Class 10 Science Chapter 12 I বিদ্যুৎ I Electricity Question Answers SEBA

পাঠ-অন্তৰ্ভুক্ত প্রশ্নোত্তৰ

প্রশ্ন 1. এটা বৈদ্যুতিক বর্তনী বুলিলে কি বুজা? [HSLC 2022]

উত্তৰঃ বৈদ্যুতিক প্ৰবাহৰ এক নিৰৱচ্ছিন্ন আৰু বন্ধ পথকে বৈদ্যুতিক বর্তনী বোলে।

প্রশ্ন 2. প্ৰবাহৰ এককৰ সংজ্ঞা দিয়া। [HSLC 2018]

উত্তৰঃ প্ৰবাহৰ SI একক হ’ল এম্পিয়াৰ। এডাল পৰিবাহীৰ কোনো এক প্রস্থচ্ছেদৰ মাজেৰে 1 ছেকেণ্ডত 1 কুলম্ব আধান পাৰ হৈ গ’লে, প্রস্থচ্ছেদটোৰ মাজেৰে বৈ যোৱা প্ৰৱাহক 1 এম্পিয়াৰ বোলে।

প্রশ্ন 3. 1 কুলম্ব আধান হ’বলৈ প্রয়োজন হোৱা ইলেক্ট্ৰনৰ সংখ্যা গণনা কৰা।

উত্তৰঃ আমি জানো যে,

এটা ইলেক্ট্ৰনৰ আধান = 1.6 x 10-19C

অর্থাৎ, 1.6 x 10-19C আধানত থকা ইলেক্ট্ৰনৰ সংজ্ঞা = 1

:. 1C আধানত থকা ইলেক্ট্ৰনৰ সংখ্যা = 1/(1.6×10-19)

= 1/1.6 x 1/10-19

= 10/16 x 1019

= 0.625 x 1019

= 6.25 x 1018 টা

প্রশ্ন 4. পৰিবাহীত বিভৱভেদ বৰ্তাই ৰখা সঁজুলি এটাৰ নাম লিখা।

উত্তৰঃ বৈদ্যুতিক কোষ।

প্রশ্ন 5. দুটা বিন্দুৰ মাজেৰে বিভৱভেদ 1V বুলি ক’লে কি বুজায় ?

উত্তৰঃ এডাল পৰিবাহীৰ দুটা বিন্দুৰ মাজত 1 কুলম্ব আধান সৰবৰাহ কৰিবলৈ 1 জুল কাৰ্য কৰিবলগীয়া হ’লে, বিন্দু দুটাৰ মাজৰ বিভৱভেদক 1 ভল্ট (V) বুলি কোৱা হয়।

অর্থাৎ, 1 V = 1J/1C

প্রশ্ন 6. 6V বেটাৰী এটাৰ মাজেৰে চালিত হওঁতে প্রতি কুলম্ব আধানক কিমান শক্তি দিয়া হয়?

[HSLC 2019]

উত্তৰঃ দিয়া আছে, V = 6V

Q = 1C

W = ?

আমি জানো যে, V = W/Q ⇒ W = VQ

⇒ W = 6 X1

⇒ W = 6J

:. প্রতি কুলম্ব আধানত কৰিবলগীয়া কাৰ্যৰ পৰিমাণ 6J, সেয়েহে প্রতি কুলম্ব আধানক দিয়া শক্তিৰ পৰিমাণ হ’ব 6J |

প্রশ্ন 7. পৰিবাহীৰ ৰোধ কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে?

উত্তৰঃ (i) পৰিবাহীৰ দৈর্ঘ্য।

(ii) পৰিবাহীৰ প্রস্থচ্ছেদৰ কালি।

(iii) পৰিৱাহীৰ পদাৰ্থৰ প্ৰকৃতি।

(iv) পৰিবাহীৰ উষ্ণতা।

প্রশ্ন ৪. একেটা উৎসৰ লগত সংযোজিত একে পদাৰ্থৰ এডাল শকত আৰু এডাল ক্ষীণ তাঁৰৰ কোনডালত বেছি সহজে প্রবাহ চালিত হয়? আৰু কিয় ?

উত্তৰঃ শকত তাঁৰডালত বেছি সহজে প্রবাহ চালিত হয়। কাৰণ পৰিবাহীৰ ৰোধ ইয়াৰ প্ৰস্থচ্ছেদৰ কালিৰ ব্যস্তানুপাতিক | (R 1/A) সেয়ে বেছি প্ৰস্থচ্ছেদৰ কালিবিশিষ্ট শকত তাঁৰডালৰ ৰোধ কম; যাৰ বাবে ইয়াৰ মাজেৰে সহজে প্ৰৱাহ চালিত হয়।

প্রশ্ন 9. ধৰা হওক বৈদ্যুতিক উপাদান এটাৰ দুই মূৰৰ মাজৰ বিভৱভেদ আগৰ মানৰ আধালৈ কমাওঁতে ৰোধৰ মান একে থাকে। ইয়াৰ মাজেৰে চালিত প্ৰবাহৰ কি পৰিৱৰ্তন হ’ব?

উত্তৰঃ প্ৰবাহৰ মানো আগৰ মানৰ আধা হ’ব, কাৰণ ৰোধ স্থিৰে থকা অৱস্থাত বিভৱভেদ প্ৰবাহৰ সমানুপাতিক (V 1)।

প্রশ্ন 10. পাউৰুটি সেকা বৈদ্যুতিক সঁজুলি আৰু বৈদ্যুতিক ইস্ত্ৰীৰ কুণ্ডলী বিশুদ্ধ ধাতুৰ বিপৰীতে সংকৰ ধাতুৰে গঢ়া হয় কিয়?

উত্তৰঃ কাৰণ –

(i) বিশুদ্ধ ধাতুৰ বিপৰীতে সংকৰ ধাতুৰ ৰোধকতা বেছি।

(ii) উচ্চ উষ্ণতাতো সংকৰ ধাতুসমূহ জাৰিত নহয় বা জ্বলি নুঠে।

প্রশ্ন 11. তালিকা 12.2 ত দিয়া তথ্য ব্যৱহাৰ কৰি তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া।

(a) লো আৰু পাৰাৰ ভিতৰত কোনটো অধিক ভাল পৰিবাহী ?

(b) কোনটো পদার্থ আটাইতকৈ ভাল পৰিবাহী।

উত্তৰঃ

(a) লো

(b) ৰূপ।

প্রশ্ন 12. প্ৰতিটোৰে 2V কৈ তিনিটা কোষৰ এটা বেটাৰী, এটা 552 ৰ ৰোধক, এটা 8.2 ৰ ৰোধক, এটা 122 ৰ ৰোধক আৰু এটা প্লাগ চাবি শ্রেণীবদ্ধভাৱে সংযোগ কৰি এটা বৰ্তনীৰ নক্সা অংকন কৰা।

উত্তৰঃ

প্রশ্ন 13. ৰোধক কেইটাৰ মাজেৰে প্ৰবাহ জুখিবৰ বাবে এটা এমিটাৰ আৰু 120 ৰোধকটোৰ দুই মূৰৰ মাজৰ বিভৱভেদ জুখিবৰ বাবে এটা ভল্টমিটাৰ সংযোগ কৰি ওপৰৰ প্ৰশ্নত দিয়া বৰ্তনীটো পুনৰ অংকন কৰা। এমিটাৰ আৰু ভল্টমিটাৰৰ পাঠ কি হ’ব?

উত্তৰঃ

ইয়াত, V = 3 × 2 = 6V

R = 5 +8+12 = 2552

I = ?

ওমৰ সূত্ৰৰ পৰা, V = RI ⇒ 6 = 25 x I

⇒ I = 6/25

⇒ I = 0.24 A

.:. এমিটাৰ পাঠ = 0.24 A

আকৌ, ভল্টমিটাৰ পাঠ হ’ব, V3 = R3I3

= 12 × 0.24 [‘.’ I, = I]

= 2.88 V

প্রশ্ন 14. নিম্নোক্তবোৰৰ সমান্তৰাল সজ্জাৰ ৰোধ নিৰ্ণয় কৰা

(a) 1Ω আৰু 106Ω, (b) 1Ω, 103Ω আৰু 106Ω,

উত্তৰঃ (a) সমতুল্য ৰোধ < 1Ω

(b) সমতুল্য ৰোধ < 1Ω

প্রশ্ন 15.100Ω ৰ এটা বৈদ্যুতিক বাল্ব, 50Ω ৰ এটা পাউৰুটি সেকা সঁজুলি আৰু 500Ω ৰ এটা পানীৰ ফিল্টাৰ 220V উৎসৰ লগত সমান্তৰালভাৱে সংযোগ কৰা হৈছে। যদি এটা বৈদ্যুতিক ইস্ত্ৰী একেটা উৎসৰ লগত সংযোগ কৰা হয় আৰু যদি ই আন তিনিওটাই লোৱাৰ সমান প্রবাহ লয়, তেন্তে ইস্ত্ৰীটোৰ ৰোধ কিমান হ’ব আৰু ইয়াৰ মাজেৰে চালিত প্রবাহ কিমান হ’ব?

উত্তৰঃ দিয়া আছে, R1 = 100Ω

R2 = 50Ω

R3 = 500Ω

V = 220V

RP = ?

.:. 1/RP =1/R1+1/R2+1/R3

⇒ 1/RP = 1/100 + 1/50 + 1/500

⇒ 1/RP =5+10+1/500

⇒ 1/RP = 16/500

⇒ 1/RP = 4/125

⇒ 1/RP = 125/4

⇒ 1/RP = 31.25 Ω

.:. ইস্ত্ৰীটোৰ ৰোধ = তিনিটা সঁজুলিৰ সমান্তৰাল সজ্জাৰ মুঠ ৰোধ = 31.25Ω

এতিয়া, V= RI

⇒ 220 = 31.25 x I

⇒ I = 220/31.25

⇒ I = 22000/3125

⇒ I = 7.04A

.:. ইস্ত্ৰীটোৰ মাজেৰে চালিত প্রবাহ = 7.04A

প্রশ্ন 16. এটা বেটেৰীৰ লগত বৈদ্যুতিক সঁজুলিবোৰ শ্রেণীবদ্ধ সজ্জাত সংযোগ কৰাতকৈ সমান্তৰাল সজ্জাত সংযোগ কৰিলে কি কি সুবিধা হয় ?

