Class 10 Social Science Chapter 4 | ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ | SEBA

Class 10 Social Science Chapter 4| ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ|SEBA: আমাৰ ৱেবছাইটলৈ স্বাগতম! আপোনাৰ শৈক্ষিক যাত্ৰাৰ বাবে আপোনাক দশম শ্ৰেণীৰ Notes প্ৰদান কৰি আমি আনন্দিত।

দশম শ্ৰেণী শিক্ষাৰ্থীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ বছৰ কিয়নো তেওঁলোকে আগন্তুক ব’ৰ্ড পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰে, যি তেওঁলোকৰ শৈক্ষিক সফলতা নিৰ্ধাৰণ কৰিব।

আজি, এই প্ৰবন্ধটোত মই আপোনাৰ দশম শ্ৰেণীৰ “ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ” দীঘলয়া আৰু চুটি প্ৰশ্ন আলোচনা কৰিম| আমি প্ৰায় সকলো দীঘলয়া আৰু চুটি প্ৰশ্ন Solution প্ৰদান কৰিছোঁ।

আমাৰ লক্ষ্য হৈছে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰা। আমি ইয়াত বিনামূলীয়াকৈ Notes সমূহ প্ৰদান কৰিছো। আমি আপোনাক আগন্তুক পৰীক্ষাৰ বাবে শুভেচ্ছা জনাইছো। যদি আপোনাৰ কোনো সন্দেহ আছে তেন্তে আমাৰ সৈতে যোগাযোগ কৰক।

অনুশীলনীৰ প্রশ্নোত্তৰ

অতি চমু উত্তৰৰ প্ৰশ্নঃ

প্রশ্ন ১। ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল? [HSLC 2022]

উত্তৰ : ১৮২৬ চনৰ ২৬ ফেব্ৰুৱাৰীত।

প্রশ্ন ২। কোম্পানিৰ আমোল বুলিলে কোনটো সময়ক বুজোৱা হয়?

উত্তৰ : ১৮২৬ চনৰ পৰা ১৮৫৮ চনৰ সময়ছোৱাক।

প্রশ্ন ৩। অসমত বাংলা ভাষাৰ প্ৰচলন কেতিয়া হৈছিল?

উত্তৰ : ১৮৩৭ চনত।

প্রশ্ন ৪। বাংলা ভাষাৰ ঠাইত অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কেতিয়া হৈছিল?

উত্তৰ : ১৮৭০ চনত।

প্রশ্ন ৫। অৰুণোদয় কাকতৰ প্ৰথম সম্পাদক কোন আছিল?

উত্তৰ: ড° নাথান ব্রাউন।

প্রশ্ন ৬। অসম ছাত্র সন্মিলনৰ মুখপত্ৰখন কি আছিল?

উত্তৰ : মিলন।

প্রশ্ন ৭। ৰায়ত সভাসমূহৰ মুখ্য উদ্দেশ্য কি আছিল?

উত্তৰ : গ্রেজিং কৰ বন্ধ কৰা, মাটিৰ খাজনা হ্রাস কৰা আৰু পূর্ববংগৰ পৰা হোৱা প্ৰব্ৰজন ৰোধ কৰা।

প্রশ্ন ৮। সদৌ অসম ৰায়ত সভাৰ গঠন কেতিয়া হৈছিল?

উত্তৰ : ১৯৩৩ চনত।

প্রশ্ন ৯। আহোম সভাৰ সম্পাদক কোন আছিল ?

উত্তৰ : পদ্মনাথ গোহাই বৰুৱা ।

প্রশ্ন ১০। যোৰহাট সার্বজনীন সভা কেতিয়া আৰু কাৰ নেতৃত্বত গঠন হৈছিল?

উত্তৰ : ১৮৮৪ চনত জগন্নাথ বৰুৱাৰ নেতৃত্বত।

প্রশ্ন ১১। অসম প্রদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আৰু সম্পাদক কোন আছিল?

উত্তৰ : সভাপতি কুলধৰ চলিহা আৰু সম্পাদক নবীন চন্দ্ৰ বৰদলৈ।

প্রশ্ন ১২। অসম প্রদেশ কংগ্ৰেছ কমিটিৰ অনুষ্ঠানিকভাবে নির্বাচিত প্রথমজন সভাপতি কোন আছিল?

উত্তৰ: বিষ্ণুৰাম মেধি।

প্রশ্ন ১৩। অসমৰ প্ৰথম প্ৰধানমন্ত্রী কোন আৰু কেতিয়া নির্বাচিন হৈছিল ?

উত্তৰ: গোপীনাথ বৰদলৈ আৰু তেওঁ ১৯৪৬ চনৰ ১১ ফেব্ৰুৱাৰীত নিৰ্বাচিত হৈছিল।

প্রশ্ন ১৪। অসমত স্থাপিত হোৱা প্ৰথমখন জাতীয় অনুষ্ঠান কি ?

উত্তৰ: তিলক সোঁৱৰণী স্কুল।

প্রশ্ন ১৫। কুশল কোঁৱৰক কি অপৰাধত ফাঁচী দিয়া হৈছিল?

উত্তৰ : বৰপথাৰত ৰেল বগৰোৱা অপৰাধত।

প্রশ্ন ১৬। গৌহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হৈছিল?

উত্তৰ : ১৯৪৮ চনৰ ২৬ জানুৱাৰীত।

প্রশ্ন ১৭। অসম চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে কেতিয়া নামাংকিত হয়?

উত্তৰ: ১৯৪৭ চনৰ ৩ নৱেম্বৰত।

প্রশ্ন ১৮। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কেতিয়া আনুষ্ঠানিক ভাৱে আৰম্ভ হয় ?

উত্তৰ : ১৯৬০ চনৰ ২০ ছেপ্তেম্বৰত।

চমু উত্তৰৰ প্ৰশ্ন :

প্রশ্ন ১। অসমীয়া লিটাৰেৰী ছ’চাইটী’ৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ : দেৱীচৰণ বৰুৱা আৰু গুণগোৱিন্দ ফুকনৰ নেতৃত্বত ১৮৭২ চনত “অসমীয়া লিটাৰেৰী ছ’চাইটী নামৰ প্ৰথমটি সংগঠন কলিকতাত গঠন হৈছিল। এই সংগঠনটো উচ্চ শিক্ষাৰ বাবে কলিকতালৈ যোৱা ছাত্ৰসকলে অসমীয়া ভাষা-সাহিত্য উন্নয়নৰ বাবে এক পদক্ষেপ গ্ৰহণ কৰাৰ ফলত গঠন হৈছিল। এই অনুষ্ঠানটোৰ প্ৰধান উদ্দেশ্য আছিল সাহিত্য চৰ্চা। ১৮৭২ চনত এই সংগঠনৰ প্ৰসিদ্ধ সদস্য জগন্নাথ বৰুৱা আৰু মানিক চন্দ্ৰ বৰুৱাই উক্ত ছ’চাইটিৰ তৰফৰপৰা সেই সময়ত ভাইচৰয় লৰ্ড নর্থব্রুকক এখন স্মাৰক পত্র দাখিল কৰিছিল। এই স্মাৰক পত্ৰত তেওঁলোকে অসমৰ প্ৰাকৃতিক সম্পদ উন্নয়ন আৰু অসম আৰু বংগৰ মাজত ৰেল সংযোগ স্থাপনৰ বাবে দাবী জনাইছিল। এই সংগঠনটো ১৮৮৫ চনলৈকে সক্ৰিয় হৈ আছিল।

প্রশ্ন ২। জোনাকী যুগ বুলিলে কোনটো সময়ক বুজোৱা হয়? এই যুগৰ উল্লেখযোগ্য জাতীয়তাবাদী উত্তৰণৰ এটা চমু আভাষ দিয়া।

উত্তৰ: জোনাকী যুগ বুলিলে সাধাৰণতে যিটো সময়ত বহু নতুন সাহিত্যিক, প্রতিভাৱান লেখকৰ চেষ্টাত কবিতা, প্ৰৱন্ধ, নিৱন্ধ আদিবোৰৰ প্ৰকাশ ঘটিছিল সেই সময়ছোৱাকে বুজায়। জোনাকীয়ে সেইসময়ত বহু নতুন সাহিত্যিক প্রতিভাৱান লোকক উলিয়াই আনিছিল। জোনাকী কাকতৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰ কুমাৰ আগৰৱালা। জোনাকীত প্রকাশিত কবিতা, প্রবন্ধ-নিৱন্ধসমূহত লেখকসকলৰ জাতীয়তাবাদী চিন্তাৰ প্ৰতিফলন ঘটিছিল। ব্ৰিটিছৰ আগমনৰ ফলত অসমৰ থলুৱা উদ্যোগ আৰু বাণিজ্যত যি প্ৰভাৱ পৰিছিল সেই বিষয়ে জোনাকীয়ে সচেতন কৰি দিছিল। এই ক্ষেত্ৰত কনকলতা বৰুৱা আৰু কমলাকান্ত ভট্টাচাৰ্যই নিয়মীয়াকৈ অসমৰ অৰ্থনৈতিক অনগ্ৰসৰতা আৰু প্ৰগতিৰ ধাৰা সম্পৰ্কীয় নিবন্ধ প্রকাশ কৰিছিল। লক্ষীনাথ বেজবৰুৱাৰ ‘মোৰ দেশ’, ‘অসম সংগীত’, ‘বীণ ব’ৰাগী’ আদি আৰু অম্বিকাগিৰী ৰায় চৌধুৰীৰ ৰচনাই দেশপ্ৰেমৰ জয়গান গাইছিল। জোনাকীয়ে এক সাহিত্যিক তথা সামাজিক চেতনা জাগ্ৰত কৰিছিল।

প্রশ্ন ৩। আহোম সভাৰ ৰাজনৈতিক দাবী সম্পর্কে চমুকৈ লিখা।

উত্তৰ : আহোম সভাৰ ৰাজনৈতিক দাবী সমূহ হ’ল— আহোমসকলক চৰকাৰীভাৱে সংখ্যালঘু সম্প্ৰদায়ৰ মৰ্যাদা প্ৰদান কৰি তেওঁলোকৰ বাবে বিধানসভাত আসন সংৰক্ষণ কৰা আৰু পৃথক সমষ্টি গঠন কৰা।

প্রশ্ন ৪। কানিৰ প্ৰচলন সম্পর্কে যোৰহাট সার্বজনিক সভাৰ স্থিতি কি আছিল চমুকৈ লিখা।

উত্তৰ : যোৰহাট সাৰ্বজনিক সভা আছিল দেশীয় চাহ খেতিয়ক, উকীল-মুক্তিয়াৰ, মাটিগিৰি আৰু মাৰোৱাৰী আৰু বঙালী বণিকৰ প্ৰতিনিধিত্বমূলক সংগঠন। এই সংগঠনে অসমৰপৰা কানি নিবাৰণৰ বিৰোধিতা কৰিছিল। ১৮৯৩ চনৰ ৰাজকীয় কানি আয়োগৰ ওচৰত অসমত কানিৰ প্ৰচলন বাহাল ৰাখিবলৈ অনুৰোধ জনোৱাৰ উদ্দেশ্যে সিদ্ধান্ত ল’বলৈ ১১/১১/১৮৯৩ তাৰিখে জগন্নাথ বৰুৱাৰ সভাপতিত্বত যোৰহাটত এখন সার্বজনিক সভা বহিছিল। তাত অসমৰ চীফ কমিছনাৰৰ যোগেদি ৰাজকীয় কানি আয়োগৰ ওচৰত সভাৰ ফালৰপৰা দাখিল কৰিবলৈ প্ৰস্তুত কৰা স্মাৰক পত্ৰখন সভাৰ সাধাৰণ সম্পাদক দেৱীচৰণ বৰুৱাই প্ৰভাৱাকাৰে দাঙি ধৰিছিল। সভাত উপস্থিত থকা সকলো সমজুৱাই তাক সর্বসম্মতিক্রমে মানি লৈছিল। কানি নিবাৰণ কৰিলে অসমৰ জনসাধাৰণৰ ওপৰত অতিৰিক্ত কৰৰ বোজা জাপি দিয়া হ’ব বুলি ধৰি লৈ তেওঁলোকে উক্ত স্মারকপত্র যোগে কানি নিবাৰণ কৰাঁৰ বিৰোধিতা কৰিছিল।

প্রশ্ন ৫। আছাম এছ চিয়েচনে ব্ৰিটিছ চৰকাৰৰ ওচৰত উত্থাপন কৰা বিষয়সমূহ কি আছিল?

