Class 9 Science Chapter 1 |আমাৰ চাৰিওকাষৰ বস্তুবোৰ

Class 9 Science Chapter 1 আমাৰ চাৰিওকাষৰ বস্তুবোৰ: আমাৰ ৱেবছাইটলৈ স্বাগতম! আপোনাৰ শৈক্ষিক যাত্ৰাৰ বাবে আপোনাক নৱম শ্ৰেণীৰ Notes প্ৰদান কৰি আমি আনন্দিত।

নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ বছৰ কিয়নো তেওঁলোকে আগন্তুক ব’ৰ্ড পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰে, যি তেওঁলোকৰ শৈক্ষিক সফলতা নিৰ্ধাৰণ কৰিব।

আজি, এই প্ৰবন্ধটোত মই আপোনাৰ দশম শ্ৰেণীৰ “আমাৰ চাৰিওকাষৰ বস্তুবোৰ” দীঘলয়া আৰু চুটি প্ৰশ্ন আলোচনা কৰিম| আমি প্ৰায় সকলো দীঘলয়া আৰু চুটি প্ৰশ্ন Solution প্ৰদান কৰিছোঁ।

আমাৰ লক্ষ্য হৈছে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰা। আমি ইয়াত বিনামূলীয়াকৈ Notes সমূহ প্ৰদান কৰিছো। আমি আপোনাক আগন্তুক পৰীক্ষাৰ বাবে শুভেচ্ছা জনাইছো। যদি আপোনাৰ কোনো সন্দেহ আছে তেন্তে আমাৰ সৈতে যোগাযোগ কৰক।

প্রশ্নোত্তৰ

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন 1: তলৰ উষ্ণতাবিলাক ছেণ্টিগ্রেডত প্ৰকাশ কৰা—

(a) 293K (b) 470K

উত্তৰ :

(a) 293K = 293 – 273 = 20°C

(b) 470 K = 470 – 273 =197°C

প্রশ্ন 2 : তলৰ উষ্ণতাবিলাক কেলভিনত প্ৰকাশ কৰা—

(a) 25° C

(b) 373° C

(a) 25º C = 25 + 273 = 298K

(b) 373° C = 373 + 273 = 646K

প্রশ্ন 3 : কণিকাবোৰৰ মাজৰ আকৰ্ষণ বলৰ উৰ্দ্ধক্ৰমত সজোৱা

পানী, চেনি আৰু অক্সিজেন

উত্তৰঃ অক্সিজেন < পানী < চেনি

প্রশ্ন 4 : তলৰ উষ্ণতাত পানীৰ ভৌতিক অৱস্থা কি?

(a) 25°C (b) 0°C (c) 100°C

উত্তৰঃ

(a) 25°C উষ্ণতাত পানী তৰল হিচাবে থাকে।

(b) 0°C উষ্ণতাত পানী বৰফ (গোটা) অৱস্থাত থাকে।

(c) 100°C উষ্ণতাত পানী বাষ্প হয়।

প্রশ্ন 5 : ভাৰতীয় দর্শনমতে পঞ্চতত্ত্ব কি?

উত্তৰ : পদার্থবিলাক বায়ু, পানী, পৃথিৱী বা মাটি, জুই বা অগ্নি আৰু আকাশ এই পাঁচটা উপাদানৰ দ্বাৰা গঠিত। এইয়াই হ’ল ভাৰতীয় দৰ্শনৰ পঞ্চতত্ত্ব।

প্রশ্ন 6ঃ পদাৰ্থৰ ভৌতিক অৱস্থা কেইটা কি কি?

উত্তৰ : (i) গোটা (ii) জুলীয়া আৰু (iii)গেছীয়।

প্রশ্ন 7: পানী, মাটি আৰু বায়ুৰ কোনবিধৰ আন্তঃ আণবিক ব্যৱধান বেছি?

উত্তৰ: বায়ুৰ।

প্রশ্ন ৪ঃ অক্সিজেন, এলকহল, নিমখ, লো, হীৰা এইবোৰক আন্তঃআণৱিক আকৰ্ষণৰ ভিত্তিত উর্ধ ক্ৰমত সজোৱা ।

উত্তৰ : অক্সিজেন < এলকহল < নিমখ < লো < হীৰা ।

প্রশ্ন 9 : চেনী আৰু পানীৰ ভিতৰত কোনবিধৰ কণিকাৰ আকাৰ বেছি সৰু?

উত্তৰ : চেনীৰ কণিকাৰ আকাৰ পানীৰ কণিকাতকৈ বেছি সৰু।

প্রশ্ন 10: পদাৰ্থৰ কণিকাৰ প্ৰধান বৈশিষ্ট্য এটা লিখা।

উত্তৰ : পদাৰ্থৰ কণিকাবোৰে অনবৰত যাদৃচ্ছিক ভাৱে গতি কৰি থাকে৷

প্রশ্ন 11 : ব্যপনৰ সংজ্ঞা কি?

উত্তৰ : দুটা বেলেগ বেলেগ পদাৰ্থৰ কণিকাবোৰ পৰস্পৰ মিহলি হোৱাকে ব্যাপন বোলে৷

প্রশ্ন 12: ব্যাপনবেগ বৃদ্ধিৰ এটা কাৰক উল্লেখ কৰা।

উত্তৰ : উষ্ণতা বৃদ্ধি।

প্রশ্ন 13: স্পঞ্জ এটুকুৰা সহজে সংকুচিত কৰিব পাৰি কিয় ?

