Class 10 Science Chapter 6 জীৱন প্ৰক্ৰিয়া (Life Processes) Question Answer | SEBA

আমাৰ ৱেবছাইটলৈ স্বাগতম! আপোনাৰ শৈক্ষিক যাত্ৰাৰ বাবে আপোনাক দশম শ্ৰেণীৰ Notes প্ৰদান কৰি আমি আনন্দিত।

নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ বছৰ কিয়নো তেওঁলোকে আগন্তুক ব’ৰ্ড পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰে, যি তেওঁলোকৰ শৈক্ষিক সফলতা নিৰ্ধাৰণ কৰিব।

আজি, এই প্ৰবন্ধটোত মই আপোনাৰ দশম শ্ৰেণীৰ “জীৱন প্ৰক্ৰিয়া (Life Processes) Question Answer” দীঘলয়া আৰু চুটি প্ৰশ্ন আলোচনা কৰিম| আমি প্ৰায় সকলো দীঘলয়া আৰু চুটি প্ৰশ্ন Solution প্ৰদান কৰিছোঁ।

আমাৰ লক্ষ্য হৈছে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰা। আমি ইয়াত বিনামূলীয়াকৈ Notes সমূহ প্ৰদান কৰিছো। আমি আপোনাক আগন্তুক পৰীক্ষাৰ বাবে শুভেচ্ছা জনাইছো। যদি আপোনাৰ কোনো সন্দেহ আছে তেন্তে আমাৰ সৈতে যোগাযোগ কৰক।

জীৱন প্ৰক্ৰিয়া (Life Processes) Question Answer

NCERT অনুশীলনীৰ প্ৰশ্নোত্তৰ

প্রশ্ন 1 : মানুহৰ শৰীৰৰ বৃক্ক তলৰ কোনটো প্ৰক্ৰিয়াৰ বাবে নিয়োজিত তন্ত্ৰৰ অংশ—

(a) পৰিপুষ্টি

(b) শ্বসন

(c) ৰেচন

(d) পৰিবহণ।

উত্তৰ : (c) ৰেচন

প্রশ্ন 2 : উদ্ভিদৰ জাইলেম তলৰ কোনটো কাৰ্যৰ লগত জড়িত-

(a) পানীৰ পৰিবহণ (b) খাদ্যৰ পৰিবহণ

(c) এমিন’ এছিডৰ পৰিবহণ (d) অক্সিজেনৰ পৰিবহণ।

উত্তৰ : (a) পানীৰ পৰিবহণ।

প্রশ্ন 3:স্বপোষিত পুষ্টিৰ বাবে দৰকাৰ হয়-

(a) কার্বন ডাই অক্সাইড আৰু পানী (b) পত্ৰহৰিৎ

(c) সূৰ্যৰ পোহৰ (d) ওপৰৰ আটাইকেইটা।

উত্তৰ : (d) ওপৰৰ আটাইকেইটা।

প্রশ্ন 4: কার্বন-ডাই-অক্সাইড, পানী আৰু শক্তি উৎপাদন কৰিবলৈ পাইকভেটৰ বিশ্লেষণ সংঘটিত হয়

(a) কোষ প্ৰৰসত (b) মাইট’কন্ড্রিয়াত (c) হবিৎকণাত (d) কোষকেন্দ্ৰত।

উত্তৰ: (b) মাইট’কন্ড্রিয়াত।

প্রশ্ন 5 : আমাৰ শৰীৰত চৰ্বী কেনেদৰে পাচিত হয়? এই প্রক্রিয়া ক’ত সংঘটিত হয়?

উত্তৰ : আমাৰ শৰীৰত অগ্নাশয় লাইপেজ আৰু আন্ত্ৰিক লাইপেজৰ সহায়ত চৰ্বী পাচিত হয়। অগ্নাশয় লাইপেজ নামৰ উৎসেচকবিধ অগ্নাশয়ে ক্ষৰণ কৰে। অগ্নাশয় লাইপেজৰ ক্ৰিয়াৰ দক্ষতা বঢ়োৱাত যকৃতৰ পৰা ওলোৱা পিত্তৰসে (Bile juice) সহায় কৰে।পিত্তবসত থকা দুবিধ পিত্তলোণে চৰ্বীৰ ডাঙৰ ডাঙৰ পিণ্ডবোৰক ভাঙি সৰু সৰু পিণ্ডলৈ ৰূপান্তৰিত কৰে, যাৰ ফলত চৰ্বীৰ এই সৰু সৰু কণিকাবোৰৰ ওপৰত অগ্নাশয় লাইপেজে ভালদৰে ক্ৰিয়া কৰিব পাৰে। আমাৰ ক্ষুদ্ৰান্ত্ৰৰ বেৰত থকা গ্ৰন্থিৰ পৰা ওলোৱা আন্ত্ৰিক লাইপেজ নামৰ উৎসেচকবিধে শেষত চৰ্বীক বিশ্লেষণ কৰি ফেটি এছিড আৰু গ্লিচাৰ’ল উৎপন্ন কৰে। চৰ্বীৰ পাচনৰ এই প্ৰক্ৰিয়া আমাৰ শৰীৰৰ ক্ষুদ্ৰাস্ত্ৰত সংঘটিত হয়।

প্রশ্ন 6 : খাদ্যৰ পাচনত লালটিৰ ভূমিকা কি?

উত্তৰ : খাদ্যৰ পাচনত লালটিৰ ভূমিকা হ’ল—

(i) লালটিত থকা লালটি এমাইলেজ (Salivary anylase) নামৰ উৎসেচকবিধে শ্বেতসাৰক ভাঙি শৰ্কৰালৈ ৰূপান্তৰিত কৰে।

(ii) লালটিয়ে খাদ্যক ভিজা আৰু পিছল কৰি তাক গ্ৰাসনলীৰে পৰিবহণ হোৱাত সহায় কৰে।

প্রশ্ন 7 : স্বপোষিত পুষ্টিৰ দৰকাৰী চৰ্তসমূহ কি আৰু ইয়াৰ উপজাত দ্রব্যসমূহ কি ?

উত্তৰ: স্বপোষিত পুষ্টিৰ দৰকাৰী চৰ্তসমূহ হ’ল—

(i) কার্বন-ডাই-অক্সাইড, (ii) পানী, (iii) পত্ৰহৰিৎ আৰু (iv) সূৰ্যৰ পোহৰ।

স্বপোষিত পুষ্টিৰ উপজাত দ্রব্যসমূহ হ’ল গ্লুক’জ আৰু অক্সিজেন।

প্রশ্ন ৪ : সবাত আৰু অবাত শ্বসনৰ পাৰ্থক্যসমূহ কি কি? অবাতভাৱে শ্বসন কৰা কেইটামান জীৱৰ নাম লিখা।

উত্তৰ : সবাত আৰু অবাত শ্বসনৰ মূল পার্থক্য হ’ল—

সবাত শ্বসনঅবাত শ্বসন
(i) এই শ্বসন অক্সিজেনৰ উপস্থিতিত সংঘটিত হয়।
(ii) এই শ্বসনত বেছি পৰিমাণে শক্তি নির্গত হয়।
(iii) এই শ্বসন কোষৰ মাইট’কন্ড্রিয়াত সংঘটিত হয়।
(iv) এই শ্বসনত কার্বন-ডাই-অক্সাইড পানী আৰু শক্তি উৎপন্ন হয়।
(i) এই শ্বসন অক্সিজেনৰ অনুপস্থিতিত সংঘটিত হয়।
(ii) এই শ্বসনত কম পৰিমাণে শক্তি নির্গত হয়।
(iii) এই শ্বসন কোষৰ কোষপ্ৰৰসত সংঘটিত হয়।
(iv) এই শ্বসনত ইথানল, কার্বন-ডাই- অক্সাইড আৰু শক্তি উৎপন্ন হয়।

অবাত ধৰণে শ্বসন কৰা কিছুমান জীৱৰ উদাহৰণ হ’ল—ইষ্ট, বেক্টেৰিয়া আৰু মানুহ (অকল পেশী কোষত)।

প্রশ্ন 9 : গেছৰ আদানপ্রদান সর্বাধিক কৰাৰ বাবে বায়ুকোষ (Alveoli) বোৰ কেনেদৰে গঠিত হৈছে?

