Class 10 Social Science Chapter 3| অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্রোহ|SEBA

Class 10 Social Science Chapter 3| অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্রোহ|SEBA: আমাৰ ৱেবছাইটলৈ স্বাগতম! আপোনাৰ শৈক্ষিক যাত্ৰাৰ বাবে আপোনাক দশম শ্ৰেণীৰ Notes প্ৰদান কৰি আমি আনন্দিত।

দশম শ্ৰেণী শিক্ষাৰ্থীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ বছৰ কিয়নো তেওঁলোকে আগন্তুক ব’ৰ্ড পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰে, যি তেওঁলোকৰ শৈক্ষিক সফলতা নিৰ্ধাৰণ কৰিব।

আজি, এই প্ৰবন্ধটোত মই আপোনাৰ দশম শ্ৰেণীৰ “অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্রোহ” দীঘলয়া আৰু চুটি প্ৰশ্ন আলোচনা কৰিম| আমি প্ৰায় সকলো দীঘলয়া আৰু চুটি প্ৰশ্ন Solution প্ৰদান কৰিছোঁ।

আমাৰ লক্ষ্য হৈছে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰা। আমি ইয়াত বিনামূলীয়াকৈ Notes সমূহ প্ৰদান কৰিছো। আমি আপোনাক আগন্তুক পৰীক্ষাৰ বাবে শুভেচ্ছা জনাইছো। যদি আপোনাৰ কোনো সন্দেহ আছে তেন্তে আমাৰ সৈতে যোগাযোগ কৰক।

অনুশীলনীৰ প্রশ্নোত্তৰ

অতি চমু উত্তৰৰ প্ৰশ্নঃ

প্রশ্ন ১। ব্ৰিটিছ শাসন প্রতিষ্ঠা হোৱাৰ পিছত অসমৰ ৰাজহ সংগ্ৰহ পদ্ধতিৰ কি পৰিৱৰ্তন হৈছিল?

উত্তৰ:- ব্ৰিটিছ শাসন প্রতিষ্ঠা হোৱাৰ পিছত অসমৰ ৰাজহ সংগ্ৰহৰ পদ্ধতিত টকাৰ মাধ্যমত মাটিৰ খাজনা আৰু অন্যান্য কৰ-কাটল সংগ্ৰহৰ নতুন ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল৷

প্রশ্ন ২। কোন চনত মফট মিলছ অসমলৈ আহিছিল?

উত্তৰ : ১৮৫৩ চনত ।

প্রশ্ন ৩। কেঞাসকল কোন আছিল?

উত্তৰ : মাৰোৱাৰী সুদখোৰ মহাজন, শ্রেণী আছিল।

প্রশ্ন ৪। অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?

উত্তৰ : মণিৰাম দেৱানে।

প্রশ্ন ৫। ১৮৫৭ চনৰ বিদ্ৰোহত অসমৰ বিদ্রোহীসকলে কোন আহোম ৰাজকোঁৱৰক পুনৰাই আহোম সিংহাসনত বহুৱাব খুজিছিল?

উত্তৰ : কন্দৰ্পেশ্বৰ সিংহক।

প্রশ্ন ৬। মনিৰাম দেৱানক কোন বঙালী মুক্তিয়াৰে সহায় কৰিছিল ?

উত্তৰ:- মধুমল্লিকে।

প্রশ্ন ৭। মণিৰাম দেৱানৰ লগত আৰু কোন ফাঁচীকাঠত ওলমিব লগা হৈছিল? [HSLC 2020]

উত্তৰঃ পিয়লি বৰুৱা ।

প্রশ্ন ৮। কোনে মণিৰাম দেৱানৰ বিচাৰ কৰিছিল ?

উত্তৰ ঃ কেপ্তেইন হলৰইডে।

প্রশ্ন ৯। অসমৰ ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ দুটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ (ক) অসমৰ বিদ্রোহীসকলৰ সংখ্যা অতি তাকৰীয়া আছিল ।

(খ) বিদ্ৰোহৰ নেতাসকলৰ সময় জ্ঞান নাছিল।

প্রশ্ন ১০। কোন কোন চনত টিকট কৰ আৰু আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল?

উত্তৰঃ ১৯৫৮ চনত টিকট কৰ আৰু ১৮৬০ চনত আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল।

প্রশ্ন ১১। ব্ৰিটিছৰ দিনত অসমৰ কৃষকৰ দুৰৱস্থাৰ দুটা কাৰণ লিখা।

উত্তৰঃ (ক) কৃষকৰ উন্নতিৰ অৰ্থে চৰকাৰে কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা নাছিল ।

(খ) প্রাকৃতিক দুর্যোগ, মহামাৰী আনকি দুর্ভিক্ষৰ সময়তো কৃষক ৰাইজক ব্ৰিটিছে কৰ- কাটলৰ পৰা ৰেহাই দিয়া নাছিল।

প্রশ্ন ১২। লেফটেনেণ্ট ছিংগাৰ কোন আছিল?

উত্তৰঃ নগাঁৱৰ সহকাৰী উপায়ুক্ত।

প্রশ্ন ১৩। ফুলগুৰিৰ ধেৱা কেতিয়া সংঘটিত হৈছিল?

উত্তৰঃ ১৮৬১ চনত।

প্রশ্ন ১৪। ৰঙিয়াৰ কৃষক বিদ্রোহ কেতিয়া সংঘটিত হৈছিল?

উত্তৰঃ ১৮৯৪ চনৰ ২৪ ডিচেম্বৰত।

প্রশ্ন ১৫। লচিমা ক’ত অৱস্থিত?

উত্তৰঃ বৰপেটা জিলাৰ সৰুক্ষেত্ৰী মৌজাৰ সৰ্থেবাৰী অঞ্চলত অৱস্থিত।

প্রশ্ন ১৬। লচিমাৰ কৃষক বিদ্রোহ কেতিয়া সংঘটিত হৈছিল ?

উত্তৰঃ ১৮৬১ চনত।

প্রশ্ন ১৭। পথৰুঘাটৰ কৃষক বিদ্রোহ কেতিয়া সংঘটিত হৈছিল?

উত্তৰঃ ১৮৯৪ চনৰ জানুৱাৰী মাহৰ ২৬ তাৰিখৰ পৰা ২৮ তাৰিখলৈ।

প্রশ্ন ১৮। ১৮৬১ চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?

উত্তৰঃ ওকিয়াং নংবাহে।

প্রশ্ন ১৯। ১৮৮১ চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?

উত্তৰঃ সম্বোধন কছাৰীয়ে।

প্রশ্ন ২০। টিকেন্দ্রজিতক কোনে মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল ?

উত্তৰঃ ব্ৰিটিছে।

প্রশ্ন ২১। জে. ডব্লিউ কুণ্টেনক কোন চনত হত্যা কৰিছিল ?

উত্তৰঃ ১৮৯০ চনত।

দীঘল উত্তৰৰ প্রশ্নঃ

প্রশ্ন ১। ১৮৫৭-৫৮ চনৰ বিদ্ৰোহৰ কাৰণ সম্পৰ্কে চমুকৈ আলোচনা কৰা। [HSLC 2017]

উত্তৰঃ ১৮৫৭-৫৮ চনৰ বিদ্ৰোহক স্বাধীনতাৰ বাবে হোৱা ৰাজনৈতিক বিদ্ৰোহৰ চতুর্থ পর্ব বুলি ক’ব পাৰি। এইবাৰৰ ৰাজনৈতিক বিদ্ৰোহ হৈছিল মহাভাৰতীয় বিদ্ৰোহৰ অংশৰূপে। এই বিদ্রোহ কেইবাটাও কাৰণত সংঘটিত হৈছিল—

(ক) প্ৰথমতে, ইংৰাজে প্ৰৱৰ্তন কৰা ভূমি ৰাজস্ব আৰু টকাৰ মাধ্যমত মাটিৰ খাজনা আৰু অন্যান্য কৰ-কাটল সংগ্ৰহৰ বাবে সূচনা কৰা মুদ্ৰা অৰ্থনীতি। নতুন ভূমি নীতি আৰু মুদ্রা অর্থনীতিয়ে প্রজা সাধাৰণৰ মনত তীব্র ক্ষোভ আৰু অসন্তুষ্টিৰ জন্ম দিছিল। মুদ্রা অর্থনীতিয়ে অসমত সুদ খোৱা মহাজন শ্ৰেণীৰ সৃষ্টি কৰি অসমৰ লোকসকলক এই সুদখোৱা মহাজন শ্ৰেণীৰ ওপৰত নিৰ্ভৰশীল হ’বলৈ বাধ্য কৰাইছিল। এই সুদখোৰ মহাজন সকলৰ প্ৰায়বিলাকেই বহিৰাগত বেপাৰী, কায়া মাৰোৱাৰী আৰু বংগালী মহাজন লোক আছিল ৷

জেনকিন্সৰ আমোলত অসমত ৰায়ত বিলাকৰ জীৱন বৰ দুখীয়া আছিল। গাঁৱৰ অধিকাংশ লোকে বাহৰ চুঙাত পানী আৰু কলপাতত ভাত খাইছিল। সেই সময়তে ভূমিৰ খাজনাই অসমীয়া মানুহৰ কঁকাল ভাঙিদিছিল ৷ চৰকাৰে মাটিৰ খাজনা বৃদ্ধি আৰু খাজনা সংগ্ৰহৰ ওপৰত যিমান গুৰুত্ব দিছিল তাৰ তুলনাত কৃষিকাৰ্যৰ উন্নয়নৰ বাবে অলপো গুৰুত্ব প্ৰদান কৰা নাছিল।

ফলত কৃষি অর্থনীতিৰ কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাছিল। গতিকে অসমত বতৰ প্ৰতিকূল হ’লেই খাদ্যশস্য উৎপাদনত বিঘিনি জন্মিছিল আৰু ইয়াৰ লোক অৱধাৰিতভাৱেই দুর্ভিক্ষৰ কৱলত পৰিছিল।

(খ) দ্বিতীয়তে, সাধারণ শ্রেণীৰ মানুহৰ দৰে অভিজাত সকলৰো অবস্থা ভাল নাছিল। নতুন প্রশাসন ব্যৱস্থাই আহোম সন্ত্রস্তীয় একাংশ শ্রেণীৰ লোকক একেবাৰে কর্ম-সংস্থানহীন কৰি পেলাইছিল। সমত ব্ৰিটিছ প্ৰশাসনৰ আৰম্ভণিৰে পৰা আধুনিক শিক্ষাবে শিক্ষিত বংগদেশৰ বঙালী লোকক প্রশাসনিক কাম-কাজত নিয়োগ কৰাৰ ব্যৱস্থা কৰাৰ ফলত অসমৰ পূৰ্বৰ আহোম ডা-ডাঙৰীয়া সকলে দ্রুত হাৰত কৰ্ম-সংস্থান হেৰুৱাইছিল।

আনহাতে অসমৰ প্ৰশাসনিক কাম-কাজত পূর্বে নিয়োজিত বঙালী লোকে ক্রমাগতভাৱে আৰু প্ৰয়োজন হ’লেই তেওঁলোকৰ আত্মীয় স্বজনক মাতি আনি চাকৰিত ভৰাই দিছিল। ঠিক সেইদৰে ৰাজহ বিভাগবোৰত অসমীয়া লোকৰ উপৰিও বাহিৰৰ লোকক মৌজাদাৰৰ দায়িত্ব দিছিল। ফলত অসমীয়া অভিজাত শ্ৰেণীৰ লোকসকলে সেইবিলাক পদবীৰ পৰা বঞ্চিত হৈছিল আৰু বিদেশীৰ লগত ৰায়ত হিচাবে থাকিবলৈ বাধ্য কৰাইছিল।

(গ) তৃতীয়তে, ১৮৪৩ চনত অসমৰপৰা দাস প্রথাৰ নিষিদ্ধকৰণ কাৰ্যই এক শ্ৰেণীৰ লোকৰ মাজত অসন্তুষ্টিৰ সৃষ্টি কৰিছিল। ব্রাহ্মণ-পুৰোহিত আৰু অসমৰ অভিজাত শ্ৰেণীটোৱে বন্দী-বেটী, বন্ধা-ভটুৱা, লগুৱা-লিকছৌ আদি ৰখাৰ পৰা বঞ্চিত হোৱাৰ ফলত তেওঁলোকৰ খাট-পামত পৰিশ্ৰম কৰা লোকৰ অভাৱ ঘটিছিল।

অসমৰ পৰা দাস প্রথা নিষিদ্ধকৰণ হৈছিল যদিও এই কাৰ্যই অভিজাত শ্ৰেণীটোৰ মনত এক অসন্তুষ্টিৰ সৃষ্টি কৰিছিল। কাৰণ এই ব্যৱস্থাই তেওঁলোকক ৰাতিটোৰ ভিতৰতে সাধাৰণ শ্রমজীৱী লোকৰ শাৰীলৈ নমাই আনিছিল। তেওঁলোকে সামাজিক মর্যাদা আৰু প্ৰতিপত্তি হেৰুৱাই পেলাইছিল।

(ঘ) চতুৰ্থতে, ব্রাহ্মণ-পুৰোহিত সত্ৰাধিকাৰসকলে পূৰ্বৰ পৰা ভোগ-দখল কৰি অহা লখেৰাজ বা নিষ্কৰ ভূমি সম্পত্তিৰ ওপৰত অনুসন্ধান চলাই অতিৰিক্তখিনি কাঢ়ি লৈ বাকীখিনিৰ ওপৰত খাজনা বহুওৱাৰ বাবে তেওঁলোক কোম্পানীৰ চৰকাৰৰ বিৰুদ্ধে বিক্ষুব্ধ হৈ পৰিছিল। গতিকে দেখা যায় যে ১৮৫৭ চনৰ বিদ্ৰোহৰ আগৰ প্ৰায় ডেৰকুৰি বছৰ ধৰি ৰাজত্ব কৰা কোম্পানীৰ শাসনে অসমৰ জনসাধাৰণক কোনোটো দিশতেই সন্তুষ্ট কৰিব পৰা নাছিল।

