Class 10 Science Lesson 9 I বংশগতি আৰু ক্রমবিকাশ I Question Answer | SEBA

Class 10 Science Lesson 9 I বংশগতি আৰু ক্রমবিকাশ I Question Answer | SEBA: আমাৰ ৱেবছাইটলৈ স্বাগতম! আপোনাৰ শৈক্ষিক যাত্ৰাৰ বাবে আপোনাক দশম শ্ৰেণীৰ Notes প্ৰদান কৰি আমি আনন্দিত।

নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ বছৰ কিয়নো তেওঁলোকে আগন্তুক ব’ৰ্ড পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰে, যি তেওঁলোকৰ শৈক্ষিক সফলতা নিৰ্ধাৰণ কৰিব।

আজি, এই প্ৰবন্ধটোত মই আপোনাৰ দশম শ্ৰেণীৰ “বংশগতি আৰু ক্রমবিকাশ” দীঘলয়া আৰু চুটি প্ৰশ্ন আলোচনা কৰিম| আমি প্ৰায় সকলো দীঘলয়া আৰু চুটি প্ৰশ্ন Solution প্ৰদান কৰিছোঁ।

আমাৰ লক্ষ্য হৈছে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰা। আমি ইয়াত বিনামূলীয়াকৈ Notes সমূহ প্ৰদান কৰিছো। আমি আপোনাক আগন্তুক পৰীক্ষাৰ বাবে শুভেচ্ছা জনাইছো। যদি আপোনাৰ কোনো সন্দেহ আছে তেন্তে আমাৰ সৈতে যোগাযোগ কৰক।

বংশগতি আৰু ক্রমবিকাশ I Question Answer

পাঠ অন্তর্ভুক্ত প্রশ্নোত্তৰ

প্রশ্নঃ 1. যদি এটা অযৌনভাৱে প্ৰজননকাৰী প্ৰজাতিৰ এটা আবাদীৰ 10 শতাংশত লক্ষণ A দেখা যায় আৰু একেটা আবাদীৰ 60 শতাংশত লক্ষণ B দেখা যায়, তেনেহ’লে কোনটো লক্ষণ সম্ভৱতঃ আগতে উদ্ভৱ হৈছিল?

উত্তৰ : লক্ষণ B সম্ভৱতঃ আগতে উদ্ভৱ হৈছিল, কাৰণ অযৌন প্রজননত DNA ৰ প্ৰতিৰূপ প্ৰস্তুতকৰণত সাধাৰণভাৱে ত্রুটি থাকি যায়, যাৰ ফলত প্রজাতি এটাত সামান্য পৰিমাণত প্ৰকাৰণৰ সৃষ্টি হ’ব পাৰে, যিয়ে আবাদীটোৰ 10 শতাংশত লক্ষণ A টো প্ৰকাশ পোৱাত অৰিহণা যোগাইছিল।

প্রশ্নঃ-2. বৈসাদৃশ্যতাই কেনেদৰে প্ৰজাতি এটাক বৰ্তি থকাত সহায় কৰে?

উত্তৰ: যেতিয়া কোনো জীৱৰ আবাদী এটাই নিৰ্দিষ্ট অনুকূল পৰিৱেশত নিজকে অভিযোজিত কৰি লয় আৰু সেই অনুকূল পাৰিৱেশিক অৱস্থাটো চৰমভাৱে সলনি হৈ যায়, তেতিয়া গোটেই আবাদীটোৱেই মৃত্যুমুখত পৰাৰ আশংকা থাকে। কিন্তু যদি জীৱৰ আৱাদীটোৰ কেইটামান ব্যক্তিৰ দেহত কিছু পৰিমাণে প্ৰকাৰণ থাকে, তেনেহ’লে সেই বিশেষ ব্যক্তিকেইটাৰ সেই পৰিবৰ্তিত পৰিৱেশতো বৰ্তি থকাৰ কিছু আশা থাকে। এনেদৰে বৈসাদৃশ্যতাৰ সৃষ্টিয়ে প্ৰজাতি এটাক বৰ্তি থকাত অৰিহণা যোগায়।

প্রশ্নঃ 3. মেণ্ডেলৰ পৰীক্ষাই কেনেদৰে দেখুৱায় যে লক্ষণৰোৰ প্ৰভাৱী বা অপ্ৰভাৱী তু’ব পাৰে?

