নীলমণি ফুকন [১৮৮০-১৯৭৮]
পাঠভিত্তিক প্রশ্নোত্তৰ
প্রশ্ন ১। চমু উত্তৰ দিয়া ।
(ক) সময়ক কিহৰ লগত তুলনা কৰিব পাৰি?
উত্তৰ: সময়ক নৈৰ সোঁতৰ লগত তুলনা কৰিব পাৰি।
(খ) কিহৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়?
উত্তৰ: কাৰ্যক্ৰমৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়।
(গ) সময়ৰ ডাঙৰ ভাগবোৰ কি কি?
উত্তৰ: সময়ৰ ডাঙৰ ভাগবোৰ হ’ল— যুগ, কল্প, শতাব্দী।
(ঘ) সময়ৰ দণ্ড, পল, অনুপলক কি বোলা হয়?
উত্তৰ : সময়ৰ ভগ্নাংশ বোলা হয়।
(ঙ) সময় কি গতিত ঘূৰে?
উত্তৰ : সময় বৃত্তাকাৰ গতিত ঘূৰে।
প্রশ্ন ২। তাৎপর্য ব্যাখ্যা কৰা।
(ক) এলেহুৱাৰ দিন নাযায় নুপুৱায়।
উত্তৰ : কৰ্মৰ মাজেদি সময়ৰ গতি ধৰিব পাৰি। কামত ব্যস্ত থকা মানুহে দিনটো কেতিয়ানে৷ অতিবাহিত হৈ গ’ল গমকে নাপায়। কৰ্মী লোকৰ মানত দিনটো চকু পচাৰতে গ’ল যেন লাগে। কাৰণ তেওঁলোকে সময়ৰ কথা মনত নাৰাখে, কামৰ কথাহে মনত ৰাখে। আনহাতে এলেহুৱাৰ দিনটো নাযায় নুপুৱায়। তেওঁলোকে কামৰ সলনি সময়ৰ চিন্তাতহে থাকে। কাম নকৰি এনেয়ে সময় কটোৱা বৰ টান। তেওঁলোকৰ কাৰণে সময় বৰ দীঘলীয়া যেন লাগে। সময় তেওঁলোকৰ কাৰণে বৰ দুৰ্বহ হৈ পৰে। এই কাৰণেই বোধকৰো মানুহৰ এবছৰ দেৱতাৰ এদিন বুলি কোৱা হয়। মানুহৰ এক কল্প বা এহাজাৰ যুগে ব্ৰহ্মাৰ মাত্ৰ এদিন-এৰাতি।
(খ) মানুহৰ এক কল্পই ব্ৰহ্মাৰ এদিন।
উত্তৰ : ইয়াত কৰ্মী মানুহৰ সময়ৰ মূল্যৰ কথা কোৱা হৈছে। এলেহুৱাৰ কাৰণে এটা দিন যিমান দীঘলীয়া, দিনটো নাযায় নুপুৱায়, কৰ্মী মানুহৰ কাৰণে সেই দিনটো নিচেই চুটি— দিনটো চকুৰ পচাৰতে গুচি যায়। ঠিক সেইদৰে মানুহৰ কাৰণে এক কল্প বা এহাজাৰ যুগ ভাবিব নোৱৰা দীঘলীয়া সময়। এই কল্প মানুহে অতিক্ৰম কৰা সম্ভৱেই নহয়; কিন্তু মহান কর্মী, বিশ্ব-নিয়ন্তা ব্ৰহ্মাৰ কাৰণে ই একো দীঘলীয়া সময় নহয়। ই তেওঁৰ কাৰণে এদিনৰ লেখীয়া। এই কথাৰ দ্বাৰা ইয়াকে বুজাব খুজিছে যে কৰ্মৰ মাজেদিহে সময়ৰ গতি ধৰিব পাৰি৷ কৰ্মৰ দ্বাৰাহে সময়ত জোখ নিৰূপণ কৰিব পাৰি।
(গ) কৰ্মৰ মাজেদি সময়ৰ গতি ধৰিব পাৰি।
উত্তৰ : কামৰ মাজেদিহে সময় কেনেকৈ পাৰ হয় ধৰিব পাৰি। যিসকল কর্মী লোক, সততে কামত ব্যস্ত থাকে তেওঁলোকৰ কাৰণে সময় বৰ মূল্যৱান। তেওঁলোক সময়ৰ গতিৰ প্ৰতি সততে সজাগ হৈ থাকে। অকণমান সময়ো অথলে যোৱাটো তেওঁলোকে সহ্য কৰিব নোৱাৰে। কৰ্মীলোকৰ মানত দিনটো, সময়খিনি চকুৰ পচাৰতে যোৱা যেন লাগে। কিন্তু এলেহুৱাৰ দিনটো নাযায়, নুপুৱায়। তেওঁলোকে সময়ৰ গতি ধৰিব নোৱাৰে। সময় ৰৈ থকা যেন অনুভৱ কৰে। সেই কাৰণে এটা দিনো তেওঁলোকৰ কাৰণে বৰ দীঘলীয়া সময়, নাযাইহে নাযায়।
প্রশ্ন ৩। পাঠটিৰ লেখকৰ সাহিত্যৰাজিৰ পৰিচয় দিয়া।
উত্তৰ : পাঠটিৰ লেখক নীলমণি ফুকনদেৱৰ সাহিত্য ক্ষেত্ৰত অৱদান উল্লেখযোগ্য। তেওঁ নিজে সম্পাদনা কৰা ‘আলোচনী’ নামৰ কাকততে তেওঁৰ কবিতাৰ প্ৰথম কাকলি, শুনা গৈছিল যদিও প্ৰকৃততে ‘আৱাহন’ৰ জৰিয়তেহে তেওঁ কবিৰূপে প্রতিষ্ঠিত হয়। তেওঁৰ সাহিত্যৰাজি হ’ল— কবিতা পুথি ‘জ্যোতিকলা’ (১৯৩৮), ‘মানসী’ (১৯৪৩), ‘গুটিমালী’ (১৯৫০), ‘জিঞ্জিৰি’ (১৯৫১), ‘অমিত্রা’ (১৯৫২), ‘সন্ধানী’ (১৯৫৩)। গদ্যপুথি— ‘চিন্তামনি’ (১৯৪০) আৰু ‘সাহিত্য কলা’ (১৯৪০)।
প্রশ্ন ৪। ‘সময়’ পাঠটিৰ সাৰাংশ লিখা।
