Class 10 Science Lesson 11 I মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী I Question Answers SEBA

Class 10 Science Lesson 11 I মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী I Question Answers SEBA: আমাৰ ৱেবছাইটলৈ স্বাগতম! আপোনাৰ শৈক্ষিক যাত্ৰাৰ বাবে আপোনাক দশম শ্ৰেণীৰ Notes প্ৰদান কৰি আমি আনন্দিত।

নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ বছৰ কিয়নো তেওঁলোকে আগন্তুক ব’ৰ্ড পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰে, যি তেওঁলোকৰ শৈক্ষিক সফলতা নিৰ্ধাৰণ কৰিব।

আজি, এই প্ৰবন্ধটোত মই আপোনাৰ দশম শ্ৰেণীৰ “মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী” দীঘলয়া আৰু চুটি প্ৰশ্ন আলোচনা কৰিম| আমি প্ৰায় সকলো দীঘলয়া আৰু চুটি প্ৰশ্ন Solution প্ৰদান কৰিছোঁ।

আমাৰ লক্ষ্য হৈছে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰা। আমি ইয়াত বিনামূলীয়াকৈ Notes সমূহ প্ৰদান কৰিছো। আমি আপোনাক আগন্তুক পৰীক্ষাৰ বাবে শুভেচ্ছা জনাইছো। যদি আপোনাৰ কোনো সন্দেহ আছে তেন্তে আমাৰ সৈতে যোগাযোগ কৰক।

মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী Question Answers

পাঠ অন্তর্ভুক্ত প্রশ্নোত্তৰ

প্রশ্ন 1. চকুৰ উপযোজন ক্ষমতা কি? [HSLC 2016, 2019]

উত্তৰঃ চকুৰ লেন্‌ছৰ ফ’কাছ দৈৰ্ঘ্য সাল-সলনি কৰিব পৰা সামর্থ্যক চকুৰ উপযোজন ক্ষমতা বোলে।

প্রশ্ন 2. মায়’পিয়াগ্রস্ত চকু থকা মানুহ এজনে 1.2m তকৈ বেছি দূৰৰ বস্তু স্পষ্টকৈ দেখা নাপায়। যথোচিত দৃষ্টি ঘূৰাই আনিবলৈ কেনেধৰণৰ লেন্‌ছ ব্যৱহাৰ কৰিব লাগিব ?

উত্তৰঃ অৱতল লেন্‌ছ।

প্রশ্ন 3. স্বাভাবিক দৃষ্টিৰ মানুহ এজনৰ বাবে দূৰবিন্দু আৰু নিকটবিন্দু কি ? [HSLC 2015]

উত্তৰঃ দুৰবিন্দু – অসীম।

নিকটবিন্দু – চকুৰ পৰা প্ৰায় 25 ছে. মি.।

প্রশ্ন 4. ছাত্র এজনে শেষৰ বেঞ্চত বহিলে ব’ৰ্ডখনত চোৱাত অসুবিধা পায়। ল’ৰাজনে ভোগা বিকাৰটো কি হ’ব পাৰে? ইয়াৰ সংশোধন কেনেকৈ কৰিব পাৰি?

উত্তৰঃ মায়’পিয়া। অৱতল লেন্‌ছ ব্যৱহাৰ কৰি ইয়াৰ সংশোধন কৰিব পাৰি।

অনুশীলনীৰ প্রশ্নোত্তৰ

প্রশ্ন 1. মানুহৰ চকুৱে চকুৰ লেন্‌ছৰ ফ’কাছ দৈৰ্ঘ্য সাল-সলনি কৰি বিভিন্ন দূৰত্বত অৱস্থিত বস্তু ফ’কাছ কৰিব পাৰে। ইয়াৰ কাৰণ হ’ল—

