Class 10 Social Science Chapter 5| ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য|SEBA

Class 10 Social Science Chapter 5| ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য|SEBA: আমাৰ ৱেবছাইটলৈ স্বাগতম! আপোনাৰ শৈক্ষিক যাত্ৰাৰ বাবে আপোনাক দশম শ্ৰেণীৰ Notes প্ৰদান কৰি আমি আনন্দিত।

দশম শ্ৰেণী শিক্ষাৰ্থীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ বছৰ কিয়নো তেওঁলোকে আগন্তুক ব’ৰ্ড পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰে, যি তেওঁলোকৰ শৈক্ষিক সফলতা নিৰ্ধাৰণ কৰিব।

আজি, এই প্ৰবন্ধটোত মই আপোনাৰ দশম শ্ৰেণীৰ “ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য” দীঘলয়া আৰু চুটি প্ৰশ্ন আলোচনা কৰিম| আমি প্ৰায় সকলো দীঘলয়া আৰু চুটি প্ৰশ্ন Solution প্ৰদান কৰিছোঁ।

আমাৰ লক্ষ্য হৈছে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰা। আমি ইয়াত বিনামূলীয়াকৈ Notes সমূহ প্ৰদান কৰিছো। আমি আপোনাক আগন্তুক পৰীক্ষাৰ বাবে শুভেচ্ছা জনাইছো। যদি আপোনাৰ কোনো সন্দেহ আছে তেন্তে আমাৰ সৈতে যোগাযোগ কৰক।

অনুশীলনীৰ প্রশ্নোত্তৰ

অতি চমু প্রশ্নোত্তৰ :

প্রশ্ন ১। সিন্ধু সভ্যতাৰ পূব সীমা গাংগেয় উপত্যকাৰ কোন ঠাইলৈ বিস্তৃত আছিল ?

উত্তৰঃ মীৰাট পর্যন্ত।

প্রশ্ন ২। সিন্ধু সভ্যতাত নাগৰিক সংস্কৃতিৰ বিকাশ কেতিয়া হৈছিল?

উত্তৰঃ খ্ৰীষ্টপূৰ্ব চতুর্থ সহস্রাব্দত।

প্রশ্ন ৩। ঋকবেদৰ আনুমানিক ৰচনা কাল কি?

উত্তৰঃ খ্ৰীষ্টপূর্ব ১৫০০ চনৰ পৰা খ্ৰীষ্টপূৰ্ব ১০০০ চন পর্যন্ত।

প্রশ্ন ৪। ভাৰতত ৰাষ্ট্ৰীয় প্রতীকত থকা ‘সত্যমেব জয়তে’ এই বাক্যশাৰী মূলতঃ কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে?

উত্তৰঃ মুণ্ডক উপনিষদখনৰ পৰা লোৱা হৈছে।

প্রশ্ন ৫। প্রাচীন ভাৰতত ৰচিত ৰাজনীতি বিজ্ঞান বিষয়ক বিখ্যাত গ্ৰন্থখনৰ নাম কি ?

উত্তৰঃ কৌটিল্যৰ অৰ্থশাস্ত্র।

প্রশ্ন ৬। ‘বিবিধতাৰ মাজত একতা’ (Unity in Diversity) এই বাক্যাংশ কোনখন গ্ৰন্থৰ জৰিয়তে স্থায়িত্ব লাভ কৰিলে?

উত্তৰঃ জৱাহৰলাল নেহৰুৰ ‘ভাৰত সম্ভেদ’ গ্ৰন্থৰ জৰিয়তে।

প্রশ্ন ৭ । ভাৰতৰ ভাস্কর্য শিল্পকলাৰ কোনবোৰ শৈলীত গ্রীক-ৰোমান কলা-কৌশলৰ প্রয়োগ হৈছিল ?

উত্তৰঃ গান্ধাৰ শিল্পকলাত।

প্রশ্ন ৮। ভৰত মুনিৰ নাট্যশাস্ত্ৰ কেতিয়া ৰচিত হৈছিল?

উত্তৰঃ খ্ৰীষ্টপূর্ব ২০০ ৰ পৰা খ্ৰীষ্টীয় ২০০ মানৰ ভিতৰত।

প্রশ্ন ৯। ভৰতৰ নাট্যশাস্ত্ৰত কিমানটা শ্লোক আছে?

উত্তৰঃ ৬,০০০ টা।

প্রশ্ন ১০। হেৰাকা আন্দোলন কি?

উত্তৰঃ স্বাধীনতা সংগ্রামী ৰাণী গাইডালুৱে নাগালেণ্ডৰ পৰম্পৰাগত ধর্মবিশ্বাস তথা সংস্কৃতি সংৰক্ষণ তথা পুনৰ প্ৰৱৰ্তন কৰাৰ উদ্দেশ্যে ‘হেৰাকা’ আন্দোলন গঢ়ি তুলিছিল।

প্রশ্ন ১১। নগালেণ্ডৰ ‘হৰ্ণবিল’ উৎসৱ কি জীৱৰ নামত উৎসর্গিত ?

উত্তৰঃ ধনেশ পক্ষীৰ নামত।

প্রশ্ন ১২। ‘চপছৰ কূট’ কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ ?

উত্তৰঃ মিজোৰামৰ

প্রশ্ন ১৩। মিজো শব্দৰ অৰ্থ কি?

উত্তৰঃ পাহাৰৰ বাসিন্দা।

প্রশ্ন ১৪। উত্তৰ-পূৰ্বাঞ্চলৰ কোন ৰাজ্যত মাতৃতান্ত্রিক সমাজ ব্যৱস্থা প্রচলিত?

উত্তৰঃ মেঘালয়ত।

প্রশ্ন ১৫। মণিপুৰী নৃত্য কি মূল বিষয়-বস্তুক আলম কৰি গঢ়ি উঠিছে?

উত্তৰঃ চৈতন্য মহাপ্রভুৰ শৈশৱ, কৃষ্ণলীলা আদিৰ আলম কৰি গঢ়ি উঠিছে।

প্রশ্ন ১৬। অসমৰ প্রাচীন নাম কি আছিল?

উত্তৰঃ প্ৰাগজ্যোতিষপুৰ।

প্রশ্ন ১৭। কি বড়োমূলীয় শব্দৰ পৰা অসম নামটোৰ উৎপত্তি হোৱা বুলি অনুমান কৰা হয় ?

উত্তৰঃ আ-চাম অথবা হা-চোম শব্দৰ পৰা।

প্রশ্ন ১৮। চর্যাপদ মানে কি?

উত্তৰঃ চর্যাপদ মানে কেইটামান সহজযানপন্থীৰ গীত।

প্রশ্ন ১৯। চর্যাপদ কেতিয়া ৰচিত হৈছিল?

উত্তৰঃ খ্ৰীষ্টীয় দশম শতিকাৰ পৰা চতুৰ্দশ শতিকাৰ সময়ছোৱাত।

প্রশ্ন ২০। মাধৱ কন্দলীয়ে কাৰ পৃষ্ঠপোষকতা লাভ কৰি সপ্তকাণ্ড ৰামায়ণ অনুবাদ কৰিছিল?

উত্তৰঃ বৰাহী ৰজা মহামাণিক্য।

প্রশ্ন ২১। অসমৰ গদ্য সাহিত্যৰ সূচনা কোনে কৰিছিল ?

উত্তৰঃ ভট্টদেৱে।

প্রশ্ন ২২। জিকিৰ আৰু জাৰী কোনে ৰচনা কৰিছিল?

উত্তৰঃ চাহ মিলন বা আজান পীৰে।

প্রশ্ন ২৩। আজান পীৰ কোন?

উত্তৰঃ স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত অসমলৈ অহা চুফী সাধক।

প্রশ্ন ২৪। আজানপীৰ কেতিয়া অসমলৈ আহিছিল?

উত্তৰঃ খ্ৰীষ্টীয় ত্রয়োদশ শতিকাত।

প্রশ্ন ২৫। দ-পৰ্বতীয়া শিলৰ তোৰণখন কেতিয়া নির্মিত হৈছিল ?

উত্তৰঃ খ্ৰীষ্টীয় ষষ্ঠ শতিকাত।

প্রশ্ন ২৬। চাংৰুং ফুকন কি দায়িত্বত ন্যস্ত আছিল?

উত্তৰঃ আহোম শাসন ব্যৱস্থাত মঠ-মন্দিৰ, ৰাস্তা-ঘাট, প্ৰসাদ, ঘৰ-দুৱাৰ আদিৰ নিৰ্মাণ কার্য জোখ-মাখ আদি চোৱাচিতা কৰিবলৈ চাংৰুং ফুকনক দায়িত্ব ন্যস্ত কৰা হৈছিল।

প্রশ্ন ২৭। লোক সংগীতত আগবঢ়োৱা অৱদানৰ বাবে অসমৰ কোন শিল্পীক পদ্মশ্রী সন্মান প্ৰদান কৰা হৈছিল?

উত্তৰঃ প্রতিমা পাণ্ডে বৰুৱাক।

প্রশ্ন ২৮। অসমৰ প্ৰথম বাৰ্তালোচনীখনৰ নাম কি?

উত্তৰঃ অৰুণোদয়।

প্রশ্ন ২৯। উত্তৰ-পূৰ্বাঞ্চলৰ অষ্ট্ৰিক নৃ-গোষ্ঠীৰ অন্তৰ্ভুক্ত জনজাতিটো কি?

উত্তৰঃ খাছীয়া লোকসকল।

প্রশ্ন ৩০। ৰচয়িতাসকলৰ নাম লিখা :

(ক) অর্থশাস্ত্র, (খ) হস্তিবিদ্যাৰ্ণৱ, (গ) কীৰ্ত্তন, (ঘ) নামঘোষা, (ঙ)চোৰধৰা পিম্পৰা গুচোৱা, (চ) কালিয় দমন, (ছ) ৰামবিজয়, (জ) কথা গীতা, (ঝ) ৰাজতৰঙ্গিনী, (ঞ) ভাৰত সম্ভেদ ।

উত্তৰঃ

(ক) অর্থশাস্ত্রকৌটিল্য
(খ) হস্তিবিদ্যাৰ্ণৱসুকুমাৰ বৰকাইথ
(গ) কীৰ্ত্তনশংকৰদেৱ
(ঘ) নামঘোষামাধৱদেৱ
(ঙ) চোৰ ধৰা পিম্পৰা গুচোৱামাধৱদেৱ
(চ) কলিয় দমনশংকৰদেৱ
(ছ) ৰামবিজয়শংকৰদেৱ
(জ) কথা গীতাভট্টদেৱ
(ঝ) ৰাজতৰঙ্গিনীকলহন
(ঞ) ভাৰত সম্ভেদজৱাহৰলাল নেহৰু।

চমু প্রশ্নোত্তৰ :

প্রশ্ন ১। খ্ৰীষ্টীয় ষষ্ঠ শতিকাৰ পিছত ভাৰতলৈ অহা দুটা বিদেশী জাতিৰ নাম লিখা ?

উত্তৰঃ খ্ৰীষ্টীয় ষষ্ঠ শতিকাৰ পিছত ভাৰতলৈ অহা দুটা বিদেশী জাতিৰ নাম হ’ল—

(ক) দ্রাবিড়সকল বা মেডিটেৰেনিয়াম আৰু (খ) নার্ডিক আর্যসকল।

প্রশ্ন ২ । সিন্ধু উপত্যকাত আৱিষ্কৃত হোৱা ধৰ্মীয় উদ্দেশ্যত ব্যৱহৃত হোৱা দুটা মূৰ্ত্তিৰ নাম লিখা।

উত্তৰঃ (ক) পশুপতি সদৃশ মূৰ্ত্তি আৰু (খ) শিৱ লিঙ্গ।

প্রশ্ন ৩। আষ্ট্ৰিকসকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান উল্লেখ কৰা। [HSLC 2017]

উত্তৰঃ

(ক) কুঁহিয়াৰৰ পৰা গুৰ তৈয়াৰ কৰা কৌশল

(খ) কপাহৰ পৰা সূতা তৈয়াৰ আৰু কাপোৰ বোৱা কৌশল।

প্রশ্ন ৪ । ভাৰতীয় সংস্কৃতিত বৰ্ণাঢ্যতা সৃষ্টিৰ ক্ষেত্ৰত ভৌগোলিক পৰিস্থিতিয়ে কিদৰে ভূমিকা গ্ৰহণ কৰিছে?

উত্তৰঃ বর্ণাঢ্য ভাৰতীয় সংস্কৃতিৰ উৎপত্তি তথা সংৰক্ষণ কৰাৰ ক্ষেত্ৰত দেশখনৰ বিশালতা আৰু বিভিন্ন ভৌগোলিক পৰিস্থিতিয়ে ভূমিকা গ্ৰহণ কৰি আহিছে। কৃষি উপযোগী সাৰুৱা ভূমি, যাতায়াত যোগাযোগৰ বাবে সুচলতা আৰু প্ৰাকৃতিক সম্পদৰ গুণত কোনোবাটো অঞ্চল হয়তো আর্থিকভাৱে অধিকতৰ স্বচ্ছল আৰু অন্য সংস্কৃতিৰ সৈতে সংস্পৰ্শ সঘনাই হৈছে।আকৌ অন্য কোনোবাটো অঞ্চল হয়তো এই সুবিধাবোৰৰ অভাৱত বিচ্ছিন্ন, কষ্টসাধ্য জীৱন-যাপন কৰিবলগীয়া হৈছে।

প্রশ্ন ৫। বেদৰ চাৰিখন সংহিতাৰ নাম লিখা

উত্তৰঃ ঋক, যজু, সাঁম আৰু অথর্ব বেদ।

প্রশ্ন ৬। অশোকৰ দ্বাদশ মুখ্য শিলা-লিপিত ধর্মীয় উদাৰতাৰ বিষয়ে কি কথা লিখা আছে?

উত্তৰঃ “কোনেও একমাত্র নিজৰ ধৰ্মটোক মাত্র প্রশংসা আৰু আনৰ ধৰ্মটোক হীন বুলিব নালাগে।”

প্রশ্ন ৭। সাংস্কৃতিক বহুত্ববাদ মানে কি?