উত্তৰ : নৈৰ সোঁত বৈ যোৱাৰ দৰে সময়ো বৈ যায়। সিহঁত দুয়ো ৰৈ নাথাকে। সেই কাৰণেই সময়ক নৈৰ সোঁতৰ লগত তুলনা কৰা হয়। নৈৰ সোঁতক চকুৰে দেখি, কিন্তু সময়ৰ সোঁতক কাৰ্যৰেহে গম পোৱা যায়। সময়ক যুগ, কল্প; শতাব্দী,বছৰ, মাহ, ঋতু, পল, অনুপল আদি ভাগত ভাগ কৰা হয় । সময়ৰ ভাগবিলাক বিশেষ বিশেষ লক্ষণযুক্ত। হিন্দু শাস্ত্রমতে চাৰিযুগৰ লক্ষণবিলাক ভাগ কৰি থোৱা আছে। একোটা বিশেষ ঘটনা বা মানুহৰ কাৰ্যকলাপ অৱলম্বন কৰিও সময় ভাগ কৰা হয়। সংবৎ, শকাব্দ, খ্ৰীষ্টাব্দ, হিজৰি, শংকৰাব্দ, চৈতনবাদ আদি সময়ৰ মূলতেও এনে একো একোটা স্মৰণীয় ঘটনা বা কার্যকলাপ নিহিত হৈ আছে। প্রাকৃতিক জগতৰ গতি-বিধি লক্ষ্য কৰিও সময় নিৰূপণ কৰা হয়। ছয় ঋতুৰ উদ্ভৱ এনেকৈয়ে হৈছে। পদুমপাহ মুকলি হৈ আৰু জাপ গৈ ক্ৰমে ৰাতিপুৱা আৰু সন্ধিয়া হোৱাৰ ইংগিত দিয়ে। কঁঠালে মুচি পেলালে, আমে মলিয়ালে, ঢাপত কেতেকী গোন্ধালে একো একোটা ঋতুৰ সম্ভেদ দিয়ে। জীৱ-জন্তুৰ আচৰণেও সময় নিৰূপণত সহায় কৰে। কেঁকোৰা গাতত সোমালে, শামুকে পথাৰত দেখা দিলে, বালীমাহী চৰাই ওলালে, কুলি চৰায়ে মাতিলে, মাছে কণী পাৰিলে, ভেকুলীয়ে টোটোৰালে একোটা একোটা ঋতুৰ সম্ভেদ পোৱা যায়। ফেঁচাই জালি দিলে, বাহত পাৰই ৰুণ দিলে ৰাতি পুৱাবলৈ বেছি পৰ নাই বুলি জনা যায় আৰু কুকুৰাই ডাক দিলে ৰাতি পুৱাল বুলি গম পোৱা যায়। কোনোৱে আকৌ ৰিংটোৰ সময়, তামোলখন খাই শেষ কৰাৰ সময়, নিজৰ গাটোৰ ছাঁটোলৈ চাই এনেদৰে সময় নিৰূপণ কৰিছিল। পিছলৈ মানুহে চন্দ্ৰ-সূৰ্যৰ গতি চাই দিন, মাহ গণনা কৰিবলৈ ধৰিলে। এইদৰে সময়ৰ ক্ষুদ্রতম অংশ নিমিষ, মুহূর্তকো ধৰিব পৰা হ’ল। বিজ্ঞানৰ বলত ক্ৰমে সময় নিৰূপক যন্ত্র- পাতি উলিয়াই এই ভাগবিলাক কৰায়ত্ত কৰি মানুহে যাবতীয় কাম সম্পাদন কৰি আহিছে। কিন্তু সময়ৰ প্ৰকৃত যন্ত্ৰ-পাতি হৈছে কর্ম। কৰ্মৰ মাজেদিহে সময়ৰ গতি ধৰিব পাৰি। এলেহুৱাৰ দিনটো নাযায়-নুপুৱায়। কিন্তু কৰ্মী মানুহৰ মনত দিনটো চকুৰ পচাৰতে পাৰ হয় যেন লাগে। মানুহৰ এক কল্প বা এহাজাৰ যুগ ব্ৰহ্মাৰ কাৰণে এদিন আৰু এৰাতি। গতিকে সময়ৰ সদ্ব্যৱহাৰৰ ওপৰতে সময়ৰ মূল্য নিৰূপণ কৰিব পাৰি। কৰিবলগীয়া কামখিনি শৃংখলা লগাই কৰিলেই সময়ৰ সদ্ব্যৱহাৰ কৰা হয়। ঘৰ চলোৱাৰ পৰা এখন ৰাজ্য চলোৱালৈকে সকলো কামতে শৃংখলাৰ মাজেদি সময়ত সদ্ব্যৱহাৰ নকৰিলে ঘৰ গুচি অচিৰেই বাঁহৰ তল হ’ব, ৰাজ্য গুচি অৰাজকত পৰিণত হ’ব। সময় পাখি লগা কাঁড়ৰ নিচিনা তীব্ৰগতিত গৈ থাকে। গতিকে ঠিক, সময় ধৰিব লাগিলে তাতকৈ আগেয়ে প্রস্তুত হ’ব লাগে। কৰ্মী আৰু জ্ঞানী লোকে তাকেই কৰে। দহ বজাৰ- ৰে’লখন পাব লাগিলে দহ বজাতকৈ আগেয়েই ষ্টেচনত উপস্থিত হ’ব লাগিব। নিৰ্ধাৰিত সময়ত উপস্থিত হ’ব নোৱাৰিলে অর্থহানি, মনস্তাপ আদি অনেক হানি-বিঘিনি হয় । পাছৰপৰা বল দিয়া-সেনা মাত্র পাঁচ মিনিট পলমকৈ উপস্থিত হোৱা কাৰণে দিগ্বিজয়ী নেপোলিয়ন ৱাৰ্টালু যুদ্ধত হাৰিছিল। যুদ্ধ-বিগ্ৰহত সময়ৰ মূল্য দিহে জয়ী হ’ব পাৰি। এই কথা হৃদয়ংগম কৰিয়েই সময়ৰ মূল্য নুবুজা মোমায়েকৰ মূৰ কাটিহে লাচিতে যুদ্ধজয়ী হৈছিল। সেই কাৰণেই লাচিত আজিও মহাবীৰ। সময়ক মূল্য দিয়ো কিনিব নোৱাৰি। সেই কাৰণেই অমূল্য ধন বুলি কোৱা হয় । দৌৰ বা ঘোঁৰা দৌৰ আদিত এক মুহূর্ত আগবঢ়াৰ কাৰণে লক্ষ লক্ষ টকা লাভ কৰাৰ উদাহৰণ অনেক আছে। পৰীক্ষাত প্ৰশ্ন কাকত লাৰি-পিটিকি সময় নষ্ট কৰা পৰীক্ষাৰ্থীজনতকৈ তলমূৰ ওপৰ কৰিবলৈ সময় নোপোৱা পৰীক্ষাৰ্থীজনে বেছি নম্বৰ পাবই। সেই কাৰণে সময়ৰ কাম সময়ত কৰিব লাগে। ঠিক সময়ত ঠিকমতে কৰিব জনাটোৱেই হৈছে সময়ৰ শৰ মাৰিব জনা। ঠিক্ সময়ত ভাত নাখালে পিত্ত হয়, ঠিক সময়ত কঠীয়া নেপেলালে পিছত পেলোৱা কঠীয়াৰপৰা একো আশা কৰিব নোৱাৰি। ঠিক সময়ত ঔষধ খালেহে বেমাৰীও ভাল হয়। এনেদৰে ঠিক সময়ৰ কাম ঠিকমতে কৰি যোৱাৰ কাৰণে পৰুৱাৰ দৰে লানি নিছিগা কামতো জুমুৰি দি ধৰিব নোৱাৰে। সেই কাৰণেই কামেৰেহে সময়ৰ জোখ ল’ব পাৰি, ঘড়ীৰ কাঁইটকেইডালেৰে সময়ৰ জোখ ল’ব নোৱাৰি।
প্রশ্ন ৫। চাৰি-পাঁচটা বাক্যত উত্তৰ দিয়া।
(ক) প্রাকৃতিক জগত বুলিলে কাক বুজায় ?
