Class 9 Science Chapter 13 |আমি অসুস্থ হওঁ কিয় Question Answer| SEBA

Class 9 Science Chapter 13 |আমি অসুস্থ হওঁ কিয় (Why do we fall ill) Question Answer| SEBA: আমাৰ ৱেবছাইটলৈ স্বাগতম! আপোনাৰ শৈক্ষিক যাত্ৰাৰ বাবে আপোনাক নবম শ্ৰেণীৰ Notes প্ৰদান কৰি আমি আনন্দিত।

আজি, এই প্ৰবন্ধটোত মই আপোনাৰ নবম শ্ৰেণীৰ জীৱৰ মৌলিক একক আমি অসুস্থ হওঁ কিয় (Why do we fall ill)” দীঘলয়া আৰু চুটি প্ৰশ্ন আলোচনা কৰিম| আমি প্ৰায় সকলো দীঘলয়া আৰু চুটি প্ৰশ্ন Solution প্ৰদান কৰিছোঁ।

আমাৰ লক্ষ্য হৈছে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰা। আমি ইয়াত বিনামূলীয়াকৈ Notes সমূহ প্ৰদান কৰিছো। আমি আপোনাক আগন্তুক পৰীক্ষাৰ বাবে শুভেচ্ছা জনাইছো। যদি আপোনাৰ কোনো সন্দেহ আছে তেন্তে আমাৰ সৈতে যোগাযোগ কৰক।

Class 9 Science Chapter 13 Question Answer:

প্রশ্নোত্তৰ

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন 1: স্বাস্থ্য বুলিলে কি বুজা?

উত্তৰ : স্বাস্থ্য মানে দৈহিক, মানসিক আৰু সামাজিক এক সুস্থ অৱস্থাক বুজায়।

প্রশ্ন 2ঃ ৰোগৰ উপসৰ্গৰ সংজ্ঞা দিয়া।

উত্তৰ: ৰোগৰ উপসৰ্গ হ’ল শৰীৰত হোৱা এনে কিছুমান অনুভৱ যিয়ে আমাৰ শৰীৰৰ ক্রিয়া-কলাপত জন্মা কোনো ব্যাঘাতৰ উমান দিয়ে।

প্রশ্ন 3 : একিউট ৰোগ কি?

উত্তৰ: যিবিলাক ৰোগে অতি কম সময়ৰ বাবে শৰীৰত দেখা দিয়ে, তেনে ৰোগক একিউট ৰোগ বোলে।

প্রশ্ন 4 : ক্ৰ’নিক ৰোগ কাক বোলে?

উত্তৰ : যিবিলাক ৰোগ দীর্ঘদিন ধৰি আনকি আজীৱন থাকে, তেনে ৰোগক ক্ৰ’নিক

প্রশ্ন 5: একিউট ৰোগৰ এটা উদাহৰণ দিয়া।

উত্তৰ : একিউট ৰোগৰ এটা উদাহৰণ হ’ল— পানী লগা ।

প্রশ্ন 6ঃ ক্ৰ’নিক ৰোগৰ দুটা উদাহৰণ দিয়া।

উত্তৰ : ক্ৰ’নিক ৰোগৰ দুটা উদাহৰণ হ’ল— গোধ বেমাৰ জন্দিচ।

প্রশ্ন 7: একিউট আৰু ক্ৰ’নিক ৰোগৰ ভিতৰত কোনবিধ ৰোগৰ আমাৰ সাধাৰণ স্বাস্থ্যৰ ওপৰত দীৰ্ঘম্যাদী প্রভাৱ থাকে?

উত্তৰ : একিউট আৰু ক্ৰ’নিক ৰোগৰ ভিতৰত ত্রু’নিক ৰোগৰ আমাৰ সাধাৰণ স্বাস্থ্যৰ ওপৰত দীৰ্ঘম্যাদী প্ৰভাৱ থাকে।

প্রশ্ন ৪ : ৰোগৰ কাৰণ বা কাৰক কেইপ্রকাৰৰ আৰু কি কি?

উত্তৰ : ৰোগৰ কাৰণ বা কাৰক দুই প্ৰকাৰৰ। যেনে—

(i) তাৎক্ষণিক কাৰণ বা কাৰক

(ii) বৰঙণিমূলক কাৰণ বা কাৰক

প্রশ্ন 9 : তাৎক্ষণিক কাৰণৰ প্ৰকাৰ কেইটা আৰু কি কি?

উত্তৰ : ৰোগৰ তাৎক্ষণিক কাৰণ দুই প্ৰকাৰৰ । সেয়া হ’ল— ৰোগ বোলে।

(i) সংক্রামক কাৰণ৷

(ii) অসংক্রামক কাৰণ৷

প্রশ্ন 10: সংক্রামক কাৰণ কাক বোলে?

উত্তৰ : ৰোগৰ তাৎক্ষণিক কাৰণ সংক্রামক অভিকর্তাসমূহ বা অণুজীৱসমূহ হ’লৈ, সেই কাৰণক সংক্রামক কাৰণ বোলে।

প্রশ্ন 11: অসংক্রামক কাৰণ কোনবোৰ?

উত্তৰ : ৰোগৰ তাৎক্ষণিক কাৰণ সংক্রামক অভিকর্তাসমুহ নহৈ কোনো আভ্যন্তৰীণ বা অসংক্রামক ধৰণৰ হ’লৈ, তেনে তাৎক্ষণিক কাৰণক অসংক্রামক কাৰণ বোলে।

প্রশ্ন 12: সংক্রামক ৰোগ কাক বোলে?

উত্তৰ : যিবিলাক ৰোগ সংক্রামক অভিকর্তা বা অণুজীৱৰ দ্বাৰা সৃষ্টি হয়, তেনে ৰোগক সংক্রামক ৰোগ বোলে।

প্রশ্ন 13: অসংক্রামক ৰোগ কাক বোলে ?

উত্তৰ : যিবিলাক ৰোগ সংক্ৰামক অভিকর্তা বা অণুজীৱসমূহৰ দ্বাৰা সৃষ্টি নহয় আৰু তাৰ কাৰণ আভ্যন্তরীণ আৰু অসংক্রামক, তেনে ৰোগক অসংক্রামক ৰোগ বোলে |

প্রশ্ন 14: সংক্রামক ৰোগৰ চাৰিটা উদাহৰণ দিয়া।

উত্তৰ: সংক্রামক ৰোগৰ চাৰিটা উদাহৰণ হ’ল— পানী লগা জন্দিচ, কলেৰা, টাইফয়ড।

প্রশ্ন 15: অসংক্রামক ৰোগৰ তিনিটা উদাহৰণ দিয়া।

উত্তৰ : অসংক্রামক ৰোগৰ তিনিটা উদাহৰণ হ’ল— উচ্চ ৰক্তচাপ, কিছুমান কর্কট ৰোগ আৰু ডায়েবেটিচ।

প্রশ্ন 16: ৰোগৰ তিনিটা অসংক্রামক কাৰণৰ উদাহৰণ দিয়া ৷

উত্তৰ: ৰোগৰ তিনিটা অসংক্রামক কাৰণৰ উদাহৰণ হ’ল—

(i) অতিৰিক্ত ওজন।

(ii) শৰীৰ চৰ্চাৰ অভাৱ৷

(iii) আণুবংশিক বিসংগতি।

প্রশ্ন 17: সংক্রামক অভিকর্তা কাক বোলে ?

উত্তৰ: যিবিলাক অণুজীৱ বা জীৱে বিভিন্ন সংক্রামক ৰোগৰ সৃষ্টি কৰে, তাক সংক্রামক অভিকর্তা বোলে৷

প্রশ্ন 18 : সংক্রামক অভিকৰ্তাসমূহক কেইটা আৰু কি কি শ্ৰেণীত ভাগ কৰা হৈছে?

উত্তৰ : সংক্রামক অভিকর্তাসমূহক পাঁচটা শ্ৰেণীত ভাগ কৰা হৈছে। সেইবোৰ হ’ল—ভাইৰাছ, বেক্টেৰিয়া, প্ৰট’য’ৱা, ভেঁকুৰ আৰু কৃমি।

প্রশ্ন 19 : সংক্রামক অভিকর্তাসমূহক পাঁচটা ভাগত শ্রেণীবিভাজন কৰাৰ উদ্দেশ্য কি?

উত্তৰ: সংক্রামক অভিকর্তাসমূহক পাঁচটা ভাগত শ্রেণীবিভাজন কৰাৰ উদ্দেশ্য হ’ল যাতে এই বিভাজনৰ ওপৰত ভিত্তি কৰি ইহঁতৰ বিৰুদ্ধে ঔষধ প্রস্তুত কৰিব পৰা যায়।

প্রশ্ন 20 : ভাইৰাছৰ দ্বাৰা সৃষ্টি হোৱা চাৰিবিধ ৰোগৰ নাম লিখা।

উত্তৰ : ভাইৰাছৰ দ্বাৰা সৃষ্টি হোৱা চাৰিবিধ ৰোগৰ নাম হ’ল— পানী লগা, ইনফ্লুৱেঞ্জা, ডেংগু আৰু এইডচ।

প্রশ্ন 21 : বেক্টেৰিয়াৰ দ্বাৰা সৃষ্টি হোৱা চাৰিবিধ ৰোগৰ উদাহৰণ দিয়া।

উত্তৰ : রেক্টেৰিয়াৰ দ্বাৰা সৃষ্টি হোৱা চাৰিবিধ ৰোগৰ উদাহৰণ হ’ল— কলেৰা, টাইফয়ড, যক্ষ্মা আৰু এনথ্রাক্স ।

প্রশ্ন 22 : প্ৰট য’ৱা বা আদ্যপ্ৰাণীৰ দ্বাৰা সৃষ্টি হোৱা তিনিবিধ ৰোগৰ নাম লিখা।

উত্তৰ: প্ৰট’য’ৱা বা আদ্যপ্ৰাণীৰ দ্বাৰা সৃষ্টি হোৱা তিনিবিধ ৰোগৰ নাম হ’ল— মেলেৰিয়া, কলাজ্বৰ আৰু এমিবীয় গ্রহণী।

প্রশ্ন 23: মেলেৰিয়া ৰোগৰ কাৰক প্ৰট’য’ৱা বিধৰ নাম কি ?

