Class 10 Social Science Chapter 6| অর্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ|SEBA: আমাৰ ৱেবছাইটলৈ স্বাগতম! আপোনাৰ শৈক্ষিক যাত্ৰাৰ বাবে আপোনাক দশম শ্ৰেণীৰ Notes প্ৰদান কৰি আমি আনন্দিত।
দশম শ্ৰেণী শিক্ষাৰ্থীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ বছৰ কিয়নো তেওঁলোকে আগন্তুক ব’ৰ্ড পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰে, যি তেওঁলোকৰ শৈক্ষিক সফলতা নিৰ্ধাৰণ কৰিব।
আজি, এই প্ৰবন্ধটোত মই আপোনাৰ দশম শ্ৰেণীৰ “অর্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ” দীঘলয়া আৰু চুটি প্ৰশ্ন আলোচনা কৰিম| আমি প্ৰায় সকলো দীঘলয়া আৰু চুটি প্ৰশ্ন Solution প্ৰদান কৰিছোঁ।
আমাৰ লক্ষ্য হৈছে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰা। আমি ইয়াত বিনামূলীয়াকৈ Notes সমূহ প্ৰদান কৰিছো। আমি আপোনাক আগন্তুক পৰীক্ষাৰ বাবে শুভেচ্ছা জনাইছো। যদি আপোনাৰ কোনো সন্দেহ আছে তেন্তে আমাৰ সৈতে যোগাযোগ কৰক।
অনুশীলনীৰ প্রশ্নোত্তৰ
প্রশ্ন ১। অর্থনৈতিক ভূগোল কাক বোলে? ইয়াৰ মূল বিষয়বস্তু কি ? অর্থনৈতিক ভূগোলৰ প্ৰধান শাখাবোৰ উল্লেখ কৰা। [HSLC 2020]
উত্তৰঃ ভূগোলৰ যি শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময়ৰ লগত জড়িত মানুহৰ কাৰ্যকলাপ স্থান-কাল সাপেক্ষে অধ্যয়ন কৰা হয়, তাকে অর্থনৈতিক ভূগোল বোলে। পৃথিৱীত থকা প্ৰাকৃতিক আৰু মানৱসৃষ্ট পৰিৱেশৰ উপাদানসমূহৰ বিভিন্নতাৰ বাবে মানুহৰ অৰ্থনৈতিক কার্যকলাপবোৰ সকলো ঠাইতে একে নহয়। কোনো এখন ঠাই কৃষিকাৰ্যত উন্নত হ’লেও আন এখন ঠাই যিকোনো ব্যৱসায় বা মৎস্য উৎপাদন কার্যত চহকী হ’ব পাৰে। এনেকৈয়ে পৃথিৱীৰ আটাইবোৰ ঠায়েই ইখনে সিখনৰ লগত নিৰ্ভৰ কৰি এক সম্পদ স্থাপন কৰি আছে ।
মুঠতে অর্থনৈতিক ভূগোলৰ প্ৰধান বিষয়বস্তু হৈছে ইয়াৰ বিভিন্ন শাখা আৰু উপশাখাবোৰৰ বিষয়ে অর্থনৈতিকভাৱে অধ্যয়ন কৰাটো। যেনে— কৃষি ভূগোলত কৃষিৰ দ্বাৰা উপকৃত হোৱা বিভিন্ন উৎসৰ বিষয়ে বহলভাৱে জানিব পাৰি। অর্থনৈতিক ভূগোলৰ প্ৰধান শাখাবোৰ হৈছে (ক) কৃষি ভূগোল (খ) ঔদ্যোগিক ভূগোল (গ) সম্পদ ভূগোল (ঘ) পৰিবহণ ভূগোল (ঙ) বজাৰ ভূগোল (চ) পৰ্যটন ভূগোল আদি অন্যতম।
প্রশ্ন ২। অর্থনৈতিক ভূগোলৰ পৰিসৰ সম্পৰ্কে চমুকৈ লিখা।
উত্তৰঃ অর্থনৈতিক ভূগোলৰ পৰিসৰ : অর্থনৈতিক ভূগোলত প্ৰধানকৈ মানুহৰ অর্থনৈতিক কার্যকলাপৰ বিতৰণ আৰু ইয়াৰ লগত জড়িত কাৰক আৰু প্ৰক্ৰিয়াসমূহ অধ্যয়ন কৰাটোৱেই হ’ল অর্থনৈতিক ভূগোলৰ প্ৰধান পৰিসৰ ৷ অর্থনৈতিক ভূগোল অধ্যয়নৰ পৰিসৰ মূলতঃ কেইটামান বিশেষ প্রশ্নৰ ওপৰত প্ৰতিষ্ঠিত। সেই প্রশ্নকেইটা হ’ল—
(ক) অর্থনৈতিক কাৰ্যটো ক’ত অৱস্থিত?
(খ) অর্থনৈতিক কাৰ্যটোৰ বৈশিষ্ট্যবোৰ কি কি?
(গ) অর্থনৈতিক কাৰ্যটো আন কি কি পৰিঘটনাৰ লগত জড়িত?
(ঘ) অর্থনৈতিক কাৰ্যটো য’ত আছে তাতে কিয় হৈছে?
(ঙ) অর্থনৈতিক কার্যটো য’ত আছে তার পরিবর্তে আন এঠাইত হ’লৈ বেছি ভাল হ’লহেঁতেন নেকি ?
উক্ত পাঁচটা প্ৰশ্নৰ প্ৰথম তিনিটাৰ লগত পৰস্পৰাগত অর্থনৈতিক ভূগোল জড়িত।
কিন্তু পাছৰ দুটা প্রশ্নই বিশেষকৈ আধুনিক অর্থনৈতিক ভূগোলৰ ভেটি ৰচনা কৰাৰ লগত জড়িত। আধুনিক অর্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ জর্জ ছিছ’হম (George Chisholm) মতে এখন ঠাইৰ অৰ্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নির্ণয় কৰাটোৱেই অর্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য। অর্থাৎ অর্থনৈতিক ভূগোলে মূলতঃ মানুহৰ উৎপাদনক্ষম কাৰ্যবোৰ আৰু পাৰিৱেশিক অৱস্থাৰ লগত এইবোৰৰ সম্পৰ্ক অধ্যয়ন কৰে।
প্রশ্ন ৩৷ মানুহৰ অৰ্থনৈতিক বৃত্তি বুলিলে কি বুজা ? এনে অর্থনৈতিক বৃত্তিবোৰ কি কি ?
উত্তৰঃ যিবোৰ অৰ্থনৈতিক কার্যকলাপৰ ফলত মানুহে শ্ৰমদান কৰি উৎপাদনমুখী হৈ এক নিৰ্দিষ্ট পৰিমাণত উপাৰ্জন কৰিব পাৰে তাকেই অর্থনৈতিক বৃত্তি বোলা হয়।
মানুহৰ অৰ্থনৈতিক বৃত্তি বা কাৰ্য চাৰি প্ৰকাৰৰ।
যেনে— (ক) প্রাথমিক বৃত্তি (Primary Occupation)।
(খ) দ্বিতীয়ক বৃত্তি (Secondary Occupation)।
(গ) তৃতীয়ক বৃত্তি (Tertiary Occupation)।
(ঘ) চতুৰ্থক বৃত্তি (Quaternary Occupation)।
(ক) প্রাথমিক বৃত্তি : যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা সম্পদ আহৰণ কৰে তাকে প্রাথমিক বৃত্তি বোলে। যেনে— কৃষি কাৰ্য, মাছ ধৰা কাৰ্য, বনজ সম্পদ আহৰণ, খনিজ সম্পদ আহৰণ ইত্যাদি।
(খ) দ্বিতীয়ক বৃত্তি: যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা আহৰণ কৰা বিভিন্ন দ্রব্য নানান প্ৰযুক্তিৰ জৰিয়তে মানুহৰ ব্যৱহাৰোপযোগী কৰি তোলা হয় তাকে দ্বিতীয়ক বৃত্তি বোলে ৷ যেনে— কুঁহিয়াৰৰ পৰা গুৰ আৰু চেনি, লোৰ আকৰিকৰ পৰা লো ইত্যাদি।
(গ) তৃতীয়ক বৃত্তি: যি কাৰ্যৰ দ্বাৰা প্ৰাথমিক আৰু দ্বিতীয়ক বৃত্তিৰ যোগেদি উৎপাদিত সামগ্ৰীসমূহ উপভোক্তাৰ ওচৰ পায় তাকে তৃতীয়ক বৃত্তি বোলে। যেনে— যাতায়াত, পৰিবহণ, বজাৰ, পাইকাৰী বা খুচুৰা বিক্ৰী, পর্যটন, যোগাযোগ আদিৰ লগত জড়িত অর্থনৈতিক কার্যসমূহ।
(ঘ) চতুৰ্থক বৃত্তি : যি কাৰ্যৰ দ্বাৰা দ্বিতীয়ক আৰু তৃতীয়ক বৃত্তিসমূহ অধিক সুচল তথা ফলপ্রসূ কৰি তোলাত সহায় কৰে তাকে চতুর্থক বৃত্তি বোলে। যেনে— বেংক বা অন্য বিত্তীয় প্রতিষ্ঠান, প্ৰচাৰ মাধ্যম, প্রশাসন, শিক্ষা-গৱেষণা আদিৰ লগত জড়িত কাৰ্যসমূহ চতুৰ্থক বৃত্তিৰ অন্তৰ্গত হয়।
প্রশ্ন ৪। অর্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহৰ বিষয়বস্তু সম্পর্কে চমুকৈ লিখা।
উত্তৰঃ অর্থনৈতিক ভুগোলৰ প্ৰধান শাখাসমূহ হৈছে— (ক) কৃষি ভূগোল (খ) ঔদ্যোগিক ভূগোল (গ) সম্পদ ভূগোল (ঘ) পৰিবহণ ভূগোল (ঙ) বজাৰ ভূগোল (চ) পৰিকল্পনা আৰু উনয়ন ভূগোল (চ) পর্যটন ভূগোল আদি।