১৮২৮, ১৮২৯ আৰু ১৮৩০ চনত কোম্পানীৰ শাসনৰ বিৰুদ্ধে অসন্তুষ্টি কেৱল আহোম অভিজাত তথা ডা-ডাঙৰীয়াসকলৰ মাজতেই সীমাৱদ্ধ আছিল। ১৮৩০-৫৭ ৰ কালছোৱাত ডা-ডাঙৰীয়া সকলৰ এই ক্ষোভ আৰু অসন্তুষ্টি অসমৰ সাধাৰণ শ্ৰেণীৰ লোকলৈ বিশেষকৈ কৃষকসকলৰ মাজলৈ সম্প্ৰসাৰিত হৈ পৰিছিল। এনেবোৰ কাৰণতেই ১৮৫৭-৫৮ চনত বিদ্ৰোহ আৰম্ভ হৈছিল।

প্রশ্ন ২। অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহৰ মণিৰাম দেৱানৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা। [HSLC 2018]

উত্তৰঃ অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহত মণিৰাম দেৱানৰ ভূমিকা উল্লেখনীয়— ১৮৫৩ চনত মিলছ চাহাব অসম ভ্ৰমণ কৰিবলৈ আহিছিল। সেই সময়তে মণিবান দেৱানে অসমৰ মানুহৰ সামাজিক আৰু অৰ্থনৈতিক দুর্গতিৰ কথা মিলছ চাহাবৰ আগত কৈছিল। যাতে মিলছে চৰকাৰৰ ওচৰত এই বিষয়ে আলোচনা কৰে। ব্ৰিটিছৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ অহা মণিৰামে সুন্দৰকৈ উপলব্ধি কৰিছিল যে এই দুৰ্দশাৰ পৰা উদ্ধাৰ পাবলৈ হ’লে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্রোহ কৰাৰ বাহিৰে আন উপায় নাই। সেইবাবে মণিৰাম দেৱান আৰু চাৰিং ৰজা কন্দৰ্পেশ্বৰ সিংহই এই বিদ্ৰোহত আগভাগ লৈছিল। মণিৰামে যিকোনো পৰিস্থিতিতে চাৰিং ৰজা কন্দৰ্পেশ্বৰ সিংহক উজনি অসমৰ সিংহাসন দিয়াৰ বাবে উঠি পৰি লাগিছিল। কিন্তু তেওঁৰ এই উদ্দেশ্য সফল নহ’ল।

ঠিক সেইসময়তে মিৰাটত সংঘটিত বিদ্ৰোহৰ সংবাদে মণিৰামক অন্যায়-অত্যাচাৰৰ প্ৰতিবাদ কৰিবলৈ আন এটা বিকল্প পথৰ সন্ধান দিয়ে। আকৌ সেই সময়তে মিৰাট, দিল্লী, লক্ষ্ণৌ, কাণপুৰ আদিত সংঘটিত হোৱা চিপাহীসকলৰ বিদ্ৰোহৰ সৈতে সাধাৰণ লোকৰ অংশ গ্ৰহণৰ খবৰে মণিৰামক যথেষ্ট উৎসাহিত কৰিছিল । তেওঁ কলিকতাৰ পৰা কন্দৰ্পেশ্বৰ সিংহ, আহোম ডা-ডাঙৰীয়া আৰু কমলাবাৰীৰ সত্ৰাধিকাৰকে ধৰি কোনো কোনোলৈকে পত্ৰৰ যোগেদি বিদ্ৰোহৰ বাবে সাজু হ’বলৈ পৰামৰ্শ দিছিল।

আনহাতে অসমত থকা হিন্দুস্তানী চিপাহী সকলেও বিভিন্ন মাধ্যমেৰে তেওঁলোকৰ নিজ নিজ অঞ্চলত সংঘটিত হোৱা বিদ্ৰোহৰ খা-খবৰ সময় মতে পাই আছিল। ইতিমধ্যে পিয়লি বৰুৱা আৰু নিৰ্মল হাজাৰীয়ে কন্দৰ্পেশ্বৰ সিংহৰ পৰামৰ্শ মতে গোলাঘাটত থকা চিপাহীসকলৰ সৈতে আলোচনা কৰি বিদ্ৰোহৰ বাবে আঁচনি আৰু কাৰ্যসূচী তৈয়াৰ কৰি থৈছিল। এই আলোচনা মতে আগন্তুক দুৰ্গা পূজাৰ সময়তে আৰু মণিৰাম দেৱান কলিকতাৰপৰা ঘূৰি আহি পোৱাৰ লগে লগে বিদ্ৰোহ আৰম্ভ কৰা হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰে।

বিদ্রোহী নেতাসকলৰ এই সিদ্ধান্তই চৰকাৰী পক্ষক যথেষ্ট উদ্বিগ্ন কৰি তুলিছিল। কিন্তু বিদ্ৰোহৰ নেতা আৰু তেওঁলোকৰ সহযোগী চিপাহীসকলে আঁচনি মতে কাম কৰাত যথেষ্ট পলম হৈছিল। আনহাতে বিদ্রোহ সংঘটিত কৰাৰ বাবে ইচ্ছুক চিপাহীসকলৰ মাজত মত বিৰোধ দেখা দিছিল। এই বাবেই তেওঁলোকৰ আৰু লগতে বিদ্রোহী নেতাসকলৰ উদ্দেশ্য সফল হোৱা নাছিল।

চিপাহীসকলৰ মাজত বিদ্ৰোহৰ প্ৰস্তুতিৰ সম্ভেদ পাই শিৱসাগৰৰ প্ৰিঞ্চিপাল এছিছটেণ্ট কেপ্তেইন হলৰয়দে কেপ্তেইন লাউথাৰৰ সৈতে লগলাগি ১৮৫৭ চনৰ ছেপ্টেম্বৰ মাহত যোৰহাটত চাৰিং ৰজা কন্দৰ্পেশ্বৰ সিংহ আৰু মধু মল্লিকক গ্ৰেপ্তাৰ কৰিছিল। বন্দী কন্দৰ্পেশ্বৰ সিংহক কলিকতালৈ প্ৰেৰণ কৰাৰ পিছত গৱৰ্ণৰ জেনেৰেলৰ আদেশ মতে তেওঁক আলিপুৰ জেইলত বন্দী কৰি ৰাখিছিল।

সেইসময়তে ১৮৫৭ চনৰ ছেপ্টেম্বৰ মাহৰ আৰম্ভণিতে কেঁপ্তেইন হলৰয়দে মণিৰাম দেৱানে কলিকতাৰ পৰা পঠোৱা ভালেমান চিঠি-পত্ৰ উদ্ধাৰ কৰে আৰু লগে লগেই মণিৰাম দেৱানক গ্ৰেপ্তাৰ কৰে। মণিৰামক গ্ৰেপ্তাৰ কৰি কিছুদিন আলিপুৰ জেইলত বাখিছিল। পিছত “কোলাডাইন” নামৰ জাহাজেৰে অসমলৈ আনি যোৰহাটত ৰাজদ্ৰোহৰ অপৰাধত দোষী সাব্যস্ত কৰি বিচাৰ কৰাৰ ব্যৱস্থা কৰিছিল। বিচাৰৰ আদেশ অনুযায়ী ১৮৫৮ চনৰ ফেব্ৰুৱাৰী মাহৰ ২৬ তাৰিখে যোৰহাটত মণিৰাম দেৱানক ফাঁচি দি হত্যা কৰিছিল।

প্রশ্ন ৩। কি কি কাৰণত অসমত ১৮৫৭-৫৮ চনৰ বিদ্রোহ ব্যৰ্থ হৈছিল আলোচনা কৰা।[HSLC 2014, 2016, 2017]

উত্তৰঃ ১৮৫৭-৫৮ চনৰ বিদ্ৰোহ ব্যৰ্থ হোৱাৰ কাৰণসমূহ হ’ল –

(ক) প্ৰথমতে, অসমৰ বিদ্রোহীসকলৰ সংখ্যা অতি তাকৰীয়া আছিল। মণিৰাম দেৱানৰ সমর্থকসকল যোৰহাট আৰু শিৱসাগৰতে সীমাবদ্ধ আছিল ।

(খ) দ্বিতীয়তে, বিদ্ৰোহৰ নেতাসকলৰ সময় জ্ঞান নাছিল। কিয়নো তেওঁলোকে প্রস্তুতি সম্পূৰ্ণ কৰিও সময়ত কাৰ্যকৰী কৰা নাছিল।

(গ) তৃতীয়তে, বিদ্ৰোহৰ মুখ্য সংগঠক মণিৰাম দেৱান বিদ্রোহী স্থলীৰপৰা বহুত দূৰত আছিল । মণিৰাম কলিকতাৰ পৰা সোনকালে উভতি আহিব লাগিছিল। প্রশাসনিক অভিজ্ঞতা থাকিলেও এজন বিদ্ৰোহীৰ থাকিব লগা গুণসমূহ মণিৰাম দেৱানৰ নাছিল।

(ঘ) চতুৰ্থতে, সমাজৰ প্ৰতিটো শ্ৰেণীৰ মানুহকে বিদ্রোহত জড়িত কৰিবলৈ মণিৰাম দেৱান আৰু তেওঁৰ সহযোগীসকলে কোনো প্রচেষ্টা হাতত লোৱা নাছিল ।

(ঙ) পঞ্চমতে, অসমৰ বিদ্রোহীসকলে তেওঁলোকৰ কাৰ্যপন্থাৰ গোপনীয়তা ৰক্ষা কৰাত ব্যৰ্থ হৈছিল। সকলোবোৰ পৰিকল্পনা ব্ৰিটিছ চৰকাৰে গম পাইছিল।

(চ) ষষ্ঠতে, অসমৰ বিদ্ৰোহীসকলে প্ৰয়োজন অনুসৰি অস্ত্রশস্ত্ৰৰ যোগান পোৱা নাছিল। মণিৰাম দেৱানে অস্ত্ৰ যোগান দিয়াৰ আগতেই ধৰা পৰিছিল।

(ছ) শেষত, ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ দৰে অসমতো ব্ৰিটিছ সৈন্য বাহিনীত থকা ভাৰতীয় সৈন্যই মূল চালিকাশক্তি হিচাপে বিদ্ৰোহত অংশ লোৱা নাছিল। অসমৰ বিদ্রোহীসকলে মিৰাট, দিল্লী, লক্ষ্ণৌ আদিৰ দৰে চিপাহীসকলৰ সমৰ্থন আদায় কৰিব পৰা নাছিল।

প্রশ্ন ৪। অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পর্কে আলোচনা কৰা । [HSLC 2019]

উত্তৰঃ অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ গুৰুত্ব সমূহ হৈছে—

(ক) প্ৰথমতে, ১৮৫৭ চনৰ বিদ্ৰোহ যদিও এই বিদ্ৰোহৰ দ্বাৰাই ব্ৰিটিছ চৰকাৰে কঠোৰ হাতেৰে দমন কৰিবলৈ সক্ষম হৈছিল যদিও অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এক সৰ্বভাৰতীয় ঐতিহাসিক ঘটনাৰ লগত অসম জড়িত হৈছিল।

(খ) দ্বিতীয়তে, ১৮৬১ চনৰ পৰা অসমত আৰম্ভ হোৱা কৃষক বিদ্রোহসমূহ ১৮৫৭ চনৰ বিদ্ৰোহৰেই প্রতিক্রিয়া ।

(গ) তৃতীয়তে, অসমতো হিন্দু আৰু মুছলমান এই দুটা প্রধান সম্প্রদায়ে একগোট হৈ বিদ্রোহত অংশগ্ৰহণ কৰি জাতীয়তাবোধৰ বিকাশত ইন্ধন যোগাইছিল।

(ঘ) চতুৰ্থতে, ১৮৫৭ চনৰ বিদ্ৰোহৰ পৰা ভাৰতীয় স্বাধীনতা আন্দোলনৰ অন্যান্য সংগ্ৰামীৰ দৰে অসমীয়া সংগ্রামীসকলেও মণিৰাম দেৱান তথা সহযোগীসকলৰ কৰ্মৰ দ্বাৰা অনুপ্রাণিত হৈছিল।

প্রশ্ন ৫। ফুলগুৰি ধাৱাৰ ওপৰত এটি টোকা লিখা। [HSLC 2017, 2019]

উত্তৰঃ ব্ৰিটিছৰ অৰ্থনৈতিক শোষণৰ বিৰুদ্ধে শোষিত কৃষক ৰাইজে কৰা অসমৰ প্রথম বিদ্ৰোহটোৱেই হৈছে ফুলগুৰি ধাৰা।

নগাঁৱৰ পৰা কিছু নিলগত থকা ফুলগুৰি আছিল তিৱা জনবসতিপূর্ণ এখন গাঁও, য’ত জনসাধাৰণে আফু খেতি কৰি তেওঁলোকৰ জীৱিকা নিৰ্বাহ কৰিছিল। ব্ৰিটিছ চৰকাৰে নিজাববীয়াকৈ কানি বিক্ৰী কৰিবলৈ লোৱাত আফু খেতি কৰি জীৱিকা নির্বাহ কৰি থকা ফুলগুৰি অঞ্চলৰ কৃষকসকল চিন্তিত হৈ পৰিছিল। ১৮৬১ চনত ব্ৰিটিছ চৰকাৰে আফু খেতি কৰা সম্পূৰ্ণৰূপে বন্ধ কৰি দিছিল।