উত্তৰঃ গছ-গছনি, চৰাই-চিৰিকটি, বনৰীয়া পশু, কীট-পতংগ, পর্বত-পাহাৰ, নদ-নদী, জান-জুৰি, নিজৰা, বায়ু-পানী, আকাশ, গ্রহ-নক্ষত্রাদিৰ অৱস্থান য’ত তাকেই প্রকৃতি বুলিলে বুজা যায়। ছয় ঋতুৰ উদ্ভৱ, গছত কুঁহিপাত ওলোৱা, পদুম ফুলপাহ ৰাতিপুৱা ফুলি সন্ধিয়া জাপ যোৱা, সূর্যোদয়, সূর্যাস্ত, নিশা আকাশত জোন-তৰা ওলোৱা, কঁঠালে মুচি পেলোৱা, অন্যান্য জীৱ-জন্তুৰো আচৰণ, চিঞৰ-বাখৰ, জান-জুৰি, নৈ-নিজৰাৰ সোঁত, পৰ্বত-পাহাৰৰ আমে মলিওৱা, বাঁহে গাজ মেলা, ফুল ফুলা, চৰাই-চিৰিকটিৰ বিচৰণ, আটাহ-চিঞৰ, স্থিতি এই প্ৰকৃতিৰ বুকুতেই হয়।
(খ) কোনো ঘটনাৰ ওপৰত ভিত্তি কৰি কিদৰে সময় ভাগ কৰিব পাৰি?
উত্তৰঃ বিভিন্ন প্ৰকাৰে সময় ভাগ কৰাৰ উপাৰ কোনো ঘটনা বা মানুহৰ কায-কলাপৰ ওপৰত ভিত্তি কৰিও সময় ভাগ কৰিব পাৰি। ধৰ্ম, কলা-সাহিত্য, বুৰঞ্জী, কিংবদন্তি, যুদ্ধ- বিগ্ৰহ, ৰাজত্ব আদি বিষয় বা ঘটনাবিলাকে সময়ৰ একো একোটা ঢাপ তুলি সীমাবদ্ধ কৰি থৈ যায়। উদাহৰণস্বৰূপে শংকৰী যুগ, বৈষ্ণৱ যুগ, জোনাকী যুগ, আহোম যুগ, ব্ৰিটিছ যুগ, সংবৎ, শকাব্দ, খ্রীষ্টাব্দ, হিজৰি, শংকৰাব্দ, চৈতন্যাব্দ আদিৰ গুৰিতে ওপৰত উল্লেখ কৰা একো একোটা ঢাপ বা স্মৰণীয় ঘটনা জড়িত হৈ আছে।
(গ) লক্ষণাক্রান্ত মানে কি?
উত্তৰঃ সময়ৰ যুগ, কল্প, শতাব্দী, ঋতু, বছৰ, মাহ, দিন, ৰাতি, প্ৰহৰ, দণ্ড, পল, অনুপল— এই ভাগবিলাক বিশেষ বিশেষ লক্ষণাক্রান্ত; অর্থাৎ কিছুমান বিশেষ বিশেষ লক্ষণৰ দ্বাৰা বুজোৱা। এই কাৰণেই হিন্দু শাস্ত্রমতে চাৰি যুগৰ লক্ষণবিলাক নিৰ্ণয় কৰি থোৱা আছে। কলি যুগত কল্কি অৱতাৰৰ পিছত সত্যযুগৰ প্ৰৱৰ্তন, খ্ৰীষ্টানসকলৰ মতে মিলেনিয়াম বা হাজাৰ বছৰ যীশুৰ ৰাজত্ব; ইছলামৰ মতে শেষ ইমাম মেহদিৰ আগমন ইত্যাদি ঘটনাৱলীয়েই একো একোটা যুগৰ লক্ষণ।
(ঘ) বিজ্ঞানৰ আৱিষ্কাৰ আগতে মানুহে কিহৰ ওপৰত ভিত্তি কৰি সময় সম্পর্কে অৱগত হৈছিল ?