উত্তৰ : হাঁওফাওৰ ভিতৰত বায়ুনলীডাল সৰু সৰু কিছুমান নলীকালৈ বিভাজিত হৈ যায়, যিবোৰে শেষত কিছুমান বেলুন সদৃশ গঠনত গৈ শেষ হয়। এই বেলুন সদৃশ গঠনবোৰক বায়ুকোষ বোলা হয়। বায়ুকোষবোৰে গেছৰ আদান-প্রদান সংঘটিত হ’বৰ বাবে এখন পৃষ্ঠৰ যোগান ধৰে। বায়ুকোষবোৰৰ বেৰত ৰক্তনলীৰ এখন জটিল জালিকা থাকে, যিয়ে বায়ুকোষ আৰু তেজৰ মাজত কার্বন-ডাই-অক্সাইড আৰু অক্সিজেনৰ আদান-প্রদান হোৱাত সুবিধা কৰি দিয়ে ৷

প্রশ্ন 10 : আমাৰ শৰীৰত হিম’গ্লবিনৰ অভাৱৰ পৰিণতি কি হ’ব পাৰে?

উত্তৰ: হিমগ্ল’বিন হ’ল আমাৰ তেজৰ লোহিত ৰক্ত কণিকাত থকা এবিধ শ্বাসৰঞ্জক, যিয়ে তেজত অক্সিজেন কঢ়িয়াই নিয়ে। সেয়ে আমাৰ শৰীৰত হিমগ্ল’বিনৰ অভাৱ ঘটিলে, আমাৰ শৰীৰৰ কোষসমূহে পর্যাপ্ত পৰিমাণৰ অক্সিজেন নাপাব। ইয়াৰ ফলত কোষসমূহে শৰীৰৰ বিভিন্ন বিপাকীয় কাৰ্যৰ বাবে দৰকাৰ হোৱা শক্তি উৎপাদন কৰিবলৈ অক্ষম হ’ব। এনেদৰে হিমগ্ল’বিনৰ অভাৱত আমাৰ শৰীৰৰ বিভিন্ন জৈৱ-ৰাসায়নিক প্রক্রিয়া বাধাগ্রস্ত হ’ব।

প্রশ্ন 11 : মানুহৰ শৰীৰত দ্বৈত ৰক্ত সংবহন তন্ত্র (Double circulation) ৰ বিষয়ে বর্ণনা কৰা। ই কিয় প্রয়োজনীয় ?

উত্তৰ : মানুহৰ শৰীৰৰ মাজেৰে প্রবাহিত হওঁতে প্ৰতিটো চক্ৰত হৃদপিণ্ডৰ মাজেৰে তেজে দুবাৰকৈ গতি কৰে। ইয়াকে দ্বৈত ৰক্ত সংবহন (Double Circulation) বোলা হয়।

হাওঁফাওঁৰ পৰা অক্সিজেনযুক্ত তেজ আহি হৃদপিণ্ডৰ ওপৰৰ বাঁওফালে থকা কোঠালিত সোমায়, যাক বাঁও অলিন্দ বোলে। তেজ সংগ্ৰহ কৰি থকাৰ সময়ত বাঁও অলিন্দটো প্ৰসাৰিত অৱস্থাত থাকে। পিছত এই কোঠালিটোৰ সংকোচন ঘটে আৰু লগে লগে ইয়াৰ তলফালে থকা কোঠালিটোৰ, যাৰ নাম বাঁও নিলয় প্ৰসাৰণ ঘটে। ইয়াৰ ফলত বাঁও অলিন্দৰ পৰা তেজ বাঁও নিলয়ত সোমায় ৷ যেতিয়া বাঁও নিলয় সংকুচিত হয়, তেতিয়া অক্সিজেনযুক্ত তেজ গোটেই শৰীৰতে বিয়পি পৰে । আনহাতে গোটেই শৰীৰৰ পৰা অহা অক্সিজেনৰহিত তেজ আহি হাওঁফাওঁৰ সোঁফালৰ ওপৰৰ কোঠালিত সোঁ অলিন্দত প্ৰৱেশ কৰে। এই সময়ত সোঁ অলিন্দটো প্ৰসাৰিত অৱস্থাত থাকে। যেতিয়া সোঁ অলিন্দৰ সংকোচন ঘটে, একে সময়তে তাৰ তলফালৰ কোঠালিটো সোঁ নিলয় প্ৰসাৰিত হয়। ফলত তেজ সোঁ অলিন্দৰ পৰা সোঁ নিলয়লৈ স্থানান্তৰিত হয় । পিছত সোঁ নিলয়ৰ সংকোচনৰ ফলত এই তেজে অক্সিজেনযুক্ত হ’বলৈ হাওঁফাওঁলৈ গতি কৰে। এনেদৰে মানুহৰ শৰীৰত দ্বৈত ৰক্ত সংবহন সংঘটিত হয়। মানুহৰ বাবে দ্বি-সঞ্চালন দৰকাৰী কাৰণ মানুহ হ’ল এবিধ উষ্ণৰক্তী প্ৰাণী, যি শৰীৰৰ উষ্ণতা অক্ষুণ্ণ ৰাখিবলৈ অনবৰতে শক্তিৰ ব্যৱহাৰ কৰিবলগীয়া হয়। সেয়েহে মানুহক শক্তি উৎপাদনৰ বাবে অবিৰতভাৱে অক্সিজেনৰ যোগানৰ প্ৰয়োজন হয়। দ্বৈত ৰক্ত সংবহনে তেজক অবিৰতভাৱে অক্সিজেনযুক্ত কৰাত আৰু এই তেজক সমগ্ৰ শৰীৰতে নিৰৱচ্ছিন্নভাৱে বিয়াপাই দিয়াত অৰিহণা যোগায়।

প্রশ্ন 12 : জাইলেম আৰু ফ্লোৱেমত হোৱা দ্ৰব্যৰ পৰিবহণৰ মাজত থকা পার্থক্যসমূহ কি ?

[HSLC 2020]

উত্তৰ: জাইলেম আৰু ফ্লৱেমত হোৱা দ্ৰব্যৰ পৰিবহণৰ মাজত থকা পাৰ্থক্যসমূহ হ’ল—

জাইলেমত হোৱা পৰিবহণফ্লোৱেমত হোৱা পৰিবহণ
(i) জাইলেমে উদ্ভিদ দেহত পানী আৰু খনিজ লৱণ পৰিবহণ কৰে।
(ii) জাইলেমৰ মাজেৰে দ্ৰব্যৰ পৰিবহণ মাথো উর্ধ্বমুখী দিশতহে হ’ব পাৰে।
(iii) জাইলেম কলাৰ মাজেৰে হোৱা দ্রব্যৰ পৰিবহণত সাধাৰণ ভৌতিক বল জড়িত থাকে।
(i) ফ্লোৱেমে উদ্ভিদদেহত খাদ্য আৰু আন পদার্থ যেনে এমিন’ এছিড পৰিবহণ কৰে।
(ii) ফ্লোৱেমৰ মাজেৰে দ্ৰব্যৰ পৰিবহণ ঊর্ধ্বমুখী আৰু অধোমুখী দুয়োটা দিশতেই হ’ব পাৰে।
(iii) ফ্লোৱেমৰ মাজেৰে দ্ৰব্যৰ পৰিবহণ সম্পন্ন হ’বলৈ শক্তিৰ ব্যৱহাৰ হয়।

