Class 10 History Chapter 2|প্রথম বিশ্বযুদ্ধ| Question Answer Assamese medium

Class 10 History Chapter 2|প্রথম বিশ্বযুদ্ধ| Question Answer Assamese medium: আমাৰ ৱেবছাইটলৈ স্বাগতম! আপোনাৰ শৈক্ষিক যাত্ৰাৰ বাবে আপোনাক দশম শ্ৰেণীৰ Notes প্ৰদান কৰি আমি আনন্দিত।

দশম শ্ৰেণী শিক্ষাৰ্থীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ বছৰ কিয়নো তেওঁলোকে আগন্তুক ব’ৰ্ড পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰে, যি তেওঁলোকৰ শৈক্ষিক সফলতা নিৰ্ধাৰণ কৰিব।

আজি, এই প্ৰবন্ধটোত মই আপোনাৰ দশম শ্ৰেণীৰ “প্রথম বিশ্বযুদ্ধ” দীঘলয়া আৰু চুটি প্ৰশ্ন আলোচনা কৰিম| আমি প্ৰায় সকলো দীঘলয়া আৰু চুটি প্ৰশ্ন Solution প্ৰদান কৰিছোঁ।

আমাৰ লক্ষ্য হৈছে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰা। আমি ইয়াত বিনামূলীয়াকৈ Notes সমূহ প্ৰদান কৰিছো। আমি আপোনাক আগন্তুক পৰীক্ষাৰ বাবে শুভেচ্ছা জনাইছো। যদি আপোনাৰ কোনো সন্দেহ আছে তেন্তে আমাৰ সৈতে যোগাযোগ কৰক।

ৰচনাধৰ্মী প্রশ্নোত্তৰ

প্রশ্ন ১। কি কি পৰিস্থিতিত প্রথম বিশ্বযুদ্ধ সংঘটিত হ’ল, তাৰ এটি চমু আভাস দিয়া। নাইবা, প্রথম বিশ্বযুদ্ধৰ তাৎক্ষণিক কাৰণসমূহ কি কি? [HSLC. 20]

নাইবা, প্রথম বিশ্বযুদ্ধৰ বাবে জার্মানী কিমান দূৰ জগৰীয়া আছিল। [HSLC.’12, ‘15,22]

উত্তৰঃ

(ক) প্রথম বিশ্বযুদ্ধৰ কাৰণসমূহক মুঠতে চাৰিটা ভাগত ভাগ কৰিব পাৰি।

সেয়া হ’ল– (১) ৰাজনৈতিক, (২) অর্থনৈতিক, (৩) সামৰিক, (৪) তৎকালীন।

(১) ৰাজনৈতিক কাৰণসমূহ : ইউৰোপত জাৰ্মানীৰ অস্বাভাৱিক উত্থানে ক্ষমতাৰ ভাৰসাম্যতা নাইকিয়া কৰি তোলে।

(ক) ইউৰোপখন দুটি শক্তিগোষ্ঠীত ভাগ করা হয়, এফালে জার্মানী, অষ্ট্ৰিয়া আৰু ইটালী আৰু আনফালে এই ত্ৰি-মিত্র শক্তিৰ বিৰুদ্ধে আন এটা ত্ৰি-মিত্ৰৰ শক্তি জোঁট হ’ল ফ্ৰান্স, ৰুছিয়া আৰু ইংলেণ্ড। এই দুই গোষ্ঠীৰ মাজৰ তিক্ততা বৃদ্ধি হোৱাৰ ফলত যুদ্ধ ৰ সম্ভাৱনাই দেখা দিয়ে।

(খ) ১৮৭০-৭১ চনৰ ফ্ৰেঙ্ক- প্ৰুচিয়ান যুদ্ধত জার্মানীয়ে ফ্রান্সক পৰাস্ত কৰি আলচাচ্ আৰু লৰেইন অধিকাৰ কৰে। ফ্রান্সে এই দুই ৰাজ্য উদ্ধাৰৰ বাবে যুদ্ধৰ প্ৰস্তুতি চলাইছিল।

(গ) ১৯১২ চনৰ বলকান যুদ্ধৰ পাছত বুলগেৰিয়াই হেৰোৱা ৰাজ্য উদ্ধাৰৰ আশাত জাৰ্মানীৰ লগ লাগে। তুৰস্কয়োজাৰ্মানীৰ শক্তিকে বিশ্বাস কৰি হেৰোৱা ৰাজ্য উদ্ধাৰৰ আশাত জার্মানীৰ ফলীয়া হয়।

(ঘ) অষ্ট্ৰিয়াই ১৯০৮ চনত ব’চনিয়া আৰু হাৰ্জিগোভিনা ৰাজ্য দুখন নিজ ৰাজ্যৰ লগত চামিল কৰে। চাৰ্বিয়াই এই কাৰ্যৰ ঘোৰ প্ৰতিবাদ কৰে, কাৰণ ৰাজ্য দুখনৰ অধিবাসীসকলে চাৰ্বিয়াৰ লগ লগাটোহে বিচাৰিছিল। ৰুছিয়াই চাৰ্বিয়াৰ পক্ষ লয়। আনহাতে জার্মানীয়ে অষ্ট্ৰিয়াৰ পক্ষ লয়।

(ঙ) জার্মানীৰ সম্রাট কাইজাৰ দ্বিতীয় উইলিয়ামে নিজ ক্ষমতাত বলিয়ান হৈ কেৱল শক্তিৰেই সকলো কাৰ্য সিদ্ধি কৰাৰ মনোভাব লৈছিল। এই ধাৰণাই জাতিটোক যুদ্ধ মুখী কৰি তুলিছিল। মুঠতে জাৰ্মানীৰ এই মদমত্ত স্বভাৱেই আছিল যুদ্ধৰ প্ৰধান কাৰণ।

