Class 10 Science Chapter 1 MCQ SEBA

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰন (Chemical Reaction and Equation)

১) তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ ?

Pb2O + C –→ Pb2 + C O2


(a) লেড বিজাৰিত হৈছে। (b) কার্বন ডাই অক্সাইড জাৰিত হৈছে

(c) কাৰ্বন জাৰিত হৈছে। (d) লেড অক্সাইড বিজাৰিত হৈছে।


উত্তৰ : (a) আৰু (b) 
২)  Fe2 O3 + 2 Al→Al2 O3+2Fe

ওপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ –    [HSLC. 2016, 2018]

 (a)
এটা সংযোজন বিক্ৰিয়াৰ (b) এটা দ্বি-অপসৰণ বিক্ৰিয়াৰ

(c)
এটা বিয়োজন বিক্ৰিয়াৰ  (d) এটা অপসৰণ বিক্ৰিয়াৰ

উত্তৰ : (d) এটা অপসৰণ বিক্ৰিয়াৰ
৩) কি ঘটে যেতিয়া লঘু হাইড্ৰ’ক্লৰিক এছিড লোৰ গুড়িত যোগ কৰা হয় ? শুদ্ধ উত্তৰটোত টিক্ চিন দিয়া। [HSLC 2017]

(a) হাইড্র’জেন গেছ আৰু আইৰণ ক্ল’ৰাইড উৎপন্ন হয়।

(b) ক্ল’ৰিণ গেছ আৰু আইৰণ হাইড্ৰক্লাইড উৎপন্ন হয় ।

(c) বিক্রিয়া নঘটে।

(d) আইৰণ লৱণ আৰু পানী উৎপন্ন হয়।

উত্তৰ : (a) হাইড্ৰজেন গেছ আৰু আইৰণ ক্ল’ৰাইড উৎপন্ন হয়।
৪) সন্তুলিত ৰাসায়নিক সমীকৰণ কি ? ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰিব লাগে [HSLC 2022]

উত্তৰ : যেতিয়া ৰাসায়নিক সমীকৰণ এটাত বিক্ৰিয়াৰ আগত আৰু বিক্ৰিয়াৰ পাছত প্ৰতিটো মৌলৰ পৰমাণুৰ

সংখ্যা একে থাকে, তেতিয়া তাক সন্তুলিত ৰাসায়নিক সমীকৰণ বোলে।

ভৰৰ নিত্যতা বিধি অনুসৰি ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হ’ব নোৱাৰে। অন্য অৰ্থত,

বিক্ৰিয়া এটাত বিক্রিয়াজাত পদাৰ্থবোৰত থকা মৌলসমূহৰ মুঠ ভৰ, বিক্রিয়ক পদাৰ্থবোৰত থকা মৌলসমূহৰ মুঠ

ভৰৰ সমান হ’ব লাগিব। সেয়েহে বিক্ৰিয়াৰ আগত আৰু বিক্ৰিয়াৰ পাছত প্ৰতিটো মৌলৰে পৰমাণু সংখ্যা সমান

হ’ব লাগিব। এইবাবে ৰাসায়নিক সমীকৰণসমূহ সন্তুলিত কৰিব লাগে ।
৫)তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণ ৰূপত লিখা আৰু সন্তুলন কৰা

(a) হাইড্ৰজেন গেছে নাইট্ৰ’জেনৰ সৈতে লগ হৈ এম’নিয়া প্ৰস্তুত কৰে ৷ [HSLC 2016,2018]

(b) হাইড্ৰ’জেন ছালফাইডে বায়ু দাহিত হৈ পানী আৰু ছালফাৰ ডাইঅক্সাইড উৎপন্ন কৰে। [HSLC 2015,2018,2020]

(c) বেৰিয়াম ক্ল’ৰাইডে এলুমিনিয়াম ছালফেটৰ সৈতে বিক্ৰিয়া কৰি এলুমিনিয়াম ক্ল’ৰাইড আৰু বেৰিয়াম

ছালফেট অধঃক্ষেপ উৎপন্ন কৰে। [HSLC 2015] 

(d) পটাছিয়ামে ধাতুৱে পানীৰে সৈতে বিক্ৰিয়া কৰি পটাছিয়াম হাইড্রক্সাইড আৰু হাইড্ৰ’জেন গেছ উৎপন্ন হয় । [HSLC 2020]

উত্তৰঃ (a) 3H2 + N2 → 2NH3

(b) 2H2S+302 → 2H2O + 2SO2

(c) 3 BaCl2+Al2(SO4)3 → 2AICI3 + 3BaSO4

(d) 2K + 2H20- → 2KOH + H2
৬) তলৰ ৰাসায়নিক সমীকৰণসমূহ সন্তুলন কৰা ।

(a) HNO3 + Ca(OH)2 → Ca (NO3)2 + H2O

(b) NaOH + H2SO →Na2SO4 +H2O

(c) NaCl + AgNO3 → AgCl + NaNO3

(d) BaCl2 + H2SO → BaSO4 + HCl.