প্রশ্ন 13 : গঠন আৰু কাৰ্যৰ দিশৰ পৰা হাওঁফাওঁৰ বায়ুকোষ আৰু বৃক্কৰ নেফ্ৰণৰ তুলনা কৰা।

উত্তৰ:

বায়ুকোষৰ গঠন আৰু কাৰ্য : হাওঁফাওঁৰ ভিতৰত বায়ুনলীডাল অসংখ্য সৰু সৰু নলীকালৈ বিভাজিত হৈ যায়, যিবোৰে কিছুমান বেলুন-সদৃশ গঠনত গৈ শেষ হয়। এই গঠনসমূহক বায়ুকোষ (Aveoli) বোলে।

বায়ুকোষবোৰে গেছৰ আদান প্ৰদানৰ নিমিত্তে এখন পৃষ্ঠৰ যোগান ধৰে। বায়ুকোষবোৰৰ বেৰত ৰক্তকেশিকাৰ এখন জটিল জালিকা থাকে, যাৰ দ্বাৰা বায়ুকোষ আৰু তেজৰ মাজত কার্বন-ডাই-অক্সাইড আৰু অক্সিজেনৰ আদান-প্রদান ঘটে। যেতিয়া আমি উশাহ লওঁ, আমাৰ হাওঁফাওঁৰ ভিতৰৰ বায়ুকোষসমূহে বায়ুৰে পূৰ্ণ হৈ থাকে। তেজে গোটেই শৰীৰৰ পৰা কাৰ্বন-ডাই-অক্সাইড সংগ্ৰহ কৰি তাক বায়ুকোষৰ ভিতৰলৈ ব্যাপন প্ৰক্ৰিয়াৰে এৰি দিয়ে। তেনেদৰে বায়ুকোষৰ ভিতৰৰ অক্সিজেন ব্যাপন প্ৰক্ৰিয়াৰে ৰক্তকেশিকাৰ তেজলৈ স্থানান্তৰিত হয় আৰু ই হৃদপিণ্ডলৈ গতি কৰি পিছত শৰীৰৰ প্ৰতিটো কোষলৈ তেজৰ দ্বাৰা পৰিবাহিত হয়।

নেফ্ৰণৰ গঠন আৰু কাৰ্য : নেফ্ৰণবোৰ হ’ল বৃক্কৰ মৌলিক পৰিস্ৰাৱণ একক। নেফ্ৰণবোৰৰ আকৃতি দীঘল নলীৰ দৰে, যাৰ এটা মূৰ কাপ-আকৃতিৰ। এই কাপ-আকৃতিৰ অংশটোক ব’মেনৰ সম্পূট বোলা হয়। অতি পাতল বেৰৰ ৰক্তকেশিকাৰ থূপ এটাই, যাক গ্ল’মেৰুলাছ বুলি কোৱা হয়, প্রথমে তেজৰ পৰা পৰিস্ৰাৱণ কৰি প্ৰাথমিক মূত্ৰৰ সৃষ্টি কৰে আৰু তাক ব’মেনৰ সম্পূৰ গহ্বৰলৈ পঠাই দিয়ে। পিছত এই প্রাথমিক পৰিশ্ৰুতখিনি নেফ্ৰণৰ দীঘল কুণ্ডলীকৃত অংশৰে পাৰ হৈ যাওঁতে কিছুমান অত্যাৱশ্যকীয় পদার্থ যেনে— গ্লুক’জ, এমিন’ এছিড, লৱণ আৰু যথেষ্ট পৰিমাণৰ পানী পুনৰ শোষিত হয়। আন কিছুমান হানিকাৰক পদাৰ্থ যেনে ক্ৰিয়েটিন আৰু ক্ৰিয়েটনিন আদি নেফ্ৰনৰ এই অংশই প্ৰৰিসুতখিনিত যোগ কৰে৷ এনেদৰে প্ৰস্তুত হোৱা মূত্ৰখিনি মূত্ৰনলীৰে বৃক্কৰ পৰা আহি মূত্রথলীত জমা হয়, য’ৰ পৰা সময়ে সময়ে ই মূত্রাশয়ৰ দ্বাৰা শৰীৰৰ পৰা বাহিৰলৈ ওলাই যায়।

অতি চমু প্রশ্নোত্তৰ (পোণপটীয়া প্রশ্নোত্তৰ)

প্রশ্ন 1 : মানুহৰ দৰে বহুকোষী জীৱৰ অক্সিজেনৰ প্ৰয়োজন পূৰাবলৈ কিয় ব্যাপন প্রক্রিয়া পর্যাপ্ত নহয়?

উত্তৰ : বহুকোষী জীৱৰ ক্ষেত্ৰত, শৰীৰৰ সকলোবোৰ কোষেই চৌপাশৰ পৰিৱেশৰ লগত প্রত্যক্ষ সংস্পৰ্শত নাথাকিবও পাৰে। সেয়েহে, সাধাৰণ ব্যাপন প্ৰক্ৰিয়া এনে জীৱৰ প্ৰতিটো কোষৰ অক্সিজেনৰ প্ৰয়োজন পূৰাবলৈ পৰ্যাপ্ত নহয়।

প্রশ্ন 2 : কোনো এটা বস্তু জীৱিত হয় নে নহয় তাক জানিবলৈ তুমি কি কি চৰ্ত ব্যৱহাৰ কৰিবা?

উত্তৰ : কোনো এটা বস্তু জীৱিত হয় নে নহয় তাক জানিবলৈ তলৰ চৰ্তসমূহ ব্যৱহাৰ কৰা যায়—

(i) খাদ্য গ্রহণ, (ii) বৃদ্ধি (iii) শ্বসন (iv) চলাচল (v) প্রজনন।

প্রশ্ন 3: এটা জীৱই বাহিৰৰ কেঁচা সামগ্রী কিহৰ বাবে ব্যৱহাৰ কৰে?

উত্তৰ : জীৱৰ বাবে প্রয়োজনীয় তলত দিয়া কেঁচা সামগ্ৰীসমূহ সিহঁতে বাহিৰৰ পৰিৱেশৰ পৰা আহৰণ কৰি লয়—

(i) কার্বন-ডাইঅক্সাইড: উদ্ভিদে বায়ুমণ্ডলৰ পৰা পাতৰ পত্ৰবন্ধৰ সহায়ত ব্যাপন প্ৰক্ৰিয়াৰে CO, আহৰণ ককৰে।

(ii) পানী: উদ্ভিদে শিপাৰ সহায়ত মাটিৰ পৰা পানী আহৰণ কৰে।

(iii) অক্সিজেন: উদ্ভিদ আৰু প্ৰাণীয়ে শ্বসন প্ৰক্ৰিয়াৰ বাবে প্রয়োজনীয় অক্সিজেন বায়ুমণ্ডলৰ পৰা আহৰণ কৰে।

(iv) খাদ্য: পৰপোষী জীৱসমূহে বহিঃপৰিৱেশৰ পৰা বিভিন্ন প্রকাৰৰ জটিল জৈৱ যৌগ খাদ্য হিচাপে আহৰণ কৰি লয়।

(vi) খনিজ লৱণ : উদ্ভিদ আৰু প্ৰাণীয়ে দেহৰ বৃদ্ধি, বিকাশ আৰু প্ৰতিৰক্ষাৰ বাবে বিভিন্ন প্ৰকাৰৰ অজৈৱ খনিজ লৱণ বহিঃ পৰিৱেশৰ পৰা আহৰণ কৰি লয়।

প্রশ্ন 4 : জীৱৰ জীৱন চলাই নিবৰ বাবে তুমি কি কি প্রক্রিয়া দৰকাৰী বুলি গণ্য কৰা?

