Class 10 Social Science Lesson 1| বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন

Class 10 Social Science Lesson 1: আমাৰ ৱেবছাইটলৈ স্বাগতম! আপোনাৰ শৈক্ষিক যাত্ৰাৰ বাবে আপোনাক দশম শ্ৰেণীৰ Notes প্ৰদান কৰি আমি আনন্দিত।

দশম শ্ৰেণী শিক্ষাৰ্থীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ বছৰ কিয়নো তেওঁলোকে আগন্তুক ব’ৰ্ড পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰে, যি তেওঁলোকৰ শৈক্ষিক সফলতা নিৰ্ধাৰণ কৰিব।

আজি, এই প্ৰবন্ধটোত মই আপোনাৰ দশম শ্ৰেণীৰ “বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন” দীঘলয়া আৰু চুটি প্ৰশ্ন আলোচনা কৰিম| আমি প্ৰায় সকলো দীঘলয়া আৰু চুটি প্ৰশ্ন Solution প্ৰদান কৰিছোঁ।

আমাৰ লক্ষ্য হৈছে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰা। আমি ইয়াত বিনামূলীয়াকৈ Notes সমূহ প্ৰদান কৰিছো। আমি আপোনাক আগন্তুক পৰীক্ষাৰ বাবে শুভেচ্ছা জনাইছো। যদি আপোনাৰ কোনো সন্দেহ আছে তেন্তে আমাৰ সৈতে যোগাযোগ কৰক।

Class 10 Social Science Chapter 1 Question Answer

অতি চমু উত্তৰৰ প্রশ্নঃ

প্রশ্ন ১। বংগ বিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসন কালত সংঘটিত হৈছিল?

উত্তৰ : লর্ড নেথানিয়েল কাৰ্জনৰ শাসনকালত।

প্রশ্ন ২। ১৯০৫ খ্রীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল?

উত্তৰ : ১৬ অক্টোবৰ তাৰিখে।

প্রশ্ন ৩। বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ কোনখন সভাত গ্ৰহণ কৰা হৈছিল?

উত্তৰ: দিনাজপুৰত দ্বিতীয়খন বিশাল সভাত ১৯০৫ চনৰ ২০ জুলাইত।

প্রশ্ন ৪। স্বদেশী আন্দোলনৰ সময়ছোৱাত ‘যুগান্তৰ’ নামৰ সংবাদপত্ৰখন সম্পাদনা কোনে কৰিছিল ?

উত্তৰ : ভূপেন্দ্ৰনাথ দত্তই (১৯০৬ চনত)।

প্রশ্ন ৫। বংগদেশত ‘জাতীয় শিক্ষা পৰিষদ’ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল?

উত্তৰ : ১৯০৬ চনৰ ১১ মাৰ্চ তাৰিখে।

প্রশ্ন ৬।‘বেংগল কেমিকেলছ’ নামৰ উদ্যোগ প্রতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন আছিল?

উত্তৰ : আচার্য প্রফুল্ল ৰায় ৷

প্রশ্ন ৭। কাৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনে ভাৰতীয়ৰ বাবে ‘স্বৰাজ’ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল ?

উত্তৰঃ দাদাভাই নৌৰজীৰ পৌৰোহিত্যত।

প্রশ্ন ৮। ‘বন্দিনী ভাৰত’ নামৰ নাটকখনৰ ৰচক কোন?

উত্তৰ : অম্বিকাগিৰী ৰায়চৌধুৰী।

প্রশ্ন ৯। বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল?

উত্তৰ : ১৯১১ খ্ৰীঃৰ ১২ ডিচেম্বৰত।

চমু উত্তৰৰ প্রশ্ন

প্রশ্ন ১। বংগ বিভাজনে সৃষ্টি কৰা ‘পূর্ববংগ আৰু অসম’ নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান তিনিটা ভৌগোলিক সংমণ্ডল উল্লেখ কৰা।

উত্তৰ : ৰাজশাহী, ঢাকা আৰু চট্টগ্রাম।

প্রশ্ন ২। বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল চমুকৈ লিখা।

উত্তৰ: লর্ড কার্জনৰ বংগবিভাজনৰ অন্তর্নিহিত উদ্দেশ্য আছিল— ঐক্যবদ্ধ বংগশক্তিক দ্বিখণ্ডিত কৰা ৷

প্রশ্ন ৩। বংগ বিভাজন বিৰোধী আন্দোলনে “স্বদেশী আন্দোলন” নাম কিয় পাইছিল চমুকৈ লিখা। [HSLC 2017]

উত্তৰ : বংগবিভাজনক পৰিণতি হিচাপে বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণৰ সিদ্ধান্ত জনসভাত অনুমোদিত হোৱাৰ পিছৰ পৰা এই আন্দোলন ‘স্বদেশী আন্দোলন’ নামে জনাজাত হয়।

প্রশ্ন ৪। স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে আলোচনা কৰা। [HSLC 2018]

উত্তৰ : স্বদেশী আন্দোলনৰ তৃতীয়টো অংগ আছিল জাতীয় শিক্ষা। এই জাতীয় শিক্ষাৰ মুখ্য উদ্দেশ্য আছিল ইংৰাজী শিক্ষা বৰ্জন কৰি দেশৰ বিভিন্ন অঞ্চলত জাতীয় শিক্ষানুষ্ঠান গঢ়ি তোলা। এই কাৰ্যসূচী ৰূপায়ণ কৰোঁতে প্রাচীন ভাৰতীয় শিক্ষা, সাহিত্য, সংস্কৃতি আৰু ভাষাৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছিল। সেই সময়ত বংগদেশত জাতীয় শিক্ষাৰ বেছ প্ৰচাৰ হৈছিল। এই আন্দোলনৰ গইনা লৈ ভালেমান জাতীয় শিক্ষানুষ্ঠান গঢ়ি উঠিছিল। ১৯০৬ চনৰ ১৫ আগষ্টত কলিকতাত জাতীয় শিক্ষা পৰিষদ নামে এটি অনুষ্ঠান গঢ়ি তোলা হৈছিল। জাতীয় শিক্ষা পৰিষদৰ উদ্যোগতেই অৰবিন্দ ঘোষক অধ্যক্ষ হিচাপে লৈ কলিকতাত এখন জাতীয় কলেজ স্থাপন কৰা হৈছিল। ১৯০৫ চনৰ ৬ আগষ্ট তাৰিখে কলিকতাত ‘বংগ জাতীয় বিদ্যালয়’ নামৰ এখন জাতীয় শিক্ষানুষ্ঠান প্রতিষ্ঠা কৰে। ৮ নৱেম্বৰত ৰংপুৰত দ্বিতীয়খন জাতীয় বিদ্যালয় স্থাপন হয়। ১৯০৬ চনৰ ১৫ আগষ্ট তাৰিখে “বংগ জাতীয় মহাবিদ্যালয়” স্থাপন হয়। অৰবিন্দ ঘোষে মহাবিদ্যালয়ৰ অধ্যক্ষ পদ লৈছিল। স্বদেশী আন্দোলনৰ সময়খিনিত সৰ্বমুঠ ৬২ খন মাধ্যমিক আৰু ৩,০০০ খন প্রাথমিক জাতীয় বিদ্যালয় গঢ়ি উঠিছিল।

প্রশ্ন ৫। স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশৰ জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল? [HSLC 2020]

উত্তৰ : স্বদেশী আন্দোলনৰ পটভূমিত আত্মশক্তি বিকাশৰ মানসিকতাই বংগদেশত জাতীয় শিল্প কাৰখানা গঢ়ি তোলাৰ পৰিৱেশ সৃষ্টি কৰিছিল। স্বদেশী পণ্যৰ চাহিদা বৃদ্ধি পোৱাত বিভিন্ন কুটিৰ শিল্প আৰু কেইবাটাও ডাঙৰ শিল্প প্রতিষ্ঠান গঢ়ি উঠিছিল। সূতা কটা কল, ক্ষুদ্ৰ আৰু মজলীয়া তাঁতশাল উদ্যোগ, সৰিয়হৰ তেল, চাবোন, চেনি, জুইশলা, বিস্কুট আদিৰ কাৰখানা গঢ়ি উঠিছিল। ইয়াৰ লগতে গঢ়ি উঠিছিল জাতীয় বেংক আৰু স্বদেশী বীমা কোম্পানী। স্বদেশী আন্দোলনৰ সময়ত যোগেশচন্দ্ৰ চৌধুৰী আৰু কৃষ্ণবিহাৰী সেনৰ প্ৰচেষ্টাত কলিকতাৰ বউবজাৰত ‘ইণ্ডিয়ান ষ্টোৰছ’ (১৯০৫) নামৰ প্ৰতিষ্ঠানটো গঢ়ি উঠিছিল। আব্দুল হালিম গজনবিয়ে লাল বজাৰত প্ৰতিষ্ঠা কৰিছিল ‘ইউনাইটেড বেংগল ষ্টোৰছ’ ১৯০৬ চনত। জগদীশচন্দ্র বসু, প্রফুল্ল চন্দ্ৰ ৰায়, নীলৰতন চৰকাৰ আদি অসাধাৰণ ব্যক্তি সকলেও বংগদেশত কেইবাটাও বৃহৎ উদ্যোগ গঢ়ি তোলাৰ চেষ্টা কৰিছিল। সেইমতে নীলতন চৰকাৰৰ উদ্যোগত ‘বংগলক্ষ্মী কটন মিল (১ আগষ্ট ১৯০৬) আৰু আচার্য প্রফুল্ল ৰায়ে বেংগল কেমিকেলছ’ নামে প্রতিষ্ঠানটো মুকলি কৰিছিল। জামছেদজী টাটাই বিখ্যাত লৌহ শিল্প কাৰখানা ১৯০৭ চনত গঢ়ি তুলিছিল। সেই সময়ত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰদেশত আধুনিক শিল্প উদ্যোগ গঢ়ি উঠিছিল। ১৯০৫ চনৰ ১৭ ডিচেম্বৰ তাৰিখে R.C. Dutta ৰ নেতৃত্বত বাৰাণসীত অনুষ্ঠিত হোৱা “ভাৰতীয় উদ্যোগ সন্মিলন’ত স্বদেশী উদ্যোগসমূহৰ বিষয়ে দেশবাসীক সজাগ কৰি তুলিছিল।

প্রশ্ন ৬। স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্য ব্ৰিটিছ চৰকাৰে কি কি আন্দোলনবিৰোধী কাৰ্যসূচী গ্ৰহণ কৰিছিল? [HSLC 2017]

অথবা,

স্বদেশী আন্দোলন দুৰ্বল কৰাৰ বাবে ব্ৰিটিছ চৰকাৰে কি কি কর্মপন্থা লৈছিল? আন্দোলনৰ নেতাসকলৰ পৰা চৰকাৰে সঁহাৰি লাভ কৰিছিল নে? [HSLC 2019]

উত্তৰঃ স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে লোৱা কাৰ্যসূচী সমূহহ’ল—

(ক) ব্ৰিটিছ সাম্প্রদায়িক ভেদ নীতিৰে মুছলমানসকলক স্বদেশী আন্দোলনৰ পৰা আঁতৰাই নিছিল।

(খ) লর্ড কার্জনে মুছলমানসকলক “পূর্ব বংগ আৰু অসম” নামৰ নতুন প্ৰদেশখনত নিজস্ব গৃহভূমি লাভ কৰিব বুলি আশ্বাস দিছিল৷ গতিকে তেওঁলোকে আন্দোলন কৰিব নালাগে।

