Class 10 MCQ Q&A General Science chapter 1 SEBA

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰন (Chemical Reaction and Equation)

১)পানীৰ বিদ্যুৎ বিশ্লেষণ তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ—

(a) সংযোজন (b) বিয়োজন (c) অপসাৰণ (d) তাপবর্জী

উত্তৰ : (b) বিয়োজন
২) তলৰ কোনটো বিক্ৰিয়াত বিক্রিয়ক পদার্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে

(a) অপসাৰণ (b) বিয়োজন

(c) দ্বিঅপসাৰণ (d) সংযোজন

উত্তৰ : (c) দ্বিঅপসাৰণ
৩) প্রাকৃতিক গেছৰ দহন তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ-

(a) তাপগ্রাহী (b) তাপবর্জী (c) সংযোজন (d) অধঃক্ষেপণ

উত্তৰ : (b) তাপবর্জী
৪) ZnO + C → Zn + CO – এই বিক্রিয়াত জাৰিত আৰু বিজাৰিত পদার্থ দুটা ক্রমে –

(a) ZnO, C (b) Zn, CO (c) ZnO, CO (d) C, ZnO

উত্তৰ : (d) C, ZnO
৫)MnO2 + 4HCl → MnCl2 + 2H2O + Cl2 এই বিক্রিয়াত জাৰিত আৰু বিজাৰিত পদার্থ দুটা ক্রমে –

(a) HCl, MnO2 (b) HCl, MnCl2 (c) MnO2, HCl (d) MnO2, Cl 

উত্তৰ : (a) HCl, MnO2
৬) মেগনেছিয়ামৰ ফিতা এডাল বায়ুত দহন কৰিলে উৎপন্ন হোৱা বগা পাউদাৰবিধ হ’ল-

(a) মেগনেছিয়াম কার্বনেট

(b) মেগনেছিয়াম নাইট্রেট

(c) মেগনেছিয়াম অক্সাইড

(d) মেগনেছিয়াম হাইড্রক্সাইড

উত্তৰ : (c) মেগনেছিয়াম অক্সাইড
৭) পোৰা চূণে পানীৰ লগত কৰা বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ-

(a) সংযোজন (b) বিয়োজন (c) তাপবর্জী
(d) (a) আৰু (c)

উত্তৰ : (d) (a) আৰু (c)
৮) ফেৰাছ ছালফেটৰ তাপীয় বিয়োজনত উৎপন্ন হয় –

(a) SO2 (b) SO3 (c) Fe, O, (d) ওপৰৰ আটাইকেইটা

উত্তৰ : (d) ওপৰৰ আটাইকেইটা
৯)চূণশীল উত্তপ্ত কৰিলে পোৰা চূণ উৎপন্ন কৰা বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ—

(a) সংযোজন

(b) বিয়োজন

(c) অপসাৰণ

(d) তাপবর্জী

উত্তৰ : (b) বিয়োজন
১০) লেড নাইট্ৰেটৰ তাপীয় বিয়োজনত তলৰ কোনটো উৎপন্ন নহয়—

(a) PbO

(b) NO2

(c) N2

(d) O2

উত্তৰ : (c) N2
১১) ছিলভাৰ ব্ৰ’মাইড সূৰ্যৰ পোহৰত ছিলভাৰলৈ পৰিণত হোৱাটো তলৰ কোনবিধ বিক্ৰিয়াৰ উদাহৰণ –

(a) বিয়োজন

(b) সংযোজন

(c) তাপগ্রাহী

(d) (a) আৰু (c)

উত্তৰ : (d) (a) আৰু (c)
১২) কপাৰ ছালফেট দ্ৰৱত যিংকৰ টুকুৰা পেলাই দিলে যিংক ছালফেট আৰু কপাৰ উৎপন্ন হয়। এই

বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ-

(a) অপসাৰণ

(b) অধঃক্ষেপণ

(c) দ্বিঅপসাৰণ

(d) সংযোজন

উত্তৰ : (a) অপসাৰণ
১৩) BaCl2 + H2SO → BaSO4 + 2HCl – এই বিক্ৰিয়াটো তলৰকোনবিধ বিক্ৰিয়াৰ উদাহৰণ

(a) অপসাৰণ
 
(b) দ্বিঅপসাৰণ

(c) অধঃক্ষেপণ

(d) (b) আৰু (c)

উত্তৰ : (d) (b) আৰু (c)
১৪) 2Cu + O2 2CuO – এই বিক্ৰিয়াত জাৰিত আৰু বিজাৰিত পদার্থ দুটা ক্রমে—

(a) CuO, O,

(b) Cu, On

(c) O, CuO

(d) Cu, CuO

উত্তৰ : (b) Cu, On
১৫) কপাৰৰ ক্ষয়ীভবন ঘটিলে কপাৰৰ সামগ্ৰীৰ পৃষ্ঠত কেনে বৰণৰ চামনি পৰে ?