(a) প্ৰেছবায়’পিয়া (b) উপযোজন ক্ষমতা

(c) নিকটদৃষ্টিগ্রস্ততা (d) দূৰদৃষ্টিগ্ৰস্ততা।

উত্তৰঃ (b) উপযোজন ক্ষমতা

প্রশ্ন 2. মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰাৰ স্থান –

(a) কর্ণিয়া (b) চকুৰ পতা (c) চকুৰ মণি (d) অক্ষিপট।

উত্তৰঃ (d) অক্ষিপট।

প্রশ্ন 3. নিয়মীয়া দৃষ্টিৰ সদ্য প্রাপ্তবয়স্কৰ বাবে স্পষ্টকৈ দেখা ন্যূনতম দূৰত্ব— [HSLC 2019]

(a) 25m (b) 2.5cm (c) 25cm (d) 2.5m

উত্তৰঃ (c) 25cm

প্রশ্ন 4. চকুৰ যি অংগৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্‌ছৰ ফ’কাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন হয়— [HSLC 2020]

(a) চকুৰ মণি (b) অক্ষিপট (c) চিলিয়াৰী পেশী (d) চকুৰ পতা।

উত্তৰঃ (c) চিলিয়াৰী পেশী।

প্রশ্ন 5. এজন মানুহৰ দূৰদৃষ্টিগ্ৰস্ততাৰ সংশোধনৰ বাবে +5.5 ডায়’প্টাৰ ক্ষমতাৰ লেন্‌ছৰ আৱশ্যক। তেওঁৰ নিকটগ্রস্ততাৰ সংশোধনৰ বাবে আৱশ্যকীয় লেন্‌ছৰ ক্ষমতা –1.5 ডায়’প্টাৰ হ’লে – (i) দূৰদৃষ্টিগ্ৰস্ততা (ii) নিকটগ্রস্ততাৰ সংশোধনৰ বাবে আৱশ্যক হোৱা লেন্‌ছৰ ফ’কাছ দৈর্ঘ্য কিমান?

[HSLC 2018]

উত্তৰঃ (i) দিয়া আছে, P= + 5.5D

f= ?

আমি জানো যে, P= 1/f ⇒ f = 1/P

⇒ f = 1/+5.5

⇒ f = 10/55

⇒ f = 2/11

⇒ f = 0.1818 m

⇒ f = 18.18 cm

(ii) দিয়া আছে, P = – 1.5D

f = ?

:. f = 1/P = 1/-1.5

= -10/15 = -2/3 = -0.666 m = -66.66 cm

প্রশ্ন 6. নিকটদৃষ্টিগ্রস্ত মানুহ এজনৰ দূৰবিন্দু চকুৰ সন্মুখত 80ছে. মি. দূৰত্বত। এই বিকাৰৰ সংশোধনৰ বাবে প্ৰয়োজন হোৱা লেন্‌ছৰ প্ৰকৃতি কি আৰু ক্ষমতা কিমান? [HSLC 2018]

উত্তৰঃ এই ক্ষেত্ৰত u = ∞ (অসীম)

v = – 80cm

f = ?

লেন্‌ছৰ সূত্ৰৰ পৰা, 1/v – 1/u = 1/f ⇒ 1/-80 – 1/-∞ = 1/f

⇒ -1/80 + 0 = 1/f [ 1/∞ = 0]

⇒ -1/80 = 1/f

⇒ f = -80 cm

⇒ f = -0.8 m

এতিয়া, লেন্‌ছৰ ক্ষমতা, P = 1/f ⇒ P = 1/-0.8

⇒ P = -10/8 = -5/4

⇒ P = -1.25 D

লেন্‌ছৰ প্ৰকৃতি অৱতল।

প্রশ্ন 7. দূৰদৃষ্টিগ্ৰস্ততাৰ সংশোধন দেখুৱাই ৰশ্মিচিত্র অংকন কৰা। দূৰদৃষ্টিগ্ৰস্ত চকু এটাৰ বাবে নিকটবিন্দু 1m । এই বিকাৰৰ সংশোধনৰ বাবে প্ৰয়োজন হোৱা লেন্‌ছৰ ক্ষমতা কিমান? ধৰি লোৱা স্বাভাৱিক চকুৰ বাবে নিকট বিন্দু 25 ছে. মি.। [HSLC 2016, 2022]

উত্তৰঃ

এই ক্ষেত্ৰত u = -25 cm

v = – 1m = – 100cm

f=?

