Class 10 Science Chapter 10 I পোহৰ প্রতিফলন আৰু প্ৰতিসৰণ I Question Answers SEBA

Class 10 Science Lesson 10 I প্রতিফলন আৰু প্ৰতিসৰণ I [Light Reflection and Refraction]: আমাৰ ৱেবছাইটলৈ স্বাগতম! আপোনাৰ শৈক্ষিক যাত্ৰাৰ বাবে আপোনাক দশম শ্ৰেণীৰ Notes প্ৰদান কৰি আমি আনন্দিত।

দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ বছৰ কিয়নো তেওঁলোকে আগন্তুক ব’ৰ্ড পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰে, যি তেওঁলোকৰ শৈক্ষিক সফলতা নিৰ্ধাৰণ কৰিব।

আজি, এই প্ৰবন্ধটোত মই আপোনাৰ দশম শ্ৰেণীৰ “পোহৰ— প্রতিফলন আৰু প্ৰতিসৰণ” দীঘলয়া আৰু চুটি প্ৰশ্ন আলোচনা কৰিম| আমি প্ৰায় সকলো দীঘলয়া আৰু চুটি প্ৰশ্ন Solution প্ৰদান কৰিছোঁ।

আমাৰ লক্ষ্য হৈছে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰা। আমি ইয়াত বিনামূলীয়াকৈ Notes সমূহ প্ৰদান কৰিছো। আমি আপোনাক আগন্তুক পৰীক্ষাৰ বাবে শুভেচ্ছা জনাইছো। যদি আপোনাৰ কোনো সন্দেহ আছে তেন্তে আমাৰ সৈতে যোগাযোগ কৰক।

Class 10 Science Lesson 10 Question Answer

পাঠ অন্তৰ্ভুক্ত প্রশ্নোত্তৰ

প্রশ্ন 1. অৱতল দাপোণৰ মুখ্য ফ’কাছৰ সংজ্ঞা দিয়া।

উত্তৰঃ মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মিসমূহ অৱতল দাপোণৰ দ্বাৰা প্ৰতিফলনৰ পিছত মুখ্য অক্ষত থকা যিটো বিন্দুলৈ অভিসাৰী হয়, সেই বিন্দুটোকে অৱতল দাপোণৰ মুখ্য ফ’কাছ বোলে।

প্রশ্ন 2. গোলাকাৰ দাপোণ এখনৰ ভাঁজব্যাসার্ধ 20 ছে. মি.। ইয়াৰ ফ’কাছ দৈর্ঘ্য কিমান?

উত্তৰঃ 10 ছে. মি.।

প্রশ্ন 3. এখন দাপোণৰ নাম কোৱা, যিখনে থিয় আৰু বিবর্ধিত প্রতিবিম্ব গঠন কৰে।

উত্তৰঃ অৱতল দাপোণ।

প্রশ্ন 4. গাড়ীৰ পিছলৈ চোৱা দাপোণ হিচাপে উত্তল দাপোণ কিয় পচন্দ কৰা হয় ? [HSLC 2016]

উত্তৰঃ (i) উত্তল দাপোণে সৰুকৈ হ’লেও লক্ষ্যবস্তুৰ সদায় থিয় প্রতিবিম্ব গঠন কৰে।

(ii) উত্তল দাপোণৰ প্ৰতিফলন পৃষ্ঠখন বাহিৰলৈ ভাঁজ খোৱা বাবে ইয়াৰ দৃষ্টিক্ষেত্ৰৰ পৰিসৰ বহল। সেয়েহে এনে দাপোণত গাড়ীৰ চালক এজনে পিছফালৰ বহল অঞ্চল এটিৰ প্ৰতিবিম্ব দেখা পায়।

প্রশ্ন 5. 32 cm ভাঁজ ব্যাসাৰ্দ্ধৰ উত্তল দাপোণ এখনৰ ফ’কাছ দৈৰ্ঘ্য নির্ণয় কৰা।

উত্তৰঃ 16 ছে. মি.।

প্রশ্ন 6. অবতল দাপোণ এখনে ইয়াৰ সমুখত 10 ছে. মি. দূৰত্বত ৰখা বস্তু এটাৰ তিনিগুণে বিবর্ধিত সৎ প্রতিবিম্ব গঠন কৰে। প্রতিবিম্বটোৰ অৱস্থান কি?

উত্তৰঃ দিয়া আছে,

u = – 10cm

m = 3 [সৎ প্রতিবিম্বৰ বাবে বিবৰ্ধনৰ মান ঋণাত্মক]

v = ?

আমি জানো যে,

:. প্রতিবিম্বৰ অৱস্থান = দাপোণৰ সমুখত 30cm আঁতৰত।

প্রশ্ন 7. পোহৰ ৰশ্মি এডাল বায়ুৰ পৰা হেলনীয়াকৈ পানীত প্ৰৱেশ কৰিছে। পোহৰৰ ৰশ্মিডাল উলম্বৰ কাষলৈ নে উলম্বৰ পৰা আঁতৰলৈ বেঁকা হ’ব? কিয়?