উত্তৰ : আছাম এছ’চিয়েচনে ব্ৰিটিছ চৰকাৰৰ ওচৰত উত্থাপন কৰা বিষয়সমূহ হ’ল-

(ক) অসমত স্থানীয় স্বায়ত্তশাসন ব্যৱস্থা গঢ়ি তোলা,

(খ) নগৰ পালিকাৰ উন্নয়ন সাধন কৰা,

(গ) আধুনিক শিক্ষানুষ্ঠান স্থাপন কৰা,

(ঘ) শিক্ষিত যুৱকৰ বাবে চৰকাৰী বিভাগ তথা স্তৰত কৰ্ম সংস্থাপনৰ ব্যৱস্থা কৰা।

প্রশ্ন ৬। অসমত বিদেশী বস্তু বর্জন আন্দোলনৰ কাৰ্যাৱলী সম্পর্কে চমুকৈ লিখা।

উত্তৰঃ স্বদেশী আন্দোলনৰ প্ৰতিক্ৰিয়া অসমৰ বিভিন্ন ঠাইলৈ বিয়পি পৰিছিল। অসম কেশৰী অম্বিকাগিৰী ৰায় চৌধুৰী আৰু গোবিন্দ লাহিড়ীয়ে গুৱাহাটীৰ ছাত্ৰসকলৰ মাজত বিদ্রোহী সংগঠন গঢ়ি তুলিছিল। তেওঁলোকে অসমৰ জিলাসমূহলৈ স্বদেশী বস্তু ব্যৱহাৰৰ বাবে প্ৰচাৰ চলাইছিল। ফলত অসমৰ মানুহে নিমখৰ পৰিৱৰ্তে খাৰ, বিদেশী চেনিৰ সলনি বেনাৰসৰ চেনি, বিদেশী বস্ত্ৰৰ বিপৰীতে থলুৱা এড়ী, মুগা, কপাহী আৰু খাদী বস্তু ব্যৱহাৰ কৰিছিল । গুৱাহাটীৰ এদল ছাত্ৰই সপ্তাহত দুদিন জাহাজঘাটত কাম কৰি উপাৰ্জন কৰা ধন স্বদেশী আন্দোলনৰ পুঁজিলৈ দান কৰিছিল। স্বদেশী মাধ্যমত তেওঁলোকে দেশীয় সামগ্রী ব্যৱহাৰ কৰাৰ ওপৰত জোৰ দিছিল।

প্রশ্ন ৭। অসমত অসহযোগ আন্দোলনত নেতৃত্ব দিয়া অসমীয়া নেতা সকলৰ বিষয়ে উল্লেখ কৰা।

উত্তৰঃ অসমত অসহযোগ আন্দোলনত নেতৃত্ব দিয়া অসমীয়া নেতাসকল হ’ল—

(ক) চন্দ্ৰনাথ শৰ্মা, তৰুণৰাম ফুকন, নবীন চন্দ্ৰ বৰদলৈ, কুলধৰ চলিহা আদিয়ে অসহযোগ আন্দোলনত অংশ গ্ৰহণ কৰি প্ৰথমৰেপৰা আন্দোলনৰ শক্তি বৃদ্ধি কৰিছিল ৷

(খ) এই আন্দোলনত চন্দ্ৰনাথ শৰ্মাই বিশেষ ভূমিকা লৈছিল।

(গ) চন্দ্ৰনাথ শৰ্মাৰ লগতে হেমচন্দ্ৰ বৰুৱা, অমিয় কুমাৰ দাস, পদ্মধৰ চলিহা আদি অসমত ছাত্ৰ-যুৱকৰ কাৰ্যক্ষম নেতাৰূপে পৰিগণিত হৈছিল ৷

প্রশ্ন ৮। কানিংহাম চার্কুলাৰে অসমত আইন অমান্য আন্দোলনৰ ক্ষেত্ৰত কেনে প্ৰভাৱ পেলাইছিল?

উত্তৰঃ অসমত আইন অমান্য আন্দোলনটো ধীৰ গতিৰে চলি থাকোতেই অসন গতি প্রকৃতিয়েই বদলাই পেলালে। ১৯১২-৩১ ৰ কালছোৱাত অসমৰ শিক্ষাধিকর্তা আছিল, চৰকাৰৰ শিক্ষাধিকর্তাই ১৯ মে’ তাৰিখে প্ৰৱৰ্তন কৰা এখন ঘোষণা পত্রই আন্দোলনটোৰ জন ৰিচাৰ্ড কানিংহাম। তেওঁ ছাত্ৰসকলক আন্দোলনৰপুৰা আঁতৰাই ৰখাৰ অভিপ্রায়েৰে এখন চাৰ্কুলাৰ উলিয়ায়। কানিংহাম চাহাবৰ নামানুসাৰে উক্ত চার্কুলাৰখনক কানিংহাম চার্কুলাৰ বোলা হৈছিল।

কিন্তু চার্কুলাৰখনে ছাত্ৰসকলক আন্দোলনৰপৰা বিৰত কৰাৰ পৰিৱর্তে তাত অংশ গ্ৰহণ কৰিবলৈ বেছিকৈহে প্ৰৰোচিত কৰিলে। আনকথাত অভিশাপেই বৰ হোৱাদি এই চার্কুলাৰখনেই অসমত আইন অমান্য আন্দোলন সংগঠিত কৰাত সহায়করূপে কাম কৰিলে।

প্রশ্ন ৯। গোপীনাথ বৰদলৈ মন্ত্রীসভাই স্বাধীনতাৰ পিছত মুখামুখি হোৱা সমস্যা সম্পর্কে চমুকৈ লিখা।

উত্তৰঃ গোপীনাথ বৰদলৈ মন্ত্ৰীসভাই স্বাধীনতাৰ পিছত মুখামুখি হোৱা সমস্যা সমূহ হ’ল—

(ক) ১৯৪৭ চনৰ বিভাজনৰ পিছত মাত্র ১২ কি.মি. বহল এক সংকীর্ণ ভূ-খণ্ডইহে উত্তৰ-পূব ভাৰতৰ লগত সংযোগ কৰিছিল ।

(খ) পশ্চিম বংগ আৰু অসমৰ মাজৰ ৰেলপথ আৰু নদী পৰিবহন হঠাতে পূব পাকিস্তানৰ অন্তৰ্গত হৈ গৈছিল।

(গ) বংগ, অসম আৰু আৰাকাণে লগ লাগি কৃষি শিল্পজাত সামগ্ৰী চাহ, নীল, মৰাপাট, ৰেচম আদি আন্তর্জাতিক ভিত্তিত বাণিজ্য কৰিছিল। কিন্তু স্বাধীনতাৰ পিছত প্রত্যেকেই নিজ নিজ জাতীয় অর্থনীতি গঠনত মনোনিবেশ কৰিলে।

প্রশ্ন ১০। অসম কৃষি বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ চমু ইতিহাস লিখা।

উত্তৰঃ ১৯১৩ চনত কৰিমগঞ্জত আৰু ১৯২৩ চনত তিতাবৰত কৃষি গৱেষণা কেন্দ্ৰৰ প্ৰতিষ্ঠাই অসম কৃষি বিশ্ববিদ্যালয়ৰ আৰম্ভণি বুলি কোৱা হয়। ইয়াৰ উপৰিও ১৯৪৮ চনত নগাঁৱত অসম পশু মহাবিদ্যালয় আৰু যোৰহাটত অসম কৃষি মহাবিদ্যালয় প্রতিষ্ঠা কৰা হৈছিল। এই দুয়োখন মহাবিদ্যালয় সামৰি লৈ ১৯৬৯ চনত অসম কৃষি বিশ্ববিদ্যালয় স্থাপিত হয়।

অসম কৃষি বিশ্ববিদ্যালয় উত্তৰ-পূব ভাৰতৰ একমাত্ৰ আৰু প্ৰথম বৃত্তিমুখী বিশ্ববিদ্যালয়।

এই বিশ্ব বিদ্যালয়ৰ উদ্দেশ্যসমূহ হ’ল—

  • কৃষি খণ্ডত মানৱ সম্পদৰ বিকাশ।
  • উৎপাদন বিকাশৰ বাবে নিৰন্তৰ গৱেষণা কৰা ।
  • প্রযুক্তিবিদ্যাৰ উন্নতি তথা ইয়াৰ ৰাজহুৱা প্ৰচাৰ কৰা ।
  • কৃষিখতত প্রযুক্তিবিদ্যাৰ ব্যৱহাৰ প্ৰসাৰিত কৰা।
  • কৃষিখণ্ডৰ লগত জড়িত সকলো শ্ৰেণীৰ মাজত এক সম্পৰ্ক ৰক্ষা কৰা আৰু
  • খাদ্যৰ ক্ষেত্ৰত নিৰাপত্তা সৃষ্টি কৰা।

প্রশ্ন ১১। অসম চিকিৎসা মহাবিদ্যালয় প্রতিষ্ঠাৰ চমু ইতিহাস লিখা।

উত্তৰঃ উত্তৰ-পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় স্থাপন হৈছিল ডিব্ৰুগড়ত। ১৯০০ চনতে ডিব্ৰুগড়ত ড° জন বেৰী হোৱাইটৰ ৫০,০০০ টকাৰ অনুদানৰ পুঁজিৰে বেৰী-হোৱাইট মেডিকেল স্কুল স্থাপন হৈছিল। ১৯১০ চনত এই চিকিৎসা বিদ্যালয়খনৰ ইংলেণ্ডৰ পৰা দুটা এক্স-ৰে মেচিন আমদানি কৰি আনিছিল আৰু ৰেডিঅ’ল’জী বিভাগ আৰম্ভ কৰিছিল। স্বাধীনতাৰ পিছত ১৯৪৭ চনৰ ৩ নৱেম্বৰ তাৰিখে এই বিদ্যালয়খনক আনুষ্ঠানিকভাৱে অসম চিকিৎসা মহাবিদ্যালয় নামকৰণ কৰা হৈছিল। ১৯৫৯ চনত ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী বিমলাপ্রসাদ চলিহা, বিত্তমন্ত্রী ফখৰুদ্দিন আলী আহমেদ আৰু স্বাস্থ্যমন্ত্ৰী ৰূপনাথ ব্ৰহ্মৰ নেতৃত্বত অসমত দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ যো-জা কৰিছিল। সেই উদ্দেশ্যৰে ১৯৫৯ চনৰ ৭ নৱেম্বৰ তাৰিখে এখন কমিটী গঠন কৰা হৈছিল। ১৯৬০ চনৰ ২৬ জুন তাৰিখে সেই প্রতিবেদনখনৰ আধাৰ ৰূপ গুৱাহাটীৰ জালুকবাৰীত এখন আয়ুর্বেদিক চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছিল। ১৯৬০ চনৰ ২০ ছেপ্টেম্বৰ তাৰিখে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়খন আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হৈছিল। ১৯৬৮ চনত শিলচৰ মেডিকেল কলেজ স্থাপন কৰা হৈছিল।

দীঘল উত্তৰৰ প্ৰশ্ন

প্রশ্ন ১। অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ভূমিকা আৰু কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰা। [HSLC 2022]

উত্তৰঃ ১৮৮৮ চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠিত হৈছিল। এই সভাৰ, ভূমিকা গ্ৰহণ কৰিছিল সেই সময়ৰ প্ৰসিদ্ধ ছাত্র হেমচন্দ্র গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা, কনকলাল বৰুৱা, চন্দ্ৰ কুমাৰ আগৰৱালা আৰু ৰমাকান্ত বৰকাকতীয়ে। এই সভাই অসমীয়াসকলৰ মাজত একতা আৰু জাতীয়তাবাদৰ ভাব গঢ়ি তুলিবলৈ সক্ষম হৈছিল।

