Class 10 Science Lesson 7 I নিয়ন্ত্ৰণ আৰু সমন্বয়I [Control and Coordination]

Class 10 Science Lesson 7 I নিয়ন্ত্ৰণ আৰু সমন্বয়I [Control and Coordination]: আমাৰ ৱেবছাইটলৈ স্বাগতম! আপোনাৰ শৈক্ষিক যাত্ৰাৰ বাবে আপোনাক দশম শ্ৰেণীৰ Notes প্ৰদান কৰি আমি আনন্দিত।

নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ বছৰ কিয়নো তেওঁলোকে আগন্তুক ব’ৰ্ড পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰে, যি তেওঁলোকৰ শৈক্ষিক সফলতা নিৰ্ধাৰণ কৰিব।

আজি, এই প্ৰবন্ধটোত মই আপোনাৰ দশম শ্ৰেণীৰ নিয়ন্ত্ৰণ আৰু সমন্বয়I [Control and Coordination] দীঘলয়া আৰু চুটি প্ৰশ্ন আলোচনা কৰিম| আমি প্ৰায় সকলো দীঘলয়া আৰু চুটি প্ৰশ্ন Solution প্ৰদান কৰিছোঁ।

আমাৰ লক্ষ্য হৈছে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰা। আমি ইয়াত বিনামূলীয়াকৈ Notes সমূহ প্ৰদান কৰিছো। আমি আপোনাক আগন্তুক পৰীক্ষাৰ বাবে শুভেচ্ছা জনাইছো। যদি আপোনাৰ কোনো সন্দেহ আছে তেন্তে আমাৰ সৈতে যোগাযোগ কৰক।

[NCERT পাঠ অন্তর্ভুক্ত প্রশ্নোত্তৰ]

প্রশ্ন 1 : প্রতীপ ক্রিয়া আৰু খোজ কঢ়াৰ মাজত পাৰ্থক্য কি?

উত্তৰ :

প্রতীপ ক্রিয়াখোজ কঢ়া
(i) ই এক অনৈচ্ছক ক্রিয়া।
(ii) ই অতি ক্ষিপ্ৰ গতিত সংঘটিত হয়।
(iii) এই ক্রিয়া স্নায়ুৰজ্জুৰ প্ৰতীপ ধনুৰ সহায়ত নিয়ন্ত্ৰণ কৰে।
(i) ই এক ঐচ্ছিক ক্রিয়া।
(ii) ই তুলনামূলকভাৱে মন্থৰ গতিত সংঘটিত হয়।
(iii) এই ক্ৰিয়া প্ৰমস্তিষ্কৰ চালক অংশই নিয়ন্ত্ৰণ কৰে।

প্রশ্ন 2 : দুটা নিউৰণৰ মাজৰ ছাইনেপছত কি সংঘটিত হয় ?

উত্তৰ: নিউৰণ এটাৰ কোষ দেহৰ মাজেৰে পাৰ হৈ যোৱা বৈদ্যুতিক প্ৰেৰণাই এক্সনৰ মূৰত কিছুমান ৰাসায়নিক পদাৰ্থৰ সৃষ্টি কৰে। এই ৰাসায়নিক পদাৰ্থসমূহে দুটা নিউৰণৰ মাজৰ ফাক বা ছাইনেপছটো পাৰ হৈ পিছৰ নিউৰণটোৰ ডেনড্ৰাইটত একে ধৰণৰ বৈদ্যুতিক প্ৰেৰণাৰ সৃষ্টি কৰে।

প্রশ্ন 3 : মস্তিষ্কৰ কোনটো অংশই শৰীৰৰ ভংগীমা (Posture) আৰু সন্তুলন (Balance) ৰক্ষা কৰে?

[HSLC 2016, 2019]

উত্তৰঃ আমাৰ পশ্চাদ মস্তিষ্কৰ এটা অংশ ছেৰিবেলামে আমাৰ শৰীৰৰ ভংগীমা আৰু সঞ্চলন ৰক্ষা কৰে।

প্রশ্ন 4: এডাল ধূপকাঠিৰ গোন্ধ আমি কিদৰে চিনাক্ত কৰো? [HSLC 2022]

উত্তৰঃ আমাৰ মস্তিষ্কৰ প্ৰমস্তিষ্ক অংশ হ’ল মুখ্য চিন্তা কৰা অংশ। প্ৰমস্তিষ্কৰ বিভিন্ন অঞ্চলে বিভিন্ন গ্রাহক ইন্দ্ৰিয়ৰ পৰা অহা সংজ্ঞাবাহী প্ৰেৰণা গ্ৰহণ কৰে৷ প্ৰমস্তিষ্কৰ গোন্ধৰ প্ৰেৰণা গ্ৰহণ কৰা অঞ্চললৈ ধূপকাঠিৰ গোন্ধৰ প্ৰেৰণা আঁহি পোৱাৰ পাছত, প্ৰমস্তিষ্কৰ আন এটি অংশই এই বার্তাক আন গ্রাহক ইন্দ্ৰিয়ৰ পৰা অহা বাৰ্তা আৰু মস্তিষ্কত আগৰে পৰা সঞ্চিত বাৰ্তাৰ লগত একলগ কৰি তাৰ বিশ্লেষণ কৰে। এই সকলোবোৰৰ ওপৰত নিৰ্ভৰ কৰি এই উদ্দীপনাৰ বিপৰীতে কেনেদৰে সঁহাৰি জনোৱা যাব, তাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । এনেদৰে আমি ধূপকাঠিৰ গোন্ধ চিনাক্ত কৰো।

প্রশ্ন 5ঃ প্রতীপ ক্রিয়াত মস্তিষ্কৰ ভূমিকা কি?

