Class 9 Science Chapter 12 |শব্দ Sound Question Answer |SEBA: আমাৰ ৱেবছাইটলৈ স্বাগতম! আপোনাৰ শৈক্ষিক যাত্ৰাৰ বাবে আপোনাক নৱম শ্ৰেণীৰ Notes প্ৰদান কৰি আমি আনন্দিত।
আজি, এই প্ৰবন্ধটোত মই আপোনাৰ নৱম শ্ৰেণীৰ “শব্দ Sound ” দীঘলয়া আৰু চুটি প্ৰশ্ন আলোচনা কৰিম| আমি প্ৰায় সকলো দীঘলয়া আৰু চুটি প্ৰশ্ন Solution প্ৰদান কৰিছোঁ।
আমাৰ লক্ষ্য হৈছে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰা। আমি ইয়াত বিনামূলীয়াকৈ Notes সমূহ প্ৰদান কৰিছো। আমি আপোনাক আগন্তুক পৰীক্ষাৰ বাবে শুভেচ্ছা জনাইছো। যদি আপোনাৰ কোনো সন্দেহ আছে তেন্তে আমাৰ সৈতে যোগাযোগ কৰক।
Class 9 Science Chapter 12 শব্দ Question Answer
অতি চমু প্রশ্নোত্তৰ
প্রশ্ন 1: শব্দ উৎপন্নৰ বাবে প্রধানত কিহৰ প্ৰয়োজন ?
উত্তৰঃ শব্দ উৎপন্নৰ বাবে মাধ্যমত কম্পনৰ প্ৰয়োজন।
প্রশ্ন 2: মানুহৰ মাত কিহৰ দ্বাৰা উৎপন্ন হয়?
উত্তৰ : মানুহৰ মাত মানুহৰ স্বৰতন্ত্ৰত থকা সুৰতন্ত্ৰী (vocal cord) ৰ দ্বাৰা উৎপন্ন হয়।
প্রশ্ন 3ঃ মাধ্যম অবিহনে শব্দৰ সঞ্চালন সম্ভৱনে?
উত্তৰ : নহয় ।
প্রশ্ন 4ঃ শব্দ তৰংগ বাহিত হওঁতে মাধ্যমটি বাহিত হয়নে?
উত্তৰ : নহয় ।
প্রশ্ন 5ঃ শব্দ তৰংগ কি প্ৰকৃতিৰ তৰংগ ?
উত্তৰঃ শব্দ তৰংগ অনুদৈর্ঘ্য যান্ত্রিক তৰংগ।
প্রশ্ন 6ঃ শব্দ তৰংগই বায়ুৰ মাজেৰে সঞ্চালন হওঁতে বায়ুত কি পৰিঘটনা ঘটে?
উত্তৰঃ শব্দ তৰংগই বায়ুৰ মাজেৰে সঞ্চালিত হওঁতে বায়ুত সংকোচন আৰু প্ৰসাৰণৰ সৃষ্টি কৰে।
প্রশ্ন 7:শব্দ কি আৰু কেনেকৈ উৎপন্ন কৰা হয় ?
উত্তৰঃ শব্দ হ’ল অনুদৈৰ্ঘ্য তৰংগ যিয়ে আমাৰ কাণত অনুভূতি সঞ্চাৰ কৰে। ইয়াক যিকোনো মাধ্যমত কম্পন উৎপন্ন কৰি উৎপন্ন কৰা হয় ।
প্রশ্ন ৪ : দুটা অনুক্ৰমিক তৰংগ শীর্ষ আৰু তৰংগ খাদ বা সংকোচন আৰু প্ৰসাৰণ (তনুভৱন) ৰ মাজৰ দূৰত্বক কি বোলে?
উত্তৰ : তৰংগ দৈৰ্ঘ্য বোলে।
প্রশ্ন 9 : এটা অনুক্রমিক সংকোচন আৰু প্ৰসাৰণৰ মাজৰ দূৰত্বৰ জোখে কি দিয়ে?
উত্তৰঃ সেই তৰংগৰ আদ্য তৰংগ দৈৰ্ঘ্যৰ জোখ দিয়ে।
প্রশ্ন 10: কি কি চৰিত্ৰৰ ভিত্তিত শব্দ তৰংগৰ বৰ্ণনা দিব পাৰি ?
উত্তৰ : কম্পনাংক, বিস্তাৰ আৰু দ্ৰুতি এই চৰিত্ৰ কেইটাৰ ওপৰত ভিত্তি কৰি শব্দ তৰংগৰ বৰ্ণনা দিব পাৰি।
প্রশ্ন 11: হেনছি ৰুডলফ্ হাৰ্টজ কোন আছিল ?
উত্তৰ : হেনৰিছ ৰুডলফ্ হার্টজ জার্মান পদার্থ বিজ্ঞানী আছিল।
প্রশ্ন 12 : হার্টজে কি পৰীক্ষা সাব্যস্ত কৰিছিল ?
উত্তৰ : হার্টজে মেক্সৱেলৰ বিদ্যুৎ চুম্বকীয় তত্ত্ব স্যব্যস্ত কৰিছিল।
প্রশ্ন 13 : আলোক বিদুৎ পৰিঘটনা কোনে আৱিষ্কাৰ কৰিছিল ?
উত্তৰ : হেনৰিছ ৰুডলফ্ হার্টজ নামৰ বিজ্ঞানীজনে আলোক বিদ্যুৎ পৰিঘটনা আবিষ্কাৰ কৰিছিল।
প্রশ্ন 14 : কম্পনাংকৰ সংজ্ঞা দিয়া।
উত্তৰঃ প্ৰতি ছেকেণ্ডত কোনো ঘূর্ণনশীল বা কম্পনশীল বস্তু এটাই সম্পন্ন কৰা ঘূর্ণন বা কম্পনকে তাৰ কম্পনাংক বোলে।
প্রশ্ন 15 : পৰ্য্যাযকালৰ সংজ্ঞা লিখা।
উত্তৰ: এটা কম্পন বা ঘূর্ণন সম্পূর্ণ হওঁতে প্রয়োজন হোৱা সময়কে তাৰ পৰ্যায়কাল বোলে।
প্রশ্ন 16 : পৰ্য্যায়কাল আৰু কম্পনাংকৰ সম্পৰ্ক কি?
উত্তৰঃ পৰ্য্যায়কাল আৰু কম্পনাংক (v) ৰ সম্পৰ্ক হ’ল –
প্রশ্ন 17 : কম্পনাংকৰ একক কি?
উত্তৰঃ কম্পনাংকৰ একক হ’ল হাৰ্টজ (Hertz:Hz) |
প্রশ্ন 18: শব্দ তৰংগৰ দ্ৰুতি (v), কম্পনাংক আৰু তৰংগদৈৰ্ঘ্যৰ সম্পৰ্কটো লিখা।
উত্তৰ : কম্পনাংক (v), তৰংগদৈৰ্ঘ্য (1) আৰু দ্ৰুতি (v) ৰ মাজৰ সম্বন্ধটো হ’ল- v = ul
প্রশ্ন 19 : দুজন মানুহৰ কথাৰ মাজত শুনা শব্দ দুটা কি কাৰণত বেলেগ বেলেগ হয় ?
উত্তৰ : শব্দৰ তীক্ষ্ণতা শব্দ অনুযায়ী বেলেগ বেলেগ হোৱা বাবে এনে হয়।
প্রশ্ন 20: শব্দৰ গুণ বা ধ্বনি বৈশিষ্ট্যই কি বুজায়?
উত্তৰঃ শব্দৰ গুণ বা ধ্বনি বৈশিষ্ট্যই একে তীক্ষ্ণতা আৰু তীব্রতাৰ দুটা শব্দৰ মাজৰ পাৰ্থক্য অনুভূত কৰোৱায়।
প্রশ্ন 21: স্বৰ কাক বোলে?
উত্তৰঃ এটা কম্পনাংক বিশিষ্ট শব্দক স্বৰ বা টোন (tone) বোলে।
প্রশ্ন 22: সুৰ (note) কাক বোলে?
উত্তৰ : কেইবাটাও কম্পনাংকৰ সংমিশ্ৰণত সৃষ্টি হোৱা শ্ৰুতি মধুৰ শব্দক সুৰ বা নোট বোলে।
প্রশ্ন 23: কোলাহল কি?
উত্তৰঃ কেবাটাও কম্পনাংকৰ যধেমধে সংমিশ্ৰণত হোৱা শ্ৰুতিকটু শব্দক কোলাহল বা noise বোলে।
প্রশ্ন 24: শব্দ তৰংগৰ প্রাবল্য কাক বোলে?
উত্তৰঃ প্ৰতি ছেকেণ্ডত একক কালিৰ মাজেৰে পাৰ হৈ যোৱা শব্দ শক্তিৰ পৰিমাণক শব্দ তৰংগৰ প্রাবল্য বোলে।
প্রশ্ন 25: শব্দ তৰংগৰ তীব্রতা কি
উত্তৰঃ আমাৰ কাণে শব্দ তৰংগক দিয়া সহাৰিকে সেই শব্দৰ প্রাবল্য বোলে। অর্থাৎ একে তীব্ৰতাৰ শব্দ হ’লেও তাৰ তীব্রতা কাণে দিয়া সহাৰিৰ ওপৰত নিৰ্ভৰশীল।
প্রশ্ন 26: বিজুলীৰ পোহৰ দেখা পোৱাৰ কিছুসময় পাছতহে ঢেৰেকনি শুনা যায় কিয় ?
উত্তৰ : শব্দৰ বেগ পোহৰৰ বেগতকৈ বহুত কম বাবে বিজুলীৰ পোহৰ দেখা পোৱাৰ কিছু পাছতহে ঢেৰেকণি শুনা যায় ।
প্রশ্ন 27 : বায়ুত শব্দৰ বেগ 0°C উষ্ণতাত কিমান?
উত্তৰ : 0° ছে. উষ্ণতাত বায়ুত শব্দৰ বেগ 331ms।
প্রশ্ন 28: 220 ছে. উষ্ণতাত বায়ুত শব্দৰ বেগ কিমান?
উত্তৰ : 22° ছে. উষ্ণতাত বায়ুত শব্দৰ বেগ 344ms ।
প্রশ্ন 29 : উষ্ণতাৰ লগত শব্দৰ দ্ৰুতিৰ সম্পৰ্ক কি?
উত্তৰ : উষ্ণতা বাঢ়িলে শব্দৰ দ্ৰুতি বাঢ়ে।
প্রশ্ন 30:25° ছে. উষ্ণতাত সাগৰৰ পানীৰ মাজেৰে শব্দৰ বেগ কিমান?.
উত্তৰঃ 25° ছে. উষ্ণতাত সাগৰৰ পানীৰ মাজেৰে শব্দৰ বেগ 1531 মি./ছে.।
প্রশ্ন 31: প্রঘাতী তৰংগৰ সৃষ্টি কিদৰে হয় ?
উত্তৰঃ শব্দৰ উৎস এটাই শব্দতকৈ অধিক বেগত গতি কৰিলে ই বায়ুত যি তৰংগৰ সৃষ্টি কৰে তাকে প্রঘাতী তৰংগ বোলে।
প্রশ্ন 32: শাব্দিক বিষ্ফোৰণ’ বা ‘চনিক ৰূম’ কি?
উত্তৰঃ প্রঘাতী তৰংগৰ লগত জড়িত বায়ুৰ চাপৰ পৰিবৰ্তনে ক্ষণিকৰ বাবে এক সুতীব্ৰ শব্দৰ সৃষ্টি কৰে। ইয়াকে ‘শাব্দিক বিষ্ফোৰণ’ বোলে৷
প্রশ্ন 33 (a) : শব্দৰ প্ৰতিফলন বুলিলে কি বুজা?
উত্তৰ : শব্দই কোনো বস্তুত আপতিত হৈ পুনৰ মাধ্যমলৈ ঘূৰি অহাকে শব্দৰ প্রতিফলন বোলে।
প্রশ্ন 33: প্রতিধ্বনি কাক বোলে?
উত্তৰ : শব্দই কোনো প্রতিবন্ধকৰ পৰা প্ৰতিফলিত হৈ পুনৰ কাণত অনুভূত হোৱাকে প্রতিধ্বনি বোলে।
প্রশ্ন 34: প্রতিধ্বনি শুনিবলৈ হ’লে উৎস আৰু শ্ৰোতাৰ মাজৰ নিম্নতম দূৰত্ব কিমান হ’ব লাগে?
উত্তৰ : 17.2 মিটাৰ।
প্রশ্ন 35: অনুৰণন কাক বোলে?
উত্তৰঃ ডাঙৰ হল ঘৰ এটাত পুনঃপুনঃ প্রতিফলিত শব্দই শ্রাব্যসীমাৰ তললৈ হ্রাস নোপোৱা পৰ্য্যন্ত শ্ৰোতাৰ কাণত বাজি থকাকে অনুৰণন বোলে।
প্রশ্ন 36ঃ শব্দৰ পুনঃপুনঃ প্ৰতিফলনৰ দুটা ব্যৱহাৰ উল্লেখ কৰা।
উত্তৰঃ (i) হর্ণ বা শিঙা আৰু (ii) ষ্টেথ’স্ক’প।
প্রশ্ন 37: অতিশব্দ কি ?