উত্তৰ : মেলেৰিয়া ৰোগৰ কাৰক প্ৰটয’ৱা বিধৰ নাম হ’ল— প্লাজম’ডিয়াম।

প্রশ্ন 24 : মেলেৰিয়া ৰোগ বিয়পোৱা বাহক বিধ কি?

উত্তৰ: মেলেৰিয়া ৰোগ বিয়পোৱা বাহকবিধ হ’ল— মাইকী এনোফিলিচ মহ।

প্রশ্ন 25: ভেঁকুৰৰ দ্বাৰা সৃষ্টি হোৱা ৰোগৰ উদাহৰণ দিয়া।

উত্তৰ : ভেঁকুৰৰ দ্বাৰা সৃষ্টি হোৱা ৰোগৰ উদাহৰণ হ’ল বিভিন্ন ধৰণৰ চৰ্মৰোগ।

প্রশ্ন 26: কৃমিৰ দ্বাৰা সৃষ্টি হোৱা ৰোগৰ দুটা উদাহৰণ দিয়া।

উত্তৰ : কৃমিৰ দ্বাৰা সৃষ্টি হোৱা ৰোগৰ দুটা উদাহৰণ হ’ল— গোধ বেমাৰ আৰু অস্ত্ৰৰ সংক্রমণ।

প্রশ্ন 27: এন্টিবায়টিক কি?

উত্তৰ : এণ্টিবায়টিক হ’ল এক বিশেষ ধৰণৰ ঔষধ যিয়ে বেক্টেৰিয়াৰ বিভিন্ন জীৱন- প্ৰক্ৰিয়াত বাধা প্রদান কৰি সিহঁতক ধ্বংস কৰে।

প্রশ্ন 28: সঞ্চাৰণক্ষম ৰোগ কাক বোলে?

উত্তৰ : যিবিলাক ৰোগ অণুজীৱসমূহৰ সঞ্চাৰণৰ ফলত আক্রান্ত ব্যক্তিৰপৰা আন এজন সুস্থ ব্যক্তিৰ শৰীৰলৈ বিয়পে, তেনে ৰোগৰ সঞ্চাৰণক্ষম ৰোগ বোলে।

প্রশ্ন 29 : সঞ্চাৰণক্ষম ৰোগ বিয়পাৰ বিভিন্ন উপায়বোৰ কি?

উত্তৰ : সঞ্চাৰণক্ষম ৰোগ বিয়পাৰ বিভিন্ন উপায়বোৰ হ’ল— বায়ুৰ দ্বাৰা, পানীৰ দ্বাৰা, যৌন সম্পৰ্কৰ আৰু প্ৰাণী বা বাহকৰ দ্বাৰা।

প্রশ্ন 30 : বায়ুৰ দ্বাৰা বিয়পা তিনিবিধ ৰোগৰ নাম লিখা।

উত্তৰ : বায়ুৰ দ্বাৰা বিয়পা তিনিবিধ ৰোগৰ নাম হ’ল— পানী লগা, নিউম’নিয়া আৰু যক্ষ্মা।

প্রশ্ন.31 : পানীৰ দ্বাৰা বিয়পিবপৰা দুবিধ ৰোগৰ উদাহৰণ দিয়া।

উত্তৰঃ পানীৰ দ্বাৰা বিয়পিব পৰা দুবিধ ৰোগৰ উদাহৰণ হ’ল— কলেৰা আৰু টাইফয়ড।

প্রশ্ন 32: যৌন সম্পৰ্কৰ দ্বাৰা বিয়পা দুবিধ ৰোগৰ উদাহৰণ দিয়া।

উত্তৰ : যৌন সম্পৰ্কৰ দ্বাৰা বিয়পা দুবিধ ৰোগৰ উদাহৰণ হ’ল— ছিফিলিছ আৰু এইডচ।

প্রশ্ন 33 : প্রাণী বা বাহকৰ দ্বাৰা বিয়পা তিনিবিধ ৰোগৰ নাম লিখা।

উত্তৰ : প্রাণী বা বাহকৰ দ্বাৰা বিয়পা তিনিবিধ ৰোগৰ নাম হ’ল— মেলেৰিয়া, জাপানীজ এনকেফেলাইটিছ আৰু ডেংগু।

প্রশ্ন 34 : ডেংগু ৰোগ বিয়পোৱা বাহকবিধৰ নাম কি?

উত্তৰ : ডেংগু ৰোগ বিয়পোৱা বাহকবিধৰ নাম হ’ল এডিচ নামৰ এবিধ মহ।

প্রশ্ন 35: বাহক কাক বোলে?

উত্তৰ: যিবিলাক প্ৰাণীয়ে বিভিন্ন সংক্রামক অভিকর্তা এজন আক্ৰান্তৰ ব্যক্তিৰ শৰীৰৰ পৰা আন এজন সুস্থ ব্যক্তিৰ শৰীৰলৈ কঢ়িয়াই নিয়ে, তেনে প্রাণীবিলাকক বাহক বোলে।

প্রশ্ন 36: চাৰিবিধ বাহকৰ উদাহৰণ দিয়া।

উত্তৰ : চাৰিবিধ বাহকৰ উদাহৰণ হ’ল—মহ, মাখি, পইতাচোৰা আৰু এন্দুৰ ।

প্রশ্ন 37: ৰোগৰ কেইটামান সাধাৰণ প্ৰভাৱৰ উদহাৰণ দিয়া।

উত্তৰ :

ৰোগৰ কেইটামান সাধাৰণ প্ৰভাৱৰ উদাহৰণ হ’ল– (i) কোনো অংগ ফুলি উঠা (ii) কোনো অংগ বিষোৱা (iii) শৰীৰত জ্বৰ উঠা।

প্রশ্ন 38 : ৰোগৰ সাধাৰণ প্ৰভাৱ হিচাপে দেখা দিয়া শৰীৰৰ দুটা স্থানীয় প্ৰভাৱৰ উদাহৰণ দিয়া।

উত্তৰ: ৰোগৰ সাধাৰণ প্ৰভাৱ হিচাপে শৰীৰত দেখা দিয়া দুটা স্থানীয় প্রভাৱৰ উদাহৰণ হ’ল— কোনো অংগ ফুলি উঠা আৰু বিযোৱা।

প্রশ্ন 39 : ৰোগৰ প্ৰভাৱ কাক বোলে?

উত্তৰ: কোনো ৰোগৰ উপস্থিতিৰ বাবে শৰীৰত দেখা দিয়া বিসংগতিসমূহৰ প্ৰকাশকেই ৰোগৰ প্ৰভাৱ বোলে৷

প্রশ্ন 40 : ৰোগৰ প্ৰভাৱ কেইপ্ৰকাৰৰ হ’ব পাৰে? সেইবোৰ কি কি?

উত্তৰ : ৰোগৰ প্ৰভাৱ দুই প্ৰকাৰৰ হ’ব পাৰে৷ সেইবোৰ হ’ল– (i) কলাকেন্দ্রিক বা অংগকেন্দ্ৰিক প্ৰভাৱ (ii) সাধাৰণ প্ৰভাৱ ৷

প্রশ্ন 41 : তিনিবিধ কলাকেন্দ্রিক বা অংগকেন্দ্ৰিক প্ৰভাৱৰ উদাহৰণ দিয়া।

উত্তৰ: তিনিবিধ কলাকেন্দ্রিক বা অংগকেন্দ্ৰিক প্ৰভাৱৰ উদাহৰণ হ’ল—(i) মূৰৰ বিষ (ii) বমি হোঁৱা (iii) অচেতুন হোৱা।

প্রশ্ন 42: যক্ষ্মা ৰোগৰ কাৰক বেক্টেৰিয়া বিধে কোনটো অংগক আক্রমণ কৰে?

উত্তৰ : যক্ষ্মা ৰোগৰ কাৰক বেক্টেৰিয়াবিধে মানুহৰ শৰীৰৰ হাওফাওক আক্রমণ কৰে।

প্রশ্ন 43 : যক্ষ্মা ৰোগ কেনেদৰে বিয়পে?

উত্তৰ : যক্ষ্মা ৰোগৰ কাৰক বেক্টেৰিয়াবিধে বায়ুৰ দ্বাৰা বিয়পি যক্ষ্মাৰোগৰ সঞ্চাৰণ কৰে।

প্রশ্ন 44: টাইফয়ডৰ কাৰক বেক্টেৰিয়া মানুহৰ শৰীৰত কি উপায়েৰে প্ৰৱেশ কৰে? ইহঁতে মানুহৰ কোনটো অংগক আক্রমণ কৰে?

উত্তৰ : টাইফয়ডৰ কাৰক বেক্টেৰিয়াবিধে মানুহৰ শৰীৰত খাদ্য আৰু পানীৰ দ্বাৰা মুখেৰে প্ৰৱেশ কৰে। টাইফয়ডৰ বেক্টেৰিয়াই মানুহৰ শৰীৰৰ অন্ত্ৰক আক্ৰমণ কৰে।

প্রশ্ন 45 : জন্দিচ ৰোগ সৃষ্টিকাৰী ভাইৰাছে মানুহৰ শৰীৰত কেনেদৰে প্ৰবেশ কৰে? ইহঁতে কোনটো অংগক আক্রমণ কৰে?