উত্তৰ : মেণ্ডেলে তেখেতৰ একসংকৰণ পৰীক্ষাৰ বাবে এজোপা বিশুদ্ধ ওখ মটৰ মাহ আৰু এজোপা বিশুদ্ধ চাপৰ মটৰ মাহৰ গছ বাছি লৈছিল। পিছত তেখেতে এই দুজোপা গছৰ মাজত ইতৰ-পৰাগণ হ’বলৈ দি সিহঁতৰ অপত্য জনু অৰ্থাৎ F, জনুৰ সৃষ্টি কৰিছিল। তেখেতে লক্ষ্য কৰিছিল যে F।

জনুৰ আটাইবোৰ গছেই ওখ হৈছিল। পিছত মেণ্ডেলে F জনুৰ গছসমূহৰ স্ব-পৰাগণ হ’বলৈ দি সিহঁতৰ অপত্য জনু অর্থাৎ Fz জনুৰ গছসমূহৰ সৃষ্টি কৰিছিল। কিন্তু তেখেতে লক্ষ্য কৰিছিল যে F2 জনুৰ আটাইবোৰ গছেই ওয় নাছিল । ইয়াৰ এক চতুর্থাংশ গছচাপৰ হৈছিল। এনেদৰে মেণ্ডেলে জানিব পাৰিছিল যে F প্রকাশ পাইছিল। F।

জনুত প্রকাশিত হোৱা লক্ষণটোক প্ৰভাৱী আৰু এই জনুত প্ৰকাশ জনুৰ গছসমূহত ওখ আৰুচাপৰ দুয়োটা লক্ষণেই আছিল, মাথো ওখ লক্ষণটোহে গছবিলাকত নোপোৱা লক্ষণটোক অপ্ৰভাৱী বা পৰাহত লক্ষণ বোলে। এনেদৰে মেণ্ডেলৰ পৰীক্ষাই প্ৰমাণ কৰিছিল যে লক্ষণবোৰৰ কিছুমান প্ৰভাৱী আৰু কিছুমান অপ্ৰভাৱী হয়।

প্রশ্ন: 4. মেণ্ডেলৰ পৰীক্ষাই কেনেদৰে দেখুৱায় যে বংশানুক্রমিক লক্ষণবোৰ স্বাধীনভাৱে প্রবাহিত হয়? [HSLC 2018]

উত্তৰঃ মেণ্ডেলে তেখেতৰ দ্বি সংকৰণ পৰীক্ষাত দুযোৰ বিপৰীতধর্মী চৰিত্ৰৰ বংশগতিৰ বিচাৰ কৰিছিল। তেখেতে এই পৰীক্ষাৰ বাবে এজোপা ওখ মটমাহৰ গছ লৈছিল যাৰ বীজটো ঘূৰণীয়া আছিল আৰু এজোপা চাপৰ মটমাহৰ গছ লৈছিল যাৰ বীজটো শোটোৰা আছিল৷

তেখেতে এই দুজোপা গছৰ মাজত ইতৰ-পৰাগণ হ’বলৈ দি সিহঁতৰ অপত্য জনু অৰ্থাৎ F1 জনুৰ সৃষ্টি কৰিছিল। তেখেতে লক্ষ্য কৰিছিল যে F1 জনুৰ আটাইবোৰ গছেই ওখ আৰু ঘূৰণীয়া বীজযুক্ত হৈছিল।

ইয়াৰ কাৰণ হ’ল ওখ আৰু ঘূৰণীয়া বীজ দুয়োটাই প্ৰভাৱী লক্ষণ আছিল পিছত তেখেতে F1 জনুৰ গছসমূহৰ স্ব-পৰাগণ হ’বলৈ দি সিহঁতৰ অপত্য জনু অৰ্থাৎ F2 জনুৰ সৃষ্টি কৰিছিল। তেখেতে F2 জনুত চাৰিবিধ ভিন্ন প্ৰকাৰৰ গছ দেখিবলৈ পাইছিল। এইবোৰ হ’ল –

(i) ওখ আৰু ঘূৰণীয়া বীজযুক্ত

(ii) ওখ আৰু শোটোৰা বীজযুক্ত

(iii) চাপৰ আৰু ঘূৰণীয়া বীজযুক্ত

(iv) চাপৰ আৰু শোটোৰা বীজযুক্ত

এনেদৰে মেণ্ডেলৰ দ্বিসংকৰণ পৰীক্ষাই প্রমাণ কৰে যে ওখ/চাপৰ লক্ষণ আৰু ঘূৰণীয়া বীজ /শোটোৰা বীজ লক্ষণটো স্বাধীনভাৱে অপত্য জীৱই উত্তৰাধিকাৰ সূত্ৰে লাভ কৰে।

প্রশ্নঃ 5. A তেজৰ গ্ৰুপযুক্ত পুৰুষ এজনে O তেজৰ গ্ৰুপযুক্ত স্ত্ৰী এগৰাকীক বিয়া কৰায় আৰু তেওঁলোকৰ ছোৱালী O তেজৰ গ্ৰুপযুক্ত হয়। তেজৰ গ্ৰুপ A নাইবা 0 ক প্ৰভাৱী বুলি ক’বলৈ উপৰোক্ত তথ্যখিনি যথেষ্ট নে?

