Class 10 Science Lesson 4| কাৰ্বন আৰু ইয়াৰ যৌগ | SEBA

পাঠ-অন্তর্ভুক্ত প্রশ্নোত্তৰ

প্রশ্ন 1. কার্বন ডাইঅক্সাইডৰ (CO2) ইলেক্ট্রন বিন্দু গঠন কি হ’ব?

উত্তৰ :

প্রশ্ন 2. আঠোটা ছালফাৰ পৰমাণুৰে গঠিত এটা ছালফাৰ অণুৰ ইলেক্ট্রনীয় বিন্দু গঠন কি হ’ব? (ইংগিত : আঠটাকৈ ছালফাৰ পৰমাণু এটা বলয় আকৃতিত আছে।)

উত্তৰ :

প্রশ্ন 3. পেণ্টেনৰ বাবে কেইটা গঠন সমযোজী আঁকিব পাৰিবা?

উত্তৰ: তিনিটা। সেইকেইটা হ’ল-

(i)

n-পেন্টেন

(ii)

আইছ’-পেণ্টেন

(iii)

নিঅ’-পেণ্টেন

প্রশ্ন 4. কাৰ্বনৰ কোন দুটা ধৰ্মৰ বাবে আমি আমাৰ চাৰিওফালে অজস্র কার্বন যৌগ পাওঁ? [HSLC 2016,2022]

উত্তৰ:(i) কেটিনেচন আৰু (ii) কাৰ্বনৰ চতুৰ্সহযোজ্যতা

প্রশ্ন 5. চাইক্ল’পেণ্টেনৰ সংকেত আৰু ইলেক্ট্রনীয় বিন্দু গঠন আঁকা। [HSLC 2017]

উত্তৰ : C5H10

প্রশ্ন 6. তলৰ যৌগবোৰৰ গঠন আঁকি দেখুওৱা।

(i) ইথায়নিক এচিড

[HSLC 2016]

উত্তৰ :

(ii) ব্ৰ’ম’পেণ্টেন [HSLC 2017]

উত্তৰ :

(iii) বিউটান’ন [HSLC 2018,2022]

উত্তৰ :

(iv) হেক্সানেল [HSLC 2019]

উত্তৰ :

প্রশ্ন 7. ব্র’মপেণ্টেন সমযোজী সম্ভৱনে?

উত্তৰ: সম্ভৱ।ব্ৰম’পেণ্টেনত ব্ৰ’মিন মূলকৰ তিনিটা বেলেগ বেলেগ অৱস্থানৰ বাবে

তিনিটা সমযোজী পোৱা যায়। যেনে –

(i)

1, ব্ৰ’ম’পেণ্টেন

(ii)

2, ব্ৰ’ম’পেণ্টেন

(iii)

3, ব্ৰ’ম’পেণ্টেন

প্রশ্ন 8. তলৰ যৌগবোৰৰ নাম লিখা।

(i) CH3 – CH2 – Br [HSLC 2018]

উত্তৰ: ব্ৰ’ম’ইথেন।

(ii) [HSLC 2018]

উত্তৰ : মিথানেল।

(iii)

উত্তৰঃ হেক্সাইন।

প্রশ্ন 9. ইথানলক ইথানয়িক এচিডলৈ ৰূপান্তৰ কৰাটো কিয় এক জাৰণ বিক্রিয়া। [HSLC 2015, 2018]

উত্তৰ : কাৰণ, ইথানলে ক্ষাৰৰ্কীয় পটেছিয়াম পাৰমাংগানেট বা আম্লিক পটেছিয়াম ডাইক্ৰ’মেটৰ লগত বিক্ৰিয়া কৰিলে অক্সিজেন লাভ কৰি ইথানয়িক এচিডলৈ ৰূপান্তৰিত হয়। ইথানলে অক্সিজেন লাভ কৰে বাবে ই জাৰিত হয়। জড়িত বিক্ৰিয়াটো হ’ল—

প্রশ্ন 10. লোহা জোৰা দিয়া সময়ত অক্সিজেন আৰু ইথাইন দহন কৰা হয়। ইথাইনৰ লগত বায়ু কিয় ব্যৱহাৰ কৰা নহয় ? [HSLC 2015,2019, 2022]

উত্তৰ : কাৰণ, অক্সিজেনৰ উপস্থিতিত ইথাইন দহন কৰিলে ইথাইনৰ সম্পূৰ্ণ দহন সংঘটিত হয় আৰু লোহা জোৰা দিবৰ বাবে আৱশ্যকীয় তাপ উৎপন্ন কৰিব পৰা যায়। কিন্তু বায়ুত অক্সিজেনৰ বাহিৰেও নাইট্ৰ’জেন, কার্বন ডাই অক্সাইড আদিৰ দৰে দহনত সহায় নকৰা গেছ থাকে। সেয়ে বায়ুৰ লগত ইথাইন দহন কৰিলে দহন প্ৰক্ৰিয়াৰ দক্ষতা কমে আৰু কম পৰিমাণৰ তাপ উৎপন্ন হয়।