উত্তৰ : জন্দিচ ৰোগ সৃষ্টিকাৰী ভাইৰাছে দুষিত পানী বা খাদ্যৰ জৰিয়তে মুখেৰে মানুহৰ শৰীৰত প্ৰৱেশ কৰে। জন্দিচৰ ভাইৰাছে মানুহৰ শৰীৰৰ যকৃতক আক্রমণ কৰে।

প্রশ্ন 46 : এইডচ ৰোগৰ কাৰক ভাইৰাছ বিধৰ নাম কি?

উত্তৰ : এইডচ ৰোগৰ কাৰক ভাইৰাছবিধৰ নাম হ’ল— হিউমেন ইমিউন ডেফিচিয়েন্সি ভাইৰাছ (HIV)।

প্রশ্ন 47: HIV ভাইৰাছটো মানুহৰ শৰীৰত কেনেদৰে প্ৰৱেশ কৰে? ইহঁতে মানুহৰ শৰীৰৰ কোনটো অংগক আক্রমণ কৰে?

উত্তৰ : HIV ভাইৰাছ মানুহৰ শৰীৰত যৌন অংগৰ মাধ্যমেৰে প্ৰৱেশ কৰে। HIV ভাইৰাছে মানুহৰ শৰীৰৰ লসিকা গ্রন্থিসমূহক আক্রমণ কৰে ৷

প্রশ্ন 48: কোনবিধ ৰোগক ‘মস্তিষ্কৰ জ্বৰ’ বা ‘ব্রেইন ফিভাৰ’ নামেৰে জনা যায়?

উত্তৰ : জাপানীড এনকেফেলাইটিছ ৰোগক ‘মস্তিষ্কৰ জ্বৰ’ বা ‘ব্রেইন ফিভাৰ’ নামেৰে জনা যায়।

প্রশ্ন 49: কোনো ৰোগ সৃষ্টিকাৰী অণুজীৱে মগজুক আক্রমণ কৰাৰ ফলত দেখা দিব পৰা তিনিটা অংগকেন্দ্ৰিক প্ৰভাৱৰ উদাহৰণ দিয়া।

উত্তৰ : কোনো ৰোগ সৃষ্টিকাৰী অণুজীৱে মগজুক আক্রমণ কৰাৰ ফলত শৰীৰত দেখা দিব পৰা তিনিটা অংগকেন্দ্ৰিক প্ৰভাৱৰ উদাহৰণ হ’ল– (i) মূৰৰ বিষ (ii) বমি (iii) অচেতন হোৱা।

প্রশ্ন 50 : কোনো অণুজীৱে হাওফাওক আক্রমণ কৰাৰ ফলত দেখা দিয়া দুটা অংগকেন্দ্ৰিক প্ৰভাৱৰ উদাহৰণ দিয়া।

উত্তৰ : কোনো অণুজীৱে হাওফাওক আক্রমণ কৰাৰ ফলত দেখা দিয়া দুটা অংগকেন্দ্রিক প্ৰভাৱৰ উদাহৰণ হ’ল – (i) কাহ (ii) উশাহ চুটি হোৱা ।

প্রশ্ন 51 : কোনো অণুজীৱে যকৃতক আক্ৰমণ কৰাৰ ফলত সৃষ্টি হোৱা ৰোগবিধৰ নাম লিখা।

উত্তৰ : কোনো অণুজীৱে যকৃতক আক্ৰমণ কৰাৰ ফলত সৃষ্টি হোৱা ৰোগবিধ হ’ল—জন্দিচ।

প্রশ্ন 52: আমাৰ শৰীৰত বৰ্তি থকা ৰোগ সৃষ্টিকাৰী অণুজীৱসমূহৰ সংখ্যা কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে?

উত্তৰ : আমাৰ শৰীৰত বৰ্তি থক৷ ৰোগ সৃষ্টিকাৰী অণুজীৱসমূহৰ সংখ্যা আমাৰ শৰীৰৰ অসংক্রাম্য তন্ত্ৰৰ ওপৰত নিৰ্ভৰ কৰে।

প্রশ্ন 53: খালী ঠাই পূৰণ কৰা?

(1)________হ’ল দৈনন্দিন কাম-কাজ সুচাৰুৰূপে কৰিবলৈ এক দৈহিক, মানসিকআৰু সামাজিক সুস্থ অৱস্থা।

উত্তৰ : স্বাস্থ্য।

(2)_________পৰিৱেশ আমাৰ ব্যক্তিস্বাস্থ্যৰ বা এক গুৰুত্বপূৰ্ণ কাৰক।

উত্তৰ : সামাজিক।

(3) ভাল অর্থনৈতিক অৱস্থা আৰু কৰ্মসংস্থাপনৰ ব্যৱস্থা_______ৰ বাবে প্ৰয়োজনীয়।

উত্তৰ : ব্যক্তিস্বাস্থ্য।

(4) ব্যক্তিস্বাস্থ্যৰ উন্নতিত সামাজিক ——— আৰু ঐক্য অতিকৈ প্ৰয়োজনীয়।

উত্তৰ : সমতা।

(5) —– হ’ল শৰীৰৰ এক অস্বাচ্ছন্দ্যপূর্ণ অৱস্থা।

উত্তৰ: ৰোগ।

(6)______হ’ল আমাৰ শৰীৰত অনুভৱ হোৱা কিছুমান অনুভূতি যিয়ে আমাৰ শৰীৰৰ কোনো অংগ বা কলাৰ বিসংগতিৰ উমান দিয়ে।

উত্তৰ: উপসর্গ।

(7) —— ৰ ওপৰত নিৰ্ভৰ কৰি ডাক্টৰে কোনো ৰোগৰ লক্ষণসমূহ চিনাক্তকৰাৰ প্ৰয়াস কৰে।

উত্তৰ: উপসর্গ।

(৪) অতি কম সময়ৰ বাবে দেখা দিয়া ৰোগসমূহক_____

উত্তৰ: একিউট।

(9) যিবিলাক ৰোগ দীৰ্ঘদিন ধৰি আনকি আজীৱন থাকে তেনে ৰোগক_____|

উত্তৰ: ক্ৰ’নিক।

(10) অতিৰিক্ত ওজন আৰু শৰীৰ চৰ্চাৰ অভাৱৰ ফলত দেখা দিয়া ৰোগবিধ হ’ল_____|

উত্তৰ : উক্ত ৰক্তচাপ।

(11) আণুবংশিক বিসংগতি এটা______প্ৰকাৰৰ তাৎক্ষণিক কাৰক।

উত্তৰ : অসংক্রামক।

(12) যিবিলাক প্রাণীয়ে সংক্রামক অভিকর্তাসমূহ এজন আক্রান্ত ব্যক্তিৰ দেহৰ পৰা আন এজন সুস্থ ব্যক্তিৰ দেহলৈ কঢ়িয়াই নিয়ে, তেনে প্রাণীবিলাকক_____বোলা হয়।

উত্তৰ: বাহক।

(13) সংক্রামক ৰোগৰ ফলত আমাৰ শৰীৰত দেখা দিয়া প্ৰভাৱসমূহক____হিচাপে শ্রেণীবিভাজন কৰা হৈছে।