উত্তৰঃ সাংস্কৃতিক বহুত্ববাদ মানে কোনো এখন সমাজৰ সাংস্কৃতিক বিবিধতা আৰু বিবিধতাৰ প্ৰতি থকা শ্ৰদ্ধাৰ মনোভাৱক বুজায়।

প্রশ্ন ৮। ভাৰতৰ প্ৰাচীন যুগৰ দুগৰাকী বিজ্ঞানীৰ নাম লিখা। [HSLC 2018]

উত্তৰঃ আর্যভট্ট আৰু বৰাহমিহিৰ।

প্রশ্ন ৯। প্রাচীন ভাৰতৰ দুখন চিকিৎসা শাস্ত্ৰৰ নাম লিখা।

উত্তৰঃ চৰক সংহিতা আৰু সুশ্ৰুত সংহিতা।

প্রশ্ন ১০। ভাৰতীয় চিত্রকলাক কি কি ভাগত ভগাব পাৰি? [HSLC 2017]

উত্তৰঃ দুটা ভাগত ভগাব পাৰি। যেনে—

(ক) বৃহদাকাৰ দেৱাল চিত্ৰ আৰু (খ) ক্ষুদ্ৰাকাৰ চিত্ৰ ।

প্রশ্ন ১১। চিত্ৰকলাৰ প্ৰতি পৃষ্ঠপোষকতা আগবঢ়োৱা দুগৰাকী মোগল বাদছাহৰ নাম লিখা।

উত্তৰঃ আকবৰ আৰু জাহাঙ্গীৰ ৷

প্রশ্ন ১২। ক্ষুদ্ৰাকাৰ চিত্ৰযুক্ত অসমৰ দুখন সাঁচিপতীয়া পুথিৰ নাম লিখা। [HSLC 2018]

উত্তৰঃ হস্তীবিদ্যাৰ্ণৱ আৰু গীত গোৱিন্দ।

প্রশ্ন ১৩। হস্তিবিদ্যাৰ্ণৱ গ্ৰন্থখনৰ চিত্ৰকৰ দুগৰাকীৰ নাম লিখা।

উত্তৰঃ দিলবৰ আৰু দোচাই ৷

প্রশ্ন ১৪। ঝুমখেতি মানে কি?

উত্তৰঃ পাহাৰৰ এঢলীয়া মাটিত খাজ কাটি কৰা খেতিক ঝুমখেতি বুলি কোৱা হয়৷

প্রশ্ন ১৫। জেং বিহু মানে কি?

উত্তৰঃ উজনি অসমৰ মহিলাসকলে নির্জন স্থানত পুৰুষে নেদেখাকৈ যি বিহু পাতে তাকে জেং বিহু বোলে।

প্রশ্ন ১৬। ওজাপালিৰ দুটা ভাগৰ নাম কোৱা। [HSLC 2019]

উত্তৰঃ ওজাপালিৰ দুটা ভাগ হ’ল – (ক) বাসৰ ওজা আৰু (খ) সুকনান্নী ওজা ।

প্রশ্ন ১৭। ভাৰতবৰ্ষৰ দুগৰাকী দার্শনিকৰ নাম লিখা। [HSLC 2017]

উত্তৰঃ ৰামানুজন আৰু ইজমিনি।

প্রশ্ন ১৮। আহোম ৰাজত্বকালত ৰচিত দুখন বুৰঞ্জীৰ নাম লিখা।

উত্তৰঃ কছাৰী বুৰঞ্জী আৰু জয়ন্তীয়া বুৰঞ্জী।

প্রশ্ন ১৯। বিহুৰ সমধৰ্মী হিচাপে নামনি অসমত উদ্যাপিত হোৱা দুটা স্থানীয় উৎসৱ উল্লেখ কৰা।

উত্তৰঃ পুৰণি কামৰূপৰ ভঠেলি আৰু পুৰণি গোৱালপাৰা জিলাৰ বাঁসপূজা।

প্রশ্ন ২০। দৰঙৰ দুবিধ লোক নৃত্যৰ নাম লিখা। [HSLC 2020]

উত্তৰঃ দেওধনী নৃত্য আৰু বৰঢুলীয়া ।

প্রশ্ন ২১। ভাৰতত থকা মূল নৃ-গোষ্ঠীয়কেইটা কি কি?

উত্তৰঃ দ্রাবিড়সকল, আৰ্যসকল, মংগোলীয় গোষ্ঠী।

প্রশ্ন ২২। ভাৰতীয় সংস্কৃতিত অনৈক্যৰ মাজত একতা সৃষ্টিকাৰী তিনিটা কৰক উল্লেখ কৰা।

উত্তৰঃ (ক) ভাষিক, (খ) ধৰ্মীয় আৰু (গ) ভৌগোলিক কাৰক।

প্রশ্ন ২৩। প্রাচীন ভাৰতত স্থাপত্য নিদর্শন সমূহক ঘাইকৈ কি কি ভাগত ভগোৱা হৈছে। [HSLC 2018 ]

উত্তৰঃ প্রাচীন ভাৰতৰ স্থাপত্য নিদর্শন সমূহক ঘাইকৈ (ক) উত্তৰ ভাৰতীয় নগৰ (খ) দক্ষিণ ভাৰতীয় দ্রাবিড় (গ) বিন্ধ্য আৰু কৃষ্ণ নদীৰ মাজভাগত দেখিবলৈ পোৱা ৱেচৰ শৈলীত ভগোৱা হয়।

প্রশ্ন ২৪। ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্যৰ ক্ষেত্ৰত ‘সাংস্কৃতিক একতাৰ জালিকা’ বুলিলে কি বুজা লিখা।

উত্তৰঃ ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্যৰ ক্ষেত্ৰত ‘সাংস্কৃতিক একতাৰ জালিকা’বুলি বুজা যায়। কিয়নো ভাৰতবৰ্ষৰ বিভিন্ন ভৌগোলিক পৰিৱেশ, ভাস্কর্য, স্থাপত্য, চিত্র-কলা, সংগীত তথা নৃত্য আদিৰে বিভিন্ন জাতি জনজাতিৰে গঢ় লৈ উঠিছে। সমগ্ৰ ভাৰতবৰ্ষলৈ বিভিন্ন ক্ষেত্ৰত বিবিধতাৰ সৃষ্টি কৰিলেও একতাৰ বান্ধোনেৰে বান্ধ খাই আছে।

প্রশ্ন ২৫। UNESCO ৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্র হিচাপে তালিকাভুক্ত হোৱা ভাৰতৰ তিনিটা স্থাপত্য উল্লেখ কৰা।

উত্তৰঃ (ক) সাঁচীৰ স্তূপ, (খ) অজন্তাৰ গুহাসমুহ, (গ) তাজমহল।

প্রশ্ন ২৬। ভাৰতৰ ভাস্কর্য শিল্পৰ ক্ষেত্ৰত কি কি মূৰ্তি নিৰ্মাণ কৰা হৈছিল ?

উত্তৰঃ গৌতম বুদ্ধ, মহাবীৰ, হিন্দুৰ দেৱ-দেৱী, যক্ষ-যক্ষিণী, অপেশ্বৰী, হিন্দু তথা বৌদ্ধ ধৰ্মৰ লগত জড়িত বিভিন্ন জীৱ-জন্তুৰ মূৰ্ত্তি আদি ।

প্রশ্ন ২৭। ভাৰতৰ ভাস্কর্য শিল্প-কলাৰ তিনিটা প্ৰাচীন শৈলী কি কি? [HSLC 2018]

উত্তৰঃ (ক) গান্ধাৰ শিল্পকলা, (খ) মথুৰা শিল্পকলা, (গ) অমৰাৱতী শিল্পকলা।

প্রশ্ন ২৮। দেৱাল চিত্ৰৰ নিদৰ্শন থকা ভাৰতৰ তিনিখন ঠাইৰ নাম উল্লেখ কৰা।

উত্তৰঃ মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ আৰু তামিলনাড়ু।

প্রশ্ন ২৯। মোগল যুগৰ ক্ষুদ্ৰাকাৰ চিত্ৰ সম্বলিত তিনিখন গ্ৰন্থৰ নাম লিখা।

উত্তৰঃ (ক) পাদছাহনামা, (খ) তুতিনামা আৰু (গ) জাহাঙ্গীব নামা।

প্রশ্ন ৩০। চিত্ৰকলাৰ ষড়াংগ মানে কি বুজা?

উত্তৰঃ চিত্ৰকলাৰ ষড়াংগ মানে চিত্র অংকনৰ বাবে প্ৰয়োজনীয় আকৃতি জোখ-মাখ, আবেগ-অনুভূতি প্রকাশক কৌশল, কলাত্মক উপস্থাপন, সাদৃশ্য জ্ঞান আৰু তুলিকা ব্যৱহাৰৰ নিয়মক বুজায়।

প্রশ্ন ৩১। ভাৰতৰ যোগবিদ্যাৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ যোগবিদ্যা ভাৰতৰ এক গৌৰৱময় সাংস্কৃতিক ঐতিহ্য আৰু সমগ্ৰ মানৱ সমাজলৈ ই এক অৱদান। বৈদিক যুগত এই বিদ্যাৰ বহুল চৰ্চা হৈছিল। আনুমানিক খ্ৰীষ্টীয় দ্বিতীয় শতিকাত মহৰ্ষি পতঞ্জলিয়ে যোগমন্ত্ৰ নামৰ গ্ৰন্থ সংকলন কৰি এই বিদ্যাক এক সু- সংহত ৰূপ দিয়ে। তেওঁ এই বিদ্যাক শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক উৎকর্ষ সাধনৰ এক সচেতন সক্রিয় পদ্ধতি হিচাপে আৰু জীৱন-যাপনৰ সম্পূৰ্ণ প্ৰণালী হিচাপে এক দৰ্শনৰ ৰূপত গঢ় দিছিল।

প্রশ্ন ৩২। ভাৰতৰ স্থাপত্য কলাৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ ভাৰতৰ স্থাপত্য কলাৰ তিনিটা বৈশিষ্ট্য হ’ল—

(ক) ভাৰতৰ স্থাপত্য শিল্পৰ প্ৰাচীন নিদর্শন ঘাইকৈ মঠ-মন্দিৰ, স্তূপ আদি ধর্মীয় উপাসনা গৃহসমূহ। এই মন্দিৰসমূহ হিন্দু বাস্তৱশাস্ত্র অনুযায়ী নিৰ্মাণ কৰা হৈছিল।

(খ) কিছুমান মন্দিৰৰ প্ৰধান শিখৰসমূহৰ লগতে কিছুমান ক্ৰমে চাপৰ হৈ অহা সহযোগী শিখৰ পৰ্বত্ৰ শৃংগৰ দৰে নিৰ্মাণ কৰা হৈছিল।

(গ) দক্ষিণ ভাৰতীয় মন্দিৰসমূহৰ ওপৰৰ অংশ আয়তাকাৰে ক্ৰমে ওপৰলৈ সৰু হৈ যোৱা ৷

প্রশ্ন ৩৩। ৰঙালি বিহুৰ সাতদিনক কি কি নামেৰে জনা যায় ?

উত্তৰঃ ৰঙালি বিহুৰ সাতদিনক ক্ৰমে – (ক) গৰু বিহু, (খ) মানুহ বিহু, (গ) গোঁসাই বিহু, (ঘ) কুটুম বিহু, (ঙ) চেনেহী বিহু, (চ) মেলা বিহু (ছ) চেৰা বিহু বুলি জনা যায়।

প্রশ্ন ৩৪। কামৰূপী লোকগীত আৰু গোৱালপৰীয়া লোকগীতৰ মূল বিষয়বস্তু কি?

উত্তৰঃ কামৰূপী লোকগীত আৰু গোৱালপৰীয়া লোকগীতৰ মূল বিষয়বস্তু হ’ল—

জীৱনৰ সুখ-দুখৰ, দেহৰ ক্ষণভংগুৰতা, জীৱনত ঈশ্বৰ চিন্তাৰ গুৰুত্ব, দেৱ-দেৱীৰ প্ৰশস্তি আদিক লৈ এই লোকগীতসমূহ ৰচিত হয়।

প্রশ্ন ৩৫। অসমৰ প্ৰাচীন নাম কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ উল্লেখ থকা তিনিখন গ্ৰন্থৰ নাম লিখা।

উত্তৰঃ ৰামায়ণ, মহাভাৰত আৰু বিষ্ণুপুৰাণ।

ৰচনাধৰ্মী প্রশ্নোত্তৰ:

প্রশ্ন ১। ভাৰতৰ সাংস্কৃতিক বহুত্ববাদৰ উৎপত্তি আৰু বিকাশৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ ভাৰতীয় সংস্কৃতিৰ দুটা বিশেষ বৈশিষ্ট্য হ’ল—

(ক) সাংস্কৃতিক বহুত্ববাদ আৰু (খ) বৈচিত্র্যৰ মাজত একতা।

সাংস্কৃতিক বহুত্ববাদে কোনো এখন সমাজৰ সাংস্কৃতিক বিবিধতা আৰু ইয়াৰ প্ৰতি থকা শ্ৰদ্ধাৰ মনোভাৱক বুজায়। ভাৰতৰ বিভিন্ন অঞ্চলত বিভিন্ন জাতি উপজাতিয়ে তেওঁলোকৰ পৃথক পৃথক স্বকীয় কৃষ্টি সংস্কৃতিৰ সংৰক্ষণ তথা সংবর্ধন কৰিব বিচৰাৰ সময়তে আনব কৃষ্টি-সংস্কৃতিৰ সৈতে সমৱৰ্মিতা আৰু সন্মানৰ ভাৱ পোষণ কৰা দেখা যায়। ভাৰতীয় সংস্কৃতিৰ ‘বিবিধতাৰ মাজত একতা’ (Unity in Diversity) বাক্যাংশ স্বাধীনতা আন্দোলনৰ সময়ত মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, আবুল কালাম আজাদ, সুভাষচন্দ্র বসু আদি নেতাই জনপ্ৰিয় কৰি তুলিছিল। জৱাহৰলাল নেহৰুৰ ‘ভাৰত সম্ভেদ (Discovery of India) গ্ৰন্থখনিৰ জৰিয়তে ই স্থায়িত্ব লাভ কৰিলে। ভাৰতৰ ভাষিক, ধর্মীয়, ভৌগোলিক, আর্থিক আদি অনেক ক্ষেত্ৰত অনেক বিবিধতা থকা সত্ত্বেও ভাৰতীয় সকলে এক ঐক্যবদ্ধ অনুভূতিৰে সাঙোৰ খাই থকা দেখা যায়। এই আত্মীয়তা সৃষ্টি কৰাৰ ক্ষেত্ৰত বিভিন্ন কাৰকে ক্ৰিয়া কৰি আহিছে। হিন্দুধৰ্মৰ স্বকীয় বহুত্ববাদী তথা উদাৰতা, বিভিন্ন সময়ত গঢ়ি উঠা সাম্ৰাজ্যসমূহে সৃষ্টি কৰা ৰাজনৈতিক একতাৰ ইতিহাস; বিভিন্ন যুগৰ শাসকসকলৰ ধৰ্মীয় তথা সাংস্কৃতিক উদাৰতাই ইয়াত অৰিহণা যোগাই আহিছে। ৰামায়ণ আৰু মহাভাৰত গ্ৰন্থ দুখনে ভাৰতৰ বিভিন্ন প্রান্তক মূল সাংস্কৃতিক সুঁতিৰ লগত সাঙুৰি সৃষ্টি কৰা এক সাংস্কৃতিক পৰিয়ালৰ অনুভূতি আদিয়ে এই ক্ষেত্ৰত বিশেষ ভূমিকা গ্রহণ কৰি আহিছে। এইবোৰৰ উপৰি এক বিশেষ সাংস্কৃতিক যোগাযোগৰ দ্বাৰা দেশখনৰ প্ৰতিটো গোট পৰস্পৰ বন্ধনযুক্ত হৈ থকা দেখা যায়। যিবোৰ বিষয়ত বিবিধতাৰ সৃষ্টি হৈছে সেইবোৰেই আকৌ অন্য ধৰণে ঐক্যবদ্ধ কৰাও দেখা যায়। দুটা গোট আঞ্চলিকভাৱে বিচ্ছিন্ন তেওঁলোকে হয়তো ভাষিকভাৱে অথবা ধর্মীয়ভাৱে ঐক্যবদ্ধ; কোনোবা ধর্মীয়ভাৱে পৃথক তেওঁলোক হয়তো ভাষিকভাৱে অথবা ভৌগোলিকভাৱে বন্ধনযুক্ত ৷

