Class 9 Assamese chapter 1| মানৱ বন্দনা Question Answer চন্দ্ৰকুমাৰ আগৰৱালা [১৮৬৭-১৯৩৮]: আমাৰ ৱেবছাইটলৈ স্বাগতম! আপোনাৰ শৈক্ষিক যাত্ৰাৰ বাবে আপোনাক নৱম শ্ৰেণীৰ Notes প্ৰদান কৰি আমি আনন্দিত।
নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ বছৰ কিয়নো তেওঁলোকে আগন্তুক ব’ৰ্ড পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰে, যি তেওঁলোকৰ শৈক্ষিক সফলতা নিৰ্ধাৰণ কৰিব।
আজি, এই প্ৰবন্ধটোত মই আপোনাৰ দশম শ্ৰেণীৰ “মানৱ বন্দনা” দীঘলয়া আৰু চুটি প্ৰশ্ন আলোচনা কৰিম| আমি প্ৰায় সকলো দীঘলয়া আৰু চুটি প্ৰশ্ন Solution প্ৰদান কৰিছোঁ।
আমাৰ লক্ষ্য হৈছে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰা। আমি ইয়াত বিনামূলীয়াকৈ Notes সমূহ প্ৰদান কৰিছো। আমি আপোনাক আগন্তুক পৰীক্ষাৰ বাবে শুভেচ্ছা জনাইছো। যদি আপোনাৰ কোনো সন্দেহ আছে তেন্তে আমাৰ সৈতে যোগাযোগ কৰক।
পাঠভিত্তিক প্রশ্নোত্তৰ
ভাৱ বিষয়ক :
প্রশ্ন ১। চমু উত্তৰ দিয়া :
(ক) “মানুহেই পৰাৎপৰ” বোলা কথাষাৰৰ অৰ্থ কি?
উত্তৰ : মানুহ শ্রেষ্ঠতকৈও শ্রেষ্ঠ, পৰম সত্য —– এই অৰ্থ বুজাইছে।
(খ) মানুহক ‘ময়াপী জীৱ’ বোলাৰ অৰ্থ কি?
উত্তৰ : মানুহ জন্মি এই পৃথিৱীলৈ আহে আৰু মৃত্যু হৈ এই পৃথিৱী এৰি যায়। কিন্তু মানুহে পৃথিৱীৰ মোহ এৰিব নোৱাৰি পুনৰ এই পৃথিৱীলৈ আহে। এইদৰেই পৃথিৱীৰ মায়া- মোহ এৰিব নোৱাৰি মানুহ অনন্তকাল পৃথিৱীলৈ অহা-যোৱা কৰি আছে। পৃথিৱীত মানুহ। এই আছে, এই নাই। এই কাৰণেই মানুহক ‘ময়াপী জীৱ’ বোলা হৈছে।
(গ) পাদ্য-অৰ্ঘ্য লৈ মানুহক পূজা কৰাৰ অর্থ কি ?
উত্তৰ : পৃথিৱীত মানুহৰ একমাত্ৰ সংগী হ’ল মানুহ। সেয়ে মানুহৰ বাবে মানুহতকৈ শ্রেষ্ঠ কোনো নাই। মানুহৰ বাবে মানুহেই দেৱতা, আৰু পূজা কৰিব লাগিলে মানুহে মানুহকেই পূজা কৰিব লাগে। মানুহে মানুহৰ কল্যাণৰ কাৰণে কাম কৰাকেই মানৱ-সেৱা বা মানৱ পূজা বুলি কৈছে। পাদ্য-অৰ্ঘ্য লৈ মানে একান্ত আন্তৰিকতাৰ এই মানৱ-সেৱা বা মানৱ পূজা কৰিবলৈ কোৱাই ইয়াৰ অৰ্থ ।
প্রশ্ন ২। ‘মানৱবন্দনা’ কবিতাটিৰ সাৰাংশ তোমাৰ নিজৰ ভাষাৰে লিখা।