উত্তৰঃ (i) ভিন ভিন বৈদ্যুতিক সঁজুলিয়ে কাম কৰিবলৈ ভিন্‌ ভিন্‌ পৰিমাণৰ প্ৰবাহৰ প্রয়োজন হয়। যিহেতু সমান্তৰাল সজ্জাৰ প্ৰতিটো অংশৰ মাজেৰে বেলেগ বেলেগ পৰিমাণৰ প্রবাহ চালিত হয়, সেয়ে এনে সজ্জাত বেলেগ বেলেগ পৰিমাণৰ প্ৰৱাহৰ প্ৰয়োজন হোৱা সঁজুলিসমূহ সংযোগ কৰাটো কাৰ্যকৰী হয়।

(ii) সমান্তৰাল সজ্জাৰ কোনো এটা অংশই কাম নকৰা হ’লেও আনকেইটা অংশই ভালদৰে কাম কৰি থাকে।

(iii) সমান্তৰাল সজ্জাত বৰ্তনীৰ মুঠ ৰোধ যথেষ্ট কমি যায় বাবে বর্তনীৰ মুঠ প্ৰবাহৰ পৰিমাণ যথেষ্ট বাঢ়ে।

প্রশ্ন 17. 22, 32 আৰু 632 ৰ তিনিটা ৰোধক কেনেকৈ সংযোগ কৰিলে সিহঁতৰ মুঠ ৰোধ (a) 42 আৰু (b) 12 পোৱা যাব?

উত্তৰঃ (a) বৰ্তনীৰ মুঠ ৰোধ 452 পাবলৈ 32 আৰু 6.2 ৰ ৰোধক দুটা সমান্তৰাল সজ্জাত সংযোগ কৰি এই সজ্জাৰ লগত 212 ৰ ৰোধকটোক শ্ৰেণীৱদ্ধভাৱে সংযোগ কৰিব লাগিব।

ধৰা হ’ল, R1 = 2Ω

R2 = 3Ω

R3 = 6Ω

ধৰাহ’ল, R2 আৰু R3 ৰোধৰ সমান্তৰাল সজ্জাৰ মুঠ ৰোধ = RP

1/RP = 1/R₂ + 1/R3 ⇒ 1/RP = 1/3 + 1/6

⇒ 1/RP = 2+1/6

⇒ 1/RP = 3/6

⇒ 1/RP = 1/2

⇒ RP = 2Ω

এতিয়া, RP আৰু R1 ৰোধৰ শ্ৰেণীবদ্ধ সজ্জাৰ মুঠ ৰোধ,

RS = RP + R1

= 2 + 2

= 4Ω

(b) বৰ্তনীৰ মুঠ ৰোধ 1.2 পাবলৈ তিনিওটা ৰোধকক সমান্তৰাল সজ্জাত সংলগ্ন কৰিব লাগিব।

ধৰাহ’ল, তিনিওটা ৰোধকৰ সমান্তৰাল সজ্জাৰ মুঠ ৰোধ = RP

.:. 1/RP =1/R1 + 1/R2 + 1/R3 ⇒ 1/RP = 3+2+1/6

⇒ 1/RP = 6/6

⇒ 1/RP =1 ⇒ RP = 1Ω

প্রশ্ন 18.5Ω, 8Ω, 12Ω আৰু 24Ω ৰোধৰ চাৰিটা কুণ্ডলী লগ লগাই পাৰ পৰা। (a) সর্বোচ্চ আৰু (b) সর্বনিম্ন মুঠ ৰোধৰ মান কিমান হ’ব?

উত্তৰঃ (a) সৰ্বোচ্চ ৰোধ পাবলৈ ৰোধককেইটাক শ্রেণীৱদ্ধ সজ্জাত সংযোগ কৰিব লাগিব । এতিয়া, শ্রেণীৱদ্ধ সজ্জাৰ মুঠ ৰোধ,

RS = 5+8+12+24

= 49Ω

(b) সৰ্বনিম্ন ৰোধ পাবলৈ ৰোধককেইটাক সমান্তৰাল সজ্জাত সংযোগ কৰিব লাগিব।

ধৰাহ’ল, সমান্তৰাল সজ্জাৰ মুঠ ৰোধ = R,

.:. 1/RP = 1/5 + 1/8 + 1/12 + 1/24 ⇒ 1/RP = 24+15 + 10 + 5/120

⇒ 1/RP = 54/120

⇒ RP = 120/54

⇒ RP = 2.22Ω

প্রশ্ন 19. বৈদ্যুতিক হিটাৰৰ তাপ উপাদানডাল দীপ্ত হয়, কিন্তু সংযোগী তাঁৰবোৰ এনে নহয়, কিয়?

উত্তৰঃ কাৰণ, বৈদ্যুতিক হিটাৰৰ তাপ উপাদানডাল সংকৰ ধাতুৰে তৈয়াৰী, যাৰ বাবে ইয়াৰ ৰোধকতা যথেষ্ট বেছি। এইবাবে ইয়াৰ মাজেৰে বৈদ্যুতিক প্রবাহ চালিত হ’লে ই যথেষ্ট পৰিমাণে তাপ উৎপন্ন কৰে, যাৰ ফলত ই দ্বীপ্ত হৈ পৰে। কিন্তু সংযোগী তাঁৰবোৰ বিশুদ্ধ ধাতু যেনে তামেৰে তৈয়াৰী৷ এইবোৰৰ ৰোধকতা যথেষ্ট কম, যাৰ বাবে ইহঁতে যথেষ্ট কম পৰিমাণে তাপ উৎপন্ন কৰে আৰু সেয়ে দ্বীপ্ত নহয়।

প্রশ্ন 20. 9600 কুলম্ব আধান 1 ঘণ্টাত 50V বিভৱভেদৰ মাজেৰে সঞ্চালিত হ’লে, উৎপাদিত তাপৰ পৰিমাণ উলিওৱা।

উত্তৰঃ দিয়া আছে, Q = 9600C

t = 1h = 3600s

V= 50 V

H = ?

এতিয়া, H = VIt

= V x Q/t x t

= V x Q

= 50 x9600

= 480000 J

প্রশ্ন 21. 20Ω ৰোধৰ এটা বৈদ্যুতিক ইস্ত্ৰিয়ে 5A প্রৱাহ লয়। 30 ছেকেণ্ডত উৎপন্ন হোৱা তাপৰ পৰিমাণ গণনা কৰা।

উত্তৰঃ দিয়া আছে; R = 20Ω

I = 5A

t = 30 s

H = ?

আমি জানো যে, H = I²Rt

= 52 x 20 x 30

= 25 x 600

= 15000 J

প্রশ্ন 22. এটা বৈদ্যুতিক প্ৰৱাহে যোগান ধৰা শক্তিৰ হাৰ কিহে নিৰূপণ কৰে? [HSLC 2020]

উত্তৰঃ বৈদ্যুতিক ক্ষমতাই।

প্রশ্ন 23. এটা বৈদ্যুতিক মটৰে 220V লাইনৰ পৰা 5A প্ৰৱাহ লয়। মটৰটোৰ ক্ষমতা আৰু 2 ঘণ্টাত ই ব্যয় কৰা শক্তি উলিওৱা। [HSLC 2020]

উত্তৰঃ দিয়া আছে, V = 220V

I = 5A

P = ?

.:. মটৰটোৰ ক্ষমতা P = VI

= 220 x 5

= 1100W

এতিয়া, মটৰটোৱে 2 ঘণ্টাত ব্যয় কৰা শক্তি, E = P x t

= 1100W × 7200 s

= 7920000 J

অনুশীলনীৰ প্রশ্নোত্তৰ

প্রশ্ন 1. R ৰোধৰ এডাল তাঁৰ পাঁচটা সমান ভাগলৈ বিভক্ত কৰা হ’ল। এই অংশবোৰ সমান্তৰালভাৱে সংযোগ কৰা হ’ল। যদি সজ্জাটোৰ সমতুল্য বোধ R’ হয়, তেতিয়া R/R’ অনুপাত হ’ব-

(a) 1/25 (b) 1/5 (c) 5 (d) 25

উত্তৰঃ (d) 25

প্রশ্ন 2. তলৰ কোনটো ৰাশিয়ে বৈদ্যুতিক ক্ষমতা নির্দেশ নকৰে? [HSLC 2020]

(a) I2R (b) IR2 (c) VI (d) V2/R

উত্তৰঃ (b) IR2

প্রশ্ন 3. এটা বৈদ্যুতিক বাল্ব 220V আৰু 100W চিহ্নিত কৰা আছে। যেতিয়া 110V ত ইয়াক ব্যৱহাৰ কৰা হয়, ই লোৱা ক্ষমতা হ’ব— [HSLC 2018]

(a) 100W (b) 75W (c) 50W (d) 25W

উত্তৰঃ (d) 25W

প্রশ্ন 4. একে পদাৰ্থৰ দুডাল একে দৈৰ্ঘ্যৰ আৰু একে ব্যাসৰ পৰিবাহী তাঁৰ প্ৰথমে শ্ৰেণীৱদ্ধ সজ্জাত আৰু পিছত সমান্তৰাল সজ্জাত এটা বৰ্তনীৰ একেটা বিভৱভেদত সংযোগ কৰা হ’ল। শ্ৰেণীবদ্ধ আৰু সমান্তৰাল সজ্জাত সৃষ্টি হোৱা তাপৰ অনুপাত—

(a) 1:2 (b) 2:1 (c) 1:4 (d) 4:1

উত্তৰঃ (c) 1: 4

প্রশ্ন 5. দুটা বিন্দুৰ মাজৰ বিভৱভেদ জুখিবলৈ বৰ্তনী এটাত ভল্টমিটাৰ কেনেকৈ সংযোগ কৰিবা?