(গ) ব্ৰিটিছে ১৯০৯ চনৰ শাসন সংস্কাৰৰ মাধ্যমত পৃথক ভোটাধিকাৰেৰে মুছলমানসকলক পৃথক আৰু ব্ৰিটিছৰ অনুগত ৰাজনৈতিক শক্তিত পৰিণত কৰিছিল।

(ঘ) ব্ৰিটিছে বংগৰ ৰাজহুৱা ৰাস্তা-ঘাটত বন্দে মাতৰম ধ্বনি দিয়াটো নিষিদ্ধ কৰিছিল।

(ঙ) ছাত্ৰ-ছাত্ৰীসকলক আন্দোলনৰ পৰা আঁতৰাই নিয়াৰ বাবে শাস্তিমূলক অধিসূচনা জাৰি কৰিছিল ৷ আনকি বহু ছাত্ৰ-ছাত্ৰীক শাৰীৰিক শাস্তি দিয়া হৈছিল।

(চ) ৰাজহুৱা সভা সমিতি বেআইনী বুলি ঘোষণা কৰিছিল।

(ছ) বংগদেশৰ পৰা প্ৰকাশিত যুগান্তৰ, বন্দে মাতৰম, সন্ধ্যা আদি ভালেমান বাতৰি কাকতৰ ওপৰত নিষেধাজ্ঞা জাপি দিছিল ।

(জ) ব্ৰিটিছ চৰকাৰে স্বদেশী আন্দোলনৰ নেতা সকলক হাতৰ মুঠিত ৰখাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে আৰোপিত উপাধি, পদক আৰু পদ প্ৰদান কৰিছিল । আন্দোলনৰ নেতাসকলৰ পৰা চৰকাৰে সঁহাৰি লাভ কৰা নাছিল। সুবেন্দ্রনাথ বন্দ্যোপাধ্যায়, গোপালকৃষ্ণ গোখলে আদি কংগ্ৰেছৰ শীর্ষ নেতাৰ স্থিতিয়ে চৰকাৰক শ’লঠেকত পেলাইছিল।

প্রশ্ন ৭। স্বদেশী আন্দোলনৰ তিনিটা ফলাফল উল্লেখ কৰা।

উত্তৰ : স্বদেশী আন্দোলনৰ তিনিটা ফলাফল হ’ল-

(ক) স্বদেশী আন্দোলনৰ জোৱাৰে সাহিত্য সৃষ্টিত বিশেষ অৰিহণা যোগাইছিল। স্বদেশী আন্দোলনৰ পটভূমিত বিভিন্ন সংবাদপত্র, আলোচনী, গ্রন্থ আৰু গীত, নাটক, প্রবন্ধ ইত্যাদি প্রকাশিত হৈছিল।

(খ) স্বদেশী আন্দোলনৰ পটভূমিত আত্মশক্তি বিকাশৰ মানসিকতাই বংগদেশত জাতীয় শিল্প-কাৰখানা গঢ়ি তোলাৰ অনুকূল পৰিৱেশ সৃষ্টি কৰিছিল। স্বদেশী পণ্যৰ চাহিদা বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন কুটিৰ শিল্প আৰু কেইবাটাও ডাঙৰ শিল্প প্রতিষ্ঠান গঢ়ি উঠিছিল।

(গ) স্বদেশী আন্দোলনৰ পটভূমিত ‘বংগ জাতীয় বিদ্যালয়’ নামৰ জাতীয় শিক্ষানুষ্ঠানটো গঢ়ি উঠিছিল। স্বদেশী আন্দোলনৰ সময়খিনিত সৰ্বমুঠ ৬২ খন মাধ্যমিক আৰু ৩,০০০ খন প্রাথমিক জাতীয় বিদ্যালয় গঢ়ি উঠিছিল।

প্রশ্ন ৮। স্বদেশী আন্দোলনৰ তিনিটা অৱদান উল্লেখ কৰা। [HSLC 2019]

উত্তৰ : স্বদেশী আন্দোলনৰ তিনিটা অৱদান হ’ল—

(ক) স্বদেশী আন্দোলনে ভাৰতবাসীক গণ-আন্দোলন সম্পর্কে এটা ৰাজনৈতিক শিক্ষা দি যাবলৈ সক্ষম হৈছিল। (খ) স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতীয়ই ব্ৰিটিছ চৰকাৰৰ ওচৰত স্বৰাজ দাবী কৰাৰ সুযোগ লাভ কৰিছিল। (গ) স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতবৰ্ষত সশস্ত্র বিপ্লৱ সূচনা হৈছিল।

প্রশ্ন ৯। চমুটোকা লিখা :

(ক) কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ

উত্তৰ : ৰবীন্দ্ৰনাথ ঠাকুৰ বংগৰ এজন বিখ্যাত কবি-সাহিত্যিক আছিল। তেওঁ স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি ২৩ টা গীত ৰচনা কৰিছিল। “আমাৰ সোণাৰ বাংলা আমি তোমাকে ভালবাসি” গীতটোৱে পিছৰ সময়ত স্বাধীন বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীতৰ মৰ্যাদা লাভ কৰিছিল । স্বদেশী আন্দোলনৰ পটভূমিত ৰবীন্দ্ৰনাথ ঠাকুৰে “ভাই ভাই এক ঠাই” নামৰ বিখ্যাত প্ৰবন্ধখন ৰচনা কৰিছিল। তেখেতৰ “যদি তোর ডাক শুনে কেও না আসে তবে একলা চলো ৰে….’ৰদৰে তীব্ৰ জাতীয় আবেদনময়ী গীতে চিৰকাল জনপ্রিয়তা লাভ কৰিছে।

(খ) মার্গাৰেট এলিজাবেথ এবোল (ভগিণী নিবেদিতা) :

উত্তৰ: ভগিণী নিবেদিতা হ’ল নাৰী আৰু যুৱক-যুৱতীসকলৰ মাজত জাগৰণ সৃষ্টিত প্ৰচুৰ বৰঙণি যোগোৱা এগৰাকী নাৰী৷ আয়াৰলেণ্ডত জন্মগ্ৰহণ কৰা এই গৰাকী মহীয়সী নাৰীৰ নাম আছিল মার্গাৰেট এলিজাবেথ নবোল (Margret Elizabeth, 1864-1911)। কলিকতাত থকা সময়ত তেওঁ ইয়ং মেনছ হিন্দু ইউনিয়ন, বিবেকানন্দ ছচাইটি, ডন ছচাইটি আৰু অনুশীলন সমিতিৰ সৈতে প্রত্যেক্ষভাৱে জড়িত হৈ নাৰী আৰু যুৱক-যুৱতীসকলক দেশীয় শিল্পৰ যোগেদি স্বনিৰ্ভৰশীল হ’বলৈ আহ্বান জনাইছিল।

(গ) নবাব ছলিমউল্লা :

উত্তৰ: নবাব ছলিমউল্লা ‘সৰ্বভাৰতীয় মুছলিম লীগ’ নামৰ ৰাজনৈতিক অনুষ্ঠানটোৰ মূল গুৰি ধৰোঁতা আছিল। ছলিমউল্লা ঢাকাৰ নবাব আছিল। তেওঁ ১৯০৬ খ্ৰীঃৰ ৩০ ডিচেম্বৰ তাৰিখে বংগদেশৰ একাংশ শিক্ষিত মুছলমান বৰমূৰীয়াৰ লগ হৈ ঢাকা ৰাজদৰবাৰত আয়োজিত সভাত অংশ গ্ৰহণ কৰিছিল। সেই সভাখনতে তেওঁ ‘সৰ্বভাৰতীয় মুছলিম লীগ’ নামৰ ৰাজনৈতিক অনুষ্ঠানটো স্থাপন কৰিছিল।

(ঘ) অম্বিকাগিৰী ৰায়চৌধুৰী :

উত্তৰ : অম্বিকাগিৰী ৰায়চৌধুৰী স্বাধীনতা সংগ্ৰামৰ এগৰাকী আগশাৰীৰ নেতা আছিল । তেওঁ অসমবাসীৰ মাজত বংগ ভংগ বিভাজন আন্দোলনৰ বীজ সোমোৱাইছিল। তেওঁক অসমকেশৰী বুলি কোৱা হয়। অম্বিকাগিৰীয়ে ‘বন্দিনী ভাৰত’ নামৰ এখন বিদ্ৰোহাত্মক নাটক ৰচনা কৰিছিল ।

কটন কলেজিয়েট হাইস্কুলত নাটকখনৰ অভিনয় চলি থকাৰ মাজতে পুলিচে মঞ্চৰ পৰা নাটকখনৰ পাণ্ডুলিপি বাজেয়াপ্ত কৰিছিল । অম্বিকাগিৰীয়ে ‘সেৱা সংঘ’ নামৰ এটা বিপ্লৱী সংগঠনো গঢ়ি তুলিছিল। ১৯০৫ চনত ফুলাৰক হত্যা কৰা চেষ্টাৰ অপৰাধত পুলিচে তেওঁক বৰপেটাৰ জেলত বন্দী ৰূপে ভৰাই থৈছিল।

অতিৰিক্ত প্রশ্নোত্তৰ

অতি চমু প্রশ্নোত্তৰ (মূল্যাংক -১)

প্রশ্ন ১। বন্দে মাতৰম বোলা গীতটিৰ ৰচক কোন আছিল? [HSLC 2011, 2014]

উত্তৰ: বংকিমচন্দ্ৰ চেটাৰ্জী।

প্রশ্ন ২ I কাৰ কাৰ্যকালত ‘বংগ বিভাজন আঁচনিখন’ কাৰ্যকৰী কৰা হৈছিল? [HSLC 2014]

উত্তৰ : লর্ড কার্জনৰ দিনত।

প্রশ্ন ৩। কোনখন আইনৰ দ্বাৰা বংগদেশৰ গৱৰ্ণৰজনক গৱৰ্ণৰ জেনেৰেল পদলৈ উন্নীত কৰা হৈছিল ?

উত্তৰ : ভাৰত পৰিষদ আইন।

প্রশ্ন ৪। লর্ড মিন্টো কোন আছিল ? [HSLC 2013]

উত্তৰ : ব্ৰিটিছ ভাৰতবৰ্ষৰ এজন ভাইচৰয় আছিল।

প্রশ্ন ৫। ঢাকা, চট্টগ্রাম আৰু ৰাজশাহী এই তিনিটা সংমণ্ডলৰ সৰ্বমুঠ এলেকা কিমান আছিল?

উত্তৰ : ১,০৬,৫৪০ বর্গ মাইল।

প্রশ্ন ৬। বাল গংগাধৰ তিলকে সম্পাদনা কৰা ৰাতৰি কাকতখনৰ নাম কি ?

উত্তৰঃ কেশৰী।

প্রশ্ন ৭। ‘বংগ জাতীয় বিদ্যালয়’ নামৰ জাতীয় শিক্ষানুষ্ঠানটো কোনে প্রতিষ্ঠা কৰে?

উত্তৰ : ৰবীন্দ্ৰনাথ ঠাকুৰে ১৯০৫ চনৰ ৬ আগষ্ট তাৰিখে।

প্রশ্ন ৮। মুছলিম লীগৰ প্ৰথম অধিবেশন ক’ত বহিছিল?

উত্তৰ: লাহোৰত ৷

প্রশ্ন ৯। ‘জাতীয় শিক্ষা পৰিষদ’ কোনে আৰু কেতিয়া গঠন কৰিছিল?