লেন্‌ছৰ সূত্ৰৰ পৰা, লেন্‌ছৰ সূত্ৰৰ পৰা, 1/v – 1/u = 1/f ⇒ 1/-100 – 1/-25 = 1/f

⇒ -1/100 + 1/25 = 1/f

⇒ -1+4/ 100 = 1/f

⇒ 3/100 = 1/f

⇒ f = 100/3 cm

⇒ (100/3)/100 m

⇒ f = 100/3 x 1/100 m

⇒ f = 1/3 m

এতিয়া, লেন্‌ছৰ ক্ষমতা, P = 1/f ⇒ P = 1/(1/3)

⇒ P = 3D

প্রশ্ন ৪. সাধাৰণ চকুৱে এটা 25 ছে. মি. তকৈ ওচৰত ৰখা বস্তু দেখা নাপায় কিয়? [HSLC 2018]

উত্তৰঃ সাধাৰণ চকু এটাই ওচৰৰ বস্তু স্পষ্টকৈ দেখিবলৈ চকুৰ লেন্‌ছৰ বক্ৰতা বঢ়াই লেন্‌ছখন শকত কৰি ল’বলগীয়া হয়। কিন্তু চকুৰ লেন্‌ছখনৰ বক্রতা বঢ়োৱাৰ এই সামর্থ্য অসীমিত নহয়। চকুৰ পৰা বস্তু এটা 25 ছে. মি.তকৈ ওচৰত ৰাখিলে, চকুৰ লেন্‌ছখনে নিজৰ বক্রতা বঢ়াই আৰু অধিক শকত হ’ব নোৱাৰে৷ সেইবাবে এনে এটা বস্তুৰ প্ৰতিবিম্ব ৰেটিনা বা অক্ষিপটত গঠন কৰিব পৰা নাযায় আৰু স্পষ্টকৈ দেখা নাযায়।

প্রশ্ন 9. চকুৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব বঢ়াই নিলে চকুৰ ভিতৰত প্ৰতিবিম্বৰ দূৰত্বৰ কি হয় ?

উত্তৰঃ প্রতিবিম্বৰ দূৰত্ব সলনি নহয়। কাৰণ চকুৰ উপযোজন ক্ষমতাৰ বাবে চকুৰ পৰা যিকোনো দূৰত্বত থকা লক্ষ্যবস্তুৰ প্ৰতিবিম্ব সদায় ৰেটিনাত গঠন হয়। আনহাতে চকুৰ লেন্‌ছৰ পৰা ৰেটিনাৰ দূৰত্ব সদায় স্থিৰ থাকে। চকুৰ লেন্‌ছৰ পৰা ৰেটিনাৰ দূৰত্বই হ’ল চকুৰ ভিতৰত প্ৰতিবিম্বৰ দূৰত্ব।

প্রশ্ন 10. তৰাই তিৰবিৰাই কিয়? [HSLC 2020]