অঃ ভাঃ উঃ সাঃ সভাই অসমীয়া ভাষাৰ এক শক্তিশালী বিজ্ঞানসন্মত উত্তৰণৰ লগতে অসমৰ সকলো পাঠশালাত পৰিশুদ্ধ আৰু উন্নত মানৰ ব্যাকৰণ প্ৰয়োগৰ বাবে পদক্ষেপ গ্রহণ কৰিছিল। এই সভাই অসমৰ এক সর্বাত্মক সামাজিক ইতিহাস সংকলন আৰু সংস্কৃত বা অন্যান্য ভাষাৰ উল্লেখনীয় পুথিসমূহ অসমীয়া ভাষালৈ অনুবাদ কৰা কামো হাতত লৈছিল। এই সভাৰ প্ৰচেষ্টাতে চৰকাৰে হেমচন্দ্ৰ বৰুৱাৰ ‘হেমকোষ’ প্রকাশিত হৈছিল।

অঃ ভাঃ উঃ সাঃ সভাই বুৰঞ্জী, সংস্কৃত, সাহিত্য আৰু ভাষা সম্পর্কে অসমৰ ভিন্ন প্ৰান্তৰ মাজত ইয়াৰ শাখা প্ৰতিষ্ঠাৰ বাবে প্রচেষ্টা চলাইছিল। এই সভাৰ দ্বাৰা প্ৰকাশিত আলোচনী ‘জোনাকী’য়ে অসমত এক নতুন যুগৰ সূচনা কৰিছিল।

প্রশ্ন ২। অসম ছাত্র সম্মিলনৰ অৱদানৰ বিষয়ে লিখা।

উত্তৰঃ ১৯১৬ চনত অসম ছাত্র সম্মিলন গঠন হৈছিল। এই সন্মিলনৰ প্রথম অধিবেশন লক্ষ্মীনাথ বেজবৰুৱাৰ সভাপতিত্বত গুৱাহাটীত অনুষ্ঠিত হৈছিল। এই সন্মিলনৰ মুখ্য উদ্দেশ্য আছিল অসমীয়া ভাষাৰ উন্নতি সাধন কৰা। ছাত্ৰ সন্মিলনে অসমৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰসকলৰ লগত মত আদান-প্রদান কৰি এক সম্পর্ক স্থাপন কৰিবলৈ চেষ্টা কৰিছিল। এই সম্মিলনে প্রথম অৱস্থাত ৰাজনৈতিক আলোচনা বা ৰাজনীতিত সক্রিয়ভাবে জড়িত হোৱা নাছিল যদিও পিছলৈ দেশৰ জাতীয় আন্দোলনত সক্রিয়ভাৱে অংশগ্ৰহণ কৰিছিল।

অসম ছাত্ৰ সন্মিলনৰ বাৰ্ষিক অধিবেশনসমূহত বিখ্যাত সাহিত্যিক, শিক্ষাবিদ, চিন্তাবিদ আৰু ৰাজনীতিবিদসকলে অংশ গ্ৰহণ কৰিছিল। তেওঁলোকৰ ভিতৰত লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঁই বৰুৱা, আচার্য প্রফুল্ল চন্দ্ৰ ৰায়, কৃষ্ণকান্ত সন্দিকৈ উল্লেখযোগ্য। ছাত্র সন্মিলনৰ মুখপাত্ৰ আছিল মিলন। এইদৰে ছাত্ৰ সন্মিলনে অসমৰ শিক্ষা, সাহিত্য-সংস্কৃতি চৰ্চাৰ লগতে সাম্প্ৰদায়িক সম্প্ৰীতি আৰু জাতীয় চেতনা গঢ়াত যথেষ্ট অৱদান আগবঢ়াইছিল।

প্রশ্ন ৩। ৰায়ত সভাসমূহৰ উদ্দেশ্য আৰু ভূমিকা সম্পর্কে এটি খতিয়ান দাঙি ধৰা।

অথবা,

ইংৰাজসকলৰ বিৰুদ্ধে অসমৰ বিভিন্ন ঠাইত কেনেকৈ ৰায়ত সভাসমূহ গঢ়ি উঠিছিল? [HSLC 2017, 2019]

উত্তৰঃ ইংৰাজসকলৰ বিৰুদ্ধে অসমৰ বিভিন্ন ঠাইত বিভিন্ন ৰায়ত সভাসমূহ গঢ়ি উঠিছিল। ইয়াৰ ভিতৰত ১৯ শতিকাৰ শেষৰ ফালে দৰঙত বহা ‘তেজপুৰ ৰায়ত সভা আৰু নগাঁৱত বহা ‘নগাঁও ৰায়ত সভা’ উল্লেখযোগ্য। এই ৰায়ত সভাসমূহ ইংৰাজৰ বিৰুদ্ধে আৰু কৃষকৰ বিভিন্ন সমস্যা সমাধানৰ বাবে গঢ়ি উঠিছিল।

তেজপুৰ ৰায়ত সভাৰ সংগঠনত আৰু তাৰ কাৰ্যসূচী ৰূপায়ণত বিশেষকৈ লক্ষ্মীকান্ত বৰকাকতি, হৰিবিলাস আগৰৱালা, লম্বোদৰ বৰা, ভৱানীচৰণ ভট্টাচার্য, জয়দেৱ শৰ্মা, লক্ষ্মীকান্ত দাস, মহেন্দ্র দে, ঠাকুৰ দাস শৰ্মা আৰু অন্যান্য ভালেমান মধ্যবিত্ত শ্ৰেণীৰ লোকে মুখ্য ভূমিকা লৈছিল। এই ৰায়ত সভাৰ উদ্দেশ্য আছিল গ্রেজিং কৰ বন্ধ কৰা, মাটিৰ খাজনা হ্রাস কৰা আৰু পূৰ্ববংগৰ পৰা হোৱা প্ৰব্ৰজন ৰোধ কৰা।

১৯৩০-৩৪ চনৰ আইন অমান্য আন্দোলনৰ সময়ৰপৰা অসম প্ৰাদেশিক কংগ্ৰেছ সমিতিৰ তত্ত্বাৱধানত অসমত পুনৰ ৰায়ত সভাৰ সূচনা হৈছিল। এইবাৰৰ ৰায়ত সভাৰ অর্থনৈতিক কার্যসূচী দুমুখীয়া আছিল— অৰ্থনৈতিক আৰু ৰাজনৈতিক। আইন অমান্য আন্দোলন আৰম্ভ হোৱাৰ প্ৰায় লগে লগেই অসমত কংগ্ৰেছ নেতাসকলে কৃষকসকলক ৰায়ত সভাৰ পতাকাৰ তলত সংগঠিত কৰাৰ চেষ্টা কৰি সাফল্য অর্জন কৰিছিল। অৱশ্যে এই সময়ছোৱাত কেৱল শিৱসাগৰ আৰু দৰং জিলাতহে ৰায়ত সভাৰ সংগঠন গঢ়ি উঠিছিল।

দৰঙৰ নদুৱাৰ আৰু ছয়দুৱাৰ ৰায়ত সভা দুখন ১৯৩০-৩৯ ৰ কালছোৱাত বৰ শক্তিশালী আছিল। আইন অমান্য আন্দোলনৰ আগমুহূৰ্তত গান্ধীৰ দ্বাৰা প্ৰস্তাৱিত ১১ দফীয়া দাবী চনদৰ আৰ্হিত অসমত ৰায়ত সভাৰ জৰিয়তে মাটিৰ খাজনা ৫০ শতাংশ হ্রাস কৰাৰ দাবী উত্থাপন কৰা হৈছিল। আন্দোলনৰ সময়ত এই দাবী ৰায়ত সভাৰ মূল দাবী আছিল। ১৯৩৩ চনত যোৰহাটৰ ওচৰৰ টিলিকিয়ামত নবীন চন্দ্ৰ বৰদলৈৰ সভাপতিত্বত অসম ৰায়ত সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল। এই অধিৱেশনতে অসম বায়ত সভাক সাংগঠনিক ৰূপ দিয়া হৈছিল আৰু কৃষ্ণনাথ শৰ্মা আৰু মোহন চন্দ্ৰ মহন্তক যথাক্রমে সাধাৰণ সম্পাদক আৰু সহকাৰী সম্পাদক নির্বাচিত কৰা হৈছিল। পিছৰ বছৰত প্ৰায় ৩,০০০ ৰায়তৰ উপস্থিতিত অসম ৰায়ত সভাৰ দ্বিতীয় অধিৱেশন অনুষ্ঠিত হৈছিল দেৰগাঁৱত। এই অধিৱেশনত সভাপতিত্ব কৰিছিল ডাঃ হৰেকৃষ্ণ দাসে।

১৯৩৪-৩৯ চনৰ ভিতৰত অসমত প্ৰায় ৩০০ খন মান ৰায়ত সভা আছিল। ১৯৪৬ চনত অসমত গোপীনাথ বৰদলৈৰ নেতৃত্বত কংগ্ৰেছ মন্ত্রীসভা গঠন হোৱাত বিভিন্ন অঞ্চলৰ কংগ্ৰেছ সমিতিসমূহে ৰায়ত সভাসমূহ সামৰি ল’লে । আনহাতে কংগ্ৰেছ মন্ত্রীসভা গঠন হোৱাত ১৯৩৯ চনৰপৰা ৰায়ত সভাসমূহৰ কাম-কাজো নোহোৱা হৈ আহিছিল । ৰায়ত সভাসমূহে অসমৰ বিশেষকৈ কৃষক জনসাধাৰণক সাম্ৰাজ্যবাদ বিৰোধী ৰাজনৈতিক শিক্ষাৰে শিক্ষিত কৰি তেওঁলোকক স্বাধীনতা আন্দোলনৰ পৰৱৰ্তী কাৰ্যসূচীত অংশ গ্ৰহণ কৰিবলৈ প্ৰস্তুত কৰি তুলিছিল বুলি ভাবিব পাৰি।

প্রশ্ন ৪। যোৰহাট সার্বজনিক সভাৰ উদ্দেশ্য আৰু কাৰ্যাৱলী সম্পর্কে লিখা। [HSLC 2018]

উত্তৰঃ ১৮৮৪ চনত জগন্নাথ বৰুৱাৰ নেতৃত্বত যোৰহাট সার্বজনিক সভা স্থাপিত হয়। এই সভাৰ প্ৰতিষ্ঠাপক সভাপতি আছিল ৰজা নৰনাৰায়ণ সিংহ আৰু প্ৰতিষ্ঠাপক সম্পাদক আছিল জগন্নাথ বৰুৱা। এই সভাৰ মূল উদ্দেশ্য সমূহ হ’ল—

(১) দেশৰ শাসক আৰু শাসিতৰ মাজত সম্পৰ্ক ৰক্ষা কৰা,

(২) চৰকাৰৰ সৈতে যোগসূত্র স্থাপন কৰি জনসাধাৰণৰ ইচ্ছা-আকাংক্ষাৰ কথা চৰকাৰৰ ওচৰত দাঙি ধৰা,

(৩) জনসাধাৰণৰ ইচ্ছা-আকাংক্ষা পূৰণ কৰাৰ চেষ্টা কৰা,

(৪) চৰকাৰৰ নীতি আৰু উদ্দেশ্য জনসাধাৰণৰ মাজত সদৰী কৰা আৰু

(৫) জনসাধাৰণৰ অসুবিধা আৰু দুখ-কষ্ট লাঘৱ কৰাৰ চেষ্টা কৰা।

যোৰহাট সার্বজনিক সভাৰ কাৰ্যাৱলী সমূহ হ’ল—

(ক) ১৮৮৬ চনৰ চৰকাৰৰ ভূমি ৰাজহ ব্যৱস্থাৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিছিল।

(খ) ১৮৯২-৯৩ চনত সভাই কৃষক সমাজৰ লগত একেলগে বর্ধিত কৰাৰ বিৰোধ কৰিছিল।

(গ) ১৮৯৩ চনত সভাই অসমৰ মুখ্য সচিবৰ জৰিয়তে ৰাজকীয় কানি আয়োগলৈ

স্মাৰক পত্ৰযোগে কানিৰ একাধিক উপকাৰিতাৰ লেখ দি চৰকাৰৰ কানি নীতি পরিবর্তন বা

কানি নিবাৰণৰ প্ৰস্তাৱৰ বিৰোধিতা কৰিছিল।

প্রশ্ন ৫। আছাম এছ’চিয়েচনৰ ব্ৰিটিছ শাসনাধীন অসমত সমাজ সংস্কাৰৰ বাবে আগবঢ়োৱা অৱদান সম্পর্কে লিখা। [HSLC 2017]

