Class 9 Assamese chapter 3| গীত আৰু ছবি| Question Answer

দুৰ্গেশ্বৰ শৰ্মা [১৮৮২-১৯৬১]

পাঠভিত্তিক প্রশ্নোত্তৰ

ভাৱ বিষয়ক :

প্রশ্ন ১। চমু উত্তৰ দিয়া :

(ক) কেনে গীত আৰু কেনে ছবিক কোনেও ভাল নোবোলে?

উত্তৰঃ যিটি গীত বুজাইহে বুজে, যিটি ছবিৰ মূল আটায়ে নুবুজে তেনে গীত আৰু

ছবিক কোনেও ভাল নোবোলে।

(খ) সদায় কাণেৰে শুনা সৰু কথাটিয়ে কেনেকৈ আমাৰ প্ৰাণ টানি ধৰে?

উত্তৰঃ গীত হ’লৈ আমাৰ প্ৰাণ টানি ধৰে।

(গ) কবিৰ মতে কোনবোৰ বস্তু অজৰ অমৰ ?

উত্তৰঃ মিহি ভাব, মিহি গতি, কৌশলী বিদ্যা অজৰ-অমৰ ।

(ঘ) কেনেকুৱা গীত আৰু ছবিক সকলোৱে ভাল বুলি কয়?

উত্তৰঃ যিটো গীত শুনি আৰু যিটো ছবি দেখি সকলোৱে একে ৰং পায়, জগতৰো উলাহ বঢ়ায় – সেই গীত আৰু ছবিকে সকলোৱে ভাল বুলি কয়।

(ঙ) সিহে পায় নিজে নিজে আলাসত ঠাই”—ইয়াত আলাস শব্দটোৰ অৰ্থ কি?

উত্তৰঃ আকাশ; শূন্য।

প্রশ্ন ২। ভাল গীত আৰু ছবিৰ মহত্ত্ব কেনেকুৱা কবিতাটোৰ সহায়ত বুজাই লিখা।

উত্তৰঃ ভাল গীত আৰু ছবিক সকলোৱে ভাল পায়, আদৰ কৰে। উচ্চ প্রশংসা কৰে, উচ্চ আসনত ঠাই দিয়ে। কাৰণ ভাল গীত নুবুজা হ’লেও সি প্ৰাণ টানি ধৰে, অশান্ত হৃদয় জুৰ পেলায়। সেইদৰে ভাল ছবিয়েও চকু পৰিলেই মনত সোমাই পৰে, মনটো আনন্দৰে ভৰাই তোলে।

প্রশ্ন ৩। সদায় চকুৰে দেখা গছ পাতটিও ছবিত কিয় ভাল হৈ পৰে বুলি তুমি ভাবা ? নিজৰ মতামত আগবঢ়োৱা।

উত্তৰঃ ছবি আঁকিব জনাটো এটা কৌশলী বিদ্যা। এই বিদ্যাৰ বলতে শিল্পীসকলে সাধাৰণ গছপাত আদিক লোক চক্ষুৰ আগত আকর্ষণীয় কৰি তুলিব পাৰে। যিটো গছৰ পাত দেখিও আমি আকৰ্ষিত নহয়, মন নকৰোঁ, শিল্পী হাতৰ পৰশত সি ছবি হৈ উঠিলে আমাৰ চকুত চমক লগায়, মনপ্ৰাণ টানি ধৰে, মনত সোমায়। সেই কাৰণেই শিল্পীসকল, চিত্ৰকৰসকলক মহান বুলি কয়। তেওঁলোকে ছবিত যিকোনো বস্তুকে জীবন্ত ৰূপ দিব পাৰে। যিহেতু কৌশলী বিদ্যাৰ মৃত্যু নাই, সি অজৰ তামৰ গতিকে জীৱন্ত ৰূপত ধৰা দিয়া ছবিবোৰো অজৰ অমৰ।

প্রশ্ন ৪। কেনেকুৱা গীত আৰু ছবিক কোনেও ভাল নোবোলে আৰু কোনবোৰ গীত আৰু ছবিক সকলোৱে ভাল বুলি আদৰি লৈ আলাসত ঠাই দিয়ে নিজৰ ভাষাৰে বর্ণনা কৰা।

