এচিড, ক্ষাৰক আৰু লৱণ|Class 10 Science| Lesson 2 | SEBA

প্রশ্ন 1. তোমাক তিনিটা পৰীক্ষানল দিয়া হৈছে। সিহঁতৰ এটাত পাতিত পানী, আৰু আন দুটাত ক্ৰমে এটা এচিড দ্ৰৱ আৰু এটা ক্ষাৰৰ্কীয় দ্ৰৱ আছে। যদি তোমাক কেৱল ৰঙা লিটমাছ কাগজ দিয়া হয়, তেন্তে প্ৰতিটো পৰীক্ষানলত থকা দ্ৰৱসমূহ কিদৰে চিনাক্ত কৰিবা? [HSLC 2019]

উত্তৰ : প্ৰথমতে ৰঙা লিটমাছ কাগজৰ টুকুৰাটো প্ৰতিটো পৰীক্ষানলৰ দ্ৰৱত্ত ডুবাই দিয়া হ’ল ৷ এতিয়া দেখা যাব যে এটা পৰীক্ষানলত ইয়াৰ বৰণ নীলালৈ সলনি হৈছে। এই পৰীক্ষানলটোত থকা দ্ৰৱটো ক্ষাৰৰ্কীয় হ’ব। এতিয়া এই নীলা লিটমাছ কাগজৰ টুকুৰাটো আন দুটা পৰীক্ষানলৰ দ্ৰৱত ডুবোৱা হ’ল৷ এতিয়া দেখা যাব যে ইয়াৰে এটা পৰীক্ষানলত নীলা লিটমাছ কাগজৰ বৰণ পুনৰ ৰঙালৈ পৰিৱৰ্তিত হৈছে। এই পৰীক্ষানলত থকা দ্ৰৱটো আম্লিক হ’ব। আনহাতে যিটো পৰীক্ষানলত ৰঙা আৰু নীলা এখনো লিটমাছ কাগজৰ বৰ্ণ সলনি নহয়, তাত থকা পদাৰ্থটো পাতিত পানী হ’ব।

প্রশ্ন 2. দৈ আৰু টেঙা খাদ্যবস্তু পিতল আৰু তামৰ পাত্ৰত থোৱা নহয় কিয়?

উত্তৰ : দৈ আৰু টেঙা খাদ্যবস্তুত এচিড থাকে। সেয়েহে ইহঁতক পিতল বা তামৰ পাত্ৰত থ’লে, এনে পদাৰ্থত থকা এচিডে পাত্ৰৰ ধাতুৰ লগত বিক্ৰিয়া কৰি ধাতুটোৰ লৱণ আৰু হাইড্ৰ’জেন গেছ উৎপন্ন কৰে। উৎপন্ন হোৱা লৱণবিধ স্বাস্থ্যৰ বাবে হানিকাৰক হ’ব পাৰে।

প্রশ্ন 3. এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ নির্গত হয় ?

এটা উদাহৰণেৰে সৈতে বুজাই লিখা। এই গেছটোৰ উপস্থিতি কিদৰে পৰীক্ষা কৰিবা ? [HSLC 2019]

উত্তৰ : হাইড্ৰ’জেন।

2Na + 2HCl → 2NaCl + H2

বিক্ৰিয়াত উৎপন্ন হোৱা গেছটোক এডাল নলীৰে বোৱাই নি চাবোন-পানীৰ মাজেৰে ঊর্ধ্বমুখী দিশত নিৰ্গত হ’বলৈ দিলে কিছুমান বুদ্ৰুদৰ সৃষ্টি হ’ব। ওপৰলৈ উঠি যোৱা এনে এটি বুদ্বুদৰ ওচৰত জ্বলি থকা মমবাটি এডাল ৰাখিলে বুবুদৰ ভিতৰৰ গেছটো ফট্‌ ফট্ শব্দ কৰি জ্বলিব । ইয়ে প্রমাণ কৰে যে বিক্ৰিয়াত উৎপন্ন গেছবিধ হাইড্ৰ’জেন গেছ।

প্রশ্ন 4. এটা ধাতৱ যৌগ A লঘু হাইড্ৰ’ক্ল’ৰিক এচিডৰে সৈতে বিক্ৰিয়া কৰি বুৰবুৰণিৰ সৃষ্টি কৰে। উৎপন্ন হোৱা গেছটোৱে এডাল জ্বলি থকা মম নুমুৱায়। বিক্রিয়াটোত উৎপন্ন হোৱা এটা যৌগ কেলছিয়াম ক্ল’ৰাইড হ’লে বিক্ৰিয়াটোৰ বাবে সন্তুলিত সমীকৰণটো লিখা। [HSLC 2019, 2022]

উত্তৰঃ CaCO3 + 2HCl → CaCl2 + CO2 + H2O

প্রশ্ন 5. জলীয় দ্ৰৱত HCI, HNO, ইত্যাদিয়ে কিয় আম্লিক ধর্ম দেখুৱায়, কিন্তু এলকহল আৰু গ্লুক’জৰ দৰে যৌগৰ দ্ৰৱই আম্লিক ধর্ম নেদেখুৱায় ?

উত্তৰ : কাৰণ জলীয় দ্ৰৱত HCI, HNO, আদিয়ে H’ আয়ন উৎপন্ন কৰে, কিন্তু এলক’হল আৰু গ্লুক’জৰ দৰে যৌগই জলীয় দ্ৰৱত H’ আয়ন উৎপন্ন নকৰে।

প্রশ্ন 6. এচিড এটাৰ জলীয় দ্ৰৱই কিয় বিদ্যুৎ পৰিবহণ কৰে? [HSLC 2022]

উত্তৰ: কাৰণ, এচিডে জলীয় দ্ৰৱত H’ আয়নৰ লগতে আন এটা এনায়ন মুক্ত কৰে। এখন বৈদ্যুতিক ক্ষেত্ৰত এই আয়নবোৰৰ চলাচলৰ দ্বাৰা এচিডৰ দ্ৰৱত বিদ্যুৎ পৰিবাহিত হয়।

প্রশ্ন 7. শুকান HCI গেছে কিয় শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটায় ?

উত্তৰ: কাৰণ পানীৰ অনুপস্থিতিত HCl গেছে H’ আয়ন মুক্ত কৰিব নোৱাৰে, যাৰ বাবে ই আম্লিক ধর্ম প্ৰদৰ্শন নকৰে আৰু লিটমাছ কাগজৰ ৰঙ সলনি নকৰে।

প্রশ্ন 8. এচিড এটা লঘু কৰোঁতে এচিড পানীত যোগ কৰিবলৈ কোৱা হয়, কিন্তু পানী এচিডত যোগ কৰিবলৈ কোৱা নহয় কিয়?