উত্তৰঃ অসমৰ বিষয়ে সামগ্রিকভাৱে চিন্তা কৰিবলৈ আৰু অসমৰ জনসাধাৰণৰ ইচ্ছা- আকাংক্ষাক চৰকাৰৰ ওচৰত নিবেদন কৰাৰ বাবে ১৯০৩ চনত মাণিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত আছাম এছ’চিয়েচন নামৰ অনুষ্ঠানটোৰ জন্ম হৈছিল। ১৯০৫ চনত আছাম এছ’চিয়েচনৰ প্ৰথমখন অধিৱেশন ডিব্ৰুগড় চহৰত বহিছিল। আছাম এছ’চিয়েছনে অসমৰ ৰাইজৰ মুখপাত্ৰ হিচাপে সেৱা আগবঢ়াইছিল। এই এছ’চিয়েচনখনে শান্তিপূর্ণভাৱে আৰু সাংবিধানিক আৰু প্রশাসনিক সংস্কাৰৰ মাধ্যমেৰে ৰাইজৰ সমস্যাসমূহ সমাধান কৰাৰ চেষ্টা কৰিছিল। এই এছ’চিয়েছনৰ কাৰ্যাৱলীসমূহ হ’ল—

(১) পৌৰসভাত চৰকাৰী বিষয়া আৰু লোকেল বৰ্ড’ত চাহ খেতিয়কৰ আধিপত্যৰ বিৰোধিতা কৰিছিল।

(২) এছ’চিয়েচনে স্থানীয় সমিতিসমূহৰ গণতান্ত্রিকীকৰণৰ দাবী উত্থাপন কৰিছিল।

(৩) বৰ্ধিত কৰ, চৰকাৰৰ শুল্ক ব্যৱস্থা আৰু কানিৰ প্ৰচলনৰ বিৰোধিতা কৰিছিল।

(৪) শিক্ষাৰ দিশত অসমক আগবঢ়াই নিবলৈ চেষ্টা কৰিছিল। সেয়েহে এছ’চিয়েচনে কটন কলেজত অসমীয়া শিক্ষকৰ নিযুক্তি আৰু অসমত কাৰিকৰী শিক্ষানুষ্ঠান স্থাপনৰ হকে মাত মাতিছিল।

বংগ বিভাজনৰ বিৰোধিতা কৰি অসমক পূব বংগৰপৰা পৃথক কৰিবলৈ ১৯০৭ চনত এছ’চিয়েচনে চৰকাৰৰ ওচৰত স্মাৰক-পত্র দাখিল কৰিছিল। কিন্তু পিছত এছ’চিয়েচনেও বংগ বিভাজনৰ ক্ষেত্ৰত সাৰ্বজনিক সভাৰ দৰে একে ভূমিকা গ্ৰহণ কৰিছিল। এছ’চিয়েচনে বিধানসভাত প্রতিনিধিত্বৰ দাবী উত্থাপন কৰিছিল। ১৯১৪ চনৰ মণ্টেগ’-ছেমছফ’ৰ্ড ৰিপ’ৰ্টৰ আধাৰত প্ৰস্তাৱিত শাসন সংস্কাৰত অসমকো সামৰি লোৱাৰ দাবী তুলিছিল। সেই উদ্দেশ্যেৰে ১৯১৭ চনত কলিকতালৈ এটি সাতজনীয়া সঁজাতী দল পঠিওৱা হৈছিল। আনকি এছ’চিয়েচনে নবীন চন্দ্ৰ বৰদলৈ আৰু প্ৰসন্নকুমাৰ বৰুৱাক সঁজাতী হিচাপে লণ্ডনলৈ পঠিয়াইছিল। এছ’চিয়েচনৰ হেঁচাত অসম মণ্টেগ’ সংস্কাৰ আঁচনিৰ অন্তৰ্ভুক্ত হৈছিল। ১৯২০ চনত অসমত বিশ্ববিদ্যালয় স্থাপনৰ বাবেও দাবী জনাইছিল।

১৯২১ চনৰ অসহযোগ আন্দোলনত এছ’চিয়েচনে সক্রিয়ভাৱে যোগদান কৰিছিল আৰু ভাৰতীয় জাতীয় আন্দোলনত সক্রিয়ভাৱে যোগদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ১৯১৬ চনত এছ’চিয়েচনে জাতীয় কংগ্ৰেছৰ অধিৱেশনলৈ অসমৰপৰা প্ৰতিনিধি পঠিয়াই এক যোগসূত্র স্থাপন কৰিছিল। নাগপুৰ অধিৱেশনতো এছ’চিয়েচনৰ প্রতিনিধিয়ে অংশগ্রহণ কৰিছিল। এইদৰে জাতীয় কংগ্ৰেছৰ প্ৰভাৱ বাঢ়িবলৈ ধৰাত ১৯২১ চনত এছচিয়েচনে নিজস্ব স্বতন্ত্র পৰিচয় পৰিত্যাগ কৰি জাতীয় কংগ্ৰেছৰ অসম প্রাদেশিক কংগ্ৰেছ কমিটীৰ লগত চামিল হ’ল।

প্রশ্ন ৬। অসম প্রদেশ কংগ্ৰেছ কমিটীৰ জন্ম আৰু মুখ্য ভূমিকা সম্পর্কে সংক্ষিপ্ত বিৱৰণ দিয়া। [HSLC 2022]

উত্তৰঃ ১৮৮৫ চনত স্থাপন হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছে ভাৰতৰ স্বাধীনতা সংগ্ৰামত এক নতুন যুগৰ পাতনি মেলে। ভাৰতৰ বিভিন্ন ঠাইৰ দৰে অসমৰ বিভিন্ন আনুষ্ঠানৰ পৰা প্ৰতিনিধিসকলে প্ৰথমৰে পৰা জাতীয় কংগ্ৰেছৰ অধিৱেশনত অংশগ্ৰহণ কৰি আহিছিল।

আছাম এছ’চিয়েচনে জাতীয় কংগ্ৰেছৰ নেতৃত্বত হোৱা ১৯২০ চনৰ অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰি লাহে লাহে সৰ্বভাৰতীয় ৰাজনীতিলৈ আগুৱাই গৈছিল। ইয়াৰ কিছুসংখ্যক নেতা কর্মীয়ে তাক কংগ্ৰেছৰ প্ৰাদেশিক সমিতিলৈ ৰূপান্তৰিত কৰাৰ চেষ্টা কৰিছিল । কিন্তু কিছুমানে ইয়াৰ তাৰ বিৰোধিতা কৰিছিল। কিন্তু ভাৰতীয় জাতীয় সংগ্ৰেছৰ ৰাজনৈতিক কাম-কাজৰ আৰ্হি-আঁচনিয়ে অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ এক বৃহৎ অংশক আকৰ্ষিত কৰাত প্রাদেশিক ভিত্তিত কংগ্ৰেছৰ সংগঠন গঢ়ি তোলাটো অপৰিহাৰ্য হৈ পৰিছিল। ইতিমধ্যে খিলাফৎ সন্মিলনে গ্ৰহণ কৰা অসহযোগ কার্যসূচী ১৯২০ চনৰ ছেপ্টেম্বৰত কলিকতা কংগ্ৰেছে আৰু তাৰ পিছত নাগপুৰ কংগ্ৰেছেও গ্ৰহণ কৰাত আসাম এছ’চিয়েচনেও পোনতে গুৱাহাটী আৰু পিছত তেজপুৰৰ অধিৱেশনত (১৯২০) তাক গ্রহণ কৰি সৰ্বভাৰতীয় ৰাজনীতিত পোনপটীয়া আৰু প্ৰত্যক্ষভাৱে জড়িত হৈ পৰিছিল।

গতিকে পোনতে তেজপুৰ অধিৱেশনত আসাম এছ’চিয়েচনক ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে চামিল কৰিবলৈ জোৰ প্ৰচেষ্টা চলোৱা হৈছিল, কিন্তু একাংশ সদস্যৰ দুৰ্ঘোৰ প্ৰতিবাদৰ বাবে সেইটো কৰাটো সম্ভৱ হৈ নুঠিল। পিছত ছবিলাল উপাধ্যায়ৰ পৌৰোহিত্যত যোৰহাটৰ বিষ্টুৰাম বৰুৱা হলত অনুষ্ঠিত বিশেষ অধিৱেশনতো (এপ্রিল, ১৯২০) আসাম এছ’চিয়েচনক কংগ্ৰেছ সংগঠনলৈ পৰিৱৰ্তিত কৰিব নোৱাৰিলে। এইদৰে দুবাৰো ব্যৰ্থ হোৱাৰ পিছত অৱশেষত কংগ্ৰেছৰ প্ৰতি আকৰ্ষিত লোকসকলে এছ’চিয়েচন ত্যাগ কৰি ১৯২১ চনৰ জুন মাহৰ ৫ তাৰিখে গুৱাহাটীত নবীন চন্দ্ৰ বৰদলৈৰ বাসভৱনত অসম প্রাদেশিক কংগ্ৰেছে সমিতিখন গঠন কৰি আনুষ্ঠানিকভাৱে অসমত কংগ্ৰেছ ৰাজনীতিৰ পাতনি মেলে। অসম প্রাদেশিক কংগ্ৰেছ সমিতিৰ প্ৰথমজন সভাপতি আছিল কুলধৰ চলিহা আৰু সম্পাদক নবীন চন্দ্ৰ বৰদলৈ।

অসম প্রদেশ কংগ্ৰেছ কমিটিৰ তত্ত্বাৱধানত ১৯২১ চনত মহাত্মা গান্ধীক অসমত অসহযোগ আন্দোলনৰ প্ৰচাৰ কৰিবলৈ নিমন্ত্ৰণ কৰি অনা হৈছিল। ফলত অসহযোগ আন্দোলন অসমত অতি সক্ৰিয় হৈ পৰিছিল। অসম প্রাদেশিক কংগ্ৰেছ সমিতিয়ে ১৯২৬ চনত গুৱাহাটীৰ পাণ্ডুত জাতীয় কংগ্ৰেছৰ ৪১ তম বার্ষিক অধিৱেশন আয়োজন কৰিছিল। বিষ্ণুৰাম মেধি, সিদ্ধিনাথ শর্মা, মৌলনা তৈয়বুল্লা, অম্বিকাগিৰী ৰায়চৌধুৰী আদি নেতাসকলে কংগ্ৰেছৰ পৰিকল্পনাসমূহ কাৰ্যকৰী কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছিল। অসমত প্রদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচিত হোৱা প্ৰথমজন সভাপতি আছিল বিষ্ণুৰাম মেধি। ১৯৪৬ চনৰ সাধাৰণ নিৰ্বাচনত বৃহৎ জয়ৰে কংগ্ৰেছৰ সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল আৰু গোপীনাথ বৰদলৈ অসম প্ৰদেশৰ প্ৰথমজন প্রধানমন্ত্রী হিচাপে নির্বাচিত হৈছিল।

প্রশ্ন ৭। স্বদেশী আন্দোলনত অসমৰ ভূমিকাৰ বিষয়ে সংক্ষিপ্ত বিৱৰণ দিয়া। [HSLC 2020]