অর্থনৈতিক ভূগোলৰ এই শাখাসমূহে মানুহৰ বিভিন্ন অর্থনৈতিক কাৰ্য আৰু সেইবোৰৰ লগত জড়িত বিভিন্ন কথা-বতৰাবোৰ খৰচি মাৰি আলোচনা কৰে। সেয়েহে এই শাখাসমূহৰ বিষয়বস্তুসমূহৰ বিষয়ে তলত চমুকৈ আলোচনা কৰা হ’ল—
(ক) কৃষি ভূগোল: কৃষি ভূগোলৰ বিষয়বস্তু হ’লঃ কৃষি কাৰ্যৰ লগত জড়িত কাৰকসমূহ, কৃষিৰ প্ৰকাৰ, কৃষি কাৰ্যৰ বিতৰণ আৰু পদ্ধতি, শস্যৰ উৎপাদন, কৃষি সামগ্ৰীৰ বজাৰ ইত্যাদি বোৰৰ অধ্যয়ন কৰা।
(খ) ঔদ্যোগিক ভূগোল : ঔদ্যোগিক ভূগোলৰ বিষয়বস্তু হ’ল – উদ্যোগৰ প্ৰকাৰ আৰু ভৌগোলিক বিতৰণ, ঔদ্যোগিক সামগ্ৰীৰ উৎপাদন, ঔদ্যোগিক সামগ্ৰীৰ বজাৰ, উদ্যোগ স্থাপনৰ লগত জড়িত কাৰকসমূহ আদিবোৰ অধ্যয়ন কৰা।
(গ) সম্পদ ভূগোল : সম্পদ ভূগোলৰ বিষয়বস্তু হ’ল— সম্পদৰ প্ৰকাৰ, আঞ্চলিক বিতৰণ, সম্পদ উদঘাটন, সম্পদ সংৰক্ষণ আৰু ব্যৱস্থাপনা আদি অধ্যয়ন কৰা।
(ঘ) পৰিবহণ ভূগোল: পৰিবহণ ভূগোলৰ বিষয়বস্তু হ’ল— পৰিবহণ ব্যৱস্থাৰ প্ৰকাৰ, সম্পদৰ বিতৰণত পৰিবহণৰ ভূমিকা, মানুহৰ যাতায়াত আৰু অর্থনৈতিক কার্যকলাপত পৰিবহণৰ ভূমিকা ইত্যাদি অধ্যয়ন কৰা।
(ঙ) বজাৰ ভূগোল: বজাৰ ভূগোলৰ বিষয়বস্তু হ’ল— বজাৰ স্থাপনৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ কাৰকসমূহ, বজাৰৰ প্ৰকাৰ আৰু বিতৰণ আৰু ইয়াৰ লগত জড়িত সূত্রসমূহ অধ্যয়ন কৰা।
(চ) পৰিকল্পনা আৰু উন্নয়ন ভূগোল : পৰিকল্পনা আৰু উন্নয়ন ভূগোলৰ বিষয়বস্তু হ’ল : অৰ্থনৈতিক উন্নয়নৰ লগত জড়িত কাৰকসমূহ, পৰিকল্পনা ব্যৱস্থা, বহনক্ষম উন্নয়ন আদি অধ্যয়ন কৰা।
(ছ) পর্যটন ভূগোল : পৰ্যটন ভূগোলৰ বিষয়বস্তু হ’ল— পৰ্যটন আৰু ইয়াৰ বিকাশৰ লগত জড়িত কাকবোৰ, পৰ্যটনৰ প্ৰকাৰ, পৰ্যটন ব্যৱস্থাৰ উন্নয়ন প্ৰক্ৰিয়া আৰু পৰিকল্পনা আদি অধ্যয়ন কৰা হয়।
প্রশ্ন ৫। সম্পদ ভূগোলক কিয় অর্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূৰ্ণ শাখা বোলা হয়?
উত্তৰঃ সম্পদ ভূগোলক অর্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূৰ্ণ শাখা বোলা হয়। কাৰণ— প্রাকৃতিক পৰিবেশ আৰু মানুহৰ অৰ্থনৈতিক কার্যকলাপ এই দুয়োটা বিষয়ৰ অধ্যয়ন হৈছে অর্থনৈতিক ভূগোল। আনহাতেদি অর্থনৈতিক ভূগোল আৰু ইয়াৰ শাখা উপশাখাবোৰৰ অধ্যয়ন সম্পদ ভূগোলৰ লগত ওতপ্রোতভাবে জড়িত। কারণ কোনো এখন দেশৰ অৰ্থনৈতিক উন্নয়ন দেশখনৰ মান আৰু প্ৰাচুৰ্ষৰ ওপৰত নিৰ্ভৰ কৰে।
প্রশ্ন ৬। সম্পদ বুলিলে কি বুজায় ? ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা। [HSLC 2018, 2020]
উত্তৰঃ মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকেই সম্পদ বোলা হয়। পৃথিৱীত থকা বায়ু, পানী, মাটি, সূৰ্যৰ ৰশ্মি, গছ-গছনি, ফল-মূল, খনিজ পদার্থ আদিবোৰেই মানুহৰ জীৱন ধাৰণৰ বাবে লাগতিয়াল। সেয়েহে এইবোৰ সম্পদ। সম্পদ প্রধান বৈশিষ্ট্যসমূহ হ’ল— (ক) উপকাৰিতা; (খ) কার্যকাৰিতা আৰু, (গ) পৰিৱৰ্তনশীল ধর্ম।
প্রশ্ন ৭। সম্পদ পৰিৱৰ্তনশীল’— ব্যাখ্যা কৰা।
উত্তৰঃ সকলো দিশৰ পৰা অধ্যয়ন কৰি চাই ক’ব পাৰি যে “সম্পদ পৰিবৰ্তনশীল”। প্ৰকৃতিত পোৱা কিছুমান সামগ্ৰী মানুহৰ দ্বাৰা ব্যৱহাৰ নহ’লেও বা মানুহৰ বাবে অপকাৰী হ’লেও ভৱিষ্যতে সেই সামগ্ৰীবোৰে মানৱ কল্যাণত ব্যৱহাৰ হ’ব পাৰে। ঠিক সেইদৰে পৃথিৱীত পোৱা যিবোৰ সামগ্ৰীয়ে মানুহৰ কোনো ধৰণৰ উপকাৰ বা অপকাৰ সাধন নকৰে সেইবোৰক নিৰপেক্ষ বা নিষ্ক্রিয় সামগ্রী বোলা হয়। উদাহৰণস্বৰূপে, মানুহে যেতিয়ালৈকে শক্তি উৎপাদনত কয়লা বা খনিজ তেলৰ ব্যৱহাৰ নাজানিছিল তেতিয়ালৈকে এইবোৰ কেৱল নিৰপেক্ষ সামগ্ৰীহে আছিল।
আনহাতে যিবোৰ সামগ্ৰী বা পৰিঘটনাই মানুহৰ অপকাৰ সাধন কৰে, সেইবোৰক প্ৰতিৰোধক বোলা হয়। উদাহৰণস্বৰূপে অনুৰ্বৰ মাটি, বানপানী জৰ্জৰিত অঞ্চল আদি একো একোটা প্ৰতিৰোধক। গতিকে মানুহৰ জ্ঞানৰ প্ৰসাৰ আৰু বিজ্ঞান-প্ৰযুক্তিৰ উন্নয়নৰ ফলত পৃথিৱীত থকা এনেধৰণৰ বহুতো নিৰপেক্ষ সামগ্ৰী আৰু প্ৰতিৰোধক মানুহৰ সুপ্ৰচেষ্টাতে সম্পদলৈ পৰিবৰ্তন হৈছে। সম্পদৰ এনে পৰিবৰ্তনশীল বৈশিষ্ট্যৰ বাবেই মানুহৰ বাবে উপকাৰী সামগ্ৰী বা পৰিঘটনা এটা সময়ৰ গতিত অপকাৰী বা নিষ্ক্রিয় সামগ্ৰীলৈ পৰিবৰ্তন হ’ব পাৰে।
প্রশ্ন ৮। সম্পদৰ প্ৰয়োজনীয়তা সম্পর্কে উদাহৰণসহ চমুকৈ আলোচনা কৰা।
উত্তৰঃ মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকেই সম্পদ বোলা হয়। যেনে— বায়ু, পানী, মাটি, গছ-গছনি, খনিজ পদার্থ আদি। এই সম্পদ সমূহৰ ব্যৱহাৰ প্রাচীন কালত কম আছিল। পিছলৈ মানুহে এঠাইৰ পৰা আন ঠাইলৈ যোৱাৰ ফলত ইয়াৰ ব্যৱহাৰ অনুভৱ কৰিছিল। এই সম্পদসমূহৰ ব্যৱহাৰেই মানুহক উন্নতি পথলৈ আগুৱাই আনিছিল। মানুহে সকলো ধৰণৰ প্ৰয়োজনীয় সামগ্রী কেৱল সম্পদ ব্যৱহাৰৰ জৰিয়তে লাভ কৰে৷ মানুহৰ মৌলিক প্রয়োজনসমূহ (যেনে— খাদ্য, আশ্ৰয় আৰু বস্ত্ৰ) সম্পদৰ পৰাই লাভ কৰিব পাৰে। ইয়াৰ লগতে মানুহৰ অন্যান্য বহুতো অভাৱ আৰু চাহিদা পূৰণৰ লগতে তেওঁলোকৰ জীৱন ধাৰণৰ মানো যথেষ্ট উন্নতি কৰি তুলিছে। যেনে- মানুহে ধান, ঘাঁহ, ঘেঁহু, সৰিয়ঁহ আদিৰ খেতি কৰি নিজে খাদ্য হিচাপে ব্যৱহাৰ কৰাৰ উপৰিও তেওঁলোকৰ জীৱিকাৰ উপাৰ্জনত সহায় হয়।
সম্পদসমূহে মানুহৰ মানৱ কল্যাণত যথেষ্ট সহায় কৰে। মানুহৰ প্রয়োজনীয় বহু সম্পদ প্ৰকৃতিৰ পৰা পোৱা যায়। ইয়াৰ উপৰিও বহু সম্পদ মানুহে নিজে প্রস্তুত কৰি লয়। যেনে— প্রযুক্তি, ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, উদ্যোগ, কল-কাৰখানা, স্কুল-কলেজ, যান-বাহন আদি। মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ লগে লগে নতুন নতুন সম্পদ সৃষ্টি আৰু ব্যৱহাৰ হৈছে। সম্পদৰ যোগেদি যথেষ্ট আর্থ-সামাজিক উৎকর্ষ সাধন সম্ভৱ হৈছে। সম্পদ অবিহনে কোনো এখন দেশ অর্থনৈতিকভাৱে আগবাঢ়িব নোৱাৰে। সেয়ে সম্পদ আৰু ইয়াৰ ব্যৱহাৰ মানৱ সমাজৰ উন্নয়নৰ লগত জড়িত।