উত্তৰ : কাৰণ, এচিড পানীত দ্রবীভূত কৰাটো এটা অতিশয় তাপবর্জী প্রক্রিয়া। সেয়েহে গাঢ় এচিড এটাত যদি পানী যোগ কৰা হয়, এই প্রক্রিয়াত উৎপন্ন তাপৰ প্রভারত মিশ্ৰণটো বাহিৰলৈ উফৰি আহিব পাৰে আৰু ই আমাৰ শাৰীৰিক ক্ষতিসাধন কৰিব পাৰে।

আনহাতে ইয়াৰ সলনি গাঢ় এচিড এটা যদি লাহে লাহে পানীত যোগ কৰা হয় আৰু মিশ্ৰণটো অনবৰতে লৰাই থকা হয়, তেন্তে পানীয়ে এই প্ৰক্ৰিয়াত উৎপন্ন হোৱা তাপক শোষণ কৰি আমাক দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰে।

প্রশ্ন 9. এচিডৰ দ্ৰৱ এটা লঘু কৰোঁতে হাইড্ৰ’নিয়াম আয়ন (H2O ) ৰ গাঢ়তা কিদৰে পৰিৱৰ্তিত হয়?

উত্তৰ: প্রতি একক আয়তনত হাইড্ৰ ‘নিয়াম আয়নৰ গাঢ়তা কমে।

প্রশ্ন 10. ছ’ডিয়াম হাইড্ৰ’ক্সাইডৰ দ্ৰৱ এটাত অধিক ক্ষাৰক দ্ৰৱীভূত কৰিলে হাইড্ৰ’ক্সাইড আয়ন (OH) ৰ গাঢ়তা কিদৰে পৰিৱৰ্তিত হব ?

উত্তৰ : বৃদ্ধি হ’ব।

প্রশ্ন 11. তোমাৰ হাতত A আৰু B দুটা দ্ৰৱ আছে। দ্ৰৱ A ৰpH মান 6 আৰু দ্ৰৱ B ৰ pH মান ৪। কোনটো দ্ৰৱত হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি? কোনটো আম্লিক আৰু কোনটো ক্ষাৰকীয় ? [HSLC 2015, 2020]

উত্তৰ: দ্ৰৱ A ত হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি হ’ব। ইয়াৰে দ্ৰৱ A আম্লিক আৰু দ্ৰৱ B ক্ষাৰকীয়।

প্রশ্ন 12. দ্ৰৱ এটাৰ প্ৰকৃতিৰ ওপৰত H’(aq) আয়নৰ গাঢ়তাৰ কি প্ৰভাৱ থাকে?

উত্তৰ: H+(aq) আয়নৰ গাঢ়তা বৃদ্ধিৰ লগে লগে দ্ৰৱৰ আম্লিক ধৰ্মও বাঢ়ি যায়।

প্রশ্ন 13. ক্ষাৰকীয় দ্ৰৱত H+(aq) আয়ন থাকেনে? যদি থাকে, তেন্তে ইহঁত কিয় ক্ষাৰকীয়? [HSLC 2019]

উত্তৰ: থাকে। তথাপিও ইহঁত ক্ষাৰকীয়, কাৰণ এনে দ্ৰৱত H+(aq) আয়নৰ তুলনাত OH¯ অধিক পৰিমাণে থাকে।

প্রশ্ন 14. মাটিত কি অৱস্থাত কৃষক এজনে পোৰা চূণ (কেলছিয়াম অক্সাইড) বা শিথিলতা চণ (কেলছিয়াম হাইড্রক্সাইড) বা চক (কেলছিয়াম কার্বনেট) প্রয়োগ কৰিব বুলি তোমালোকে ভাবা?

উত্তৰ: যেতিয়া মাটি আম্লিকধর্মী হৈ থাকে।

প্রশ্ন 15. যৌগ CaOCl2 ৰ সাধাৰণ নামটো কি? [HSLC 2018]

উত্তৰঃ ব্লিচিং পাউদাৰ।

প্রশ্ন 16. ক্ল’ৰিণৰ সৈতে বিক্রিয়া কৰালে ব্লিচিং পাউদাৰ উৎপন্ন কৰা যৌগটোৰ নাম লিখা।

উত্তৰ: শুকান শিথিলিত চূণ।

প্রশ্ন 17. কঠিন পানী কোমল কৰাৰ কাৰণে ব্যৱহাৰ কৰা ছ’ডিয়াম যৌগটোৰ নাম লিখা। [HSLC 2016]

উত্তৰ : কাপোৰ ধোৱা ছ’ডা।

প্রশ্ন 18. ছ’ডিয়াম হাইড্ৰ’জেনকার্বনেটৰ দ্ৰৱ এটা উত্তপ্ত কৰিলে কি হয় ? বিক্ৰিয়াৰ সমীকৰণটো লিখা। [HSLC 2016]

উত্তৰ: ছ’ডিয়াম কার্বনেট, কার্বন ডাইঅক্সাইড আৰু পানী উৎপন্ন কৰে।

2NaHCO3 তাপ→ Na2CO3 + CO2 + H2O

প্রশ্ন 19. প্লাষ্টাৰ অব পেৰিছ আৰু পানীৰ মাজৰ বিক্ৰিয়াটো দেখুৱাবলৈ এটা সমীকৰণ লিখা। [HSLC 2017]

উত্তৰঃ CaSO4 .12H2O + 12 H20 →CaSO4.2H2O.