উত্তৰঃ বিভৱভেদ জুখিবলগীয়া বিন্দুদুটাৰ মাজত সমান্তৰালভাৱে।

প্রশ্ন 6. এডাল তামৰ তাঁৰৰ ব্যাস 0.5mm আৰু ৰোধকতা 1.6 x 10-8Ωm 10 Ω ৰোধ পাবৰ বাবে এই তাঁৰডালৰ দৈৰ্ঘ্য কিমান হ’ব লাগিব ? যদি তাঁৰডালৰ ব্যাস দুগুণ কৰা হয়, ৰোধৰ পৰিৱৰ্তন কিমান হ’ব?

উত্তৰঃ ইয়াত,

ব্যাস d = 0.5 cm = 0.5 x 10-3m

ব্যাসার্দ্ধ, r= d/2 = 0.5 x 10-3/2 = 0.25 x 10-3 m

ৰোধকতা, ρ = 1.6 x 10-8Ωm

ৰোধ, R = 10Ω

তাঁৰডালৰ দৈৰ্ঘ্য, l = ?

এতিয়া, তাঁৰডালৰ প্ৰস্থচ্ছেদৰ কালি,

A = πr2

= 3.14 x (0.25×10-3)2

= 3.14 x 0.0625 x 10-6m2

= 0.19625 × 10m2

.:. R= ρl/A

⇒ 10 = 1.6 x 10-8 x l/0.19625 x 10-6

⇒ l = 10 x 0.19625 x 10-6/1.6 x 10-8

⇒ l = 19.625/16 x 10-6/10-8

⇒ l = 1.2265 x 102

⇒ l = 122.65

⇒ l = 122.7 m

আকৌ আমি জানো যে, R ∝ 1/A ⇒ R ∝ 1/πr2

⇒ R ∝ 1/π(d/2)2

⇒ R ∝ 1/(πd2/4)

⇒ R ∝ 4/πd2

⇒ R ∝ 1/d2

অৰ্থাৎ পৰিবাহীৰ ৰোধ ইয়াৰ ব্যাসৰ বৰ্গৰ ব্যস্তানুপাতিক। সেয়েহে ব্যাস 2 গুণ কৰিলে, ৰোধ 1/22 বা 1/4 গুণ কমিব।

.:. নতুন ৰোধ = 1/4 x 10 = 2.5Ω

ৰোধ

ইয়াত,

Roc

প্রশ্ন 7. এটা প্ৰদত্ত ৰোধকৰ মাজেৰে প্ৰবাহিত প্রবাহ I ৰ মান আৰু পাৰস্পৰিক বিভৱভেদ V ৰ মান তলত দিয়া হ’ল—

I (এম্পিয়াৰ)0.51.02.03.04.0
V (ভল্ট)1.63.46.710.213.2

V আৰু I ৰ মাজৰ লেখ এটা অংকন কৰা আৰু ৰোধকটোৰ ৰোধ উলিওৱা।

উত্তৰঃ

ইয়াত, ৰোধকটোৰ ৰোধ, R = V/I = V2-V1/I2-I1

= 6.7-3.4/2.0-1.0 = 3.3/1 = 3.3Ω

প্রশ্ন ৪. যেতিয়া এটা অজ্ঞাত ৰোধ 12V ৰ এটা বেটাৰীৰ লগত সংযোগ কৰা হয়, তাত 2.5mA প্রবাহ চালিত হয়। ৰোধকটোৰ ৰোধ উলিওৱা [HSLC 2018]

উত্তৰঃ দিয়া আছে, V = 12V

I = 2.5 mA = 2.5×10-3 A

R =?

R= V/t ⇒ R= 12/2.5×10-3

⇒ R= 12/2.5 x 103

⇒ R= 120/25 x 103

⇒ R= 4.8 x 103 Ω

প্রশ্ন 9. এটা 9V বেটাৰীৰ লগত 0.252, 0.352, 0.42, 0.52 আৰু 122 ৰোধককেইটা শ্ৰেণীৱদ্ধভাৱে সংযোগ কৰা হৈছে। 122 ৰোধৰ ৰোধকটোৰ মাজেৰে কিমান প্রবাহ চালিত হৈছে?

উত্তৰঃ ইয়াত, V = 9V R1 = 0.2Ω

R2 = 0.3Ω R3 = 0.4Ω

R4 = 0.5Ω R5 = 12Ω

এতিয়া, বৰ্তনীৰ মুঠ ৰোধ, Rs = R1 + R2 + R3 + R4 + R5

= 0.2 +0.3 +0.4+0.5 + 12

= 13.4Ω

এতিয়া, বৰ্তনীটোৰ মুঠ প্ৰৱাহ, I = V/R = 9/13.4 = 90/134 = 0.67A

.:. 12Ω ৰোধকটোৰ মাজেৰে চালিত প্ৰৱাহ = 0.67A

প্রশ্ন 10. 176Ω ৰ কিমানটা ৰোধক (সমান্তৰালভাৱে) সংলগ্ন হ’লে 220V লাইন এটাত 5A প্ৰৱাহ পোৱা যাব?

উত্তৰঃ ইয়াত, এটা ৰোধকৰ ৰোধ = 176Ω

মুঠ বিভৱভেদ (V) = 220V

মুঠ প্ৰৱাহ (I) = 5A

ৰোধকৰ সংখ্যা (n) = ?

ধৰা হ’ল n টা ৰোধকৰ সমান্তৰাল সজ্জাৰ মুঠ ৰোধ = Rp

.:. 1/RP = 1/R1 + 1/R2 + 1/R3 + ………………n

⇒ 1/RP = 1/176 + 1/176 + 1/176 + ………………n

⇒ 1/RP = 1/176 x n

⇒ RP = 176/n

এতিয়া, ওমৰ সূত্ৰৰ পৰা, V = RI ⇒ 220 = 176/n x 5

⇒ n = 176/220 x 5

⇒ n = 4

.:. নির্ণেয় ৰোধকৰ সংখ্যা = 4

প্রশ্ন 11. প্ৰতিটো 62 ৰোধৰ তিনিটা ৰোধক কেনেদৰে সংযোগ কৰিলে সজ্জাটোৰ সমতুল্য ৰোধ (i) 92 আৰু (ii) 42 হ’ব?

উত্তৰঃ (i) সমতুল্য ৰোধ 952 পাবলৈ হ’লে দুটা 6.2 ৰোধকক সমান্তৰালভাৱে সংযোগ কৰি তৃতীয়টো 652 ৰোধকক এই সজ্জাৰ লগত শ্ৰেণীবদ্ধভাৱে সংযোগ কৰিব লাগিব।

ধৰাহ’ল, R1 = 6Ω

R2 = 6Ω

R3 = 6Ω

ধৰাহ’ল, R1 আৰু R2 ৰোধকক সমান্তৰালভাৱে সংযোগ কৰা হৈছে আৰু ইহঁতৰ সমান্তৰাল সজ্জাৰ মুঠ ৰোধ = RP

.:. 1/RP = 1/R1 + 1/R2 ⇒ 1/RP = 1/6 + 1/6

⇒ -1/RP = 1+1/6

⇒ 1/RP = 2/6

⇒ 1/RP = 1/3

⇒ 1/RP = 3Ω

.:. RP আৰু R3 ৰোধৰ শ্ৰেণীৱদ্ধ সজ্জাৰ মুঠ ৰোধ, RS = RP + R3

= 3+ 6 = 9Ω

(ii) সমতুল্য ৰোধ 4Ω পাবলৈ হ’লে দুটা 6Ω ৰোধকক শ্রেণীরদ্ধভাৱে সংযোগ কৰি এই সজ্জাৰ লগত তৃতীয়টো 6Ω ৰোধকক সমান্তৰালভাৱে সংযোগ কৰিব লাগিব।

ইয়াত, R1 = 6Ω, R2 = 6Ω, R3 = 6Ω

এতিয়া, R1 আৰু R2 ৰোধৰ শ্ৰেণীৱদ্ধ সজ্জাৰ মুঠ ৰোধ, RS = R1 + R2

= 6 + 6 = 12Ω

আকৌ, RS আৰু R3 ৰোধৰ সমান্তৰাল সজ্জাৰ বাবে ধৰা হ’ল মুঠ ৰোধ = RP

.:. 1/RP = 1/RS + 1/R3 ⇒ 1/RP = 1/12 + 1/6

⇒ 1/RP = 1+2/12

⇒ 1/RP = 3/12

⇒ 1/RP

⇒ RP = 4Ω

প্রশ্ন 12. বহুকেইটা বৈদ্যুতিক বাল্ব 220V লাইনত ব্যৱহাৰৰ বাবে তৈয়াৰ কৰা হৈছে আৰু 10W ৰে চিহ্নিত কৰা হৈছে। যদি চালিত হোৱা সর্বোচ্চ প্রবাহ 5A হয়, কিমানটা বাল্ব সমান্তৰালভাৱে 220V লাইনৰ লগত সংযোগ কৰিব লাগিব ?

উত্তৰঃ ইয়াত, প্ৰতিটো বাল্বৰ ক্ষমতা = 10W

মুঠ বিভৱভেদ (V) = 220V

মুঠ প্ৰৱাহ (I) = 5A

ধৰাহ’ল, বাল্বৰ সংখ্যা = n

এতিয়া, বৰ্তনীৰ মুঠ ক্ষমতা, P= P1 + P2 + P3 + ……………n

⇒ P= 10 + 10 + 10 + ……………n

⇒ P= 10n

.:. P = VI

⇒ 10n = 220 × 5

⇒ n = 110

প্রশ্ন 13. 220V লাইনৰ লগত সংযোগ কৰা এটা বৈদ্যুতিক চুলাৰ গৰম ফলিখনৰ দুটা ৰোধ কুণ্ডলী A আৰু B.আছে আৰু প্ৰত্যেকৰে ৰোধৰ মান 24Ω, যিকেইটা পৃথকে পৃথকে, শ্ৰেণীৱদ্ধভাৱে আৰু সমান্তৰালভাৱে সংযোগ কৰিব পাৰি। এই তিনিও ক্ষেত্ৰত প্ৰৱাহ কি হ’ব?