প্রশ্ন ৯। সম্পদ আৰু মানুহৰ মাজত থকা সম্পৰ্কৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ সম্পদ আৰু মানুহৰ মাজত এটা নিবিড় সম্পর্ক আছে। মানুহ সম্পদৰ লগত দুই ধৰণে জড়িত। মানুহ সম্পদৰ লগত দুই ধৰণে জড়িত যদিও মানুহ সম্পদৰ লগত তিনি ধৰণে জড়িত বুলি কোৱা হয়। যেনে—
(ক) সম্পদৰ উৎপাদক বা সৃষ্টি কর্তা হিচাপে, আৰু
(খ) সম্পদৰ উপভোক্তা বা গ্রাহক হিচাপে।
(গ) মানৱ সম্পদ হিচাপে।
(ক) সম্পদ উৎপাদক হিচাপে: মানুহে সম্পদৰ উৎপাদক হিচাপে কাম কৰে। মানুহৰ প্ৰয়োজনীয় বহু সম্পদ প্ৰকৃতিয়ে যোগান ধৰে যদিও ইয়াৰ বেছি ভাগৰে ব্যৱহাৰিক দিশটো মানুহে নিজৰ প্ৰয়োজন অনুসৰি সুবিধা কৰি লয়। ইয়াৰ উপৰিও প্ৰকৃতিত থকা সামগ্ৰীবোৰৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা সম্পৰ্কীয় গুণবোৰ মানুহৰ নিজৰ জৰিয়তেহে উদঘাটন কৰা হয়। মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ লগে লগে নতুন নতুন সম্পদৰো সৃষ্টি হৈছে আৰু ব্যৱহাৰো হৈছে। প্ৰাকৃতিকভাৱে পোৱা সম্পদৰ উপৰিও বহুবোৰ সম্পদ, যেনে—
প্রযুক্তি, ঘৰ-দুৱাৰ, ৰাস্তাঘাট, উদ্যোগ-কাৰখানা, স্কুল-কাৰ্যালয়, কৃষিকাৰ্যৰ সঁজুলি, যান- বাহন আদি মানুহে নিজে প্রস্তুত কৰে। সেই কাৰণে মানুহক সম্পদৰ উৎপাদক বা সৃষ্টিকর্তা বুলি কোৱা হয় ।
(খ) সম্পদৰ উপভোক্তা বা গ্রাহক হিচাপে : প্ৰাকৃতিকভাৱে পোৱা সম্পদবোৰৰ উপভোক্তা হ’ল মানুহ ৷ মানৱ-সৃষ্ট সামগ্ৰী প্ৰযুক্তি, ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, যান-বাহন, কৃষিকাৰ্যৰ সঁজুলি আদি মানুহে নিজৰ প্ৰয়োজন সাপেক্ষে ব্যৱহাৰ কৰে। পৃথিৱীত থকা বায়ু, পানী, সূৰ্যৰ ৰশ্মি, মাটি, গছ-গছনি, ফল-মূল, খনিজ পদার্থ আদি সম্পদবোৰ মানুহে জীৱন ধাৰণৰ বাবে প্রয়োজন মতে ব্যৱহাৰ কৰে। গতিকে, ক’ব পাৰি পৃথিৱীত মানুহ জীয়াই থাকিবলৈ সম্পদৰ ব্যৱহাৰৰ এক গুৰুত্বপূৰ্ণ দিশ আছে।
(গ) মানব সম্পদ হিচাপে মানুহৰ দ্বাৰা সৃষ্টি হোৱা মানব সম্পদবোৰৰ ব্যৱহাৰ মানুহেই প্রয়োজন অনুসৰি সাজি লয়। প্রাকৃতিক আৰু মানৱ সৃষ্ট সম্পদৰ ব্যৱহাৰৰ তাৰতম্য নিৰ্ভৰ কৰে মানুহৰ চাহিদাৰ পৰিবৰ্তন আৰু নতুন প্রযুক্তিৰ উন্নয়নৰ ওপৰত। সেয়েহে ক’ব পাৰি মানুহ সম্পদৰ লগত তিনিধৰণে জড়িত হয়।
প্রশ্ন ১০। সম্পদ আৰু বিজ্ঞান প্রযুক্তিৰ মাজত থকা সম্পৰ্ক চমুকৈ আলোচনা কৰা। [HSLC 2019]
উত্তৰঃ সম্পদ আৰু বিজ্ঞান প্রযুক্তিৰ মাজত যথেষ্ট সম্পর্ক আছে। সম্পদ আৰু বিজ্ঞান প্ৰযুক্তিৰ অগ্ৰগতিৰ বাবেই বর্তমান বহুতো সামগ্ৰীৰ আৱিষ্কাৰ, ৰূপান্তৰ আৰু সঠিক ব্যৱহাৰ হৈছে। এই কেইটাৰ বিষয়ে তলত চমুকৈ আলোচনা কৰা হৈছে—
(ক) সম্পদ বা সামগ্ৰীৰ আৱিষ্কাৰ : মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি আৰু বিজ্ঞানব অগ্ৰগতিৰ লগে লগে নতুন নতুন সম্পদৰ আৱিষ্কাৰ হৈছে। উদাহৰণ স্বৰূপে দামোদৰ নদীৰ ওপৰত বান্ধ নিৰ্মাণ কৰি জলবিদ্যুৎ উৎপাদন কৰা কাৰ্যত বিজ্ঞান আৰু প্ৰযুক্তিৰ যথেষ্ট ভূমিকা আছে।
ইয়াৰ উপৰিও বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তি নোহোৱা হ’লে বহুতো সামগ্ৰী পৃথিৱীৰ ভিতৰত লুপ্ত অৱস্থাতে থাকিলহেঁতেন। কিন্তু বিজ্ঞান আৰু প্ৰযুক্তিৰ সঠিক ব্যৱহাৰে মাটিৰ তলত লুপ্ত হৈ থকা খনিজ সম্পদসমূহ আৱিষ্কাৰ কৰি বৰ্তমান যুগত মানুহে ব্যৱহাৰৰ উপযোগী কৰি ল’ব পৰা হৈছে।
(খ) সম্পদৰ পৰিবৰ্তন: বিজ্ঞান আৰু প্ৰযুক্তিৰ অগ্ৰগতিৰ বাবেই আজি পৃথিৱীত থকা বহুতো নিষ্ক্ৰিয় আৰু প্ৰতিৰোধক সামগ্ৰী সম্পদলৈ পৰিবৰ্তন হৈছে। উদাহৰণস্বৰূপে
(i) মানুহে যেতিয়ালৈকে শক্তি উৎপাদনত কয়লা খনিজ তেলৰ ব্যৱহাৰ নাজানিছিল তেতিয়ালৈকে এইবোৰ কেৱল নিৰপেক্ষ বা নিষ্ক্রিয় সামগ্রীহে আছিল।
(ii) অনুৰ্বৰ মাটি, বানপানী জৰ্জৰিত অঞ্চল আদি একো একোটা প্ৰতিৰোধক।
(গ) সম্পদৰ সঠিক ব্যৱহাৰ: বিজ্ঞান আৰু প্ৰযুক্তিৰ অগ্ৰগতিয়ে সম্পদৰ সঠিক ব্যৱহাৰত যথেষ্ট সহায় কৰিছে। বিজ্ঞান আৰু প্ৰযুক্তিৰ অগ্ৰগতিৰ বাবেই কয়লা, খনিজ তেল, খনিজ পদার্থ আদি ক্ষয়শীল সম্পদবোৰ মানুহে নিজৰ সুবিধা মতে নিজ নিজ কামত ব্যৱহাৰ কৰিব পাৰিছে। যেনে বাঁহৰ পৰা কাগজ, কপাহৰ পৰা কাপোৰ, খনিজ তেলৰ পৰা বিভিন্ন ধৰণৰ ৰং আদি।
প্রশ্ন ১১। উদাহৰণসহ সম্পদৰ শ্ৰেণী বিভাজনৰ সম্পৰ্কে লিখা। [HSLC 2022]
উত্তৰঃ পৃথিৱীত যিদৰে বিভিন্ন ধৰণৰ অসংখ্য সম্পদ পোৱা যায়, ঠিক সেইদৰে ইয়াৰ শ্রেণীবিভাজনো বিভিন্ন ধৰণে কৰিব পাৰি।
(ক) সৃষ্টি প্রক্রিয়া অনুসৰি সম্পদ তিনি প্ৰকাৰৰ৷ যেনে— (ii) প্রাকৃতিক সম্পদ (ii) মানৱ সৃষ্ট সম্পদ (iii) মানৱ সম্পদ ।
(খ) গঠন অনুসৰি সম্পদ দুই প্ৰকাৰৰ। যেনে—(i) জীৱীয় সম্পদ (ii) অজীৱীয় সম্পদ।
(গ) উপলভ্যতা/স্থায়ীত্ব অনুসৰি সম্পদ দুই প্ৰকাৰৰ। যেনে— (i) নৱীকৰণযোগ্য সম্পদ (ii) অনৱীকৰণ যোগ্য সম্পদ।
(ঘ) মালিকিস্বত্বক ভিত্তি কৰি সম্পদ তিনি প্ৰকাৰৰ। যেনে— (i) ব্যক্তিগত সম্পদ (ii) জাতীয় সম্পদ
(iii) আন্তর্জাতিক সম্পদ।
সম্পদবোৰৰ নাম | উদাহৰণবোৰ |
(i) প্রাকৃতিক সম্পদ | সূৰ্যৰ ৰশ্মি, বায়ু, পানী, পলস, গছ-গছনি, জীৱ- জন্তু আদি |
(ii) মানৱ সৃষ্ট সম্পদ | বাঁহৰ পৰা কাগজ, কপাহৰ পৰা কাপোৰ, খনিজ তেলৰ পৰা নানা ধৰণৰ ৰং, গছ-গছনিৰ পৰা নানা ধৰণৰ ঔষধ, কাঠ আদি। |
(iii) মানৱ সম্পদ | মানুহ |
(iv) জীৱীয় সম্পদ | উদ্ভিদ, প্রাণী, মাছ, শস্য আদি। |
(v) অজীবীয় সম্পদ | মাটি, শিল, গানী, বায়ু, খণিজ পদার্থ আদি। |