উত্তৰ : (a) 2HNO + Ca(OH)2 → Ca(NO3)2 + 2H2O

(b) 2NaOH + H2SO4→ Na2SO4+ 2H2O

(c) NaCl + AgNO3→ AgCl + NaNO3

(d) BaCl2+H2SO4 → BaSO4 + 2HCl 
৭)তলৰ বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা ।

(a) কেলছিয়াম হাইড্রক্সাইড + কার্বন-ডাই অক্সাইড → কেলছিয়াম কার্বনেট + পানী

(b) যিংক + ছিলভাৰ নাইট্রেট→ জিংক নাইট্রেট + ছিলভাৰ 

(c) এলুমিনিয়াম + কপাৰ ক্লাইড → এলুমিনিয়াম ক্ল’ৰাইড + কপাৰ।

(d) বেৰিয়াম ক্ল’ৰাইড + পটাছিয়াম ছালফেট → বেৰিয়াম ছালফেট’ + পটাছিয়াম ক্ল’ৰাইড

উত্তৰ : (a) Ca(OH)2 + CO2 → CaCO3 + H2O

(b) Zn + 2AgNO3→ Zn(NO3)2 + 2Ag

(c)2Al + 3CuCl2→2AlCl3 + 3Cu

(d) BaCl2 + K2SO4 → BaSO4 +2KCI
৮) তলত দিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণবোৰ লিখা আৰু
প্ৰতিটো কোন প্ৰকাৰৰ বিক্রিয়া চিনাক্ত কৰা ৷


(a) পটাছিয়াম ব্ৰ’মাইড (aq) + বেৰিয়াম আয়’ডাইড (aq) → পটাছিয়ামআইয়’ডাইড (aq) বেৰিয়াম ব্ৰ’মাইড (s)

(b) জিংক কার্বনেট (s) → জিংক অক্সাইড (s)+ কার্বন-ডাই-অক্সাইড (g) [HSLC 2016]

(c) হাইড্ৰ’জেন (g) + ক্ল’ৰিণ (g)→ হাইড্ৰজেন ক্ল’ৰাইড (g) [HSLC 2022]

(d) মেগনেছিয়াম (s) + হাইড্ৰ’ক্লৰিক এছিড (aq) → মেগনেছিয়াম ক্ল’ৰাইড (aq)+ হাইড্ৰ’জেন (g)

উত্তৰ : (a) 2KBr (aq) + Bal2 (aq) → 2KI (aq) + BaBr2(s)

প্ৰকাৰ : দ্বি-অপসৰণ বিক্ৰিয়া ৷

(b) ZnCO3(s) → ZnO (s) + CO2(g)

প্ৰকাৰ : বিয়োজন বিক্রিয়া।

(c) H2 (g) + Cl2 (g) → 2HCl(aq)

প্ৰকাৰ : সংযোজন বিক্রিয়া।

(d) Mg(s) + 2HCl(g) → MgCl2(aq) + H2(g)

প্ৰকাৰ : অপসৰণ বিক্রিয়া।
৯)তাপবর্জী আৰু তাপগ্রাহী বিক্ৰিয়া বুলিলে কি বুজা ? উদাহৰণ দিয়া। [HSLC2016,2018]

উত্তৰ :


তাপবর্জী বিক্রিয়া : যি ৰাসায়নিক বিক্ৰিয়াত বিক্রিয়াজাত পদাৰ্থৰ লগতে তাপৰো উদ্ভৱ হয়, তাক তাপবর্জী বিক্রিয়া বোলে।

যেনে— CaO + H2O → Ca(OH)2 + তাপ

তাপগ্রাহী বিক্রিয়া : যি ৰাসায়নিক বিক্ৰিয়াত বিক্রিয়ক পদার্থ এটাই তাপ, পোহৰ বা বিদ্যুৎ হিচাপে শক্তি শোষণ কৰি দুটা বা ততোধিক সৰল বিক্রিয়াজাত পদাৰ্থলৈ ভাঙি যায়, তাক তাপগ্রাহী বিক্রিয়া বোলে।

যেনে— CaCO3 তাপ CaO + CO2
১০)শ্বসনক এটা তাপবর্জী বিক্রিয়া বুলি কিয় বিবেচনা কৰা হৈছে? ব্যাখ্যা কৰা ৷