প্রশ্ন 11. পৰীক্ষাৰ সহায়ত এলক’হল আৰু কাৰ্বক্সিলিক এচিডৰ মাজৰ প্ৰভেদ কিদৰে দেখুৱাব পাৰি।

[HSLC 2015,2017, 2020]

উত্তৰ : দুটা পৰীক্ষানলত পৃথককৈ এলক’হল আৰু কাৰ্বক্সিলিক এচিড লোৱা হ’ল। এতিয়া দুয়োটা পৰীক্ষানলত সম পৰিমাণৰ ছ’ডিয়াম কার্বনেট যোগ কৰা হ’ল। এতিয়া দেখা যাব যে এটা পৰীক্ষানলত কোনো বিক্রিয়া ঘটা নাই। এই পৰীক্ষানলত থকা যৌগটো এলক’হল হ’ব। আনহাতে আনটো পৰীক্ষানলত বুবুৰণি দেখা যাব। এই বুৰবুৰণি বিক্রিয়া উৎপন্ন হোৱা কার্বন ডাইঅক্সাইড গেছৰ। এই পৰীক্ষানলত থকা যৌগটো কার্বক্সিলিক এচিড হ’ব। জড়িত বিক্ৰিয়াটো হ’ল—

2CH2COOH + Na2CO3 2CH3COONa + CO2 + H2O

(ইথানয়িক এচিড)

প্রশ্ন 11. জাৰক দ্ৰৱ্য কি?

উত্তৰ: কোনো ৰাসায়নিক বিক্ৰিয়াত যিবিলাক পদার্থই আন এটা পদাৰ্থত অক্সিজেন যোগ কৰে বা পদাৰ্থটোৰ পৰা হাইড্ৰ জৈনক অপসাৰিত কৰে, তাক জাৰক দ্রব্য বোলে।

প্রশ্ন 12. অপমাৰ্জক ব্যৱহাৰ কৰি পানী কঠিন হয় নে নহয় ক’ব পাৰিবানে?

উত্তৰ: নোৱাৰি, কাৰণ অপমাৰ্জকবোৰ কোমল পানী আৰু কঠিন পানী উভয়তে কাৰ্যকৰী হৈ থাকে।

প্রশ্ন 13. কাপোৰ ধুবলৈ মানুহে বিভিন্ন পদ্ধতি অৱলম্বন ‘কৰে। সাধাৰণতে চাবোন ঘঁহি কাপোৰখন শিল এচটাত থুকুছে বা ভৰিৰে গছকে, ব্ৰাছ কৰে নাইবা কাপোৰ ধোৱা যন্ত্ৰত ভৰাই জোকাৰি দিয়ে। কাপোৰ পৰিষ্কাৰ কৰিবলৈ কিয় জোকাৰিব লাগে?

উত্তৰ : মলিয়ন কাপোৰত চাবোন আৰু পানী প্ৰয়োগ কৰিলে চাবোনৰ অণুবোৰে কাপোৰত থকা মলিৰ চাৰিওফালে এক বিশেষ গঠন বা মাইচেলৰ সৃষ্টি কৰে। এই মাইচেলৰ কেন্দ্ৰত তেলেতীয়া মলিৰ কণিকাবোৰ সংগৃহীত হয়। সেয়েহে কাপোৰবোৰ জোকাৰিলে কাপোৰৰ পৃষ্ঠৰ পৰা এই মাইচেলবোৰ ওপৰলৈ উঠি আহি পানীৰ লগত মিহলি হৈ উটি যায়, যাৰ ফলত কাপোৰখন পৰিষ্কাৰ হৈ পৰে। এইবাবে ধোৱাৰ সময়ত কাপোৰবোৰ জোকাৰিব লাগে।

অনুশীলনীৰ প্ৰশ্নোত্তৰ

প্রশ্ন 1. CH3CI ৰ উদাহৰণ লৈ সহযোজী বান্ধনিৰ স্বৰূপ ব্যাখ্যা কৰা।

উত্তৰ : যি ৰাসায়নিক বান্ধনি দুটা পৰমাণুৰ মাজত ইলেক্ট্ৰনৰ ভাগ-বটোৱাৰাৰ দ্বাৰা সৃষ্টি হয়, তাক সহযোজী বান্ধনি বোলে। CH3CI অণুত এটা কাৰ্বন পৰমাণুৱে তিনিটা হাইড্ৰ’জেন পৰমাণুৰ লগত এডালকৈ আৰু এটা ক্ল’ৰিণ পৰমাণুৰ লগত এডাল মুঠ চাৰিডাল এক সহযোজী বান্ধনিৰে বান্ধ খাই থাকে। ইয়াৰ কাৰণ হ’ল কাৰ্বন পৰমাণুৱে ইয়াৰ বহিৰতম কক্ষৰ চাৰিটা ইলেক্ট্রন পৃথক পৃথককৈ তিনিটা হাইড্ৰ’জেন পৰমাণু আৰু এটা ক্ল’ৰিণ পৰমাণুৰ মুঠ চাৰিটা ইলেক্ট্ৰনৰ লগত ভাগ-বটোৱাৰা কৰে ।

প্রশ্ন 2. তলত দিয়াবিলাকৰ ইলেক্ট্রন বিন্দু গঠন লিখা—

(a) ইথানয়িক এচিড

উত্তৰ :

(b) H2S

উত্তৰ :

(c) প্ৰপান’ন

উত্তৰ :

(d) F2

উত্তৰ :

প্রশ্ন 3. সমগণীয় শ্রেণী কাক বোলে? উদাহৰণ দি বুজাই লিখা। [HSLC 2016,2019]

উত্তৰ: যি শ্ৰেণীৰ যৌগত একে কার্যকৰী মূলক উপস্থিত থাকে, সেই শ্ৰেণীটোক সমগণীয় শ্রেণী বোলে।

যেনে-

(i) এলকেন (CH4,C2H6, C3H8….)

