Class 10 Social Science Chapter 2 Iমহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্রাম I SEBA

Class 10 Social Science Chapter 2 Iমহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্রাম ( Rise of Gandhi and Freedom Movement of India ) I SEBA:

অনুশীলনীৰ প্রশ্নোত্তৰ

অতি চমু প্রশ্নোত্তৰ :

প্রশ্ন ১। মহাত্মা গান্ধীৰ কেতিয়া জন্ম হৈছিল?

উত্তৰ: ১৮৬৯ চনৰ ২ অক্টোবৰত গুজৰাটৰ পোৰবন্দৰ নামৰ ঠাইত মহাত্মা গান্ধীৰ জন্ম হৈছিল।

প্রশ্ন ২। সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে কোন দেশত পোন প্ৰথমতে প্রয়োগ কৰিছিল ?

উত্তৰ : দক্ষিণ আফ্রিকাত।

প্রশ্ন ৩। ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় ‘নাইট’ উপাধি ত্যাগ কৰিছিল?

উত্তৰ : জালিৱানৱালাবাগ হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে ব্ৰিটিছ চৰকাৰে তেওঁক প্ৰদান কৰা ‘নাইট’ উপাধি ত্যাগ কৰিছিল।

প্রশ্ন ৪। কাৰ কাৰ নেতৃত্বত ভাৰতত খিলাফৎ আন্দোলনৰ সূচনা হৈছিল?

উত্তৰ: মৌলনা চৌকত আলি, মহম্মদ আলি আৰু মহাত্মা গান্ধীৰ নেতৃত্বত।

প্রশ্ন ৫। চৌৰীচৌৰাৰ ঘটনা কেডিয়া সংঘটিত হৈছিল? [HSLC 2020]

উত্তৰ : ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰীত।

প্রশ্ন ৬। কেনে পৰিস্থিতিত লালা লাজপত ৰায়ৰ মৃত্যু হৈছিল ?

উত্তৰ: লাহোৰত লালা লাজপাত ৰায়ৰ নেতৃত্বত গঠন হোৱা ছাইমন বিৰোধী সমদলৰ ওপৰত পুলিচে নির্দয়ভাৱে লাঠি চালনা কৰে, য’ত লাজপত ৰায় বেয়াকৈ আহত হয় আৰু তাৰ ফলতেই তেওঁ মৃত্যু বৰণ কৰে।

প্রশ্ন ৭ ৷ কেতিয়া আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিবেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল? [HSLC 2017]

উত্তৰ : ১৯২৯ চনত লাহোৰত জৱাহৰলাল নেহৰুৰ সভাপতিত্বতত বহা কংগ্ৰেছ অধিবেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল।

প্রশ্ন ৮। গান্ধীজীয়ে সবমতী আশ্ৰমৰ পৰা ডাণ্ডিৰ সাগৰ পাৰলৈ লোণ আইন ভংগ কৰিবলৈ গৈছিল । সবমতী আশ্ৰম আৰু জাতিৰ মাজত দূৰত্ব কিমান? [HSLC 2019]

উত্তৰ : ৩৮৫ কি. মি.।

প্রশ্ন ৯। সীমান্ত গান্ধী নামেৰে কাক জনা যায়?

উত্তৰ: খান আব্দুল গফুৰ খানক।

প্রশ্ন ১০। লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত কোনে কংগ্ৰেছক এককভাৱে প্ৰতিনিধিত্ব কৰিছিল ?

উত্তৰ : মহাত্মা গান্ধীয়ে ।

প্রশ্ন ১১। ১৯৩২ চনত সাম্প্রদায়িক বাটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ নাম কি আছিল?

উত্তৰ: প্রধানমন্ত্ৰী ৰামজে মেকডোনাল্ড।

প্রশ্ন ১২। আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাতা কোন? [HSLC 2012 ]

উত্তৰ : নেতাজী সুভাষচন্দ্র বসু।

প্রশ্ন ১৩। কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে “কৰিম কিম্বা মৰিম” শ্লোগান দিছিল?

উত্তৰ : ভাৰত ত্যাগ আন্দোলনত।

প্রশ্ন ১৪। “মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম’ এই বিখ্যাত বাণীটো কোন ভাৰতীয় নেতাৰ আছিল?

উত্তৰ : সুভাস চন্দ্ৰ বসুৰ।

প্রশ্ন ১৫। ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাক কি নামেৰে জনা যায় ?

উত্তৰ: ৰেডক্লিফ ৰেখা।

ৰচনাধৰ্মী প্রশ্নোত্তৰ :

প্রশ্ন ১। সত্যাগ্রহ বুলিলে কি বুজা? যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীয়ে সত্যাগ্রহক প্রথমতে প্ৰয়োগ কৰিছিল সেই তিনিটা বিষয়ে সংক্ষিপ্ত ৰূপত লিখা। [HSLC 2019]

উত্তৰ : গান্ধীজীৰ মতে সত্যাগ্রহ শব্দৰ অৰ্থ হৈছে “সত্যৰ প্ৰতি আগ্রহ” অর্থাৎ সত্যনিষ্ঠ হৈ কাম কৰা। তেওঁৰ মতে সত্যাগ্রহ কেৱল এক একপক্ষীয় প্ৰতিৰোধ নহয়। ইয়াৰ তাৎপৰ্য হ’ল— জনতাই গভীৰভাৱে নেৰানেপেৰাকৈ ৰাজনৈতিক কার্যকলাপত আত্মনিয়োগ কৰা । সত্যাগ্রহৰ ভিত্তি হ’ল অহিংসা।

‘সত্যাগ্রহ’ শব্দটো গান্ধীজীয়ে প্রথমে দক্ষিণ আফ্রিকাত ব্যৱহাৰ কৰিছিল। দক্ষিণ আফ্ৰিকাত গান্ধীজীৰ ৰাজনৈতিক কৰ্মজীৱনে তেওঁক এজন কর্মঠ আৰু আদৰ্শবাদী নেতা হিচাপে প্রতিষ্ঠিত কৰি তুলিছিল। সেয়েহে তেওঁ ১৯১৫ চনত ভাৰতলৈ উভতি আহিছিল। ১৯১৭-১৮ চনত গান্ধীজীয়ে তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত সত্যাগ্রহক প্রথমতে প্ৰয়োগ কৰিছিল । সেই বিবাদ কেইটা হ’ল—

(ক) উত্তৰ বিহাৰৰ চম্পাৰণত তেওঁ ভূ-স্বামীসকলৰ বিপক্ষে সাধাৰণ কৃষকসকলক নেতৃত্ব প্ৰদান কৰিছিল।

(খ) গুজৰাটৰ খেড়াত কৃষকসকলৰ খেতি নষ্ট হোৱাৰ পিছতো চৰকাৰে আৰোপ কৰা অত্যাধিক ৰাজহৰ বিপক্ষে মাত মাতিছিল।

(গ) আহমদাবাদত বঞ্চিত হোৱা মিল শ্ৰমিকসকলৰ হৈ মিল মালিকসকলৰ বিপক্ষে থিয় দিছিল।

এই প্ৰতিটো কাৰ্যসূচীতে গান্ধীজীয়ে ‘সত্যাগ্রহ’ক কৌশল হিচাপে ব্যৱহাৰ কৰিছিল। য’ত আদৰ্শ আছিল সত্য আৰু অহিংসা।

প্রশ্ন ২। ভাৰতত খিলাফৎ আন্দোলন কিয় আৰম্ভ হৈছিল? চমুকৈ লিখা।

উত্তৰ : প্রথম বিশ্বযুদ্ধত তুর্কীসকলৰ পৰাজয়ৰ ফলস্বৰূপে খলিফাৰ গুৰুত্ব কমি গৈছিল । খলিফাই নিজৰ সাম্ৰাজ্যৰ পৱিত্ৰ ঠাইবোৰৰ ওপৰত অধিকাৰ হেৰুৱাত মুছলমানসকল উত্তেজিত হৈ পৰিছিল। সেয়েহে মৌলানা চৌকত আলি আৰু মহম্মদ আলিৰ নেতৃত্বত এখন খিলাফৎ সমিতি গঠন কৰিছিল। এই সমিতিৰ উদ্দেশ্য আছিল ইছলামৰ আধ্যাত্মিক গুৰু খলিফাক পূৰ্বৰ মৰ্যাদালৈ ঘূৰাই অনা। ভাৰতবৰ্ষতো ইছলাম ধৰ্মাৱলম্বী লোকসকল ব্ৰিটিছ বিৰোধী হৈ পৰিছিল। তেওঁলোকে খলিফাৰ পদ-মর্যাদাৰ ক্ষতি সাধন কৰাৰ প্ৰতিকাৰ হিচাপে ভাৰতবৰ্ষত কেন্দ্ৰীয় খিলাফৎ সমিতি গঠন কৰা হৈছিল। সেই সুযোগতে গান্ধীজীয়ে ৰাষ্ট্ৰীয় স্বাৰ্থত ভাৰতীয় হিন্দু মুছলমানক ঐক্যবদ্ধ কৰিবলৈ খিলাফৎ আন্দোলন আৰম্ভ কৰে। এই আন্দোলনত মহাত্মা গান্ধী, মতিলাল নেহেৰু, মদন মোহন মালব্য আদি আগশাৰীৰ নেতাসকলে প্রত্যক্ষ ভূমিকা লৈছিল।

প্রশ্ন ৩। ১৯২০-২২ চনত গান্ধীজীয়ে কিয় অসহযোগ আন্দোলন আৰম্ভ কৰিছিল ? ইয়াৰ কাৰ্যসূচী কি আছিল? গান্ধীজীয়ে কিয় এই আন্দোলন বন্ধ কৰিছিল ?

উত্তৰ : অসহযোগ আন্দোলন মহাত্মা গান্ধীৰ নেতৃত্বত পৰিচালিত ভাৰতবৰ্ষৰ প্ৰথমটো ব্ৰিটিছ বিৰোধী ৰাজনৈতিক আন্দোলন আছিল। এই আন্দোলন ১৯২০ চনৰ পৰা ১৯২২ চনলৈ চলিছিল । গান্ধীৰ সবল নেতৃত্বত এই আন্দোলনে অহিংস পথেৰে ব্ৰিটিছ শাসনৰপৰা ভাৰতবৰ্ষক মুক্ত কৰিবলৈ দৃঢ়প্রতিজ্ঞ হৈছিল। আন্দোলনকাৰীসকলে ব্ৰিটিছৰ সামগ্ৰী কিনিবলৈ অমান্তি হৈছিল আৰু থলুৱা কুটিৰ শিল্পৰ সামগ্ৰীহে ব্যৱহাৰ কৰিছিল। তেওঁলোকে সুৰাৰ বিপণীসমূহ বন্ধ কৰিছিল। এই আন্দোলনৰ মুখ্য লক্ষ্য আছিল ভাৰতবৰ্ষৰ মৰ্যাদা আৰু অখণ্ডতা শান্তিপূর্ণভাৱে অটুট ৰখা৷ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত এইটোৱেই প্রথম সর্ববৃহৎ আন্দোলন আছিল। অসহযোগ আন্দোলন আৰম্ভ কৰাৰ মূল কাৰণ আছিল ৰাওলাট আইন, জালিয়ানৱালাবাগৰ নৰহত্যা আৰু তুৰষ্কৰ সমস্যা। ব্ৰিটিছ আইন আদালত, শিক্ষানুষ্ঠান, নিৰ্বাচন, চৰকাৰী কাৰ্যসূচী আদি বৰ্জন আৰু শিক্ষাৰ জাতীয়করণ, স্বদেশী গ্রহণ আৰু প্ৰচাৰ, খাদীৰ ব্যৱহাৰ আদিৰ মাজেৰে গান্ধীয়ে অসহযোগ আন্দোলনটোক নেতৃত্ব দিছিল। অসহযোগ আন্দোলনৰ কাৰ্যসূচীসমূহক দুটা প্ৰধান ভাগত ভাগ কৰিব পাৰি। সেইকেইটা

(ক) গঠনমূলক আৰু (খ) ধ্বংসমূলক।

(ক) গঠনমূলক কাৰ্যসূচীৰ ভিতৰত আছিল— শিক্ষাৰ জাতীয়করণ, স্বদেশী গ্রহণ আৰু প্ৰচাৰ, যঁতৰ আৰু খাদী ব্যৱহাৰ, যঁতৰত সূতা কটা, সেৱাদলৰ সদস্য ভৰ্তি আৰু তিলক স্বৰাজ ভঁৰালৰ বাবে পুঁজি সংগ্ৰহ কৰা।

(খ) ধ্বংসমূলক কার্যসূচীৰ ভিতৰত আছিল— ব্ৰিটিছ আইন আদালত বৰ্জন কৰা, ব্ৰিটিছ শিক্ষানুষ্ঠান বৰ্জন কৰা, বিধান পৰিষদৰ নিৰ্বাচন বৰ্জন কৰা, চৰকাৰী কাৰ্যসূচী, উৎসৱ বৰ্জন কৰা, ব্ৰিটিছ পণ্য বৰ্জন কৰা আদি। পুলিচ নিৰ্যাতনত অতিষ্ঠ হৈ উত্তৰ প্ৰদেশৰ চৌৰীচৌৰাৰ কৃষকসকলে ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰী তাৰিখে তাৰ পুলিচ চকী এটা জ্বলাই পুৰি পেলাইছিল। সেই পুলিচ চকীটোত জামাদাৰ আৰু দাৰোগাসহ প্রায় ১৮ ৰ পৰা ২২ জনমান পুলিচ কর্মী অগ্নিদগ্ধ হৈ মৃত্যুৰ মুখত পৰিছিল। অসহযোগ আন্দোলনটো গান্ধীয়ে অহিংসা পন্থাৰে চলাটো বিচাৰিছিল, গতিকে আন্দোলনে চৌৰীচৌৰাত হিংসাৰ পথ লোৱাত গান্ধীয়ে ১৯২২ চনৰ ২২ ফেব্ৰুৱাৰী তাৰিখে বৰদীলীৰ পৰা আন্দোলন স্থগিত ৰখাৰ ঘোষণা কৰি আন্দোলন বন্ধ কৰিছিল।

প্রশ্ন ৪। আইন অমান্য আন্দোলনৰ মূল লক্ষ্য কি আছিল? এই আন্দোলনৰ মূল বৈশিষ্ট্য কি আছিল? [HSLC 2018]

উত্তৰ : আইন অমান্য আন্দোলনৰ মূল লক্ষ্য আছিল ব্ৰিটিছ চৰকাৰৰ দ্বাৰা গঠিত ছাইমন কমিছনৰ বিৰোধিতা কৰা। এই কমিছনত অকল ব্ৰিটিছ সংসদৰ সদস্যকহে অন্তৰ্ভুক্ত কৰা হৈছিল। ৰাজনৈতিক দল আৰু সামাজিক সংগঠনবোৰে ভাৰতীয় প্রতিনিধি নথকা বাবে ইয়াক গ্ৰহণ কৰা নাছিল। এই কমিছনৰ প্ৰতিবাদ স্বৰূপে ১৯২৮ চনৰ ৩ ফেব্ৰুৱাৰিত বংগদেশত এক হৰতাল আৰম্ভ হৈছিল। ছাইমন কলিকতাত উপস্থিত হোৱাত বিভিন্ন প্ৰতিবাদৰ সন্মুখীন হৈছিল। তেনে পৰিস্থিতিত মতিলাল নেহৰুক ভাৰতৰ বাবে এখন সংবিধানৰ খচৰা প্ৰস্তুত কৰাৰ দায়িত্ব অর্পণ কৰা হৈছিল।

ভাৰতীয় কংগ্ৰেছে নেহেৰু প্রতিবেদনখন গ্ৰহণ কৰিছিল আৰু চৰকাৰক এই প্রতিবেদনখন গ্ৰহণ কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল। ১৯২৮ চনত কলিকতাত বহা কংগ্ৰেছ অধিৱেশনত ব্ৰিটিছ চৰকাৰক দি কৈছিল সকীয়নি যদি ভাৰতক ডমিনিয়ন ব্যৱস্থা প্ৰদান কৰা নহয় তেন্তে আইন অমান্য আন্দোলন গঢ়ি তোলা হ’ব। আইন অমান্য আন্দোলনৰ মূল বৈশিষ্ট্যসমূহ হ’ল—

(ক) ভাৰতীয় প্রতিনিধি সকলক ছাইমন কমিছনত অন্তৰ্ভুক্ত কৰা,

(খ) মণ্টেগো ছেমছফৰ্ড সংস্কাৰ নীতি অনুসৰণ কৰা,

(গ) আন্দোলন চলি থকাৰ বাবে লণ্ডনত অনুষ্ঠিত হোৱা প্ৰথমখন ঘূৰণীয়া মেজমেল কংগ্ৰেছে বৰ্জন কৰিছিল।