উত্তৰঃ (i) ৰোধ কুণ্ডলী দুটা পৃথকে পৃথকে ব্যৱহাৰ কৰিলে,—

R = 24Ω

V = 220V

I =?

.:. P = V/R = 220/24 = 9.17A

(ii) ৰোধ কুণ্ডলী দুটা শ্ৰেণীৱদ্ধভাৱে সংযোগ কৰিলে

R = 24 + 24 = 48Ω

V = 220V

I = ?

.:. I = V/R = 220/48 =4.58 A

(iii) ৰোধ কুণ্ডলী দুটা সমান্তৰালভাৱে সংযোগ কৰিলে—

1/RP = 1/24 + 1/24 = 2/48 = 1/12

.:. RP = 12Ω

V = 220V

I = ?

.:. I = V/R = 220/12 = 18.33 A

প্রশ্ন 14. 2Ω ৰোধক এটাত ব্যৱহৃত ক্ষমতা তলৰ প্ৰতিটো ক্ষেত্ৰতে উলিওৱা—

(i) 1Ω আৰু 2Ω ৰ দুটা ৰোধক 6V ৰ বেটাৰী এটাৰ লগত শ্ৰেণীৱদ্ধভাৱে আৰু

(ii) 12Ω আৰু 2Ω ৰ ৰোধক এটা 4V ৰ বেটাৰীৰ লগত সমান্তৰালভাৱে সংযোগ কৰিলে।

উত্তৰঃ

(i) ইয়াত, R1 = 1Ω

R2 = 2Ω

V = 6V

P =?

R1 আৰু R2 ৰোধৰ শ্ৰেণীৱদ্ধ সজ্জাৰ মুঠ ৰোধ,

RS = R1 + R2 = 1 + 2 = 3Ω

এতিয়া, বৰ্তনীৰ মুঠ প্ৰৱাহ, I = V/Rs = 6/3 = 2A

.:. শ্ৰেণীৱদ্ধ সজ্জাত প্ৰতিটো ৰোধকৰ মাজেৰে চালিত প্ৰৱাহৰ মান হ’ব =2A

.:. I2 = 2A

.:. 2Ω ৰোধকত ব্যৱহৃত ক্ষমতা, P2 = I22R2

= 22 x 2 = 8W

(ii) ইয়াত, R1 = 12Ω

R2 = 2Ω

V= 4V

P2 = ?

সমান্তৰাল সজ্জাত প্ৰতিটো ৰোধকৰ দুয়ো মূৰৰ মাজৰ বিভৱভেদ = বর্তনীৰ মুঠ বিভৱভেদ

.:. V2 = 4V

P2 = V22/R2 = 42/2 = 8W

প্রশ্ন 15. এটা 220V ত 100W চিহ্নিত আৰু আনটো 220V ত 60W চিহ্নিত দুটা বৈদ্যুতিক চাকি বৈদ্যুতিক যোগানৰ লগত সমান্তৰালভাৱে সংযোগ কৰা হৈছে। যদি যোগান বিভৱ 220V হয়, কিমান প্ৰৱাহ ই ল’ব?

উত্তৰঃ দিয়া আছে, P1 = 100W

P2 = 60W

V = 220V

I = ?

এতিয়া, বৰ্তনীৰ মুঠ ক্ষমতা, P = P1 + P2

= 100 + 60

= 160W

.:. P =VI

⇒ I = P/V

⇒ I = 160/220 = 0.73A

.:. সজ্জাটোৱে লোৱা প্ৰৱাহৰ মান = 0.73A

প্রশ্ন 16. কোনটোৱে বেছি শক্তি ব্যৱহাৰ কৰিব, এটা 250W ৰ TV ছেট 1 ঘণ্টা চলিলে বা এটা 1200W ৰ ৰুটি সেকা সঁজুলি 10 মিনিট চলিলে? [HSLC 2018]

উত্তৰঃ TV ছেটটোৰ বাবে—

P = 250W

t = 1h = 3600s

E = ?

.:. E = pxt

= 250 × 3600

= 900000J

ৰুটি সেকা সঁজুলিটোৰ বাবে-

P= 1200W

t = 10min= 10x60s = 600s

E= ?

E = pxt

= 1200 × 600

= 720000J

.:. TV ছেটটোৱে বেছি শক্তি ব্যৱহাৰ কৰিব।

প্রশ্ন 17. 852 ৰোধৰ এটা বৈদ্যুতিক চুলাই 2 ঘণ্টা চলোতে মেইনৰ পৰা 15A প্ৰৱাহ লয় ৷ চুলাটোত তাপ উৎপন্ন হোৱা হাৰ উলিওৱা। [HSLC 2020]

উত্তৰঃ দিয়া আছে, R= 852

t = 2h = 7200 s

I = 15A

H/t = ?

জুলৰ সূত্ৰৰ পৰা, H = I2Rt

⇒ H/t = t2R

= 152 x 8.

= 225 x 8

= 1800 J/s

প্রশ্ন 18. ব্যাখ্যা কৰা :

(a) বৈদ্যুতিক চাকিত বেছিভাগ টাংষ্টেনৰ ফিলামেণ্ট কিয় ব্যৱহাৰ কৰা হয় ?

উত্তৰঃ কাৰণ– (i) টাংষ্টেনৰ ৰোধকতা যথেষ্ট বেছি।

(ii) টাংষ্টেনৰ গলনাংক যথেষ্ট বেছি। (3380°C)

(b) বিদ্যুৎ তাপীয় সঁজুলি যেনে ৰুটি সেকা সঁজুলি আৰু ইস্ত্ৰিত বিশুদ্ধ ধাতুৰ পৰিৱৰ্তে সংকৰ ধাতু কিয় ব্যৱহাৰ কৰা হয়?

উত্তৰঃ কাৰণ—

(i) বিশুদ্ধ ধাতুৰ তুলনাত সংকৰ ধাতুৰ ৰোধকতা যথেষ্ট বেছি।

(ii) উচ্চ উষ্ণতাতো সংকৰ ধাতুসমূহ সহজে জাৰিত নহয় বা জ্বলি নুঠে।

(c) ঘৰুৱা বৰ্তনীবিলাকত শ্ৰেণীৱদ্ধ সজ্জা কিয় ব্যৱহাৰ কৰা নহয় ?

উত্তৰঃ কাৰণ –

(i) শ্রেণীবদ্ধ সজ্জাৰ প্ৰতিটো অংশৰ মাজেৰে একে পৰিমাণৰ প্রবাহ চালিত হয়। সেয়েহে বেলেগ বেলেগ পৰিমাণৰ প্ৰৱাহৰ প্রয়োজন হোৱা বৈদ্যুতিক সঁজুলিসমূহ এখন সজ্জাত সংযোগ কৰাটো কাৰ্যকৰী নহয়।

(ii) শ্রেণীৱদ্ধ সজ্জাৰ এটা অংশই কাম নকৰা হ’লে, বাকী অংশ কেইটায়ো একে সময়তে কাম নকৰা হয়।

(d) এডাল পৰিবাহীৰ ৰোধ ইয়াৰ প্ৰস্তুচ্ছেদৰ কালিৰ লগত কিদৰে পৰিৱৰ্তন হয়?

উত্তৰঃ পৰিবাহীৰ ৰোধ ইয়াৰ প্ৰস্থচ্ছেদৰ কালিৰ ব্যস্তানুপাতিক [R 1/A] সেয়েহে পৰিবাহীৰ প্ৰস্থচ্ছেদৰ কালি বাঢ়িলে ইয়াৰ ৰোধ কমে আৰু প্ৰস্থচ্ছেদৰ কালি কমিলে পৰিবাহীৰ ৰোধ বাঢ়ে।

(e) বৈদ্যুতিক সৰবৰাহৰ বাবে সাধাৰাণতে তাম আৰু এলুমিনিয়াম তাঁৰ কিয় ব্যৱহাৰ কৰা হয় ?

উত্তৰঃ কাৰণ, তাম আৰু এলুমিনিয়ামৰ দৰে ধাতুসমূহৰ ৰোধকতা যথেষ্ট কম। ইয়াৰ বাবে ইহঁতে বিদ্যুতৰ সুপৰিবাহী হিচাপে কাম কৰে, যাৰ বাবে ইহঁতৰ মাজেৰে সহজে বিদ্যুৎ প্ৰৱাহ চালিত হয়।

অতিৰিক্ত প্রশ্নোত্তৰ

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন 1. বিদ্যুৎ প্ৰৱাহ কি?

উত্তৰঃ কোনো পৰিবাহীৰ এটা প্রস্থচ্ছেদৰ মাজেৰে একক সময়ত পাৰ হৈ যোৱা আধানৰ পৰিমাণকে বিদ্যুৎ প্রবাহ বোলে।

প্রশ্ন 2. বিদ্যুৎ প্রবাহৰ গাণিতিক প্ৰকাশটো লিখা।

উত্তৰঃ I= Q/t

য’ত I = প্রবাহ, Q = আধান আৰু t = সময়।

প্রশ্ন 3. আধানৰ SI একক কি? [HSLC 2022]

উত্তৰঃ কুলম্ব (C)।

প্রশ্ন 4. বিদ্যুৎ প্ৰৱাহৰ SI একক কি?