উত্তৰঃ স্বদেশী আন্দোলনৰ প্ৰতিক্ৰিয়া অসমলৈকো বিস্তাৰিত হৈছিল৷ বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ ধুবুৰী, গৌৰীপুৰ, গোৱালপাৰা, গুৱাহাটী, তেজপুৰ, ডিব্ৰুগড় আদিৰ নগৰ অঞ্চলত এই আন্দোলনৰ প্ৰভাৱ পৰিছিল। অসমকেশৰী অম্বিকাগিৰী ৰায়চৌধুৰী আৰু গোবিন্দ লাহিড়ীয়ে গুৱাহাটীৰ ছাত্ৰসকলৰ মাজত বিদ্রোহী সংগঠন গঢ়ি তুলিছিল। তেওঁলোকে অসমৰ জিলাসমূহত স্বদেশী বস্তু ব্যৱহাৰৰ বাবে প্ৰচাৰ চলাইছিল। ফলত অসমৰ মানুহে নিমখৰ পৰিৱৰ্তে খাৰ, বিদেশী চেনিৰ সলনি বেনাৰসৰ চেনি, বিদেশী বস্ত্ৰৰ বিপৰীতে থলুৱা এড়ী, মুগা, কপাহী আৰু খাদী বস্ত্ৰ ব্যৱহাৰ কৰিছিল । গুৱাহাটীৰ এদল ছাত্ৰই সপ্তাহত দুদিন জাহাজঘাটত কুলীৰ কাম কৰি উপাৰ্জন কৰা ধন স্বদেশী আন্দোলনৰ পুঁজিলৈ দান কৰিছিল। অম্বিকাগিৰীয়ে ‘বন্দিনী ভাৰত’ নামৰ এখন বিদ্ৰোহাত্মক নাটক ৰচনা কৰিছিল। কটন কলেজিয়েট হাইস্কুলত নাটকখন অভিনয় (৩১ জুলাই, ১৯০৬) চলি থকাৰ মাজতে পুলিচে মঞ্চৰ পৰা নাটকখনৰ পাণ্ডুলিপি বাজেয়াপ্ত কৰিছিল । ক্ষুদিৰাম বসু, বাৰীন্দ্ৰ ঘোষ, উল্লাস কৰ দত্তৰ লগত যোগাযোগ কৰি অম্বিকাগিৰীয়ে ‘সেৱা সংঘ’ নামৰ এটা বিপ্লৱী সংগঠন গঢ়ি তুলিছিল। ১৯০৬ খ্ৰীষ্টাব্দৰ ৭ ছেপ্টেম্বৰ তাৰিখে ব্যমফিল্ড ফুলাৰক হত্যা কৰাৰ উদ্দেশ্যে গুৱাহাটী শ্বিলং পথত এটা বোমা পুতিছিল। পুলিচে সম্ভেদ পাই এই সন্দৰ্ভত অম্বিকাগিৰীক জেৰা কৰিছিল। ফলস্বৰূপে তেওঁ ১৯১৪ খ্ৰীষ্টাব্দলৈকে বৰপেটাত অন্তৰীণ বন্দী ৰূপে থাকিবলগীয়া হৈছিল। ব্ৰিটিছ চৰকাৰে ব্ৰহ্মপুত্ৰ উপত্যকাবাসীক স্বদেশী আন্দোলনৰ প্ৰভাৱৰ পৰা আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিছিল।

প্রশ্ন ৮। অসহযোগ আন্দোলনত অসমৰ ভূমিকা সম্পর্কে এটি খতিয়ান দাঙি ধৰা। [HSLC 2020]

উত্তৰঃ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত অসহযোগ আন্দোলন এক গুৰুত্বপূৰ্ণ অধ্যায়। ভাৰতীয় কংগ্ৰেছৰ নেতৃত্বত এই আন্দোলন ১৯২০ চনৰ পৰা ১৯১২ চনলৈ চলিছিল। ১৯২১ চনত মহাত্মা গান্ধীৰ অসম আগমণে এই আন্দোলন অধিক জনপ্ৰিয় কৰি তুলিছিল। গান্ধীৰ আহ্বানক্রমে জনসাধাৰণে বিদেশী বস্তু বর্জন আন্দোলনত অংশগ্রহণ কৰি বিদেশী বস্তুসমূহৰ মেজি সাজি জুই লগাই দি ইয়াক বিসর্জন দিছিল। চন্দ্ৰনাথ শৰ্মা, হেমচন্দ্ৰ বৰুৱা, মুহিবুদ্দিন আহমেদ আদিৰ নেতৃত্বত অসমৰ যুৱকসকলেও চৰকাৰী শিক্ষানুষ্ঠানসমূহ বৰ্জন কৰি এই আন্দোলনত অংশগ্ৰহণ কৰিছিল। ছাত্ৰসকলক অনুসরণ কৰি নবীন চন্দ্ৰ বৰদলৈ, চন্দ্ৰ বৰদলৈ, কুলধৰ চলিহা, তৰুণৰাম ফুকন, কামিনী কুমাৰ চন্দ, বিষ্ণুৰাম মেধি আদি উকীলসকলেও ওকালতি কৰি আন্দোলনত অংশগ্ৰহণ কৰিছিল। বহুতো চৰকাৰী বিষয়া আৰু শিক্ষকেও তেওঁলোকৰ দায়িত্ব এৰি দিছিল। আন্দোলনৰ বৰ্ধিত প্ৰভাৱৰ ফলতেই গুৱাহাটী, নলবাৰী, যোৰহাট, তেজপুৰ, শিৱসাগৰ, নগাঁও, কৰিমগঞ্জ, মৌলবী বজাৰ আদি ঠাইত জাতীয় শিক্ষানুষ্ঠান প্রতিষ্ঠা কৰা হৈছিল। ১৯২১ চনৰ ফেব্ৰুৱাৰী মাহত গুৱাহাটীত প্রথম জাতীয় শিক্ষানুষ্ঠান বাল গংগাধৰ তিলকৰ স্মৃতিত ‘তিলক সোঁৱৰণ স্কুল’ প্ৰতিষ্ঠা কৰা হৈছিল। এই শিক্ষানুষ্ঠান প্ৰথমে ৰোহিণী কুমাৰ চৌধুৰীৰ ভৰলুমুখৰ বাসভৱনৰ চৌহদত আৰম্ভ কৰা হৈছিল। পিছত উজান বজাৰৰ অসম ক্লাবতে স্কুলখন স্থাপন কৰা হ’ল । এই আন্দোলনৰ নেতৃবৃন্দই গঠনমূলক কার্যপন্থাও গ্ৰহণ কৰিছিল। অসমত এই আন্দোলনৰ এক উল্লেখযোগ্য প্ৰভাৱ আছিল— কানিৰ প্ৰচলন বন্ধ। কংগ্ৰেছ কৰ্মীসকলে সবলৰূপে কানিৰ প্ৰচলন বন্ধ কৰিবৰ বাবে গ্ৰহণ কৰা কাৰ্যপন্থাৰ পৰিপ্ৰেক্ষিততে প্রচলিত কানিৰ শুল্ক ১৯২০-২১ বিত্তীয় বৰ্ষত ১৬১৫ মোনৰ পৰা ১৯২২- ২৩ বিত্তীয় বৰ্ষত ৯৯৩ মোন হৈছিল। কানি বিক্ৰীৰ ফলত উপার্জিত ৰাজহৰ পৰিমাণ ১৯ লাখ টকা পর্যন্ত কমি গৈছিল। এই আন্দোলনৰ আন এটা উল্লেখযোগ্য গঠনমূলক কাম আছিল— খাদীৰ প্ৰচলন জনপ্ৰিয় কৰি তোলাৰ লগতে ইয়াৰ উৎপাদন বৃদ্ধি কৰা । বাগিচাৰ বনুৱাসকলৰ পৰাও এই আন্দোলনে প্ৰচুৰ সমৰ্থন লাভ কৰিছিল ৷ বৃহৎ সংখ্যক চাহ বাগিচাৰ বনুৱাই এই আন্দোলনৰ দ্বাৰা তেওঁলোকৰ ওপৰত চলা ঔপনিৱেশিক শোষণৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিছিল। চেগাচোৰোকাকৈ তেওঁলোকে কেইবাটাও হৰতাল পালনৰ লগতে কাম বন্ধ কৰি অসুবিধাৰ সৃষ্টি কৰিছিল। ১৯২১ চনৰ মে’ মাহত কৰিমগঞ্জ মহকুমাৰ অন্তৰ্গত চৰাগোলা আৰু লংগাই উপত্যকাৰ ১৩ খন চাহ বাগিচাৰ প্ৰায় ৮০০০ বনুৱাই কংগ্ৰেছৰ নেতৃত্বত একেলগ হৈ তেওঁলোকৰ ঔপনিৱেশিক শাসকৰ বিৰুদ্ধে প্রতিবাদ কৰিছিল। মজুৰি বৃদ্ধি দাবী জনোৱাৰ লগতে ‘গান্ধী মহাৰাজৰ জয়’ ধ্বনি দি তেওঁলোকে বাগিচাৰপৰা ওলাই আহিছিল। মালিকসকলে বনুৱাসকলক বল প্রয়োগ কৰি ওভতাই আনিবলৈ জিলা প্ৰশাসনক হেঁচা দিছিল৷ এনে বল প্রয়োগৰ ফলত বহুতো বনুৱাৰ মৃত্যু হৈছিল আৰু বাকীসকল বাগিচালৈ উভতি আহিবলৈ বাধ্য হৈছিল।

প্রশ্ন ৯। আইন অমান্য আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা।

অথবা,

অসমৰ জনসাধাৰণে কেনেকৈ আইন অমান্য আন্দোলনত অংশ গ্রহণ কৰিছিল ? [HSLC 2016, 2017, 2018]

উত্তৰঃ ১৯৩০ চনৰ ১২ মার্চ তাৰিখে মহাত্মা গান্ধীয়ে লোণ আইন ভংগ কৰি আইন অমান্য আন্দোলন আৰম্ভ কৰে। লোণ আইন ভংগ কৰিবলৈ দাণ্ডীলৈ ৭৯ জন সহযোগী গান্ধীৰ লগত যাত্ৰা কৰিছিল। ইয়াৰ ভিতৰত অসমৰ লীলাধৰ বৰুৱাও আছিল। সেই সময়ত তেওঁ কলিকতাৰ চিটি কলেজৰ ছাত্ৰ আছিল। আইন অমান্য আন্দোলনৰ প্ৰাক মুহূৰ্তত অসম প্রাদেশিক কংগ্ৰেছ সমিতিৰ সাংগঠনিক অৱস্থা অত্যন্ত দুর্বল আছিল। স্বৰূপাৰ্থত ক’বলৈ গ’লে অসমত কংগ্ৰেছৰ কোনো অস্তিত্বই নাছিল, নামত প্রাদেশিক কংগ্ৰেছ সমিতি থাকিলেও ই যেন আছিল এটি ‘পৰিত্যক্ত’ গৃহ। এনে অৱস্থাত অসমত ছাত্র-যুৱকসকলেই অসহযোগৰ সময়ৰ দৰে পুনৰ ৰাজনৈতিক আন্দোলনৰ নেতৃত্ব ল’বলৈ ওলাই আহিছিল। আইন অমান্য আন্দোলনত আৰম্ভণিৰেপৰা ছাত্র-যুৱকৰ অংশ গ্রহণ কাৰ্য বৰ তাৎপৰ্যপূৰ্ণ ঘটনা আছিল। ১৯৩০ চনৰ ২৬ জানুৱাৰীত সমগ্ৰ চাৰ্কুলাৰ উলিয়ায়। কানিংহাম চাহাবৰ নামানুসাৰে উক্ত চার্কুলাৰখনক কানিংহাম চার্কুলাৰ বোলা হৈছিল। কিন্তু চার্কুলাৰখনে ছাত্ৰসকলক আন্দোলনৰ পৰা বিৰত কৰাৰ পৰিৱৰ্তে তাত অংশ গ্ৰহণ কৰিবলৈ বেছিকৈহে প্ৰৰোচিত কৰিলে। আনকথাত অভিশাপেই বৰ হোৱাদি এই চার্কুলাখনেই অসমত আইন অমান্য আন্দোলন সংগঠিত কৰাত সহায়ক ৰূপে কাম কৰিলে । আইন অমান্য আন্দোলন সঠিকভাৱে নেতৃত্ব দিয়াৰ বাবে সভাপতি বিষ্ণুৰাম মেধি আৰু সম্পাদক বিজয় চন্দ্ৰ ভাগৱতীক লৈ এখন কৰ্ম পৰিষদ গঠন কৰা হৈছিল। অসমত ছাত্র সকলৰ নেতৃত্বত চলা কানিংহাম চার্কুলাৰ বিৰোধী আন্দোলনে আইন অমান্য আন্দোলনক শক্তি প্ৰদান কৰে ৷ সমগ্ৰ অসমত ছাত্ৰসকলৰ অংশগ্রহণে আইন অমান্য আন্দোলনক ব্ৰিটিছ

সাম্ৰাজ্যবাদ বিৰোধী আন্দোলনলৈ পৰিৱৰ্তন কৰে। ঘর্মঘট, সভা, শোভাযাত্রা, পিকেটিং আদি আছিল আইন অমান্য আন্দোলনৰ মূল কাৰ্যসূচী। কানিৰ বিৰুদ্ধে প্ৰচাৰ আৰু কানিৰ দোকানত পিকেটিং কৰাৰ ফলত আইন অমান্য আন্দোলনৰ সময়ত কানি খোৱা লোকৰ সংখ্যা আৰু কানি বিক্ৰীৰ পৰিমাণ যথেষ্ট পৰিমাণে কমি আহিছিল।

