Class 10 IT/ITeS Unit 1|Digital Documentation| NSQF

Class 10 IT/ITeS Unit 1 Digital Documentation NSQF (Software: MS Office / Libre office / open office): আমাৰ ৱেবছাইটলৈ স্বাগতম! আপোনাৰ শৈক্ষিক যাত্ৰাৰ বাবে আপোনাক দশম শ্ৰেণীৰ Notes প্ৰদান কৰি আমি আনন্দিত।

দশম শ্ৰেণী শিক্ষাৰ্থীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ বছৰ কিয়নো তেওঁলোকে আগন্তুক ব’ৰ্ড পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰে, যি তেওঁলোকৰ শৈক্ষিক সফলতা নিৰ্ধাৰণ কৰিব।

আজি, এই প্ৰবন্ধটোত মই আপোনাৰ Class 10 IT/ITeS Chapter 1Digital Documentation” পাঠৰ দীঘলয়া আৰু চুটি প্ৰশ্ন আলোচনা কৰিম| আমি প্ৰায় সকলো দীঘলয়া আৰু চুটি প্ৰশ্ন প্ৰদান কৰিছোঁ।

আমাৰ লক্ষ্য হৈছে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰা। আমি ইয়াত বিনামূলীয়াকৈ Notes সমূহ প্ৰদান কৰিছো। আমি আপোনাক আগন্তুক পৰীক্ষাৰ বাবে শুভেচ্ছা জনাইছো। যদি আপোনাৰ কোনো সন্দেহ আছে তেন্তে আমাৰ সৈতে যোগাযোগ কৰক।

Digital Documentation

(Q1) Style কি ?

Ans:- Style হৈছৈ এক পূৰ্বনিৰ্ধাৰিত Format যাৰ দ্ৱাৰা খুব কম সময়তে document এটা সজাই তুলিব পাৰি । যেনে- Page Style, paragraph Style, List Style etc.

(Q2) Style ৰ সুবিধা কি ?

Ans:- (i) Style ৰ সহায়ত document এটাৰ স্থিৰতা (Consistency) ৰক্ষা হয় |

(ii) Style ৰ সহায়ত এটা click তে document এখনৰ গোটেই Format (গঠন) সলনি কৰিব পাৰি |

(Q3) Style কেই প্রকাৰৰ আৰু কি কি ?

Ans:- Style হৈছে 6 প্রকাৰৰ ।

   (i)page Style.

   (ii) paragraph Style.

   (iii)Character Style

   (iv)Frame Style.

   (v)List Style.

   (vi)Table Format (Style)

(Q4) Style ৰ প্ৰকাৰবোৰৰ বিষয়ে চমুকৈ লিখা ?

Ans:

(i)Page Style:- Margin, Header, Footer, border আৰু Background color apply কৰি style দিয়াটো হৈছে Page Style !

(ii)paragraph Style: Paragraph এটাৰ অৱয়ৱৰ সকলো দিশ ই নিয়ন্ত্ৰণ কৰে | যেনে – ইয়াত text alignment (Left, Right, Center), tab stops, line Spacing, border আৰু character formatting আদি অন্তর্ভুক্ত থাকে।

(iii) Character Style: Character Style paragraph এ paragraph এটাৰ ভিতৰত text এটাৰ Font Name আৰু Font size আকাৰ সলনি কৰে। লগতে ইয়াক Bold আৰু Italic Format লৈও সলনি কৰে |

(iv) Frame Style: Frame Style টোৱে যিকোনো এখন Image ৰ wrapping type , borders , Background আৰু Columns সলনি কৰে |

(v) List Style: List Style ৰ ভিতৰত Allignment, Numbering, bullet আদি Format লৈ সলনি কৰিব পাৰি |

(v) Table Style: Table Style টোৱে table এখনৰ border বনোৱা, text আৰু border ৰ colour সলনি কৰা, table ৰ ভিতৰত allignment আৰু বহুতো patterns সলনিৰ বাবে ব্য়ৱহাৰ কৰা হয় |

Q) Graphics Tool bar

(iv) Remove Noise : যিকোনো এখন Image ৰ Pixel Remove কৰিবৰ বাবে Remove Noise option টো ব্য়ৱহাৰ কৰা হয় |

(v) Solarization : যিকোনো এখন Image ত কিমান Day light ব্যৱহাৰ হৈছে তাক মিলোৱা হয় আৰু Image এখনক উজ্জ্বলতা বৃদ্ধি কৰা হয় ।

(vi) Posterize: যিকোনো এখন Image ৰ porter বনাবলৈ ব্যবহাৰ কৰা হয়।

(Q) Template কাক বোলে ?

Ans:- Template হৈছে কিছুমান model document যিবিলাকৰ সহায়ত কম কষ্ট আৰু কম সময়তে বিভিন্ন ধৰনৰ document (যেনে:- Bio-data, letter )আদি সৃষ্টি কৰিব পাৰি |

(Q) Template এটা কিদৰে সৃষ্টি কৰিব পাৰি পদক্ষেপসমূহ লিখা ?