(ঘ) নিজৰ দেশ আৰু দেশৰ অন্যান্য প্রান্ততো লোণ আইন ভংগ কৰা।

(ঙ) দেশত পূর্ণ স্বাধীনতা লাভ কৰা।

প্রশ্ন ৫। কি পৰিস্থিতিত ভাৰত ত্যাগ আন্দোলনৰ সূচনা হৈছিল ? ভাৰতৰ স্বাধীনতা সংগ্ৰামত এই আন্দোলনৰ কাৰ্যসূচীক তুমি মাইলৰ খুটি হিচাপে সাব্যস্ত কৰিব খোজেনে? তোমাৰ মতামতৰ সমৰ্থনত যুক্তি দিয়া।

উত্তৰ : ১৯৩৯ চনৰ ছেপ্টেম্বৰ মাহত দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণী হৈছিল। এই যুদ্ধত মহাত্মা গান্ধী আৰু জৱাহৰলাল নেহৰুৱে ‘সম্পূর্ণ’ স্বাধীনতাৰ প্ৰস্তাৱ গ্ৰহণ কৰিলে ব্ৰিটিছক যুদ্ধত সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু ব্ৰিটিছে তেওঁলোকৰ প্ৰস্তাৱটো গ্ৰহণ নকৰিলে। সেই সময়ত ব্রিটেইনত সকলো দলেৰে সন্মিলিত চৰকাৰ আছিল। যাৰ শ্রমিক দলৰ সদস্য সকলে ভাৰতীয়সকলৰ দাবীসমূহৰ প্ৰতি সহানুভূতি দেখুৱাইছিল।

১৯৪২ চনত প্রধানমন্ত্রী উইনস্টন চাৰ্চিলে তেওঁৰ মন্ত্রীসভাৰ এজন মন্ত্রী ছাৰ ষ্টাফৰ্ড ক্ৰিপছক ভাৰতলৈ পঠিয়ায়। তেওঁক ভাৰতলৈ পঠিওৱা মূল উদ্দেশ্য আছিল ভাৰতীয় ৰাজনৈতিক দলসমূহৰ লগত আলোচনা কৰি ইউৰোপত চলি থকা যুদ্ধত ব্ৰিটিছৰ পক্ষত ভাৰতীয়সকলৰ পৰা সহায় আৰু সমৰ্থন লাভ কৰা। ক্ৰিপছৰ প্ৰস্তাৱত যুদ্ধৰ শেষত ভাৰতৰ বাবে ডমিনিয়ন ব্যৱস্থাৰ প্ৰস্তাৱ আগবঢ়াৰ লগতে এখন সাংবিধানিক পৰিষদ আৰু প্ৰদেশসমূহৰ বাবে পৃথক সংবিধানৰ প্ৰণয়নৰ অধিক প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰা হৈছিল।

কিন্তু অৱশেষত ক্ৰিপছৰ মিছন ব্যৰ্থ হৈছিল। উপায়হীন হৈ এনে পৰিস্থিতিত গান্ধীয়ে বিট্ৰিছৰ বিৰুদ্ধে “ভাৰত ত্যাগ” আন্দোলনৰ সূচনা কৰে। ভাৰতৰ স্বাধীনতা সংগ্ৰামত ভাৰত ত্যাগ আন্দোলনৰ কাৰ্যসূচীক মাইলৰ খুঁটি হিচাপে সাব্যস্ত কৰিব পাৰি।

কাৰণ স্বাধীনতাৰ জাতীয়তাবাদী সংগ্ৰামত জনসাধাৰণৰ স্বতঃস্ফূর্ত অংশগ্রহণে আন্দোলনক এক নতুন মাত্রা প্ৰদান কৰিছিল। ছাত্ৰ, মহিলা, খেতিয়ক আৰু শ্রমিকে এই আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। এই আন্দোলনৰ পাছত স্বাধীনতা দৰদামৰ বিষয় হৈ থকা নাছিল।

প্রশ্ন ৬ ৷ ভাৰতীয় জাতীয় সেনা বাহিনীৰ বিষয়ে এটা চমু টোকা লিখা । [HSLC 2012]

উত্তৰ : ভাৰতীয় জাতীয় সেনা বাহিনীৰ ধাৰণাটো প্ৰথমে পোষণ কৰিছিল মালয়ত ব্ৰিটিছ সৈন্য বাহিনীত চাকৰি কৰি পিছত জাপানী সৈন্যৰ ওচৰত আত্মসমর্পণ কৰিবলগীয়া হোৱা ভাৰতীয় বিষয়া কেপ্তেইন সোহান সিঙে। ১৯৪২ চনৰ জুন মাহত বেংককত বহা ‘ভাৰতীয় স্বতন্ত্ৰ লীগ’ নামৰ সন্মিলন খনত ভাৰতীয় জাতীয় সেনা বাহিনী বা আজাদ হিন্দ ফৌজ গঠন কৰাৰ সিদ্ধান্ত লোৱা হয়। আজাদ হিন্দ ফৌজ হৈছেভাৰতৰ স্বাধীনতা আন্দোলনত প্রধান ভূমিকা গ্রহণ কৰা এটা ফৌজ বা বাহিনী। আজাদ হিন্দ ফৌজৰ জন্মদাতা আছিল কেপ্তেইন মোহান সিং।

১৯৪১ চনৰ ডিচেম্বৰ মাহত জাপানে ব্ৰিটিছ শাসনাধীন মালয় আক্ৰমণ কৰি ব্ৰিটিছ সেনাবাহিনীটোক পৰাস্ত কৰে। এই ব্ৰিটিছ সেনাবাহিনীটোৰ কেপ্তেইন আছিল সোহান সিং। এইজনা সোহান সিঙে জাপানী সৈনিকসকলৰ পৰামৰ্শমতে যুদ্ধত বন্দী হৈ থকা ভাৰতীয় সৈনিকসকলক লৈ এটা ব্ৰিটিছ বিৰোধী সেনাবাহিনী গঠন কৰে। এনেদৰে গঠিত সেনা-বাহিনীটোৰ নামেই হ’ল ‘আজাদ হিন্দ ফৌজ’। আজাদ হিন্দ ফৌজৰ প্ৰধান উদ্দেশ্য আছিল জাপানী সকলৰ সহযোগত ব্ৰিটিছক খেদি ভাৰতবৰ্ষ স্বাধীন কৰা।

প্রথম বিশ্বযুদ্ধৰ সময়তে ভাৰতীয় বিপ্লৱী ৰাসবিহাৰী বসুৱে দেশৰ পৰা পলায়ন কৰি গৈ জাপানত ১৯৪২ চনৰ মাৰ্চ মাহত ভাৰতীয়সকলৰ বাবে এখন ৰাজনৈতিক অভিবর্তন পাতি তাতেই ‘ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স লীগ’ নামে এটি সংগঠন গঢ়ি তুলিছিল। সেই অভিবৰ্তনখনতেই বাসবিহাৰী বসুক ‘ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স লীগ’ৰ সভাপতি পাতে আৰু সোহান সিঙক প্ৰতিৰক্ষা মন্ত্ৰী আৰু আজাদ হিন্দ ফৌজৰ সেনাধ্যক্ষ নিযুক্ত কৰিছিল। এই সংগঠনটোৰ উদ্দেশ্য আছিল ভাৰতবৰ্ষক স্বাধীন কৰা। এই অভিবৰ্তনখনৰ এটি প্রস্তাৱমতে সুভাস চন্দ্র বসুক জাৰ্মানীৰপৰা জাপানলৈ মাতি পঠিওৱা হৈছিল। সেই মতে সুভাষ চন্দ্ৰ বসুৱে ১৯৪৩ চনৰ আগষ্ট মাহত টকিওত উপস্থিত হৈছিল।

টকিওত উপনীত হৈয়েই তেওঁ ৰাসবিহাৰী বসুৰ ঠাইত নিজে ‘ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স লীগ’ৰ সভাপতিৰ আসন গ্ৰহণ কৰে। লগতে তেওঁ আজাদ হিন্দ ফৌজৰো সেনাধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰে। তেওঁ দায়িত্বভাৰ লোৱাৰ পিছৰ পৰাই ১৯৪৩ চনৰ ২১ অক্টোবৰ তাৰিখে কাৰ্য পৰিষদক ভাৰতবৰ্ষৰ অস্থায়ী চৰকাৰৰূপে ঘোষণা কৰা হৈছিল। আজাদ হিন্দ ফৌজৰ লক্ষ্য আৰু উদ্দেশ্য আছিল ভাৰতবৰ্ষক ব্ৰিটিছৰ কৱলৰপৰা মুক্ত কৰা আৰু যিকোনো পৰিস্থিতিতেই জাপানক ভাৰতবৰ্ষত নিজৰ অধিকাৰ স্থাপন কৰাৰ পৰা বিৰত কৰা ।

সেই উদ্দেশ্য আৰু লক্ষ্য আগত ৰাখিয়েই আজাদ হিন্দ ফৌজৰ সৈনিকসকলে দেশৰ স্বাধীনতাৰ কাৰণে চৰম ত্যাগ কৰিবলৈ সাজু আছিল। কোনো কাৰণতেই আজাদ হিন্দ ফৌজৰ সৈনিকসকলে জাপানৰ ভেৰোণীয়া সৈনিক হিচাপে কাম কৰা নাছিল। আজাদ হিন্দ ফৌজৰ কৰ্মকৰ্তাসকলে নিজৰ সংগঠনৰ স্বতন্ত্ৰতা ৰক্ষা কৰিবলৈহে কাম কৰিছিল। আজাদ হিন্দ ফৌজৰ সৈনিকসকলে সুভাষ চন্দ্ৰ বসুক নেতাজী বুলি সম্বোধন কৰিছিল আৰু জয় হিন্দ ধ্বনিৰে তেওঁলোকৰ চেতনাক উত্তেজিত কৰি ৰাখিছিল। এই ফৌজৰ সৈনিকসকলে ভাৰতবৰ্ষৰ পিনে ১৯৪৪ চনৰ মাৰ্চ মাহত দেশৰ প্ৰায় ১৫০ কিলোমিটাৰ ভিতৰলৈ সোমাই আহিছিল।

এনেদৰে দেশৰ স্বাধীনতা সংগ্ৰামত আজাদ হিন্দ ফৌজৰ প্রায় ৪,০০০ সৈনিকে প্রাণ আহুতি দিছিল। কিন্তু এনে সময়তে যুদ্ধৰ গতিধাৰা বিশ্বত বিয়পি পৰাত আজাদ হিন্দ ফৌজৰ ভাৰত ভ্ৰমণ স্তব্ধ হৈ পৰিছিল। তথাপিও আজাদ হিন্দ ফৌজে দেশৰ স্বাধীনতা আন্দোলনৰ অগ্ৰগতিত বিশেষ অৰিহণা যোগাইছিল।

আজাদ হিন্দ ফৌজে দেশৰ বহিঃ দিশৰ পৰা ভাৰতবৰ্ষত ব্ৰিটিছ সামৰিক বাহিনীৰ ভিত্তিমূলত আঘাত হানি সাম্ৰাজ্যবাদৰ শক্তি হ্ৰাস কৰি আনিছিল। আজাদ হিন্দ ফৌজৰ সেনাধ্যক্ষ সুভাষ চন্দ্ৰ বসু ১৯৪৫ চনৰ এটি আকাশীযানৰ দুর্ঘটনাত মৃত্যু হয়। কিন্তু বহুতে সুভাস চন্দ্র বসু ১৯৪৫ চনৰ পৰা নিখোজ হোৱা বুলিহে সন্দেহ কৰিছিল।

অতি চমু প্রশ্নোত্তৰ (মূল্যাংক -১):

প্রশ্ন ১। ভাৰতৰ স্বাধীনতা সংগ্ৰামত কোন গৰাকী ব্যক্তিৰ উত্থান এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে?

উত্তৰ : মহাত্মা গান্ধীৰ

প্রশ্ন ২। চম্পাৰণ সত্যাগ্রহ কোন চনত হৈছিল?

উত্তৰঃ ১৯১৭ চনত।

প্রশ্ন ৩। কোন চনত ৰাওলাট আইন গৃহীত হৈছিল?

উত্তৰ: ১৯১৯ চনত।

প্রশ্ন ৪। কোন চনত জালিৱানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল?

উত্তৰ: ১৯১৯ চনত।

প্রশ্ন ৫। ভাৰতীয় জাতীয় সেনা বাহিনীৰ মূল শ্লোগান কি আছিল ?

উত্তৰ : ‘জয় হিন্দ’

প্রশ্ন ৬। সুভাষ চন্দ্র বসুৱে মহিলাসকলক লৈ গঠন কৰা বাবে সেনা বাহিনীটোৰ নাম কি?

উত্তৰ : ‘জান্সি ৰাণী ৰেজিমেণ্ট’।

প্রশ্ন ৭। কোন চনত ভাৰতবৰ্ষত খিলাফৎ আন্দোলন আৰম্ভ হৈছিল?

উত্তৰ : ১৯১৯ চনত।

প্রশ্ন ৮। খিলাফৎ আন্দোলনৰ দুগৰাকী নৈতাৰ নাম লিখা।

উত্তৰ : মৌলানা মহম্মদ আলি আৰু চৌকত আলি।

প্রশ্ন ৯। কোন চনত ব্ৰিটিছ সংসদে ছাইমন কমিছনক ভাৰতলৈ পঠিয়াইছিল?

উত্তৰ : ১৯২৭ চনত।

প্রশ্ন ১০। কোন দুটা ৰাজনৈতিক দলে ভাৰত ত্যাগ অন্দোলন প্ৰস্তাৱ নাকচ কৰে?

উত্তৰ : কমিউনিষ্ট দল, মুছলিম লীগ।

প্রশ্ন ১১। বাল গংগাধৰ তিলকৰ মৃত্যুৰ দিনটোত মহাত্মা গান্ধীয়ে কোনটো আন্দোলন আৰম্ভ কৰিছিল ?

উত্তৰ : অসহযোগ আন্দোলন।

প্রশ্ন ১২। কোনে ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স লীগ’ গঢ়ি তুলিছিল?

উত্তৰ : ৰাস বিহাৰী বসুৱে।

প্রশ্ন ১৩। স্বতন্ত্র লীগৰ জন্ম ক’ত আৰু কেতিয়া হৈছিল?

উত্তৰ: ১৯৪১ চনৰ মাৰ্চ মাহত টকিঅ’ত।

প্রশ্ন ১৪। স্বাধীন ভাৰতৰ প্ৰথমজন গৱৰ্ণৰ জেনেৰেল কোন?

উত্তৰ: লর্ড মাউণ্টবেটেন।

প্রশ্ন ১৫। পাকিস্তানৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল কোন আছিল?

উত্তৰ: মহম্মদ আলি জিন্না।

প্রশ্ন ১৬। পাকিস্তানৰ স্বাধীনতা দিৱস কেতিয়া পালন কৰা হয়?

উত্তৰ : ১৯৪৭ চনৰ ১৪ আগষ্ট তাৰিখে।

প্রশ্ন ১৭। “গান্ধী আৰউইন চুক্তি” ৰ মুখা উদ্দেশ্য কি আছিল। [HSLC 2013]

উত্তৰ : কংগ্ৰেছক ঘূৰণীয়া মেজমেলৰ অংশীদাৰ কৰা ।

প্রশ্ন ১৮। “ৰাওলাট আইন” কেতিয়া বলবৎ কৰা হৈছিল আৰু এই আইন কি আন্দোলনলৈ পৰিবৰ্তিত কৰিবলৈ চেষ্টা কৰা হৈছিল?

উত্তৰ : ১৯১৯ চনৰ ১৮ মার্চ তাৰিখে এই “ৰাওলাট আইন” বলবৎ কৰা হৈছিল৷ “ৰাওলাট আইন” বিৰোধী আন্দোলনক গান্ধীয়ে সত্যাগ্রহ আন্দোলনলৈ পৰিবৰ্তিত কৰিবলৈ চেষ্টা কৰিছিল৷

প্রশ্ন ১৯ ৷ পঞ্জাৱৰ জালিৱানৱালাবাগত গুলীচালনাৰ হুকুম দিয়া ব্ৰিটিছ বিষয়া জনৰ নাম কি আৰু এই গুলীচালনাত কিমান জন লোকৰ থিতাতে মৃত্যু হৈছিল?

উত্তৰ : ব্ৰিটিছ বিষয়াজনৰ নাম হ’ল জেনেৰেল ৰেজিনেল্ড দায়াৰ । এই গুলীচালনাত থিতাতে ৩৭৯ জন লোকৰ মৃত্যু হৈছিল।

প্রশ্ন ২০। জালিৱানৱালাবাগৰ হত্যাকাণ্ডটো কেতিয়া সংঘটিত হৈছিল আৰু এই হত্যাকাণ্ডটোত কিমানজন লোক চিৰদিনলৈ পংগু হৈছিল?

উত্তৰ : ১৯১৯ চনৰ ১৩ এপ্রিল তাৰিখে এই হত্যাকাণ্ডটো সংঘটিত হৈছিল আৰু তাত প্ৰায়ে ১৫,০০ জন লোক চিৰদিনলৈ পংগু হৈ পৰিছিল।

প্রশ্ন ২১। অমৃতসৰৰ জালিৱানৱালাবাগত কিমানজন লোক সমবেত হৈছিল?