উত্তৰঃ যিবোৰ গীত শুনিলে সকলোৱে বুজি নাপায়, যিবোৰ গীতৰ সুৰে সকলোৰে অন্তৰ স্পৰ্শ কৰিব নোৱাৰে তেনেবোৰ গীত শুনিলেও কোনো আকর্ষিত নহয়, কোনেও প্ৰাণত আনন্দ অনুভৱ নকৰে। তেনেবোৰ গীতক কোনেও ভাল বুলি নকয়। তাৰোপৰি যিবোৰ ছবিৰ মূল আটায়ে নুবুজে, ছবি চাই চকুত তৃপ্তি আৰু অন্তৰত আনন্দ অনুভৱ কৰা নাযায়, তেনেবোৰ ছবিকো কোনেও ভাল বুলি নকয়। শিল্পীয়ে নিজৰ কাৰণেও গীত গায়, ছবি আঁকে। হ’লেও এইবোৰে আমাকো তৃপ্ত কৰিব পাৰিব লাগিব। শ্রোতা, দৰ্শকক তৃপ্ত কৰিব পাৰিলেহে শিল্পীৰ সাৰ্থকতা। আনহাতে যিবোৰ গীত শুনি, ছবি চাই সকলোৱে সমানে আনন্দ পায়, যিবোৰ গীত শুনিলে প্রাণ টানি ধৰে; যিবোৰ ছবিয়ে দৰ্শকৰ চকুত জীৱন্ত ৰূপত ধৰা দিয়ে, চকু তৃপ্ত হয় তেনেবোৰ গীত আৰু ছবিকে সকলোৱে ভাল বুলি স্বীকৃতি দিয়ে। ভাল গীত আৰু ছবিয়ে মানুহৰ অন্তৰত স্থায়ীভাৱে ৰেখাপাত কৰিব পাৰে। এনেগীত আৰু ছবিৰ মৰণ নাই; সি অজৰ অমৰ।

প্রশ্ন ৫। ‘গীত আৰু ছবি’ কবিতাটোৰ সাৰাংশ লিখা।

উত্তৰঃ যিটো গীত শুনিলে বুজাইহে বুজে সকলোৱে নুবুজে, সেইটো গীত কোনেও ভাল বুলি নকয়। আন যিটো ছবিৰ মূল আটায়ে বুজি নাপায় তেনে ছবিকো কোনেও ভাল নেদেখে। যিটো ছবি দেখি, যিটো গীত শুনি সকলোৱে আনন্দ পায়— তেনে গীত আৰু ছবিক সকলোৱে আদৰি লয়, উচচ প্রশংসা কৰে, উচ্চ স্থানত স্থান দিয়ে। কাৰণ ভাল গীত নুবুজা হ’লেও তাৰ সুৰে হৃদয় জগাই তোলে। ছবিৰ বিষয়ে একো নাজানিলেও ভাল ছবি চকুত পৰিলেই মনত সোমাই পৰে। সদায় দেখি থকা গছ পাতটিও ছবিত মনোৰম, জীৱন্ত হৈ পৰে আৰু সদায় শুনি থকা কথাটিও গীত হ’লে প্ৰাণ টানি ধৰে। ভাল গীত আৰু ভাল ছবিত মিহি ভাব, মিহি গতি আৰু কৌশলী বিদ্যা নিহিত হৈ থাকে। এই সমূহৰ মৃত্যু নাই, ইহঁত অজৰ-অমৰ৷ ভাল গীত য’তেই গোৱা হয়, ভাল ছবি য’তেই প্ৰদৰ্শন কৰা হয় তাতেই প্রশংসিত হয়। সেই প্রশংসা ঠাই আৰু পৰিবেশ অনুসৰি কম বা বেছি হ’ব পাৰে।

প্রশ্ন ৬। ব্য়াখ্য়া কৰা

(ক) সদায়ৰ চকুৰে দেখা গছ পাতটিও

ছবিটিত ভাল হৈ পৰে,

সদায় কানেৰে শুনা সৰু কথাটিও

গীত হলে প্রাণ টানি ধৰে।

উত্তৰঃ উদ্ধৃত কবিতাফাকি কবি দুর্গেশ্বৰ শৰ্মাদেৱ ৰচিত ‘গীত আৰু ছবি’ কবিতাটিক অন্তর্গত। কবিয়ে গীত আৰু ছবিৰ মহত্ত্ব বুজাবলৈ যাওঁতে এনেদৰে কবিতাটিত উল্লেখ কৰিছে। শিল্পীয়ে তেওঁৰ কৌশলী বিদ্যাৰ জৰিয়তে যিকোনো বস্তুকে জীৱন্ত ৰূপ দি অতি আকর্ষণীয় কৰি তুলিব পাৰে। সদায় দেখি থকা, অথচ অকণো আকর্ষিত নোহোৱা পাতটিও শিল্পীয়ে আমাৰ চকুত লগাকৈ, মনত সোমাই যাব পৰাকৈ ছবিত আঁকিব পাৰে। সাধাৰণ বস্তু এটাও ছবি হ’লে আকর্ষণীয় হৈ পৰে। সেইদৰে গীতৰ সন্মোহনী সুৰেও প্ৰাণত আনন্দৰ জোৱাৰ তোলে। সদায় শুনি থকা কথাও আমি বিশেষ ৰস নাপালেও যেতিয়া সেই কথাখিনিকে গায়ক-গায়িকাই সুন্দৰ সুৰত গীত হিচাপে গায়, তেতিয়া সিয়ে আমাৰ প্ৰাণ টানি ধৰে, অন্তৰ জগাই তোলে, অন্তৰত অফুৰন্ত আনন্দ পোৱা যায়।

(খ) মিহিভাব মিহি গতি কৌশলী বিদ্যাৰ

নাই মৃত্যু অজৰ অমৰ,

য’তে পৰে ত’তে গজে বিভিন্ন আকাৰ

ঠাই বুজি দীঘল-ডাঙৰ।

উত্তৰঃ উদ্ধৃত কবিতাফাকি কবি দুৰ্গেশ্বৰ শৰ্মাদেৱ ৰচিত ‘গীত আৰু ছবি’ কবিতাটিৰ অন্তর্গত।

