Class 10 History Chapter 3 |প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ মাজৰ কালছোৱাৰ বিশ্ব-ৰাজনীতিৰ খতিয়ান

Class 10 History Elective Chapter 3 |প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ মাজৰ কালছোৱাৰ বিশ্ব-ৰাজনীতিৰ খতিয়ান| Question and Answers: আমাৰ ৱেবছাইটলৈ স্বাগতম! আপোনাৰ শৈক্ষিক যাত্ৰাৰ বাবে আপোনাক দশম শ্ৰেণীৰ Notes প্ৰদান কৰি আমি আনন্দিত।

দশম শ্ৰেণী শিক্ষাৰ্থীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ বছৰ কিয়নো তেওঁলোকে আগন্তুক ব’ৰ্ড পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰে, যি তেওঁলোকৰ শৈক্ষিক সফলতা নিৰ্ধাৰণ কৰিব।

আজি, এই প্ৰবন্ধটোত মই আপোনাৰ দশম শ্ৰেণীৰ “প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ মাজৰ কালছোৱাৰ বিশ্ব-ৰাজনীতিৰ খতিয়ান” দীঘলয়া আৰু চুটি প্ৰশ্ন আলোচনা কৰিম| আমি প্ৰায় সকলো দীঘলয়া আৰু চুটি প্ৰশ্ন Solution প্ৰদান কৰিছোঁ।

আমাৰ লক্ষ্য হৈছে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰা। আমি ইয়াত বিনামূলীয়াকৈ Notes সমূহ প্ৰদান কৰিছো। আমি আপোনাক আগন্তুক পৰীক্ষাৰ বাবে শুভেচ্ছা জনাইছো। যদি আপোনাৰ কোনো সন্দেহ আছে তেন্তে আমাৰ সৈতে যোগাযোগ কৰক।

প্রশ্ন ১। ইটালীৰ ইতিহাসত মুছোলিনিৰ ভূমিকা মূল্যায়ন কৰা।

নাইবা, ইটালীৰ মুছোলিনিয়ে কেনেকৈ ক্ষমতা দখল কৰিলে? আলোচনা কৰা।

নাইবা, মহাসমৰ দুখনৰ মধ্যৱৰ্তী কালছোৱাত ফেচিবাদ অভ্যূত্থানৰ সম্বন্ধে এটি সমীক্ষা আগবঢ়োৱা। নাইবা, ইটালীত ফেচিবাদৰ চমু ইতিহাস বিবৃত কৰা। [HSLC.’12]

নাইবা, ইটালীত ফেচিবাদৰ অভ্যূদয়ৰ কাৰণসমূহ আলোচনা কৰা। [HSLC.’15, 19]

উত্তৰ: বেনিট মুছোলিনিঃ ১৮৮৩ চনত মিলানৰ এটি কমাৰ পৰিয়ালত মুছোলিনিৰ জন্ম হৈছিল। প্রথমে তেওঁ শিক্ষকৰ জীৱন আৰম্ভ কৰে। পাছত তেওঁ সমাজবাদত দীক্ষা গ্ৰহণ কৰে আৰু বাৰ্তাজীৱী হয়। কিন্তু প্রথম বিশ্বযুদ্ধত ইটালীৰ অংশগ্ৰহণৰ প্ৰশ্নত দলৰ লগত মতবিৰোধ হোৱাত তেওঁ দলত্যাগ কৰি জাতীয় সমাজবাদী দল গঠন কৰে। যুদ্ধত আহত হোৱাৰ পাছত তেওঁ সম্পূৰ্ণৰূপে ৰাজনৈতিক জীবন গ্রহণ করে। যুদ্ধোত্তৰ অৰাজক অবস্থা, কমিউনিষ্ট সকলৰ বল প্ৰয়োগৰ দ্বাৰা দলীয় স্বার্থ সম্প্ৰসাৰণ আৰু চৰকাৰৰ ব্যৰ্থতালৈ চাই তেওঁ অর্ধসামৰিক ভিত্তিত ফেচিষ্ট দল গঠন কৰে।

যুদ্ধ প্রত্যাগত সৈনিক, মিনুরা-যুৱক, ভূস্বামী, মধ্যবিত্ত শ্রেণী আদিয়ে এই দলত যোগ দিয়ে। এই দলে প্রথমে বলপ্রয়োগৰ দ্বাৰা বলছেভিক কমিউনিষ্ট সবাক দমন কৰে। ১৯১৮ চনত মুছোলিনিয়ে বলপ্রয়োগদ্বাৰা সকলোবোৰ দল ধ্বংস কৰি ইটালীকপ্রকৃতপক্ষে একদলীয় গণতন্ত্রত পৰিণত কৰে।

মুছোলিনিৰ লক্ষ্য: মুছোলিনিয়ে সংগঠন করা ফেচীবাদী দলৰ প্ৰধানকৈ লক্ষ্য আছিল

(ক) দেশৰ গৌৰৱৰ শ্রেষ্ঠত্ব ৰক্ষা কৰা, (খ) ব্যক্তিগত সম্পত্তিৰ সুৰক্ষা দান কৰা, (গ) এক শক্তিশালী বৈদেশিক নীতি গ্ৰহণ কৰি ইটালীক এক বৃহৎ শক্তিৰূপে প্ৰতিষ্ঠা কৰা।

আভ্যন্তৰীণ নীতি: ফেচীবাদে জাতীয় উন্মাদনাৰ সৃষ্টি কৰি ইটালীৰ আত্মবিশ্বাস পুনৰ ফিৰাই আনিলে আৰু সকলো ক্ষেত্ৰত শাসনব্যৱস্থাৰ কাৰ্যদক্ষতা বঢ়াই তুলিলে। কৃষি, শিল্প, বাণিজ্যৰ ক্ষেত্ৰত ধর্মঘট নিষিদ্ধ কৰে। চৰকাৰী ঋণ আগবঢ়াই পৰিবহণৰ সুব্যৱস্থা কৰি, অপ্রত্যাশিত প্রগতি সাধন কৰিবলৈ তেওঁ সক্ষম হয়।

শিক্ষাৰ দ্ৰুত সম্প্ৰসাৰণ ঘটোৱা হয়। জাতীয় কল্যাণমূলক আঁচনিৰ যোগেদি নিবনুৱা সমস্যাৰ সমাধান ঘটোৱা হয়। বিভিন্ন বৃত্তিমূলক সংস্থাৰ প্ৰতিনিধিত্বৰ যোগেদি ‘কৰ্প’ৰেট ষ্টেট’ গঠন কৰি শাসনকার্যত দেশৰ সকলো স্বাৰ্থৰ সংৰক্ষণ কৰা হয়।

পোপৰ সৈতে থকা বিবাদৰ নিষ্পত্তি কৰি মুছোলিনিয়ে কৃতিত্ব অর্জন কৰিছিল। ১৯২৯ চনত স্বাক্ষৰিত লেটাৰাণ চুক্তি (The Laterun Treaty) অনুসৰি পোপে চেভয় বংশৰ অধীনত আৰু ৰোমক ৰাজধানীৰূপে ইটালী ৰাজ্যক স্বীকৃতি দান কৰিলে। আনহাতে ইটালী চৰকাৰে ‘ভেটিকান’ত পোপৰ সাৰ্বভৌমত্ব স্বীকাৰ কৰিলে আৰু পোপৰ পাৰ্থিৱ অধিকাৰৰ যি ক্ষতিসাধন হৈছিল তাৰ বাবে মুছোলিনিয়ে ক্ষতিপূৰণ দিলে।

বৈদেশিক নীতি : ফেচীবাদৰ এটা প্রধান লক্ষ্য আছিল বিদেশী ৰাষ্ট্ৰসমূহৰ চকুত ইটালীৰ সন্মান বঢ়োৱা; ফেচিষ্টসকলে যুদ্ধক ৰাষ্ট্ৰীয় শক্তিৰ নিদৰ্শন বুলি শ্ৰদ্ধ৷ কৰিছিল। গতিকে মুছোলিনিয়ে ৰোমৰ প্ৰাচীন গৌৰৱ পুনৰুদ্ধাৰ আৰু ইটালীক বিশ্বশক্তিত পৰিণত কৰাৰ কাৰণে দৃঢ়প্রতিজ্ঞ হয়। পেৰিছ শান্তি সন্মিলনতনাকচ হোৱা দাবীসমূহ মুছোলিনিয়ে বলেৰে কাৰ্যকৰী কৰবিলৈ লয়। ১৯২৩ চনত ৰোডছ আৰু ডোদেকানিজদ্বীপপুঞ্জ; ১৯২৪ চনত ফিউম আৰু ১৯৩৯ চনত আল্‌বেনিয়া অধিকাৰ কৰি তেওঁ ইটালীৰ জাতীয় গৌৰৱ বৃদ্ধি কৰে।

মুছোলিনিৰ আটাইতকৈ উল্লেখযোগ্য বৈদেশিক সাফল্য হ’ল ইথিওপিয়া অধিকাৰ। ১৯৩৫ চনত সীমান্ত বিৰোধৰ সুযোগ লৈ আবিছিনিয়া আক্ৰমণ কৰি জাতিসংঘৰ নির্দেশ আৰু শান্তিমূলক ব্যৱস্থাৰ বিপৰীতে গৈ তেওঁ তাক দমন কৰে। ১৯৩৭ চনত জাৰ্মানীৰ লগত মৈত্ৰীবদ্ধ হৈ তেওঁ ২য় বিশ্বযুদ্ধত উল্লেখযোগ্য শক্তিৰূপে গণ্য হয়।