প্রশ্ন ২। ভাৰতৰ প্ৰাচীন যুগত ৰচিত সংস্কৃত সাহিত্যৰাজিত ভাৰতীয় সভ্যতা-সংস্কৃতিৰ আত্মা নিহিত হৈ আছে বুলি সম্ভৱতঃ অতিৰঞ্জিত কৰা নহ’ব— বাক্যশাৰীৰ ভাবাপ আলোচনা কৰা।

উত্তৰঃ ভাৰতৰ প্ৰাচীন যুগত ৰচিত সংস্কৃত সাহিত্যৰাজিত ভাৰতীয় সভ্যতা-সংস্কৃতিৰ আত্মা নিহিত হৈ আছে বুলি ক’ব পাৰি। বেদৰ সংহিতা, ব্ৰাহ্মণ, আৰণ্যক আদি উপনিষদসমূহ, ৰামায়ণ আৰু মহাভাৰত মহাকাব্যদ্বয়, গীতা, পুৰাণসমূহ, বেদাংগসমূহ (জ্যোতিষ, ব্যাকৰণ, ছন্দ, নিৰুক্ত, কল্প আৰু শিক্ষা); ৰাজনীতি বিষয়ক গ্রন্থ কৌটিল্যৰ অৰ্থশাস্ত্র, চিকিৎসা বিষয়ক চৰক সংহিতা, সুশ্ৰুত সংহিতা, কালিদাস, শূদ্রক, বাণভট্ট আদি লিখকৰ বিশুদ্ধ সাহিত্যৰাজি ভাৰতীয় সাহিত্যৰ উজ্জ্বল নিদর্শন।

কপিল, পটঞ্জলি, গৌতম, বাদৰায়ণ, কণাদ, জৈমিনি, ৰামানুজ, মধ্বাচার্য আদি দার্শনিকর দৰ্শনৰ গ্ৰন্থসমূহ বুৰঞ্জীমূলক গ্ৰন্থ কলহনৰ ৰাজতৰংগিণী; আর্যভট্ট, বৰাহমিহিৰ, ব্রহ্মগুপ্ত, প্রথম আৰু দ্বিতীয় ভাস্কৰাচাৰ্য আৰু মহৰ্ষি ভৰদ্বাজ আদি বিজ্ঞানীৰ বিভিন্ন গ্রন্থ; দক্ষিণ ভাৰতৰ সংগম সাহিত্য আদি গ্ৰন্থৰাজিয়ে ভাৰতীয় লোকৰ সাহিত্যৰুচি আৰু জ্ঞান পিপাসৰ পৰিচয় দিয়ে। এইসমূহে জীৱন আৰু জগত সম্পর্কে দৃষ্টিভংগী, ধর্মবিশ্বাস, বিজ্ঞান মানসতা আৰু কাৰিকৰী জ্ঞান, ৰাজনীতি, চিকিৎসা আদি বিস্তৃত ক্ষেত্ৰত প্রাচীন কালত ভাৰতীয়সকলে আহৰণ কৰা জ্ঞানৰ স্তৰকো প্রতিফলিত কৰে। এই গ্রন্থসমূহ সৃষ্টিকর্তা মনীষীসকলৰ কঠোৰ সাধনাৰ জৰিয়তে আহৰণ কৰা গভীৰ অন্তর্দৃষ্টি আৰু অক্লান্ত বৌদ্ধিক সাধনাৰ ফচল। এই গ্ৰন্থসমূহে ভাৰতীয়সকলৰ সমাজ ব্যৱস্থা, মনস্তত্ত্ব, সাহিত্য চেতনা, সৰ্বৰ্ভাৰতীয় সাংস্কৃতিক ঐক্যবোধ আদি গঢ়ি তোলাৰ ক্ষেত্ৰত গভীৰ প্ৰভাৱ পেলাইছিল। হিন্দুধৰ্মৰ চাৰি বৰ্ণাশ্রম ব্যৱস্থা, পিতৃ-মাতৃ, গুৰু, অতিথি, বিদ্যা আৰু বিদ্বানৰ প্ৰতি ভাৰতীয় সংস্কৃতিত থকা শ্ৰদ্ধাৰ শিক্ষা এই গ্ৰন্থৰাজিয়ে প্ৰসাৰ কৰিছিল। সেইদৰে জন্মান্তৰবাদ, অৱতাৰবাদ, মোক্ষ, স্বৰ্গ, নৰক, পাপ-পূণ্য আদিৰ ধাৰণাও এই গ্ৰন্থৰাজিয়ে জনপ্ৰিয় কৰি তুলিছে। এই গ্ৰন্থৰাজিত থকা ‘সত্যমেৱ জয়তে’ (মুণ্ডক উপনিষদ), ‘অহিংসা পৰম ধৰ্ম (মহাভাৰত), ‘জননী জন্মভূমিশ্চ স্বর্গাদপিগৰিয়সী’ (ৰামায়ণ), ‘বসুধৈৱ কুটুম্বকম্’ (মহোপনিষদ); আদি বিশ্বজনীন অমোঘ বাণীসমূহে ভাৰতীয় মূল্যবোধৰ ভেটিটো গঢ় দিছে । অসত্যৰ বিপৰীতে সত্যৰ প্ৰতি, অজ্ঞান আন্ধাৰৰ বিপৰীতে জ্ঞানালোকৰ প্ৰতি আৰু মৃত্যুৰ (জড়তাৰ) বিপৰীতে অমৃতময়ীতালৈ (চেতনা) নিয়াৰ প্ৰাৰ্থনা ‘অসতো মা সদ্‌গময় তসমোসা জ্যোতির্গময়, মৃত্যুমাঅমৃতম গময়’ আদি অমোঘবাণী সমূহেও সামগ্রিকভাৱে ভাৰতীয় সমনস্তত্ত্বক প্ৰেৰণা যোগাই আহিছে। সংস্কৃত ভাষাত ৰচিত এই বৌদ্ধিক সৃষ্টিকৰ্মসমূহৰ কিছুমান পৰৱৰ্তী সময়ত ভাৰতৰ বিভিন্ন প্ৰান্তীয় ভাষালৈ অনূদিত হৈছিল। ইয়াৰে বহু কথা পৰিয়ালসমূহত বংশানুক্রমিকভাৱে, মৌখিকভাৱে, সমূহীয়া নাম-কীৰ্তনৰ ৰূপত আৰু সামাজিক ৰীতি-নীতিৰ ৰূপত প্ৰবাহমান হৈ আছে। এই গ্ৰন্থৰাজিৰ বহু সাৰমৰ্ম উত্তৰ পুৰুষসকলে মূল্যবোধ হিচাপে জীৱনত প্ৰয়োগ কৰি আহিছে।

প্রশ্ন ৩। ভাৰতৰ ধৰ্মীয় ঐতিহ্যৰ বিষয়ে লিখা।

উত্তৰঃ ধৰ্ম আৰু আধ্যাত্মিকতাই ভাৰতীয় লোকৰ ব্যক্তিগত আৰু সামাজিক জীৱন আৰু সভ্যতা সংস্কৃতিৰ সকলো ক্ষেত্ৰতে গভীৰভাৱে প্ৰভাৱিত কৰিছে । সাহিত্য, স্থাপত্য, ভাস্কর্য, সংগীত, নৃত্য, চিত্রকলা, নৈতিকতা, জীৱন আৰু জগত সম্পৰ্কে দৃষ্টিভংগী, সামাজিক ৰীতি-নীতি, উৎসৱ-পাৰ্বণ আদিত ইয়াৰ প্ৰভাৱ পৰা দেখা যায়। ভাৰতত প্ৰাচীনতম ধৰ্মীয় পৰম্পৰাই নতুন নতুন বিশ্বাস, ৰীতি-নীতিৰ ক্ষেত্ৰত সহবর্তিতা, সংযোজন আৰু সংমিশ্ৰণৰ ক্ষেত্ৰত এক দ্বিধাহীন নীতি গ্ৰহণ কৰিছিল ৷ ইয়াৰ লগতে স্বকীয় নীতিৰ সংস্কাৰ সংশোধন, নতুন ব্যাখ্যা আৰু বিৰোধৰ প্ৰতিও শ্ৰদ্ধাৰ ভাব ৰাখিছিল। এনে দৃষ্টিভংগীৰ বাবেই ভাৰতত বেদৰ কেতবোৰ মূল তত্ত্বৰ বিৰোধিতা কৰা সত্ত্বেও খ্রীষ্টপূর্ব ষষ্ঠ শতিকাত আত্মপ্রকাশ কৰা বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মৰ সৈতে বৈদিক হিন্দুধৰ্মৰ সংঘৰ্ষ হোৱা নাছিল। একেটা কাৰণতে হিন্দুধৰ্মৰ ভিতৰতেই অনেক পন্থাৰ উদ্ভৱ হৈছিল। পৰৱৰ্তী কালৰ বিভিন্ন ৰাজবংশই ধর্মীয় উদাৰতাৰ নীতিটো অনুসৰণ কৰা দেখা যায়। এই ক্ষেত্ৰত খ্রিষ্টপূর্ব তৃতীয় শতিকাত সম্রাট অশোকৰ গিৰ্ণাৰত থকা ১২ নং মুখ্য শিলালেখখনত লিপিত হৈছে যে কোনেও একমাত্ৰ নিজৰ ধৰ্মটোকে মাত্র প্রশংসা আৰু আনৰ ধৰ্মক হীন বুলিব নালাগে । বৰং সকলো ধৰ্মৰ সাৰ গ্ৰহণ কৰি সমন্বয়ৰ বাট অনুসৰণ কৰিব লাগে বুলিহে সম্রাট অশোকে ঘোষণা কৰিছিল। পৰৱৰ্তী সময়ত বিশ্বৰ বিভিন্ন প্ৰান্তত উদ্ভৱ হোৱা থ্রিষ্টিয়ান, ইছলাম, জোৰষ্ট্ৰাব, ইহুদী আদি ধৰ্মৰো ভাৰতলৈ আগমন ঘটিছিল। শাস্ত্ৰ নিৰ্ভৰ ধৰ্মবোৰৰ উপৰি ভাৰতৰ চুকে কোণে বিভিন্ন বিশ্বাস তথা ৰীতি-নীতিৰে অনেক জনজাতীয় ধর্মপন্থা দেখা যায়।

প্রশ্ন ৪। উত্তৰ-পূৰ্বাঞ্চলৰ এক উমৈহতীয়া সুকীয়া পৰিচয় কেনেকৈ সৃষ্টি হৈছে?

উত্তৰঃ উত্তৰ-পূৰ্বাঞ্চল শব্দটো ঔপনিৱেশিক ব্ৰিটিছ শাসকসকলে উদ্ভাৱন কৰিছিল। এই শব্দটোৱে সামৰি লোৱা অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আৰু অসমৰ প্ৰত্যেকৰে নিজা নিজা কৃষ্টি-সংস্কৃতি, ৰাজনৈতিক ইতিহাস আছে। উত্তৰ-পূৰ্বাঞ্চলৰ এক উমৈহতীয়া সুকীয়া পৰিচয় সৃষ্টি হোৱাৰ ক্ষেত্ৰত অঞ্চলটোৰ ভৌগোলিক পৰিস্থিতিয়ে বিশেষ ভূমিকা গ্ৰহণ কৰিছে। অসমৰব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সাৰুৱা সমতল ভূমিখণ্ডক মাজভাগত লৈ উত্তৰ, পূব আৰু দক্ষিণ দিশত অন্য ৰাজ্যকেইখনে আগুৰি আছে। এই ৰাজ্যকেইখন আকৌ ভূটান, চীন, ম্যানমাৰ, বাংলাদেশ এই বিদেশী ৰাষ্ট্ৰকেইখনৰ দ্বাৰা আবৃত। অসমৰ চুবুৰীয়া আটাইকেইখন ৰাজ্যই পাহাৰীয়া৷ এনে পৰিস্থিতিত যাতায়াত, যোগাযোগৰ ক্ষেত্ৰত অসম আটাইৰে সুবিধাজনক, সুচল কেন্দ্ৰীয় স্থল হিচাপে পৰিগণিত হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে পাহাৰীয়া লোকসকলৰ মাজত মিছনেৰীসকলে শ্ৰীষ্টীয়ান ধৰ্মৰ প্ৰসাৰ ঘটায়। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ ভিতৰত অসমত আর্যভাষা আৰু হিন্দুধৰ্মৰ প্ৰসাৰ অতি প্রাচীন কালতেই ঘটিছিল। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যত অনেক গোষ্ঠীগত ফৈদ তথা শাখা-প্রশাখাৰে সৈতে বহু সংখ্যক জনগোষ্ঠীগত লোকে বসবাস কৰে। পৰম্পৰাগত পোছাক, নৃত্য, গীত, বাদ্য, উৎসৱ, ৰীতি-নীতি আদিৰে বৰ্ণিল সংস্কৃতি প্ৰতিখন ৰাজ্যত দেখিবলৈ পোৱা যায়।