উত্তৰ : ৰাসবিহাৰী বসুৰ চেষ্টাত ১৯০৬ চনৰ ১১ মাৰ্চ তাৰিখে।

প্রশ্ন ১০। “স্বৰাজ আমাৰ জন্মস্বত্ব আৰু ই আমাৰ কাম্য” এই কথাষাৰ কোনে কৈছিল?

উত্তৰ : লোকমান্য বাল গংগাধৰ তিলকে।

প্রশ্ন ১১। বংগ বিভাজনৰ পিছত সৃষ্টি হোৱা নতুন ৰাজ্য দুখনৰ নাম কি কি?

উত্তৰ: অসম আৰু বংগ প্রদেশ।

প্রশ্ন ১২। অসম নামৰ প্ৰদেশখনৰ কেতিয়া গঠন কৰা হৈছিল?

উত্তৰ : ১৮৭৪ চনৰ ৭ ফেব্ৰুৱাৰীত।

প্রশ্ন ১৩। ব্ৰিটিছ চৰকাৰে প্ৰদান কৰা ‘নাইটহুড’ উপাধি কোনজন ভাৰতীয় নেতাই ঘূৰাই দিছিল?

উত্তৰ: গোপাল কৃষ্ণ গোখলেই।

প্রশ্ন ১৪। ‘পূববংগ আৰু অসম’ নামৰ প্ৰদেশখনৰ ৰাজধানী ক’ত স্থাপন কৰা হৈছিল?

উত্তৰ: ঢাকাত।

প্রশ্ন ১৫। কোনে সুবিখ্যাত ‘বংগ মাতা’ ছবিখন অংকন কৰিছিল?

উত্তৰ: অবনীন্দ্ৰনাথ ঠাকুৰে।

প্রশ্ন ১৬। স্বদেশী আন্দোলনৰ সময়ত সৰ্বমুঠ কিমানখন জাতীয় বিদ্যালয় গঢ়ি উঠিছিল ?

উত্তৰ: সৰ্বমুঠ ৬২ খন মাধ্যমিক আৰু ৩,০০০ খন প্রাথমিকজাতীয় বিদ্যালয় গঢ়ি উঠিছিল।

প্রশ্ন ১৭। স্বদেশী আন্দোলনৰ সময়ত ৰচিত ‘বংগলক্ষ্মী ব্রতকথা’ গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন আছিল?

উত্তৰ: বামেন্দ্ৰসুন্দৰ ত্রিবেদী।

প্রশ্ন ১৮। স্বদেশী আন্দোলনৰ সময়ত ৰচিত ‘নব্য ভাৰত’ গ্ৰন্থৰ গ্ৰন্থকাৰ কোন আছিল ?

উত্তৰ: কাৰ্তিক চন্দ্ৰ দাশগুপ্ত।

প্রশ্ন ১৯। ‘জয় সংগীত’ নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল?

উত্তৰ: প্রমথ নাথ ৰায়চৌধুৰীয়ে।

প্রশ্ন ২০। নৱ গঠিত পূর্ব বংগ আৰু অসমৰ মুঠ জনসংখ্যা কিমান আছিল?

উত্তৰ: ৩১ নিযুত।

প্রশ্ন ২১। পূর্ববংগ আৰু অসমৰ মুঠ অসমীয়া ভাষীৰ সংখ্যা কিমান আছিল?

উত্তৰ : ১৩,৪৯,৭৮৪ গৰাকী।

প্রশ্ন ২২। নৱ গঠিত প্ৰদেশ পূর্ববংগ আৰু অসমৰ মুঠ বাংলাভাষীৰ পৰিসংখ্যা কিমান আছিল?

উত্তৰ: ২,৭২,৭২,৮১৫ গৰাকী।

প্রশ্ন ২৩। অবিভক্ত বংগদেশত কিমান বঙালী মানুহ আছিল?

উত্তৰ : ১৮ নিযুত।

প্রশ্ন ২৪। অবিভক্ত বংগদেশত কিমান বিহাৰী আৰু উৰিয়া মানুহ আছিল?

উত্তৰ: ৩৬ নিযুত।

প্রশ্ন ২৫। কিমান চনত আৰু ক’ত জাতীয় শিক্ষা পৰিষদ’ গঠন কৰা হৈছিল?

উত্তৰ : ১৯০৬ চনৰ ১৫ আগষ্টত, কলিকতাত।

প্রশ্ন ২৬। ১৯০৫ চনত বেনাৰসত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল?

উত্তৰ : গোপাল কৃষ্ণ গোখলেয়ে।

প্রশ্ন ২৭। ১৯০৮ চনৰ ডিচেম্বৰ মাহত দেশান্তৰিত কৰা দুজন আগশাৰীৰ নেতাৰ নাম লিখা।

উত্তৰ :-কৃষ্ণ কুমাৰ মিত্ৰ আৰু অশ্বিনী কুমাৰ দত্ত।

প্রশ্ন ২৮। বাল গঙ্গাধৰ তিলক ক’ৰ মানুহ আছিল?

উত্তৰঃ মহাৰাষ্ট্ৰৰ ।

প্রশ্ন ২৯। হৰিসৰ্বোত্তম ৰাও কৰ মানুহ আছিল?

উত্তৰ : অন্ধ্র প্রদেশৰ।

প্রশ্ন ৩০। চিদাম্বৰম পিল্লাই কৰ মানুহ আছিল?

উত্তৰ : মাদ্ৰাজৰ।

প্রশ্ন ৩১। কাৰ নেতৃত্বত কলিকতাত জাতীয় কলেজ স্থাপন কৰা হৈছিল?

উত্তৰ : অৰবিন্দ ঘোষৰ নেতৃত্বত।

প্রশ্ন ৩২ । বংগ ভংগ আঁচনি বিৰোধিতা কৰা এজন বঙালী জাতীয়তাবাদী ৰাজনৈতিক নেতাৰ নাম লিখা।

উত্তৰ : সুৰেন্দ্ৰনাথ বেনার্জী।

প্রশ্ন ৩৩। কিমান চনত লর্ড কার্জনে পূর্ব বংগ আৰু অসম নামে এখন নতুন প্রদেশ গঠন কৰিছিল ?

উত্তৰ : ১৯০৫ চনৰ ২০ জুলাইত।

প্রশ্ন ৩৪। বংগ ভংগ বিৰোধী আন্দোলনৰ সময়ত হোৱা ৰুছ আৰু জাপানৰ যুদ্ধত কোনে জয়লাভ কৰিছিল?

উত্তৰ : জাপানে (১৯০৪-০৫)।

প্রশ্ন ৩৫। কি অপৰাধত ব্ৰিটিছ চৰকাৰে ক্ষুদিৰাম বসুক ফাঁচী দিছিল?

উত্তৰ : এজন ব্ৰিটিছ বিষয়াক হত্যা কৰিবলৈ চেষ্টা কৰাৰ অপৰাধত ১৯০৮ চনত ক্ষুদিৰাম বসুক ফাঁচী দিছিল।

প্রশ্ন ৩৬। কোনটো ৰাজনৈতিক সংগঠন গঢ়ি তোলাত লর্ড মিন্টোৱে মুছলমানসকলক সহায় কৰিছিল?

উত্তৰ : মুছলিম লীগ সংগঠন।

প্রশ্ন ৩৭। জন মার্লি কোন আছিল?

উত্তৰ : ভাৰতৰ পৰিক্ৰমা মন্ত্ৰী।

প্রশ্ন ৩৮। কাৰ নেতৃত্বত ১৯০৬ চনৰ ১ অক্টোবৰত এটি মুছলমান সঁজাতি দলে ছিমলাত ভাইচৰয় লৰ্ড মিণ্টোৰ লগত গোপন আলোচনাত মিলিত হৈছিল?

উত্তৰ : কৰ্ণেল ডানলপ স্মিথৰ নেতৃত্বত।

প্রশ্ন ৩৯। হিন্দুসকলৰ মাজতেই বিভাজনমুখী ৰাজনীতিৰ প্ৰৱৰ্তনৰ কথা চিন্তা কৰা ভাৰত পৰিক্ৰমাৰ মন্ত্ৰীজনৰ নাম কি আছিল?

উত্তৰ: লর্ড হেমিলণ্টন।

প্রশ্ন ৪০। কোনে আৰু কাৰ নেতৃত্বত অৰুণডেল সমিতি গঠন কৰা হৈছিল?

উত্তৰ: লর্ড মিণ্টোৱে ছাৰ এ. টি. অৰুণডেলৰ নেতৃত্বত ১৯০৬ চনত।

প্রশ্ন ৪১। কোনটো ধ্বনিক বংগদেশত অবৈধ ঘোষণা কৰা হৈছিল ?

উত্তৰ : বন্দে মাতৰম।

প্রশ্ন ৪২। কাৰ শাসন কালছোৱাক ভাৰতবৰ্ষত মুছলমান সাম্প্রদায়িক ৰাজনীতিৰ “বীজৰ গজালি ওলোৱা যুগ” বুলি কোৱা হয়?

উত্তৰ: লর্ড মিণ্টোৰ।

প্রশ্ন ৪৩। কাৰ শাসন কালছোৱাক ভাৰতবৰ্ষত মুছলমান সাম্প্রদায়িক ৰাজনীতিৰ “বীজ সিচাৰ যুগ” বুলি কোৱা হয়।

উত্তৰ: লর্ড কার্জনৰ।

প্রশ্ন ৪৪। বংগ-ভংগ আঁচনি বাতিল কৰাৰ আগতে ব্ৰিটিছ ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা ক লৈ স্থানান্তৰিত কৰা হৈছিল?

উত্তৰ: দিল্লীলৈ।

প্রশ্ন ৪৫। ইংলেণ্ড চৰকাৰে নিয়ন্ত্ৰণকাৰী আইন কেতিয়া প্ৰৱৰ্তন কৰিছিল?

উত্তৰ: ১৭৭৩ চনত।

প্রশ্ন ৪৬। কেতিয়া এলাহাবাদৰ সন্ধি স্বাক্ষৰিত হৈছিল?

উত্তৰ : ১৭৬৫ চনত।

প্রশ্ন ৪৭। কাৰ কাৰ মাজত এলাহাবাদ সন্ধি স্বাক্ষৰিত হৈছিল?

উত্তৰ: মোগল সম্রাট শ্বাহ আলম আৰু ৰবাৰ্ট ক্লাইবৰ মাজত।

প্রশ্ন ৪৮। কেতিয়া বংগদেশৰ অন্তৰ্গত উৰিষ্যাত দুর্ভিক্ষ হৈছিল?

উত্তৰ : ১৮৬৬ চনত।

প্রশ্ন ৪৯। বংগ বিভাজনৰ সময়ত লর্ড কার্জনক সহায় কৰা লোকদুজনৰ নাম কি কি?

উত্তৰ : মধ্যপ্ৰদেশৰ মুখ্য আয়ুক্ত এন্দু ফ্ৰেজাৰ আৰু অসমৰ মুখ্য আয়ুক্ত জন ব্যামফিল্ড।

প্রশ্ন ৫০। সঞ্জীৱনী পত্ৰিকাৰ সম্পাদক কোন আছিল?