উত্তৰ : কাৰণ স্পঞ্জৰ মাজত বায়ু সোমাই থাকে।

প্রশ্ন 14 : গেছীয় পদাৰ্থৰ নিৰ্দিষ্ট আকাৰ নাই কিন্তু নিৰ্দ্দিষ্ট আয়তন আছেনে?

উত্তৰ : নিৰ্দ্দিষ্ট আয়তন নাই।

প্রশ্ন 15 : জুলীয়া পদাৰ্থৰ এটা ধৰ্ম লিখা।

উত্তৰ : জুলীয়া পদাৰ্থৰ নিজা আকাৰ নাই। ই যি আকাৰৰ পাত্ৰত ৰখা হয়, তাবেই আকৃতি লয় ।

প্রশ্ন 16 : LPG আৰু CNG কি ?

উত্তৰ : LPG (Liquidified Petrolleum Gas) আৰু CNG (Compressed Natural Gas) ক্ৰমে তৰলীকৃত পেট্ৰ’লিয়াম গেছ আৰু সংকুচিত প্রাকৃতিৰ গেছ।

প্রশ্ন 17: চাপ কাক বোলে?

উত্তৰ : গেছে পাত্ৰৰ বেৰত প্ৰতি একক ক্ষেত্রফলৰ ওপৰত দিয়া হেঁচাকে চাপ বোলে।

প্রশ্ন 18 : ঘনত্বৰ প্ৰকাশ বাশি কি?

উত্তৰ : ঘনত্ব = আয়তন

প্রশ্ন 19 : ঘনত্বৰ S.I. একক কি?

উত্তৰ : ঘনত্বৰ এছ. আই. একক হ’ল কি.গ্ৰা/ মিটাৰ (kgm-‘)

প্রশ্ন 20 (a) : গলনাংক কাক বোলে ?

উত্তৰ : যি উষ্ণতাত কঠিন পদার্থ গলি জুলীয়া অৱস্থা প্রাপ্ত হয় সেই উষ্ণতাকে পদাৰ্থটোৰ গলনাংক বোলে।

প্রশ্ন 20 (b) : 100ºC উষ্ণতাক S.I. এককত পৰিবৰ্তন কৰা।

উত্তৰ : 100°C = 273 + 100 = 373K

প্রশ্ন 21 : প্ৰকৃততে বৰফৰ গলনাংক কিমান?

উত্তৰ : প্ৰকৃততে বৰফৰ গলনাংক 0°C বা 273.16k

প্রশ্ন 22: কেলভিন (K) আৰু চেলছিয়াছ (C) স্কেলৰ মাজৰ সম্পৰ্কটো লিখা।

উত্তৰ : K – 273 = °C

প্রশ্ন 23 : বিগলন মানে কি?

উত্তৰ : কঠিন অৱস্থাৰ পৰা পদাৰ্থ এবিধ জুলীয়া অৱস্থা পোৱাকে বিগলন বোলে।

প্রশ্ন 24: লীনতাপ কি?

উত্তৰ : পদাৰ্থ এবিধ এটা অৱস্থাৰ পৰা আন এটা অৱস্থা সম্পূৰ্ণৰূপে পাবলৈ হলে অৱস্থাৰ পৰিবৰ্তনৰ বাবে কিছু তাপ শক্তিৰ প্ৰয়োজন হয় । ইয়াকে তাৰ লীন তাপ বোলে ৷

প্রশ্ন 25: লীনতাপ কেইবিধ?

উত্তৰ: দুবিধ । গলনৰ লীনতাপ আৰু বাষ্পীভৱনৰ লীন তাপ।

প্রশ্ন 26: বৰফৰ গলনৰ লীনতাপৰ মান কিমান?

উত্তৰ : বৰফৰ গলনৰ লীনতাপ 80 কেলৰি।

প্রশ্ন 27: পানীৰ বাষ্পীভৱনৰ লীনতাপৰ মান কিমান?

উত্তৰ: পানীৰ বাষ্পীভৱনৰ লীনতাপ 540 কেলৰি

প্রশ্ন 28: পদাৰ্থৰ অৱস্থাৰ পৰিবৰ্তন কি কাৰকে নিয়ন্ত্ৰণ কৰে।

উত্তৰ : উষ্ণতাই

প্রশ্ন 29 : উর্ধপাতন কি?

উত্তৰ: গোটা পদাৰ্থ এবিধ তৰল অৱস্থা নোেপাৱাকৈ পোনে পোনে গেছীয় অৱস্থালৈ ৰূপান্তৰিত হোৱাকে উর্ধপাতন বোলে।

প্রশ্ন 30 : গেছীয় পদাৰ্থক জুলীয়া কৰাৰ কৌশল কি?

উত্তৰ: চাপ প্রয়োগ কৰি আৰু উষ্ণতা কমাই গেছীয় পদাৰ্থক জুলীয়া কৰিব পাৰি।

প্রশ্ন 31 : শুকান বৰফ কি?

উত্তৰ : গোটা কার্বন ডাই অক্সাইডক শুকান বৰফ বোলে।

প্রশ্ন 32: গেছৰ চাপৰ একক কি?