(vi) নৱীকৰণযোগ্য সম্পদ | সূর্য ৰশ্মি, বায়ু, পানী, গছ-গছনি, জীৱ-জন্তু , শস্য আদি। |
(vii) অনৱীকৰণযোগ্য সম্পদ | কয়লা, খনিজ তেল, খনিজ পদার্থ, প্রাকৃতিক গেছ আদি। |
(viii) ব্যক্তিগত সম্পদ | ভাল চৰিত্ৰ, শিক্ষা, কর্মদক্ষতা, আচৰণ, ভূমি, সা-সম্পত্তি আদি। |
(ix) জাতীয় সম্পদ | ৰাস্তা-ঘাট, ভূমি, নদ-নদী, দলং, শিক্ষানুষ্ঠান আদি । |
(x) আন্তর্জাতিক সম্পদ | সাগৰ-মহাসাগৰ, বায়ুমণ্ডল, অৰণ্য অঞ্চল, খনিজ সম্পদ আদি।
|
সম্পদ সমূহক যদিও বেলেগ বেলেগ ধৰণে বিভক্ত কৰি বিভিন্ন শ্রেণীৰ অন্তৰ্ভুক্ত কৰা হয়, তথাপিও বিভাজনৰ তালিকাত বহুতো সম্পদ ওপৰা-উপৰিকৈ থকা দেখা যায়।
যেনে— উদ্ভিদ এটা প্রাকৃতিক সম্পদ আৰু ই লগতে এটা জৈৱিক সম্পদ, নৱীকৰণযোগ্য সম্পদ, ব্যক্তিগত সম্পদ আৰু জাতীয় সম্পদো।
ঠিক সেইদৰে সোণ এটা প্ৰাকৃতিক সম্পদ আৰু লগতে ই এটা অজৈৱক সম্পদ, অণৱীকৰণযোগ্য সম্পদ, ব্যক্তিগত সম্পদ আৰু জাতীয় সম্পদো।
প্রশ্ন ১২। প্রাকৃতিক সম্পদ বুলিলে কি বুজা? উদাহৰণসহ চমুকৈ লিখা।
উত্তৰঃ যিবোৰ সম্পদ প্রাকৃতিকভাৱে সৃষ্টি হৈ প্ৰকৃতিত বিয়পি থাকে তেনে সম্পদবোৰক প্রাকৃতিক সম্পদ বোলে।
যেনে— সূৰ্যৰ ৰশ্মি, বায়ু, পানী, পলস, গছ-গছনি, জীৱ-জন্তু আদি। প্রাকৃতিক সম্পদসমূহ গোটা, জুলীয়া বা গেছীয় আৰু ধাতৱীয় আৰু অধাতৱীয় অৱস্থাত পোৱা যায় ৷ প্ৰাকৃতিক সম্পদ বিলাকৰ ভিতৰত বহুবিধ সম্পদেই কেঁচা সামগ্ৰী হিচাপে কল-কাৰখানা আদিত ব্যৱহাৰ কৰা হয়। কয়লা, খনিজতেল, প্রাকৃতিক গেছ আদিও প্রাকৃতিক সম্পদ যিবোৰ আমি শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰো ।
প্রশ্ন ১৩। মানৱ সৃষ্ট সম্পদ কি? উদাহৰণসহ ইয়াৰ ব্যৱহাৰ সম্পৰ্কে চমুকৈ লিখা।
উত্তৰঃ যিবোৰ সামগ্ৰী মানুহৰ প্ৰচেষ্টাত উৎপাদিত হয় এনে সামগ্ৰীবোৰকে মানৱ- সৃষ্ট সম্পদ বোলে।
যেনে—প্ৰযুক্তি, ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট,উদ্যোগ-কাৰখানা, স্কুল-কাৰ্যালয়, যানবাহন আদি ।
প্ৰকৃতিৰ পৰা পোৱা বহুতো সামগ্রীয়েই প্রয়োজন সাপেক্ষে বিভিন্ন প্রযুক্তিৰ জৰিয়তে ৰূপান্তৰ কৰি মানুহৰ ব্যৱহাৰৰ উপযোগী কৰা হয়। তদুপৰি প্ৰকৃতিত থকা সামগ্ৰীবোৰৰ কার্যকাৰিতা আৰু উপকাৰিতা সম্পৰ্কীয় গুণবোৰ মানুহৰ জ্ঞানৰ জৰিয়তে উদ্ঘাটন কৰা হয়। মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ লগে লগে নতুন নতুন সম্পদৰো সৃষ্টি আৰু ব্যৱহাৰ হৈছে। যেনে—
(ক) বাঁহৰ পৰা কাগজ
(খ) কপাহৰ পৰা কাপোৰ
(গ) খনিজ তেলৰ পৰা নানা ধৰণৰ ৰং, নেপথা, কৃত্রিম কাপোৰ, ৰাসায়নিক সাৰ, কীটনাশক দ্রব্য, চাবোন, প্লাষ্টিক, কৃত্রিম ৰবৰ, মম আদি ।
(ঘ) গছ-গছনিৰ পৰা নানান ধৰণৰ ঔষধ, কাঠ, গৃহ নির্মাণ সামগ্রী আদি।
(ঙ) ইয়াৰ উপৰিও প্রযুক্তি, ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, উদ্যোগ-কাৰখানা, স্কুল-কার্যালয়, কৃষিকাৰ্যৰ সঁজুলি, যান-বাহন আদি ।
প্রশ্ন ১৪। নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদৰ মাজৰ পাৰ্থক্য কি কি? উদাহৰণসহ চমুকৈ আলোচনা কৰা । [HSLC 2018]
উত্তৰঃ যিবোৰ সম্পদ অনবৰত ব্যৱহাৰ কৰি থকাৰ পিছতো নৱীকৰণ বা পুনঃপূৰ্ণীকৃত প্ৰক্ৰিয়াৰে কেতিয়াও একেবাৰে নিঃশেষ হৈ নোযোৱাকৈ ৰাখিব পাৰি, তেনে সম্পদবোৰক নৱীকৰণযোগ্য বা পুনঃসৃষ্টিক্ষম সম্পদ বোলা হয়। যেনে— সূৰ্যৰ ৰশ্মি, বায়ু, পানী, গছ- গছনি, জীৱ-জন্তু, মানুহ, শস্য আদি নৱীকৰণযোগ্য সম্পদ।
আনহাতে যিবোৰ সম্পদ ব্যৱহাৰৰ পিছত নৱীকৰণ বা পুনঃসৃষ্টি কৰিব নোৱাৰি আৰু একেবাৰে নিঃশেষ হৈ যায়, তেনে সম্পদবোৰক অনৱীকৰণযোগ্য বা ক্ষয়শীল বা পুনঃসৃষ্টিহীন সম্পদ বোলে। যেনে— কয়লা, খনিজতেল, খনিজ পদার্থ (তাম, সোণ, চূণশিল, লো, ৰূপ আদি), প্রাকৃতিক গেছ আদি অনৱীকৰণযোগ্য সম্পদ।
প্রশ্ন ১৫। সম্পদৰ সংৰক্ষণ বুলিলে কি বুজা ? ইয়াৰ প্ৰয়োজনীয়তা কি? [HSLC 2011, 2019]
উত্তৰঃ সম্পদসমূহ (বিশেষকৈ প্রাকৃতিক সম্পদ) পৃথিৱীৰ সকলো ঠাইতে সমভাৱে পোৱা নাযায়৷ ইয়াৰে বহু প্রাকৃতিক সম্পদ অনৱীকৰণযোগ্য বা ক্ষয়শীল, অর্থাৎ সীমিত।
কিন্তু জনসংখ্যা বৃদ্ধি আৰু মানৱ সভ্যতাৰ বিকাশৰ লগে লগে এনে প্রাকৃতিক সম্পদৰ ব্যৱহাৰ দ্ৰুতগতিত বৃদ্ধি পাইছে।
উন্নত দেশবোৰত উচ্চমাত্ৰাত হোৱা প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ আৰু উন্নয়নশীল দেশবোৰত জনবিস্ফোৰণৰ ফলত বৃদ্ধি পোৱা প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰে সমগ্ৰ বিশ্বজুৰি বহু প্রাকৃতিক সম্পদ (বিশেষকৈ লাগতিয়াল অনৱীকৰণযোগ্য সম্পদ) নিঃশেষ হ’বলৈ ধৰিছে। এনে পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ এক উপায় হিচাপে সমগ্র বিশ্বতে সম্পদ সংৰক্ষণৰ কাৰ্যসূচী হাতত লোৱা হৈছে।
সম্পদৰ ব্যৱহাৰ আৰু ইয়াৰ সংৰক্ষণ ওতপ্রোতভাবে জড়িত। সাধাৰণতে কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাব্য পূর্ণ ব্যৱহাৰ কৰা কাৰ্য বা ধাৰণাকে সম্পদ সংৰক্ষণ বোলা হয়। সম্পদ সংৰক্ষণৰ মূল উদ্দেশ্য হ’ল আমি প্ৰকৃতিৰপৰা আমাৰ প্ৰয়োজনীয় সম্পদবোৰ এনেদৰে আহৰণ কৰি ব্যৱহাৰ কৰিব লাগে যাতে ইয়াব দ্বাৰা আমি সকলোৱে বহু সময় ধৰি উপকৃত হওঁ।
সম্পদ সংৰক্ষণ বুলিলে অৱশ্যে সম্পদৰ ব্যৱহাৰ নকৰি কেৱল ভৱিষ্যতৰ বাবে সাঁচি ৰখা কার্যক নুবুজায়। যেনে— খনিজ তেল সংৰক্ষণ বুলিলে খনিজ তেল প্ৰকৃতিৰ পৰা কোনো ধৰণৰ অপচয় নোহোৱাকৈ মানৱ কল্যাণত সঠিক ৰূপত বহু দিনৰ বাবে ব্যৱহাৰ কৰিব পৰা কাৰ্যক বুজায়।
সম্পদ সংৰক্ষণ কাৰ্যসূচীটো অতি প্ৰয়োজনীয়তাৰ কেইটামান কাৰণ হ’ল—
(ক) অৰণ্য ধ্বংসৰ ফলত জীৱ-জন্তুৰ বাসভূমি হ্রাস পায় আৰু একো একোটা অঞ্চলৰ পাৰিৱেশিক ভাৰসাম্য বিনষ্ট হয় । এনেবোৰ কাৰণত সম্পদ সংৰক্ষণ কাৰ্যসূচীৰ প্ৰয়োজন হয়।