উত্তৰ: কৃষ্ণকুমাৰ মিত্র।

প্রশ্ন ৫১।“হে বংগ জননী, স্বৰ্ণ প্ৰসাৱিনী… শিখেছি সবাই কবিতে ভাবনা, বিলাতি পোশাকে আৰ সাজিব না, বিলাতি আহাৰ, বিলাতি আচাৰ ত্যাজিত কৰিছ…” গীতটোৰ ৰচয়িতা কোন?

উত্তৰ: মুকুন্দ দাস।

প্রশ্ন ৫২। কাৰ নেতৃত্বত ‘ছাত্র সংসদ’ গঠন হৈছিল?

উত্তৰ : সুৰেন্দ্ৰ নাথ বন্দ্যোপাধ্যায়৷

প্রশ্ন ৫৩৷ ‘বাঙালিৰ প্ৰাণ, বাঙালিৰ মন, এক হওক হে ভগৱান…” গীতটিৰ ৰচয়িতা কোন?

উত্তৰ : ৰবীন্দ্ৰনাথ ঠাকুৰ I

প্রশ্ন ৫৪। বৰ্জনৰ অৰ্থ স্বদেশীকতা আৰু স্বদেশীকতাৰ সমাৰ্থ হ’ল ইংৰাজৰ লগত সর্বতোপ্ৰকাৰে অসহযোগিতা কৰা।” কথাবাৰ কাৰ।

উত্তৰ : অৰবিন্দ ঘোষ।

প্রশ্ন ৫৫। ‘বংগ মাতা’ ছবিখনৰ চিত্ৰকৰ কোন?

উত্তৰ: অবনীন্দ্রনাথ ঠাকুৰ।

প্রশ্ন ৫৬। ‘আমাৰ সোণাৰ বাংলা আমি তোমাকে ভালবাসি’ গীতটোৰ ৰচয়িতা কোন?

উত্তৰ : কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ।

প্রশ্ন ৫৭। “ভাই ভাই এক ঠাই” প্ৰবন্ধখনৰ ৰচয়িতা কোন?

উত্তৰ : ৰবীন্দ্ৰনাথ ঠাকুৰ।

প্রশ্ন ৫৮। কাৰ প্ৰচেষ্টাত ‘বংগীয় কলা সংসর্গ’ নামে জাতীয় অনুষ্ঠানটো গঢ় লৈ উঠিছিল?

উত্তৰ : অবনীন্দ্ৰনাথ ঠাকুৰ।

প্রশ্ন ৫৯। কোনে ‘বংগ মাতা’ ক ‘ভাৰত মাতা’ৰ ৰূপ প্ৰদান কৰিছিল।

উত্তৰ : ভগিনী নিবেদিতা।

প্রশ্ন ৬০। ‘ভাৰতী’ নামৰ পত্রিকাখনৰ সম্পাদক কোন?

উত্তৰ: সৰলা দেৱী চৌধুৰীনী।

প্রশ্ন ৬১। বঙালী নাৰী ইংৰাজৰ কাৰণে সকলোতকৈ দুর্মদ আৰু বিপজ্জনক” কোনখন কাকতত প্ৰকাশ পাইছিল ?

উত্তৰ : ডেইলী টেলিগ্রাফ।

প্রশ্ন ৬২। কিমান তাৰিখে আৰ চি দত্তৰ পৌৰোহিত্যত বাৰানসীত অনুষ্ঠিত প্রথম ভাৰতীয় উদ্যোগ সন্মিলন’ত স্বদেশী উদ্যোগসমূহ সক্ৰিয় হৈ উঠিছিল ?

উত্তৰ : ১৯০৫ খ্ৰীষ্টাব্দৰ ১৭ ডিচেম্বৰত।

প্রশ্ন ৬৩। বংগ বিভাজনৰ সময়ত আলীগড় কলেজৰ অধ্যক্ষ কোন?

উত্তৰঃ উইলিয়াম আকবল্ডক।

চমু প্রশ্নোত্তৰ (মূল্যাংক -২/৩)

প্রশ্ন ১। বংগ ভংগ আঁচনি বিৰোধী আন্দোলনৰ প্ৰাথমিক কাৰ্যসূচীসমূহ কি কি আছিল? [HSLC 2016]

উত্তৰ : হৰতাল, সভা, শোভাযাত্ৰা আৰু ৰাখি বন্ধন ।

প্রশ্ন ২। বংগ বিভাজনৰ সময়ত কোন দুজন ইংৰাজ বিষয়াই লর্ড কার্জনক সহায় কৰিছিল?

উত্তৰ : মধ্যপ্ৰদেশৰ মুখ্য আয়ুক্ত এন্দু ফ্ৰেজৰ (Andrew Fraser) আৰু আন জন অসমৰ মুখ্য আয়ুক্ত জন ব্যামফিল্ড ফুলাৰ।

প্রশ্ন ৩। ঐতিহাসিক ‘বংগ ভংগ’ বুলিলে কি বুজা?

উত্তৰ : বংগদেশক দ্বিখণ্ডিত কৰা আৰু খণ্ডিত একাংশ অসমৰ সৈতে সংলগ্ন কৰাৰ প্রক্রিয়াটোকে ঐতিহাসিক ‘বংগ ভংগ’ বুলি জনা যায়।

প্রশ্ন ৪। ১৭৬৫ চনত স্বাক্ষৰিত এলাহাবাদ সন্ধিৰ যোগেদি বংগ প্রদেশত অন্তর্ভুক্ত হোৱা অঞ্চলকেইটা কি কি?

উত্তৰ : বংগ, বিহাৰ আৰু উৰিষ্যা।

প্রশ্ন ৫। ১৮৭৪ খ্ৰীঃৰ ৭ ফেব্ৰুৱাৰী তাৰিখে নৱগঠিত ‘অসম’ নামৰ প্ৰদেশখনত আন আন ঠাইৰ লগতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ কোন কেইখন জিলাক অন্তৰ্ভুক্ত কৰা হৈছিল ?

উত্তৰ: গোৱালপাৰা, কামৰূপ, নগাঁও, দৰং, শিৱসাগৰ, লক্ষীমপুৰ।

প্রশ্ন ৬। বংগ বিভাজনৰ প্ৰথমটো পদক্ষেপ বুলিলে কোনটোক বুজায় ?

উত্তৰ: নৱগঠিত প্ৰদেশখনৰ কাৰণে মুখ্য আয়ুক্ত পদ এটা সৃষ্টি কৰি কৰ্ণেল আৰ এইচ কীটিঞ্জক অসম প্ৰদেশ প্রশাসনৰ দায়িত্বভাৰ অৰ্পণ কৰা হৈছিল৷ কোনো কোনো ঐতিহাসিকৰ মতে এয়া আছিল বংগ বিভাজনৰ প্ৰথমটো পদক্ষেপ।

প্রশ্ন ৭। ব্ৰিটিছ চৰকাৰে ব্ৰহ্মপুত্ৰ উপত্যকাবাসীক স্বদেশী আন্দোলনৰ প্ৰভাৱৰ পৰা আঁতৰাই ৰাখিবলৈ কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছিল?

উত্তৰ: পদক্ষেপ সমূহ হ’ল—

(ক) ব্ৰহ্মপুত্ৰ উপত্যকাত মৌজাদাৰী ব্যৱস্থা পুনৰ প্ৰয়োগ কৰা;

(খ) মাটিত কুৰিদফীয়া বন্দোৱস্তিৰ প্ৰৱৰ্তন কৰা;

(গ) অসমীয়া ভাষা সাহিত্য কলিকতা বিশ্ববিদ্যালয়ৰ এণ্ট্ৰেঞ্চ পৰীক্ষাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা।

প্রশ্ন ৮। বংগৰ জাতীয় বিশ্ববিদ্যালয়ৰ আৰ্হিত দেশৰ বিভিন্ন ঠাইত গঢ়ি উঠা কেইখনমান বিদ্যালয়ৰ নাম লিখা।

উত্তৰ : জাতীয় বিদ্যালয়ৰ আৰ্হিত— পাটনাত— বিহাৰ বিদ্যাপীঠ; মহাৰাষ্ট্ৰত— সমৰ্থ বিদ্যালয়; গুজৰাটত— গুজৰাট বিদ্যালয়।

প্রশ্ন ৯। স্বদেশী আন্দোলনৰ প্ৰধান অংগ কেইটা কি কি?

উত্তৰ : স্বদেশী, বয়কট আৰু জাতীয় শিক্ষা।

প্রশ্ন ১০। স্বদেশী আন্দোলনৰ সময়ত অবৈধভাৱে ঘোষিত কৰা কেইখনমান বাতৰি কাকতৰ নাম লিখা।

উত্তৰ : ‘যুগান্তৰ’, ‘বন্দে মাতৰম’, ‘সন্ধ্যা’।

প্রশ্ন ১১। অবিভক্ত বংগদেশৰ লগত কোন কোন ৰাজ্য লগ লাগি আছিল? অবিভক্ত বংগদেশৰ জনসংখ্যাৰ বিষয়ে লিখা।

উত্তৰ : অবিভক্ত বংগদেশৰ লগত উৰিষ্যা আৰু বিহাৰ ৰাজ্য লগ লাগি আছিল । অবিভক্ত বংগদেশৰ মুঠ জনসংখ্যা আছিল ৫৪ নিযুত, তাৰে বঙালী ১৮ নিযুত আৰু বাকী বিহাৰী আৰু উৰিয়া ৩৬ নিযুত ৷

প্রশ্ন ১২। অসমৰ লগত সংলগ্ন কৰা বংগদেশৰ এলেকাসমূহ কি কি আছিল লিখা।

উত্তৰ : অসমৰ সৈতে নতুনকৈ সংলগ্ন কৰা বংগদেশৰ এলেকা সমূহ হ’ল—

পূৰ্ব আৰু উত্তৰ বংগ, চট্টগ্রাম, ঢাকা আৰু ৰাজছাহী সংমণ্ডল, ত্ৰিপুৰা আৰু ভাগলপুৰ সংমণ্ডলৰ মালদহ জিলা।

প্রশ্ন ১৩। পূর্ব বংগ আৰু অসম নামৰ নতুনকৈ গঠিত প্ৰদেশখনৰ জনসংখ্যাৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ : নৱ গঠিত প্ৰদেশখনৰ মুঠ জনসংখ্যা আছিল ৩১ নিযুত, তাৰে ১৮ নিযুত মুছলমান আৰু ১২ নিযুত হিন্দু আৰু ১ নিযুত অন্যান্য। নতুন প্ৰদেশখনৰ বাংলা ভাষীৰ পৰিসংখ্যা ২,৭২,৭২,৮৯৫ গৰাকী আৰু অসমীয়া ভাষী ১৩,৪৯,৭৮৪ গৰাকী।

প্রশ্ন ১৪। স্বদেশী আন্দোলনৰ প্ৰধান অংগ কেইটা কি কি?

উত্তৰ : স্বদেশী আন্দোলনৰ প্ৰধান অংগ কেইটা হ’ল— (ক) স্বদেশী, (খ) বয়কট আৰু (গ) জাতীয় শিক্ষা।

প্রশ্ন ১৫। ‘বংগলক্ষ্মী কটন মিল’ মানে কি?