উত্তৰ : জীৱৰ জীৱন চলাই নিবৰ বাবে দৰকাৰী হোৱা জীৱন প্ৰক্ৰিয়াসমূহ হ’ল— পৰিপুষ্টি, শ্বসন, পৰিবহণ আৰু ৰেচন।

প্রশ্ন 5 : স্বপোষিত আৰু পৰপোষিত পুষ্টিৰ পাৰ্থক্যসমূহ কি ?

উত্তৰ : স্বপোষিত আৰু পৰপোষিত পুষ্টিৰ পাৰ্থক্যসমূহ হ’ল—

(i) স্বপোষিত পুষ্টিত জীৱই বাহিৰা পৰিৱেশৰ পৰা কেঁচা সামগ্ৰী আহৰণ কৰি সৰল খাদ্য প্রস্তুত কৰি লয়। আনহাতে, পৰপোষিত পুষ্টিত জীৱ এটাই বাহিৰা পৰিৱেশৰ পৰা জটিল খাদ্য আহৰণ কৰি তাক সৰল অৱস্থালৈ ৰূপান্তৰিত কৰি লয়।

(ii) স্বপোষিত পুষ্টিত জীৱই নিজৰ আহাৰ নিজে প্রস্তুত কৰি লয়। কিন্তু পৰপোষিত পুষ্টিত জীৱই খাদ্যৰ বাবে আন জীৱ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়।

প্রশ্ন 6 : সালোক-সংশ্লেষণৰ বাবে প্ৰয়োজন হোৱা প্ৰতিটো কেঁচা সামগ্রী উদ্ভিদে ক’ৰ ক’ৰ পৰা আহৰণ কৰে?

উত্তৰ:-উদ্ভিদে সালোকসংশ্লেষণৰ বাবে প্ৰয়োজন হোৱা কেঁচা সামগ্ৰীসমূহ তলত উল্লেখ কৰা উৎসসমূহৰ পৰা আহৰণ কৰে।

(i) বায়ুমণ্ডলৰ পৰা কার্বন-ডাই-অক্সাইড। (ii) মাটিৰ পৰা পানী।

প্রশ্ন 7 : আমাৰ পাকস্থলীত এছিডৰ ভূমিকা কি? [HSLC 2020]

উত্তৰ : আমাৰ পাকস্থলীত থকা হাইড্ৰ’ক্লৰিক এছিডৰ মুখ্য কাৰ্যসমূহ হ’ল—

(i) ই পাকস্থলীত এক আম্লিক মাধ্যমৰ সৃষ্টি কৰি প্ৰ’টিন বিশ্লেষী উৎসেচক পেপচিনৰ ক্ৰিয়াত সহায় কৰে।

(ii) ই খাদ্যত থকা বেক্টেৰিয়া ধ্বংস কৰে।

প্রশ্ন 10 : শ্বসনৰ বাবে অক্সিজেন আহৰণৰ ক্ষেত্ৰত স্থলচৰ জীৱ এটাৰ জলজ জীৱ এটাতকৈ সুবিধা কি? [HSLC 2017]

উত্তৰ : শ্বসনৰ বাবে অক্সিজেন আহৰণৰ ক্ষেত্ৰত স্থলচৰ জীৱ এটাৰ জলজ জীৱ এটাতকৈ সুবিধা এয়ে যে বায়ুমণ্ডলত থকা অক্সিজেনৰ পৰিমাণ, পানীত দ্ৰৱীভূত অৱস্থাত থকা অক্সিজেনতকৈ বহু বেছি। এইবাবে জলজ জীৱসমূহে স্থলচৰ জীৱৰ তুলনাত বেছি ঘন ঘনকৈ শ্বাস-প্রশ্বাস ল’ব লগা হয়।

প্রশ্ন 11 : কি কি প্ৰথাৰে বিভিন্ন জীৱদেহত গ্লুক’জ জাৰিত হৈ শক্তি উৎপন্ন হয়? [HSLC 2015, 2022]

উত্তৰ: শ্বসনৰ সময়ত গ্লুক’জ অণুৰ বিশ্লেষণৰ তিনিটা ভিন্ন পথ হ’ল—

(i) ইষ্টৰ কোষত গ্লুক’জৰ বিশ্লেষণ : ইষ্টৰ কোষৰ কোষ প্ৰৰসত ছয় কাৰ্বনযুক্ত গ্লুক’জ অণুৰ বিশ্লেষণ ঘটি প্ৰথমতে তিনি-কার্বনযুক্ত পাইৰুভেট অণুৰ সৃষ্টি হয়। এই প্রক্রিয়াত সামান্য পৰিমাণৰ শক্তিও নির্গত হয়। ইয়াৰ পিছৰ পৰ্যায়ত অক্সিজেনৰ অনুপস্থিতিত পাইৰুভেটৰ বিশ্লেষণ ঘটি ইথানল, কার্বন-ডাই-অক্সাইড আৰু শক্তি উৎপন্ন হয়।

(ii) মানুহৰ পেশীকোষত গ্লুক’জৰ বিশ্লেষণ : আমাৰ শৰীৰৰ পেশীকোষত গ্লুক’জৰ পৰা উৎপন্ন হোৱা পাইৰুভেটৰ অক্সিজেনৰ অভাৱত বিশ্লেষণ ঘটি লেটিক এছিড নামৰ আন এক তিনি-কার্বনযুক্ত অণুৰ সৃষ্টি কৰে। এই প্রক্রিয়াত সামান্য পৰিমাণৰ শক্তি নির্গত হয়।

(iii) অক্সিজেনৰ উপস্থিতিত গ্লুক’জৰ বিশ্লেষণ : এই ধৰণৰ শ্বসন প্ৰক্ৰিয়াত জীৱৰ কোষৰ কোষ প্ৰৰসত প্ৰথমতে অক্সিজেনৰ অনুপস্থিতিত গ্লুক’জ অণুৰ বিশ্লেষণ ঘটি পাইৰুভেট উৎপন্ন হয়। ইয়াৰ পিছৰ পৰ্যায়ত এই পাইকভেট কোষৰ মাইট’কন্ড্রিয়াত প্ৰৱেশ কৰি অক্সিজেনৰ উপস্থিতিত বিশ্লেষিত হৈ কার্বন-ডাই-অক্সাইড, পানী আৰু প্ৰচুৰ পৰিমাণৰ শক্তি উৎপন্ন কৰে।

প্রশ্ন 12 : মানুহৰ শৰীৰত অক্সিজেন আৰু কাৰ্বন-ডাই-অক্সাইড কেনেদৰে পৰিবাহিত হয়?

উত্তৰ : মানুহৰ শৰীৰত অক্সিজেন আৰু কাৰ্বন-ডাই-অক্সাইডৰ পৰিবহণ তেজৰ দ্বাৰা সংঘটিত হয়। তেজৰ লোহিত ৰক্ত কণিকাত থকা শ্বাসৰঞ্জক হিম’গ্লবিনে অক্সিজেন কঢ়িয়ায়। আনহাতে পানীত বেছি পৰিমাণে দ্ৰৱীভূত হোৱাৰ গুণত, কার্বন-ডাই-অক্সাইড তেজত দ্ৰৱীভূত অৱস্থাত পৰিবাহিত হয়।

প্রশ্ন 13 : গেছৰ আদান-প্ৰদানৰ বাবে পৃষ্ঠকালি সর্বোচ্চ কৰাৰ স্বাৰ্থত মানুহৰ শৰীৰত হাওঁফাওঁ দুটা কেনেদৰে গঠিত হৈছে?