উত্তৰঃ বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহে প্ৰকৃতিৰ গতি-বিধি লক্ষ্য কৰি, জীৱ- জন্তুৰ আচৰণৰ ওপৰত ভিত্তি কৰি, আৰু প্ৰকৃতি জগতৰ পৰিৱৰ্তনবিলাক লক্ষ্য কৰি সময় সম্পর্কে অৱগত হৈছিল। প্ৰকৃতিৰ গতি-বিধি যেনে— ঋতুৰ পৰিৱৰ্তন, গছ-গছনিয়ে নতুনকৈ পাত, ফুল ধৰা আদিত জীৱ-জন্তুৰ আচৰণ যেনে— কেঁকোৰা গাঁতত সোমালে, কুলি- কেতেকীয়ে মাতিলে, মাছে কণী পাৰিলে ইত্যাদি। আৰু প্ৰকৃতি জগতৰ পৰিৱৰ্তন বেলিটোৰ গতিৰ লগে লগে ছাঁটো জুখি বা অনুমান কৰি, ৰিংটোৰ বাট, তামোলখন খাই শেষ কৰা আদি কথাৰ ওপৰত ভিত্তি কৰি সময় সম্পর্কে অৱগত হৈছিল।
প্রশ্ন ৬। তলৰ প্ৰশ্নকেইটাৰ অন্তর্নিহিত ভাব বিশ্লেষণ কৰা।
(ক) সময়ৰ এই ভাগবিলাক বিশেষ বিশেষ লক্ষণাক্রান্ত।
উত্তৰঃ যুগ, কল্প, শতাব্দী, ঋতু, বছৰ, মাহ, দিন, ৰাতি, প্ৰহৰ, দণ্ড, পল, অনুপল— সময়ৰ এই ভাগবিলাক বিশেষ বিশেষ লক্ষণাক্রান্ত; অর্থাৎ কিছুমান বিশেষ বিশেষ লক্ষণৰ দ্বাৰা নিৰ্ণয় কৰা হৈছে। এই কাৰণেই হিন্দু শাস্ত্ৰমতে চাৰি যুগৰ লক্ষণবিলাক নিৰ্ণয় কৰি থোৱা আছে। কলি যুগত কল্কি অৱতাৰৰ পিছত সত্য যুগৰ প্ৰবৰ্তন, খ্ৰীষ্টানসকলৰ মতে মিলেনিয়াম বা হাজাৰ বছৰ যীশুৰ ৰাজত্ব, ইছলামৰ মতে শেষ ইমাম মেহদিৰ আগমন ইত্যাদি ঘটনাৱলীয়েই একো একোটা যুগৰ লক্ষণ।
(খ) সময়ৰ টিকনিডাল হেনো আগফালে।
উত্তৰঃ মানুহ টিক্লনিডাল থাকে পাছফালে। গতিকে পাছফালে গৈয়ো মানুহজনৰ টিকনিত ধৰি ৰাখি লগ পাব পাৰি। কিন্তু সময়ক ধৰিব লাগিলে সেই সময়তকৈ পিছত গ’লে সেই সময়ক ধৰিব নোৱাৰি। প্ৰকৃত সময়টোক ধৰিব লাগিলে সেই সময়তকৈ আগেয়েই যাব লাগিব বা উপস্থিত হ’ব লাগিব। দহ বজাৰ ৰেল ধৰিব লাগিলে দহ বজাৰ আগতেই ষ্টেচনত উপস্থিত হ’ব লাগিব, দহ বজাৰ এক মিনিট পিছত গ’লেও সেই ৰেল ধৰিব নোৱাৰি। সেই কাৰণেই জ্ঞানী আৰু কৰ্মী লোকে নিৰ্ধাৰিত সময়ৰ দুই-চাৰি মিনিট হ’লেও আগেয়ে প্রস্তুত থাকে। সময় পাখি লগা কাঁড়ৰ দৰে এনেদৰে উৰা মাৰে যে তাক পিছৰ পৰা ধৰা কেতিয়াও সম্ভৱ নহয়। পাছফালৰপৰা বল দিয়া সৈন্যসকল নিৰ্ধাৰিত সময়তকৈ মাত্র পাঁচ মিনিট পিছত গৈ পোৱাৰ কাৰণেই দিগ্বিজয়ী নেপোলিয়ন ৱাৰ্টালু যুদ্ধত হাৰিবলগীয়া হৈছিল। এইবিলাক কাৰণতেই সময়ৰ টিকনিডাল আগফালে বুলি কোৱা হৈছে। ইয়াৰ দ্বাৰা সময়ৰ গুৰুত্ব বুজোৱা হৈছে।
(গ) সময়ৰ জোখ কামতহে, ঘড়ীৰ কাঁইটকেইডালত নাই।
উত্তৰঃ কৰিবলগীয়া কাম শৃংখলা লগাই কৰিব পাৰিলেই সময়ৰ সদ্ব্যৱহাৰ কৰা হয়। এই কামৰ জৰিয়তেহে সময়ৰ মূল্য তথা জোখ নিৰূপণ কৰিব পাৰি। শৃংখলা লগাই সময়ৰ সদ্ব্যৱহাৰ কৰিলে ঘৰ তথা ৰাজ্য এখন সুচাৰুৰূপে চলে। এজন মানুহে হয়তো এশ বছৰ জীয়াই থাকিও লক্ষ ধন উপাৰ্জন কৰিব নোৱাৰে; কিন্তু দৌৰ বা ঘোঁড়া দৌৰ আদি প্ৰতিযোগিতাত এক মুহূর্ত আগবঢ়াৰ কাৰণেই লক্ষ লক্ষ ধন লাভ কৰিব পাৰে।
পৰীক্ষাত প্রশ্ন, কাকত লাৰি-পিটিকি এনেয়ে সময় নষ্ট কৰাজনতকৈ তলৰ মূৰ ওপৰ কৰিবলৈ সময় নোপোৱা পৰীক্ষাৰ্থীজনে বেছি নম্বৰ পাবই পাব। ঠিক সময়ত ঠিকমতে কাম নকৰিলে সেই কামৰপৰা ভাল ফল আশা কৰিব নোৱাৰি। খোৱাৰ সময়ত নাখালে পিত্ত হয়, ঠিক সময়ত ঔষধ নাখালে বেমাৰ বেছি হয়; বতৰত কঠীয়া নেপেলালে পিছত পেলোৱা কঠীয়াই ভাল ফল নিদিয়ে । পৰিপাৰ্টিকৈ ঠিক সময়ত ঠিকমতে কাম কৰি গ’লে পৰুৱাৰ দৰে লানি নিছিগা কামেও মানুহক জমুৰি দি ধৰিব নোৱাৰে। এলেহুৱা মানুহৰ দিনটো নাযায়-নুপুৱায়; তাৰ কাৰণে দিনটো বৰ দীঘলীয়া; কিন্তু কৰ্মী মানুহৰ মনত দিনটো পলকতে শেষ হ’ল যেন লাগে। তেওঁৰ কাৰণে দিনটো নিচেই চুটি। এশ বছৰ জীয়াই থাকিও এলেহুৱা, অকর্মীজনৰ পৃথিৱীত কোনো কাম বা মূল্য নাথাকে; কিন্তু মাত্ৰ কেইটামান বছৰ জীয়াই থাকিয়েই সময়ৰ সদ্ব্যৱহাৰ কৰা সং কর্মীজনে পৃথিৱীত অক্ষয়-কীৰ্তি ৰাখি যোৱাৰ অনেক উদাহৰণ আছে। গতিকে সময় নিৰূপক যন্ত্ৰ ঘড়ীৰ কাঁইটকেইডালে সময়ৰ কথা সূচালেও প্রকৃততে সময়ৰ জোখ আৰু মূল্য কামৰ জৰিয়তেহে নিৰূপণ কৰা হয়।