উত্তৰ : গেছৰ চাপৰ একক পাস্কাল (pascal)

প্রশ্ন 33 : গেছৰ চাপৰ একক এটম’স্ফিয়াৰ আৰু পাস্কালৰ মাজৰ সম্পৰ্ক কি ?

উত্তৰঃ 1 atm = 1.01 × 10 pa.

প্রশ্ন 34: বাষ্পীভৱন কাক বোলে ?

উত্তৰ: জুলীয়া পদাৰ্থ ভাপলৈ ৰূপান্তৰ হোৱাকে বাষ্পীভৱন বোলে।

প্রশ্ন 35: বাষ্পীভৱন নিৰ্ভৰ কৰা এটা কাৰক উল্লেখ কৰা।

উত্তৰ : পৃষ্ঠকালি বৃদ্ধি ।

প্রশ্ন 36 : বতাহৰ লগত বাষ্পীভৱনৰ সম্পৰ্ক কি?

উত্তৰ : বতাহৰ বেগ বাঢ়িলে বাষ্পীভৱনৰ হাৰো বাঢ়ে।

প্রশ্ন 37 : কাপোৰ এখন শুকোৱাৰ গুৰিতে থকা প্ৰক্ৰিয়া কি ?

উত্তৰ : বাষ্পীভৱন।

প্রশ্ন 38: “গৰমত কপাহী কাপোৰ পিন্ধাটো আৰামদায়ক।” কপাহৰ কি গুণৰ বাবে এইটো হয়?

উত্তৰ : কপাহ তাপৰ কুপৰিবাহী আৰু উত্তম শোষক।

প্রশ্ন 39: BEC কি?

উত্তৰ : BEC মানে হ’ল Bose Einstein Condensate

প্রশ্ন 40: শুদ্ধ উত্তৰ বাছি উলিওৱা :

(i) জুলীয়া পদাৰ্থৰ

(a) নিৰ্দ্দিষ্ট আকাৰ আৰু আয়তন আছে

(b) নিৰ্দ্দিষ্ট আকাৰ আছে আয়তন নাই

(c) নিৰ্দ্দিষ্ট আয়তন আছে আকাৰ নাই

(d) নিৰ্দ্দিষ্ট আকাৰ আৰু আয়তন নাই।

Ans: (c) নিৰ্দ্দিষ্ট আয়তন আছে আকাৰ নাই

(ii) আন্ত : আণৱিক আকর্ষণ সর্ব্বোচ্চ হয়

(a) গোটা পদাৰ্থৰ

(b) জুলীয়া পদাৰ্থৰ

(c) গেছীয় পদাৰ্থৰ

(d) প্লাজমা পদাৰ্থৰ

Ans: (a) গোটা পদাৰ্থৰ

(iii) ঘনত্বৰ বাবে তলৰ কোনটো সম্পৰ্ক শুদ্ধ?

(a) ঘনত্ব ভৰ × আয়তন

(b) ঘনত্ব = ভৰ : আয়তন

(c) ঘনত্ব = আয়তন ÷ভৰ

(d) ঘনত্ব = ভৰ ক্ষেত্রফল

Ans: (b) ঘনত্ব = ভৰ : আয়তন

(iv) ঘনত্বৰ SI একক হ’ল :

(a) গ্রাম. মি. (b) গ্রাম. ছে. মি. (c) কি. গ্রা. মি. (d) কি.গ্রা. মি.

Ans: (c) কি. গ্রা. মি.

(v) বৰফৰ প্ৰকৃত গলনাংক হ’ল :

(a) 273K (b) 273.16K (c) 0K (d) -273.16K

Ans: (b) 273.16K

(vi) পানীৰ উতলাংক হ’ল :

(a) 373″C

(b) 273K

(c) 373K

(d) 273″C

Ans: (a) 373″C

(vii) উষ্ণতাৰ কেলভিন (k) আৰু ছেলছিয়াছ (“C) স্কেলৰ সম্পৰ্কটো হ’ল—

(a) K = C + 273

(b) C = K+ 273

(c) C = K+ 273

(d) C = K× 273

Ans: (a) K = C + 273

(viii) তলৰ কোনটো উক্তি অশুদ্ধ?

(a) কঠিন পদাৰ্থৰ পৰা জুলীয়া পদাৰ্থলৈ পৰিবৰ্তন হোৱা প্ৰক্ৰিয়াকে বিগলন বোলে।

(b) উষ্ণতা স্থিৰ থাকি পদার্থ এটাই এটা অৱস্থাৰ পৰা আন এটা অৱস্থাত পৰিণত হওঁতে যে তাপ গ্ৰহণ কৰে তাকে লীন তাপ বোলে।

(c) লীন তাপ দুবিধ – বিগলনৰ লীন তাপ আৰু বাষ্পীভৱনৰ লীন তাপ

(d) 273k উষ্ণতাত বৰফৰ কণিকাৰ তুলনাত পানীৰ কণিকাত নিহিত শক্তিৰ পৰিমাণ কম ।

Ans: (d) 273k উষ্ণতাত বৰফৰ কণিকাৰ তুলনাত পানীৰ কণিকাত নিহিত শক্তিৰ পৰিমাণ কম ।

(ix) শুদ্ধ সম্পর্কটো হ’ল –

(a) 1atm = 1.0110 pa

(b) latm = 1×10 pa

(c) latm = 1 pa

(d) latm = 10 pa

Ans: (a) 1atm = 1.0110 pa

(x) পদাৰ্থৰ পঞ্চম অৱস্থা হ’ল :