উত্তৰঃ এম্পিয়াৰ (A)।

প্রশ্ন 5. ওমৰ সূত্ৰটো লিখা। [HSLC 2022]

উত্তৰঃ উষ্ণতা স্থিৰে থকা অৱস্থাত বৰ্তনীত সংযোজিত ধাতুৰ তাঁৰ এডালৰ দুই মূৰৰ মাজৰ বিভৱভেদ, তাঁৰডালৰ মাজেৰে চালিত প্ৰবাহৰ সমানুপাতিক। ইয়াকে ওমৰ সূত্র বোলে।

প্রশ্ন 6. এডাল নিক্ৰ’ম তাঁৰৰ বাবে V – I লেখ অংকন কৰা। [HSLC 2022]

উত্তৰঃ

প্রশ্ন 7. ৰোধকতাৰ SI একক কি? [HSLC 2020]

উত্তৰঃ ওম মিটাৰ (Ωm)।

প্রশ্ন 8. তাপীয় ক্ৰিয়াৰ জুলৰ সূত্ৰটো লিখা। [HSLC 2018]

উত্তৰঃ R ৰোধৰ ৰোধক এটাৰ মাজেৰে t সময়ত I স্থিৰ প্ৰবাহ চালিত হ’লে, ৰোধকটোৱে উৎপন্ন কৰা তাপৰ পৰিমাণ হ’ব—

H = I²Rt

এই সমীকৰণটোকে তাপীয় ক্ৰিয়াৰ জুলৰ সূত্ৰ বোলে ৷

প্রশ্ন 9. বৈদ্যুতিক বাল্বৰ ফিলামেণ্টৰ জীৱনকাল কেনেদৰে দীঘলীয়া কৰা হয় ? [HSLC 2017]

উত্তৰঃ ইয়াৰ বাবে সাধাৰণতে বাল্ববিলাকত ৰাসায়নিকভাৱে নিষ্ক্রিয় আর্গন আৰু নাইট্ৰ’জেন গেছ ভৰাই ৰখা হয়।

প্রশ্ন 10 . বৈদ্যুতিক শক্তিৰ ব্যৱহাৰিক বা বাণিজ্যিক একক কি? [HSLC 2018]

উত্তৰঃ কিলোৱাট ঘণ্টা (kwh)।

প্রশ্ন 11. সমান্তৰাল সজ্জাত থকা তিনিটা ৰোধৰ সম্পৰ্ক যদি R1>R2>R3 হয়, তেন্তে সিহঁতৰ মাজেদি যোৱা বিদ্যুৎ প্রবাহৰ সম্পৰ্ক কি? [HSLC 2016]

উত্তৰঃ I1<I2<I3

চমু প্রশ্নোত্তৰ

প্রশ্ন 1. পৰিবাহী এডালৰ ভিতৰত বৈদ্যুতিক আধান কেনেকৈ প্রবাহিত হয়? ব্যাখ্যা কৰা। [HSLC 2020]

উত্তৰঃ ধাতৱ পৰিবাহী এডালৰ ভিতৰত কিছুমান মুক্ত ইলেক্ট্ৰক্ট্রন থাকে, যি ঋণাত্মক আধানযুক্ত। পৰিবাহী এডালৰ দুই মূৰৰ মাজত এক স্থিৰ বিভৱভেদ স্থাপন কৰিলে, কম বিভৱৰ মূৰটোৰ পৰা বেছি বিভৱৰ মূৰটোলৈ এই ইলেক্ট্রন বা ঋণাত্মক আধানসমূহে গতি কৰিবলৈ আৰম্ভ কৰে। এই আধানৰ গতিয়েই পৰিবাহীডালত প্ৰবাহৰ সৃষ্টি কৰে। সাধাৰণতে ধাতৱ পৰিবাহীৰে তৈয়াৰী বৰ্তনী এটাত বৈদ্যুতিক কোষ বা বেটাৰী এটাই পৰিবাহীৰ দুয়ো মূৰৰ মাজত এক বিভৱভেদৰ সৃষ্টি কৰে।

সাংখ্যিক সমস্যাৰ সমাধান

প্রশ্ন 1. এটা বৈদ্যুতিক বাল্বৰ তাঁৰডালে 10 মিনিট সময়ত 0.5A প্রবাহ লয়। বৰ্তনীটোত চালিত হোৱা বৈদ্যুতিক আধানৰ পৰিমাণ উলিওৱা। [HSLC 2019]

উত্তৰঃ দিয়া আছে, I = 0.5A

t = 10 min = 10 x 60s = 600s.

Q = ?

এতিয়া, I = Q/t ⇒ Q = I x t

⇒ Q = 0.5 x 600

⇒ Q = 300C

প্রশ্ন 2. এটা বৈদ্যুতিক বাল্বৰ তাঁৰডালে 5 মিনিট সময়ত 0.6A প্ৰৱাহ লয়। বৰ্তনীটোত চালিত হোৱা বৈদ্যুতিক আধানৰ পৰিমাণ উলিওৱা। [HSLC 2020]

উত্তৰঃ দিয়া আছে, I = 0.6A

t = 5min = 5 x 60s = 300s

Q = ?

এতিয়া, I = Q/t ⇒ Q = I x t

⇒ Q = 0.6 x 300

⇒ Q = 180C

প্রশ্ন 3. 12V বিভৱভেদৰ দুটা বিন্দুৰ মাজেৰে 2C আধান চালিত কৰোঁতে কিমান কার্য কৰিব লাগিব ?

[HSLC 2015]

উত্তৰঃ

দিয়া আছে, V = 12V

Q = 2C,

W = ?

এতিয়া, V = W/Q ⇒ W = VQ

⇒ W = 12 X 2

⇒ W = 24J

প্রশ্ন 4. 220V উৎসৰ পৰা এটা বৈদ্যুতিক বাল্বে কিমান প্রবাহ ল’ব যদি বাল্বৰ তাঁৰৰ ৰোধ 1200Ω হয়?

উত্তৰঃ দিয়া আছে,

V = 220V

R = 1200Ω

এতিয়া প্ৰৱাহ, I = V/R = 220/1200 = 0.18A

প্রশ্ন 5. যদি বৈদ্যুতিক হিটাৰ এটাৰ ৰোধ 100Ω হয়, তেন্তে ই 220V উৎসৰ পৰা কিমান প্রবাহ ল’ব?

উত্তৰঃ দিয়া আছে, R = 100Ω

V = 220V

I =?

.:. I= V/R = 220/100 = 2.2A

প্রশ্ন 6. এটা বৈদ্যুতিক হিটাৰৰ দুই প্রান্তৰ মাজৰ বিভৱভেদ 60V আৰু ই উৎসৰ পৰা 4A প্রবাহ লয়। বিভৱভেদ 120V লৈ বঢ়ালে হিটাৰটোৱে কিমান প্রবাহ ল’ব?

উত্তৰঃ দিয়া আছে, V = 60V

I = 4A

R= ?

.:. R = V/R

অর্থাৎ, হিটাৰৰ ৰোধ = 15Ω

সেয়েহে বিভৱভেদ 12V লৈ বৃদ্ধি কৰিলে, নতুন প্ৰবাহৰ মান হ’ব—

I = V/R = 120/15 = 8A

প্রশ্ন7. 20°C উষ্ণতাত 1m দৈৰ্ঘ্যৰ ধাতুৰ তাঁৰ এডালৰ ৰোধ 26Ω। যদি তাঁৰডালৰ ব্যাস 0.03cm হয়, তেন্তে সেই উষ্ণতাত ধাতুৰ ৰোধকতা কিমান হ’ব? [HSLC 2019]

উত্তৰঃ দিয়া আছে, 1 = 1m

R = 26Ω

d = 0.03cm = 0.03 x 10-2 m

.:. r = d/2 = 0.03 x10-2/2 = 0.015 x 10-2 m

= 1.5 x 10-4 m

এতিয়া, প্রস্থচ্ছেদৰ কালি, A = πr2

= 3.14 x (1.5 x 10-4)2

= 3.14 x 2.25 x 10-8

= 7.06 x 10-8 m2

.:. R = ρl/A

⇒ ρ = R X A/l

⇒ ρ = 26 x 7.065 x 10-8/1

⇒ ρ = 183.69 x 10-8

⇒ ρ = 184 x 10-8 Ωm

.:. ধাতুৰ ৰোধকতা = 1.84 × 10-4 Ωm

প্রশ্ন 8.1 দৈৰ্ঘ্যৰ আৰু A প্রস্থচ্ছেদৰ কালিৰ তাঁৰ এডালৰ ৰোধ 4Ω। একে পদাৰ্থৰ অন্য এডাল l/2 দৈৰ্ঘ্যৰ আৰু 2A প্ৰস্থচ্ছেদৰ কালিৰ তাঁৰৰ ৰোধ কি হ’ব?

উত্তৰঃ দিয়া আছে, দৈর্ঘ্য =l

প্রস্থচ্ছেদৰ কালি = A

ৰোধ = 4Ω

ৰোধকতা = ?