প্রশ্ন ৫। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ধৰ্মীয় বাতাবৰণৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত পাহাৰীয়া লোকসকলৰ মাজতেই মিছনেৰীসকলে খ্ৰীষ্টিয়ান ধৰ্মৰ প্ৰসাৰ ঘটায়। অতি প্রাচীন কালতেই প্ৰসাৰ ঘটিছিল অসমত আর্যভাষা আৰু হিন্দুভাষাৰ। ইয়াৰ পাছত মণিপুৰ আৰু ত্ৰিপুৰাতো হিন্দু ধৰ্মৰ প্ৰসাৰ ঘটিছিল।

পাহাৰীয়া জনজাতিসকলৰ মাজত প্রকৃতি-প্রাণবাদী বিশ্বাস তথ্য ৰীতি-নীতি, সমান্তৰালভাৱে এতিয়াও চলি আছে। উদাহৰণস্বৰূপে অৰুণাচলৰ বহুসংখ্যক লোক হিন্দু, খ্ৰীষ্টিয়ান আৰু বৌদ্ধ ধর্মাৱলম্বী, একে সময়তে বিভিন্ন স্থানীয় দেৱ-দেৱীৰ লগতে ডনিপ’ল অর্থাৎ চন্দ্ৰ, সূর্য তেওঁলোকৰ জনপ্ৰিয় দেৱতা। মণিপুৰৰ মেইটেই সম্প্ৰদায়ৰ অধিকাংশ লোক চৈতন্যপন্থী বৈষ্ণৱ ধৰ্মাৱলম্বী। বৈষ্ণর ধৰ্মৰে প্ৰভাৱিত গীত, বাদ্য, নৃত্য এওঁলোকৰ মাজত দেখা যায়। মণিপুৰী সকলৰ একাংশৰ মাজত এতিয়াও প্রকৃতি প্রাণবাদী ধর্মপন্থাৰ প্ৰচলন আছে। ত্ৰিপুৰাৰ অধিকাংশ লোকেই হিন্দু ধৰ্মাৱলম্বী আৰু বংগীয় সংস্কৃতিৰ দ্বাৰা প্ৰভাৱিত। বিভিন্ন জনগোষ্ঠীয় উপাদানেৰে ত্ৰিপুৰাত এক সংমিশ্রিত সংস্কৃতি দেখা যায়। মেঘালয়ৰ পূৰ্বৰ প্ৰকৃতি উপাসক খাছী, গাৰো, জয়ন্তীয়া আদি লোকসকলে ১৮৩০ চনৰ পৰা ক্ৰমে খ্ৰীষ্টিয়ান ধৰ্মত দীক্ষিত হ’ব ধৰে আৰু বৰ্তমান সত্তৰ শতাংশতকৈ অধিক লোক খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী।

প্রশ্ন ৬। অসমত আর্য-অনার্য সকলোৰে সমন্বিত অৱদানেৰে এক সংমিশ্ৰিত সংস্কৃতিৰ উৎপত্তি হৈছে।’ এই প্ৰসংগটো চমুকৈ আলোচনা কৰা।

উত্তৰঃ অসমৰ পাহাৰ আৰু ভৈয়াম উভয়তে বিভিন্ন জনজাতি আৰু অজস্র ক্ষুদ্র ক্ষুদ্র জনজাতীয় জনগোষ্ঠী বিৰাজমান। ড°ভেঙ্কটা ৰাওৰ মতে অসমত মুঠতে ৬১ টা প্রধান জনজাতি আৰু অজস্র ক্ষুদ্র ক্ষুদ্র জনজাতীয় জনগোষ্ঠী আছে। আদিম যুগৰ পৰাই অসমৰ যৌথ সমাজখন এফালে আর্য গোষ্ঠীসম্ভূত বর্ণ হিন্দু লোক আৰু আনহাতে অনাম লোকৰ দ্বাৰা গঠিত আৰু লালিত-পালিত হৈ আছে। সেই সমাজখনত গৰিষ্ঠ আছিল জনজাতীয় লোকসকল, আৰ্যসকল আছিল জনজাতীয় সাগবত মাজুলী সদৃশ । জনজাতি সমূহৰ ভাষা, বেশ-ভূষা, চাল-চলন, আহাৰ-বিহাৰ সকলোতে এক ভীষণ পাৰ্থক্য আৰু বিভিন্নতা বিদ্যমান । প্ৰতিটো জনগোষ্ঠীৰে পৃথক পৃথক ভাষা বা দোৱান আছে, আনকি নগাসকলৰ প্ৰতিখন গাঁৱৰ ভাষাই পৃথক আৰু তেওঁলোকৰ মাজত প্ৰায় ৪৭ টা ভাষা বা দোৱানৰ চলন্তি আছে বুলি জনা যায়। অসমীয়া সমাজ-সংস্কৃতিৰ নিৰৱচ্ছিন্ন ইতিহাসত সম্ভেদ পোৱা যায় যে আর্যগোষ্ঠী সম্ভূত বৰ্ণহিন্দু আৰু বিভিন্ন জনজাতি তথা অনার্য লোকৰ যৌথ সৃষ্টি আৰু কৃতিত্ব সেই সম্পর্কে কোনো সন্দেহ নাই। বহু ক্ষেত্ৰতে জনজাতীয় শব্দ সম্ভাৰ লৈয়েই অসমীয়া ভাষাৰ শ্ৰীবৃদ্ধি ঘটিছে আৰু জনজাতীয় কৃষ্টি সংস্কৃতিৰ আহিলা-উপকৰণ লৈয়েই অসমীয়া সংস্কৃতিৰ বিস্তৃতি ঘটিছে। গতিকে দেখা যায় অসমৰ অসমীয়া ভাষা সংস্কৃতি কোনো কালেই জনজাতীয় ভাষা- সংস্কৃতিৰ প্ৰভাৱৰ পৰা মুক্ত নাছিল আৰু অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ অস্তিত্ব কেতিয়াও অসমৰ জনজাতীয় ভাষা-সাহিত্য-সংস্কৃতিক উপেক্ষা কৰি বৰ্তি থাকিব নোৱাৰে।

প্রশ্ন ৭। অসমৰ চিত্ৰকলাৰ ঐতিহ্যৰ বিষয়ে চমুকৈ লিখা। [HSLC 2019, 2022]

উত্তৰঃ অসমত সপ্তম শতিকামানৰপৰা উত্তৰ ভাৰতীয় ক্ষুদ্রাকৃতিৰ পুথি-চিত্ৰসমূহৰ অনুৰূপ ৰজাঘৰীয়া পৃষ্ঠপোষকতাত অথবা সতীয়া সৃষ্টিৰে চিত্ৰ কন্সাৰ এটা পৰম্পৰা, আৰম্ভ হয়। এনে কেইখনমান সচিত্র পুথি হ’ল আনন্দলহরী, হস্তীবিদ্যার্ণব, চিত্র ভাগবত, গীত গোবিন্দ, কুমৰ হৰণ, শংখচূড় বধ, লৱ-কুশৰ যুদ্ধ আদি সাঁচিপতীয়া পুথি। স্থানীয়ভাবে আহৰণ কৰা সামগ্ৰীৰ পৰা প্ৰাকৃতিক ৰঙেৰে বহুৰঙীয়া এই চিত্র সমূহ অঁকা হৈছিল। প্ৰথমতে চিত্ৰৰ পটভূমিত একোটা নির্দিষ্ট ৰং বোলাই লোৱা হয়। তাৰ ওপৰত চিত্রসমূহ অঁকা হৈছিল। চিত্ৰসমূহত ৰজা, ৰাজদৰবাৰ, দেৱীমূৰ্তি, যুদ্ধৰ চিত্র, হাতী, জীৱ-জন্তু আদি সংশ্লিষ্ট পুথিৰ বিষয়বস্তুৰ লগত সংগতি ৰাখি অঁকা হৈছিল। খালী ঠাইবোৰত ফুল, লতা আদি আঁকি দিয়া হৈছিল। সাধাৰণতে ৰঙা, সেউজীয়া, হালধীয়া আৰু ক’লা ৰঙৰ পয়োভৰ দেখা যায়। সমুখাংশ আৰু পাৰ্শ্বাংশ দুয়োধৰণৰ চিত্ৰ অংকন কৰা দেখা যায়। মানুহ আৰু জীৱ-জন্তুৰ ছবিবোৰত মুখাৱয়ৱৰ নিখুঁত প্রকাশ, শৰীৰৰ অনুপাত, মনৰ অনুভূতি প্রকাশক সূক্ষ্ম কৌশলৰ প্ৰয়োগ কৰাৰ দক্ষতা দেখা নাযায়, চিত্ৰবোৰ সহজ-সৰল যদিও দৃষ্টিনন্দন বুলি ক’ব লাগিব। সুকুমাৰ বৰকাইথে ৰচনা কৰা হস্তীবিদ্যার্ণৱ পুথিখনত বিভিন্ন আকাৰ আৰু বৰণৰ হাতীৰ ছবি আছে। দিলবৰ আৰু দোচাই নামে দুগৰাকী চিত্ৰকৰে এই চিত্ৰসমূহ অংকন কৰিছিল। এই গ্রন্থসমূহৰ কেবাখনো গ্রন্থ ছপা আকাৰে ইতিমধ্যে প্রকাশ পাইছে।

প্রশ্ন ৮। অসমৰ ধৰ্মীয় বিবিধতা আৰু সংহতিৰ বিষয়ে লিখা।

উত্তৰঃ অসমত অধিকাংশ লোক হিন্দু ধৰ্মাৱলম্বী। ইয়াৰ পিছতে আছে ইছলাম, খ্রীষ্টিয়ান, জৈন, বৌদ্ধ, শিখ আৰু জনজাতীয় ধর্মপন্থাৱলম্বী লোক। হিন্দু ধৰ্মৰ ভিতৰত ঘাইকৈ শাক্ত, শৈৱ, বৈষ্ণৱ আৰু সৌৰপন্থী লোক দেখা যায়। অসমৰ বিভিন্ন ঠাইত প্রবল। প্ৰভাৱী শক্তিপীঠ আছে। এইবোৰৰ ভিতৰত কামাখ্যা মন্দিৰ পৃথিৱী বিখ্যাত। খ্রীষ্টিয় ত্রয়োদশ শতিকাৰ প্ৰথমভাগত অসমত ইছলাম ধৰ্মৰ আগমন ঘটাৰ তথ্য পোৱা যায়। নৱ-বৈষ্ণৱ আন্দোলনে অসমৰ বৃহৎ সংখ্যক লোকক বৈষ্ণৱী ভক্তিমার্গত অনুগামী কৰিছিল। হাজোৰ পোৱামক্কা অসমৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ এখন পৱিত্ৰ তীৰ্থস্থান। স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত অসমলৈ অহা চুফী সাধক আজানপীৰ নামে খ্যাত শ্বাহমিলানে ৰচনা কৰা জিকিৰ আৰু জাৰীসমূহ অসমত প্ৰচলিত এবিধ জনপ্রিয় ধর্মীয় সংগীত। মানৰ আক্ৰমণৰ সময়ত ৰজা চন্দ্ৰকান্ত সিংহক সহায় কৰিবলৈ পঞ্জাৱৰ ৰঞ্জিত সিংহৰ নির্দেশ ক্রমে অসমলৈ অহা শিখ সৈন্যদল এটিৰ কিছুমান লোক অসমত নিগাজিকৈ থাকি গৈছিল। তেওঁলোকৰ বংশধৰসকলে এতিয়া শিখ ধর্ম মানি চলি অসমীয়া ভাষা-সংস্কৃতি গ্ৰহণ কৰি জীৱন নিৰ্বাহ কৰিছিল। অসমৰ পূব অংশত বাস কৰা টাই ফাকে, তুৰুং, আইতন, খামটি, আময়াং, নৰাসকল বৌদ্ধ ধৰ্মাৱলম্বী লোক। মধ্যযুগত আহোম স্বৰ্গদেউসকলে উদাৰ ধৰ্মনীতি গ্ৰহণ কৰিছিল আৰু বিভিন্ন ধৰ্মাৱলম্বী লোকক উপাসনাস্থলী আদি নিৰ্মাণ কৰাই দান-দক্ষিণাৰে পৃষ্ঠপোষকতা কৰিছিল।

প্রশ্ন ৯। উত্তৰ-পূৰ্বাঞ্চলৰ অন্য ৰাজ্যকেই অনৰ তুলনাত অসমত সাংস্কৃতিক বিবিধতা সংমিশ্ৰণ আৰু বিবর্তন কিয় অধিকতন হৈছে? [HSLC 2017]

উত্তৰঃ উত্তৰ-পূৰ্বাঞ্চলৰ অন্য ৰাজ্যকেইখনৰ তুলনাত অসমত সাংস্কৃতিক বিবিধতা, সংমিশ্রণ আৰু বিবর্তন অধিকতৰ হৈছে। ব্রহ্মপুত্র উপত্যকা সাৰুৱা কৃষিভূমি আৰু প্রাকৃতিক সম্পদত চহকী এক উন্নত প্রাচীন সভ্যতাৰ অধিকাৰী দেশ চীনলৈ যাব পৰা এটা পথ থকাৰ উপৰি চীন দেশৰপৰা ৰোমান সাম্রাজ্যলৈ যোৱা মহাৰেচমী পথৰ এটা শাখা অসম হৈ আগবাঢ়িছিল। তদুপৰি অসমৰ প্ৰাকৃতিক সৌন্দর্য তথা নির্জনতা আদিৰ বাবে সুদূর অতীতৰপৰা বিভিন্ন নৃগোষ্ঠীৰ লোক স্বাভাৱিক প্ৰৱজনকাৰী হিচাপে, আক্ৰমণকাৰী হিচাপে, ব্যৱসায় কৰিবলৈ আৰু তীর্থ ভ্রমণ, আধ্যাত্মিক সাধনা আদি বিভিন্ন উদ্দেশ্যত অসমলৈ আহিছিল আৰু অসমত স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছিল। ইতিমধ্যে উল্লেখ কৰা ভাৰতবৰ্ষত বসবাস কৰা প্ৰধান নৃ-গোষ্ঠীকেইটাৰ আটাইকেইটা নৃ-গোষ্ঠী অসমতো দেখা যায় আৰু সামগ্ৰিকভাৱে ভাৰতবৰ্ষত ঘটিত হোৱা নৃতাত্ত্বিক তথা সাংস্কৃতিক সংমিশ্ৰণৰ প্ৰক্ৰিয়াটো অসমতো ঘটিছিল। ফলস্বৰূপে অসমত আর্য-অনার্য সকলোৰে সমন্বিত অৱদানেৰে এক সংমিশ্ৰিত সংস্কৃতিৰ উৎপত্তি হৈছিল।