উত্তৰঃ তেজৰ গ্ৰুপ A নে O প্ৰভাৱী সেয়া ক’বলৈ উপৰোক্ত তথ্যখিনি যথেষ্ট নহয়। কাৰণ এই ক্ষেত্ৰত পিতৃ আৰু মাতৃ দুয়োৱে ক্ৰমে অকল AA আৰু OO কাৰকযুক্ত বিশুদ্ধ বংশ নহ’বও পাৰে। সেয়ে O এটা পৰাহত লক্ষণ হলেও তেওঁলোকৰ ছোৱালীজনীয়ে লাভ কৰিব পাৰে, যদিহে তেওঁ পিতৃ-মাতৃ দুয়োটাৰে পৰা O লক্ষণযুক্ত কাৰক বা জিন লাভ কৰে।

প্রশ্নঃ 6. মানুহৰ ক্ষেত্ৰ শিশুৰ লিংগ কেনেদৰে নিৰ্ধাৰিত হয় ? [HSLC 2015, 2017, 2019, 2022]

উত্তৰঃ মানুহৰ ক্ষেত্ৰত নাৰীৰ দেহত যৌন ক্রম’জমৰ এটা প্রকৃত যোৰ পোৱা যায়। ইয়াৰ প্ৰতিডালকে X বোলা হয়। কিন্তু পুৰুষৰ দেহত এযোৰ অমিল যৌন ক্ৰম’জম পোৱা যায়, যাৰ এডাল নিয়মীয়া আকাৰৰ X আৰু আনডাল কিছু চুটি ক্রম’জম যাক Y নামেৰে জনা যায়। সেয়েহে ল’ৰাই হওক বা ছোৱালীয়েই হওক সকলো শিশুৱে তেওঁলোকৰ মাতৃৰ পৰা এডাল X ক্রম’জম লাভ কৰে। এনেদৰে শিশু এটাই তাৰ পিতৃৰ ফালৰ পৰা লাভ কৰা যৌন ক্রম’জমডালে তাৰ লিংগ নিৰ্ধাৰণ কৰাত সহায় কৰে। যদি শিশুটোৱে পিতৃৰ ফালৰ পৰাও এডাল X ক্ৰ’ম’জম লাভ কৰে, তেনেহ’লে শিশুটো ছোৱালী হ’ব আৰু আনহাতে যদি শিশুটোৱে পিতৃৰ ফালৰ পৰা এডাল Y ক্ৰ’ম’জম লাভ কৰে, তেনেহ’লে শিশুটো লৰা হ’ব।

প্রশ্নঃ 7. কি কি ভিন্ন উপায়ে আবাদী এটাত এটা নির্দিষ্ট লক্ষণযুক্ত ব্যক্তিৰ সংখ্যাৰ বৃদ্ধি ঘটিব পাৰে?

উত্তৰঃ আবাদী এটাত এটা নিৰ্দিষ্ট লক্ষণযুক্ত ব্যক্তিৰ সংখ্যাৰ বৃদ্ধি ঘটাব পৰা উপায়সমূহ হ’ল –

(i) প্রাকৃতিক নির্বাচন (Natural selection): জীৱৰ কিছুমান লক্ষণ উৎবর্তন (sur- vival) ৰ বাবে সুবিধাজনক অথবা অন্য অৰ্থত এই লক্ষণবোৰ প্ৰকৃতিয়ে নির্বাচন কৰে। প্ৰকৃতিয়ে নির্বাচিত কৰা লক্ষণযুক্ত জীৱসমূহকহে কোনো এক নিৰ্দিষ্ট পৰিৱেশত প্ৰকৃতিয়ে বৰ্ত্তি থকাৰ সুবিধা দিয়ে। সেয়ে এনে লক্ষণযুক্ত জীৱসমূহৰ আবাদী এটাত সংখ্যাৰ বৃদ্ধি ঘটিব পাৰে।

(ii) জিনীয় পথচ্যুত (Genetic drift) : কোনো এক সৰু আবাদীত ঘটা আকস্মিক দুৰ্ঘটনাৰ বাবে আবাদীটোৰ কিছুমান জিনৰ বাৰং বাৰ্তা (frequency) পৰিবৰ্তন হ’ব সৃষ্টি হৈছে। উদাহৰণস্বৰূপে, আজিৰ পৰা পাঁচ কোটি বছৰ আগৰ তিনি আঙুলিযুক্ত এটা সৰু প্ৰাণীৰ পৰাই বৰ্তমান কালৰ ঘোঁৰাৰ সৃষ্টি হৈছিল।

প্রশ্নঃ 16. আকাৰ, বৰণ আৰু দেখাত ইমান ভিন ভিন হোৱা সত্ত্বেও কিয় সকলো মানুহেই একেটা প্ৰজাতিৰ অন্তৰ্ভুক্ত হয় ?