উত্তৰঃ যি শব্দৰ কম্পনাংক 20KHz অতকৈ বেছি তাকে অতিশব্দ বোলে।
প্রশ্ন 38: অৱশব্দ কাক কয়?
উত্তৰঃ 20K Hz অতকৈ কম কম্পনাংকৰ শব্দক অৱশব্দ ‘বোলে ৷
প্রশ্ন 39 : অতিশব্দৰ এটা ব্যৱহাৰ উল্লেখ কৰা।
উত্তৰঃ সাগৰৰ গভীৰতা নির্ণয়ৰ বাবে অতিশব্দ ব্যৱহাৰ হয়।
প্রশ্ন 40 : প্রতিধ্বনি হৃদয়লেখ (echocardiograph) কাক বোলে?
উত্তৰঃ অতিশাব্দিক তৰংগক হৃদপিণ্ডৰ বিভিন্ন অংশৰ পৰা প্ৰতিফলিত কৰোৱাই হৃদপিণ্ডৰ প্ৰতিবিম্ব গঠন কৰা হয়। এই পদ্ধতিক প্রতিধ্বনি হৃদয়লেখ বোলে।
প্রশ্ন 41: SONAR ৰ পূৰ্ণ পাঠ কি?
উত্তৰঃ Sound Navigation and Ranging.
প্রশ্ন 42: বাদুলীয়ে ৰাতি কি তৰংগ ব্যৱহাৰ কৰি তাৰ খাদ্য বিচাৰে?
উত্তৰঃ অতিশব্দ ব্যৱহাৰ কৰি।
প্রশ্ন 43 : শুদ্ধ উত্তৰ বাছি উলিওৱা :
(i) এটা বস্তুৱে এক ছেকেণ্ডত 10 বাৰ কম্পন কৰে। বস্তুটোৰ গতিৰ পৰ্যায় কাল।
(a) 100 (b) 10 (c) 1 (d) 0.1
উত্তৰঃ 1 (d)
(ii) : এটা সৰল দোলকৰ পৰ্যায় কাল 2 ছেকেণ্ড। দোলকটোৱে এক ছেকেণ্ডত সম্পূৰ্ণ কৰা দোলনৰ সংখ্যা
(a) 2 (b) 1 (c) 0.5 (d) 0.2
উত্তৰঃ 2. (c)
(iii) ভুল উক্তিটো চিনাক্ত কৰা।
(a) যান্ত্রিক তৰংগৰ সঞ্চালনৰ বাবে এটা মাধ্যমৰ প্ৰয়োজন।
(b) যান্ত্রিক তৰংগই শক্তি কঢ়িয়ায়।
(c) যান্ত্ৰিক তৰংগই ভৰবেগ কঢ়িয়ায় ।
(d) যান্ত্রিক তৰংগৰ বেগ উৎসৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল।
উত্তৰঃ 3. (c)
(iv) দুটা তৰংগৰ কম্পনাংক আৰু বেগ সমান সমান। তৰংগ দুটাৰ তৰংগ দৈৰ্ঘ্য ক্ৰমে λ1 আৰু λ2, হ’লে
(a) λ1 < λ2
(b) λ1 > λ2
(c) λ1 = λ2
(d) λ1 ≥ λ2
উত্তৰঃ 4. (c)
(v) তৰংগৰ বেগ
(a) পর্যাবৃত্ত গতিত থকা মাধ্যমৰ কণাবোৰৰ বেগৰ সমান।
(b) পর্যাবৃত্ত গতিত থকা মাধ্যমৰ কণাবোৰৰ বেগৰ লগত সম্পৰ্কৰহিত।
(c) পর্যাবৃত্ত গতিত থকা মাধ্যমৰ কণাবোৰৰ বেগৰ ওপৰত নিৰ্ভৰ কৰে।
(d) পর্যাবৃত্ত গতিত থকা মাধ্যমৰ কণাবোৰৰ বেগৰ দুগুণ।
উত্তৰঃ 5. (b)
(vi) অনুপ্ৰস্থ তৰংগৰ দুটা অনুক্রমিক শীৰ্ষৰ মাজৰ দূৰত্ব
(a) λ (b)λ/2 (c) 2λ (d) 1/λ
(ইয়াত λ ই তৰংগদৈৰ্ঘ্য বুজাইছে।)
উত্তৰঃ 6. (a).
(vii) অনুদৈৰ্ঘ্য তৰংগৰ দুটা অনুক্ৰমিক প্ৰসাৰণৰ মাজৰ দূৰত্ব
(a) λ (b)λ/2 (c) 2λ (d) 1/λ
(ইয়াত λ ই তৰংগদৈৰ্ঘ্য বুজাইছে।
উত্তৰঃ 7. (a)
প্রশ্ন ৪. অনুপ্রস্থ তৰংগৰ অনুক্রমিক শীৰ্ষ আৰু খাদৰ মাজৰ দূৰত্ব
(a) λ (b)λ/2 (c) 2λ (d) 1/λ
(ইয়াত λ ই তৰংগদৈৰ্ঘ্য বুজাইছে।)
উত্তৰঃ 8. (b)
(viii) অনুদৈৰ্ঘ্য তৰংগৰ অনুক্ৰমিক প্ৰসাৰণ আৰু সংকোচনৰ মাজৰ দূৰত্ব
(a) λ (b)λ/2 (c) 2λ (d) 1/λ
(ইয়াত λ ই তৰংগদৈর্ঘ্য বুজাইছে।)
উত্তৰঃ 9. (b)
(ix) অনুদৈৰ্ঘ্য তৰংগৰ সংকোচনৰ স্থানত
(a) পদাৰ্থৰ ঘনত্ব বাঢ়ি সর্বাধিক হয়।
(b) পদাৰ্থৰ ঘনত্ব কমি সর্বনিম্ন হয়।
(c) পদাৰ্থৰ ঘনত্বৰ কোনো সলনি নহয়।
(d) পদাৰ্থৰ ঘনত্ব বাঢ়িবও পাৰে অথবা কমিবও পাৰে।
(x) শব্দ তৰংগ–
(a) যান্ত্রিক তৰংগ
(b) অনুদৈৰ্ঘ্য তৰংগ ·
(c) চাপ তৰংগ
(d) তিনিওটা উত্তৰেই শুদ্ধ
উত্তৰঃ 10. (a),
(xi) শব্দ তৰংগৰ বেগ সর্বোচ্চ–
(a) তীখাত (b) পানীত (c) O,ত (d) বায়ুত
উত্তৰঃ 11. (d)
(xii) একে উষ্ণতাত শব্দৰ বেগ সৰ্বোচ্চ হ’ব
(a) H2 ত
(b) N2
(c) O2
(d) বায়ুত
উত্তৰঃ 12. (a)
(xiii) যিটো কাৰকে বায়ুত শব্দৰ বেগৰ ওপৰত প্ৰভাৱ নেপেলাই সেইটো হ’ল
(a) উষ্ণতা (b) আর্দ্রতা (c) বতাহ (d) উৎসৰ প্ৰকৃতি
উত্তৰঃ 13. (a)
(xiv) আর্দ্র বায়ুত শব্দৰ বেগ–
(a) শুকান বায়ুত শব্দৰ বেগতকৈ বেছি।
(b) শুকান বায়ুত শব্দৰ বেগতকৈ কম।
(c) শুকান বায়ুত শব্দৰ বেগৰ সমান।
(d) উৎসৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি শুকান বায়ুত শব্দৰ বেগতকৈ বেছিও হ’ব পাৰে অথবা কমো হ’ব পৰে ।
উত্তৰঃ 14. (d),
(xv) বায়ুত শব্দৰ ৰেগ—
(a) উষ্ণতা কমিলে বাঢ়ে।
(b) উষ্ণতা বাঢ়িলে বাঢ়ে।
(c) উষ্ণতাৰ ওপৰত নিৰ্ভৰশীল নহয়।
(d) ওপৰৰ এটাও উক্তি শুদ্ধ নহয়।
উত্তৰঃ 15. (a),
(xvi) বায়ুত অতিশব্দৰ তৰংগদৈৰ্ঘ্যৰ (মি. এককত) মান প্রায়
(a) 10-2 (b) 10² (c) 10-¹ (d) 10¹
উত্তৰঃ 16. (b)
(xvii) চাৰিটা ভিন ভিন উৎসৰ পৰা নিম্নোক্ত কম্পনাংকৰ শব্দ তৰংগ নিৰ্গত হৈছে। তাৰে যিটো শুনা নাযায় সেইটো চিনাক্ত কৰা।
(a) 10 হার্জ (b) 100 হার্জ (c) 1000 হার্জ (d) 10000 হার্জ
উত্তৰঃ 17. (a)
(xviii) অশুদ্ধ উক্তিটো চিনাক্ত কৰা।
(a) মানুহে অতিশব্দ শুনা নাপায়।
(b) সাধাৰণ শব্দতকৈ অতিশব্দ অধিক শক্তিশালী।
(c) শক্তিৰ বিশেষ হানি নোহোৱাকৈ অতিশব্দ যথেষ্ট দূৰত্বলৈ সঞ্চালিত হ’ব পাৰে।
(d) শ্রাব্য শব্দতকৈ অতিশব্দৰ বেগ বেছি।
উত্তৰঃ 18. (a)
(xix) অতিশব্দ এবিধ-
(a) বিদ্যুৎ চুম্বকীয় তৰংগ।
(b) অনুপ্ৰস্থ যান্ত্ৰিক তৰংগ ।
(c) অনুদৈর্ঘ্য যান্ত্রিক তৰংগ।
(d) কোনোটো উত্তৰেই শুদ্ধ নহয় ।
উত্তৰঃ 19. (d)
চমু প্রশ্নোত্তৰ
প্রশ্ন 1: স্পন্দশীল বস্তু এটাই মাধ্যমত উৎপন্ন কৰা শব্দ কেনেকৈ তোমাৰ কাণ পায়গৈ?
উত্তৰঃ স্পন্দনশীল বস্তুটোৱে বায়ু মাধ্যমত সংকোচন আৰু প্ৰসাৰণৰ সৃষ্টি কৰি অনুদৈৰ্ঘ্য কৰি তৰংগৰ উৎপন্ন কৰে। এই তৰংগই শব্দ তৰংগৰ ৰূপত আমাৰ কাণ পায়। মাধ্যমত উৎপন্ন কৰা অনুক্রমিক সংকোচন আৰু প্ৰসাৰণে এটাৰ পাছত এটাকৈ নিৰবিচ্ছিন্ন ভাৱে গতি কৰে। বহিকৰ্ণই ইয়াক সংগ্ৰহ কৰি ই শ্রবণ নলীৰে মধ্যকৰ্ণত প্ৰৱেশ কৰে। তাত কৰ্ণমাদলত কম্পনৰ সৃষ্টি কৰে আৰু ইয়ে শ্ৰৱণ অনুভূতি যোগায়।
প্রশ্ন 2: তোমাৰ স্কুলৰ ঘণ্টাটোৱে কেনেদৰে শব্দৰ সৃষ্টি কৰে বৰ্ণনা কৰা ।
উত্তৰঃ স্কুলৰ ঘণ্টাটো কোবাই দিয়াৰ লগে লগে তাত কম্পনৰ সৃষ্টি হয়। এই কম্পনে কাষৰ বায়ুত কপনি তোলে। বায়ুত তোলা কম্পনে তাত সংকোচন প্ৰসাৰণৰ সৃষ্টি কৰে আৰু অনুদৈৰ্ঘ্য তৰংগ হিচাবে এই শক্তি শব্দ তৰংগৰ ৰূপত বাহিত হয়।
যদি ঘণ্টাটো হাতেৰে ছুই দিয়া যায়, ইয়াৰ কপনি অনুভূত হয়। গতিকে কম্পনশীল বস্তুৱে শব্দ তৰংগৰ সৃষ্টি কৰে।
প্রশ্ন 3 : শব্দ তৰংগক কিয় যান্ত্ৰিক তৰংগ বুলি কোৱা হয় ?
উত্তৰঃ শব্দ তৰংগৰ উৎপন্নৰ বাবে আঘাতৰ প্ৰয়োজন। এই আঘাত কোনো বস্তুত কৰা হয় আৰু ইয়াৰ সঞ্চালনৰ বাবে গোটা, তৰল বা গেছীয় মাধ্যমৰ প্ৰয়োজনো হয়। য বা সঁজুলিৰ প্ৰয়োজন বাবে ইয়াক যান্ত্রিক তৰংগ বোলা হয়।
প্রশ্ন 4: ধৰাহওক, তুমি আৰু তোমাৰ বন্ধু চন্দ্ৰত আছা। তোমাৰ বন্ধুৱে উৎপন্ন কৰা যিকোনা শব্দ শুনিবলৈ সমৰ্থ হ’বানে?
উত্তৰঃ নহও। কাৰণ চন্দ্ৰত বায়ু নাই। গতিকে বন্ধুৱে মোক কোৱা কথাবোৰ কঢ়িয়াই নিবলৈ তাত মাধ্যম নাই। গতিকে বন্ধুৰ কথা শুনিবলৈ সমৰ্থ নহম।
প্রশ্ন 5 : তৰংগৰ কি ধৰ্মই (a) তীব্রতা আৰু (b) তীক্ষ্ণতা নির্ণয় কৰে?