(a) ক’লা

(b) মুগা

(c) সেউজীয়া

(d) ৰঙা

উত্তৰ : (c) সেউজীয়া
১৬) ছিলভাৰৰ ক্ষয়ীভৱনৰ ফলত ছিলভাৰৰ পৃষ্ঠত কোন বৰণৰ চামনি পৰে ?

(a) ক’লা

(b) সেউজীয়া

(c) মুগা

(d) মটীয়া

উত্তৰ : (a) ক’লা
১৭) বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিতা এডাল পৰিষ্কাৰ কৰি ল’ব লাগে—

(a) মলি আঁতৰাবলৈ

(b) ঘৰ্ষণৰ দ্বাৰা ইয়াক উত্তপ্ত কৰিবলৈ

(c) ইয়াৰ পৃষ্ঠৰ অক্সাইডৰ তৰপটো আঁতৰাবলৈ

(d) ইয়াৰ পৃষ্ঠৰ হাইড্ৰ’ক্সাইডৰ তৰপটো আঁতৰাবলৈ

উত্তৰ : (c) ইয়াৰ পৃষ্ঠৰ অক্সাইডৰ তৰপটো আঁতৰাবলৈ

১৮) তলৰ কোনটো এটা তাপীয় বিযোজন বিক্রিয়া?

(a) _2AgCl → 2Ag+ Cl2 (b) 2H2O→ 2H2 +02

(c)2AgBr → 2Ag+Br2 (d) CaCO3 → CaO+CO
2

উত্তৰ : (d) CaCO3 → CaO+CO2
১৯) এটা জঁকা সমীকৰণ সন্তুলিত কৰাৰ ভিত্তি হ’ল –

(a) শক্তিৰ সংৰক্ষণৰ সূত্ৰ (b) স্থিৰানুপাত বিধি

(c) ভৰৰ নিত্যতা বিধি (d) ওপৰৰ এটাও নহয়

উত্তৰ : (c) ভৰৰ নিত্যতা বিধি
২০)  x Pb (NO3)2 → yPbO + z NO2 + O2 — এই সন্তুলিত ৰাসায়নিকসমীকৰণটোত x, y আৰু z ৰ

মানবোৰ ক্ৰমে –

(a) 2, 3, 4 (b) 2, 2, 4

(c) 2, 2, 2 (d) 3, 2, 4

উত্তৰ : (b) 2, 2, 4
২১) কেলছিয়াম অক্সাইডত পানী যোগ কৰিলে –

(i) মিশ্ৰণৰ উষ্ণতা বাঢ়ে

(ii) মিশ্ৰণৰ উষ্ণতা একে থাকে

(iii) কেলছিয়াম হাইড্রক্সাইড উৎপন্ন হয়

(iv) এটা তাপগ্রাহী বিক্রিয়া সংঘটিত হয়

শুদ্ধ বিকল্পটো হ’ল—

(a) (i), (iii)

(b) (ii), (iii)

(c) (i), (iii), (iv)

(d) কেৱল (iv)


উত্তৰ :(a) (i), (iii)
২২) তলৰ কোনটো সংযোজন বিক্রিয়া নহয় ?

(a) CaO +HO → Ca(OH)2

(b) C+02 → CO2

(c) CH4 + 202 → CO2 + 2H2O

(d) 2H2 + O2 → 2H2O

উত্তৰ : (c) CH4 + 202 → CO2 + 2H2O
২৩) লেড নাইট্রেট উত্তপ্ত কৰিলে নিৰ্গত হোৱা মুগা বৰণৰ ধোঁৱাবোৰ হ’ল-

(a) NO2

(b) PbO

(c) O2

(d) Pb

উত্তৰ : (a) NO2
২৪) বগা ছিল ভাৰ ক্ল’ৰাইড কিছু সময় সূৰ্যৰ পোহৰত ৰখাৰ পিছত ইয়াৰ বৰণ হব—

(a) বগা

(b) ৰঙা

(c) মটীয়া

(d) হালধীয়া

উত্তৰ : (c) মটীয়া

Leave a Comment

error: Content is protected !!