(ঘ) সময় অমূল্য ধন ঝেলা কথাষাৰ সঁচা।
উত্তৰঃ এবাৰ গুচি যোৱা সময় কেতিয়াও কোনো মূল্য দিয়ো ঘূৰাই আনিব নোৱাৰি। একোজন ধন কুবেৰেও এক মিনিটত হাজাৰ হাজাৰ টকা উপাৰ্জন কৰিব পাৰে। আনহাতে কোনোজন মানুহে হয়তো গোটেই জীৱন চেষ্টা কৰিও একেলগে এহাজাৰ টকা চকুৰে দেখাৰ সৌভাগ্য নঘটে। আকৌ দৌৰ, ঘোঁৰা-চেকুৰ আদি প্ৰতিযোগিতাত এক মুহূর্ত আগবঢ়া লোকে লক্ষ লক্ষ টকাৰ পুৰস্কাৰ পোৱাৰ দৃষ্টান্ত আছে। পৰীক্ষাত মাত্র তিনি বা চাৰি ঘণ্টাৰ ভিতৰত উত্তৰ কৰিবলৈ দিয়া প্রশ্নকাকতখন লাৰি-পিটিকি থকা পৰীক্ষাৰ্থীজনতকৈ তলৰ মূৰ ওপৰ কৰিবলৈ আহৰি নোপোৱা পৰীক্ষাৰ্থীজনে বেছি নম্বৰ পাবই। গতিকে সময়ৰ মূল্য ইমানেই অধিক যে ইয়াক টকা-পইচা বা আন বহুমূলীয়া বস্তুৰেও নিৰ্ণয় কৰা সম্ভৱ নহয়।
প্রশ্ন ৭। ‘প্রকৃতি জগতৰ গতি-বিধি লক্ষ্য কৰিও সময় নিৰূপণ কৰা হয়।’— প্রাকৃতিক জগতৰ গতি-বিধিবোৰ কি কি? কেনেকৈ এই গতি-বিধিৰ দ্বাৰা সময় নির্ণয় কৰিব পাৰি পাঠভিত্তিক আলোচনা কৰা।
উত্তৰঃ বিভিন্ন প্ৰকাৰে সময় নিৰূপণ কৰাৰ লগতে প্ৰকৃতিৰ গতি-বিধি লক্ষ্য কৰিও সময় নিৰূপণ কৰা হয়। এনে গতি-বিধিক লক্ষ্য কৰিয়েই ছয় ঋতুৰ উদ্ভৱ হৈছে। গছত নতুন পাত ওলালে বসন্ত কাল হোৱা বুলি জানিব পাৰি। পদুম ফুল ফুলিলে সূর্যোদয় হোৱা আৰু জাপ গ’লে সূর্যাস্ত হোৱাৰ কথা বুজিব পাৰি। সেইদৰে কঁঠালে মুচি পেলালে, আমে মলিয়ালে, ধান পকিলে, বাঁহে গাজ মেলিলে, কেতেকী ফুলৰ গোন্ধ ওলালে একো একোটা ঋতু বা সময়ৰ সম্ভেদ পাব পাৰি।
আনহাতে জীৱ-জন্তুৰ বিভিন্ন আচৰণো এক প্ৰকাৰ প্ৰাকৃতিক জগতৰে গতি-বিধি। এই গতি-বিধিৰ দ্বাৰাও সময় নিৰূপণ কৰিব পাৰি। উদাহৰণস্বৰূপে— কেঁকোৰা গাঁতত সোমালে, শামুকে পথাৰত দেখা দিলে, বালীমাহী চৰাই ওলালে, কুলি-কেতেকীয়ে মাতিলে, মাছে কণী পাৰিলে, চৰায়ে কুটা কঢ়িয়ালে, ভেকুলীয়ে টোটোৰালে একো একোটা ঋতু বা সময়ৰ সম্ভেদ পোৱা যায়। শিয়ালে হোৱা দি দি প্ৰতি প্ৰহৰৰ জাননী দিয়ে। ফেঁচুৱে জালি দি, বাহত পাৰই ৰুণ দি ৰাতি পুৱাবলৈ যে বেছি পৰ নাই তাক জনায়। কুকুৰাই ডাক দি ৰাতি পুৱাল বুলি সকলোকে কৈ দিয়ে।
প্রশ্ন ৮। ‘নিয়মানুবর্তিতা আৰু সময়ৰ সদ্ব্যৱহাৰ — বিষয় হিচাপে লৈ এটি আলচ যুগুত কৰা।
উত্তৰঃ নিয়মানুৱৰ্তিতা আৰু সময়ৰ সদ্ব্যৱহাৰ বোলা কথা দুয়োটা প্রায় একেই। কৰিবলগীয়া কামবোৰ নিয়মমতে আৰু উচিত সময়ত কৰাকেই নিয়মানুবর্তিতা আৰু সময়ৰ সদ্ব্যৱহাৰ বোলা হয়। কৰিবলগীয়া কামখিনি সময়মতে শৃংখলা লগাই কৰি উঠিলেই নিয়মানুবর্তিতা মনা হ’ল আৰু সময়ৰ সদ্ব্যৱহাৰ কৰা হ’ল বুলি ক’ব পাৰি। নিয়ম-শৃংখলা লগাই ৰেলগাড়ীৰ সময় তালিকা নিৰূপণ কৰা হয় বাবেই কেৰ্কেটুৱাই গছে গছে বগাই ফুৰাৰ দৰে মানুহে ইখন ৰেল এৰি সিখন ৰেলত উঠি দেশ-বিদেশ বৰঘৰ মালঘৰ যেন কৰি ফুৰিব পাৰিছে। নিয়ম-শৃংখলা লগাই সময়ৰ সদ্ব্যৱহাৰ কৰি কাম কৰা কাৰণেই পৰুৱাৰ দৰে লানি- নিছিগা কামেও কৰ্মী আৰু নিয়মানুৱৰ্তী মানুহক জুমুৰি দি ধৰিব নোৱাৰে। ঘৰখন চলোৱাৰপৰা এখন ৰাজ্য চলোৱালৈকে সকলো কামতে নিয়মানুৱৰ্তিতা বজাই ৰাখি শৃংখলাৰ মাজেদি সময়ৰ সদ্ব্যৱহাৰ নকৰিলে ঘৰ গুচি অচিৰে বাঁহতল হৈ উঠে, ৰাজ্য গুচি অৰাজকৰ্তাত পৰিণত হয়। নীতি-নিয়ম মানি সময়ৰ সদ্ব্যৱহাৰ কৰিব নোৱৰাৰ কাৰণেই মাত্র পাঁচ মিনিটৰ কাৰণে বিশ্ববিজয়ী নেপোলিয়নৰ ৱাৰ্টালু যুদ্ধত হাৰিবলগীয়া হৈছিল। নিয়মমতে পঢ়া-শুনা, কাম-বন নকৰি সময় অথলে খেদোৱা ল’ৰা-ছোৱালীয়ে বা মানুহে জীৱনত শিক্ষা-দীক্ষাতো লাভ কৰিব নোৱাৰেই জীৱনত কেতিয়াও উন্নতিও কৰিব নোৱাৰে। নিয়মানুবর্তিতা আৰু সময়ৰ সদ্ব্যৱহাৰ জীৱনৰ উন্নতিৰ মূল চাবি-কাঠী।