উত্তৰঃ
(a) তৰংগৰ বিস্তাৰে তাৰ তীব্রতা নির্ণয় কৰে।
(b) তৰংগৰ কম্পনাংকই তাৰ তীক্ষ্ণতা নির্ণয় কৰে।
প্রশ্ন 6 : গাড়ীৰ হৰ্ন আৰু গীটাৰ, এই দুয়োটাৰ ভিতৰত কোনটোৰ শব্দৰ তীক্ষ্ণতা বেছি?
উত্তৰঃ গীটাৰৰ শব্দৰ তীক্ষ্ণতা গাড়ীৰ হৰ্ণতকৈ বেছি। কাৰণ গীতাৰৰ শব্দৰ কম্পনাংক গাড়ীৰ হৰ্ণৰ শব্দৰ কল্পনাংকতকৈ অধিক হয়।
প্রশ্ন 7: শব্দ তৰংগৰ তৰংগদৈৰ্ঘ্য, কম্পনাংক, পর্যায় কাল আৰু বিস্তাৰৰ সংজ্ঞা লিখা।
উত্তৰঃ তৰংগ দৈৰ্ঘ্য (A) : দুটা অনুক্রমিক সংকোচন অথবা দুটা অনুক্ৰমিক প্ৰসাৰণৰ মাজৰ দূৰত্বকে সেই তৰংগৰ তৰংগ দৈৰ্ঘ্য বোলে।
কম্পনাংক (n): প্রতিছেকেণ্ডত সম্পন্ন হোৱা কম্পন /দোলন বা ঘূর্ণনৰ সংখ্যাকে “কম্পনাংক বোলে।
পর্যায়কাল (T): এটা কম্পন/দোলন বা ঘূর্ণনৰ বাবে প্ৰয়োজনীয় সময়কে পর্যায় কাল বোলে।
বিস্তাৰ (A) : দোলন শীল বস্তু এটাই তাৰ সাম্য অৱস্থাৰ পৰা লাভ কৰা সবোচ্চ সৰণকে তাৰ বিস্তাৰ বোলে।
প্রশ্ন ৪ঃ শব্দ তৰংগৰ কম্পনাংক আৰু তৰংগ দৈর্ঘ্য কি দৰে দ্ৰুতিৰ সৈতে জড়িত হৈ আছে?
উত্তৰঃ শব্দ তৰংগৰ কল্পনাংক (n), তৰংগ দৈৰ্ঘ্য (1) সেই শব্দ তৰংগটোৰ দ্ৰুতি
(v) ৰ সৈতে কৰা সম্পৰ্কটো হ’ল :
দ্রুতি = কম্পনাংক × তৰংগ দৈৰ্ঘ্য
=>v=n × λ
প্রশ্ন 9 : শব্দৰ তীব্ৰতা আৰু প্ৰাৱল্যৰ মাজৰ পাৰ্থক্য কি ?
উত্তৰঃ তীব্রতা (loudness) হ’ল আমাৰ কাণে শব্দক দিয়া সহাবিব জোখ। কাণে যিটো শব্দকে বেছি গুৰুত্ব দি শুনাৰ যত্ন কৰে তাৰে তীব্রতা বেছি পায়। তীব্রতাৰ মান শব্দৰ প্রাবল্য আৰু কাণে দিয়া সহাৰিৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু প্রাবল্য (Intensity) হ’ল – প্ৰতি ছেকেণ্ডত একক ক্ষেত্রফলৰ মাজেৰে পাৰ হৈ যোৱা শব্দ শক্তিৰ পৰিমাণ।
প্রশ্ন 10 : বায়ু, পানী আৰু লোৰ ভিতৰত কোনটো মাধ্যমত এক নির্দিষ্ট উষ্ণতাত শব্দৰ দ্ৰুতি আটাইতকৈ বেছি?
উত্তৰ : বায়ু পানী আৰু লোৰ ভিতৰত শব্দই এক নির্দিষ্ট উষ্ণতাত লোৰ মাজেৰে আটাইতকৈ বেছি বেগেৰে গতি কৰে।
লোত শব্দৰ বেগ = 5950ms-1 (প্রায়)
পানীত = 1500 ms-1 (প্রায়)
বায়ুত = 346ms-1 (প্রায়)
প্রশ্ন 11ঃ সংগীত সমলয়ৰ প্ৰেক্ষাগৃহৰ মূধচখন বক্ৰাকৃতিৰ কিয় হয় ?
উত্তৰঃ সংগীত সমলয়ৰ প্ৰেক্ষাগৃহৰ মুধচখন (চিলিংখন) বক্ৰাকৃতিৰ কৰা হয়। কাৰণ হ’ল বক্ৰাকৃতিৰ পৃষ্ঠৰ পৰা প্ৰতিফলিত হোৱা শব্দ তৰংগই গোটেই প্রেক্ষাগৃহৰ চুক কোণ আদি কৰি সকলো ঠাইতে প্রতিফলিত হয়। গতিকে সকলো দর্শক শ্রোতাই সংগীত সমলয়ৰ কাৰ্যসূচী উপভোগ কৰিব পাৰে৷
তলৰ চিত্ৰত ইয়াক দেখুউৱা হৈছে:
চিত্ৰ : বক্ৰাকৃতিৰ মুধচৰ প্ৰেক্ষাগৃহ।
প্রশ্ন 12 : সাধাৰণতে মানুহৰ কাণৰ শ্ৰাব্য পৰিসৰ কি?
উত্তৰঃ সাধাৰণতে মানুহৰ কাণৰ শ্ৰাব্য পৰিসৰ হ’ল 20 হার্টজ (Hz) অৰ পৰা 20 কিলোহার্টজ (KHz) |
প্রশ্নঃ (i) অৱশব্দ আৰু (ii) অতিশব্দৰ লগত জড়িত শব্দ তৰংগৰ কম্পনাংকৰপৰিসৰ কি?
উত্তৰঃ(i) অৱশব্দৰ লগত জড়িত কম্পনাংকৰ পৰিসৰ 20 হার্টজ (Hz)অতকৈ কম ।
(ii) অতিশব্দৰ লগত জড়িত কম্পনাংকৰ পৰিসৰ 20 কিলো হার্টজতকৈ বেছি।
প্রশ্ন 13 : শব্দৰ উৎসৰ ওচৰত বায়ুৰ ঘনীভৱন আৰু তনুভৱন কেনেকৈ উৎপন্ন হয় চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা।
উত্তৰঃ শব্দই মাধ্যমৰ মাজেৰে অনুদৈৰ্ঘ্য তৰংগৰ ৰূপত সঞ্চালিত হয়। ধৰা হ’ল এডাল কম্পনশীল টিউনিং ফর্ক বায়ু মাধ্যমত ৰখা হ’ল ।
টিউনিং ফৰ্কৰ দুয়োডাল প্ৰঙে কম্পন লাভ কৰিব।
চিত্র : বায়ু মাধ্যমত শব্দই উৎপন্ন কৰা ঘণীভৱন আৰু তনুভৱন
A আৰু B.প্ৰং দুডালৰ B, আৰু A কম্পনৰ দিশত বায়ুত হোৱ৷ সংকোচনৰ বাবে তাত চাপ বৃদ্ধি হব।A,আৰু B,এ সৃষ্টি কৰা সংকোচনে তাৰ পাছৰ সংকোচনৰ সৃষ্টি কৰি অগ্ৰসৰ হ’ব। কম্পনৰ A,আৰু B,অবস্থানত প্ৰং দুডাল বিপৰীত দিশত গতি কৰা বাবে বায়ুত চাপৰ মান হ্ৰাস হ’ব। ফলত বায়ুত প্ৰসাৰণ বা তনুভৱনৰ সৃষ্টি হ’ব।
এই প্ৰসাৰণে এটাৰ পাছত এটাকৈ সৃষ্টি হৈ বায়ুৰ মাজেৰে অগ্ৰসৰ হ’ব। সংকোচন আৰু প্ৰসাৰণৰ কাৰণ হ’ল বায়ুত হোৱা চাপ বৃদ্ধি আৰু হ্ৰাস। চাপ বৃদ্ধিৰ সময়ত তাত বায়ুৰ কণিকাৰ ঘনত্ব বাঢ়ে আৰু হ্ৰাসৰ সময়ত ঘনত্ব কমে। এইদৰে বায়ুত তোলা কম্পনে ঘণীভৱন আৰু তনুভৱন (প্ৰসাৰণ) প্ৰক্ৰিয়াৰে সঞ্চালিত হৈ আমাৰ কাণৰ পৰ্দাত কম্পন তোলে। এই কম্পনে তোলা কম্পনাংক অনুযায়ী মগজুৱে আমাক শব্দৰ অনুভূতি যোগায়।
প্রশ্ন 14: শব্দৰ সঞ্চালনৰ বাবে মাধ্যমৰ প্ৰয়োজনীয়তা প্ৰদৰ্শন কৰা পৰীক্ষা এটা উল্লেখ কৰা।
উত্তৰ: পৰীক্ষা : এটা বন্ধ বেলজাৰ বা কাঁচৰ ডাঙৰ আৰু বন্ধ পাত্ৰৰ ভিতৰত বৈদ্যুতিক ঘণ্টা এটা সোমাই ল’ব লাগে। তাৰ পিছত চুইছ ‘অন’ কৰি দিলে শব্দ শুনা যাব।
এতিয়া পাত্ৰৰ ভিতৰত থকা বায়ুখিনি পাম্পৰ সহায়ত উলিয়াই দিব লাগে আৰু তাৰ পিছত চুইছ অন কৰাৰ পিছতো শব্দ শুনা নাযাব। লাহে লাহে বায়ু সোমাবলৈ দিলে আকৌ শুনা যাব। ইয়াৰ দ্বাৰা প্ৰমাণিত হ’ল যে শব্দ তৰংগ গতি কৰিবৰ বাবে এটা মাধ্যমৰ প্ৰয়োজন হয়।
প্রশ্ন 15 : শব্দ তৰংগক অনুদৈৰ্ঘ্য তৰংগ বুলি কিয় কোৱা হয় ?
উত্তৰঃ শব্দ তৰংগক অনুদৈৰ্ঘ্য তৰংগ বুলি কোৱা হয়। কারণ, শব্দ তৰংগই গতি কৰোতে মাধ্যমত সংকোচন আৰু প্ৰসাৰণৰ সৃষ্টি কৰি গতি কৰে। সংকোচন আৰু প্ৰসাৰণত মাধ্যমৰ কণিকা সমূহে শব্দৰ গতিৰ দিশত অগাপিছা কৰে অৰ্থাৎ মাধ্যমটোৰ সম্পূৰ্ণ শব্দ তৰংগৰ গতিৰ একে দিশতে হয়।
প্রশ্ন 16: অন্ধকাৰ কোঠা এটাত বহুতৰ লগত বহি থকা অৱস্থাত শব্দৰ কোনটো বৈশিষ্ট্যৰ বাবে তোমাৰ বন্ধুক চিনাক্ত কৰিব পাৰা ?
উত্তৰঃ আন্ধাৰ কোঠাত বহি থকা বন্ধু সকলৰ মুখ নেদেখিলে তেওঁলোকৰ মুখৰ পৰা নিৰ্গত শব্দ তৰংগৰ জাতি আৰু গুণৰ পৰা (শব্দৰ তীব্ৰতা আৰু তীক্ষ্ণতাৰ পৰা) তেওঁলোকৰ কোনে কথা কৈছে গম পোৱা যায়।
প্রশ্ন 17: বিজুলী আৰু ঢেৰেকনি দুয়োটা একেলগে সৃষ্টি হয়। কিন্তু বিজুলী দৃশ্যমান হোৱাৰ কেইচেকেণ্ড মানৰ পিছতহে ঢেৰেকনি শুনা যায়, কিয়?
উত্তৰঃ বিজুলী আৰু ঢেৰেকনি একেলগে সৃষ্টি হয় যদিও শব্দৰ বেগ পোহৰৰ বেগতকৈ বহুত কম বাবে পোহৰে শব্দতকৈ আগতে আহি আমাৰ চকুত সোমায়। বায়ু মাধ্যমত শব্দৰ বেগ 344 মি. ছে., ‘ কিন্তু পোহৰৰ বেগ 3×108 মি. ছে. -1।
প্রশ্ন 18: পোহৰে মনা প্ৰতিফলনৰ সূত্ৰকেইটা শব্দই মানেনে? ব্যাখ্যা কৰা।
উত্তৰঃ হয়, পোহৰে মন৷ প্ৰতিফলনৰ সূত্ৰবোৰ শব্দই মানি চলে।
ব্যাখ্যা: শব্দ তৰংগই কোনো এটা মাধ্যমত আপতিত হৈ তাৰ পৰা পুনৰ উভতি আহে। অর্থাৎ প্রতিফলিত হয়।
প্রতিফলন হওতে ই তলৰ নিয়ম দুটা মানি চলে-
(i) আপতিত তৰংগ, প্রতিফলিত তৰংগ আৰু বেটাৰি আপতিত তৰংগৰ ওপৰত টনা অভিলম্ব একে সমতলতে থাকে।
(ii) আপতন কোণ সদায় প্রতিফলন কোণৰ সমান।
চিত্ৰত PO = আপতিত তৰংগ, OR = প্রতিফলিত তৰংগ
ON = অভিলম্ব
<i = আপতন কোণ,
<r= প্রতিফলিত কোণ
AB = প্রতিফলক।
পকীবেৰ বা ধাতুৰ পাত এখনৰ কাষত ঘড়ী এটা থৈ ঘড়ীৰ শব্দ চুঙা এটাৰ মাজেৰে বেৰত আপতিত কৰি আন এটা চুঙাৰে প্রতিফলিত শব্দ কাণেৰে শুনিব পাৰি।
প্রশ্ন 19 : দূৰৰ বস্তু এটাই শব্দ প্রতিফলিত কৰিলে প্ৰতিধ্বনিৰ সৃষ্টি হব। ধৰা হওক, শব্দৰ উৎস আৰু প্ৰতিফলক পৃষ্ঠৰ মাজৰ দূৰত্ব একে আছে। তাতকৈ গৰম দিন এটাত প্ৰতিধ্বনিৰ শব্দ শুনিবানে?