উত্তৰঃ উলম্বৰ কাষলৈ বেঁকা হ’ব। কাৰণ এই ক্ষেত্ৰত বায়ু লঘুতৰ মাধ্যম আৰু পানী ঘনতৰ মাধ্যম ৷ লঘুতৰ মাধ্যমত পোহৰৰ দ্ৰুতি তুনামূলকভাৱে বেছি আৰু ঘনতৰ মাধ্যমত পোহৰ ৰশ্মি প্ৰৱেশ কৰিলে পোহৰৰ দ্ৰুতি কমে আৰু পোহৰ ৰশ্মি উলম্বৰ কাষলৈ বেঁকা হয়।

প্রশ্ন ৪. পোহৰ বায়ুৰ পৰা 1.5 প্ৰতিসৰণাংকৰ কাঁচৰ মাধ্যমলৈ প্ৰৱেশ কৰিছে। কাঁচত পোহৰৰ দ্ৰুতি কিমান হ’ব? শূন্যত পোহৰৰ দ্ৰুতি 3 × 108m প্রতি ছেকেণ্ড। [HSLC 2018]

উত্তৰঃ দিয়া আছে,

n = 1.5

c = 3 x 108m/s

v = ?

আমি জানো যে,

:. কাঁচত পোহৰৰ দ্ৰুতি = 2 x 108m/s

প্রশ্ন 9. তালিকা 10.3 ৰ পৰা সর্বোচ্চ আলোকী ঘনত্বৰ মাধ্যমটো নিৰ্ণয় কৰা। আটাইতকৈ কম আলোকী ঘনত্বৰ মাধ্যমটোও নিৰ্ণয় কৰা।

উত্তৰঃ সর্বোচ্চ আলোকী ঘনত্বৰ মাধ্যম- হীৰা আটাইতকৈ কম আলোকী ঘনত্বৰ মাধ্যম বায়ু।

প্রশ্ন 10. তোমাক কেৰাচিন, টাৰপেনটাইন আৰু পানী দিয়া হৈছে। এই মাধ্যমকেইটাৰ কোনটোত পোহৰৰ দ্ৰুতি সর্বোচ্চ ? তালিকা 10.3ত দিয়া তথ্য ব্যৱহাৰ কৰা।

উত্তৰঃ পানীত।

প্রশ্ন 11. হীৰাৰ প্ৰতিসৰণাংক 2.42। এই উক্তিটোৰ অৰ্থ কি ? [HSLC 2018]

উত্তৰঃ এই উক্তিটোৰ অৰ্থ হ’ল— বায়ুত পোহৰৰ দ্ৰুতি আৰু হীৰাত পোহৰৰ দ্ৰুতিৰ অনুপাত 2.42।

প্রশ্ন 12 লেন্‌ছ এখনৰ 1 ডায়’প্টাৰ ক্ষমতাৰ সংজ্ঞা দিয়া। [HSLC 2017]

উত্তৰঃ 1 মিটাৰ ফ’কাছ দৈৰ্ঘ্যৰ লেন্‌ছৰ ক্ষমতাকে 1 ডায়’প্টাৰ বোলে।

প্রশ্ন 13. উত্তল লেন্‌ছ এখনে বেজী এটাৰ সৎ আৰু ওলোটা প্রতিবিম্ব তাৰ পৰা 50 ছে. মি. দূৰত্বত গঠন কৰে। যদি প্রতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সমান হয়, তেন্তে লক্ষ্যবস্তুটো উত্তল লেন্‌ছৰ সমুখত ক’ত ৰখা হৈছিল? নিৰ্ণয় কৰা। [HSLC 2018]

উত্তৰঃ যিহেতু এই ক্ষেত্ৰত উত্তল লেন্‌ছে উৎপন্ন কৰা প্ৰতিবিম্বৰ প্ৰকৃতি সৎ, ওলোটা আৰু ইয়াৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সমান, সেয়েহে এই ক্ষেত্ৰত প্রতিবিম্ব 2F, অৱস্থানত আৰু লক্ষ্যবস্তু 2F, অৱস্থানত আছে। যিহেতু লেন্‌ছৰ আলোককেন্দ্ৰৰ পৰা 2F, আৰু 2F, ৰ দূৰত্ব সমান, সেয়েহে এই ক্ষেত্ৰত লক্ষ্যবস্তু লেন্‌ছৰ সমুখত 50 ছে. মি. আঁতৰত ৰখা হৈছিল।

গাণিতিকভাৱে, এই ক্ষেত্ৰত বিবর্ধন (m) = – 1

V = + 50ছে. মি.

u = – 50 ছে. মি.

এতিয়া,

প্রশ্ন 14. 2m ফ’কাছ দৈৰ্ঘ্যৰ অৱতল লেন্‌ছ এখনৰ ক্ষমতা নির্ণয় কৰা। [HSLC 2018, 2019]

উত্তৰঃ ইয়াত, f = -2m

P = ?

আমি জানো যে,

অনুশীলনীৰ প্ৰশ্নোত্তৰ

প্রশ্ন 1. তলত দিয়া কোনটো পদার্থ লেন্‌ছ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি?