আইন অমান্য আন্দোলনৰ সময়ত অসমত কংগ্ৰেছৰ নেতাসকলে কংগ্ৰেছৰ সহযোগী সংগঠনৰূপে বিশেষকৈ দৰং আৰু শিৱসাগৰ জিলাত ৰায়ত সভা নামে এলানি কৃষক আৰু সংগঠন গঢ়ি তুলিছিল। এই সংগঠনৰ ফালৰপৰা মাটিৰ খাজনা ৫০ শতাংশ হ্রাস কৰাৰ বাবে দাবী উত্থাপন কৰা হৈছিল। এই দাবীটো আইন অমান্য আন্দোলনৰ কাৰ্যসূচীৰো অন্তৰ্ভুক্ত আছিল ৷ ফলত চৰকাৰে ভূমি ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছিল। সেই সময়ছোৱাত লাখ লাখ টকাৰ ভূমি ৰাজহ অনাদায় হৈ ৰৈছিল। অসমত আইন অমান্য আন্দোলনত অংশ গ্ৰহণকাৰী লোকৰ ভিতৰত ৯৯ শতাংশই গাঁৱৰ খেতিয়ক আৰু কৃষক পৰিয়ালৰ পৰা অহা ছাত্ৰ-যুৱক আছিল ৷

প্রশ্ন ১০। অসমত ভাৰত ত্যাগ আন্দোলনৰ কার্যাবলী আৰু প্রভাব সম্পর্কে এটি খতিয়ান দাঙি ধৰা। [HSLC 2018 ]

অথবা,

ভাৰত ত্যাগ আন্দোলনত অসমৰ ভূমিকা সম্বন্ধে সংক্ষেপে আলোচনা কৰা। [HSLC 2019]

উত্তৰঃ ১৯৪২ চনৰ ৮ আগষ্টত সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিয়ে বোম্বাইত বিখ্যাত ‘ভাৰত ত্যাগ’ আন্দোলনৰ ঘোষণা কৰিছিল। গান্ধীয়ে আন্দোলনৰ সময়ছোৱাত তেওঁৰ শক্তিশালী ‘কৰিম কিম্বা মৰিম’ শ্লোগানেৰে জনতাক আন্দোলনলৈ আহ্বান জনাইছিল। চৰকাৰে কঠোৰ হাতেৰে এই আন্দোলন দমন কৰিবলৈ চেষ্টা কৰিছিল। হাজাৰ হাজাৰ লোকক গ্ৰেপ্তাৰ কৰিছিল আৰু বহুতো লোকৰ মৃত্যু হৈছিল।

ভাৰতৰ অন্যান্য প্ৰান্তৰ দৰে অসমতো কংগ্ৰেছৰ প্ৰধান নেতাসকলক গ্ৰেপ্তাৰ কৰাৰ লগতে অসম প্রদেশ কংগ্ৰেছ কমিটি, জিলা কংগ্ৰেছ কমিটি আৰু অন্যান্য ঐক্যমঞ্চসমূহক অবৈধ ঘোষণা কৰা হৈছিল। সকলো ধৰণৰ সভা, হৰতাল আৰু মানুহৰ সমাগম নিষিদ্ধ কৰা হৈছিল। অসমত এই আন্দোলন অহিংসা পদ্ধতিৰে হৰতাল, শোভাযাত্রা, সমাৰোহ আৰু পিকেটিং আদিৰ জৰিয়তে আৰম্ভ হৈছিল৷ জেলত থকা নেতাসকলৰ ওপৰত পুলিচৰ অত্যাচাৰে সীমা চেৰাই যোৱাত এই আন্দোলনে বিপ্লৱ বা হিংসাত্মক ৰূপ ধাৰণ কৰিছিল। জনসাধাৰণে চৰকাৰী ঘৰ-দুৱাৰ আক্ৰমণ কৰাৰ লগতে ৰেলপথ আৰু সামৰিক বাহিনীৰ অস্ত্র-শস্ত্ৰ সৰবৰাহৰ পথসমূহ ধ্বংস কৰি দিছিল। বিশেষকৈ নগাঁও আৰু দৰং জিলাত চৰকাৰী ঘৰ-দুৱাৰ ধ্বংস কৰাৰ লগতে চৰকাৰী বিষয়াবোৰক হাৰাশাস্তি কৰা হৈছিল। হবিগঞ্জৰ চাহাবী বজাৰ, গোলাঘাটৰ বৰপথাৰ, কামৰূপৰ পাণবাৰী, ৰঙিয়া আৰু শিৱসাগৰ চাফ্ৰাইত ৰেলপথ বগৰোৱাৰ ঘটনা সংঘটিত হৈছিল।

ভাৰত-ত্যাগ আন্দোলন প্রকৃততে এক গণ আন্দোলন আছিল। বহু হেজাৰ জনতাই অংশগ্ৰহণ কৰা এই আন্দোলন ভাৰতৰ বিভিন্ন ঠাইত হিংসাত্মক ৰূপ লৈছিল। চৰকাৰে আন্দোলনৰ নেতাসকলৰ লগতে হেজাৰ হেজাৰ মানুহক গ্ৰেপ্তাৰ কৰি ১৯৪৫ চনলৈকে জেলত বন্দী কৰি ৰাখিছিল। অসমত আত্মগোপনকাৰী নেতাসকল আছিল জয় প্রকাশ নাৰায়ণ, সুচেতা কৃপালনী, অৰুণা আছফ আলী আদি। অসমত আত্মগোপনকাৰী সংগঠনৰ নেতৃত্ব বহন কৰিছিল শংকৰ চন্দ্ৰ বৰুৱা, মহেন্দ্ৰ নাথ হাজৰিকা, জ্যোতিপ্ৰসাদ আগৰৱালা আদিয়ে। অকল বজালীতে ১৯৪৩ চনত কমেও ৩২ টা গোপন স্বেচ্ছাসেৱী কেন্দ্ৰ গঠন হৈছিল। ব্ৰিটিছ চৰকাৰৰ সমান্তৰালভাৱে নিজৰ চৰকাৰ গঠন কৰা ভাৰত ত্যাগ আন্দোলনৰ একাংশ নেতাৰ অন্যতম কৰ্মসূচী আছিল। অসমৰ বজালী, ঢকুৱাখানা, ৰহা, জামুগুৰি, বাহজানি আদি ঠাইত আন্দোলনকাৰীয়ে গাঁও পঞ্চায়ত গঠন কৰি স্থানীয় শাসন গাঁওবাসীৰ হাতত তুলি দিছিল। কংগ্ৰেছৰ নেতাসকল জেল খাটি থকাৰ সময়ত ১৯৪৪ চনত ঔপনিৱেশিক চৰকাৰে সৰ্বশক্তি প্রয়োগ কৰি এই আন্দোলন দমন কৰিছিল।

প্রশ্ন ১১। বৰদলৈ মন্ত্রীসভাৰ নেতৃত্বত অসমত স্থাপিত হোৱা শিক্ষানুষ্ঠানসমূহ বিষয়ে এটি সংক্ষিপ্ত বিৱৰণ দিয়া। [HSLC 2018]

উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ১৯৪৬ চনত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে অসম বিধানসভাৰ মুঠ ১০৮ খন আসনৰ ভিতৰত ৫৮ খন আসন লাভ কৰি সংখ্যাগৰিষ্ঠ দল হিচাপে পৰিগণিত হৈছিল। সংখ্যাগৰিষ্ঠ দলৰ নেতা হিচাপে গোপীনাথ বৰদলৈয়ে ১৯৪৬ চনৰ ১১ ফেব্ৰুৱাৰীত চৰকাৰ গঠন কৰিছিল। বৰদলৈ মন্ত্রীসভাব মুখ্য লক্ষ্য আছিল আন্তঃগাঁথনিৰ লগতে মানৱ সম্পদৰ বিকাশ ঘটোৱা। বৰদলৈ মন্ত্রীসভার নেতৃত্বত গঢ়ি উঠা অনুষ্ঠানসমূহ হ’ল—

(ক) অসম কৃষি বিশ্ববিদ্যালয়

(খ) গুৱাহাটী বিশ্ববিদ্যালয়

(গ) অসম চিকিৎসা মহাবিদ্যালয় ।

(ক) অসম কৃষি বিশ্ববিদ্যালয় : ১৯১৩ চনত কৰিমগঞ্জত আৰু ১৯২৩ চনত তিতাবৰত কৃষি গৱেষণা কেন্দ্ৰৰ প্ৰতিষ্ঠাই অসম কৃষি বিশ্ববিদ্যালয়ৰ আৰম্ভণি বুলি কোৱা হয়। ইয়াৰ উপৰিও ১৯৪৮ চনত নগাঁৱত অসম পশু মহাবিদ্যালয় আৰু যোৰহাটত অসম কৃষি মহাবিদ্যালয় প্রতিষ্ঠা কৰা হৈছিল। এই দুয়োখন মহাবিদ্যালয় সামৰি লৈ ১৯৬৯ চনত অসম কৃষি বিশ্ববিদ্যালয় স্থাপিত হয়। অসম কৃষি বিশ্ববিদ্যালয় উত্তৰ-পূব ভাৰতৰ একমাত্ৰ আৰু প্ৰথম বৃত্তিমুখী বিশ্ববিদ্যালয় ।

এই বিশ্ব বিদ্যালয়ৰ উদ্দেশ্যসমূহ হ’ল—

  • কৃষি খণ্ডত মানৱ সম্পদৰ বিকাশ।
  • উৎপাদন বিকাশৰ বাবে নিৰন্তৰ গৱেষণা কৰা।
  • প্রযুক্তিবিদ্যাৰ উন্নতি তথা ইয়াৰ ৰাজহুৱা প্ৰচাৰ কৰা ৷
  • কৃষিখণ্ডত প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ প্ৰসাৰিত কৰা।
  • কৃষিখণ্ডৰ লগত জড়িত সকলো শ্ৰেণীৰ মাজত এক সম্পৰ্ক ৰক্ষা কৰা আৰু
  • খাদ্যৰ ক্ষেত্ৰত নিৰাপত্তা সৃষ্টি কৰা ।

(খ) গুৱাহাটী বিশ্বদ্যিালয় : গুৱাহাটী বিশ্ববিদ্যালয় হৈছে উত্তৰ-পূব ভাৰতৰ আটাইতকৈ পুৰণি আৰু প্ৰথমখন ৰাজহুৱা বিশ্ববিদ্যালয়। ১৯৪৮ চনৰ ২৬ জানুৱাৰী তাৰিখে এই বিশ্ববিদ্যালয়খন স্থাপন কৰা হৈছিল। গুৱাহাটী তথা অসমত এখন বিশ্ববিদ্যালয় হ’ব লাগে বুলি অভিমত পোনতে প্ৰকাশ কৰিছিল ১৯১৭ চনত ভাৰত চৰকাৰে নিযুক্তি দিয়া কলিকতা বিশ্ববিদ্যালয় আয়োগৰ অধ্যক্ষ ছাৰ মাইকেল ছেডলাৰে। সেই বছৰৰে ডিচেম্বৰ মাহত শিৱসাগৰত অনুষ্ঠিত হোৱা আছাম এছ’চিয়েচনৰ বাৰ্ষিক বৈঠকত এখন বিশ্ববিদ্যালয়ৰ বাবে ৰাজহুৱা দাবী উত্থাপিত হৈছিল।

অসম চৰকাৰৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধিনিয়ম ১৯৪৭ ৰ অধীনত ১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰা হয়। ১৯৪৮ চনৰ ২৬ জানুৱাৰীত অনুষ্ঠিত হোৱা বিশ্ববিদ্যালয়ৰ প্ৰথমখন আদৰণি সভাৰ দিনটোক বিশ্ববিদ্যালয়খনৰ প্ৰতিষ্ঠা দিবস হিচাপে পালন কৰা হয়। প্রতিষ্ঠাৰ সময়ত ইয়াৰ অধীনত ১৭ খন মহাবিদ্যালয় আৰু ৮ টা স্নাতকোত্তৰ বিভাগ আছিল। মহানগৰীৰ কেন্দ্ৰৰ পৰা কাৰ্যক্ৰম আৰম্ভ কৰি বিশ্ববিদ্যালয়খন ১৯৫৫-৫৬ চনত বৰ্তমানৰ জালুকবাৰী চৌহদলৈ স্থানান্তৰিত হয়। বর্তমান বিশ্ববিদ্যালয়ৰ চৌহদ অঞ্চলটো গোপীনাথ বৰদলৈ নগৰ নামেৰে জনাজাত।