(ii) এলক’হল (CH3OH, C2H5OH, C3H7OH…)

প্রশ্ন 4. ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰি ইথানল আৰু ইথানয়িক এচিডৰ পাৰ্থক্য লিখা।

উত্তৰ : (i) ভৌতিক ধৰ্মৰ পাৰ্থক্য :

ইথানলইথানয়িক এচিড
(i) ইয়াৰ প্ৰকৃতি প্ৰশম ৷

(ii) ইয়াৰ গলনাংক তুলনামূলকভাৱে কম (156K)।

(iii) ইয়াৰ উতলাংক তুলনামূলকভাৱে কম (351K)।

(iv) ইয়াৰ এক মৃদু গোন্ধ আছে।

(v) ইয়াৰ সোৱাদ বুকু জ্বলি যোৱা ধৰণৰ ৷
(i) ইয়াৰ প্ৰকৃতি আম্লিক।

(ii) ইয়াৰ গলনাংক তুলনামূলকভাৱে বেছি (290K)।

(iii) ইয়াৰ উতলাংক তুলনামূলকভাৱে বেছি (391K)।

(iv) ইয়াৰ গোন্ধ তীব্র।

(v) ইয়াৰ সোৱাদ টেঙা।

(ii) ৰাসায়নিক ধৰ্মৰ পাৰ্থক্য :

ইথানলইথানয়িক এচিড
(i) ইথানলে লিটমাছৰ লগত ক্রিয়া নকৰে।

(ii) ইথানলে ছ’ডিয়াম কার্বনেট বা ছ’ডিয়াম হাইড্ৰ’জেন কার্বনেটৰ লগত বিক্রিয়া নকৰে।

(iii) ইথানলে ছ’ডিয়াম ধাতুৰ লগত তুলনামূলকভাৱে কম তীব্ৰতাৰে বিক্রিয়া কৰে।
(i) ইথানয়কি এচিডে নীলা লিটমাছ দ্ৰৱৰ বৰণ ৰঙা কৰে।

(ii) ইথায়নিক এচিডে ছ’ডিয়াম কার্বনেট আৰু ছ’ডিয়াম হাইড্ৰ’জেনকার্বনেটৰ লগত বিক্ৰিয়া কৰি ছ’ডিয়াম ইথান’য়েট
লৱণ, কার্বন ডাইঅক্সাইড আৰু পানী উৎপন্ন কৰে।

(iii) ইথানয়িক এচিডে ছ’ডিয়াম ধাতুৰ লগত অধিক
তীব্রতাৰে বিক্ৰিয়া কৰি জুইৰ সৃষ্টি কৰে।

প্রশ্ন 5. পানীত চাবোন দিলে কিয় ফেন উঠে? বেলেগ দ্ৰাৱক যেনে ইথানলত ফেন উঠিবনে?

উত্তৰ : চাবোনৰ অণুবোৰ হৈছে দীঘল শৃংখলাযুক্ত কার্বক্সিলিক এচিডৰ ছ’ডিয়াম বা পটেছিয়াম লৱণ। চাবোনৰ আয়নীয় মেৰু পানীত দ্ৰৱণীয়। আনহাতে কার্বন শৃংখলডাল তেলত দ্ৰৱণীয়। আনহাতে বেছিভাগ মলি তেলীয় গুণযুক্ত। সেয়েহে পানীত চাবোন প্ৰয়োগ কৰিলে, চাবোনৰ অণুবোৰে পানীত এক সমুচ্ছায় সৃষ্টি কৰে, যাক মাইছেল বা কণাপুঞ্জ বোলে৷ ইয়াত অণুবোৰৰ কাৰ্বন শৃংখলবোৰ তেলৰ টোপালৰ ফালে আৰু আয়নীয় বা ধ্ৰুৱীয় মেৰুবোৰ বাহিৰৰ ফালে থাকে। ইয়ে পানীত অবদ্ৰৱ বা ইমালচন সৃষ্টি কৰে। এনেদৰে ফেনৰ সৃষ্টি হয় আৰু ই কাপোৰৰ মলি পানীত দ্ৰৱীভূত হোৱাত সহায় কৰে। বেলেগ দ্ৰাৱক যেনে ইথানলত ফেন নুঠে, কাৰণ চাবোনৰ কাৰ্বন শৃংখলবোৰ ইথানলত দ্ৰৱীভূত হ’ব।

প্রশ্ন 6. প্রায় সকলো ক্ষেত্ৰতে কাৰ্বন আৰু ইয়াৰ যৌগ ইন্ধন হিচাপে ব্যৱহাৰ হয়। কিয়?