চৰকাৰে আফুখেতি বন্ধ কৰাৰ লগে লগে ১৮৬১ চনৰ ১৭ ছেপ্টেম্বৰ তাৰিখে প্রায় ১৫০০ কৃষকে ইয়াৰ প্ৰতিবাদ কৰিবলৈ বিভিন্ন অঞ্চলৰ পৰা আহি ফুলগুৰিত ৰাইজমেল অনুষ্ঠিত কৰে। মেলত কৃষক সকলে আফুখেতি বন্ধ কৰা নিৰ্দেশ বাতিল কৰিবলৈ আৰু পাণ-তামোলৰ ওপৰত যাতে কোনো কৰ নলগায় সেই কথা উপায়ুক্তক জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

সেই সময়ত নগাঁৱৰ উপায়ুক্ত আছিল লেফটেনেণ্ট হার্বার্টস্কন্স। তেওঁ ৰাইজক সঁহাৰি নজনাই, বৰং তেওঁলোকক বেয়া ব্যৱহাৰহে কৰে। ক্ষোভিত ৰাইজে এই অপমানৰ প্ৰতিবাদ কৰিবলৈ ১৫ অক্টোবৰৰ পৰা পাঁচদিন ধৰি ফুলগুৰিত ৰাইজমেল পাতিলে। প্রথমদিনা সমবেত হোৱা প্ৰায় ১০০০ কৃষকৰ প্ৰায় আধাখিনিয়েই লাঠিৰ কোব খাইছিল। ১৮ অক্টোবৰ তাৰিখে মেলত প্ৰায় ৪০০০ ৰাইজ সমৱেত হৈছিল। উপায়ুক্ত হার্বার্ট স্কন্সে সহকাৰী উপায়ুক্ত লেফটেনেণ্ট ছিংগাৰক সভাস্থলীলৈ পঠিয়ালে।

ছিংগাৰে ৰাইজমেলৰ থলীত উপস্থিত হৈ মেল ভাঙিবলৈ আদেশ দি বিদ্রোহীসকলৰ সৈতে তর্ক যুদ্ধত লিপ্ত হয়। তেওঁ লাঠিৰে সুসজ্জিত কৃষকসকলক লাঠি আঁতৰাই থৈ মেল ভাঙি ঘৰা-ঘৰি উভতি যাবলৈ নিৰ্দেশ দিয়ে। কৃষকসকলে তেনে নকৰাত তেওঁ পুলিচক লাঠিসমূহ কাঢ়ি লবলৈ আদেশ দি নিজেও সেইটো কৰিবলৈ ধৰে। ফলত দুয়ো পক্ষৰ মাজত টনা-আঁজোৰা লাগে আৰু সেই অৱস্থা চলি থাকোঁতেই বাহু ডোম নামৰ কৃষক এজনে ছিংগাৰৰ মূৰত পূৰ্ণহতীয়া কোব শোধাই তেওঁক মাটিত বগৰাই দিয়ে।

লগে লগে অন্যান্য কৃষকেও তেওঁক আক্ৰমণ কৰি কোবাই কোবাই তেওঁৰ আধা-মৰা আধা জীয়া দেহটো ওচৰৰে কলং নদীৰ পানীত পেলাই দিয়ে। ছিংগাৰৰ এই অৱস্থা দেখি পুলিচে ঘটনাস্থলীৰপৰা পলাই পত্ৰং দিয়ে। এই ঘটনাৰ প্ৰায় ৬ দিন পিছত সেই মাহৰে ২৪ তাৰিখে জাগী থানাৰ দাৰোগাই জাগীৰ কলং নদীৰপৰা ছিংগাৰৰ মৃতদেহটো উদ্ধাৰ কৰি বিদ্ৰোহৰ বাতৰি পাই জিলাধিপতিয়ে জিলা সদৰৰপৰা এটি পুলিচ বাহিনী ফুলগুৰিলৈ প্ৰেৰণ কৰিছিল যদিও বিদ্রোহীসকলৰ আক্ৰমণত তিষ্ঠিব নোৱাৰি তাৰপৰা পলাই গৈছিল। গুৱাহাটীলৈ প্ৰেৰণ কৰে। এই ঘটনাকে ইতিহাসৰ পাতত ফুলগুৰি ধাৱা নামেৰে অভিহিত কৰা হয়। এই ঘটনাৰ পিছত বহুতো কৃষকক কৰ্তৃপক্ষই ছিংগাৰক হত্যা কৰা অপৰাধত গ্ৰেপ্তাৰ কৰে। হেজাজনক ৰহা আৰু ফুলগুৰিত অস্থায়ী কাৰাগাৰত কেইবামাহো ধৰি আটক কৰি দণ্ডিত কৰিছিল। চৰকাৰী ভাষ্য মতে মুঠতে ৪১ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। তাৰে ৰাখে। বিচাৰত লক্ষ্মণ ডেকা, চংবৰ লালুং, ৰংবৰ ডেকাক নগাঁও জেলত মৃত্যুদণ্ডেৰে ৯ জন অভিযুক্ত লোকক বিচাৰ কৰি ৬ জনক দ্বীপান্তৰিত আৰু ২ জনক চৈধ্য বছৰৰ বাবে ৰাজ্যৰ পৰা বহিষ্কাৰ কৰিছিল।

সামগ্রিকভাৱে এই বিদ্ৰোহ সফল হৈছিল বুলি ক’ব পাৰি, কাৰণ বিদ্ৰোহৰ পিছত চৰকাৰে আৰু কেতিয়াও পাণ খেতিৰ ওপৰত কৰ বহুওৱা নাছিল।

প্রশ্ন ৬। ১৮৯৪ চনত উত্তৰ কামৰূপত সংঘটিত হোৱা কৃষক বিদ্রোহ সম্পর্কে আলোচনা কৰা। নাইবা, ব্ৰিটিছৰ শাসন কালত ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিভিন্ন ঠাইত হোৱা কৃষক বিদ্ৰোৰ কাৰণ আৰু ফলাফলসমূহ আলোচনা কৰা। [HSLC 2012]

উত্তৰঃ অসমৰ চীফ কমিছনাৰ ৱাৰ্ডে ১৮৯১ চনত ১০০ শতাংশ খাজনা বৃদ্ধি কৰি কঠোৰ হাতেৰে খাজনা সংগ্ৰহৰ ব্যৱস্থা কৰাত অসমৰ কৃষকসকল উত্তেজিত হৈ পৰিছিল। কামৰূপ জিলাৰ ৰঙিয়া, লছিমা আৰু নলবাৰীৰ কৃষকসকলে চৰকাৰক খাজনা পৰিশোধ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। উত্তৰ কামৰূপৰ বিভিন্ন অঞ্চলত শ শ কৃষক ৰাইজমেলত মিলিত হৈ বৰ্ধিত হাৰত খাজনা নিদিবলৈ সংকল্পবদ্ধ হৈছিল। ১৮৯৩ চনৰ ডিচেম্বৰ মাহত ৰঙিয়া আৰু তাৰ ওচৰ-পাজৰৰ কেবা শ কৃষকে ৰঙিয়া আৰু তামোলপুৰৰ তহচিলদাৰ ৰাধানাথ বৰুৱাক কেবাবাৰো লঘু-লাঞ্চনা কৰাৰ উপৰিও ৰঙিয়া হাটৰ ঘৰ-দুৱাৰ বিধস্ত কৰি লণ্ড ভণ্ড কৰাৰ লগতে মাৰোৱাৰী সুদখোৰ মহাজনৰ হাতত থকা মাটি বন্ধকীৰ নথি-পত্র লুট কৰিছিল ৷ নলবাৰীৰ ওচৰৰ ৰাইজ কদমতল বোলা ঠাইত অনুষ্ঠিত এখন ৰাইজমেলৰ সিদ্ধান্ত অনুযায়ী ১৮৯৪ চনৰ ১০ জানুৱাৰীৰ দিনা উত্তৰ কামৰূপৰ হাজাৰ হাজাৰ কৃষকৰ উপস্থিতিত ৰঙিয়াত এক বিশাল ৰাইজমেল অনুষ্ঠিত কৰা হৈছিল। কন গোসাঁই বোলা মুখীয়াল লোক এজনে এই ৰাইজমেলত সভাপতিত্ব কৰিছিল বুলি জনা যায়। ৰাইজ মেলত বাধা প্রদান কৰিবলৈ কামৰূপ জিলাৰ জিলাধিপতি আৰ. বি. মেকাবে আৰু ৰেইলী নামৰ পুলিচ বিষয়া এজনে ১০ জানুৱাৰীৰ পূৰ্বৰেপৰাই অৱস্থান কৰি আছিল। ফলশ্ৰুতিত ৰাইজমেলত উপস্থিত হোৱা কৃষক আৰু চৰকাৰ— এই দুয়ো পক্ষৰ মাজত সংঘৰ্ষ অনিবাৰ্য হৈ পৰিছিল। চৰকাৰী ভাষ্যমতে এই সংঘৰ্ষত কোনো লোক হতাহত হোৱা নাছিল। কিন্তু সেই অঞ্চলত প্রচলিত জনশ্রুতি মতে তাত কেবাজনো কৃষকৰ মৃত্যু হৈছিল আৰু বৰ্তমান হৰদত্ত-বীরদত্ত ভৱনৰ সন্মুখত থকা পৰিদৰ্শন ভৱন গঢ়ি তোলা ঠাইতে সেই মৃত কৃষকসকলক গাঁত খান্দি পুতি থোৱা হৈছিল। চৰকাৰে পুলিচৰ সহায়ত ৰঙিয়া অঞ্চলৰ বিদ্রোহ কঠোৰ হাতেৰে দমন কৰি খাজনা সংগ্ৰহ কৰিছিল। বৰমাৰ ৰাইজমেল বৰ শক্তিশালী আছিল আৰু তাত এই ৰাইজমেলৰ নেতৃত্বত লাঠিয়াল বাহিনী গঢ়ি তোলাৰ লগতে যোগাযোগৰ সুবিধাৰ বাবে ডাক-পিয়নৰ নিযুক্তি দি নিজস্ব চোৰাংচোৱা ব্যৱস্থাও গঢ়ি তুলিছিল। বজালী অঞ্চলত লাচিমা, চৌখুটী, পানাগাঁও, সৰ্থেবাৰী, পাটাছাৰকুচি আদিত হাজাৰ হাজাৰ কৃষকে ৰাইজমেলত যোগদান কৰিছিল। এই অঞ্চলৰ আটাইতকৈ বৃহৎ ৰাইজমেলখন বহিছিল পানীগাঁৱৰ চাপৰিত (পানীগাঁৱৰ টুপত)। তাত আনকি ৰঙিয়া, নলবাৰী, ধৰ্মপুৰ, বজালী আদি উত্তৰ কামৰূপৰ বিভিন্ন অঞ্চলৰ কৃষক মিলিত হৈছিল। এই ৰাইজমেলতেই ৰাইজৰ প্ৰতি অশালীন ব্যৱহাৰ কৰাৰ সাস্তিৰূপে বৰপেটাৰ তদানীন্তন মহকুমাধিপতি মাধৱ চন্দ্ৰ বৰদলৈক ৫ টকা জৰিমনা কৰি এৰি দিছিল। আনহাতে কাপলা গাঁৱত বলপূর্বক খাজনা আদায় কৰাৰ অপৰাধত ৰাইজে মৌজাদাৰ দাসোৰাম চৌধাৰী আৰু হলিৰাম মিশ্ৰ মণ্ডলক মাৰ-ধৰ কৰিছিল। এই মাৰ-ধৰৰ আঘাততেই শেহত কেইদিনমানৰ ভিতৰতে মণ্ডলজনৰ মৃত্যু হৈছিল। পানাগাঁওৰ ৰাইজমেলত পুষ্পৰাম কলিতা (বৃত্তিত কঁহাৰ) আৰু ব্যাসকুচিৰ সত্ৰাধিকাৰ যোগেশ্বৰ গোস্বামীয়ে মুখ্য ভূমিকা লৈছিল। কালা গাঁৱৰ ঘটনাৰ সৈতে জড়িত প্রায় ৭৫ জন লোকক পুলিচে গ্ৰেপ্তাৰ কৰি চৰকাৰী জিৰণি ঘৰত থকা মহকুমাধিপতি মাধৱ চন্দ্ৰ বৰদলৈৰ ওচৰলৈ লৈ গৈছিল। কিন্তু ওচৰ-পাজৰৰ বহুসংখ্যক কৃষকে তালৈ গৈ উপস্থিত হোৱাত বৰদলৈয়ে সকলোকে মুকলি কৰি দি বৰপেটালৈ আঁতৰি গৈছিল। জিলাধিপতি মেকাব চাহাবে ৩০ জনমান পুলিচ আৰু গোৰ্খা ৰেজিমেণ্টৰ লোকক লগত লৈ তাত উপস্থিত হৈ মুঠতে ৫৯ জন বিদ্রোহী কৃষকক গ্ৰেপ্তাৰ কৰিছিল। তেওঁ নিজেই এই বিদ্রোহীসকলৰ বিচাৰ কৰি যাক যেনেকৈ পাৰে শাস্তি বিহিছিল। লচিমাত কৃষক বিদ্রোহ সংগঠিত কৰা আৰু হলিৰাম মিশ্র মণ্ডলক মৰাৰ অপৰাধত উক্ত ১৬ জনক বিভিন্ন প্ৰকাৰৰ শাস্তি বিহা হৈছিল। পিছত কলিকতা হাইকোর্টৰ নির্দেশ মর্মে এইসকল লোকৰ শাস্তিৰ পৰিমাণ লাঘৱ কৰা হৈছিল। বিদ্ৰোহত নেতৃত্ব দিয়া আৰু অংশ গ্ৰহণ কৰাৰ অপৰাধত পুষ্পৰাম কলিতা, দেৱীদত্ত শৰ্মা, জয়ন্তী বেজ, নিভার্ষা কলিতা, নাউচাকু কলিতা আৰু মংগলু কলিতাই দুবছৰকৈ সশ্রম কাৰাদণ্ড ভোগ কৰিব লগা হৈছিল। এনেদৰে উত্তৰ কামৰূপৰ বিভিন্ন অঞ্চলত কৃষক বিদ্ৰোহ গা কৰি উঠিছিল।

