Class 10 Science Lesson 8 I জীৱই কেনেকৈ বংশবিস্তাৰ কৰে Question Answer | SEBA

Class 10 Science Lesson 8 I জীৱই কেনেকৈ বংশবিস্তাৰ কৰে I [How do Organisms Reproduce]: আমাৰ ৱেবছাইটলৈ স্বাগতম! আপোনাৰ শৈক্ষিক যাত্ৰাৰ বাবে আপোনাক দশম শ্ৰেণীৰ Notes প্ৰদান কৰি আমি আনন্দিত।

নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ বছৰ কিয়নো তেওঁলোকে আগন্তুক ব’ৰ্ড পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰে, যি তেওঁলোকৰ শৈক্ষিক সফলতা নিৰ্ধাৰণ কৰিব।

আজি, এই প্ৰবন্ধটোত মই আপোনাৰ দশম শ্ৰেণীৰ জীৱই কেনেকৈ বংশবিস্তাৰ কৰে I [How do Organisms Reproduce] দীঘলয়া আৰু চুটি প্ৰশ্ন আলোচনা কৰিম| আমি প্ৰায় সকলো দীঘলয়া আৰু চুটি প্ৰশ্ন Solution প্ৰদান কৰিছোঁ।

আমাৰ লক্ষ্য হৈছে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰা। আমি ইয়াত বিনামূলীয়াকৈ Notes সমূহ প্ৰদান কৰিছো। আমি আপোনাক আগন্তুক পৰীক্ষাৰ বাবে শুভেচ্ছা জনাইছো। যদি আপোনাৰ কোনো সন্দেহ আছে তেন্তে আমাৰ সৈতে যোগাযোগ কৰক।

Class 10 Science Lesson 8 Question Answer

NCERT অনুশীলনীৰ প্রশ্নোত্তৰ

প্রশ্নঃ 1. তলৰ কোনটো জীৱত মুকুলোদ্‌গমৰ জৰিয়তে অযৌন প্রজনন সম্পন্ন হয় –

(a) এমিবা (b) ইষ্ট (c) প্লাজম’ডিয়াম (d) লাইছমেনিয়া

উত্তৰঃ (b) ইষ্ট

প্রশ্ন: 2. তলৰ কোনটো মানুহৰ শৰীৰৰ স্ত্ৰী জনন তন্ত্ৰৰ অংশ নহয় –

(a) ডিম্বাশয় (b) জৰায়ু

(c) শুক্রবাহী নলী (Vas deferens) (d) ডিম্ববাহী নলী বা ফেল’পিয়ান নলী

উত্তৰঃ (c) শুক্ৰবাহী নলী

প্রশ্ন : 3. পৰাগধানী (Anther) ত থাকে –

(a) বেটুপাত (b) ডিম্বক (c) স্ত্ৰীস্তৱক (d) পৰাগৰেণু

উত্তৰঃ (d) পৰাগৰেণু

প্রশ্ন:4. অযৌন প্ৰজননৰ তুলনাত যৌন প্ৰজননৰ সুবিধা কি? [HSLC 2018]

উত্তৰঃ অযৌন প্রজননৰ তুলনাত যৌন প্ৰজননৰ সুবিধাসমূহ হ’ল –

(i) যৌন প্রজননত দুটা ভিন্ন ব্যক্তিৰ পৰা অহা দুটা বিপৰীত ধৰ্মী জনন কোষৰ মিলন হয়। ই নতুন কোষটোত জিনীয় সজ্জাৰ এক ভিন্নতাৰ সৃষ্টি কৰে। এনে কোষৰপৰা বিকশিত হোৱা নতুন জীৱটোৰ বৈশিষ্ট্যত কিছু ভিন্নতা দেখা যাব, যিয়ে চৰমভাৱে পৰিবৰ্তিত পাৰিবেশিক অৱস্থাতো জীৱটোক বৰ্তি থকাত সহায় কৰিব।

(ii) যিহেতু যৌন প্রজননৰ দ্বাৰা প্ৰজাতি এটাত ভিন্নতাৰ সৃষ্টি হয়, সেয়ে এনে ভিন্নতাই ভৱিষতে নতুন প্ৰজাতিৰ জীৱৰ সৃষ্টিত অৰিহণা যোগায় আৰু এনেদৰে জীৱৰ ক্রমবিকাশত সহায় কৰে।

প্রশ্ন: 5. মানুহৰ শৰীৰত শুক্রাশয়ে কি কাৰ্য সাধন কৰে?