উত্তৰ : কাৰণ কাৰ্বন আৰু ইয়াৰ যৌগসমূহে দহনৰ দ্বাৰা অতি উচ্চ পৰিমাণৰ তাপ উৎপন্ন কৰে।

প্রশ্ন 7. কঠিন পানীত চাবোন ব্যৱহাৰ কৰিলে গেদ কিদৰে সৃষ্টি হয় ব্যাখ্যা কৰা।

উত্তৰ : কঠিন পানীত কেলছিয়াম আৰু মেগনেছিয়াম আয়ন থাকে। চাবোনৰ অণুই কঠিন পানীত থকা এই আয়নবোৰৰ লগত ক্ৰিয়া কৰি এক অদ্ৰৱণীয় অধঃক্ষেপ বা গেদৰ সৃষ্টি কৰে।

প্রশ্ন 8. নীলা আৰু ৰঙা লিটমাছ কাগজেৰে চাবোন পৰীক্ষা কৰিলে কি দেখিবা?

উত্তৰ : নীলা লিটমাছ কাগজৰ বৰণ সলনি নহয়; আনহাতে ৰঙা লিটমাছ কাগজৰ বৰণ নীলা হয় । কাৰণ চাবোনৰ প্ৰকৃতি ক্ষাৰকীয়।

প্রশ্ন 9. হাইড্ৰ’জেনেচন মানে কি? ইয়াৰ ঔদ্যোগিক প্ৰয়োগ লিখা। [HSLC 2017]

উত্তৰঃ পেলাডিয়াম বা নিকেল অনুঘটকৰ উপস্থিতিত অসংপৃক্ত হাইড্ৰ’কার্বনৰ লগত হাইড্ৰ’জেন যোগ কৰি সংপৃক্ত হাইড্ৰ’কার্বন উৎপন্ন কৰা হয়। এই প্রক্রিয়াক হাইড্ৰ’জেনেচন বোলে।

ঔদ্যোগিক প্রয়োগ: নিকেল অনুঘটকৰ উপস্থিতিত উদ্ভিদৰ তেল হাইড্ৰ’জেনযুক্ত কৰি বনস্পতি ঘি প্ৰস্তুত কৰিবলৈ কিছুমান উদ্যোগত এই প্রক্রিয়া ব্যৱহাৰ কৰা হয়।

প্রশ্ন 10. তলৰ কোনবিলাক হাইড্ৰ’কার্বনে যোগাত্মক বিক্রিয়া দেখুৱায়?

C2H6, C2H8 ,C3H6, C2H2 আৰু CH4 [HSLC 2016,2019]

উত্তৰ : C2H6 আৰু C2H2

প্রশ্ন 11. মাখন আৰু খোৱাতেলৰ মাজত পাৰ্থক্য দেখুৱাব পৰা এটা পৰীক্ষা বর্ণনা কৰা।

উত্তৰঃ খোৱাতেল হ’ল অসংপৃক্ত কার্বন যৌগ আৰু মাখন হ’ল সংপৃক্ত কার্বন যৌগ। এতিয়া দুটা পৰীক্ষানলত সমান পৰিমাণে খোৱাতেল আৰু মাখন লৈ প্ৰতিটোতে এটোপালকৈ তৰল ব্ৰ’মিণ যোগ কৰা হ’ল। এতিয়া দেখা যাব যে খোৱাতেলত ব্ৰ’মিণৰ মুগা বৰণ নাইকিয়া হৈছে, কাৰণ এইক্ষেত্ৰত খোৱাতেলে ব্ৰ’মিণৰ লগত বিক্ৰিয়া কৰিছে। আনহাতে মাখনত ব্ৰ’মিণৰ বৰণ নাইকিয়া নহয়, কাৰণ এইক্ষেত্ৰত মাখনৰ অণুই ব্ৰ’মিণৰ লগত বিক্রিয়া নকৰে।

প্রশ্ন 25. চাবোনৰ মলি আঁতৰোৱাৰ প্ৰক্ৰিয়া ব্যাখ্যা কৰা।

উত্তৰ : চাবোনৰ অণুবোৰ হ’ল দীঘল শৃংখলযুক্ত কার্বক্সিলিক এচিডৰ ছ’ডিয়াম বা পটেছিয়াম লৱণ। চাবোনৰ আয়নীয় মেৰু পানীত দ্ৰৱণীয়, আনহাতে কার্বন শৃংখল তেলত দ্ৰৱণীয়। আকৌ বেছিভাগ মলি তেলীয়া গুণযুক্ত। সেয়েহে পানীত চাবোন প্রয়োগ কৰিলে চাবোনৰ অণুবোৰ পানীত এক সমুচ্ছায় সৃষ্টি কৰে, যাক মাইছেল বা কণাপুঞ্জ বোলে। ইয়াত চাবোনৰ অণুবোৰৰ কাৰ্বন শৃংখলবোৰ তেলৰ টোপালৰ ফালে আৰু আয়নীয় বা ধ্ৰুৱীয় মেৰুবোৰ বাহিৰৰ ফালে থাকে। ইয়ে পানীত এক অবদ্ৰৱ বা ইমালচনৰ সৃষ্টি কৰে। তেলীয়া মলিৰ কণিকাবোৰ মাইচেলৰ কেন্দ্ৰত জমা হয় আৰু মাইচেলৰ সৈতে ওপঙি উঠা মলিবোৰ সহজতে পানীৰে ধুই আঁতৰাব পাৰি।

অতিৰিক্ত প্রশ্নোত্তৰ

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন 1. সহযোজী বান্ধনি কাক বোলে?