উত্তৰঃ প্রতীপ ক্ৰিয়াত মস্তিষ্কৰ কোনো ভূমিকা নাথাকে, কাৰণ এনে ধৰণৰ ক্ৰিয়া কিছুমান প্রতীপ ধনু (Reflex arc) ৰ সহায়ত আমাৰ স্নায়ুৰজ্জুই নিয়ন্ত্ৰণ কৰে। স্নায়ুৰজ্জুই এই ক্ষেত্ৰত কোনো এক অন্তৰ্বাহী বাৰ্তাৰ বিপৰীতে প্রতীপ ধনুৰ সহায়ত এক সহাৰি প্ৰেৰণ কৰে, যদিও স্নায়ুজ্জৰ মাজেৰে এই অন্তর্বাহী বাৰ্তা মস্তিষ্কলৈ যায়।

প্রশ্ন 6 : উদ্ভিদ হৰম’নবোৰ কি? [HSLC 2019]

উত্তৰঃ উদ্ভিদ হৰম’নসমূহ হ’ল উদ্ভিদদেহৰ বিভিন্ন অংশই ক্ষৰণ কৰা কিছুমান ৰাসায়নিক পদার্থ, যিয়ে উদ্ভিদদেহৰ বৃদ্ধি, বিকাশ আৰু পৰিৱেশৰ প্ৰতি সঁহাৰিৰ সমন্বয় সাধনত অংশগ্ৰহণ কৰে। উদ্ভিদ হৰম’নসমূহ সিহঁতৰ ক্ৰিয়া কৰা অঞ্চলৰ পৰা দূৰৰ কোনো এক অঞ্চলত সংশ্লেষিত হয় আৰু সিহঁতে পিছত ক্ৰিয়া কৰা স্থানলৈ সাধাৰণভাৱে ব্যাপিত হয়।

প্রশ্ন 7: সংবেদনশীল উদ্ভিদৰ পাতৰ চলাচল, পোহৰৰ দিশত কাণ্ডৰ চলাচলতকৈ কেনেদৰে পৃথক?

[HSLC 2019, 2022]

উত্তৰ : সংবেদনশীল উদ্ভিদৰ পাতৰ চলাচল আৰু পোহৰৰ দিশত কাণ্ডৰ চলাচলৰ মুখ্য পার্থক্যসমূহ হ’ল—

সংবেদনশীল উদ্ভিদৰ পাতৰ চলাচলপোহৰৰ দিশত উদ্ভিদ কাণ্ডৰ চলাচল
(i) এই ধৰণৰ চলাচল বৃদ্ধিজনিত নহয় ৷ এই চলাচল উদ্ভিদদেহৰ স্পৰ্শৰ বিপৰীতে এক সঁহাৰিহে মাথো।
(ii) এই ধৰণৰ চলাচল দ্রুতগতিত সংঘটিত হয়।
(i) এই ধৰণৰ চলাচল বৃদ্ধিজনিত ৷
(ii) এই ধৰণৰ চলাচল মন্থৰ গতিত সংঘটিত হয়।

প্রশ্ন ৪ঃ বৃদ্ধিত অৰিহণা যোগোৱা এবিধ উদ্ভিদ হৰম’নৰ উদাহৰণ দিয়া। [HSLC 2019]

উত্তৰ: বৃদ্ধিত অৰিহণা যোগোৱা এবিধ উদ্ভিদ হৰম’নৰ উদাহৰণ হ’ল— অক্সিন (Auxin)।

প্রশ্ন 9. কোনো আধাৰৰ চাৰিওফালে আকৰ্ষৰ বৃদ্ধিত অক্সিনে কেনেদৰে অৰিহণা যোগায়?

উত্তৰ: উদ্ভিদৰ আকৰ্ষসমূহ স্পৰ্শৰ প্ৰতি সংবেদনশীল হয়। যেতিয়া সিহঁতে কোনো বস্তুৰ সংস্পৰ্শলৈ আহে, তেতিয়া বস্তুটোৰ সংস্পৰ্শত থকা আকৰ্ষৰ অংশটি বস্তুটোৰ পৰা আঁতৰত থকা অংশটিতকৈ মন্থৰ গতিত বাঢ়িবলৈ ধৰে। এনে হোৱাৰ কাৰণ হ’ল, বস্তুটোর পৰা আঁতৰত থকা আকৰ্ষৰ অংশটিলৈ হোৱা অক্সিন নামৰ উদ্ভিদ হৰম’নবিধৰ ব্যাপন। আকৰ্ষৰ এই অংশটিত অক্সিনৰ গাঢ়তা বৃদ্ধিয়ে ইয়াৰ কোষবোৰৰ দৈৰ্ঘ্য বৃদ্ধি কৰে। ইয়াৰ বাবে আকর্ষডাল বেকা হয় আৰু বস্তুটোৰ চাৰিওফালে মেৰাই ধৰি তাত লাগি ধৰে।

প্রশ্ন 10 : জলানুবেগী দেখুৱাবলৈ এটা পৰীক্ষা বর্ণনা কৰা। [HSLC 2019]

উত্তৰ : উদ্ভিদৰ শিপাই সদায় আর্দ্রতা বা পানীৰ দিশত গতি কৰে। আৰ্দ্ৰতা বা পানীৰ দিশত উদ্ভিদৰ শিপাৰ এই চলাচলক জলানুবেগী বা হাইড্ৰ’ট্রপিজিম বোলা হয়।

হাইড্ৰট্ৰ’পিজিমৰ প্ৰদৰ্শনৰ বাবে পৰীক্ষা:

বালিৰে পূৰ্ণ এটা ডাঙৰ পাত্ৰত এটা মটৰ মাহৰ পুলি ৰোপণ কৰা হ’ল। বালিত পুলিটোৰ পৰা কিছু দূৰত পানীৰে পূৰ্ণ এটা ৰন্ধযুক্ত পাত্ৰ ৰখা হ’ল। কিছুদিনৰ পাছত দেখা যাব যে পুলিটোৰ শিপাডাল পানীৰ উৎসৰ ফালে বেকা হৈছে। এই পৰীক্ষাটোৱে দেখুৱায় যে উদ্ভিদৰ শিপাই সদায় পানীৰ দিশত গতি কৰে।

প্রশ্ন 11 : প্ৰাণীৰ শৰীৰত কেনেদৰে ৰাসায়নিক সমন্বয় সাধন হয়?