উত্তৰঃ গৰম দিনত শব্দৰ বেগ বায়ুৰ মাজেৰে বাঢ়ে। কাৰণ উষ্ণতা বাঢ়িলে শব্দৰ বেগ বাঢ়ে। গতিকে গৰম দিনত শব্দই প্রায় 0.1s আগতে আহি পায়। যিহেতু প্ৰতিফলকৰ দূৰত্ব উৎসৰ পৰা একে আছে, গতিকে স্পষ্ট প্রতিধ্বনি শুনা নাযায়।
প্রশ্ন 20: শব্দ তৰংগৰ প্ৰতিফলনৰ দুটা ব্যৱহাৰিক প্ৰয়োগ লিখা।
উত্তৰঃ শব্দৰ প্ৰতিফলনৰ দুটা উইদাহৰণ হ’ল-
(i) প্রেক্ষাগৃহ নিৰ্মাণ কৰিলে শব্দৰ প্ৰতিফলন ব্যৱহাৰ কৰি তাৰ আকৃতি ঠিক কৰা হয় । প্রেক্ষাগৃহৰ চিলিং বক্ৰকাৰ কৰা হয় ।
(ii) ডক্তৰে ব্যৱহাৰ কৰা ষ্টেথ’স্ক’পত শব্দৰ প্ৰতিফলন ব্যৱহাৰ হয়৷ ৰোগীৰ হৃদস্পন্দনৰ বহু প্ৰতিফলনৰ পৰা ৰোগীৰ বেমাৰৰ উমান পোৱা যায়।
প্রশ্ন 21 : অনুৰণন কাক বোলে? ইয়াক কেনেকৈ কমাব পাৰি?
উত্তৰ : ডাঙৰ প্ৰেক্ষাগৃহ বা হ’ল এটাত সংঘটিত হোৱা বহু প্রতিফলনকে অনুবর্ণন বোলে। এই প্রতিফলনৰ বাবে আমাৰ কাণত অবিচ্ছিন্ন শব্দ শুনা যায়। ফলত কোনো স্পষ্ট শব্দ শুনা নাযায়।
অনুৰণন তলৰ উপায়েৰে কমাব পাৰি—
(i) প্রেক্ষাগৃহৰ চিলিং মজিয়া আৰু বেৰবোৰত শব্দশোষক পদার্থ সংযোগ কৰি। আঁহজাতীয় পদার্থক শব্দ শোষক হিচাবে ব্যৱহাৰ কৰা হয়।
(ii) ৰহা আসনবোৰত কুচন ব্যৱহাৰ কৰি
(iii) চিলিঙৰ আকৃতি বক্ৰাকাৰ কৰি।
প্রশ্ন 22: শব্দৰ তীব্রতা কাক বোলে? কি কি কাৰকৰ ওপৰত ই নির্ভৰশীল?
উত্তৰ : শব্দৰ তীব্রতা হ’ল আমাৰ কাণে গ্ৰহণ কৰা শব্দ তৰংগৰ বিস্তাৰ। অৰ্থাৎ শব্দ তৰংগ উৎসত যি মানৰ বল প্ৰয়োগৰ দ্বাৰা কম্পনৰ সৃষ্টি কৰা হয় তাৰ ওপৰত শব্দৰ তীব্রতা নিৰ্ভৰ কৰে। শব্দৰ প্রাবল্য বা তীব্রতাৰ দ্বাৰা উচ্চ স্বৰৰ আৰু নিম্ন স্বৰৰ শব্দৰ মাজৰ পাৰ্থক্য নির্ণয় কৰা হয়।
গতিকে শব্দৰ তীব্রতা তলত দিয়া কাৰকৰ ওপৰত নিৰ্ভৰশীল : (i) শব্দ তৰংগৰ প্রাবল্য ৷ প্রাবল্য তাৰ বিস্তাৰৰ বৰ্গৰ সমানুপাতিক। (ii) কাণৰ সংবেদশীলতা।
প্রশ্ন 23 : চিকাৰ ধৰিবলৈ বাদুলিয়ে অতিশব্দৰ ব্যৱহাৰ কি দৰে কৰে?
উত্তৰ: বাদুলীয়ে অতিশব্দ উৎপন্ন আৰু গ্ৰহণ কৰিব পাৰে। নিশা উৰি যাওঁতে বাদুলিয়ে অতিশব্দ উৎপন্ন কৰি উৰে। এই অতিশব্দ তাৰ সন্মুখত কোনো প্রতিবন্ধক থাকিলে, তাৰ পৰা প্ৰতিফলিত হৈ বাদুলীৰ কাণত পৰে। এই প্রতিধ্বনিৰ পৰা বাদুলীয়ে তাৰ আগত থকা প্রতিবন্ধক চিনাক্ত কৰি তাৰ পৰা হাত সৰাৰ বাবে নিজৰ উৰণৰ দিশ সলনি কৰে ৷ যেতিয়ালৈ প্ৰতিধ্বনি নুশুনে তেতিয়ালৈ সম্মুখত প্রতিবন্ধক নাই বুলি নিশ্চিত হৈ স্বচ্ছন্দে উৰি যায় ৷
এনেদৰে সি তাৰ চিকাৰ ধৰিবলৈ উৰি ফুৰে। যদি প্রতিধ্বনি শুনে তেতিয়া লাহে লাহে তাৰো ওচৰ চাপে আৰু সেই প্রতিবন্ধক ভক্ষণযোগ্য হ’লে তাক খাদ্য হিচাপে গ্ৰহণো কৰে।
প্রশ্ন 24 (a): চনাৰ যন্ত্ৰৰ সহায়ত কি কৰা হয়? চনাৰ প্ৰযুক্তিৰ ব্যৱহাৰৰ বিষয়ে লিখা।
উত্তৰ : চনাৰ যন্ত্ৰত অতি শব্দৰ প্ৰেৰক আৰু গ্ৰাহক দুয়োটা অংশ থাকে। প্ৰেৰক যন্ত্রাংশই তাত সৃষ্টি হোৱা অতিশব্দ বহু দূৰলৈ প্ৰেৰণ কৰে আৰু’গ্ৰাহক যন্ত্রাংশই সেই অতিশব্দ কোনো প্রতিফলকত পৰি উভতি আহিলে তাক গ্ৰহণ কৰে। ইয়াৰ দ্বাৰা দূৰৰ বস্তুটোৰ অস্তিত্ব বা তাৰ যন্ত্ৰটোৰ পৰা দূৰত্ব নিৰ্ণয় কৰিব পাৰি।
বাদুলিয়ে চনাৰ ব্যৱহাৰৰ দ্বাৰা অন্ধকাৰ ৰাতিত তাৰ আহাৰ বিচাৰি স্বচ্ছন্দে ঘূৰি ফুৰে ৷ চনাৰ প্ৰযুক্তি ব্যৱহাৰ কৰি সাগৰৰ গভীৰতাৰ জোখ লোৱা হয়। ইয়াৰ সহায়ত পানীৰ তলত দ্ৰুতি, দিশ আৰু আকৃতি নির্ণয় কৰিব পাৰি৷
প্রশ্ন 24 (b): চনাৰৰ কাৰ্যনীতি আৰু প্ৰয়োগ ব্যাখ্যা কৰা।
উত্তৰঃ SONAR হ’ল Sound Navigation and Ranging. Sonar অৰ সহায়ত অতি শব্দ ব্যৱহাৰৰ দ্বাৰা বস্তুৰ দূৰত্ব, দিশ আৰু পানীৰ তলৰ বস্তুৰ দ্ৰুতি নিৰ্ণয় কৰিব পাৰি৷
কাৰ্যনীতি : চনাৰত অতি শব্দৰ প্ৰতিধ্বনি ব্যৱহাৰ কৰা হয়।
কাৰ্য্য : জাহাজ এখনত সংস্থাপিত কৰা চনাৰৰ প্ৰেৰক যন্ত্ৰৰ পৰা অতিশব্দ তৰংগ সাগৰৰ পানীৰ মাজেৰে পঠাই দিয়া হয়।
এই শব্দ সাগৰৰ তলিৰ পৰা প্ৰতিফলিত হৈ সৃষ্টি হোৱা প্ৰতিধ্বনি কিছু সময় পাছত চনাৰৰ গ্ৰাহক যন্ত্ৰত ধৰা পৰে।
যদি প্রতিধ্বনি শুনা শব্দৰ সময় = t, সাগৰৰ তলিৰ দূৰত্ব = d
আৰু শব্দৰ বেগ = u হয়
তেন্তে, 2d = u x t
ইয়াত শব্দই অহা আৰু যোৱা দূৰত্ব = 2d হয়।
d = Uxt/2
‘d’ ৰ মানৰ পৰা সাগৰৰ গভীৰতা নির্ণয় কৰিব পাৰি।
প্রশ্ন 25 : পৰিষ্কাৰ কৰিবলৈ অতিশব্দৰ ব্যৱহাৰ কি দৰে কৰে?
উত্তৰ : পৰিষ্কাৰ কৰিব লগা বস্তুটো পৰিষ্কাৰ কৰা দ্ৰবত ৰখা হয়। দ্রবটোৰ মাজেৰে অতি শব্দ চালিত কৰা হয় । অতি শব্দই বস্তুটোৰ গাত লাগি থকা তেল, মলি, ধূলি-মাকতি আদিত কম্পন সৃষ্টি কৰে। এই কম্পনত মলিবোৰ বস্তুটোৰ গাৰ পাৰ বিচ্ছিন্ন হৈ পৰে। ফলত বস্তুটো পৰিষ্কাৰ হয়।
প্রশ্ন 26: অতিশব্দ ব্যৱহাৰ কৰি ধাতুৰ কুণ্ডা এটাৰ বিসংগতি কেনেকৈ ধৰা পেলোৱা হয় ব্যাখ্যা কৰা।
উত্তৰ : অতিশব্দ ব্যৱহাৰ কৰি ধাতুৰ কুণ্ডা এটাৰ বিসংগতি ধৰা পেলাব পাৰি। ঘৰ, দলং, মেচিন আদিতব্যৱহাৰ কৰা ধাতুৰ কুণ্ডাবোৰৰ মাজত কৰ’বাত বিসংগতি থাকিলে, ই বিপদজনক হৈ পৰে। বাহিৰৰ পৰা এই বিসংগতি দেখা পোৱা নাযায়।
যেতিয়া কুণ্ডাটোৰ মাজেৰে অতিশব্দ প্ৰেৰণ কৰা হয়, তেতিয়া বিসংগতি নথকা অংশৰে অতিশব্দই কোনো দিশৰ পৰিৱৰ্তন নকৰাকৈ পাৰ হৈ যায় আৰু ই ডিটেক্টৰত ধৰা পৰে। যিখিনি ঠাইত বিসংগতি থাকে তাৰ পৰা অতিশব্দ প্রতিফলিত হৈ উভতি যায়। ফলত ডিটেক্টৰত ধৰা নপৰে। ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে ধাতুৰ কুণ্ডাটো বিসংগতি পূর্ণ।
প্রশ্ন 27 : মানুহৰ কাণৰ কাৰ্য পদ্ধতি ব্যাখ্যা কৰা।
উত্তৰ : মানুহৰ কাণ হ’ল শব্দৰ অনুভূতি প্ৰদান কৰা এক অতি সংবেদী অংগ। কাণৰ বিভিন্ন অংশ সমূহে একেলগে কাৰ্য কৰি এই অনুভূতি লাভ কৰাত সহায় কৰে।
বহিঃ কৰ্ণই সকলোধৰণৰ শব্দ তৰংগ গ্ৰহণ কৰে। এই শব্দ তৰংগইঅডিটৰি কেনেলেৰে গৈ টিমপেনিক্ মেম্বেৰন(কর্ণমাদল)-ত খুন্দা মাৰে ৷
শব্দ তৰংগই সৃষ্টি কৰা বায়ুৰ চাপৰ পৰিবৰ্তনে এই পদাৰ্ত কম্পনৰ সৃষ্টি কৰে। এই কম্পন মধ্যকৰ্ণত থকা হেমাৰ, এনভিল আৰু ষ্টিৰাপ নামৰ তিনি টুকুৰা হাড়ৰ দ্বাৰা বহুবাৰ সংবর্ধিত হয়। ইয়াৰ পাছত এই সংবর্ধিত কম্পন অন্তকৰ্ণলৈ গতি কৰে।
অন্তকৰ্ণত এই কম্পন কক্লিয়াৰ দ্বাৰা বৈদ্যুতিক সংকেতত পৰিণত হয়। অডিটেৰি নাৰ্ভ (শ্ৰাৱণ স্নায়ু)-ৰ দ্বাৰা এই সংকেত মগজুলৈ যায়। মগজুৱে এই সংকেতক পৰিবৰ্তন কৰি শব্দ শুনাৰ অনুভূতি যোগায়। এইদৰে মানুহৰ কাণে শ্রবণ কাৰ্য্য সম্পন্ন কৰে।
প্রশ্ন 28 : পর্যাবৃত্ত গতিৰ বৈশিষ্ট কি?