(b) কাঁচ

(c) প্লাষ্টিক

(d) মৃত্তিকা

(a) পানী

উত্তৰঃ (d) মৃত্তিকা।

প্রশ্ন 2. অৱতল দাপোন এখনে গঠন কৰা প্ৰতিবিম্বটো অসৎ, থিয় আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ পোৱা গ’ল। লক্ষ্যবস্তুৰ অৱস্থান ক’ত হ’ব লাগিব ?

(a) মুখ্য ফ’কাছ আৰু ভাঁজ ব্যাসাৰ্দ্ধৰ মাজত

(b) ভাঁজকেন্দ্ৰত

(c) ভাঁজকেন্দ্ৰৰ বাহিৰত

(d) দাপোণৰ মেৰু আৰু তাৰ মুখ্য ফ’কাছৰ মাজত।

উত্তৰঃ (d) দাপোণৰ মেৰু আৰু তাৰ মুখ্য ফ’কাছৰ মাজত।

প্রশ্ন 3. লক্ষ্যবস্তুৰ সমান আকাৰৰ সৎ প্রতিবিম্ব পাবলৈ হ’লে লক্ষ্যবস্তুটো উত্তল লেন্‌ছৰ সন্মুখত কোন স্থানত ৰাখিব লাগিব ? [HSLC 2019, 2022]

(a) লেন্‌ছৰ মুখ্য ফ’কাছত (b) ফ’কাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত

(c) অসীমত (d) লেন্‌ছৰ আলোককেন্দ্ৰ আৰু মুখ্য ফ’কাছৰ মাজত।

উত্তৰঃ (b) ফ’কাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত ৷

প্রশ্ন 4. এখন গোলাকাৰ দাপোণ আৰু এখন ক্ষীণ গোলাকাৰ লেন্‌ছৰ প্ৰত্যেকৰে ফ’কাছ দৈর্ঘ্য –15 ছে. মি.। দাপোণ আৰু লেন্‌ছৰ প্ৰকৃতি কেনেকুৱা হ’ব পাৰে?

(a) দুয়োখন অৱতল (b) দুয়োখন উত্তল

(c) দাপোণখন অৱতল লেন্‌ছখন উত্তল (d) দাপোণখন উত্তল লেন্‌ছখন অৱতল

উত্তৰঃ (a) দুয়োখন অৱতল।

প্রশ্ন 5. দাপোণ এখনৰ পৰা যিমানে দূৰত থিয় নোহোৱা লাগে প্রতিবিম্বটো সদায় থিয় হয়। দাপোণখন কেনেকুৱা হ’ব পাৰে?

(a) সমতল

(b) অৱতল

(c) উত্তল

(d) হয় সমতল নহয় উত্তল

উত্তৰঃ (d) হয় সমতল নহয় উত্তল

প্রশ্ন 6. অভিধানত থকা সৰু সৰু আখৰবোৰ পঢ়িবলৈ তুমি কেনেধৰণৰ লেন্‌ছ ব্যৱহাৰ কৰিবলৈ বিচাৰিবা? [HSLC 2020]

(a) 50 Cছ. মি. ফ’কাছ দৈৰ্ঘাৰ উত্তল লেন্‌ছ

(b) 50ছ. মি. ফ’কাছ দৈৰ্ঘাৰ অৱতল লেন্‌ছ

(c) 5ছ. মি. ফ’কাছ দৈৰ্ঘাৰ উত্তল লেন্‌ছ

(d) 5 ছৈ. মি. ফ’কাছ দৈৰ্ঘাৰ অৱতল লেন্‌ছ

উত্তৰঃ (c) 5 Cছ. মি. ফ’কাছ দৈৰ্ঘ্যৰ উত্তল লেন্‌ছ।

প্রশ্ন 7. 50 Cছ. মি. ফ’কাছ দৈৰ্ঘ্যৰ অৱতল দাপোণ এখন ব্যৱহাৰ কৰি আমি লক্ষ্যবস্তু এটাৰ নিয় প্রতিবিঘ্ন পাব বিচাৰিছো। দাপোণৰ পৰা লক্ষ্যবস্তুৰ দূৰত্বৰ পৰিসৰ কিমান হোৱা উচিত। প্রতিবিম্বৰ প্রকৃতি কি হ’ব? প্রতিবিষটো লক্ষ্যবস্তুতকৈ ডাঙৰ নে সৰু? এই ক্ষেত্ৰত প্ৰতিবিম্বৰ গঠন দেখুৱাবৰ বাবে এটা ৰশ্মিচিত্র আঁকা। [HSLC 2022]

উত্তৰঃ (i) লক্ষ্যবস্তুৰ দূৰত্বৰ পৰিসৰ দাপোণৰ মেক আৰু মুখ্য ফ’কাছৰ মাজত অর্থাৎ Ocm ৰ পৰা 50cm ৰ ভিতৰত ।