প্রশ্ন ৯। ভাব সম্প্ৰসাৰণ কৰা ।
(ক) আইৰো বাৰ্তা গংগাৰো যাত্রা।
উত্তৰঃ ‘আইৰো বাৰ্তা গংগাৰো যাত্ৰা’— এই কথাযাৰিৰ পোনপটীয়া অৰ্থ হ’ল আইৰ খা-খবৰ ল’বলৈ যোৱাতেই পৱিত্ৰ গংগাকো দৰ্শন কৰা বা গংগাত স্নান কৰি অহা। ইয়াৰ প্রকৃত ভাবার্থ হ’ল কোনো এটা কামলৈ গৈ তাৰ চেগতে বা লগতে অথবা সেই যোৱা আন এটি মহৎ বা পৱিত্ৰ কাম সমাধান কৰা। এনে কাৰ্যই সময়ৰ সদ্ব্যৱহাৰ কৰাৰ লগতে মনলৈ এক আনন্দও কঢ়িয়াই আনে। এটা কামলৈ গৈ সেই কাম নিয়াৰিকৈ কৰাৰ লগতে আনৰ কামতো যদি সহায় কৰা হয় বা আনৰ উপকাৰ কৰা হয় তেতিয়াই গংগাৰ যাত্ৰাৰ সমানেই পুন্য হয় বুলি ধাৰণা কৰা হয়। কিয়নো গংগা এখনি পুণ্যতোৱা নদী। ইয়াক দৰ্শন কৰিলে বা ইয়াত ম্লান কৰিলে পুণ্য হয়, শান্তি হয় বুলি বিশ্বাস।
(খ) ৰাইজে নখ জোকাৰিলে নৈ বয়।
উত্তৰঃ বিভিন্ন সৰু জান-জুৰি লগ লাগি একোখন বৃহৎ নৈৰ সৃষ্টি হয়। হাজাৰ হাজাৰ মানুহৰ নখত লাগি থকা পানী পৰি একেলগ হ’লেও সেই পানী নৈ হৈ বৈ যোৱাটো আটায়ে দান-বৰঙণি দিলে লাখ টকাৰ কামো সহজে কৰিব পৰা যায়। এজনে নোৱৰা কাম সম্ভৱপৰ হ’ব পাৰে। ইয়াৰ দ্বাৰা ইয়াকে বুজাবলৈ বিচৰা হৈছে যে এপইচা-দুপইচাকৈ ৰাইজে ৰাইজৰ সহযোগত সহজে কৰিব পাৰি।
(গ) সময়ৰ শৰ মাৰিব নাজানিলে শৰ পহুৰ মঙহ খাবলৈ আশা কৰা মিছা।
উত্তৰঃ মানুহ বা আন চিকাৰী জন্তু দেখিলেই শৰ পহু তীব্র গতিৰে আঁতৰি যায়। এই শৰ পহুৰ মঙহ খাবলৈ আশা কৰি ইয়াক বধ কৰিব খুজিলে ঠিক সময়ত শৰ মাৰিব নোৱাৰিলে সেই শৰে শৰ পহুক আঘাত কৰিব নোৱাৰে। গতিকে শৰ পহু বধ কৰিবলৈ হ’লে এটা মুহূর্তও পলম নকৰি শৰ নিক্ষেপ কৰিব লাগে। ঠিক তেনেদৰে ঠিক সময়ৰ কাম ঠিক সময়ত নকৰিলে সেই কামৰ ভাল ফল কেতিয়াও আশা কৰিব নোৱাৰি। ভোগ লগাৰ সময়ত ভাত নাখাই পিছত খালেও খোৱাৰ তৃপ্তিতো নাপায়েই পেট্ৰৰপৰা পিত্তৰ বাহো নুগুচে। বতৰ চাই কঠীয়া নাপাৰিলে জেঠৰ বাৰখৰত সিঁচিলে সেই কঠীয়াই গুণ নধৰে। ঠিক সময়ত ঔষধ ব্যৱহাৰ নকৰিলে ঔষধে ৰোগী বচাব নোৱাৰে। ‘সময়ৰ শৰ মাৰিব নজনা’ কথাই সময়ৰ সদ্ব্যৱহাৰ কৰিব নজনাৰ কথাকেই বুজাইছে। গতিকে সকলো কামৰে সুফল পাবলৈ হ’লে যিটো কাম যিটো সময়ত কৰিব লাগে, ঠিক সেই সময়তেই কৰা উচিত। ইয়াৰ অকণমানো হেৰফেৰত সময়ৰ শৰ মাৰিব নাজানিলে ৰ পহুৰ মঙহ খাবলৈ আশা কৰিব নোৱাৰাৰ দৰে সেই কামৰ সুফলো আশা কৰিব নোৱাৰি।
প্রশ্ন ১০। সন্ধি ভাঙা :
শকাব্দ, খ্ৰীষ্টাব্দ, শংকৰাব্দ, চৈতন্যাব্দ, লক্ষণাক্রান্ত, কল্পনান্তৰ, কৰায়ত্ত, মনস্তাপ
উত্তৰঃ সংবৎ = সম্ + বৎ
খ্রীষ্টাব্দ = খ্রীষ্ট + অব্দ
চৈতন্যাব্দ = চৈতন্য + অব্দ
কল্পনান্তৰ = কল্পনা + অন্তৰ
শকাব্দ = শক + অব্দ
শংকৰাব্দ = শংকৰ + অব্দ
লক্ষণাক্রান্ত = লক্ষণ + আক্রান্ত
কৰায়ত্ত = কৰ + আয়ত্ত
মনস্তাপ = মনঃ + তাপ
প্রশ্ন ১১। পাঠটিত থকা কেইটামান যুৰীয়া শব্দ ব্যৱহাৰ কৰি বাক্য সাজা।
উত্তৰঃ দিন-ৰাতি : প্ৰকৃতিৰ সকলো কামেই দিন-ৰাতি চলি আছে।
কাৰ্য-কলাপ : তাৰ কু-কাৰ্যকলাপবোৰ দেখি বেয়া লাগিছে।
যুদ্ধ-বিগ্রহ : যুদ্ধ-বিগ্রহে দেশৰ শাস্তি নাশ কৰে।
গতি-বিধি : প্রকৃতি জগতৰ গতি-বিধি লক্ষ্য কৰিও সময় নিৰূপণ কৰা হয়।
ঢাৰি-পাটী : ৰাতিপুৱা সকলো ঢাৰি-পাটী এৰি নিজ নিজ কামত ধৰিব লাগে।
দীঘল-চুটি : গাৰ ছাঁ কিমান দীঘল-চুটি তাক চায়ো আগতে সময়ৰ অনুমান কৰিছিল।
