Class 10 History Chapter 1 Question Answer | Assamese medium |ঔপনিবেশিকতাবাদ আৰু সাম্ৰাজ্যবাদৰ বিকাশ

Class 10 History Chapter 1 Question Answer Assamese medium: প্রথম অধ্যায় আধুনিক বিশ্বৰ ইতিহাস ঔপনিবেশিকতাবাদ আৰু সাম্ৰাজ্যবাদৰ বিকাশ

ৰচনাধৰ্মী প্রশ্নোত্তৰসমূহ

প্রশ্ন ১। সাম্রাজ্যবাদ বুলিলে কি বুজা ?সাম্রাজ্যবাদ বিকাশৰ কাৰণবোৰ উল্লেখ কৰা?

উত্তৰ : সাম্ৰাজ্যবাদে সাধাৰণতে কোনো ৰাষ্ট্ৰ নাইবা জাতিয়ে প্রত্যক্ষ বা পৰোক্ষভাে আন কোনো ৰাষ্ট্ৰ নাইবা জাতিক ৰাজনৈতিক বা অর্থনৈতিকভাৱে শাসন কৰা বা নিয়ন্ত্ৰণ কৰাক বুজায় ৷ যেতিয়া এখন শক্তিশালী ধনী দেশে নিজকে আৰু বেছি ধনী আৰু শক্তিশালী কৰিবলৈ আন কোনো দেশক নিয়ন্ত্ৰণ বা অধিকাৰ কৰে তাকে সাম্ৰাজ্যবাদী শক্তি বোলে।

আন কিছুমান লিখকৰ মতে যেতিয়া এখন দুৰ্বল ৰাষ্ট্ৰক আন এখন শক্তিশালী ৰাষ্ট্ৰই অর্থনৈতিক আৰু ৰাজনৈতিকভাৱে শোষণ কৰে তাকেই সাম্ৰাজ্যবাদ বুলি কোৱা হয়। বিখ্যাত লিখক H. G. Wells –এ কৈছে যে “the lust of a nation state to become a world power is imperialism.” মুঠতে সাম্রাজ্যবাদী ৰাষ্ট্ৰবোৰৰ লক্ষ্য হ’ল—নিজে শাসন কৰা দেশবোৰৰ জহতে নিজৰ স্বাৰ্থ পূৰণ কৰি উন্নতি সাধন কৰা। সাম্রাজ্যবাদী দেশবোৰে নিজৰ অধীনত থকা দেশবোৰৰ পৰা কেঁচামাল আমদানি কৰি, উৎপাদিত সামগ্ৰীবোৰ সেইবোৰ দেশলৈ ৰপ্তানী কৰি অপৰ্যাপ্ত লাভ কৰে।

ইউৰোপৰ সাম্ৰাজ্যবাদী দেশসমূহে তেওঁলোকৰ শাসনাধীন দেশবোৰৰ ওপৰত এই নীতি গ্ৰহণ কৰিছিল। সাম্ৰাজ্যবাদী দেশবোৰে তেওঁলোকৰ উপনিবেশবোৰৰ পৰা যিকোনো প্ৰকাৰে সম্পদ আহৰণ কৰাটোৱেই আছিল মূল উদ্দেশ্য। আধুনিক যুগত আমেৰিকা, জাপান, ইংলেণ্ড আদিৰ নিচিনা শক্তিশালী দেশবোৰে দুৰ্বল পিছপৰা দেশবোৰৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক নীতিবোৰৰ ওপৰতো প্ৰভাৱ পেলোৱা দেখা যায়।