উত্তৰ : প্ৰাণীৰ শৰীৰত হৰম’ন নামৰ এবিধ ৰাসায়নিক যৌগৰ সহায়ত ৰাসায়নিক সমন্বয় সাধন হয়। প্ৰাণীৰ শৰীৰত থকা কিছুমান বিশেষ গ্রন্থি, অন্তঃস্রাবী গ্ৰন্থিয়ে হৰম’ন নিঃসৰণ কৰে৷ এই গ্ৰন্থিবোৰে ক্ষৰণ কৰা হৰম’নসমূহ প্ৰত্যক্ষভাৱে তেজত মিহলি হৈ যায় আৰু এই হৰম’নৰ ক্ৰিয়া কৰা স্থানসমূহলৈ পৰিবাহিত হয়।

প্রশ্ন 12 : আয়ডিনযুক্ত নিমখৰ ব্যৱহাৰ কিয় পৰামৰ্শযোগ্য? [HSLC 2016, 2020]

উত্তৰ : আয়ডিনৰ সহায়ত আমাৰ শৰীৰত থকা থাইৰইড গ্ৰন্থিয়ে থাইৰ’ক্সিন নামৰ হৰম’নবিধ তৈয়াৰ কৰে। থাইৰ’ক্সিনে আমাৰ শৰীৰত কাৰ্বহাইড্ৰেট, প্ৰটিন আৰু চৰ্বীৰ বিপাক নিয়ন্ত্ৰণ কৰি বৃদ্ধিৰ বাবে এক উপযুক্ত সমতাৰ যোগান ধৰে। এইবাবে আয়ডিনযুক্ত নিমখৰ ব্যৱহাৰ পৰামৰ্শযোগ্য।

প্রশ্ন 13 : যেতিয়া আমাৰ তেজত এড্রিনেলিন ক্ষৰণ কৰা হয়, তেতিয়া আমাৰ শৰীৰে কেনেদৰে প্ৰতিক্ৰিয়া কৰে? [HSLC 2017]

উত্তৰ : এড্রিনেলিন নামৰ হৰম’নবিধ তেজত প্ৰত্যক্ষভাৱে ক্ষৰণ কৰা হয় আৰু শৰীৰৰ বিভিন্ন অংশলৈ কঢ়িয়াই নিয়া হয়। এড্রিনেলিনে ক্রিয়া কৰা অংগসমূহৰ ভিতৰত হৃদপিণ্ড অন্যতম। এড্রিনেলিনৰ ক্ৰিয়াৰ ফলত হৃদপিণ্ডৰ স্পন্দন খৰ হয়, যাৰ ফলত আমাৰ পেশীসমূহলৈ পৰিবাহিত হোৱা অক্সিজেনৰ পৰিমাণ বাঢ়ে। আমাৰ পাচন তন্ত্ৰ আৰু ছালৰ সৰু সৰু ধমনীবোৰৰ চাৰিওফালে থকা পেশীৰ সংকোচনৰ ফলত এই অংগসমূহলৈ তেজৰ যোগান কমে। ইয়ে আমাৰ কংকাল পেশীলৈ অধিক পৰিমাণে তেজৰ প্ৰবাহ হোৱাত সহায় কৰে। মধ্যচ্ছদা আৰু কামিহাড়ৰ পেশীৰ সংকোচনৰ ফলত আমাৰ শ্বাস-প্রশ্বাসৰ হাৰৰ বৃদ্ধি ঘটে। আমাৰ শৰীৰে এড্রিনেলিন হৰম’নৰ ক্ষৰণৰ বাবে দেখুওৱা এই সমূহ প্ৰতিক্ৰিয়াই আমাৰ শৰীৰক কোনো এক বিশেষ পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সাজু কৰি তোলে৷

প্রশ্ন 14 : ডায়েবেটিছ ৰোগৰ কিছুমান ৰোগীক কিয় ইনচুলিনৰ বেজীৰ দ্বাৰা চিকিৎসা কৰা হয় ?

উত্তৰ: ইনচুলিন হ’ল আমাৰ শৰীৰৰ অগ্নাশয় গ্ৰন্থিয়ে ক্ষৰণ কৰা এবিধ হৰম’ন, যিয়ে আমাৰ তেজৰ শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰে। যদি এই হৰম’নবিধ উপযুক্ত পৰিমাণত ক্ষৰণ কৰা নাযায়, তেনেহ’লে আমাৰ তেজত শৰ্কৰাৰ স্তৰৰ বৃদ্ধি হয়, যাৰ ফলত শৰীৰত নানা হানিকাৰক প্ৰভাৱে দেখা দিব পাৰে। আমাৰ তেজত শৰ্কৰাৰ স্তৰৰ বৃদ্ধিয়ে ডায়েবেটিছ ৰোগৰ সৃষ্টি কৰে, যাৰ বাবে এই ৰোগৰ কিছুমান ৰোগীক ইনচুলিনৰ বেজীৰে চিকিৎসা কৰা হয়।

NCERT অনুশীলনীৰ প্ৰশ্নোত্তৰ

প্রশ্ন 1 : তলৰ কোনবিধ উদ্ভিদ হৰম’ন?

(a) ইনচুলিন (b) থাইৰ’ক্সিন (c) ইউজেন (d) চাইট’কাইনিন

উত্তৰঃ (d) চাইট’কাইনিন

প্রশ্ন 2 : দুটা নিউৰণৰ মাজৰ ফাকটোক কোৱা হয়—

(a) ডেনড্রাইট (b) ছাইনেপ্‌ছ (c) এক্সন (d) প্ৰেৰণা

উত্তৰঃ (b) ছাইনেপছ।

প্রশ্ন 3 : আমাৰ মস্তিষ্ক জড়িত হয়—

(a) চিন্তা কৰা কাৰ্যৰ লগত (b) হৃদস্পন্দন নিয়ন্ত্ৰণৰ লগত

(c) শৰীৰৰ সমতা ৰক্ষাৰ লগত (d) ওপৰৰ আটাইকেইটা।

উত্তৰঃ (d) ওপৰৰ আটাইকেইটা।

প্রশ্ন 4 : আমাৰ শৰীৰত গ্ৰাহক (receptors) ৰ কাৰ্য কি ? এনে এক পৰিস্থিতিৰ কথা ভাবা য’ত আমাৰ গ্ৰাহকসমূহে ঠিকমতে কাম নকৰে। এনে পৰিস্থিতিত কি কি সমস্যাৰ সৃষ্টি হ’ব পাৰে?