উত্তৰঃ দুটা পৰমাণুৰ মাজত ইলেক্ট্রন ভাগ-বাটোৱাৰা হৈ গঠন হোৱা বান্ধনিক সহযোজী বান্ধনি বোলে।

প্রশ্ন 2. সহযোজী যৌগ কি?

উত্তৰ : দুটা পৰমাণুৰ মাজত ইলেক্ট্রন ভাগ-বাটোৱাৰাৰ ফলত উৎপন্ন হোৱা যৌগক সহযোজী যৌগ বোলে।

প্রশ্ন 3. সহযোজী যৌগৰ গলনাংক আৰু উলতাংক নিম্ন কিয়?

উত্তৰ : কাৰণ, সহযোজী যৌগৰ অণুবিলাকৰ মাজৰ আন্তঃআণৱিক বল নিচেই কম। সেয়েহে কম পৰিমাণৰ তাপশক্তি প্রয়োগ কৰিয়েই অণুৰ মাজৰ এই বল অতিক্ৰম কৰিব পাৰি।

প্রশ্ন 4. সহযোজী যৌগবোৰ বিদ্যুতৰ অপৰিবাহী কিয়?

উত্তৰ: কাৰণ, সহযোজী যৌগসমূহ পৰমাণুৰ মাজত ইলেক্ট্রন ভাগ-বাটোৱাৰাৰ দ্বাৰা সৃষ্টি হয়। সেয়েহে এনে যৌগত আয়ন বা কোনো আহিত কণিকা নাথাকে যাৰ ফলত ইহঁত বিদ্যুতৰ অপৰিবাহী হয়।

প্রশ্ন 5. কেটিনেচন কি? [HSLC 2020]

উত্তৰ : কার্বনে আন কাৰ্বন পৰমাণুৰ লগত বান্ধনি গঠন কৰি দীঘল শৃংখলেৰে বৃহৎ আকাৰৰ অণু গঠন কৰিব পাৰে। এই ধৰ্মটোক কেটিনেচন বোলে।

প্রশ্ন 6. কার্বন যৌগবোৰ সুস্থিৰ কিয়?

উত্তৰ : কার্বনে আন কাৰ্বন পৰমাণু বা বেলেগ মৌলৰ পৰমাণুৰ লগত দৃঢ় বান্ধনি গঠন কৰে, যাৰ বাবে কাৰ্বনৰ যৌগবোৰ অতিকৈ সুস্থিৰ হয় । কাৰ্বনে দৃঢ় বান্ধনি গঠন কৰাৰ এটা কাৰণ হ’ল—ইয়াৰ ক্ষুদ্ৰ আকাৰ যাৰ ফলত পৰমাণুগৰ্ভত থকা প্ৰট’নবিলাকে ভাগ-বাটোৱাৰা কৰা ইলেক্ট্রনৰ যোৰবোৰক আকৰ্ষণ কৰি ধৰি ৰাখিব পাৰে।

প্রশ্ন 7. সংপৃক্ত কার্বন যৌগবোৰ কি?

উত্তৰ: যিবিলাক কার্বন যৌগত কাৰ্বন পৰমাণুবোৰৰ মাজত কেৱল এক বান্ধনি থাকে, তেনে যৌগক সংপৃক্ত কার্বন যৌগ বোলে। যেনে— ইথেন, প্ৰ’পেন।

প্রশ্ন ৪. অসংপৃক্ত কার্বন যৌগবোৰ কি? [HSLC 2022]

উত্তৰ: যিবিলাক কাৰ্বন যৌগত কাৰ্বন পৰমাণুবোৰৰ মাজত অন্ততঃ এডাল দ্বি-বান্ধনি বা ত্রিবান্ধনি থাকে, তেনে যৌগক অসংপৃক্ত কার্বন যৌগ বোলে।

প্রশ্ন 9. গঠন সমযোজী যৌগ কাক বোলে?

উত্তৰঃ যিবিলাক যৌগৰ আণৱিক সংকেত একে, কিন্তু গঠন সংকেত বেলেগ বেলেগ, তেনে যৌগক গঠন সমযোজী যৌগ বোলে।

প্রশ্ন 10. চাইক্ল’হেক্সেনৰ আণৱিক সংকেত লিখা আৰু ইয়াৰ গঠন আঁকা।

উত্তৰঃ C6H12

প্রশ্ন 11. বেনজিনৰ আণবিক সংকেত লিখা আৰু ইয়াৰ গঠন দেখুওৱা।

উত্তৰ : C6H6

প্রশ্ন 12. হাইড্ৰ ‘কার্বনবোৰ কি?