অসমৰ প্ৰাচীন নাম প্ৰাগজ্যোতিষ আৰু কামৰূপ আছিল। ৰামায়ণ, মহাভাৰত, বিষ্ণপুৰাণ, কালিকা পুৰাণ, যোগিণী তন্ত্ৰ, হিউৱেন চাঙৰ টোকা, অসমৰ প্ৰাচীন ৰাজবংশসমূহৰ দিনৰ লিপিসমূহত এই নাম দুটা পোৱা যায়। এই শব্দ দুটা সংস্কৃত ভাষাৰ অন্তৰ্গত আৰু শব্দদুটাই হিন্দু জ্যোতিষ শাস্ত্র তথা হিন্দু পৌৰাণিক কাহিনীৰ (Mythology) সৈতে ৰাজ্যখনক সম্পর্কিত কৰিছে। অৱশ্যে বাণীকান্ত কাকতিদেৱে এই শব্দদুটাৰ সংস্কৃত ৰূপটো সৃষ্টি হোৱাৰ আগতে অষ্ট্ৰিক ভাষাৰ অনুৰূপ ধৰণৰ শব্দৰ পৰা উৎপত্তি হৈছিল বুলি মত পোষণ কৰিছে। খ্রিষ্টীয় ত্রয়োদশ শতিকাৰপৰা শাসন কৰিবলৈ লোৱা আহোমসকলৰ ‘আ-চাম’ অথবা তেওঁলোকৰ শাসনাধীন, অঞ্চলটোক তেওঁলোকৰ পূৰ্বৰ বাসিন্দা বড়োসকলে নামাংকিত কৰা ‘হা-চোম’ শব্দৰ সংস্কৃত কৰণৰ জৰিয়তে অসম নামটোৰ উৎপত্তি হোৱা বুলি কিছুমান পণ্ডিতে মত পোষণ কৰে।

প্রশ্ন ১০। ‘লোক সংস্কৃতি অধ্যয়নৰ বাবে দৰাচলতে সমগ্ৰ সমাজখনেই এখন কিতাপৰ দৰে’।

উত্তৰঃ অসমৰ লোক-সংস্কৃতিৰ ভঁৰালটি মেটমৰা সম্ভাৰেৰে ভৰপূৰ। লোক-সংস্কৃতিৰ উমৈহতীয়া দিশসমূহৰ উপৰিও অসমৰ ভিন ভিন অঞ্চল, সম্প্রদায়, জাতি-জনজাতিৰ মাজত প্ৰচলিত কথিত ভাষা, লোকসাহিত্য, গীত-মাত-বাদ্য-নৃত্য-পোছাক-পৰিচ্ছদ, আ- অলঙ্কাৰ, খোৱ-বোৱা, গৃহ-নিৰ্মাণ, মাছধৰা, ৰীতি-নীতি আদি বিষয়ক অনেক মন কৰিবলীয়া। এটা জাতি বা সমাজ এখনৰ স্বাভাৱিক ৰূপ-ৰং, সুখ-দুখ, শ্রম-বিনোদন আদি লোক সংস্কৃতিৰ জৰিয়তে প্রতিফলিত হয়। সমাজৰ লোকসকলে লোকৰ সংস্কৃতিৰ কথাবোৰ কোনো প্রশিক্ষণ নোহোৱাকৈ দেখি শুনি পৰম্পৰাগতভাৱে পুৰুষানুক্ৰমে আহৰণ কৰে। সমগ্র বিশ্বতে সমাজ বিজ্ঞানীসকলৰ মাজত লোক সংস্কৃতিৰ বিষয়ে বিশেষ আগ্রহ দেখা গৈছে। বিহু আৰু লোকসংগীত অসমৰ লোক-সংস্কৃতিৰ দুটা গুৰুত্বপূর্ণ অধ্যায়। অসমৰ বিহু উৎসৱৰ ৰীতি-নীতি, সমূহৰ মাজত অসমৰ বিভিন্ন জাতি-উপজাতিৰ লোক-সাংস্কৃতিক উপাদানসমূহ সংমিশ্ৰণ হৈ আছে। স্বদেশী ৰুদ্ৰসিংহই ৰংঘৰৰ বাকবিত বিনৃত্য, খেলধেমালি প্রদর্শনীভাৱে আৰম্ভ কৰিছিল। ইয়াৰ উপৰিও অসমত ভিন ভিন পৰিৱেশত ভিন ভিন প্রয়োজনত গোৱা বিভিন্ন ধৰণৰ লোক-সংগীতৰ প্ৰচলন আছে। কেচুৱা টোপনি নিওঁৱা নিচুকনী গীত, বিয়ানাম, আইনাম, ধাইনাম, কামৰূপী লোকগীত, গোৱালপৰীয়া লোগকীত, টোকাৰি গীত, দৰঙৰ চিয়াগীত, গৰখীয়া গীত, চেৰা ঢেক গীত আদি অসমত প্ৰচলিত কিছুমান লোকগীত। এইবোৰৰ ভিতৰত বিয়া-নাম, কামৰূপী লোকগীত আৰু গোৱালপৰীয়া লোকগীতৰ বিশেষ জনপ্রিয়তা আছে। বিয়ানামবোৰ দৰা-কইনা ধোৱাৰ সময়ত, দৰা আদৰাৰ সময়ত, কইনা বিয়ানাম আদিৰ সময়ত বেলেগ বেলেগ ধৰণৰ গীতৰ কথা পৃথক সুৰেৰে গোৱা হয়৷ কামৰূপী লোকগীত, গোৱালপৰীয়া লোকগীত আৰু টোকাৰী গীতসমূহ ঘাইকৈ জীৱনৰ সুখ-দুখ, দেহৰ ক্ষণভংগুৰতা, জীৱনত ঈশ্বৰ চিন্তাৰ গুৰুত্ব, দেৱ-দেৱীৰ প্ৰশস্তি আদি প্ৰকাশমূলক গীত। গোৱালপৰীয়া লোকগীত স্থানীয় হাতীধৰা আৰু পোহ মনোৱা বিষয়কলৈ ৰচিত হয়। লোকগীতৰ দৰে অসমৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ লোকনৃত্যও প্রচলিত আছে। এইবোৰৰ ভিতৰত দৃশ্য-শ্রাব্য অনুষ্ঠান ওজাপালিৰ বিশেষ জনপ্রিয়তা আছে। ওজাপালি কামৰূপ, নলবাৰী, বৰপেটা, দৰং আদি জিলাত বিশেষভাৱে জনপ্রিয়। লোক-সংস্কৃতি অধ্যয়নৰ বাবে দৰাচলতে সমগ্ৰ সমাজখনেই এখন কিতাপৰ দৰে। দৈনন্দিন জীৱনত সৰ্বসাধাৰণ লোকে প্ৰতিটো মুহূৰ্ততে কৰি থকা কাম আৰু আচৰণবোৰ মনোযোগেৰে পৰ্যবেক্ষণ কৰিলেই সমাজখনৰ লোকসংস্কৃতিৰ বিষয়ে বহু মূল্যৱান কথা জানিব পৰা যায়।

চমুটোকা লিখা :

১। প্রাচীন ভাৰতৰ ভাস্কর্য শিল্প

উত্তৰঃ ভাৰতৰ ভাস্কর্য শিল্পৰ আৰম্ভণিৰ পৰ্যায় প্রাচীন যুগতেই সৃষ্টি হৈছিল। সিন্ধু সভ্যতাৰ সময়ৰ পৰাই ভাৰতৰ ভাস্কর্য শিল্পৰ নিদৰ্শন দেখিবলৈ পোৱা যায়। পৰৱৰ্তী সময়ত পোৰা মাটি, শিল,ব্ৰঞ্জ, তাম, ৰূপ সোণ আদিৰে মূৰ্ত্তি নিৰ্মাণ কৰিছিল। এই মূৰ্ত্তিসমূহৰ মাজত একেবাৰে সহজ সৰল, পোন, অসমানুপাতিক মূৰ্ত্তিৰপৰা আৰম্ভ কৰি দ্বিভংগ, চতুৰ্ভংগ আৰ্হিৰ সমানুপাতিক, পোছাক অলংকাৰৰ সু-সজ্জিত মূৰ্ত্তি দেখা যায়। মনৰ শান্তি, সুখ-ক্ৰোধ আদি অনুভূতি প্ৰকাশ কৰিব পৰাকৈ নিৰ্মিত অজস্ৰ মূৰ্ত্তি ভাৰতৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা যায় ৷ গৌতম বুদ্ধ, মহাবীৰ, হিন্দু দেৱ-দেৱী, তপেশ্বৰী আদি বৌদ্ধ ধৰ্মৰ লগত জড়িত বিভিন্ন জীৱ-জন্তুৰ মূৰ্ত্তি এই ভাস্কৰ্যসমূহত দেখিবলৈ পোৱা যায়। অশোকৰ স্তম্ভসমূহৰ শীৰ্ষত থকা জন্তুৰ মূৰ্ত্তিসমূহ গৌতম বুদ্ধৰ জীৱনৰ বিভিন্ন ঘটনাৰ লগত জড়িত আৰু ভাৰতীয় সংস্কৃতিত এই স্তম্ভকেইটাৰ বিশেষ গুৰুত্ব আছে। দেশ বিদেশৰ বিভিন্ন ৰাজবংশই মূৰ্ত্তি নিৰ্মাণ কৰা কলাটোৰ পৃষ্ঠপোষকতা কৰিছিল। বিভিন্ন পার্থক্য আৰু বৈশিষ্ট্যৰ ভিত্তিত ভাৰতত গঢ়ি উঠা এই ভাস্কর্য শিল্পকলাক তিনিটা ভাগত ভগাব পাৰি । সেই ভাগকেইটা হ’ল- (ক) গান্ধাৰ শিল্পকলা, (খ) মথুৰা শিল্পকলা, (গ) অমৰাৱতী শিল্পকলা।

খ্ৰীষ্টপূর্ব প্রথম শতিকাৰ পৰা খ্রিষ্টীয় সপ্তম শতিকা পর্যন্ত জীৱন্ত হৈ থকা গান্ধাৰ শিল্পকলাত গ্ৰীক-ৰোমান ভাস্কর্য শিল্প কৌশলৰ প্ৰয়োগ কৰি বহুতো বুদ্ধ মূর্তি নির্মাণ কৰা হৈছিল। মথুৰা শিল্পকলা আৰম্ভণিতে কম পৰিমাণে বিকশিত হৈছিল যদিও পিছলৈ গান্ধাৰ শিল্পকলাৰ দ্বাৰা প্ৰভাৱিত হৈছিল। অমৰাৱতী শিল্পকলা খ্রিষ্টপূর্ব তৃতীয় শতিকাৰ পৰা প্ৰায় ছশ বছৰ জুৰি প্ৰচলিত হৈ আছিল।

২। ভাৰতীয় চিত্রকলা

উত্তৰঃ প্রাচীন ভাৰতীয় চিত্ৰকলাসমূহক দুটা প্ৰধান ভাগত বিভক্ত কৰা হৈছিল। সেই ভাগ দুটা হ’ল— (ক) বৃহদাকাৰ দেৱা চিত্ৰ আৰু (খ) ক্ষুদ্ৰকাৰ চিত্ৰ এই দুই প্ৰকাৰৰ চিত্ৰশৈলী ভাৰতৰ বিভিন্ন স্থানত বৌদ্ধ, জৈন, হিন্দু ধৰ্মৰ বিষয়বস্তুক আলম কৰি অজন্তা, বাঘ, চিত্তনাৱাচল, আৰমামলাই আদিৰ গুৱাৰ দেৱাল সমূহত অঁকা হৈছিল। এইবোৰৰ ভিতৰত অজন্তাৰ দেৱালৰ চিত্ৰসমূহ পৃথিৱী বিখ্যাত। দশম শতিকা মানৰ পৰা অসম, উৰিষ্যা, ৰাজস্থান, মহীশূৰ, তাঞ্জোৰ আদি ঠাইত তালপাত, সাঁচিপাত, পাট কাপোৰ আদিত ক্ষুদ্রাকৃতিৰ চিত্ৰ অঁকা হৈছিল। ক্ষুদ্ৰাকাৰ চিত্ৰসমূহ গ্রন্থসমূহ অলংকিত কৰিবলৈ আৰু সচিত্ৰ বিৱৰণ দিবলৈ অংকন কৰা হৈছিল। খ্ৰীষ্টপূর্ব প্রথম শতিকাত চিত্র অংকনৰ বাবে প্ৰয়োজনীয় ষড়াংগ চৰ্চাসমূহ হৈছে – (i) আকৃতি, (ii) জো-খমাখ (iii) আবেগ-অনুভূতি (iv) প্রকাশক কৌশল (v) কলাত্মক উপস্থাপন (v) সাদৃশ্য জ্ঞান আৰু (vi) তুলিকা ব্যৱহাৰৰ নিয়ম ৷ দেৱাল চিত্ৰ আৰু পিছলৈ ক্ষুদ্ৰকাৰ চিত্ৰৰো এইবোৰ প্ৰয়োগ হৈছিল। এলান্ধু, হালধি, সেন্দুৰ, শিলিখাৰ ৰজ, কেঁচুৰ ৰস আদি প্ৰাকৃতিক সামগ্ৰীৰে ৰং তৈয়াৰ কৰি ৰং বিৰঙীয়া চিত্র অংকন কৰা হৈছিল। মোগলসকলৰ দিনত আকবৰ, জাহাঙ্গীৰ আৰু ছাহজাহানৰ পৃষ্ঠপোষকতাত ক্ষুদ্ৰাকাৰ চিত্ৰশিল্পৰ বহুল চৰ্চা হয় ৷ বিশেষকৈ মোগল বাদছাহসকলৰ জীৱনীভিত্তিক গ্ৰন্থসমূহত এনে চিত্ৰ অংকিত কৰা হৈছিল। বাদছাহনামা, তুতিনামা, জাহাংগীনামা, দাস্তান-ই-আমিৰ, খামদা আদি গ্রন্থ উল্লেখযোগ্য মোগল লুগচ চিত্রসমূহত সম্রাটসকলৰ ছবি, দৰবাৰ, যুদ্ধ জয়, চিকাৰ, বাগিছা, জন্তু আদি বিষয়ক লৈ অঁকা হৈছিল।