উত্তৰঃ আমাৰ শৰীৰৰ গ্ৰাহকবোৰৰ কাম হ’ল পৰিৱেশৰ পৰা বিভিন্ন তথ্য আহৰণ কৰা। এইবোৰ হ’ল নিউৰণৰ ডেনড্রাইটৰ অগ্ৰ অংশ আৰু ইহঁত জ্ঞানেন্দ্ৰিয়সমূহত থাকে। যেতিয়া আমাৰ চৰ্দি হয় আৰু আমাৰ নাক বন্ধ থাকে, তেতিয়া এই পৰিস্থিতিত আমাৰ নাকৰ ভিতৰত থকা গ্ৰাহকসমূহে ঠিকমতে কাম নকৰে। এনে পৰিস্থিতিত উদ্ভৱ হ’ব পৰা সমস্যাসমূহ হ’ল—

(i) আমি কোনো গোন্ধ চিনাক্ত কৰিবলৈ অক্ষম হওঁ।

(ii) আমি এনে ক্ষেত্ৰত সোৱাদো চিনাক্ত কৰিবলৈ অক্ষম হ’ম, কাৰণ জিভাৰ গ্ৰাহকৰ পৰা পোৱা সোৱাদৰ বাৰ্তা প্ৰমস্তিষ্কৰ এটা অংশত নাকৰ ঘ্ৰাণ গ্ৰাহকৰ পৰা যোৱা বাৰ্তাৰ লগালগি হয় আৰু মস্তিষ্কত আগৰে পৰা সঞ্চিত তথ্যৰ সহায়ত সোৱাদৰ বাৰ্তাৰ বিশ্লেষণ কৰা হয়। এই ক্ষেত্ৰত গোন্ধৰ বাৰ্তাৰ অনুপস্থিতিত আমি সোৱাদৰ চিনাক্ত কৰাত অক্ষম হ’ম।

প্রশ্ন 5 : নিউৰণৰ গঠনৰ চিত্ৰ আঁকা আৰু ইয়াৰ কাৰ্য বৰ্ণনা কৰা। [HSLC 2022]

বা,

আমাৰ দেহত স্নায়ু প্ৰেৰণা কেনেদৰে প্রবাহিত হয়? [HSLC 2018]

উত্তৰঃ

নিউৰণৰ মুখ্য কাৰ্য হ’ল পৰিৱেশৰ পৰা তথ্য আহৰণ কৰা আৰু তাক বৈদ্যুতিক প্ৰেৰণাৰ ৰূপত শৰীৰৰ এটা অংশৰ পৰা আন এটা অংশলৈ সঞ্চালিত কৰা৷ নিউৰণৰ ডেনড্রাইটৰ অগ্ৰাংশত গ্ৰহণ কৰা কোনো বাৰ্তাই এক ৰাসায়নিক বিক্রিয়া সংঘটিত কৰে, যিয়ে এক বৈদ্যুতিক প্ৰেৰণাৰ সৃষ্টি কৰে। এই বৈদ্যুতিক প্ৰেৰণাই ডেনড্ৰাইটৰ পৰা প্ৰথমে কোষ দেহলৈ আৰু পাছত এক্সনৰ মূৰলৈ গতি কৰে। এক্সনৰ মূৰত এই বৈদ্যুতিক প্ৰেৰণাই কিছুমান ৰাসায়নিক পদাৰ্থৰ সৃষ্টি কৰে। এই ৰাসায়নিক পদাৰ্থই দুটা নিউৰণৰ মাজৰ ফাকটো বা ছাইনেপছটো পাৰ হয় আৰু পৰৱৰ্তী নিউৰণটোৰ ডেনড্ৰাইটত একেধৰণৰ বৈদ্যুতিক প্ৰেৰণাৰ সৃষ্টি কৰে। এনেদৰে নিউৰণৰ সহায়ত স্নায়ু প্ৰেৰণা আমাৰ দেহত সঞ্চালিত হয়।

প্রশ্ন 6 : উদ্ভিদ দেহত পোহৰানুবেগী কেনেদৰে সংঘটিত হয়?

উত্তৰঃ পোহৰানুবেগী বা ফট’ট্রপিজিমে পোহৰৰ প্ৰতি সঁহাৰি হিচাপে উদ্ভিদৰ অংশৰ চলাচলক সূচায়। উদ্ভিদৰ গা-গছ বা কাণ্ডই পোহৰৰ দিশত বেকা হয় আৰু শিপাই পোহবব, পৰা আঁতৰলৈ গতি কৰে। পোহৰৰ দিশত উদ্ভিদৰ কাণ্ড বেকা হোৱাৰ লগত অক্সিন নামৰ হৰম’নবিধৰ প্ৰভাৱ জড়িত থাকে। অক্সিন কাণ্ডৰ অগ্ৰাংশত সংশ্লেষিত হয় আৰু যেতিয়া উদ্ভিদৰ কাণ্ডৰ অগ্ৰাংশই পোহৰ লাভ কৰে, অক্সিনে কাণ্ডৰ ছাঁত থকা অংশলৈ গতি কৰে আৰু এই অঞ্চলৰ কোষ সমূহৰ দৈৰ্ঘ্য বৃদ্ধিত অৰিহণা যোগায়। ইয়াৰ বাবে উদ্ভিদৰ কাণ্ড পোহৰৰ দিশত বেকা হৈ পৰে।

প্রশ্ন 7: স্নায়ুজ্জুৰ আঘাতৰ বাবে কোনবোৰ সংকেত বাধাগ্রস্ত হ’ব?

উত্তৰঃ স্নায়ুৰজ্জুৰ আঘাতৰ বাবে সকলো ধৰণৰ সংকেতেই বাধাগ্রস্ত হ’ব, কাৰণ গোটেই শৰীৰৰ পৰা মস্তিষ্কলৈ আৰু মস্তিষ্কৰ পৰা শৰীৰৰ অংগসমূহলৈ সকলো বাৰ্তাই স্নায়ুজ্জুৰ মাজেৰে সঞ্চালিত হয়।

প্রশ্ন ৪ঃ উদ্ভিদদেহত ৰাসায়নিক সমন্বয় কেনেদৰে সাধিত হয়?