উত্তৰঃ মানুহৰ শৰীৰত শুক্রাশয়ৰ কাৰ্যসমূহ হ’ল

(i) শুক্রাশয়ে পুং জনন কোষ সৃষ্টি কৰে।

(ii) ইহঁতে টেষ্ট ষ্টাৰণ নামৰ এবিধ হৰম’ন উৎপন্ন কৰে, যিয়ে পিউবাৰটিৰ সময়ত পুৰুষৰ প্ৰজননকেন্দ্ৰিক শাৰিৰীক পৰিবৰ্তনসমূহ আনে।

প্রশ্ন: 6. ঋতুচক্র কিয় সংঘটিত হয়? [HSLC 2020]

উত্তৰঃ যিহেতু ডিম্বাশয়ে প্রতি মাহতে একোটাকৈ ডিম্বাণু নির্গত কৰে, সেয়ে এটা নিষেচিত ডিম্বাণু গ্ৰহণ কৰিবলৈ জৰায়ুয়ে প্রতি মাহতে নিজকে সাজু কৰি তোলে। এই উদ্দেশ্যত জৰায়ুৰ অন্তঃ আৱৰণীখন ডাঠ আৰু সোপোকা হৈ উঠে। যদি নিষেচন সংঘটিত হয়, তেনে পৰিস্থিতিত ভ্রূণটোৰ পৰিপুষ্টিৰ বাবে এই আৱৰণীখনৰ প্ৰয়োজন হয়। কিন্তু যদি নিষেচন সংঘটিত নহয়, তেনেহলে এই আৱৰণীখনৰো কোনো প্রয়োজন নাথাকে। সেয়েহে আৱৰণীখন লাহে লাহে ভাঙি যায় আৰু তেজ আৰু শ্লেষ্মা হিচাপে যোনিপথেৰে শৰীৰৰ পৰা বাহিৰলৈ ওলাই যায়। এই চক্ৰটো প্ৰায়ে এমাহৰ মূৰে মূৰে সংঘটিত হয় আৰু ইয়াক ঋতুচক্র বোলে।

প্রশ্ন : 7. এটা ফুলৰ দীৰ্ঘচ্ছেদত চিহ্নিত চিত্র আঁকা। [HSLC 2015, 2017]

উত্তৰঃ

চিত্ৰ – দীৰ্ঘচ্ছেদত এটা ফুল

প্রশ্ন ৪. গৰ্ভনিৰোধক (contraception) ৰ বিভিন্ন পদ্ধতিবোৰ কি ? [HSLC 2015]

উত্তৰঃ গৰ্ভনিৰোধৰ বিভিন্ন পদ্ধতিবোৰ হ’ল—

(i) কনডমৰ ব্যৱহাৰ (ii) খোৱা বড়িৰ ব্যৱহাৰ।

(iii) কপাৰ-টিৰ ব্যৱহাৰ (iv) অস্ত্রোপচাৰ পদ্ধতি বা বন্ধ্যাকৰণ।

প্রশ্ন : 9. এককোষী আৰু বহুকোষী জীৱৰ প্ৰজননৰ পদ্ধতিৰ মাজত পাৰ্থক্য কি ?