উত্তৰ : প্রায় ২০,০০০ জন লোক।

প্রশ্ন ২২। মিত্র শক্তিৰ অন্যতম সদস্য ৰাষ্ট্ৰখনৰ নাম কি?

উত্তৰ: ইংলেণ্ড।

প্রশ্ন ২৩। কোন তাৰিখে বাল গংগাধৰ তিলকৰ মৃত্যু হৈছিল?

উত্তৰ : ১৯২০ চনৰ ১ আগষ্টত।

প্রশ্ন ২৪। কিমান তাৰিখে উত্তৰপ্ৰদেশৰ চৌৰীচৌৰাৰ কৃষকসকলে এটা পুলিচ চকী জ্বলাই পুৰি পেলাইছিল?

উত্তৰ : ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰী তাৰিখে।

প্রশ্ন ২৫। কিমান চনত গান্ধীয়ে বৰদলীৰ পৰা অসহযোগ আন্দোলনে চৌৰীচৌৰাত হিংসাৰ পথ লোৱাত আন্দোলন স্থগিত কৰিছিল ?

উত্তৰ: ১৯২২ চনৰ ২২ ফেব্ৰুৱাৰী তাৰিখে।

প্রশ্ন ২৬। ১৯২৯ চনৰ ডিচেম্বৰ মাহত অনুষ্ঠিত কংগ্ৰেছৰ লাহোৰ অধিবেশনত কোনে সভাপতিত্ব কৰিছিল?

উত্তৰ: জৱাহৰলাল নেহৰুৱে৷

প্রশ্ন ২৭। আইন অমান্য আন্দোলন অনুষ্ঠানিকভাৱে কেতিয়াৰ পৰা আৰম্ভ হৈছিল?

উত্তৰ : ১৯৩০ চনৰ মাৰ্চ মাহৰ পৰা৷

প্রশ্ন ২৮। কিমান চনত দেশৰ বাবে পূর্ণ স্বাধীনতাৰ বাবে প্ৰস্তাৱ লোৱা কংগ্ৰেছৰ অধিৱেশনখন হৈছিল?

উত্তৰ: ১৯২৯ চনৰ ডিচেম্বৰ মাহত লাহোৰত ৷

প্রশ্ন ২৯। কোনে কিমান চনত সবমতী আশ্রম পাতিছিল ?

উত্তৰ: মহাত্মা গান্ধীয়ে ১৯১৫ চনত গুজৰাটত সবমতী আশ্রম পাতিছিল।

প্রশ্ন ৩০। দেশত আইন অমান্য আন্দোলন আৰম্ভ কৰাৰ অপৰাধত ব্ৰিটিছ ভাৰত চৰকাৰে জৱহাৰলাল নেহৰু আৰু মহাত্মা গান্ধীক কেতিয়া গ্ৰেপ্তাৰ কৰিছিল ?

উত্তৰ: কংগ্ৰেছ সভাপতি জৱাহৰলাল নেহৰুক ১৯৩০ চনৰ ১৪ এপ্ৰিল আৰু মহাত্মা গান্ধীক ১৯৩০ চনৰ ৫ মে’ তাৰিখে আন্দোলন আৰম্ভ কৰাৰ অপৰাধত চৰকাৰে গ্ৰেপ্তাৰ কৰিছিল।

প্রশ্ন ৩১ । কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈ প্ৰথম ঘূৰণীয়া মেজমেল বহিছিল? এই মেজমেলত কোনে সভাপতিত্ব কৰিছিল?

উত্তৰ: ১৯৩০ চনৰ ১২ নৱেম্বৰৰ পৰা ১৯৩১ চনৰ ১৯ জানুৱাৰীলৈ লণ্ডনত প্ৰথম ঘূৰণীয়া মেজমেল বহিছিল। এই মেজমেলত ব্ৰিটিছ প্ৰধানমন্ত্ৰী ৰামজে মেকডোনাল্ডে সভাপতিত্বত কৰিছিল।

প্রশ্ন ৩২। কিমান তাৰিখে গান্ধী-আউইন চুক্তিখন স্বাক্ষৰিত হৈছিল?

উত্তৰ : ১৯৩১ চনৰ ৫ মার্চ তাৰিখে।

প্রশ্ন ৩৩। কাৰ সভাপতিত্বত বহা কোনখন কংগ্ৰেছ সভাই গান্ধী আৰউন চুক্তিৰ প্রতি অনুমোদন জনাইছিল?

উত্তৰ : চৰ্দাৰ বল্লভভাই পেটেলৰ সভাপতিত্বত কৰাছীত অনুষ্ঠিত কংগ্ৰেছে (২৯ মার্চ, ১৯৩১চনত)।

প্রশ্ন ৩৪ । কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈ দ্বিতীয় ঘূৰণীয়া মেজমেল বহিছিল? এই মেজমেলত কংগ্ৰেছৰ একমাত্র প্রতিনিধি কোন আছিল?

উত্তৰ: ১৯৩১ চনৰ ৭ ছেপ্টেম্বৰৰ পৰা ১ ডিচেম্বৰলৈ দ্বিতীয় ঘূৰণীয়া মেজমেল বহিছিল। এই মেজমেলত কংগ্ৰেছৰ একমাত্র প্রতিনিধি আছিল মহাত্মা গান্ধী।

প্রশ্ন ৩৫। গান্ধীজীয়ে হৰিজন সেৱাৰ নামত কোন তাৰিখৰ পৰা কিমান তাৰিখলৈকে কিমান দিন অনশন কাৰ্য আৰম্ভ কৰে।

উত্তৰ : ১৯৩৩ চনৰ মে’ মাহৰ ৮ তাৰিখৰ পৰা ২৮ তাৰিখলৈকে হৰিজন সেৱাৰ নামত ২১ দিনীয়া অনশন কৰিছিল।

প্রশ্ন ৩৬। কেতিয়াৰ পৰা আইন অমান্য আন্দোলনৰ অন্ত পৰে?

উত্তৰ : ১৯৩৪ চনৰ ২০ মে’ৰ পৰা আইন অমান্য আন্দোলনৰ অন্ত পৰে।

প্রশ্ন ৩৭। কিমান তাৰিখে আইন অমান্য আন্দোলন স্থগিত কৰা হয় ?

উত্তৰ : ১৯৩৪ চনৰ ৭ এপ্রিল তাৰিখে

প্রশ্ন ৩৮। কিমান তাৰিখে জার্মানীয়ে পোলেণ্ড আক্রমণ কৰে?

উত্তৰ : ১৯৩৯ চনৰ ১ ছেপ্টেম্বৰ তাৰিখে।

প্রশ্ন ৩৯। কিমান তাৰিখে জার্মানীয়ে ছোভিয়েট ৰাছিয়া আক্রমণ কৰে?

উত্তৰ: ১৯৪১ চনৰ ২২ জুন তাৰিখে।

প্রশ্ন ৪০। কাক নঙঠা ফকীৰ হিচাপে জনা যায়?

উত্তৰ : মহাত্মা গান্ধীক।

প্রশ্ন ৪১। ১৯৪২ চনৰ মাৰ্চ মাহত ব্ৰিটিছ প্ৰধানমন্ত্রী ছাৰ্চিলে ব্ৰিটিছ সংযুক্ত মন্ত্রীসভাৰ কোনজন সদস্যক ভাৰতবৰ্ষলৈ পঠিয়ায় ?

উত্তৰ : ছাৰ ষ্টাফৰ্ড ক্রিপছক।

প্রশ্ন ৪২। ছাৰ ষ্টাফৰ্ড ক্ৰিপছ ইংলেণ্ডৰ কোন দলৰ সদস্য আছিল?

উত্তৰ : বনুৱা দলৰ৷

প্রশ্ন ৪৩। কিমান চনত ছাৰ ষ্টাফৰ্ড ক্ৰিপছ ভাৰতবৰ্ষত উপনীত হৈছিল?

উত্তৰ : ১৯৪২ চনৰ ২৩ মার্চ তাৰিখে

প্রশ্ন ৪৪। ভাৰত ত্যাগ প্ৰস্তাৱ কেতিয়া গ্ৰহণ কৰা হৈছিল?

উত্তৰ: ১৯৪২ চনৰ ৮/৯ আগষ্টত।

প্রশ্ন ৪৫। কিমান চনত ভাৰত ত্যাগ আন্দোলনৰ অন্ত পৰে?

উত্তৰ : ১৯৪৪ চনত।

প্রশ্ন ৪৬। আজাদ হিন্দ ফৌজৰ জন্মদাতা কেপ্তেইন সোহান সিং পূর্বতে কি আছিল।

উত্তৰ: ব্ৰিটিছ-ভাৰত সেনাবাহিনীৰ এজন কেপ্টেইন আছিল।

প্রশ্ন ৪৭। কিমান চনত জাপানে ব্ৰিটিছ শাসনাধীন মালয় আক্রমণ কৰিছিল?

উত্তৰ : ১৯৪১ চনৰ ডিচেম্বৰ মাহত।

প্রশ্ন ৪৮। কোনে ‘ইণ্ডিয়ান ইন্ডিপেন্ডেন্স লীগ’ গঢ়ি তুলিছিল ?

উত্তৰ : ১৯৪২ চনৰ মাৰ্চ মাহৰ শেষত টকিওত ভাৰতীয় বিপ্লবী বাজবিহারী বসুরে।

প্রশ্ন ৪৯। “ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স লীগ” সংগঠনটোৰ উদ্দেশ্য কি আছিল ?

উত্তৰ: ভাৰতবৰ্ষক স্বাধীন কৰা।

প্রশ্ন ৫০। কোনে সুভাষ চন্দ্র বসুক নেতাজী বুলি সম্বোধন কৰিছিল ?

উত্তৰ: আজাদ হিন্দ ফৌজৰ সৈনিক সকলে।

প্রশ্ন ৫১। কিমান চনৰ পৰা সুভাষচন্দ্ৰ বসু নিখোজ হয় ?

উত্তৰ : ১৯৪৫ চনৰ পৰা।

প্রশ্ন ৫২ I ব্ৰিটিছপ্রধানমন্ত্রী চি. আৰ. এটলীয়ে কাৰ নেতৃত্বত ভাৰতবৰ্ষলৈ মন্ত্ৰীদূত পঠিয়ায় ?

উত্তৰ : ভাৰত পৰিক্ৰমাৰ মন্ত্ৰী পেথিক লঞ্চেৰ নেতৃত্বত।

প্রশ্ন ৫৩। কিমান চনত আৰু ক’ত নৌ-বিদ্রোহ সংঘটিত হৈছিল?

উত্তৰ : ১৯৪৬ চনৰ ১৮ ফেব্ৰুৱাৰীত, বোম্বেত।

প্রশ্ন ৫৪। কলিকতাত হোৱা সাম্প্রদায়িক সংঘৰ্ষত অসমৰ কোনজন কবিৰ মৃত্যু হৈছিল ?

উত্তৰ: অমূল্য বৰুৱা।

প্রশ্ন ৫৫। মন্ত্রীদূতে প্রস্তুত কৰা আঁচনি অনুযায়ী ভাৰতৰ সংবিধান সভাৰ সদস্য সংখ্যা কিমান হোৱাৰ পোষকতা কৰিছিল?

উত্তৰ : ১৪ জনীয়া।

প্রশ্ন ৫৬। কোন দিনা মুছলিম লীগে পাকিস্তানৰ দাবীত সমগ্ৰ দেশতে প্রত্যক্ষ দাবী দিৱস পালনৰ আহ্বান দিয়ে ?

উত্তৰ :.১৬ আগষ্টৰ দিনটো।

প্রশ্ন ৫৭। মুছলিম লীগে আহ্বান দিয়া প্রত্যক্ষ দাবী দিৱসৰ দিনা কলিকতা চহৰত কিমান জন মানুহৰ মৃত্যু মুখত পৰিছিল ?

উত্তৰ: প্ৰায় ৫,০০০ জন মানুহ মৃত্যু মুখত পৰিছিল আৰু লগতে ১৫,০০০ লোক গুৰুতৰভাৱে আঘাতপ্রাপ্ত হৈছিল ৷

প্রশ্ন ৫৮। কিমান তাৰিখে আৰু কাৰ নেতৃত্বত এখন অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰিবলৈ আহ্বান জনায়।

উত্তৰ: লর্ড ওৱাভেলে ১৯৪৬ চনৰ ৬ আগষ্ট তাৰিখে কংগ্ৰেছ সভাপতি জৱাহৰলাল নেহৰুক এখন অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰিবলৈ আহ্বান জনায়।

প্রশ্ন ৫৯। পাকিস্তানৰ স্বাধীনতা দিৱস কেতিয়া পালন কৰা হয়?

উত্তৰ : ১৯৫৭ চনৰ ১৪ আগষ্ট তাৰিখে।

প্রশ্ন ৬০। বাংলাদেশ পাকিস্তানৰ পৰা কেতিয়া স্বাধীন হয়?

উত্তৰ : ১৯৭১ চনৰ মাৰ্চ মাহত।

প্রশ্ন ৬১। কোন চনত মিত্রশক্তি জয়যুক্ত হয়?

উত্তৰ: ১৯১৮ চনত।

প্রশ্ন ৬২। কোন চনত ৰুছ বিপ্লৱৰ যুদ্ধ হৈছিল?

উত্তৰ: ১৯১৭ চনত।

প্রশ্ন ৬৩। ‘নাটাল ইণ্ডিয়ান কংগ্ৰেছ’ নামৰ ৰাজনৈতিক সংগঠনটো কোনে, কেতিয়া আৰম্ভ কৰিছিল ?

উত্তৰ : মহাত্মা গান্ধীয়ে ১৮৯৩ চনত দক্ষিণ আফ্ৰিকাৰ নাটালত।

প্রশ্ন ৬৪। সত্যাগ্রহ হ’ল এক আধ্যাত্মিক আন্দোলন, এক বিশুদ্ধীকৰণ প্রায়চিত্তকৰণৰ প্ৰক্ৰিয়া । কথাষাৰ কাৰ?

উত্তৰ : মহাত্মা গান্ধীৰ

প্রশ্ন ৬৫। অসহযোগ আন্দোলনৰ নীতিবাচক দিশ তিনিটা কি কি?

উত্তৰ: বিধান মণ্ডল, আদালত আৰু চৰকাৰী শিক্ষানুষ্ঠান।

প্রশ্ন ৬৬। খুদাই খিটমগাছ’ মানে কি?

উত্তৰ : ঈশ্বৰৰ সেৱা।

প্রশ্ন ৬৭। কোন তাৰিখত মুছলিম লিগে ‘মুক্তি দিৱস’ পালন কৰে?

উত্তৰ : ১৯৩৯ চনৰ ২২ ডিচেম্বৰত।

প্রশ্ন ৬৮ ৷ হিটলাৰ আৰু নাৎসী বাহিনীৰ বিৰোধিতা কৰা দুজন ব্যক্তিৰ নাম লিখা।

উত্তৰ : মহাত্মা গান্ধী আৰু জৱাহৰলাল নেহৰু।

প্রশ্ন ৬৯। কোন চনত বৰদলি সত্যাগ্রহ আৰম্ভ হয়?

উত্তৰ : ১৯২৮ চনত।

প্রশ্ন ৭০। কিমান চনত হৰিজন নামৰ সাপ্তাহিক কাকতখন প্রকাশ পায় ?

উত্তৰ : ১৯৩৩ চনত। .

প্রশ্ন ৭১। কোন চনত কস্তুৰবা গান্ধীৰ মৃত্যু হয়?

উত্তৰ : ১৯৪৪ চনত।

প্রশ্ন ৭২। ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল কোন আছিল?

উদ্ভৰ: লর্ড মাউণ্টবেটেন।

প্রশ্ন ৭৩। পাকিস্তানৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল কোন আছিল?

উত্তৰঃ মহম্মদ আলি জিন্না।

প্রশ্ন ৭৪। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰীজনৰ নাম কি?

উত্তৰঃ জৱাহৰলাল নেহৰু।

প্রশ্ন ৭৫। ১৯৪৭ চনৰ ১৭ আগষ্টত ভাৰত আৰু পাকিস্তানৰ সীমা বুলি গ্ৰহণ কৰ ৰেখাডালৰ নাম কি ?

উত্তৰ : ৰেডক্লিফ ৰেখা।

প্রশ্ন ৭৬। ‘প্রত্যক্ষ দাবী দিৱস’ কেতিয়া পালন কৰা হয়?

উত্তৰ : ১৯৪৬ চনৰ ১৬ আগষ্ট।

প্রশ্ন ৭৭। কোন চনত লর্ড মাউণ্টবেটেন ভাৰতৰ ভাইচৰয় হয়।

উত্তৰ : ১৯৪৭ চনত।

প্রশ্ন ৭৮। কোনে ভাৰতলৈ ‘কেবিনেট মিছন’ পঠিয়াইছিল ?