Ans:

Step 1: এমন document Open কৰা হ’ল

Step 2: পাঠখিনি যোগ কৰি প্রয়োগ কৰিব লগা Style খিনি যোগ কৰা হ’ল ।

Step 3: File → Template → Save ত Click কৰা হ’ল ।

(Q) নিজে এটা Style, open office writer ত কেনেকৈ প্রস্তুত কৰিব পাৰি ? পদক্ষেপসমূহ লিখা?
Ans:
Step 1: Document এখন open কৰা হ’ল ।
Step 2: Style and formatting window ত Click কৰি Style ৰ প্রকাৰ বাছনি কৰা হ’ল।
Step 3: Document এখনৰ যিখিনি অংশ Style হিচাপে Save কৰিব বিছাৰিছো সেইখিনি অংশ সেইখিনি অংশ Select কৰা হ’ল।
Step 4: Style and formatting window → New Style From Section ত click কৰা হ’ল।
Step 5: Create Style dialog box ত এটা নাম দি নতুন Style টো Save কৰা হ’ল ।

(Q) Style আৰু Template ৰ মাজত পাৰ্থক্য় লিখা?
Ans:

StyleTemplate
(i) Style হৈছে এক Format Set।(i) Template হৈছে এক Model document।
(ii) Page Style, List Style etc. হৈছে Style ৰ এক প্ৰকাৰ।(ii) Biodata, letter আদি এক প্ৰকাৰৰ Template বা Model document।

(Q)Anchor, wrap, alignment, arrangement কোনটো Menu ত থাকে?

Ans: Format Menu ত

(Q) Auto Correct operation টো কোনটো Menu ত থাকে?

Ans: Format Menu ত

(Q) Spelling and Grammer check option টো কোনটো Menu তে থাকে?

Ans: Tools Menu ত (F7)

(Q)Macro টো কোনটো Menu ত থাকে?

Ans: Tools Menu ত থাকে

(Q)Template টো কোনটো Menu ত থাকে?

Ans: File Menu ত থাকে

(Q) Find & Replace টো কোনটো Menu ত থাকে?

Ans: Edit Menu ত থাকে

(Q) Header & Footer টো কোনটো Menu ত থাকে?

Ans: Insert Menu ত থাকে

(Q) Indexes & Tables টো কোনটো Menu ত থাকে?

Ans: Insert Menu ত থাকে

(Q)Mail Merge কি? ইয়াৰ দুটা Component ৰ নাম লিখা?

Ans: আমি যেতিয়া এমন চিঠি/মেইল একেলগে বহুকেইজন লোকলৈ পঠাব লগা হয়, বাবে সকলোৰে কাৰণে ঠিকনা বা নামবিলাক লিখি থকাতো সম্ভব নহয়।

Mail Merge দুটা Component:

  1. MS Excel (Contact List).
  2. MS Word (Letter).

(Q) Mail Merge ৰ সুবিধা সমূহ লিখা?

Ans:- (i) Mail Menge টো ব্য়ৱহাৰ কৰি প্ৰাপ্তকৰ্তাৰ এটা ডাঙৰ গোটলৈ একেটা Mail প্ৰেৰণ কৰাটো সৰল।

  (ii)যেতিয়া আমি Mail Menge ব্যবহাৰ কৰো তেতিয়া আমি প্ৰতিটো আখৰত প্রতিজন প্রাপ্তকর্তাৰ নাম পৃথকে টাইপ কৰাৰ প্রয়োজন নহয়।

Short Notes:

Header:– Header হৈছে Page ৰ ওপৰত মাৰ্জিনত লিখা Text। আমি document ৰ প্ৰতিটো পৃষ্ঠাত দেখুওৱা বিছৰা text লিখিবলৈ Header ব্য়ৱহাৰ কৰা হয়। Header ৰ document এটাত Title থাকিব পাৰে।

Footer: Footere হৈছে Page ৰ তলত মাৰ্জিনত লিখা Text আৰু সংখ্য়া। ইয়াক আমি প্ৰতিটো পৃষ্ঠাত text, Number Show কৰিবলৈ Footer ব্য়ৱহাৰ কৰো। Footer document এটাত Page number,date থাকিব পাৰে।

Page Break: Page break ত document এটাৰ body text ৰ শাৰী সমূহক বিভাজন কৰে। page break ৰ প্ৰকাৰবোৰ যেনে Simple page break, Column break,

Section break : Section ত body text বিভাজনৰ লগতে Mangin, header আৰু footer, page Number আদিক বিভাজন কৰে।

Section Break ৰ বিভিন্ন প্রকাৰবোৰ হ'ল Next page, Continous, even page আৰু old page break ইত্য়াদি।

Sub Script: Sub Script ত text এটাৰ শাৰীৰ তলত উপলিপি ৰখা হয়। বাসায়নিক যৌগ (Chemical Compound) বুজাবলৈ ৰাসায়ন বিজ্ঞানত প্ৰায়ে Subscript ব্য়ৱহাৰ কৰা হয়।

যেনে:- Subscript ত H2O = H2O হয়।

Super Script: Super Script ত text এটাৰ মূখ্য়ৰেখাৰ ওপৰত অৱস্থিত। গাণিতিক Formula Number বা text ত Super Script ব্য়ৱহাৰ কৰা হয়।

(1) Libre office / open office File Extension → .odt (open document text)

(2) Template File Extension → .Ott (open template text)

সামৰণি:

আমি বিশ্বাস কৰোঁ যে এই Class 10 IT/ITeS Lesson 1 Digital Documentation টোকাবোৰে শিক্ষাৰ্থীসকলক lesson টো বিষয়ে ভালদৰে বুজাবুজি বিকশিত কৰাত আৰু তেওঁলোকৰ পৰীক্ষাৰ বাবে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰিব।

আমি নিশ্চিত যে এই টোকাবোৰে শিক্ষাৰ্থীসকলক তেওঁলোকৰ লক্ষ্য প্ৰাপ্ত কৰাত আৰু তেওঁলোকৰ শৈক্ষিক প্ৰদৰ্শন বৃদ্ধি কৰাত সহায় কৰিব। যদি আপুনি এই প্ৰবন্ধটো ভাল পায় আৰু সহায়ক হয় তেন্তে আপোনাৰ বন্ধুবৰ্গৰ সৈতে Share কৰিবলৈ নাপাহৰিব।

Leave a Comment

error: Content is protected !!