এতিয়া, R = ρl/A ⇒ ρ = R X A/l

⇒ ρ = 4 x A/l

⇒ ρ = 4A/l

.:. দ্বিতীয় তাঁৰডালৰ ৰোধ, R = p ½/2A = 4A/l x 1/2A = 1Ω

প্রশ্ন 9. 20Ω ৰোধৰ এটা বৈদ্যুতিক বাল্ব আৰু 42 ৰোধৰ এডাল পৰিবাহী 6V বেটাৰী এটাৰ সৈতে শ্রেণীৱদ্ধভাৱে সংযোগ কৰা হৈছে।

(a) বৰ্তনীৰ মুঠ ৰোধ উলিওৱা (b) বর্তনীৰ মাজেৰে যোৱা প্ৰবাহ আৰু (c) বৈদ্যুতিক বাল্ব আৰু পৰিবাহীৰ দুই মূৰৰ মাজৰ বিভৱভেদ উলিওৱা।

উত্তৰঃ দিয়া আছে, R1 = 20Ω

R2 = 4Ω

V = 6V

(a) বৰ্তনীৰ মুঠ ৰোধ, R = R1 + R2 = 20 + 4 = 24Ω

(b) বৰ্তনীৰ মাজেৰে যোৱা প্ৰবাহ I = V/RS = 6/24 = 0.25A

(c) বাল্বটোৰ দুয়ো মূৰৰ মাজৰ বিভৱভেদ, V1 = R1I1

= R1I [এই ক্ষেত্ৰত I1 = I]

= 20 x 0.25

= 5V

পৰিবাহীডালৰ দুয়ো মূৰৰ মাজৰ বিভৱভেদ,V2= R2I2

= RI [‘. I, = I]

= 4 x 0.25

= 1V

প্রশ্ন 10. 5Ω, 10Ω ওম আৰু 30Ω ৰোধৰ তিনিটা ৰোধক 12V বেটাৰী এটাৰ লগত সমান্তৰালভাৱে সংযোগ কৰা হৈছে। (a) প্ৰতিটো ৰোধকৰ মাজেৰে চালিত প্ৰবাহৰ মান, (b) বর্তনীৰ মুঠ প্ৰবাহৰ মান আৰু (c) বর্তনীৰ মুঠ ৰোধ উলিওৱা।

উত্তৰঃ ধৰা হ’ল, R1 = 5Ω

R2 = 10Ω

R3 = 30Ω

V = 12V

(a) 5Ω ৰোধকৰ মাজেৰে চালিত প্রবাহ, I1= V1/R1

= V/R1 [সমান্তৰাল সজ্জাত V1=V]

= 12/5 = 2.4A

10Ω ৰোধকৰ মাজেৰে চালিত প্রবাহ, I2 =V2/R2

= V/R2 [‘.’V2=V ]

= 12/10 = 1.2 A

30Ω ৰোধকৰ মাজেৰে চালিত প্রবাহ, I3 = V3/R3

= V/R3 [‘.’ V3=V]

= 12/30 = 0.4 A

(b) বৰ্তনীৰ মুঠ প্রবাহ, I = I1 + I2 + I3

= 2.4 + 1.2 + 0.4

= 4A

(c) বর্তনীৰ মুঠ ৰোধ, RP = V/I = 12/4 = 3 A

প্রশ্ন 11. চিত্ৰত R, = 10Ω, R, = 40Ω, R = 30Ω, R = 20Ω, R, = 60Ω হয় আৰু 12V বেটাৰী এটাৰ লগত সংযোগ কৰা হয়, তেনেহ’লে (a) বৰ্তনীৰ মুঠ ৰোধ আৰু (b) বৰ্তনীৰ মুঠ প্ৰবাহৰ মান উলিওৱা।

উত্তৰঃ ধৰাহ’ল, R1 আৰু R2 ৰোধৰ সমান্তৰাল সজ্জাৰ মুঠ ৰোধ = RP

.:. 1/RP = 1/R1+ 1/R2

⇒ 1/RP = 1/10 + 1/40

⇒ 1/RP = 4+1/10

⇒ 1/RP = 5/40

⇒ 1/RP = 1/8

⇒ RP = 8Ω

আকৌ, ধৰা হ’ল R3, R4 আৰু R5 ৰোধৰ সমান্তৰাল সজ্জাৰ মুঠ বোধ = R’P

.:. 1/R’P = 1/R3 + 1/R4 + 1/R5 ⇒ 1/R’P = 1/30 + 1/20 + 1/60

⇒ 1/R’P = 2+3+1/60

⇒ 1/R’P = 6/60

⇒ 1/R’P = 1/10 ⇒ 1/R’P = 10 Ω

এতিয়া, RP আৰু R’P ৰ শ্ৰেণীৱদ্ধ সজ্জাৰ মুঠ ৰোধ, RS = RP + R’P

= 8 + 10 = 18Ω

এতিয়া ওমৰ সূত্ৰৰ পৰা, V = RSI ⇒ I = V/RS

⇒ I = 12/18 ⇒ I = 0.67 A

.:. বৰ্তনীৰ মুঠ ৰোধ = 18Ω

বৰ্তনীৰ মুঠ প্রবাহ = 0.67A

প্রশ্ন 12. তলৰ বৰ্তনীটোত R = 7Ω, R, = 10Ω, R, = 30Ω, R = 5Ω আৰু এটা 12V বেটাৰী সংযোগ কৰা হৈছে। বৰ্তনীটোত (i) মুঠ ৰোধ আৰু (ii) মুঠ প্ৰৱাহৰ পৰিমাণ গণনা কৰা। [HSLC 2015]

উত্তৰঃ ধৰাহ’ল, R2, R3 আৰু R4 ৰোধৰ সমান্তৰাল সজ্জাৰ মুঠ বোধ = RP

.:. 1/RP = 1/R2 + 1/R3 + 1/R4 ⇒ 1/RP = 1/10 + 1/30 + 1/5

⇒ 1/RP = 3+1+6/30
⇒ 1/RP = 10/30 ⇒ 1/RP = 3Ω

এতিয়া, RP আৰু R1 ৰোধৰ শ্ৰেণীৱদ্ধ সজ্জাৰ মুঠ ৰোধ,

RS = RP + R1 =3+7 = 10Ω

.:. বৰ্তনীৰ মুঠ ৰোধ = 10Ω

.:. বৰ্তনীৰ মুঠ প্রবাহ, I = V/RS = 12/10 = 1.2A

প্রশ্ন 13. তলৰ চিত্ৰত চাৰিটা 2Ω ৰোধক এটা বৰ্গ ABCD ৰ আৰ্হিত সংযোগ কৰা হৈছে। সজ্জাটোৰ সমতুল্য ৰোধ গণনা কৰা।

উত্তৰঃ সজ্জাটোৰ ADCB পথত থকা ৰোধক তিনিটা শ্ৰেণীৱদ্ধ সজ্জাত সংলগ্ন হৈ আছে। ইহঁতৰ মুঠ ৰোধ হ’ব, RS = 2 + 2 + 2 = 6Ω

এতিয়া, RSচতুৰ্থটো ৰোধৰ (AB বাহুত থকা) লগত সমান্তৰাল সজ্জাত আছে। ধৰা হ’ল ইহঁতৰ সমান্তৰাল সজ্জাৰ মুঠ ৰোধ = RP

.:. 1/RP = 1/RS + 1/R4 = 1/6 + 1/2 = 4/6 = 2/3

.:. RP =3/2 = 1.5Ω

প্রশ্ন 14. 10 ৰোধৰ 6 টা ৰোধক তলৰ চিত্ৰত দিয়াৰ দৰে এটা ষড়ভুজৰ আকৃতিত সংযোগ কৰা হৈছে। এই সজ্জাটোৱে সৃষ্টি কৰা ৰোধৰ মান নির্ণয় কৰা।

উত্তৰঃ সজ্জাটোৰ ABCD অংশত থকা ৰোধক তিনিটা শ্ৰেণীৱদ্ধভাৱে সংলগ্ন হৈ আছে। সেয়েহে ইহঁতৰ মুঠ ৰোধ হ’ব – RS = 1 + 1 + 1 = 3Ω

ঠিক তেনেকৈ AFED অংশত থকা ৰোধ তিনিটাৰ মুঠ ৰোধ হ’ব—

R’S = 1+1+1 = 3Ω

এতিয়া, RS আৰু R’S সমান্তৰাল সজ্জাত থাকিব। ধৰা হ’ল সমান্তৰাল সজ্জাৰ মুঠ ৰোধ RP।

.:. 1/RP = 1/RS + 1/R’S = 1/3 + 1/3 = 2/3

.:. RP = 3/2 = 1.5Ω

প্রশ্ন 15. এটা বৈদ্যুতিক ইস্ত্ৰিয়ে তাপ উৎপাদনৰ হাৰ সৰ্বোচ্চ হৈ থকা অৱস্থাত 840W হাৰত আৰু তাপ উৎপাদনৰ হাৰ সৰ্বনিম্ন হৈ থকা অৱস্থাত 360W হাৰত শক্তি খৰচ কৰে। বিভৱভেদৰ মান 220V। প্রতিক্ষেত্ৰতে প্ৰবাহ আৰু ৰোধৰ মান কি হ’ব?

উত্তৰঃ (i) যেতিয়া তাপ উৎপাদনৰ হাৰ সৰ্বোচ্চ হয়—

P = 840W

V = 220V

I = ?

R =?

আমি জানো যে, P =VI ⇒ I = P/V

⇒ I = 840/220

⇒ I = 3.82A

আকৌ, P = V2/R ⇒ R = V2/P

⇒ R = 2202/840

⇒ R = 48400/840 = 57.62Ω

(ii) যেতিয়া তাপ উৎপাদনৰ হাৰ সৰ্বনিম্ন হয়—

P = 360W

V = 220V

I = ?

R = ?

এতিয়া, I = P/V = 360/220 = 1.64A

আকৌ, R = V/I = 2202/360 = 134.44Ω

প্রশ্ন 16. 4Ω ৰ ৰোধক এটাত প্ৰতি ছেকেণ্ডত উৎপন্ন হোৱা তাপ 100J৷ ৰোধকটোৰ দুই মূৰৰ মাজৰ বিভৱভেদ উলিওৱা। [HSLC 2019]

উত্তৰঃ দিয়া আছে, R = 4Ω

H = 100J

t=1s

v = ?

আমি জানো যে, H = I2Rt ⇒ 100 = I2 X 4 X 1

⇒ I2 = 100/4

⇒ I2 = 25

⇒ I = 5A

এতিয়া, ওমৰ সূত্ৰৰ পৰা, V = RI ⇒ V=4×5

⇒ V = 20 V

প্রশ্ন 17. এটা বৈদ্যুতিক বাল্ব 220V ৰ বিদ্যুৎ উৎপাদন যন্ত্ৰ এটাৰ লগত সংযোগ কৰা হৈছে। প্ৰবাহৰ মান 0.50A। বাল্বটোৰ ক্ষমতা কি হ’ব?

উত্তৰঃ দিয়া আছে, V = 220V

I = 0.50A

P = ?

আমি জানো যে, P=VI ⇒ P = 220 x 0.50

⇒ P = 110W

প্রশ্ন 18. 400W নিৰিখৰ বৈদ্যুতিক ৰেফ্রিজাৰেটৰ এটা ৪ ঘণ্টা/দিন চলে। প্রতি kwh ত 3.00 টকাকৈ 30 দিনত খৰচ হোৱা শক্তিৰ মূল্য কিমান হ’ব?