(ii) প্ৰতিবিম্বৰ প্ৰকৃতি অসৎ।

(iii) প্রতিবিষটো লক্ষ্যবস্তুতকৈ ডাঙৰ।

(iv) ৰশ্মিচিত্ৰ

প্রশ্ন 8. তলত দিয়া পৰিস্থিতিসমূহত ব্যৱহাৰ কৰা দাপোণৰ প্ৰকাৰ লিখা-

(a) গাড়ীৰ হেডলাইট (b) গাড়ীৰ পিছলৈ চোৱা দাপোণ (c) সৌৰ ভাঁতী

উত্তৰঃ (a) অৱতল দাপোণ

(b) উত্তল দাপোণ

(c) অৱতল দাপোণ।

প্রশ্ন 9, উত্তল লেন্‌ছ এখনৰ অৰ্থাংশ ক’লা কাগজেৰে ঢাকি দিয়া হ’ল। এই লেন্‌ছখনে বস্তু এটাৰ সম্পূৰ্ণ প্ৰতিবিম্ব গঠন কৰিবনে? তোমাৰ উত্তৰ পৰীক্ষাৰ যোগেদি প্রতিপন্ন কৰা। তোমাৰ পৰ্যবেক্ষণসমূহ ব্যাখ্যা কৰা।

উত্তৰঃ এই লেন্‌ছখনে বস্তু এটাৰ সম্পূর্ণ প্রতিবিম্ব গঠন কৰিব। ধৰা হ’ল উত্তল লেন্‌ছ এখনৰ তলৰ অংশটো ক’লা কাগজেৰে ঢাকি দিয়া হ’ল। এতিয়া লেন্‌ছখনৰ সমুখৰ যিকোনো অৱস্থানত লক্ষ্যবস্তু এটা ৰখা হ’ল। এতিয়া দেখা যাব যে লক্ষ্যবস্তুৰ শীৰ্ষ বিন্দুৰ পৰা মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মি এডাল লেন্‌ছত আপতিত হৈ ই প্ৰতিসৰণৰ দ্বাৰা লেন্‌ছৰ মুখ্য ফ’কাছ F, ৰ মাজেৰে পাৰ হৈ যাব। আনহাতে লক্ষ্যবস্তুৰ একেটা বিন্দুৰ পৰা আন এডাল ৰশ্মি লেন্‌ছৰ আলোককেন্দ্ৰৰ মাজেৰে দিশৰ পৰিৱৰ্তন নোহোৱাকৈ পাৰ হৈ যাব। এই প্রতিসৰিত ৰশ্মি দুডালে কটাকটি কৰা বিন্দুটোৱে লক্ষ্যবস্তুৰ শীৰ্ষবিন্দুটোৰ প্ৰতিবিম্বক সূচাব। এনেদৰে গোটেই বিস্তৃত লক্ষ্যবস্তুটোৰ বাবে এটা বিস্তৃত আৰু সম্পূৰ্ণ প্ৰতিবিম্ব পোৱা যাব। কিন্তু যিহেতু এই ক্ষেত্ৰত লক্ষ্যবস্তুৰ পৰা অহা পোহৰ ৰশ্মি লেন্‌ছখনৰ তলৰ অংশেৰে প্ৰৱেশ কৰিব নোৱাৰে, সেয়েহে উৎপন্ন হোৱা প্ৰতিবিম্বটোৰ উজ্জ্বলতা কিছু স্নান হ’ব।

প্রশ্ন 10. 5 ছে. মি. দৈৰ্ঘ্যৰ বস্তু এটা 10 ছে. মি. ফ’কাছ দৈৰ্ঘ্যৰ অভিসাৰী লেন্‌ছ এখনৰ পৰা 25 ছে. মি. দূৰত্বত ৰখা হ’ল। ইয়াৰ ৰশ্মিচিত্র আঁকা আৰু গঠিত প্ৰতিবিম্বৰ অৱস্থান, আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰা। [HSLC 2019]

উত্তৰঃ ৰশ্মিচিত্ৰৰ বাবে

h = + 5cm = 5/5 = 1 cm

f = + 10 cm = 10/5 = 2 cm

u = -25 cm = – 25/5 = – 5cm

লেন্‌ছৰ সূত্ৰৰ পৰা –

প্ৰতিবিম্বৰ অৱস্থান = লেন্‌ছৰ পৰা 50/3 ছে. মি. বা 16.67 ছে. মি.আঁতৰত ।

প্রতিবিম্বৰ প্ৰকৃতি— সৎ, ওলোটা।

এতিয়া, বিবর্ধন,

আকৌ,

প্ৰতিবিম্বৰ আকাৰ = 3.33 cm.

প্রশ্ন 11. 15 ছে. মি. ফ’কাছ দৈৰ্ঘ্যৰ অৱতল লেন্‌ছ এখনে তাৰ পৰা 10ছে. মি. দূৰত্বত প্রতিবিম্ব এটা গঠন কৰে। লক্ষ্যবস্তুটো লেন্‌ছৰ পৰা কিমান দূৰত্বত আছে? ৰশ্মিচিত্র আঁকা। [HSLC 2019, 2020]

উত্তৰঃ দিয়া আছে, f = -15cm

v = −10 cm [‘.’ প্রতিবিম্বৰ প্ৰকৃতি অসৎ, থিয়]

u = ?