উত্তৰঃ হাওঁফাওঁৰ ভিতৰত বায়ুনলী ডাল সৰু সৰু নলীকালৈ বিভাজিত হয়, যিবোৰে কিছুমান বেলুন সদৃশ গঠনত গৈ শেষ হয়। এই গঠনবোৰক বায়ুকোষ বা এলভিওলি বোলা হয়। এই এলভিওলি বা বায়ুকোষবোৰে গেছৰ আদান-প্ৰদানৰ বাবে এখন পৃষ্ঠৰ যোগান ধৰে। বায়ুকোষবোৰৰ বেৰবিলাকত ৰক্তনলীৰ এখন জালিকা থাকে, যাৰ সহায়ত বায়ুকোষ আৰু তেজৰ মাজত গেছৰ আদান-প্রদান ঘটে।

প্রশ্ন 14 : মানুহৰ পৰিবহণ তন্ত্ৰৰ উপাদানসমূহ কি কি ? এই উপাদানসমূহৰ কাৰ্যবোৰ কি কি?

উত্তৰ : মানুহৰ পৰিবহণ তন্ত্ৰৰ উপাদানসমূহ আৰু সিহঁতৰ প্ৰত্যেকৰে কাৰ্য তলত উল্লেখ কৰা হ’ল

(i) হৃদপিণ্ড: ইয়াৰ মুখ্য কাম হ’ল শৰীৰৰ প্ৰতিটো অংগলৈ তেজ সঞ্চালন ঘটোৱা।

(ii) ৰক্ত: ইয়াৰ মুখ্য কাৰ্য হ’ল বিভিন্ন প্রয়োজনীয় দ্রব্য, যেনে পাচিত খাদ্য, অক্সিজেন, কার্বন-ডাই-অক্সাইড, নাইট্ৰ’জেনজাতীয় ৰেচন পদার্থ, লৱণ আদিৰ পৰিবহণ কৰা।

(iii) ৰক্তনলীৰ জালিকা : ধমনীবোৰে হৃদপিণ্ডৰ পৰা শৰীৰৰ আন আন অংগলৈ তেজ কঢ়িয়াই নিয়ে । আনহাতে সিৰাসমূহে শৰীৰৰ বিভিন্ন অংগৰ পৰা তেজ সংগ্ৰহ কৰি তাক হৃদপিণ্ডলৈ ঘূৰাই আনে।

(iv) ৰক্তনলীৰ জালিকাখনৰ মেৰামতিৰ বাবে এক বিশেষ তন্ত্র: ৰক্তনলীৰ জালিকাখন কিবা কাৰণত ক্ষতিগ্রস্ত হলে, তাৰ মেৰামতিৰ বাবে এক বিশেষ তন্ত্র থাকে। তেজত থকা অনুচক্রিকা কোষসমূহে এই মেৰামতিৰ কাৰ্য সম্পন্ন কৰে।

প্রশ্ন 15 : স্তন্যপায়ী প্রাণী আৰু চৰাইৰ ক্ষেত্ৰত অক্সিজেনযুক্ত আৰু অক্সিজেনবিহীন তেজক পৃথক কৰি ৰখাৰ প্ৰয়োজনীয়তা কি?

উত্তৰ : স্তন্যপায়ী প্রাণী আৰু চৰাইবোৰ উষ্ণৰক্তী প্ৰাণী, যিয়ে অনবৰতে নিজৰ শৰীৰৰ উষ্ণতা অক্ষুণ্ণ ৰাখিবলৈ শক্তিৰ ব্যৱহাৰ কৰে। সেইবাবে সিহঁতৰ দেহত এক উচ্চ দক্ষতাসম্পন্ন অক্সিজেন যোগানৰ প্ৰয়োজন হয়। এই উদ্দেশ্যত, স্তন্যপায়ী আৰু চৰাইৰ শৰীৰত অক্সিজেনযুক্ত আৰু অক্সিজেনবিহীন তেজক পৃথক কৰি ৰখাটো নিতান্তই প্রয়োজনীয়।

প্রশ্ন 16ঃ সুসংগঠিত উদ্ভিদৰ শৰীৰত পৰিবহণ তন্ত্ৰৰ উপাদানসমূহ কি কি? [HSLC 2018]

উত্তৰ : সুসংগঠিত উদ্ভিদৰ শৰীৰত পৰিবহণ তন্ত্ৰৰ উপাদানসমূহ হ’ল—

(i) জাইলেম: যাৰ দ্বাৰা উদ্ভিদৰ শৰীৰত পানী আৰু খনিজ লৱণৰ ঊর্ধ্বমুখী পৰিবহণ সংঘটিত হয়।

(ii) ফ্লোৱেমঃ যাৰ সহায়ত পাতত প্ৰস্তুত হোৱা খাদ্য আৰু আন আন পদার্থ ঊর্ধ্বমুখী আৰু অধোমুখী দুয়োটা দিশত উদ্ভিদদেহত পৰিবাহিত হয়।

প্রশ্ন 17 : উদ্ভিদদেহত পানী আৰু খনিজ লৱণ কেনেদৰে পৰিবাহিত হয়? [HSLC 2015, 2018]

উত্তৰ: উদ্ভিদদেহত পানী আৰু খনিজ লৱণৰ পৰিবহণ জাইলেম কলাৰ মাজেৰে সংঘটিত হয়। জাইলেম কলাত শিপা, কাণ্ড আৰু পাতৰ ট্ৰেকাইড (Tracheids) আৰু নলীকা (Vessels) বোৰ পৰস্পৰৰ লগত সংলগ্ন হৈ পানী পৰিবহণৰ এক অবিচ্ছিন্ন তন্ত্ৰৰ সৃষ্টি কৰি উদ্ভিদদেহৰ সকলো অংশকে স্পৰ্শ কৰে। শিপাৰ যিবোৰ কোষ মাটিৰ লগত প্রত্যক্ষ সংস্পৰ্শত থাকে, সিহঁতে সক্রিয়ভাৱে মাটিৰ পৰা আয়নসমূহ গ্ৰহণ কৰে। ইয়ে শিপা আৰু মাটিৰ মাজত আয়নৰ গাঢ়তাৰ পাৰ্থক্যৰ সৃষ্টি কৰে। সেয়েহে এই পার্থক্য দূৰ কৰিবলৈ মাটিৰ পৰা শিপালৈ পানীৰ প্ৰবাহ বয়। ইয়ে শিপাৰ জাইলেম কলালৈ পানীৰ এক স্থিৰ প্ৰবাহৰ সৃষ্টি কৰি পানীৰ এক স্তম্ভৰ সৃষ্টি কৰে, যাক নিবচ্ছিন্নভাৱে ওপৰৰ দিশলৈ ঠেলি থকা হয়। ইয়াক মূলচাপ বোলে। জাইলেম কলাৰ মাজেৰে পানীৰ ঊৰ্ধ্বমুখী পৰিবহণত আন এক চালিকা শক্তি হ’ল প্রস্বেদন টান (Transpiration pull)। প্রস্বেদন প্ৰক্ৰিয়াত উদ্ভিদৰ পাতৰ কোষৰ পৰা পানীৰ অণুৰ বাষ্পীভৱনৰ ফলত পানীৰ স্তস্তটোৱে ওপৰৰ ফালে এক শোহা অনুভৱ কৰে, যাৰ ফলত শিপাৰ জাইলেম কোষৰ পৰা পানীয়ে ওপৰৰ দিশলৈ গতি কৰে।

প্রশ্ন 18 : উদ্ভিদদেহত খাদ্য কিদৰে পৰিবাহিত হয়? [HSLC 2015, 2020]