উত্তৰঃ এককোষী আৰু বহুকোষী জীৱৰ প্ৰজনন পদ্ধতিৰ মাজত পাৰ্থক্যসমূহ হল—

এককোষী জীৱৰ প্ৰজননবহুকোষী জীৱৰ প্ৰজনন
(i) বেছিভাগ এককোষী জীৱেই ভাজন বা কোষ বিভাজনৰ দৰে সৰল পদ্ধতিৰে প্ৰজনন সম্পন্ন কৰে।
(ii) এককোষী জীৱসমূহে অযৌন প্ৰজননৰ দ্বাৰা বংশবৃদ্ধি কৰে, যিহেতু যৌন প্রজনন সম্পন্ন কৰাৰ বাবে সিহঁতৰ কোনো বিশেষ প্রজনন কলা নাথাকে।
(i) কোষ বিভাজনৰ দ্বাৰা প্ৰজনন বহুকোষী জীৱৰ ক্ষেত্ৰত ব্যৱহাৰিক পদ্ধতি হ’ব নোৱাৰে, কাৰণ বহুকোষী জীৱৰ দেহৰ আৰ্হি জটিল আৰু সুসংগঠিত।
(ii) বহুকোষী জীৱসমূহে যৌন আৰু অযৌন দুয়ো প্ৰকাৰৰ প্ৰজনন পদ্ধতিৰ দ্বাৰা বংশবৃদ্ধি কৰে। উচ্চস্তৰীয় বহুকোষী জীৱবোৰে যৌন প্ৰজনন সাধন কৰে, যিহেতু সিহঁতৰ শৰীৰত বিশেষ প্রজনন কলা থাকে।

প্রশ্ন 10 : জীৱৰ প্ৰজাতিৰ আবাদীৰ স্থিৰতা ৰক্ষাত প্ৰজননে কেনেদৰে সহায় কৰে?

[HSLC 2016, 2019]

উত্তৰঃ কোনো পৰিৱেশতন্ত্রত জীৱৰ আবাদীয়ে নিজৰ প্রজনন ক্ষমতা ব্যৱহাৰ কৰি এক সু-সংজ্ঞাবদ্ধ স্থান পৰিপূৰ্ণ কৰি থাকে। জীৱৰ দৈহিক আৰ্হিৰ বৈশিষ্ট্যসমূহ অক্ষুণ্ণ ৰখাৰ বাবে DNA ৰ নকল বা প্ৰতিৰূপ প্ৰস্তুতকৰণ প্ৰক্ৰিয়াৰ ধাৰাবাহিকতা অতিকৈ গুৰুত্বপূৰ্ণ কাৰণ ই জীৱটোক কোনো এক নিৰ্দিষ্ট অনুকূল পৰিবেশ ব্যৱহাৰ কৰিবলৈ সহায় কৰে। এনেদৰে প্ৰজনন জীৱৰ প্ৰজাতিৰ আবাদীৰ স্থিৰতা ৰক্ষাৰ লগত জড়িত।

প্রশ্নঃ 11. গৰ্ভনিৰোধক (contraceptive) পদ্ধতি ব্যৱহাৰ কৰাৰ কাৰণ কি কি হব পাৰে?

উত্তৰঃ গৰ্ভনিৰোধক পদ্ধতি ব্যৱহাৰ কৰাৰ মূল কাৰণসমূহ হ’ল –

(i) অনাকাঙ্ক্ষিত গৰ্ভধাৰণ ৰোধ কৰিবলৈ ৷

(ii) উদ্বেগজনকভাৱে বৃদ্ধি পোৱা জনসংখ্যা ৰোধ কৰিবলৈ।

অতিৰিক্ত প্রশ্নোত্তৰ

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন: 1. কি প্রজননত জিনীয় পদাৰ্থৰ বিনিময় ঘটে? [HSLC 2018]

উত্তৰঃ যৌন প্রজননত।

প্রশ্নঃ 2. এমিবাই দেখুওৱা অযৌন প্ৰজননৰ পদ্ধতিটোৰ নাম কি ? [HSLC 2018]

উত্তৰঃ এমিবাই দেখুওৱা অযৌন প্ৰজননৰ পদ্ধতিটোৰ নাম হ’ল দ্বি-বিভাজন (Binary fission)

প্রশ্ন : 3. পৰাগযোগ বা পৰাগন কি ? [HSLC 2020]

উত্তৰঃ ফুলৰ পুংস্তৱকৰ পৰা স্ত্ৰীস্তৱকৰ গৰ্ভমুণ্ডলৈ পৰাগৰেণুৰ স্থানান্তৰণকেই পৰাগযোগ বা পৰাগন বোলে।