৭। ১৮৯৪ চনত পথৰুঘাটত সংঘটিত হোৱা কৃষক বিদ্রোহ এটি খতিয়ান দাঙি ধৰা। [HSLC 2020]

উত্তৰঃ ১৮৯৪ চনৰ ২৮ জানুৱাৰী তাৰিখে দৰং জিলাৰ অন্তৰ্গত মঙলদৈ মহকুমাৰ পথৰুঘাটত সংঘটিত হোৱা কৃষক বিদ্ৰোহৰ বিষয়ে তলত আলোচনা কৰা হ’ল-

এই বিদ্রোহ সংঘটিত হৈছিল ১৮৯৪ চনৰ জানুৱাৰী মাহৰ ২৮ তাৰিখে। বর্ধিত হাৰত ভূমিৰ খাজনা নিৰ্ধাৰণৰ বাবেই মংগলদৈ মহকুমাৰ কলাইগাঁও, মংগলদৈ, ছিপাঝাৰ আৰু পথৰুঘাট তহচিলৰ কৃষকসকলে ৰাইজমেলত মিলিত হৈ বিদ্ৰোহৰ পাতনি মেলিছিল। মংগলদৈৰ মহকুমাধিপতি ৰেনছমে কৃষকসকলৰ গতিবিধি লক্ষ্য কৰি তেজপুৰৰ জিলা সদৰলৈ সময়ে সময়ে খা-খবৰ পঠিয়াই আছিল। কৃষকসকলে নিজ-নিজ এলেকাত ৰাইজমেল অনুষ্ঠিত কৰাৰ পিছত পথৰুঘাটত জানুৱাৰী মাহৰ ২৬ তাৰিখৰপৰা ২৮ তাৰিখলৈ তিনি দিনীয়াকৈ এখন বৃহৎ বাইজমেল পতাৰ সিদ্ধান্ত লৈ তাত গোট খাবলৈ লৈছিল। অঞ্চলটোৰ তহচিলদাৰসক্লৰপৰা পথৰুঘাটৰ এই প্রস্তাৱিত ৰাইজমেলৰ প্ৰস্তুতিৰ সম্ভেদ পাই মহকুমাধিপতিয়ে জিলাধিপতি জে. সি. এন্দাৰছনক সেই সম্পর্কে ইতিমধ্যে অৱগত কৰি থৈছিল। গতিকে তেওঁ বিদ্রোহ দমনাৰ্থে পুলিচ আৰু সামৰিক বাহিনীৰ মুঠতে ৩২ জন লোকক লৈ পুলিচ অধীক্ষক জে. আৰ. বেৰিংটনৰ সৈতে ২৬ তাৰিখেই পথৰুঘাটলৈ যাত্ৰা কৰিছিল আৰু পিছদিনাখন তাত উপস্থিত হৈছিল। পুলিচ-মিলিটাৰীৰ উপস্থিতিয়ে পৰিস্থিতি অধিক উত্তেজিত কৰি তুলিছিল। বিশেষকৈ পুলিচৰ সহায়ত খাজনা নিদিয়া কৃষকৰ সম্পত্তি বাজেয়াপ্ত কৰি অনা কাৰ্যই ৰাইজমেলত সমৱেত কৃষকৰ মাজত তীব্র উত্তেজনাৰ সৃষ্টি কৰে আৰু উভয় পক্ষৰ মাজত এক তয়াময়া সংঘৰ্ষৰ সৃষ্টি হয়। উত্তেজিত কৃষকসকলে বেষ্ট কেম্পৰ ফালে ধাবমান হয়। তেনেদৰে যোৱা প্ৰায় সকলো কৃষকৰেই হাতত আছিল লাঠি-টোকোন আৰু বাঁহৰ কামী। কৃষকসকলে এইদৰে সদলবলে গৈ ৰেষ্ট কেম্পৰ সন্মুখত উপস্থিত হোৱাত জিলাধিপতিয়ে কৃষকসকলক তাৰপৰা লগতে ৰাইজমেলৰপৰা তৎকালেই ঘৰা-ঘৰি উভতি যাবলৈ কঢ়া নির্দেশ দিয়ে। তাৰ অন্যথা কৰিলে শক্তি প্ৰয়োগ কৰি হ’লেও তেওঁলোকক ৰাইজমেলৰপৰা আঁতৰাই গঠিওৱা হ’ব বুলি জনাই দিয়ে। কিন্তু কৃষকসকল নাছোড়বান্দা। তেওঁলোক তাতেই অৱস্থান কৰি থকাত জিলাধিপতি এন্দাছনে পুলিচ অধীক্ষক বেৰিংটনক শক্তি প্ৰয়োগ কৰি হ’লেও কৃষকসকলক ৰেষ্ট কেম্পৰ সমীপৰপৰা ওচৰৰ মুকলি ঠাইলৈ খেদি পঠিয়াবলৈ নির্দেশ দিয়ে। সেইমতে পুলিচ অধীক্ষকে শক্তি প্রয়োগ কৰি কৃষকসকলক খেদি নিছিল যদিও তেওঁলোকে জিলা প্রশাসনিক বিষয়াসকলক পুনৰ ৰেষ্ট কেম্পলৈ ঠেলি-হেঁচুকি লৈ আহিছিল। কৃষকসকলক পুনৰ খেদি পঠিয়াবলৈ চেষ্টা কৰাত তেওঁলোকে উত্তেজিত হৈ জিলা প্রশাসনিক বিষয়াসকলৰ ওপৰত আক্ৰমণ কৰিবলৈ ধৰে। তেওঁলোকৰ অস্ত্ৰ আছিল কেৱল লাঠি- টোকোন, বাঁহৰ কামী আৰু দলি-চপৰা। কৃষকসকলৰ আক্রমণত জিলা প্রশাসনিক বিষয়াসকলৰ লগতে পুলিচ-মিলিটাৰীৰ লোকেও ধোঁৱা-কোঁৱা দেখিছিল। দলি-চপৰাৰ খুন্দাত কোনেও চকু মেলিব পৰা নাছিল। তেনে অৱস্থাত জিলাধিপতি এন্দাবছনে পুলিচ অধীক্ষক বেৰিঙটনক পুলিচ-মিলিটাৰীক গুলী চলাবলৈ নিৰ্দ্দেশ দি ৰেষ্ট কেম্পলৈ দ্রুত বেগে উভতি আহিবলৈ কৈছিল। চৰকাৰীপক্ষই সেইদৰে ৰেষ্ট কেম্পলৈ উভতি গৈ থাকোঁতে কৃষকসকলৰ ওপৰত অহৰহ গুলীবৰ্ষণ কৰি গৈছিল। তেওঁলোকে ৰেষ্ট কেম্পত গৈ নিৰাপদ অনুভৱ কৰাৰ পিছত পুনৰ বিদ্ৰোহী কৃষকসকলৰ ওপৰত নির্বিচাৰে গুলীবৰ্ষণ কৰি সম্পূৰ্ণৰূপে বিদ্ৰোহ নিপাত কৰাত লাগি গৈছিল। আবেলিলৈ এই তীব্র অথচ একপক্ষীয় সামৰিক সংঘৰ্ষৰ অন্ত পৰাত জিলা প্রশাসনিক বিষয়াসকলে স্বস্তিৰ নিশ্বাস পেলাইছিল। পথৰুঘাটত চৰকাৰ পক্ষৰ আক্ৰমণত ভালেমান বিদ্রোহী কৃষক নিহত হৈছিল। আনহাতে চৰকাৰী পক্ষত কোনো লোক নিহত হোৱা নাছিল। চৰকাৰী হিচাপ মতে পুলিচ-মিলিটাৰীৰ আক্ৰমণত কৃষকসকলৰ ১৫ জনে মৃত্যুবৰণ কৰিছিল আৰু অন্যান্য ৩৭ জনে আঘাত পাইছিল। আনহাতে বেচৰকাৰী তথ্য মতে এই বিদ্রোহত মুঠতে ১৪০ জন কৃষকৰ মৃত্যু হোৱাৰ উপৰিও প্ৰায় ১৫০ জন আঘাতপ্রাপ্ত হৈছিল। পথৰুঘাটৰ এই কৃষক বিদ্রোহ সাম্রাজ্যবাদী চৰকাৰে বৰ কঠোৰ হাতেৰে দমন কৰিছিল। জিলাধিপতি এন্দাছনে স্বীকাৰ কৰি গৈছে, ‘কৃষকসকলৰ ওপৰত জাপি দিয়া শাস্তি বৰ কঠোৰ আছিল আৰু মই আশা আৰু বিশ্বাস কৰোঁ যে এই এটা বৰ ফলদায়ক আছিল’। চৰকাৰী ভাষ্য মতে ৰাইজমেল তথা বিদ্ৰোহত অংশ গ্ৰহণ কৰাৰ অপৰাধত মুঠতে ৩৭ জন কৃষকক গ্ৰেপ্তাৰ কৰি বিচাৰ কৰা হৈছিল। বিচাৰ কাৰ্য সমাধা কৰিছিল মংগলদৈৰ মহকুমাধিপতি ৰেনছম চাহাবে। তেওঁ গ্ৰেপ্তাৰ কৰা লোকসকলৰ ভিতৰত আকলু শ্বেখ আৰু অন্যান্য ৬ জনক শাস্তি বিহি বাকীসকলক মুকলি কৰি দিছিল ৷ পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ কাহিনী নৰোত্তম দাসে (ছদ্মনাম) তেওঁৰ দ্বাৰা ৰচিত “দলি- পুৰাণ’ত বিস্তাৰিতভাৱে লিপিবদ্ধ কৰি থৈ গৈছে।

এই বিদ্ৰোহৰ অস্ত পৰাৰ লগে লগে অসমত ব্ৰিটিছ সাম্রাজ্যবাদ বিৰোধী ঊনবিংশ শতিকাৰ কৃষক বিদ্ৰোহৰ সামৰণি পৰিছিল।

প্রশ্ন ৮। ১৮৫০ চনত ব্ৰিটিছৰ বিৰুদ্ধে জয়ন্তীয়াসকলে কৰা বিদ্ৰোহৰ বিষয়ে এটি টোকা লিখা।

[HSLC 2017, 2020]

উত্তৰঃ ১৮৩৫ চনত জয়ন্তীয়া পাহাৰ কোম্পানীৰ ৰাজ্যৰ সৈতে চামিল কৰাত স্বাভাৱিকতে স্বাধীনচেতা জয়ন্তীয়া জনজাতিসকল বিক্ষুব্ধ হৈ আছিল। এনেতে ১৮৬০ চনত জয়ন্তীয়াসকলৰ ওপৰত চৰকাৰে ঘৰমূৰি আৰু পিছৰ বছৰত আয়কৰ প্ৰৱৰ্তন কৰাত তেওঁলোকৰ মাজত ব্যাপক অসন্তুষ্টি আৰু উত্তেজনাৰ সৃষ্টি হৈছিল। ব্ৰিটিছৰ ৰাজহ নীতিৰ উপৰিও জয়ন্তীয়া লোকসকলে তেওঁলোকৰ চৰ্দাৰ আৰু দলৈসকলৰ সৈতে গাঁও সভাত মিলিত প্ৰৱৰ্তন কৰা নিষেধাজ্ঞাইও তেওঁলোকক ব্ৰিটিছ বিদ্বেষী কৰি তুলিছিল। এনে পৰিস্থিতিত উপৰিও জয়ন্তীয়াসকলৰ ধৰ্মীয় আৰু পৰম্পৰা অনুযায়ী চলি অহা অনুষ্ঠানসমূহৰ ওপৰত ‘হৈ ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহৰ প্ৰস্তুতি চলাইছিল। আঁতৰাই থৈ বিদ্ৰোহৰ সূচনা কৰে৷ জোৱাইত সংঘটিত বিদ্ৰোহৰ বাতৰি অন্যান্য অঞ্চলত প্ৰথমতে তেওঁলোকে ঘৰমূৰি কৰ প্ৰৱৰ্তন কৰাৰ সময়তে জোৱাইৰ তহচিলদাৰজনক সদৰী হৈ পৰাত বিশেষকৈ জয়ন্তীপুৰ, মূলাগোল, জাফলং, ছেৰা আদিতো বিদ্ৰোহৰ বা বলিবলৈ আৰম্ভ কৰে। কিন্তু চৰকাৰে বিদ্ৰোহীসকলৰ প্ৰতি কঠোৰ নীতি লোৱাত ১৮৬১, চনত ওকিয়াং নংবাহৰ নেতৃত্বত সমগ্ৰ জয়ন্তীয়া লোক ব্ৰিটিছ বিৰোধী বিদ্ৰোহত চামিল হৈ পৰিছিল। জয়ন্তীয়াসকলৰ চৰ্দাৰ আৰু দলৈসকলে জোৱাইৰ ওচৰত এক গুৰুত্বপূৰ্ণ সভাত মিলিত হৈ জয়ন্তীয়া পাহাৰৰপৰা ব্ৰিটিছৰ ৰাজনৈতিক কৰ্তৃত্ব ওফৰাই পেলাই তাত পুনৰ জয়ন্তীয়াসকলৰ স্বাধিকাৰ প্ৰতিষ্ঠাৰ বাবে সংকল্পবদ্ধ হৈছিল। এই ঘটনা ব্ৰিটিছ বিৰোধী জয়ন্তীয়া বিদ্ৰোহৰ এক প্ৰধান বিৱৰ্তন বিন্দুৰূপে পৰিগণিত হৈ আহিছে। বিদ্ৰোহৰ সকলো প্রস্তুতি সম্পূৰ্ণ কৰাৰ পিছত জয়ন্তীয়াসকলে ১৮৬২ চনৰ ১৭ জানুৱাৰী তাৰিখে জোৱাইত থকা ব্ৰিটিছ ছাউনীত অতর্কিতে আক্রমণ কৰে। আক্রান্ত ব্ৰিটিছ চাউনীলৈ কোনো ফালৰপৰা যাতে সামৰিক সাহায্য আহিব নোৱাৰে তেওঁলোকে তাৰো পূর্ব প্রস্তুতি কৰি ৰাখিছিল৷ সেইমৰ্মে তেওঁলোকে জোৱাই-ছেৰাপুঞ্জী আৰু ছোপুঞ্জী – জয়ন্তীপুৰৰ মাজৰ দুয়োটা পথকেই আগতীয়াকৈ অৱৰোধ কৰি ৰাখিছিল। বিদ্রোহ দমন কৰিবলৈ চৰকাৰে নিয়োগ কৰা ৪৪ নং দেশীয় পদাতিক আৰু ৩৩ নং বেংগল মিলিটাৰী পুলিচ বাহিনীৰ লোকে জয়ন্তীয়াসকলৰ ওপৰত অমানুষিক অত্যাচাৰ আৰম্ভ কৰিছিল। সিহঁতে জয়ন্তীয়া সকলৰ গাঁও, ঘৰ-বাৰী আৰু শস্য ভঁৰালসমূহ বিধ্বস্ত কৰিছিল যদিও বিদ্রোহীসকলেও প্রতিপক্ষৰ অসংখ্যা লোকক হত্যা কৰিছিল। দুয়োপক্ষৰ মাজত তীব্র সংঘর্ষ অব্যাহত থকা অৱস্থাতেই কোম্পানীৰ চৰকাৰে ইষ্টার্ন কামাণ্ডৰ ব্রিগেডিয়াৰ-জেনেৰেল জি. ডি. শ্বাৱাৰ্ছক সমগ্ৰ জয়ন্তীয়া পাহাৰৰ ওপৰত সামৰিক আৰু অসামৰিক ক্ষমতা আৰু কৰ্তৃত্ব প্ৰদান কৰাৰ লগতে বি. ডবলিউ. ডি. মর্টনক খাচী- জয়ন্তীয়া পাহাৰৰ ডেপুটি কমিছনাৰ নিয়োগ কৰিছিল। ইপিনে উপর্যুপৰি হোৱা চৰকাৰী আক্ৰমণত লাহে লাহে বিদ্রোহীসকলৰ শক্তি হ্রাস হৈ অহাত চৰকাৰে তেওঁলোকৰ অনুগত দুই-এজন জয়ন্তীয়া মুখিয়াল লোকৰ মধ্যস্থতাত বিদ্রোহীসকলৰ সৈতে শান্তি স্থাপনৰ বাবে চেষ্টা চলাইছিল। একে সময়তে তেওঁলোকে বিদ্রোহীসকলে স্বচ্ছাই আত্মসমৰ্পণ কৰিলে সাধাৰণ ক্ষমা দান কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও ওকিয়াং নংবাহক কোনো লোকে জীৱন্তে ধৰি দিব পাৰিলে তেওঁক ১০০০ টকাৰ পুৰস্কাৰ দিয়াৰ কথা ঘোষণা কৰিছিল। অৱশেষত ওকিয়াং নংবাহ ব্ৰিটিছৰ হাতত ধৰা পৰে আৰু ব্ৰিটিছে তেওঁক জোৱাইত ভালেমান লোকৰ উপস্থিতিত ফাঁচি দি হত্যা কৰিছিল। এই ঘটনাৰ পিছত ১৮৬৩ চনৰ ভিতৰতে আন ভালেমান বিদ্রোহীয়েও আত্মসমর্পণ কৰাত লাহে লাহে জয়ন্তীয়া বিদ্ৰোহৰ অন্ত পৰে।