(খ) জৈব্য বৈচিত্র্যৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ সম্পদ সংৰক্ষণ প্রয়োজন।
(গ) সমগ্র বিশ্বত থকা কিছুমান আপুৰুগীয়া সম্পদ, মূল্যৱান উদ্ভিদ, বিলুপ্ত প্রাণী আদিবোৰৰ নিৰাপত্তাৰ বাবে সম্পদ সংৰক্ষণ কাৰ্যসূচীৰ প্ৰয়োজন।
(ঘ) শক্তিৰ উৎস হিচাপে খনিজতেল, কয়লা আদিৰ ব্যৱহাৰ দ্ৰুত গতিত বৃদ্ধি পোৱাৰ বাবে আৰু কৃষিকাৰ্যত ৰাসায়নিকসাৰ কীটনাশক দ্ৰব্য আদি অধিক পৰিমাণে ব্যৱহাৰ কৰাৰ ফলত বায়ু, পানী আৰু মাটিৰ প্ৰদূষণ ঘটি এক ভয়াৱহ পাৰিৱেশিক সমস্যাৰ সৃষ্টি হৈছে। এনে সমস্যাৰ পৰা হাত সাৰিবলৈ সম্পদ সংৰক্ষণৰ প্ৰয়োজন।
(ঙ) আমাৰ উন্নয়ন প্ৰক্ৰিয়াটো যাতে ক্ষণস্থায়ী নহয় তাৰ বাবে আমি সম্পদৰ মিতব্যয়ী ব্যৱহাৰৰ লগতে প্ৰয়োজনীয় সংৰক্ষণ কাৰ্য হাতত লব লাগে।
(চ) ইয়াৰ উপৰিও যানবাহন আৰু উদ্যোগ প্ৰতিষ্ঠানৰ দ্ৰুত বৃদ্ধি আৰু মানুহৰ বিলাসী জীৱন-যাপন ব্যৱস্থাৰ বৃদ্ধিৰ ফলত অনবীকৰণযোগ্য শক্তি সম্পদ (যেনে— কয়লা, পেট্রোলিয়াম, প্রাকৃতিক গেছ আদি) নিঃশেষ হ’বলৈ ধৰিছে। এনেবোৰ পৰিস্থিতিৰ বাবেই সমগ্ৰ বিশ্বত সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা অধিক।
প্রশ্ন ১৬। সম্পদ সংৰক্ষণ পদ্ধতি সম্পর্কে চমুকৈ লিখা। [HSLC 2014, 2022]
উত্তৰঃ সাধাৰণতে কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাব্য পূৰ্ণ ব্যৱহাৰ কৰা কাৰ্য বা ধাৰণাকে সম্পদ সংৰক্ষণ বোলা হয়। সম্পদ সংৰক্ষণ প্ৰক্ৰিয়াটো নিজে নিজে কার্যক্ষম হৈ থাকিব নোৱাৰে। ইয়াৰ সঠিক ৰূপায়নৰ বা সুবিবেচিত আৰু সুপৰিকল্পিত কিছুমান আঁচনিব প্রয়োজন। সেয়েহে সম্পদ সংৰক্ষণ পদ্ধতিটো ফলদায়ক কৰিবলৈ কিছুমান পদ্ধতি বা আঁচনিৰ প্ৰয়োজন। সেইবোৰ হ’ল– (i) বিকল্প সম্পদৰ সন্ধান (ii) পুনৰাবর্তন (iii) অভিযোজন বা নৱপ্রচলন (iv) বৰ্জিত দ্ৰব্যৰ পৰিমাণ হ্রাস (v) জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণ (vi) সংৰক্ষণ সম্পর্কীয় আইনৰ কাৰ্যকৰীকৰণ (vii) সম্পদৰ ভঁৰালৰ সঠিক মূল্যায়ন (viii) সম্পদসমূহৰ ভৱিষ্যতৰ প্রয়োজনীয়তা নিৰ্ধাৰণ৷
(i) বিকল্প সম্পদৰ সন্ধান : কোনো এটা ব্যৱহৃত সম্পদ উৎপাদন চলি থকা অৱস্থাতে ইয়াৰ বিকল্প সম্পদৰ সম্ভাৱনা উদঘাটনৰ বাবে প্ৰয়োজনীয় গৱেষণা আৰু জৰীপ চলাই থাকিব লাগে। উদাহৰণস্বৰূপে কপাহী সূতাৰ পৰিবৰ্তে কৃত্ৰিম আঁহ, প্রাকৃতিক ৰবৰৰ সলনি কৃত্ৰিম ৰবৰ আদি একো একোটা বিকল্প সম্পদ। ইয়াৰ উপৰিও অনৱীকৰণ যোগ্য সম্পদ ।
যেনে— কয়লা, খনিজ তেল আদিৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ সৌৰশক্তি, জলবিদ্যুৎ শক্তি, বতাহ শক্তি, জৈৱ শক্তি আদি নৱীকৰণযোগ্য সম্পদৰ ব্যৱহাৰ বৃদ্ধি কৰিব লাগে।
(ii) পুনৰাৱৰ্তন : সীমিত পৰিমাণত থকা কেচা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ ব্যৱহাৰৰ উপযোগী বৰ্জিত দ্রব্য পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰ যোগেদি পুনৰ ব্যৱহাৰ কৰিব পাৰি ৷
উদাহৰণস্বৰূপে পুৰণি পলিথিন বেগ, প্লাষ্টিক বটল, কাগজ, লোহাৰ সামগ্ৰী আদি পুনৰাৱৰ্তনৰ জৰিয়তে সংশ্লিষ্ট সম্পদৰ কেঁচা সামগ্ৰী কিছুপৰিমাণে সংৰক্ষণ কৰিব পাৰি।
(iii) অভিযোজন বা নৱপ্ৰচলন : অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে প্ৰকৃতিৰপৰা আহৰণ কৰা সম্পদ ব্যৱহাৰোপযোগী অৱস্থালৈ ৰূপান্তৰিত কৰিবলৈ অভিযোজন বা নৱপ্ৰচলন প্ৰক্ৰিয়াৰ প্ৰয়োগ কৰিব লাগে। ৰাসায়নিক সাৰ প্ৰয়োগৰ দ্বাৰা মাটিত হ’ব পৰা ঋণাত্মক প্ৰভাৱ ৰোধ কৰিবলৈ জৈৱ সাৰ প্ৰয়োগত বেছি গুৰুত্ব প্ৰদান কৰিব লাগে।
(iv) বৰ্জিত দ্ৰব্যৰ পৰিমাণ হ্রাস: কেঁচাসামগ্ৰীৰ পৰা প্ৰয়োজনীয় সম্পদলৈ ৰূপান্তৰ কৰোঁতে বৰ্জিত দ্ৰব্যৰ উৎপাদন সীমিত কৰি ৰখাৰ ব্যৱস্থা কৰিলে যথেষ্ট পৰিমাণে সম্পদ সংৰক্ষণ হ’ব পাৰে ৷
(v) জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণ: সম্পদৰ উৎপাদন আৰু ব্যৱহাৰ কাৰ্য সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণ অতি প্রয়োজন। সম্পদৰ অযথা অপচয় ৰোধৰ বাবে জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধি কৰিব লাগে।
(vi) সংৰক্ষণ সম্পৰ্কীয় আইনৰ কাৰ্যকৰীকৰণ : সম্পদৰ সংৰক্ষণ কার্যকৰীকৰণৰ বাবে সংৰক্ষণ সম্পৰ্কীয় আইনৰ ব্যৱস্থা কটকটীয়া আৰু সুনিশ্চিত হ’ব লাগে আৰু সঠিকভাৱে ৰূপায়ণ হ’ব লাগে ।
(vii) সম্পদৰ ভঁৰালৰ সঠিক মূল্যায়নঃ সম্পদ ব্যৱহাৰৰ ভৱিষ্যত পৰিকল্পনাৰ বাবে কোনো সম্পদৰ সঞ্চিত পৰিমাণ সম্পর্কে সঠিকভাৱে মূল্যায়ন কৰিব লাগে। ইয়াৰ জৰিয়তে অপ্ৰয়োজনীয় ব্যৱহাৰ নিয়ন্ত্ৰণ কৰিব পাৰি আৰু বিকল্প সম্পদৰ সন্ধানতো গুৰুত্ব আনিব পাৰি।
(viii) সম্পদসমূহৰ ভৱিষ্যতৰ প্ৰয়োজনীয়তা নিৰ্ধাৰণ: সম্পদ এটাৰ বৰ্তমানৰ ব্যৱহাৰৰ মান আৰু জনসংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ভৱিষ্যতৰ প্ৰয়োজনীয়তা নির্ণয় কৰাটো অতি দৰকাৰ।
প্রশ্ন ১৭। সম্পদ সংৰক্ষণৰ লগত জড়িত সংস্থা আৰু সেইবোৰৰ ভূমিকা সম্পর্কে চমুকৈ লিখা।
[HSLC 2018]
উত্তৰঃ প্রাকৃতিক সম্পদ নিঃশেষ হ’বলৈ ধৰা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ বিশ্বতে পৰিৱেশ সুৰক্ষা আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে। এনে কাৰ্য সম্পাদনৰ বাবে আন্তঃৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়, আঞ্চলিক বা স্থানীয় পর্যায়ত কিছুমান চৰকাৰী আৰু বেচৰকাৰী সংস্থা আৰু সংগঠনৰ জন্ম হৈছে। এই সংস্থা আৰু সংগঠনসমূহৰ ভূমিকা সম্পর্কে তলত আলোচনা কৰা হৈছে