যন্ত্ৰ-পাতি : আধুনিক যন্ত্র-পাতিয়ে টান কামো সহজ কৰিছে।
নাযায়-নুপুৱায় : এলেহুৱাৰ দিনটো নাযায়-নুপুৱায় ।
দেশ-বিদেশ : শৃংখলা লগাই ৰেলবোৰ চলিছে কাৰণে কোনো অসুবিধা নোহোৱাকৈ মানুহে সহজে দেশ-বিদেশ ফুৰিব পাৰিছে।
লৰী-মটৰ : লৰী-মটৰ আদিৰে বস্তু-বাহানি কঢ়িওৱাত সহজ হৈছে।
প্রশ্ন ১২। সময়ৰ সদ্ব্যৱহাৰ কৰি তুমি কেনে উপকৃত হৈছা— ইয়াকে জনাই তুমি তোমাৰ আইতা/ মালৈ এখন চিঠি লিখা।
উত্তৰ :
পূজনীয়া মা,
শ্ৰদ্ধা আৰু মৰম গ্ৰহণ কৰিব। আমাৰ পাঠ্যপুথিত থকা ককা নীলমণি ফুকনদেৱৰ ‘সময়’ নামৰ পাঠটি পঢ়ি মই বৰ প্ৰেৰণা পাইছোঁ আৰু সেয়েহে সময়ৰ সদ্ব্যৱহাৰ কৰিবলৈ মই অহোপুৰুষাৰ্থ কৰিছোঁ। এইদৰে সময়ৰ সদ্ব্যৱহাৰ কৰি মই কেনে উপকৃত হৈছোঁ তাকে জনাবলৈ বিচাৰিছোঁ। সময় যে অমূল্য বস্তু এই কথাটো একান্তভাৱে হৃদয়ংগম কৰি মই অকণো সময় নষ্ট নকৰি তাক সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ লৈছোঁ। ইয়াৰ কাৰণে মোৰ দৈনন্দিন কামৰ সময় নিৰ্দিষ্ট কৰি লৈছোঁ। ৰাতিপুৱা, নিশা পঢ়াৰ সময়ত পঢ়া, ঠিক একে সময়তে দিনত আৰু ৰাতি খোৱা-বোৱা কৰা, সময়মতে স্কুললৈ যোৱা, স্কুলৰপৰা আহি সময়মতে আবেলি লগ- বন্ধুৰ লগত খেলা-ধূলা কৰা, সন্ধিয়াৰ আগে আগে লগ-বন্ধুৰ লগত নৈৰ পাৰত এপাক
ফুৰা, ঠিক সময়ত সদায় শোৱা আৰু উঠা এনেবোৰ কাম সঠিকভাৱে সঠিক সময়ত কৰাৰ কাৰণে মই পঢ়া-শুনা ঠিকমতে কৰিব পাৰিছোঁ, স্বাস্থ্য-পাতি, অসুখ-বিসুখ নোহোৱাকৈ ৰাখিছোঁ, মনটো সদায় প্রফুল্লিত কৰি ৰাখি পাৰিছোঁ। সময়ৰ সদ্ব্যৱহাৰ কৰি চলাৰ কাৰণেই মই কোনো কামতে বেমেজালি পোৱা নাই, বৰং ইয়ে মোক উৎসাহী, সাহসী আৰু সকলো কামৰ প্ৰতি আগ্ৰহী কৰি তুলিছে।
মা, আপোনালোকেও সময়ৰ সদ্ব্যৱহাৰ কৰি চলিব। তেতিয়া দেখিব, আমাৰ একোৰে অভাৱ নহ’ব। আমাৰ শান্তিয়েই শান্তি হ’ব। পুনৰ শ্ৰদ্ধাৰে সামৰিছো। ইতি
আপোনাৰ সেৱক পুত্র / পুত্ৰী
………………………………..
শব্দাৰ্থ আৰু টোকা :
যুগ— সময়ৰ এটা ভাগ; বাৰ বছৰ |
প্ৰৱৰ্তন — প্রচলন, স্থাপন।
কিংবদন্তি— জনশ্রুতি, মুখে মুখে চলি অহা ।
নিৰূপণ— নিৰ্ণয়, নিৰ্ধাৰণ, ঠিক।
উদ্ভৱ— সৃষ্টি, উৎপন্ন, জন্ম।
সম্ভেদ— উমান, গম।
জালি দিয়া— ধলপুৱাতে চৰায়ে মতা।
ৰিং— উকি, চিঞৰ, গেৰি ।
চকু-পচাৰতে— নিমিষতে, তৎক্ষণাতে।
সদ্ব্যৱহাৰ— সঠিক মতে কৰা ব্যৱহাৰ ।
মালঘৰ— মানুহ বহি কথা-বতৰা পাতা ঘৰ; বহাঘৰ ৷
অমূল্য— যাক মূল্য দিলেও পোৱা নাযায়
সিন্ধি— চোৰ সোমাবলৈ কৰা সুৰংগ।
কল্প— পুৰাণ মতে ব্ৰহ্মাৰ এটা দিন এটা ৰাতি। মানুহৰ হিচাবত ৪৩২ কোটি বছৰ।
বাঁহতল— বিশৃংখল, লেতেৰা বা অশান্তিকৰ ঠাই বা অৱস্থা ।
তুলসী গুৰি— তুলসী এবিধ পৱিত্ৰ উদ্ভিদ। ইয়াৰ গুৰিও সেই কাৰণেই পৱিত্ৰ আৰু শুচি। মানুহৰ মৃত্যু হ’লে মৃতকক এই পৱিত্ৰ স্থান তুলসীগুৰিত কিছুসময় ৰখা হয় ।
কুবেৰ— ধনাধিপতি যক্ষৰাজ। তপস্যাৰ বলত ব্ৰহ্মাৰ পৰা লাভ কৰি তেওঁ অমৰ হয় আৰু দেৱতাৰ সমমর্যাদা নাপালেও পুষ্পকথ লাভ কৰে। ৰাৱণে যুদ্ধত তেওঁক পৰাস্ত কৰি সেই ৰথ কাঢ়ি লয়। পিছত কুবেৰ কৈলাসত বাস কৰিবলৈ লয়। কৃপণ ধনী লোকক এই কাৰণেই ধনকুবেৰ বোলা হয় ।
বেলিঘড়ী— বেলি ফুল বা সূর্যমুখী ফুলক ঘড়ী বোলা হয়। সূৰ্যৰ লগে লগে ইয়াৰ মুখখন ঘূৰি থাকে । এই ফুলে ঘড়ীৰ নিচিনাকৈ ঘূৰি থাকি সূর্য থকা স্থান নির্ণয় কৰে। ইয়াৰ দ্বাৰা সময় নির্ণয় কৰিব পাৰি কাৰণেই ইয়াক বেলিঘড়ী বোলা হৈছে।
সপ্তসুৰ— সংগীতৰ সাতটা সুৰ; যেনে— ষড়জ, ঋষভ, গান্ধাৰ, মধ্যম, পঞ্চম, ধৈৱত আৰু নিষাদ । ইয়াক চমুকৈ সা (ষা), ৰি (ঋ), গা, মা, পা, ধা, নি বোলা হয় ৷
অতিৰিক্ত প্রশ্নোত্তৰ
অতি চমু উত্তৰ দিয়া ।
(ক) সময়ৰ ডাঙৰ ভাগবিলাক কি কি ?