প্রশ্ন ৩। ভাৰতৰ সংগীত আৰু নৃত্যকলাৰ ঐতিহ্য

উত্তৰঃ সংগীতৰ ক্ষেত্ৰত ভাৰতৰ এক সমৃদ্ধশালী ঐতিহ্য আছে। সামবেদৰ স্তোত্রসমূহ যজ্ঞত দেৱতাৰ সন্তুষ্টিৰ অৰ্থে উদগাতা নামৰ পুৰোহিতসকলে গীত আকাৰে পাঠ কৰিছিল। পৰৱৰ্তী উদগাতাসকলৰ সুৰ, তালৰ পৰিৱৰ্তন ঘটি বিভিন্ন শাখা প্রশাখাত বিভক্ত হৈ পৰে। ভাৰতৰ ধ্রুপদী সংগীতৰ পৰম্পৰা গুরু শিষ্য অনুক্রমে বর্তমান সময়লৈ সবল ৰূপত বৰ্তি আছে। মোগলসকলৰ দিনত ইয়াৰ বিশেষ উৎকৰ্ষ সাধন হৈছিল। সংগীতৰ লগতে বিভিন্ন প্ৰকাৰৰ বাঁহী, পেঁপা, চেহনাই, ঢোল, তবলা, বিভিন্ন ধৰণৰ তাল, নাগাৰা, মৃদংগ, খোল, চাৰংগী, চত্তৰ, জলতৰংগ, নুপূৰ, চেতাৰ, চাৰিন্দা, দোতোৰা, বিভিন্ন প্ৰকাৰৰ বীণা আদি বাদ্যযন্ত্র ধ্রুপদী সংগীত আৰু লোক সংগীতৰ লগত সংগত কৰিবলৈ উদ্ভাৱন কৰা হৈছিল আৰু বৰ্তমানো সেই বাদ্যযন্ত্রসমূহৰ বহুলভাৱে প্ৰচলন হৈ আছে। সংগীতৰ দৰে নৃত্যৰ ক্ষেত্ৰতো ভাৰতবৰ্ষৰ সমৃদ্ধিশালী পৰম্পৰা আছে। দেশৰ চুকে-কোণে থকা অজস্র লোকনৃত্যৰ উপৰি চৰকাৰী স্বীকৃতিপ্রাপ্ত আঠবিধ ধ্রুপদী নৃত্য আছে। সেই আঠবিধ নৃত্য (তামিলনাড়ু), কুচিপুড়ী (অন্ধ্রপ্রদেশ), অ’ডিছি (ওড়িশা), কথক (উত্তৰ ভাৰত), সত্ৰীয়া হ’ল— কথাকলি (মালায়ালম, কেৰালা), মোহিনী আট্টম (কোলা), ভাৰতনাট্যম (অসম) আৰু মণিপুৰী (মণিপুৰ)।

প্রশ্ন ৪। অসমৰ ভাস্কর্য শিল্প

উত্তৰঃ অসমৰ বিভিন্ন ঠাইত মন্দিৰৰ দেৱালত খোদিত কৰি দ্বি-মাত্রিক বা পূর্ণাংগ ৰূপত নির্মিত ত্রিমাত্রিক মূৰ্ত্তি আৱিষ্কৃত হৈছে। শিলৰ বাহিৰে হাতী দাঁত, সোণ, ৰূপ, তাম, কাঠ, আদিৰেও মূৰ্ত্তি নিৰ্মাণ কৰা হৈছিল। এই মূৰ্ত্তিসমূহৰ ভিতৰত দেৱী মূৰ্ত্তি, শিৱ, বিষ্ণু, গণেশ, সূৰ্য, মগৰ, ঘোঁৰা, হাতী, সিংহ আদি। ভাস্কর্য শিল্পৰ নিদৰ্শন আবিষ্কৃত হোৱা ঠাই কিছুমান হ’ল— তেজপুৰৰ দ’-পৰ্বতীয়া, বামুণী পাহাৰ, মদন কামদেৱ, আমবাৰী, ডবকা, সূৰ্য পাহাৰ, বৰগংগা, নুমলীগড়, দেওপানী হোজাই, ডিব্ৰুগড়, শুক্ৰেশ্বৰ, মঙ্গলদৈ আদি । কলানিপুণতাৰ দিশৰপৰা দ-পৰ্বতীয়া শিলৰ তোৰণৰ নিম্নাংশত থকা গংগা-যমুনাব মূৰ্ত্তি দুটা আকাৰত সৰু যদিও দেহাৱয়ৱ আনুপাতিক, দ্বিভংগ ভংগিমাত লয়-লাস পূর্ণ ৰূপত নিৰ্মাণ কৰা হৈছে। তোৰণখনত অন্য মূৰ্ত্তি কিছুমানো খোদিত কৰা হৈছে। এই ভাস্কর্য গুপ্ত যুগৰ প্ৰভাৱত খ্রিষ্টীয় ষষ্ঠ শতিকাত নিৰ্মিত হৈছিল বুলি থাৱৰ কৰা হৈছে। মদন কামদেৱৰ মন্দিৰত দেখিবলৈ পোৱা মৈথুন মূৰ্ত্তিবোৰ কোনো তান্ত্ৰিক উদ্দেশ্যত নির্মিত হৈছিল বুলি কিছুমান পণ্ডিতে মত পোষণ কৰিছে। নৃত্যৰতা আৰু প্ৰেম প্ৰকাশক ভংগিমাৰে পুৰুষ-নাৰী, বিভিন্ন জীৱ-জন্তু আৰু ভৈৰৱ, সূৰ্য, বিষ্ণুৰ মূৰ্ত্তি আদি ইয়াত দেখিবলৈ পোৱা যায়।

প্রশ্ন ৫। অসমৰ স্থাপত্য শিল্প

উত্তৰঃ অসমত বৰ্তমান স্থাপত্য শিল্পৰ যিবোৰ নিদৰ্শন দেখিবলৈ পোৱা যায় সেইবোৰৰ প্ৰায়বোৰেই মধ্যযুগৰ আহোম ৰাজবংশৰ কোচ ৰজাসকলৰ পৃষ্ঠপোষকতাত নির্মিত হৈছিল। শিৱসাগৰ জিলাত আহোম ৰাজত্বকালৰ ৰাজকীয় অট্টালিকা তিনিটা হ’ল—-(ক) ৰংপুৰৰ ৰংঘৰ, (খ) কাৰেংঘৰ আৰু (গ) গড়গাঁৱৰ তলাতল ঘৰ। অসমত বর্তমান স্থাপত্য শিল্পৰ যিবোৰ নিদৰ্শন দেখিবলৈ পোৱা যায় সেইবোৰৰ প্ৰায় আটাইবোৰেই মধ্যযুগৰ আৰু আহোম ৰাজবংশৰ অথবা কোচ ৰজাসকলৰ পৃষ্ঠপোষকতাত নির্মিত হৈছিল। শিৱসাগৰ জিলাত আহোম ৰাজত্ব কালৰ ৰাজকীয় অট্টালিকা তিনিটা ক্ৰমে ৰংপুৰৰ ৰংঘৰ, কাৰেংঘৰ আৰু গড়গাঁৱৰ তলাতল ঘৰ আৰু ভালেমান মন্দিৰ এতিয়াও বৰ্তি আছে। এই সময়ত নির্মিত প্রাচীন মন্দিৰবোৰ হ’ল কামাখ্যা মন্দিৰ, উগ্ৰতাৰা মন্দিৰ, উমানন্দ মন্দিৰ, নৱগ্ৰহ মন্দিৰ, শিৱদ’ল, জয়দ’ল, দেৱীদ’ল, ফাকুৱাদ’ল, নেঘেৰিটিঙৰ শিৱদ’ল, হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ, শুক্ৰেশ্বৰ মন্দিৰ দেৱালয়, দেৰগাঁও আৰু বিশ্বনাথৰ শিৱমন্দিৰ আদি। মন্দিৰবোৰ সাধাৰণতে নাগৰ শৈলীৰ অথবা ৱেচৰ শৈলীৰ বৈশিষ্ট্য যুক্ত। মন্দিৰবোৰত সাধাৰণতে দুটা অংশ দেখা যায়- গৰ্ভগৃহ আৰু মণ্ডপ। মন্দিৰৰ শিখৰবোৰ কিছুমান অৰ্ধবৃত্তাকাৰ কিছুমান কৰ্দৈশিৰিয়াকৈ দীঘলীয়া। শিৱসাগৰৰ শিৱদ’ল, বিষ্ণুদ’লত এনে শিখৰ দেখিবলৈ পোৱা যায়। এই সময়ত স্থাপত্যবোৰ ইটাৰে সজা অথবা শিলেৰে নিৰ্মাণ কৰা।

প্রশ্ন ৬। অসমৰ বৈষ্ণৱী সাহিত্য

উত্তৰঃ শংকৰদেৱ আৰু মাধৱদেৱৰ নেতৃত্বত পঞ্চদশ শতিকাত আৰম্ভ হোৱা নৱবৈষ্ণৱ আন্দোলনে অসমীয়া সমাজ জীৱনৰ সকলো ক্ষেত্ৰকে গভীৰভাৱে প্ৰভাৱিত কৰিছিল। এই ধৰ্মীয় আন্দোলনৰ প্ৰভাৱত অসমীয়া সাহিত্যতো এক জোৱাৰৰ সৃষ্টি হয় আৰু বহু সংখ্যক কাব্য, নাট, গীত, চৰিত পুথি, গদ্য সাহিত্য ৰচিত হয়। সাহিত্যসমূহৰ মূল বিষয়বস্তু আছিল ৰামায়ণ, মহাভাৰত, পুৰাণ, হিন্দু ধৰ্মৰ তত্ত্বকথা আদি ৷ শঙ্কৰদেৱ আৰু মাধৱদেৱে নিজেই বহু সংখ্যক সাহিত্য ৰচনা কৰিছিল৷ এইবোৰৰ ভিতৰত শংকৰদেৱৰ ‘কীৰ্তন’ আৰু মাধৱদেৱৰ ‘নামঘোষা’ আৰু গুৰুদুজনাৰ বৰগীতসমূহ সৰ্বাধিক জনপ্রিয়। শংকৰদেৱে ৰচনা কৰা পত্নীপ্রসাদ, কালিয়দমন, কেলি গোপাল, ৰুক্মিণীহৰণ, পাৰিজাত হৰণ, ৰামবিজয়, মাধৱদেৱৰ চোৰধৰা পিম্পৰা গুচোৱা, আদি অংকীয়া নাট বিপুল জনসমাগমৰ উপস্থিতিত নামঘৰ, সত্ৰ আদি ঠাইত ৰাস অথবা অন্য উপলক্ষ্যত ভাওনা পাতি মঞ্চস্থ কৰা হয়। শংকৰদেৱৰ প্ৰথম নাট চিহ্নযাত্রা শ্বেইক্সপিয়েৰ নাট্য সৃষ্টিৰো আগতে সৃষ্টি আছিল। এই নাটত ব্যৱহৃত বৃন্দাৱনী বস্ত্ৰ অসমৰ বয়নশিল্পীৰ চমৎকাৰ সৃষ্টি আছিল ৷ এই বস্তুভাগি বর্তমান ব্ৰিটিছ মিউজিয়ামৰ উপৰি আন কেইবাটাও বিখ্যাত সংগ্ৰহালয়ত সংৰক্ষিত হৈ আছে। শংকৰদেৱ মাধৱদেৱৰ পিছত ভট্টদেৱ, অনন্ত কন্দলি, ৰাম-সৰস্বতী আদি সাহিত্যিকে এই সাহিত্য চর্চা অব্যাহত ৰাখে। ইয়াৰ ভিতৰত ভট্টদেৱে ‘কথাগীতা’, ‘ভাগৱত কথা’ আৰু ‘ৰত্নাৱলী কথা’ ৰচনা কৰি অসমীয়া সাহিত্যত গদ্য সাহিত্য সূচনা কৰে।

শংকৰী সাহিত্যৰ প্ৰভাৱৰ বাহিৰত থাকি পীতাম্বৰ কবি, দুর্গাবৰ কায়স্থ, সুকবি নাৰায়ণদেব, মনকৰ আদিয়ে দেৱী মনসা, পদ্মা, সতী বেউলা আদি কাহিনী ভিত্তিক গীতি কাব্য ৰচনা কৰিছিল। ষোড়শ শতিকাত জন্ম গ্রহণ কৰা গোৱিন্দ মিশ্ৰৰ পদ্য গীতাখন আজিও এখন বহুলভাৱে ব্যৱহৃত জনপ্রিয় ধর্মগ্রন্থ।

৭। অসমৰ লোক সংগীত

উত্তৰঃ অসমত ভিন ভিন পৰিৱেশত ভিন ভিন প্রয়োজনত গোৱা বিভিন্ন ধৰণৰ লোক-সংগীতৰ প্ৰচলন আছে। কেচুৱা টোপনি নিওঁৱা নিচুকনী গীত, বিয়ানাম, আইনাম, ধাইনাম, কামৰূপী লোকগীত, গোৱালপৰীয়া লোগকীত, টোকাৰি গীত, দৰঙৰ চিয়াগীত গৰখীয়া গীত, চেৰা ঢেক গীত আদি অসমত প্রচলিত কিছুমান লোকগীত। এইবোৰৰ ভিতৰত বিয়া-মাম, কামৰূপী লোকগীত আৰু গোৱালপৰীয়া লোকগীতৰ বিশেষ জনপ্রিয়তা আছে। বিয়ানামবোৰ দৰা-কইনা ধোৱাৰ সময়ত, দৰা আদৰাৰ সময়ত, কইনা বিয়ানাম আদিৰ সময়ত বেলেগ বেলেগ ধৰণৰ গীতৰ কথা পৃথক সুৰেৰে গোৱা হয়। কামৰূপী লোকগীত, গোৱালপৰীয়া লোকগীত আৰু টোকাৰী গীতসমূহ ঘাইকৈ জীৱনৰ সুখ-দুখ, দেহৰ ক্ষণভংগুৰতা, জীৱনত ঈশ্বৰ চিন্তাৰ গুৰুত্ব, দেৱ-দেৱীৰ প্ৰশস্তি আদি প্ৰকাশমূলক গীত। গোৱালপৰীয়া লোকগীত স্থানীয় হাতীধৰা আৰু পোহ মনোৱা বিষয়ক লৈ ৰচিত হয়। লোকগীতৰ বিভিন্ন শাখাত আগবঢ়োৱা বিশেষ অৱদানৰ বাবে সংগীত নাটক অকাডেমীৰ দ্বাৰা বঁটা প্ৰদানেৰে সন্মানিত হোৱা কেইবাগৰাকীমান খ্যাতিয়ান শিল্পী হৈছে প্ৰয়াত খগেন মহন্ত, ৰামেশ্বৰ পাঠক আৰু প্ৰতিমা পাণ্ডে। এওঁলোকৰ ভিতৰত প্ৰতিমা পাণ্ডে বৰুৱা পদ্মশ্ৰী উপাধিৰে সন্মানিত হৈছিল।