উত্তৰ : পর্যাবৃত্ত গতিৰ বৈশিষ্ট হ’ল: (i) এই গতিত গতিশীল বস্তুটোৱে নিৰ্দিষ্ট সময়ৰ অন্তৰালত পুনঃপুনঃ একেটা পথেৰে অহাযোৱা কৰে।
(ii) এনে গতিত ত্বৰণৰ মান ইয়াৰ সাম্য অৱস্থাৰ পৰা হোৱা সৰণৰ সমানুপাতিক।
প্রশ্ন 29 : পর্যাবৃত্ত গতিৰ পৰ্যায়কাল আৰু কল্পনাংকৰ সম্পৰ্কটো সাব্যস্ত কৰা।
উত্তৰ : পৰ্যায়কাল আৰু কম্পনাংকৰ সম্বন্ধ : ধৰি লওঁ, পর্যাবৃত্ত গতিৰ পৰ্যায়কাল T আৰু কম্পনাংক n। সংজ্ঞা অনুসৰি –
n টা দোলন সম্পূর্ণ হওঁতে লগা সময় = 1 ছেঃ
এটা দোলন সম্পূর্ণ হওঁতে লগা সময় = 1/n ছেঃ
সংজ্ঞা অনুসৰি এটা দোলন সম্পূর্ণ হওঁতে লগা সময়কে পর্যায় কাল (T) বোলে।
.. T =1/n
এইটোৱেই নিৰ্ণেয় সম্পর্ক।
প্রশ্ন 30: সৰল দোলক কি? সৰল দোলকৰ দোলন কাল আৰু বিস্তাৰৰ সংজ্ঞা লিখা।
উত্তৰ : সৰল দোলকঃ পাকহীন অস্থিতিস্থাপক সূতা এডালৰ এটা মূৰত এটা গধুৰ সৰু বস্তু (সাধাৰণতে ধাতুৰ গোটা গোলাকাৰ বস্তু) বান্ধি আনটোমূৰ দৃঢ় পৃষ্ঠ এখনত বান্ধি ওলোমাই দি দুলিব দিলেই, তাক সৰল দোলক বোলা হয়। চিত্ৰত সৰল দোলক দেখুওৱা হৈছে।
SO এটা সৰল দোলক। ‘S’ ওলম বিন্দু আৰু ‘O’ দোলন বিন্দু। SO= কাৰ্যকৰী দৈৰ্ঘ্য । P, Q সাম্যঅৱস্থাৰ পৰা (O বিন্দু) হোৱা দোলকৰ দুটা অৱস্থান।
দোলনকালঃ সৰল দোলকএটাই সম্পূৰ্ণ এটা দোলন পূৰ্ণ কৰিবলৈ লোৱা সময়কে তাৰ দোলনকাল বোলে।
এই ক্ষেত্ৰত P ৰ পৰা Q লৈ গৈ Q ৰ পৰা আকৌ P অৱস্থান পোৱালৈ লোৱা সময়।
বিস্তাৰ : সৰল দোলক এটাৰ সাম্য অৱস্থাৰ পৰা হোৱা বিচ্যুতিকে তাৰ বিস্তাৰ বোলে। চিত্ৰত OP বা OQ ক বিস্তাৰ বোলে।
প্রশ্ন 31: এটা দোলায়িত গতিক তৰংগ বুলি ক’ব পাৰিনে? যদি নোৱাৰি তেনেহ’লে কিয় নোৱাৰি ব্যাখ্যা কৰা।
উত্তৰ : এটা দোলায়িত গতিক তৰংগ বুলি ক’ব নোৱাৰি। কাৰণ দোলায়িত গতিত বস্তু এটাই নির্দিষ্ট সময়ৰ মূৰে মূৰে এক নিৰ্দিষ্ট বিন্দুৰ মাজেৰে ইফাল-সিফাল কৰি থাকে৷
অৰ্থাৎ বস্তুটোৱে পৰ্যবৃত্ত গতিসম্পন্ন কৰে। কিন্তু তৰংগৰ ক্ষেত্ৰত উৎস এটাই সৃষ্টি কৰা শক্তিহে কোনো এটা মাধ্যমৰ মাজেৰে গতি কৰে। এইক্ষেত্ৰত মাধ্যমৰ কণিকাই শক্তিৰ দিশত গতি কৰি তাৰ লগত ধাবিত নহয়।
প্রশ্ন 32: সৰল দোলক এটাত শক্তিৰ কিদৰে পৰিবৰ্তন হয় লিখা।
উত্তৰ : সৰল দোলক এটাত দোলকটোৰ দোলনৰ শীৰ্ষতম অৱস্থানত স্থিতিশক্তি সর্বোচ্চ আৰু গতিশক্তি শূন্য হয়। মধ্য অৱস্থানত স্থিতিশক্তি শূন্য আৰু গতিশক্তি সর্ব্বোচ্চ হয়। ইয়াৰ মাজৰ অন্য যিকোনো এটা বিন্দুতে গতি শক্তি আৰু স্থিতি শক্তি উভয়ে থাকে। গতিশক্তিৰ মান পৰিৱৰ্তন হোৱা স্থিতিশক্তিৰ সমান।
প্রশ্ন 33 : অনুদৈৰ্ঘ্য তৰংগ বুলিলে কি বুজা? বায়ু মাধ্যমত এই তৰংগ কিদৰে সৃষ্টি হয় চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা।
উত্তৰ : অনুদৈৰ্ঘ্য তৰংগ : অনুদৈৰ্ঘ্য তৰংগত মাধ্যমৰ কণিকাসমূহ তৰংগৰ গতিৰ দিশত গুচি নাযায়। মাধ্যমটোৰ কণিকাসমূহৰ পৰ্যায়ক্রমে সংকোচন আৰু প্ৰসাৰণ ঘটে। ইয়াক সংনমন আৰু তনুভৱন বোলা হয়। সুৰৰ্শলাকা এডাল বায়ুত কঁপিবলৈ দিলে বা কথা ক’লে বায়ুৰ সংকোচন আৰু প্ৰসাৰণ ঘটে আৰু শব্দ তৰংগৰ সঞ্চালন হয়। এইক্ষেত্ৰত শব্দ শক্তিহে চিত্ৰত দেখুৱাৰ দৰে বাহিত হয়। মাধ্যমৰ কণিকাসমূহ একে ঠাইতে থাকি শব্দৰ গতিৰ দিশত কম্পিত হয়।
মাধ্যমৰ সংকোচন হোৱা ঠাইত মাধ্যমৰ কণিকাবোৰৰ ঘনীভৱন হয় আৰু প্ৰসাৰণ হোৱা ঠাইত কণিকাবোৰৰ অনুভৱন ঘটে। দুটা ওচৰা-উচৰিকৈ থকা সংকোচনৰ মাজৰ দূৰত্বক তৰংগ দৈর্ঘ্য বোলে।
প্রশ্ন 34: তৰংগ এটাৰ লেখ চিত্র অংকন কৰি তৰংগ শীৰ্ষ, তৰংগ খাদ, বিস্তাৰ আৰু তৰংগ দৈৰ্ঘ্য দেখুওৱা।
উত্তৰ : চিত্ৰ : তৰংগৰ লৈখিক প্ৰকাশ
AB, CD, EF, GH = বিস্তাৰ। AE = DH = A = λ তৰংগ দৈৰ্ঘ।
A, E→তৰংগশীর্ষ। D, Hতৰংগ খাদ।
প্রশ্ন 35: শব্দৰ গতি নিৰ্ভৰ কৰা কাৰক দুটাৰ নাম উল্লেখ কৰা। ই কিদৰে প্ৰভাৱান্বিত কৰে।
উত্তৰ : কাৰক দুটা হ’ল—
(1) উষ্ণতাঃ উষ্ণতা বাঢ়িলে মাধ্যমৰ ঘনত্ব কমে, ফলত শব্দৰ বেগ বাঢ়ে।
(2) চাপে শব্দৰ গতিৰ ওপৰত কোনো প্ৰভাৱ নেপেলায়।
প্রশ্ন 36. ৰে’লগাড়ী বহুত দূৰত থাকোতে ৰেলৰ শব্দ বায়ুৰে আহি কাণত নপৰে যদিও লাইনত কাণ পাতিলে ৰেল অহাৰ কথা গম পোৱা যায় কিয় ?
উত্তৰ : গণনাৰপৰা দেখা গৈছে যে বায়ুতকৈ শব্দৰ বেগ আন মাধ্যম যেনে পানী, কাঠ, তীখা আদিত বেছি। বায়ুত 330 মি./ছে. আৰু তীখাৰ 5300 মি./ছে.। গতিকে ৰে’লগাড়ীখনৰ শব্দ বায়ুৰ মাজেৰে অতি লেহেম গতিত আহে। আহোঁতে ইয়াৰ তীক্ষ্ণতা হ্রাস হৈ যায়। কিন্তু চিৰিৰ মাজেৰে তীব্ৰ গতিৰে আহে বাবে ইয়াৰ তীক্ষ্ণতা কিছু অটুট থাকিব আৰু চিৰিত কাণ পাতিলে ইয়াক শুনা যাব। ফলত ৰে’ল অহাৰ কথা গম পোৱা যাব।
প্রশ্ন 37 : অতিশব্দ কি দৰে সৃষ্টি কৰিব পাৰি এটা কৌশলৰ বিষয়ে লিখা।
উত্তৰ : অতিশব্দ সৃষ্টিৰ এটা কৌশল হ’ল পিয়াজ’ ইলেক্ট্রিক প্ৰভাৱ। বিশেষধৰণে কাটি উলিওৱা কোৱাৰ্টজৰ স্ফটিক এটা দুখন ধাতুৰ পাতৰ মাজত ৰখা হয়। স্ফটিকটোত যান্ত্ৰিক চাপ প্রয়োগ কৰি তাৰ লম্ব দিশত উচ্চ বৈদ্যুতিক বিভবৰ সৃষ্টি কৰা হয় ।
আনহাতে সেই ধাতুৰ পাতত পৰবৰ্তী বিভব প্ৰয়োগ কৰিলে ইয়াৰ শব্দ দিশত তাৰ যান্ত্রিক কম্পনৰ সৃষ্টি হয়। এনে যান্ত্রিক কম্পনৰ ফলত সৃষ্টি হোৱা তৰংগৰ কম্পনাংকৰ মান শ্রাব্যসীমাতকৈ (20 KHz তকৈ) বহুত বেছি। সেয়াই হ’ল অতিশব্দ।
প্রশ্ন 38 : বায়ুশূন্য স্থানৰ মাজেদি শব্দই কিয় গতি কৰিব নোৱাৰে?
উত্তৰঃ শব্দ হ’ল মাধ্যমত হোৱা আলোড়নৰ দ্বাৰা সৃষ্টি হোৱা অনুদৈৰ্ঘ্য তৰংগ। মাধ্যমত সংকোচন আৰু প্ৰসাৰণৰ দ্বাৰাহে শব্দ বিস্তাৰিত হয়। যদি মাধ্যমেই নাথাকে তেতিয়া মাধ্যমত আলোড়নৰ প্ৰশ্নই নুঠে, গতিকে শব্দই শূন্যস্থানৰ মাজেৰে গতি কৰিব নোৱাৰে।
প্রশ্ন 39 : তৰংগ কাক বোলে? কিমান প্ৰকাৰৰ তৰংগ আছে? প্রত্যেকৰে সংজ্ঞা লিখি উদাহৰণ দিয়া।
উত্তৰ : তৰংগ (Wave) : কোনো মাধ্যমৰ মাজেৰে মাধ্যমৰ কোনো অংশৰ অৱস্থানৰ পৰিবৰ্তন নঘটাকৈ এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ কোনো কম্পনজনিত আলোড়ন সঞ্চালিত হোৱাকে তৰংগ বোলে। দুই প্ৰকাৰৰ তৰংগ পোৱা যায়—
১। যান্ত্রিক তৰংগ বা স্থিতিস্থাপক তৰংগ (Mechanical wave or elastic wave)
২। বিদ্যুৎ চুম্বকীয় তৰংগ (Electromagnetic wave)
সংজ্ঞা :
১। যান্ত্রিক তৰংগ : যিবোৰ তৰংগ সঞ্চালিত হ’বলৈ গোটা, তৰল বা গেছীয় মাধ্যমৰ প্ৰয়োজন হয়, সেইবোৰ তৰংগক যান্ত্রিক বা স্থিতিস্থাপক তৰংগ বোলে।
উদাহৰণ : শব্দ তৰংগ, পানীৰ ঢৌ আদি।
২। বিদ্যুৎ চুম্বকীয় তৰংগ:
যিবোৰ তৰংগ সঞ্চালিত হ’বলৈ কোনো মাধ্যমৰ প্ৰয়োজন নহয়, এনেকি ই শূন্যৰ মাজেৰেও সঞ্চালিত হ’ব পাৰে সেই তৰংগক বিদ্যুৎ চুম্বকীয়, তৰংগ বোলে।
উদাহৰণ : পোহৰ তৰংগ ।
প্রশ্ন 40 : যেতিয়া আমি এডাল জ্বলন্ত মমবাতিৰ ওচৰত কথা পাতো তেতিয়া মমবাতিৰ শিখা কঁপি উঠে কিয় ?