উত্তৰ : যুগ, কল্প, শতাব্দী।
(খ) সময়ৰ মজলীয়া ভাগবোৰ কি কি?
উত্তৰ : ঋতু, বছৰ, মাহ ।
চমু উত্তৰ দিয়া
(ক) বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহে কিহৰ ওপৰত ভিত্তি কৰি সময় নিৰূপণ কৰিছিল ?
উত্তৰ : প্ৰাচীন কালত মানুহে প্রকৃতি জগতৰ পৰিৱৰ্তনবিলাক লক্ষ্য কৰি একো একোটা সাধাৰণ উপায়েৰে সময় নিৰূপণ কৰিছিল। এঠাইলৈ যাবলৈ কিমান সময় লাগিব, সেই কথা ৰিংটোৱে, তামোলখন খাই শেষ কৰা কথাটোৱে, একে উশাহ আদিৰে নিৰূপণ কৰিছিল। বেলিটোৰ গতিৰ লগে লগে নিজ ছাঁটো কিমান দীঘল-চুটি তার্ক চায়ো সময় নিৰূপণ কৰিছিল।
(খ) সময়ৰ ভাগ কেনেকৈ কৰা হয় ? সেই ভাগসমূহ কি কি ? চমুকৈ আলচনা কৰা ৷
উত্তৰ : কার্যক্রম অনুসৰি সময়ৰ ভগা কৰা হয়। সময়ৰ ডাঙৰ ভাগবিলাকেই যুগ, কল্প, শতাব্দী, মজলীয়া ভাগবিলাকেই ঋতু, বছৰ, মাহ, সৰু ভাগবিলাকেই দিন, ৰাতি, প্ৰহৰ আৰু তাৰো ভগ্নাংশবিলাক হৈছে দণ্ড, পল, অনুপল । সময়ৰ এই ভাগবিলাক বিশেষ লক্ষণাক্রান্ত। হিন্দু শাস্ত্ৰমতে চাৰি যুগৰ লক্ষণ নির্ণয় কৰা আছে। কলিযুগত কল্কি অৱতাৰৰ পিছত সত্য যুগৰ প্ৰৱৰ্তন হ’ব। এইদৰে যুগ তথা সময়ৰ পৰিৱৰ্তন হয় । বিশেষ ঘটনা বা মানুহৰ কাৰ্য-কলাপতো নিৰ্ভৰ কৰি সময়ৰ ভাগ কৰা হয়। ধৰ্ম, কলা, সাহিত্য, বুৰঞ্জী, কিংবদন্তি, যুদ্ধ-বিগ্রহ, ৰাজত্ব আদিয়েও সময়ৰ একোটা একোটা ঢাপ বুলি সীমাবদ্ধ কৰি যায়, যেনে— বৈষ্ণৱ যুগ, শংকৰী যুগ, জোনাকী যুগ, আহোম যুগ, ব্ৰিটিছ যুগ ইত্যাদি । তদুপৰি সংবৎ, শকাব্দ, শংকৰাব্দ, খ্ৰীষ্টাব্দ, হিজৰি, চৈতন্যাব্দ আদি সময়ৰ বিভাগৰ গুৰিতে একোটা একোটা স্মৰণীয় ঘটনা বা কার্য-কলাপ জড়িত হৈ আছে।
(গ) ‘সময়ৰ শৰ মাৰিব নাজানিলে শৰ পহুৰ মঙহ খাবলৈ আশা কৰা মিছা।’
উত্তৰ : উদ্ধৃত কথাফাকি সু-সাহিত্যিক বাগ্মীবৰ নীলমণি ফুকন ৰচিত ‘সময়’ নামৰ পাঠটিৰ অন্তৰ্গত। মানুহ বা আন চিকাৰী জন্তু দেখিলেই শৰ পহু তীব্ৰ গতিৰে আঁতৰি পলায়। এই শৰ পহুৰ মঙহ খাবলৈ আশা কৰি ইয়াক বধ কৰিব খুজিলে ঠিক সময়ত শৰ মাৰিব নোৱাৰিলে, সেই শৰে শৰ পহুক আঘাত কৰিব নোৱাৰে। গতিকে শৰ পহু বধ কৰিবলৈ হ’লে এটা মুহূর্তও পলম নকৰি শৰ নিক্ষেপ কৰিব লাগে। ঠিক তেনেদৰে ঠিক সময়ৰ কাম ঠিক সময়ত নকৰিলে সেই কামৰ সুফল আশা কৰিব নোৱাৰি। ভোগ লগাৰ সময়ত ভাত নাখাই পিছত খালেও খোৱাৰ তৃপ্তিতো নাপায়েই পেটৰপৰা পিত্তৰ বাহো নুগুচে। বতৰ চাই কঠীয়া নাপাৰিলে জেঠৰ বাৰ খৰত সিঁচিলে সেই কঠীয়াই গুণ নধৰে । ঠিক সময়ত বেমাৰীক ঔষধ নুখুৱাই পিছত খুৱালে সেই ঔষধে ৰোগীক আৰোগ্য কৰিব বা বচাব নোৱাৰে। গতিকে সকলো কামৰে সুফল পাবলৈ ঠিক সময়তেই কাম কৰা উচিত। শৰ পহুলৈ নিক্ষেপ কৰা শৰৰ লগত ইয়াক তুলনা কৰা হৈছে।