প্রশ্ন ৯। ১৮৯১ চনত মণিপুৰৰ টিকেন্দ্ৰজিতৰ নেতৃত্বত ব্ৰিটিছৰ বিৰুদ্ধে হোৱা বিদ্ৰোহৰ বিষয়ে লিখা।

উত্তৰঃ ১৮৯১ চনত মণিপুৰৰ টিকেন্দ্ৰজিতৰ নেতৃত্বত ব্ৰিটিছৰ বিৰুদ্ধে হোৱা বিদ্রোহটো হ’ল মণিপুৰৰ বিদ্রোহ। মণিপুৰ ৰাজ্য অসম প্ৰশাসনৰ বাহিৰত আছিল। মণিপুৰত সিংহাসন লাভৰ বাবে ১৮৯০ চনত ৰাজপৰিয়ালৰ সদস্যসকলৰ মাজত এক গৃহ কন্দলৰ সৃষ্টি হৈছিল। ১৮৯০ চনৰ ২১ ছেপ্তেম্বৰত ইংৰাজৰ উপস্থিতিৰ সুবিধা লৈ যুৱৰাজ কুলচন্দ্ৰই মহাৰাজ সুৰচন্দ্ৰক সিংহাসনচ্যুত কৰি নিজেই ৰজা হয়। কিন্তু তলে তলে চলি থকা ব্ৰিটিছ বিৰোধী বিদ্ৰোহৰ মূল নেতা সেনাপতি টিকেন্দ্ৰজিতক দেশান্তৰিত কৰিবলৈ নতুন ৰজা কুলচন্দ্ৰক হেঁচা প্ৰয়োগ কৰিছিল। কিন্তু দেশৰ স্বাধীনতা ৰক্ষাৰ হকে কাম কৰা জনপ্রিয় নেতাজনক ব্ৰিটিছৰ কথা মতে দেশান্তৰিত কৰাটো কুলচন্দ্ৰৰ বাবে সহজ নাছিল। সেয়েহে অসমৰ চীফ কমিছনাৰ জে ডব্লিউ কুইন্টন আৰু চাৰিজন ইউৰোপীয় বিষয়াই তেওঁক ধৰিবলৈ নিজেই অহাত স্বাধীনতা প্রয়াসী মণিপুৰীসকলে আটাইকেইজনকে হত্যা কৰে। এই ঘটনাৰ প্ৰতিশোধ ল’বলৈ এটা শক্তিশালী সৈন্য বাহিনী মণিপুৰলৈ পঠিয়ায়। ইংৰাজ বাহিনীয়ে বীৰ সেনাপতি টিকেন্দ্রজিতক ধৰিবলৈ সক্ষম হয়। ব্ৰিটিছ বিষয়াক হত্যা কৰা, ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰাৰ অপৰাধত টিকেন্দ্ৰজিতক ফাঁচী দিয়া হয় ৷ ৰজা কুলচন্দ্ৰক নির্বাসন দণ্ড দিয়া হয়। এজন মণিপুৰী কোঁৱৰ নাবালক চুড়চন্দ্ৰক ১৮৯১ চনৰ ছেপ্টেম্বৰ মাহত ৰজা ঘোষণা কৰা হয়। ব্ৰিটিছ চৰকাৰৰ প্রতিনিধিজনক নাবালক হোৱা বাবে মণিপুৰৰ প্ৰশাসনিক দায়িত্ব ব্ৰিটিছে লয়। মণিপুৰে আঢ়ৈ লাখ টকা বিদ্ৰোহৰ ক্ষতিপূৰণ ব্ৰিটিছ চৰকাৰক দিয়াৰ উপৰিও বছৰি ৫০,০০০ টকা পৰিশোধ কৰিব লগা হয়। এইদৰে মণিপুৰ ৰাজ্যত ইংৰাজৰ অধিপত্য স্থাপিত হৈছিল।

চমু টোকা লিখা :

প্রশ্ন ১। অসমত ইংৰাজে প্ৰৱৰ্তন কৰা ৰাজহ ব্যৱস্থা। [HSLC 2022]

উত্তৰঃ অসমত ইংৰাজে প্ৰৱৰ্তন কৰা টকাৰ মাধ্যমত মাটিৰ খাজনা আৰু অন্যান্য কৰ- কাটল সংগ্ৰহৰ ব্যৱস্থাই অসমীয়া প্ৰজাৰ অৱস্থা অধিক শোচনীয় কৰি তুলিছিল। ব্ৰিটিছ চৰকাৰৰ নতুন ভূমি ৰাজহ বৃদ্ধিৰ নীতি আৰু মুদ্ৰা অৰ্থনীতিয়ে অসমীয়া সৰ্বসাধাৰণ মানুহৰ মনত তীব্র অসন্তুষ্টিৰ সৃষ্টি কৰিছিল। ইংৰাজৰ ৰাজহ ব্যৱস্থাত মুদ্ৰা অৰ্থনীতিৰ প্ৰচলনৰ উপৰিও আন কিছুমান কাৰকে অসমীয়া প্ৰজাৰ অৱস্থা শোচনীয় কৰি তুলিছিল। উদাহৰণস্বৰূপে অসমত ব্ৰিটিছ শাসনে কুটীৰ শিল্পৰ অৱনতি ঘটাইছিল। ইংৰাজে উজনি অসমত চাহ বাগিচা স্থাপন কৰি চাহ বাগিচাৰ অন্তৰ্গত ভূমিৰ খেতিয়ক সকলক ৰাজহ ৰেহাই দিছিল। কিন্তু ভূমি ৰাজহৰ বোজা দুখীয়া সাধাৰণ কৃষকে বহন কৰিবলগীয়া হৈছিল। ব্ৰিটিছ চৰকাৰৰ নতুন ভূমি ৰাজহ নীতিয়ে অসমত সুদখোৰ মহাজন শ্ৰেণীৰ সৃষ্টি কৰিছিল আৰু অসমীয়া প্ৰজাই এই সুদখোৰ মহাজন শ্রেণীৰ পৰা টকা ধাবলৈ লৈ হ’লেও ভূমি ৰাজহ চৰকাৰক দিবলৈ বাধ্য হৈছিল।

প্রশ্ন ২। মণিৰাম দেৱান

উত্তৰঃ মণিৰাম বৰভাণ্ডাৰ বৰুৱাই মণিৰাম দেৱান নামেৰে পৰিচিত হৈছিল। ১৮২৮ চনত ব্ৰিটিছে তেওঁক ‘ৰাজহৰ হিচাপ ৰক্ষক’ হিচাপে যোৰহাটত নিযুক্তি দিয়ে। এই পদবীত থাকোতে তেওঁ ৰাজহ বিভাগৰ বহুখিনি সংস্কাৰ সাধন কৰিছিল। ১৮৪৪ চনত তেওঁ এই পদবীৰ পৰা ইস্তফা দি নিজেই যোৰহাটত চাহ বাগিচা খুলিছিল। কিন্তু ইংৰাজ চাহ খেতিয়কে লাভ কৰাৰ দৰে ৰাজহৰ ক্ষেত্ৰত তেওঁ ব্ৰিটিছ চৰকাৰৰ পৰা ৰেহাই পোৱা নাছিল। ব্ৰিটিছ শাসনৰ অধীনত তেওঁৰ জীৱনৰ উন্নতি কোনো প্ৰকাৰে হোৱা নাছিল। সেয়েহে তেওঁ আহোম ৰাজতন্ত্র পুনৰ প্ৰতিষ্ঠা কৰিলেহে নিজৰ অৱস্থা ভাল হ’ব বুলি ভাবিছিল। ১৮৫৩ চনত যেতিয়া কলিকতা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ মফট মিলছে অসমৰ প্রশাসন ব্যৱস্থাৰ বিষয়ে অনুসন্ধান কৰিবলৈ অসমলৈ আহিছিল তেতিয়া মণিৰাম দেৱানে ৰাইজৰ সুবিধাৰ বাবে দুখন আবেদন পত্র মিলছ চাহাবক দিছিল। মিলে দেৱানৰ আবেদনখনৰ প্রতি কোনো ধৰণৰ সঁহাৰি জনোৱা নাছিল। সেইবাবে দেৱান ইংৰাজৰ সম্পূৰ্ণ বিৰোধী হৈ পৰিছিল আৰু ভাৰতীয় সৈন্যৰ সহযোগত বিদ্ৰোহ কৰি ব্ৰিটিছ শাসন অন্ত পেলোৱাৰ চেষ্টা কৰিছিল। তেওঁ কলিকতাৰ পৰা কিছু গোপন পত্ৰ যোৰহাটত থকা কন্দৰ্পেশ্বৰ সিংহ আৰু অন্যান্য বিশ্বাসী লোকলৈ প্ৰেৰণ কৰিছিল। সেই পত্ৰ সমূহত তেওঁ ডিব্ৰুগড় আৰু গোলাঘাটত অৱস্থান ভাৰতীয় সৈন্যসকলৰ লগত যোগাযোগ কৰি বিদ্ৰোহ আৰম্ভ কৰিবলৈ উপদেশ দিছিল। কিন্তু দুর্ভাগ্যক্রমে এই সকলো গোপন চিঠি শিৱসাগৰ জিলাৰ বিষয়া কেপ্তেইন হলৰইডে ধৰা পেলায় আৰু মণিৰাম দেৱানক লগে লগে কলিকতাত গ্ৰেপ্তাৰ কৰা হয়। মণিৰাম দেৱানক ১৮৫৮ চনৰ ১৬ ফেব্ৰুৱাৰীত যোৰহাট কাৰাগাৰত ফাঁচীকাঠত ওলমায় ।

প্রশ্ন ৪। লচিমাৰ কৃষক বিদ্রোহ :