উত্তৰ : কলাকেন্দ্ৰিক আৰু অংগকেন্দ্ৰিক, সাধাৰণ প্ৰভাৱ ।

(14) টাইফয়ড ৰোগৰ কাৰক অণুজীৱবিধে আমাৰ শৰীৰৰ____

উত্তৰ : অন্ধ্ৰ ।

(15) যক্ষ্মাৰোগৰ কাৰক বেক্টেৰিয়াবিধে———ৰে আমাৰ শৰীৰত সোমায়।

উত্তৰ : নাকেৰে।

প্রশ্ন 16:শুদ্ধ উত্তৰটো বাছি উলিওৱা |

(i) স্বাস্থ্যই তলৰ কোনটো দিশৰ সুস্থতাক সাঙুৰি নলয়_____

(ক) দৈহিক

(খ) মানসিক

(গ) আর্থিক

(ঘ) সামাজিক।

উত্তৰ : (গ) আর্থিক

(ii) ঘূর্ণীবতাহৰ বাবে হ’ব পৰা স্বাস্থ্যৰ ক্ষতি কেনেধৰণৰ পৰিৱেশৰ প্ৰভাৱ৷

(ক) সামাজিক পৰিৱেশ

(খ) ভৌতিক পৰিৱেশ

(গ) অর্থনৈতিক পৰিৱেশ

(ঘ) মানসিক পৰিৱেশ

উত্তৰ : (খ) ভৌতিক পৰিৱেশ

(iii) আমাৰ সুস্বাস্থ্যৰ ক্ষেত্ৰত তলৰ কোনবিধ সামাজিক পৰিৱেশৰ অন্তৰ্গত নহয়____|

(ক) ৰাজহুৱা পৰিষ্কাৰ-পৰিচ্ছন্নতা

(খ) ভাল অর্থনৈতিক অৱস্থা আৰু কৰ্মসংস্থাপন

(গ) সামাজিক সমতা আৰু ঐক্য ।

(ঘ) সুষম আহাৰ গ্ৰহণ।

উত্তৰ : (ঘ) সুষম আহাৰ গ্ৰহণ।

(iv) তলৰ কোনটো এটা একিউট ৰোগ___|

(ক) জন্দিচ

(খ) গোধ রেমাৰ

(গ) পানী লগা

(ঘ) মেলেৰিয়া

উত্তৰ : (গ) পানী লগা

(v) তলৰ কোনটো এটা ক্ৰ’নিক ৰোগ____|

(ক) পানী লগা

(খ) কাহ

(গ) মূৰৰ বিষ

(ঘ) জন্দিচ

উত্তৰ : (ঘ) জন্দিচ

(vi) তলৰ কোনটো এটা ৰোগৰ তাৎক্ষণিক কাৰণ—

(ক) আণুবংশিক পার্থক্য

(গ) পুষ্টিৰ অভাৱ

(খ) অণুজীৱ

(ঘ) দাৰিদ্র্য

উত্তৰ: (খ) অণুজীৱ

(vii) তলৰ কোনটো এটা বৰঙণিমূলক কাৰণ—

(ক) পুষ্টিৰ অভাৱ

(খ) শৰীৰ চৰ্চাৰ অভাৱ

(গ) অতিৰিক্ত এজন

(ঘ) অণুজীৱ

উত্তৰ: (ক) পুষ্টিৰ অভাৱ।

(viii) তলৰ কোনটো এটা সংক্রামক তাৎক্ষণিক কাৰণ-

(ক) পুষ্টিৰ অভাৱ

খ) শৰীৰ চৰ্চাৰ অভাৱ

(খ) অণুজীৱ

(গ) অতিৰিক্ত ওজন

উত্তৰ : (ঘ) অণুজীৱ

(ix) কোনটো তাৎক্ষণিক কাৰণ অসংক্রামক প্ৰকৃতিৰ–

(ক) জনসেৱা আঁচনিৰ অভাৱ

(খ) পৰিপুষ্টিৰ অভাৱ

(গ) আণুবংশিক বিসংগতি

(ঘ) অণুজীৱ

উত্তৰ : (গ) আণুবংশিক বিসংগতি

(x) অতিৰিক্ত ওজন আৰু শৰীৰ চৰ্চাৰ অভাৱ তলৰ কোনবিধ ৰোগৰ দুটা অসংক্রামক তাৎক্ষণিক কাৰণ—

(ক) জন্দিচ

(খ) উচ্চ ৰক্তচাপ

(গ) কৰ্কট ৰোগ

(ঘ) অণুজীৱ ৷

(ঘ) যক্ষ্মা

উত্তৰ : (খ) উচ্চ ৰক্তচাপ

(xi) আণুবংশিক বিসংগতি তলৰ কোনবিধ ৰোগৰ তাৎক্ষণিক কাৰণ—

(ক) জন্দিচ

(খ) কৰ্কট ৰোগ

(গ) যক্ষ্মা

(ঘ) উচ্চ ৰক্ত চাপ

উত্তৰ: (খ) কৰ্কট ৰোগ

(xii) তলৰ কোনবিধ জীৱ এবিধ সংক্রামক অভিকর্তা নহয়—।

(ক) ভাইৰাছ

(খ) কৃমি

(গ) ভেঁকুৰ

(ঘ) মহ

উত্তৰ: (ঘ) মহ

(xiii) তলৰ কোনটো এটা সংক্রামক অভিকৰ্তাৰ শ্ৰেণী—

(ক) কণ্টকচর্মী প্রাণী

(খ) একনলদেহী প্রাণী

(গ) ঘূৰণীয়া কৃমি

(খ) প্ৰট’কৰডেটা

উত্তৰ : (গ) ঘূৰণীয়া কৃমি

(xiv) তলৰ কোনবিধ এবিধ বহুকোষী সংক্রামক অভিকর্তা—

(ক) প্ৰট’য’ৱা

(খ) ভাইৰাছ

(গ) বেক্টেৰিয়া

(ঘ) কৃমি।

উত্তৰ: (ঘ) কৃমি।

(xv) পানী লগা ৰোগ তলৰ কোনবিধ অভিকৰ্তাৰ দ্বাৰা হয়—

(ক) ভাইৰাছ

(খ) টি’য’ৱা

(গ) ভেঁকুৰ

উত্তৰ: (ক) ভাইৰাছ

(xvi) এইডচ ৰোগৰ সংক্রমণ তলৰ কোনবিধ অণুজীৱৰ দ্বাৰা হয়—

(ক) বেক্টেৰিয়া

(খ) প্ৰট’য’ৱা

(গ) ভেঁকুৰ

(ঘ) ভাইবাছ

উত্তৰ: (ঘ) ভাইৰাছ

(xvii) তলৰ কোনবিধ ৰোগ বেক্টেৰিয়াৰ দ্বাৰা সংঘটিত হয়?

(ক) এইডচ

(খ) পানী লগা

(গ) ইনফ্লুরো

(ঘ) কলেৰা

উত্তৰ: (ঘ) কলেৰা

(xix) যক্ষ্মা ৰোগ সৃষ্টিকাৰী অণুজীৱ বিধ হ’ল এবিধ—

(ক) বেক্টেৰিয়া

(খ) ভাইবাছ

(গ) টি’য’ৱা

(ঘ) কলেবা

(xviii) তলৰ কোনবিধ অণুজীৱে টাইফয়ড ৰোগৰ সৃষ্টি কৰে—

(ক) ভাইৰাছ

(খ) বেক্টেৰিয়া

(গ) থ্রট’য’বা

(ঘ) ভেঁকুৰ

উত্তৰ: (খ) বেক্টেৰিয়া

(ঘ) কৃমি।

উত্তৰ ঃ (ক) বেক্টেৰিয়া

( xx) তলৰ কোনবিধ ৰোগ ভেঁকুৰৰ সংক্ৰমণৰ দ্বাৰা

(ক) ডেংগু

(খ) মেলেবিয়া

(গ) চর্ম রোগ

উত্তৰ: (গ) চর্ম রোগ

(xxi) মেলেৰিয়া ৰোগ সৃষ্টিকাৰী অণুজীৱবিধ হ’ল এবিধ—

(ক) বেক্টেৰিয়া

(খ) প্ৰটয’ৱা

(গ) ভেঁকুৰ

উত্তৰ: (খ) প্ৰট’য’ৱা

( xxii) গোধ বেমাৰৰ কাৰক সংক্রামক অভিকর্তাবিধ

(ক) প্রট’য’ৱা

(খ) ভেঁকুৰ

(গ) ভাইৰাছ

(ঘ) কৃমি

উত্তৰ: (ঘ) কৃমি

(xxiii) মস্তিষ্কৰ জ্বৰ বুলি অভিহিত কৰা ৰোগবিধ হ’ল—

(ক) মেলেৰিয়া

(খ) ডেংগু

(গ) জাপানীজ এনকেফেলাইটিছ

(ঘ) মেলেৰিয়া

উত্তৰ : গ) জাপানীজ এনকেফেলাইটিছ

(xxiv) তলৰ কোনবিধ এবিধ ৰোগৰ সাধাৰণ প্ৰভাৱ–

(ক) কাহ

(খ) জ্বৰ

(গ) মূৰৰ বিষ

(ঘ) বমি

উত্তৰ : (খ) জ্বৰ

(xxv) তলৰ কোনবিধ ৰোগৰ বিৰুদ্ধে ছিটাকৰণ কৰিব পৰা নাযায়-

(ক) পলিতা’

(খ) টিটেনাছ

(গ) সৰু আই

(ঘ) এইডচ

উত্তৰ: (ঘ) এইডচ

চমু প্রশ্নোত্তৰ

প্রশ্ন 1 : সুস্বাস্থ্যৰ বাবে প্রয়োজনীয় যিকোনো দুটা ব্যৱস্থা উল্লেখ কৰা।

উত্তৰ: সুস্বাস্থ্যৰ বাবে প্রয়োজনীয় দুটা ব্যৱস্থা হ’ল—

(ক) ৰাজহুৱা পৰিষ্কাৰ-পৰিচ্ছন্নতা।

(খ) সামাজিক সমতা আৰু ঐক্য।

প্রশ্ন 2: ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰয়োজনীয় দুটা ব্যৱস্থা উল্লেখ কৰা।

উত্তৰ: ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰয়োজনীয় দুটা ব্যৱস্থা হ’ল—

(ক) ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতা।

(খ) সুষম আহাৰ গ্ৰহণ ৷

প্রশ্ন 3: ওপৰৰ দুয়োটা প্ৰশ্নৰ উত্তৰ একেধৰণৰ নে বেলেগ? আৰু কিয়?

উত্তৰ: ওপৰৰ দুয়োটা প্ৰশ্নৰ উত্তৰ একেধৰণৰ নহয়৷ কাৰণ সুস্বাস্থ্যৰ লগত সামাজিক পৰিবেশটো জড়িত হৈ থাকে। কিন্তু নিজক ৰোগমুক্ত কৰিবলৈ ব্যক্তি এজনৰ ব্যক্তিগত প্রচেষ্টা আৰু সজ অভ্যাসৰ প্ৰয়োজন হয়। তেনেদৰে নিজকে ৰোগমুক্ত কৰি ৰাখিও ব্যক্তিজনে সামাজিক পৰিবেশটোৰ কাৰণে সুস্বাস্থ্যৰ অধিকাৰী নহবও পাৰে।

প্রশ্ন 4 : যদি তুমি অসুস্থ হৈছা আৰু যাৰ বাবে ডাক্টৰৰ ওচৰত চিকিৎসা কৰিব লাগে বুলি ভাবিছা তাৰ তিনিটা কাৰণ উল্লেখ কৰা। যদি ইয়াৰ কাৰণ মাত্ৰ এটা তেতিয়া ডাক্টৰৰ ওচৰলৈ যাবা নেকি? কিয় যাবা বা নাযাবা ?