প্রশ্ন 20. সংঘটিত বিক্ৰিয়াৰ বাবে শব্দ সমীকৰণ আৰু সন্তুলিত সমীকৰণ লিখা,

যেতিয়া—

(a) লঘু ছালফিউৰিক এচিডে যিংকৰ গুড়িৰ সৈতে বিক্রিয়া কৰে।

(b) লঘু হাইড্ৰ’ক্ল’ৰিক এচিডে মেগনেছিয়াম ফিতাৰ সৈতে বিক্রিয়া কৰে।

(c) লঘু ছালফিউৰিক এচিডে এলুমিনিয়াম পাউদাৰৰ সৈতে বিক্রিয়া কৰে।

(d) লঘু হাইড্ৰ’ক্ল’ৰিক এচিডে লোৰ গুড়িৰ সৈতে বিক্রিয়া কৰে।

উত্তৰঃ

(a) যিংক + লঘু ছালফিউৰিক এচিড → যিংক ছালফেট +হাইড্ৰ’জেন

Zn + H2SO4 → ZnSO4 + H2

(b) মেগনেছিয়াম + লঘু হাইড্ৰ’ক্ল’ৰিক এচিড → মেগনেছিয়াম ক্ল’ৰাইড + হাইড্ৰ’জেন

Mg + 2HCI→ MgCl2 + H2

(c) এলুমিনিয়াম + লঘু ছালফিউৰিক এচিড → এলুমিনিয়াম ছালফেট + হাইড্ৰ’জেন

AI + 3H2SO4 → AI2(SO4)3 +3H2

(d) লো + লঘু হাইড্ৰ’ক্ল’ৰিক এচিড → আইৰণ ক্ল’ৰাইড + হাইড্ৰ’জেন

Fe + 2HCl → FeCl2 + H2

প্রশ্ন 21. এলকহল আৰু গ্লুক’জৰ দৰে যৌগবোৰতো হাইড্ৰ’জেন থাকে। কিন্তু সিহঁতক এচিড হিচাপে শ্রেণীভুক্ত কৰা হোৱা নাই। ইয়াক প্ৰমাণ কৰিবলৈ এটা পৰীক্ষা বর্ণনা কৰা।

উত্তৰ : এটা কৰ্কৰ ওপৰত দুটা গজাল বিন্ধাই কৰ্কটো 100mL বিকাৰ এটাত ৰখা হ’ল। গজাল দুটা, এটা বাল্ব আৰু এটা ছুইছৰ মাজেৰে 6V বেটাৰী এটাৰ মূৰ দুটাৰ সৈতে সংযোগ কৰা হ’ল। বিকাৰটোত অলঘু লঘু HCI ঢালি ছুইছটো টিপি বিদ্যুৎ প্রবাহ চালিত কৰিলে বাল্বটো জ্বলি উঠা দেখা যাব। আনহাতে বিকাৰটোত এলকহল আৰু গ্লুক’জৰ দ্ৰৱ লৈ পৃথকে পৃথকে পৰীক্ষাটো কৰি চালে বাল্বটো জ্বলি উঠা দেখা নাযাব। HCI দ্ৰৱৰ ক্ষেত্ৰত বাল্বটো জ্বলি উঠাটোৰে জবৰ মাজেৰে বিদ্যুৎ প্রবাহিত হোৱাটো সুচায়। আনহাতে দ্ৰৱৰ মাজেৰে প্ৰৱত থকা আয়নৰ জৰিয়তে বিদ্যুৎ প্রবাহিত হয়। HCI ত থকা কেটায়নটো হ’ল H+। ই বুজাইছে যে HCL যে জলীয় দ্রৱত H+(aq) আয়ন উৎপন্ন কৰিছে। সেয়েহে HCI যে আম্লিক ধর্ম দেখুৱায়। আনহাতে এলকহল বা গ্লুক’জৰ দ্ৰৱৰ ক্ষেত্ৰত বাল্বটো জ্বলি নুঠাটোৱে সূচাইছে যে এনে যৌগই জলীয় দ্ৰৱত H+(aq) আয়ন উৎপন্ন নকৰে, যদিও এনে যৌগবোৰতো হাইড্ৰ’জেন থাকে। এইবাবে ইহঁতক এচিড হিচাপে শ্রেণীভুক্ত কৰা হোৱা নাই।

প্রশ্ন22. পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে, কিন্তু বৰষুণৰ পানীয়ে কৰে কিয়?

উত্তৰ : পাতিত পানীত কোনো ধৰণৰ আয়ন নাথাকে। আনহাতে বৰষুণৰ পানী সামান্য আম্লিকধৰ্মী হোৱা বাবে ইয়াত H+ (aq) আৰু আন এবিধ এনায়ন থাকে। এই আয়নবোৰৰ জৰিয়তে বৰষুণৰ পানীৰ মাজেৰে বিদ্যুৎ পৰিবাহিত হয়।

প্রশ্ন 23. পানীৰ অনুপস্থিতিত এচিডে এচিড ধৰ্ম প্ৰদৰ্শন নকৰে কিয় ?

উত্তৰ : কাৰণ পানীৰ অনুপস্থিতিত এচিডে H’ আয়ন মুক্ত কৰিব নোৱাৰে।

প্রশ্ন 24. পাঁচটা দ্ৰৱ A, B, C, D আৰু E ক সাৰ্বজনীন সূচকেৰে পৰীক্ষা কৰাত pH ৰ মান ক্ৰমে 4, 1, 11, 7 আৰু 9 দেখুৱাইছিল। কোনটো দ্ৰৱ—

(a) প্ৰশম (b) তীব্র ক্ষাৰৰ্কীয় (c) তীব্র আম্লিক (d) মৃদু আম্লিক (e) মৃদু ক্ষাৰকীয়।

হাইড্ৰ’জেন আয়নৰ গাঢ়তাৰ বৰ্ধিত ক্ৰমত pH মানবোৰ সজোৱাঁ।

উত্তৰ: (a) D (b) C (c) B (d) A (e) E

হাইড্ৰ’জেন আয়নৰ গাঢ়তাৰ বৰ্ধিত ক্ৰমত pH মানবোৰ—

11<9<7<4 <1

প্রশ্ন 25. পৰীক্ষানল A আৰু Bত সমান সমান দৈৰ্ঘ্যৰ দুডাল মেগনেছিয়ামৰ ফিতা লোৱা হ’ল । পৰীক্ষানল A ত হাইড্ৰ’ক্ল’ৰিক এচিড (HCI) আৰু পৰীক্ষানল Bত এচেটিক এচিড যোগ কৰা হ’ল। এচিড দুটাৰ গাঢ়তা একে আৰু একে পৰিমাণেই লোৱা হৈছে। কোনটো পৰীক্ষানলত বেছি বেগেৰে বুৰবুৰণি ওলাব আৰু কিয় ?

উত্তৰ: পৰীক্ষা Aত। কাৰণ HCI এচিড এচেটিক এচিডৰ তুলনাত এক তীব্র এচিন্ত আৰু সেয়েহে মেগনেছিয়ামৰ লগত HCI এচিডে অধিক বেগেৰে বিক্রিয়া করে।

প্রশ্ন 26. কেঁচা গাখীৰৰ pH মান 6 । ই দৈত পৰিণত হ’লে pH সলনি হ’বনে? ব্যাখ্যা কৰা।

উত্তৰঃ হ’ব। কাৰণ ই দৈত পৰিণত হ’লে ইয়াত লেক্টিক এচিড উৎপন্ন হ’ব। এইবাবে কেঁচা গাখীৰ দৈত পৰিণত হ’লে ইয়াৰ pH মান 6 তকৈ কমিব ।

প্রশ্ন 27. এজন গোৱালে কেঁচা গাখীৰত সামান্য পৰিমাণৰ বেকিং ছ’ডা যোগ কৰিলে—

(a) কিয় তেওঁ কেঁচা গাখীৰৰ pH মান 6 ৰ পৰা সামান্যভাৱে ক্ষাৰকীয় কৰি ললে?