১৯৪৩ চনত মিত্রশক্তিয়ে ইটালী আক্রমণ কৰে আৰু মুছোলিনিৰ পতন ঘটে। এইদৰে মুছোলিনিৰ একনায়কতান্ত্ৰিত শাসনৰ প্ৰথম বৈশিষ্ট্য ইটালীৰ আভ্যন্তৰীণ শান্তি আৰু সৰ্বাঙ্গীন প্রগতি সাধিত হোৱাৰ লগতে তাৰ আন্তর্জাতিক প্রতিপত্তিবৃদ্ধি পায় আৰু ইটালীৰ জাতীয় গৌৰৱ পুনৰুদ্ধাৰ হয়। ক্ষমতাৰ উচ্ছাকাংক্ষা হৈ একনায়কতন্ত্রত অৱশ্যম্ভাৱীৰূপে পতনৰ পথলৈ আগবঢ়াই নিয়ে। দ্বিতীয় বিশ্বযুদ্ধ ত ইটালীৰ অক্ষর শক্তি স্বৰূপে যোগদানৰ ফলত যুদ্ধৰ শেষত তাৰ আকৌ জাতীয় বিপর্যয় দেখা দিয়ে।

প্রশ্ন ২। প্রথম মহাসমৰৰ প্ৰভাৱ ইটালীৰ ওপৰত কিদৰে গৰিছিল এটি বিৱৰণ দিয়া।

উত্তৰ: (১) ভাৰ্চাই সন্ধি আৰু ইটালীৰ মনোভাব: প্রথম মহাসমৰত ইটালীয়ে মিত্রশক্তিৰ ফলীয়া হৈ জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধ কৰি জয়লাভ কৰিছিল। কিন্তু ভার্চাই সন্ধি ইটালীৰ বারে সন্তোষজনক নহ’ল। আন আন বিজেতা শক্তিৰ অনুপাতে ইটালীয়ে প্রথম মহাযুদ্ধৰ ফল ভোগ কৰিবলৈ নাপালে। এই অসন্তুষ্টি ইটালীৰ জনসাধাৰণৰ মনত বাজি থাকিল। যুদ্ধোত্তৰ কালছোৱাত জার্মানীৰ দৰে এই দেশতো অর্থনৈতিক সংকটে দেখা দিছিল। বস্তু বাহানিৰ চৰা দাম আৰু প্ৰজাৰ দাৰিদ্ৰতাই ৰাজনৈতিক ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিলে। চৰকাৰে এনে সমস্যা সহজে সমাধান কৰিব নোৱাৰাত সমাজবাদী প্রচাৰে ৰাইজৰ মন আকৃষ্ট কৰিবলৈ ধৰিলে। শ্রমিক, কৃষক পৰিলক্ষিত হ’ল।

(২) ফেচিষ্ট দল আৰু অসমৰ্থতাৰ সুবিধা লৈ ১৯১৯ চনত পৰিল। সকলোৰে মনত বিক্ষোভৰ ভাব মুছোলিনি : চৰকাৰৰ ইটালীৰ মধ্যবিত্ত লোকসকলে ফেচিষ্ট দল গঠন কৰিলে। এই দলৰ নেতা হ’ল মুছোলিনি। ফেচিষ্ট একনায়কত্ববাদক ৰুছিয়াৰ সমাজবাদী একনায়কত্ববাদৰ লগত তুলনা কৰিব নোৱাৰি। সমাজবাদী বা বলছেভিক প্ৰচাৰ বন্ধ কৰিবৰ উদ্দেশ্যে ফেচিষ্ট দলে নিজ দলৰ প্ৰচাৰ আৰু আনুগত্য লাভত গুৰুত্ব আৰোপ কৰিছিল।

ৰাষ্ট্ৰৰ সেৱা, ৰাষ্ট্ৰৰ বেদীত ক্ষুদ্ৰ স্বাৰ্থ উৰ্গা আৰু কৰ্তব্যনিষ্ঠাইহ’ল ফেচিষ্টসকলৰ মূলমন্ত্র। এওঁলোকে ক’লা পোছাক পৰিধান কৰে। ফেচিষ্টসকলে শিল্প-ব্যৱসায়ৰ ক্ষেত্ৰত মিলিত পৰিচালনাৰ পোষকতা কৰে।

(৩) মুছোলিনিৰ ক্ষমতা লাভ: ১৯২১ চনৰ নিৰ্বাচনত ফেচিষ্ট দলে সংসদত ৩৭ খন আসন লাভ কৰে। ১৯২২ চনত সমগ্ৰ দেশতে শ্রমিকৰ ধৰ্মঘট আৰম্ভ হ’ল। চৰকাৰে সেই ধৰ্মঘট নিবাৰণ কৰিবলৈ অসমৰ্থ হোৱাত ফেচিষ্টসকলে তাত হস্তক্ষেপ কৰি কৃতকার্য হ’ল। তাৰ ফলস্বৰূপে মুছোলিনিক ৰজাই প্রধানমন্ত্রী নিয়োগ কৰিলে। সেই তাৰিখৰপৰা ১৯৪৩ চনলৈকে মুছোলিনিয়ে অধিক ক্ষমতাৰে দেশ শাসন কৰিলে।

প্রধানমন্ত্ৰীৰ দায়িত্বৰ উপৰিও তেওঁ ফেচিষ্ট সংঘৰ সভাপতি। এই সংঘৰ সদস্যসকল তেওঁৰ মনোনীত ফেচিষ্ট চৰকাৰৰ নীতি হ’ল যুদ্ধৰ আহিলা-পাতি প্ৰস্তুত কৰা শিল্প, বহিবাণিজ্য আৰু অধিকোষসমূহ নিয়ন্ত্ৰণ কৰা; মালিক, শ্রমিক আৰু চৰকাৰৰ সমন্বয়ত শিল্প-ব্যৱসায় পৰিচালনা কৰি সমবায়ৰ ভিত্তিত এখন ৰাষ্ট্ৰ স্থাপন কৰা (Co-operative State) । ইয়াৰ উপৰিও ইটালীৰ অন্য এটা সমস্যা হ’ল ধৰ্ম । ৰাষ্ট্ৰৰ বিৰাট স্বাৰ্থ ৰক্ষাৰ বাবে মুছোলিনিয়ে পোপৰ লগত এক চুক্তি কৰি এই পুৰণি বিবাদ নিষ্পত্তি কৰিলে। ১৯২৯ চনত স্বাক্ষৰিত চুক্তি অনুসৰি প্ৰায় ৫০০ লোকৰ বাসস্থান ভেটিকান বা পোপ ৰাজ্যৰ অখণ্ডতা ৰক্ষা কৰি স্বীকৃতি দিয়া হয় আৰু আনহাতে পোপেও চেভয় সদনক সমগ্ৰ ইটালীতে অধিকাৰ সাব্যস্ত কৰি স্বীকৃত প্ৰদান কৰে।

(৪) আভ্যন্তৰীণ নীতি: মুছোলিনিৰ বৈদেশিক নীতি সাম্রাজ্যবাদী আছিল। তেওঁ জনসাধাৰণৰ মাজত এনে মনোভাব সুমুৱাই দিছিল আৰু ইটালীৰ জনসংখ্যা বঢ়োৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। কাৰণ সাম্ৰাজ্য বিস্তাৰৰ বাবে শক্তিশালী সৈন্যদলৰ দৰকাৰ। এই উদ্দেশ্যে তেওঁ ‘মাতৃ দিৱস’ পালন কৰি অধিক সন্তানৰ জননীসকলক সাদৃশ্য আছিল।

অচিবেই দুয়োখন সম্মান আৰু বঁটা প্ৰদান কৰিছিল। হিটলাৰৰ দৰে এইজন শাসকেও প্ৰজাৰ কল্যাণৰ বাবে অধিক যত্নপৰ আছিল আৰু জনসাধাৰণৰ অৱস্থা টনকিয়াল কৰাত কৃতকার্য হৈছিল। অর্থনৈতিক ক্ষেত্ৰত জুৰুলা হোৱা ইটালীৰ জনসাধাৰণৰ মুছোলিনিৰ শাসনত সন্তুষ্ট হ’ব পাৰিছিল। ব্যক্তি স্বাধীনতা লোপ পালেও অর্থনৈতিক ক্ষেত্ৰত দেশখন উন্নত হৈছিল।

(৫) বৈদেশিক নীতি: জাৰ্মানীৰ লগত ইটালীৰ বৈদেশিক নীতিৰ হিটলাৰৰ দৰে মুছোলিনিৰ বৈদেশিক নীতি আছিল সাম্রাজ্যবাদী। গতিকে দেশৰ ৰাষ্ট্ৰপ্ৰধানৰ মিল হৈছিল। দুয়োজন ৰাষ্ট্রনায়কে স্পেইনৰ গণতান্ত্রিক চৰকাৰ ওফৰাই লগৰীয়া ফ্রাঙ্ক’ক (Franco) সহায় কৰি জাৰ্মানী আৰু ইটালীৰ লগলৈ এক শক্তি মৰ্চা গঠন কৰিলে। সাম্ৰাজ্য বিস্তাৰৰ আঁচনি কাৰ্যকৰী কৰিবলৈ মুছোলিনিয়ে সামৰিক শক্তি বৃদ্ধি কৰিলে আৰু লাহে লাহে আফ্রিকা মহাদেশত নিজৰ প্ৰভুত্ব বিস্তাৰিত কৰিব লাগিলে।