(২) অর্থনৈতিক কাৰণ : শিল্প বিপ্লৱৰ ফলত ইউৰোপত ঔদ্যোগিক দেশসমূহৰ মাজত তীব্র প্রতিদ্বন্দ্বিতা চলে। অপর্যাপ্ত পৰিমাণত উৎপাদিত সামগ্ৰীৰ বজাৰ বিচাৰি দেশসমূহে নানা দেশত উপনিবেশ স্থাপনৰ প্ৰতিদ্বন্দ্বিতাত নামে, এই সাম্রাজ্যবাদী মনোভাবে যুদ্ধৰ মনোভাব গঢ়ি তোলে। ইংলেণ্ড আৰু জাৰ্মানী আছিল পৰস্পৰ ঘোৰ প্রতিদ্বন্দ্বী।

(৩) সামৰিক কাৰণ: ১৮৬৬ আৰু ১৮৭০ চনত ইউৰোপত হোৱা যুদ্ধত জার্মানীয়ে দেখুওৱা দুর্দান্ত সামৰিক শক্তিয়ে সমগ্ৰ ইউৰোপক সচকিত কৰি তুলিছিল। এই ভয়ে ইউৰোপৰ সকলো দেশকে নিজৰ সমৰ্শক্তি বৃদ্ধিত মনোযোগ দিবলৈ বাধ্য কৰে। তেতিয়াৰে পৰা সকলো দেশ যুদ্ধৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰে আৰু যুদ্ধৰবারে সষ্টম হৈ থাকে।

(৪) অন্যান্য কাৰণ : ইউৰোপৰ দেশসমূহত জাতীয়তাবাদী ভাবধাৰা গঢ়ি উঠে। স্বদেশপ্রেমী মনোভাব আনদেশৰ প্ৰতি ঘৃণাৰ মনোভাব গঢ়ি তোলে। জার্মানী, ফ্রান্স, ইটালী, অষ্ট্ৰিয়া আদি দেশত এই ভাব গঢ়ি উঠে। মহাযুদ্ধ হোৱাৰ আন এটা উল্লেখযোগ্য কাৰণ হ’ল সেই সময়ত সমিল-মিলবাবুজাপৰাৰ ভাব গঢ়ি তোলাৰ বাবে কোনো আন্তঃৰাষ্ট্ৰীয় সংস্থা নাছিল। তেনে এটা সংস্থাৰ অভাৱো যুদ্ধৰ পৰিৱেশ গঢ়ি তোলাত যথেষ্ট সহায়ক হৈছিল। কোনো আন্তঃৰাষ্ট্ৰীয় সমস্যা আলোচনা কৰাৰ সুবিধা নাছিল।

(৫) তৎকালীন কাৰণ : এইদৰে যুদ্ধৰ প্ৰস্তুতি চলি থকা অৱস্থাতে এটা বিশেষ ঘটনাই যুদ্ধ অপৰিহাৰ্য কৰি তোলে। ১৯১৪ খ্ৰীঃৰ জুন মাহত অষ্ট্ৰিয়াৰ যুৱৰাজ ফার্ডিনাণ্ড আৰু তেওঁৰ পত্নীক চাৰাজিভো নামে ঠাইত কোনো চার্বিয়ান আততায়ীয়ে হত্যা কবে। অষ্ট্ৰিয়াৰ চৰকাৰে চাবিয়াৰ চৰকাৰলৈ ক্ষতিপূৰ্ণ দাবী কৰি হত্যাকাৰীৰ শাস্তি বিধান বিচাৰি চৰমপত্ৰ দিয়ে। চার্বিয়াই সন্তোষজনক সমিধান দিব নোৱৰাত, ২৮ জুলাই তাৰিখে অষ্ট্ৰিয়াই চাৰ্বিয়াৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। ৰুছিয়াই চাবিয়াক সহায় কৰাৰ আশ্বাস দিলে । আনহাতে জার্মানীয়ে অষ্ট্ৰিয়াৰ পক্ষ লয়৷ ফ্রান্সে ৰুছিয়াৰ পক্ষ লয়। ইংলেণ্ডই জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।

তাৰ পাছত ক্ৰমে জাপানে জাৰ্মানীৰ আৰু ইটালীয়ে অষ্ট্ৰিয়াৰ বিৰুদ্ধে যুদ্ধত নামে। এয়ে আছিল প্রথম মহাসমৰৰ আৰম্ভণি৷ এনেকুৱা সৰ্বগ্রাসী যুদ্ধ পৃথিৱীত আগেয়ে হোৱা নাছিল। এই যুদ্ধত পৃথিৱীৰ প্ৰায় সকলো শক্তিয়েই প্রত্যক্ষবা পৰোক্ষভাৱে যোগদান কৰিছিল।

প্রশ্ন ২। প্রথম মহাযুদ্ধৰ ফলাফলসমূহৰ এটি বিৱৰণ দিয়া। নাইবা, প্রথম বিশ্বযুদ্ধৰ পৰিণতি সম্পর্কে আলোচনা কৰা। [HSLC.’15,’19]

উত্তৰ : প্ৰায় চাৰি বছৰ কাল যুদ্ধ চলাৰ পাছত ১৯১৮ খ্ৰীঃত ১১ নৱেম্বৰ তাৰিখে এই মহাযুদ্ধ ৰ অৱসান ঘটে। এই যুদ্ধ ৰ ফলত জার্মানী আৰু ইয়াৰ মিত্ৰ ৰাষ্ট্ৰসমূহ পৰাজিত হয়, ফলত ভাৰ্চাই সন্ধি পত্ৰত চহী কৰিবলৈ বাধ্য হয়। প্রথম মহাযুদ্ধৰ ফলাফলসমূহ এনেধৰণৰ–

(১) এই সর্বগ্রাসী যুদ্ধত ইউৰোপৰ প্ৰায় ২ কোটি ৫০ লাখ লোক নিহত হয় আৰু ইয়াৰ প্ৰায় তিনি গুণ লোক হয় বিকলাংগ আৰু যুদ্ধবন্দী। এই যুদ্ধই বহুতো বৈজ্ঞানিক মাৰণাস্ত্ৰৰ সৃষ্টি কৰে। বিজ্ঞানৰ অপব্যৱহাৰৰ পথ প্ৰদৰ্শন কৰে।