উত্তৰ : স্বদেশী আন্দোলনৰ সময়ত ভাৰতীয় উদ্যোগপতিসকলে কলিকতাত গঢ়ি তোলা এটি উদ্যোগ প্ৰতিষ্ঠানৰ নাম হৈছে ‘বংগলক্ষ্মী কটন মিল’

প্রশ্ন ১৬। ভাৰতীয় জাতীয় কংগ্ৰেছৰ তিনিজন নৰমপন্থী নেতাৰ নাম লিখা।

উত্তৰ : ভাৰতীয় জাতীয় কংগ্ৰেছৰ তিনিজন নৰমপন্থী নেতাৰ নাম হ’ল—

(ক) ফিৰোজ ছাহ মেহতা (১৮৪৫-১৯১৫);

(খ) সুৰেন্দ্ৰনাথ বেনাৰ্জী (১৮৪৮-১৯২৫);

(গ) গোপাল কৃষ্ণ গোখলে (১৮৬৬-১৯১৫)

প্রশ্ন ১৭। স্বদেশী আন্দোলনৰ সন্ত্ৰাসবাদী ধাৰাটোৰ মুখ্য প্রবক্তা কেইজনৰ নাম লিখা। বা, চৰমপন্থী আন্দোলনৰ মুখ্য সমর্থক কেইজনৰ নাম লিখা।

উত্তৰ: মুখ্য প্রবক্তা কেইজন হ’ল—

(ক) বিপিন চন্দ্র পাল (১৮৫২-১৯৩২)

(খ) বাল গঙ্গাধৰ তিলক (১৮৬৫-১৯২৮)

(গ) লালা লাজপত ৰায় (১৮৬৫-১৯২৮)

(ঘ) অৰবিন্দ ঘোষ (১৮৭২-১৯৫০)

ইয়াৰ উপৰি বাৰীণ ঘোষ, উল্লাসৰকৰ দত্ত, প্রফুল্ল চাকী, ক্ষুদিৰাম বসু আদি ।

প্রশ্ন ১৮। স্বদেশী আন্দোলনৰ সময়ত অবৈধ ঘোষিত কৰা বাতৰি কাকতকেইখনৰ নাম লিখা।

উত্তৰ : স্বদেশী আন্দোলনৰ সময়ত অবৈধ ঘোষিত কৰা বাতৰি কাকত কেইখন

হ’ল— (ক) যুগান্তৰ, (খ) বন্দে মাতৰম আৰু (গ) সন্ধ্যা

এই বাতৰি কাকত কেইখন বংগদেশৰ পৰা প্ৰকাশিত কৰা হৈছিল।

প্রশ্ন ১৯। অৰুণোডল সমিতি কি? [HSLC 2017]

উত্তৰ : সংসদীয় আৰ্হিত শাসন সংস্কাৰৰ প্ৰশ্নটো বিবেচনা কৰিবলৈ লৰ্ড মিন্টোৱে জন মাৰ্লিৰ অনুমোদন সাপেক্ষে আগষ্ট মাহত ছাৰ এ টি অৰুণোডলৰ নেতৃত্বত এটি ৫ জনীয়া সমিতি গঠন কৰি দিলে। ইয়াকে অৰুণ্ডেল সমিতি বোলা হৈছিল।

প্রশ্ন ২০। আগা খাঁৰ নেতৃত্বত মুছলমান সঁজাতি দলটোৱে ছিমলাত ব্ৰিটিছ ভাইচৰয়ৰ ওচৰত কি অনুৰোধ জনাইছিল? [HSLC 2014]

উত্তৰ : ১৯০৬ চনৰ ১ অক্টোবৰত ছিমলাত ভাইচৰয় লর্ড মিণ্টোৰ লগত গোপন আলোচনাত মিলিত হৈ মুছলমান সঁজাতি দলটোৱে ভাৰতীয় মুছলমানসকলক এটি পৃথক সম্প্ৰদায়ৰ ৰূপত স্বীকৃতি দিবলৈ আৰু নতুন শাসন সংস্কাৰত তেওঁলোকৰ বাবে পৃথক ভোটাধিকাৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছিল।

প্রশ্ন ২১। ১৯০৬ চনৰ ১ অক্টোবৰত ছিমলাত লর্ড মিন্টোৰ লগত গোপন আলোচনাত মিলিত হোৱা মুছলমান সঁজাতি দলটোৰ সদস্যসকল কোন কোন আছিল?

উত্তৰ: এই মুছলমান সঁজাতি দলটোৰ সদস্য সকল হ’ল-

(ক) ঢাকাৰ নবাব ছালিমুল্লা আৰু (খ) নবাব মহছিল-উল-মূল

প্রশ্ন ২২। স্বদেশী আন্দোলনৰ পৰা ভাৰতীয় মুছলমানসকলক আঁতৰাই অনাৰ বাবে কৰ্ণেল ডানলপ স্মিথ আৰু লৰ্ড মিন্টোৱে লোৱা পদক্ষেপৰ প্ৰধান লক্ষ্য দুটা কি কি?

উত্তৰ: কর্ণেল ডানলপ স্মিথ আৰু লৰ্ড মিণ্টোৰ প্ৰধান লক্ষ্য দুটা হ’ল—

(ক) প্রথমে, ভাৰতীয় মুছলমানসকলক স্বদেশী আন্দোলনৰ পৰা আঁতৰাই অনা আৰু

(খ) দ্বিতীয়তে, মুছলমানসকলক লৈ ভাৰতবৰ্ষত এফালে কংগ্ৰেছৰ সমান্তৰাল প্ৰতিদন্দ্বী আৰু আনফালে চৰকাৰৰ সহযোগীৰূপে এটি ৰাজনৈতিক সংগঠন গঢ়ি তোলা।

প্রশ্ন ২৩। ব্ৰিটিছ চৰকাৰে কি নীতিৰ সহায়ত মুছলমানসকলক স্বদেশী আন্দোলনৰ পৰা আঁতৰাই আনিছিল?

উত্তৰ: ব্ৰিটিছ চৰকাবে সাম্প্রদায়িক ভেদ নীতিৰ সহায়ত মুছলমানসকলক স্বদেশী তথা বংগ-ভংগ আন্দোলনৰ পৰা আঁতৰাই ৰাখিছিল। ব্ৰিটিছ ভাইচৰয় লর্ড কার্জনে মুছলমানসকলক বাৰে বাৰে আশ্বাস দি কৈছিল যে তেওঁলোকে পূর্ব বংগ আৰু অসম নামেৰে নতুন প্ৰদেশখনত নিজস্ব এখন গৃহভূমি লাভ কৰিব। গতিকে তেওঁলোকে আন্দোলন কৰিব নালাগে।

প্রশ্ন ২৪। ব্ৰিটিছ চৰকাৰে স্বদেশী আন্দোলন দমন কৰিবলৈ কি কি নীতি/পন্থা হাতত লৈছিল ?

উত্তৰ: ব্ৰিটিছ চৰকাৰে স্বদেশী আন্দোলন দমন কৰিবলৈ হিন্দু-মুছলমানসকলৰ মাজত সাম্প্রদায়িক ভেদ নীতি প্ৰয়োগ কৰিছিল। বংগৰ ৰাজহুৱা ৰাস্তা-ঘাটত বন্দে মাতৰম ধ্বনি দিয়াটো নিষিদ্ধ কৰিছিল । ছাত্র-ছাত্রীসকলক আন্দোলনৰ পৰা আঁতৰাই নিয়াৰ বাবে শাস্তিমূলক অধিসূচনা জাৰি কৰিছিল। ইয়াৰ উপৰিও বহু ছাত্ৰ-ছাত্ৰীক শাৰীৰিক শাস্তিও দিয়া হৈছিল। ৰাজহুৱা সভা-সমিতি বেআইনী বুলি ঘোষণা কৰিছিল। বংগদেশৰ ৰাজনৈতিক কৰ্মীসকলৰ বিৰুদ্ধে শ শ মামলা-মোকদমা ৰুজু কৰা হৈছিল। বংগদেশৰ পৰা প্ৰকাশিত বাতৰি কাকতবোৰৰ ওপৰত নিষেধাজ্ঞা জাপি দিয়া হৈছিল । আন্দোলনৰ লগত জড়িত কেইজনমান আগশাৰীৰ নেতাক ১৯০৮ চনত দেশান্তৰিত কৰা হৈছিল।

প্রশ্ন ২৫। স্বদেশী আন্দোলনৰ সময়ত জাতীয় শিক্ষাই কেনেদৰে প্ৰসাৰ লাভ কৰিছিল? [HSLC 2018]

উত্তৰঃ স্বদেশী আন্দোলনৰ সময়ত জাতীয় শিক্ষাই যথেষ্ট প্ৰসাৰ লাভ কৰিছিল। বংগদেশত জাতীয় শিক্ষাক স্বদেশী স্বাৰ্থত যথেষ্ট প্ৰচাৰ হৈছিল। এই আন্দোলনৰ গইনা লৈ ভালেমান জাতীয় শিক্ষানুষ্ঠান গঢ়ি উঠিছিল। ১৯০৬ চনৰ ১৫ আগষ্টত কলিকতাত জাতীয় শিক্ষা পৰিষদ নামে এটি অনুষ্ঠান গঢ়ি তোলা হৈছিল। এই জাতীয় শিক্ষা পৰিষদৰ উদ্দেশ্যই অৰবিন্দ ঘোষক অধ্যক্ষ হিচাপে লৈ কলিকতাত এখন জাতীয় কলেজ স্থাপন কৰা হৈছিল।

প্রশ্ন ২৬। কোন চনত আৰু কাৰ কাৰ মাজত এলাহাবাদৰ সন্ধি স্বাক্ষৰিত হৈছিল ?

উত্তৰ: ১৭৬৫ চনত। মোগল সম্রাট শাহ আলম আৰু ৰবাৰ্ট ক্লাইবৰ মাজত হৈছিল।

প্রশ্ন ২৭। ১৯০৫ চনৰ বংগ বিভাজনৰ ক্ষেত্ৰত কোন দুজন ইংৰাজ বিষয়াই লর্ড কার্জনক সহায় কৰিছিল ?

উত্তৰ : মধ্যপ্ৰদেশৰ মুখ্য আয়ুক্ত এণ্ডু ফেজাৰ আৰু অসমৰ মুক্ত আয়ুক্ত জন বামফিল্ড ফুলাৰ।

প্রশ্ন ২৮। বেংগল কেমিকেলছ নামৰ উদ্যোগ প্রতিষ্ঠানটোৰ উদ্যোক্তা কোন আছিল ? কিমান চনত এই উদ্যোগটো মুকলি কৰিছিল।

উত্তৰ : আচার্য প্রফুল্ল চন্দ্ৰ ৰায় ৷

এই উদ্যোগটো ১৯০৬ চনৰ ২৫ জুলাইত মুকলি কৰিছিল।

প্রশ্ন ২৯। কিমান চনত আৰু কাৰ পৌৰহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনত ভাৰতীয়ৰ বাবে স্বৰাজ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল ?

উত্তৰ : ১৯০৬ চনত কলিকতাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনত দাদাভাই নৌৰজীৰ পৌৰহিত্যত স্বৰাজ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল।

প্রশ্ন ৩০। কোম্পানীৰ শাসনকালত কেতিয়া আৰু ক’ত দুৰ্ভিক্ষ হৈছিল?

উত্তৰ : ১৮৬৬ খ্ৰীষ্টাব্দত উৰিষ্যাত লর্ড ক্লাইৱৰ শাসন কালত।

প্রশ্ন ৩১। বাল গংগাধৰ তিলক কোন আছিল?

উত্তৰ: বাল গংগাধৰ তিলক এজন স্বাধীনতা যুঁজাৰু আছিল৷ ‘স্বৰাজ মোৰ জন্মস্বত্ব’ এই বাণীটো তেওঁ উদ্ভাৱন কৰিছিল।

প্রশ্ন ৩২। লালা ৰাজপট ৰায় কোন আছিল?