প্রশ্ন:4. স্ব-পৰাগযোগ কাক বোলে? [HSLC 2020]

উত্তৰঃ যেতিয়া একেটি ফুলৰে পুংস্তৱকৰ পৰা গৰ্ভমুণ্ডলৈ পৰাগৰেণুৰ স্থানান্তৰণ সংঘটিত হয়, তেতিয়া ইয়াক স্ব-পৰাগযোগ বোলা হয়।

প্রশ্নঃ 5. ইতৰ-পৰাগযোগ কি? [HSLC 2018, 2020]

উত্তৰঃ যেতিয়া দুটা বেলেগ বেলেগ ফুলৰ মাজত পুংস্তৱকৰ পৰা গৰ্ভমুণ্ডলৈ পৰাগৰেণুৰ স্থানান্তৰণ সংঘটিত হয়, তেতিয়া তাক ইতৰ পৰাগযোগ বোলা হয়।

প্রশ্ন : 6. পৰাগযোগত সহায় কৰা তিনিটা কাৰকৰ নাম লিখা। [HSLC 2022]

উত্তৰঃ পৰাগযোগত সহায় কৰা তিনিটা অভিকর্তা হ’ল – i) বতাহ ii) পানী iii) প্রাণী

প্রশ্নঃ 7. গৰ্ভাশয়ত থকা স্ত্রী জনন কোষ পৰাগৰেণুৱে কেনেদৰে ঢুকি পায়?

উত্তৰঃ গৰ্ভাশয়ত থকা স্ত্রী জননকোষ পৰাগৰেণুৱে এডাল পৰাগনলীৰ সহায়ত ঢুকি পায়। এই নলীডাল পৰাগৰেণুৰ পৰা ওলাই গৰ্ভ দণ্ডৰ মাজেৰে গৈ গর্ভাশয় পায়।

প্রশ্ন: 8. বীজৰ কেনেদৰে সৃষ্টি হয় ? [HSLC 2022]

উত্তৰঃ নিষেচনৰ পাছত যোজন কোষটো কেবাবাৰো বিভাজিত হৈ ডিম্বকৰ ভিতৰত এঠা ভ্রূণ গঠন কৰে। ডিম্বকটোৱে এখনি টান আৱৰণী বিকশিত কৰি ই লাহে লাহে বীজলৈ ৰূপান্তৰিত হয়।

প্রশ্ন : 9. ফল কেনেদৰে সৃষ্টি হয়? [HSLC 2015, 2022]

উত্তৰঃ নিষেচনৰ পাছত যোজন কোষটো কেবাবাৰো বিভাজিত হৈ ডিম্বকৰ ভিতৰত এটা ভ্রূণ গঠন কৰে। ডিম্বকটোৱে এখনি টান আৱৰণী গঠন কৰি বীজলৈ ৰূপান্তৰিত হোৱাৰ লগতে গোটেই গর্ভাশয়টো দ্রুত গতিত বৃদ্ধি হৈ পৈণত হয় আৰু ই ফললৈ ৰূপান্তৰিত হয় ।

প্রশ্ন : 10. অংকুৰণ (Germination) বুলিলে কি বুজা? [HSLC 2022]

উত্তৰঃ গৰ্ভাশয়ৰ ভিতৰত থকা বীজত ভৱিষ্যতৰ উদ্ভিদজোপা অর্থাৎ ভ্রূণটো থাকে। সি উপযুক্ত অৱস্থা পালে এটা পুলিলৈ বিকশিত হয়। এই প্রক্রিয়াকে অংকুৰণ বোলা হয়।

প্রশ্ন : 11. প্রেচেষ্টা বা অমৰা কি ? [HSLC 2022]

উত্তৰঃ প্পেচেণ্টা হ’ল এক বিশেষ কলা যাৰ সহায়ত ভ্রূণে মাতৃৰ তেজৰ পৰা পৰিপুষ্টি লাভ কৰে।

চমু প্রশ্নোত্তৰ

প্রশ্ন 1. এককোষী জীৱৰ বিভাজন পদ্ধতি বর্ণনা কৰা । [HSLC 2017]