১৯৩৬ চনত মুছোলিনিয়ে আবিচিনিয়া অধিকাৰ কৰিলে। ইটালীৰ এনে কার্যত জাতিসংঘই আক্রমণকাৰীৰ আখ্যা দিলেও মুছোলিনিয়ে তালৈ ভ্ৰূক্ষেপ নকৰিলে আৰু ১৯৩৯ চনত পুনৰ এই ৰাজ্য অধিকাৰ কৰি ল’লে। এই সময়তে ইটালী আৰু জাপানৰ লগত মৈত্রী চুক্তি স্বাক্ষৰিত হ’ল । লগে লগে জাৰ্মানী, জাপান আৰু ইটালীৰ ত্ৰি-শক্তি মৰ্চা গঠন হ’ল। ইউৰোপত দ্বিতীয় মহাযুদ্ধ আসন্ন হৈ পৰিল।

প্রশ্ন ৩। ফেচিষ্ট দলৰ তাৎপৰ্য আৰু নীতি আলোচনা কৰা। [HSLC. ’22] নাইবা, ফেচি বাদ শব্দৰ উৎপত্তিক’ত হৈছিল আৰু ই কি বুজাইছিল?[HSLC’10,13]

উত্তৰ : ফেচিবাদ শব্দৰ উৎপত্তি ইটালীত হৈছিল। ফেচিষ্ট দলৰ পূৰা নাম ফাছিও ডি কম্বাটোমেণ্টো (Fascio de Combato-mento)। প্রাচীন ৰোমৰ কনচালসকলৰ আগত লৈ ফুৰা ধ্বজাক ফাছ (Fasce) বোলে। এখন কুঠাৰ চাৰিওমেৰে ‘লো’ৰ মাৰিৰে বন্ধা এই চিনটো সংযত শক্তিৰ পৰিচায়ক। কুঠাৰ আৰু খাগৰিৰ বেৰটোৱে জীৱন মৰণৰ ওপৰত অখণ্ড অধিকাৰ আৰু ৰাজ্যৰ চৰম শক্তিক বুজায়। কমিউনিজিমৰ বিকৃত মস্তান ফেচিজিমৰ কাৰ্যাৱলী বলছেভিকৰ আদৰ্শতে গঠিত অথচ ফেচিষ্টবিলাক কমিউনিজিমৰ ঘোৰশত্ৰু ইটালীত গণতন্ত্ৰৰ যি প্ৰহসন চলিছিল তাত বিতুষ্ট হৈ অনেকে মুছোলিনিৰ ফেচিবাদেকে শ্ৰেষ্ঠ বুলি গণ্য কৰিলে। ফেচিষ্টসকলৰ ঘাটি ইটালীৰ শিল্পপ্রধান নগৰবোৰত এই দল স্থাপিত হৈছিল। এই দলৰ পৰিষদ আছিল ক’লাকামিজ। দলৰ লোকে মুছোলিনিক বুলি দুই হাত মেলি ৰোমান আৰ্হিত অভিবাদন কৰিছিল। কঠোৰ নিয়মানুবর্তিতা, প্রভুভকি আৰু হিংসা বৃত্তিৰে ফেচিষ্ট দল পৰাক্ৰমী হৈ উঠিছিল।

ফেছিষ্ট নীতি: মুছোলিনিয়ে কৈছিল ফেচিষ্ট নীতি এটা আধ্যাত্মিক বিধি। ইয়াত ব্যক্তি বা সমষ্টিৰ ৰাষ্ট্ৰৰ বিৰুদ্ধে কোনো স্বত্ব নাই। ৰাষ্ট্ৰই সকলো অধিকাৰৰ আধাৰ, তাৰ বিৰোধী বা অতিৰিক্ত কোনো ব্যক্তিগত অধিকাৰ থাকিব নোৱাৰে। ৰাষ্ট্ৰৰ যোগেদি প্রত্যেক নাগৰিকৰ আশা-আকাংক্ষা প্রকাশ হয়। কোনো গোষ্ঠীৰ অৰ্থনৈতিক বা ৰাজনৈতিক সংস্কা ৰাষ্ট্ৰৰ ব্যতিৰেকে থাকিব নোৱাৰে। ফেচিষ্ট দলৰ সৰ্বময় কৰ্তৃত্ব আৰু শক্তি স্বীকাৰ একান্ত আৱশ্যক। দ্বিতীয়তে, ফেচিষ্ট দলৰ গণতন্ত্ৰৰ ওপৰত সমূলি আস্থা নাই। প্রজাতান্ত্রিক সার্বভৌম ক্ষমতা ফেছিষ্টে মানা নকৰে। জ্ঞানী আৰু মূৰ্খৰ সমান অধিকাৰ থাকিব নোৱাৰে, সংখ্যাধিক অজ্ঞানীৰ বিচাৰ-বুদ্ধি ৰাষ্ট্ৰৰ অহিতকাৰী।

জার্মানী আৰু হিটলাৰ

প্রশ্ন ৪। জার্মানীত হিটলাৰৰ কেনেকৈ অভ্যুত্থান ঘটিছিল ব্যাখ্যা করা। নাইবা, জার্মানীত নাজিবাদৰ উৎপত্তি আৰু বিকাশ সম্পর্কে আলোচনা কৰা। নাইবা, হিটলাৰৰ উত্থানৰ চমু বিৱৰণ দিয়া।

উত্তৰ: জার্মানীত হিটলাৰৰ অভ্যুত্থান দ্বিতীয় বিশ্বযুদ্ধৰ ইতিহাসত এক উল্লেখযোগ্য অধ্যায়।

হিটলাৰৰ পৰিচয়ঃ হিটলাৰ অষ্ট্ৰিয়াৰ মানুহ আছিল। ১৮৮৯ চনত তেওঁৰ জন্ম হৈছিল। আৰ্থিক দুৰৱস্থাৰ কাৰণে তেওঁ শিক্ষা গ্ৰহণ কৰিব নোৱাৰিলে। ১৯১৪ চনৰ প্ৰথম বিশ্বযুদ্ধৰ সময়ত তেওঁ জার্মান সৈন্যবাহিনীত নিযুক্ত হয়। পশ্চিম ৰণাঙ্গনৰ যুদ্ধত ঘুণীয়া হৈ তেওঁ হাস্পতালত থাকোতে যুদ্ধৰ ওৰ পৰে। সিমানতে তেওঁ সামৰিক সেৱা বাদ দিলে।

ইয়াৰ পিছত কিছুমান ডেকা সৈনিকক গোটাই লৈ হিটলাৰে “নেচনেল ছ’চিয়েলিষ্ট” নাম দি এটা পাৰ্টি গঠন কৰে (১৯১৯)। এইটোকে চমুকৈ নাৎছি (Nazi) বোলে। ১৯৩২ চনৰ ভিতৰত নাৎছি দলৰ প্ৰতিপত্তি ইমান বৃদ্ধি পায় যে সেই বছৰত সাধাৰণ নিৰ্বাচনত সর্বাধিকসংখ্যক প্রতিনিধি নাৎছিৰ দলৰ পৰাই নির্বাচিত হয়। ফলত প্রেচিডেন্ট হিডেনবার্গে হিটলাৰক চ্যান্সেলাৰ বা প্রধানমন্ত্রী পদত নিয়োগ কৰিবলৈ বাধ্য হয়। কিছুদিনৰ পাছত হিডেনবাৰ্গৰ মৃত্যু হয়।

হিটলাৰে প্ৰেচিডেণ্ট আৰু চ্যান্সেলাৰ পদ উভয়কে নিজে গ্ৰহণ কৰিলে৷ তেওঁ ক্ৰমে শাসন সংক্রান্ত যাৱতীয় ক্ষমতাৰাজী নিজৰ হাতত কেন্দ্ৰীভূত কৰে। ৰাইকগৈক হিটলাৰে তেওঁৰ হাতত সকলো ক্ষমতা অর্পণ কৰাৰ কাৰণে সন্মত কৰায়। ফলত দিনে দিনে হিটলাৰৰ ক্ষমতা অপ্ৰতিহত হৈ উঠে। তেওঁ জাৰ্মানীৰ ফুৰাৰ (Furhrer) বা প্রধান নেতাত পৰিণত হয়।