(a) প্লাজমা

(b) BEC

(c) CNG

(d) লেজাৰ

উত্তৰঃ (b) BEC

(xi) ব্যাপনৰ হাৰ আটাইতকৈ খৰতকীয়া হয়—

(a) কঠিন পদার্থ

(b) তৰল পদার্থ

(c) গেছ

(d) আটাইকেইটাতে।

উত্তৰঃ (xi) c

চমু প্রশ্নোত্তৰ

প্রশ্ন 1 : তলৰ পৰ্যবেক্ষণটোৰ কাৰণ দশোৱা।

কঢ়াকৈ ভজা গৰম বস্তুৰ গোন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোৱা যায়। কিন্তু ঠাণ্ডা বস্তুৰ গোন্ধ পাবলৈ ওচৰলৈ যাব লাগে।

উত্তৰঃ কঢ়াকৈ ভজা গৰম বস্তুৰ গোন্ধ কঢ়িয়াই নিয়া কণিকাবোৰৰ গতিশক্তি অধিক বাবে এইবোৰে কম সময়ৰ ভিতৰতে বায়ুত ব্যাপন পদ্ধতিৰে বহু দূৰলৈ বিয়পি পৰে।

ফলত বহুত দূৰৰ পৰাই ইয়াক অনুভৱ কৰিব পাৰি। কিন্তু ঠাণ্ডা বস্তুৰ পৰা গোন্ধ কঢ়িয়াই নিয়া কণিকাবোৰৰ উষ্ণতা কম বাবে গতি শক্তি কম আৰু বায়ুৰ মাজেৰে ইয়াৰ ব্যাপন ক্ৰিয়া অতি মন্থৰ হয় । ফলত ওচৰলৈ গ’লেহে ইয়াৰ গোন্ধ পোৱা যায়।

প্রশ্ন 2 : এজন ডুবাৰুৱে সাঁতোৰাৰ সময়ত পুখুৰীৰ পানী ফালি সোমাই যাব পাৰে। পদাৰ্থৰ কি ধৰণৰ ভিত্তিত এইটো সম্ভৱ ?

উত্তৰঃ তৰল পদার্থ (এই ক্ষেত্ৰত পানী)ৰ কণিকা (অণু, পৰমাণু) সমূহৰ মাজৰ আন্তঃআণৱিক আকর্ষণ বল দুৰ্বল। কণিকাসমূহৰ মাজৰ ব্যৱধানো বেছি। সেইবাবে এইবোৰৰ মাজত থকা বলে বাহিৰৰ বিকৃতকাৰী বলক প্ৰতিৰোধ কৰিব নোৱাৰে। ডুবাৰুৱে সাতোৰাৰ সময়ত এই বাবে সহজতে পানী ফালি সোমাই যাব পাৰে। পদাৰ্থৰ কণিকা ধৰ্মৰ ভিত্তিত এইটো সম্ভৱ।

প্রশ্ন 3 : পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্য বিলাক কি কি?

উত্তৰঃ পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট হ’ল–

(i) পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান থাকে।

(ii) এইবোৰৰ পৰস্পৰৰ মাজত আকর্ষণ বল আছে। পদাৰ্থৰ অৱস্থা অনুযায়ী এইবোৰৰ মান বেলেগ বেলেগ।

(iii) কণিকাবোৰে অহৰহ গতি কৰি থাকে।

(iv) কণিকাবোৰে ব্যাপন ক্রিয়া দেখুৱায় ।

(v) একেবিধ পদাৰ্থৰ কণিকাবোৰৰ আকাৰ আৰু আকৃতি একে একে।

প্রশ্ন 4 : তলৰ পদাৰ্থবোৰ ঘনত্বৰ উৰ্দ্ধক্ৰমত সজোৱা—

বায়ু, চিমনিৰ পৰা ওলোৱা ধোঁৱা, মৌ, পানী, চকমাটি, কপাহ, আৰু লো।

উত্তৰঃ

প্ৰদত্ত পদাৰ্থবোৰক ঘনত্বৰ উৰ্ধক্ৰমত সজালে :