উত্তৰঃ দিয়া আছে, P = 400W = 400/1000kW = 0.4kW

t = 8h

E = ?

এতিয়া, E = Pxt ⇒ E = 0.4 × 8

⇒ E= 3.2 kWh

.:. 30 দিনত খৰচ হোৱা শক্তি = 3.2 × 30 = 96 kWh

.:. 30 দিনত খৰচ হোৱা মূল্য = 96 × 3 = 288 টকা।

প্রশ্ন 19. 60Ω ৰ এটা বৈদ্যুতিক বাল্ব আৰু 30Ω ৰ এটা পাউৰুটি সেকা সঁজুলি 220V উৎসৰ লগত সমান্তৰালভাৱে সংযোগ কৰা হৈছে। (a) এটা বৈদ্যুতিক ইস্ত্ৰিৰ ৰোধ কিমান হ’ব যাক একেটা উৎসৰ লগত সংযোগ কৰিলে সজ্জাটোৰ সমান প্রবাহ কঢ়িয়াব? (b) ইস্ত্ৰিটোৰ মাজেদি চালিত প্রবাহ কিমান হ’ব? (c) ইস্ত্ৰিটোৰ ক্ষমতা উলিওৱা।

উত্তৰঃ (a) ইস্ত্ৰিটোৰ ৰোধ সঁজুলি দুটাৰ সমান্তৰাল সজ্জাৰ সমতুল্য ৰোধৰ সমান হ’ব। ধৰা হ’ল, সঁজুলি দুটাৰ সমতুল্য ৰোধ = RP

.:. 1/PP = 1/R1 + 1/R2 = 1/60 + 1/30 = 3/60 = 1/20
.:. RP = 20Ω

.:. ইস্ত্ৰিটোৰ ৰোধ = 20Ω

(b) ইস্ত্ৰিটোৰ মাজেদি চালিত প্রবাহ, I = V/R = 220/20 = 11A

(c) ইস্ত্ৰিটোৰ ক্ষমতা, P=VI = 220 x 11 = 2420W

প্রশ্ন 20. এটা বৈদ্যুতিক হিটাৰ 4kW আৰু 220V হিচাপে চিহ্নিত কৰা হৈছে। (a) হিটাৰটোৰ মাজেৰে চালিত প্রবাহ, (b) হিটাৰটোৰ ৰোধ, (c) হিটাৰটোৱে 2 ঘণ্টাত খৰচ কৰা শক্তি গণনা কৰা।

উত্তৰঃ দিয়া আছে, P = 4kW = 4000w

V = 220V

হিটাৰটোৰ মাজেৰে চালিত প্রবাহ, I = P/V [ ‘.’ P = VI]

= 4000/220 = 18.19A

(b) হিটাৰটোৰ ৰোধ, R = V2/P [ ‘.’ P = V2/R]

= 2202/4000 = 48400/4000 = 12.1Ω

(c) হিটাৰটোৱে 2 ঘণ্টাত খৰচ কৰা শক্তি, E = P x t = 4kW x 2h

= 8 kWh

প্রশ্ন 21. দুটা কোঠা হিটাৰ ক্ৰমে 220V, 500W আৰু 220V, 800 W চিহ্নিত কৰা আছে। যদি হিটাৰ দুটা 220V মেইনছৰ লগত সমান্তৰালভাৱে সংযোগ কৰা হয়— (a) প্ৰতিটো হিটাৰে কঢ়িওৱা প্ৰৱাহ, (b) প্ৰতিটো হিটাৰৰ ৰোধ, (c) দুয়োটা হিটাৰ একেলগে ব্যৱহাৰ কৰিলে 2 ঘণ্টাত খৰচ হোৱা শক্তি (বাণিজ্যিক এককত) নির্ণয় কৰা।

উত্তৰঃ ধৰাহ’ল, P = 500W

P2 = 800W

V = 220V

(a) সমান্তৰাল সজ্জাত প্ৰতিটো হিটাৰৰ দুই মূৰৰ মাজৰ বিভৱভেদ মুঠ বিভৱভেদ 220V ৰ সমান হ’ব।

.:. প্রথম হিটাৰটোৱে কঢ়িওৱা প্ৰৱাহ, I1 = P1/V1 [ ‘.’ P = VI]

= 500/220 = 2.27 A

.:. দ্বিতীয় হিটাৰটোৱে কঢ়িওৱা প্ৰৱাহ, I2 = P2/V2 = 800/220 = 3.64A

(b) প্রথম হিটাৰটোৰ ৰোধ, R1 = V12/P1 [ ‘.’ P = V2/R]

= 2202/500 = 48400/800 = 96.8Ω

(c) দ্বিতীয় হিটাৰটোৰ ৰোধ, R2 = V22/P2 =2202/800 = 48400/800 = 60.5Ω

দুয়োটা হিটাৰৰ মুঠ ক্ষমতা, P = P1 + P2 = 500 + 800

= 1300W

= 1.3kW

.:. দুয়োটা হিটাৰ একেলগে 2 ঘণ্টা ব্যৱহাৰ কৰিলে খৰচ হোৱা শক্তি, E = P x t = 1.3 x 2 = 2.6 kWh

প্রশ্ন 22. প্ৰতিটো 6Ω ৰোধৰ তিনিটা ৰোধক কেনেদৰে সংযোগ কৰিলে সজ্জাটোৰ সমতুল্য ৰোধ (i) 9Ω আৰু (ii) 2Ω হ’ব? [HSLC 2015]

উত্তৰঃ (i) দুটা 6Ω ৰোধক সমান্তৰালভাৱে সংযোগ কৰি এই সজ্জাটোৰ লগত তৃতীয়টো 6.2 ৰোধকক শ্ৰেণীৱদ্ধভাৱে সংযোগ কৰিলে সমতুল্য ৰোধ 9Ω পোৱা যাব।

ধৰাহ’ল, দুটা 6Ω ৰোধৰ সমান্তৰাল সজ্জাৰ মুঠ ৰোধ = RP

.:. 1/RP = 1/6 + 1/6 = 2/6 = 1/3

.:. RP = 3Ω

এতিয়া, RP আৰু R3 ৰোধৰ শ্ৰেণীৱদ্ধ সজ্জাৰ মুঠ ৰোধ হ’ব—

RS = RP + R3 = 3 + 6 = 9Ω

(ii) তিনিওটা 6Ω ৰোধকক সমান্তৰাল সজ্জাত সংযোগ কৰিলে সমতুল্য ৰোধ 2Ω পোৱা যাব।

ধৰাহ’ল, ৰোধক তিনিটাৰ সমান্তৰাল সজ্জাৰ মুঠ ৰোধ = RP

.:. 1/RP = 1/R1 + 1/R2 + 1/R3 ⇒ 1/RP = 1/6 + 1/6 + 1/6

⇒ 1/RP = 3/6

⇒ 1/RP = 1/2 ⇒ RP = 2Ω

প্রশ্ন 23. প্ৰতিটো 3Ω ৰোধৰ তিনিটা ৰোধক কেনেদৰে সংযোগ কৰিলে সিহঁতৰ সমতুল্য ৰোধ হ’ব – (i) 1Ω, (ii) 2Ω?

উত্তৰঃ (i) সমতুল্য ৰোধ 1Ω পাবলৈ তিনিওটা 3Ω ৰোধকক সমান্তৰালভাৱে সংযোগ কৰিব লাগিব।

ধৰাহ’ল, ইহঁতৰ সমান্তৰাল সজ্জাৰ মুঠ ৰোধ, = RP

.:. 1/RP = 1/R1 + 1/R2 + 1/R3 ⇒ 1/RP = 1/3 + 1/3 + 1/3

⇒ 1/RP = 3/3

⇒ 1/RP = 1

⇒ RP = 1Ω

(ii) সমতুল্য ৰোধ 2Ω পাবলৈ দুটা 3Ω ৰোধক শ্রেণীবদ্ধভাৱে সংযোগ কৰি এই সজ্জাৰ লগত তৃতীয়টো 332 ৰোধক সমান্তৰালভাৱে সংযোগ কৰিব লাগিব। দুটা 3Ω ৰোধৰ শ্ৰেণীবদ্ধ সজ্জাৰ মুঠ ৰোধ,

RS = R1 ↑ R2 = 3 + 3 = 6Ω

ধৰাহ’ল, RS আৰু R3 ৰোধৰ সমান্তৰাল সজ্জাৰ মুঠ ৰোধ = RP

.:. 1/RP = 1/RS + 1/R3 = 1/6 + 1/3 = 3/6 = 1/2

.:. RP = 2Ω

প্রশ্ন 24. কেইটা 9Ω ৰোধকক সমান্তৰালভাৱে সংযোগ কৰিলে সিহঁতৰ সমতুল্য ৰোধ 0.5Ω হ’ব?