৮। অসমৰ ধৰ্মীয় সংস্কৃতি :

উত্তৰঃ অসমৰ অধিকাংশ লোক হিন্দু ধৰ্মাৱলম্বী। ইয়াৰ পিছতে আছে ইছলাম, খ্ৰীষ্টিয়ান, জৈন, বৌদ্ধ, শিখ আৰু জনজাতীয়, ধর্মপন্থাৱলম্বী লোক। হিন্দু ধৰ্মৰ ভিতৰত ঘাইকৈ শাক্ত, শৈৱ, বৈষ্ণৱ আৰু সৌৰপন্থী লোক দেখা যায়। অসমৰ বিভিন্ন ঠাইত প্ৰবল প্ৰভাৱী শক্তিপীঠ আছে। এইবোৰৰ ভিতৰত কামাখ্যা মন্দিৰ পৃথিৱী বিখ্যাত। নৱ-বৈষ্ণৱ আন্দোলনে অসমৰ বৃহৎ সংখ্যক লোকক বৈষ্ণৱী ভক্তিমাৰ্গৰ অনুগামী কৰিছিল। খ্ৰীষ্টিয় ত্রয়োদশ শতিকাৰ প্ৰথমভাগত অসমত ইছলাম ধৰ্মৰ আগমন ঘটাৰ তথ্য পোৱা যায় ৷ হাজোৰ পোৱামক্কা অসমৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ এখন পৱিত্ৰ তীর্থস্থান। স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত অসমলৈ অহা চুফী সাধক আজানপীৰ নামে খ্যাত শ্বাহমিলানে ৰচনা কৰা জিকিৰ আৰু জাৰীসমূহ অসমত প্ৰচলিত এবিধ জনপ্রিয় ধর্মীয় সংগীত। মানৰ আক্ৰমণৰ সময়ত ৰজা চন্দ্ৰকান্ত সিংহক সহায় কৰিবলৈ পঞ্জাৱৰ ৰঞ্জিত সিংহৰ নির্দেশ ক্রমে অসমলৈ অহা শিখ সৈন্যদল এটিৰ কিছুমান লোক অসমত নিগাজিকৈ থাকি গৈছিল। তেওঁলোকৰ বংশধৰসকলে এতিয়া শিখ ধর্ম মানি চলি অসমীয়া ভাষা-সংস্কৃতি গ্ৰহণ কৰি জীৱন নিৰ্বাহ কৰিছিল। অসমৰ পূৱ অংশত বাস কৰা টাই ফাকে, তুর্কং, আইতন, খামটি, আময়াং, নবাসকল বৌদ্ধ ধৰ্মাৱলম্বী লোক। মধ্যযুগত আহোম স্বৰ্গদেউসকলে উদাৰ ধৰ্মনীতি গ্ৰহণ কৰিছিল আৰু বিভিন্ন ধৰ্মাৱলম্বী লোকক উপাসনাস্থলী আদি নিৰ্মাণ কৰাই দান-দক্ষিণাৰে পৃষ্ঠপোষকতা কৰিছিল।

প্রশ্ন ৯। অসমৰ বুৰঞ্জী সাহিত্য

উত্তৰঃ বুৰঞ্জী সাহিত্য অসমৰ মধ্যযুগৰ ভাষা, সাহিত্য-সংস্কৃতিৰ এক অপৰিহাৰ্য অংগ। বুৰঞ্জী সাহিত্যৰ সৃষ্টি হয় সপ্তদশ শতিকাৰ মাজভাগত । বুৰঞ্জীসমূহক দুই শ্ৰেণীত ভাগ কৰা হৈছিল। সেই ভাগসমূহ হ’ল—

(ক) অসম বা আহোম ৰাজ্যৰ বুৰঞ্জী (খ) অসম বা আহোম দেশৰ বুৰঞ্জী মধ্যযুগত অসমৰ অন্যতম সাংস্কৃতিক বৈশিষ্ট্য হ’ল বুৰঞ্জী সাহিত্যৰ সৃষ্টি। আহোমসকলৰ নেতৃত্বত ব্ৰহ্মপুত্ৰ উপত্যকাত পোনতে টাই-আহোম ভাষাত আৰু পিছলৈ অসমীয়া ভাষাত বুৰঞ্জী লিখাৰ পৰম্পৰাৰ সৃষ্টি হৈছিল। দেশৰ প্ৰধান ৰাজনৈতিক ঘটনা, ৰজা আৰু ৰাজপৰিয়ালৰ বৰ্ণনা, দেশ জয় কৰা আৰু ৰাজ্য বিস্তাৰৰ কাহিনী, শাসন ব্যৱস্থাৰ বিৱৰণ আদি লিপিবদ্ধ কৰাৰ ব্যৱস্থা আহোমসকলে তেওঁলোকৰ ৰাজত্বৰ আৰম্ভণিৰে পৰা কৰি আহিছিল বুলি জনা যায়। এইদৰে লিপিবদ্ধ কৰা ঘটনাপঞ্জীকে তেওঁলোকে ‘বুৰঞ্জী’বুলিছিল। প্ৰথমতে বুৰঞ্জীসমূহ টাই-আহোম ভাষাত লিখিছিল আৰু ষোড়শ শতিকাৰ আদি ভাগৰপৰা অসমীয়া ভাষাতো এই ধৰণৰ বুৰঞ্জী লিখিবলৈ লোৱা হৈছিল। ‘স্বৰ্গনাৰায়ণ মহাৰাজৰ আখ্যান’ অসমীয়া ভাষাত ৰচনা কৰা তেনে ধৰণৰ প্ৰথমখন বুৰঞ্জী আৰু এইখন ১৫২৬ চনত ৰচনা কৰা হৈছিল। ব্ৰিটিছ শাসন কালত এনে বহুতো বুৰঞ্জী উদ্ধাৰ, সংৰক্ষণ আৰু ছপা কৰি প্ৰকাশ কৰিছিল৷ এনে কেতবোৰ বুৰঞ্জী হ’ল দেওধাই বুৰঞ্জী, তুংখুঙ্গীয়া বুৰঞ্জী, কছাৰী বুৰঞ্জী, জয়ন্তীয়া বুৰঞ্জী, ত্ৰিপুৰা বুৰঞ্জী, পদ বুৰঞ্জী, পাদশাহ বুৰঞ্জী আদি।

১০। বিহু উৎসৱ [HSLC 2020]

উত্তৰঃ বিহু অসমৰ এক অতি আদৰৰ উৎসৱ। অসমৰ বিহু তিনিটা— (ক) ৰঙালী বিদু, (খ) কঙালী বিহু (গ) ভোগালী বিহু। ৰঙালী বিহু চ’ত মাহৰ শেষ দিনটোৰ পৰা আৰম্ভ কৰি ব’হাগ মাহৰ প্ৰথম ছদিনলৈ পালন কৰা হয়। চ’ত মাহৰ শেষৰ দিনটোক সংক্রান্তি বা দোমাহী বুলি কোৱা হয়। সেই দিনটো গৰু বিহু হিচাপে পালন কৰা হয়। হিন্দু ধৰ্মৰ লোকসকলৰ বাবে গৰুৰ এটা ধৰ্মীয় মহত্ব আছে। সেয়েহে তেওঁলোকে গৰুৰ নামত এটা দিন বিহু উৎসৱ হিচাপে পালন কৰে। বিভিন্ন ৰীতি-নীতিৰে সেইদিনাখন ঘৰৰ গৰু-গাইৰ প্ৰতি মৰম, শ্রদ্ধা আৰু কৃতজ্ঞতা প্রকাশ কৰা হয়।

ব’হাগ মাহৰ প্ৰথম দিনটোক মানুহ বিহু বুলি কোৱা হয়। সেইদিনা মানুহেনা কাপোৰ পিন্ধে আৰু সৰুৱে ঘৰৰ আৰু বয়সস্থ জনক সেৱা কৰে। ৰাজহুৱা স্থানত খেল-ধেমালি, গীত-মাতৰ আয়োজন কৰা হয়। বয়সস্থ লোকসকলে ঘৰে ঘৰে হুঁচৰি নৃত্য-গীত কৰি গৃহস্থক আশীর্বাদ দিয়ে। উজনি অসমত মহিলাসকলে নির্জন স্থানত পুৰুষে নেদেখাকৈ জেং বিহু পাতে। কাতি মাহৰ প্ৰথম দিনটোত কাতি বিহু পালন কৰা হয় । কাতি বিহুক কঙালী বিহু বুলি কয়। এই বিহুৰ দিনা ব্রত উপবাস আদিৰে পাৰ কৰি সন্ধিয়া তুলসী তলত আৰু পথাৰত চাকি বন্তি জ্বলোঁৱা হয়।

মাঘ বিহু বা ভোগালী বিহু আৰম্ভ হয় পুহ মাহৰ শেষ ৰাতি ভেলাঘৰত আয়োজন করা সমূহীয়া ভোজ-ভাতেৰে। এই বিহুত ডেকা ল’ৰাসকলে বা গাঁৱৰ ৰাইজে দল বান্ধি পথাৰত খেৰ নৰা আদিৰে ভেলাঘৰ সাজে আৰু ভেলাঘৰৰ কাষতে ওখকৈ কেঁচাবাহ, খৰি, নৰা, খেৰ আদিৰে ‘মেজি’সাজে। মাঘ মাহৰ প্ৰথম দিনটোত ৰাতি পুৱাই গা ধুই ৰাইজে মেজিত জুই দিয়ে আৰু জুইৰ তাপ গাত লয়। মেজিৰ জুইত পিঠা-লাৰু আদি দি অগ্নি দেৱতাক শ্রদ্ধা নিবেদন কৰা হয়। এই সময়ছোৱাত খাদ্য সামগ্ৰী উভৈনদী হয় আৰু খোৱা-বোৱাৰ প্ৰাধান্য বাবে মাঘ বিহুক ভোগালী বিহু বুলি কোৱা হয়। অসমৰ বিহু উৎসৱৰ ৰীতি-নীতিসমূহৰ মাজত অসমৰ আৰ্য-অনার্য বিভিন্ন জাতি-উপজাতি লোক-সাংস্কৃতিক উপাদানৰ সংমিশ্রণ দেখা যায় ।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন : শুদ্ধ উত্তৰটো বাছি উলিওৱা : (মূল্যাংক -১)

১ । কুঁহিয়াৰৰ পৰা গুৰ তৈয়াৰ কৰা কৌশল ভাৰতীয় সভ্যতা-সংস্কৃতিলৈ আগবঢ়োৱা অৱদানসমূহৰ এবিধ অৱদান— [HSLC 2018]

(ক) অষ্ট্ৰিকসকলৰ (খ) নিগ্ৰোসকলৰ (গ) দ্রাবিৰসকলৰ (ঘ) মংগোলীয়সকলৰ

উত্তৰঃ (ক) অষ্ট্ৰিকসকলৰ।

২। তলৰ কোনবিধ ভাৰতীয় ধ্রুপদী নৃত্য অন্ধ্ৰপ্ৰদেশৰ— [HSLC 2019]

(ক) কথাকলি (খ) কুচিপুৰী (গ) ভাৰত নাট্যম (ঘ) অ’ডিচি

উত্তৰঃ (খ) কুচিপুৰী।

। কোনজন আহোম ৰজাই কেবামহলীয়া তলাতল ঘৰৰ নিৰ্মাণ আৰম্ভ কৰিছিল ? [HSLC 2022]

(ক) ৰাজেশ্বৰ সিংহ (খ) চক্ৰধ্বজ সিংহ (গ) চন্দ্রকান্ত সিংহ (ঘ) ৰুদ্ৰ সিংহ

উত্তৰঃ (ক) ৰাজেশ্বৰ সিংহ

৪। তলত দিয়া জনজাতীয় গোষ্ঠীসমূহৰ ভিতৰত অষ্ট্ৰিক ভাষাৰ অন্তৰ্গত গোষ্ঠীটো হ’ল—

[HSLC 2012]

(ক) নগা (খ) কাৰ্বি (গ) খাচীয়া (ঘ) আদি

উত্তৰঃ (গ) খাচীয়া

অতি চমু প্রশ্নোত্তৰ:

প্রশ্ন ১। অন্ধ্ৰপ্ৰদেশৰ ভাষাটোৰ নাম কি? [H.S.L.C. 2013]

উত্তৰঃ তেলেগু।

প্রশ্ন ২। নামঘোষা কোনে ৰচনা কৰিছিল? [H.S.L.C. 2013]

উত্তৰঃ মাধৱদেৱে।

প্রশ্ন ৩। বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্যৰ জনপ্রিয় নামটো কি ? [H.S.L.C. 2014]

উত্তৰঃ ভট্টদেৱ।

প্রশ্ন । ভাৰতবৰ্ষত কিমানটা ভাষাক ৰাজ্য-ভাষা হিচাপে স্বীকৃতি দিয়া হৈছিল? [HSLC 2010]

উত্তৰঃ ৪৭ টা।

প্রশ্ন ৫। বৈকুণ্ঠ নাথ ভাগৱত ভট্টাচাৰ্যৰ জনপ্ৰিয় নামটো কি? [HSLC 2014]

উত্তৰঃ ভট্টদেৱ।

প্রশ্ন ৯। ভট্টদেৱে ৰচনা কৰা তিনিখন গ্ৰন্থৰ নাম লিখা। [HSLC 2022]

উত্তৰঃ ভট্টদেৱৰ প্ৰকৃত নাম হ’ল বৈকুণ্ঠনাথ ভাগৱত ভট্টাচার্য। তেওঁ ৰচনা কৰা গ্ৰন্থ তিনিখন হ’ল—