উত্তৰঃ আকাৰ, বৰণ আৰু দেখাত ইমান ভিন ভিন হোৱা স্বত্বেও সকলো মানুহেই একেটা প্ৰজাতিৰে অন্তৰ্ভুক্ত হয়, কাৰণ মানব বিবৰ্তনৰ অধ্যয়নত ব্যবহৃত কোনো বৈজ্ঞানিক পদ্ধতিয়ে মানবৰ বিবৰ্তনৰ প্ৰমাণ নিদিয়ে। আনহাতে পৃথিৱীৰ যিকোনো বিপৰীত লিংগৰ দুগৰাকী মানুহৰ মাজত প্ৰজনন সম্ভৱপৰ হোৱা কথাটোৱে প্ৰমাণ কৰে যে সকলো মানুহেই একেটা মাথো মানব প্রজাতিৰ অন্তৰ্ভূক্ত ।

প্রশ্নঃ 17. বিৱৰ্তনৰ ভাষাত বেক্টেৰিয়া, মকৰা, মাছ আৰু চিম্পাঞ্জীৰ ভিতৰত কোনটোৰ ‘বেছি ভাল’ দৈহিক আৰ্হি আছে বুলি আমি ক’ব পাৰো? কিয় বা কিয় নোৱাৰো?

উত্তৰঃ বিৱৰ্তনৰ ভাষাত বেক্টেৰিয়া, মকৰা, মাছ আৰু চিম্পাঞ্জীৰ ভিতৰত আটাইকেইটাৰে সমানে ভাল দৈহিক আৰ্হি থকা বুলি আমি ক’ব পাৰো। ইয়াৰ কাৰণ হ’ল, বিৱৰ্তনে কেতিয়াও প্ৰগতি নুবুজায়। বিৱৰ্তনে কোনো এক জীৱৰ দৈহিক গঠনত জটিলতা আনিব পাৰে । কিন্তু সেঁইবুলি তুলনামূলকভাৱে সৰল দৈহিক আৰ্হিবিশিষ্ট জীৱসমূহ জীৱন ধাৰণৰ বাবে কম দক্ষ হোৱাতো নুবুজায়। সেয়ে প্রশ্নত উল্লিখিত আটাইবোৰ জীৱৰে দেহৰ আৰ্হি ভাল বুলি ক’ব লাগিব, কাৰণ সিহঁতে এই দৈহিক আৰ্হিৰ দ্বাৰাই নিজৰ নিজৰ পৰিৱেশত ভালদৰে জীয়াই থকাৰ সক্ষমতা ৰাখে।

অনুশীলনীৰ প্রশ্নোত্তৰ

প্রশ্ন 1. এটা মেণ্ডেলীয় পৰীক্ষাত বেগুনীয়া ফুলবিশিষ্ট এজোপা ওখ মটমাহৰ গছ আৰু বগা ফুল বিশিষ্ট এজোপা চাপৰ মটমাহৰ গছৰ মাজত সংগম কৰোৱা হয়। সকলোবোৰ অপত্যই বেগুনীয়া ফুল ধাৰণ কৰিছিল, কিন্তু সিহঁতৰ প্ৰায় আধাই চাপৰ আছিল। ইয়ে সূচায় যে ওখ পৈতৃক গছজোপাৰ আণুবংশিক সজ্জা প্ৰকাশ কৰিব পৰা যায়—

(a) TTWW

(b) TTww

(c) TtWW

(d) TtWw

উত্তৰঃ (c) TtWW

প্রশ্ন 2. সমসংস্থ অংগৰ এটা উদাহৰণ হ’ল

(a) আমাৰ হাত আৰু এটা কুকুৰৰ আগঠেং

(b) আমাৰ দাঁত আৰু এটা হাতীৰ দাঁত

(c) আলু আৰু ঘাঁহবনৰ ৰাণাৰ (runner)

(d) ওপৰৰ আটাইকেইটা

উত্তৰঃ (d) ওপৰৰ আটাইকেইটা

প্রশ্ন 3. বিৱৰ্তনৰ ফালৰ পৰা তলৰ কোনবিধৰ লগত আমাৰ বেছি মিল আছে –

(a) এজন চীনা স্কুলীয়া ল’ৰা (b) এটা চিম্পাঞ্জী

(c) এটা মকৰা (d) এটা বেক্টেৰিয়া

উত্তৰঃ (a) এজন চীনা স্কুলীয়া ল’ৰা

প্রশ্ন 4. এটা অধ্যয়নৰ পৰা গম পোৱা গৈছিল যে পাতল বৰণৰ চকুৰ ল’ৰা-ছোৱালীৰ পিতৃ-মাতৃও সাধাৰণতে পাতল বৰণৰ চকু বিশিষ্ট হয়। ইয়াৰ ভিত্তিত চকুৰ পাতল বৰণ এক প্ৰভাৱী নে অপ্ৰভাৱী লক্ষণ আমি ক’ব পাৰোনে? কিয় বা কিয় নোৱাৰো?