উত্তৰ : ব্ৰিটিছ প্রধামন্ত্রী মিঃ ক্লিমেন্ট এটলি।

প্রশ্ন ৭৯। ‘কেবিনেট মিছন’ৰ সদস্য তিনিজন কোন কোন?

উত্তৰ: ষ্টেফোর্ড ক্রীপছ, লর্ড পেথিক লৰেন্স, এ. ভি. আলেজেণ্ডাৰ।

চমু প্রশ্নোত্তৰ (মূল্যাংক -২/৩)

প্রশ্ন ১। অহিংসা নীতি উদ্ভাৱনৰ ক্ষেত্ৰত মহাত্মা গান্ধীয়ে কাৰ কাৰ আদৰ্শৰ দ্বাৰা প্ৰভাৱান্বিত হৈছিল ?

উত্তৰ: অহিংসা নীতি উদ্ভাৱনৰ ক্ষেত্ৰত মহাত্মা গান্ধীয়ে ৰালফ্ অডো ইমাৰ্চন থৰো আৰু টলষ্টয়ৰ আদৰ্শৰ দ্বাৰা প্ৰভাৱান্বিত হৈছিল।

প্রশ্ন ২। ব্ৰিটিছ বিৰোধী আন্দোলনৰ সময়ত বা অসহযোগ আন্দোলনৰ সময়ত গঢ়ি উঠা কেইখনমান জাতীয় শিক্ষানুষ্ঠানৰ নাম লিখা।

উত্তৰ: অসহযোগ আন্দোলনৰ সময়ত গঢ়ি উঠা কেইখনমান জাতীয় শিক্ষানুষ্ঠানৰ নাম হ’ল—

(i) কলিকতাৰ নেচনেল কলেজ। (ii) বিহাৰৰ পাটনাত স্থাপন কৰা বিহাৰ বিদ্যাপীঠ।

(iii) আলিগড় নেচনেল মুছলিম বিশ্ববিদ্যালয়। (iv) বেঙ্গল নেচনেল বিশ্ব বিদ্যালয় গুজৰাট বিদ্যাপীঠ।

(v) কাশী বিদ্যাপীঠ।

প্রশ্ন ৩। ছাৰ ষ্টাফৰ্ড ক্ৰিপছ কোন আছিল?

উত্তৰ : ছাৰ ষ্টাফৰ্ড ক্ৰিপছ ব্ৰিটিছ সংযুক্ত মন্ত্রীসভাৰ সদস্য আছিল। তেওঁ ক্ৰিপছ ইংলেণ্ডৰ বনুৱা দলৰ সদস্য আছিল। ১৯৮২ চনৰ মাৰ্চ মাহত ব্ৰিটিছ প্ৰধানমন্ত্রী চার্চিলে তেওঁক ভাৰতলৈ পঠিয়াইছিল।

প্রশ্ন ৪। ইণ্ডিয়ান অপিনিয়ন কি? ইয়াৰ গুৰুত্ব কি?

উত্তৰ : মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাৰ নাটালত, নাটাল ইণ্ডিয়ান কংগ্ৰেছ নামৰ এটা ৰাজনৈতিক সংগঠন গঢ়ি তোলাৰ উপৰি ‘ইণ্ডিয়ান অপিনিয়ন’ নামৰ এখন বাতৰি কাকত উলিয়ায়। ইণ্ডিয়ান অপিনিয়ন’ বাতৰি কাকতৰ জৰিয়তে ভাৰতীয় সকলক ৰাজনৈতিক আৰু সামাজিকভাৱে শিক্ষিত আৰু সচেতন কৰি তুলিবলৈ চেষ্টা কৰে।

প্রশ্ন ৫। সত্যাগ্রহৰ তাৎপৰ্য লিখা। [HSLC 2022]

উত্তৰ : ‘সত্যাগ্রহ’ শব্দটো গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাত প্রথমে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল। এই সন্ধিযুক্ত শব্দটো ‘সত্য’ আৰু ‘আগ্ৰহ’শব্দ দুটা লগ হৈ সৃষ্টি হৈছে, যাৰ অৰ্থ সত্যৰ প্ৰতি আগ্ৰহ, অৰ্থাৎ সত্যনিষ্ঠ হৈ কাম কৰা। গান্ধীজীৰ মতে সত্যাগ্রহ হ’ল—এক আধ্যাত্মিক আন্দোলন, এক বিশুদ্ধীকৰণ আৰু প্ৰায়চিত্ত্বকৰণ প্ৰক্ৰিয়া । গান্ধীজীৰ মতে, সত্যাগ্রহ কেৱল এক একপক্ষীয় প্ৰতিৰোধ নহয়। ইয়াৰ তাৎপৰ্য হ’ল জনতাই গভীৰভাৱে নেৰানেপেৰাকৈ ৰাজনৈতিক কার্যকলাপত আত্মনিয়োগ কৰা। সত্যাগ্রহৰ ভিত্তি হ’ল অহিংসা।

প্রশ্ন ৬। ৰাওলাট আইন কি আছিল? ভাৰতীয় মানুহে কিয় এই আইনৰ বিৰোধিতা কৰিছিল ?

উত্তৰ: ছাৰ ছিডলি ৰাওলাটৰ নেতৃত্বত অনুমোদন হোৱা এখন কুখ্যাত আইন ১৯১৯ চনৰ মাৰ্চ মাহত ভাৰতত প্ৰয়োগ কৰে। ইয়াৰ বিৰোধিতা কৰাৰ কাৰণসমূহ হ’ল

(ক) এই আইনৰ জৰিয়তে ভাৰতীয় বাতৰি কাকতৰ স্বাধীনতা হৰণ কৰিছিল।

(খ) বিনা বিচাৰে মানুহক আটক, জুৰিৰ সহায় নোলোৱাকৈ ৰাজনৈতিক অপৰাধীৰ বিচাৰৰ ধাৰা ৰখা হৈছিল।

প্রশ্ন ৭। খিলাফৎ আন্দোলনৰ দুটা লক্ষ্য উল্লেখ কৰা।

উত্তৰ: (ক) প্রথম বিশ্বযুদ্ধৰ পিছত ইংৰাজসকলে তুৰস্ক সাম্ৰাজ্যৰ প্ৰতি কৰা অপমানৰ প্ৰতিবাদ কৰা ৷

(খ) তুৰস্ক সাম্ৰাজ্যৰ অখণ্ডতা আৰু খলিফাসকলৰ সন্মান সুৰক্ষিত কৰি ৰখাৰ কাৰণে চৰকাৰৰ ওচৰত দাবী জনোৱা ।

প্রশ্ন ৮। ছাইমন কমিছন কি ? ছাইমন কমিছনৰ প্ৰধান উদ্দেশ্য কি আছিল?

উত্তৰঃ ১৯১৯ চনত ভাৰত চৰকাৰ আইন প্রণয়ন হোৱাৰ দহ বছৰ পিছত আইনখনৰ কার্যকাৰিতাৰ বিষয়ে অনুসন্ধান কৰিবলৈ ব্ৰিটিছ চৰকাৰে এখন আয়োগ গঠন কৰিছিল। সেই মৰ্মে ১৯২১ চনৰ ছাৰ জন ছাইমনৰ নেতৃত্বত এখন সাতজনীয়া আয়োগে ভাৰতত পদার্পণ কৰে। মণ্টেগো ছেমছফৰ্ড সংস্কাৰ (১৯১৯) কিমান দূৰ কৃতকাৰ্য হৈছিল তাকে অনুসন্ধান কৰাটোৱেই ১৯২৯ চনত গঠিত হোৱা এই কমিছনৰ প্ৰধান উদ্দেশ্য আছিল।

প্রশ্ন ৯। ‘গান্ধী-আউইন চুক্তি’ কি আছিল? [HSLC 2011]

উত্তৰ: ব্ৰিটিছ ভাইচৰয় লৰ্ড আৰউইনে ১৯৩১ চনৰ ২৫ জানুৱাৰী তাৰিখে কাৰাগাৰত বন্দী হৈ থকা সকলোবোৰ ৰাজনৈতিক নেতাক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়ে৷ তেনে অৱস্থাতে গান্ধী আৰু ভাইচৰয়ৰ মাজত ১৫ দিন ধৰি এটা আলোচনা চলিছিল আৰু অৱশেষত ১৯৩১ চনৰ ৫ মাৰ্চ তাৰিখে দুয়োজনৰ মাজত এটি চুক্তি স্বাক্ষৰ কৰা হয়। এই চুক্তিখনকে গান্ধী-আউইন চুক্তি বোলা হয়।

প্রশ্ন ১০। অহিংস নীতি উদ্ভাৱনৰ ক্ষেত্ৰত মহাত্মা গান্ধীয়ে কাৰ কাৰ আদৰ্শৰ দ্বাৰা প্ৰভাৱান্বিত হৈছিল?

উত্তৰ : অহিংস নীতি উদ্ভাৱনৰ ক্ষেত্ৰত মহাত্মা গান্ধীয়ে ৰালফ্ অডো ইমাৰ্চন, থৰো আৰু টলষ্টয়ৰ আদৰ্শৰ দ্বাৰা প্ৰভাৱান্বিত হৈছিল।

প্রশ্ন ১১। অহিংসা নীতি কাক বোলে?

উত্তৰ : হিংসাৰ বিৰুদ্ধে প্রতিশোধমূলক মনোভাৱৰ সৃষ্টি নকৰি শান্তিপূর্ণভাৱে কোনো সমস্যা সমাধান কৰা প্ৰচেষ্টাকে অহিংসা নীতি বুলি কোৱা হয়।

প্রশ্ন ১২। মহাত্মা গান্ধীয়ে গাঁওসমূহৰ পূৰ্বৰ গৰিমা উদ্ধাৰৰ বাবে কি ব্যবস্থা গ্রহণ কৰিছিল?

উত্তৰঃ মহাত্মা গান্ধীয়ে গাঁওসমূহৰ পূৰ্বৰ গৰিমা উদ্ধাৰৰ বাবে অর্থনৈতিক উৎপাদন পদ্ধতি, শাসন ব্যৱস্থা আৰু বিচাৰ ব্যৱস্থাৰ পুনৰুদ্ধাৰৰ বাবে গ্রাম স্বৰাজৰ তত্ত্ব প্ৰচাৰ কৰিছিল।

প্রশ্ন ১৩। কি কি কাৰণত অসহযোগ আন্দোলনৰ সূচনা হৈছিল লিখা।

উত্তৰঃ অসহযোগ আন্দোলনৰ সূচনা হোৱা কাৰকবোৰ হৈছে–

(ক) বাওলাট আইন

(খ) জালিৱানৰ্বালাবাগৰ নৰহত্যা, (গ) তুৰষ্কৰ সমস্যা।

প্রশ্ন ১৪। অসহযোগ আন্দোলনৰ গঠনমূলক কাৰ্যসূচী উল্লেখ কৰা।

উত্তৰ: অসহযোগ আন্দোলনৰ গঠনমূলক কাৰ্যসূচীসমূহ হ’ল—

(i) শিক্ষাৰ জাতীয় কৰণ,

(ii) স্বদেশী গ্রহণ আৰু প্ৰচাৰ,

(iii) যঁতৰ আৰু খাদীৰ ব্যৱহাৰ,

(v) সেৱাদলত সদস্য ভর্তি,

(vi) তিলক স্বৰাজ ভঁৰালৰ বাবে পুঁজি সংগ্ৰহ কৰা।

প্রশ্ন ১৫। অসহযোগ আন্দোলনৰ ধ্বংসমূলক কাৰ্যসূচীসমূহ উল্লেখ কৰা।

উত্তৰ : অসহযোগ আন্দোলনৰ ধ্বংসমূলক কাৰ্যসূচীসমূহ হ’ল—

(i) ব্ৰিটিছ আইন আদালত বৰ্জন কৰা,

(ii) ব্ৰিটিছ শিক্ষানুষ্ঠান বৰ্জন কৰা,

(iii) বিধান পৰিষদৰ নিৰ্বাচন বৰ্জন কৰা,

(iv) চৰকাৰী কাৰ্যসূচী বৰ্জন কৰা,

(v) চৰকাৰী উৎসৱ বৰ্জন কৰা,

(vi) ব্ৰিটিছ পণ্য দ্রব্য বৰ্জন কৰা।

প্রশ্ন ১৬। ব্ৰিটিছ বিৰোধী আন্দোলনৰ সময়ত বা অসহযোগ আন্দোলনৰ সময়ত গঢ়ি উঠা কেইখনমান জাতীয় শিক্ষানুষ্ঠানৰ নাম লিখা।

উত্তৰ : অসহযোগ আন্দোলনৰ সময়ত গঢ়ি উঠা কেইখনমান জাতীয় শিক্ষানুষ্ঠানৰ নাম হ’ল–

(i) কলিতাৰ নেচনেল কলেজ,

(ii) বিহাৰৰ পাটনাত স্থাপন কৰা বিহাৰ বিদ্যাপীঠ,

(iii) আলিগড় নেচনেল মুছলিম বিশ্ববিদ্যালয়,

(iv) বেঙ্গল নেচনেল বিশ্ববিদ্যালয় গুজৰাট বিদ্যাপীঠ,

(v) কাশী বিদ্যাপীঠ।

প্রশ্ন ১৭। মহাত্মা গান্ধীয়ে দাণ্ডীলৈ যাত্ৰা কৰি কেনেকৈ লোন আইন ভংগ কৰিছিল ?

নাইবা,

গান্ধীজীয়ে কেতিয়া সবমতী আশ্ৰমৰ পৰা সাগৰৰ পাৰৰ দাণ্ডীলৈ লোণ আইন ভংগ কৰিবলৈ যাত্ৰা কৰিছিল? সবৰমতী আশ্ৰম আৰু সাগৰৰ পাৰৰ দাণ্ডীৰ দূৰত্ব কিমান? [HSLC 2019]

উত্তৰ: ১৯৩০ চনৰ মাৰ্চ মাহৰ ১২ তাৰিখে গান্ধীয়ে তেওঁৰ ৭৮ জন অনুগামীক লগত লৈ সৱৰমতী আশ্ৰমৰপৰা সাগৰৰ পাৰত থকা দাণ্ডীলৈ লোণ আইন ভংগ কৰিবলৈ যাত্ৰা কৰিছিল আৰু ৫ এপ্রিল তাৰিখে দাণ্ডীত উপস্থিত হৈ ৬ তাৰিখে সাগৰৰ পানী তপতাই লোণ তৈয়াৰ কৰি লোণ আইন ভংগ কৰিছিল। সবমতী আশ্ৰম আৰু সাগৰৰ পাৰৰ দাণ্ডীৰ দূৰত্ব ৩৮৫ কি. মি.।

প্রশ্ন ১৮। আইন অমান্য আন্দোলন দমন কৰিবলৈ ব্ৰিটিছ ভাইচৰয় লর্ড ওবেলিডেনে কি কি ব্যৱস্থা লৈছিল ?

উত্তৰ: আইন অমান্য আন্দোলন দমন কৰিবলৈ ব্ৰিটিছ ভাইচবয় লর্ড ওরেলিংডনে ১৯৩২ চনৰ ৪ জানুৱাৰী তাৰিখে গান্ধী আৰু চৰ্দাৰ বল্লভভাই পেটেলকে আদি কৰি ভালেমান আগশাৰীৰ নেতাক গ্ৰেপ্তাৰ কৰে।

প্রশ্ন ১৯। একক সত্যাগ্রহ আৰু প্ৰতিনিধিত্বমূলক সত্যাগ্রহ মানে কি?

উত্তৰ: দেশৰ জাতীয় মর্যাদা উদ্ধাৰৰ বাবে দ্বিতীয় বিশ্বযুদ্ধৰ প্ৰথম বছবত গান্ধীৰ নেতৃত্বত কংগ্ৰেছে ব্ৰিটিছ ভাৰত চৰকাৰৰ বিৰুদ্ধে পুনৰ আন্দোলন আৰম্ভ কৰিছিল। এই

আন্দোলনৰ প্ৰথম পৰ্যায়টো “একক সত্যাগ্ৰহৰূপে” আৰু দ্বিতীয় পর্যায়টো “প্রতিনিধিত্বমূলক সত্যাগ্রহ ৰূপে” পৰিচিত আছিল। দুয়োটা পৰ্যায়ৰ আন্দোলনৰ কাৰ্যসূচী ১৯৪ চনৰ মে’ মাহৰ শেষলৈকে চলিছিল।

প্রশ্ন ২০। ছাৰ ষ্টাফৰ্ড ক্ৰিপছ কোন আছিল?