(ক) IUCN (International Union for Conservation of Nature) : এই সংস্থাটো ১৯৪৮ চনত ব্ৰিটিছ জীৱবিজ্ঞানী জুলিয়ান হাক্সলেৰ প্ৰচেষ্টাত ফ্রান্সত প্রতিষ্ঠিত হৈছিল। ইয়াৰ মূল উদ্দেশ্য হৈছে সমগ্ৰ বিশ্বৰ প্ৰাকৃতিক পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ তথা জৈৱ বৈচিত্র্য সম্পর্কে অধ্যয়ন, গৱেষণা আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা ।
(খ) IUCN ৰ নেতৃত্বত স্থাপন হোৱা দুটা সংস্থা হ’ল—
(i) WWF For Nature (World Wild Fund for Nature)
(ii) বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্ৰ (World Conservation Monitoring Centre)
(গ) মন্ত্রণালয়: প্রাকৃতিক পৰিৱেশৰ সংৰক্ষণৰ বাবে আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত বহুতো সংস্থা আৰু সংগঠনে কাম কৰি আছে। ভাৰতত এনে কাৰ্যৰ বাবে চৰকাৰীভাৱে পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন নামেৰে এটি মন্ত্রণালয় গঠন কৰা হৈছে। এই চৰকাৰী সংস্থা সমূহে প্রাকৃতিক সম্পদ সংৰক্ষণ আৰু পৰিৱেশ সুৰক্ষা সম্পৰ্কীয় আইনো প্রণয়ন কৰে ।
(ঘ) মন্ত্রণালয়ৰ অন্তৰ্গত সংস্থাসমূহ হৈছে-
(i) ১৯৮৬ চনত ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা
(ii) বেচৰকাৰীভাৱে বিজ্ঞান আৰু পৰিৱেশ কেন্দ্ৰ
(iii) গ্রীণপিচ ইণ্ডিয়া (Greenppeace India)
(iv) ৱাইল্ড লাইফ ট্রাষ্ট অব ইণ্ডিয়া (Wildlife trust of India)
এই সংগঠন সমূহে পৰিৱেশ সুৰক্ষাৰ বাবে বহুতো কাম কৰি আহিছে।
(ঙ) অসমত অসম বিজ্ঞান সমিতি, আৰণ্যক আদিৰ দৰে কেইবাটাও বেচৰকাৰী সংগঠনে পৰিৱেশ সুৰক্ষা আৰু জৈৱ বৈচিত্র্য সংৰক্ষণ আদিৰ বাবে কাম-কাজ কৰি আছে।
প্রশ্ন ১৮। চমুটোকা লিখা।
(ক) সম্পদ, (খ) মানৱ সম্পদ, (গ) সম্পত্তি, (ঘ) নৱীকৰণযোগ্য সম্পদ, (ঙ) ব্যক্তিগত সম্পদ, (চ) জাতীয় সম্পদ, (ছ) জীৱীয় সম্পদ, (জ) সম্পদ সংৰক্ষণ, (ঝ) সম্পদৰ পুনৰাৱৰ্তন আৰু (ঞ) IUCN
উত্তৰঃ (ক) সম্পদ: মানুহৰ জীৱন ধাৰণৰ বাবে প্রয়োজনীয় সকলোবোৰ বস্তুকেই সম্পদ বোলা হয়। পৃথিৱীত থকা বায়ু, পানী, মাটি, গছ-গছনি, খনিজ পদার্থ আদিবোৰেই হ’ল সম্পদ।
পৃথিৱীত পোৱা সকলোবোৰ বস্তুৱেই সম্পদ নহয়। সম্পদ হ’বলৈ ইয়াৰ কার্যকাবিতা আৰু উপকাৰিতা গুণ দুটা থাকিব লাগিব। এই দুটা গুণৰ বাবেই সম্পদ ব্যৱহাৰৰ যোগেদি মানৱ কল্যাণ আৰু আৰ্থ-সামাজিক উৎকর্ষ সাধন সম্ভৱ হৈছে। সম্পদ পৰিবৰ্তনশীল৷ আজি কোনো এটা সামগ্ৰী মানুহৰ দ্বাৰা ব্যৱহাৰ নহলেও বা অপকাৰী হ’লেও ভৱিষ্যতে সেই সামগ্ৰীটোৱেই মানৱ কল্যাণত ব্যৱহাৰ হ’ব পাৰে। সেয়েহে সম্পদৰ জৰিয়তে মানৱ জাতিৰ কল্যাণ হয়। সম্পদ আৰু ইয়াৰ ব্যৱহাৰ মানৱ সমাজৰ উন্নয়নৰ লগত ওতপ্রোতভাৱে জড়িত। প্রকৃতি, মানুহ আৰু সমাজ-সংস্কৃতি বা বিজ্ঞান- প্ৰযুক্তিৰ আন্তঃক্ৰিয়াৰ ফলতেই একো একোটা সম্পদৰ সৃষ্টি হয় ।
(খ) মানৱ সম্পদ: প্রাকৃতিক সম্পদসমূহক মানুহৰ ব্যৱহাৰোপযোগী কৰিবলৈ মানুহৰ কাৰ্যদক্ষতা, শিক্ষা, প্রযুক্তি আৰু আগ্ৰহৰ প্ৰয়োজন হয়। এনেবোৰ গুণ থকাৰ বাবে মানুহক মানৱ সম্পদ বোলা হয়।
দৰাচলতে মানুহেই সম্পদৰ সৃষ্টিকর্তা। মানৱ সম্পদৰ দ্ৰুত বিকাশৰ বাবেই জাপান, ছুইজাৰলেণ্ড, টাইৱান, ছিঙ্গাপুৰ আদি দেশবোৰ প্ৰয়োজনীয় বহু প্রাকৃতিক সম্পদ বা উদ্যোগৰ বাবে প্রয়োজনীয় নিজা কেঁচা সামগ্ৰীৰ অভাৱতো পৃথিৱীৰ একো একোখন অগ্ৰণী আৰু সমৃদ্ধ দেশ হিচাপে পৰিগণিত হৈছে।
(গ) সম্পত্তি: অৰ্থনীতিৰ সূত্ৰ অনুসৰি যিবোৰ বস্তুৰ বিনিময় মূল্য আছে, সেইবোৰক সম্পত্তি বোলা হয়। যেনে—ভূমি, ঘৰ-দুৱাৰ, যন্ত্রপাতি, কোম্পানীৰ অংশ আদি সকলোবোৰ সম্পত্তি। সম্পত্তিৰ দ্বাৰা মানুহৰ উপকাৰ বা অপকাৰ দুয়োটা হ’ব পাৰে। যেনে- বজাৰ মূল্য থকা বিষ, ৰাসায়নিক কীটনাশক দ্রব্য আদি সম্পত্তি। কিন্তু ইয়াৰ সেৱন মানুহৰ বাবে অপকাৰী বা বিপদজনক।
(ঘ) নৱীকৰণযোগ্য সম্পদ : যিবোৰ সম্পদ ব্যৱহাৰৰ পিছত নৱীকৰণ বা পুনঃপুৰ্ণীকৃত প্ৰক্ৰিয়াৰে কেতিয়াও একেবাৰে নিঃশেষ হৈ নোযোৱাকৈ ৰাখিব পাৰি তেনে সম্পদবোৰক নৱীকৰণযোগ্য বা পুনঃপুৰ্ণীকৃত সম্পদ বোলা হয়। যেনে— সূৰ্যৰ ৰশ্মি, বায়ু, পানী, গছ-গছনি, জীৱ-জন্তু, মানুহ, শস্য আদি নৱীকৰণযোগ্য সম্পদ। নৱীকৰণযোগ্য সম্পদবোৰ ব্যৱহাৰৰ পিছত নৱীকৰণ কৰিব পাৰি।
(ঙ) ব্যক্তিগত সম্পদ : মানুহৰ নিজ নিজ দখল বা অধিকাৰত থকা সম্পদবোৰক ব্যক্তিগত সম্পদ বোলা হয়। যেনে— ভূমি, সা-সম্পত্তি, নিজ নিজ ভাল গুণ (যেনে- ভাল চৰিত্ৰ, শিক্ষা, কর্মদক্ষতা আদি) আদিবোৰক ব্যক্তিগত সম্পদ বোলা হয়।
(চ) জাতীয় সম্পদ: এখন দেশৰ তত্ত্বাবধান বা দখলত থকা সম্পদবোৰক জাতীয় সম্পদ বোলে। যেনে- ৰাস্তা-ঘাট, ভূমি, নদ-নদী, দলং, অৰণ্যত থকা গছ গছনি আৰু জীৱ-জন্তু, শিক্ষানুষ্ঠান, প্রশাসনিক ব্যৱস্থা, চৰকাৰ আদিক জাতীয় সম্পদ বোলা হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনো জাতীয় সম্পদৰ ভিতৰত ধৰা হয়।
(ছ) জীৱীয় সম্পদ: যিবোৰ সম্পদৰ জীৱ থাকে সেইবোৰক জীৱীয় সম্পদ বোলা
হয়। যেনে— উদ্ভিদ, প্রাণী, মাছ, শস্য আদি জীৱীয় সম্পদ।
(জ) সম্পদ সংৰক্ষণঃ সাধাৰণতে কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাব্য পূৰ্ণ ব্যৱহাৰ কৰা কাৰ্য বা ধাৰণাকে সম্পদ সংৰক্ষণ বোলা হয়। যেনে- খনিজ তেল সংৰক্ষণ বুলিলে খনিজ তেল প্ৰকৃতিৰ পৰা কোনো ধৰণৰ অপচয় নোহোৱাকৈ মানৱ কল্যাণত সঠিক ৰূপত বহু দিনৰ বাবে ব্যৱহাৰ কৰিব পৰা কাৰ্যক বুজায়।
(ঝ) সম্পদৰ পুনৰাৱৰ্তন: সম্পদ সংৰক্ষণ ফলপ্রসূ কৰাৰ এটা প্রয়োজনীয় পদ্ধতি হৈছে “সম্পদ পুনৰাৱৰ্তন”। সীমিত পৰিমাণত থকা্ কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ ব্যৱহাৰৰ উপযোগী বৰ্জিত দ্ৰব্য পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰ যোগেদি পুনর্ব্যৱহাৰ কৰিব পাৰি।