সাম্ৰাজ্যবাদৰ ইতিহাস মানৱ সভ্যতাৰ প্ৰায় সমানে পুৰণি বুলি ক’ব পৰা যায়। প্রাচীন কালৰ গ্ৰীক নগৰৰাষ্ট্ৰবোৰ লোপ পায় আৰু তাৰ ঠাইত মহান আলেকজেণ্ডাৰে সুবিশাল সাম্ৰাজ্য স্থাপন কৰিছিল । প্রাচীন ভাৰততো দেশীয় ৰজা-মহাৰজাবোৰৰ মাজত বেছি ৰাজ্য জয় কৰি বিশাল ৰাজ্য সৃষ্টি কৰাৰ ফলত তেওঁলোকৰ মাজত প্ৰায়ে যুদ্ধ-বিগ্ৰহ হৈছিল। এই ধৰণৰ সাম্ৰাজ্যবাদী চিন্তাধাৰাৰ বাবে প্রাচীন ভাৰততো বিশাল ৰাজ্যৰ সৃষ্টি হৈছিল। এনে বিশাল সাম্রাজ্য চীন, আলজেৰিয়া, মেছোপটেমীয়া, ইজিপ্ত, গ্ৰীচ, ৰোম আদিত সৃষ্টি হৈছিল।

পিছলৈ সাম্রাজ্যবাদে উপনিবেশবাদৰ সৃষ্টি কৰিবলৈ আৰম্ভ কৰে। ১৬ শ আৰু ১৮ শ শতিকাত ইউৰোপীয় সাম্ৰাজ্যবাদী শক্তিবোৰে এছিয়া, দক্ষিণ আফ্রিকা, চীন আদি দেশত উপনিবেশ স্থাপন কৰিছিল। তেওঁলোকে বিভিন্ন মহাদেশত বহুতো ভৌগোলিক আৱিষ্কাৰ কৰিছিল। এই দেশবোৰৰ ভিতৰত স্পেইন, পর্তুগাল, বৃটেইন, ফ্রান্স, বেলজিয়াম, জার্মানী, জাপান আদি দেশ প্রধান আছিল। এই দেশবোৰে ভাৰততো বহুতো উপনিবেশ স্থাপন কৰিছিল।

এই ইউৰোপীয় দেশবোৰে বিভিন্ন দেশত উপনিবেশ স্থাপন কৰাত বিশেষভাৱে সফলতা লাভ কৰাৰ মূল কাৰণ হ’ল— উপনিৱেশ স্থাপন কৰা দেশবোৰতকৈ ইউৰোপীয় দেশবোৰ তুলনামূলকভাৱে নতুনকৈ সৃষ্টি হোৱা বন্দুক-বাৰুদৰ ক্ষমতাত আৰু সৈন্যবলত বেছি শক্তিশালী আছিল।

সাম্রাজ্যবাদৰ দ্বিতীয় পর্যায় আৰম্ভ হৈছিল ১৮৭০ চনৰ পৰা ১৯১৪ চনলৈ। এই সময়ছোৱাৰ সাম্ৰাজ্যবাদক নতুন সাম্রাজ্যবাদ বুলি জনা গৈছিল। কাৰণ অৰ্থনৈতিক কাৰণৰ বৈহে এই সাম্রাজ্যবাদ সৃষ্টি হৈছিল। সেইকাৰণে ইয়াক অর্থনৈতিক সাম্রাজ্যবাদ বুলিও জনা যায়। ইয়াৰ উৎপত্তিৰ প্ৰধান কাৰণ আছিল ইউৰোপত হোৱা শিল্প বিপ্লৱৰ ফলাফল। তেওঁলোকে নিজ দেশত গঢ়ি উঠা বৃহৎ উদ্যোগবোৰৰ বাবে কেঁচামাল কিনিবলৈ নতুন বজাৰৰ অনুসন্ধান কৰা আৰু উৎপাদিত সামগ্রী বিক্ৰীৰ বাবে নতুন বজাৰৰ অতি আৱশ্যক হৈ পৰিছিল। এই দুটাই আছিল আর্থিক কাৰণ যাৰ বাবে ইউৰোপৰ দেশবোৰে দূৰ-দূৰণিৰ দেশ-মহাদেশত উপনিবেশ পাতিব লগা হৈছিল।

প্রশ্ন ২। সাম্রাজ্যবাদ আৰু উপনিবেশবাদৰ বিকাশৰ অন্তৰালত থকা কাৰণবোৰ সংক্ষেপে লিখা। নাইবা, ঔপনিবেশিকতাবাদৰ উৎপত্তিৰ কাৰকসমূহ উল্লেখ কৰা। [HSLC’18]