উত্তৰঃ উদ্ভিদ দেহত হৰম’ন নামৰ এবিধ ৰাসায়নিক যৌগৰ সহায়ত ৰাসায়নিক সমন্বয় সাধিত হয়। হৰম’নসমূহ উদ্ভিদদেহৰ বিভিন্ন অংশত সংশ্লেষিত হয় আৰু ফ্লোৱেম কলাৰ দ্বাৰা ইহঁতে ক্ৰিয়া কৰা স্থানসমূহলৈ পৰিবাহিত হয়। উদ্ভিদ হৰম’নসমূহে উদ্ভিদদেহৰ বৃদ্ধি, বিকাশ আৰু পৰিৱেশৰ প্ৰতি সঁহাৰিৰ সমন্বয় সাধন কৰে।

প্রশ্ন 9: জীৱদেহত নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ এক তন্ত্ৰৰ আৱশ্যকতা কি?

উত্তৰঃ জীৱৰ বাবে বিভিন্ন প্ৰকাৰৰ চলাচলসমূহ অতিকৈ আৱশ্যকীয়। এটা জীৱই খাদ্য সংগ্ৰহৰ বাবে অথবা আন জীৱৰ আক্ৰমণৰ পৰা বাচিবৰ বাবে চলাচল কৰিবলগীয়া হয় ৷ জীৱৰ শৰীৰতো বিভিন্ন ক্রিয়া-কলাপ চলাই নিয়াৰ বাবে অনবৰতে চলাচলৰ প্ৰয়োজন হয়। এই ক্রিয়া-কলাপসমূহ হ’ল পৰিপুষ্টি, শ্বসন, পৰিবহন, ৰেচন আদিৰ দৰে অত্যাৱশ্যকীয় জীৱন প্ৰক্ৰিয়াসমূহ। এই সকলো ধৰণৰ চলাচল ঠিকমতে সংঘটিত হ’বলৈ জীৱদেহত নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ বাবে এক তন্ত্ৰৰ প্ৰয়োজন হয়।

প্রশ্ন 10 : অনৈচ্ছিক ক্রিয়াসমূহ প্রতীপ ক্রিয়াবোৰতকৈ কেনেদৰে পৃথক?

উত্তৰঃ অনৈচ্ছিক ক্ৰিয়া আৰু প্ৰতীপ ক্ৰিয়াৰ মূল পাৰ্থক্যসমূহ হ’ল—

অনৈচ্ছিক ক্রিয়াপ্রতীপ ক্রিয়া
(i) এই ক্রিয়াসমূহ কিছুমান অনৈচ্ছিক পেশী যেনে— হৃদপিণ্ড, ৰক্তনলী আদিৰ দ্বাৰা সংঘটিত হয়।
(ii) অনৈচ্ছিক ক্রিয়াসমূহ মধ্যমস্তিষ্ক আৰু পশ্চাদমস্তিষ্কই নিয়ন্ত্ৰণ কৰে।
(iii) এই ক্রিয়াসমূহ হঠাতে সংঘটিত নহয়, ইহঁতে আমাৰ ইচ্ছা অবিহনেও স্বতঃস্ফুর্তভাৱে সংঘটিত হৈ থাকে।
(i) এই ক্রিয়াসমূহ সাধাৰণতে আমাৰ শৰীৰৰ ঐচ্ছিক পেশী যেনে হাত আৰু ভৰিৰ পেশীসমূহৰ দ্বাৰা সংঘটিত হয়। আন কিছুমান প্রতীপ ক্রিয়া যেনে লালটিৰ ক্ষৰণ অনৈচ্ছিক পেশীৰদ্বাৰা সংঘটিত হয়।
(ii) প্রতীপ ক্রিয়াসমূহ প্রতীপ ধনুৰ সহায়ত আমাৰ শৰীৰৰ স্নায়ুৰজ্জুই নিয়ন্ত্রণ কৰে।
(iii) এই ক্রিয়াসমূহ হঠাতে আৰু দ্রুত গতিত সংঘটিত হয়।

প্রশ্ন 11 : প্ৰাণীৰ শৰীৰত নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ ক্ষেত্ৰত স্নায়ৱিক আৰু হৰম’ন প্ৰণালীৰ তুলনা আৰু পাৰ্থক্য বিচাৰ কৰা।

উত্তৰঃ প্ৰাণীৰ শৰীৰৰত নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ ক্ষেত্ৰত স্নায়ৱিক আৰু হৰম’নৰ প্ৰণালীৰ মুখ্য পার্থক্যসমূহ হ’ল—

স্নায়ৱিক সমন্বয়হৰম’নৰ দ্বাৰা সমন্বয়
(i) স্নায়ৱিক সমন্বয়ত বৈদ্যুতিক সংকেত হিচাপে বাৰ্তাৰ সঞ্চালন ঘটে।
(ii) বৈদ্যুতিক প্ৰেৰণাৰ সঞ্চালনৰ বাবে স্নায়ুৰ দৰকাৰ হয়।
(iii) এই সমন্বয় ক্ষিপ্ৰ গতিত সংঘটিত হয়, কাৰণ বৈদ্যুতিক সংকেতসমূহ দ্রুত গতিত সঞ্চালিত হয়।
(iv) এই প্রণালী কম প্ৰভাৱী, কাৰণ শৰীৰৰ প্ৰতিটো কোষেই স্নায়ু কলাৰ লগত সংলগ্ন হৈ নাথাকে।
(v) কোষসমূহে নিৰৱচ্ছিন্নভাৱে বৈদ্যুতিক প্ৰেৰণাৰ সৃষ্টি আৰু সঞ্চালন কৰিব নোৱাৰে, কাৰণ কোষসমূহক নতুন প্ৰেৰণা এটাৰ সৃষ্টি আৰু সঞ্চালনৰ বাবে নিজৰ প্ৰণালীটো পুনৰাই ঠিকঠাক কৰি ল’বলগীয়া হয় ।
(i) এই ক্ষেত্ৰত হৰম’নৰ দ্বাৰা বাৰ্তাৰ সঞ্চালন ঘটে।
(ii) হৰম’নৰ পৰিবহণৰ বাবে কোনো বিশেষ কলাৰ দৰকাৰ নহয়, কাৰণ হৰম’নসমূহ তেজত প্ৰত্যক্ষভাৱে ক্ষৰণ কৰা হয়।
(iii) এই সমন্বয় তুলনামূলকভাৱে মন্থৰ গতিত সংঘটিত হয়, কাৰণ হৰম’নসমূহ তেজৰ দ্বাৰা কম দ্ৰুতিৰে পৰিবাহিত হয়।
(iv) এই প্রণালী অতিকৈ প্ৰভাৱী, কাৰণ হৰম’নসমূহ তেজৰ দ্বাৰা পৰিবাহিত হোৱাৰ ফলত ইহঁতে শৰীৰৰ সকলো কোষকেই ঢুকি পাব পাৰে।
(v) হৰম’নৰ সহায়ত নিয়ন্ত্ৰণ আৰু সমন্বয় স্থিৰভাৱে আৰু অবিচ্ছিন্ন-ভাৱে সংঘটিত কৰিব পৰা যায়।