উদাহৰণস্বৰূপে পুৰণি পলিথিন বেগ, প্লাষ্টিক বটল, কাগজ, লোহাৰ সামগ্ৰী আদি পুনৰাৱৰ্তনৰ জৰিয়তে সংশ্লিষ্ট সম্পদৰ কেঁচা সামগ্ৰী কিছু পৰিমাণে হ’লেও সংৰক্ষণ কৰিব পাৰি।
(ঞ) IUCN : IUCN হ’ল এটা ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত আন্তঃৰাষ্ট্ৰীয় পৰিবেশ সংৰক্ষণ সংস্থা। ইয়াৰ সম্পূৰ্ণ নামটো হ’ল International Union for Conservation of Nature । ১৯৪৮ চনত UNESCO, অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ, শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাৰ প্ৰথম সঞ্চালক প্রধান জুলিয়ান হাক্সলেৰ প্ৰচেষ্টাত ফ্ৰান্সত প্রতিষ্ঠিত হৈছিল। এই সংস্থাটোৰ মূল উদ্দেশ্য হৈছে সমগ্ৰ বিশ্বৰ প্ৰাকৃতিক পৰিবেশ আৰু প্ৰাকৃতিক সম্পদ
সংৰক্ষণ তথা জৈৱ বৈচিত্র্য সম্পর্কে অধ্যয়ন, গৱেষণা আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা ৷ IUCN ৰ নেতৃত্বত WWF for nature আৰু বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্ৰ স্থাপিত হৈছে।
প্রশ্ন ১৯। পার্থক্য লিখা :
(ক) সম্পদ আৰু সম্পত্তি
উত্তৰঃ সম্পদ আৰু সম্পত্তিৰ মাজত থকা পার্থক্যসমূহ হ’ল—
সম্পদ | সম্পত্তি |
(i) সম্পদৰ বিনময় মূল্য নাই। | (i) – সম্পত্তিৰ বিনিময় মূল্য আছে। |
(ii) সম্পদক এজনৰ পৰা আন এজনলৈ মূল্যৰ জৰিয়তে হস্তান্তৰ কৰিব নোৱাৰি। | (ii) সম্পত্তিক পাৰি। |
(iii) সম্পদৰ যোগান তুলনামূলক ভাৱে সীমিত। | (iii) সম্পত্তিৰ যোগান সীমিত নহয়। |
(iv) সকলোবোৰ সম্পদ সম্পত্তি নহয়। | (iv) সকলোবোৰ সম্পত্তিয়েই সম্পদ হয়। |
(v) সম্পদৰ জৰিয়তে মানৱ জাতিৰ কল্যাণ হয়। | (v) সম্পত্তিৰ জৰিয়তে মানুহৰ উপকাৰ বা অপকাৰ দুয়োটা হ’ব পাৰে। |
(খ) অর্থনৈতিক ভূগোল আৰু সম্পদ ভূগোল
উত্তৰঃ অর্থনৈতিক ভূগোল আৰু সম্পদ ভূগোলৰ মাজত থকা পাৰ্থক্যবোৰ হ’ল—
অর্থনৈতিক ভূগোল | সম্পদ ভূগোল |
(i) অর্থনৈতিক ভূগোল সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময়ৰ লগত জড়িত। | (i) সম্পদ ভূগোল সম্পদৰ উৎপাদন, বিতৰণ আৰু উপভোগৰ লগত জড়িত। |
(ii) অর্থনৈতিক ভূগোলৰ পৰিসৰ বহল। | (ii) সম্পদ ভূগোলৰ পৰিসৰ ঠেক। |
(iii) অর্থনৈতিক ভূগোলে কৃষি ভূগোল, ঔদ্যোগিক ভূগোল, বজাৰ ভূগোল, পৰিবহণ ভূগোল আদিবোৰক সামৰি লয়। | (iii) সম্পদ ভূগোল কেৱল অর্থনৈতিক ভূগোলৰ মাত্ৰ এটা অংশহে মাথোন। |
(iv) অর্থনৈতিক ভূগোলত মানুহৰ কার্যকলাপ স্থান আৰু সময় সাপেক্ষে অধ্যয়ন কৰা হয়। | (iv) সম্পদ ভূগোলত সম্পদৰ অৰ্থ, গুৰুত্ব, প্ৰয়োজনীয়তা, সম্পদৰ শ্ৰেণীবিভাগ আৰু সংৰক্ষণৰ বিষয়ে অধ্যয়ন কৰা হয়। |
(v) অর্থনৈতিক ভূগোল সম্পদ অধ্যয়ন অবিহনে অর্থহীন। | (v) সম্পদ ভূগোল অৰ্থহীন হ’ব নোৱাৰে। |
(vi) অর্থনৈতিক ভূগোল ভূগোলৰ এটি প্রধান শাখা। | (vi) সম্পদ ভূগোল হৈছে অর্থনৈতিক ভূগোলৰ এটি উপশাখা। |
(গ) সম্পদ আৰু নিষ্ক্রিয় সামগ্রী
উত্তৰঃ সম্পদ আৰু নিষ্ক্রিয় সামগ্ৰীবোৰৰ মাজত থকা পার্থক্যবোৰ হ’ল—
সম্পদ | নিষ্ক্রিয় সামগ্রী/নিৰপেক্ষ সামগ্রী |
(i) মানুহৰ জীৱন ধাৰণৰ বাবে প্রয়োজনীয় সকলোবোৰ বস্তুৱেই হ’ল সম্পদ । | (i) মানুহৰ বাবে কোনো ধৰণৰ উপকাৰ বা অপকাৰ নকৰা সামগ্ৰীবোৰ হ’ল নিষ্ক্রিয়, সামগ্রী। |
(ii) সম্পদবোৰ বৰ্তমান সময়ত মানুহৰ ব্যৱহাৰযোগ্য হয়। সম্পদে মানুহৰ উপকাৰ সাধন কৰে। | (ii) নিষ্ক্রিয় সামগ্রীবোৰ মানুহৰ জীৱনত ভৱিষ্যতে ব্যৱহাৰ হোৱাৰ সম্ভাৱনা থাকে। |
(iii) সম্পদে সামগ্রীবোৰে মানুহৰ উপকাৰ সাধন কৰে। | (iii) নিষ্ক্রিয় সামগ্রীবোৰে মানুহৰ উপকাৰ বা অপকাৰ কোনোটোৱেই নকৰে। |
(iv) বায়ু, পানী, সূৰ্যৰ ৰশ্মি, মাটি আদিবোৰ হ’ল সম্পদ। | (vi) সাগৰ-মহাসাগৰ, হ্রদ, বিল আদিবোৰৰ পানী মানুহৰ বাবে নিষ্ক্রিয় সামগ্রী। |
(v) সম্পদবোৰে মানুহৰ জীৱনত প্ৰত্যক্ষাৱে ভূমিকা পালন কৰে। | (v) নিষ্ক্রিয় সামগ্রীবোৰে সদায় নিৰপেক্ষভাৱে ভূমিকা পালন কৰে। |
(ঘ) জীৱীয় আৰু অজীৱীয় সম্পদ [HSLC 2013]
উত্তৰঃ জীৱীয় আৰু অজীৱীয় সম্পদৰ মাজত থকা পার্থক্যবোৰ হ’ল—
জীৱীয় সম্পদ | অজীৱীয় সম্পদ |
(i) জীৱীয় সম্পদবোৰৰ জীৱ থাকে। | (i) অজীৱীয় সম্পদবোৰৰ জীৱ নাথাকে। |
(ii) জীৱীয় সম্পদবোৰ লৰচৰ কৰিব পাৰে। | (ii) অজীৱীয় সম্পদবোৰ লৰচৰ কৰিব নোৱাৰে। |
(iii) উদ্ভিদ, প্রাণী, মাছ, শস্য আদি জীৱীয় সম্পদৰ উদাহৰণ। | (iii) মাটি, শিল, পানী, বায়ু আদি অজীৱীয় সম্পদ উদাহৰণ। |
(iv) জীৱীয় সম্পদবোৰৰ বৃদ্ধি আৰু বিকাশ হয়। | (iv) অজীৱীয় সম্পদবোৰৰ বৃদ্ধি আৰু বিকাশ নহয়। |
(v) জীৱীয় সম্পদবোৰ নৱীকৰণ যোগ্য। | (v) অজীৱীয় সম্পদবোৰ অনৱীকৰণ যোগ্য। |
(vi) জীৱীয় সম্পদবোৰ ব্যৱহাৰৰ পিছত নিঃশেষ হৈ যোৱাৰ সম্ভাৱনা থাকে। | (vi) অজীৱীয় সম্পদবোৰ ব্যৱহাৰৰ পিছত নিঃশেষ হৈ নাযায়। |
(ঙ) নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদ
উত্তৰঃ নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদৰ মাজত থকা পার্থক্যসমূহ হ’ল——
মানৱ সৃষ্ট সম্পদ | মানৱ সম্পদ |
(i) মানৱ সৃষ্ট সম্পদবোৰ মানুহৰ প্ৰচেষ্টাত তৈয়াৰ কৰা বিভিন্ন সামগ্রী। | (i) মানব সম্পদ হৈছে সম্পদস উৎপাদক বা সৃষ্টিকর্তা। |
(ii) বাঁহৰ পৰা কাগজ, কপাহৰ পৰা কাপোৰ, খনিজ তেলৰ পৰা নানা | ধৰণৰ ৰং, ৰাসায়নিক সাৰ, কীটনাশক দ্রব্য, চাবোন, প্লাষ্টিক, ৰবৰ, মম আদি মানৱ সৃষ্ট সম্পদ। | (ii) মানুহে নিজেই মানৱ সম্পদ বা মানুহ মানৱ সম্পদৰ উদাহৰণ। |
(iii) মানৱ সৃষ্ট সম্পদৰ সৃষ্টি হ’বলৈ মানৱ সম্পদৰ প্ৰয়োজন হয়। | (iii) মানৱ সম্পদ নহ’লে মানৱ সৃষ্ট সম্পদৰ সৃষ্টি নহয়। |