উত্তৰ: ডাক্টৰৰ ওচৰলৈ যাবলগীয়া তিনিটা সাম্ভাব্য কাৰণ—

(i) জ্বৰ

(ii) মূৰৰ বিষ

(iii) আভোক

ইয়াৰ মাত্ৰ এটা কাৰণো যদি থাকে, তথাপি ডাক্টৰৰ ওচৰলৈ যোৱাটো প্ৰয়োজনীয় ৷ কাৰণ এটা উপসর্গই বহুকেইটা ৰোগৰে সাধাৰণ উপসর্গ হ’ব পাৰে। এনে উপসর্গই শৰীৰৰ কোনো কলা বা অংগৰ বিসংগতিকে প্ৰকাশ কৰা হেতু, তাৰ চিকিৎসাৰ বাবে ডাক্টৰৰ পৰামৰ্শ লোৱা উচিত।

প্রশ্ন 5 : তলৰ কোনটো ৰোগৰ বাবে স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে? কিয় ?

(i) যদি তুমি জন্দিচত ভোগা।

(ii) যদি তোমাৰ ওকনি হয়।

(iii) যদি তোমাৰ শালমইনা হয়।

উত্তৰ: প্ৰশ্নত দিয়া প্রথম বিকল্পটিৰ বাবে স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে। কাৰণ জন্দিচ ৰোগ হ’লে যকৃতৰ ক্ষতিসাধন হয় আৰু শৰীৰ ক্ৰিয়াত প্ৰভাৱ পৰে। যাৰ ফলত আক্রান্ত ব্যক্তিজনৰ ওজন হ্রাস পাব পাৰে আৰু সুস্থ হৈ উঠাৰ পাছতো বহুদিনলৈ দুৰ্বল আৰু ভাগৰুৱা অনুভৱ কৰিব পাৰে।

প্রশ্ন 6: আমি অসুস্থ হ’লে কিয় স্বাদহীন আৰু পুষ্টিকৰ খাদ্য খাবৰ কাৰণে পৰামৰ্শ দিয়া হয়?

উত্তৰ : আমাৰ শৰীৰৰ অসংক্রাম্য, তন্ত্ৰৰ বিফলতাৰ বাবে শৰীৰত সংক্রামক ৰোগৰ তীব্রতা বাঢ়ে। আনহাতে অসংক্রাম্য তন্ত্রটো ঠিকমতে চলি থাকিবলৈ আমাক উপযুক্ত খাদ্যৰ দৰকাৰ হয়। সেয়ে আমি অসুস্থ হ’লে স্বাদহীন আৰু পুষ্টিকৰ খাদ্য খাবৰ কাৰণে পৰামৰ্শ দিয়া হয় ।

প্রশ্ন 7ঃ কি কি প্ৰক্ৰিয়াৰ দ্বাৰা সংক্রামক ৰোগসমূহ সঞ্চাৰিত হয় ?

উত্তৰ: সংক্রামক ৰোগসমূহ সঞ্চাৰিত হোৱাৰ বিভিন্ন উপায়সমূহ হ’ল—

(ক) বায়ুৰ দ্বাৰা। যেনে— যক্ষ্মা, পানী লগা ।

(খ) পানীৰ দ্বাৰা। যেনে— কলেৰা।

(গ) প্ৰাণীৰ দ্বাৰা। যেনে— মহৰ দ্বাৰা বিয়পা মেলেৰিয়া।

(ঘ) যৌন সম্পৰ্কৰ দ্বাৰা— যেনে— এইড্‌চ।

প্রশ্ন ৪: তোমালোকৰ স্কুলত সংক্রামক ৰোগ সঞ্চাৰিত নহ’বৰ বাবে কি কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰা ?

উত্তৰ : স্কুলত সংক্রামক ৰোগ সঞ্চাৰিত নহ’বৰ বাবে তলত দিয়া ব্যৱস্থা সমূহ গ্ৰহণ কৰিব পাৰি—

(ক) শ্রেণীকোঠাত ছাত্ৰ-ছাত্ৰীসমূহক আহল-বহলকৈ বহিবলৈ দিয়াৰ ব্যৱস্থা, যাতে বায়ুৰ দ্বাৰা সঞ্চাৰিত হোৱা ৰোগ ইজনৰ পৰা সিজনৰ গালৈ যাব নোৱাৰে।

(খ) স্কুলত বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰা।

(গ) স্কুল চৌহদৰ পৰিবেশ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখা, যাতে ৰোগৰ বীজাণু কঢ়িওৱা মহে তাত বংশবৃদ্ধি কৰিব নোৱাৰে।

প্রশ্ন 9 : অসংক্রাম্যকৰণ কি?

উত্তৰ : যেতিয়া আমাৰ শৰীৰত সোমোৱা কোনো অণুজীৱক অসংক্রাম্য তন্ত্ৰই প্ৰথমবাৰ ধৰা পেলায়, তেতিয়া এই তন্ত্রই এই অণুজীৱবিধক ধ্বংস কৰাৰ লগতে তাক বিশেষভাৱে মনতো ৰাখে। সেয়ে পিছৰবাৰ সেই বিশেষ অণুজীৱবিধ শৰীৰত প্ৰৱেশ কৰিলে, আমাৰ অসংক্রাম্য তন্ত্রই তাৰ ওপৰত অধিক তীব্রতা সহকাৰে কাম কৰিব পাৰে। সেয়ে তেনে অণুজীৱৰ সংক্ৰমণ পিছৰবাৰ বেছি সোনকালে নাশ হয়। এই প্রক্রিয়াটোকে অসংক্রাম্যকৰণ বোলা হয়।

প্রশ্ন 10: কলা বা অংগকেন্দ্ৰিক প্ৰভাৱ কি?

উত্তৰ: কিছুমান ৰোগ সৃষ্টিকাৰী অণুজীৱে শৰীৰত প্ৰৱেশ কৰি কিছুমান নির্দিষ্ট কলা বা অংগকহে আক্রমণ কৰে। তাৰ ফলত উক্ত কলা বা অংগৰ স্বাভাৱিক ক্রিয়া-কলাপৰ বিসংগতিয়ে তেনে কলা বা অংগসমূহত কিছুমান উপসৰ্গৰ সৃষ্টি কৰে। ইয়াকে কলা বা অংগকেন্দ্ৰিক প্ৰভাৱ বোলে।

প্রশ্ন 12 : ৰোগৰ সাধাৰণ প্ৰভাৱ কাক বোলে ?

উত্তৰ : কোনো ৰোগ সৃষ্টিকারী অণুজীৱে শৰীৰত প্ৰৱেশ কৰিলে আমাৰ শৰীৰৰ সক্রিয় হৈ উঠা অসংক্রাম্য তন্ত্রই তেনে অণুজীৱসমূহক ধ্বংস কৰাৰ বাবে কিছুমান বিশেষ কোষক নিয়োজিত কৰে। এই প্রক্রিয়াৰ ফলত শৰীৰত দেখা দিয়া প্ৰভাৱসমূহকে সাধারণ প্রভাৱ বোলে।

প্রশ্ন 13: মেলেৰিয়া ৰোগ সৃষ্টিকাৰী প্ৰটয’ৱাবিধে কেনেদৰে মানুহৰ শৰীৰত প্ৰৱেশ কৰে? ইহঁতে মানুহৰ শৰীৰৰ কোনটো অংগ আৰু কলাক আক্ৰমণ কৰে?

উত্তৰ: মেলেৰিয়া ৰোগ সৃষ্টিকাৰী প্ৰট’য’ৱাবিধে মানুহৰ শৰীৰত মহৰ কামোৰৰ দ্বাৰা প্রৱেশ কৰে। ইহঁতে মানুহৰ শৰীৰৰ যকৃতক আক্রমণ কৰি পিছত তেজত থকা লোহিত বক্তকণিকাসমূহক আক্রমণ কৰে।

প্রশ্ন 14: জাপানীজ এনকেফেলাইটিছ ৰোগৰ কাৰক অণুজীৱবিধ কোনটো শ্ৰেণীৰ? এই অণুজীৱবিধে মানুহৰ শৰীৰত কিদৰে প্ৰৱেশ কৰে? ইহঁতে শৰীৰৰ কোনটো অংগক আক্রমণ কৰে ?

উত্তৰ: জাপানীজ এনকেফেলাইটিছ ৰোগৰ কাৰক অণুজীৱবিধ ভাইৰাছ শ্ৰেণীৰ। এই অণুজীৱ বিধে মহৰ কামোৰৰ দ্বাৰা মানুহৰ শৰীৰত প্ৰৱেশ কৰে। জাপানীজ এনকেফেলাইটিছ ৰোগৰ ভাইৰাছবিধে মগজুক আক্রমণ কৰে।

প্রশ্ন 15 : ৰোগ সৃষ্টিকাৰী অণুজীৱৰ প্ৰতি উন্মুক্তকৰণৰ নিবাৰণৰ বাবে লব লগা তিনিটা নীতি উল্লেখ কৰা।

উত্তৰঃ ৰোগ সৃষ্টিকাৰী অণুজীৱৰ প্ৰতি উন্মুক্তকৰণৰ নিবাৰণৰ বাবে ল’ব লগা তিনিটা নীতি হ’ল –

(ক) থকা ঠাই অতিপাত ভিযুক্ত কৰি নৰখা।

(খ) পৰিষ্কাৰ বীজাণুমুক্ত খোৱাপানীৰ ব্যৱস্থা।

(গ) ৰাজহুৱা পৰিষ্কাৰ-পৰিচ্ছন্নতা।

প্রশ্ন 16: অসংক্রামক ৰোগ কাক বোলে ? দুটা উদাহৰণ দিয়া ।

উত্তৰঃ যিবিলাক ৰোগৰ সৃষ্টি সংক্রামক অভিকর্তাৰ দ্বাৰা নহয়, তেনে ৰোগক অসংক্রামক ৰোগ বোলে। যেনে- আনুবংশিক বিসংগতিৰ বাবে হোৱা কিছুমান কর্কট, ৰোগ, অত্যধিক ওজন আৰু শৰীৰ চৰ্চাৰ অভাৱত হোৱা উচ্চ ৰক্তচাপ।

প্রশ্ন 17: অসংক্রাম্যকৰণৰ নীতিটো কি ?