(গ) অসম চিকিৎসা মহাবিদ্যালয় : উত্তৰ-পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় স্থাপন হৈছিল ডিব্ৰুগড়ত। ১৯০০ চনতে ডিব্ৰুগড়ত ড° জন বেৰী হোৱাইটৰ ৫০,০০০ টকাৰ অনুদানৰ পুঁজিৰে বেৰী-হোৱাইট মেডিকেল স্কুল স্থাপন হৈছিল। ১৯১০ চনত এই চিকিৎসা বিদ্যালয়খনলৈ ইংলেণ্ডৰ পৰা দুটা এক্স-ৰে মেচিন আমদানি কৰি আনিছিল আৰু ৰেডিঅ’ল’জী বিভাগ আৰম্ভ কৰিছিল। স্বাধীনতাৰ পিছত ১৯৪৭ চনৰ ৩ নৱেম্বৰ তাৰিখে এই বিদ্যালয়খনক আনুষ্ঠানিকভাৱে অসম চিকিৎসা মহাবিদ্যালয় নামকৰণ কৰা হৈছিল। ১৯৫৯ চনত ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী বিমলাপ্রসাদ চলিহা, বিত্তমন্ত্রী ফখরুদ্দিন আলী আহমেদ আৰু স্বাস্থ্যমন্ত্ৰী ৰূপনাথ ব্ৰহ্মৰ নেতৃত্বত অসমত দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ যো-জা কৰিছিল। সেই উদ্দেশ্যৰে ১৯৫৯ চনৰ ৭ নৱেম্বৰ তাৰিখে এখন কমিটী গঠন কৰা হৈছিল। ১৯৬০ চনৰ ২৬ জুন তাৰিখে সেই প্রতিবেদনখনৰ আধাৰত গুৱাহাটীৰ জালুকবাৰীত এখন আয়ুর্বেদিক চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছিল। ১৯৬০ চনৰ ২০ ছেপ্টেম্বৰ তাৰিখে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়খন আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হৈছিল। ১৯৬৮ চনত শিলচৰ মেডিকেল কলেজ স্থাপন কৰা হৈছিল।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন : শুদ্ধ উত্তৰটো বাছি উলিওৱা: (মূল্যাংক -১)

১ । আছাম এছ’চিয়েছনৰ প্ৰথমখন অধিৱেশন ১৯০৫ চনত ক’ত অনুষ্ঠিত হৈছিল? [HSLC 2018]

(ক) শিৱসাগৰত (খ) যোৰহাটত (গ) ডিব্ৰুগড়ত (ঘ) গোলাঘাটত

উত্তৰঃ (গ) ডিব্ৰুগড়ত।

২। তলৰ কোনজন ‘জোনাকী’ৰ প্ৰথম সম্পাদক আছিল? [HSLC 2019]

(ক) হেমচন্দ্ৰ বৰুৱা

(খ) লক্ষ্মীনাথ বেজবৰুৱা

(গ) হেমচন্দ্ৰ গোস্বামী

(ঘ) চন্দ্ৰকুমাৰ আগৰৱালা

উত্তৰঃ (ঘ) চন্দ্ৰকুমাৰ আগৰৱালা ৷

৩। ১৯০৩ চনত কোনে আছাম এছ’চিয়েচন গঠন কৰিছিল? [HSLC 2020]

(ক) পদ্মনাথ গোহাঁই বৰুৱা (খ) হেমচন্দ্র গোস্বামী

(গ) নবীন চন্দ্ৰ বৰদলৈ (ঘ) মাণিক চন্দ্ৰ বৰুৱা

উত্তৰঃ (ঘ) মাণিক চন্দ্ৰ বৰুৱা

৪। ১৯২১ চনৰ জুন মাহত গঠন কৰা অসম প্রদেশ কংগ্ৰেছৰ অস্থায়ী কমিটিৰ সভাপতি কোন আছিল ? [HSLC 2022]

(ক) কুলধৰ চলিহা (খ) গোপীনাথ বৰদলৈ

(গ) নবীন চন্দ্ৰ বৰদলৈ (ঘ) বিষ্ণুৰাম মেধি

উত্তৰঃ (ক) কুলধৰ চলিহা

অতি চমু প্রশ্নোত্তৰ: (মূল্যাংক: ১)

প্রশ্ন ১। অসমত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰিবলৈ কোনটো সংগঠনে বিশেষ চেষ্টা কৰি ফলৱতী হৈছিল? [HSLC 2011]

উত্তৰঃ আসাম এছ’চিয়েচন নামৰ সংগঠনটোৱে।

প্রশ্ন । অসম এছ’চিয়েচনৰ প্ৰথমখন অধিবেশনত নির্বাচিত হোৱা সভাপতি আৰু সম্পাদকৰ নাম লিখা। [HSLC 2019]

উত্তৰঃ সভাপতি গৌৰীপুৰৰ ৰজা প্রভাত চন্দ্ৰ বৰুৱা আৰু সম্পাদক মাণিক চন্দ্ৰ বৰুৱা ৷

প্রশ্ন । ইয়াণ্ডাবু সন্ধিৰ ফলাফল কি আছিল? [HSLC 2022]

উত্তৰঃ ইয়াণ্ডাবু সন্ধিৰ ফলাফলস্বৰূপে ব্ৰিটিছে সেই সময়লৈ সম্পন্ন কৰা আটাইতকৈ খৰচী যুদ্ধখন শেষ কৰে।

চমু প্রশ্নোত্তৰঃ (প্ৰতিটোৰ বাবে ২/৩ নম্বৰকৈ)

প্রশ্ন । যোৰহাট সার্বজনিক সভাৰ প্ৰথমখন সভা কেতিয়া হৈছিল? ইয়াৰ মূল উদ্দেশ্য কি আছিল? [HSLC 2012]

উত্তৰঃ যোৰহাট সার্বজনিক সভাৰ প্ৰথমখন সভা ১৮৮৬ চনৰ ২ জুন তাৰিখে যোৰহাটত অনুষ্ঠিত হৈছিল।

ইয়াৰ মূল উদ্দেশ্য আছিল— অসম চৰকাৰৰ ভূমি সম্বন্ধীয় ‘Assam Land and Revenue Regulation, 1886″ অধিনিয়মখনৰ প্ৰতিবাদ কৰা ।

প্রশ্ন । স্বাধীনতা আন্দোলনৰ সময়ত অসমত গঠন হোৱা দুটা সামাজিক-ৰাজনৈতিক সংগঠনৰ নাম উল্লেখ কৰা। [HSLC 2013]

উত্তৰঃ স্বাধীনতা আন্দোলনৰ সময়ত অসমত গঠন হোৱা দুটা সামাজিক-ৰাজনৈতিক সংগঠনৰ নাম হ’ল– (ক) আসাম এছচিয়েচন আৰু (খ) যোৰহাট সার্বজনিক সভা।

প্রশ্ন । আহোম সভা কোনে গঠন কৰিছিল? ইয়াৰ এটা অতি গুৰুত্বপূৰ্ণ কাৰ্যসূচী কি আছিল? [HSLC 2020]

উত্তৰঃ পদ্মনাথ গোহাঁই বৰুৱাৰ নেতৃত্বত ১৮৯৩ চনত আহোম সভা গঠন কৰা হৈছিল। কানি বিৰোধী আন্দোলন আহোম সভাৰ এটা অন্যতম গুৰুত্বপূৰ্ণ কাৰ্যসূচী আছিল।

ৰছনাধর্মী প্রশ্নোত্তৰ :

প্রশ্ন ১। আসাম এছ’চিয়েচন সম্পর্কে এটি টোকা লিখা। [HSLC 2011]

উত্তৰঃ ১৮৬৭ চনত গুৱাহাটী চৰকাৰী ইংলিছ ছেমিনাৰী প্ৰাংগণত অনুষ্ঠিত এখন ৰাজহুৱা সভাত আসাম এছ’চিয়েচন নামৰ সংগঠনটো গঢ়ি তোলা হৈছিল। ইয়াৰ সভাপতি আছিল ৰাজা কন্দৰ্পেশ্বৰ সিংহ, উপ-সভাপতি কুলাদানন্দ মুখাৰ্জী আৰু সম্পাদক গংগাগোৱিন্দ ফুকন। ইয়াৰ দ্বিতীয় আৰু তৃতীয় সন্মিলন শিৱসাগৰত অনুষ্ঠিত হৈছিল আৰু দুয়োখনতে সভাপতিত্ব কৰিছিল ডাঙৰীয়া দীননাথ বেজবৰুৱাই। দ্বিতীয়বাৰৰ বাবে আসাম এছ’চিয়েচনৰ আবিৰ্ভাৱ হয় ১৯০৩ চনত। সেই বছৰতে ব্ৰিটিছ-ভাৰত চৰকাৰৰ ৰাজহ সচিব তথা ৰাজ প্রতিনিধিজনৰ কাৰ্যনিৰ্বাহক পৰিষদৰ সদস্য ডেঞ্জিল ইৰেট্‌চন অসমলৈ আহিছিল। তেওঁৰ ভ্ৰমণ উপলক্ষে মাণিক চন্দ্ৰ বৰুৱা, ৰায়বাহাদুৰ জগন্নাথ বৰুৱা, গৌৰীপুৰৰ জমিদাৰ ৰাজা প্রভাত চন্দ্ৰ বৰুৱা, তৰুণৰাম ফুকন, প্ৰসন্ন চন্দ্ৰ ঘোষ, মথুৰামোহন বৰুৱা, ৰাধানাথ চাংকাকতী, কমলাকান্ত ভট্টাচাৰ্য, ঘনশ্যাম বৰুৱা আদি ভালেমান লোক গুৱাহাটীত সমৱেত হৈছিল। মাণিক চন্দ্ৰ বৰুৱাই এই সুযোগতে সমগ্র ব্রহ্মপুত্র উপত্যকাক সামৰি ১৯০৩ চনত আসাম এছ’চিয়েচন গঢ়ি তোলে। ইয়াৰ কাৰ্যনিৰ্বাহক সমিতিৰ সভাপতি আছিল ৰজা প্রভাত চন্দ্ৰ বৰুৱা, উপ-সভাপতি ৰায়বাহাদুৰ জগন্নাথ বৰুৱা, সাধাৰণ সম্পাদক মাণিক চন্দ্ৰ বৰুৱা, সহঃ সম্পাদক অভয়নাথ চক্ৰৱৰ্তী আৰু অন্যান্য সদস্যসকল আছিল কমলাকান্ত ভট্টাচাৰ্য, ৰাধানাথ চাংকাকতী, ৰায়বাহাদুৰ ঘনশ্যাম বৰুৱা, প্ৰসন্ন কুমাৰ বৰুৱা, ফৈজনুৰ আলি, ভূৱনৰাম দাস, শিৱৰাম দাস, বশম্বদ মিত্ৰ, প্ৰসন্ন কুমাৰ ঘোষ আৰু মথুৰানাথ বৰুৱা। আসাম এছ’চিয়েচন ব্ৰিটিছৰ অনুগত অনুষ্ঠান ৰূপেই গঢ়ি উঠিছিল।