(iv) মানৱ সৃষ্ট সম্পদৰ দ্বাৰা এখন দেশৰ অৰ্থনৈতিক দিশটো সম্পূৰ্ণৰূপে উন্নত নহ’বও পাৰে। | (iv) মানৱ সম্পদৰ দ্বাৰা এখন দেশৰ অর্থনৈতিক দিশটো সম্পূৰ্ণৰূপে উন্নত হয়। |
(জ) সম্পদৰ পুনৰাৱৰ্তন আৰু অভিযোজন
উত্তৰঃ সম্পদৰ পুনৰাবৰ্তন আৰু অভিযোজনৰ মাজত থকা পাৰ্থক্যবোৰ হ’ল—
সম্পদৰ পুনৰাবৰ্তন | অভিযোজন বা নৱপ্ৰচলন |
(i) সম্পদৰ সংৰক্ষণ কৰিবলৈ সম্পদ পুনৰাবৰ্তন পদ্ধতি ব্যৱহাৰ কৰা হয় । | (i) প্ৰকৃতিৰ পৰা আহৰণ কৰা সম্পদবোৰ ব্যৱহাৰোপযোগী কৰিবলৈ অভিযোজন পদ্ধতি ব্যৱহাৰ কৰা হয় । |
(ii) পুৰণি পলিথিন বেগ, প্লাষ্টিকৰ বটল, কাগজ, লোহাৰ সামগ্ৰী,পুৰণি টায়াৰ, ব্যৱহৃত পানী আদি পুনৰাবৰ্তন হয়। | (ii) মাটিত ৰাসায়নিক সাৰৰ বিপৰীতে জৈৱিক সাৰ প্ৰয়োগ কৰাটো এক প্ৰকাৰৰ অভিযোজন। |
(iii) পুনৰাবৰ্তন প্ৰক্ৰিয়াৰ জৰিয়তে সম্পদৰ কেঁচা সামগ্ৰী কিছুপৰিমাণে সংৰক্ষণ কৰিব পাৰি। | (iii) অভিযোজন প্ৰক্ৰিয়াৰে প্ৰকৃতিত থকা সম্পদবোৰক মানুহৰ ব্যৱহাৰৰ উপযোগী অৱস্থালৈ পৰিবৰ্তন কৰি সম্পদ সংৰক্ষণ কৰিব পাৰি। |
(iv) সম্পদৰ পুনৰাবৰ্তন প্ৰক্ৰিয়াৰ দ্বাৰা এবাৰ ব্যৱহাৰ কৰাৰ পিছত বস্তুটো পুনৰবাৰ ব্যৱহাৰৰ উপযোগী কৰিব পাৰি। | (iv) অভিযোজন প্ৰক্ৰিয়াৰে এবাৰ ব্যৱহাৰ কৰাৰ পিছত সম্পদবোৰ প্ৰচুৰ অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তেহে পুনৰবাৰ ব্যৱহাৰৰ উপযোগী কৰিব পাৰি। |
অতি চমু প্রশ্নোত্তৰ
প্রশ্ন ২০। শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ
১। তলৰ কোনটো মানৱ-সৃষ্ট সম্পদ ? [HSLC 2018, 2020]
(ক) নদ-নদী (খ) খনিজ তেল (গ) জলসিঞ্চন নলা (ঘ) অৰণ্য
উত্তৰঃ (গ) জলসিঞ্চন নলা।
২। তলৰ কোনটো অজীৱীয় সম্পদ ? [HSLC 2017 ]
(ক) বায়ু (খ) উদ্ভিদ (গ) জীৱ-জন্তু (ঘ) শস্য
উত্তৰঃ (ক) বায়ু।
৩। তলৰ কোনটো অনৱীকৰণযোগ্য সম্পদ? [HSLC 2019]
(ক) বায়ু (খ) পানী (গ) শস্য (ঘ) কয়লা
উত্তৰঃ (ঘ) কয়লা।
৪। তলৰ কোনটো বিলুপ্তপ্রায় প্রাণী?
(ক) এশিঙিয়া গঁড় (খ) নল গাহৰি (গ) জিৰাফ (ঘ) মিথুন
উত্তৰঃ (খ) নল গাহৰি।
৫। IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত ?
(ক) UNESCO (খ) UNDP (গ) WWF (ঘ) UNEP
উত্তৰঃ (ক) UNESCO
৬। ভূগোলৰ যিটো শাখাত সম্পদ উৎপাদন, বিতৰণ, ভোগ আৰু বিনিময় সম্পর্কে অধ্যয়ন কৰা হয় সি হ’ল—
(ক) প্রাকৃতিক ভূগোল (খ) মানৱ ভূগোল (গ) অর্থনৈতিক ভূগোল (ঘ) আঞ্চলিক ভূগোল
উত্তৰঃ (গ) অর্থনৈতিক ভূগোল।
৭। শিল এবিধ –
(ক) জীৱীয় সম্পদ (খ) অজীবীয় সম্পদ (গ) মানব সৃষ্ট সম্পদ (ঘ) মানৱ সম্পদ
উত্তৰঃ (খ) অজীৱীয় সম্পদ।
৮। অসমৰ এবিধ বিলুপ্তপ্রায় জন্তু হ’ল-
(ক) ম’হ (খ) মেকুৰী (গ) শহাপহু (ঘ) সোণালী বান্দৰ
উত্তৰঃ (ঘ) সোণালী বান্দৰ ৷
৯। তলৰ কোনটো অ-নৰীকৰণযোগ্য সম্পদ ? [HSLC 2014]
(ক) পানী (খ) সূৰ্য্যৰ ৰশ্মি (গ) গছ-গছনি (ঘ) প্রাকৃতিক গেছ
উত্তৰঃ (ঘ) প্রাকৃতিক গেছ।
অতিৰিক্ত প্রশ্নোত্তৰ
বিকল্পধর্মী প্রশ্নোত্তৰ : (মূল্যাংক: ১)
(i) তলৰ কোনটো এটা অজীৱীয় সম্পদ? [HSLC 2022]
(a) বায়ু (b) বেক্টেৰিয়া (c) ভেঁকুৰ (d) শস্য
উত্তৰঃ (a) বায়ু
অতি চমু প্রশ্নোত্তৰ: (মূল্যাংক: ১)
প্রশ্ন ১। প্ৰতিৰোধক সামগ্রী বা পৰিঘটনা এটাৰ উদাহৰণ দিয়া? [HSLC 2011]
উত্তৰঃ অনুৰ্বৰ মাটি বা বানপানী জর্জবিত অঞ্চল।
প্রশ্ন ৭। এটা সামগ্ৰীৰ উদাহৰণ দিয়া যিটো সম্পদ আৰু সম্পত্তি দুয়োটাই। [HSLC 2012]
উত্তৰঃ ভূমি।
(গ) ৰচনাধৰ্মী উত্তৰৰ প্রশ্ন :
প্রশ্ন ১। সম্পদৰ তিনিটা প্রধান বৈশিষ্ট্য চমুকৈ লিখা। [HSLC 2011]
উত্তৰঃ সম্পদ প্রধান বৈশিষ্ট্য তিনিটা হ’ল-
(ক) উপকাৰিতা, (খ) কার্যকাৰিতা আৰু (গ) পৰিবৰ্তনশীল ধর্ম।
(ক) উপকাৰিতাঃ সম্পদৰ সকলোতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্টটো হ’ল সম্পদৰ উপকাৰিতা। প্ৰকৃতিত পোৱা সম্পদ সমূহ সকলো ধৰণৰ মানুহৰ বাবে উপযোগী হোৱা উচিত আৰু মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় মৌলিক প্রয়োজন সমূহ পূৰণ কৰিব পাৰিব লাগিব। সম্পদে মানুহৰ অৰ্থনৈতিক উৎকৰ্ষ সাধন কৰে। সম্পদে মানুহৰ উৎপাদক আৰু উপভোক্তা হিচাপে কাম কৰে। সম্পদে মানৱ জাতীৰ মানৱ কল্যাণ সাধন কৰে।
(খ) কার্যকাৰিতাঃ প্রকৃতিত থকা সকলোবোৰ সম্পদৰে নিজা নিজা কার্যকাৰিতা আছে। এই কার্যকাৰিতাসমূহ মানুহ, জীৱ-জন্তু আদি সকলোৰে বাবে উপযোগিতামূলক হ’ব লাগে। যেনে-
(i) গছ-গছনিৰ পৰা কাঠ, জীৱ-জন্তুৰ বাবে খাদ্য, নিশাহত এৰি দিয়া কার্বন-ডাই অক্সাইড গেছ, বাসস্থান আদি আমি গছ-গছনিৰ পৰা পাওঁ ।
(ii) বিভিন্ন উদ্যোগ সমূহত ব্যৱহাৰ কৰা খনিজ সম্পদসমূহ।
(iii) ধান, মাহ সৰিয়হ আদিৰ খেতি কৰি জীৱন নিৰ্বাহ কৰা মানুহ।
এইদৰেই পৃথিৱীত পোৱা সকলোবোৰ সম্পদৰেই নিজা নিজা কার্যকাৰিতা আছে।
(গ) পৰিৱৰ্তনশীলতাঃ সম্পদৰ আন এটা বৈশিষ্ট্য হৈছে “সম্পদ পৰিৱৰ্তনশীল”। সেয়েহে প্ৰকৃতিত থকা কিছুমান সামগ্ৰী মানুহৰ বাবে-উপকাৰ বা অপকাৰ কোনোটোরেই নহবও পাৰে কিন্তু ভৱিষ্যতে সেই একে সামগ্ৰীয়ে মানুহৰ কল্যাণ হ’ব পাৰে বা মানুহৰ কামত প্ৰয়োজন হ’ব পাৰে। উদাহৰণস্বৰূপে – নিষ্ক্রিয় সামগ্ৰীসমূহ।
Conclusion:
আমি বিশ্বাস কৰোঁ যে এই টোকাবোৰে শিক্ষাৰ্থীসকলক বিষয়বোৰৰ বিষয়ে ভালদৰে বুজাবুজি বিকশিত কৰাত আৰু তেওঁলোকৰ পৰীক্ষাৰ বাবে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰিব।
আমি নিশ্চিত যে এই টোকাবোৰে শিক্ষাৰ্থীসকলক তেওঁলোকৰ লক্ষ্য প্ৰাপ্ত কৰাত আৰু তেওঁলোকৰ শৈক্ষিক প্ৰদৰ্শন বৃদ্ধি কৰাত সহায় কৰিব। যদি আপুনি এই প্ৰবন্ধটো ভাল পায় আৰু সহায়ক হয় তেন্তে আপোনাৰ বন্ধুবৰ্গৰ সৈতে Share কৰিবলৈ নাপাহৰিব।