উত্তৰ : লালা ৰাজপট ৰায় এজন স্বাধীনতা যুঁজাৰু আছিল। তেওঁ পঞ্জাৱ কেশৰী নামে বিখ্যাত।

প্রশ্ন ৩৩। সুভাষ চন্দ্র বসু কোন আছিল?

উত্তৰ: সুভাষ চন্দ্ৰ বসু এজন জাতীয়তাবাদী নেতা আছিল। তেওঁ দুবাৰকৈ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সভাপতি আছিল।

প্রশ্ন ৩৪। বংগ ভংগ আন্দোলনৰ অন্তৰালত থকা দুটা অভিসন্ধি উল্লেখ কৰা?

উত্তৰ: (ক) বংগদেশৰ হিন্দু মুছলমানৰ মাজত একতাৰ বন্ধন নোহোৱা কৰা।

(খ) বংগদেশক দ্বিখণ্ডিত কৰি হিন্দু-বঙালী সম্প্ৰদায়ৰ লোকসকলক সংখ্যালঘুত পৰিণত কৰা।

প্রশ্ন ৩৫। কেতিয়া বংগ বিভাজন আন্দোলন স্বদেশী আন্দোলন নামেৰে জনাজাত হয়?

উত্তৰ : বংগ বিভাজনৰ সময়ত যেতিয়া বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তুহে ব্যৱহাৰ কৰাৰ সিদ্ধান্ত সভাত লোৱা হৈছিল। তাৰ পিছৰে পৰা বংগ ভংগ আন্দোলন স্বদেশী আন্দোলন নামেৰে জনাজাত হয়।

প্রশ্ন ৩৬। কি কি পত্রিকাৰ যোগেদি ৰবীন্দ্ৰ কুমাৰ ঘোষে যুৱ শক্তিত বিদেশী শাসকৰ বিৰুদ্ধে সংগ্ৰামৰ পথ লবলৈ আহ্বান জনাইছিল?

উত্তৰ : ‘ভৱানী মন্দিৰ’ নামৰ পুস্তিকা আৰু ‘মুক্তি কোন পথে’ নামৰ পত্ৰিকা দুখনৰ জৰিয়তে।

প্রশ্ন ৩৭। কোন গৰাকী শ্বহীদৰ ফাঁচীৰ দিনটোত বংগদেশৰ প্ৰতিটো পৰিয়ালে উপবাসে কটাইছিল?

উত্তৰ : প্রফুল্ল চাকীৰ ফাঁচীৰ দিনটোত।

প্রশ্ন ৩৮ । বংগীয় কলা সংসদ নামৰ জাতীয় অনুষ্ঠানটো কেতিয়া,আৰু কাৰ প্ৰচেষ্টাত গঢ়ি উঠিছিল ?

উত্তৰ : ১৯০৭ চনত অবনীন্দ্ৰ নাথ ঠাকুৰৰ প্ৰচেষ্টাত ৷

প্রশ্ন ৩৯ । কেতিয়া আৰু কোনে বংগ জাতীয় বিদ্যালয় নামৰ জাতীয় শিক্ষানুষ্ঠানটো প্রতিষ্ঠা কৰিছিল ?

উত্তৰ : ১৯০৭ চনৰ ৬ আগষ্ট তাৰিখে কলিকতাৰ এখন জনসভাত ৰবীন্দ্ৰ নাথ ঠাকুৰে এই শিক্ষানুষ্ঠানটো প্ৰতিষ্ঠা কৰিছিল।

প্রশ্ন ৪০৷ কোনে আৰু কেতিয়া জাতীয় শিক্ষা পৰিষদ নামৰ শিক্ষানুষ্ঠানটো গঠন কৰিছিল ?

উত্তৰ : ৰাজবিহাৰী বসুৰ অধ্যক্ষতাত কলিকতাৰ টাউন হলত ১৯০৬ চনৰ ১১ মাৰ্চ তাৰিখে।

প্রশ্ন ৪১। বংগ জাতীয় মহাবিদ্যালয়খন কেতিয়া স্থাপন হৈছিল আৰু ইয়াৰ প্ৰথম গৰাকী অধ্যক্ষ কোন আছিল?

উত্তৰ : ১৯০৬ চনৰ ১৫ আগষ্ট তাৰিখে স্থাপন হৈছিল। ইয়াৰ প্ৰথম জন অধ্যক্ষ আছিল অৰবিন্দ ঘোষ।

প্রশ্ন ৪২। স্বদেশী আন্দোলনৰ সময়ত দুখন সংবাদ পত্ৰ আৰু তাৰ সম্পাদকৰ নাম লিখা।

উত্তৰ: (ক) বেংগলী— সুৰেন্দ্ৰ নাথ বন্দোপধ্যায়;

(খ) যোগান্তৰ – ভূপেন্দ্রনাথ দত্ত।

প্রশ্ন ৪৩। ‘স্বৰাজ আমাৰ জন্মস্বত্ব’ আৰু ই আমাৰ কাম্য’ উক্ত কথাফাঁকি কোনে ক’ত প্ৰকাশ কৰিছিল।

উত্তৰ : উক্ত কথাফাঁকি বাল গংগাধৰ তিলকে তেওঁৰ ‘কেশৰী’ নামৰ পত্রিকাখনত প্ৰকাশ কৰিছিল ।

প্রশ্ন ৪৪। কোন দুজন নেতাই লণ্ডনত উপস্থিত হৈ বংগ ভংগ আঁচনি পৰিত্যাগ কৰিবলৈ চৰকাৰক আবেদন কৰিছিল ?

উত্তৰ: লালা লাজপত ৰায় আৰু গোপাল কৃষ্ণ গোখলে।

প্রশ্ন ৪৫। কোনগৰাকী ভাইচৰয়ে মোগল বাদশ্বাহৰ পৰম্পৰাৰে হাতীত উঠি দিল্লীৰ ৰাজধানীত প্ৰৱেশ কৰিছিল?

উত্তৰ : ১৯১২ খ্ৰীষ্টাব্দৰ ২৩ ডিচেম্বৰ তাৰিখে ভাইচৰয় লর্ড হার্ডিনঞ্জে।

প্রশ্ন ৪৬। গংগাধৰ তিলকৰ দুখন কিতাপৰ নাম লিখা।

উত্তৰ : গীতা ভাষ্য আৰু অৰিয়ন।

প্রশ্ন ৪৭। স্বদেশী আন্দোলনৰ যিকোনো তিনিজন নেতাৰ নাম লিখা।

উত্তৰ : (ক) সুৰেন্দ্ৰ নাথ বেনাৰ্জী, (খ) বিপিন চন্দ্ৰ পাল, (গ) অৰবিন্দ ঘোষ। –

প্রশ্ন ৪৮। স্বদেশী আন্দোলনৰ সময়ৰ দুখন বাতৰি কাকতৰ নাম লিখা।

উত্তৰ : যুগান্তৰ আৰু কেশৰী।

প্রশ্ন ৪৯। স্বদেশী আন্দোলনৰ কেইগৰাকীমান মহিলা আন্দোলনকাৰীৰ নাম লিখা।

উত্তৰ: (ক) হেমপ্রবাহ মজুমদাৰ, (খ) গাংগোলী আৰু (গ) বাসন্তী দেৱী

প্রশ্ন ৫০। বংগ বিভাজনৰ পিছত সৃষ্টি হোৱা নতুন ৰাজ্য দুখন কি কি ?

উত্তৰ : (ক) পূৱ বংগ আৰু অসম আৰু (খ) বংগ প্ৰদেশ

প্রশ্ন ৫১। লাল বাল পালৰ সম্পূৰ্ণ নাম কি? [HSLC 2012]

উত্তৰ: (ক) লালা লাজপত ৰায়, (খ) বাল গংগাধৰ তিলক আৰু (গ) বিপিন চন্দ্র পাল।

প্রশ্ন ৫২। দুজন পাচী সমাজ সেৱকৰ নাম লিখা।

উত্তৰ: (ক) দাদা ভাই নৌৰজী (খ) নৌৰজী ফুৰ ডনজী

প্রশ্ন ৫৩। বংগ ভংগৰ দ্বাৰা ঘোষিত পূব বংগ আৰু অসমৰ কি কি ঠাই অন্তর্ভুক্ত আছিল ?

উত্তৰ: অসম, ঢাকা, ৰাজস্বাহী, চত্ৰগ্ৰাম, মালদহ, ত্ৰিপুৰা ।

প্রশ্ন ৫৪। ১৯০৫ খ্রীষ্টাব্দৰ স্বদেশী আন্দোলনৰ প্ৰধান শ্লোগান সমূহ কি কি?

উত্তৰ: (ক) বিলাতী বস্তু বর্জন, (খ) স্বদেশী বস্তু ব্যৱহাৰ কৰা, (গ) স্বদেশী হ’বলৈ আহ্বান জনোৱা।

প্রশ্ন ৫৫। ‘বন্দে মাতৰম’ নামৰ গীতটি সন্নিৱিষ্ট উপন্যাসখনৰ নাম কি? ইয়াৰ ৰচক কোন? [HSLC 2016]

উত্তৰ : আনন্দ মঠ। বংকিম চন্দ্র চট্টোপাধ্যায়।

প্রশ্ন ৫৬। কোন দুজন ভাৰতীয় নেতাই লণ্ডনত ইষ্ট ইণ্ডিয়া এচ’ছিয়েচন নামৰ এটা অনুষ্ঠান গঠন কৰিছিল?

উত্তৰ: উমেশ চন্দ্ৰ বেনাৰ্জী আৰু দাদা ভাই নৌৰজী।

প্রশ্ন ৫৭। কেইজনমান কংগ্ৰেছৰ নৰমপন্থী আৰু চৰমপন্থী নেতাৰ নাম লিখা।

উত্তৰ: নৰমপন্থী নেতাৰ নাম লিখা—(ক) উমেশ চন্দ্র বেনার্জী, (খ) দাদাভাই নৌৰজী আৰু (গ) সুৰেন্দ্ৰ নাথ বেনাজী

চৰমপন্থী নেতাসকল—(ক) বাল গংগাধৰ তিলক, (খ) বিপিন চন্দ্ৰ পাল আৰু (গ) লালা লাজপত ৰায় ৷

প্রশ্ন ৫৮। ১৯১৯ ৰাওলাট আইনৰ দমনমূলক ব্যৱস্থাসমূহ কি কি আছিল?

উত্তৰ: (ক) আন্দোলনকাৰীসমূহক শাস্তি প্রদান কৰা ।

(খ) সংবাদ পত্র সমূহ বন্ধ কৰা।

(গ) নিৰ্বাসন, কাৰাৰুদ্ধ আৰু বিভিন্ন প্ৰকাৰৰ অত্যাচাৰ মূলক কাৰ্য চলোৱা।

প্রশ্ন ৫৯। ভাৰতীত কেতিয়া ‘মুছলিম লীগ’ৰ গঠন হৈছিল? ইয়াৰ লক্ষ্য আৰু উদ্দেশ্য কি কি? [HSLC 2022]

উত্তৰ : ১৯০৬ চনৰ ৩০ ডিচেম্বৰত গঠন হৈছিল। লক্ষ্য আৰু উদ্দেশ্য সমূহ হ’ল

(ক) ব্ৰিটিছ চৰকাৰৰ প্ৰতি মুছলমান ৰাইজৰ মনত বেয়া প্ৰভাৱ পেলোৱা।

(খ) ব্ৰিটিছ চৰকাৰক মুছলমান ৰাইজৰ ৰাজনৈতিক অধিকাৰ আৰু স্বাৰ্থৰ প্ৰতি সচেতন কৰি ৰখা।

(গ) মুছলমান ৰাইজৰ মনৰ পৰা ভয়, শংকা আদি আঁতৰ কৰি সকলোৰে মাজত একতা গঢ়ি তোলা।

প্রশ্ন ৬০। বংগ বিভাজনৰ চৰকাৰী কাৰণ কি আছিল?