(b) এই গাখীৰখিনি দৈত পৰিণত হ’বলৈ বেছি সময় লাগে কিয় ?

উত্তৰ : (a) যাতে গাখীৰখিনি কেঁচা গাখীৰ হিচাপে বেছি সময়লৈ সংৰক্ষিত কৰিব পাৰি।

(b) কাৰণ, এই গাখীৰখিনিত উৎপন্ন লেক্টিক এচিডক ইয়াত থকা ক্ষাৰকে (বেকিং ছ’ডা) প্ৰথম অৱস্থাত প্রশমিত কৰে। পিছত অধিক পৰিমাণে লেক্টিক এচিড উৎপন্ন হৈ গাখীৰখিনিক আম্লিক কৰি ইয়াৰ pH মান 6 তকৈ কমাই তাক দৈত পৰিণত কৰে। এইবাবে এই গাখীৰখিনি দৈত পৰিণত হ’বলৈ বেছি সময় লয়।

প্রশ্ন 28. প্লাষ্টাৰ অব্ পেৰিছক জলীয় বাষ্প সোমাব নোৱাৰা পাত্ৰত থ’ব লাগে কিয়? ব্যাখ্যা কৰা।

উত্তৰ : কাৰণ প্লাষ্টাৰ অব পেৰিছ পানী বা জলীয় বাষ্পৰ সংস্পৰ্শলৈ আহিলে ই পানীৰ লগত বিক্ৰিয়া কৰি পুনৰ জীপচামলৈ পৰিণত হৈ এক কঠিন পদাৰ্থৰ সৃষ্টি কৰে।

এই প্ৰক্ৰিয়াৰ লগত জড়িত বিক্ৰিয়াটো হ’ল-

CaSO4. 1/2 H20+11/2 HO CaSO2HO

প্রশ্ন 29. প্রশমন বিক্রিয়া কি? দুটা উদাহৰণ দিয়া। [HSLC 2019]

উত্তৰ : এচিডে ক্ষাৰকৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে। এই বিক্ৰিয়াত এচিড আৰু ক্ষাৰক উভয়ে উভয়ক প্রশমিত কৰে বাবে এনে বিক্রিয়াক প্রশমন বিক্রিয়া বোলে ৷

যেনে – (i) HCl + NaOH→NaCl + H₂O

(ii) H2SO4 + Mg(OH)2→ MgSO4 + 2H2O

প্রশ্ন 30. কাপোৰ ধোৱা ছ’ডা আৰু বেকিং ছ’ডাৰ দুটাকৈ গুৰুত্বপূৰ্ণ ব্যৱহাৰ লিখা।

উত্তৰ : (i) কাপোৰ ধোৱা ছ’ডাৰ ব্যৱহাৰ :

(a) কাঁচ, চাবোন আৰু কাগজ উদ্যোগত।

(b) পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ।

(ii) বেকিং ছ’ডাৰ ব্যৱহাৰ :

(a) বেংকিং পাউদাৰ প্ৰস্তুত কৰিবলৈ ৷

(b) ছ’ডা—এচিড অগ্নি নির্বাপণ যন্ত্রত।

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন 1. এচিড কি ?

উত্তৰ:যিবোৰ পদাৰ্থই জলীয় দ্ৰৱত আয়নিত হৈ H’ আয়ন মুক্ত কৰে, সেইবিলাকক

এচিড বোলে।

প্রশ্ন 2. তীব্র এচিড কি?

উত্তৰ: যিবোৰ এচিডে জলীয় দ্ৰৱত সম্পূৰ্ণৰূপে আয়নিত হৈ অধিক পৰিমাণে H+ আয়ন মুক্ত কৰে, সেইবিলাকক তীব্র এচিড বোলে। যেনে – HCI, H2SO4, HNO3 আদি।

প্রশ্ন 3. মৃদু এচিড কি?

উত্তৰঃ যিবোৰ এচিডে জলীয় দ্ৰৱত সম্পূৰ্ণৰূপে আয়নিত নহয় আৰু কম পৰিমাণে H+ আয়ন মুক্ত কৰে, সেই বিলাকক মৃদু এচিড বোলে৷ যেনে – H2CO3, CH3COOH আদি৷

প্রশ্ন 4. ক্ষাৰক কাক বোলে?

উত্তৰঃ যিবিলাক পদাৰ্থই জলীয় দ্ৰৱত আয়নিত হৈ OH আয়ন মুক্ত কৰে, সেইবিলাকক ক্ষাৰক বোলে।

প্রশ্ন 5. তীব্র ক্ষাৰকবোৰ কি?

উত্তৰ : যিবিলাক ক্ষাৰকে জলীয় দ্ৰৱত সম্পূৰ্ণৰূপে আয়নিত হৈ অধিক পৰিমাণে OH মুক্ত কৰে, সেইবিলাকক তীব্র ক্ষাৰক বোলে। যেনে— NaOH, KOH আদি।

প্রশ্ন 6. মৃদু ক্ষাৰবোৰ কি?

উত্তৰঃ যিবিলাক ক্ষাৰকে জলীয় দ্ৰৱত সম্পূৰ্ণৰূপে আয়নিত নহয় আৰু কম পৰিমাণে OH¯ আয়ন মুক্ত কৰে, সেইবিলাকক মৃদু ক্ষাৰক বোলে। যেনে – Mg(OH)2, Al(OH)3 আদি।

প্রশ্ন 7. ক্ষাৰ বা এলকালি কি?

উত্তৰ: পানীত দ্ৰৱণীয় ক্ষাৰকবোৰক ক্ষাৰ বা এলকালি বোলে। যেনে – NaOH, KOH আদি।

প্রশ্ন 8. সূচক কি ?

উত্তৰঃ যিবিলাক পদার্থই আম্লিক আৰু ক্ষাৰকীয় মাধ্যমত ৰঙৰ পৰিৱৰ্তন কৰি এচিড আৰু ক্ষাৰকৰ চিনাক্তকৰণত সহায় কৰে, সিহঁতক অম্ল-ক্ষাৰক সূচক বা সূচক বোলে।

প্রশ্ন 9. দুবিধ প্রাকৃতিক সূচকৰ উদাহৰণ দিয়া।

উত্তৰঃ লিটমাছ, হালধী।

প্রশ্ন 10. দুবিধ সাংশ্লেষিক সূচকৰ নাম লিখা।

উত্তৰ : মিথাইল অৰেঞ্জ, ফিন’লথেলিন।

প্রশ্ন 11. ঘ্রাণেন্দ্ৰিক সূচক কি?