আসাম এছ’চিয়েচনে চৰকাৰৰ সহযোগত অসমত স্থানীয় স্বায়ত্তশাসন ব্যৱস্থা গঢ়ি তোলা, নগৰ পালিকাৰ উন্নয়ন সাধন কৰা, শিক্ষিত যুৱকৰ বাবে চৰকাৰী বিভাগ তথা দপ্তৰত অধিক কৰ্ম সংস্থানৰ ব্যৱস্থা কৰা, আধুনিক শিক্ষানুষ্ঠান স্থাপন কৰা, যুৱকসকলৰ মাজত শিল্প আৰু ব্যৱসায়- বাণিজ্যত অংশ গ্রহণ সম্পৰ্কে প্ৰচাৰ চলোৱা আৰু অসমীয়া ভাষা-সাহিত্যৰ উন্নয়ন সাধন কৰা আদি লক্ষ্যসমূহ কাৰ্যকৰী কৰাত মনোনিৱেশ কৰিছিল। কানি নিবাৰণ কৰাটোও আসাম এছ’চিয়েচনৰ লক্ষ্য আৰু উদ্দেশ্য আছিল বুলি কোৱা হৈছিল। কিন্তু আসাম এছ’চিয়েচনে নিজৰ কৰ্ম পদ্ধতি কেৱল আবেদন-নিবেদন দাখিল কৰাতে সীমাবদ্ধ ৰাখিছিল। লর্ড কার্জনে প্ৰস্তাৱ কৰা বংগ-ভংগ আঁচনি তথা পূৰ্ববংগ আৰু অসমৰ পুনৰ গঠনৰ বিৰুদ্ধে আসাম এছ’চিয়েচনে বিশেষ বিৰোধিতা কৰা নাছিল। অৱশ্যে আসাম এছ’চিয়েচনে চৰকাৰক সকীয়াই দিছিল যাতে অসমৰ পুনগঠনে অসমীয়া লোকৰ স্বাৰ্থৰ ক্ষতি সাধন নকৰে আৰু অসম নামটো মানচিত্ৰৰপৰা চিৰকালৰ বাবে অন্তনির্হিত নহয়। আনহাতে নতুন প্রশাসনিক গোটত অসমৰ লোকৰ বাবে যাতে কর্ম সংস্থানৰ সংকোচন নহয় তাৰ বাবে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছিল। ১৯০৫ চনৰপৰা ১৯২১ চনলৈ আসাম এছ’চিয়েচনৰ কেবাখনো অধিবেশন অনুষ্ঠিত হৈছিল। ১৯১৭ চনত শিৱসাগৰত বহা আসাম এছ’চিয়েচনৰ অধিৱেশনতে পোন প্ৰথমবাৰৰ বাবে অসমত এটি বিশ্ববিদ্যালয় স্থাপনৰ বাবে দাবী উত্থাপন কৰা হৈছিল। এই দাবী উত্থাপন কৰিছিল সভাপতি সত্যনাথ বৰাই নিজে।

আসাম এছ’চিয়েচন ১৯১৮ চনৰ মণ্টেগো ছেমছফ’ৰ্ড ৰিপ’ৰ্টৰ আধাৰত প্ৰস্তাৱিত শাসন সংস্কাৰত অসমকো সামৰি লোৱাৰ দাবী উত্থাপন কৰিছিল। চৰকাৰৰ ওচৰত আৰ্জি পেচ কৰিবলৈ আসাম এছ’চিয়েচনৰ ফালৰপৰা ইতিপূৰ্বে ১৯১৭ চনত কলিকতালৈ এটি সাতজনীয়া সঁজাতী দল পঠিওৱা হৈছিল। উক্ত সঁজাতী দলৰ সদস্যসকল আছিল— গংগাগোৱিন্দ ফুকন, তৰুণৰাম ফুকন, পদ্মনাথ গোহাঁঞি বৰুৱা, চন্দ্ৰধৰ বৰুৱা, নবীন চন্দ্ৰ বৰদলৈ, প্রসন্ন কুমাৰ বৰুৱা, ঘনশ্যাম বৰুৱা। এওঁলোকে কলিকতাত ব্ৰিটিছ ৰাজপ্ৰতিনিধি— লর্ড ছেমছফৰ্ডক সাক্ষাৎ কৰি এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিল। কিন্তু অসমক চীফ কমিছনাৰ ছাৰ বিট্‌ছন ৱেল আৰু ইউৰোপীয় চাহ খেতিয়কসকলে বিধি-পথালি দিয়াত অসম মণ্টেগো- ছেমছফ’ৰ্ড সংস্কাৰ আঁচনিৰ অধীনলৈ অনাৰ কোনো কথাই চূড়ান্ত প্রতিবেদনত ঠাই নাপালে।

আসাম এছ’চিয়েচনে অসহযোগ আন্দোলনত অংশ গ্ৰহণ কৰিছিল আৰু ১৯২০ চনত তেজপুৰত আৰু সেই বছৰৰে এপ্রিল মাহত যোৰহাটত অনুষ্ঠিত আসাম এছ’চিয়েচনৰ অধিৱেশনত সংগঠনটোক একাংশ সদস্যই কংগ্ৰেছ সংগঠনলৈ ৰূপান্তৰিত কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু তেওঁলোক সফল হোৱা নাছিল। তাৰ পিছত বহু বছৰলৈ আসাম এছ’চিয়েছন নীৰৱ হৈ পৰিছিল। ১৯৩৫ চনত অসম এছ’চিয়েচনক পুনৰুজ্জীৱিত কৰাৰ চেষ্টা কৰা হৈছিল যদিও সি সফল নহ’ল। পিছত অসমত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰাত আসাম এছ’চিয়েচন ফলৱতী হৈছিল।

প্রশ্ন ১৯। অসমত অসহযোগ আন্দোলনৰ কাৰ্যসূচী কিদৰে ৰূপায়িত কৰা হৈছিল . চমুকৈ আলোচনা কৰা। [HSLC 2016]

উত্তৰঃ মহাত্মা গান্ধীৰ নেতৃত্বত গঢ়ি উঠা অসহযোগ আন্দোলনৰ প্ৰভাৱে অসমতো ৰাজনৈতিক জনসাধাৰণক উত্ৰাৱল কৰি তুলিছিল। অসমত এই আন্দোলনৰ সংগঠক, পৰিচালক আৰু অংশগ্ৰহণকাৰী আছিল স্কুল-কলেজৰ ছাত্ৰসকল। অসমত কংগ্ৰেছ সমিতি গঠন কৰা, কংগ্ৰেছৰ সদস্য ভৰ্তি কৰা বিদেশী পণ্য সামগ্রী বিশেষকৈ মদ, ভাং, কানি আৰু বিদেশী বস্ত্ৰৰ দোকান-পোহাৰৰ সন্মুখত পিকেটিং কৰা, সভা-সমিতি অনুষ্ঠিত কৰা, শোভাযাত্ৰা উলিওৱা এই সকলোবোৰ কাম ছাত্ৰসকলেই কৰিছিল।

অসমৰ সকলো ঠাইতে প্রধান নগৰ-চহৰ মদ, কানি আৰু বিদেশী বস্তুৰ দোকানত শ শ ছাত্রই পিকেটিং কৰি অসহযোগ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিছিল। চন্দ্রনাথ শর্মা, তৰুণৰাম ফুকন, নবীন চন্দ্ৰ বৰদলৈ, কুলধৰ চলিহা আদিয়ে আন্দোলনত অংশগ্ৰহণ কৰি আন্দোলনৰ শক্তি বৃদ্ধি কৰিবলৈ যথেষ্ট চেষ্টা কৰিছিল।

ছাত্ৰসকলে শিক্ষানুষ্ঠান বর্জন কৰি আন্দোলনত জড়িত হৈ পৰাত অসমৰ ভালেমান ঠাইত উকিল সকলেও চৰকাৰী কোর্ট-কাছাৰীৰ লগতে ওকালতি বৰ্জন কৰি আন্দোলনত জঁপিয়াই পৰিল । গুৱাহাটীত ওকালতি বৰ্জন কৰি চন্দ্ৰনাথ শৰ্মাই আন্দোলনত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল।

অসমৰ কোনো কোনো অঞ্চলত অসহযোগ আন্দোলন খাজনা বন্ধ আন্দোলনলৈ পৰিৱৰ্তিত হৈছিল বিশেষকৈউত্তৰ কামৰূপৰবাস্কা আৰুদক্ষিণ কামৰূপৰবকো অঞ্চলৰবড়ো-বাৰী জনজাতিৰ কৃষকসকলে অসহযোগৰ সময়তে খাজনা বন্ধ আন্দোলনৰ সূচনা কৰিছিল। বকো অঞ্চলৰ ভালেমান গাঁৱৰ কৃষক জনসাধাৰণেও আন্দোলনৰ সৈতে সংহতি স্থাপন কৰি সেই অঞ্চলতো খাজনা বন্ধ আন্দোলন সংগঠিত কৰি কৃতকাৰ্যতা লাভ কৰিছিল। অসহযোগ আন্দোলনৰ সময়ত কেইবা মাহো ধৰি এই দুয়োটা অঞ্চলতে চৰকাৰী কৰ্তৃপক্ষৰ কোনো চিন-মোকাম নোহোৱা হৈ পৰিছিল। অসমৰ চাহ বাগিছাৰ শ্ৰমিকসকলৰ ওপৰত অসহযোগ আন্দোলনৰ ব্যাপক প্ৰভাৱ পৰিছিল ৷ ‘গান্ধী ৰাজা’ৰ আবিৰ্ভাৱ আৰু ‘স্বৰাজ’ৰ বাণীয়ে চাহ বাগিছাৰ গিৰমিটীয়াকো অসন্তুষ্ট কৰি তুলিছিল৷ তেওঁৰ বন্ধু দয়ানাথ বৰুৱালৈ লিখা এখন চিঠিত নিজৰ অসন্তুষ্টিৰ কথা প্ৰকাশ কৰিছিল। সেই সময়ত চন্দ্ৰনাথ শৰ্মা যক্ষ্মা ৰোগত আক্ৰান্ত হৈ পুৰীত গৈ জিৰণি লৈ আছিল আৰু শেষত ১৯২২ চনৰ জুলাই মাহৰ ২০ তাৰিখে তেওঁ শ্বিলঙত ইহলীলা সম্বৰণ কৰিছিল।

অসহযোগ আন্দোলনৰ ফলস্বৰূপেই অসমত কানি বিক্ৰীৰ আৰু সেৱনৰ পৰিমাণ যথেষ্ট হ্ৰাস পাইছিল আৰু সেই সূত্ৰে চৰকাৰে কানিৰপৰা পোৱা আবকাৰী শুল্কৰ পৰিমাণো ‘অত্যধিক নিম্নগামী হৈছিল। আন্দোলনৰ ফলস্বৰূপে ১৯২১-২২ চনত অসমত স্কুলৰ ছাত্ৰ সংখ্যা প্রায় ৭ শতাংশলৈ হ্রাস পাইছিল। আন্দোলনৰ তীব্ৰতাৰ সময়ত ৯ ৰ পৰা ১০ শতাংশলৈ ছাত্ৰই কলেজ বৰ্জন কৰিছিল আৰু ইয়াৰে এক-তৃতীয়াংশই পুনৰ শ্ৰেণীত ভৰ্তি হৈছিল। চৰকাৰী হিচাপ মতে ১৯২২ চনৰ ১৬ ফেব্ৰুৱাৰীলৈ অসমত কলেজ বৰ্জন কৰা ছাত্ৰৰ সংখ্যা আছিল মাত্র ৩৮ জন। জাতীয় স্কুল স্থাপনৰ ক্ষেত্ৰত গুৱাহাটীয়ে আগভাগ লৈছিল। ১৯২১ চনৰ ফেব্ৰুৱাৰী মাহত ৰোহিণী কুমাৰ চৌধুৰীৰ ভৰলুমুখৰ বাসভৱনৰ চৌহদতেই অসমৰ প্ৰথমখন জাতীয় স্কুল স্থাপিত হৈছিল। ইয়াৰ হেড্‌মাষ্টৰ আছিল গোপীনাথ বৰদলৈ ৷ এনেদৰে অসমৰ আন ঠাইতো জাতীয় বিদ্যালয় স্থাপন কৰা হৈছিল।

Conclusion:

আমি বিশ্বাস কৰোঁ যে এই টোকাবোৰে শিক্ষাৰ্থীসকলক বিষয়বোৰৰ বিষয়ে ভালদৰে বুজাবুজি বিকশিত কৰাত আৰু তেওঁলোকৰ পৰীক্ষাৰ বাবে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰিব।

আমি নিশ্চিত যে এই টোকাবোৰে শিক্ষাৰ্থীসকলক তেওঁলোকৰ লক্ষ্য প্ৰাপ্ত কৰাত আৰু তেওঁলোকৰ শৈক্ষিক প্ৰদৰ্শন বৃদ্ধি কৰাত সহায় কৰিব। যদি আপুনি এই প্ৰবন্ধটো ভাল পায় আৰু সহায়ক হয় তেন্তে আপোনাৰ বন্ধুবৰ্গৰ সৈতে Share কৰিবলৈ নাপাহৰিব।

Leave a Comment

error: Content is protected !!