উত্তৰঃ ইয়াৰ ভিত্তিত আমি ক’ব পাৰো যে চকুৰ পাতল বৰণ এক প্ৰভাৱী লক্ষণ। ইয়াৰ কাৰণ হ’ল, যদিও পিতৃ-মাতৃ প্রত্যেকৰে চকুৰ বৰণৰ বাবে দুটাকৈ কাৰক থাকে, তাৰে পাতল চকুৰ বৰণ কাৰকটোহে বেছিকৈ প্ৰকাশ পায়। চকুৰ আন বৰণসমূহ নিশ্চয় অপ্ৰভাৱী লক্ষণ হ’ব কাৰণ সেইবোৰ লক্ষণ পিতৃ মাতৃ উভয়ৰে দেহত থাকিলেও সিহঁতে সততে প্রকাশ নাপায়।

প্রশ্ন 5. বিৱৰ্তন আৰু শ্ৰেণীবিভাজনৰ অধ্যয়নৰ ক্ষেত্ৰ দুখন কেনেদৰে আন্তঃসংলগ্ন (interlinked) ?.

[HSLC 2016, 2019]

উত্তৰঃ বিৱৰ্তন আৰু শ্ৰেণীবিভাজনৰ অধ্যয়নৰ ক্ষেত্ৰ দুখন পৰস্পৰ সংযোজিত, কাৰণ প্ৰজাতি বোৰৰ শ্ৰেণী বিভাজন সিহঁতৰ বিৱৰ্তনীয় সম্পৰ্কৰ এক প্রতিফলনহে মাথোন। আমি প্ৰজাতিবোৰৰ নিচেই ওচৰৰ এক সাধাৰণ পূৰ্বপুৰুষৰ ভিত্তিত সিহঁতৰ কিছুমান সৰু সৰু গোষ্ঠীৰ সৃষ্টি কৰো ৷ আকৌ দূৰৰ কোনো এক সাধাৰণ পূৰ্বপুৰুষক ভিত্তি কৰি এই সৰু সৰু গোষ্ঠীবোৰ অন্তৰ্ভুক্ত কৰি কেতবোৰ ডাঙৰ ডাঙৰ গোষ্ঠী গঠন কৰো। এনেদৰে সময়ৰ হিচাপত আমি পিছুৱাই গৈ থাকিলে আমাৰ ধাৰণা হ’ব যে বিৱৰ্তনীয় সময়ৰ আৰম্ভণিতে কোনো এটা জীৱৰ প্ৰজাতিৰ পৰাই বৰ্তমানৰ সমস্ত জীৱজগতৰ সৃষ্টি হৈছিল।

প্রশ্ন 6. সমবৃত্তিক আৰু সমসংস্থ অংগ কাক বোলে উদাহৰণৰ সৈতে বুজাই লিখা। [HSLC 2018]

উত্তৰঃ যিবিলাক অংগ উৎপত্তি আৰু মৌলিক গঠনৰ ফালৰ পৰা বেলেগ বেলেগ, কিন্তু কাৰ্যৰ ফালৰ পৰা একে, তেনে অংগক সমবৃত্তিক অংগ বোলে। যেনেঃ চৰাইৰ ডেউকা আৰু বাদুলীৰ ডেউকা। যিবিলাক অংগ উৎপত্তি আৰু মৌলিক গঠনৰ ফালৰ পৰা একে, কিন্তু কাৰ্যৰ ফালৰ পৰা বেলেগ, তেনে অংগক সমসংস্থ অংগ বোলে। যেনেঃ জেঠী, ভেকুলী আৰু চৰাইৰ আগঠেং।