উত্তৰঃ ব্ৰিটিছৰ প্ৰশাসনৰ দমনমূলক ব্যৱস্থাৰ পিছতো কামৰূপ জিলাৰ কৃষক বিদ্ৰোহ বিভিন্ন অঞ্চললৈ বিয়পি পৰিছিল। লচিমা, চৌখুতী, পানীগাঁও আদিত হেজাৰ হেজাৰ কৃষকে ৰাইজমেলত যোগদান কৰিছিল। ১৮৯৪ চনৰ ২১ জানুৱাৰী দিনা সৰুক্ষেত্ৰী মৌজাৰ লচিমাৰ ওচৰত কাপ্লাগাঁৱত মৌজাদাৰ দাসোৰাম চৌধুৰী আৰু মণ্ডল হলিৰাম মিশ্ৰই খাজনা, সংগ্ৰহৰ বাবে যাওঁতে দুয়োকে বাইজে বেয়াকৈ মাৰপিট কৰে। ঘটনাস্থলীত উপস্থিত হৈ বৰপেটাৰ মহকুমাধিপতি মাধৱ চন্দ্ৰ বৰদলৈয়ে ৭৫ জন লোকক আটক কৰি তেওঁৰ লচিমাৰ জিৰণি শিবিৰলৈ লৈ যায়। প্রায় ৩০০০ লোকে শিবিৰৰ চাৰিওফালে ঘেৰাও কৰি জ্বলাই দিয়াৰ ভাবুকি দিয়াত তেওঁ আটক কৰা বন্দীসকলক মুক্তি কৰি দিয়ে। পিছদিনা উপায়ুক্ত মেক কেবে ৩০ জনমান পুলিচ আৰু গোৰ্খা ৰেজিমেণ্টৰ লোকক লগত লৈ তাত উপস্থিত হৈ মুঠতে ৫৯ জন বিদ্রোহী কৃষকক গ্ৰেপ্তাৰ কৰি তেওঁলোকক অস্থায়ী জেলত ভৰাই থয়। ২৫ তাৰিখৰ আবেলি প্রায় ৬০০০ লোকে বন্দীসকলৰ মুক্তি বিচাৰি ৬০০০ লোকৰ স্বাক্ষৰিত এখন আবেদন উপায়ুক্তৰ শিবিৰত দাখিল কৰিছিল। কিন্তু মেক কেবে আবেদনখনৰ প্ৰতি কোনো সঁহাৰি নজনালে আৰু শক্তি প্রয়োগ কৰি ৰাইজক খেদি পঠায়। উপায়ুক্তই বন্দীসকলক গৰুৰ দৰে কান্ধত যুঁৱলি দি হাল টনাই ৰাইজক দৃষ্টান্ত দেখুৱাইছিল যাতে ভৱিষ্যতে কোনেও বিদ্ৰোহ কৰিবলৈ সাহস নকৰে। লচিমাত কৃষক বিদ্রোহ সংগঠিত কৰা আৰু হলিৰাম মিশ্র মণ্ডলক মৰাৰ অপৰাধত ১৬ জনক বিভিন্ন শাস্তি দিয়া হৈছিল। বিদ্ৰোহত নেতৃত্ব দিয়া আৰু অংশগ্ৰহণ কৰাৰ অপৰাধত পুষ্পৰাম কলিতা, দেৱী দত্তশৰ্মা, জয়ন্তী বেজ আদিয়ে দুবছৰকৈ কাৰাদণ্ড ভোগ কৰিবলগীয়া হৈছিল।

প্রশ্ন ৫। পথৰুঘাটৰ ৰণ :

উত্তৰঃ ওপৰৰ ৭ নং প্রশ্নোত্তৰ চোৱা।

প্রশ্ন ৬। অসমত কৃষক বিদ্ৰোহৰ গুৰুত্ব :

উত্তৰঃ অসমত কৃষক বিদ্ৰোহৰ নেতৃত্ব প্ৰদান কৰিছিল ৰাইজমেল সমূহে। অসমত

কৃষক বিদ্ৰোহৰ গুৰুত্ব সমূহ হ’ল—

(ক) কৃষক তথা সৰ্বসাধাৰণক ৰাজনৈতিকভাৱে সচেতন কৰি তুলিবলৈ ৰাইজমেলসমূহে যথেষ্ট চেষ্টা কৰিছিল।

(খ) ৰাইজমেল সমূহ গাঁওবুঢ়া, দলৈ, গোসাঁই আদি সমাজৰ মুখীয়াল লোকসকলৰ তত্বাৱধানত গঢ়ি উঠিছিল।

(গ) ব্ৰিটিছৰ অৰ্থনৈতিক শোষণৰ বিৰুদ্ধে শোষিত কৃষক ৰাইজে কৰা অসমৰ প্ৰথম বিদ্ৰোহটোৱেই হৈছে ফুলগুৰিৰ ধাৱা ৷

(ঘ) ১৮৬১ চনৰ পৰা চলি অহা এলানি কৃষক বিদ্রোহে পৰৱৰ্তী সময়ত অসমীয়া জনগণক স্বাধীনতা সংগ্ৰামত অনুপ্ৰেৰণা যোগাইছিল ৷

(ঙ) ভৈয়াম অঞ্চলত হোৱা কৃষক বিদ্ৰোহৰ দৰে অসমৰ পাহাৰীয়া জনজাতি লোকসকলৰ মাজতো ব্ৰিটিছ শাসনৰ বিৰুদ্ধে তীব্র সংগ্রাম হৈছিল।

প্রশ্ন ৭। টিকেন্দ্রজিৎ

উত্তৰঃ ১৮৯০ চনত মণিপুৰৰ ৰাজ পৰিয়ালৰ সদস্যসকলৰ মাজত সিংহাসনক লৈ কাজিয়া হৈছিল। তেতিয়া তাৰ সেনাপতি আছিল টিকেন্দ্রজিৎ। টিকেন্দ্ৰজিৎ ইংৰাজ বিৰোধী আছিল। সেয়েহে চীফ কমিছনাৰে ইংৰাজ বিৰোধী টিকেন্দ্রজিতক তেওঁৰ ওচৰত হাজিৰ হ’বলৈ আদেশ দিছিল। কিন্তু তেওঁ হাজিৰ নহ’ল। পিছত কমিছনাবে টিকেন্দ্রজিতক পৰি আনিবলৈ সামৰিক লোকক প্ৰেৰণ কৰে। কিন্তু মণিপুৰৰ লোকসকলে সামরিক বাহিনীৰ ওপৰত অত্যাচাৰ কৰে। টিকেন্দ্ৰজিত আৰু তেওঁৰ লোকসকলৰ ওপৰত ইংৰাজ কর্তৃপক্ষ গভীৰ অসন্তুষ্ট হয় আৰু অৱশেষত ইংৰাজে মণিপুৰ দখল কৰে। মণিপুৰ দখল কৰাৰ পাছত ইংৰাজে টিকেন্দ্ৰজিতক গ্ৰেপ্তাৰ কৰে।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। শুদ্ধ উত্তৰটো বাছি উলিওৱা: (মূল্যাংক -১)

১। অসমত দাস প্রথা নিষিদ্ধ কৰা হৈছিল— [HSLC 2017]

(ক) ১৮৪০ চনত (খ) ১৮৪৩ চনত (গ) ১৮৪১ চনত (ঘ) ১৮৪৫ চনত

উত্তৰঃ (খ) ১৮৪৩ চনত।

২। মণিৰাম দেৱানৰ লগত আৰু কাক ফাঁচিকাঠত ওলমোৱা হৈছিল- [HSLC 2018, 2020]

(ক) জিউৰাম দুলীয়া বৰুৱাক (খ) পিয়লি বৰুৱাক

(গ) গোমধৰ কোঁৱৰক (ঘ) দুতিৰাম বৰুৱাক।

উত্তৰঃ (খ) পিয়লি বৰুৱাক।

৩। তলৰ কোনটো চনত বৃটিছসকলে অসমত দাস প্রথাৰ বিলুপ্তি ঘটাইছিল? [HSLC 2019]

(ক) ১৮৪৩ চনত (খ) ১৮৬০ চনত (গ) ১৮৫৭ চনত (ঘ) ১৮৬৩ চনত

উত্তৰঃ (ক) ১৮৪৩ চনত।

৪। অসমীয়া কৃষকৰ পৰা ভূমি খাজনা বৃদ্ধি নিৰ্ধাৰণৰ বিৰুদ্ধে কোনে মফট মিলছক আর্জি লিখিছিল?

[HSLC 2022]

(ক) মণিৰাম দেৱান (খ) পিয়লি বৰুৱা

(গ) মহাত্মা গান্ধী (ঘ) আনন্দৰাম ঢেকিয়াল ফুকন

উত্তৰঃ (ঘ) আনন্দৰাম ঢেকিয়াল ফুকন

৫। ব্ৰিটিছ চৰকাৰে কেতিয়া ভাৰতলৈ ‘কেবিনেট মিছন’ পঠিয়াইছিল? [HSLC 2022]

(ক) ১৯৩৫ চনৰ আগষ্ট মাহত

(খ) ১৯৪৫ চনৰ জুলই মাহত

(গ) ১৯৪৬ চনৰ মাৰ্চ মাহত

(ঘ) ১৯৪৭ চনৰ আগষ্ট মাহত

উত্তৰঃ (গ) ১৯৪৬ চনৰ মাৰ্চ মাহত

অতি চমু প্রশ্নোত্তৰ (মূল্যাংক -১):

প্রশ্ন ১। কোন চনত অসমত দাস প্রথা নিষিদ্ধ কৰা হৈছিল ? [HSLC 2019]

উত্তৰঃ ১৮৪৩ চনত।

২। অসমত ফুলগুৰিৰ কৃষক বিদ্রোহ কেতিয়া হৈছিল ? এই বিদ্ৰোহৰ দুটা প্ৰধান কাৰণ উল্লেখ কৰা।

[HSLC 2011]

উত্তৰঃ অসমত ফুলগুৰিৰ কৃষক বিদ্রোহ ১৮৬১ চনৰ অক্টোবৰ মাহত সংঘটিত হৈছিল। এই বিদ্ৰোহৰ দুটা প্ৰধান কাৰণ হ’ল-

(i) পাণৰ ওপৰত বহুওৱা কৰ।

(ii) ১৮৬০ চনৰ মে’ মাহৰ পৰা কাৰ্যকৰী হোৱাকৈ অসমত থলুৱাভাৱে আফু খেতি কৰি কানি উৎপাদন কৰাটো নিষিদ্ধ কৰা হৈছিল।

প্রশ্ন ৩। ইয়াণ্ডাবু সন্ধিৰ পিছত অসমত কিয় ব্ৰিটিছ বিৰোধী বিদ্রোহ সংঘটিত হৈছিল? [HSLC 2010]

উত্তৰঃ ইয়াণ্ডাবু সন্ধিৰ পিছত নামনি অসমখন কোম্পানীৰ ৰাজ্যৰ সৈতে চামিল কৰাৰ বাবে অসমত ব্ৰিটিছ বিৰোধী বিদ্রোহ সংঘটিত হৈছিল।

প্রশ্ন ৪। উত্তৰ-পূব ভাৰতৰ জনজাতীয় লোকসকলে কিয় ব্ৰিটিছৰ বিৰুদ্ধে প্ৰতিৰোধ সংগ্ৰাম সংগঠিত কৰিছিল? [HSLC 2012]

উত্তৰঃ উত্তৰ-পূব ভাৰতৰ জনজাতীয় লোকসকলে ব্ৰিটিছৰ বিৰুদ্ধে প্ৰতিৰোধ সংগ্রাম সংগঠিত কৰা ৪ টা কাৰণ হৈছে—

(ক) প্ৰতিৰোধ সংগ্রাম কঠোৰ হাতেৰে দমন কৰা।

(খ) ব্ৰিটিছৰ সম্প্ৰসাৰণবাদী নীতি।

(গ) ব্ৰিটিছে প্ৰৱৰ্তন কৰা বিভিন্ন প্ৰকাৰৰ কৰ।

(ঘ) জনজাতীয় লোকসকলৰ মাজত ধৰ্মীয় আৰু পৰম্পৰাগতভাৱে চলি অহা সত্ৰানুষ্ঠানবোৰৰ ওপৰত প্ৰৱৰ্তন কৰা নিষেধাজ্ঞা।

প্রশ্ন । বাহাদুৰ গাঁওবুঢ়া ফমুড আলিক কোনে ব্ৰিটিছ বিৰোধী কাম কাজৰ বাবে গ্ৰেপ্তাৰ কৰিছিল ? তেওঁলোক কোন জে’লত কাৰাবন্দী আছিল? [HSLC 2015]

উত্তৰঃ কেপ্তেইন হলৰইডে গ্ৰেপ্তাৰ কৰিছিল। তেওঁলোক আন্দামান নিকোবৰ জে’লৰ কাৰাবন্দী আছিল।

প্রশ্ন ৬। অসমত ১৮৫৭ চনৰ বিদ্ৰোহ বিফল হোৱাৰ তিনিটা কাৰণ লিখা। [HSLC 2015,2022]

(ক) বিদ্রোহত জনসাধাৰণৰ সমৰ্থন নাছিল।

(খ) জনসাধাৰণৰ মাজত গোপন ষড়যন্ত্র চলিছিল।

(গ) বিদ্ৰোহ পৰিকল্পিত আৰু সংগঠিত নাছিল।

প্রশ্ন ৩৫। অসমত কৃষক বিদ্ৰোহত ‘ৰাহজমেল’ৰ ভূমিকা সম্পৰ্কে চমুকৈ লিখা। [HSLC 2022]

উত্তৰঃ ব্ৰিটিছ শাসনৰ ভূমিনীতি, বৰ্ধিত ৰাজহ আদিৰ প্ৰতিবাদত প্ৰজা সংগঠিত হোৱাত ৰাইজমেলসমূহৰ বিশিষ্ট ভূমিকা আছিল৷ এই ৰাইজমেলসমূহৰ জৰিয়তে ৰাইজে আলোচনা-বিলোচনা কৰি সংগঠিত হৈ ফুলগুৰি ধাৱা, পথৰুঘাটৰ ৰণ আদি কৃষক বিদ্রোহ সংঘটিত কৰাৰ বাবে এক গোট হৈছিল। এই ৰাইজমেল সমূহৰ জৰিয়তে কামৰূপ, দৰং আৰু নগাঁৱৰ বিভিন্ন স্থানলৈ এই বিদ্রোহ বিয়পিছিল। ৰাইজমেলসমূহৰ জৰিয়তে ৰাইজে ব্ৰিটিছলৈ পত্ৰ পঠাই প্রতিবাদ জনাইছিল।