লেন্‌ছৰ সূত্ৰৰ পৰা,

লেন্‌ছৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব = 30 cm

ৰশ্মিচিত্ৰৰ বাবে : u = 30cm = 30/5 = -6 cm

f = – 15 cm = 15/5 = 3 cm

প্রশ্ন 12.15 cm ফ’কাছ দৈৰ্ঘ্যৰ উত্তল দাপোণ এখনৰ পৰা 10cm দূৰত বস্তু এটা ৰখা হ’ল । প্ৰতিবিম্বৰ অৱস্থান আৰু প্ৰকৃতি নিৰ্ণয় কৰা। [HSLC 2019]

উত্তৰঃ দিয়া আছে, f = + 15cm

u = – 10cm

v = ?

দাপোণৰ সূত্ৰৰ পৰা,

:. প্রতিবিম্বৰ অৱস্থান = দাপোণৰ পিছফালে 60/7 cm অর্থাৎ, 8.57cm

প্ৰতিবিম্বৰ প্ৰকৃতি = অসৎ, থিয়।

এতিয়া, বিবর্ধন,

আকৌ,


.:. প্রতিবিম্বৰ আকাৰ = 2.14cm

প্রশ্ন 15. 18 ছে. মি. ফ’কাছ দৈৰ্ঘ্যৰ অৱতল দাপোণ এখনৰ সন্মুখত 27 ছে.মি. দূৰত্বত 7 ছে. মি. আকাৰৰ বস্তু এটা ৰখা হৈছে। দাপোণখনৰ পৰা কিমান দূৰত্বত পৰ্দা এখন ৰাখিলে তাত স্পষ্টকৈ গঠন হোৱা প্ৰতিবিম্ব এটা পোৱা যাব? প্রতিবিম্বৰ আকাৰ আৰু প্ৰকৃতি নির্ণয় কৰা। [HSLC 2020]

উত্তৰঃ দিয়া আছে, f =−18cm

u = -27cm

h= +7cm

v = ?

h’ = ?

দাপোণৰ সূত্ৰৰ পৰা,

দাপোণৰ পৰা পৰ্দাৰ দূৰত্ব = 54 cm.

প্ৰতিবিম্বৰ প্ৰকৃতি = সৎ, ওলোটা।

:. এতিয়া, বিবর্ধন, m = – v/u m => -54/-27 = -2

আকৌ, m = h’/h => -2 = h’/7 => h’ = -14 cm

প্রতিবিম্বৰ আকাৰ = 14 cm

প্রশ্ন 16. –2.0 D ক্ষমতাৰ লেন্‌ছ এখনৰ ফ’কাছ দৈৰ্ঘ্য কিমান? লেন্‌ছখনৰ প্ৰকৃতি কেনেকুৱা?

[HSLC 2017]

উত্তৰঃ দিয়া আছে, P = – 2.0 D

f = ?

আমি জানো যে, P = 1/f => f = 1/P

=> f = 1/-2 => f = 0.5 m

লেন্‌ছৰ প্ৰকৃতি = অৱতল।

প্রশ্ন 17. ডাক্তৰ এজনে বিধান দিয়া সংশোধনীমূলক লেন্‌ছৰ ক্ষমতা +1.. লেন্‌ছখনৰ ফ’কাছ দৈৰ্ঘ্য নির্ণয় কৰা। এই লেন্‌ছখন অভিসাৰী নে অপসাৰী ?

উত্তৰঃ দিয়া আছে, P = +1.D

f = ?

আমি জানো যে, P = 1/f => f = 1/P

=> f = 1/1.5

=> f = 10/15 => f = 0.67 m

এই লেন্‌ছখন অভিসাৰী।

অতিৰিক্ত প্রশ্নোত্তৰ

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন 1. লেন্‌ছৰ ক্ষমতা কাক বোলে? [HSLC 2020]

উত্তৰঃ লেন্‌ছ এখনে ইয়াত আপতিত পোহৰ ৰশ্মিক যি মাত্ৰাত অভিসাৰী বা অপসাৰী কৰে, তাক লেন্‌ছৰ ক্ষমতা বোলে।

প্রশ্ন 2. লেন্‌ছৰ ক্ষমতাৰ SI একক কি? [HSLC 2020]

উত্তৰঃ ডায়’প্টাৰ (D)।

প্রশ্ন 3. 30cm ভাঁজব্যাসাৰ্দ্ধৰ উত্তল দাপোণ এখনৰ ফ’কাছ দৈৰ্ঘ্য নির্ণয় কৰা। [HSLC 2022]

উত্তৰঃ দিয়া আছে, R = + 30cm

:. f = R/2 = + 30/2 =+ 15 cm

চমু প্রশ্নোত্তৰ

প্রশ্ন 6. উত্তল দাপোণ এখনে তলত দিয়া লক্ষ্যবস্তুৰ অৱস্থানৰ বাবে গঠন কৰা প্রতিবিম্বৰ বাবে ৰশ্মিচিত্র আঁকা।

(a) লক্ষ্যবস্তু অসীমত

(b) লক্ষ্যবস্তু অসীম আৰু দাপোণৰ মেৰুৰ মাজত। [HSLC 2017, 2018]

উত্তৰঃ

প্রশ্ন 10. পোহৰৰ প্ৰতিসৰণৰ নিয়মসমূহ লিখা। [HSLC 2016]