হিটলাৰৰ আভ্যন্তৰীণ নীতি : হিটলাৰে গ্ৰহণ কৰা নীতি সম্পূৰ্ণৰূপে প্ৰাধিকাৰাত্মক আৰু সৰ্বাধিকাৰী (Authoritarian and totallitarian) আছিল। একমাত্র নাৎছি দলেই দেশৰ শাসনৰ অধিকাৰী আছিল। বিভিন্ন প্রাদেশিক চৰকাৰবোৰ উঠাই দিয়া হৈছিল আৰু ৰাজনৈতিক প্রতিবাদক দমন কৰা হৈছিল। অর্থনীতি, শিক্ষা আদি প্রায় সকলো বিষয়কে চৰকাৰৰ নিয়ন্ত্রণাধীন কৰা হ’ল। জার্মানীক জংগী দেশ হিচাপে গঢ়ি তুলিবলৈ হিটলাৰে সকলোফালৰ পৰা চেষ্টা চলাইছিল। আমদানি নিৰুৎসাহ কৰা হৈছিল আৰু ৰজ্ঞানিক উদ্‌গনি দিয়া হৈছিল। কেঁচামালৰ ব্যৱহাৰ নিয়ন্ত্রণাধীন কৰা হৈছিল। নিবনুৱা সমস্যা সমাধানৰ কাৰণে অস্ত্ৰ-শস্ত্ৰাদি নিৰ্মাণৰ বিৰাট আঁচনি গ্ৰহণ কৰা হৈছিল আৰু নিবনুৱাসকলক বনুৱাৰ দললৈ নিয়ন্ত্ৰণ কৰা হৈছিল।

হিটলাৰৰ মূল বৈদেশিক নীতি: (ক) নিজৰ শক্তি মজবুত কৰাৰ আগলৈকে ৱাইমাৰ গণৰাজ্যই অৰ্জন কৰা নৈতিক গৌৰৱৰ ওপৰত প্ৰতিষ্ঠিত হৈ হিটলাৰে বৈদেশিক নীতিৰ পাতনি মেলিছিল। যুদ্ধোত্তৰ জাৰ্মানীৰ বৈদেশিক নীতিৰ লক্ষ্য আছিল— যুদ্ধৰ ক্ষতিপূৰণৰ সমস্যাৰ সমাধান কৰা আৰু বিদেশী দখলৰ অধীনত থকা এলেকাবোৰ মুক্ত কৰা।

(খ) জার্মানীৰ দ্বাৰা ভাৰ্চাই সন্ধিৰ চুক্তি ভঙ্গ : বৈদেশিক ক্ষেত্ৰত হিটলাৰে ভাৰ্চাই সন্ধিৰ অন্যায়মূলক চৰ্তাদি ভঙ্গ কৰিবলৈ দৃঢ়প্রতিজ্ঞ হ’ল। প্রথমে জার্মানীয়ে এটা বিমানবাহিনী গঠন কৰি তুলিলে আৰু ইয়াৰদ্বাৰা জাৰ্মানীয়ে প্ৰথমবাৰৰ বাবে ভাৰ্চাই সন্ধিৰ দায়িত্বসমূহ মুকলিভাৱে অস্বীকাৰ কৰিলে। ইয়াৰ পাছত ভাৰ্চাই সন্ধিৰ সামৰিক চুক্তিসমূহ অগ্রাহ্য কৰি হিটলাৰে বাধ্যতামূলক সৈন্যসংগ্ৰহৰ ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰিলে। জার্মান সৈন্যবাহিনীৰ শাস্তিকালীন সংখ্যা ২৬টা ডিভিজন অর্থাৎ পাঁচ লাখ পঞ্চাশ হাজাৰজন বৃদ্ধি কৰিলে।

হিটলাৰে ক্ৰমে ভাৰ্চাই সন্ধিৰ পাছত লোকার্ণো চুক্তিবোৰ অমান্য কৰিবলৈ ধৰিলে। বাইনভূমিৰ সামৰিকীকৰণৰ ফলত জার্মানী পুনৰ শক্তিশালী হ’ল।

হিটলাৰৰ সাম্রাজ্য বিস্তাৰ আৰু দ্বিতীয় বিশ্বযুদ্ধ :

অস্ট্রিয়া দখল : ভার্চাই আৰু লোকার্ণো চুক্তি ভঙ্গ কৰাৰ পাছত আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতি এতিয়া হিটলাৰৰ আক্রমণাত্মক আঁচনি আৰম্ভৰ বাবে অনুকূল হৈ উঠিল। ৰোম-বার্লিন অক্ষ স্থাপন কমিণ্টাৰ্ণ বিৰোধী চুক্তি সম্পাদনৰ ফলত জাৰ্মানীয়ে ইটালী আৰু জাপানাৰ লগত পৰম মিত্ৰতা স্থাপন কৰে। অষ্ট্ৰিয়া আছিল হিটলাৰৰ জন্মভূমি আৰু জার্মান এলেকা। গতিকে হিটলাৰৰ মতে অষ্ট্ৰিয়া হ’ল বৃহত্তৰ জার্মান সাম্ৰাজ্যৰ অপৰিহাৰ্য অঙ্গ। ১৯৩৮ চনত অষ্ট্ৰিয়াৰ চেঞ্চেলৰ কাৰ্টফন ছুচনিগক হিটলাৰে তেওঁৰ প্ৰাসাদলৈ মাতি নি অষ্ট্ৰিয়াৰ নেতা ছায়ক ইনকুৱাৰ্ট (Seyss Inqart)-ক মন্ত্ৰী কৰিবলৈ কয়। ছুছনিগে প্ৰশ্নটো গণভোটৰ জৰিয়তে মীমাংসা কৰিবলৈ স্থিৰ কৰে।

গণভোটৰ ৰায় যে ইনকুৱাৰ্টৰ সপক্ষে নাযায় সেইটো বুজিবলৈ হিটলাৰৰ বাকী নাথাকিল। তেওঁ ইয়াৰ ঠিক দুদিন আগতে জার্মান ফৌজ এটা অষ্ট্ৰিয়ালৈ পঠিয়াই দিলে। ১২ মাৰ্চ তাৰিখে জার্মান চৰকাৰে অষ্ট্ৰিয়াক জার্মান তৃতীয় ৰাইজৰ অন্তৰ্ভুক্ত ৰাজ্য বুলি ঘোষণা কৰিলে। ইনকুৱাৰ্টক তাৰ ৰাজ্যপাল পাতিলে ।

মিউনিখ চুক্তি (চেকোশ্লাভাকিয়াৰ দ্বিখণ্ডিতকৰণ) : প্রথম বিশ্বযুদ্ধৰ শান্তি চুক্তিসমূহৰ ফলত চেকোশ্ল’ভাকিয়াৰ ৩৫ লাখ জার্মান (এওঁলোক চুডেটান জার্মান নামে জনজাত-সংখ্যালঘু হিচাপে থাকিবলৈ বাধ্য হৈছিল। এয়ে হিটলাৰৰ চেকোশ্ল’ভাকিয়া আক্ৰমণৰ প্রত্যক্ষকাৰণ আছিল অৱশেষত নাৎছিদলৰ প্ৰচাৰ কাৰ্যৰদ্বাৰা প্ৰভাৱান্বিত হৈচুডেটনৰ জাৰ্মানসকলে জার্মানীৰ সৈতে সংযুক্তিৰ দাবী জনালে। চেকোশ্লাভাকিয়াৰ প্ৰেচিডেন্ট এডৱাৰ্ড বেনেছই (Ed- ward Benes) চূডেটান জার্মানসকলক সাংস্কৃতিকস্বায়ত্ত শাসনৰ অধিকাৰ দিবলৈ সাজু হ’ল।

কিন্তু হিটলাৰে চেক চৰকাৰক অন্যায়ভাৱে দোষাৰোপ কৰি পৰিৱেশ উত্তপ্ত কৰি তোলে। আনকি এই উত্তপ্ত পৰিবেশৰ ফলত যুদ্ধ প্ৰায় আসন্ন হৈ উঠিল। অৱশেষত বৃটিছ প্ৰধানমন্ত্ৰী চেম্বাৰলিনৰ প্ৰচেষ্টাত চুডেটন সমস্যাৰ শান্তিপূর্ণ সমাধানৰ কাৰণে ১৯৩৮ চনৰ ২৯ চেপ্তেম্বৰত মিউনিখত চাৰি শক্তিৰ এখন সন্মিলন বহিল। এই সন্মিলনৰ চুক্তি মতে চেকোশ্ল’ভাকিয়াক দ্বিখণ্ডিত কৰা হ’ল। চুডেটন ভূমিৰ জাৰ্মানীৰ অন্তৰ্ভুক্ত কৰিবলৈ হিটলাৰক অনুমতি দিয়া হ’ল। বাকী অৱশিষ্ট অংশৰ অখণ্ডতা ৰক্ষাৰ দায়িত্ব গ্ৰহণ কৰিলে ইংলেণ্ড, ফ্রান্স, জার্মানী আৰু ইটালীয়ে।

এনেদৰে ইউৰোপীয় শক্তিসমূহক ভয় দেখুৱাই হিটলাৰে সাম্ৰাজ্য বিস্তাৰ নীতি অনুসৰণ কৰিবলৈ ধৰিলে। ইয়াৰ পাছত তেওঁ পোলেণ্ডৰ পৰা ডানজিগ চহৰখন দখল কৰিবলৈ ডদ্যত হোৱাতে ইউৰোপত বিদ্ৰোহৰ সৃষ্টি হয়। ইংলেণ্ড, ফ্রান্স আৰু পোলেণ্ডে নিজৰ ভিতৰত আত্মৰক্ষামূলক চুক্তি স্বাক্ষৰ কৰিলে। ইয়াৰ বিপৰীতে হিটলাৰে ৰুছ-জার্মান অনাক্রমণ চুক্তি স্বাক্ষৰিত কৰে। ৰুছ-জার্মান চুক্তি সম্পাদনৰ বাতৰিয়ে সমগ্র বিশ্বকে বজ্ৰাহত কৰিলে । কূটনৈতিক সম্পৰ্কৰ শেহত অভাৱনীয় পৰিৱৰ্তন ঘটিল। ১৯৩৯ চনৰ ৰ চেপ্তেম্বৰত যুদ্ধ ঘোষণা নকৰাকৈ জার্মান সৈন্যবাহিনীয়ে পোলেণ্ড আক্ৰমণ কৰিলে।