(ক) কথা-ভাগৱত, (খ) কথা-গীতা আৰু (গ) কথা ভক্তি ৰত্নাৱলী।

ভট্টদেৱৰ এই গদ্যকেইখনৰ ৰচনাৰ দ্বাৰা মধ্যযুগৰ অসমীয়া গদ্য শৈলীৰ অপূৰ্ণ নিদৰ্শন থৈ গৈছে।

প্রশ্ন ২৪। অসমৰ যিকোনো তিনিটা প্ৰধান জনজাতীয় বিহু উৎসৱ কি কি ? [H.S.L.C. 2015]

উত্তৰঃ বড়োসকলৰ বৈছাগু, মিচিং সকলৰ আলি-আই-লিগাং, লালুং সকলৰ বহাগী উৎসৱ বা মেলা।

প্রশ্ন ২৬। ওজাপালিৰ দুটা ভাগৰ নাম লিখা আৰু উদাহৰণ দিয়া। [HSLC 2019]

উত্তৰঃ ওজাপালিৰ দুটা ভাগ হ’ল (ক) ব্যাসৰ ওজা আৰু (খ) সুকনান্নী ওজা।

ব্যাসৰ ওজা— ৰামায়ণ মহাভাৰতৰ কাহিনীক লৈ বৈষ্ণবী গীত গোৱা হয়।

সুকনান্নী ওজা— মনসা দেৱীৰ তুষ্টিৰ বাবে গোৱা গীত।

প্রশ্ন ২৭। অসমৰ দুটা ভৈয়াম জনজাতি আৰু দুটা পার্বত্য জনজাতিৰ নাম উল্লেখ কৰা।

[HSLC 2020]

উত্তৰঃ অসমৰ দুটা ভৈয়াম জনজাতিৰ নাম হ’ল— দেউৰী, মিচিং, কছাৰী, বড়ো।

অসমৰ দুটা পার্বত্য জনজাতিৰ নাম হ’ল— খাচী গাৰো, মিকিৰ, জয়ন্তীয়া।

(গ) ৰচনাধর্মী প্রশ্নোত্তৰ :

প্রশ্ন ১। মধ্যযুগৰ অসমীয়া সাহিত্য সম্পর্কে এটি টোকা লিখা। [H.S.L.C. 2011]

উত্তৰঃ আহোমসকলৰ বুৰঞ্জী সাহিত্য অসমৰ মধ্যযুগৰ ভাষা, সাহিত্য-সংস্কৃতিৰ এক অপৰিহাৰ্য অংগ। মধ্যযুগৰ আটাইতকৈ খ্যাতনামা অসমীয়া মনীষী হ’ল শ্রীমন্ত শংকরদের (১৪৪৯-১৫৬৯ খৃঃ)। তেওঁ বিশেষকৈ কামৰূপ-কমতাপুৰৰ কোঁচ ৰজা মহাৰাজ নৰনাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। তেওঁ ৩৬ টা বৰগীত, কাব্য, নাট, ‘কীর্তন- ‘ঘোষা’ আদি ভালেমান গ্ৰন্থ ৰচনা আৰু অনুবাদ কৰিছিল। তেওঁৰ শিষ্য আৰু সহযোগী আৰু অসমৰ নৱ-বৈষ্ণৱ আন্দোলনৰ অন্যতম প্রবাদ পুৰুষ মাধৱদেৱেও অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। তেওঁ ব্ৰজাৱলী উপভাষাত ১৫৭ টা বৰগীত আৰু লগতে কেবাখনো অংকীয়া নাট আৰু ‘নাম-ঘোষা’ ৰচনা কৰিছিল। নৱ-বৈষ্ণৱ আন্দোলনৰ অংগাংগীভাৱে গঢ়ি উঠা এই বৌদ্ধিক আন্দোলনৰ আন আন অংশীদাৰসকল আছিল বৈকুণ্ঠনাথ ভাগৱত ভট্টাচার্য তথা ভট্টদেৱ, অনন্ত কন্দলী, শ্ৰীধৰ কন্দলী, ৰাম সৰস্বতী, ৰামচৰণ ঠাকুৰ, দৈতাৰী ঠাকুৰ আদি। বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য তথা ভট্টদেৱে ‘কথা-ভাগৱত’, ‘কথা-গীতা’, ‘কথা ভক্তি ৰত্নাৱলী’ আদি গদ্যত ৰচনা কৰি মধ্যযুগৰ অসমীয়া গদ্য শৈলীৰ অপূৰ্ব নিদর্শন থৈ গৈছে। সাহিত্যিক পীতাম্বৰ কবিয়ে ঊষা-অনিৰুদ্ধৰ প্ৰণয়ৰ কাহিনী ‘উষা-পৰিণয়’ কাব্যৰ জৰিয়তে অমৰ কৰি থৈছে। ষোড়শ আৰু সপ্তদশ শতিকাৰ সাহিত্যৰ আন এটি উল্লেখযোগ্য দিশ আছিল নৱ-বৈষ্ণৱ আন্দোলনৰ সৈতে জড়িত গুৰুকেইজনৰ জীৱনী গদ্যত ৰচনা কৰাটো। এই ক্ষেত্ৰত পোনতে ‘কথা- গুৰু চৰিত’ৰ কথাই উল্লেখ কৰিব পাৰি।

সপ্তদশ-অষ্টাদশ শতিকাৰ আহোম ৰজাসকলৰ পৃষ্ঠপোষকতাতো ভালেমান সাহিত্য ৰচিত হৈছিল। শিৱ সিংহ (১৭১৪-৪৪) আৰু ৰাণী অম্বিকাৰ আজ্ঞামতে সুকুমাৰ বৰকাইথে ‘হস্তিবিদ্যাৰ্ণৱ’ ৰচনা কৰিছিল আৰু চিত্ৰকৰ দিলবৰ আৰু দোছায়ে সেই গ্ৰন্থৰ চিত্ৰসমূহ অংকন কৰিছিল। আহোম ৰজা ৰুদ্ৰ সিংহৰ পৃষ্ঠপোষকতা লাভ কৰি ৰামনাৰায়ণ চক্ৰৱৰ্তীয়ে অসমীয়া ভাষালৈ ‘গীত-গোৱিন্দ’, ‘ব্ৰহ্মবৈৱৰ্ত পুৰাণ’, ‘শকুন্তলা কাব্য’ অনুবাদ কৰাৰ উপৰিও ‘শংখচূড় বধ’ কাব্য ৰচনা কৰিছিল।

দৰঙী কোঁচ ৰজাসকলৰ পৃষ্ঠিপোষকতা লাভ কৰিও ভালেমান কবি-সাহিত্যিকে অসমীয়া ভাষা-সাহিত্য চৰ্চা কৰিছিল। ধৰ্মনাৰায়ণৰ ৰাজত্বকালত সুকবি নাৰায়ণ দেৱে অসমীয়া ভাষাত ‘পদ্ম-পুৰাণ’ৰচনা কৰিছিল। দৰঙী কোঁচ ৰজাসকলৰ ৰাজত্বকালতেই বলদেৱ সূৰ্য্য খ্ৰী দৈৱজ্ঞই ‘দৰঙ্গ ৰাজ বংশাৱলী’ ৰচনা কৰিছিল। এইদৰে দেখা যায় মধ্যযুগৰ অসমৰ ৰজাসকলৰ পৃষ্ঠপোষকতা আৰু সাহিত্যিকসকলৰ ঐকান্তিক চেষ্টাৰ ফলত অসমীয়া সাহিত্যৰ ব্যাপক শ্রীবৃদ্ধি সাধন হৈছিল। মধ্যযুগৰ অসমত নৱ বৈষ্ণৱ ধৰ্মক কেন্দ্ৰ কৰি যেনেকৈ সেই ধৰ্ম কেন্দ্রিক অথচ মানৱতাবাদী এশ্ৰেণী সাহিত্যৰ সৃষ্টি কৰা হৈছিল ঠিক তেনেকৈ ইছলাম ধৰ্মাৱলম্বী ছাহ মিলাণ ওৰফে আজান ফকীৰ আদি চুফী সাধু-সন্তসকলেও জিকিৰ আৰু জাৰী নামৰ এশ্ৰেণী মানৱতাবাদী ধৰ্মকেন্দ্ৰিক সাহিত্যৰ সৃষ্টি কৰিছিল। অসমীয়া ভাষাত ৰচিত এই সাহিত্যৰাজিও মধ্যযুগৰ অসমীয়া সাহিত্যৰ এক অমূল্য সম্পদৰূপে পৰিগণিত হৈ আহিছে।

প্রশ্ন ২। লোক সংস্কৃতিৰ উৎস হিচাপে বিহুৰ অৱদান সম্পর্কে চমুকৈ লিখা। [HSLC 2012, 2013]

উত্তৰঃ অসমৰ লোক সংস্কৃতিৰ বলিষ্ঠ আৰু সমৃদ্ধ ৰূপটো সঞ্চিত হৈ আছে লোক উৎসৱ বিহু আৰু বিহুগীতৰ লগতে কামৰূপী আৰু গোৱালপৰীয়া লোকগীতত। ইয়াত সাধাৰণ কৃষিজীৱী আৰু শ্রমজীৱী লোকৰ জীৱনৰ বৰ্ণাঢ্য ৰূপৰ প্ৰতিফলন ঘটিছে। বিহু উৎসৱৰ উৎপত্তিৰ কাল নির্ণয় কৰাটো অত্যন্ত কঠিন কাম যদিও এইটো থাৱৰ কৰিব পাৰি যে অসমলৈ আহোমসকলৰ আগমনৰ বহু কাল পূৰ্বৰেপৰাই এই উৎসৱৰ প্ৰচলন আছিল। তেজপুৰৰ ওচৰত আৱিষ্কৃত খ্ৰীষ্টীয় নৱম শতিকাৰ স্থাপত্য কলাৰ নিদৰ্শনত থকা নাচৰ সৈতে বিহু নাচৰ সাদৃশ্য থকা বুলি কোনো কোনো পণ্ডিতে অনুমান কৰিছে। এই বিহু উৎসৱ বছৰৰ তিনিটা মাহত পালন কৰা হয়— ব’হাগ, কাতি আৰু মাঘ মাহত। বহাগৰ বিহুটিয়েই আটাইতকৈ উৎসৱ মুখৰ। এইটো বিহুৰ সৈতেই বিহুগীত, বিহু নাচ আৰু হুঁচৰিৰ ওতপ্রোত সম্পর্ক, আৰু সেয়ে তাৰ জনপ্ৰিয়তাও অধিক। বসন্তকালত পালিত হয় বাবে মানুহৰ মনো আনন্দৰে উপচি পৰে। পথাৰৰ শস্যৰ বীজ সিচাৰ সময় এই বসন্তকাল। বিহুগীত আৰু বিহুনাচৰ সম্পৰ্কও জড়িত হৈ আছে পথাৰক শস্য সম্ভৱা কৰাৰ এক আদিম বিশ্বাসৰ সৈতে।

বিহু উৎসৱ আৰ্যমূলীয় নহয়, জনজাতিমূলীয় । অসমৰ বড়ো জনজাতিৰ লোকসকলে বিহুক বৈছাগু বোলে। তেনেকৈ মিছিংসকলে বিহুক আলি আই লৃগাং আৰু লালুংসকলে ব’হাগী উৎসৱ বা মেলা বোলে।

এই উৎসৱ বৰ্ণ হিন্দুৰ বিশেষকৈ ব্ৰাহ্মণসকলৰ মাজত জনপ্রিয় নাছিল। পিছৰ যুগৰ অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ লোক হলিৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা, কমলাকান্ত ভট্টাচার্য, বুধীন্দ্রনাথ দিলিহিয়াল ভট্টাচার্য আদিয়ে বিহু আৰু বিহুৰ সৈতে জড়িত গীত- মাত্ৰ প্ৰতি বিৰূপ মন্তব্য কৰি গৈছে।

আজিকালি চহা-গ্রাম্য জীৱনৰ আনন্দ উল্লাসৰ স্বতঃস্ফূর্ত প্রকাশ থকা পুৰণি দিনৰ বিহুৰ বৈশিষ্ট্যবোৰ ক্ৰমে লোপ পাই আহিছে। আজিকালি বিপুল জনসমাগমৰ আগত প্রদর্শনীমূলক ভাৱে অথবা প্রতিযোগিতাৰ আয়োজন কৰি বিহুনাম, নৃত্য আদি গাঁও, নগৰ- চহৰ সকলোতে আয়োজন কৰিবলৈ দেখা গৈছে। সম্ভৱতঃ স্বৰ্গদেৱ ৰুদ্ৰসিংহদেৱে ৰংঘৰৰ বাকৰিত বিহুনৃত্য তথা খেল-ধেমালি আদি প্ৰদৰ্শনীমূলক ভাৱে আৰম্ভ কৰিছিল। ব্ৰিটিছ শাসন কালছোৱাত এচাম সম্ভ্ৰান্ত ৰক্ষণশীল অসমীয়া লোকে মুকলি প্রেম-যৌৱনৰ গীত নৃত্যবোৰৰ প্ৰতি বিৰূপ মন্তব্য কৰিছিল, একে সময়তে কিছুসংখ্যক প্রগতিশীল লোকে মুকলি মঞ্চত বিহু নৃত্য-গীতৰ আয়োজন কৰি বিহুক পৰিবৰ্তিত পৰিস্থিতিত খাপ খুৱাই গতিশীলতা প্রদান কৰিব বিচাৰিছিল।

Conclusion:

আমি বিশ্বাস কৰোঁ যে এই টোকাবোৰে শিক্ষাৰ্থীসকলক বিষয়বোৰৰ বিষয়ে ভালদৰে বুজাবুজি বিকশিত কৰাত আৰু তেওঁলোকৰ পৰীক্ষাৰ বাবে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰিব।

আমি নিশ্চিত যে এই টোকাবোৰে শিক্ষাৰ্থীসকলক তেওঁলোকৰ লক্ষ্য প্ৰাপ্ত কৰাত আৰু তেওঁলোকৰ শৈক্ষিক প্ৰদৰ্শন বৃদ্ধি কৰাত সহায় কৰিব। যদি আপুনি এই প্ৰবন্ধটো ভাল পায় আৰু সহায়ক হয় তেন্তে আপোনাৰ বন্ধুবৰ্গৰ সৈতে Share কৰিবলৈ নাপাহৰিব।

Leave a Comment

error: Content is protected !!