উত্তৰঃ (i) আপতিত ৰশ্মি, প্রতিসৰিত ৰশ্মি আৰু স্বচ্ছ মাধ্যম দুটাৰ সন্ধিতলত আপতন বিন্দুত টনা অভিলম্ব একেখন সমতলত থাকে।

(ii) প্রদত্ত মাধ্যম যুগ্ম আৰু প্ৰদত্ত ৰঙৰ পোহৰৰ বাবে আপতন কোণৰ চাইন আৰু প্ৰতিসৰণ কোণৰ চাইনৰ অনুপাত এটা ধ্ৰুৱক।

প্রশ্ন 11. উত্তল লেন্‌ছ এখনে তলত দিয়া লক্ষ্যবস্তুৰ অৱস্থানসমূহৰ বাবে গঠন কৰা প্রতিবিম্বৰ ৰশ্মিচিত্র আঁকা।

(a) লক্ষ্যবস্তু অসীমত

(b) লক্ষ্যবস্তু 2F, ৰ পৰা আঁতৰত

(c) লক্ষ্যবস্তু 2Fত (ফ’কাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত) [HSLC 2020]

(d) লক্ষ্যবস্তু F, আৰু 2F, ৰ মাজত । [HSLC 2017]

(e) লক্ষ্যবস্তু ফ’কাছ F

(f) লক্ষ্যবস্তু ফ’কাছ F, আৰু আলোককেন্দ্ৰ O ৰ মাজত।

উত্তৰঃ

সাংখ্যিক সমস্যাৰ সমাধান

প্রশ্ন 1: উত্তল দাপোণ এখনৰ সন্মুখত 10. মি. দূৰত্বত লক্ষ্যবস্তু এটা ৰখা হৈছে৷ দাপোণৰ পিছফালে  5 ছে. মি. দূৰত্ব প্রতিবিম্ব গঠন হৈছে। উত্তল দাপোণৰ ফ’কাছ দৈৰ্ঘ্য় নিৰ্ণয় কৰা। [HSLC 2015]

উত্তৰঃ দিয়া আছে, u = -10 ছে, মি.

v = +50 ছে, মি.

f = ?

দাপোণৰ সূত্ৰৰ পৰা, 1/v + 1/u = 1/f ⇒ 1/5 + 1/-10 = 1/f

⇒ 1/5 – 1/10 = 1/f

⇒ 2-1/10 = 1/f

⇒ 1/10 = 1/f

⇒ f = 10 ছে, মি.

প্রশ্ন 2. 30 ছে. মি. ফ’কাছ দৈৰ্ঘ্যৰ এখন উত্তল লেন্‌ছে 3 গুণ পৰিবৰ্ধিত সৎপ্রতিবিম্ব গঠন কৰে। লক্ষ্যবস্তুৰ অৱস্থান নির্ণয় কৰা। [HSLC 2015]

উত্তৰঃ দিয়া আছে, f = + 30ছে. মি

এতিয়া, m = v/u ⇒ -3 = v/u

⇒ v = -3u

লেন্‌ছৰ সূত্ৰ পৰা, 1/v – 1/u = 1/f ⇒ 1/-3u – 1/u = 1/30

⇒ -1/3u – 1/u = 1/30

⇒ -1-3/3u = 1/30

⇒ -4/3u = 1/30

⇒ 3u = -120

⇒ u = -40

.:. লক্ষ্যবস্তুৰ অৱস্থান = লেন্‌ছৰ পৰা 40 ছে. মি. আঁতৰত ।

প্রশ্ন 3.1 ছে. মি. আকাৰৰ লক্ষ্যবস্তু এটা 10 ছে. মি. ফ’কাছ দৈৰ্ঘ্যৰ উত্তল লেন্‌ছ এখনৰ সমুখত 15 ছে. মি. দূৰত্বত ৰখা হৈছে। প্ৰতিবিম্বৰ প্ৰকৃতি, আকাৰ আৰু অৱস্থান নিৰ্ণয় কৰা। [HSLC 2015]

উত্তৰঃ দিয়া আছে, h = + 1 ছে. মি

f = +10 ছে. মি

u = – 15 ছে. মি

v = ?

h = ?

লেন্‌ছৰ সূত্ৰ পৰা, 1/v1/u = 1/f1/v = 1/f + 1/u

1/v = 1/10 + 1/-15

1/v = 1//101/15

⇒ 1/v = 3-2/30

⇒ 1/v = 1/30

⇒ v = 30 ছে. মি.

:. প্রতিবিম্বৰ অৱস্থান = লেন্‌ছৰ পৰা 30 ছে. মি. দূৰত

প্ৰতিবিম্বৰ প্ৰকৃতি = সৎ, ওলোটা।

এতিয়া বিবর্ধন, m = v/u ⇒ m = 30/-15 ⇒ m = -2

আকৌ, m = h’/h ⇒ -2 = h’/1 ⇒ h’ =-2

:. প্রতিবিম্বৰ আকাৰ = 2 ছে.মি.