ৰচনাধৰ্মী প্রশ্নোত্তৰ (মূল্যাংক – ৪/৫)

প্রশ্ন ১। অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ প্ৰভাৱসমূহ চমুকৈ লিখা। [HSLC 2020]

উত্তৰঃ ১৮৫৭ চনৰ বিদ্ৰোহে অসমৰ অভিজাত শ্ৰেণীটোক ব্ৰিটিছ শাসন ওফৰাই পুৰণি ৰাজতন্ত্র প্রতিষ্ঠা কৰাৰ এক সোণালী সুযোগ প্রদান কৰিছিল৷ সেয়েহে ১৮৫৭ চনৰ বিদ্রোহে অসমতো প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। ব্ৰহ্মপুত্ৰ উপত্যকাত কিছুমান লোকে অসমত অৱস্থান কৰা ব্ৰিটিছ সৈন্য বাহিনীত থকা ভাৰতীয় সেনাৰ মাজত অসন্তুষ্টি বিয়পাই অসমতো চিপাহী বিদ্ৰোহৰ উত্থান ঘটাই তেওঁলোকৰ সহায়ত ইংৰাজক খেদি আহোম ৰাজপৰিয়ালৰ এজন কোঁৱৰক অসমৰ ৰজা হিচাপে প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰিছিল । উত্তৰ ভাৰতত যেতিয়া বিদ্ৰোহ আৰম্ভ হৈছিল অসমত তেতিয়া ইংৰাজ সৈন্যৰ দুটা ৰেজিমেণ্ট আছিল। এই ৰেজিমেণ্টৰ সৈন্য, শিৱসাগৰ আৰু চৈখোৱাত থকা ছাউনীৰ সৈন্যৰ মাজত কিছু অসন্তুষ্টিৰ সৃষ্টি হৈছিল। ‘ফাষ্ট আসাম লাইট ইনফেন্ট্ৰী’ৰ নুৰ মহম্মদ জামাদাৰ আৰু ৰুস্তম সিং জামাদাৰ আৰু অন্যান্য চিপাহী সকলে যোৰহাটলৈ গৈ তাত চাৰিং ৰজা কন্দৰ্পেশ্বৰ সিংহৰ সৈতে গোপনে মিলিত হৈ বিদ্ৰোহৰ পৰিকল্পনা কৰিছিল। সেই মতে আগন্তুক দুৰ্গা পূজাৰ সময়তে আৰু মণিৰাম দেৱান কলিকতাৰ পৰা অসমলৈ ঘূৰি আহি পোৱাৰ লগে লগেই বিদ্ৰোহ আৰম্ভ হ’ব।

প্রশ্ন ২। ইতিহাসত ফুলগুৰি ধাৱাৰ গুৰুত্ব সম্পর্কে চমুকৈ লিখা। [HSLC 2017]

উত্তৰঃ ব্ৰিটিছ চৰকাৰে যদিও ফুলগুৰি ধাৱাক কানি খোৱা খেতিয়কৰ চৰকাৰৰ আফু খেতি বন্ধকৰণৰ প্ৰতিবাদত কৰা এক সামান্য বিদ্ৰোহ বুলি অভিহিত কৰিছিল, কিন্তু অসমৰ ইতিহাসত এই বিদ্ৰোহৰ এক সুদূৰপ্ৰসাৰী প্ৰভাৱ দেখা যায়। এই বিদ্ৰোহৰ গুৰুত্বসমূহ হ’ল—

(ক) প্ৰথমতে, ফুলগুৰি কৃষক বিদ্ৰোহত ঘাইকৈ লালুং জনজাতি আৰু মাছমৰীয়া সম্প্ৰদায়ৰ আন্তৰিক যোগদানে ইয়াক গণভিত্তি প্রদান কৰে। কৃষকসকলে অন্যান্য শ্ৰেণীৰ লোকৰ পৰাও সমর্থন আদায় কৰিবলৈ সক্ষম হৈছিল। কিয়নো মাটিৰ খাজনা বৃদ্ধিৰ দ্বাৰা ক্ষতিগ্রস্ত হোৱা শিক্ষিত আৰু অসমীয়া মধ্যবিত্ত শ্রেণী, ব্যৱসায়ী, মৌজাদাৰ কিছুমানে পৰোক্ষভাৱে হ’লেও বিদ্রোহীসকলক সহায়-সমৰ্থন কৰিছিল। তদানীন্তন অসমৰ কমিছনাৰ হপকিনছনে স্বীকাৰ কৰিছিল যে তেজপুৰৰ দ্বিতীয় লাইট ইনফেন্ট্ৰিৰ ৫০ জন সৈন্য আৰু গুৱাহাটীৰ ৮০ জন সৈন্য আনি বিদ্ৰোহটো দমন নকৰা হ’লৈ বিদ্ৰোহটো সম্প্ৰসাৰিত হৈ গৈ থাকিলহেঁতেন। সেই অৱস্থাত ইয়াক দমন কৰাটো কঠিন হ’লহেঁতেন। সামাগ্রিকভাৱে এই বিদ্রোহ সফল হৈছিল বুলি ক’ব পাৰি, কিয়নো বিদ্ৰোহৰ পিছত চৰকাৰে আৰু কেতিয়াও তামোল পাণ খেতিৰ ওপৰত কৰ বহুওৱা নাছিল।

(খ) দ্বিতীয়তে, ফুলগুৰি বিদ্ৰোহ ব্ৰিটিছ সাম্ৰাজ্যবাদৰ কৱলৰপৰা মুক্ত হোৱা সাধাৰণ জনগণৰ প্ৰয়াসৰ এক নিদর্শন আছিল। ১৮৫৭-৫৮ চনৰ বিদ্ৰোহত অসমৰ আহোমৰ ৰাজতন্ত্ৰৰ অধীনৰ অভিজাত শ্ৰেণীৰ কিছু লোক যিসকলে ব্ৰিটিছ শাসনৰ অধীনত আগৰ সা-সুবিধাৰ পৰা বঞ্চিত হৈছিল তেওঁলোকে বিদ্রোহত যোগ দিছিল।

প্রশ্ন ৩। ৰঙিয়াৰ কৃষক বিদ্ৰোহৰ বিষয়ে চমুকৈ লিখা। [HSLC 2018 ]

উত্তৰঃ ১৮৯৩ চনৰ ২৪ ডিচেম্বৰৰ দিনাখন ৰঙিয়া বজাৰ লুট-পাতেৰে কৃষক বিদ্ৰোহৰ আৰম্ভণি হয়। ৩০ ডিচেম্বৰৰ দিনা ৰঙিয়া আৰু তাৰ ওচৰৰ কেইবাশ কৃষকে ৰঙিয়া আৰু তামুলপুৰৰ তহচিলদাৰ ৰাধানাথ বৰুৱাক লঘু-লাঞ্ছনা কৰে। ইয়াৰ উপৰিও ৰঙিয়া হাটৰ ঘৰ-দুৱাৰ ধ্বংস কৰি লগতে মাৰোৱাৰী সুদখোৰ মহাজনৰ হাতত থকা মাটি বন্ধকীৰ নথি- পত্র লুট কৰিছিল। কৃষকসকলে মাৰোৱাৰীৰ উপস্থিতিয়ে ভূমি ৰাজহ বৃদ্ধিত অৰিহণা যোগাইছিল বুলি ভাবিছিল। চৰকাৰে ৩০ ডিচেম্বৰ তাৰিখে পৰিস্থিতি নিয়ন্ত্রণ কৰিব পাৰ্টিছিল যদিও পুলিচে কোনো কৃষক নেতাক গ্ৰেপ্তাৰ কৰিবলৈ সাহস কৰিব পৰা নাছিল। ১৮৯৪ চনৰ ৮ জানুৱাৰীৰ দিনা পুলিচে ১৫ জন কৃষকক এখন ৰাইজমেলৰ পৰা গ্রেপ্তাৰ কৰে। ১০ ডিচেম্বৰ তাৰিখে ৰঙিয়া থানাৰ ওচৰত প্ৰায় ৩০০০ কৃষক বিভিন্ন মৌজাৰ পৰা আহি গোট খাইছিল। উপায়ুক্ত মেক কেবেই তেওঁলোকক আঁতৰি যাবলৈ আদেশ দিয়াৰ পিছতো তেওঁলোক সেই স্থানৰপৰা আঁতৰা নাছিল। আবেলি কৃষকসকল ৰঙিয়া থানাৰ আৰু কাষ চাপি আহিছিল যাতে উপায়ুক্তই খাজনাৰ হাৰ কমোৱাৰ কিবা জাননী দিয়ে তাৰ আশাৰে। কৃষকসকলে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তেওঁলোকৰ সহকর্মী সকলক মোকলাই দিয়াটো দাবী কৰিছিল। উপায়ুক্তই বিষয়সমূহৰ বিষয়ে আলোচনা কৰিবলৈ কৃষকসকলৰ মাজৰ পৰা এজন প্ৰতিনিধি বিচাৰিলে। কিন্তু কৃষকসকলে একেলগে আমি বৰ্ধিত হাৰত খাজনা নিদিওঁ বুলি চিঞৰি উঠিছিল। তেতিয়া কৃষকৰ দলটোৱে থানাৰ ভিতৰলৈ জোৰ কৰি প্ৰৱেশৰ চেষ্টা কৰাত উপায়ুক্ত মেককেবে আৰক্ষীক গুলি চলাবলৈ নিৰ্দেশ দিয়ে। ফলত কৃষকসকল প্রস্থান কৰিবলৈ বাধ্য হ’ল। মেক কেবে ১০ জানুৱাৰী তাৰিখে এখন জাননী যোগে উপায়ুক্তৰ আগতীয়া অনুমতি অবিহনে কোনো মেল অনুষ্ঠিত কৰিব নোৱাৰিব বুলি নির্দেশ দিলে। সেই সময়তে উপায়ুক্তই কৃষকসকলৰ মাজৰপৰাই স্থানীয় লোক এজনক আৰক্ষীৰ কনিষ্টবল হিচাপে নিযুক্তি দি ৰায়তৰ মাজত শান্তি স্থাপনৰ চেষ্টা কৰে আৰু লগতে চৰকাৰৰ খাজনা জমা দিবলৈ তেওঁলোকক মান্তি কৰোৱায়। উপায়ুক্তৰ এই ব্যৱস্থাই ৰঙিয়াৰ কৃষকে চৰকাৰক জমা দিবলগীয়া ৯০,০০০ টকাৰ প্রথম কিস্তিৰ প্ৰায় ৬০,০০০ টকা জমা দিয়ে। কিন্তু ব্ৰিটিছৰ এই দমনমূলকনীতিয়ে কৃষকসকলক মেল অনুষ্ঠিত কৰাৰ পৰা আঁতৰত ৰাখিব পৰা নাছিল। নলবাৰী, বৰ্মা, বজালী আদিৰ কৃষক ৰাইজে আগৰ দৰে চৰকাৰৰ ৰাজহ সংগ্ৰহত বাধা প্ৰয়োগ কৰিছিল ।

প্রশ্ন ৪। ১৮২৮ চনৰ পৰা ১৮৩০ চনলৈ ব্ৰিটিছৰ বিৰুদ্ধে সংঘটিত অসমত হোৱা ৰাজনৈতিক বিদ্রোহ লানিৰ বিষয়ে উল্লেখ কৰা। [HSLC 2014]

উত্তৰঃ প্রথম ইংগ-বৰ্মী যুদ্ধৰ অন্তত নামনি অসমখন কোম্পানীৰ ৰাজ্যৰ সৈতে চামিল কৰাত একাংশ আহোম ডা-ডাঙৰীয়াসকলৰ ধৈৰ্যচ্যুতি ঘটিছিল আৰু তেওঁলোকে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহৰ প্ৰস্তুতি চলাইছিল। নামনি অসমক কোম্পানীৰ ৰাজ্যৰ সৈতে স্থায়ীৰূপে চামিলকৰণৰ কেইমাহমানৰ ভিতৰতে ধনঞ্জয় নামে পূৰ্বৰ বৰগোহাঁই এজনৰ নেতৃত্বত ভালেমান আহোম ডা-ডাঙৰীয়াই গমধৰ কোঁৱৰক সিংহাসনত বহুৱাই আহোম ৰাজতন্ত্ৰৰ পুনৰ উত্থানত ব্ৰতী হৈ পৰিছিল। গোমধৰ কোঁৱৰ আহোম ৰাজ পৰিয়ালৰ সন্তান আছিল।

১৮২৮ চনৰ ছেপ্টেম্বৰ-অক্টোবৰ মাহত ধনঞ্জয় বৰগোহাঁইকে আদি কৰি বিদ্রোহী ডা- ডাঙৰীয়াসকলে যোৰহাটৰ উত্তৰ-পূব দিশত বছা নামে ঠাইত সকলো ৰাজকীয় মর্যাদাবে আৰু বাইলুংসকলৰ পূজা-অৰ্জনা আৰু মন্ত্র ধ্বনিৰ মাজেৰে গোমধৰ কোঁৱৰক ৰজা পাতিলে। ওচৰ-পাজৰৰ গাঁওসমূহৰ লোকৰ সমৰ্থনত ব্ৰিটিছৰ বিৰুদ্ধে খাজনা বন্ধৰ বাবে প্ৰচাৰ চলোৱা হ’ল। ইয়াৰ সমসাময়িকভাৱে অৰ্থ আৰু অস্ত্র-শস্ত্র সংগ্রহ কবি এটি সেনাবাহিনী গঠন কৰি তাৰ সহায়ত ব্ৰিটিছৰ হাতৰপৰা ৰংপুৰ উদ্ধাৰ কৰাৰ বাবেও তেওঁলোকে প্রস্তুতি চলালে। সেই কাৰ্য বাস্তৱত ৰূপায়িত কৰিবলৈ ১৮২৮ চনৰ নৱেম্বৰ মাহৰ শেষৰ ফালে তেওঁলোকে মৰিয়ণীৰ ফালে যাত্ৰা কৰিছিল।