উত্তৰঃ ওপৰৰ পৰা তলফাললৈ আহিলে পৃথিৱীৰ বায়ুমণ্ডলৰ ঘনত্ব ক্রমে বাঢ়ি আহে। অর্থাৎ তৰাৰ পৰা অহা পোহৰ পৃথিৱীলৈ আহোঁতে এই পোহৰ লঘুতৰ বায়ুস্তৰৰ পৰা ক্ৰমে ঘনতৰ বায়ুস্তৰত প্ৰৱেশ কৰে। ইয়াৰ ফলত লঘুতৰ আৰু ঘনতৰ বায়ুস্তৰৰ সন্ধিতলত তৰাৰ পোহৰ প্ৰতিসাৰিত হয় আৰু ক্ৰমে অভিলম্বৰ ফালে বেঁকা হয়। এইবাবে তৰাটো তাৰ প্ৰকৃত অৱস্থানৰ পৰা কিছু ওপৰত আমি প্ৰত্যক্ষ কৰোঁ। আনহাতে বায়ুমণ্ডলৰ ভৌতিক অৱস্থানৰ সঘনে সাল-সলনি ঘটি থাকে ৷ ইয়াৰ বাবে প্ৰতিসৰিত তৰাৰ পোহৰৰ গতিপথো সঘনে সলনি হৈ থাকে। যিহেতু তৰাটো এটা বিন্দুসম পোহৰৰ উৎস, সেয়ে ইয়াৰ আপাত অৱস্থানৰ সঘন সাল-সলনি আমাৰ চকুত ধৰা পৰে। ইয়াৰ বাবে তৰাটো কঁপি থকাৰ দৰে লাগে। আকৌ পোহৰৰ গতিপথৰ সঘন সাল-সলনিৰ বাবে তৰাৰ পৰা আহি আমাৰ চকুত সোমোৱা পোহৰৰ পৰিমাণৰো তাৰতম্য ঘটি থাকে। ইয়াৰ বাবে তৰাটো কেতিয়াবা উজ্জ্বল আৰু কেতিয়াবা ম্লান দেখা যায়। এনেদৰে আমি ৰাতিৰ আকাশত তৰাবোৰে তিৰবিৰাই থকা দেখোঁ।

প্রশ্ন 11. গ্রহই তিৰবিৰাই নাথাকে কিয়?

উত্তৰঃ গ্ৰহবোৰ পৃথিৱীৰ নিচেই ওচৰত অৱস্থিত আৰু সেইবাবে ইহঁতক পোহৰৰ বিস্তৃত উৎস হিচাপে গণ্য কৰিব পাৰি। যদি আমি এটা গ্ৰহক পোহৰৰ বহুতো বিন্দু উৎসৰ সমষ্টি বুলি ধৰোঁ, তেন্তে সকলো বিন্দু উৎসৰ পৰা আহি আমাৰ চকুত সোমোৱা পোহৰৰ পৰিৱৰ্তনৰ গড় মান শূন্য হ’ব আৰু ই গ্ৰহবোৰৰ তিৰবিৰণিৰ প্ৰভাৱ নস্যাৎ কৰে ৷

প্রশ্ন 12. ৰাতিপুৱা সূৰ্যক ৰঙচুৱা দেখি কিয় ? [HSLC 2019]

উত্তৰঃ ৰাতিপুৱা বা সন্ধিয়াৰ সময়ত সূৰ্যটো গিদন্তৰ ওচৰত অৱস্থিত হয়। এই দুটা সময়ত দুপৰীয়াৰ তুলনাত পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব অধিক হয়। এইবাবে ৰাতিপুৱা বা সন্ধিয়া সূৰ্যৰ পোহৰ আহি পৃথিৱী পাবলৈ সৰ্বাধিক দূৰত্ব অতিক্ৰম কৰিবলগীয়া হয়। এই দূৰত্ব অতিক্ৰম কৰোঁতে সূৰ্যৰ পোহৰত থকা চুটি তৰংগদৈৰ্ঘ্যৰ নীলা অংশটিৰ অধিক বিক্ষেপণ ঘটাৰ ফলত এটা সময়ত এই অংশটি বিক্ষেপিত হৈ নোহোৱা হৈ যায়। তেতিয়া অতি কমকৈ বিক্ষেপিত হোৱা দীঘল তৰংগদৈৰ্ঘ্যৰ ৰঙা অংশটিৰ পোহৰহে আহি আমাৰ চকুত সোমায় ৷ এইবাবে ৰাতিপুৱা সূৰ্যক ৰঙচুৱা দেখি।