প্রশ্ন 4. বাহন এখনৰ পিছলৈ চোৱা উত্তল দাপোণ এখনৰ ভাঁজ ব্যাসার্দ্ধ 4m। দাপোণখনৰ পৰা 5m দূৰত্বত এখন বাছ আছে। বাছখনৰ প্ৰতিবিম্বৰ স্থান নির্ণয় কৰা। [HSLC 2016]

উত্তৰঃ দিয়া আছে, R= + 4m
f = R/2 = +4/2 = +2m

u = -5 m

v = ?

দাপোণৰ সূত্ৰৰ পৰা, 1/v + 1/u = 1/f ⇒ 1/v = 1/f – 1/u

⇒ 1/v = 1/2 – 1/-5

⇒ 1/v = 1/2 + 1/5

⇒ 1/v = 5+2/10

⇒ 1/v = 7/10 ⇒ v = 10/7

⇒ v = 1.42 m

:. প্রতিবিম্বৰ অৱস্থান = দাপোণৰ পিছফালে 1.42m (প্রায়) আঁতৰত।

প্রশ্ন 5.10 ছে. মি. ফ’কাছ দৈৰ্ঘ্যৰ উত্তল লেন্‌ছ এখনৰ মুখ্য অক্ষৰ লম্বভাবে 20 মি.মি. উচ্চতাৰ বস্তু এটা ৰখা হ’ল। যদি লেন্‌ছ আৰু লক্ষ্যবস্তুৰ মাজৰ দূৰত্ব 15ছে.মি. হয়, তেন্তে প্রতিবিম্বৰ প্রকৃতি, অৱস্থান আৰু আকাৰ নির্ণয় কৰা। প্রতিবিম্বৰ বিবর্ধন উলিওৱা। [HSLC 2019]

উত্তৰঃ দিয়া আছে, f = + 10 ছে. মি.

:. h = +20 mm = 20/10 = 2 ছে. মি.

u = -15 cm

v = ?

h’ = ?

লেন্‌ছৰ সূত্ৰ পৰা, 1/v1/u = 1/f1/v = 1/f + 1/u

⇒ 1/v = 1/10 + 1/-15

⇒ 1/v = 1/10 – 1/15

⇒ 1/v = 3-2/30

⇒ 1/v = 1/30

⇒ v = 30 cm

:. প্ৰতিবিম্বৰ অৱস্থান = লেন্‌ছৰ পৰা 30cm দূৰত ৷

প্রতিবিম্বৰ প্ৰকৃতি = সৎ, ওলোটা।

আকৌ, m = m = h’/h ⇒ -2 = h’/2

⇒ h’ = -4 cm

:. প্রতিবিম্বৰ আকাৰ = 4 cm

প্রশ্ন 6. 15cm ‘কাছ দৈৰ্ঘ্যৰ অৱতল লেন্‌ছ এখনৰ পৰা কিমান দূৰত্বত লক্ষ্যবস্তু এটা ৰাখিলে তাৰ পৰা 10cm দূৰত্বত পেনছে প্রতিবিম্ব এটা গঠন কৰিব? তদুপৰি লেন্‌ছত হোৱা বিবর্ধন আৰু প্ৰতিবিম্বৰ প্ৰকৃতি নির্ণয় কৰা। [HSLC 2019, 2020]

উত্তৰঃ দিয়া আছে,f= -15ছে. মি

v = -10 ছে. মি

u= ?

লেন্‌ছৰ সূত্ৰ পৰা, 1/v1/u = 1/f1/v1/f = 1/u

⇒ 1/-10 – 1/-15 = 1/u

⇒ -1/10 + 1/15 = 1/u

⇒ -3+2/30 = 1/u

⇒ -1/30 = 1/u

⇒ u = -30 cm

:. প্ৰতিবিম্বৰ অৱস্থান = লেন্‌ছৰ পৰা 30 ছে. মি. দূৰত

প্ৰতিবিম্বৰ প্ৰকৃতি = অসৎ, ওলোটা।

এতিয়া বিবর্ধন, m = v/u ⇒ m = -10/-30

⇒ m 1/3

প্রশ্ন 7. সৰু বাহন এখনৰ পিছলৈ চোৱা উত্তল দাপোণ এখনৰ ভাঁজ ব্যাসাৰ্দ্ধ 2 মি.। দাপোণখনৰ পৰা 15 মি. দূৰত্বত থকা ট্ৰাক এখনৰ প্ৰতিবিম্বৰ স্থান, প্রকৃতি আৰু আকাৰ নিৰ্ণয় কৰা। [HSLC 2022]

উত্তৰঃ দিয়া আছে, R= + 2m

:. f= R/2 = +2/2 = +1m

দাপোণৰ সূত্ৰৰ পৰা, 1/v + 1/u = 1/f ⇒ 1/v = 1/f – 1/u

⇒ 1/v = 1/1 – 1/-15

⇒ 1/v = 1/1 + 1/15

⇒ 1/v = 15+1/15

⇒ 1/v = 16/15

⇒ v = 15/16 মি.