উত্তৰ: বংগদেশখন বৃহৎ হোৱাৰ কাৰণে ব্ৰিটিছ চৰকাৰে শাসন কৰাটো অসম্ভৱ হৈ পৰিছিল । সেইকাৰণে ব্ৰিটিছ চৰকাৰে বংগদেশক দুটা ভাগত বিভক্ত কৰে।

প্রশ্ন ৬১। ৰিজলি পেপাৰ কি? ইয়াৰ তাৎপর্য কি?

উত্তৰ: ১৯০৩ খ্ৰীষ্টাব্দৰ ১ জুন তাৰিখে লর্ড কার্জনে ভাৰতৰ সচিব হাৰ্বাত ৰিজলিৰ লগত আলোচনা কৰি বংগ বিভাজনৰ প্ৰক্ৰিয়াটোৰ ওপৰত এটা বিৱৰণ তৈয়াৰ কৰিছিল। এই বিৱৰণটো ভাৰত সচিব ৰিজলিয়ে ১৯০৩ চনৰ ৬ ডিচেম্বৰ তাৰিখে প্ৰকাশ কৰাৰ পিছত ৰিজলি পেঁপাৰ নামেৰে জনাজাত হৈছিল। ইয়াৰ তাৎপৰ্য হ’ল—– বংগদেশক দ্বিখণ্ডিত কৰা আৰু একাংশ অসমৰ সৈতে সংলগ্ন কৰা।

প্রশ্ন ৬২। ডন ছচাইটি নামৰ জাতীয় অনুষ্ঠানটোৰ প্ৰতিষ্ঠাতা কোন? ইয়াৰ কাৰ্যপন্থা কি আছিল?

উত্তৰ : এই জাতীয় অনুষ্ঠানটোৰ প্ৰতিষ্ঠাতা হ’ল সতীশচন্দ্র মুখোপাধ্যায়। ইয়াৰ কার্যপন্থা হ’ল— লর্ড কার্জনৰ বিশ্ববিদ্যালয় আইন, কালাইল জাননী সম্পূৰ্ণ বিৰুদ্ধাচৰণ কৰি জাতীয় শিক্ষা ৰূপত গঢ়ি তোলা।

প্রশ্ন ৬৩। বংগ ভংগ আন্দোলনৰ প্ৰাথমিক কাৰ্যসূচী সমূহ কি আছিল? [HSLC 2017]

উত্তৰ : বংগ ভংগ আন্দোলনৰ প্ৰাথমিক কাৰ্যসূচী সমূহ কি আছিল—

(ক) হৰতাল, (খ) সভা, (গ) শোভাযাত্রা, (ঘ) ৰাখি বন্ধন।

প্রশ্ন ৬৪। বংগ বিভাজনৰ দুটা গুৰুত্বপূৰ্ণ ফলাফল উল্লেখ কৰা। [HSLC 2020]

উত্তৰ : বংগ বিভাজনৰ দুটা গুৰুত্বপূৰ্ণ ফলাফল হ’ল—(ক) বংগ বিভাজনৰ ফলাফল স্বৰূপে অসমৰ ৰাজধানী ছিলঙৰ পৰা ঢাকালৈ স্থানান্তৰিত হৈছিল। (খ) বংগ ভংগৰ পৰিণতিত বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণৰ সিদ্ধান্ত জনসভাত অনুমোদিত হয় আৰু এই আন্দোলন ‘স্বদেশী আন্দোলন’ নামেৰে জনাজাত হয়।

ৰচনাধর্মী প্রশ্নোত্তৰ (মূল্যাংক ৪/৫)

প্রশ্ন ১। ‘বংঙ্গ বিভাজন’ বুলিলে কি বুজায় ? [HSLC 2020] অসমত ইয়াৰ প্ৰভাৱ কেনে আছিল? [HSLC 2013]

উত্তৰ : ১৯০৫ চনৰ ২০ জুলাই তাৰিখে ব্ৰিটিছ ভাইচৰয় লর্ড কার্জনে বংগদেশক দুভাগত বিভক্ত কৰি এভাগক অসমৰ সৈতে সংযুক্ত কৰি পূৰ্ববংগ আৰু অসম নামেৰে এখন নতুন প্রদেশ গঠন কৰে। এই বিভাজনৰ পূৰ্বে বংগদেশৰ সৈতে উৰিষ্যা আৰু বিহাৰ লগ লাগি আছিল। ভাৰতৰ ইতিহাসত ইয়াকেই “বংগ বিভাজন” বোলে।

লর্ড কাৰ্জনৰ এই কাৰ্যৰ বিৰুদ্ধে অসমৰ বিভিন্ন সংগঠনে বিৰোধিতা কৰা নাছিল। যদিও তেওঁলোকে চৰকাৰক সকীয়াই দিছিল যে অসমত বসবাস কৰা অসমীয়া লোকৰ যাতে স্বাৰ্থৰ ক্ষতি নহয়। আনহাতেদি অসম নামটো যাতে মানচিত্ৰৰ পৰা নোহোৱা নহয়। এনেদৰে লৰ্ড কাৰ্জনৰ “বংগ বিভাজনে” অসমত প্ৰভাৱ পেলাইছিল।

প্রশ্ন ২। বংগ ভংগ আন্দোলন কাক বোলে? চমুকৈ আলোচনা কৰা।

উত্তৰ : ১৯০৫ চনৰ ২০ জুলাই তাৰিখে ব্ৰিটিছ ভাইচৰয় লর্ড কার্জনে বংগদেশক দুভাগত বিভক্ত কৰি এভাগক অসমৰ সৈতে সংযুক্ত কৰি পূৰ্ব বংগ আৰু অসম নামেৰে এখন নতুন প্রদেশ গঠন কৰিছিল। লর্ড কার্জনৰ এই বংগ বিভাজনে বংগদেশত তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। সুৰেন্দ্ৰনাথ বেনাৰ্জী, কৃষ্ণকুমাৰ মিত্ৰ আদি বঙালী জাতীয়তাবাদী ৰাজনৈতিক নেতাসকল জাঙুৰ খাই উঠিছিল।

ইয়াৰ ফলস্বৰূপে ১৯০৫ চনৰ ৭ আগষ্ট তাৰিখে তেওঁলোকে কলিকতা টাউন হ’লত এখন বিশাল জনসভা অনুষ্ঠিত কৰি বংগ ভংগ বিৰোধী আন্দোলনৰ সূচনা কৰে। এই আন্দোলনকেই বংগ ভংগ আন্দোলন বোলা হয়।

ব্ৰিটিছ চৰকাৰে পূৰ্ব সিদ্ধান্ত অনুযায়ী ১৯০৫ চনৰ ১৬ অক্টোবৰ তাৰিখে বংগ ভংগ আঁচনি কাৰ্যকৰী কৰিছিল। সেয়েহে আন্দোলনকাৰীসকলে ১৬ অক্টোবৰ দিনটো জাতীয় শোকৰ দিনৰূপে পালন কৰিছিল। বংগ ভংগ আন্দোলনৰ প্ৰাথমিক কাৰ্যসূচী আছিল—

(i) হৰতাল, (ii) সভা, (iii) শোভাযাত্ৰা আৰু (iv) ৰাখি বন্ধন।

এই কাৰ্যসূচী চাৰিটাৰ সহায়ত আন্দোলনকাৰী সকলে ব্ৰিটিছৰ বিৰুদ্ধে ৰাজনৈতিক তথা অর্থনৈতিক হেঁচা প্ৰয়োগ কৰিছিল। ১৯১১ চনৰ ২ ডিচেম্বৰ তাৰিখে ব্ৰিটিছ চৰকাৰে দিল্লীত দৰবাৰ পাতি বংগ ভংগ আঁচনি বাতিল কৰিছিল।

প্রশ্ন ৩। ব্ৰিটিছৰ শাসনকালত হোৱা বংগ বিভাজনৰ কাৰণ আৰু ইয়াৰ ফলাফলবোৰ চমুকৈ উল্লেখ কৰা। [HSLC 2011]

উত্তৰ : ১৯০৫ চনৰ ২০ জুলাই তাৰিখে ব্ৰিটিছ ভাইচৰয় লর্ড কার্জনে বংগদেশক দুভাগত বিভক্ত কৰি এভাগক অসমৰ সৈতে সংযুক্ত কৰি পূৰ্ববংগ আৰু অসম নামেৰে এখন নতুন প্রদেশ গঠন কৰে। এই বিভাজনৰ পূৰ্বে বংগদেশৰ সৈতে উৰিষ্যা আৰু বিহাৰ লগ লাগি আছিল। ভাৰতৰ ইতিহাসত ইয়াকেই “বংগ বিভাজন” বোলে।

ব্ৰিটিছৰ শাসন কালত হোৱা বংগ বিভাজনৰ কাৰণবোৰ হ’ল—

(ক) দেশপ্রেমী বঙালী হিন্দুসকলক আন্দোলনৰ পৰা দূৰত ৰখা।

(খ) বংগদেশত হিন্দু-মুছলমানসকলৰ মাজত বিভেদ সৃষ্টি কৰা ।

বংগ বিভাজনৰ ফালাফলসমূহ হ’ল—

(ক) স্বদেশী আন্দোলনৰ উৎপত্তি, (খ) মুছলিম লীগৰ উৎপত্তি।

প্রশ্ন ৪। মুছলিম লীগৰ উৎপত্তি কেনেকৈ হ’ল লিখা।

উত্তৰ : ব্ৰিটিছ ভাইচৰয়ৰ ব্যক্তিগত সচিবজনৰ নাম আছিল কর্ণেল ডানলপ স্মিথ। কৰ্ণেল আৰু লৰ্ড মিণ্টোৰ প্ৰধান লক্ষ্য আছিল দুটা— প্ৰথমতে, ভাৰতীয় মুছলমান সকলক স্বদেশী আন্দোলনৰ পৰা আঁতৰাই অনা আৰু দ্বিতীয়তে মুছলমানসকলক লৈ ভাৰতবৰ্ষৰ ‘এফালে কংগ্ৰেছৰ সমান্তৰাল আৰু প্ৰতিদ্বন্দ্বী আৰু আনফালে চৰকাৰৰ সহযোগী ৰূপ এটি ৰাজনৈতিক সংগঠন গঢ়ি তোলা।

কৰ্ণেল ডানলপ স্মিথৰ প্ৰত্যক্ষ উচটনি আৰু সহযোগতেই বোম্বেৰ আগা খাঁৰ নেতৃত্বত ১৯০৬ চনৰ পহিলা অক্টোবৰ তাৰিখে এটি মুছলমান সঁজাতি দলে ছিমলাত গৈ ভাইচৰয় লৰ্ড মিণ্টোৰ সৈতে গোপন আলোচনাত মিলিত হয়। এই সঁজাতি দলটোৰ অন্যান্য সদস্য আছিল ঢাকাৰ নবাৱ ছালিমুল্লা, নবাব মহছিন উল মূলক আদি মুছলমান জমিদাৰ আৰু নবাৱ। স্বদেশী আন্দোলনৰ বিৰোধী পক্ষত লোৱা স্থিতিৰ বাবে কেন্দ্ৰীয় চৰকাৰে ঢাকাৰ নবাৱ ছালিমুল্লাক ইতিপূর্বে ১৪,০০০,০০ টকাৰ ঋণ দি ব্ৰিটিছৰ পক্ষলৈ নিছিল।