প্রশ্ন 12 : সংবেদনশীল উদ্ভিদত আৰু আমাৰ ভৰিত সংঘটিত হোৱা চলাচলৰ ধৰণৰ পাৰ্থক্য কি?

উত্তৰঃ সংবেদনশীল উদ্ভিদত আৰু আমাৰ ভৰিত সংঘটিত হোৱা চলাচলৰ ধৰণৰ মুখ্য পার্থক্য হ’ল— সংবেদনশীল উদ্ভিদত, উদ্ভিদকোষে পানীৰ পৰিমাণৰ সলনি কৰি নিজৰ আকৃতি পৰিৱৰ্তন কৰে। পানীৰ পৰিমাণৰ সাল-সলনিৰ ফলত উদ্ভিদকোষ স্ফীত বা সংকুচিত হয়, যিয়ে কোষটোৰ আকৃতি পৰিৱৰ্তন কৰাত সহায় কৰে। এই আকৃতিৰ পৰিৱৰ্তনে উদ্ভিদকোষসমূহত চলাচল সংঘটিত কৰায়। আনহাতে, আমাৰ ভৰিত সংঘটিত চলাচলৰ কাৰণ হ’ল ভৰিৰ মাংসপেশীৰ কোষবোৰৰ আকৃতিৰ পৰিৱৰ্তন হৈ চুটি ৰূপ লোৱা । আমাৰ ভৰিৰ পেশীৰ কোষসমূহৰ এই আকৃতিৰ পৰিৱৰ্তন এবিধ বিশেষ প্ৰটিনৰ দ্বাৰা সংঘটিত হয়। এই বিশেষ প্রটিনসমূহে স্নায়ৱিক প্ৰেৰণাৰ প্ৰতিক্রিয়া হিচাপে নিজৰ আকৃতি আৰু সজ্জা সলনি কৰে। যেতিয়া এনে হয়, প্ৰটিনৰ নতুন ধৰণৰ সজ্জাই পেশীকোষসমূহক চুটি ৰূপ দিয়ে। পেশীকোষসমূহৰ এই চুটি হোৱা কাৰ্যই আমাৰ ভৰিত চলাচলৰ সৃষ্টি কৰে।

অতিৰিক্ত প্রশ্নোত্তৰ

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১ : ছাইনেপ্‌ছ (Synapse) কি ? [HSLC 2015]

উত্তৰঃ দুটা আনুক্রমিক স্নায়ুকোষৰ মাজৰ ফাকটোক ছাইনেপ্‌ছ বোলে।

প্রশ্ন ২ : দুই ধৰণৰ স্নায়ু প্ৰৱৰ্ধকৰ নাম লিখা। [HSLC 2015]

উত্তৰঃ এক্সন আৰু ডেনড্ৰাইট।

প্রশ্ন ৩ : প্রান্তীয় স্নায়ুতন্ত্ৰৰ অংশসমূহ কি ? [HSLC 2017]

উত্তৰঃ প্রান্তীয় স্নায়ুতন্ত্ৰৰ অংশসমূহ হ’ল– (i) ক্রেনিয়েল স্নায়ু আৰু (ii) বজ্জুস্নায়ু ।

প্রশ্ন ৪ : আমাৰ মস্তিষ্কৰ মুখ্য অংশকেইটা কি কি? [HSLC 2020]

উত্তৰঃ আমাৰ মস্তিষ্কৰ মুখ্য অংশকেইটা হ’ল—প্ৰমস্তিষ্ক, মধ্যমস্তিষ্ক আৰু পশ্চাদমস্তিষ্ক।

প্রশ্ন ৫ : আমাৰ মস্তিষ্কৰ মুখ্য চিন্তা কৰা অংশটি কি? [HSLC 2022]

উত্তৰঃ প্ৰমস্তিষ্ক হ’ল আমাৰ মস্তিষ্কৰ মুখ্য চিন্তা কৰা অংশ।

প্রশ্ন ৬ : পশ্চাদমস্তিষ্কৰ ছেৰিবেলামৰ কাম কি? [HSLC 2020]

উত্তৰঃ পশ্চাদমস্তিষ্কৰ ছেৰিবেলামৰ মুখ্য কাম হ’ল আমাৰ ঐচ্ছিক ক্ৰিয়াসমূহক সঠিকতা প্ৰদান কৰা আৰু আমাৰ শৰীৰৰ ভংগীমা আৰু সন্তলন ৰক্ষা কৰা।

প্রশ্ন ৭: প্ৰাণীৰ পেশীকোষে কেনেদৰে আকৃতি পৰিৱৰ্তন কৰে? [HSLC 2020]