উত্তৰ: যিবিলাক পদাৰ্থই আম্লিক আৰু ক্ষাৰকীয় মাধ্যমত গোন্ধ সলনি কৰি এচিড আৰু ক্ষাৰ্কক চিনাক্ত কৰাত সহায় কৰে, সেইবিলাকক ঘ্রাণেন্দ্রিক সূচক বোলে।

প্রশ্ন 12. ঘ্রাণেন্দ্ৰিক সূচকৰ তিনিটা উদাহৰণ দিয়া ।

উত্তৰঃ পিয়াজ, লং, ভেনিলা।

প্রশ্ন 13. সার্বজনীন সূচক কি?

উত্তৰ: সাৰ্বজনীন সূচক হ’ল বহুকেইটা সূচকৰ এক মিশ্ৰণ, যিয়ে দ্ৰৱ এটাত হাইড্ৰ’জেন আয়নৰ ভিন ভিন গাঢ়তাত ভিন ভিন ৰং প্ৰদৰ্শন কৰে।

প্রশ্ন 14. এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ নিৰ্গত হয়?

উত্তৰঃ হাইড্ৰ’জেন।

প্রশ্ন 15. এচিডে ধাতৱ কার্বনেট বা হাইড্ৰ’জেন কার্বনেটৰ সৈতে বিক্ৰিয়া কৰিলে কোনটো গেছ নির্গত হয়?

উত্তৰ : কার্বন ডাইঅক্সাইড।

প্রশ্ন 16. এচিডে ক্ষাৰকৰ লগত বিক্ৰিয়া কৰিলে কি উৎপন্ন হয়?

উত্তৰ : লৱণ আৰু পানী।

প্রশ্ন 17. হাইড্ৰ’নিয়াম বা অক্স’নিয়াম আয়ন কি?

উত্তৰ : জলীয় দ্ৰৱত এচিডে উৎপন্ন কৰা H+ আয়নটোৱে লগে লগে পানীৰ লগত বিক্ৰিয়া কৰি H2O+ আয়ন গঠন কৰে। ইয়াক হাইড্ৰ’নিয়াম বা অক্স’নিয়াম আয়ন বোলে।

প্রশ্ন 18. এচিড আৰু ক্ষাৰকৰ লঘুকৰণে কি বুজায় ?

উত্তৰ: এচিড বা ক্ষাৰক পানীৰে সৈতে মিহলালে প্রতি একক আয়তনত H3O+ বা OH আয়নৰ গাঢ়তা হ্রাস পায়। এই প্রক্রিয়াক এচিড আৰু ক্ষাৰকৰ লঘুকৰণ বোলে।

প্রশ্ন 19. pH স্কেল কি? [HSLC 2015]

উত্তৰঃ দ্ৰৱত হাইড্ৰ’জেন আয়নৰ গাঢ়তা জুখিবলৈ এবিধ স্কেল উদ্ভাৱন কৰা হৈছে।এই স্কেলক pH স্কেল বোলে।

প্রশ্ন 20. pH স্কেলৰ পৰিসৰ কি ?

উত্তৰঃ 0 ৰ পৰা 14

প্রশ্ন 21. এচিড বৰষুণ কি? [HSLC 2022]

উত্তৰ : বৰষুণৰ পানীৰ pH মান 5.6 তকৈ কম হ’লৈ তাক এচিড বৰষুণ বোলা হয়।

প্রশ্ন 22. ক্ল’ৰ-এলকালি পদ্ধতি কি?

উত্তৰ : ছ’ডিয়াম ক্ল’ৰাইডৰ জলীয় দ্ৰৱ (ব্রাইন)ৰ মাজেৰে বিদ্যুৎ প্রবাহিত কৰিলে ই বিয়োজিত হৈ ছ’ডিয়াম হাইড্ৰ’ক্সাইড, ক্ল’ৰিণ আৰু হাইড্ৰ’জেন গেছ উৎপন্ন কৰে। এই পদ্ধতিক ক্ল’ৰ-এলকালি পদ্ধতি বোলে৷

প্রশ্ন 23. ব্লিচিং পাউদাৰৰ ৰাসায়নিক সংকেতটো লিখা।

উত্তৰ: CaOCl2

প্রশ্ন 24. বেকিং ছ’ডাৰ ৰাসায়নিক নাম কি? [HSLC 2018]

উত্তৰ: ছ’ডিয়াম হাইড্ৰ’জেনকার্বনেট।

প্রশ্ন 25. বেকিং পাউদাৰ কি?

উত্তৰ: বেকিং পাউদাৰ হ’ল বেকিং ছ’ডা আৰু টাৰটাৰিক এচিডৰ দৰে ভক্ষণীয়, মৃদু এচিডৰ মিশ্রণ।

প্রশ্ন 26. কাপোৰ ধোৱা ছ’ডাৰ ৰাসায়নিক সংকেত লিখা।

উত্তৰ: Na2CO3.10H2O

প্রশ্ন 27. কাপোৰ ধোৱা ছ’ডাৰ ৰাসায়নিক নাম কি?

উত্তৰ: আৰ্দ্ৰ ছ’ডিয়াম কার্বনেট।

প্রশ্ন 28. স্ফটিকাবদ্ধ জল কি?

উত্তৰ : স্ফটিকাবদ্ধ জল হ’ল লৱণ এটাৰ সংকেত এককত থকা নির্দিষ্ট সংখ্যক পানীৰ অণু।

প্রশ্ন 29. দুবিধ স্ফটিকাবদ্ধ জল থকা লৱণৰ উদাহৰণ দিয়া।

উত্তৰ: কপাৰ ছালফেট (CuSO4.5H2O), জিপছাম (CaSO4. 2H2O)

প্রশ্ন 30. প্লাষ্টাৰ অব পেৰিছ কি? [HSLC 2015]

উত্তৰ: প্লাষ্টাৰ অব পেৰিছ হ’ল এবিধ বগা পাউদাৰ যাক ৰাসায়নিকভাৱে কেলছিয়াম ছালফেট হেমিহাইড্রেট [CaSO4.1/2H2O] হিচাপে জনা যায় ।

প্রশ্ন 31. প্লাষ্টাৰ অব পেৰিছৰ সংকেতত পানীৰ অণু এটাৰ আধাহে সংযোজিত হৈ থকা দেখুওৱা হয় কিয়?