উত্তৰঃ এমিবা, লাইছমেনিয়াৰ দৰে এককোষী জীৱসমূহৰ কোষটো কোষ বিভাজনৰ দ্বাৰা দুটা সমান অংশত বিভক্ত হৈ যায়। এই প্রক্রিয়াক দ্বি-বিভাজন বোলে। লাইছমেনিয়াৰ ক্ষেত্ৰত এই দ্বি-বিভাজন ইহঁতৰ কোষৰ এটা মূৰে থকা চাবুকৰ দৰে অংশটি সাপেক্ষে এক বিশেষ স্থানত সংঘটিত হয় আৰু এমিবাৰ ক্ষেত্ৰত দ্বি-বিভাজন যিকোনো সমতলতে সংঘটিত হয়। প্লাজম’ডিয়ামৰ দৰে এককোষী জীৱৰ কোষটো একে সময়তে বহুকেইটা অপত্য কোষলৈ ভাঙি যায়। এনে বিভাজনক বহু বিভাজন বোলে।

প্রশ্ন 2. হাইড্রাত দেখা যোৱা মুকুলোদ্গম (Budding) প্রক্রিয়া বর্ণনা কৰা। [HSLC 2016]

উত্তৰঃ হাইড্ৰাৰ দৰে জীৱসমূহে পুণৰুৎপাদক (regenerative) কোষসমূহৰ ব্যৱহাৰৰ দ্বাৰা প্ৰজনন সংঘটিত কৰি নতুন জীৱৰ সৃষ্টি কৰে। হাইড্ৰাৰ দেহত, কোনো এক বিশেষ স্থানত উপর্যুপৰি হোৱা কোষ বিভাজনৰ ফলত এক মুকুলৰ সৃষ্টি হয়। এই মুকুলবিলাক ক্ষুদ্র ক্ষুদ্র ব্যক্তি জীৱলৈ বিকশিত হয়। যেতিয়া ইহঁত পৈণত হয়, ইহঁতে পৈতৃক দেহৰ পৰা বিচ্ছিন্ন হৈ পৰে আৰু নতুন স্বাধীন ব্যক্তিলৈ পৰিণত হয়। অযৌন প্ৰজননৰ এই প্ৰক্ৰিয়াক মুকুলোদ্গম বোলা হয়।

প্রশ্ন 3 : সপুষ্পক উদ্ভিদৰ যৌন প্রজনন প্রক্রিয়া বৰ্ণনা কৰা। [HSLC 2019]

উত্তৰঃ সপুষ্পক উদ্ভিদৰ পুংকেশৰ হ’ল পুংজনন অংগ আৰু স্ত্রী কেশৰ হ’ল স্ত্ৰীজনন অংগ। পুংকেশৰৰ পৰাগধানীৰ পৰা স্ত্রীকেশৰৰ গৰ্ভমুণ্ডলৈ পৰাগৰেণুৰ স্থানান্তৰণক পৰাগযোগ বোলে। যেতিয়া এই পৰিঘটনা একে পাহ ফুলতেই সংঘটিত হয়, তেতিয়া তাক স্ব-পৰাগযোগ বোলে। আনহাতে এপাহ ফুলৰ পুংকেশৰৰ পৰা আন এপাহ ফুলৰ পুংকেশৰৰ পৰা আন এপাহ ফুলৰ স্ত্ৰীকেশৰৰ গৰ্ভমুণ্ডলৈ পৰাগৰেণুৰ স্থানান্তৰণ ঘটিলে, তাক ইতৰ-পৰাগযোগ বোলে। পৰাগৰেণু এটা কোনো উপযুক্ত গর্ভমুণ্ডত পৰিলে, এডাল পৰাগনলীকাৰ সহায়ত পুংজননকোষ গৰ্ভাশয়ৰ ডিম্বকৰ ভিতৰৰ স্ত্ৰীজননকোষৰ লগত মিলিত হয়। এই প্রক্রিয়াক নিষেচন বোলে।