উত্তৰ: ছাৰ ষ্টাফৰ্ড ক্ৰিপছ ব্ৰিটিছ সংযুক্ত মন্ত্রীসভাৰ সদস্য আছিল। তেওঁ ক্ৰিপছ ইংলেণ্ডৰ বনুৱা দলৰ সদস্য আছিল। ১৮৮২ চনৰ মাৰ্চ মাহত ব্ৰিটিছ প্রধানমন্ত্রী ছাৰ্চিলে তেওঁক ভাৰতলৈ পঠিয়াইছিল ।

প্রশ্ন ২১। বিয়াল্লিশৰ গণ আন্দোলনত ভাৰতবৰ্ষৰ যুৱ ছাত্ৰই গ্ৰহণ কৰা ভূমিকাৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ: বিয়াল্লিশৰ গণ আন্দোলনত দেশৰ যুৱ-ছাত্ৰই এক বিশেষ ভূমিকা লৈছিল। সেই কথা স্বয়ং জৱাহৰলাল নেহৰুৱেই স্বীকাৰ কৰি গৈছে। যুৱ-ছাত্ৰসকলৰ এই ভূমিকাৰ কথা উল্লেখ কৰি তেওঁ লিখিছিল, “সমগ্ৰ ভাৰতবৰ্ষতো, যুৱক শক্তিয়েই, বিশেষকৈ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বিয়াল্লিশৰ আন্দোলনত হিংসাত্মক আৰু অহিংসা ঘটনাৱলী সংঘটিত কৰাত মুখ্য ভূমিকা লৈছিল। আনকি আন্দোলনত অংশ গ্ৰহণ কৰাৰ বাবে বহু ছাত্ৰই শাস্তিও ভুগিব লগা হৈছিল। নেহৰুৱে কৈছিল, স্কুল-কলেজৰ বিপুল পৰিমাণত ছাত্ৰ- ছাত্ৰীক বিভিন্ন ধৰণে শাস্তি বিহা হৈছিল, হাজাৰ হাজাৰ যুৱকক বেত্রাঘাত কৰা হৈছিল।

প্রশ্ন ২২। ব্ৰিটিছ প্রধানমন্ত্রী এটলীয়ে ভাৰতলৈ পঠিওৱা মন্ত্ৰীদূতৰ দলত কোন কোন আছিল ?

উত্তৰ : মন্ত্ৰীদূৰ দলত আছিল– (i) ভাৰত পৰিক্ৰমাৰ মন্ত্ৰী পেথিক লঞ্চে, (ii) ব’ৰ্ড অৱ ট্রেডৰ সভাপতি ষ্টাফৰ্ড ক্রীপচ্, (iii) নৌ-বাহিনীৰ অধ্যক্ষ এ.ভি. আলেকজেণ্ডাৰ।

প্রশ্ন ২৩। অন্তর্বর্তীকালীন চৰকাৰ মানে কি? [HSLC 2012]

উত্তৰ: ব্ৰিটিছ ভাইচৰয় লৰ্ড ওৱাভেলে দেশৰ প্ৰধান ৰাজনৈতিক দলসমূহৰ সহযোগত এখন প্রতিনিধিত্বমূলক আৰু দায়িত্বশীল চৰকাৰ গঠনৰ চেষ্টা কৰিছিল। মহম্মদ আলি জিন্না তথা মুছলিম লীগে এই দিশত সঁহাৰি নিদিয়াত লৰ্ড ওৱাভেলে ১৯৪৬ চনৰ ৬ আগষ্ট তাৰিখে কংগ্ৰেছ সভাপতি জৱাহৰলাল নেহৰুক এখন চৰকাৰ গঠন কৰিবলৈ আহ্বান জনায়। এই চৰকাৰখনকেই অন্তৱৰ্তীকালীন চৰকাৰ বোলা হয়।

প্রশ্ন ২৪। মাহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু কোন কোন আছিল?

উত্তৰ : গোপাল কৃষ্ণ গোখলে আৰু সুৰেন্দ্ৰ নাথ বেনাৰ্জী।

প্রশ্ন ২৫। সত্যাগ্রহ শব্দটো কাৰ সৃষ্টি ?

উত্তৰ : গান্ধীজীৰ। সত্যাগ্রহ শব্দটো তেওঁ পোনপ্ৰথমে দক্ষিণ আফ্রিকাত ব্যৱহাৰ কৰিছিল। এই শব্দটোত সত্য আৰু আগ্ৰহ শব্দ দুটা সংযুক্ত হৈ আছে। যাৰ অৰ্থ “সত্যৰ প্ৰতি আগ্ৰহ”।

প্রশ্ন ২৬। গান্ধী আৰউইন চুক্তি কেতিয়া হৈছিল? ইয়াৰ মূল উদ্দেশ্য কি আছিল ? [HSLC 2013, 2020]

উত্তৰ : গান্ধী আৰউইন চুক্তি ১৯৩২ চনত ২৫ জানুৱাৰীত হৈছিল। ইয়াৰ মূল উদ্দেশ্য কংগ্ৰেছ দলক ঘূৰণীয়া মেজমেলত অংশীদাৰ কৰোৱা ৷

প্রশ্ন ২৭। ক’ত কেতিয়া কাৰ সভাপতিত্বত প্ৰথম ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল?

উত্তৰ: ১৯৩২ চনত লণ্ডনত। ব্ৰিটিছ প্ৰধানমন্ত্ৰী ৰামজে মেক ডোনাল্ডৰ সভাপতিত্বত। –

প্রশ্ন ২৮। কি কি কাৰণত অসহযোগ আন্দোলনৰ সূচনা হৈছিল ?

উত্তৰ : (ক) ৰাওলাট আইন, (খ) জালিয়ানৱালাবাগৰ নৰহত্যা, (গ) তুৰস্কৰ সমস্যা।

প্রশ্ন ২৯। কোনটো ঘটনাৰ পৰা মহাত্মা গান্ধী গোটেই ভাৰততে এজন প্ৰভাৱশালী ৰাজনৈতিক নেতা হিচাপে স্বীকৃতি লাভ কৰে।

উত্তৰ: ১৯১৮ চনত উত্তৰ বিহাৰৰ চম্পাৰণ, গুজৰাটৰ খেড়া আৰু আহমেদাবাদত সংঘটিত হোৱা বিবাদ সমাধানৰ বাবে তেওঁ দেখুওৱা দক্ষতাৰ বাবে গোটেই ভাৰততে তেওঁ ৰাজনৈতিক নেতা হিচাপে স্বীকৃতি লাভ কৰে।

প্রশ্ন ৩০। গান্ধীজীয়ে কেতিয়া আৰু কিয় দাণ্ডিযাত্ৰা আৰম্ভ কৰিছিল ?

উত্তৰ : গান্ধীজীয়ে সৱৰমতী আশ্ৰমৰ পৰা ৭৮ জন সহযোগীৰ সহায়ত ১৯৩০ চনৰ ১২ মার্চ তাৰিখে চৰকাৰৰ লোণ আইন ভংগ কৰাৰ কাৰণে আৰৱ সাগৰৰ পাৰত দাণ্ডিলৈ যাত্ৰা কৰিছিল ।

প্রশ্ন ৩১। দুগৰাকী খিলাফৎ আন্দোলনৰ নেতাৰ নাম উল্লেখ কৰা ৷

উত্তৰ: মৌলানা মহম্মদ আলি আৰু চৌকত আলী।

প্রশ্ন ৩২। গ্ৰাম্য স্বৰাজৰ অৰ্থ কি? ইয়াক কোনে উদ্ভাৱন কৰিছিল ?

উত্তৰ: গ্ৰাম্য স্বৰাজৰ অৰ্থ হ’ল পূৰ্ণ স্বাধীনতা। ইয়াক মহাত্মা গান্ধীয়ে উদ্ভাৱন কৰিছিল ।

প্রশ্ন ৩৩। মহাত্মা গান্ধীৰ জন্ম আৰু মৃত্যু কেতিয়া হৈছিল?

উত্তৰ: জন্ম ১৮৬৯ চনৰ ২ অক্টোবৰত আৰু মৃত্যু ১৯৪৮ চনৰ ৩০ জানুৱাৰীত।

প্রশ্ন ৩৪। অসহযোগ আন্দোলন সফল কৰি তুলিবলৈ গান্ধীয়ে ভাৰতবাসীলৈ জনোৱা তিনিটা আহ্বান লিখা ।

উত্তৰ: (ক) মাটিৰ খাজনা নিদিয়া।

(খ) যঁতৰত সূতা কাটি খদৰ কাপোৰ বৈ পিন্ধা ।

(গ) বিদেশী বস্তু, কানি, ভাং, মদ, ছিগাৰেট আদি ৰাগিয়াল বস্তু বৰ্জন কৰা।

প্রশ্ন ৩৫। গান্ধী আৰউইন চুক্তিৰ চৰ্ত দুটা কি কি? [HSLC 2015,2018]

উত্তৰ : (ক) মহাত্মা গান্ধীয়ে আইন অমান্য আন্দোলন স্থগিত ৰাখিব।

(খ) ব্ৰিটিছ চৰকাৰে ৰাজনৈতিক বন্দী সকলক মুক্তি কৰি দিব ।

প্রশ্ন ৩৬। অসহযোগ আন্দোলনৰ ইতিবাচক দিশসমূহ উল্লেখ কৰা।

উত্তৰ: (ক) চৰকাৰী বিধানমণ্ডল বৰ্জন কৰা।

(খ) চৰকাৰী আন্দোলন বৰ্জন কৰা।

(গ) চৰকাৰী শিক্ষানুষ্ঠান বৰ্জন কৰা।

প্রশ্ন ৩৭ । মুছলমান সকলৰ বাবে কোনে কেতিয়া সুকীয়া গৃহভূমিৰ দাবীটো উত্থাপন কৰিছিল ?

উত্তৰ: ১৯৪০ চনৰ মাৰ্চ মাহত মুছলিম লীগৰ লাহোৰ অধিৱেশনত মহম্মদ জীন্নাই উত্থাপন কৰিছিল ।

প্রশ্ন ৩৮। চাইমন আয়োগ ক’ত আৰু কাৰ নেতৃত্বত গঠন হৈছিল? ভাৰতবাসীয়ে ইয়াৰ প্ৰতিবাদ কৰাৰ কাৰণটো কি?

উত্তৰ: চাইমন আয়োগ ইংলেণ্ডত চাৰ জন চাইমনৰ নেতৃত্বত গঠন হৈছিল। এই আয়োগত ভাৰতীয় এজনো সদস্য জৰিত নথকাৰ বাবে ভাৰতবাসীয়ে ইয়াৰ প্রতিবাদ কৰিছিল।

প্রশ্ন ৩৯। ক্রীপছ মিছন কি? কি উদ্দেশ্যে ক্রীপছ মিছন ভাৰতলৈ আহিছিল?

উত্তৰ : ব্ৰিটিছ প্ৰধানমন্ত্রী ছাৰ্চিলে ১৯৪২ চনত ব্ৰিটিছ সংযুক্ত মন্ত্রীসভাৰ সদস্য চাৰ ষ্টাফ’ৰ্ড ক্ৰিপছক ভাৰতলৈ পঠায়। তেওঁ ভাৰতৰ ৰাজনৈতিক নেতাসকলৰ বিবেচনাৰ বাবেহে আহিছিল। ১৯৪২ চনৰ মাৰ্চ মাহৰ ২৩ তাৰিখে তেওঁৰ ভাৰতবৰ্ষত উপনীত হয় আৰু তেওঁ ৰাজনৈতিক নেতাসকলৰ লগত আলোচনাত মিলিত হয়।

প্রশ্ন ৪০। কোন তিনিটা কাৰণৰ বাবে গান্ধীজীয়ে লোণৰ ওপৰত থকা কৰ প্ৰত্যাহৰ কৰিবলৈ দাবী উত্থাপন কৰিছিল?

উত্তৰ: (ক) চৰকাৰে জনসাধাৰণক স্থানীয়ভাৱে লোণ উৎপাদন কৰা কাৰ্যক বাধা দিছিল৷

(খ) জনসাধাৰণে অতি উচ্চ হাৰত লোণ ক্ৰয় কৰাৰ কাৰণে বাধ্য হৈছিল।

(গ) চৰকাৰে সাধাৰণ জনতাৰ ওপৰত প্ৰায় এক হাজাৰ শতাংশ লোণ কৰ আৰোপ কৰিছিল।

প্রশ্ন ৪১। ইলবাৰ্ট বিলৰ দ্বাৰা চৰকাৰে কি বিচাৰিছিল? ইয়াৰ পৰিণতি কি হ’ল?

উত্তৰ : ইলবাৰ্ট বিলৰ দ্বাৰা চৰকাৰে ভাৰতীয় বিচাৰক সকলেও ইউৰোপীয় দোষী লোকসকলক বিচাৰ কৰাৰ ক্ষমতা পাইছিল। এই বিলৰ ফলত ভাৰতবাসীৰ মনত নতুন চেতনাৰ সৃষ্টি হয় আৰু বিদেশী শাসনৰ পৰা মুক্তি লাভ কৰাৰ আশা কৰিছিল।

প্রশ্ন ৪২। কোনে খিলাফৎ আন্দোলন আৰম্ভ কৰিছিল ? ইয়াৰ কাৰণ কি আছিল? ই কেতিয়া অন্ত পৰিছিল ?

উত্তৰ : মহম্মদ আলী আৰু চৌকত আলিয়ে খিলাফৎ আন্দোলন আৰম্ভ কৰিছিল। প্রথম বিশ্বযুদ্ধত ইংৰাজে তুর্কী সাম্ৰাজ্য আক্ৰমণ কৰি তুর্কী মুছলমানসকলক অপব্যৱহাৰ কৰে। ফলত ভাৰতৰ মুছলমান সকলে উত্তেজিত হৈ খিলাফৎ আন্দোলন আৰম্ভ কৰে। যুদ্ধত গাজী মুস্তাফা আৰু কামাল আটাটুক জয়ী হৈ চুলমানক পদচ্যুত কৰাত এই আন্দোলনৰ অন্ত পৰে।

প্রশ্ন ৪৩। মহাত্মা গান্ধীয়ে হঠাতে কিয় অসহযোগ আন্দোলন স্থগিত ৰাখিছিল?

উত্তৰঃ পুলিচী নিৰ্যাতনত অতিষ্ঠ হৈ উত্তৰ প্ৰদেশৰ চৌৰীচৌৰাৰ কৃষকসকলে ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰী তাৰিখে তাৰ পুলিচ চকী এটা জ্বলাই পুৰি পেলাইছিল। সেই পুলিচ চকীটোত জমাদাৰ আৰু দাৰোগাসহ প্রায় ২১ ৰ পৰা ২২ জনমান পুলিচ কর্মী অগ্নিদগ্ধ হৈ মৃত্যু মুখত পৰিছিল। অসহযোগ আন্দোলনটো গান্ধীয়ে অহিংসা পন্থাৰে চলাটো বিচাৰিছিল, গতিকে আন্দোলনে চৌৰীচৌৰাত হিংসাৰ পথ লোৱাত গান্ধীয়ে ১৯২২ চনৰ ২২ ফেব্ৰুৱাৰী তাৰিখে বৰদলীৰ পৰা আন্দোলন স্থগিত ৰখাৰ ঘোষণা কৰি আন্দোলন বন্ধ কৰিছিল।

প্রশ্ন ৪৪। খিলাফৎ আন্দোলনৰ উমৈহতীয়া লক্ষ্যসমূহ কি কি?

উত্তৰ: (ক) পঞ্জাৱত ব্ৰিটিছ চৰকাৰে কৰা অমানৱীয় অত্যাচাৰৰ প্ৰতিবাদ কৰা।

(খ) তুর্কী সাম্ৰাজ্যৰ প্ৰতি অবিচাৰৰ প্ৰতিবাদ কৰা ।

(গ) ভাৰতত স্বৰাজ স্থাপন কৰা।

প্রশ্ন ৪৫। চাৰ ষ্টাফৰ্ড ক্ৰীপচৰ প্ৰস্তাৱৰ প্ৰতিক্ৰিয়া দুটা উল্লেখ কৰা।

উত্তৰ : (ক) ভাৰত ত্যাগ প্ৰস্তাৱ গৃহীত।

(খ) মহাত্মা গান্ধী আৰু তেওঁৰ নেতাসকলক মুকলি কৰি দিয়া ।

প্রশ্ন ৪৬। কোন দুটা আন্দোলন অহিংসাৰ ভেটিত প্ৰতিষ্ঠা কৰি গান্ধীজীয়ে স্বাধীনতা আন্দোলনত নতুন যুগৰ সূচনা কৰিছিল ?

উত্তৰ: (ক) অসহযোগ আন্দোলন আৰু (খ) আইন অমান্য আন্দোলন ।

প্রশ্ন ৪৭। স্বৰাজ দল গঠন কৰা কেইজনমান নেতাৰ নাম উল্লেখ কৰা।

উত্তৰ: চিত্তৰঞ্জন দাস, মতিলাল নেহৰু, আজমল খাঁ।

প্রশ্ন ৪৮। কোন দুটা কাৰণত কংগ্ৰেছ আৰু মুছলিম লীগে ক্ৰীপছ মিছনৰ প্ৰস্তাৱ প্রত্যাখ্যান কৰিছিল।

উত্তৰ: (ক) ভাৰতক অতি সোনকালে স্বাধীনতা দিয়াৰ কোনো কথা উল্লেখ নথকা।

(খ) স্বাধীন মুছলিম প্রধান সাম্ৰাজ্যৰ ব্যৱস্থা নথকা।

প্রশ্ন ৫৯। ১৯৩০ আৰু ১৯৩২ চনৰ ভিতৰত লণ্ডনত ঘূৰণীয়া মেজমেলৰ কেইখন অধিৱেশন বহিছিল?