ভালগীত আৰু ভাল ছবিৰ আদৰ আৰু স্থায়িত্ব সম্পর্কে ক’বলৈ গৈ কবিয়ে এই ফাকি কবিতাৰে কবিতাটিৰ সামৰণি মাৰিছে। যিবোৰ গীত আৰু ছবি ভাল বুলি সকলোৱে প্রশংসা কৰে, আদৰ কৰে সেইবোৰ গীত আৰু ছবিত এটা মিহি ভাব, মিহি গতি আৰু কৌশলী বিদ্যা নিহিত হৈ থাকে, যিহে ব্যক্তি তথা স্থান নির্বিশেষে সকলোকে মোহিত কৰে। এনে গীত আৰু ছবিৰ কেতিয়াও মৃত্যু নহয়, সিবোৰ অজৰ অমৰ হৈ মানুহৰ মন আৰু বুকুত চিৰস্থায়ী হৈ ৰৈ যায়। এনে গীত আৰু ছবিয়ে সকলো ঠাইতে, সকলো সমাজতে আদৰ পায়, প্রশংসিত হয়। ঠাই আৰু সমাজ অনুসাৰে হয়তো সেই আদৰ আৰু প্ৰশংসা কম বেছি হ’ব পাৰে।

ভাষাবিষয়ক :

প্রশ্ন ৭। সমার্থক শব্দ লিখা :

জগত, উলাহ, চকু, সৰু, ভাল, কাণ

উত্তৰঃ জগত — বিশ্ব।

উলাহ — আনন্দ।

চকু — আখ, চক্ষু, নয়ন।

সৰু — ক্ষুদ্র।

ভাল — শুভ।

প্রশ্ন ৮। বাক্য ৰচনা কৰা।

কৌশলী বিদ্যা, অজৰ অমৰ, আলাসত ঠাই, ডাঙৰ-দীঘল।

উত্তৰঃ কৌশলী বিদ্যা— শিল্প কলা এটা কৌশলী বিদ্যা।

অজৰ অমৰ — ভাল কামৰ মৰণ নাই, অজৰ অমৰ হৈ থাকে।

আলাসত ঠাই – সুকামত আলাসত ঠাই পাব পাৰি।

ডাঙৰ-দীঘল— পিতৃ-মাতৃৰ মৰম-চেনেহৰ মাজত সন্তান ডাঙৰ-দীঘল হয় ।

প্রশ্ন ৯। বিপৰীতার্থক শব্দ লিখা :

মিহি, প্ৰাণ, মৃত্যু, মূল, ক্ষুদ্র

উত্তৰঃ মিহি — খহটা।

প্রাণ — অপ্রাণ।

মৃত্যু — জন্ম।

মূল — অমূল্য; আগ ।

ক্ষুদ্র — ডাঙৰ।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। চমুকৈ উত্তৰ দিয়া :

(ক) কবি দুৰ্গেশ্বৰ শৰ্মাৰ জন্ম ক’ত হৈছিল ?

উত্তৰঃ ১৮৮২ চনত যোৰহাটৰ পটীয়া গাঁৱত।

(খ) কবি দুৰ্গেশ্বৰ শৰ্মাৰ এখনি নাটকৰ নাম লিখা।

উত্তৰঃ পাৰ্থ পৰাজয়।

(গ) দুৰ্গেশ্বৰ শৰ্মাৰ এখনি কবিতা পুথিৰ নাম লিখা।

উত্তৰঃ অঞ্জলি।

(ঘ) ‘গীত আৰু ছবি’ কবিতাটিৰ কবি কোন?

উত্তৰঃ দুৰ্গেশ্বৰ শৰ্মা।

(ঙ) “জগতৰো উলাহ বঢ়ায়” – কিহে।

উত্তৰঃ ভাল ছবিয়ে।

(চ) কি গীতে হৃদয় জগাব বুলি কৰিয়ে কৈছে?

উত্তৰঃ ভাল গীতে।

(ছ) কিহে “নিজে নিজে আলাসত ঠাই পায়” বুলি কৈছে?

উত্তৰঃ ভাল গীত আৰু ভাল ছবিয়ে।

(জ) কাৰ “মৃত্যু নাই অজৰ অমৰ” বুলি কৈছে?

উত্তৰঃ মিহি ভাব, মিহি গতি আৰু কৌশলী বিদ্যাৰ।

শব্দাৰ্থ আৰু টোকা

অজৰ অমৰ : যাৰ জন্মও নাই। মৃত্যুও নাই

আলাস : আকাশ, শূন্য

মিহি : নিমজ, সূক্ষ্ম, পাতল।

মূল : প্রধান, গুৰি, ঘাই কাৰণ, গুৰি কথা।

1 thought on “Class 9 Assamese chapter 3| গীত আৰু ছবি| Question Answer”

Leave a Comment

error: Content is protected !!