প্রশ্ন 7. বিৱৰ্তনীয় সম্পৰ্কৰ নিৰ্ধাৰণৰ বাবে জীৱাশ্মৰ গুৰুত্ব বর্ণনা কৰা।

উত্তৰঃ বিৱৰ্তনীয় সম্পৰ্কৰ নিৰ্ধাৰণৰ বাবে জীৱাশ্মবোৰ এক গুৰুত্বপূৰ্ণ আহিলা। যদি আমি পৃথিৱীৰ গভীৰলৈ খনন কৰি যাওঁ আৰু আমি জীৱাশ্মসমূহ পাবলৈ আৰম্ভ কৰো, তেনেহ’লে এনে ধাৰণা কৰাটো আমাৰ বাবে যুক্তিসংগত হ’ব যে পৃথিৱীৰ পৃষ্ঠৰ পৰা নিচেই ওচৰতে পোৱা জীৱাশ্মসমূহ পৃথিৱীৰ গভীৰ স্তৰসমূহত পোৱা জীৱাশ্মবোৰৰ তুলনাত বেছি নতুন। এই জীৱাশ্মবোৰ পৰীক্ষা কৰি চালে ধাৰণা কৰিব পাৰি যে পৃথিৱীপৃষ্ঠৰ ওচৰৰ স্তৰত পোৱা জীৱাশ্মসমূহৰ দৈহিক আৰ্হি জটিল হোৱাৰ বিপৰীতে পৃথিৱীৰ গভীৰ স্তৰসমূহত পোৱা জীৱাশ্মবোৰৰ দৈহিক আৰ্হি সৰল। এনেদৰে অনুমান কৰিব পাৰি যে আদিমতম সৰল কিছুমান জীৱৰ পৰাই ক্রমবিকাশৰ দ্বাৰা পৰবৰ্তী কালৰ জটিল দৈহিক গঠনৰ জীৱসমূহৰ সৃষ্টি হৈছিল। উদাহৰণস্বৰূপে, আজিৰ পৰা প্ৰায় পাঁচ কোটি বছৰৰ আগৰ তিনি-আঙুলিযুক্ত এটা সৰু প্ৰাণীৰ পৰাই বিৱৰ্তনৰ দ্বাৰা বৰ্তমানৰ ঘোঁৰাৰ উৎপত্তি হৈছিল।

প্রশ্ন ৪. অজৈৱিক পদাৰ্থৰ পৰা জীৱৰ উৎপত্তি হোৱা কথাটোৰ বাবে আমাৰ হাতত কি সাক্ষ্য আছে?

উত্তৰঃ জীৱৰ শ্রেণী বিভাজনৰ আচনিখনে অজৈৱিক পদাৰ্থৰ পৰাই যে সমস্ত জীৱজগতৰ উৎপত্তি হৈছিল তাৰ সাক্ষ্য বহন কৰে। কাৰণ জীৱৰ প্ৰজাতিৰ শ্ৰেণীবিভাজন সিহঁতৰ বিৱৰ্তনীয় সম্পর্কৰে এক প্ৰতিফলন মাথোন। আমি কোনো এক ওচৰৰ সাধাৰণ পূৰ্বপুৰুষৰ ভিত্তিত প্ৰজাতি সমূহৰ কিছুমান সৰু সৰু গোষ্ঠী বনাওঁ। আকৌ কোনো এক তুলনামূলকভাৱে দুৰৰ সাধাৰণ পূৰ্বপুৰুষক ভিত্তি কৰি লৈ এই সৰু সৰু গোষ্ঠীসমূহক অন্তর্ভুক্ত কৰি কেতবোৰ ডাঙৰ ডাঙৰ গোষ্ঠী গঠন কৰো। এনেদৰে সময়ৰ হিচাপত যদি আমি পিছুৱাই গৈ থাকোঁ, আমাৰ ধাৰণা হ’ব যে বিৱৰ্তনীয় কালৰ একেবাৰে আৰম্ভণিতে থকা কোনো এটা জীৱৰ প্ৰজাতিৰ পৰাই এতিয়াৰ সমস্ত জীৱজগতৰ সৃষ্টি হৈছিল। যদি সেয়াই সত্য হয়, তেনেহলে পৃথিৱীৰ ইতিহাসৰ কোনো এক পৰ্যায়ত অজৈৱিক পদাৰ্থই পৃথিৱীত জীৱৰ সৃষ্টি কৰিছিল বুলি আমি নিশ্চিত হ’ব পাৰো।

প্রশ্ন 9. অযৌন প্ৰজননৰ তুলনাত যৌন প্রজননে কেনেদৰে বেছি কার্যক্ষম প্ৰকাৰণৰ সৃষ্টি কৰে বৰ্ণনা কৰা৷ যৌন প্রজননকাৰী জীৱৰ বিৱৰ্তনত ই কেনেদৰে প্ৰভাৱ পেলায়?

উত্তৰঃ অযৌন প্ৰজননৰ তুলনাত যৌন প্রজননে বেছি কার্যক্ষম প্ৰকাৰণৰ সৃষ্টি কৰে, কাৰণ যৌন প্রজননত দুজন ভিন্ন ব্যক্তি জড়িত হৈ থাকে। এইদুগৰাকী ব্যক্তিৰ দেহত তেওঁলোকে আগৰ প্ৰজন্মৰ পৰা লাভ কৰা প্ৰকাৰণসমূহ ইতিমধ্যেই মজুত থাকে। সেয়ে এনে দুটা ব্যক্তিৰ জননকোষ দুটা যেতিয়া যোজিত হয়, তেতিয়া দুটা ভিন্ন শৈলীৰ প্ৰকাৰণৰ সংমিশ্রণ ঘটে। এনেদৰে অযৌন প্ৰজননৰ তুলনাত যৌন প্রজননে বেছি কাৰ্যক্ষম প্ৰকাৰণৰ সৃষ্টি কৰে। জীৱৰ বিৱৰ্তনত যৌন প্রজননে এক উল্লেখযোগ্য ভূমিকা পালন কৰে। কাৰণ যৌন প্রজননে অপত্য জীৱত প্ৰকাৰণৰ সৃষ্টি কৰে। হেজাৰ হেজাৰ বছৰ ধৰি এই প্ৰকাৰণসমূহ সঞ্চিত হোৱাৰ ফলত জীৱসমূহৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিবৰ্তন হয় আৰু এসময়ত সিহঁতে এক নতুন প্রজাতি হিচাপে আত্মপ্রকাশ কৰে।