উত্তৰ : অধিৱেশন তিনিখন বহিছিল। প্রথম আৰু দ্বিতীয় মেজমেলত কোনো প্রতিনিধিয়ে যোগ দিয়া নাছিল।

প্রশ্ন ৫০। কোনে কেতিয়া আজাদ হিন্দ ফৌজ গঠন কৰিছিল আৰু কিয় গঠন কৰিছিল? [HSLC 2012]

উত্তৰ: ১৯৪১ চনত কেপ্তেইন চোহান সিংঙে আজাদ হিন্দ ফৌজ গঠন কৰিছিল। তেওঁ জাপানী সকলৰ সহায়ত ব্ৰিটিছক ভাৰতবৰ্ষৰ পৰা খেদি ভাৰতবৰ্ষক স্বাধীন কৰাৰ উদ্দেশ্যে এই ফৌজটো গঠন কৰিছিল।

প্রশ্ন ৫১। আজাদ হিন্দ ফৌজৰ মূল লক্ষ্য আৰু উদ্দেশ্য কি আছিল? [HSLC 2015]

উত্তৰঃ আজাদ হিন্দ ফৌজৰ মূল লক্ষ্য আৰু উদ্দেশ্য আছিল জাপানী সকলৰ সহযোগত ব্ৰিটিছক খেদি ভাৰতবৰ্ষক স্বাধীন কৰা।

ৰচনাধৰ্মী প্রশ্নোত্তৰ (মূল্যাংক – ৪/৫)

প্রশ্ন ১। ভাৰতবৰ্ষত স্বাধীনতা আন্দোলনত মহাত্মা গান্ধীৰ ভূমিকা সম্পর্কে আলোচনা কৰা। [HSLC 2010, 2013]

উত্তৰঃ ভাৰতৰ স্বাধীনতা আন্দোলনৰ আটাইতকৈ মহত্বপূর্ণ আন্দোলন আছিল অহিংসা নীতি। ৰাজনৈতিক হিংসাৰ বিপৰীতে গান্ধীয়ে অহিংসা নীতি প্ৰৱৰ্তন কৰি ইংৰাজৰ বিৰুদ্ধে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ নেতৃত্ব দিছিল। মহাত্মা গান্ধীৰ নেতৃত্বত হোৱা ভাৰতৰ স্বাধীনতা সংগ্ৰামক তিনিটা আন্দোলনত ভগাব পাৰি। সেই কেইটা হ’ল—

(i) অসহযোগ আন্দোলন, (ii) আইন অমান্য আন্দোলন আৰু (iii) ভাৰত ত্যাগ আন্দোলন

(i) অসহযোগ আন্দোলন: ১৯২০ চনৰ পৰা ১৯২২ চনৰ ভিতৰত ভাৰতত মহাত্মা গান্ধীৰ নেতৃত্বত অসহযোগ আন্দোলন সংঘটিত হৈছিল। এই আন্দোলনৰ মূল কাৰণ আছিল ৰাওলাট আইন, জালিয়ানৱালাবাগৰ নৰহত্যা, আৰু তুৰস্কৰ সমস্যা। ব্ৰিটিছ আইন আদলত, শিক্ষানুষ্ঠান, নির্বাচন, চৰকাৰী কাৰ্যসূচী আদি বৰ্জন আৰু শিক্ষাৰ জাতীয়কৰণ, স্বদেশী গ্ৰহণ আৰু প্ৰচাৰ, খাদীৰ ব্যৱহাৰ আদিৰ মাজেৰে গান্ধীয়ে আন্দোলনটোক নেতৃত্ব দি ইয়াক অহিংস ৰূপ দিবলৈ চেষ্টা কৰিছিল। দেশৰ হাজাৰ হাজাৰ ছাত্ৰ-যুৱক, কৃষক, শ্রমিকক গান্ধীয়ে সংঘবদ্ধ কৰি আন্দোলনটোক শক্তিশালী ৰূপ দিছিল । কিন্তু ১৯২২ চনৰ ফেব্ৰুৱাৰী মাহত চৌৰিচৌৰাত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ ৰূপ লোৱাৰ বাবে গান্ধীয়ে আন্দোলনটোক সিমানতে অন্ত পেলায়।

(ii) আইন অমান্য আন্দোলন : ১৯২৯ চনৰ ডিচেম্বৰ মাহত অনুষ্ঠিত কংগ্ৰেছৰ লাহোৰ অধিবেশনত জৱাহৰলাল নেহৰুৱে সভাপতিত্ব কৰিছিল। এই অধিবেশনখনতে কংগ্ৰেছে দেশৰ বাবে পূর্ণ স্বাধীনতাৰ প্ৰস্তাৱ লৈছিল। কিন্তু পূৰ্ণ স্বৰাজৰ প্ৰস্তাৱ লোৱাৰ প্ৰায় আঢ়ৈ মাহপিছতহে ব্ৰিটিছৰ বিৰুদ্ধে স্বাধীনতা আন্দোলনৰ সূচনা কৰা হৈছিল ৷ সেই আন্দোলনকে ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ ইতিহাসত আইন অমান্য আন্দোলন বোলা হয়। আইন অমান্য আন্দোলন দেশত আৰম্ভ কৰা হৈছিল দেশত প্রচলিত লোণ আইন ভংগ কৰাৰ জৰিয়তে। সেয়েহে ১৯৩০ চনৰ মাৰ্চ মাহত মহাত্মা গান্ধীয়ে লোণ আইন ভংগ কৰাৰ উদ্দেশ্যে দাতীলৈ যাত্ৰা কৰিছিল। ইয়াৰ লগে লগে দেশত স্বাধীনতা আন্দোলনৰ দ্বিতীয়টো পৰ্যায়ৰ আৰম্ভ হৈছিল। মহাত্মা গান্ধীয়ে এই আন্দোলনৰ জৰিয়তে পূৰ্ণ-স্বাধীনতাৰ ধ্বনি সমগ্র দেশতে বিয়পাই দিছিল। আন্দোলনটোৰ প্ৰধান নেতা হোৱা বাবে গান্ধীক পুলিচে গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পিছত আন্দোলনৰ তীব্রতা অনুভৱ কৰি ১৯৩১ চনৰ মাৰ্চ মাহত গান্ধী আবউইন চুক্তি সম্পাদন কৰে। এই নীতি অনুসৰি গান্ধীক দ্বিতীয় ঘূৰণীয়া মেজমেলৰ অংশীদাৰ কৰে। কিন্তু চৰকাৰে পুনৰ দমন নীতিৰে গান্ধীক পুনৰবাৰ গ্ৰেপ্তাৰ কৰে। এইদৰে ১৯৩৪ চনৰ পৰা আইন অমান্য আন্দোলনৰ অন্ত পৰে।

(iii) ভাৰত ত্যাগ আন্দোলন : দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ইংলেণ্ডে ভাৰতবর্ষে যুদ্ধৰত দেশৰূপে ঘোষণা কৰাত দেশত ভীষণ ৰাজনৈতিক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। গান্ধীৰ নেতৃত্বত দেশত ইংৰাজ শাসনৰ বিৰুদ্ধে পোনতে একক সত্যাগ্রহ আৰু প্ৰতিনিধিত্ব মূলক সত্যাগ্রহ আন্দোলন চলাৰ পিছত ১৯৪২ চনৰ আগষ্টৰপৰা ভাৰত ত্যাগ আন্দোলনৰ সূচনা কৰা হৈছিল। এনেদৰে বিভিন্ন সমস্যা আৰু আন্দোলনৰ মাজেদি মহাত্মা গান্ধীৰ নেতৃত্বত ১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনা ভাৰতে স্বাধীনতা লাভ কৰে। সেয়েহে ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত মহাত্মা গান্ধীৰ ভূমিকা ইতিহাসত সোণালী আখৰেৰে লিখা আছে।

প্রশ্ন ২। অসমত অসহযোগ আন্দোলন কেনেকৈ আৰম্ভ হৈছিল আলোচনা কৰা। [HSLC 2012]

উত্তৰ : মহাত্মা গান্ধীৰ নেতৃত্বত পৰিচালিত ভাৰতবৰ্ষৰ প্ৰথমটো ব্ৰিটিছ বিৰোধী ৰাজনৈতিক আন্দোলন হৈছে অসহযোগ আন্দোলন। এই অসহযোগ আন্দোলনৰ প্ৰভাৱ অসমতো পৰিছিল। ১৯২০ চনৰ ১ আগষ্ট তাৰিখে মহাত্মা গান্ধীয়ে আনুষ্ঠানিকভাৱে অসহযোগ আন্দোলন আৰম্ভ কৰে। ব্ৰিটিছ বিৰোধী আন্দোলনৰ প্ৰতি পূৰ্বৰেপৰাই জনসাধাৰণৰ মাজত ভালেমান আকর্ষণ আৰু উত্তেজনাই বিৰাজ কৰিছিল। গতিকে আন্দোলন আৰম্ভ কৰাৰ লগে লগে সমগ্র ভাৰতবৰ্ষতে জনসাধাৰণে গান্ধীৰ নেতৃত্বত আন্দোলনত অংশ গ্ৰহণ কৰিছিল। সেয়ে সকলো ঠাইতে আন্দোলনে যথেষ্ট অগ্রগতি লাভ কৰিছিল। দেশৰ বহু ঠাইতে জাতীয় শিক্ষানুষ্ঠান গঢ়ি তোলা হৈছিল আৰু চৰকাৰী স্কুল-কলেজ বৰ্জন কৰা ছাত্ৰ-ছাত্ৰীসকলে উক্ত জাতীয় শিক্ষানুষ্ঠানত অধ্যয়ন কৰিবলৈ লৈছিল। তেনেদৰে গঢ়ি উঠা জাতীয় শিক্ষানুষ্ঠানবিলাকৰ ভিতৰত প্ৰধান আছিল কলিকতাৰ নেচনেল কলেজ, বিহাৰৰ পাটনাত স্থাপন কৰা বিহাৰ বিদ্যাপীঠ, আলিগড়ত নেচনেল মুছলিম বিশ্ববিদ্যালয়, বেংগল নেচনেল বিশ্ববিদ্যালয়, গুজৰাট বিদ্যাপীঠ, কাশী বিদ্যাপীঠ আদি । তিলক স্বৰাজ ভঁৰালৰ পুঁজি সংগ্ৰহৰ ক্ষেত্ৰতো যথেষ্ট অগ্রগতি লাভ কৰা হৈছিল। দেশৰ বহু অঞ্চলত ছাত্ৰ-ছাত্ৰী আৰু মহিলাসকলে তিলক স্বৰাজ ভঁৰালৰ পুঁজি সংগ্ৰহৰ কামত জড়িত হৈ পৰিছিল। বহু ক্ষেত্ৰতে মহিলাসকলে নিজৰ আ-অলংকাৰো তিলক স্বৰাজ ভঁৰাললৈ দান কৰিছিল। তেওঁলোকে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে লগ লাগি আৰু কেতিয়াবা পৃথকে বিদেশী বস্ত্ৰ, মদৰ দোকান, মদৰ মহল আৰু বিদেশী পণ্যৰ অন্যান্য ব্যৱসায়ী প্রতিষ্ঠানত পিকেটিং কৰা কাৰ্যতো অংশ গ্ৰহণ কৰিছিল। গাঁও অঞ্চলত ডেকা- যুৱকসকলৰ লগতে হাজাৰ হাজাৰ কৃষকে অসহযোগ আন্দোলনত অংশ গ্ৰহণ কৰিছিল ।

দেশৰ বহু শিল্প-প্রতিষ্ঠান আৰু কাৰখানাৰ শ্ৰমিকেও আন্দোলনতঅংশ গ্ৰহণ কৰি নির্মল স্বাধীনতা স্পৃহাৰ নিদৰ্শন দাঙি ধৰিছিল । শ্রমিক-কৃষকৰ ওপৰত পুলিচৰ জোৰ-জুলুম আৰু নিৰ্যাতনো দ্ৰুত হাৰত বৃদ্ধি পাই আহিছিল। দেশৰ বিভিন্ন প্ৰান্তত বহু হাজাৰ লোকক আন্দোলনত অংশ গ্ৰহণ কৰাৰ অপৰাধতেই ব্ৰিটিছ চৰকাৰে জেইলত বন্দী কৰি থৈছিল। গান্ধীক বাদ দি সমগ্র দেশতে খিলাফৎ আৰু কংগ্ৰেছৰ আগশাৰীৰ ভালেমান নেতাক চৰকাৰে গ্ৰেপ্তাৰ কৰি কাৰাগাৰত নিক্ষেপ কৰিছিল। দেশৰ কোনো কোনো অঞ্চলত খাজনা বন্ধ আন্দোলনো আৰম্ভ কৰা হৈছিল। পুলিচী নির্যাতনত অতিষ্ঠ হৈ উত্তৰ প্ৰদেশৰ চৌৰীচৌৰাৰ কৃষকসকলে ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰী তাৰিখে তাৰ পুলিচ চকী এটা জ্বলাই পুৰি পেলাইছিল। সেই পুলিচ চকীটোত জামাদাৰ আৰু দাৰোগাসহ প্রায় ১৮ৰপৰা ২২ জনমান পুলিচ কর্মী অগ্নিদগ্ধ হৈ মৃত্যুৰ মুখত পৰিছিল। অসহযোগ আন্দোলনটো গান্ধীয়ে অহিংসা পন্থাৰে চলাটো বিচাৰিছিল, গতিকে আন্দোলনে চৌৰীচৌৰাত হিংসাৰ পথ লোৱাত গান্ধীয়ে ১৯২২ চনৰ ১২ ফেব্ৰুৱাৰী তাৰিখে বৰদলীৰপ আন্দোলন স্থগিত ৰখাৰ ঘোষণা কৰি আন্দোলন বন্ধ কৰিছিল।

প্রশ্ন ৩। কোন চনৰ পৰা আইন অমান্য আন্দোলনৰ সূচনা কৰা হৈছিল? ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত অইন অমান্য আন্দোলনৰ ভূমিকা উল্লেখ কৰা। [HSLC 2014,2022]

বা,
কি পৰিস্থিতিত মহাত্মা গান্ধীয়ে অহিংসা আন্দোলন আৰম্ভ কৰিছিল? ইয়াৰ কাৰ্যসূচী কি আছিল ? গান্ধীজীয়ে এই আন্দোলন কিয় বন্ধ কৰিবলগীয়া হৈছিল ? [HSLC 2018]