(২) এই যুদ্ধৰ পাছত আমেৰিকাৰ উদাৰ্মনা ৰাষ্ট্ৰপতি উইলছনৰ আশাশুধীয়া চেষ্টাৰ ফলত ভৱিষ্যৎ যুদ্ধৰ বিভীষিকাৰ পৰা ৰক্ষা পৰাৰ উদ্দেশ্যে জাতিসংঘৰ গঠন হয়। প্রথমে ২৪ খন আৰু পাছলৈ আৰু জাৰ্মানীৰ ৰণলিপ্সু ৰাজবংশবোৰ নিঃশেষ হয়। আনহাতে এই যুদ্ধ ই পৃথিৱীৰ গণতন্ত্রক ৬০ খন ৰাষ্ট্ৰই এই সংঘত যোগদান কৰিছিল।

(৩) প্রথম মহাযুদ্ধৰ ফলত কছিয়া, অস্ট্রিয়া ৰক্ষা কৰিলে। এই যুদ্ধৰ ফলতে ৰুছিয়াত সমাজবাদ আৰু ফ্রান্স আদি দেশত গণতান্ত্রিক হয়।

(ক) আলচাচ্ আৰু লৰেইন জার্মানীয়ে ফ্রান্সক এৰি দিবলৈ বাধ্য হয়। (খ) চাব প্রদেশ ভাবধাৰাৰ প্ৰসাৰণ হয়।

(৪) ভাৰ্চাই সন্ধিৰ ফলত ইউৰোপৰ মানচিত্ৰৰ বহুতো সালসলনি ১৫ বছৰৰ কাৰণে জাতিসংঘৰ তত্ত্বাৱধানত এৰি দিব লগা হয়।

(গ) তদুপৰি জাৰ্মানীৰ উপনিবেশবোৰ ইংলেণ্ড, ফ্রান্স আৰু জাপানৰ হাতলৈ যায়।

(ঘ) এই সন্ধিমতে জার্মানীয়ে বেলজিয়ামক উইপেন আৰু মেলমেদি চহৰ লিথুনিক মেমেল চহৰ আৰু পোলেণ্ডক পোছেন চহৰ আৰু পশ্চিমৰ কেবাখনো, প্ৰুচিয়াক প্ৰত্যৰ্পণ কৰিব লগা হয়।

(ঙ) তদুপৰি ডানজিগ ধন্দৰ আৰু এই বন্দৰৰ সংলগ্ন ঠাই এৰি দিব লগা হয়।

(চ) জাৰ্মানীৰ সৈন্য সংখ্যা, নৌবহর আৰু যুদ্ধৰ জাহাজ হ্ৰাস কৰি দেশৰক্ষাৰ কাৰণে নামমাত্ৰ সৈন্য ৰাখিবলৈ দিয়া হ’ল। যুদ্ধৰ জাহাজবোৰ ইংলেণ্ডক, বাণিজ্য জাহাজবোৰ ফ্ৰান্সক দিব লগা হ’ল। পৃথিৱীৰ সকলো দেশৰ জার্মান প্ৰজাৰ সম্পত্তি বাজেয়াপ্ত কৰা হয়।

১৯২১ চনত ক্ষতিপূৰণৰ বাবদ মুঠতে পাচ হাজাৰ লাখ ডলাৰ জাৰ্মানীয়ে দিব লগা হ’ল। যেতিয়ালৈকে জার্মানীয়ে যুদ্ধৰ ক্ষতিপূৰণ আদায় দিব নোৱাৰিব, তেতিয়ালৈকে মিত্রশক্তিৰ এটা সৈন্যবাহিনী জার্মানীত থাকিব।

(ছ) ইয়াৰ পাছত অষ্ট্ৰিয়া, হাঙ্গেৰী আৰু তুর্কীৰ লগত বেলেগ বেলেগ সন্ধি হয়। এই সন্ধিবোৰৰ দ্বাৰা নতুন নতুন ৰাজ্যৰ সৃষ্টি হয়। তাৰ ভিতৰত চেকোশ্লোভাকিয়া, যুগোশ্লাভিয়া, এন্থোনিয়া, লাটভিয়া, লিথুনিয়া আৰু ফিন্‌লেণ্ড আদি প্ৰধান। পোলেণ্ড প্রথম মহাসমৰৰ পিছতে পুনৰ জীৱন লাভ কৰে আৰু সাগৰীয় পথৰ সুবিধা কৰি দিয়া হয়।

এইবোৰৰ উপৰি জাৰ্মানীৰ দৰে অষ্ট্ৰিয়া, হাঙ্গৰী,বুলগেৰিয়া আৰু তুৰস্কৰো শক্তি হ্রাস কৰা হয় । এই সন্ধিয়ে জার্মানীক অর্থনৈতিক, সামাজিক আৰু সামৰিক ক্ষেত্ৰত শোচনীয়ভাৱে ক্ষতি কৰে। ই আছিল এক প্রতিশোধমূলক জাপি দিয়া চুক্তি ৷ জার্মানবাসীয়ে ইয়াক সহজভাৱে ল’ব পৰা নাছিল ।

| শান্তিৰ প্ৰচেষ্টা।

ৰচনাধৰ্মী প্রশ্নোত্তৰ

প্রশ্ন ৩। ভাৰ্চাই সন্ধিৰ (Treaty of Versailles) এটা চমু বিৱৰণ দিয়া। নাইবা, পেৰিছ চুক্তিৰ ভিত্তিত কি দৰে প্ৰথম মহাযুদ্ধৰ সামৰণি পৰিল তাক চমুকৈ বর্ণনা কৰা।

নাইবা,

ভাৰ্চাইৰ সন্ধিৰ আৰ্থিক চৰ্তসমূহৰ সমালোচনামূলক আলোচনা কৰা। [HSLC.’18]

নাইবা,

ভাৰ্চাই সন্ধিৰ দ্বাৰা জাৰ্মানীক কেনেদৰে অপমানিত কৰা হৈছিল আলোচনা কৰা। [HSLC-2014]