বায়ু < চিমনিৰ পৰা ওলোৱা ধোৱা <কপাহ <পানী < মৌ < চকমাটি <লো।

প্রশ্ন 5 : পদাৰ্থৰ বিভিন্ন অৱস্থাৰ বৈশিষ্টবোৰৰ পাৰ্থক্য দেখুৱাই এখন তালিকা কৰা।

উত্তৰঃ পদাৰ্থৰ বিভিন্ন অৱস্থাৰ বৈশিষ্টবোৰৰ পাৰ্থক্যৰ তালিকা—

গোটা

1.এইবোৰ দৃঢ় আৰু সংকোচন কৰিব নোৱাৰি|

2.নির্দিষ্ট আকাৰ আৰু আয়তন আছে।

3. আন্তঃ আণবিক আকর্ষণ অতি বেছি |

4. কোনো পাত্ৰ অবিহনে ৰাখিব পাৰি ।

5. বৈ নাযায়।

জুলীয়া

1.সিমান দৃঢ় নহয় ৷ সংকোচন কৰিব পাৰি।

2.নির্দিষ্ট আয়তন নাই
কিন্তু আয়তন আছে।

3.আন্তঃ আণবিক দূৰত্ব গেছীয়তকৈ বেছি।

4.আন্তঃ আণবিক আকর্ষণ। গোটা পদাৰ্থতকৈ কম।

5.পাত্ৰতহে ৰাখিব পাৰি৷

6.বৈ যায় এক নির্দিষ্ট দিশতহে।

গেছীয়

1.মুঠেই দৃঢ় নহয় । সহজে সংকোচন কৰিব পাৰি।

2.নিৰ্দ্দিষ্ট আকাৰ আৰু আয়তন নাই।

3.আন্তঃ আণবিক আকর্ষণ অতি কম।

4.মাত্র বন্ধ পাত্ৰতহে ৰাখিব পাৰি ।

5.চাৰিও দিশে বৈ যায়।

প্রশ্ন 6 : তলৰ ৰাশিবোৰৰ সংজ্ঞা দিয়া—

দৃঢ়তা (rigidity), সংকোচনশীলতা (compressibility), প্রবাহীতা (fluidity), আকাৰ (shape), গতিশক্তি (kinetic energy) আৰু ঘনত্ব (density)

উত্তৰ:

দৃঢ়তা (rigidity) : পদাৰ্থৰ ই এটা গুণ যাৰ বাবে পদাৰ্থৰ আকৃতি সহজে সলনি কৰিব নোৱাৰি।

সংকোচনশীলতা (compressibility): যি গুণৰ বাবে পদাৰ্থক বাহ্যিক বল প্ৰয়োগৰ দ্বাৰা সংকুচিত কৰি তাৰ আয়তন কমাব পাৰি, তাকে পদাৰ্থৰ সংকোচনশীলতা বোলে।

প্রবাহিতা (fluidity): পদাৰ্থক কোনো এক পৃষ্ঠত ৰাখিলে ৰখা ঠাইৰ পৰা চাৰিওফালে বৈ যাব পৰা ধৰ্মই হ’ল তাৰ প্ৰবাহিতা।

আকাৰ (shape): পদাৰ্থৰ চাৰিও কাষ নিৰ্দ্দেশ কৰা সীমা ৰেখাই তাৰ আকাৰ। গোটা পদাৰ্থৰ আকাৰ নিৰ্দ্দিষ্ট। জুলীয়া আৰু গেছীয় পদার্থ যি পাত্ৰত ৰখা হয় সেই পাত্ৰৰে আকাৰ নিৰ্দ্দেশ কৰে।

ঘনত্ব (density) : একক আয়তনত থকা পদাৰ্থৰ ভৰেই হ’ল সেই পদাৰ্থৰ ঘনত্ব ৷

ঘনত্ব = পদাৰ্থৰ আয়তন/পদাৰ্থৰ ভৰ

গতিশক্তি (kinetic energy) : পদার্থ কণাই বা বস্তু এটাই বল প্রয়োগৰ ফলত লাভ কৰা শক্তিৰেই যদি গতিশীল হয়, তেন্তে সেই গতিত প্ৰয়োগ হোৱা শক্তিয়েই গতি শক্তি । পদাৰ্থ কণাবোৰে অহৰহ গতি কৰি থাকে বাবে তাৰ গতি শক্তি নিহিত থাকে। এই গতি শক্তিৰেই পদাৰ্থটো ৰখা পাত্ৰৰ বেৰত ই চাপ প্রয়োগ কৰে।

প্রশ্ন 7ঃ কাৰণ দশোৱা:

(a) ৰখা পাত্ৰটোত গেছ এটা সম্পূৰ্ণৰূপে ভৰি পৰে।

(b) ধাৰক পাত্ৰৰ বেৰত গেছ এটাই চাপ দিয়ে।

(c) কাঠৰ টেবুল এখনক কঠিন পদাৰ্থ বুলিব পাৰি।

(d) বায়ুত আমাৰ হাতখন সহজে ঘূৰাব পাৰো কিন্তু কাঠ এডোখৰৰ মাজেৰে ঘূৰাবলৈ এজন কেৰাটে বিশেষজ্ঞ প্রয়োজন।

উত্তৰ :

(a) কাৰণ হ’ল গেছৰ অণুবোৰৰ মাজৰ আন্তঃআণৱিক আকৰ্ষণ অতি কম। সেইবাবে সিহঁত প্রায় মুক্ত। গতিকে যিটো পাত্ৰত ৰখা যায়, সেই পাত্ৰৰ যিকোনো ঠাইতে এই অণুবোৰে গতি কৰিব পাৰে। ফলত পাত্ৰটো গেছে সম্পূৰ্ণৰূপে ভৰাই ৰাখে।

(b) গেছৰ অণুবোৰে পাত্ৰৰ ভিতৰত যধেমধে গতি কৰি থাকে৷ গতি কৰি থাকোতে অণুবোৰে পৰস্পৰৰ মাজত সংঘাত কৰে আৰু পাত্ৰৰ বেৰতো খুন্দা মাৰে৷ পাত্ৰৰ বেৰত খুন্দা মাৰোতে ইহঁতে বল প্রয়োগ কৰে। এই বলৰ একক ক্ষেত্রফলৰ মানেই গেছটোৱে দিয়া চাপ৷ গতিকে গেছে পাত্ৰৰ বেৰত চাপ প্রয়োগ কৰে ।