উত্তৰঃ যিবিলাক কাৰ্বন যৌগত কেৱল কাৰ্বন আৰু হাইড্ৰ’জেন থাকে, তেনে যৌগক হাইড্ৰ’কার্বন বোলে৷

প্রশ্ন 13. এলকেনবোৰ কি?

উত্তৰ : যিবিলাক হাইড্ৰ’কাৰ্বনত কাৰ্বন পৰমাণুৰ মাজত কেৱল একবান্ধনি থাকে, সিহঁতক সংপৃক্ত হাইড্ৰ’কার্বন বা এলকেন বোলে। যেনে – ইথেন, প্রপেন।

প্রশ্ন 14. এলকিনবোৰ কি?

উত্তৰঃ যিবোৰ হাইড্ৰ’কাৰ্বনত কাৰ্বন পৰমাণুবোৰৰ মাজত অন্ততঃ এডাল দ্বি-বান্ধনি থাকে, তেনে অসংপৃক্ত হাইড্ৰ’কার্বনক এলকিন বোলে। যেনে – ইথিন, প্রপিন।

প্রশ্ন 15. এলকাইনবোৰ কি?

উত্তৰঃ যিবোৰ হাইড্ৰ’কাৰ্বনত কাৰ্বন পৰমাণুবোৰৰ মাজত অন্ততঃ এডাল ত্ৰি-বান্ধনি থাকে, তেনে অসংপৃক্ত হাইড্ৰ’কার্বনক এলকাইন বোলে। যেনে – ইথাইন, প্র’পাইন।

প্রশ্ন 16. এলকেনৰ সাধাৰণ সংকেতটো লিখা।

উত্তৰঃ CnH2n+2 (য’ত n = 1, 2, 3, 4,…)

প্রশ্ন 17. এলকিনৰ সাধাৰণ সংকেত কি?

উত্তৰঃ CnH2n (য’ত n = 2, 3, 4,…..)

প্রশ্ন 18. এলকাইনৰ সাধাৰণ সংকেত কি?

উত্তৰঃ CnH2n-2 (য’ত n = 2, 3, 4,…)

প্রশ্ন 19. বিষম পৰমাণু কি?

উত্তৰ : একেডাল হাইড্ৰ’কার্বন শৃংখলত এক বা ততোধিক হাইড্ৰ’জেন পৰমাণু আন মৌল যেনে হেল’জেন, নাইট্ৰ’জেন, ছালফাৰ আদিৰ দ্বাৰা প্রতিস্থাপিত কৰিব পাৰি। এনে মৌলসমূহক বিষম পৰমাণু বোলে৷

প্রশ্ন 20. কাৰ্যকৰী মূলক কাক বোলে?

উত্তৰঃ বিষম পৰমাণুবোৰে অকলশৰীয়াকৈ বা সিহঁতৰ একো একোটা থূপ বা মূলকৰ উপস্থিতিয়ে কার্বন যৌগবোৰৰ ধৰ্ম নিৰ্ধাৰণ কৰে। সেয়েহে এই মূলকবোৰক কাৰ্যকৰী মূলক বোলে।

প্রশ্ন 21. তলৰ কাৰ্যকৰী মূলকবোৰৰ সংকেত লিখা।

(a) এলক’হল (b) এলডিহাইড (c) কিটন (d) কার্বক্সিলিক এচিড়

উত্তৰ: (a) -OH

(b)

(c)

(d)

প্রশ্ন 22. তলৰ যৌগবোৰৰ নাম লিখা।

(a) [HSLC 2019]

উত্তৰঃ পেণ্টাইন।

(b) [HSLC 2019]

উত্তৰঃ প্রপানেল।

(c)

উত্তৰঃ ক্ল’ৰ’প্ৰপেন।

(d)

উত্তৰঃ মিথানয়িক এচিড

(e)

উত্তৰঃ বিউটিন।

প্রশ্ন 23. তলৰ যৌগবোৰৰ গঠন চিত্র আঁকা।

(a) প্রপানন। [HSLC 2019]

উত্তৰ :

(b) প্রপানয়িক এচিড

উত্তৰ :

(c) ক্ল’ৰ হৈক্সেন

উত্তৰ :

(d) পেন্টানেল

উত্তৰ :

(e) বিউটানল

উত্তৰ :

প্রশ্ন 24. তলত দিয়াবোৰৰ ইলেক্ট্রন বিন্দু গঠন আঁকা।

(a) ইথেন। [HSLC 2016]

উত্তৰ: ইথেন (C2H6)

(b) মিথেন

উত্তৰ : মিথেন (CH4)

(c) ইথিন

উত্তৰ : ইথিন (C2H4)

(d) ইথাইন

উত্তৰ: ইথাইন (C2H2)

(e) এম নিয়া

উত্তৰ: এম’নিয়া (NH3)

(f) অক্সিজেন অণু

উত্তৰ : অক্সিজেন অণু (O2)