নাইবা, সাম্রাজ্যবাদৰ উৎপত্তিৰ কাৰকসমূহ উল্লেখ কৰা। [HSLC 2010]

উত্তৰ : পৃথিৱীত সাম্ৰাজ্যবাদ আৰু উপনিবেশবাদৰ বিকাশৰ কিছুমান কাৰণ আছে। সেইবোৰ তলত সংক্ষেপে আলোচনা কৰা হ’ল—

১। আর্থিক কাৰণ বা শিল্প বিপ্লৱ: ইউৰোপৰ দেশসমূহত খৰগতিৰে হোৱা শিল্প বিপ্লৱৰ উন্নয়নে সেই শক্তিবোৰৰ মাজত উপনিবেশ স্থাপনৰ লালসা আৰু বেছি গতিশীল কৰি তুলিছিল । ইউৰোপৰ দেশবোৰৰ বৃহৎ পুঁজিপতিসকলে কেঁচামালৰ নতুন উৎস আৰু নতুন মহাদেশীয় বজাৰৰ অনুসন্ধান কৰাৰ ওপৰত বেছি জোৰ দিছিল। এইক্ষেত্ৰত তেওঁলোকৰ চৰকাৰবোৰেও এই কার্যত যথেষ্ট সহায়-সহযোগ আগবঢ়াইছিল। সময়ৰ লগে লগে ইউৰোপৰ শক্তিশালী দেশবোৰৰ মাজত উপনিবেশ স্থাপনৰ অৰিয়াঅৰি আৰু প্রতিদ্বন্দ্বিতা তীব্ৰতৰ হৈ উঠিছিল। ইয়াৰ ফলতে উপনিবেশবাদৰ বিকাশ হৈছিল।

২। সাম্রাজ্যবাদী নীতি গ্রহণৰ আৱশ্যকতা : ইউৰোপৰ শক্তিশালী দেশবোৰৰ উপনিবেশিক সাম্ৰাজ্য বৃদ্ধি পোৱাৰ লগে লগে সেইবোৰৰ নিৰাপত্তা আৰু ৰক্ষণাবেক্ষণৰ প্ৰয়োজনীয়তা আহি পৰে। ফলত সাম্ৰাজ্যবাদী নীতি গ্ৰহণৰ আৱশ্যক হয় আৰু সৈন্যবল আৰু অস্ত্ৰবল বৃদ্ধিৰ প্ৰয়োজন হৈ পৰে। আনহাতে স্থানীয় শক্তি আৰু উপনিবেশিক আন শক্তিৰ লগত সততে যুঁজ-বাগৰ চলিবলৈ ধৰে। এইদৰে সাম্ৰাজ্যবাদী নীতিয়ে দৃঢ়ভাৱে খোপনি পোতে ।

৩ । বাণিজ্যিক কাৰণ: ইউৰোপৰ প্ৰায় সকলো দেশতে গঢ়ি উঠা বৃহৎ উদ্যোগবোৰত অপর্যাপ্ত কেঁচামালৰ আৱশ্যক হৈ পৰিছিল। এই কেঁচামাল উপনিবেশবোৰৰ পৰা অতি

সস্তা দামত আমদানি কৰি নিজ দেশত যোগান ধৰা হৈছিল আৰু উদ্যোগবোৰত উৎপাদিত সামগ্ৰী বেছি দামত বিক্ৰীৰ বাবে উপনিবেশবোৰলৈ ৰপ্তানী কৰা হৈছিল। উপনিবেশবোৰৰ পৰা কপাহ, চামৰা, মা-মছলা, নীল, কফি, চাহপাত, ধাতু আৰু বহুতো মূল্যৱান বস্তু আমদানি-কৰা হৈছিল। এই বাণিজ্যিক কার্যত দেশসমূহ যথেষ্ট লাভবান হৈছিল।