উত্তৰ : উদ্ভিদদেহত খাদ্যৰ পৰিবহণ ফ্লোৱেম কলাৰ মাজেৰে সংঘটিত হয়। এই প্ৰক্ৰিয়াক খাদ্য স্থানান্তৰণ (Translocation) বোলা হয়। উদ্ভিদদেহত খাদ্য আৰু আন পদাৰ্থ যেনে এমিন’ এছিডৰ স্থানান্তৰণ প্ৰক্ৰিয়া চালনি নলীকা (Sieve tubes) ত সংগী কোষ (companion cell) ৰ সহযোগত ঊর্ধ্বমুখী আৰু অধোমুখী দুয়োটা দিশতেই সংঘটিত হয়। জাইলেম কলাৰ মাজেৰে পৰিবহণ প্ৰক্ৰিয়াত সাধাৰণ ভৌতিক বল জড়িত থকাৰ বিপৰীতে ফ্লোৱেম কলাৰ মাজেৰে খাদ্য আৰু আন পদাৰ্থৰ পৰিবহণত শক্তিৰ প্রয়োজন হয় ৷ ATP ৰ পৰা শক্তি আহৰণ কৰি কিছুমান পদার্থ যেনে—চুক্র’জ ফ্লোৱেম কলালৈ স্থানান্তৰিত কৰা হয় । এই কাৰ্যই এই কলাৰ আসৃতি চাপ (osmotic pressure) বৃদ্ধি কৰে, যাৰ ফলত এই কলালৈ পানীয়ে গতি কৰে। এই চাপে ফ্লোৱেম কলাৰ পৰা বিভিন্ন দ্রব্য কম চাপত থকা কলাকোষসমূহলৈ স্থানান্তৰিত কৰে। এনেদৰে উদ্ভিদৰ প্ৰয়োজন অনুসৰি ফ্লোৱেম কলাই বিভিন্ন দ্ৰব্যৰ স্থানান্তৰ ঘটায়।

প্রশ্ন 19 : নেফ্ৰনৰ গঠন আৰু কাৰ্য বৰ্ণনা কৰা।

উত্তৰ : নেফ্ৰণবোৰ হ’ল বৃক্কৰ মৌলিক পৰিস্ৰাৱণ একক। নেফ্ৰণৰ আকৃতি দীঘল নলীৰ দৰে, যাৰ এটা মূৰ কাপ-আকৃতিৰ। নেফ্ৰণৰ এই অংশটোক ব’মেনৰ সম্পূট (Bowmans capsule) বোলা হয়।

পাতল বেৰৰ ৰক্তকেশিকাৰ থূপ এটা ব’মেনৰ সম্পূটৰ লগত সংলগ্ন হৈ থাকে। এই থূপটোক গ্ল’মেৰুলাছ (Glomerulus) বোলা হয়। এই ৰক্তকেশিকাৰ থূপটোৰ সহায়ত তেজৰ পৰা প্ৰাথমিক মূত্ৰখিনি পৰিস্ৰাৱনৰ দ্বাৰা প্ৰস্তুত হয়। ব’মৈনৰ সম্পূৰ তলফালে নেফ্ৰণৰ অংশটো দীঘলীয়া কুণ্ডলীকৃত নলীৰ আকৃতিৰ, যাৰ মাজেৰে প্রাথমিক পৰিশ্ৰুতখিনি প্রবাহিত হয়। নেফ্ৰণৰ শেষ অংশত সংগ্ৰাহক নলীকা (collecting duct) থাকে, যিয়ে মূত্ৰখিনি সংগ্ৰহ কৰি মূত্ৰনলীৰ সহায়ত মূত্রথলীলৈ পঠাই দিয়ে।

নেফ্ৰনৰ কাৰ্য : নেফ্ৰনত থকা ৰক্ত কেশিকাৰ থূপ এটাই, যাক গ্ল’মেৰুলাছ বোলা হয়, তেজৰ পৰা পৰিস্ৰাৱন কৰি প্ৰাথমিক মূত্ৰৰ সৃষ্টি কৰে। পিছত এই মূত্ৰখিনি নেফ্ৰনৰ কাপ-আকৃতিৰ মূৰটোলৈ, যাক ব’মেনৰ সম্পূট বোলা হয়, পঠাই দিয়া হয়। ব’মেনৰ সম্পৃটে পৰিসুতখিনি সংগ্ৰহ কৰি নেফ্ৰনৰ নলীডালৰ পিছৰ কুণ্ডলীকৃত অংশলৈ পঠাই দিয়ে। এই অংশৰ মাজেৰে পৰিসুতখিনি পৰিবাহিত হওঁতে কিছুমান পদার্থ যেনে গ্লুক’জ, এমিন’ এছিড, লৱণ আৰু যথেষ্ট পৰিমাণৰ পানী ঠায়ে ঠায়ে পুনৰ শোষিত হয়। আন কিছুমান হানিকাৰক পদার্থ যেনে ক্রিয়েটিন আৰু ক্রিয়েটিনিন আদি নেফ্ৰনৰ নলীকাই যোগ কৰাৰ পাছত মূত্ৰখিনি মূত্ৰনলী বা ইউৰেটাৰ (ureters) ৰ মাজেৰে গৈ মূত্রথলী (urinary bladder) ত গৈ সঞ্চিত হয়। পিছত মূত্রথলীৰ পৰা সময়ে সময়ে মূত্রখিনি মূত্রপথ (urethra) ৰ যোগেদি শৰীৰৰ পৰা বাহিৰলৈ ওলাই যায়।

প্রশ্ন 20: ৰেচনজাতীয় পদাৰ্থৰ নিষ্কাশনৰ বাবে উদ্ভিদে ব্যৱহাৰ কৰা পদ্ধতিবোৰ কি কি?

উত্তৰঃ ৰেচনজাতীয় পদাৰ্থৰ নিষ্কাশনৰ বাবে উদ্ভিদে ব্যৱহাৰ কৰা বিভিন্ন পদ্ধতিসমূহ হ’ল—

(i) উদ্ভিদে শৰীৰৰ পৰা অক্সিজেন আৰু কাৰ্বন-ডাই-অক্সাইড পত্ৰৰন্ধৰ যোগেদি ব্যাপন প্ৰক্ৰিয়াৰ বাহিৰলৈ উলিয়াই দিয়ে।

(ii) উদ্ভিদে অতিৰিক্ত পানীভাগ প্রস্বেদন প্ৰক্ৰিয়াৰে শৰীৰৰ পৰা আঁতৰায় ৷

(iii) উদ্ভিদে কিছুমান বর্জনীয় পদার্থ পাতত সঞ্চয় কৰে, যি পিছত পাতৰ সৈতে সৰি পৰে।

(iv) উদ্ভিদে অন্য কিছুমান বৰ্জনীয় পদাৰ্থ ৰেজিন (Resins) আৰু আঠা (Gums) হিচাপে সঞ্চিত কৰে।

প্রশ্ন 21 : উৎপন্ন হোৱা মূত্ৰৰ পৰিমাণ কেনেদৰে নিয়ন্ত্রিত হয়?

উত্তৰ: উৎপন্ন হোৱা মূত্ৰৰ পৰিমাণ তলত উল্লেখ কৰা কাৰক দুটাই নিয়ন্ত্ৰণ কৰে—

(i) শৰীৰত থকা অতিৰিক্ত পানীৰ পৰিমাণ।

(ii) বৰ্জনযোগ্য দ্ৰৱীভূত ৰেচনজাতীয় পদাৰ্থৰ পৰিমাণ ৷

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১ : মানুহৰ শৰীৰৰ শ্বাসৰঞ্জক (Respiratory pigment) বিধৰ নাম কি? [HSLC 2019, 2022]

উত্তৰ: মানুহৰ শৰীৰৰ শ্বাসৰঞ্জকবিধৰ নাম হ’ল হিম’গ্লবিন।

প্রশ্ন ২ : মানুহৰ ৰেচন তন্ত্ৰৰ উপাদানসমূহ কি? [HSLC 2018]

উত্তৰ : মানুহৰ ৰেচন তন্ত্ৰৰ উপাদানসমূহ হ’ল– (i) এযোৰ বৃক্ক (ii) এযোৰ মূত্ৰনলী (iii) এটা মূত্রথলী (urinary bladder) আৰু (iv) এটা মূত্রাশয় (urethra)।

চমু প্রশ্নোত্তৰ

প্রশ্ন ১ : খাদ্য কি ? জীৱৰ বাবে খাদ্যৰ প্ৰয়োজনীয়তা কি ? [HSLC 2022]