উত্তৰ : প্রথম মহাযুদ্ধৰ অন্তত মিত্ৰ পক্ষ আৰু জাৰ্মানীৰ মাজত ফ্ৰান্সৰ ভাৰ্চাই চহৰত সন্ধি স্থাপন হ’ল (২৮ জুন, ১৯১৯ চন) এই সন্ধি স্বাক্ষরিত হোৱাৰ আগমুহূর্তেতে হউৰোপৰ প্ৰায় সকলো দেশৰ প্রতিনিধিবর্গ ফ্ৰান্সৰ ৰাজধানী পেৰিছ চহৰত সমবেত হৈ এখন চুক্তি সম্পাদন কৰিলে। এই পেৰিছ শান্তি চুক্তিৰ ভিত্তিতে পিছত ভাৰ্চাইত জার্মানীৰ সৈতে আৰু তাৰ পিছত অষ্ট্ৰিয়া, হাঙ্গেৰী, বুলগেৰিয়া আৰু তুর্কীৰ লগত বেলেগ বেলেগ সন্ধি স্থাপন কৰা হয়।

এই শান্তি আলোচনাত সক্রিয় অংশগ্রহণ কৰা প্রতিনিধিসকলৰ ভিতৰত ফ্রান্সব প্রধানমন্ত্রী ক্লেমেঞ্চ (Clemenceau), ইংলেণ্ডৰ লয়েড জৰ্জ (Lyed George), ইটালীৰ অৰ্লাগু’ আৰু আমেৰিকা যুক্তৰাজ্যৰ ৰাষ্ট্ৰপতি উইলচনৰ নাম বিশেষভাৱে উল্লেখযোগ্য।

ৰাষ্ট্ৰপতি উইলচনে ইউৰোপৰ ভূখণ্ডত স্থায়ী শান্তি প্রতিষ্ঠা কৰাৰ উদ্দেশ্যে তেওঁৰ চৈধ্যটা সূত্র দাঙি ধৰিলে। এই সূত্ৰৰ পৰিসৰতে প্ৰায় সকলোবিলাক নতুন সমস্যা অন্তর্ভুক্ত কৰিবলৈ সক্ষম হ’ল। ইয়াৰ মূল লক্ষ্য হ’ল সামৰিক শক্তিৰ হ্ৰাসকৰণ, শক্তিৰ মুকলি চুক্তি, সমুদ্রত অবাধ গতি, শান্তি আলোচনাত ভাগ লোৱা দেশসমূহৰ মাজত থকা অর্থনৈতিক প্ৰাচীৰ দূৰীকৰণ আৰু সবাতোপৰি সৰু-বৰ সকলো ৰাজনৈতিক স্বাধীনতাৰ পাৰস্পৰিক চুক্তি আৰু ৰাষ্ট্ৰৰ অখণ্ডতা আদিৰবাবে এখন জাতিসংঘৰ স্থাপন কৰা হয়। ভাৰ্চাই সন্ধি উইলচনৰ এই চৈধ্য সূত্ৰৰ আধাৰতে সম্পন্ন।

উল্লেখযোগ্য যে, ১৮৭১ চনৰ ১৮ জানুৱাৰী দিনা ফ্ৰান্সৰ নতুন ৰাজধানী ভাৰ্চাই চহৰৰ পৰা জার্মান সাম্রাজ্য ঘোষিত হৈছিল আৰু সেই একে চহৰৰ একেটা কোঠাৰ ভিতৰতে জার্মান আৰু মিত্ৰ পক্ষৰ মাজত সন্ধি স্থাপন হয়। পেৰিছ শান্তি আলোচনাৰ কালছোৱাত জার্মান প্রতিনিধিসকলক যুদ্ধবন্দীৰ দৰেব্যৱহাৰ কৰা হৈছিল। আনকি ভাৰ্চাই চহৰতো তেওঁলোকে বিদ্বেষ-ঘৃণাৰ হাত সাৰিব পৰা নাছিল।

ভাৰ্চাই সন্ধিৰ চৰ্তসমূহ:

(১) জার্মানীয়ে আলচাচ আৰু লৰেইন ফ্রান্সক, ইউপেন আৰু মালমেডি (Malmedy) বেলজিয়ামক, পচেন (Posen) আৰু পশ্চিম প্ৰুচিয়া পোলেণ্ডক এৰি দিব লগা হয়। চাইলেচিয়াৰ এটা শক্তিশালী অংশ পোলেণ্ডক এৰি দিবলৈবাধ্য হয়।

(২) ডানজিগ (Denzig) চহৰ জাৰ্মানীৰ হাতৰ পৰা আনি এখন মুক্ত নগৰ (free city) হিচাপে জাতিসংঘৰ (Lagaue of Nation)-ৰ তলত ৰখা হ’ল।

(৩) ৰাইন নদীৰ দুয়োপাৰে জাৰ্মানীক কিছু দূৰলৈ সৈন্য-সামন্ত ৰখাবা দুর্গ নিৰ্মাণ কৰা নিষেধ কৰা হ’ল।

(৪) যুদ্ধ ত জার্মানীয়ে ফ্ৰান্সৰ উত্তৰাঞ্চলৰ কয়লা খনি ধ্বংস কৰাৰ জগৰত চাৰ (Saar) উপত্যকাৰ কয়লা খনিসমূহৰ ওপৰত ফ্রান্সক অবাধ দখলীস্বত্ব দিয়া হ’ল আৰু এই অঞ্চল ১৫ বছৰৰ বাবে জাতিসংঘৰ তলত ৰখা হ’ল। ইয়াৰ উপৰি জাৰ্মানীয়ে হেলিগলেণ্ড আৰু ডুনদ্বীপৰ পোতাশ্ৰয় আৰু দুৰ্গসমূহ ধ্বংস কৰাৰ বন্দৱস্ত হ’ল। অষ্ট্ৰিয়াৰ স্বাধীনতা অক্ষুণ্ণ ৰাখিবলৈ জার্মানীয়ে প্রতিশ্রুতি দিব লগা হ’ল।

(৫) জার্মানীয়ে সকলো উপনিবেশ মিত্রশক্তিৰ হাতত এৰি দিবলৈ বাধ্য হ’ল আৰু উক্ত উপনিবেশসমূহ মিত্রশক্তিৰ ভিতৰত ভাগ হ’ল। জাপানে এই সুযোগতে চীনৰ ছেনটুং প্ৰদেশত জার্মানীৰ প্ৰভাৱান্বিত স্থল কিউ-চাউ (Kiao- Chow) আৰু অন্য অঞ্চল লাভ কৰিলে।