উত্তৰ: কাৰণ, CaSO4 ৰ দুটা সংকেত্ এককে পানীৰ এটা অণুক ধৰি ৰাখে৷

প্রশ্ন 32. প্লাষ্টাৰ অব পেৰিছ কেনেদৰে উৎপন্ন কৰা হয় ? [HSLC 2015]

উত্তৰ: জিপছামক 373K উষ্ণতাত উত্তপ্ত কৰিলে ই পানীৰ অণু হেৰুৱাই কেলছিয়াম ছালফেট হেমিহাইড্ৰেট বা প্লাষ্টাৰ অব পেৰিছত পৰিণত হয় ।

CaSO4.2H2O তাপ(373K) CaSO4.1/2H20 + 11/2 H2O

(জিপছাম) (প্লাষ্টাৰ অব পেৰিছ)

প্রশ্ন 33. লৱণ কি ?

উত্তৰ: লৱণ হ’ল এক ৰাসায়নিক যৌগ, যি এচিড আৰু ক্ষাৰকৰ বিক্ৰিয়াৰ ফলত উৎপন্ন হয়।

প্রশ্ন 34. হাইড্ৰ’ক্লৰিক এচিড আৰু ছ’ডিয়াম হাইড্ৰ’ক্সাইডৰ বিক্ৰিয়াৰ ফলত উৎপন্ন হোৱা লৱণবিধ কি ? বিক্ৰিয়াটো লিখা ৷

উত্তৰঃ ছ’ডিয়াম ক্ল’ৰাইড।

HCl + NaOH → NaCl + H2O

প্রশ্ন 35. ছ’ডিয়াম ক্ল’ৰাইড কি প্ৰকৃতিৰ লৱণ? ইয়াৰ pH মান কিমান?

উত্তৰ:প্রশম প্ৰকৃতিৰ। ইয়াৰ pH মান 7

প্রশ্ন 36. ক্ল’ৰ এলকালি পদ্ধতিৰে উৎপন্ন কৰা ছ’ডিয়াম যৌগটো কি?

উত্তৰ : ছ’ডিয়াম হাইড্রক্সাইড।

চমু প্রশ্নোত্তৰ

প্রশ্ন 1. এচিডে ধাতুৰ সৈতে কেনেদৰে বিক্রিয়া কৰে? এটা উদাহৰণসহ বুজাই লিখা।

উত্তৰ: লঘু এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰি ধাতুটোৰ লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে।

যেনে – Zn + H2SO4→ ZnSO4 + H2

প্রশ্ন 2. এচিডে ধাতব কার্বনেট আৰু ধাতব হাইড্ৰ’জেনকার্বনেটৰ সৈতে কিদৰে বিক্রিয়া কৰে? এটা উদাহৰণসহ বুজাই লিখা।

উত্তৰ : এচিডে ধাতৱ কার্বনেট আৰু ধাতব হাইড্ৰ’জেনকার্বনেটৰ সৈতে বিক্রিয়া কবি লৱণ, কার্বন ডাইঅক্সাইড আৰু পানী উৎপন্ন কৰে।

যেনে-

(i) Na2CO3 +2HCI→ 2NaCl + CO2 + H2O

(ii) NaHCO3 + HCI→ NaCl + CO2 + H2O

প্রশ্ন 3. এচিডে ধাতৱ কাৰ্বনেটৰ লগত বিক্ৰিয়া কৰিলে কি গেছ উদ্ভব হয়? এটা উদাহৰণৰ দ্বাৰা বুজাই লিখা। এই গেছবিধৰ উপস্থিতি কেনেদৰে পৰীক্ষা কৰিবা ?

উত্তৰ: কার্বন ডাইঅক্সাইড গেছ।

উদাহৰণ-

Na2CO3 + 2HCI → 2NaCl + CO2 + H2O

বিক্ৰিয়াত উদ্ভৱ হোৱা গেছবিধক এডাল নিৰ্গম নলীৰে বোৱাই নি সদ্যপ্ৰস্তুত চূণপানীৰ মাজেৰে পাৰ হৈ যাবলৈ দিয়া হ’ল৷ এতিয়া দেখা যাব যে চূণপানীখিনি ঘোলা হৈ পৰিছে। ইয়ে প্রমাণ কৰে যে বিক্ৰিয়াত উদ্ভৱ হোৱা গেছবিধ কার্বন ডাই অক্সাইড।

প্রশ্ন 4. কার্বন ডাই অক্সাইডক চূণপানীৰ মাজেৰে পাৰ হ’বলৈ দিলে চূণপানীখিনি কিয় ঘোলা হৈ পৰে? ঘোলা চূণপানীৰ মাজেৰে অতিৰিক্ত কার্বন ডাই অক্সাইড পঠালে চূণপানীখিনি পুনৰ ফটফটীয়া হৈ পৰে কিয় ? জড়িত বিক্ৰিয়াবোৰ লিখা।

উত্তৰ: কার্বন ডাই অক্সাইডক চূণপানীৰ মাজেৰে পাৰ হৈ যাবলৈ দিলে CO2 গেছে চূণপানী (কেলছিয়াম হাইড্ৰ’ক্সাইড)ৰ লগত বিক্ৰিয়া কৰি কেলছিয়াম কার্বনেটৰ বগা অধঃক্ষেপৰ সৃষ্টি কৰে, যাৰ বাবে চূণপানীখিনি ঘোলা হৈ পৰে।

Ca(OH)2 + CO2 → CaCO3 + H2O

(চূণপানী) (বগা অধঃক্ষেপ)

ঘোলা চূণপানীৰ মাজেৰে অতিৰিক্ত CO2 গেছ যাবলৈ দিলে কেলছিয়াম হাইড্ৰ’জেনকার্বনেট উৎপন্ন হয়, যি পানীত দ্ৰৱণীয়। এইবাবে ঘোলা চূণপানীখি পুনৰ ফটফটীয়া হৈ পৰে।

CaCO3 + H2O + CO2 → Ca(HCO3)2

(পানীত দ্ৰৱণীয়)

প্রশ্ন 5. এচিড আৰু ক্ষাৰকে পৰস্পৰৰ সৈতে কেনেদৰে বিক্রিয়া কৰে? এটা উদাহৰণৰ সৈতে বুজাই লিখা।

উত্তৰ : এচিড আৰু ক্ষাৰকে পৰস্পৰৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে।

যেনে – HCl + NaOH –→ NaCl + H2O

প্রশ্ন 16. ব্লিচিং পাউদাৰ প্ৰস্তুতিত ঘটা বিক্ৰিয়াৰ সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা। ব্লিচিং পাউদাৰৰ দুটা ব্যৱহাৰ লিখা। [HSLC 2016]

উত্তৰ : শুকান শিথিলিত চূণৰ লগত ক্ল’ৰিণৰ ক্ৰিয়াৰ দ্বাৰা ব্লিচিং পাউদাৰ প্ৰস্তুত কৰা হয়।