উত্তৰ : ১৯৩০ চনৰ মাৰ্চ মাহৰ পৰা অনুষ্ঠানিকভাৱে আইন অমান্য আন্দোলন সূচনা কৰা হয়৷ ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত আইন অমান্য আন্দোলনৰ ভূমিকা উল্লেখনীয়। ১৯২৯ চনৰ ডিচেম্বৰ মাহত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ লাহোৰ অধিৱেশনত দেশৰ বাৱে পূৰ্ণ স্বাধীনতাৰ প্ৰস্তাৱ লোৱা হৈছিল। এই অধিৱেশনখনত সভাপতিত্ব কৰিছিল জৱাহৰলাল নেহৰুৱে। কিন্তু পূৰ্ণ স্বাধীনতাৰ প্ৰস্তাৱ লোৱাৰ প্ৰায় আঢ়ৈ মাহ পিছতো ব্ৰিটিছৰ বিৰুদ্ধে স্বাধীনতা আন্দোলনৰ সূচনা কৰা হৈছিল। সেই আন্দোলনকে ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ ইতিহাসত আইন অমান্য আন্দোলন বোলা হয়। এই আন্দোলন আৰম্ভ কৰা হৈছিল দেশত প্ৰচলিত লোণ আইন ভংগ কৰাৰ জৰিয়তে । ১৯৩০ চনৰ ১২ মাৰ্চত আনুষ্ঠানিকভাৱে আইন অমান্য আন্দোলন আৰম্ভ কৰা হৈছিল। সেই বছৰৰে মাৰ্চ মাহৰ ১২ তাৰিখে গান্ধীয়ে তেওঁৰ ৭৮ জন অনুগামীক লৈ সৱৰমতী আশ্ৰমৰ পৰা প্ৰায় ২৪১ মাইল দূৰত্বত সাগৰৰ পৰিত থকা দাণ্ডীলৈ লোণ আইন ভংগ কৰিবলৈ যাত্ৰা কৰে আৰু ৫ এপ্রিল তাৰিখে দাণ্ডিত উপস্থিত হৈ ৬ তাৰিখে সাগৰৰ পানী তপতাই লোণ তৈয়াৰ কৰি লোণ আইন ভংগ কৰিছিল। এইদৰে কংগ্ৰেছ তথা গান্ধীৰ নেতৃত্বত ব্ৰিটিছৰ বিৰুদ্ধে স্বাধীনতা আন্দোলনৰ দ্বিতীয়টো পৰ্যায়ৰ সূচনা হৈছিল। তেতিয়া পূৰ্ণ স্বাধীনতাৰ বাণীয়ে সমগ্ৰ দেশতে বিশেষ আলোড়নৰ সৃষ্টি কৰিছিল। দেশৰ বিভিন্ন অঞ্চলত হাজাৰ হাজাৰ লোকে আন্দোলনত নামি পৰিছিল। দেশত পূর্ণ স্বাধীনতাৰ বাণী ইখন চহৰৰ পৰা সিখন চহৰলৈ দ্ৰুত গতিত বিয়পি পৰিছিল। বহু ঠাইতে চৰকাৰৰ অস্তিত্ব নোহোৱা হৈ পৰিছিল। আনহাতে ১৯৩১ চনৰ ৭ ছেপ্তেম্বৰৰ পৰা ১ ডিচেম্বৰলৈ দ্বিতীয় ঘূৰণীয়া মেজমেল অনুষ্ঠিত হয়। এই মেজমেলত গান্ধীয়ে কংগ্ৰেছৰ একমাত্র প্রতিনিধি হিচাপে অংশ গ্ৰহণ কৰিছিল। কিন্তু ব্ৰিটিছ গৃহ চৰকাৰে ভাৰতবৰ্ষৰ বাবে ঔপনিৱেশিক স্বায়ত্তশাসন প্ৰৱৰ্তন কৰিবলৈ অনিচ্ছুক হোৱাত দ্বিতীয় ঘূৰণীয়া মেজমেল ব্যর্থ হয়। দ্বিতীয় ঘূৰণীয়া মেজমেল ব্যৰ্থ হোৱাৰ পিছৰপৰাই চৰকাৰে আইন অমান্য আন্দোলন দমন কৰিবলৈ কংগ্ৰেছ সংগঠনক বেআইনী ঘোষণা কৰে। ইয়াৰ মাজতে লর্ড ওৱেলিংডনে (১৯৩১-৩৬) ব্ৰিটিছ ভাইচৰয় হিচাপে কার্যভাৰ গ্ৰহণ কৰিছিল। নতুন ভাইচৰয় লর্ড ওৱেলিংডনে আন্দোলন সম্পূৰ্ণৰূপে মষিমূৰ কৰাৰ উদ্দেশ্যে সকলোতে ধৰ-পাকৰ আৰম্ভ কৰি দিয়ে। ১৯৩২ চনৰ ৪ জানুৱাৰী তাৰিখে গান্ধী আৰু চৰ্দাৰ বল্লভভাই পেটেলকে আদি কৰি ভালেমান আগশাৰীৰ নেতাক গ্ৰেপ্তাৰ কৰে। তেনে অৱস্থাত গান্ধীয়ে কংগ্ৰেছৰ অন্যান্য নেতাসকলক ব্যক্তিগত সত্যাগ্রহ আন্দোলন কৰিবলৈ পৰামৰ্শ দিয়ে। তাৰ পিছত তেওঁ ১৯৩৩ চনৰ ৮ মে’ তাৰিখে হৰিজন সেৱাৰ নামত ২১ দিনীয়া অনশন কাৰ্য আৰম্ভ কৰে। ১৪ জুলাইৰপৰা তেওঁ গণ সত্যাগ্ৰহৰ বিপৰীতে ব্যক্তিগত সত্যাগ্রহ আন্দোলনৰ সূচনা কৰে আৰু অৱশেষত ১৯৩৪ চনৰ ৭ এপ্রিল তাৰিখে আইন অমান্য আন্দোলন সম্পূৰ্ণৰূপে স্থগিত কৰাৰ ঘোষণা কৰে আৰু ২০ মেৰ পৰা আন্দোলনৰ অন্ত পৰে।

প্রশ্ন ৪। কি ৰাজনৈতিক পৰিস্থিতিত গান্ধী-আৰউইন চুক্তি স্বাক্ষৰ কৰা হৈছিল। চৰ্তসমূহ আলোচনা কৰা।

[HSLC 2012, 2016]

উত্তৰ : ব্ৰিটিছ প্ৰধানমন্ত্ৰী ৰামজে মেকডোনাল্ডৰ সভাপতিত্বত ১৯৩০ চনৰ ১২ নৱেম্বৰৰপৰা ১৯৩১ চনৰ ১৯ জানুৱাৰীলৈ লণ্ডনত প্ৰথম ঘূৰণীয়া মেজমেল বহিছিল। সেই মেলত কংগ্ৰেছৰ কোনো প্রতিনিধিয়ে অংশগ্ৰহণ কৰা নাছিল। প্রধানমন্ত্রী মেকডোনাল্ডকে ধৰি মেলত উপস্থিত থকা সকলোৱে উপলব্ধি কৰিছিল যে কংগ্ৰেছৰ উপস্থিতি অবিহনে ভাৰতবৰ্ষৰ ৰাজনৈতিক সমস্যাৰ কোনো সমাধান সম্ভৱ নহয়। আনহাতে তেতিয়া ভাৰতবৰ্ষত ব্ৰিটিছ পণ্যৰ বৰ্জন কাৰ্য তুংগত উঠিছিল। এনে এটা অৱস্থাত ব্ৰিটিছ গৃহ চৰকাৰেও কংগ্ৰেছৰ নেতৃবৃন্দৰ সৈতে এটি আপোচ কৰিবলৈ তৎপৰ হৈ পৰিছিল। গতিকে উত্তেজনাৰ উপশম ঘটাবলৈ ব্ৰিটিছ ভাইচৰয় লৰ্ড আৰ্ডইনে ১৯৩১ চনৰ ২৫ জানুৱাৰী তাৰিখে সকলোবোৰ প্ৰধান ৰাজনৈতিক নেতাকে কাৰাগাৰৰপৰা মুকলি কৰি দিয়ে। তেনে অৱস্থাত গান্ধী আৰু ভাইচৰয়ৰ মাজত এলানি আলোচনাও অনুষ্ঠিত হয়। এই আলোচনা প্রায় ১৫ দিন ধৰি চলিছিল আৰু অৱশেষত ৫ মার্চ তাৰিখে দুয়োজনৰ মাজত এটি চুক্তি স্বাক্ষৰ কৰা হয়। ইয়াকে গান্ধী-আউইন চুক্তি বোলা হয়। এই চুক্তিৰ মূল উদ্দেশ্য আছিল কংগ্ৰেছক ঘূৰণীয়া মেজমেলৰ অংশীদাৰ কৰা। এই চুক্তিৰ চৰ্তাৱলীত দেশৰ পূৰ্ণ স্বাধীনতাৰ কোনো কথাৰ উল্লেখ নাছিল ৷ চুক্তিৰ চৰ্তসমূহ আছিল—

(১) ভাৰতবৰ্ষৰ ৰাজনৈতিক সমস্যা সমাধানৰ ক্ষেত্ৰত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাক ভিত্তি হিচাপে লোৱা হ’ব,

(২) কংগ্ৰেছক ঘূৰণীয়া মেজমেললৈ নিমন্ত্ৰণ দিয়া হ’ব;

(৩) আইন অমান্য আন্দোলন স্থগিত কৰা হ’ব,

(৪) কংগ্ৰেছৰ ফালৰপৰা ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্ৰিটিছ পণ্যৰ বৰ্জন কাৰ্য প্রত্যাহাৰ কৰা হ’ব,

(৫) আইনসংগতভাৱে বিদেশী পণ্য আৰু মদৰ দোকান-পোহাৰৰ বিৰুদ্ধে পিকেটিং কাৰ্য চলি থাকিব পাৰিব,

(৬) আইন অমান্য আন্দোলনৰ বিৰুদ্ধে প্ৰয়োগ কৰা চৰকাৰী নিষেধাজ্ঞাসমূহ প্রত্যাহাৰ কৰা হ’ব,

(৭) বেআইনী ঘোষণা কৰা সংগঠনসমূহৰ বিৰুদ্ধে থকা অধিসূচনাসমূহ প্রত্যাহাৰ কৰা হ’ব,

(৮) হিংসাত্মক কাৰ্যৰ সৈতে জড়িত নথকা কাৰাবন্দীসকলক মুকলি কৰি দিয়া হ’ব,

(৯) শাস্তিমূলক ব্যৱস্থা হিচাপে আদায় কৰা জৰিমনাৰ ধৰ্নবিলাক ওভতাই দিয়া হ’ব আৰু

(১০) আন্দোলনত জড়িত থকাৰ অপৰাধত নতুবা ভূমি ৰাজহ আদায় কৰাৰ উদ্দেশ্যে বাজেয়াপ্ত কৰা অস্থাৱৰ সা-সম্পত্তিসমূহ ওভতাই দিয়া হ’ব ।

প্রশ্ন ৫। ১৯৪৭ চনৰ ভাৰত স্বাধীন আইনৰ মূল দফা সমূহ উল্লেখ কৰা।

উত্তৰ: ১৯৪৭ চনৰ জুলাই মাহত ব্ৰিটিছ সংসদে ভাৰত স্বাধীন আইন অনুমোদন কৰে। ইয়াৰ মূল দফাসমূহ হ’ল—

(ক) ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰত আৰু পাকিস্তানে স্বাধীনতা লাভ কৰিব।

(খ) ভাৰত আৰু পাকিস্তান নামেৰে দুখন স্ব-শাসিত দেশ গঠন কৰা হ’ব আৰু উক্ত দেশ দুখনৰ সংবিধান সভাই ব্ৰিটিছ কমনৱেলথত দেশ দুখনে যোগ দিব নে নিদিয়ে নিজাববীয়াকৈ সিদ্ধান্ত ল’ব।

(গ) প্রতিখন স্ব-শাসিত দেশতে একোজনকৈ গৱৰ্ণৰ জেনেৰেল ইংলেণ্ডৰ ৰজাই নিযুক্তি দিব।

(ঘ) দুয়োখন দেশৰ বিধানমণ্ডলে সম্পূর্ণ নিজাববীয়াকৈ আইন প্রণয়নৰ অধিকাৰ লাভ কৰিব।

প্রশ্ন ৬। মহাত্মা গান্ধীৰ নেতৃত্বত পৰিচালিত অসহযোগ আন্দোলন সম্পর্কে চমুকৈ লিখা। কি কাৰণে তেওঁ এই আন্দোলন স্থগিত কৰিছিল? [HSLC 2011, 2017 ]

উত্তৰ : অসহযোগ আন্দোলন মহাত্মা গান্ধীৰ নেতৃত্বত পৰিচালিত ভাৰতবৰ্ষৰ প্ৰথমটো ব্ৰিটিছ বিৰোধী ৰাজনৈতিক আন্দোলন আছিল। এই আন্দোলন কোনো এটা নির্দিষ্ট কাৰকৰ বাবে হোৱা নাছিল, বৰং সেইটোৰ সৈতে কেবাটাও হৈ কাৰক জড়িত আছে। ১৯২০ চনৰ ১ আগষ্ট তাৰিখে মহাত্মা গান্ধীয়ে আনুষ্ঠানিকভাৱে অসহযোগ আন্দোলন আৰম্ভ কৰাৰ পিছৰ মাহত (ছেপ্তেম্বৰ, ১৯২০) কলিকতাত অনুষ্ঠিত কংগ্ৰেছৰ বিশেষ অধিৱেশনত খিলাফটৰ সমৰ্থনত চৰকাৰৰ সৈতে অসহযোগৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় আৰু পিছত সেই বছৰৰে ডিচেম্বৰ মাহত নাগপুৰত অনুষ্ঠিত কংগ্ৰেছৰ পূৰ্ণ পৰ্যায়ৰ অধিৱেশনতো সেই প্ৰস্তাৱৰ প্ৰতি অনুমোদন জনোৱা হয়। গতিকে গান্ধীৰ নেতৃত্বত আৰু কংগ্ৰেছ আৰু কেন্দ্রীয় খিলাফট সমিতিৰ যুটীয়া উদ্যোগত ভাৰতবৰ্ষত পোন প্ৰথমবাৰৰ বাবে ব্ৰিটিছ বিৰোধী গণ আন্দোলনৰ সূচনা কৰা হয়। ব্ৰিটিছ বিৰোধী আন্দোলনৰ প্ৰতি পূৰ্বৰে পৰাই জনসাধাৰণৰ মাজত ভালেমান আকর্ষণ আৰু উত্তেজনাই বিৰাজ কৰিছিল। গতিকে আন্দোলন আৰম্ভ কৰাৰ লগে লগে সমগ্র ভাৰতবৰ্ষতে জনসাধাৰণে গান্ধীৰ নেতৃত্বত আন্দোলনত আংশ গ্ৰহণ কৰিছিল। সেয়ে সকলো ঠাইতে আন্দোলনে যথেষ্ট অগ্রগতি লাভ কৰিছিল। দেশৰ বহু ঠাইতে জাতীয় শিক্ষানুষ্ঠান গঢ়ি তোলা হৈছিল আৰু চৰকাৰী স্কুল-কলেজ বৰ্জন কৰা ছাত্ৰ-ছাত্ৰীসকলে উক্ত জাতীয় শিক্ষানুষ্ঠানত অধ্যয়ন কৰিবলৈ লৈছিল। তেনেদৰে গঢ়ি উঠা জাতীয় শিক্ষানুষ্ঠানবিলাকৰ ভিতৰত প্ৰধান আছিল কলিকতাৰ নেচনেল কলেজ, বিহাৰৰ পাটনাত স্থাপন কৰা বিহাৰ বিদ্যাপীঠ, আলিগড়ত নেচনেল মুছলিম বিশ্ববিদ্যালয়, বেংগল নেচনেল বিশ্ববিদ্যালয়, গুজৰাট বিদ্যাপীঠ, কাশী বিদ্যাপীঠ আদি। দেশৰ বহু শিল্প প্রতিষ্ঠান আৰু কাৰখানাৰ শ্ৰমিকেও আন্দোলনত অংশগ্ৰহণ কৰি নিৰ্মল স্বাধীনতা স্পৃহাৰ নিদৰ্শন দাঙি ধৰিছিল। শ্রমিক-কৃষকৰ ওপৰত পুলিচৰ জোৰ- জুলুম আৰু নিৰ্যাতনো দ্ৰুত হাৰত বৃদ্ধি পাই আহিছিল। দেশৰ বিভিন্ন প্ৰান্তত বহু হাজাৰ লোকক আন্দোলনত অংশ গ্ৰহণ কৰাৰ অপৰাধতেই ব্ৰিটিছ চৰকাৰে জেইলত বন্দী কৰি থৈছিল। গান্ধীক বাদ দি সমগ্র দেশতে খিলাফট আৰু কংগ্ৰেছৰ আগশাৰীৰ ভালেমান নেতাক চৰকাৰে গ্ৰেপ্তাৰ কৰি কাৰাগাৰত নিক্ষেপ কৰিছিল। দেশৰ কোনো কোনো অঞ্চলত খাজনা বন্ধ আন্দোলনো আৰম্ভ কৰা হৈছিল। পুলিচী নির্যাতনত অতিষ্ঠ হৈ উত্তৰ প্ৰদেশৰ চৌৰীচৌৰাৰ কৃষকসকলে ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰী তাৰিখে তাৰ পুলিচ চকী এটা জ্বলাই পুৰি পেলাইছিল। সেই পুলিচ চকীটোত জামাদাৰ আৰু দাৰোগাসহ প্রায় ১৮ ৰ পৰা ২২ জনমান পুলিচ কর্মী অগ্নিদগ্ধ হৈ মৃত্যুৰ মুখত পৰিছিল। অসহযোগ আন্দোলনটো গান্ধীয়ে অহিংসা পন্থাৰে চলাটো বিচাৰিছিল, গতিকে আন্দোলনে চৌৰীচৌৰাত হিংসাৰ পথ লোৱাত গান্ধীয়ে ১৯২২ চনৰ ২২ ফেব্ৰুৱাৰী তাৰিখে বৰদলীৰ পৰা আন্দোলন স্থগিত ৰখাৰ ঘোষণা কৰি আন্দোলন বন্ধ কৰিছিল।

প্রশ্ন ৭। ভাৰত ত্যাগ আন্দোলনৰ এটি চমু বিৱৰণ দিয়া। এই আন্দোলনক কিয় বিয়াল্লিশৰ আন্দোলন বা আগষ্ট বিপ্লৱ বোলা হয়?