(c) কাঠৰ টেবুলখন গোটা পদাৰ্থৰে তৈয়াৰী। গতিকে ইয়াৰ আকৃতি বাহ্যিক বল প্ৰয়োগৰ দ্বাৰা সহজে সলনি কৰিব নোৱাৰি। গতিকে টেবুলখনক দৃঢ় আৰু কঠিন পদাৰ্থ বুলিব পাৰি ।

(d) বায়ুৰ কণিকাবোৰৰ মাজত আন্তঃকণিকা দূৰত্ব যথেষ্ট বেছি। গতিকে আমাৰ হাতখনেৰে কণিকাবোৰ ঠেলি সহজে হাতখন কণিকাৰ মাজেৰে ঘূৰাব পাৰোঁ। অধিক বলৰ প্রয়োজনইে নহয় ৷ কিন্তু কাঠ এডোখৰ দৃঢ় পদাৰ্থ । গতিকে ইয়াৰ কণিকাবোৰৰ মাজৰ আন্তঃকণিকা ব্যৱধান নগণ্য। লগতে এই কণিকাবোৰৰ মাজত প্রবল আকর্ষণী বলে ক্ৰিয়া কৰি থাকে। ফলত ইয়াৰ মাজেৰে হাত এখন ঘূৰাবলৈ বহুত বলৰ প্ৰয়োজন। কোটে বিশেষজ্ঞ এজনৰ হাতৰ বল বেছি বাবে কাঠটুকুৰা ভাঙি হাতখন তাৰ মাজেৰে নিব পাৰে।

প্রশ্ন ৪ : কঠিন পদাৰ্থৰ তুলনাত জুলীয়া পদাৰ্থৰ ঘনত্ব কম। কিন্তু দেখিছানে – বৰফ পানীত ওপঙে; কিয় বাৰু?

উত্তৰঃ কঠিন পদাৰ্থৰ ঘনত্বৰ তুলনাত সেই পদার্থবিধৰ তৰল অৱস্থাৰ ঘনত্ব কম। কিন্তু পানীৰ ক্ষেত্ৰত ব্যতিক্রম। পানীৰ তুলনাত পানীৰে গোটা অৱস্থা (বৰফ)ৰ ঘনত্ব কিন্তু কম। বৰফ হওঁতে বৰফত থকা পানীৰ অণুৰ আন্তঃআণৱিক দূৰত্ব বাঢ়ে। গতিকে বৰফ পানীতকৈ পাতল হয়। সেইবাবে বৰফ পানীত ভাঁহে, যিটো আন পদাৰ্থৰ ক্ষেত্ৰত নহয়৷

প্রশ্ন 9 : কোনো পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিবৰ্তনৰ সময়ছোৱাত উষ্ণতা স্থিৰ হৈ থাকে কিয়?

উত্তৰ : কোনো পদাৰ্থৰ ভৌতিক অৱস্থাৰ সম্পূৰ্ণ পৰিবৰ্তনৰ বাবে তাপ শক্তিৰ দৰকাৰ হয়। গতিকে পদাৰ্থটোৱে তাৰ ওপৰত প্ৰয়োগ কৰা তাপ ভৌতিক অৱস্থাৰ পৰিবৰ্তনৰ বাবেহে ব্যৱহাৰ কৰে। ইয়াক লীন তাপ বোলে। এই তাপে পদাৰ্থটোৰ উষ্ণতা নবঢ়ায়। গতিকে পদাৰ্থটোৰ এই অৱস্থাত উষ্ণতা স্থিৰ হৈ থাকে।

প্রশ্ন 10: Desert cooler এটাই শুষ্ক গৰম দিনত ভালকৈ ঠাণ্ডা কৰে কিয় ?

উত্তৰ : ডিজাৰ্ট কুলাৰ এটাই শুষ্ক গৰম দিনত বেছিভালকৈ কাৰ্য কৰাৰ কাৰণ হ’ল–শুষ্ক গৰম দিনত বতৰৰ আৰ্দ্ৰতা কম আৰু উষ্ণতা বেছি। পানী বাষ্প কৰিবলৈ এই দুয়োটা কাৰকেই অতি প্রয়োজনীয়। এনে ধৰণৰ কুলাৰত পানীক বাষ্প কৰি বায়ুত এৰি বায়ু ঠাণ্ডা কৰা হয়।

প্রশ্ন 11: গ্ৰীষ্ম কালত মাটিৰ কলহৰ পানী ঠাণ্ডা হৈ থাকে কিয়?

উত্তৰ : গ্ৰীষ্ম কালত মাটিৰ কলহত কিছুমান সূক্ষ্ম ছিদ্র, থাকে। কলহটোৰ ছিদ্ৰৰে নির্গত পানীখিনি বাষ্পীভৱন ঘটাৰ ফলত কলহটো ঠাণ্ডা হৈ থাকে। ফলত তাৰ ভিতৰত থকা পানীৰো উষ্ণতা কমে। ফলত গ্রীষ্মকালত মাটিৰ কলহৰ পানী ঠাণ্ডা হৈ থাকে।

প্রশ্ন 12ঃ হাতৰ তলুৱাত এচিট’ন, পেট্ৰ’ল বা সুগন্ধি আতৰ ঢালি ল’লে ঠাণ্ডা অনুভৱ হয় কিয় ?