ইয়াৰ লগে লগে দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হয়। ৩ চেপ্তেম্বৰত গ্রেট বৃটেইন আৰু ফ্রান্সে জার্মানীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। ৬ বছৰ কালজুৰি চলা যুদ্ধৰ অন্তত মিত্রবাহিনীৰ হাতত জার্মানীয়ে বিনাচতে আত্মসমর্পণ কৰিবলৈ বাধ্য হয়। জার্মানীৰ এই পৰাজয়ৰ গ্লানি সহিব নোৱাৰি হিটলাৰে অৱশেষত আত্মহত্যা কৰে।

হিটলাৰৰ উত্থান : হিটলাৰৰ আঁচনি কাৰ্যত ৰূপায়িত কৰিবলৈ হ’লে প্ৰথমে লাগিব ৰাজনৈতিক ক্ষমতা। হিটলাৰে এই বিষয়ত অতি সোনকালে কৃতকার্যতা লাভ ১৯৩৪ চনত ৰাষ্ট্ৰপতি হিণ্ডেনবাৰ্গৰ মৃত্যু হোৱাত হিটলাৰ জাৰ্মানীৰ ৰাষ্ট্রপতি নির্বাচিত হ’ল। লাহে লাহে ৰাজ্যৰ সকলো ৰাজনৈতিক ক্ষমতা হিটলাৰে নিজৰ হাতলৈ আনি জার্মানীৰ সৰ্বশ্ৰেষ্ঠ নায়ক হৈ পৰিল। এতিয়া হিটলাৰৰ প্ৰধান কাম হ’ল জার্মানীক এক শক্তিশালী জাতি হিচাপে গঢ়ি তোলা, যি জাতিত জার্মান লোকৰ বাহিৰে ইহুদী জাতিৰ স্থান নাই। শ্লাভবিলাকক সমাজৰ নিম্নখাপৰ লোক হিচাপে বসবাস কৰিবলৈ দিয়াৰ ব্যৱস্থা কৰা হ’ল। এক নিভাজ জার্মান জাতি গঢ়ি তুলিবলৈ ইহুদীবিলাককনিৰ্মূল কৰাৰ কাম হাতত লোৱা হ’ল আৰু আইকমেন্ আদি সহকৰ্মীসকলেৰে সৈতে হাজাৰ হাজাৰ ইহুদীক হত্যা কৰা হ’ল আৰু বহুত বিদেশলৈ পলাই গৈ ৰক্ষা পৰিল। ইয়াৰ ভিতৰত ড° আইনষ্টাইনো এজন।

সমাজবাদী প্ৰচাৰ নিষিদ্ধ কৰা হ’ল। নিম্নখাপৰ বিদ্যালয়ৰপৰা বিশ্ববিদ্যালয়ৰ পৰ্যায়লৈকে সকলো ছাত্র- ছাত্ৰীকে নাৎছি ধৰ্মেৰে অনুপ্রাণিত কৰাৰ চেষ্টা কৰা হ’ল। লাখ লাখ নিবনুৱা লোকক সৈন্য বিভাগত বা যুদ্ধ সামগ্রী উৎপাদন কৰা কাৰখানাত ভৰ্তি কৰা হৈছিল। খৃষ্টধৰ্মৰো নতুন সংকলন কৰা হ’ল। মূলমন্ত্র হ’ল হিটলাৰক সেৱা কৰাৰ অৰ্থ জার্মানীক সেৱা কৰা আৰু জার্মানীৰ সেৱাই ঈশ্বৰ সেৱা।

হিটলাৰৰ বৈদেশিক নীতি [HSLC.’13, ‘15,19] : বৈদেশিক নীতিৰ ক্ষেত্ৰত হিটলাৰৰ মুখ্য উদ্দেশ্য হ’ল ভাৰ্চাই সন্ধি উলংঘা কৰা আৰু এখন জার্মান সাম্রাজ্য গঢ়ি তোলা। এই নীতি প্রতিশোধৰ আবেগেৰে ৰচিত।

(ক) জাতিসংঘ ত্যাগ: ১৯৩৩ চনত জাতিসংঘৰ উদ্যোগত হোৱা নিৰস্ত্ৰীকৰণ সন্মিলনত জার্মানীয়ে অসন্তুষ্ট হৈ সন্মিলন বৰ্জন কৰে। কিছুদিনৰ পিছত জাৰ্মানীয়ে জাতিসংঘ ত্যাগ কৰে। জাতিসংঘৰ বাধ্যবাধকতাৰপৰা আঁতৰ হৈ হিটলাৰে ৰণসরাত লাগিল। সৈন্যবল বৃদ্ধি কৰি লৈ তেওঁ ১৯৩৫ চনত ভাৰ্চাই সন্ধি উলংঘা কৰি ৰাইন অঞ্চল দখল কৰিলে।

(খ) একনায়কত্ববাদৰ উত্থান আৰু মিত্ৰতা : সেই সময়তে স্পেইনত এখন গৃহযুদ্ধ হৈছিল । গণতান্ত্ৰিক চৰকাৰ ওফৰাই জেনেৰেল ফ্রাঙ্কোৱে স্পেইনত একনায়কত্ববাদ প্রতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছিল। এই গৃহযুদ্ধ ত হিটলাৰে তেওঁৰ সতীৰ্থ ফ্রাঙ্কোক সৰ্বপ্ৰকাৰে সহায় কৰি তেওঁক প্ৰতিষ্ঠা কৰিলে; আৰু নতুন অস্ত্র-শস্ত্ৰবিলাকো পৰীক্ষা কৰি ল’লে। এই কাৰ্যত ইটালীৰ ফেচিষ্ট শাসক মুছোলিনিয়েও সহায় কৰে। সেই বছৰতে জাপানৰ লগত এক বন্ধু ত্বপূর্ণ চুক্তি সম্পাদিত হ’ল। ১৯৩৭ চনত ইটালীয়েও এই চুক্তিত ভুক্ত হ’ল।

(গ) জাপানৰ লগত সম্বন্ধ : ১৯৩৬ চনত হিটলাৰে জাপানৰ সৈতে সমাজবাদী ৰুছিয়াৰ বিৰুদ্ধে এক চুক্তি স্বাক্ষৰ কৰিলে। ইটালীৰ মুছোলিনি হিটলাৰৰ লগ লাগিলহি।ফ্রান্স, ইংলণ্ড আৰু পোলেণ্ডৰ মিলিত শক্তিৰ (Allies) বিপক্ষে জার্মানী ইটালী আৰু জাপান একত্রিত শক্তি (Axis) হিচাপে থিয় দিলে। হিটলাৰে তোলা ডানজিগ চহৰৰ দাবী আৰু পোলেণ্ড ডানজিগলৈ দীঘলীয়া বাটৰ ওপৰেদি পূৱ প্ৰুচিয়ালৈ আলিবাট নিৰ্মাণ কৰাৰ প্ৰস্তাৱ পোলেণ্ড অগ্রাহ্য কৰাত জাৰ্মানীয়ে এই দেশ আক্রমণ কৰিলে। মিত্রশক্তিয়ে এই অজুহাতলৈ জার্মানীৰ বিপক্ষে যুদ্ধ ঘোষণা কৰিলে। এইদৰে দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হয়।

প্রশ্ন ৬। হিটলাৰৰ বৈদেশিক নীতিৰ মূল বৈশিষ্ট্য কি আলোচনা কৰা?

উত্তৰ: নিজৰ শক্তি মজবুত কৰাৰ আগলৈকে ৱাইমাৰ গণৰাজ্যই অৰ্জন কৰা নৈতিক গৌৰৱৰ ওপৰত প্ৰতিষ্ঠিত হৈ হিটলাৰে বৈদেশিক নীতিৰ পাতনি মেলিছিল। যুদ্ধোত্তৰ জাৰ্মানীৰ বৈদেশিক নীতিৰ লক্ষ্য আছিল— যুদ্ধৰ ক্ষতিপূৰণৰ সমস্যাৰ সমাধান কৰা আৰু বিদেশী দখলৰ অধীনত থকা এলেকাবোৰ মুক্ত কৰা।

প্রশ্ন ৭। প্রথম মহাসমৰৰ পিছত চীন দেশৰ উত্থানত ৰাজনৈতিক নেতাসকলৰ অৰিহণাৰ বিষয়ে চমুকৈ আলোচনা কৰা?