উত্তৰ : ‘মানৱ-বন্দনা’ কবিতাটি প্রতিমাৰ খনিকৰ চন্দ্ৰ কুমাৰ আগৰৱালাই এই সংসাৰত মানুহৰ জন্ম-মৃত্যু আৰু প্ৰাণী শ্রেষ্ঠ মানুহৰ প্ৰকৃত কৰ্মৰ কথা সুন্দৰভাৱে উপস্থাপন কৰিছে। এই পৃথিৱীলৈ মানুহ অহৰহ চামে চামে আহিয়েই আছে, আৰু পৃথিৱীৰ পৰা সেইদৰে গৈয়েই আছে। পৃথিৱীত মানুহৰ এই অহা-যোৱাৰ অনন্ত সোঁত বৈ আছে। মৃত্যু হলেও মানুহে পৃথিৱীৰ যেন মায়া-মোহ এৰিব নোৱাৰি পুনৰ পৃথিবীলৈ আহি আছে। পৃথিৱীত মানুহ মৰি থাকিলেও ই কেতিয়াও জনশূন্য হোৱা নাই। এচামৰ মৃত্যু হলে এচামৰ জন্ম হয়। সেয়ে পৃথিৱী ‘মৰত’ অৰ্থাৎ মৃত্যুময় ঠাই বুলি কোৱাৰ কোনো অর্থ নাই । মানুহৰ জন্ম- মৃত্যু সোঁতৰ কেতিয়াও অন্ত নহয়। এই পৃথিৱীত মানুহেই মানুহৰ একমাত্র সংগী, মানুহেই মানুহৰ কাৰণে ৱেতা স্বৰূপ। সেই কাৰণে পৃথিৱীত জীয়াই থকা কেইদিন মানুহে মানুহৰ কাম কৰিব লাগে, – মানুহে মানুহক মৰম কৰিব লাগে, মানুহে মানুহৰ কল্যাণৰ হকে আন্তৰিকতাৰে কাম কৰিব লাগে। মানুহে মানুহক মৰম কৰা, মানুহে মানুহৰ কল্যাণ কৰা— এইবোৰেই প্ৰকৃত ধৰ্ম। মানুহেই মানুহৰ বাবে শ্রেষ্ঠতকৈও শ্রেষ্ঠ, পৰম সত্য। সেই কাৰণে মানুহক পৰম দেৱতা মানি মানুহক পূজা কৰিবলৈ, অৰ্থাৎ মানুহৰ কল্যাণৰ হকে কাম কৰিবলৈ কবিয়ে আহ্বান জনাইছে।
প্রশ্ন ৩। “এই যে পৃথিৱী স্বৰ্গতো অধিক মানুহৰ নিজাপী ঘৰ৷” – কথাষাৰৰ অৰ্থ বুজাই লিখা।
উত্তৰ : এই পৃথিৱীত মানুহৰ চামে চামে জন্ম হব লাগিছে আৰু সেইদৰে চামে চামে মানুহৰ মৃত্যুও হৈ আছে। পৃথিবীলৈ মানুহৰ এই অহা-যোৱাৰ সোঁত কাহানিও অন্ত পৰা নাই, অন্ত নপৰেও ৷ সেই কাৰণেই পৃথিৱীখন মানুহৰ ‘নিজাপী ঘৰ’ অৰ্থাৎ স্থায়ী ঘৰ। এই ‘নিজাপী ঘৰ’ পৃথিৱীত মানুহে মানুহৰ প্ৰতি মৰমিয়াল হলে, দয়াশীল হলে, মানুহক দেৱতাৰ দৰে পূজা সেৱা কৰিলে – পৃথিৱীখন মানুহৰ কাৰণে স্বৰ্গতো অধিক সুখৰ ঠাই হৈ পৰিব, অতি মনোৰম ঠাই হৈ পৰিব। কাৰণ পৃথিৱীত মানুহেই মানুহৰ লগ-সংগ। মানুহ মানুহৰ কাৰণে শ্রেষ্ঠতকৈয়ো শ্ৰেষ্ঠ, – পৰম সত্য।
প্রশ্ন ৪। তাৎপর্য ব্যাখ্য কৰা—
(ক) মানৱী জনম দিয়া উটুৱাই
মানৱী কম সোঁতে,
মানুহৰ মৰম বুজিবা মানুহে
ধৰম যে মৰততে।
উত্তৰ : উদ্ধৃত কবিতাফাকি জোনাকী যুগৰ প্ৰখ্যাত কবি চন্দ্ৰকুমাৰ আগৰৱালা বচিত ‘মানৱ-বন্দনা’ কবিতাটিৰ অন্তৰ্গত।
মানুহ মানুহৰ প্ৰতি কেনে হোৱা উচিত আৰু মানুহৰনো প্রকৃত ধর্ম কি এই সম্পর্কে। ক’বলৈ গৈ কবিয়ে কবিতাফাকিত এনেদৰে উল্লেখ কৰিছে।