উত্তৰ: আমি পৰিপুষ্টিৰ বাবে শৰীৰৰ বাহিৰৰ পৰা গ্ৰহণ কৰা শক্তিৰ উৎসসমূহকে খাদ্য বোলে।

জীৱৰ বাবে খাদ্যৰ প্ৰয়োজনীয়তাসমূহ হ’ল—

(i) ই জীৱদেহত শক্তিৰ যোগান ধৰে।

(ii) ই জীৱদেহৰ বৃদ্ধি আৰু বিকাশত সহায় কৰে।

(iii) ই জীৱদেহৰ বাবে প্ৰয়োজনীয় প্ৰ’টিন আৰু আন আন পদাৰ্থ সংশ্লেষণ কৰে।

(iv) খাদ্যই জীৱক বিভিন্ন ৰোগৰ পৰা সুৰক্ষা দিয়ে।

প্রশ্ন ২: এমিবাই কেনেদৰে খাদ্য আহৰণ কৰে? [HSLC 2022]

উত্তৰ : এমিবা এবিধ এককোষী জীৱ আৰু ইয়াৰ কোষাবেৰখন অতিকৈ নমনীয়। ই নিজৰ কোষাৱৰণখন ভাঁজ খুৱাই কিছুমান আঙুলি-সদৃশ প্রবর্ধৰ সৃষ্টি কৰে, যাৰ সহায়ত ই খাদ্যৰ কণিকাটোক চাৰিওফালৰ পৰা আৱৰি ধৰি এক খাদ্য-ৰসধানী (food vacuole) সৃষ্টি কৰে। খাদ্য-ৰসধানীটোৰ ভিতৰত খাদ্যৰ জটিল পদাৰ্থক সৰল অৱস্থানলৈ বিশ্লেষণ কৰা হয়, যি পিছত ব্যাপন প্রক্রিয়াৰে গৈ কোষ প্ৰসৰত সোমায়। অপাচিত খাদ্যাংশ কোষৰ পৃষ্ঠলৈ অনা হয় আৰু শৰীৰৰ পৰা উলিয়াই দিয়া হয়।

প্রশ্ন ৩ : আমাৰ পাকস্থলীত হোৱা খাদ্যৰ পাচনৰ বিষয়ে চমুকৈ লিখা। [HSLC 2016]

উত্তৰ: মুখৰ পৰা অর্ধপাচিত খাদ্যদ্রব্য গ্রাসনলী বা ইচ’ফেগাচেৰে পাকস্থলী আহি পায়হি। পাকস্থলীৰ পেশীযুক্ত বেৰে আৰু কিছু পাচক ৰস নিসৰণ কৰি খাদ্যৰ লগত ভালদৰে মিহলি হোৱাত সহায় কৰে। পাকস্থলীৰ বেৰত থকা পাকস্থলী গ্ৰন্থিবোৰে এই পাচক ৰস নিঃসৰণ কৰে। এই পাচক ৰসত হাইড্ৰ’ক্লৰিক এছিড, এক প্ৰ’টিন বিশ্লেষী উৎসেচক পেপচিন আৰু মিউকাচ থাকে। হাইড্ৰ’ক্লৰিক এছিডে এক আম্লিক মাধ্যমৰ সৃষ্টি কৰি পেপচিনৰ কাৰ্যক সহায় কৰে। এই এছিড়ে খাদ্যত থকা বেক্টেৰিয়াও ধ্বংস কৰে। মিউকাচে সাধাৰণ অৱস্থাত এছিডৰ ক্ৰিয়াৰ পৰা পাকস্থলীৰ অন্তঃআৱৰণীক সুৰক্ষা প্ৰদান কৰে। আমাৰ পাকস্থলীত খাদ্যৰ প্ৰ’টিন অংশ পেপচিনৰ দ্বাৰা আংশিকভাৱে পাচিত হয় আৰু পাছত এই খাদ্য পুনৰ পাচিত হ’বৰ বাবে ক্ষুদ্রান্ত্ৰলৈ গতি কৰে।

প্রশ্ন ৪: সালোক সংশ্লেষণ কি ? সালোক সংশ্লেষণৰ সময়ত হোৱা মুখ্য ঘটনাসমূহ কি? উদ্ভিদে কেনেকৈ CO2 শোষণ কৰে লিখা। [HSLC 2017, 2019]

উত্তৰ : সেউজীয়া উদ্ভিদে পাতৰ কোষত বহিঃপৰিবেশৰ পৰা কাৰ্বন-ডাই-অক্সাইড আৰু পানী শোষণ কৰি সূৰ্যৰ পোহৰ আৰু পত্ৰহৰিতৰ উপস্থিতিত কাৰ্বহাইড্রেট উৎপন্ন কৰে। এই প্ৰক্ৰিয়াক সালোক সংশ্লেষণ বোলে।

সালোক সংশ্লেষণৰ সময়ত হোৱা তিনিটা মুখ্য ঘটনা হ’ল—

(i) পত্ৰহৰিতৰ দ্বাৰা পোহৰ শক্তিৰ শোষণ।

(ii) পোহৰ শক্তিক ৰাসায়নিক শক্তিলৈ ৰূপান্তৰণ আৰু পানীৰ অণুৰ বিশ্লেষণৰ দ্বাৰা হাইড্ৰজেন আৰু অক্সিজেনৰ উৎপাদন।

(iii) কার্বন ডাই অক্সাইডক কাৰ্বহাইড্ৰেটলৈ বিজাৰণ। উদ্ভিদে পত্ৰৰন্ধ্ৰৰ সহায়ত বায়ুমণ্ডলৰ পৰা CO2 গেছ ব্যাপন প্ৰক্ৰিয়াৰে শোষণ কৰে।

প্রশ্ন ৫: মানুহৰ শৰীৰত সংঘটিত হোৱা শ্বসন প্ৰণালী বা কৌশলৰ বিষয়ে বর্ণনা কৰা।

অথবা,

মানুহৰ শৰীৰত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড গেছৰ বিনিময় কেনেকৈ হয়? [HSLC 2017]

উত্তৰ : মানুহৰ শৰীৰত নসিকাৰন্ধ্ৰৰে বায়ু গ্ৰহণ কৰা হয়। ইয়াৰ পৰা ডিঙিৰে বায়ু হাওঁফাওঁলৈ যায়। হাওঁফাওঁৰ ভিতৰত, বায়ুনলীডাল কিছুমান সৰু সৰু নলীকালৈ বিভাজিত হৈ যায়, যিবোৰে কিছুমান বেলুন সদৃশ গঠনত গৈ শেষ হয়। এই বেলুন-সদৃশ গঠনলোবক বায়ুকোষ (Alveoli) বোলে। এই বায়ুকোষবোলে গেছৰ আদান-প্রদানৰ বাবে এখন তেজে অক্সিজেন দেহৰ প্ৰতিটো কোষলৈ কঢ়িয়াই নিয়ে।

যেতিয়া আমি উশাহ লওঁ, আমি আমাৰ কামিহাড়বোৰ ওপৰলৈ তোলো আৰু একেলগে মধ্যচ্ছদাখনো বহলাই দিওঁ। ফলস্বৰূপে হাওঁফাওঁলৈ বায়ু সোমাই আহে আৰু প্ৰসাৰিত বায়ুকোষসমূহ বায়ুৰে পূৰ্ণ হৈ পৰে। তেজে গোটেই শৰীৰৰ পৰা কাৰ্বন-ডাই-অক্সাইড সংগ্ৰহ কৰি বায়ুকোষত এৰি দিয়ে আৰু বায়ুকোষৰ ভিতৰৰ পৰা অক্সিজেন গ্ৰহণ কৰি শৰীৰৰ প্ৰতিটো কোষলৈ পৰিবাহিত কৰে।