মৰিয়ণীতে লেফ্‌টানেণ্ট ৰাডাৰফোর্ডে ব্ৰিটিছ বাহিনী এটিৰ নেতৃত্ব লৈ বিদ্রোহীসকলক বাধা প্ৰদান কৰে। আনহাতে পলিটিকেল এজেন্ট নিউরিলো ইতিমধ্যে আহি ৰংপুৰত উপস্থিত হয় আৰু অত্যন্ত ক্ষিপ্ৰতাৰে প্ৰতি-আক্ৰমণৰ ব্যৱস্থা কৰি বিদ্রোহীসকলক ছত্রভংগ কৰে। বিদ্রোহীসকলৰ নেতা ধনঞ্জয় বৰগোহাঁই আৰু তেওঁৰ পুত্ৰ হৰনাথ ব্ৰিটিছৰ হাতত

ধৰা পৰে৷ আন কিছুমানে পলাই গৈ মটক ৰাজ্যত আশ্ৰয় লয়। উপায় বিহীন হৈ গোমধৰ কোঁৱৰেও নৱেম্বৰ মাহত ৰাডাৰফোৰ্ডৰ ওচৰত আত্মসমর্পণ কৰে। কোম্পানীৰ চৰকাৰে যোৰহাটত বৰপঞ্চায়ত পাতি এই বিদ্রোহীসকলৰ বিচাৰ কৰিছিল। পঞ্চায়তে গমধৰ কোঁৱৰক দেশদ্রোহিতাৰ অপৰাধত মৃত্যুদণ্ড বিহিছিল, কিন্তু তেওঁ নাবালক হোৱাত কেপ্তেইন নিউৱিলে তেওঁক মৃত্যুদণ্ডৰপৰা ৰেহাই দি সাত বছৰৰ বাবে কাৰাবাসৰ আদেশ দি তাক কাৰ্যকৰী কৰিছিল। গোমধৰ কোঁৱৰক বংগদেশৰ ৰংপুৰত নি তাতে কাৰাগাৰত বন্দী কৰি ৰাখিছিল। তাৰ পিছত গমধৰ কোঁৱৰ সম্পৰ্কত ইতিহাস নিমাত। গোমধৰ কোঁৱৰেই আছিল অসমত বিদেশী ব্ৰিটিছ শাসনৰ বিৰুদ্ধাচৰণ কৰি কাৰাজীৱন কটোৱা প্ৰথমজন ৰাজনৈতিক বিদ্রোহী ব্যক্তি।

বিদ্ৰোহৰ অন্যতম সংগঠক আৰু অংশীদাৰ ধনঞ্জয় বৰগোহাঁইকো বৰপঞ্চায়তে মৃত্যুদণ্ডৰে দণ্ডিত কৰি জেইলত ৰাখিছিল, পিছে তেওঁ কেনেবাকৈ জেইলৰপৰা পলাই নগা পাহাৰৰ ফালে গুচি যায় ৷ এইদৰে অসমত সামন্তীয় ডা-ডাঙৰীয়াসকলৰ উদ্যোগত বিদেশী ব্ৰিটিছ শাসনৰ বিৰুদ্ধে সংগঠিত স্বাধীনতা সংগ্ৰামৰ প্ৰথমটো পৰ্ব ব্যৰ্থতাত সমাপ্তি হয়। ১৮২৮ চনৰ বিদ্ৰোহটো ব্যৰ্থ হোৱাৰ পিছত গদাধৰ সিংহ নামে আহোম কোঁৱৰ এজনৰ উদ্যোগত দ্বিতীয়বাৰৰ বাবে অসমত ব্ৰিটিছ শাসনৰ অৱসান ঘটাই আহোম ৰাজতন্ত্ৰ পুনৰ প্ৰতিষ্ঠাৰ বাবে অন্য এক বিদ্রোহ সংগঠিত কৰা হৈছিল। এই বিদ্রোহ ১৮২৯ চনত সংঘটিত হৈছিল। অসমৰপৰা ব্ৰিটিছ শাসন উচ্ছেদ কৰি আহোম ৰাজতন্ত্র পুনৰ প্ৰতিষ্ঠাৰ বাবে তৃতীয়টো বিদ্রোহ সংঘটিত কৰা হৈছিল ১৮৩০ চনৰ প্ৰায় আৰম্ভণিৰেপৰা । প্ৰথমটো বিদ্ৰোহৰ সংগঠকৰূপে আত্মপ্রকাশ কৰা ধনঞ্জয় বৰগোহাঁই আছিল এই তৃতীয়টো বিদ্ৰোহলো সংগঠক। প্ৰথমটে৷ বিদ্ৰোহত ব্ৰিটিছৰ হাতত ধৰা পৰি জেইলত থাকোঁতে তাৰপৰা তেওঁ পলাই গৈ নগা পাহাৰৰ পিনে আশ্রয় লৈ আছিল। পাছত মটক ৰাজ্যলৈ গৈ তাত থকা অন্যান্য সহযোগীৰ সৈতে মিলিত হৈছিল আৰু ব্ৰিটিছৰ বিৰুদ্ধে এটি ব্যাপক বিদ্রোহ সংঘটিত কৰাৰ কামত ব্ৰতী হৈ পৰিছিল। এইবাৰ তেওঁৰ সহযোগীসকল আছিল তেওঁৰ তিনিজন পুত্ৰ হৰনাথ, হৰকান্ত আৰু হেমনাথ – আৰু তেওঁৰ জোঁৱাই জিউৰাম দিহিংগীয়া বৰুৱা, বদন বৰফুকনৰ পুত্ৰ পিয়লি বৰফুকন, শদিয়াখোৱা গোহাঁই, বম চিংফৌ আদি। এওঁলোক আটায়ে ৰূপচন্দ্ৰ কোঁৱৰ নামেৰে লোক এজনক ৰজা পাতি অসমত আহোম ৰাজতন্ত্ৰৰ পুনৰুত্থানৰ আঁচনি কৰিছিল। তেওঁলোকৰ এই কাৰ্যৰ প্ৰতি সমর্থন দিবলৈ মটক তথা মোৱামৰীয়াসকলৰ বৰসেনাপতি, খামতি, চিংফৌ, খাচী, গাৰো, নগা আদি জনগোষ্ঠীৰ প্রধানসকললৈ আবেদন জনাইছিল। মটক তথা মোৱামৰীয়া ৰাজ্যৰ মতিবৰ বৰসেনাপতিৰ পুত্ৰ এজনে বিদ্রোহীসকলক সমৰ্থন কৰিছিল । বিদ্রোহ আৰম্ভ কৰাৰ আগতে বিদ্রোহীসকলে ‘দেও পূজা’ সম্পন্ন কৰিছিল। তাৰ পিছত তেওঁলোকে ৰংপুৰ দখল কৰাৰ অভিপ্রায়েৰে ৰংপুৰৰ পিনে ধাবমান হৈছিল। তেতিয়া ৰংপুৰত মাত্র ব্ৰিটিছৰ এজন জামাদাৰৰ সৈতে ৩০ জনমান সৈনিক বা চিপাহী আছিল।

এই চিপাহীসকলে জামাদাৰ্জনৰ নেতৃত্বত বিদ্রোহীসকলক প্রতিহত কৰি তেওঁলোকৰ আক্ৰমণ ব্যৰ্থ কৰি তুলিছিল। এনে অৱস্থাতে ১৮৩০ চনৰ ২০ ফেব্ৰুৱাৰী তাৰিখে শদিয়াখোৱা গোহাঁইয়ে বিদ্রোহীসকলৰ প্ৰতি বিশ্বাসঘাতকতা কৰি হৰনাথক কৰায়ত্ত কৰে আৰু তেওঁক উজনি অসমৰ পলিটিকেল এজেণ্ট কেপ্তেইন নিউৱিলৰ হাতত চমজাই দিয়ে ৷ তেওঁৰ লগতে বিদ্রোহীসকলে তেওঁলৈ পঠিওৱা গোপন চিঠি-পত্ৰখিনিও নিউৱিলৰ ওচৰত দাখিল কৰিছিল। এনে বিপৰ্যয়ৰ মাজতো ২৫ ফেব্ৰুৱাৰী তাৰিখে প্রায় চাৰি শতাধিক বিদ্রোহীয়ে ৰংপুৰত ব্ৰিটিছ ছাউনীৰ ওপৰত এক প্রচণ্ড আক্রমণ চলাইছিল। কোম্পানীৰ চৰকাৰৰ চিপাহীসকলে এই আক্ৰমণো প্রতিহত কৰে আৰু বিদ্রোহীসকলক যথেষ্ট দূৰলৈ খেদি পঠিয়ায়। কেপ্তেইন নিউৱিলে পূৰ্বৰেপৰা গেলেকীত মোতায়েন কৰি ৰখা ‘আসাম লাইট ইন্‌ফেণ্ট্ৰী’ৰ দল এটিক বিদ্রোহীসকলৰ বিৰুদ্ধে পঠিয়ায়। এই দলটোৰ হাতত বিদ্রোহীসকল বিষমৰূপে পৰাভূত হয় আৰু তেওঁলোকৰ ভালেমান নেতা ব্ৰিটিছৰ হাতত ধৰা পৰে। কিন্তু ধনঞ্জয় বৰগোহাঁই নগা পাহাৰৰ পিনে পলাই গৈ তাতে আশ্রয় লয় ৷ কোম্পানীৰ চৰকাৰে এইদৰে প্ৰায় মাৰ্চ মাহৰ (১৮৩০) ভিতৰতে এই বিদ্রোহো দমন কৰি তেওঁলোকৰ শাসন পুনৰ নিষ্কণ্টক কৰে। উল্লেখযোগ্য যে এই বিদ্রোহ মষিমূৰ কৰাত অসমীয়া অভিজাত শ্ৰেণীৰ তথা উদীয়মান মধ্যবিত্ত শ্ৰেণীৰ— মাধৱৰাম বৰগোহাঁই আৰু মণিৰাম বৰভাণ্ডাৰ বৰুৱা আদি— একাংশ লোকে কোম্পানীৰ চৰকাৰক সমর্থন দিছিল।

বিচাৰ কৰি বিদ্ৰোহৰ নেতাসকলক শাস্তি বিহাৰ ব্যৱস্থা কৰা হৈছিল। বম চিংফৌ, জিউবান পূৰ্বৰ দৰে এইবাৰো যোৰহাটত বৰপঞ্চায়ত (সদৰ দেৱানী পঞ্চায়ত) পাতি তাৰ জৰিয়তে দিহিংগীয়া বৰুৱা, পিয়লি বৰফুকন, ৰূপচন্দ্ৰ কোঁৱৰ, হৰনাথ আদিক ৰাজদ্ৰোহৰ অপৰাধত দোষী সাব্যস্ত কৰি মৃত্যুদণ্ডেৰে দণ্ডিত কৰা হ’ল। এই বিদ্রোহীসকলৰ ক্ষেত্ৰত সর্বশেষ সিদ্ধান্ত লৈছিল গৱৰ্ণৰ জেনেৰেলৰ এজেণ্ট ডেভিট স্কটে, তেওঁ বৰপঞ্চায়তৰ সিদ্ধান্তৰ ব্যাপক সাল সলনি ঘটাইছিল। তেওঁৰ সিদ্ধান্ত মৰ্মে পিয়লি বৰফুকন আৰু জিউৰাম দিহিংগায়া বৰুৱাক তৎকালেই ফাঁচী দিয়া হৈছিল আৰু বাকীসকলক ১৪ বছৰকৈ কাৰাবাসৰ আদেশ দি ঢাকা কাৰাগাৰত ৰখাৰ ব্যৱস্থা কৰিছিল। লগতে তেওঁলোকৰ সা-সম্পত্তিও বাজেয়াপ্ত কৰিছিল। লানি কোম্পানীৰ চৰকাৰে কঠোৰ হাতেৰে দমন কৰিছিল যদিও ই সম্পূৰ্ণৰূপে ব্যর্থ হোৱা ১৮২৮ চনৰপৰা ১৮৩০ চনলৈ উপর্যুপৰি সংঘটিত হোৱা এই ৰাজনৈতিক বিদ্রোহ নাছিল। ব্ৰিটিছ বিৰোধী এইলানি ৰাজনৈতিক বিদ্ৰোহৰ অৱধাৰিত পৰিণতি আছিল ১৮৩০ চনত উজনি অসমত পুৰন্দৰ সিংহৰ সিংহাসন প্রাপ্তি আৰু আহোম ৰাজতন্ত্ৰৰ পুনৰ স্থাপন। গতিকে সেই ফালৰপৰা চালে বিদ্রোহ অথলে যোৱা নাছিল। তদুপৰি এই লানি বিদ্রোহ পৰৱৰ্তীকালত অন্যান্য বিদ্রোহীসকলৰ বাবে অনুপ্ৰেৰণাৰ উৎসৰূপে পৰিগণিত হৈছিল।

Conclusion:

আমি বিশ্বাস কৰোঁ যে এই টোকাবোৰে শিক্ষাৰ্থীসকলক বিষয়বোৰৰ বিষয়ে ভালদৰে বুজাবুজি বিকশিত কৰাত আৰু তেওঁলোকৰ পৰীক্ষাৰ বাবে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰিব।

আমি নিশ্চিত যে এই টোকাবোৰে শিক্ষাৰ্থীসকলক তেওঁলোকৰ লক্ষ্য প্ৰাপ্ত কৰাত আৰু তেওঁলোকৰ শৈক্ষিক প্ৰদৰ্শন বৃদ্ধি কৰাত সহায় কৰিব। যদি আপুনি এই প্ৰবন্ধটো ভাল পায় আৰু সহায়ক হয় তেন্তে আপোনাৰ বন্ধুবৰ্গৰ সৈতে Share কৰিবলৈ নাপাহৰিব।

1 thought on “Class 10 Social Science Chapter 3| অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্রোহ|SEBA”

Leave a Comment

error: Content is protected !!