নাইবা, চীন গণৰাজ্যৰ প্ৰতিষ্ঠাতা হিচাপে মাও চে টুঙৰ কৃতিত্বৰ এক মূল্যায়ন কৰা।

নাইবা, চীন দেশৰ কমিউনিষ্টৰ গণপ্রজাতন্ত্ৰৰ উত্থান সম্বন্ধে ব্যাখ্যা কৰা। [HSLC-15]

উত্তৰ : প্রথম মহাসমৰৰ পাছত চীন দেশত দুখন চৰকাৰ আছিল। এখন চৰকাৰ নিয়ন্ত্ৰণ কৰিছিল কুওমিনটাং দলে। ইয়াৰ প্ৰধান কার্যালয় আছিল কেণ্টন নগৰত । ড° চান য়েৎচান আছিল এইচৰকাৰৰ প্ৰেচিডেণ্ট। আনখন চৰকাৰৰ মুৰব্বী আছিল সামৰিক বাহিনীৰ এজন সেনাপতি। ইয়াৰ ৰাজধানী আছিল বেইজিং চহৰত। পেৰিচ শান্তি সন্মিলনৰ সিদ্ধান্ত ক্ৰমে চানটং অঞ্চলটো জাপানক হস্তান্তৰিত কৰা কাৰ্যই ১৯১৯ চনতএটা সাম্ৰাজ্য বিৰোধী আন্দোলনে দেখা দিছিল। বেইজিং বিশ্ববিদ্যালয় ছাত্ৰসকলে এক প্রতিবাদী বিক্ষোভৰদ্বাৰা এই আন্দোলন আৰম্ভ হৈছিল ১৯১৯ চনৰ ৪ মে’ৰ দিনা। এই দিনটোকে ৪র্থ মে’ আন্দোলন (May Fourth Movement) বুলি জনা যায়।

এই আন্দোলন চীনদেশৰ সকলোফালে বিয়পি পৰিছিল। ৰুচদেশ বিপ্লবৰ প্ৰভাবত চীনদেশত জাতীয় বৈপ্লৱিক আন্দোলনে গা কৰি উঠে। ১৯২১ চনত চীনদেশত কমিউনিষ্ট দল গঠন হয় আৰু অতি সোনকালে এক বৃহৎ শক্তিত পৰিণত হয়। ইতিমধ্যে ড° চান য়েৎচেনে চীনদেশৰ একত্ৰিকৰণত পশ্চিমীয়া দেশৰ সহায় পোৱাত ব্যৰ্থ হৈ, চোভিয়েট ইউনিয়নৰ সহায় বিচাৰে। ১৯২৪ চনত কুওমিনটাং আৰু কমিউনিষ্ট দল একগোট হয়। দুয়োটা দলে এটা বৈপ্লৱিক বাহিনী গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু চোভিয়েট সামৰিক আৰু ৰাজনৈতিক পৰামৰ্শত এখন সামৰিক বিদ্যালয় স্থাপন কৰে। ১৯২৫ চনৰ পৰা চীনদেশৰ জাতীয় সামৰিক বৈপ্লৱিক বাহিনীয়ে কিন্তু যুদ্ধ গোষ্ঠীৰ বিৰুদ্ধে আক্রমণাত্মক কাৰ্য আৰম্ভ কৰে। কিন্তু ইতিমধ্যে ড° চানয়েৎচেনৰ মৃত্যুৰ দুই বছৰ পিছতে ১৯২৫ চনত চীনদেশত আমূল পৰিৱৰ্তন ঘটে।

কুওমিন্‌টাং আৰু কমিউনিষ্ট দলৰ মিত্ৰতা ভংগ হয় আৰু দুয়োটা দলে গৃহযুদ্ধত লিপ্ত হৈ পৰে। চীনদেশৰ জাতীয় বৈপ্লৱিক সামৰিক বাহিনীৰ লগত ৰাজনৈতিক একত্ৰিকৰণৰ বাবে শ্রমিক আৰু কৃষকৰ মুক্তি বাহিনীয়ে যোগদান কৰে। জাপানৰ পুঁজিপতিসকলে কৰা শ্রমিক হত্যা আৰু বৃটিছ পুলিছে বিক্ষোভকাৰীৰ ওপৰত কৰা গুলীবৰ্ষণৰ বাবে ১৯২৫ চনত চাংহাইত হৰতাল পালন কৰা হয়। চীনৰ বহুতো ঠাইত কৃষকসকলে ভূস্বামীসকলৰ ভূমি সম্পত্তি দখল কৰিবলৈ আৰম্ভ কৰে। ১৯২৭ চনৰ মাৰ্চ মাহত জাতীয় বিপ্লৱী বাহিনীয়ে

যেতিয়া নানকিং দখল কৰে বৃটিছ আৰু মার্কিন যুদ্ধজাহাজে গুলীবর্ষণ কৰি বহুহেজাৰ কৃষকক হত্যা কৰে। এনে এটা সময়তে কুওমিনটাং দলত বিভাজন হয়। জাতীয় বিপ্লৱী বাহিনীৰ সেনাপতি চিয়াং কাইচেকে নানকিঙত চৰকাৰ গঠন কৰে। কুওমিনটাং দলত শ্রমিক-কৃষকৰ বৰ্দ্ধিত শক্তি আৰু বামপন্থীসকলৰ শক্তি বৃদ্ধি য়ে, সেনাপতি চিয়াং কাইচেকক ভীতিগ্রস্ত কৰি তোলে। তেওঁৰ সৈন্যবাহিনীয়ে, চাংহাই অৱৰোধ কৰি বহু হেজাৰ শ্ৰমিক কৃষক আৰু কমিউনিষ্টক হত্যা কৰে। ১৯২৭ চনৰ ডিচেম্বৰ কেণ্টনত এখন চোভিয়েট চৰকাৰ গঠন কৰে।

চিয়াং কাইচেকে পাঁচ হাজাৰ শ্ৰমিক কৃষকক হত্যা কৰে। ইয়াৰ পাছতে জাতীয় আয়ালনত বিভাজন হয়, চোভিয়েট পৰামৰ্শদাতাক বিতাৰণ কৰা হয়। ড° চানয়েৎচেনৰ বিধবা পত্নীকে আদি কৰি বহুতকে কাৰাগাৰত নিক্ষেপ কৰা হয়। মাহত, বিপ্লব আৰম্ভ এই বিপ্লৱ দমন কৰি প্ৰায় জাপানীসকলে মাঞ্চুৰিয়া দখল কৰাৰ পাছত, চীনদেশত এটা জাপান বিৰোধী ঢৌৰ সৃষ্টি হয় । ইয়াৰ ফলতে চীনত জাপানী বস্তু বৰ্জন আন্দোলন আৰম্ভ হয়। চিয়াংকাইচেকৰ নেতৃত্বত কুওমিনটাং আৰু কমিউনিষ্টসকলে জাপানীসকলৰ বিৰুদ্ধে চীনদেশ একত্ৰিকৰণত ব্যর্থ হয়। অৱশেষত কমিউনিষ্টসকলে চীনবাসীক জাপানীসকলৰ বিৰুদ্ধে এক আহ্বান দিয়ে আনহাতে চিয়াঙৰ বাহিনীয়ে কমিউনিষ্টসকলৰ বিৰুদ্ধে আক্ৰমণ আৰম্ভ কৰে। চীনদেশত কমিউনিষ্টসকলৰ আহ্বানে জনপ্রিয়তা লাভ কৰে।

মাও চে টুং: চীন দেশত কমিউনিষ্ট দলৰ সেই সময়ৰ আটাইতকৈ শক্তিশালী নেতা আছিল মাও চে টুং। তেওঁ চীনদেশত শ্রমিক আৰু কৃষকসকলকে আটাইতকৈ শক্তিশালী আৰু প্ৰধান বিপ্লৱী বুলি গণ্য কৰিছিল। তেওঁ এই কৃষকসকলক লৈয়ে চীনদেশত সমাজবাদী বিপ্লৱী আন্দোলন গঢ়ি তুলিবলৈ আগবাঢ়ি আহে। সেই সময়তে চিয়াং কাইচেকে এক নিযুত শক্তিশালী সৈন্য লৈ দক্ষিণ চীনৰ কমিউনিষ্ট প্রধান অঞ্চলটো আক্রমণ কৰে।

কমিউনিষ্টসকলে নিশ্চিত নিশেষৰ পৰা হাত সাৰিবলৈ নিজৰ চাউনি এৰি পিছ হুহকি যাবলৈ বাধ্য হয়। প্রায় এক লাখ কমিউনিষ্টে উত্তৰ পশ্চিম দিশৰ ইউনানৰ ফালে আগবাঢ়ে। এই যাত্ৰাত তেওঁলোকে প্রায় এক লাখ কিঃ মিটাৰ পথ অতিক্ৰম কৰিছিল। ইয়াকে ‘সুদীর্ঘ যাত্রা’ (Long March) বুলি জনা যায়। এই সুদীর্ঘ যাত্রাই চীনদেশত কমিউনিষ্টসকলৰ জনপ্রিয়তা বৃদ্ধি কৰে। তেওঁলোকে এই যাত্ৰাত ভূস্বামীসকলৰ মাটি দখল কৰি ভূমিহীনৰ মাজত বিতৰণ কৰিছিল। তেওঁলোকে ভুস্বামী, পুঁজিপতি আৰু বনিকসকলৰ চিয়াং কাইচেক্ৰৰ চৰকাৰৰ বিৰুদ্ধে প্ৰৱল জনমত গঢ়ি তোলে।