প্রশ্ন 10. অপত্য জীৱত কেনেদৰে পিতৃ আৰু মাতৃৰ সমান আণুবংশিক বৰঙণি নিশ্চিত হয়?

উত্তৰঃ এটা জীৱৰ দেহত কোনো এক চাৰিত্রিক বৈশিষ্ট্যৰ বাবে দুটাকৈ লক্ষণ থাকে। এই লক্ষণ দুটা জীৱকোষৰ দুডাল ক্রম’জ’মত জিন হিচাপে পোৱা যায়। এনে এযোৰ সমৰূপী ক্ৰম’জ’মৰ এডাল পিতৃফালৰ পৰা অহা আৰু আনডাল মাতৃৰ ফালৰ পৰা অহা । ব্যক্তিৰ প্ৰতিটো জননকোষে এই এযোৰ সমৰূপী ক্ৰ’ম’জমৰ এডাল ক্ৰ’ম’জমহে লাভ কৰে। যেতিয়া যৌন প্ৰজননৰ সময়ত দুটা জননকোষ যোজিত হয়, সিহঁতে অপত্য জীৱটোত ক্ৰ’মজমৰ সংখ্যাক পুনৰ সংস্থাপিত কৰে। এনেদৰে অপত্য জীৱটোৱে ক্ৰ’মজমৰ দুটা সংহতি (set) লাভ কৰে, যাৰ এটা পিতৃৰ ফালৰ পৰা অহা আৰু আনটো মাতৃৰ ফালৰ পৰা অহা । এনেদৰে অপত্য জীৱত পিতৃ আৰু মাতৃৰ সমান আণুবংশিক বৰঙণি নিশ্চিত হয়।

প্রশ্ন: 11. এটা আবাদীৰ ব্যক্তিক বিশেষ সুবিধা প্রদান কৰা ভিন্নতাবোৰহে বৰ্তি থাকিব পাৰিব। এই উক্তিটোৰ সৈতে তুমি একমত নে? কিয় বা কিয় নহয়?

উত্তৰঃ এই উক্তিৰ সৈতে মই একমত। কাৰণ, যিবিলাক প্ৰকাৰণে কোনো এটা আবাদীৰ ব্যক্তি বিশেষক উৎবৰ্তনৰ ক্ষেত্ৰত বিশেষ সুবিধা প্রদান কৰে, সেই প্ৰকাৰণসমূহ প্ৰকৃতিৰ দ্বাৰা নিৰ্বাচিত হয়। এনে প্রকৃতিয়ে নির্বাচন কৰা সুবিধাজনক প্ৰকাৰণসমূহে ব্যক্তিবিশেষক চাৰিওফালৰ পাৰিৱেশিক অৱস্থাটোৰ লগত নিজকে অভিযোজিত কৰি লোৱাত সহায় কৰে। সেয়ে এনে প্ৰকাৰণবিশিষ্ট জীৱসমূহ পৃথিৱীত ভালদৰে জীয়াই থাকিব পাৰে আৰু এনেদৰে এই সুবিধাজনক প্ৰকাৰণ সমূহো আবাদীত ভৱিষ্যত কাললৈ প্রবর্তিত হৈ থাকে।

অতিৰিক্ত প্রশ্নোত্তৰ

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন 1. প্ৰভাৱী লক্ষণ কি? [HSLC 2018, 2019]

উত্তৰঃ মেণ্ডেলৰ সংকৰণ পৰীক্ষাত প্ৰথম অপত্য জনু অর্থাৎ F. জনুত প্ৰকাশ পোৱা লক্ষণটোকে প্ৰভাৱী লক্ষণ বোলে।

প্রশ্ন 2. আৰ্জিত লক্ষণ কাক বোলে? [HSLC 2022]

উত্তৰঃ জ়ীৱন-কালৰ অভিজ্ঞতাৰ দ্বাৰা কোনো জীৱই লাভ কৰা লক্ষণসমূহক আৰ্জিত লক্ষণ বোলে।

প্রশ্ন 3. বংশানুক্রমিক লক্ষণসমূহ কি? [HSLC 2022]