উত্তৰঃ স্নায়ু কলাৰ পৰা অহা বৈদ্যুতিক প্ৰেৰণাৰ সঁহাৰি হিচাপে পেশীকোষত থকা কিছুমান বিশেষ প্র’টিনে নিজৰ আকৃতি আৰু সজ্জাৰ পৰিৱৰ্তন কৰে। যেতিয়া এনে হয়, এই প্ৰটিনসমূহৰ নতুন ধৰণৰ সজ্জাই পেশীকোষক চুটি ৰূপ প্ৰদান কৰে। এনেদৰে প্ৰাণীৰ পেশীকোষে নিজৰ আকৃতি পৰিৱৰ্তন কৰে।

প্রশ্ন ৮: জলানুবেগী বা হাইড্ৰট্র’পিজিম (Hydrotropism) কি? [HSLC 2019]

উত্তৰঃ পানী বা আৰ্দ্ৰতাৰ প্ৰতি প্রতিক্রিয়া হিচাপে উদ্ভিদৰ অংশৰ চলনক জলানুবেগী বা হাইড্ৰ’ট্রপিজিম বোলা হয়। উদ্ভিদৰ শিপাই সদায় আর্দ্রতা বা পানীৰ দিশত বেকা হয়।

প্রশ্ন ৯ : উদ্ভিদত দেখা যোৱা কেম’ট্রপিজিমৰ এটা উদাহৰণ দিয়া। [HSLC 2015]

উত্তৰঃ উদ্ভিদত দেখা যোৱা কেম’ট্ৰপিজিমৰ এটা উদাহৰণ হ’ল— ডিম্বকৰ দিশত পৰাগ নলীৰ বৃদ্ধি ৷

প্রশ্ন ১০ : হৰম’নসমূহ কি? [HSLC 2019]

উত্তৰঃ হৰম’নসমূহ হ’ল বহুকোষী জীৱৰ শৰীৰত নিয়ন্ত্ৰণ আৰু সমন্বয় সাধনৰ বাবে ব্যৱহাৰ হোৱা কিছুমান ৰাসায়নিক যৌগ।

প্রশ্ন ১১ : আমাৰ শৰীৰত হৰম’ন নিঃসৰণৰ সময় আৰু পৰিমাণ নিয়ন্ত্ৰণ কৰা প্ৰণালীটোৰ নাম কি?

[HSLC 2019]

উত্তৰঃ আমাৰ শৰীৰত হৰম’ন নিঃসৰণৰ সময় আৰু পৰিমাণ নিয়ন্ত্ৰণ কৰা প্ৰণালীটো হ’ল ফিডবেক্ প্ৰণালী (Feedback mechanism)।

চমু প্রশ্নোত্তৰ

প্রশ্ন ১ : এটা নিউৰণৰ গঠন বর্ণনা কৰা। [HSLC 2022]

উত্তৰঃ এটা নিউৰণ প্ৰধানকৈ দুটা অংশৰে গঠিত। সেয়া হ’ল (i) কোষদেহ আৰু (ii) স্নায়ু প্রবর্ধ।

(i) কোষদেহ: নিউৰণৰ যি অংশত কোষপ্ৰৰস আৰু কোয়কেন্দ্ৰ পোৱা যায়, তাক কোষদেহ বোলে৷ ডেনড্ৰাইটৰ অগ্ৰ অংশত গ্ৰহণ কৰা তথ্য বৈদ্যুতিক প্ৰেৰণাৰ ৰূপত এই কোষদেহৰ মাজেৰে পাৰ হৈ পিছত এক্সনৰ মাজেৰে গৈ তাৰ মূৰ পায়গৈ।

(ii) স্নায়ু প্ৰবৰ্ধ: এটা নিউৰণত দুই ধৰণৰ স্নায়ু প্ৰবৰ্ধ পোৱা যায় ৷ সেয়া হ’ল – (a) ডেনড্ৰাইট আৰু (b) এক্সন।

(a) ডেনড্রাইট: এইবোৰ হ’ল কোষদেহৰ পৰা ওলোৱা কিছুমান চুটি আৰু প্ৰশাখাযুক্ত স্নায়ু প্রবর্ধ। এই ডেনড্রাইটসমূহৰ অগ্ৰ অংশই পৰিৱেশৰ পৰা বিভিন্ন তথ্য সংগ্ৰহ কৰে।

(b) এক্সন: এক্সন হ’ল নিউৰণৰ কোষদেহৰ পৰা ওলোৱা আটাইতকৈ দীঘল স্নায়ু প্ৰবৰ্ধ। ডেনড্ৰাইটৰ অগ্ৰ অংশই আহৰণ কৰা কোনো তথ্য বৈদ্যুতিক প্ৰেৰণাৰ ৰূপত প্ৰথমে কোষদেহৰ মাজেৰে আৰু পাছত এক্সনৰ মাজেৰে পাৰ হৈ এক্সনৰ মূৰ পায়গৈ। এক্সনডালৰ মূৰত এই বৈদ্যুতিক প্ৰেৰণাই ৰাসায়নিক পদার্থ কিছুমানৰ সৃষ্টি কৰে যিয়ে কোনো বাৰ্তাক পৰৱৰ্তী নিউৰণলৈ সঞ্চালিত কৰে।

প্রশ্ন : এক্সন আৰু ডেনড্ৰাইটৰ পার্থক্য লিখা। [HSLC 2019]

উত্তৰঃ (i) এক্সন হ’ল নিউৰণৰ দেহকোষৰ পৰা ওলোৱা শাখাবিহীন আটাইতকৈ দীঘল স্নায়ু প্ৰৱৰ্ধ। আনহাতে ডেনড্ৰাইট হ’ল নিউৰণৰ দেহকোষৰ পৰা ওলোৱা প্ৰশাখাযুক্ত চুটি স্নায়ু প্ৰৱর্ধ।

(ii) এক্সনৰ চাৰিওফালে মায়েলিন আৱৰণী থাকে, কিন্তু ডেনড্ৰাইটৰ চাৰিওফালে এই আৱৰণী নাথাকে।

প্রশ্ন 3: প্রতীপ ক্রিয়া কি ? প্ৰাণীৰ প্ৰতীপ ধনু কিয় সৃষ্টি হৈছে?প্রতীপ ধনুৰ বিভিন্ন উপাদানসমূহৰ নাম লিখা। [HSLC 2017]