নিষেচনৰ ফলত সৃষ্টি হোৱা যোজন কোষটো ডিম্বকৰ ভিতৰত বহুবাৰ বিভাজিত হৈ এক ভ্রূণৰ সৃষ্টি কৰে। ডিম্বকটোৱে তাৰ চাৰিওফালে এখন ডাঠ আৱৰণীৰ সৃষ্টি কৰি বীজলৈ ৰূপান্তৰিত হয় আৰু গৰ্ভাশয়টোৰ বৃদ্ধি ঘটি ই ফললৈ ৰূপান্তৰিত হয় । পিছত ডিম্বকৰ ভিতৰৰ ভৱিষ্যতৰ উদ্ভিদজোপা অৰ্থাৎ ভ্ৰণটোৱে উপযুক্ত অৱস্থা পালে এটা পুলিলৈ বিকশিত হয় । ইয়াক অংকুৰণ বোলে।

প্রশ্ন 4. প্লেচেণ্টাৰ দুটা কাৰ্য উল্লেখ কৰা। [HSLC 2022]

উত্তৰঃ প্লেচেণ্টাৰ দুটা কাৰ্য্য হ’ল –

(i) এটা বৃদ্ধি পাই থকা ভ্রূণে প্লেচেণ্টাৰ সহায়ত মাতৃৰ তেজৰ পৰা পৰিপুষ্টি লাভ কৰে।

(ii) এটা বৃদ্ধি পাই থকা ভ্রূণে বর্জনীয় পদাৰ্থৰ সৃষ্টি কৰে, যাক প্লেচেণ্টাৰ সহায়ত মাতৃৰ তেজলৈ স্থানান্তৰিত কৰি শৰীৰৰ পৰা আতৰোৱা হয়।

প্রশ্ন 5. একলিংগী আৰু উভয়লিংগি ফুল কেনেদৰে পৃথক ? দুয়োবিধৰে উদাহৰণ দিয়া। [HSLC 2022]

উত্তৰঃ একলিংগী ফুলত মাথো এবিধ প্রজনন অংগ থাকে— পুংকেশৰ বা স্ত্রীকেশৰ। কিন্তু উভয়লিংগী ফুলত দুয়োবিধ প্ৰজনন অংগ পোৱা যায়। একলিংগী ফুলৰ উদাহৰণঃ অমিতা, তৰমুজ। উভয়লিংগী ফুলৰ উদাহৰণ: জবা, সৰিয়হ ।

প্রশ্ন 6. বীজৰ কোনটো অংশৰ পৰ ভৱিষ্যতৰ কাণ্ড আৰু শিপা বিকশিত হয়? ইয়াৰ কোন অংশই খাদ্য সঞ্চয় কৰি ৰাখে ? [HSLC 2022]

উত্তৰঃ বীজৰ জন্মকাণ্ডৰ পৰা ভৱিষ্যতৰ কাণ্ড আৰু ভ্ৰূণমূলৰ পৰা ভৱিষ্যতৰ শিপা বিকশিত হয়। বীজৰ বীজপত্ৰই খাদ্য সঞ্চয় কৰি ৰাখে।

Conclusion:

আমি বিশ্বাস কৰোঁ যে এই টোকাবোৰে শিক্ষাৰ্থীসকলক বিষয়বোৰৰ বিষয়ে ভালদৰে বুজাবুজি বিকশিত কৰাত আৰু তেওঁলোকৰ পৰীক্ষাৰ বাবে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰিব।

আমি নিশ্চিত যে এই টোকাবোৰে শিক্ষাৰ্থীসকলক তেওঁলোকৰ লক্ষ্য প্ৰাপ্ত কৰাত আৰু তেওঁলোকৰ শৈক্ষিক প্ৰদৰ্শন বৃদ্ধি কৰাত সহায় কৰিব। যদি আপুনি এই প্ৰবন্ধটো ভাল পায় আৰু সহায়ক হয় তেন্তে আপোনাৰ বন্ধুবৰ্গৰ সৈতে Share কৰিবলৈ নাপাহৰিব।

1 thought on “Class 10 Science Lesson 8 I জীৱই কেনেকৈ বংশবিস্তাৰ কৰে Question Answer | SEBA”

Leave a Comment

error: Content is protected !!