(g) নাইট্ৰ’জেন অণু

উত্তৰ : নাইট্ৰ’জেন অণু (N2)

(h) প্রপানল [HSLC 2022]

উত্তৰ :

(i) প্রপাইন [HSLC 2022]

উত্তৰ :

প্রশ্ন 25. কার্বন যৌগৰ দহন বিক্ৰিয়াৰ এটা উদাহৰণ দিয়া। [HSLC 2016]

উত্তৰ : CH4+20₂ → CO2 + 2H2O + তাপ আৰু পোহৰ

(মিথেন)

প্রশ্ন 26. ইথানল বায়ুত দাহিত কৰিলে সংঘটিত হোৱা বিক্ৰিয়াটো লিখা।

উত্তৰ : CH3CH2OH + 302 → 2CO2 + 3H2O + তাপ আৰু পোহৰ

(ইথানল)

প্রশ্ন 27. ক্ষাৰকীয় KMnO4 নাইবা আম্লিক K2Cr2O7 ৰ সৈতে ইথানলক উত্তপ্ত কৰিলে কি ঘটে? বিক্ৰিয়াটোৰ প্ৰয়োজনীয় ৰাসায়নিক সমীকৰণ লিখা। [HSLC 2018, 2022]

উত্তৰ : ইথানল জাৰিত হৈ ইথানয়িক এচিড উৎপন্ন হয়।

প্রশ্ন 28. নিকেল অনুঘটকৰ উপস্থিতিত উদ্ভিদৰ তেল হাইড্ৰ’জেনযুক্ত কৰি বনস্পতি ঘি প্রস্তুত কৰিবলৈ কেনেধৰণৰ বিক্রিয়া সংঘটিত কৰা হয় ?

উত্তৰ : যোগাত্মক বিক্রিয়া।

প্রশ্ন 29. হাইড্ৰ’কাৰ্বনৰ এটা প্রতিস্থাপন বিক্ৰিয়াৰ উদাহৰণ দিয়া। [HSLC 2016]

উত্তৰ: CH4 + CI2 CH3CI+HCI (সূৰ্যৰ পোহৰত)

প্রশ্ন 30. ভিনেগাৰ কি?

উত্তৰ : এচেটিক এচিডৰ 5–8% জলীয় দ্ৰৱণক ভিনেগাৰ বোলে।

প্রশ্ন 31. ভিনেগাৰৰ এটা উল্লেখযোগ্য ব্যৱহাৰ লিখা।

উত্তৰ : আচাৰ সংৰক্ষণত ইয়াক ব্যৱহাৰ কৰা হয়।

প্রশ্ন 32.বিশুদ্ধ ইথানয়িক এচিডক কিয় গ্লেচিয়েল এচেটিক এচিড বোলা হয়?

উত্তৰ : ইথানয়িক এচিডৰ গলনাংক 290K আৰু সেয়েহে ই ঠাণ্ডা জলবায়ুৰ দেশত শীতকালত গোট মাৰে। ইয়াৰ বাবে ইয়াক গ্লেচিয়েল এচেটিক এচিড বোলে।

প্রশ্ন 33. ইথানয়িক এচিড কাৰ্বন যৌগৰ কোনটো শ্ৰেণীৰ অন্তৰ্ভুক্ত এবিধ যৌগ?

উত্তৰ : কার্বক্সিলিক এচিড শ্ৰেণীৰ।

প্রশ্ন 34. এষ্টাৰ্ভিৱন বিক্রিয়া কি? [HSLC 2019]

উত্তৰ : এচিড অনুঘটকৰ উপস্থিতিত কার্বক্সিলিক এচিড আৰু এলকহলৰ মাজত বিক্রিয়া ঘটিলে সাধাৰণতে এষ্টাৰ উৎপন্ন হয়। এনে বিক্রিয়াক এষ্টাৰিৰ্ভৱন বিক্রিয়া বোলে৷

প্রশ্ন 35. এচিড অনুঘটকৰ উপস্থিতিত ইথানয়িক এচিডৰ লগত ইথানলৰ বিক্ৰিয়া ঘটিলে উৎপন্ন হোৱা পদাৰ্থটোৰ নাম আৰু গঠন লিখা। [HSLC 2019]

উত্তৰ : এষ্টাৰ (ইথাইল ইথান’য়েট)।

গঠন :

প্রশ্ন 36. এষ্টাৰ কি ?

উত্তৰ : এষ্টাৰ হ’ল কাৰ্বক্সিলিক এচিড আৰু এলকহলৰ মাজত বিক্রিয়া ঘটি উৎপন্ন হোৱা এবিধ সুগন্ধি ৰাসায়নিক দ্রব্য।

প্রশ্ন 37. এষ্টাৰৰ দুটা ব্যৱহাৰ লিখা।

উত্তৰ : (i) পাৰফিউম প্রস্তুত কৰিবলৈ।

(ii) খাদ্য সুস্বাদুকাৰক হিচাপে।

প্রশ্ন 38. চাবোন কি?