উত্তৰঃ প্রতীপ ক্রিয়া হ’ল পৰিৱেশৰ কোনো উদ্দীপনাৰ বিপৰীতে প্ৰাণীৰ শৰীৰৰ এক অনৈচ্ছিক, খৰতকীয়া আৰু স্বতঃস্ফূর্ত প্রতিক্রিয়া।

প্ৰাণীৰ মস্তিষ্কৰ চিন্তা কৰা প্ৰক্ৰিয়াটো জটিল আৰু সেয়েহে মন্থৰ। আনহাতে কিছুমান প্ৰাণীৰ শৰীৰত স্নায়ুকোষৰ এক জটিল বিন্যাস পোৱা নাযায়, যাৰ বাবে এনে প্ৰাণীৰ মস্তিষ্কই সঠিকভাৱে চিন্তা কৰিব নোৱাৰে। সেয়েহে এক প্ৰকৃত চিন্তা কৰা তন্ত্ৰৰ অভাৱত কিছুমান সঁহাৰি ক্ষিপ্ৰতাৰে জনাবলৈ প্ৰাণীৰ শৰীৰত প্ৰতীপ ধনুৰ বিকাশ হোৱা বুলি ধাৰণা কৰিব পাৰি ৷প্রতীপ ধনুৰ বিভিন্ন উপাদানসমূহ হ’ল— সংজ্ঞাবাহী স্নায়ুকোষ, আজ্ঞাবাহী বা চালক স্নায়ুকোষ আৰু পৰ্য্যায়ক স্নায়ুকোষ।

প্রশ্ন ৩ : আমাৰ শৰীৰত’ প্রতীপ ধনুৰ কাৰ্য-প্রণালী বর্ণনা কৰা। [HSLC 2022]

উত্তৰঃ বিপদসংকুল পৰিস্থিতিত যেতিয়া আমাক শাৰীৰিক ক্ষতিৰ পৰা বচাব লগা হয়, তেতিয়া আমাৰ পেশীসমূহৰ চলনৰ বাবে আমি আমাৰ সাধাৰণ চিত্তা প্রক্রিয়াৰ ওপৰতে নিৰ্ভৰ কৰিব নোৱাৰো। এই ক্ষেত্ৰত আমি প্রতীপ ক্রিয়াসমূহ দেখুৱাওঁ যাক আমাৰ স্নায়ুজ্জুত উৎপন্ন হোৱা প্রতীপ ধনুসমূহে নিয়ন্ত্রণ কৰে। প্রতীপ ধনু হ’ল স্নায়ুবজ্জত উৎপন্ন হোৱা এনে কিছুমান বিশেষ সংযোগ, য’ত কোনো সংবেদন-চিনাক্ত কৰা স্নায়ুসমূহ আৰু পেশীক সাধাৰণভাৱে লৰচৰ কৰোৱা স্নায়ুসমূহ পৰস্পৰৰ লগত সংযোজিত হৈ থাকে। এই প্রক্রিয়াত, এটা অন্তর্বাহী বার্তাক চিনাক্ত কৰি অতি কম সময়ৰ ভিতৰত এটা বহিৰ্বাহী ক্ৰিয়াৰ দ্বাৰা তাৰ প্ৰতি সঁহাৰি জনোৱা হয়। এনেদৰে প্ৰতীপ ধনুসমূহে আমাৰ শৰীৰক কোনো গম্ভীৰ আঘাতৰ পৰা সুৰক্ষা প্ৰদান কৰে।

প্রশ্ন ৪ঃ স্পৰ্শৰ সঁহাৰি হিচাপে সংবেদনশীল উদ্ভিদৰ পাতে কেনেদৰে চলন দেখুৱায় ? [HSLC 2015]

উত্তৰঃ উদ্ভিদে এটা কোষৰ পৰা আন এটা কোষলৈ কোনো স্পৰ্শৰ বাৰ্তা প্ৰেৰণৰ বাবে বৈদ্যুতিক ৰাসায়নিক উপায় অৱলম্বন কৰে। কিন্তু প্ৰাণীৰ শৰীৰত থকাৰ দৰে উদ্ভিদদেহত এই বার্তা প্ৰেৰণৰ বাবে কোনো বিশেষ কলা নাথাকে৷ আকৌ প্ৰাণীৰ পেশীকোষে কিছুমান বিশেষ প্ৰটিনৰ সহায়ত নিজৰ আকৃতি পৰিৱৰ্তন কৰাৰ বিপৰীতে, উদ্ভিদে কোষসমূহে ইহঁতৰ গাত থকা পানীৰ পৰিমাণৰ সলনি কৰি নিজৰ আকৃতি সলনি কৰে। পানীৰ পৰিমাণৰ সলনিৰ দ্বাৰা উদ্ভিদকোষসমূহ স্ফীত বা সংকুচিত হৈ পৰে, যিয়ে সিহঁতৰ আকৃতি সলনি হোৱাত সহায় কৰে৷ এনেদৰে স্পৰ্শৰ সঁহাৰি হিচাপে সংবেদনশীল পাতে চলন-দেখুৱায় ।

চবি : সংবেদনশীল উদ্ভিদ

Conclusion:

আমি বিশ্বাস কৰোঁ যে এই টোকাবোৰে শিক্ষাৰ্থীসকলক বিষয়বোৰৰ বিষয়ে ভালদৰে বুজাবুজি বিকশিত কৰাত আৰু তেওঁলোকৰ পৰীক্ষাৰ বাবে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰিব।

আমি নিশ্চিত যে এই টোকাবোৰে শিক্ষাৰ্থীসকলক তেওঁলোকৰ লক্ষ্য প্ৰাপ্ত কৰাত আৰু তেওঁলোকৰ শৈক্ষিক প্ৰদৰ্শন বৃদ্ধি কৰাত সহায় কৰিব। যদি আপুনি এই প্ৰবন্ধটো ভাল পায় আৰু সহায়ক হয় তেন্তে আপোনাৰ বন্ধুবৰ্গৰ সৈতে Share কৰিবলৈ নাপাহৰিব।

1 thought on “Class 10 Science Lesson 7 I নিয়ন্ত্ৰণ আৰু সমন্বয়I [Control and Coordination]”

Leave a Comment

error: Content is protected !!