(৬) জার্মানীয়ে চীন, থাইলেণ্ড, ইজিপ্ত, মৰক্কো আৰু ছাইবেৰিয়াত ভোগ কৰি থকা স্বত্ব আৰু সা-সুবিধা ত্যাগ কৰিব লগা হ’ল। বেলজিয়াম, পোলেণ্ড আৰু চেকোশ্লোভাকিয়াৰ স্বাধীনতা আৰু সাৰ্বভৌমত্বও স্বীকাৰ কৰিব লগা হ’ল।

(৭) জার্মানীয়ে যাতে পুনৰ আতঙ্কৰ সৃষ্টি কৰিব নোৱাৰে সেই অভিপ্রায়ে সৈন্যদল এক লক্ষলৈ কমোৱা হ’ল। যুদ্ধৰ সামগ্ৰী তৈয়াৰ কৰা, আমদানিবা ৰপ্তানি কৰা আৰু বাধ্যতামূলক সৈন্য ভর্তি নিষিদ্ধ কৰা হ’ল। নৌবাহিনী আৰু যুদ্ধ জাহাজৰ সংখ্যাও আশাতীতভাবে কমোৱা হ’ল।

(৮) জার্মানীক যুদ্ধৰ বাবে জগৰীয়া বুলি ধৰি লৈ এটা বুজন পৰিমাণৰ ক্ষতিপূরণ ধার্য কৰা হ’ল আৰু কাইজাৰ ২য় উইলিয়ামক বিচাৰৰ বাবে মিত্রশক্তিৰ হাতত অৰ্পণ কৰিবলৈ দাবী কৰা হ’ল। অৱশ্যে এই বিচাৰ নহ’লগৈ। বাইন নদী এক আন্তর্জাতিক আয়োগৰ তলত ১৫ বছৰৰ বাবে ৰখাৰ ব্যৱস্থা হ’ল। উপৰোক্ত চৰ্তসমূহ পূৰণ নকৰালৈকে মিত্রশক্তিৰ সৈন্যই ৰাইন নদীৰ পশ্চিমফালে ১৫ বছৰলৈকে দখল কৰি থাকিব। অৱশ্যে ১৯৩০ চনৰ ভিতৰতে সৈন্যবাহিনী অপসাৰণ কৰা হ’ল।

সমালোচনা: ভাৰ্চাই সন্ধিৰ পিছতে মিত্রশক্তিৰ সৈতে অস্ট্রিয়াই—ছেন্ট-জার্মেইন সন্ধি হাঙ্গেৰীয়ে ‘ট্রিয়ানন সন্ধি’ (Treaty of Trianon), বুলগেষিয়াৰ লগত ‘নিউলিৰ সন্ধি’ (Treaty of Neuily) আৰু সৰ্বশেষত তুর্কীৰ সৈতে ‘চিত্রেচ সন্ধি’ (Treaty of Sevres) সম্পাদন কৰা হয়।

ভাৰ্চাই সন্ধিৰ কেইবাটাও চৰ্ত অতি কঠোৰ আৰু অৱমাননাসূচক। ইয়াৰ উপৰি বিজেতা শক্তিসমূহৰ স্বাৰ্থ ৰক্ষা কৰিহে সকলো সিদ্ধান্ত লোৱা যেন লাগে। জার্মানীৰ বেলিকা মিত্রশক্তিয়ে কোনো মানৱীয় বিচাৰ নকৰাৰ প্ৰমাণ পোৱা যায়। এই সন্ধি জার্মানীৰ ওপৰত বলেৰে জাপি দিয়া হয়। জার্মানীয়ে ৰাজ্য, উপনিবেশ, খনিজ সম্পদ সকলো হেৰুৱালে, বেহা-বেপাৰ আৰু শিল্পৰ বিস্তৰ ক্ষতিসাধন হ’ল। জার্মানীয়ে উইলচনৰ চৈধ্যদফীয়া সূত্ৰৰ ভিত্তিতহে আত্মসমর্পণকৰিছিল কিন্তু পিছত তাৰ ব্যতিক্ৰম হ’ল। সমগ্ৰ জাৰ্মানীত অসন্তুষ্টিৰ ভাব ফুটি উঠিল। শেষত

আক্ৰমণৰ ভয় দেখুৱাইহে ভাৰ্চাই সন্ধিত স্বাক্ষৰ কৰিবলৈ বাধ্য কৰা হয়। জার্মানীৰ ওপৰত জাপি দিয়া সৰহভাগ চৰ্ত প্ৰতিশোধমূলক। শক্তিৰ সমতা ৰক্ষা কৰাৰ ক্ষেত্ৰতো ভাৰ্চাই সন্ধি অযুক্তিযুক্ত আছিল। উইলছনৰ সূত্ৰত জাতীয়তাবাদৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল যদিও ফ্রান্স, ইটালী আৰু পোলেণ্ডে এই নীতি উলংঘা কৰি স্বাৰ্থ পূৰণৰহে চেষ্টা কৰিছিল।

নিৰস্ত্ৰীকৰণৰ ক্ষেত্ৰতো জাৰ্মানীক নিৰস্ত্ৰ কৰি ইংলেণ্ডৰ বাহিৰে বাকী শক্তিসমূহ সশস্ত্ৰ হৈয়ে থাকিল। ইয়াৰ পৰিণতিস্বৰূপে ১৯৩৯ চনত দ্বিতীয় মহাযুদ্ধ আৰম্ভ হ’ল। মুঠতে ভাৰ্চাই সন্ধিত এনে কিছুমান ছিদ্ৰ ৰখা হ’ল যাৰবারে কুৰিবছৰৰ পিছত আন এখন মহাসমৰৰ সূচনা হ’ল।

প্রশ্ন ৪। ৰাষ্ট্ৰপতি উইলছনৰ চৈধ্যদফীয়া নীতি কি কিবৰ্ণনা কৰা।

নাইবা,

ইউৰোপত স্থায়ী শান্তি প্রতিষ্ঠা কৰিবৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি উইলছনে ঘোষণা কৰা চৈধ্য সূত্ৰৰ গুৰুত্ব বর্ণনা কৰা।