Ca(OH)2 + Cl2 → CaOCl2 + H2O

(ব্লিচিং পাউদাৰ)

ব্লিচিং পাউদাৰৰ দুটা ব্যৱহাৰঃ

(i) অনেক ৰাসায়নিক উদ্যোগত জাৰক পদার্থ হিচাপে।

(ii) খোৱা পানী বীজাণুমুক্ত কৰিবলৈ।

প্রশ্ন 17. বেকিং ছ’’ডাৰ ৰাসায়নিক নাম কি? ইয়াক কেনেদৰে প্ৰস্তুত কৰা হয়? ৰাসায়নিক সমীকৰণ লিখা।

[HSLC 2018]

উত্তৰঃ ছ’ডিয়াম হাইড্ৰ’জেন কার্বনেট।

বেকিং ছ’ডা ছ’ডিয়াম ক্ল’ৰাইডক এবিধ অন্যতম কেঁচা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰি তলত দিয়া বিক্ৰিয়াটোৰ সহায়ত প্ৰস্তুত কৰা হয়।

NaCl + H2O+CO2 + NH3 → NH4Cl+ NaHCO3

(বেকিং ছ’ডা)

প্রশ্ন 18. বেকিং পাউদাৰে পাউৰুটি বা কেক কেনেদৰে ফুলাই কোমল আৰু সোপোকা কৰে?

উত্তৰ:বেকিং পাউদাৰ হ’ল বেকিং ছ’ডা আৰু টাৰটাৰিক এচিডৰ দৰে ভক্ষণীয়, মৃদু এচিডৰ মিশ্ৰণ । বেকিং পাউদাৰ যেতিয়া গৰম কৰা হয় বা পানীত মিহলোৱা হয়, তেতিয়া তলৰ বিক্ৰিয়াটো ঘটে।

NaHCO3 + H+→ CO2 + H2O + এচিডৰ ছ’ডিয়াম লৱণ

(এচিডৰ পৰা)

এই বিক্ৰিয়াত উৎপন্ন হোৱা কাৰ্বন ডাইঅক্সাইড গেছে পাউৰুটি বা কেক ফুলাই কোমল আৰু সোপোকা কৰে।

প্রশ্ন.19. কাপোৰ ধোৱা ছড়া কেনেদৰে প্ৰস্তুত কৰা হয়? জড়িত বিক্ৰিয়াটো লিখা।

উত্তৰ : অনাৰ্দ্ৰ ছ’ডিয়াম কার্বনেট (Na2CO3) ৰ পুনঃ স্ফটিকীকৰণৰ দ্বাৰা কাপোৰ ধোৱা ছ’ডা প্ৰস্তুত কৰা হয়।

Na2CO3 + 10H20 → Na2CO3.10H2O

প্রশ্ন 20. এটা শুকান উতলন নলীত ক’পাৰ ছালফেটৰ অলপমান স্ফটিক তপতোৱা। তাপ দিয়াৰ পাছত কঁ’পাৰ ছালফেটৰ ৰংটো কি হৈছে? এই স্ফটিকবোৰ পিছত পানীৰে তিয়াই দিলে কি দেখিবা? কাৰণ দর্শোৱা ।

উত্তৰ : তাপ দিয়াৰ পাছত ক’পাৰ ছালফেটৰ স্ফটিকৰ নীলা বৰণ সলনি হৈ বগা হৈ পৰে। কাৰণ ক’পাৰ ছালফেটৰ স্ফটিকত স্ফটিকাবদ্ধ জল থাকে। তাপ দিলে এই পানী আঁতৰি লৱণটো নীলাৰ পৰা বগা হৈ পৰে।

আকৌ এই স্ফটিকবোৰ পানীৰে তিয়াই দিলে ইহঁতে পুনৰাই স্ফটিকাবদ্ধ জলযুক্ত হৈ নীলা হৈ পৰা দেখা যাব।

প্রশ্ন 21. প্লাষ্টাৰ অব পেৰিছৰ কেইটামান গুৰুত্বপূৰ্ণ ব্যৱহাৰ লিখা। [HSLC 2015]

উত্তৰ : (i) ডাক্তৰে ভগা হাড় সঠিক স্থানত ধৰি ৰাখিবলৈ প্লাষ্টাৰ হিচাপে ইয়াক ব্যৱহাৰ কৰে।

(ii) ইয়াক বেৰৰ পৃষ্ঠ মসৃণ কৰিবলৈ ব্যৱহাৰ কৰা হয়।

(iii) ইয়াক পুতলা আৰু ঘৰ সজোৱা সামগ্ৰী প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয়।

প্রশ্ন.22. ক্ল’ৰ এলকালি পদ্ধতি কি? জড়িত বিক্ৰিয়াৰ সন্তুলিত সমীকৰণ উল্লেখ কৰা। এই পদ্ধতিত উৎপন্ন পদাৰ্থসমূহৰ ব্যৱহাৰ লিখা।

উত্তৰ: ছ’ডিয়াম ক্ল’ৰাইডৰ জলীয় দ্ৰৱ (ব্রাইন)ৰ মাজেৰে বিদ্যুৎ প্রবাহিত কৰিলে ই বিয়োজিত হৈ ছ’ডিয়াম হাইড্ৰ’ক্সাইড, ক্ল’ৰিণ আৰু হাইড্ৰ’জেন উৎপন্ন কৰে। এই পদ্ধতিক ক্ল’ৰ-এলকালি পদ্ধতি বোলে।

2NaCl + 2H2O বিদ্যুৎ→ 2NaOH + Cl2 + H2

এই পদ্ধতিত ছ’ডিয়াম হাইড্ৰ’ক্সাইড, ক্ল’ৰিণ আৰু হাইড্ৰ’জেন উৎপন্ন হয়।

ব্যৱহাৰঃ (a) ছ’ডিয়াম হাইড্ৰ’ক্সাইডঃ (i) ধাতুৰ পৰা গ্ৰীজ আঁতৰাবলৈ

(ii) চাবোন, অপমাৰ্জক তৈয়াৰ কৰিবলৈ ৷

(iii) কাগজ তৈয়াৰ কৰিবলৈ

(iv) কৃত্ৰিম আঁহ তৈয়াৰ কৰিবলৈ।

(b) ক্ল’ৰিণ— (i) পানীৰ পৰিশোধনত।

(ii) পি. ভি. চি. প্রস্তুত কৰিবলৈ।

(iii) চি. এফ. চি. প্ৰস্তুত কৰিবলৈ।

(iv) কীটনাশক প্রস্তুত কৰিবলৈ।

(c) হাইড্ৰ’জেন – (i) ৰকেট ইন্ধন হিচাপে

(ii) ৰাসায়নিক সাৰৰ বাবে এম’নিয়া প্ৰস্তুত কৰিবলৈ।

(iii) হাইড্ৰ’ক্লৰিক এচিড প্ৰস্তুত কৰিবলৈ।

(iv) বনস্পতি ঘি প্রস্তুত কৰিবলৈ।

প্রশ্ন 23. দুটা পৰীক্ষানল A আৰু B হিচাপে চিহ্নিত কৰা। পৰীক্ষানল A0.5g মান ছ’ডিয়াম কার্বনেট (Na2CO3) আৰু পৰীক্ষানল B0.5g মান ছ’ডিয়াম হাইড্ৰ’জেন- কার্বনেট (NaHCO3) লোৱা। দুয়োটা পৰীক্ষানলত 2mL মানকৈ লঘু HCI যোগ কৰা।

(a) তুমি কি দেখিলা?