উত্তৰ : যেতিয়া আমাৰ শৰীৰত সোমোৱা কোনো অণুজীৱক আমাৰ অসংক্রাম্য তন্ত্রই প্ৰথমবাৰ ধৰা পেলায়, তেতিয়া এই তন্ত্রই এই অণুজীৱবিধক ধ্বংস কৰাৰ লগতে তাক বিশেষভাৱে মনতো ৰাখে। সেয়ে পিছৰবাৰ সেই বিশেষ অণুজীৱবিধ শৰীৰত প্ৰৱেশ কৰিলে আমাৰ অসংক্রাম্য তন্ত্রই তাৰ ওপৰত অধিক তীব্রতা সহকাৰে কাম কৰিব পাৰে। সেয়ে তেনে অণুজীৱৰ সংক্ৰমণ পিছৰবাৰ বেছি সোনকালে নাশ হয়। ইয়েই অসংক্রাম্যকৰণৰ নীতি।

প্রশ্ন 18 : ৰোগ প্ৰতিৰোধী প্ৰক্ৰিয়া কি ?

উত্তৰ : আমাৰ সক্রিয় অসংক্রাম্য তন্ত্রই কিছুমান কোষৰ সৃষ্টি কৰি সিহঁতক আক্রান্ত কলাত ৰোগ সৃষ্টিকাৰী অণুজীৱসমূহক ধ্বংস কৰা কামত নিয়োজিত কৰে। এই প্রক্রিয়াকে ৰোগ প্ৰতিৰোধী প্রক্রিয়া বোলে।

প্রশ্ন 19: সংক্রামক ৰোগৰ চিকিৎসাৰ তিনিটা সীমাবদ্ধতা কি কি? বা,’ৰোগ নিৰ্মূলতকৈ ৰোগ নিবাৰণহে বেছি ফলপ্ৰসূ’ বুলি কিয় কোৱা হয়?

উত্তৰ : সংক্রামক ৰোগৰ চিকিৎসাৰ তিনিটা সীমাবদ্ধতা হ’ল—

(i) কোনো ব্যক্তি সংক্রামক ৰোগৰ দ্বাৰা আক্ৰান্ত হ’লে, তেওঁৰ শৰীৰ ক্ৰিয়াৰ ক্ষতিসাধন হয়, যাক কেতিয়াবা পুনৰাই ঘূৰাই আনিব পৰা নাযায়।

(ii) কিছুমান ৰোগৰ চিকিৎসাই দীঘলীয়া সময় লয়। সেয়ে উন্নত চিকিৎসা পালেও ৰোগীজনে সোনকালে সুস্থ হৈ নুঠে আৰু দীর্ঘদিনলৈ শয্যাগত হৈ থাকিব লগা হয়।

(iii) সংক্রামক ৰোগত আক্ৰান্ত ব্যক্তিজনৰ পৰা সহজেই এই ৰোগ আন সুস্থ ব্যক্তিলৈ বিয়পিব পাৰে।

এইবোৰ কাৰণতেই ‘ৰোগ নিৰ্মূলতকৈ ৰোগ নিবাৰণহে বেছি ফলপ্ৰসূ’ বুলি কোৱা হয় ।

প্রশ্ন 20: ৰোগ নিবাৰণৰ সাধাৰণ পদ্ধতিৰ অন্তৰ্গত নিবাৰণৰ দুটা নীতি বা পদ্ধতি উল্লেখ কৰা।

উত্তৰ : ৰোগ নিবাৰণৰ সাধাৰণ পদ্ধতিৰ অন্তৰ্গত দুটা নীতি হ’ল—

(ক) ৰোগ সৃষ্টিকাৰী অণুজীৱৰ প্ৰতি উন্মুক্তকৰণৰ নিবাৰণ অৰ্থাৎ ৰাজহুৱা পৰিষ্কাৰ- পৰিচ্ছন্নতাৰ দ্বাৰা ৰোগ সৃষ্টিকাৰী অণুজীৱসমূহক আমাৰ পৰা আঁতৰাই ৰখা৷

(খ) সকলোৰে বাবে উপযুক্ত আৰু পৰ্যাপ্ত খাদ্যৰ ব্যৱস্থা।

প্রশ্ন 21: আমাৰ ব্যক্তিগত স্বাস্থ্যৰ লগত সামাজিক পৰিবেশৰ সম্পৰ্ক কি ? উদাহৰণ দিয়া।

উত্তৰ : আমাৰ ব্যক্তিগত স্বাস্থ্যৰ লগত সামাজিক পৰিবেশৰ এক এৰাব নোৱাৰা সম্পর্ক আছে। সামাজিক পৰিবেশে আমাৰ ব্যক্তিগত স্বাস্থ্যৰ ওপৰত তলত দিয়া ধৰণে প্ৰভাৱ পেলায়।

(ক) ৰাজহুৱা পৰিষ্কাৰ-পৰিচ্ছন্নতাই ব্যক্তিস্বাস্থ্যৰ উন্নতি ঘটায়।

(খ) ভাল অর্থনৈতিক অৱস্থা আৰু কৰ্ম-সংস্থানৰ ব্যৱস্থাই ব্যক্তিস্বাস্থ্যৰ উন্নতিত অৰিহণা যোগায়।

(গ) সামাজিক সমতা আৰু ঐক্য ব্যক্তিস্বাস্থ্যৰ বাবে একান্ত প্রয়োজনীয়।

প্রশ্ন 22: ৰোগৰ মিয়াদৰ ওপৰত নিৰ্ভৰ কৰি ৰোগৰ প্ৰকাৰসমূহ কি কি ? প্রত্যেকৰে সংজ্ঞা লিখি একোটাকৈ উদাহৰণ দিয়া।

উত্তৰ : ৰোগৰ মিয়াদৰ ওপৰ নিৰ্ভৰ কৰি ৰোগৰ প্ৰকাৰ দুটা হ’ল— একিউট ৰোগ আৰু ক্ৰ’নিক ৰোগ।

(ক) একিউট ৰোগ : যিবিলাক ৰোগ অতি কম সময়ৰ বাবে শৰীৰত দেখা দিয়ে, তেনে ৰোগক একিউট ৰোগ বোলে। যেনে : পানী লগা ।

(খ) ক্ৰ’নিক ৰোগঃ যিবিলাক ৰোগ দীর্ঘদিন ধৰি আনকি আজীৱন থাকে, তেনে ৰোগক ক্ৰ’নিক ৰোগ বোলে। যেনে: গোধ বেমাৰ ।

প্রশ্ন 23 : একিউট ৰোগ আৰু ক্ৰ’নিক ৰোগৰ দুটা পার্থক্য লিখা।

উত্তৰ : একিউট ৰোগ আৰু ক্ৰ’নিক ৰোগৰ দুটা পার্থক্য হ’ল—

(ক) একিউট ৰোগ অতি কমসময়ৰ বাবে থাকে, কিন্তু ত্রু’নিক ৰোগ দীর্ঘদিন ধৰি আনকি আজীৱন থাকে।

(খ) একিউট ৰোগৰ কোনো দীৰ্ঘম্যাদী প্ৰভাৱ নাথাকে, কিন্তু ক্ৰ’নিক ৰোগে আমাৰ শৰীৰত দীৰ্ঘম্যাদী প্ৰভাৱ পেলায় ৷

প্রশ্ন 24: বাহক কাক বোলে ?

উত্তৰ: যিবিলাক প্ৰাণীৰ দ্বাৰা কোনো ৰোগ সৃষ্টিকাৰী অণুজীৱ এজন আক্রান্ত ব্যক্তিৰ পৰা আন এজন সুস্থ ব্যক্তিলৈ বিয়পে, তেনে প্রাণীক বাহক বোলে৷ যেনেঃ মহ, পইতাচোৰা, এন্দুৰ আদি ।

প্রশ্ন 25: এন্টিবায়টিকে কেনেদৰে বেক্টেৰিয়া ধ্বংস কৰে?

উত্তৰ : এণ্টিবায়টিক হ’ল এনে এবিধ ঔষধ যিয়ে বেক্টেৰিয়াৰ জৈৱৰাসায়নিক প্রক্রিয়াসমূহত বাধা দি সিহঁতক ধ্বংস কৰে। বেক্টেৰিয়াই সুৰক্ষাৰ বাবে এখন কোষবেৰ গঠন কৰে। পেনিচিলিন নামৰ এণ্টিবায়টিকবিধে বেক্টেৰিয়াৰ কোষবেৰ গঠন প্ৰক্ৰিয়াত বাধা দি ইহঁতক মাৰি পেলায়।

প্রশ্ন 26: সংক্রামক ৰোগৰ শৰীৰত কি কি ধৰণৰ প্ৰভাৱ থাকিব পাৰে বুজাই লিখা।

উত্তৰ : শৰীৰত সংক্রামক ৰোগৰ দুই ধৰণৰ প্ৰভাৱ থাকিব পাৰে। যেনে—

(ক) অংগ বা কলকেন্দ্ৰিক প্ৰভাৱ : ৰোগ সৃষ্টিকাৰী অণুজীৱসমূহে শৰীৰৰ কিছুমান নির্দিষ্ট অংগ বা কলাকহে আক্রমণ কৰে। সেয়ে তেনে আক্রান্ত অংগ বা কলাসমূহে কিছুমান বিসংগতি প্ৰদৰ্শন কৰে, যাৰ ফলত শৰীৰৰ কেতবোৰ নিৰ্দিষ্ট অংশত ৰোগৰ উপসর্গসমূহে দেখা দিয়ে।

(খ) সাধাৰণ প্ৰভাৱ : ৰোগৰ অণুজীৱৰ বিৰুদ্ধে আমাৰ শৰীৰৰ অসংক্ৰাম্য তন্ত্ৰটো সক্ৰিয় হৈ উঠাৰ ফলত কেতবোৰ সাধাৰণ প্ৰভাৱ পৰিলক্ষিত হয়। যেনে— শৰীৰৰ কোনো অংশ ফুলি উঠা, বিষৰ সৃষ্টি হোৱা আদি স্থানীয় প্রভাৱ আৰু জ্বৰ উঠাৰ দৰে সাধাৰণ প্ৰভাৱ।

প্রশ্ন 27: অসংক্রাম্যকৰণ কি?