উত্তৰ : প্রথম মহযুদ্ধৰ শেষত আমেৰিকাৰ ৰাষ্ট্ৰপতি উইলছনে ইউৰোপ ভূখণ্ডত স্থায়ী শান্তি প্রতিষ্ঠা কৰাৰ উদ্দেশ্যে ‘চৈধ্যসূত্র’ (The Fourteen Points) দাঙি ধৰিলে।এই চৈধ্য সূত্ৰৰ পৰিসৰে প্ৰায় সকলোবিলাক নতুন সমস্যা অন্তর্ভুক্ত কৰিবলৈ সক্ষম হ’ল। ইয়াৰ মূল লক্ষ্য হ’ল সামৰিক শক্তিৰ হ্ৰাসকৰণ, শান্তিৰ মুকলি চুক্তি, সমুদ্রত অবাধ গতি, শান্তি আলোচনাত ভাগ লোৱা দেশসমূহৰ মাজত থকা অর্থনৈতিক প্ৰাচীৰ দূৰীকৰণ আৰু সর্বাতোপৰি সৰু-বৰ সকলো জাতিৰে ৰাজনৈতিক স্বাধীনতাৰ পাৰস্পৰিক চুক্তি আৰু ৰাষ্ট্ৰীয় অখণ্ড তা আদিৰ বাবে এখন জাতিসংঘ স্থাপন।

ৰাষ্ট্ৰপতি উইলছাৰ চৈধ্যদফীয়া নীতি:

১) শান্তিৰ চুক্তি প্রকাশ্যে ঘোষণা কৰা হব আৰু ইয়াৰ পিছত কোনো ৰাষ্ট্ৰই গোপনবুজাবুজি ৰাখিব নোৱাৰিব্ব। কূটনৈতিক সম্পর্ক প্রকাশ্য আৰু ৰাজহুৱা হ’ব লাগিব।

(২) সমুদ্রত শান্তিবা যুদ্ধ, যি কোনো অৱস্থাতে অবাধ গতি।

(৩) যিমানদূৰ পৰা যায় অর্থনৈতিক বাধা আঁতৰ কৰি শান্তি চুক্তিত সম্মতি প্রদান কৰা ৰাষ্ট্ৰসমূহৰ মাজত অর্থনৈতিক সমতা স্থাপন।

(৪) ৰাষ্ট্ৰসমূহৰ অস্ত্রভাণ্ডাৰ নিম্নতম বিন্দুলৈ হ্রাসকরণ, অৱশ্যে আভ্যন্তৰীণ প্ৰতিৰক্ষাৰ সমতা ৰক্ষা কৰিব পাৰিব।

(৫) মুক্ত আৰু নিৰপেক্ষ ঔপনিবেশিক দাবী, জনসাধাৰণৰ স্বাৰ্থৰ খাতিৰত আৰু চৰকাৰসমূহৰ ভাৰসাম্য ৰক্ষা কৰি স্থিৰ কৰা হব।

(৬) ৰুছ দেশৰ পৰা সকলো অপসাৰণ কৰিব লাগিব।

(৭) বেলজিয়ামে অন্যান্য ৰাষ্ট্ৰৰ দৰে সার্বভৌমত্ব আৰু ৰাষ্ট্ৰীয় অখণ্ডতা ৰক্ষা কৰিবৰবাবে বিশ্বৰ সকলো ৰাষ্ট্ৰই সন্মতি জনাব আৰু তাৰ পৰা অন্যান্য ৰাষ্ট্ৰই অপসাৰণ কৰিব লাগিব।

(৮) ফ্ৰান্সৰ ৰাষ্ট্ৰীয় অখণ্ডতা ৰক্ষা কৰা হ’ব। অধিকৃত অঞ্চল ঘূৰাই দিব লাগিব আৰু ১৮৭১ চনত প্ৰুচিয়াই আলচাচ্ আৰু লৰেইন আক্ৰমণ কৰি যি ভুল কৰিছিল তাৰ শুধৰণি হ’ব লাগিব।

(৯) জাতীয় সীমাৰ্খোকে স্পষ্ট স্বীকৃতি দি ইটালীৰ সীমান্ত পুনৰ নিৰূপিত হ’ব।

(১০) অষ্ট্ৰিয়া, হাঙ্গেৰীৰ স্থান অন্যান্য ৰাষ্ট্ৰসমূহৰ মাজত সুৰক্ষিত আৰু নিশ্চিত হ’ব লাগিব যাতে সেই ৰাষ্ট্ৰই স্বকীয়ভাৱে উন্নতি কৰিব পাৰে।

(১১) ৰুমানিয়া, চাৰ্বিয়া আৰু মণ্টেনিগ্ৰোৰ পৰা সকলো ধৰণৰ অপসাৰণ হ’ব লাগিব। চার্বিয়াই সাগৰলৈ মুক্ত যোগাযোগ পাব। বলকান ৰাষ্ট্ৰসমূহৰ পাৰস্পৰিক সম্পৰ্ক ঐতিহাসিক আৰু জাতিভিত্তিত ৰক্ষিত হব লাগিব।

(১২) তুর্কী শাসনৰ তলত থকা জাতিসমূহে সন্দেহাতীত নিৰাপত্তা পাব আৰু স্বকীয়ভাৱে উন্নতি লাভ কৰাৰ অবাধ সুবিধা লাভ কৰিব পাৰিব। আন্তর্জাতিক – সুৰক্ষিত দাৰ্দানলেচ প্ৰণালী সকলো ৰাষ্ট্ৰৰবাবে খোলা থাকিব।

(১৩) পোল জাতীয় লোকৰ সতিপূৰ্ণ অঞ্চলেৰে এখন স্বাধীন পোল ৰাজ্য প্রতিষ্ঠা হ’ব আৰু তেওঁলোকে সাগৰলৈ মুক্ত