প্রশ্ন ৬. আমাৰ শৰীৰত থকা শ্বাস কণাবিধৰ নাম কি ? ইয়াৰ কাৰ্য উল্লেখ কৰা। [HSLC 2019, 2022]

উত্তৰ : হিম’গ্লবিন। ইয়াৰ কাৰ্য হ’ল তেজত অক্সিজেনৰ পৰিবহন কৰা।

প্রশ্ন ৭. মানুহৰ হৃদপিণ্ডৰ এটা চিহ্নিত চিত্র আঁকা। [HSLC 2019, 2022]

উত্তৰ :

প্রশ্ন ৮ : মানুহৰ শৰীৰত হৃদপিণ্ডৰ কাৰ্যপ্রণালী চমুকৈবৰ্ণনা কৰা। [HSLC 2016, 2019, 2022]

উত্তৰ : মানুহৰ শৰীৰত হৃদপিণ্ডই তেজৰ সঞ্চালনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। হাওঁফাওঁৰ পৰা অহা অক্সিজেনযুক্ত তেজ হৃদপিণ্ডৰ ওপৰৰ বাঁওফালৰ কোঠালিত সোমায়। এই কোঠালিটোক বাঁও অলিন্দ বোলে। তেজ সংগ্ৰহ কৰি থকাৰ সময়ত বাঁও অলিন্দটো প্ৰসাৰিত অৱস্থাত থাকে। ই যেতিয়া সংকুচিত হয়, ইয়াৰ তলত থকা বাঁও নিলয় নামৰ কোঠালিটো প্ৰসাৰিত হয়, যাৰ বাবে তেজ বাঁও অলিন্দৰ পৰা বাঁও নিলয়ত প্ৰৱেশ কৰে। যেতিয়া পেশীযুক্ত বাঁও নিলয়ৰ সংকোচন ঘটে, তেতিয়া তেজ গোটেই শৰীৰলৈ ওলাই যায়। আনহাতে গোটেই শৰীৰৰ পৰা অহা অক্সিজেনৰহিত তেজ হৃদপিণ্ডৰ ওপৰৰ সোঁফালে থকা কোঠালিত সোমায়। এই কোঠালিটোক সোঁ অলিন্দ বোলে। সোঁ অলিন্দৰ সংকোচনৰ সময়ত তাৰ তলৰ কোঠালিটো অৰ্থাৎ সোঁ নিলয়ৰ প্ৰসাৰণ ঘটে। ইয়াৰ ফলত তেজ সোঁ অলিন্দৰ পৰা সোঁ নিলয়ত সোমায়। পিছত সোঁ নিলয়ৰ সংকোচনৰ ফলত তেজ অক্সিজেনযুক্ত হ’বৰ বাবে হাওঁফাওঁলৈ গতি কৰে।

প্রশ্ন ৯ : আমাৰ শৰীৰৰত মূত্র উৎপাদন পদ্ধতিটো বর্ণনা কৰা। [HSLC 2018]

বা, নেফ্ৰণৰ কাৰ্যপ্রণালী ব্যাখ্যা কৰা।

উত্তৰ : আমাৰ শৰীৰৰ, বৃক্কত মূত্র উৎপাদিত হয়। নেফ্ৰণবোৰ হ’ল বৃক্কৰ মৌলিক পৰিস্ৰাৱন একক, যাৰ সহায়ত তেজৰ পৰিস্ৰাৱনৰ দ্বাৰা মূত্ৰ উৎপাদিত হয়। নেফ্ৰণৰ এটা মূৰে থকা কাপ-আকৃতিৰ অংশটোক ব’মেনৰ সম্পূট বোলা হয়। এই অংশৰ লগত সংযুক্ত হৈ থকা অতি পাতল বেৰৰ ৰক্তকেশিকাৰ থুপ এটাই প্রথমে তেজৰ পৰিস্ৰাৱণৰ দ্বাৰা প্রাথমিক মূত্রখিনি প্রস্তুত কৰে। এই ৰক্তকেশিকাৰ থূপটোক গ্ল’মেৰুলাছ বোলা হয়। এনেদৰে তৈয়াৰ হোৱা প্ৰাথমিক পৰিশ্ৰুতখিনি ব’মেৰ্নৰ সম্পৃটে সংগ্ৰহ কৰি নেফ্ৰণৰ পিছফালৰ দীঘল কুণ্ডলীকৃত অংশলৈ পঠাই দিয়ে। এই অংশত প্রাথমিক পৰিশ্ৰুতখিনিৰ পৰা কিছুমান প্রয়োজনীয় পদার্থ যেনে, গ্লুক’জ, এমিন’ এছিড, লৱণ আৰু এক বৃহৎ পৰিমাণৰ পানী পুনৰ শোষিত হয়। কিছুমান হানিকাৰক পদার্থ যেনে ক্রিয়েটিন আৰু ক্রিয়েটিনিন আদি এই অংশই পৰিশ্ৰুতখিনিত যোগ কৰে। শেষত এই পৰিশ্ৰুতখিনিয়ে মূত্ৰৰ ৰূপ লয় আৰু সংগ্ৰাহক নলীকাই ইয়াক সংগ্ৰহ কৰে। সংগ্রাহক নলীকাৰ পৰা মূত্ৰনলীৰ সহায়ত মূত্রখিনি মূত্রথলীলৈ যায়, য’ৰ পৰা মূত্রাশয়ৰ যোগেদি ই সময়ে সময়ে শৰীৰৰ পৰা বাহিৰলৈ ওলাই যায়।

প্রশ্ন ১০: জৈৱ অনুঘটকবোৰ কি? ইহঁতৰ কাৰ্য কি? [HSLC 2022]

উত্তৰ : জীৱৰ শৰীৰত থকা পাচক উৎসেচকসমূহকে জৈৱ অনুঘটক বোলা হয়। ইহঁতৰ কাৰ্য হ’ল খাদ্যৰ জটিল অণুক সৰল অণুলৈ ৰূপান্তৰিত কৰা।

প্রশ্ন ১ : ATP কি? ইয়াক বেছিভাগ কোষীয় প্ৰক্ৰিয়াৰ শক্তিমুদ্ৰা হিচাপে জনা যায় কিয়?

[HSLC 2022]

উত্তৰ : কোষীয় শ্বসনত উৎপন্ন হোৱা শক্তি আৱদ্ধ কৰি ৰখা অণুসমূহক ATP (Adinosine Triphosphate) বোলে। কোষীয় প্ৰক্ৰিয়াৰ বাবে প্ৰয়োজনীয় নির্দিষ্ট পৰিমাণৰ শক্তি ATP অণুসমূহ ভাঙি উন্মুক্ত হয়। এইবাবে ইয়াক কোষীয় প্ৰক্ৰিয়াৰ শক্তিমুদ্ৰা বোলা হয়।

Conclusion:

আমি বিশ্বাস কৰোঁ যে এই টোকাবোৰে শিক্ষাৰ্থীসকলক বিষয়বোৰৰ বিষয়ে ভালদৰে বুজাবুজি বিকশিত কৰাত আৰু তেওঁলোকৰ পৰীক্ষাৰ বাবে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰিব।

আমি নিশ্চিত যে এই টোকাবোৰে শিক্ষাৰ্থীসকলক তেওঁলোকৰ লক্ষ্য প্ৰাপ্ত কৰাত আৰু তেওঁলোকৰ শৈক্ষিক প্ৰদৰ্শন বৃদ্ধি কৰাত সহায় কৰিব। যদি আপুনি এই প্ৰবন্ধটো ভাল পায় আৰু সহায়ক হয় তেন্তে আপোনাৰ বন্ধুবৰ্গৰ সৈতে Share কৰিবলৈ নাপাহৰিব।

1 thought on “Class 10 Science Chapter 6 জীৱন প্ৰক্ৰিয়া (Life Processes) Question Answer | SEBA”

Leave a Comment

error: Content is protected !!