উত্তৰঃ যিবোৰ লক্ষণ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ সঞ্চাৰিত হ’ব পাৰে,তাক বংশানুক্রমিক লক্ষণ বোলে।

প্রশ্ন 4. জিনীয় পথচ্যুত (Genetic drift) বুলিলে কি বুজা? [HSLC 2022]

উত্তৰঃ এটা সৰু আৱাদীত ঘটা কোনো দুৰ্ঘটনাৰ ফলত আৱাদীটোত কিছুমান জিনৰ বাৰংবাৰতা (frequency) সলনি হ’ব পাৰে, যদিও ই কোনো উৎবৰ্তনৰ সুবিধা নিদিয়ে। ইয়াকে জিনীয় পথচ্যুত বোলে।

প্রশ্ন 5. প্ৰজাতিকৰণ (speciation) কি। [HSLC 2019]

উত্তৰঃ দীর্ঘ সময় ধৰি প্ৰকাৰণৰ সঞ্চয়ৰ ফলত কোনো এটা জীৱৰ প্ৰজাতিৰ পৰা আন এটা নতুন প্ৰজাতিৰ সৃষ্টি হোৱাকে প্ৰজাতিকৰণ (speciation) বোলে।

প্রশ্ন 6. ভিন্নতা কি? [HSLC 2022]

উত্তৰঃ একেটা আবাদীৰ ভিন্ন ব্যক্তিৰ মাজত বা একে পিতৃ-মাতৃৰ সন্তানবিলাকৰ মাজত থকা DNA ৰ সামান্য তাৰতম্যকে ভিন্নতা বা বৈসাদৃশ্যতা বোলে ৷

প্রশ্ন ৪. বিৱৰ্তনীয় সম্পৰ্কৰ চিনাক্তকৰণত জীৱাশ্মৰ ভূমিকা বর্ণনা কৰা। [HSLC 2016]

উত্তৰঃ বিৱৰ্তনীয় সম্পৰ্কৰ চিনাক্তকৰণত জীৱাশ্মৰ এক উল্লেখযোগ্য ভূমিকা আছে। যদি আমি পৃথিৱীৰ গভীৰলৈ খনন কৰি যাওঁ, তেনেহ’লে এই ধাৰণা কৰাটো যুক্তিসংগত হ’ব যে পৃথিৱীপৃষ্ঠৰ নিচেই ওচৰতে পোৱা জীৱাশ্মসমূহ তুলনামূলকভাৱে গভীৰ স্তৰবোৰত পোৱা জীৱাশ্মসমূহতকৈ বেছি নতুন। এই জীৱাশ্মসমূহৰ অধ্যয়নৰ পৰা গম পোৱা যায় যে পৃথিৱীৰ ওপৰৰ স্তৰত পোৱা জীৱাশ্মসমূহৰ দেহৰ আৰ্হি জটিল আৰু গভীৰ স্তৰবোৰত পোৱা জীৱাশ্মসমূহৰ দেহৰ আৰ্হি সৰল।

ইয়াৰ পৰা ধাৰণা কৰিব পাৰি যে আদিমতম সৰল জীৱসমূহৰ বিৱৰ্তনৰ ফলতেই পৰৱৰ্তী কালৰ জটিল দৈহিক গঠনৰ জীৱসমূহৰ সৃষ্টি হৈছিল । উদাহৰণস্বৰূপে, আজিৰ পৰা প্ৰায় পাঁচ কোটি বছৰৰ আগৰ তিনি-আঙুলিবিশিষ্ট এটা সৰু প্ৰাণীৰ পৰাই বৰ্তমানৰ ঘোঁৰাৰ সৃষ্টি হৈছিল।

Conclusion:

আমি বিশ্বাস কৰোঁ যে এই টোকাবোৰে শিক্ষাৰ্থীসকলক বিষয়বোৰৰ বিষয়ে ভালদৰে বুজাবুজি বিকশিত কৰাত আৰু তেওঁলোকৰ পৰীক্ষাৰ বাবে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰিব।

আমি নিশ্চিত যে এই টোকাবোৰে শিক্ষাৰ্থীসকলক তেওঁলোকৰ লক্ষ্য প্ৰাপ্ত কৰাত আৰু তেওঁলোকৰ শৈক্ষিক প্ৰদৰ্শন বৃদ্ধি কৰাত সহায় কৰিব। যদি আপুনি এই প্ৰবন্ধটো ভাল পায় আৰু সহায়ক হয় তেন্তে আপোনাৰ বন্ধুবৰ্গৰ সৈতে Share কৰিবলৈ নাপাহৰিব।

1 thought on “Class 10 Science Lesson 9 I বংশগতি আৰু ক্রমবিকাশ I Question Answer | SEBA”

Leave a Comment

error: Content is protected !!