উত্তৰ : এচিট’ন, পেট্ৰ’ল বা সুগন্ধি আতৰ আদিৰ বাষ্পাংক অতি কম। মানুহৰ হাতৰ উষ্ণতা তাতকৈ বেছি। যেতিয়া এইবোৰ হাতৰ তলুৱাত ঢালি দিয়া হয়, সেই উষ্ণতাতে এইবোৰৰ বাষ্পীভৱন ঘটে। ফলত লীনতাপ হাতৰ তলুৱাৰ পৰা গ্ৰহণ কৰে । ফলত হাতৰ তলুৱাত ঠাণ্ডা অনুভৱ হয়।

প্রশ্ন 13: গম চাহ বা গাখীৰ কাপত লৈ খোৱাতকৈ প্লেটত লৈ খোৱা সহজ কিয়?

উত্তৰ : গৰম চাহ বা গাখীৰ খিনি কাপত থাকোতে ইয়াৰ পৃষ্ঠভাগে কম ক্ষেত্রফল অধিকাৰ কৰে। যদি ইয়াক প্লেটত বাকি দিয়া হয়, প্লেটত ই বেছি ক্ষেত্রফল অধিকাৰ কৰে। তৰলৰ বাষ্পীভৱন তাৰ ক্ষেত্রফল বাঢ়িলে বাঢ়ে। গতিকে প্লেটত বাকি দিয়াৰ লগে লগে কম সময়তে ঠাণ্ডা হয়। গতিকে খোৱাত সহজ হয়।

প্রশ্ন 14: গ্রীষ্মকালত আমি কি ধৰণৰ কাপোৰ পিন্ধিব লাগে?

উত্তৰ : গ্ৰীষ্ম কালত আমি কপাহী কাপোৰ পিন্ধিব লাগে। কাৰণ হ’ল— কপাহী কাপোৰ তাপৰ কুপৰিবাহী বাবে বাহিৰৰ তাপ দেহলৈ যাব নোৱাৰে। তাৰোপৰি কপাহী কাপোৰ শোষক হিচাবেও উত্তম। শৰীৰৰ পৰা নিৰ্গত ঘাম কাপোৰে শোষণ কৰি শৰীৰটো শীতল কৰে।

প্রশ্ন 15 : কাৰণ দশোৱা-

(a) খোলা ঠাইত নেফথেলিন বল কেইদিনমান থৈ দিলে নাইকিয়া হয়।

(b) দূৰৰ পৰাই আতৰৰ গোন্ধ পোৱা যায় ৷

উত্তৰ:

(a) নেফথেলিনে উর্ধপাতন প্ৰক্ৰিয়াৰে বাষ্পীভৱন হয়। অর্থাৎ ই গোটা অৱস্থাৰ পৰা পোনে পোনে গেছীয় অৱস্থা পায়। বায়ুমণ্ডলীয় চাপ আৰু উষ্ণতাতে ই সম্পূৰ্ণৰূপে গেছীয় অৱস্থা পায় বাবে কোনো অৱশিষ্ট নৰখাকৈ ই কেইদিন পিছতে নাইকিয়া হয়।

(b) আতৰ বায়ুৰ মাজেৰে বিয়পির পাৰে। কাৰণ আতৰৰ কণিকা বায়ুৰ কণিকাতকৈও সৰু। ব্যাপন প্ৰক্ৰিয়াৰে ই বহু দূৰলৈ যায়। গতিকে দূৰৰ পৰাই ইয়াৰ গোন্ধ পোৱা যায়।

প্রশ্ন 16: যুক্তি দশাই ব্যাখ্যা কৰা—

(a) সাধাৰণ উষ্ণতাত পানী জুলীয়া ।

(b) সাধাৰণ উষ্ণতাত লোৰ আলমাৰিটো কঠিন।

উত্তৰ :

(a) সাধাৰণ উষ্ণতাত পানী জুলীয়া। যুক্তি হ’ল—

(i) এই উষ্ণতাত পানীয়ে প্রবাহী ধর্ম লাভ কৰে।

(ii) এই উষ্ণতাত পানীৰ কোনো নিৰ্দ্দিষ্ট আকাৰ নাই কিন্তু নিৰ্দ্দিষ্ট আয়তন আছে।

(b) সাধাৰণ উষ্ণতাত লোৰ আলমাৰিটো কঠিন। ইয়াৰ যুক্তি হ’ল—

(i) লোৰ আলমিৰা এটা সাধাৰণ উষ্ণতাত অতি দৃঢ় ।

(ii) ইয়াৰ নিৰ্দ্দিষ্ট আকৃতি, আকাৰ আৰু আয়তন আছে।

প্রশ্ন 17:273K উষ্ণতাত থকা বৰফে একে উষ্ণতাত থকা পানীতকৈ বেছি ঠাণ্ডা কৰে কিয় ?

উত্তৰ: 273K উষ্ণতাত থকা বৰফত লীন তাপৰ পৰিমাণ কম। কিন্তু 273K উষ্ণতাত থকা পানীৰ লীন তাপ বেছি। গতিকে বৰফে আন বস্তুৰ পৰা বেছিকৈ তাপ শোষণ কৰিব পাৰে। পানীয়ে সিমান বেছি নোৱাৰে। সেইবাবে 273K উষ্ণতাৰ বৰফ একে উষ্ণতাৰ পানীতকৈ শীতল কাৰক হিচাবে বেছি কার্যক্ষম ।

প্রশ্ন 18: উতলা পানী আৰু বাষ্পৰ ভিতৰত কোনটোৱে বেছিকৈ পোৰে?