উত্তৰ : যেতিয়া আমি কথা পাতো তেতিয়া শব্দ তৰংগৰ উৎপত্তি হয়। এই শব্দ তৰংগ বায়ুৰ কম্পনৰ দ্বাৰা প্ৰবাহিত হয়। এই বায়ুৰ কম্পনে মমবাতিডালৰ শিখাৰ কাষত থকা বায়ুতো কম্পন তোলে। ফলস্বৰূপে শিখাডাল কঁপি উঠে।
প্রশ্ন 42 (a) : ‘তৰংগই শক্তি কঢ়িয়াই নিয়ে’ এই কথাষাৰ সাব্যস্ত কৰিব পৰা এটা পৰীক্ষাৰ বৰ্ণনা কৰা।
উত্তৰ : তৰংগই শক্তি কঢ়িয়াই নিয়ে। ই মাধ্যমৰ গতিশক্তি আৰু স্থিতিশক্তি হিচাপে সঞ্চালিত হয়। সাধাৰণ পৰীক্ষা এটাৰ সহায়ত ইয়াক প্ৰমাণ কৰিব পাৰি। পুখুৰী এটাৰ পানী স্থিৰ অৱস্থাত এটা কুহিলা (বা ওপঙি থকা বস্তু) পেলাই দি এফালে পানীত ঢৌৰ সৃষ্টি কৰা হ’ল। পানীৰ ঢৌ কুহিলাৰ টুকুৰাটোৰ মাজেৰে পাৰ হৈ সিফাল পায়।
কুহিলা টুকুৰা একে ঠাইতে উঠা-নমা কৰা দেখা যাব। ইটোৰ লগত দাঁতিলৈ নাহে ৷ ইয়াৰ পৰা প্ৰমাণ হ’ল ঢৌ অৰ্থাৎ শক্তি পানীৰ মাজেৰে বাহিত হৈ দাঁতি পাইছে। কিন্তু পানী দাঁতিলৈ ধাবিত হৌৱা নাই। অর্থাৎ ঢৌৱে বা তৰংগই শক্তি বহন কৰে, মাধ্যমৰ অংশ কঢ়িয়াই নিনিয়ে।
প্রশ্ন 42 (b): একে কম্পনাংকৰ তীব্ৰ আৰু কোমল শব্দৰ তৰংগ আকৃতি লৈখিক চিত্র উপস্থাপন কৰা।
উত্তৰ : একে কম্পনাংকৰ তীব্ৰ আৰু কোমল শব্দৰ তৰংগৰ আকৃতি লৈখিক চিত্র তলত দিয়া হ’ল।
প্রশ্ন 43 : অনুপ্ৰস্থ আৰু অনুদৈৰ্ঘ্য তৰংগৰ প্ৰভেদ উল্লেখ কৰা।
উত্তৰ : অনুপ্ৰস্থ আৰু অনুদৈৰ্ঘ্য তৰংগৰ প্ৰভেদ তলত দিয়া হ’ল।
অনুপ্ৰস্থ তৰংগ | অনুদৈৰ্ঘ্য তৰংগ |
(i) তৰংগৰ গতিৰ দিশৰ লম্বভাৱে মাধ্যমৰ কণিকাবোৰৰ কম্পন হয়। | (i) তৰংগৰ গতিৰ একে দিশত মাধ্যমৰ কণিকাৰ কম্পন হয়। |
(ii) তৰংগৰ গতিৰ লম্ব দিশত বিস্তাৰ ঘটে। | (ii) মাধ্যমৰ সংকোচন আৰু প্ৰসাৰণৰ বাবে বিস্তাৰ লাভ কৰে। |
(iii) মাধ্যম অবিহনেও অনুপ্রস্থ তৰংগই গতি কৰে। | (iii) মাধ্যমৰ মাজেদিহে অনুদৈর্ঘ্য তৰংগ গতি কৰে। |
প্রশ্ন 44: v = nλ সম্পর্কটো সাব্যস্ত কৰা। ইয়াত V তৰংগৰ বেগ, n কম্পনাংক আৰু λ হ’ল তৰংগদৈর্ঘ্য।
উত্তৰ : তৰংগৰ বেগ, তৰংগদৈৰ্ঘ্য আৰু কম্পনাংকৰ সম্পৰ্ক : মাধ্যমত তৰংগৰ সৃষ্টি কৰা এটা উৎসৰ কথা বিবেচনা কৰা। উৎসৰ এটা দোলন সম্পূৰ্ণ হ’লে ইয়াৰ পৰা এটা সম্পূৰ্ণ তৰংগ নির্গত হয়। আমি শিকিছোঁ যে এটা সম্পূর্ণ তৰংগৰ দৈৰ্ঘ্যই তৰংগ দৈৰ্ঘ্য, λ। গতিকে উৎসৰ এটা পৰ্যায় কালত তাৰপৰা নিৰ্গত তৰংগই এটা তৰংগদৈৰ্ঘ্যৰ সমান দূৰত্ব অতিক্রম কৰে।
তৰংগৰ বেগ, v=λ/T উৎসৰ পৰ্যায়কাল।
উৎসৰ পৰ্যায় কাল আৰু কম্পনাংকৰ সম্পৰ্ক n = 1/T
গতিকে তৰংগৰ বেগৰ প্ৰকাশ ৰাশি v = nλ
প্রশ্ন 45: কোনো এটা পৰিৱেশত কেবাটাও উৎসৰপৰা শব্দ নিৰ্গত হৈছে। আটাইবিলাক শব্দ তৰংগৰ বেগ একে হ’বনে? যদি হ’ব তেনেহ’লে কিয় হ’ব ব্যাখ্যা কৰা।
উত্তৰ: একে হ’ব। ইয়াৰ কাৰণ হ’ল শব্দৰ বেগ উৎসৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ নকৰে, মাধ্যমৰ ধৰ্মৰ ওপৰতহে নিৰ্ভৰ কৰে। ইয়াত মাধ্যম একেটাই যদিও উৎস বেলেগ বেলেগ। শব্দৰ বেগ শব্দৰ তৰংগটোৰ তৰংগদৈৰ্ঘ্য আৰু কম্পনাংকৰ ওপৰত নিৰ্ভৰশীল।
অর্থাৎ v = n × λ য’ত
আৰু λ = তৰংগৰ তৰংগদৈৰ্ঘ্য
আকৌ তৰংগদৈৰ্ঘ্য আৰু কম্পনাংক সম্পূৰ্ণ প্ৰতিক্রম। যদি তৰংগদৈর্ঘ্য বাঢ়ে, কম্পনাংক কমে আৰু কম্পনাংক বাঢ়িলে তৰংগদৈৰ্ঘ্য কমে।
অর্থাৎ noc 1/λ
গতিকে বিভিন্ন উৎসৰ পৰা নিৰ্গত শব্দৰ কম্পনাংক বেলেগ বেলেগ হোৱাৰ লগে লগে তৰংগদৈৰ্ঘ্যও সমানুপাতিকভাৱে সলনি হয়।
গতিকে শব্দৰ বেগৰ মানৰ সলনি নহয়।
v = শব্দৰ বেগ, n =কম্পনাংক
প্রশ্ন 46: ব্যাখ্যা কৰা :
(i) দূৰবীক্ষণ যন্ত্ৰৰ সহায়ত তুমি দেখিলা যে এজন মানুহে তোমাৰ পৰা প্ৰায় 150 মিটাৰ আঁতৰত বন্দুকৰ গুলী ফুটাইছে। কিন্তু গুলী ফুটাৰ শব্দ মানুহজনে ট্ৰিগাৰ (trigger) টিপাৰ আধা ছেকেণ্ডৰ পিছতহে শুনা পালে।
(ii) ৰে’লৰ চিৰিৰ একেবাৰে কাষত তোমাৰ কাণখন আছে আৰু তোমাৰ বন্ধুৱে কিছু নিলগত শিল এটাৰে ৰে’লৰ চিৰিত আঘাত কৰিছে। তুমি যদি শব্দ শুনিবা।
(iii) চন্দ্ৰত অৱতৰণ কৰা প্ৰথম মহাকাশচাৰী দুজনৰ নাম নীল আর্মষ্ট্ৰং আৰু এড্উইন এলড্রিন। চন্দ্রপৃষ্ঠত থকা সময়খিনিত তেওঁলোকে প্রত্যক্ষভাৱে নিজৰ মাজত কথা- বতৰা পতা নাছিল।
উত্তৰ: (i) শব্দৰ বেগ বায়ুত প্ৰায় 330 মিঃ/ছেঃ
মানুহজনৰ পৰা বন্দুকৰ গুলীৰ দূৰত্ব = 150 মিঃ
শব্দই আহি পোৱা সময়= দূৰত্ব/শব্দৰ বেগ =1505/33011 ছেঃ = 0.5 ছেঃ (প্রায়)
গতিকে মানুহজনে শব্দ প্রায় 0.5 ছেকেণ্ড পাছত শুনাটো স্বাভাৱিক।
(b) শিলেৰে ৰে’লৰ চিৰিত আঘাত কৰোঁতে উৎপন্ন হোৱা শব্দ তীখাৰে নিৰ্মিত চিৰিৰে আৰু বায়ুৰে— দুই ধৰণে গতি কৰিব। তীখাত শব্দৰ বেগ প্রায় 1530 মিঃ/ছেঃ আৰু বায়ুত 330 মিঃ/ছেঃ। গতিকে চিৰিৰে অহা শব্দটো প্ৰথমে শুনা যাব আৰু তাৰ কিছু পিছতে বায়ুৰে অহা শব্দও শুনা যাব। গতিকে দুটা শব্দ শুনা যাব।
(c) চন্দ্ৰত বায়ু নাই। মাধ্যম অবিহনে শব্দৰ সঞ্চালন নহয়। গতিকে নীল আর্মস্ট্রং আৰু এড্উইন এড্রিনে চন্দ্ৰত প্ৰত্যক্ষভাৱে কথা-বতৰা পাতিব নোৱাৰিলে।
প্রশ্ন 47 : তৰংগ গতিৰ প্ৰধান বৈশিষ্ট্য কেইটামান উল্লেখ কৰা।
উত্তৰ : তৰংগ গতিৰ কেইটামান প্রধান বৈশিষ্ট্য হ’ল—
১। কম্পনশীল বস্তু এটাই উৎপন্ন কৰা পৰ্যাবৃত্ত আলোড়নেই হ’ল তৰংগ গতি।
২। তৰংগ গতিয়ে কেউদিশত সমান দ্রুতিৰে গতি কৰে।
৩। এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ তৰংগ গতিয়ে শক্তি বাহিত কৰে।
৪। তৰংগ গতিয়ে মাধ্যমৰ কণিকা বহন নকৰে।
৫। তৰংগ গতিয়ে মাধ্যমৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে, তৰংগৰ উৎসৰ ওপৰত নিৰ্ভৰ নকৰে।
প্রশ্ন 48: প্রতিধ্বনি কাক বোলে। এই প্রক্রিয়া ব্যৱহাৰ কৰি শব্দৰ বেগ কিদৰে নির্ণয় কৰিব পাৰি?