উত্তৰঃ শ্বসন হ’ল এক কোষীয় প্রক্রিয়া, যত গ্ল’কজ অণুই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কাৰ্বন ডাই অক্সাইড,

পানী আৰু শক্তি উৎপন্ন কৰে। আমি খাদ্য হিচাপে গ্ৰহণ কৰা কাৰ্বহাইড্ৰেটৰ পাচনৰ ফলত আমাৰ শৰীৰত

গ্লুক’জ উৎপন্ন হয়। আনহাতে কোষীয় শ্বসনত উৎপন্ন শক্তি শৰীৰৰ বিভিন্ন জৈৱ ৰাসায়নিক বিক্ৰিয়াত ব্যৱহাৰ

হোৱাৰ লগতে এই শক্তি যান্ত্ৰিক কাৰ্য সম্পাদনতো ব্যৱহাৰ হয়। শ্বসনত শক্তি উৎপন্ন হয় বাবে ইয়াক তাপবর্জী

বিক্ৰিয়া হিচাপে বিবেচনা কৰা হয়। শ্বসনৰ লগত জড়িত বিক্ৰিয়াটো হ’ল—

CH12O6 + 602 – → 6CO2 + 6H2O + শক্তি
(গ্লুক’জ)
১১) বিযোজন বিক্ৰিয়াক এটা সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কিয় ? এইসমূহ বিক্ৰিয়াৰ বাবে সমীকৰণ লিখা । [HSLC 2015]

উত্তৰঃ বিযোজন বিক্ৰিয়াত এটাই মাথোঁ বিক্রিয়ক পদাৰ্থ ভাঙি গৈ দুটা বা ততোধিক সৰল বিক্ৰিয়াজত পদার্থ

উৎপন্ন কৰে। আনহাতে সংযোজন বিক্ৰিয়াত দুটা বা ততোধিক বিক্রিয়ক পদাৰ্থ লগ হৈ এটাই মাত্ৰ বিক্রিয়াজাত

পদাৰ্থ উৎপন্ন কৰে। সেয়েহে দুয়োবিধ বিক্ৰিয়াক পৰস্পৰৰ বিপৰীত বোলা হয় ।

সংযোজন বিক্রিয়া: C + O2→ CO2

বিযোজন বিক্রিয়া: CaCO3 তাপ CaO + CO2
১২)তাপ, পোহৰ আৰু বিদ্যুৎ শক্তিৰে সংঘটিত বিযোজন বিক্ৰিয়াৰ একোটাকৈ সমীকৰণ লিখা।

উত্তৰ : (i) তাপ: CaCO3 তাপ CaO + CO2

(ii) পোহৰ: 2AgCl সূৰ্যৰ পোহৰ2Ag + Cl2


(iii) বিদ্যুৎ : 2H2O বিদ্যুৎ 2H2+02
১৩)অপসৰণ আৰু দ্বি-অপসৰণ ৰাসায়নিক বিক্ৰিয়াৰ মাজৰ পাৰ্থক্য কি ? এই বিক্ৰিয়াবোৰৰ বাবে সমীকৰণ লিখা ।

উত্তৰ : যি ৰাসায়নিক বিক্ৰিয়াত এটা বেছি সক্রিয় মৌলই আন এটা কম সক্রিয় মৌলক তাৰ যৌগৰ পৰা

অপসাৰিত কৰে, তাক অপসৰণ বিক্রিয়া বোলে।

আনহাতে যি ৰাসায়নিক বিক্ৰিয়াত বিক্রিয়ক পদাৰ্থবোৰৰ মাজত আয়নৰ বিনিময় ঘটি বিক্রিয়াজাত

পদার্থসমূহ উৎপন্ন হয়, তাক দ্বিঅপসৰণ বিক্রিয়া বোলে ।

অপসৰণ বিক্রিয়া : Fe + CuSO4 FeSO4 + Cu

দ্বি-অপসৰণ বিক্রিয়া: NaCl + AgNO3 → AgCl + NaNO3
১৪)ছিলভাৰৰ পৰিশোধনত ছিলভাৰ নাইট্রেট দ্ৰৱৰ পৰা ছিলভাৰ আহৰণ কৰোঁতে কপাৰ ধাতুৰ দ্বাৰা অপসৰণ সংঘটিত কৰা হয়। জড়িত বিক্ৰিয়াটো লিখা।

উত্তৰ:
Cu + 2AgNO3 Cu(NO3)2 + 2Ag
১৫)অধঃক্ষেপণ বিক্রিয়া মানে কি বুজা ? উদাহৰণ দি ব্যাখ্যা কৰা।

