰিয়াই পুনৰ নাইট্রেট আৰু নাইট্রাইটলৈ পৰিৱৰ্তন কৰে। আন কিছুমান বেক্টেৰিয়াই নাইট্রেট আৰু নাইট্রাইটসমূহ নাইট্রোজেন মৌললৈ ৰূপান্তৰিত কৰি পুনৰ বায়ুমণ্ডললৈ এৰি দিয়ে। এনেদৰে বায়ুমণ্ডলীয় নাইট্ৰ’জেন কিছুমান অণু আকাৰে প্ৰথমে মাটি আৰু পানীলৈ আৰু পিছত জীৱৰ দেহলৈ গৈ পুনৰ বায়ুমণ্ডললৈ ঘূৰি অহা চক্ৰীয় প্ৰক্ৰিয়াটোকে নাইট্ৰ’জেন চক্র বোলে।

(খ) কার্বন চক্রঃ কার্বনক কাৰ্ব-ডাই-অক্সাইডৰ ৰূপত সেউজীয়া উদ্ভিদে গ্ৰহণ কৰি সালোক- সংশ্লেষণৰ দ্বাৰা গ্লুক’জ উৎপন্ন কৰে। এই গ্লুক’জ জীৱই গ্ৰহণ কৰি শ্বসন কাৰ্যৰ দ্বাৰা শক্তি উৎপন্ন কৰে। এই কাৰ্যত কার্বন-ডাই-অক্সাইড উৎপন্ন হয় যি পুনৰ বায়ুমণ্ডললৈ উভতি যায়। এনেদৰে কাৰ্বন মৌল কার্বন-ডাই-অক্সাইডৰ ৰূপত বিভিন্ন ভৌতিক আৰু জৈৱিক প্ৰক্ৰিয়াৰে পুনৰ বায়ুমণ্ডললৈ উভতি যোৱাৰ চক্ৰীয় প্ৰক্ৰিয়াটোক কার্বন চক্র’ বোলে।

(গ) অক্সিজেন চক্র: বায়ুমণ্ডলৰ অক্সিজেন দহন, শ্বসন আৰু নাইট্ৰ’জেনৰ অক্সাইড গঠনত মূলতঃ ব্যৱহৃত হয়। এই অক্সিজেন সেউজীয়া উদ্ভিদৰ সালোক-সংশ্লেষণ প্রক্রিয়াত উৎপন্ন হৈ পুনৰ বায়ুমণ্ডললৈ উভতি যায়। এনেদৰে বায়ুমণ্ডলৰ অক্সিজেন বিভিন্ন ভৌতিক আৰু জৈৱিক প্ৰক্ৰিয়াৰ মাজেৰে পুনৰ বায়ুমণ্ডললৈ উভতি যোৱা চক্রীয় প্রক্রিয়াটোক অক্সিজেন চক্র বোলে।

Conclusion:

আমি বিশ্বাস কৰোঁ যে এই টোকাবোৰে শিক্ষাৰ্থীসকলক বিষয়বোৰৰ বিষয়ে ভালদৰে বুজাবুজি বিকশিত কৰাত আৰু তেওঁলোকৰ পৰীক্ষাৰ বাবে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰিব।

আমি নিশ্চিত যে এই টোকাবোৰে শিক্ষাৰ্থীসকলক তেওঁলোকৰ লক্ষ্য প্ৰাপ্ত কৰাত আৰু তেওঁলোকৰ শৈক্ষিক প্ৰদৰ্শন বৃদ্ধি কৰাত সহায় কৰিব। যদি আপুনি এই প্ৰবন্ধটো ভাল পায় আৰু সহায়ক হয় তেন্তে আপোনাৰ বন্ধুবৰ্গৰ সৈতে Share কৰিবলৈ নাপাহৰিব।

1 thought on “Class 9 Science Chapter 14 | প্রাকৃতিক সম্পদ | Question Answer| SEBA”

Leave a Comment

error: Content is protected !!