এই পৃথিৱীত মানুহৰ জন্ম-মৃত্যুৰ অহৰহ এটি সোঁত বৈ আছে। এই সোঁতৰ কোনোদিন অস্ত হোৱা নাই । অর্থাৎ, পৃথিৱীত মানুহৰ অন্ত হোৱা নাই। গতিকে পৃথিৱীখন মানুহৰ শ্রেষ্ঠ, পৰম সত্য। আনহাতে পৃথিৱীত মানুহেই মানুহৰ একমাত্ৰ সংগ, লগ। সেয়ে মানুহে ‘নিজাপী ঘৰ’।
এই নিজাপী ঘৰত অৰ্থাৎ পৃথিৱীত মানুহৰ কাৰণে মানুহেই শ্রেষ্ঠতকৈয়ো মানুহৰ মৰম বুজিব লাগে, মানুহ মানুহৰ প্ৰতি দয়াশীল, মৰমিয়াল হ’ব লাগে। মানুহৰ প্ৰতি মানুহৰ মৰমেই হৈছে মানুহৰ পৰম ধৰ্ম। এই ধৰ্মৰ দ্বাৰাই পৃথিৱীক স্বৰ্গতকৈও অধিক সুখকৰ কৰিব পৰা যায়, পৃথিৱীক সুখ-শান্তিৰে পৰিপূৰ্ণ কৰিব পৰা যায়।
(খ) মানুহেই দেৱ মানুহেই সেৱ
মানুহ বিনে নাই কেৱ।
অথবা,
‘মানুহেই লগ মানুহেই সংগ
মানুহেই পৰাৎপৰ,
এই যে পৃথিৱী স্বৰ্গতো অধিক
মানুহৰ নিজাপী ঘৰ।”
উত্তৰ : উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সুবাস’ৰ অন্তৰ্গত ৰোমাণ্টিক তথা গীতি কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱ ৰচিত কবিতা ‘মানৱ বন্দনা’ৰ পৰা উদ্ধৃত কৰা হৈছে।
ইয়াৰ জৰিয়তে কবিয়ে সমাজৰ শৃংখলা আৰু শান্তিপূর্ণ সহাৱস্থান গঢ়ি তোলাৰ স্বাৰ্থত মানৱীয় প্ৰমূল্যবোধক গুৰুত্ব দিয়াৰ কথাকে অৱগত কৰিছে।
কবিৰ মতে মানুহতকৈ উচ্চ দেৱ-দেৱতা আন একো হ’ব নোৱাৰে। বাস্তৱ ক্ষেত্ৰত ই নির্ঘাত সঁচা কথা। কিয়নো আমি পূজা-অৰ্চনা কৰাৰ বাবে যিসকল দেৱ-দেৱীক মানি লৈছোঁ সেইসকল একান্তই কাল্পনিকহে। বাস্তৱ ক্ষেত্ৰত সেই দেৱ-দেৱীক কোনেও দেখা নাই। আচলতে মানুহৰ সেৱাৰ যোগ্য মানুহহে। মানুহে মানুহৰ সেৱা পৰোপকাৰৰ জৰিয়তেই কৰিব লাগিব। পৃথিৱীখনক শৃংখলাৱদ্ধ কৰি ৰাখিবলৈ আৰু দ্বন্দ্ব-খৰিয়াল নোহোৱাকৈ মিলা-প্ৰীতিৰে সকলো মিলি-জুলি থাকিবলৈ মানুহে মানুহৰ কল্যাণ চিন্তা কৰাটোৱেই একমাত্র প্রয়োজনীয় কথা। সেয়েহে মানুহৰ উপকাৰৰ অৰ্থে, মানুহৰ সেৱাৰ বাবে সকলোৱে আন্তৰিকতাৰে আত্মনিয়োগ কৰাটোৱেই সকলোৰে কৰ্তব্য হোৱা উচিত।
ভাষা বিষয়ক:
প্রশ্ন ৫। সমার্থক শব্দ লিখা
মানুহ, সংগ, পৃথিৱী, সোঁত, স্বৰ্গ, দেৱ
উত্তৰঃ মানুহ — নৰ, মনিচ, মনুষ্য।
সংগ — লগ, সংগী, লগৰীয়া।
পৃথিৱী — ধৰিত্ৰী, বসু, বসুন্ধৰা, ধৰা, মহী।
সোঁত — ধাৰ, গতি।
স্বর্গ — সৰগ।
দেৱ — দেৱতা।
প্রশ্ন ৬। সংস্কৃত কর্ম, ধৰ্ম আদি শব্দৰ পৰা কৰ্ম, ধৰ্ম আদি শব্দৰ উৎপত্তি হৈছে। এনে কিছুমান শব্দ বাছি উলিয়াই এখন তালিকা প্রস্তুত কৰা ৷