উত্তৰ : আমাৰ শৰীৰত প্ৰৱেশ কৰা কোনো ৰোগ সৃষ্টিকাৰী অণুজীৱৰ আমাৰ অসংক্রাম্য তন্ত্রই বিশেষভাৱে মনত ৰাখি দ্বিতীয়বাৰ তেনে অণুজীৱ শৰীৰত প্ৰৱেশ কৰিলে তাৰ ওপৰত বিশেষ দক্ষতাৰে কাম কৰিব পাৰে। ফলত দ্বিতীয়বাৰ এই অণুজীৱৰ আক্ৰমণৰ ফলত ৰাখি ৰোগাক্রান্ত নহওঁ। ইয়াকে অসংক্রাম্যকৰণ বোলে।

প্রশ্ন 28: ছিটাকৰণ বুলিলে কি বুজা?

উত্তৰ : ছিটাকৰণ ব্যৱস্থা হ’ল এক কৃত্রিম অসংক্রাম্যকৰণ ব্যৱস্থা যত কোনো এক নির্দিষ্ট ৰোগৰ কাৰক অণুজীৱৰ সক্রিয় বা নিষ্ক্রিয় অৱস্থাত কিছু অংশ বা তেনে অণুজীৱৰ কোষস্থ ৰাসায়নিক পদাৰ্থৰ তাক্ৰীয়া পৰিমাণ সুস্থ ব্যক্তি এজনৰ শৰীৰত কৃত্ৰিমভাৱে প্ৰৱেশ কৰোৱা হয়। ইয়াৰ ফলত ব্যক্তিজনে উক্ত অণুজীৱৰ সংক্ৰমণৰ পৰা ভৱিষ্যতে ৰোগাক্রান্ত নোহোৱাকৈ থাকে।

প্রশ্ন 29 : সংক্রামক ৰোগ সৃষ্টিকাৰী সংক্রামক অভিকৰ্তাৰ শ্ৰেণীসমূহ কি কি? প্রত্যেকে সৃষ্টি কৰা সংক্রামক ৰোগৰ উদাহৰণ দিয়া।

উত্তৰ : সংক্রামক ৰোগ সৃষ্টিকাৰী সংক্ৰামক অভিকর্তাসমূহক পাঁচটা শ্ৰেণীত ভাগ কৰা হৈছে। যেনে-

(i) ভাইৰাছ: পানীলগা, জণ্ডিছ, এইড্‌ চ আদি ৰোগ সৃষ্টি কৰে।

(ii) বেক্টেৰিয়া : কলেৰা, টাইফয়ড, যক্ষ্মা আদি ৰোগ সৃষ্টি কৰে।

(iii) ভেঁকুৰ: চৰ্মৰোগ সৃষ্টি কৰে৷

(iv) প্ৰট ‘য’ৱা: মেলেৰিয়া, কলাজ্বৰ আদি ৰোগ সৃষ্টি কৰে।

(v) কৃমিঃ গোধ বেমাৰ সৃষ্টি কৰে৷

প্রশ্ন 30 : ৰোগ নিবাৰণৰ সাধাৰণ পদ্ধতিৰ অন্তৰ্গত নীতি উল্লেখ কৰা।

উত্তৰ : ৰোগ নিবাৰণৰ সাধাৰণ পদ্ধতিৰ অন্তৰ্গত নীতি হ’ল—

(i) ৰোগ সৃষ্টিকাৰী অণুজীৱৰ প্ৰতি উন্মুক্তকৰণৰ নিবাৰণ৷

(ii) সকলোৰে বাবে উপযুক্ত আৰু পৰ্যাপ্ত খাদ্যৰ যোগান।

প্রশ্ন 31: সঞ্চাৰণক্ষম ৰোগ কাক বোলে ? এনে ৰোগৰ সঞ্চাৰণৰ চাৰিটা উপায় উল্লেখ কৰা৷

উত্তৰ: যিবিলাক ৰোগ অণুজীৱসমূহৰ সঞ্চাৰণৰ ফলত এজন আক্রান্ত ব্যক্তিৰ পৰা আন এজন সুস্থ ব্যক্তিলৈ বিয়পে, তেনে ৰোগক সঞ্চাৰণক্ষম ৰোগ বোলে।

এনে ৰোগসমূহৰ সঞ্চাৰণৰ চাৰিটা উপায় হ’ল—

(i) বায়ুৰ দ্বাৰা। যেনেঃ পানী লগা, যক্ষ্মা।

(ii) পানীৰ দ্বাৰা ৷ যেনে : কলেৰা।

(ii) প্ৰাণীৰ দ্বাৰা । যেনেঃ মেলেৰিয়া।

(iv) যৌন সম্পৰ্কৰ দ্বাৰা৷ যেনে : এইড্‌ চ ।

প্রশ্ন 32: সুস্বাস্থ্যৰ বাবে খাদ্যৰ ভূমিকা উল্লেখ কৰা।

উত্তৰ : সুস্বাস্থ্যৰ বাবে খাদ্যৰ ভূমিকা অপৰিসীম। যেনে:

(ক) খাদ্যই শৰীৰৰ কোষ আৰু কলাসমূহক বিভিন্ন কার্য সম্পন্ন কৰাৰ বাবে দৰকাৰ হোৱা শক্তি আৰু আন পদার্থ যোগান ধৰে।

(খ) খাদ্যৰ উপাদানবোৰৰ পৰাই আমাৰ শৰীৰত এণ্টিবডি গঠন হয়। সেয়ে উপযুক্ত খাদ্যই আমাৰ শৰীৰৰ অসংক্রাম্য তন্ত্ৰটো শক্তিশালী কৰি ৰাখে।

প্রশ্ন 33: ৰাজহুৱা পৰিষ্কাৰ-পৰিচ্ছন্নতা ব্যক্তিস্বাস্থ্যৰ বাবে কিয় দৰকাৰী ?

উত্তৰ : ৰাজহুৱা পৰিষ্কাৰ-পৰিচ্ছন্নতা ব্যক্তিস্বাস্থ্যৰ প্ৰতি অতিকৈ দৰকাৰী। কাৰণ ৰাজহুৱা স্থানত জমা হোৱা আৱৰ্জনা বা বন্ধ হৈ থকা নলা-নর্দমা আদিও বিভিন্ন সংক্রামক বীজাণুরে বংশবৃদ্ধি কৰি চাৰিওফালে ৰোগ বিয়পাব পাৰে। আনহাতে বন্ধ পানীত মেলেৰিয়া, ডেংগু আদি ৰোগ বিয়পোৱা মহে কণী পাৰে। সেয়ে ৰাজহুৱা পৰিষ্কাৰ-পৰিচ্ছন্নতা অবিহনে সমাজৰ কোনো ব্যক্তিয়ে সুস্বাস্থ্যৰ অধিকাৰী হ’ব নোৱাৰে।

প্রশ্ন 34: কলাকেন্দ্রিক বা অংগকেন্দ্ৰিক ৰোগৰ প্ৰভাৱ কি বুজাই লিখা।

উত্তৰ : ৰোগ সৃষ্টিকাৰী অণুজীৱসমূহে শৰীৰৰ কিছুমান নির্দিষ্ট কলা বা অংগৰহে আক্রমণ কৰে। উদাহৰণস্বৰূপে, যক্ষ্মা ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়াবিধে হাওফাওক আক্রমণ কৰে, জন্দিচ সৃষ্টিকাৰী ভাইৰাছবিধে যকৃতক আক্রমণ কৰে, জাপানীজ এনকেফেলাইটিচ ৰোগ সৃষ্টিকাৰী ভাইৰাছবিধে মস্তিষ্কক আক্ৰমণ কৰে ইত্যাদি।

সেয়ে কোনো নির্দিষ্ট অণুজীৱে যেতিয়া শৰীৰৰ কোনো এক নির্দিষ্ট কলা বা অংগক আক্রমণ কৰে, তেতিয়া সেই কলা বা অংগৰ নিয়মীয়া ক্রিয়া বা তাৰ আকৃতিৰ পৰিৱৰ্তন ঘটে। ফলত সেই বিশেষ কলা বা অংগৰ নানা উপসৰ্গ আৰু ৰোগৰ লক্ষণসমূহে দেখা দিয়ে। ইয়াকে সংক্রামক ৰোগৰ কলাকেন্দ্রিক বা অংগকেন্দ্ৰিক প্ৰভাৱ বোলে।

প্রশ্ন 35: সংক্রামক আৰু অসংক্রামক ৰোগৰ পাৰ্থক্য লিখা।

উত্তৰ: সংক্রামক আৰু অসংক্রামক ৰোগৰ পাৰ্থক্যসমূহ হ’ল—

(i) সংক্রামক রোগ এনে ৰোগৰ তাৎক্ষণিক কাৰণ হ’ল অণুজীৱ ।

(ii) এনে ৰোগ এজন আক্রান্ত ব্যক্তিৰ পৰা সুস্থ ব্যক্তিৰ শৰীৰলৈ বিয়পে।

অসংক্রামক ৰোগ এনে ৰোগৰ তাৎক্ষণিক কাৰণ আভ্যন্তৰীণ আৰু অসংক্রামক।

এনে ৰোগ এজন আক্রান্ত ব্যক্তিৰ পৰা সুস্থ ব্যক্তিলৈ নিবিয়পে।

প্রশ্ন 36: এন্টিবায়টিক কি? এণ্টিবায়টিক ব্যৱহাৰ কৰাৰ সুবিধা কি?