তেওঁলোকে লগতে আক্রমণকাৰী জাপানীসকলৰ বিৰুদ্ধে জাতীয় যুদ্ধৰ আহ্বান দিয়ে। জাপানীসকলৰ প্ৰবল আক্ৰমণৰ ফলত চিয়াং কাইচেকৰ সৈন্যবাহিনী পিছ হুহকিবলৈ বাধ্য হয় আৰু চৰকাৰ নান্‌কিঙৰ পৰা চিয়াংকিঙলৈ স্থানান্তৰ কৰিবলৈ বাধ্য হয়।

অৱশেষত ১৯৩৬ চনৰ ডিচেম্বৰ মাহত এটা নাটকীয় ঘটনাৰদ্বাৰা চীনদেশৰ কুওমিনটাং বাহিনী আৰু কমিউনিষ্টসকল একত্রিত হয়। চিয়াং কাইচেকে যেতিয়া কমিউনিষ্টসকলক নিশেষ কৰাৰ বাবে চিয়ান নগৰলৈ যায় তেতিয়া তেওঁৰে সৈন্যবাহিনীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে, আৰু জাপানীসকলৰ বিৰুদ্ধে কমিউনিষ্টসকলৰ লগত লগ লাগি যুদ্ধ কৰিবলৈ সন্মতি আদায় কৰে।

জাপানীসকলৰ বিৰুদ্ধে কুওমিনটাঙে চিয়াং কাইচেক নেতৃত্বত আৰু কমিউনিষ্টসকলে মাওঁচেটুঙৰ নেতৃত্বত একেলগে যুদ্ধ কৰিবলৈ সন্মতি প্ৰকাশ কৰে যদিও পৰস্পৰে পৰস্পৰক সন্দেহ কৰি চলিছিল আৰু প্ৰত্যেকেই নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ বিচাৰিছিল। অৱশেষত মাওঁচেটুঙৰ নেতৃত্বত কমিউনিষ্ট দলে চীনদেশৰ প্ৰকৃত প্রতিনিধি হিচাপে জাতীয় সংগ্ৰামত জাপানীসকলৰ বিৰুদ্ধে যুদ্ধ কৰি অশেষ জনপ্রিয়তা অর্জন করে।

দ্বিতীয় মহাসমৰৰ সময়ত দুই দলৰ মাজত গৃহযুদ্ধ বন্ধ আছিল। ১৯৪৬ চনৰ জুলাই মাহত দুই দলৰ মাজত গৃহযুদ্ধ পুনৰ আৰম্ভ হয়; কিন্তু ইতিমধ্যে চিয়াং কাইচেক সৈন্যবাহিনীৰ শক্তি সীমিত হৈ পৰিছিল। মার্কিন যুক্তৰাষ্ট্ৰই চিয়াংকাইচেকক অত্যাধুনিক অস্ত্ৰ শস্ত্ৰৰ যোগান ধৰিছিল যদিও অৱশেষত তেওঁ সসৈন্যে টাইৱাঙলৈ (ফৰমোছালৈ) পলাই যাব লগা হয়।

মাওঁচেটুঙৰ নেতৃত্বত ১৯৪৯ চনৰ ১ অক্টোবৰত চীনদেশত গণৰাজ্য প্রতিষ্ঠা হয়। সাম্যবাদী নীতিৰে পৃথিৱীৰ আটাইতকৈ বেছি জনসংখ্যাৰ দেশ চীনত কমিউনিষ্ট শাসনৰ প্ৰবৰ্তন হয়।

প্রশ্ন ৮। ছোড়িয়েট ৰুছিয়াৰ উত্থানৰ ওপৰত এটি টোকা লিখা। [HSLC-2015]

উত্তৰ : ১৯১৭ চনত অক্টোবৰ বিপ্লবৰ পাছত সাম্যবাদী ছোভিয়েট ৰুছিয়াৰ জন্ম হৈছিল। ১৯১৭ চনত বলছেভিক দল ক্ষমতালৈ অহাৰ লগে লগে ৰুছিয়াত এক নতুন যুগৰ সূচনা হয়। এই নতুন চৰকাৰে সৰ্বহাৰাৰ চৰকাৰ গঠন কৰি, এখন শ্রেণীহীন সমাজ প্ৰতিষ্ঠা কৰা প্ৰচেষ্টা আৰম্ভ কৰিছিল। দেশত লেনিন চৰকাৰে সৰ্বহাৰাৰ একনায়কত্ববাদ প্রতিষ্ঠা কৰি ৰাষ্ট্ৰৰ ভূমি আৰু সকলো সম্পত্তিৰ ওপৰত ৰাষ্ট্ৰৰ মালিকীস্বত্ব প্ৰতিষ্ঠা কৰে।

ভূস্বামীৰ মাটি কৃষকক আৰু উৎপাদনৰ সকলো কলকাৰখানাবোৰ ৰাষ্ট্ৰীয়কৰণ কৰি শ্ৰমিক সমিতিৰ পৰিচালনাত দিয়া হ’ল । শ্ৰম কৰাটো কৃষক আৰু শ্ৰমিকৰ বাবে বাধ্যতামূলক কৰা হ’ল। শ্ৰম নকৰা মানুহক ভোটাধিকাৰ, আৰু অস্ত্ৰ-শস্ত্ৰ ৰখাৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হ’ল । শ্রম অবিহনে খাদ্য আৰু অৰ্থ উপাৰ্জনৰ বাট বন্ধ হ’ল । গীৰ্জা আৰু ধৰ্ম প্ৰভাৱৰ পৰা মানুহক মুক্ত কৰিবলৈ যত্নবান হ’ল। ধর্মীয় অনুষ্ঠানৰ সকলো সম্পত্তি বাজেয়াপ্ত কৰা হ’ল। শিক্ষা বিনামূলীয়া কৰা হ’ল। চৰকাৰে ভবা মতে দেশৰ উৎপাদন কিছু বৃদ্ধি হ’ল।

শ্রমিক কৃষকে ৰাহি হোৱা উৎপাদন সামগ্ৰী চৰকাৰক দিবলৈ ইচ্ছুক নহ’ল। ফলত ৰুছিয়াত খাদ্যাভাব, অনাটন আৰু মূল্য বৃদ্ধিয়ে দেখা দিলে। অৱশেষত আমেৰিকাৰ পৰা বিনামূলীয়া খাদ্যৰ যোগানেহে ৰুছবাসীক কিছু সকাহ দিছিল। এনে এক পৰিস্থিতিত লেনিন চৰকাৰে বহু চিন্তা-চৰ্চাৰ অন্তত ১৯২১ চনত এক নতুন অৰ্থনীতিৰ প্ৰৱৰ্তন কৰে। ইয়াক চমুকৈ NEP বোলে। এই অর্থনীতি আছিল পুঁজিবাদী আৰু সাম্যবাদীৰ এক আপোচ নীতি। লেনিনে ইয়াক “পুঁজিবাদীলৈ আংশিক প্রত্যাৱৰ্তন” বুলি কৈছে । যি নহওক এই নতুন ব্যৱস্থাই ৰুছিয়াৰ আৰ্থিক অৱস্থাক যথেষ্ট সবল কৰিবলৈ সক্ষম হৈছিল।

কৃষকসকলে লাভৰ আশাত যথেষ্ট উদ্যমেৰে শ্ৰম কৰি উৎপাদন বৃদ্ধি কৰিবলৈ ধৰিলে। শিল্প উদ্যোগবোৰৰো উৎপাদন প্রাকযুদ্ধৰ আগৰ অৱস্থালৈ বৃদ্ধি পালে। মুঠতে লেনিনৰ শাসন কালতে প্রাচীন ৰুছ সাম্ৰাজ্যৰ অন্তৰ্গত প্রায় সকলো অঞ্চলত বলছেভিক দলৰ চৰকাৰ প্ৰতিষ্ঠা হৈছিল। ১৯২২ চনত সকলো অঞ্চলক ঐক্যবদ্ধ কৰি “সংযুক্ত ছোভিয়েট সমাজবাদী প্রজাতন্ত্র” (USSR) গঠন কৰে। এনে এক সময়ত মহানায়ক লেনিনৰ ১৯২৪ চনৰ ২১ জানুৱাৰীত মৃত্যু হয়।

মহানায়ক লেনিনৰ মৃত্যুৰ পাচত তেওঁৰ দুই সহযোগী জোছেফ ষ্টেলিন আৰু লিয়োঁ ট্রটস্কী কমিউনিষ্ট দলৰ ক্ষমতালৈ লৈ আহে। দুয়োজনৰ মাজত আদৰ্শ আৰু মতবাদৰ পার্থক্য আছিল। তুলনামূলকভাবে ট্রটস্কী যদিও দেশৰ শাসনত বেছি জনপ্রিয় আছিল এটা সময়ত তেওঁক ষ্টেলিনে কমিউনিষ্ট দলৰ পৰা বহিষ্কাৰ কৰিবলৈ সক্ষম হয়। ১৯২৯ চনত তেওঁক বিদেশলৈ নির্বাসন দিয়া হয়।