উত্তৰঃ দিয়া আছে,

প্ৰতিটো ৰোধকৰ ৰোধ = 9Ω

সমতুল্য ৰোধ, RP = 0.5Ω

ধৰাহ’ল, ৰোধকৰ সংখ্য়া = n

.:. 1/RP = 1/R1 + 1/R2 + 1/R3 + …………n

⇒ 1/RP = 1/9 + 1/9 + 1/9 + ………..n

1/RP = 1/9 x n ⇒ RP = 9/n

.:. 9/n = 0.5

⇒ n = 9/0.5

⇒ n = 90/5

⇒ n = 18

.:. নির্ণেয় ৰোধকৰ সংখ্যা = 18 টা।

প্রশ্ন 25. 11W ৰে চিহ্নিত বৈদ্যুতিক হিটাৰ এটা 220V লাইনত ব্যৱহাৰৰ বাবে তৈয়াৰ কৰা হৈছে। যদি উৎসৰ পৰা সর্বোচ্চ প্রবাহ 5A বয়, কিমানটা হিটাৰ সমান্তৰালভাৱে 220 লাইনৰ লগত সংযোগ কৰিব পৰা যাব আৰু 20 মিনিটত মুঠ কিমান শক্তি ব্যয় হ’ব? [HSLC 2017]

উত্তৰঃ দিয়া আছে, প্ৰতিটো হিটাৰৰ ক্ষমতা = 11W

বৰ্তনীটোৰ মুঠ প্রবাহ, I = 5A

বৰ্তনীৰ মুঠ বিভৱভেদ, V = 220V

ধৰাহ’ল, হিটাৰৰ সংখ্যা = n

এতিয়া, n টা হিটাৰৰ মুঠ ক্ষমতা হ’ব—

P= P1 + P2 + P3 + ………n

⇒P= 11 +11+ 11 +………..n

⇒P= 11n

এতিয়া, P = VI

⇒ 11n = 220 x 5

⇒ n = 220 x 5/11

⇒ n = 100

.:. নিৰ্ণেয় হিটাৰৰ সংখ্যা = 100 টা

.:. 100 টা হিটাৰৰ মুঠ ক্ষমতা, P = 11 × 100 = 1100W = 1.1kW

আকৌ, সময় (t) = 20 min

= 20/60h = 1/3h

.:. 20 মিনিট ( 1/3ঘণ্টা)ত ব্যয় হোৱা মুঠ শক্তি, E = P x t = 1.1 kW x 1/3 h

= 11/10 x 1/3

= 11/30 = 0.37kWh

প্রশ্ন 26. বর্তনী এটা অংকন কৰা য’ত চাৰিটা 3V কোষ থকা বেটাৰী এটা 5Ω, 10Ω, 15Ω আৰু 20Ω ৰ চাৰিটা ৰোধ, এটা চাবি, এটা এমিটাৰ শ্ৰেণীৱদ্ধ সজ্জাত আছে আৰু 20Ω বোধৰ দুই প্ৰান্তৰ মাজত এটা ভল্টমিটাৰ সংযোগ কৰা আছে। এমিটাৰ আৰু ভল্টমিটাৰৰ পাঠৰ মান উলিওৱা। [HSLC 2016]

উত্তৰঃ

ইয়াত, বৰ্তনীৰ মুঠ বিভৱভেদ, V = 3 + 3 + 3 + 3 = 12V

ধৰাহ’ল, R1 = 5Ω, R2 = 10Ω, R3 = 15Ω, R4 = 20Ω

এতিয়া, ৰোধককেইটাৰ শ্ৰেণীৱদ্ধ সজ্জাৰ মুঠ ৰোধ হ’ব,

RS = R1 + R2 + R3 + R4

= 5 + 10 + 15 + 20

= 50Ω

.:. বৰ্তনীৰ মুঠ প্ৰবাহ, I = V/RS = 12/50 = 0.24A

.:. এমিটাৰৰ পাঠ = 0.24A

আকৌ, 20Ω ৰোধৰ মাজেৰে চালিত প্রবাহ = বৰ্তনীৰ মুঠ প্রবাহ [যিহেতু ৰোধককেইটা শ্ৰেণীৱদ্ধ সজ্জাত আছে, সেয়ে প্ৰতিটো ৰোধকৰ মাজেৰে চালিত প্ৰবাহৰ মান বৰ্তনীৰ মুঠ প্ৰবাহৰ সমান ।]

.:. 20Ω ৰোধকৰ দুয়ো প্ৰান্তৰ মাজৰ বিভৱভেদ, V4 = I4R4 [ওমৰ সূত্ৰৰ পৰা]

= IR4

= 0.24 x 20

= 4.8V

.:. ভল্টমিটাৰৰ পাঠ = 4.8V

প্রশ্ন 27. ঘৰত ব্যৱহৃত ফিউজবোৰ 1A, 2A, 3A, 5A আদি নিৰিখৰ হয়। 220V ত চলা 1kW বৈদ্যুতিক ক্ষমতা খৰচ কৰা এটা বৈদ্যুতিক ইস্ত্ৰিৰ বাবে কিমান প্ৰবাহৰ নিৰিখৰ ফিউজ তাঁৰ ব্যৱহাৰ কৰিব লাগিব ?

উত্তৰঃ ইয়াত, V = 220V

P = 1kW = 1000W

I = ?

এতিয়া, P = VI ⇒ I= P/V

⇒ I = 1000/200 = 4.54A

.:. ইস্ত্ৰিটোৰ মাজেৰে চালিত প্রবাহ = 4.54A

.:. এই ক্ষেত্ৰত 5A নিৰিখৰ ফিউজ তাঁৰ ব্যৱহাৰ কৰিব লাগিব ।

প্রশ্ন 28. R ৰোধৰ এডাল তাঁৰ চাৰিটা সমান ভাগত বিভক্ত কৰা হ’ল। এই অংশবোৰ সমান্তৰালভাৱে সংযোগ কৰা হ’ল। যদি সজ্জাটোৰ সমতুল্য ৰোধ R’ হয়, তেতিয়া R/R’ অনুপাতৰ মান নির্ণয় কৰা।

উত্তৰঃ আমি জানো যে পৰিবাহীৰ ৰোধ ইয়াৰ দৈৰ্ঘ্যৰ সমানুপাতিক [ RI ] ।

ধৰাহ’ল R ৰোধৰ তাঁৰডালৰ দৈৰ্ঘ্য । তাঁৰডালৰ চাৰিটা সমান ভাগত বিভক্ত কৰিলে প্ৰতিটো ভাগৰে দৈৰ্ঘ্য হ’ব 1/4l । সেয়েহে প্ৰতিটো ভাগৰ ৰোধৰ মানো হ’ব 1/4R বা R/4 l

ধৰাহ’ল, R/4 ৰোধৰ চাৰিটা অংশৰ সমান্তৰাল সজ্জাৰ মুঠ বোধ RP I

.:. 1/RP = 1/R/4 + 1/R/4 + 1/R/4 + 1/R/4

⇒ 1/RP = 4/R + 4/R + 4/R + 4/R

⇒ 1/RP = 4/R x R

⇒ 1/RP = 16/R

বা, RP = R/16

অর্থাৎ, R’ = R/16

সেয়েহে, R/R’ = R/R/16 = R x 16/R = 16

প্রশ্ন 29. এটা বৈদ্যুতিক বাল্ব 220V আৰু 50W চিহ্নিত কৰা আছে। যেতিয়া 110V ত ইয়াক ব্যৱহাৰ কৰা হয়, ই লোৱা ক্ষমতা কিমান হ’ব?

উত্তৰঃ প্ৰথম ক্ষেত্ৰত, দিয়া আছে, V = 220V

P = 50W

R = ?

এতিয়া, P = V²/R

⇒ R = V²/P = 220²/50 = 48400/50 = 968Ω

দ্বিতীয় ক্ষেত্ৰত, V = 110V

R = 9682 [একেটা সঁজুলিৰ বাবে ৰোধৰ মান স্থিৰ]

P = ?

P = V2/R = P = 1102/968 = 12100/968 = 12.5W

.:. নির্ণেয় ক্ষমতা = 12.5W

প্রশ্ন 30. একে পদাৰ্থৰ দুডাল একে দৈৰ্ঘ্য আৰু একে ব্যাসৰ পৰিবাহী তাঁৰ প্ৰথমে শ্ৰেণীৱদ্ধ সজ্জাত আৰু পিছত সমান্তৰাল সজ্জাত এটা বৰ্তনীৰ একে বিভৱভেদত সংযোগ কৰা হ’ল। শ্রেণীৱদ্ধ আৰু সমান্তৰাল সজ্জাত সৃষ্টি হোৱা তাপৰ অনুপাত উলিওৱা।

উত্তৰঃ ইয়াত, দুয়োডাল তাঁৰৰ পদাৰ্থ, দৈৰ্ঘ্য আৰু ব্যাস (প্রস্থচ্ছেদৰ কালি) একে বাবে দুয়োডালৰে ৰোধৰ মান একে হ’ব। ধৰা হ’ল, ইহঁতৰ প্ৰত্যেকৰে ৰোধ R। ধৰাহ’ল শ্ৰেণীৱদ্ধ আৰু সমান্তৰাল দুয়োটা সজ্জাতে বর্তনীৰ মুঠ বিভৱভেদ VI

এতিয়া শ্ৰেণীৱদ্ধ সজ্জাৰ ক্ষেত্ৰত,

দুয়োডাল তাঁৰৰ মুঠ ৰোধ, RS = R + R = 2R

.:. সজ্জাটোৱে কঢ়িওৱা প্ৰবাহ, IS = V/RS = V/2R

.:. শ্ৰেণীৱদ্ধ সজ্জাত উৎপন্ন হোৱা তাপ,

HS = VISt = V x V/2R x t = v2t/2R

আকৌ সমান্তৰাল সজ্জাৰ ক্ষেত্ৰত,

ধৰাহ’ল, সজ্জাটোৰ সমতুল্য ৰোধ = RP

.:. 1/RP = 1/R + 1/R = 2/R

.:. RP = R/2

.:. সজ্জাটোৱে লোৱা প্ৰবাহ, IP = V/RP = V/R/2 = 2V/R

.:. সমান্তৰাল সজ্জাত উৎপন্ন হোৱা তাপ,

HP = VIPt = V x 2v/r x t = 2v2t/R

.:. শ্ৰেণীবদ্ধ আৰু সমান্তৰাল সজ্জাত উৎপন্ন তাপৰ অনুপাত,

HS : HP = V2t/2R/2V2t/r = V2t/2R x R/2V2t = 1/4 = 1:4

প্রশ্ন 31. 10V বিভৱভেদৰ দুটা বিন্দুৰ মাজেৰে 5C আধান চালিত কৰোঁতে কিমান কার্য কৰিব লাগিব ?

[HSLC 2022]

উত্তৰঃ দিয়া আছে, V = 10V

Q = 5C

W = ?

এতিয়া, V = W/Q ⇒ W = VQ = 10 x 5 = 50J

Leave a Comment

error: Content is protected !!