উত্তৰঃ বাষ্পই উতলা পানীতকৈ বেছিকৈ পোৰে। কাৰণ বাষ্পত লীন তাপ নিহিত হৈ থাকে। উতলা পানীত নাথাকে। কিন্তু বেছি সময়ৰ বাবে উতলা পানীৰ সংস্পৰ্শত থাকিলে ই বেয়াকৈ ক্ষতি হোৱাকৈ পোৰে ৷

প্রশ্ন 19: অৱস্থাৰ পৰিবৰ্তন দেখুৱাই তলৰ চিত্ৰত A,B,C,D,E আৰুৰ নাম লিখা।

উত্তৰ :

A— গলন (fusion)

B – বাষ্পীভৱন (evaporation)

C -ঘনীভৱন (condensation)

D- গোটা অৱস্থালৈ ৰূপান্তৰণ (solidification)

E- উর্ধপাতন (sublimation)

F – উর্ধপাতন (sublimation)

প্রশ্ন 20 : ভাৰতীয় দর্শনমতে পদাৰ্থৰ মৌলিক উপাদানবোৰৰ নাম লিখা। ইয়াক কি তত্ত্ব হিচাবে জনা যায় ?

উত্তৰ : ভাৰতীয় দৰ্শনমতে পদাৰ্থৰ মৌলিক উপাদানবোৰ হ’ল –

(i) বায়ু (ii) পৃথিৱী বা মাটি (iii) জুই বা অগ্নি (iv) আকাশ (v) পানী ইয়াক পঞ্চতত্ত্ব হিচাপে জনা যায়।

প্রশ্ন 21/‘পদাৰ্থবোৰ ক্ষুদ্র কণিকাৰ দ্বাৰা গঠিত’ – ইয়াক কেনেকৈ পৰীক্ষা কৰিব পাৰি ?

উত্তৰ : পদাৰ্থবোৰ যে ক্ষুদ্র কণিকাৰ দ্বাৰা গঠিত তাক প্ৰমাণ কৰিবৰ বাবে তলৰ পৰীক্ষাটো কৰিব পাৰি।

  • এটা 100 মি. লি জোখৰ বিকাৰ লোৱা হ’ল ।
  • বিকাৰটোৰ আধাঅংশলৈ পানী লৈ তাত এটা পানী পৃষ্ঠৰ সমানকৈ চিন দিয়া হ’ল।
  • এচামুচ নিমখ বা চেনি বিকাৰৰ পানীত মিহলাই দিয়া হ’ল। এডাল মাৰিৰে ঘুটি দিয়া হল।
  • চেনিৰ কণিকাবোৰ পানীৰ কণিকাৰ মাজত থকা ক্ষুদ্র ক্ষুদ্ৰ ফাকবোৰত সোমাইপৰিছে।

চেনিখিনি পানীত দ্রবীভূত হৈ পানীৰ কণিকাৰ মাজৰ ঠাইত সোমাই পৰিছে। চেনিৰ কণিকাবোৰ অদৃশ্য হৈ পৰিছে। গতিকে দেখা গ’ল যে পানীৰ অণুবোৰতকৈও চেনীৰ কণিকাবোৰ বেছি ক্ষুদ্ৰ। অৰ্থাৎ পদাৰ্থবোৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকাৰে গঠিত।

SL. No.Contents
Chapter – 1আমাৰ চাৰিওকাষৰ বস্তুবোৰ
Chapter – 2আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে
Chapter – 3পৰমাণু আৰু অণু
Chapter – 4পৰমাণুৰ গঠন
Chapter – 5জীৱৰ মৌলিক একক
Chapter – 6কলা
Chapter – 7জীৱৰ বিচিত্ৰতা
Chapter – 8গতি
Chapter – 9বল আৰু গতি বিষয়ক সূত্রসমূহ
Chapter – 10মহাকর্ষণ
Chapter – 11কাৰ্য্য আৰু শক্তি
Chapter – 12শব্দ
Chapter – 13আমি অসুস্থ হওঁ কিয়?
Chapter – 14প্রাকৃতিক সম্পদ
Chapter – 15খাদ্য সম্পদৰ উৎকর্ষ সাধন

Conclusion:

আমি বিশ্বাস কৰোঁ যে এই টোকাবোৰে শিক্ষাৰ্থীসকলক বিষয়বোৰৰ বিষয়ে ভালদৰে বুজাবুজি বিকশিত কৰাত আৰু তেওঁলোকৰ পৰীক্ষাৰ বাবে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰিব।

আমি নিশ্চিত যে এই টোকাবোৰে শিক্ষাৰ্থীসকলক তেওঁলোকৰ লক্ষ্য প্ৰাপ্ত কৰাত আৰু তেওঁলোকৰ শৈক্ষিক প্ৰদৰ্শন বৃদ্ধি কৰাত সহায় কৰিব। যদি আপুনি এই প্ৰবন্ধটো ভাল পায় আৰু সহায়ক হয় তেন্তে আপোনাৰ বন্ধুবৰ্গৰ সৈতে Share কৰিবলৈ নাপাহৰিব।

1 thought on “Class 9 Science Chapter 1 |আমাৰ চাৰিওকাষৰ বস্তুবোৰ”

Leave a Comment

error: Content is protected !!