উত্তৰঃ চাবোন হ’ল দীঘল শৃংখলযুক্ত কার্বক্সিলিক এচিডৰ ছ’ডিয়াম বা পটেছিয়ান লৱণ।

প্রশ্ন 39. অপমার্জক কি?

উত্তৰঃ অপমাৰ্জকবোৰ হ’ল দীঘল শৃংখলযুক্ত ছালফ ‘নিক এচিডৰ এম নিয়াম লবণ।

প্রশ্ন 40. অপমাৰ্জকৰ দুটা ব্যৱহাৰ লিখা।

উত্তৰঃ(i) চেম্পু প্ৰস্তুত কৰিবলৈ।

(ii) কাপোৰ ধোৱা নিকাৰক প্ৰস্তুত কৰিবলৈ।

প্রশ্ন 41. কঠিন পানীত অপমাৰ্জকবোৰ কিয় কার্যক্ষম হৈ থাকে?

উত্তৰ : কাৰণ অপমাজকৰ অণুৰ আহিত মেৰুবোৰে কঠিন পানীত থকা কেলচিয়াম আৰু মেগনেছিয়াম আয়নৰ লগত বিক্ৰিয়া কৰি অদ্ৰৱণীয় অধঃক্ষেপ বা গেদৰ সৃষ্টি নকৰে।

প্রশ্ন 42. যোগাত্মক বিক্রিয়া দেখুওৱা দুটা হাইড্ৰ’কাৰ্বনৰ নাম লিখা। [HSLC 2019]

উত্তৰ : ইথিন (C2H4) আৰু ইথাইন (C2H2)।

প্রশ্ন 43. তলৰ কোনবোৰ একে সমগণীয় শ্ৰেণীৰ অন্তৰ্গত ? [HSLC 2017]

C3H8, C4H8, C4H6, C3H6

উত্তৰ : C4H8 আৰু C3H6

চমু প্রশ্নোত্তৰ

প্রশ্ন 1. কাৰ্বনে ৰাসায়নিক বিক্ৰিয়াত চাৰিটা ইলেক্ট্রন গ্রহণ বা ত্যাগ নকৰি আন কাৰ্বন পৰমাণু বা আন মৌলৰ পৰমাণুৰ লগত ইহঁতৰ ভাগ-বাটোৱাৰা কৰিহে অণু গঠন কৰে কিয়?

উত্তৰ: কাৰ্বন পৰমাণুৱে চাৰিটা ইলেক্ট্রন গ্ৰহণ বা ত্যাগ কৰিব নোৱাৰে। ইয়াৰ কাৰণ হ’ল—

(i) কাৰ্বন পৰমাণুৱে চাৰিটা ইলেক্ট্রন গ্ৰহণ কৰি C+ এনায়ন গঠন কৰিব নোৱাৰে। কাৰণ এনে ক্ষেত্ৰত কাৰ্বন পৰমাণুৰ নিউক্লিয়াছত থকা ছয়টা প্র’টনে দহটা ইলেক্ট্রন ধৰি ৰখাটো সম্ভৱপৰ নহয়।

(ii) কাৰ্বন পৰমাণুৱে চাৰিটা ইলেক্ট্রন ত্যাগ কৰি C4+ কেটায়ন গঠন কৰিব নোৱাৰে। কাৰণ এনে ক্ষেত্ৰত নিজৰ বহিৰতম কক্ষৰ পৰা চাৰিটা ইলেক্ট্রন আঁতৰাবলৈ ইয়াক বহু পৰিমাণৰ শক্তিৰ প্ৰয়োজন হ’ব, যিটো উপলব্ধ নহয় ।

প্রশ্ন 2. সহযোজী যৌগ কাক বোলে ? এনে যৌগৰ দুটা উল্লেখযোগ্য ধর্ম লিখা।

উত্তৰ: দুটা পৰমাণুৰ মাজত ইলেক্ট্রনৰ ভাগ-বাটোৱাৰা হৈ গঠন হোৱা যৌগক সহযোজী যৌগ বোলে।

সহযোজী যৌগৰ দুটা ধৰ্ম হ’ল—

(i) ইহঁতৰ গলনাংক আৰু উতলাংক নিচেই কম।

(ii) ইহঁত বিদ্যুতৰ অপৰিবাহী।

প্রশ্ন 3. বিউটেন (C4H10) ৰ বাবে কেইটা গঠন সমযোজী আঁকিব পাৰিবা? প্ৰতিটোৰ নাম লিখা আৰু গঠনসংকেত আঁকা। [HSLC 2017,2020, 2022]

উত্তৰ: দুটা।

(i) n- বিউটেন

(ii) আইছ’ বিউটেন (2 মিথাইল প্রপেন)

প্রশ্ন 4. ব্ৰ’ম’বিউটেনৰ সমযোজীবোৰৰ গঠন সংকেত আঁকা। [HSLC 2020]

উত্তৰঃ (i) (1,ব্রম’রিউটেন)

(ii) (2,ব্র’ম’বিউটেন)

1 thought on “Class 10 Science Lesson 4| কাৰ্বন আৰু ইয়াৰ যৌগ | SEBA”

Leave a Comment

error: Content is protected !!