উত্তৰঃ
সংস্কৃত — | অসমীয়া। |
কর্ম — | কৰম। |
ধৰ্ম — | ধৰম। |
স্বর্গ — | সৰগ। |
মর্ম — | মৰম। |
মর্ত্য — | মৰত। |
ৰত্ন — | ৰতন। |
যত্ন — | যতন। |
মূর্খ — | মূৰুখ। |
হর্ষ — | হৰিষ। |
সূর্য — | সূৰুয। |
পদ্ম — | পদুম। |
মুক্তা — | মুকুতা। |
প্রীতি — | পীৰিতি। |
কর্ণ — | কাণ। |
হস্ত — | হাত। |
সৰ্প — | সাপ। |
গর্ত — | গাত। |
হস্তী — | হাতী। |
ওষ্ঠ — | ওঁঠ। |
ধান্য — | ধান। |
অতিৰিক্ত প্রশ্নোত্তৰ
প্রশ্ন ৭। চমু উত্তৰ দিয়া :
(ক) ‘মানৱী জনম দিয়া উটুৱাই’ – বুলি করিয়ে কিহৰ কথা কৈছে- বুজাই লিখা।
উত্তৰঃ এই পৃথিৱীত মানুহৰ সোঁতৰ অন্ত নাই। মানুহ আহি আছে গৈ আছে; অর্থাৎ চামে চামে মানুহ জন্মি আছে,চামে চামে মানুহ মৰি আছে। সেই কাৰণেই পৃথিৱাত মানুহ ঘৰ’। পৃথিৱীত মানুহেই মানুহৰ লগ, মানুহৰ সংগ। সেই কাৰণে মানুহে মানুহৰ মৰম- শূন্য হোৱা নাই। মানুহেৰে পৃথিৱী পূৰ হৈয়েই আছে। মানুহৰ কাৰণে পৃথিৱী ‘নিজাপী। বুজিব লাগে, মানুহৰ প্ৰতি মানুহৰ মৰমেই প্রকৃত ধৰম। মানুহে মানুহৰ কামত অর্থাৎ মানুহৰ কল্যাণৰ হকে কাম কৰি, মানুহৰ সেৱা কৰি জীৱন অতিবাহিত কৰিব লাগে। তেতিয়াহে পৃথিৱী স্বৰ্গতো অধিক সুখকৰ হৈ পৰিব।
(খ) ‘প্রতিমাৰ খনিকৰ’ কাক কোৱা হয়?
উত্তৰঃ চন্দ্ৰ কুমাৰ আগৰৱালাক।
(প) মানুহৰ ‘নিজাপী ঘৰ’ কি?
উত্তৰঃ এই পৃথিৱী।
(ফ) মানুহৰ ধৰম ক’ত থাকে?
উত্তৰঃ মৰমত।
শব্দাৰ্থ আৰু টোকা :
ময়াপী জীৱ — মায়া-মোহ-ভ্রান্তি জীৱ ।
ধৰম — ধর্ম
পৰাৎপৰ — শ্ৰেষ্ঠতকৈয়ো শ্ৰেষ্ঠ,-পৰম সত্য।
নিজাপী — সম্পূর্ণ নিজৰ; স্থায়ী।
কেৱ — কেও কোনো।
পাদ্য — ভৰি ধুবলৈ দিয়া পানী।
অৰ্ঘ্য — পূজাৰ উপকৰণ।
–
Conclusion:
আমি বিশ্বাস কৰোঁ যে এই টোকাবোৰে শিক্ষাৰ্থীসকলক বিষয়বোৰৰ বিষয়ে ভালদৰে বুজাবুজি বিকশিত কৰাত আৰু তেওঁলোকৰ পৰীক্ষাৰ বাবে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰিব।
আমি নিশ্চিত যে এই টোকাবোৰে শিক্ষাৰ্থীসকলক তেওঁলোকৰ লক্ষ্য প্ৰাপ্ত কৰাত আৰু তেওঁলোকৰ শৈক্ষিক প্ৰদৰ্শন বৃদ্ধি কৰাত সহায় কৰিব। যদি আপুনি এই প্ৰবন্ধটো ভাল পায় আৰু সহায়ক হয় তেন্তে আপোনাৰ বন্ধুবৰ্গৰ সৈতে Share কৰিবলৈ নাপাহৰিব।
1 thought on “Class 9 Assamese chapter 2| মানৱ বন্দনা | Question Answer”