প্রশ্ন 13. মহাকাশচাৰী এজনে আকাশৰ ৰং নীলাৰ পৰিৱৰ্তে ক’লা দেখে কিয়? [HSLC 2017]

উত্তৰঃ কাৰণ, মহাকাশত বায়ু বা আন কোনো পদাৰ্থৰ কণিকা নাথাকে। এনে কণিকাৰ অভাৱত মহাকাশত সূৰ্যৰ পোহৰৰ বিক্ষেপণ নঘটে, যাৰ বাবে মহাকাশচাৰী এজনে আকাশৰ ৰং নীলাৰ পৰিৱৰ্তে ক’লা দেখে।

অতিৰিক্ত প্রশ্নোত্তৰ

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন 1. স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব বুলিলে কি বুজা? [HSLC 2022]

উত্তৰঃ চকুৰ পৰা যি ন্যূনতম দূৰত্বত বস্তু এটা স্পষ্টকৈ আৰু কষ্টসাধন নকৰাকৈ দেখা পোৱা যায়, তাক স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব বোলে।

প্রশ্ন 2. দৃষ্টিৰ বিকাৰসমূহ কি কি? [HSLC 2018]

উত্তৰঃ মায়’পিয়া (নিকটদৃষ্টিগ্ৰস্ততা), হাইপাৰমেট্ৰ’পিয়া (দূৰদৃষ্টিগ্ৰস্ততা) আৰু প্ৰেছবায় ‘পিয়া (জৰাদৃষ্টি)।

প্রশ্ন 3. প্ৰেছবায় পিয়া কি? [HSLC 2020]

উত্তৰঃ বয়সৰ লগে লগে চকুৰ উপযোজন ক্ষমতা সাধাৰণতে কমি আহে। সৰহ সংখ্যক মানুহৰ বাবে চকুৰ নিকট বিন্দুটো ক্রমান্বয়ে দূৰলৈ আঁতৰি যায়। তেওঁলোকে সংশোধনীমূলক চা নহ’লৈ ওচৰৰ বস্তুবোৰ স্পষ্টকৈ আৰু অনায়াসে দেখাত অসুবিধা পায়। ইয়াকে প্ৰেছবায়’পিয়া বোলে।

প্রশ্ন 4. ত্রিভুজাকাৰ গ্ৰাছ প্রিজমৰ মাজেদি পোহৰৰ প্ৰতিসৰণৰ সময়ত উৎপন্ন হোৱা বিচ্যুতি কোণ আঁকা। [HSLC 2017]

উত্তৰঃ

প্রশ্ন 5. পোহৰৰ বিচ্ছুৰণ কাক বোলে? [HSLC 2020]

উত্তৰঃ প্রিজমৰ মাজেদি বগা পোহৰ পাৰ হৈ গ’লে, ই সাতটা উপাদানমূলক ৰঙৰ পোহৰলৈ ভাঙি যায়। এই পৰিঘটনাকে পোহৰৰ বিচ্ছুৰণ বোলে৷

প্রশ্ন 6. প্রিজমৰ দ্বাৰা বগা পোহৰৰ বিচ্ছুৰণৰ ৰশ্মিচিত্র আঁকা। [HSLC 2020]

উত্তৰঃ

প্রশ্ন 7. চিত্র অংকন কৰি দেখুওৱা যে বগা পোহৰ বগিগুচ্ছ বিচ্ছুৰিত নোহোৱাকৈ দুটা গ্রিজমৰ মাজেদি পাৰ হৈ যায়। [HSLC 2016, 2022]

উত্তৰঃ

প্রশ্ন 8. বৰষুণৰ পিছত আমি ৰামধেনু কিয় দেখো। [HSLC 2015]