উত্তৰ : প্রতিধ্বনি (Echo) শব্দ তৰংগই কোনো বস্তুৰ গাত (পাহাৰ, পৰ্বত, কুঁৱা, বিল্ডিং আদি) ঠেকা খাই পুনঃ ঘূৰি আহি আমাৰ কাণত পৰিলে, শুনো তাকে প্রতিধ্বনি বোলে।
শব্দৰ বেগ : পাহাৰ এখনৰ আগত ঠিয় হৈ চিঞৰি দিয়া হ’ল। লগত এটা ঘড়ী আৰু দূৰত্ব জোখা ফিটা বা স্কেল লোৱা হ’ল ।
চিঞৰি দিয়াৰ লগে লগে ঘড়ীটোৰ পাঠ লোৱা হ’ল। শব্দৰ প্রতিধ্বনি আহি কাণত পৰিব। প্রতিধ্বনি শুনাৰ লগে লগে ঘড়ীটোৰ আকৌ পাঠ লোৱা হ’ল। ধৰাহ’ল প্রতিধ্বনি শুনালৈ সময় T ছেকেণ্ড। শব্দ তৰংগই যাওঁতে আৰু আহোতে অতিক্রম কৰা দূৰত্ব 2D হ’ব। D মানুহ আৰু পাহাৰৰ দূৰত্ব এতিয়া শব্দৰ বেগ হ’ব v = 2D/T
প্রশ্ন 49 : অতিশব্দ কি? ইয়াৰ ব্যৱহাৰ লিখা।
উত্তৰ : অতিশব্দ : যি শব্দ তৰংগৰ কম্পনাংক 20 KHz তকৈ বেছি সেই শব্দক অতিশব্দ বোলা হয়। অতিশব্দ মানুহৰ কাণৰ শ্ৰাব্যসীমাৰ বাহিৰত বাবে ইয়াক শুনা নাযায়।
অতিশব্দৰ ব্যৱহাৰ কেইটামান হ’ল :
(1) সাগৰ, হ্রদ আদিৰ গভীৰতা নিৰ্ণয়ত অতিশব্দ ব্যৱহাৰ কৰা হয়।
(2) ইয়াৰ তৰংগদৈৰ্ঘ্য কম আৰু কম্পনাংক বেছি বাবে সংকেত পঠিয়াবলৈ ইয়াক ব্যৱহাৰ কৰা হয়।
(3) চিকিৎসা বিজ্ঞানত মাকৰ গৰ্ভত শিশুৰ অৱস্থান, আকাৰ আদি, স্নায়ৱিক বিষ, মূত্রাশয়ৰ পাথৰ, হাড়ৰ বিষ আদি চিকিৎসাত ইয়াক ব্যৱহাৰ কৰা হয়।
(4) ধাতু জোৰা লগোৱা কামত ইয়াক ব্যৱহাৰ কৰা হয়।
(5) অতিশব্দ ব্যৱহাৰ কৰি অতিশাব্দিক অণুবীক্ষণ যন্ত্র সজা হয়।
সাংখ্যিক সমস্যা আৰু সমাধান
সমস্যা 1: সৰল দোলক এটাই 1 মিনিটত 20 দোলন সম্পূৰ্ণ কৰিলে দোলকটোৰ কম্পনাংক নির্ণয় কৰা।
সমাধানঃ ইয়াত, দোলন সংখ্যা =20/ মিনিট
কম্পনাংক= 20/60 ছেঃ -1 =1/3 হার্টজ।
সমস্যা 2: তৰংগৰ কম্পনাংক 20 মেগাহার্টজ (MHz) হ’লে পর্যায়কাল নির্ণয় কৰা।
সমাধানঃ
কম্পনাংক (n) = = 20 MHz. = 20 x 106 Hz..
. পর্যায়কাল (T)= 1/n= 1/ 20 x 10 6 ছঃ = 0.5 × 10 -7ছেঃ।
সমস্যা 3: এটা ৰেডিঅ’ সংকেতৰ তৰংগদৈর্ঘ্য 300 মি.। ৰেডিঅ’ সংকেতৰ বেগ 3 × 108 মি./ছে. হ’লে সংকেতটোৰ কম্পনাংক নির্ণয় কৰা।
সমাধান :
ৰেডিঅ’ সংকেতটোৰ তৰংগদৈৰ্ঘ্য (λ) = 300 মিঃ
বেগ (v) = 3 × 108 মিঃ/ছেঃ
কম্পনাংক (n) =?
n = v/λ
y= 30 x 108 /300 ছেঃ-1 =106
সমস্যা 4 : সাগৰৰ পাৰত থিয় হৈ থকা এজন মানুহে দেখা পালে যে প্রতি মিনিটত 60 টা তৰংগই পাৰত খুন্দিয়ায়। তৰংগৰ বেগ 10 মি./ছে. হ’লে তৰংগদৈৰ্ঘ্য নির্ণয় কৰা।
সমাধান : তৰংগৰ বেগ (v) = 10 মিঃ ছেঃ
কম্পনাংক (n) = 60/60 ছেঃ-1 = 1 হার্টজ
.. তৰংগৰ তৰংগদৈৰ্ঘ্য (λ) = V/n= 10/1 = 10 মিঃ
সমস্যা 5: অনুপ্রস্থ তৰংগৰ দুটা অনুক্রমিক শীৰ্ষৰ মাজৰ দূৰত্ব 1 মি.। তৰংগৰ পর্যায়কাল 0.1 ছেকেণ্ড হ’লে তৰংগৰ বেগ নির্ণয় কৰা।
সমাধান : দুটা ক্রমিক শীৰ্ষৰ মাজৰ দূৰত্ব = λ
λ = 1 মিঃ
পর্যায়কাল (T) = 0.1 ছেঃ
= n = 1/0.1 =10 হার্টজ
.: তৰংগটোৰ বেগ (v) =n × λ =10 × 1 মিঃ /ছেঃ =10 মিঃ/ ছে
সমস্যা 6: কোনো এটা মাধ্যমত এটা উৎস 5 ছেকেণ্ডত 50 বাৰ দোলায়িত হয়। দেখা গ’ল যে উৎপন্ন হোৱা তৰংগৰ শীৰ্ষ আৰু খাদৰ মাজৰ দূৰত্ব 10 মি.। তৰংগটোৰ কম্পনাংক, তৰংগদৈৰ্ঘ্য আৰু বেগ নির্ণয় কৰা।
সমাধান : দোলকৰ সংখ্যা 5 ছেকেণ্ডত = 50
.:. দোলকৰ সংখ্যা 1 ছেকেণ্ডত = 50/5= 10 ছেঃ -1
অর্থাৎ কম্পনাংক (n) = 10 হার্টজ
তৰংগ শীৰ্ষ আৰু খাদ্ৰ মাজৰ দূৰত্ব (λ /2) = 10 মিঃ
λ =2 x 10= 20 মিঃ
: তৰংগদৈর্ঘ্য = 20 মিঃ
বেগ (v) =10 x 20 =200 মিঃ /ছেঃ
সমস্যা 7ঃ দেৱাল এখনৰ সম্মুখত মানুহ এজনে চাপৰি বজোৱাৰ । ছেকেণ্ড পিছত তাৰ প্ৰতিধ্বনি শুনা পালে। বায়ুত শব্দৰ বেগ 330 মি./ছে. হ’লে মানুহজনৰপৰা দেৱালখনৰ দূৰত্ব নির্ণয় কৰা।
সমাধান : ধৰা হ’ল, মানুহজনৰ পৰা দেৱালৰ দূৰত্ব = D
শব্দ আৰু প্ৰতিধ্বনিয়ে লোৱা সময় =t = 1 ছেঃ
শব্দৰ বেগ (v) = 330 মিঃ/ছেঃ
2D= v/t
=>D =v/2t =330/2 x 1
=>D =165 মিঃ
সমস্যা ৪ : এজন মানুহে বজ্ৰপাতৰ পোহৰ দেখাৰ 3 ছেকেণ্ড পিছত ঢেকেনি শুনিবলৈ পালে। বায়ুত শব্দৰ বেগ 332 মি./ছে. হ’লে মানুহজনৰপৰা কিমান আঁতৰত বজ্রপাত পৰিছিল?
সমাধান : ইয়াত, শব্দৰ বেগ (v) = 332 মি./ছে.
সময় (t) = 3 ছেঃ
শব্দই অতিক্রম কৰা দূৰত্ব = 332 × 3= 996 মিঃ
অৰ্থাৎ বজ্ৰপাতৰ দূৰত্ব =996 মিঃ
সমস্যা 9: এটা সুৰ শলাকাৰ ছেকেণ্ডত 350 বাৰ স্পন্দন হয়। সুৰ-শলাকাৰপৰা নিৰ্গত শব্দ শলাকাৰ 50টা স্পন্দন হোৱাৰ পিছত কিমান দূৰলৈ যাব? (বায়ুত শব্দৰ বেগ 350 মি./ছে.।)
সমাধান : সুৰ শলাকাৰ কম্পন (n) = 350 হার্টজ
350 টা স্পন্দনৰ বাবে সময় (t)= 1 ছেঃ
.:. 50 টা স্পন্দনৰ বাবে সময় =1/350 x 50 =1/7 ছেঃ
সমস্যা 10: দুখন ওখ পাহাৰৰ মাজত থিয় হৈ মানুহ এজনে বন্দুকৰ গুলি ফুটালে। তেওঁ 1 ছেকেণ্ডৰ পিছত প্ৰথমটো আৰু 2 ছেকেণ্ডৰ পিছত দ্বিতীয়টো প্রতিধ্বনি শুনিলে। বায়ুত শব্দৰ বেগ 330 মি./ছে. হ’লে পাহাৰ দুখনৰ মাজৰ দূৰত্ব নির্ণয় কৰা।
সমাধান : ধৰা হ’ল, প্ৰথমখন পাহাৰৰ পৰা মানুহজনৰ দূৰত্ব = D1
আৰু দ্বিতীয়খন পাহাৰৰ পৰা মানুহজনৰ দূৰত্ব= D2
:: D1 = v x t1 /2 আৰু D2 =v x t2 /2
ইয়াত t1 = 1 ছেঃ আৰু t2 = 2 ছেঃ
শব্দৰ বেগ v = 330 মিঃ/ছেঃ
D1 = v x t1 /2 = 330 x 1/2
=>D1 =165 মিঃ
D2 = v x t2 /2 = 330 x 2/2 মিঃ
D2 = 300 মিঃ
পাহাৰৰ দুখনৰ মাজৰ দূৰত্ব হ’ব = D, + D, = (165 + 330) = 495 মিঃ
সমস্যা 11:10 গিগা হার্টজ (GHz) কম্পনাংকবিশিষ্ট তৰংগৰ পৰ্যায়কাল গণনা কৰা। যদি এই তৰংগৰ বেগ 500 মি./ ছে. হয়, তৰংগৰ তৰংগ দৈৰ্ঘ্য গণনা কৰা।
সমাধান : ইয়াত তৰংগৰ কম্পনাংক (n) = 10 GHz = 10×109 Hz
= 10 8 Hz
আমি জানো, পর্যায়কাল (T)= 1/n
=> T =1/10 8 =10 -8 Sec.
আকৌ, তৰংগৰ তৰংগদৈৰ্ঘ্য (λ) = v/n
λ= 500/10 8 [v=500 মিঃ/ছেঃ]
=5 x 10 2-8 = 5 x 10 -6
অৰ্থাৎ তৰংগ দৈৰ্ঘ্য =5 মাইক্ৰ’মিটাৰ বা, 500 এংষ্ট্রম (A0).
সমস্যা 12:400 হার্টজ কম্পনাংকবিশিষ্ট শব্দ তৰংগৰ পৰ্যায়কাল কিমান হ’ব?
সমাধান : আমি জানো যে,
T= 1/n ইয়াত n = 400 Hz
T = 1/400 =2/4 x 10 2 = 0.25 × 10-2 = 2.5 × 10-3
নির্ণেয় পর্যায়কাল = 2.5 × 10-3 ছেকেণ্ড।
সমস্যা 13 : প্রতি মিনিটত 12000 পাক ঘূর্ণীয়মান ফ্লাই হুইলটোৰ কল্পনাকে নির্ণয়
সমাধান : ইয়াত ফ্লাইহুইলৰ পৰ্যায়কাল হ’ব-
T=60/12000=1/200 ছেকেণ্ড।
এতেকে নির্ণেয় কম্পনাংক হ’ব – u= 1/T =1/1/200=200 HZ
সমস্যা 14: এটা শব্দৰ ঢৌৰ তৰংগ দৈর্ঘ্য আৰু কম্পনাংক মে 1.1 মি. আৰু 300 হার্টজ। এইটোৱে 1320 মি. দূৰত্ব অতিক্ৰম কৰিবলৈ কিমান সময় লাগিব ?
সমাধান : ইয়াত তৰংগ দৈৰ্ঘ্য, λ = 1.1 মি.
কম্পনাংক, ঢ = 300 হার্টজ
আৰু অতিক্ৰম কৰা দূৰত্ব, S = 1320 মি.
আমি জানো যে v = Uλ , v = শব্দৰ বেগ।
=> v = 300 × 1.1 = 330 = 330 মি./ছে,
:. নির্ণেয় সময়, t =S/V= 1320 4/330 = 4 ছেকেণ্ড।
সমস্যা 15: সৰল দোলক এটাৰ পৰ্যায়কাল 2 ছে. হ’লৈ তাৰ কম্পনাংক নির্ণয় কৰা।
সমাধান : সৰল দোলকটোৰ কম্পনাংক n=1/T=1/2 = 0.5 হার্জ।
সমস্যা 16: ঘড়ীৰ ছেকেণ্ডৰ কাটাৰ কম্পনাংক কিমান?
সমাধান : ঘড়ীৰ ছেকেণ্ডৰ কাটাৰ পৰ্যায়কাল, T = 1 মি. =60 ছে.
কম্পনাংক n=1/T=1/60 = 0.017 হার্জ।
সমস্যা 17ঃ বস্তু এটাৰ দোলনৰ কম্পনাংক 60 হার্জ। দোলনৰ পৰ্যায়কাল নিৰ্ণয় কৰা।
সমাধান : বস্তুটোৰ কম্পনাংক n = 60 হার্জ।
:. পর্যায়কাল T = 1/T=1/60=0.017 হার্জ।
সমস্যা 18: এটা মাধ্যমত তৰংগৰ বেগ 330 মি./ছে. আৰু কম্পনাংক 330 হার্জ। তৰংগ দৈৰ্ঘ্য নির্ণয় কৰা।
সমাধান : আমি জানো, λ=v/n =330/330=1 মি.