যোগাযোগ পাব।

(১৪) এখন আন্তর্জাতিক সংস্থা গঠন হব য’ত সৰু-বৰ সকলো ৰাষ্ট্ৰৰ ৰাজনৈতিক স্বাধীনতা আৰু ৰাষ্ট্ৰীয় অখণ্ডতা ৰক্ষা কৰা হ’ব।

চৈধ্যদফীয়া নীতিৰ গুৰুত্ব :

ভাৰ্চাই সন্ধি উইলছনৰ এই চৈধ্য দফীয়া নীতিৰ আধাৰতে সম্পন্ন হয়। উল্লেখযোগ্য যে, ১৮৭১ চনৰ ১৮ জানুৱাৰীৰ দিনা ফ্ৰান্সৰ নতুন ৰাজধানী ভাৰ্চাই চহৰৰ পৰা জার্মান সাম্রাজ্য ঘোষিত হৈছিল আৰু সেই একে চহৰৰ একেটা কোঠাৰ ভিতৰতে জার্মানী আৰু মিত্ৰপক্ষৰ মাজত সন্ধি স্থাপন হয়।

পেৰিছ শান্তি আলোচনাৰ কালছোৱাত জার্মান প্রতিনিধিসকলক যুদ্ধবন্দীৰ দৰেব্যৱহাৰ কৰা হৈছিল আৰু ভাৰ্চাই চহৰতো তেওঁলোকে বিদ্বেষ আৰু ঘৃণাৰ হাত সাৰিব পৰা নাছিল। উইলছনৰ চৈধ্য সূত্রই বিশ্বত স্থায়ী শান্তি স্থাপনৰ ভেটি প্রতিষ্ঠা কৰিলে । ৰাষ্ট্ৰপতি উইলছনৰ আশাশুধীয়া চেষ্টাত জাতিসংঘ স্থাপিত হ’ল।

কন্তু দুখৰ বিষয় যে, ইউৰোপৰ জাতিসমূহৰ পৰস্পৰ বিদ্বেষ আৰু আক্ৰোশৰ ঊৰ্ধ্বত থাকি উদাৰ অহিংসা নীতিৰে সন্ধিৰ চৰ্ত নিবন্ধ কৰাৰ পক্ষে উদ্রো উইলছনৰ বাহিৰে ক্লিমেচোঁ লয়েড জর্জ প্রমুখ্যে কোনো নেতাই সঁহাৰি নিদিলে।

প্রশ্ন ৫। চমু উত্তৰ দিয়া :

(ক) বলকান উপমহাদেশৰ দেশসমূহৰ নাম লিখ। [HSLC.17]

উত্তৰ : ছাৰবিয়া, মন্টেনেগ্রো, ৰোমানিয়া, বুলগেরিয়া।

(খ) ভাৰ্চাই শান্তি চুক্তিৰ চাৰিটা চৰ্তৰ বিষয়ে উল্লেখ কৰা। [HSLC. 18]

উত্তৰ:

(১) ৰাজ্যক্ষেত্র সম্পর্কীয় চৰ্ত, (২) ঔপনিবেশিক ৰাজ্যক্ষেত্র সম্পর্কীয় চৰ্ত, (৩) সামৰিক চৰ্ত, (8) আইন সংগত আৰু বিত্তীয় তথা অর্থনৈতিক চৰ্ত।

(গ) ভাৰ্চাই শান্তি চুক্তিৰ সামৰিক চৰ্তাৱলী উল্লেখ কৰা। [HSLC.19]

উত্তৰ্ :

(১) জার্মানীত সেনা বাহিনী নিযুক্তি বাতিল কৰা।

(২) মুঠ সেনা ১ লাখত সীমিত কৰা।

(৩) নৌ বাহিনীত ১৫ হাজাৰ সৈন্যলৈ সীমিত কৰা।

(৪) যুদ্ধ জাহাজৰ সংখ্যা ৬ খনলৈ হ্ৰাস কৰা।

(ঘ) বলকান উপমহাদেশৰ চাৰিখন দেশৰ নাম লিখা। [HSLC. 20]

উত্তৰ: (১) বুলগেৰিয়া, (২) থ্ৰেছ, (৩) মেচিডনিয়া, (৪) ছাৰবিয়া।

(ঙ) প্রথম বিশ্বযুদ্ধত লিপ্ত হোৱা সন্মিলিত শক্তিৰ অন্তৰ্ভূক্ত দুখন দেশৰ নাম লিখা।

উত্তৰ : দেশ দুখন (১) ইংলেণ্ড আৰু (২) ফ্রান্স

(ছ) ব্রেষ্ট-লিট’ভস্ক সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল ?

উত্তৰ : ব্রেষ্ট-লিট’ভস্ক সন্ধি জার্মানী আৰু পোলেণ্ডৰ মাজত স্বাক্ষৰিত হৈছিল ১৯১৮ চনৰ ৩ মাৰ্চত, পোলেণ্ডৰে ব্ৰেষ্টলিটোভস্ক নামৰ ঠাইত।

(জ) ১৯১৮ চনৰ যুদ্ধ পৰিস্থিতি কি আছিল?

উত্তৰ: ১৯১৮ চনৰ শেষৰ ফালে জার্মান সৈন্যসকলে মিত্রশক্তি জোঁটৰ বিপক্ষে যুদ্ধ জয়ৰ আশা ত্যাগ কৰিছিল। তথাপিও জার্মান সেনাপতি লডেনডর্ফে শেষবাৰৰ বাবে ১৯১৮ চনত, মাৰ্চত ব্ৰিটিছ আৰু ফৰাচীৰ মিলিত বাহিনীৰ লগত‘এবাৰ যুদ্ধ দিবলৈ আগবাঢ়ে। কিন্তু এই যুদ্ধতো পৰাভূত হৈছিল। মিত্ৰ পক্ষৰ প্ৰায় আটাইকেইখন যুদ্ধতে জয়লাভ হৈছিল।