উত্তৰঃ বৰষুণ এজাকৰ পিছত বায়ুমণ্ডলত ওপঙি থকা পানীৰ ক্ষুদ্ৰ টোপালবোৰত সূৰ্যৰ পোহৰৰ বিচ্ছুৰণ ঘটি ৰামধেনুৰ সৃষ্টি হয়।

প্রশ্ন 9. টিণ্ডেল পৰিঘটনা কি? [HSLC 2017]

উত্তৰঃ কিছুমান কলয়ডীয় কণাত পোহৰ ৰশ্মি আপতিত হ’লে এই কণাসমূহে পোহৰৰ বিক্ষেপণ ঘটাই পোহৰৰ গতিপথ দৃশ্যমান কৰি তোলে। এই পৰিঘটনাক টিণ্ডেল পৰিঘটনা বোলে। কলয়ডীয় কণা যেনে ধূলিকণা, ধোঁৱা আৰু পানীৰ ক্ষুদ্ৰ ক্ষুদ্ৰ টোপালবোৰে পোহৰৰ বিক্ষেপণৰ দ্বাৰা টিণ্ডেল পৰিঘটনা সংঘটিত কৰে।

প্রশ্ন 10. বগা পোহৰ অতি সূক্ষ্ম কণা থকা মাধ্যমৰ মাজেদি পাৰ হৈ গ’লে কোন তৰংগদৈৰ্ঘ্যৰ পোহৰ আটাইতকৈ বেছি বিক্ষিপ্ত হ’ব? [HSLC 2017]

উত্তৰঃ চুটি তৰংগদৈৰ্ঘ্যৰ নীলা ৰঙৰ পোহৰ আটাইতকৈ বেছি বিক্ষিপ্ত হ’ব।

প্রশ্ন 11. দৃষ্টিৰ বাবে আমাক এটাৰ পৰিৱৰ্তে দুটা চকুৰ প্ৰয়োজন কিয়? [HSLC 2018]

উত্তৰঃ আমাৰ দুটা চকু থকাৰ বাবে আমাৰ দৃষ্টিক্ষেত্ৰৰ পৰিসৰ বহল হয়। (প্রায় 180°)। তদুপৰি এটাৰ পৰিৱৰ্তে দুটা সংসূচকৰ ব্যৱহাৰে কম পোহৰত বস্তুবোৰ দেখাৰ সামর্থ্য বঢ়ায়। আনহাতে দুটা চকুৰে চালে পৃথিৱীখন ত্রি-মাত্ৰিকৰূপে ধৰা দিয়ে আৰু বস্তুবোৰৰ মাজৰ আপেক্ষিক দূৰত্বৰ উমান দিয়ে।

চমু প্রশ্নোত্তৰ

প্রশ্ন 1. মায়’পিয়া বা নিকটদৃষ্টিগ্ৰস্ততাৰ সংশোধন দেখুৱাই ৰশ্মিচিত্র অংকন কৰা। [HSLC 2020]

উত্তৰঃ

Conclusion:

আমি বিশ্বাস কৰোঁ যে এই টোকাবোৰে শিক্ষাৰ্থীসকলক বিষয়বোৰৰ বিষয়ে ভালদৰে বুজাবুজি বিকশিত কৰাত আৰু তেওঁলোকৰ পৰীক্ষাৰ বাবে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰিব।

আমি নিশ্চিত যে এই টোকাবোৰে শিক্ষাৰ্থীসকলক তেওঁলোকৰ লক্ষ্য প্ৰাপ্ত কৰাত আৰু তেওঁলোকৰ শৈক্ষিক প্ৰদৰ্শন বৃদ্ধি কৰাত সহায় কৰিব। যদি আপুনি এই প্ৰবন্ধটো ভাল পায় আৰু সহায়ক হয় তেন্তে আপোনাৰ বন্ধুবৰ্গৰ সৈতে Share কৰিবলৈ নাপাহৰিব।

Leave a Comment

error: Content is protected !!