এই সঁজাতি দলটোৱে ভাৰতীয় মুছলমানসকলক এটি পৃথক সম্প্ৰদায়ৰূপে স্বীকৃতি দিবলৈ আৰু নতুন শাসন সংস্কাৰত তেওঁলোকৰ বাবে পৃথক ভোটাধিকাৰৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছিল। উল্লেখনীয় যে এই সঁজাতি দলৰ সদস্যসকলৰ নেতৃত্বতেই আৰু ব্ৰিটিছৰ প্ৰত্যক্ষ সহযোগত ডিচেম্বৰ, ১৯০৬ চনত নিখিল ভাৰত মুছলিম লীগৰ জন্ম হৈছিল।

প্রশ্ন ৫। লর্ড মিণ্টোৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ: লর্ড মিণ্টো ভাৰতৰ এজন ভাইচৰয় আছিল। লগতে লর্ড মিন্টো এজন দক্ষ ৰাজনীতিজ্ঞও আছিল। তেওঁ লর্ড কার্জনৰ উত্তৰাধিকাৰী হিচাপে কাম কৰিছিল। স্বদেশী আন্দোলনৰ পৰা মুছলমানসকলক আঁতৰাই ৰখাবৰ বাবে তেওঁ বহুতো ছল-কৌশল অৱলম্বন কৰিছিল আৰু এই মুছলমানসকলৰ লগত লগ হৈ তেওঁ মুছলিম লীগ নামে এটা ৰাজনৈতিক সংগঠনৰ জন্ম দিয়াইছিল। লর্ড মিণ্টোৰ শাসনকালছোৱাক ভাৰতত মুছলমান সম্প্ৰদায়ৰ জন্ম হোৱাৰ যুগ বুলি কোনো কোনোৱে কয়।

লর্ড মিণ্টোৱে ভাৰতীয় সকলৰ কল্যাণ সাধনতকৈ তেওঁ ব্ৰিটিছ সকলৰ হিতৰ বাবে বেছি চিন্তা কৰিছিল। তেওঁ ব্ৰিটিছ ভাৰতবৰ্ষৰ ভাইচৰয় হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ লগে লগে ভাৰতবৰ্ষ আৰু ইংলেণ্ড উভয় দেশৰ শাসনভাৰ নিজৰ হাতলৈ আনে। ১৯০৬ চনৰ পৰাই লৰ্ড মিণ্টোৱে ভাৰত পৰিক্ৰমাৰ মন্ত্ৰী জন মৰ্লেৰ সৈতে ভাৰতৰ সংসদীয় আৰ্হিত ভাৰতৰ সংবিধানখন সংস্কাৰ সাধন কৰাৰ বিবেচনা কৰি আছিল।

ফলত লর্ড মিন্টো আৰু জন মৰ্লেৰ অনুমোদন সাপেক্ষে আগষ্ট মাহত “ছাৰ এ টি অৰুণ্ডেল”ৰ নেতৃত্বত এখন ৫ জনীয়া সমিতি নিযুক্তি দিয়ে। এই অৰুণ্ডেল সমিতিখনে কোনো ধৰণৰ সংবিধানখন সংস্কাৰ সাধন কৰিব নোৱাৰিলে। লর্ড মিন্টোৰ প্ৰধান লক্ষ্য আছিল–

(i) প্ৰথমতে, ভাৰতীয় মুছলমানসকলক স্বদেশী আন্দোলনৰ পৰা আঁতৰাই অনা আৰু

(ii) দ্বিতীয়তে, মুছলমানসকলক লৈ ভাৰতবৰ্ষত এফালে কংগ্ৰেছৰ সমান্তৰাল আৰু প্রতিদ্বন্দ্বী আৰু আনফালে চৰকাৰৰ সহযোগীরূপে এটি ৰাজনৈতিক সংগঠন গঢ়ি তোলা। ইয়াৰ পিছত লৰ্ড মিণ্টোৱে তেওঁৰ ব্যক্তিগত সচিব কৰ্ণেল ডান্‌লপ্ স্মিথৰ সহযোগত ১৯০৬ চনৰ ডিচেম্বৰ মাহত নিখিল ভাৰত মুছলিম লীগৰ গঠন কৰে।

প্রশ্ন ৬। কর্ণেল ডানলপ স্মিথৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ:

কর্ণেল ডান্‌লপ্ স্মিথ: কর্ণেল ডালপ্ স্মিথ ব্ৰিটিছ ভাইচৰয় লর্ড মিন্টোৰ ব্যক্তিগত সচিব আছিল। তেওঁ ১৯০৬ চনৰ নিখিল ভাৰত মুছলিম লীগৰ সংগঠনৰ লগত জড়িত আছিল ৷ ভাৰতবৰ্ষত সাম্প্ৰদায়িক ৰাজনীতিৰ বীজ ৰোপন কৰাত কৰ্ণেল ডানলপ স্মিথৰ যথেষ্ট বৰঙণি আছিল। তেওঁ স্বদেশী আন্দোলনৰ বিৰোধিতা কৰিছিল।

প্রশ্ন ৭। স্বদেশী আন্দোলনৰ সময়ত মহিলাৰ ভূমিকাৰ বিষয়ে চমুকৈ লিখা। [HSLC 2018, 2020]

উত্তৰ : বংগদেশৰ মধ্যবিত্ত নগৰীয়া নাৰী সমাজে পুৰুষৰ লগত সমানে সমানে স্বদেশী আন্দোলনত অংশগ্ৰহণ কৰিছিল। স্বদেশী আন্দোলনৰ নাৰীসকলৰ ভিতৰত এগৰাকী আছিল সৰলা দেৱী চৌধুৰীণী। স্বদেশী আন্দোলনক আগুৱাই নিবলৈ তেওঁ মহাৰাষ্ট্ৰৰ শিৱাজী উৎসৱৰ অনুকৰণত বীৰষ্টমী ব্রত, প্রতাপাদিত্য উৎসৱ, উদয়াদিত্য উৎসৱ, ব্যায়াম সমিতি আদি উৎসৱ অনুষ্ঠান বংগদেশৰ বিভিন্ন ঠাইত আয়োজন কৰি যুৱক- যুৱতীসকলক লাঠীখেল আৰু কুস্তিৰ প্ৰশিক্ষণ দিয়াইছিল। ভাৰতীয় নামৰ পত্রিকা এখন সম্পাদনা কৰি বংগদেশৰ যুৱশক্তিক তেওঁ জাতীয় আন্দোলন জঁপিয়াই পৰিবলৈ প্ৰস্তুত কৰি তুলিছিল।

নাৰী আৰু যুৱক-যুৱতীসকলৰ মাজত জাগৰণ সৃষ্টিত প্ৰচুৰ বৰঙণি যোগোৱা আন এগৰাকী নাৰী আছিল ভগিণী নিবেদিতা। কলিকতাত থকা সময়ত তেওঁ ইয়ং মেন্‌ছ হিন্দু ইউনিয়ন, বিবেকানন্দ ছ’চাইটি, ডন ছ’চাইটি আৰু অনুশীলন সমিতিৰ লগত প্ৰত্যক্ষভাৱে জাড়িত হৈ নাৰী আৰু যুৱক-যুৱতীসকলক দেশীয় শিল্পৰ যোগেদি।

স্বনিৰ্ভৰশীল হ’বলৈ আহ্বান জনাইছিল। বংগৰ নাৰীৰ সাহসিকতা সম্পর্কে লণ্ডনৰ ‘ডিইলী টেলিগ্রাফ’ কাকতত প্ৰকাশ পাইছিল এনেদৰে— ‘বঙালীনাৰী ইংৰাজৰ কাৰণে সকলোতকৈ দুৰ্দম্য আৰু বিপজ্জনক’।হোৱা কংগ্ৰেছৰ বার্ষিক অধিবেশনত সভাপতিত্ব কৰি কংগ্ৰেছৰ নৰমপন্থী নেতা গোপাল কৃষ্ণ গোখলে লর্ড কার্জনৰ বংগ বংগ আঁচনিক গৰিহণা দিয়াৰ লগতে তেওঁৰ প্ৰশাসনকো প্রতিক্রিয়াশীল বুলি অৱমাননা কৰিছিল।

১৯০৬ চনত দাদাভাই নৌৰজীৰ সভাপতিত্বত কলিকতাত ভাৰতীয় জাতীয় কংগ্ৰেছে বংগ ভংগ বিৰোধী স্বদেশী আন্দোলনৰ প্ৰতি সমর্থন দিছিল। কংগ্ৰেছৰ নেতৃত্বত কংগ্ৰেছৰ স্বদেশী আন্দোলনে সৰ্বভাৰতীয় মর্যাদা লাভ কৰিছিল।

গোট / Unitsপাঠ / Lessons
ইতিহাস (History)বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন(Partition of Bengal and Swadeshi Movement)

মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্রাম ( Rise of Gandhi and Freedom Movement of India )

অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্রোহ (Anti – British Rising and Peasant Revolts in Assam)

স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ ( Indian Freedom Movement and National Awakening in Assam)

ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতি ঐতিহ্য ( Cultural Heritage of Indian and North-East Region )
ভূগোল (Geography)অর্থনৈতিক ভূগোল : বিষয়বস্তু আৰু সম্পদ ( Economic Geography : Matter and Resources )

পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা (Environment and Environmental Problems )

পৃথিৱীৰ ভূগোল ( Geography of the World
)

অসমৰ ভূগোল ( Geography of Assam )
ৰাজনীতি বিজ্ঞান (Economics)ভাৰতীয় গণতন্ত্ৰ ( Indian Democracy )

আন্তর্জাতিক সংস্থা : ৰাষ্ট্ৰসংঘ আৰু অন্যান্য (International Organization )
অর্থনীতি বিজ্ঞান(Political Science)মুদ্ৰা আৰু বেংক ব্যৱস্থা ( Money and Banking )

অর্থনৈতিক উন্নয়ন ( Economic Development )

Conclusion:

আমি বিশ্বাস কৰোঁ যে এই টোকাবোৰে শিক্ষাৰ্থীসকলক বিষয়বোৰৰ বিষয়ে ভালদৰে বুজাবুজি বিকশিত কৰাত আৰু তেওঁলোকৰ পৰীক্ষাৰ বাবে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰিব।

আমি নিশ্চিত যে এই টোকাবোৰে শিক্ষাৰ্থীসকলক তেওঁলোকৰ লক্ষ্য প্ৰাপ্ত কৰাত আৰু তেওঁলোকৰ শৈক্ষিক প্ৰদৰ্শন বৃদ্ধি কৰাত সহায় কৰিব। যদি আপুনি এই প্ৰবন্ধটো ভাল পায় আৰু সহায়ক হয় তেন্তে আপোনাৰ বন্ধুবৰ্গৰ সৈতে Share কৰিবলৈ নাপাহৰিব।

1 thought on “Class 10 Social Science Lesson 1| বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন”

Leave a Comment

error: Content is protected !!