অথবা,

গান্ধীজীৰ ভাৰত ত্যাগ আন্দোলনৰ আঁৰত কি আছিল? তেখেতে এই আন্দোলন কেনেকৈ পৰিচালিত কৰিছিল? [HSLC 2020]

উত্তৰ : ১৯৩৯ চনৰ ১ ছেপ্টেম্বৰৰ দিনা জার্মানীয়ে পোলেণ্ড আক্রমণ কৰে আৰু তিনি ছেপ্টেম্বৰত ইংলেণ্ড আৰু ফ্রান্সে যুটীয়াভাৱে পোলেণ্ডৰ সমৰ্থনত জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। ইংলেণ্ডে ভাৰতবৰ্ষকো জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধৰত দেশ বুলি ঘোষণা কৰিছিল। এই ঘটনাৰ লগে লগেই ইংলেণ্ডৰ কৱলৰ পৰা মুক্তি পাবলৈ আৰু দেশৰ জাতীয় মর্যাদা উদ্ধাৰৰ বাবে মহাত্মা গান্ধীৰ নেতৃত্বত কংগ্ৰেছে ব্ৰিটিছ-ভাৰত চৰকাৰৰ বিৰুদ্ধে পুনৰ আন্দোলন আৰম্ভ কৰিছিল। ১৯৪২ চনৰ মাৰ্চ মাহত এই পৰিস্থিতিৰ বাবে ব্ৰিটিছ প্রধানমন্ত্রী চার্চিলে ব্ৰিটিছ মন্ত্ৰীসভাৰ সদস্য ছাৰ ষ্টাফৰ্ড ক্ৰিপছক ভাৰতবৰ্ষলৈ পঠিয়াই দিলে। ছাৰ ষ্টাফৰ্ড ক্ৰিপছ ভাৰতবৰ্ষলৈ আহি ৰাজনৈতিক দলৰ নেতাসকলৰ সৈতে আলোচনাত মিলিত হয়। এই আলোচনাত ক্রিপছে ব্ৰিটিছ-ভাৰত চৰকাৰৰ প্ৰস্তাৱ কেইটা দাঙি ধৰিছিল। ক্ৰিপছৰ এই প্ৰস্তাৱত ভাৰতবৰ্ষৰ পূৰ্ণ স্বাধীনতাৰ কোনো সম্ভেদ নথকাৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছে সেই প্ৰস্তাৱ মানি নললে। ক্ৰিপছৰ লগত ৰাজনৈতিক মোকাবিলাত ব্যৰ্থ হৈ কংগ্ৰেছে ১৯৪২ চনৰ জুলাই মাহৰ ১৪ তাৰিখে চৰকাৰৰ সৈতে অসহযোগৰ প্ৰস্তাৱ গ্ৰহণ কৰি ব্ৰিটিছক ভাৰত ত্যাগ কৰি নিজ দেশলৈ উভতি যাবলৈ নিৰ্দেশ দিছিল। ক্ৰিপছৰ এই প্ৰস্তাৱটো পৰিশোধিত কৰি ৮/৯ আগষ্টত বোম্বে কংগ্ৰেছত ভাৰত ত্যাগ প্ৰস্তাৱৰূপে গ্ৰহণ কৰা হৈছিল। ভাৰত ত্যাগ প্ৰস্তাৱ আৰু তাৰেই পৰিপ্ৰেক্ষিতত সংঘটিত হোৱা আন্দোলনটোকে দেশৰ স্বাধীনতা আন্দোলনৰ ইতিহাসত ভাৰত ত্যাগ আন্দোলনৰূপে জনা যায়। এই আন্দোলনৰ আৰম্ভণী ১৯৪২ চনৰ পৰা হোৱা বাবে ইয়াক বিয়াল্লিছৰ ৱিপ্লৱ আৰু আগষ্টমাহৰ ৯ তাৰিখে ভাৰত ত্যাগ প্ৰস্তাৱৰূপে গ্ৰহণ কৰা হৈছিল বাবে ইয়াক আগষ্ট বিপ্লৱ বুলিও কোৱা হয়। বিয়াল্লিশৰ গণ আন্দোলনত দেশৰ যুৱ-ছাত্ৰই এক বিশেষ ভূমিকা লৈছিল। সেই কথা স্বয়ং জৱাহৰলাল নেহৰুৱেই স্বীকাৰ কৰি গৈছে। যুৱ-ছাত্ৰসকলৰ এই ভূমিকাৰ কথা উল্লেখ কৰি তেওঁ লিখিছিল, “সমগ্ৰ ভাৰতবৰ্ষতে যুৱক শক্তিয়েই, বিশেষকৈ বিশ্ববিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীসকলে বিয়াল্লিশৰ আন্দোলনত হিংসাত্মক আৰু অহিংসা ঘটনাৱলী সংঘটিত কৰাত মুখ্য ভূমিকা লৈছিল।” আনকি আন্দোলনত অংশ গ্ৰহণ কৰাৰ বাবে বহু ছাত্রই শাস্তিও ভুগিব লগা হৈছিল। নেহৰুৱে কৈছিল, “স্কুল-কলেজৰ বিপুল পৰিমাণৰ ছাত্ৰ-ছাত্ৰীক বিভিন্ন ধৰণে শাস্তি বিহা হৈছিল, হাজাৰ হাজাৰ যুৱকক বেত্রাঘাত কৰা হৈছিল।” ভাৰত ত্যাগ আন্দোলনৰ প্ৰধান কাৰ্যসূচীসমূহ হ’ল- বে’ল লাইন ভঙা, টেলিফোন “টেলিগ্রাফ লাইন কাটি যোগাযোগ ধ্বংস কৰা আৰু গৃহ দাহ, ৰে’ল বগবাই কূটাঘটিন্ডুলক কাৰ্য কৰা আদি। এই কাৰ্যসমূহৰ লগত জড়িত থকাৰ উপৰিও ছাত্ৰসকলে পিকেটিং, শোভাযাত্রা আদিবোৰত মুখ্য ভূমিকা লৈছিল। ১৯৪২ চনৰ ছেপ্টেম্বৰ মাহৰ পাছৰ পৰাই বিয়াল্লিশৰ আন্দোলনৰ তীব্রতা কমি আহিবলৈ ধৰে। আন্দোলনৰ এই তীব্রতা কমি অহাৰ লগে লগে ব্ৰিটিছ চৰকাৰে কংগ্ৰেছ নেতাসকলক ক্রমাগত ভাৱে কাৰামুক্তি দিয়াৰ ব্যৱস্থা কৰে। চৰকাৰৰ দ্বাৰা কঠোৰ হাতেৰে আন্দোলন দমন কৰা হৈছিল যদিও কংগ্ৰেছ নেতৃবৃন্দৰ ফালৰ পৰা ১৯৪৪ চনতহে বিয়াল্লিশৰ আন্দোলনৰ আনুষ্ঠানিকভাৱে সামৰণি পেলোৱা হৈছিল। বিয়াল্লিশৰ আন্দোলনৰ পৰিণতি স্বৰূপেই ভাৰতবৰ্ষত ব্ৰিটিছৰ শক্তি বহু পৰিমাণে টুটি আহিছিল আৰু এই আন্দোলনত চৰকাৰে চলোৱা নিৰ্যাতনৰ অন্যতম পৰিণতি স্বৰূপে তেওঁলোকে ভাৰতীয় লোকৰ বিশ্বাস সম্পূৰ্ণৰূপে হেৰুৱাইছিল।

প্রশ্ন ৮। চমুটোকা লিখা।

(ক) ৰাওলাট আইন

(খ) জালিয়ানৱালাবাগৰ নৰহত্যা [HSLC 2020]

(গ)তুৰস্কৰ সমস্যা

(ঘ) সাম্প্রদায়িক বাটোৱাৰা

(ঙ) ব্যক্তিগত সত্যাগ্রহ

উত্তৰ : (ক) ৰাওলাট আইন : ১৯১৪ চনত প্ৰথম বিশ্ব যুদ্ধ আৰম্ভ হোৱা যুদ্ধৰ সময়তে ব্ৰিটিছ ভাৰত চৰকাৰে দেশত ভাৰত ৰক্ষা আইন প্রয়োগ কৰিছিল আৰু লগতে আশ্বাস দিছিল যে যুদ্ধৰ সামৰণি পৰাৰ লগে লগে সেই আইন প্রত্যাহাৰ কৰিব। কিন্তু চৰকাৰে সেই প্রতিশ্রুতি পালন কৰাৰ পৰিবৰ্তে যুদ্ধ শেষ হোৱাৰ পিছত ‘ৰাওলাট আইন’ৰ দৰে অধিক কঠোৰ আইনহে প্ৰণয়ন কৰি প্ৰয়োগ কৰিছিল। এই আইন ১৯১৯ চনৰ ১৮ মাৰ্চৰ পৰা বলবৎ কৰা হৈছিল। এই ঘটনাত দেশৰ ৰাজনৈতিক নেতাসকল অসন্তুষ্ট হৈ পৰিছিল । গান্ধীৰ পৰামৰ্শ মতে ১৯১৯ চনৰ ৬ এপ্রিল তাৰিখে সৰ্বভাৰতীয় স্তৰত হৰতাল পালন কৰা হয়। এই ৰাওলাট আইন বিৰোধী আন্দোলনক গান্ধীয়ে সত্যাগ্রহ আন্দোলনলৈ পৰিৱৰ্তিত কৰিবলৈ চেষ্টা কৰিছিল ।

(খ) জালিয়ানৱালাবাগৰ নৰহত্যা: ৰাওলাট আইনৰ প্ৰতিবাদ কৰিবলৈ ১৯১৯ চনৰ ১৩ এপ্রিল তাৰিখে পাঞ্জাৱৰ জালিৱানৱালাবাগত হাজাৰ হাজাৰ লোকৰ সমাবেশ ঘটিছিল। পাঞ্জাৱৰ দুৱলীয়া লাট ছাৰ মাইকেল ও ডায়াৰে বিপদৰ আশংকা বুজিব পাৰি অমৃতসৰৰ শাসনভাৰ সামৰিক বিষয়া জেনেৰেল ৰেজিলেণ্ড ডায়েৰৰ হাতত অৰ্পণ কৰে। অমৃতসৰৰ জালিৱানৱালাবাগত প্রায় ২০,০০০ লোক সমবেত হৈছিল। এই সমাবেশৰ মূল উদ্দেশ্য আছিল পূৰ্বতে ১০ এপ্রিল তাৰিখে চৰকাৰে কৰা গুলীচালনাৰ প্ৰতিবাদ কৰা । অমৃতসৰত থকা বাগত ওলোৱা-সোমোৱাৰ বাবে মাত্ৰ ওখ দেৱালেৰে পৰিবেষ্টিত এটা পথহে আছিল। অমৃতসৰৰ সামৰিক বিষয়া জেনেৰেল ডায়াৰে লগত প্রায় ১৫০ জন বন্দুকধাৰী সৈনিক লৈ বাগৰ একমাত্র পথটোত অৱস্থান কৰি সেই নিৰস্তু লোকসকলৰ ওপৰত গুলীচালনা কৰিবলৈ হুকুম দিছিল। প্রায় এঘণ্টা ধৰি গুলীচালনা কৰাৰ ফলত পুৰুষ মহিলা আৰু শিশুকে ধৰি ৩৭৯ জনৰ থিতাতে মৃত্যু হৈছিল আৰু ১,৫০০ লোক চিৰদিনলৈ পংগু হৈছিল।

(গ) তুৰস্কৰ সমস্যা : প্রথম বিশ্বযুদ্ধৰ সামৰণি পেলাবলৈ ফ্ৰান্সৰ পেৰিচ চহৰত যি শান্তি সন্মিলন অনুষ্ঠিত হৈছিল সেই শান্তি সন্মিলনত স্বাক্ষৰিত চৰ্তাৱলীৰ মাধ্যমত তুৰস্কৰ অস্তিত্ব ধ্বংস হোৱাৰ আশংকাই দেখা দিছিল। পেৰিচ শান্তিচুক্তিয়ে তুৰস্কৰ ৰাষ্ট্ৰীয় অখণ্ডতাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰাৰ লগতে সেই দেশৰ ৰাষ্ট্ৰ প্ৰধান খলিফাৰ পদ-মৰ্দাৰ্দাৰ স্খলন ঘটোৱাৰ ব্যৱস্থাও কৰিছিল৷ মিত্র শক্তিৰ অন্যতম সদস্য ৰাষ্ট্ৰ আছিল ইংলেণ্ড। গতিকে তেওঁলোকে তুৰস্কৰ খলিফাৰ পদ-মর্যাদা আৰু তেওঁৰ ৰাজ্যৰ ৰাষ্ট্ৰীয় অখণ্ডতাৰ প্ৰতি দিয়া পূৰ্বৰ প্ৰতিশ্ৰুতি ভংগ কৰাত বিশ্বৰ ইছলাম ধৰ্মাৱলম্বী লোকৰ মাজত ব্ৰিটিছৰ বিৰুদ্ধে ব্যাপক উত্তেজনাৰ সৃষ্টি হৈছিল। ভাৰতবৰ্ষতো ইছলাম ধৰ্মাৱলম্বী লোকৰ মাজত ব্ৰিটিছ বিৰোধী আন্দোলন গঢ়ি উঠিছিল । তুৰষ্কৰ ৰাষ্ট্ৰীয় অখণ্ডতা আৰু খলিফাৰ পদ-মর্যাদাৰ ক্ষতি সাধন কৰাত তাৰ প্ৰতিকাৰ কৰিবলৈ ভাৰতবৰ্ষত কেন্দ্রীয় খিলাফট সমিতি গঠন কৰা হৈছিল।

(ঘ) সাম্প্রদায়িক বাটোৱাৰা : আইন অমান্য আন্দোলন চলি থকাৰ সময়ত ব্ৰিটিছ প্রধানমন্ত্ৰী ৰামজে মেকডোনাণ্ডে ১৯৩২ চনৰ ১০ আগষ্ট তাৰিখে ভাৰতবৰ্ষৰ বাবে সাম্প্রদায়িক বাটোৱাৰাৰ অৰ্থাৎ পৃথক ভোটাধিকাৰৰ কথা ঘোষণা কৰে। শিখ, খ্রিষ্টান আৰু মুছলমানৰ দৰে সংখ্যালঘু সম্প্রদায়ক পৃথক নির্বাচনমণ্ডল কৰাৰ বাহিৰেও, অনান্য পিছপৰা শ্ৰেণীকো সংখ্যালঘু হিচাপে চিহ্নিত কৰা হৈছিল। তেওঁলোকক পৃথক নির্বাচন মণ্ডল প্রদান কৰি হিন্দুসকলৰ পৰা পৃথক কৰা হৈছিল। মহাত্মা গান্ধীয়ে এই ঘোষণাৰ বিৰোধিতা কৰি আমৰণ অনশন আৰম্ভ কৰিছিল। এনেদৰে তেওঁ “পুণে চুক্তি” (১৯৩২)ৰ জাৰিয়তে হিন্দুসকলৰ লগত হৰিজনসকলক যুটীয়া নির্বাচনমণ্ডলত অন্তর্ভুক্ত কৰাত সফল হৈছিল। “পুণে চুক্তিৰ” জৰিয়তে ব্ৰিটিছসকলে বটোৱাৰা নীতিক সংশোধন কৰিবলৈ সন্মত হৈছিল।

(ঙ) ব্যক্তিগত সত্যাগ্রহ : ১৯৪০ চনৰ আগষ্ট মাহত ভাইচৰয়ে বিখ্যাত “আগষ্ট প্ৰস্তাৱ” ঘোষণা কৰে। এই ঘোষণাৰ দ্বাৰা ভাইচৰয়ৰ কাৰ্যকৰী পৰিষদৰ সম্প্ৰসাৰণ ঘটাই ন্য়ায়িক এখন যুদ্ধ বিষয়ক পৰামৰ্শ পৰিষদত পৰিণত কৰি ভাৰতীয়সকলৰ যুদ্ধত অংশ গ্রহণক কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰে। কিন্তু এই ঘোষণাত বাৰ্তক স্বাধীনতা প্রদানক লৈ একো উল্লেখ নথকাত, কংগ্ৰেছ আৰু মুছলিম লিগ উভয়ে ইয়াক প্ৰত্যাখান কৰে। ভাৰতৰ প্রতি ব্ৰিটিছসকলে গ্রহণ কৰা এনে নীতিৰ বিপক্ষে মহাত্মা গান্ধীৰ নেতৃত্বত ১৯৪০ চনৰ অক্টোবৰ মাহত কংগ্ৰেছ দলে ব্যক্তিগত সত্যাগ্রহ কাৰ্যসূচী গ্ৰহণ কৰে। ব্যক্তিগত সত্যাগ্রহক “দিল্লীলৈ ব’লক সত্যাগ্রহ” বুলিও জনা যায়। এই সত্যাগ্রহত গ্ৰেপ্তাৰ নোহোৱা একোজন সত্যাগ্রহীয়ে এখন নতুন ঠাইলৈ গৈ দিল্লী অভিমুখে যাত্ৰা কৰিছিল। এই আন্দোলনত প্রথমে গ্ৰেপ্তাৰ বৰণ কৰা সত্যাগ্রহীজন আছিল আচার্য বিনোৱা ভাবে।

1 thought on “Class 10 Social Science Chapter 2 Iমহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্রাম I SEBA”

Leave a Comment

error: Content is protected !!