:. প্ৰতিবিম্বৰ অৱস্থান = দাপোণৰ পৰা 15/16 মি. বা 0.94 মি. আঁতৰত ।

প্ৰতিবিম্বৰ প্ৰকৃতি = অসৎ, থিয়।

এতিয়া বিবর্ধন, m = – v/u ⇒ m = -(15/16)/-15

⇒ m = 15/16 X 1/15

⇒ m = 1/16

⇒ m = 0.06

:. প্রতিবিম্বৰ আকাৰ = লক্ষ্যবস্তুৰ তুলনাত 0.06 গুণ সৰু।

প্রশ্ন 8. 15.0 ছে. মি. দৈৰ্ঘ্যৰ অৱতল দাপোণ এখনৰ সন্মুখত 25.0 ছে, মি দূৰত্বত 4.0 ছে.মি. আকাৰৰ লক্ষ্যবস্তু এটা ৰখা হৈছে। স্পষ্ট প্রতিবিম্ব এটা পাবলৈ দাপোণখনৰ পৰা কিমান দূৰত পৰ্দা এখন ৰাখিব লাগিব? প্রতিবিম্বৰ প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা।

উত্তৰঃ দিয়া আছে, h = + 4.0 ছে. মি

u = – 25.0 ছে. মি

f = – 15.0 ছে. মি

v = ?

দাপোণৰ সূত্ৰৰ পৰা, 1/v + 1/u = 1/f ⇒ 1/v = 1/f – 1/u

⇒ 1/v = 1/-15 – 1/-25

⇒ 1/v = -1/15 + 1/25

⇒ 1/v = -5+3/75

⇒ 1/v = -2/75

⇒ v = -75/2 = -37.5

:. প্ৰতিবিম্বৰ অৱস্থান = দাপোণৰ সন্মুখত দাপোণৰ পৰা 37.5 ছে. মি. দূৰত।

:. দাপোণৰ পৰা পদাখনৰ দূৰত্ব = 37.5 ছে. মি.

এতিয়া বিবর্ধন, m = -v/u ⇒ m = -(75/2)/-25

⇒ m = -75/2 X 1/25

⇒ m = -3/2

আকৌ, m= h’/h ⇒ -3/2 = h’/4

⇒ h’ = -12/2

⇒ h’ = -6

:. প্রতিবিম্বৰ আকাৰ = 6 ছে. মি.

প্রতিবিম্বৰ প্ৰকৃতি = সৎ, ওলোটা।

প্রশ্ন 9. 10 ছে. মি. ফ’কাছ দৈৰ্ঘ্যৰ উত্তল দাপোণ এখনৰ পৰা কিমান দূৰত্বত লক্ষ্যবস্তু এটা ৰাখিলে দাপোণে ৪ ছে. মি. দূৰত্বত এটা প্রতিবিম্ব গঠন কৰিব ?

উত্তৰঃ দিয়া আছে,

f = +10 ছে. মি.

v = + ৪ ছে. মি. [উত্তল দাপোণে উৎপন্ন কৰা প্ৰতিবিম্ব অসৎ, থিয়]

u = ?

দাপোণৰ সূত্ৰৰ পৰা, 1/v + 1/u = 1/f ⇒ 1/u = 1/f – 1/v

⇒ 1/u = 1/10 – 1/8

⇒ 1/u = 4-5/40

⇒ 1/u = -1/40

⇒ u = -40

:. দাপোণৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব = 40 ছে. মি.

প্রশ্ন 10. 15 ছে. মি. ফ’কাছ দৈৰ্ঘ্যৰ অৱতল দাপোণ এখনে এটা. 3 গুণ ডাঙৰ সৎ প্রতিবিম্ব গঠন কৰে। দাপোণৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব নির্ণয় কৰা।

উত্তৰঃ দিয়া আছে,

f = -15 ছে. মি.

m = – 3 .ছে. মি. [সৎ প্ৰতিবিম্বৰ বাবে বিবর্ধন মান ঋণাত্মক]

u = ?

এতিয়া, m = -v/u ⇒ -3 = – v/u

⇒ 3 = v/u

⇒ v = 3u —————→ (i)

দাপোণৰ সূত্ৰৰ পৰা, 1/v + 1/u = 1/f ⇒ 1/v = 1/f – 1/u

⇒ 1+3/3u = -1/15

⇒ 4/3u = -1/15

⇒ 3u = -60

⇒ u = -60/3

⇒ u = -20 cm

:. দাপোণৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব = 20 ছে. মি.

Conclusion:

আমি বিশ্বাস কৰোঁ যে এই টোকাবোৰে শিক্ষাৰ্থীসকলক বিষয়বোৰৰ বিষয়ে ভালদৰে বুজাবুজি বিকশিত কৰাত আৰু তেওঁলোকৰ পৰীক্ষাৰ বাবে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰিব।

আমি নিশ্চিত যে এই টোকাবোৰে শিক্ষাৰ্থীসকলক তেওঁলোকৰ লক্ষ্য প্ৰাপ্ত কৰাত আৰু তেওঁলোকৰ শৈক্ষিক প্ৰদৰ্শন বৃদ্ধি কৰাত সহায় কৰিব। যদি আপুনি এই প্ৰবন্ধটো ভাল পায় আৰু সহায়ক হয় তেন্তে আপোনাৰ বন্ধুবৰ্গৰ সৈতে Share কৰিবলৈ নাপাহৰিব।

Leave a Comment

error: Content is protected !!