(b) পৰীক্ষা নল A আৰু Bত ঘটা বিক্ৰিয়াসমূহ লিখা।

(c) প্ৰতিটো পৰীক্ষানলত উৎপন্ন হোৱা গেছক চূণপানী (কেলছিয়াম হাইড্ৰ’ক্সাইড দ্ৰৱ)ৰ মাজেৰে পাৰ হ’বলৈ দিলে কি দেখিবা? জড়িত বিক্রিয়াটো লিখা।

উত্তৰ: (a) দুয়োটা পৰীক্ষানলত CO2 গেছৰ বুৰবুৰণি দেখা যাব।

(b) পৰীক্ষানল A : Na2CO3 + 2HCl→ 2NaCl + CO2 + H2O

পৰীক্ষানল B : NaHCO3 + HCI → NaCl + CO2 + H2O

(c) চূণপানীখিনি ঘোলা হোৱা দেখা যাব।

Ca(OH)2 + CO2 → CaCO3 + H2O

(বগা অধঃক্ষেপ)

প্রশ্ন 24. এটা পৰীক্ষানলত 5 mL লঘু ছালফিউৰিক এচিড লৈ তাত কেইটামান যিংকৰ দানা যোগ কৰা।

(a) যিংকৰ টুকুৰাবোৰৰ পৃষ্ঠত কি দেখিবা?

(b) বিক্ৰিয়াৰ সন্তুলিত সমীকৰণ লিখা।

(c) উদ্ভৱ হোৱা গেছক চাবোন পানীৰ মাজেৰে যাবলৈ দিলে চাবোন পানীত কিয় বুদ্বুদৰ সৃষ্টি হয় ?

(d) এডাল জ্বলি থকা মম গেছভৰ্তি বুদ্বুদ এটাৰ ওচৰত ৰাখিলে কি দেখিবা?

উত্তৰ: (a) যিংকৰ টুকুৰাবোৰৰ পৃষ্ঠত হাইড্ৰজেন গেছৰ বুৰবুৰণি উদ্ভৱ হোৱা দেখা যাব।

(b) Zn + H2SO4 → ZnSO4 + H2

(c) গপোন পানীৰ মাজেৰে পাৰ হৈ যোৱা গেছবিধক চাবোন পানীৰ পাতল আৱৰণী এখনে আৱৰি বুদ্বুদৰ সৃষ্টি কৰে।

(d) বুদ্বুদটো ফাটি তাৰ ভিতৰৰ গেছটো ফট্‌ ফট্ শব্দ কৰি জ্বলিব।

প্রশ্ন 25. এটা পৰীক্ষানলত যিংক ধাতুৰ কেইটামান টুকুৰা ৰাখা। 2mL ছ’ডিয়াম হাইড্ৰ’ক্সাইড দ্ৰৱ যোগ কৰি পৰীক্ষানলটো গৰম কৰা।

(a) তুমি কি দেখিবা।

(b) বিক্ৰিয়াৰ সম্বলিত সমীকৰণ লিখা।

উত্তৰঃ (a) হাইড্ৰ’জেন গেছৰ বুৰবুৰণিৰ সৃষ্টি হোৱা দেখা যাব।

(b) 2NaOH + Zn → Na2ZnO2 +H2

(ছ’ডিয়াম যিংকেট)

প্রশ্ন 26. এটা পৰিষ্কাৰ শুকান পৰীক্ষানলত 1g মান গোটা NaCl লোৱা আৰু তাত অলঘু গাঢ় ছালফিউৰিক এচিড যোগ কৰা। নির্গম নলীয়েদি এবিধ গেছ ওলোৱা দেখা যাব।

(a) গেছবিধ চিনাক্ত কৰা ।

(b) বিক্ৰিয়াৰ সন্তুলিত সমীকৰণ লিখা।

(c) উৎপন্ন হোৱা গেছটো ক্ৰমে শুকান আৰু সিক্ত নীলা লিটমাছ কাগজেৰে পৰীক্ষা কৰি চালে কি দেখিবা?

উত্তৰ: (a) হাইড্ৰ’জেন ক্ল’ৰাইড (HCI) গেছ।

(b) NaCl + H2SO4 → NaHSO4 + HCI

(c) উৎপন্ন হোৱা গেছটোৱে শুকান লিটমাছ কাগজৰ বৰণ সলনি নকৰে, কিন্তু সিক্ত নীলা লিটমাছ কাগজৰ বৰণ ৰঙা কৰে ৷

প্রশ্ন 27.এচিড বৰষুণে জলজ জীৱৰ ওপৰত কেনেদৰে প্ৰভাৱ বিস্তাৰ কৰে? [HSLC 2022]

উত্তৰ : জলজ উদ্ভিদ আৰু প্ৰাণীসমূহে pH মানৰ এক ক্ষুদ্ৰ পৰিস্ৰতহে ভালদৰে জীয়াই থাকিব পাৰে। এচিড বৰষুণে জলাশয়সমূহৰ পানীৰ pH মান কমাই এই পানীক আম্লিক কৰি তোলাৰ ফলত জলজ জীৱসমূহৰ বিভিন্ন জীৱন-প্ৰক্ৰিয়া বাধাগ্রস্ত হয়। উদাহৰণস্বৰূপে পানীৰ আম্লিকতা বাঢ়িলে জলজ প্রাণী যেনে মাছৰ কণীবোৰ নষ্ট হৈ যায় আৰু কিছুমান ক্ষেত্ৰত ডাঙৰ মাছবোৰো মৃত্যুমুখত পৰে।

1 thought on “এচিড, ক্ষাৰক আৰু লৱণ|Class 10 Science| Lesson 2 | SEBA”

Leave a Comment

error: Content is protected !!