পাচত ১৯১৮, ২৯ চেপ্তেম্বৰত বুলগেৰিয়াই আত্মসমর্পণ কৰে; ৩০ চেপ্তেম্বৰত তুৰষ্কই, ৩ নবেম্বৰত অষ্ট্রিয়া-হাংগেৰীয়াই, ৩ অক্টোবৰত জার্মান সেনাধ্যক্ষই চৰকাৰক যুদ্ধ বিৰতিৰ ঘোষণা কৰিবলৈ পৰামৰ্শ দিয়ে। ৯ নৱেম্বৰত জার্মান সম্রাট দ্বিতীয় ইউলিয়ামে যুৱৰাজসহ হ’লেণ্ডলৈ পলায়ন কৰে। আনহাতে সেইদিনাই জাৰ্মানীত প্রজাতান্ত্রিক চৰকাৰ গঠন হয় আৰু ১৯১৮ চনৰ ১১ নৱেম্বৰ তাৰিখে যুদ্ধবিৰতিৰ চুক্তি স্বাক্ষৰ কৰে। এইদৰেই প্রথম বিশ্বযুদ্ধৰ সামৰণি পৰে।

প্রশ্ন ৬। বলকান জাতীয়তাবাদৰ বিষয়ে লিখা। [HSLC.’14,’17]

উত্তৰ: বলকান উপমহাদেশখন দক্ষিণ-পূব ইউৰোপৰ ডানিউব উপত্যকাত অৱস্থিত। এই অঞ্চলটোৰ দেশসমূহ হ’ল—বুলগেৰিয়া, থ্রেছ, মেচিডনিয়া, গ্রীচ, মন্টেনেগ্রো, ছাৰবিয়া, বছনিয়া, হাজেগভিনা, আলবাণিয়া আদি। এই দেশবোৰত কেবাটাও জনগোষ্ঠীয়ে বসবাস কৰিছিল । তাৰ ভিতৰত প্ৰধান হ’ল— ছাৰ্ব বা শ্লাভ, আলবানিয়া, মেচিডনিয়ান, ক্ৰোৱাটছ আৰু বুলগেৰিয়ানসকল। অটোমেন সাম্ৰাজ্যৰ পতনৰ লাগে লগে এই জাতিবোৰৰ মাজত জাতি-ৰাষ্ট্ৰ গঢ়ি তোলাৰ প্ৰৱণতা বৃদ্ধি পাবলৈ ধৰে।

আনহাতে বলকান উপমহাদেশৰ ৰাজ্যসমূহত গঢ়ি উঠা জাতীয়তাবাদী আন্দোলনৰ প্ৰতি ৰুছ দেশৰ সমৰ্থন আছিল। কাৰণ — সেই অঞ্চলত নিজৰ প্রভাৱাধীন এখন দেশ থাকিলে, অন্ততঃ ৰুছদেশৰ বাবে সাগৰলৈ যোৱা এটা পথৰ সৃষ্টি হয়। কছ দেশৰ এই আকাংক্ষা পৰম্পৰাগতভাৱে বহু দিনৰ পৰা চলি আহিছিল। কিন্তু ভূমধ্যসাগৰত ৰুছ দেশৰ প্ৰভাৱ বঢ়াতো ইংলেণ্ড, জার্মান, অষ্ট্ৰিয়া-হাংগেৰীয়ে কেতিয়াও নিবিচাৰে।

১৮২৯ চনত গ্ৰীচ দেশখনে যেতিয়া তুৰষ্কৰ পৰা স্বাধীনতা লাভ কৰে তাৰ পাছৰে পৰা বলকান উপমহাদেশত ৰাজনৈতিক ঘটনা পৰিঘটনাৰ দ্ৰুত পৰিবৰ্তন ঘটিবলৈ ধৰে। তেতিয়াৰে পৰা উপমহাদেশখনৰ জাতিসত্তাসমূহে নিজৰ নিজৰ অঞ্চলত জাতি-ৰাষ্ট্ৰ গঠনত এটাৰ পাছত আনটো আন্দোলন গঢ়ি উঠিছিল। তাৰ ভিতৰত ছাৰবিয়াৰ জাতীয়তাবাদী আন্দোলন আছিল অধিক তীব্ৰ আৰু শক্তিশালী।

এই আন্দোলনৰ লক্ষ্য আছিল অষ্ট্ৰিয়া হাংগেৰীকে আদি কৰি বলকান অঞ্চলৰ বিভিন্ন দেশত বসবাস কৰা চাৰ্বসকলক ঐক্যবদ্ধ কৰি এখন বিশাল ছাৰবিয়ান জাতি-ৰাষ্ট্ৰ গঠন কৰা। কিন্তু ইউৰোপৰ বৃহৎ জাতি ৰাষ্ট্ৰসমূহে

(ইংলণ্ড, জার্মানী আৰু অষ্ট্ৰিয়া-হাংগেৰীয়া) ৰুছিয়াৰ ভয়ত, বাধাৰ প্ৰাচীৰ গঢ়ি তোলে । কিন্তু তুৰষ্কৰ খ্ৰীষ্টান বিৰোধী অত্যাচাৰ-উৎপীড়নে সকলো খ্রীষ্টানকে আন্দোলনত একত্ৰিত কৰে। ১৮৭৭ চনত ৰুছিয়াৰ সহায়ত তুৰষ্কৰ পতন ঘটে। ৰুছসকলৰ প্ৰভাব বৃদ্ধি পায়।

Conclusion:

আমি বিশ্বাস কৰোঁ যে এই টোকাবোৰে শিক্ষাৰ্থীসকলক বিষয়বোৰৰ বিষয়ে ভালদৰে বুজাবুজি বিকশিত কৰাত আৰু তেওঁলোকৰ পৰীক্ষাৰ বাবে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰিব।

আমি নিশ্চিত যে এই টোকাবোৰে শিক্ষাৰ্থীসকলক তেওঁলোকৰ লক্ষ্য প্ৰাপ্ত কৰাত আৰু তেওঁলোকৰ শৈক্ষিক প্ৰদৰ্শন বৃদ্ধি কৰাত সহায় কৰিব। যদি আপুনি এই প্ৰবন্ধটো ভাল পায় আৰু সহায়ক হয় তেন্তে আপোনাৰ বন্ধুবৰ্গৰ সৈতে Share কৰিবলৈ নাপাহৰিব।

Leave a Comment

error: Content is protected !!