তেওঁ পৰবৰ্তীকালত জোছেফ ষ্টেলিনে শাসনত অধিস্থিত হোৱাৰ পাচত দেশতক্রমে একনায়কত্ববাদী শাসন প্ৰবৰ্তন কৰি, তেওঁ মৃত্যুপর্যন্ত একচত্রী শাসন চলাই গৈছিল। ষ্টেলিনৰ একচত্ৰী শাসন মার্ক্সবাদৰ মানবতাবাদী আদৰ্শৰ পৰিপন্থী আছিল। অৱশ্যে দেশৰ অৰ্থনীতিৰ ক্ষেত্ৰত পাঁচ বছৰীয়া পৰিকল্পনাৰ জড়িয়তে যথেষ্ট সফলতা অর্জন কৰা দেখা যায়। তেওঁ প্ৰথম দুটা পৰিকল্পনাৰে উৎপাদন বৃদ্ধিৰে যথেষ্ট সফলতা উদ্যোগীকৰণ, ইয়াৰ উপৰিও আদি লভ্যত উপণীত হ’ব পাৰিছিল। মুঠতে প্রথম দুটা পৰিকল্পনাৰ আৰু উন্নতি মালিকানাৰ কৰিব পাৰিছিল।

ৰাষ্ট্ৰীয়কৰণ, উৎপাদন বৃদ্ধি আৰু লুপ্তকৰণ, অর্থনৈতিক স্বনিৰ্ভৰশীলতা আহৰণ কৰা অন্তত, দুর্দশাগ্রস্ত ৰুছিয়া, খাদ্য সম্ভাৰ আৰু উদ্যোগজাত সামগ্ৰীৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হৈ পৰিছিল। নিবনুৱা সমস্যা ছোভিয়েট কছিয়াত অৱসান ঘটাব পাৰছিল। মুঠতে দ্বিতীয় বিশ্বযুদ্ধৰ আগৰ বিশ্বব্যাপী হোৱা মন্দাৱস্থাৰ সময়তো দেশখনে আত্মনিৰ্ভৰ হৈ চলিব পাৰিছিল ।

বৈদেশিক নীতিৰ ক্ষেত্ৰত ইউৰোপীয় পুঁজিবাদী দেশবোৰে, বহুকাল ধৰি স্বীকৃতি প্ৰদান কৰা নাছিল। এনেকি জাতিসংঘটো অন্তৰ্ভুক্ত কৰা হোৱা নাছিল। কিন্তু ছোভিয়েট ৰুছিয়াৰ ক্ৰমবৰ্দ্ধমান শক্তিক সৰ্বোতিকাল অবজ্ঞা কৰাও সম্ভব নহয়। ক্রমান্বয়ে ছোভিয়েট ৰুছিয়াক ক্রমান্বয়ে স্বীকৃতি দিব লগা হ’ল। ১৯৩৩ চনত ইংলেণ্ডৰ চৰকাৰে স্বীকৃতি দি কুটনৈতিক সম্পর্ক প্রতিষ্ঠা কৰে। ১৯৩৪ চনত জাতিসংঘৰ সদস্যপদো লাভ কৰে আৰু ৰাষ্ট্ৰসংঘৰো স্থায়ী সদস্য পদ লাভ কৰে। কিন্তু পুঁজিবাদী দেশবোৰে ছোভিয়েট ৰুছিয়াক শত্রুভাবাপন্ন ৰাষ্ট্ৰ বুলি ৰাখিছিল। আনহাতে পশ্চিমীয়া পুঁজিপতি দেশবোৰৰ ঔপনিবেশিক শাসনৰ পৰা এছিয়া-আফ্ৰিকাৰ দেশবোৰ মুক্ত কৰা স্বাধীনতা সংগ্ৰামত ৰুছিয়াৰ সমৰ্থন

বিশেষভাৱে উল্লেখযোগ্য। কিন্তু পুঁজিবাদী দেশবোৰে ফেচিষ্ট শক্তিৰ প্ৰতি তোষণ নীতি প্ৰচলনৰ দ্বাৰা, উদগনি দি সাম্যবাদৰ বিৰুদ্ধে বা ৰুছিয়াৰ বিৰুদ্ধে শত্রুতা চলাই গৈ থাকি ১৯৩৯ চনত দ্বিতীয় বিশ্বযুদ্ধ সূচনা কৰিছিল।

চমুকৈ উত্তৰ দিয়া

প্রশ্ন ১। ফেছিবাদৰ চাৰিটা নীতি উল্লেখ কৰা। [HSLC-2015]

উত্তৰ : ফেছিবাদৰ কিছুমান আদৰ্শ আছে:

(১) ফেছিবাদ গণতন্ত্ৰৰ আৰু গণতান্ত্ৰিক প্ৰমূল্য আৰু পৰম্পৰাৰ পৰিপন্থী।

(২) নাগৰিকৰ অধিকাৰ, ব্যক্তি স্বাতন্ত্র্যবোধ, ৰাজনৈতিক অধিকাৰ, মত প্ৰকাশৰ অধিকাৰ

আদি সকলো ফেছিবাদৰ পৰিপন্থী।

(৩) ফেছিবাদৰ মূল চালিকা শক্তি সামৰিক সংঘর্ষ, যুদ্ধ।

(৪) ৰাষ্ট্ৰৰ এক সর্বাত্মক কৰ্তৃত্ব আছে। ৰাষ্ট্ৰ আৰু নেতাৰ মাজত কোনো পার্থক্য নাই। একনায়কত্ববাদী শাসন চলিব। মুঠতে সর্বাত্মকবাদী (Totalitarianism) চলিব।

প্রশ্ন ২। ফেছিষ্ট ৰাষ্ট্ৰৰ চাৰিটা প্রধান বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰ : ফেছিষ্ট ৰাষ্ট্ৰৰ প্রধান বৈশিষ্ট্য চাৰিটা :

(১) ফেছিষ্ট ৰাষ্ট্ৰ গণতন্ত্র বিৰোধী,

(২) ফেছিষ্ট ৰাষ্ট্র একনায়কত্ববাদী সর্বাত্মক ৰাষ্ট্ৰ,

(৩) একদলীয় শাসন ব্যৱস্থা প্রচলিত,

(৪) নাগৰিকৰ ব্যক্তি স্বাধীনতা নাথাকিব।

প্রশ্ন ৩। ফেছিষ্ট আদর্শ কি?

উত্তৰ :

আদৰ্শবোৰ:

(১) ফেছিবাদত গণতন্ত্রৰ আৰু গণতান্ত্রিক প্ৰমূল্য পৰস্পৰৰ পৰিপন্থী,

(২) সকলো প্ৰকাৰৰ অধিকাৰৰ পৰিপন্থী,

(৩) দলীয় নেতাজনেই সর্বেসর্বা,

(৪) সমাজবাদ পৰিপন্থী।

প্রশ্ন ৪। জাতীয় সমাজবাদী জার্মান শ্রমিক দলটোক চমুকৈ কি নামেৰে জনা যায়?

উত্তৰ: নাৎছি (Nazi) নামেৰে জনা যায়।

প্রশ্ন ৫। ‘স্কাট ষ্টাফেন’ কি? [HSLC. ’19]

উত্তৰ : জার্মানীত হিটলাৰে নিৰাপত্তাৰ বাবে ‘স্কাট ষ্টাফেন’ নামেৰে এটা অৰ্ধসামৰিক বাহিনী গঠন কৰিছিল। তাকে ‘ষ্টর্ম ট্ৰপাৰৰ্ছ নামেও জনা যায়। হিটলাৰৰ লগত সামান্য মতবিৰোধ হ’লেও এই বাহিনীৰ দ্বাৰা মানুহক গুলীয়াই হত্যা কৰিছিল ।

প্রশ্ন ৫। হিটলাৰৰ ৰাছিয়া আক্ৰমণৰ চাৰিটা লক্ষ্য লিখা। [HSLC. ’19]

উত্তৰ: চাৰিটা ল’ক্ষ্য হ’ল –

(ক) ৰাছিয়াৰ কমিউনিষ্ট শাসন ধ্বংস কৰা হৈছিল।

(খ) ইহুদি সকলৰ লগতে ৰাছিয়াৰ লাভ জাতিটো নিৰ্মূল কৰা হৈছিল।

(গ) জার্মানীৰ উদ্বৃত্ত লোকসংখ্যাৰ বাবে ৰাছিয়াৰ ইউৰাইল অঞ্চলটো দখল কৰে।

(ঘ)ডনেজ উপত্যকাৰ শিল্প উদ্যোগিক অঞ্চলটো দখল কৰি জাৰ্মানীৰ লগত চামিল কৰা ।

Conclusion:

আমি বিশ্বাস কৰোঁ যে এই টোকাবোৰে শিক্ষাৰ্থীসকলক বিষয়বোৰৰ বিষয়ে ভালদৰে বুজাবুজি বিকশিত কৰাত আৰু তেওঁলোকৰ পৰীক্ষাৰ বাবে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰিব।

আমি নিশ্চিত যে এই টোকাবোৰে শিক্ষাৰ্থীসকলক তেওঁলোকৰ লক্ষ্য প্ৰাপ্ত কৰাত আৰু তেওঁলোকৰ শৈক্ষিক প্ৰদৰ্শন বৃদ্ধি কৰাত সহায় কৰিব। যদি আপুনি এই প্ৰবন্ধটো ভাল পায় আৰু সহায়ক হয় তেন্তে আপোনাৰ বন্ধুবৰ্গৰ সৈতে Share কৰিবলৈ নাপাহৰিব।

Leave a Comment

error: Content is protected !!