সমস্যা 19: পানীৰ তৰংগৰ অনুক্রমিকভাবে থকা শীর্ষ আৰু খাদৰ মাজৰ দূৰত্ব 0.25 মি. হ’লৈ ৰংগ দৈর্ঘ্য নির্ণয় কৰা।
সমাধান : অনুক্রমিকভাৱে থকা শীর্ষ আৰু খাদৰ মাজৰ দূৰত্ব তৰংগ দৈৰ্ঘাৰ আগা
.. তৰংগৰ দৈৰ্ঘ, λ = 2 × 0.25 = 0.50 মি.
সমস্যা 20:10 হার্জ কম্পনাংকৰ এটা উৎসই পানীত তৰংগৰ সৃষ্টি কৰিছে। দেখা গ’ল যে এই তৰংগবোৰে 1 ছেকেণ্ডত 0.5 মি. দূৰত্ব অতিক্রম কৰে। উৎসটোৰে 5 টা দোলন সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজন হোৱা সময়ৰ ভিতৰত তৰংগটো কিমানদূৰ অগ্ৰসৰ হ’ব?
সমাধান : ইয়াত তৰংগৰ বেগ V = 0.5 মি./ছে.
উৎসৰ এটা দোলন সম্পূৰ্ণ হ’লে তৰংগই অতিক্রম কৰা দূৰত্ব,
λ=V/n= 0.5/10 =0.05=0.25 মি.
উৎসই 5 টা দোলন সম্পূৰ্ণ কৰাৰ সময়ৰ ভিতৰত তৰংগই অতিক্ৰম কৰা দূৰত্ব।
S = 5 × 1 = 5 × 0.05 = 0.25 মি.
সমস্যা 21: জাহাজ এখনৰপৰা তললৈ শব্দ সংকেত এটা প্ৰেৰণ কৰাৰ ও ছেকেও পিছত সংকেতৰ প্ৰতিধ্বনি ধৰা পৰিল। সাগৰৰ পানীত শব্দৰ বেগ 1500 মি./ছে, হলে সাগৰৰ গভীৰতা নির্ণয় কৰা।
সমাধান : ধৰা, d = সাগৰৰ গভীৰতা
শব্দ তৰংগ জাহাজলৈ উভতি অহাৰ পূৰ্বে একেটা দূৰত্ব দুবাৰকৈ ভ্ৰমণ কৰে। গতিকে
2d = বেগ x সময় = 1500 × 5 =7500. মি.
.. d= 7500/2 = 3750 মি.
সমস্যা 22: বিজুলী দৃশ্যমান হোৱাৰ 5 ছেকেও পিছত চেৰেকনি শুনা গ’ল। ধূমূহাৰ অৱস্থান নির্ণয় কৰা। বায়ুত শব্দৰ বেগ 330 মি./ছে।
সমাধানঃ পোহৰ তীব্ৰবেগী, গতিকে বিজুলী সৃষ্টি হোৱাৰ লগে লগেই দৃশ্যমান হয় শুনোতাৰ ওচৰ পাবলৈ শব্দক 5 ছে. সময় লাগে।
ধুমুহাৰ অবস্থান অর্থাৎ শুনোতাৰ পৰা ধুমুহাৰ দূৰত্ব
S = বেগ x সময় = 330 × 5 = 1650 মি.
সমস্যা 23 : সুৰ-শলাকাৰ কম্পনাংক 330 হার্জ। সুৰ-শলাকাৰ 100 টা কম্পন সম্পূৰ্ণ হ’লে শব্দই অতিক্ৰম কৰা দূৰত্ব নিৰ্ণয় কৰা। বায়ুত শব্দৰ বেগ 330 মি./ছে।
সমাধান : সুৰ শলাকাৰ এটা কম্পনৰ শেষত শব্দই অতিক্রম কৰা দূৰত্ব হ’ল-
λ = V/n = 330/330 = 1 মি:
সুৰ শলাকাৰ 100টা কম্পন সম্পূর্ণ হ’লে শব্দই অতিক্রম কৰা দূৰত্ব
S = 100 × λ = 100 × 1 = 100.মি:
সমস্যা 24. সৰল পেণ্ডুলাম এটাৰ পৰ্যায়কাল 2.5 ছে.। ই বায়ু মাধ্যমত তোলা তৰংগৰ বেগ 5 মি./ছে. হ’লৈ এই তৰংগৰ তৰংগ দৈৰ্ঘ্য নির্ণয় কৰা।
সমাধান : এই ক্ষেত্ৰত পেণ্ডুলামৰ পৰ্যায়কাল, T = 2.5 ছে
কম্পনাংক, U= 1/T =1/2.5 হার্টজ।
তৰংগৰ বেগ, u = 5 মি./ছে.
তৰংগৰ তৰংগ দৈর্ঘ্য = λ = ?
আমি জানো যে, v = uλ
=> 5=1/2.5 x λ=>λ= 5 × 2.5
λ= 12.5 মি.
সমস্যা 25: ছ’ডিয়াম লাইটৰ হালধীয়া পোহৰৰ তৰংগ দৈৰ্ঘ্য 5893 A^? ইয়াৰ বায়ুত বেগ 3 × 10* মি./ছে. হ’লৈ তৰংগৰ (i) কম্পনাংক আৰু (ii) পৰ্যায়কাল গণনা কৰা।
সমাধান : ইয়াত ছ’ডিয়ামৰ হালধীয়া পোহৰৰ তৰংগ দৈর্ঘ্য,
λ = 5893 A0 = 5893×10-10 মি. , বেগ, v = 3 × 108 মি./ছে.
:. নির্ণেয় কম্পনাংক, u =v/λ= 3 × 108 / 5893×10-10 =30000/5893 x 10 4+10
= 5.09 × 1014 হার্টজ।
সমস্যা 26: ৰেডিঅ’ তৰংগৰ বেগ 3 × 10 মি./ছে। যদি তৰংগ দৈর্ঘ্য 100 মি. হয়, তেনেহ’লে তৰংগটোৰ কম্পনাংক মেগাহার্টজত (MHz) গণনা কৰা।
সমাধান :
ইয়াত তৰংগ দৈর্ঘ্য, λ = 100 মি.
তৰংগৰ বেগ, v = 3 × 108.মি./ছে.
কম্পনাংক, u = ?
আমি জানো যে, u = v/λ = 3×108 /100 3 = 3×106 হার্টজ
:. নির্ণেয় কম্পনাংক = 3 মেগাহার্টজ = 3MHz.
সমস্যা 27 : ৰেডিঅ’ তৰংগৰ বেগ 3 × 108 মি./ছে. আৰু তৰংগ দৈর্ঘ্য 500. মিটাৰ। তৰংগৰ কম্পনাংক নির্ণয় কৰা।
সমাধান : ইয়াত তৰংগৰ বেগ, λ = 3 × 108 মি./ছে.
তৰংগ দৈৰ্ঘ্য, λ = 500 মিটাৰ।
কম্পনাংক u = ?
u=v/λ
u= 3 × 108 মি./ছে./500 মিটাৰ।
=3/5 × 106 =6 × 105 হার্টজ।
সমস্যা 28 : পোহৰৰ বেগত বায়ুশূন্য স্থানৰ মাজেদি গতিকৰা ৰেডিঅ’ তৰংগৰ কম্পনাংক 6.5 × 10 Hz হ’লে ইয়াৰ তৰংগদৈৰ্ঘ নিৰ্ণয় কৰা।
সমাধান : ইয়াত, তৰংগৰ বেগ v = 3 × 108 m/s
কম্পনাংক u = 6.5 × 105 Hz
:: তৰংগ দৈৰ্ঘ্য, λ = u/v =3 × 108 / 6.5 × 105 =30 × 107 / 65 × 10 4 =0.46 × 103 =460 মিঃ
সমস্যা 29 : তলত দিয়া তৰংগটো এডাল তাঁৰত সৃষ্টি হোৱা তৰংগ। তৰংগটোৰ (a) বিস্তাৰ (b) তৰংগ দৈৰ্ঘ (c) তৰংগ বেগ আৰু (d) তৰংগৰ প্ৰকৃতি নিৰ্ণয় কৰা৷
(কম্পনাংক = 100 Hz)
সমাধান :
(a) বিস্তাৰ = BM =5 ছেঃমিঃ
(b) তৰংগ দৈৰ্ঘ (λ) = 20 ছেঃমিঃ
(c) তৰংগ বেগ = 9 x λ
= 100 × 20 ছেঃ মিঃ/ ছেঃ
= 2000 ছেঃ মিঃ/ ছেঃ = 20 মিঃ/ছেঃ
(d) তাঁৰত উৎপন্ন হোৱা তৰংগ অনুপ্ৰস্থ তৰংগ।
সমস্যা 30: কোনো এক শব্দৰ উৎসৰ কম্পনাংক 500 হাৰ্টজ, এটা ঘনীভৱন আৰু ঠিক ইয়াৰ পিছৰ তনুভৱনৰ দূৰত্ব 1 মি.। শব্দ তৰংগৰ বেগ ঠাৱৰ কৰা।
সমাধান : আমি জানো যে,v = Uλ ইয়াত, λ = 2 মি., u = 500 হার্টজ
: শব্দৰ বেগ, v = 500 x 2 = 1000 মি./ছেকেণ্ড।
সমস্যা 31: সুৰ শলাকা এডালৰ কম্পনাংক 100 Hz হ’লৈ তাৰ পৰ্যায়কাল কিমান?
সমাধান : আমি জানো যে T = 1/n
ইয়াত n = 500 Hz.
T= 1/500 ছেকেণ্ড
=1/5 x 10-2
= 2 x 10-3
সমস্যা 32: এটা শব্দৰ উৎসই 3 ছেকেণ্ডত 15 টা তৰংগৰ সৃষ্টি কৰে। এটা শীৰ্ষ খাদৰ মাজৰ দূৰত্ব 10 ছে.মি. হ’লে, (a) তৰংগ দৈৰ্ঘ্য (b) কম্পনাংক আৰু (c) তৰংগৰ বেগ নির্ণয় কৰা।
সমাধান:
(a) সূত্রমতে এটা তৰংগ শীৰ্ষ আৰু তৰংগ খাদৰ মাজৰ দূৰত্ব হ’ল = 1/2
তৰংগ দৈৰ্ঘ্য (λ/2), λ/2=10 .:. λ = 20 ছে.মি. অর্থাৎ তৰংগ দৈৰ্ঘ্য = 20 ছে.মি.
(b) সংজ্ঞামতে প্রতি ছেকেণ্ডত উৎপন্ন হোৱা তৰংগৰ সংখ্যাই হ’ল কম্পনাংক (u) ইয়াত 1 ছেকেণ্ডত উৎপন্ন তৰংগ হ’ল =15/3=5
অর্থাৎ কল্পনাংক = 5 হার্টজ।
(c) আকৌ, তৰংগৰ বেগ, v=vλ => v=5 x 20 = 100
সমস্যা 33: এটা অনাতাঁৰ কেন্দ্ৰই প্ৰচাৰ কৰা বিদ্যুৎ চুম্বকীয় তৰংগৰ কম্পনাংক 75 × 102 MHz যদিহে বিদ্যুৎ চুম্বকীয় তৰংগৰ তৰংগ দৈৰ্ঘ্য 400 মি. হয়, তেন্তে তৰংগৰ বেগ নির্ণয় কৰা।
সমাধান : v = v x λ
u = 75 × 10– 2 × 106 MHz
= 75 × 10 – 2 x 106 Hz = 75 x 104 Hz λ =400 মি.
নির্ণেয় বেগ, v = 75 × 104 x 400 = 3 x 108 মি./ছে।
সমস্যা 34: এটা শব্দ তৰংগৰ কম্পনাংক 200 KHz শব্দটো শুনা যাবনে? যদি শব্দটোৰ বেগ 330 মি./ছে. হয়, তেন্তে ইয়াৰ তৰংগ দৈৰ্ঘ্য গণনা কৰা।
সমাধান : ইয়াত শব্দ তৰংগটোৰ কম্পনাংক 200 KHz. ই শ্রাব্যসীমা (20 KHz) তকৈ বেছি কল্পনাংক বিশিষ্ট। গতিকে ই অতিশব্দ হোৱা হেতুকে শব্দটো শুনা নাযাব।
আকৌ, শব্দৰ কল্পনাংক (u) = 200 KHz
বেগ (v.)=330 মি.ছে-1
তৰংগ দৈৰ্ঘ্য (λ) = ?
v=uλ =>9/v
=330 মি/ছে. /200000 হার্টজ
= 16.5×10-4 মি.
Conclusion:
আমি বিশ্বাস কৰোঁ যে এই টোকাবোৰে শিক্ষাৰ্থীসকলক বিষয়বোৰৰ বিষয়ে ভালদৰে বুজাবুজি বিকশিত কৰাত আৰু তেওঁলোকৰ পৰীক্ষাৰ বাবে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰিব।
আমি নিশ্চিত যে এই টোকাবোৰে শিক্ষাৰ্থীসকলক তেওঁলোকৰ লক্ষ্য প্ৰাপ্ত কৰাত আৰু তেওঁলোকৰ শৈক্ষিক প্ৰদৰ্শন বৃদ্ধি কৰাত সহায় কৰিব। যদি আপুনি এই প্ৰবন্ধটো ভাল পায় আৰু সহায়ক হয় তেন্তে আপোনাৰ বন্ধুবৰ্গৰ সৈতে Share কৰিবলৈ নাপাহৰিব।