উত্তৰ: যি ৰাসায়নিক বিক্ৰিয়াত পানীত অদ্ৰৱণীয় পদার্থ বা অধঃক্ষেপ উৎপন্ন হয়, তাক অধঃক্ষেপণ বিক্রিয়া

বোলে ।
যেনে – Na2SO4 + BaCl2→ BaSO4 + 2NaCl
(বগা অধঃক্ষেপ)
১৬) অক্সিজেন লাভ আৰু হেৰুওৱাৰ সংজ্ঞাৰে তলৰ পদসমূহৰ দুটাকৈ উদাহৰণসহ ব্যাখ্যা কৰা । [HSLC 2019]
(a) জাৰণ (b) বিজাৰণ

উত্তৰ : (a) জাৰণ : যি ৰাসায়নিক বিক্ৰিয়াত কোনো এটা পদার্থই অক্সিজেন লাভ কৰে, তাক জাৰণ বিক্রিয়া

বোলে।

যেনে – (i) 2Cu + O2 → 2CuO

(ii) 2Mg + O2 →2MgO

(b) বিজাৰণ : যি ৰাসায়নিক বিক্ৰিয়াত কোনো এটা পদার্থই অক্সিজেন হেৰুৱায়, তাক বিজাৰণ বিক্রিয়া বোলে।

যেনে – (i) ZnO + C → Zn + CO
বিজাৰণ
(ii) CuO + H2Cu + H2O
বিজাৰণ
১৭) এটা উজ্জ্বল মুগা ৰঙৰ মৌল X ক বায়ুত গৰম কৰাত ক’লা হৈ পৰিল । মৌল X আৰু উৎপন্ন হোৱা

ক’লা ৰঙৰ যৌগটোৰ নাম লিখা । [HSLC 2020]

উত্তৰ : মৌল x ৰ নাম তাম আৰু ক’লা ৰঙৰ যৌগটোৰ নাম কপাৰ অক্সাইড।
১৮)লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিওঁ কিয়? [HSLC.’18,’20] 

উত্তৰ : লোই বায়ুৰ অক্সিজেন আৰু জলীয় বাষ্পৰ লগত বিক্ৰিয়া কৰি মামৰ উৎপন্ন কৰে আৰু এনেদৰে

ক্ষয়প্রাপ্ত হয়। সেয়েহে লোক সেমেকা বায়ুৰ সংস্পৰ্শলৈ নাহিবলৈ লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিয়া হয় ।
১৯)তেল আৰু চর্বি থকা খাদ্য বস্তু নাইট্ৰ’জেনৰ পৰিৱেশত পেকেটত ভৰোৱা হয় কিয় ? [HSLC.’18]

উত্তৰ : কাৰণ নাইট্ৰ’জেন এবিধ প্ৰতিজাৰক পদাৰ্থ, যিয়ে তেল আৰু চৰ্বী থাকা খাদ্যবস্তুক জাৰিত হোৱাৰ পৰা

ৰক্ষা কৰি সিহঁতক ৰেণচিডিটিৰ পৰা ৰক্ষা কৰে ।
২০)এটা উদাহৰণৰে সৈতে তলৰ পদসমূহ ব্যাখ্যা কৰা।

(a) ক্ষয়ীভৱন (b) চৰ্বীৰ দুৰ্গন্ধতা

উত্তৰ : (a) ক্ষয়ীভবন: যেতিয়া ধাতু এটা ইয়াৰ চৌপাশৰ বিভিন্ন পদার্থ যেনে জলীয় বাষ্প, এচিড আদিৰ দ্বাৰা

আক্ৰান্ত হয়, তেতিয়া ইয়াৰ ক্ষয় ঘটে আৰু এই প্ৰক্ৰিয়াক ক্ষয়ীভৱন বোলে।

যেনে – লোৰ সামগ্ৰীত মামৰে ধৰা ।

(b)চীৰ দুৰ্গন্ধতা : যেতিয়া তেল আৰু চৰ্বী জাৰিত হয়, তেতিয়া ইহঁতৰ গোন্ধ আৰু সোৱাদ সলনি হয়। এই

প্ৰক্ৰিয়াক চৰ্কীৰ দুৰ্গন্ধিতা বোলে ।

যেনে -নাইট্ৰ’জেনৰ দৰে প্ৰতিজাৰক পদাৰ্থৰ অনুপস্থিতিত সংৰক্ষণ কৰিলে, চিপ্‌চ জাৰিত হৈ

ইয়াৰ গোন্ধ আৰু সোৱাদ সলনি হয় ।

 

Leave a Comment

error: Content is protected !!