উত্তৰ : এণ্টিবায়টিক হ’ল এনে এবিধ বিশেষ ঔষধ যিয়ে বেক্টেৰিয়াৰ জীৱন- প্ৰক্ৰিয়াসমূহত বাধাৰ সৃষ্টি কৰে।

এণ্টিবায়টিকৰ ব্যৱহাৰৰ সুবিধা: সংক্রামক অভিকৰ্তাৰ কোনো এটা গোষ্ঠীৰ প্ৰত্যেক সদস্যই বহুকেইটা জীৱন প্ৰক্ৰিয়া একে ধৰণে সংঘটিত কৰে। কিন্তু এই জীৱন-প্ৰক্ৰিয়াসমূহৰ আন গোষ্ঠীৰ অভিকৰ্তাসমূহৰ জীৱন প্ৰক্ৰিয়াৰ লগত মিল নাথাকে। সেয়ে কোনো এক বিশেষ প্ৰজাতিৰ বেক্টেৰিয়াৰ বিৰুদ্ধে যেতিয়া এণ্টিবায়টিক ব্যৱহাৰ কৰা হয়, তেতিয়া ই বেক্টেৰিয়াৰ আন আন প্ৰজাতিৰ ওপৰতো সমানে কাম কৰে।

কিন্তু এইবিধ এণ্টিবায়টিকে ভাইৰাছ বা আন গোষ্ঠীৰ অভিকৰ্তাসমূহৰ জীৱন-প্ৰক্ৰিয়াত প্ৰভাৱ নেপেলোৱাৰ লগতে আমাৰ শৰীৰৰ জীৱন প্ৰক্ৰিয়াসমূহতো কোনো ধৰণৰ প্ৰভাৱ নেপেলায়। এয়াই এণ্টিবায়টিক ব্যৱহাৰৰ সুবিধা।

প্রশ্ন 37: অভিকর্তা আৰু বাহকৰ পাৰ্থক্য কি?

উত্তৰ: অভিকর্তা আৰু বাহকৰ মূল পার্থক্যসমূহ হ’ল—

অভিকর্তাবাহক
(i) অভিকর্তাসমূহ হ’ল কিছুমান অণুজীৱ বা জীৱ যিয়ে আমাৰ শৰীৰত বিভিন্ন সংক্রামক ৰোগৰ সৃষ্টি কৰে।বাহকবোৰ হ’ল কিছুমান প্রাণী যিয়ে এজন আক্রান্ত ব্যক্তিৰ শৰীৰৰপৰা | আন এজন সুস্থ ব্যক্তিৰ শৰীৰলৈ সংক্রামক অভিকর্তাসমূহ কঢ়িয়াই নিয়ে ।
(ii) কৃমি আৰু ভেঁকুৰৰ বাহিৰে সকলো সংক্রামক অভিকর্তা যেনে ভাইৰাছ, বেক্টেৰিয়া আৰু প্রট’য’ৱা এককোষী জীৱ।সকলো রাহকেই যেনে মহ, মাখি, পইতাচোৰা, এন্দুৰ আদি বহুকোষী প্রাণী।

প্রশ্ন 38 : সংক্রামক অভিকর্তা কাক বোলে? ইহঁত কেইপ্ৰকাৰৰ আৰু কি কি? প্রত্যেকৰে বিষয়ে চমুকৈ লিখা।

উত্তৰ: যিবোৰ অণুজীৱ বা জীৱে আমাৰ শৰীৰত বিভিন্ন সংক্রামক ৰোগৰ সৃষ্টি কৰে, তাক সংক্রামক অভিকর্তা বোলে।

সংক্রামক অভিকর্তাসমূহক পাঁচটা গোষ্ঠীত বিভক্ত কৰা হৈছে। সেইবোৰৰ বিষয়ে

তলত উল্লেখ কৰা হ’ল—

(ক) ভাইৰাছ: ই এবিধ ৰোগসৃষ্টিকাৰী অণুজীৱ। ই আন অণুজীৱসমূহৰ তুলনাত পৃথক চাৰিত্ৰিক বৈশিষ্ট্যযুক্ত হয়। কাৰণ বাহিৰৰ পৰিৱেশত ভাইৰাছৰ কোনো কোষাৱৰণ নাথাকে আৰু ই জীৱৰ কোনো বৈশিষ্ট্য নেদেখুৱায়। কিন্তু আন জীৱৰ দেহৰ ভিতৰত প্ৰৱেশ কৰি ই জীৱিত ৰূপ পায় আৰু পোষক জীৱটোৰ ব্যক্তিগত জীৱন-প্ৰক্ৰিয়াৰ কৌশলসমূহ ব্যৱহাৰ কৰি বংশবৃদ্ধি কৰে। সেয়ে ভাইৰাছ প্ৰতিৰোধী ঔষধ প্রস্তুতকৰণৰ এটা গুৰুতৰ সমস্যা, কাৰণ এনে ঔষধে পোষক জীৱটোৰ জীৱন-প্ৰক্ৰিয়াতো প্ৰভাৱ পেলায়।

ভাইৰাছৰ দ্বাৰা সৃষ্টি হোৱা কেইটামান ৰোগ হ’ল— পানী লগা, ইনফ্লুৱেঞ্জা, ডেংগু, জন্দিচ, এইডচ আদি ।

(খ) বেক্টেৰিয়া: ই এবিধ ৰোগ সৃষ্টিকাৰী এককোষী আৰু প্ৰকোষকেন্দ্ৰীয় অণুজীৱ । ই মনেৰা ৰাজ্যৰ অন্তৰ্গত। বেক্টেৰিয়াৰ দ্বাৰা সৃষ্টি হোৱা ৰোগৰ উদাহৰণ হ’ল— কলেৰা, টাইফয়ড, যক্ষ্মা, এনথ্রাক্স আদি।

(গ) ভেঁকুৰ: ই এবিধ ৰোগ সৃষ্টিকাৰী অণুজীৱ। এনে ৰোগৰ কাৰক ভেঁকুৰসমূহ এককোষী বা বহুকোষী হ’ব পাৰে। ইহঁত সংকোষকেন্দ্রীয় আৰু ভেঁকুৰ ৰাজ্যৰ অন্তৰ্গত। ৰোগ সৃষ্টিকাৰী ভেঁকুৰৰ দ্বাৰা সাধাৰণতে নানাধৰণৰ চৰ্ম ৰোগে দেখা দিয়ে।

(ঘ) প্ৰট’য’ৱা: ই এবিধ ৰোগ সৃষ্টিকাৰী অণুজীৱ। ইহঁত প্ৰটিষ্টা ৰাজ্যৰ অন্তৰ্গত। ইহঁত এককোষী আৰু সংকোষকেন্দ্রীয়। প্লাজম ‘ডিয়াম, এণ্টামিবা আদি এট ‘য’ৱাৰ উদাহৰণ যাব বাবে ক্ৰমে মেলেৰিয়া আৰু গ্ৰহণী ৰোগৰ সৃষ্টি হয়। প্ৰট’য’ৱাৰ দ্বাৰা সৃষ্টি হোৱা সংক্ৰামক ৰোগৰ উদাহৰণ হ’ল— গ্ৰহণী, মেলেৰিয়া আৰু কলাজ্বৰ।

(ঙ) কৃমি: ই এবিধ ৰোগ সৃষ্টিকাৰী বহুকোষী জীৱ। ইহঁত ঘূৰণীয়া কৃমি আৰু চেপেটা কৃমি পৰ্বৰ অন্তৰ্গত ৷ কৃমিৰ দ্বাৰা হোৱা ৰোগৰ উদাহৰণ হ’ল— ফাইলেৰিয়া পেলুৰ দ্বাৰা সৃষ্টি হোৱা গোধ বেমাৰ আৰু অস্ত্ৰত থকা ঘূৰণীয়া পেলুৰ দ্বাৰা সৃষ্টি হোৱা অস্ত্ৰৰ সংক্ৰমণ।

Conclusion:

আমি বিশ্বাস কৰোঁ যে এই টোকাবোৰে শিক্ষাৰ্থীসকলক বিষয়বোৰৰ বিষয়ে ভালদৰে বুজাবুজি বিকশিত কৰাত আৰু তেওঁলোকৰ পৰীক্ষাৰ বাবে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰিব।

আমি নিশ্চিত যে এই টোকাবোৰে শিক্ষাৰ্থীসকলক তেওঁলোকৰ লক্ষ্য প্ৰাপ্ত কৰাত আৰু তেওঁলোকৰ শৈক্ষিক প্ৰদৰ্শন বৃদ্ধি কৰাত সহায় কৰিব। যদি আপুনি এই প্ৰবন্ধটো ভাল পায় আৰু সহায়ক হয় তেন্তে আপোনাৰ বন্ধুবৰ্গৰ সৈতে Share কৰিবলৈ নাপাহৰিব।

Leave a Comment

error: Content is protected !!