৪। শিল্প বিপ্লৱ আৰু পুঁজিবাদী নীতিৰ উত্থান [HSLC 2009] :

ইউৰোপৰ শিল্প বিপ্লৱৰ ফলত উৎপাদন ব্যৱস্থাত হোৱা আমূল পৰিৱৰ্তনে ইউৰোপত এক পুঁজিবাদী অর্থনীতি গঢ়ি তোলে। যাৰ ফলত পুঁজিপতিসকলৰ হাতত দেশৰ সম্পদৰাজি ক্রমান্বয়ে পুঞ্জীভূত হ’বলৈ ধৰে আৰু নতুন নতুন উদ্যোগ, কল-কাৰখানা স্থাপন কৰি, ক্ৰমে বেছি লাভ কৰিছিল আৰু সাম্ৰাজ্যবাদ আৰু উপনিবেশবাদ অধিক শক্তিশালী কৰি তুলিব পাৰিছিল ৷

৫। পৰিবহন আৰু যোগাযোগৰ উন্নতি : শিল্প বিপ্লৱৰ উন্নতিয়ে ইউৰোপৰ পৰিবহন আৰু যোগাযোগ ব্যৱস্থাৰ যথেষ্ট উন্নতি সাধন কৰে। দেশ-বিদেশৰ উপনিবেশবোৰৰ পৰা কেঁচামাল আমদানি কৰিবলৈ আৰু উৎপাদিত বস্তুবোৰ উপনিবেশবোৰৰ বজাৰলৈ ৰপ্তানী কৰিৱলৈ ৰাস্ত৷-ঘাট উন্নত কৰাৰ উপৰি সাগৰত চলাবলৈ বৃহৎ জাহাজ আৰু বাস্পচালিত ইঞ্জিন ব্যৱহাৰ কৰা হৈছিল। সামগ্ৰীবোৰ দেশৰ বাহিৰে-ভিতৰে পঠাবলৈ ৰে’ল, মটৰৰ ব্যৱস্থা কৰা হৈছিল। এইদৰে উপনিবেশবাদ আৰু সাম্ৰাজ্যবাদ বিকাশত যথেষ্ট সহায়ক হৈছিল।

৬। জাতীয়তাবাদৰ অৰিহণা : ইউৰোপৰ প্ৰতিখন দেশৰ জাতিবোৰে জাতীয়তাবাদী ভাবধাৰাৰ দ্বাৰা উদ্বুদ্ধ হৈ নিজৰ নিজৰ শ্ৰেষ্ঠতা প্রতিপন্ন কৰিবলৈ ব্যৱসায়-বাণিজ্য আৰু উপনিবেশ স্থাপনত প্রতিদ্বন্দ্বিতা কৰিবলৈ লয় আৰু নিজৰ সভ্যতা-সংস্কৃতি-ধৰ্ম প্ৰচাৰ কৰিবলৈ লৈছিল। উপনিবেশৰ পিছপৰা অনুন্নত জাতিবোৰক আকৃষ্ট কৰি সাম্রাজ্যবাদী নীতি শক্তিশালী কৰি তুলিছিল।

৭। মিছনাৰী সমাজৰ অৰিহণা : খ্ৰীষ্টান মিছনাৰীসকলেও সাম্রাজ্যবাদী নীতি প্ৰসাৰণত যথেষ্ট অৰিহণা যোগাইছিল। মিছনাৰীসকলে ধৰ্ম প্ৰচাৰৰ নামত পৃথিৱীৰ বিভিন্ন প্রান্তলৈ গৈ বণিকসকলক বাণিজ্যিক কার্যত সহায় কৰাৰ লগতে উপনিবেশ স্থাপনৰ ব্যৱস্থাও কৰি দিছিল ৷ আনহাতে পিছপৰা অঞ্চলবোৰৰ উন্নতিৰ বাবে, বিশেষকৈ আফ্ৰিকা আদি দেশত দাসসকলৰ ওপৰত কৰা অন্যায়-অবিচাৰৰ বিৰুদ্ধে প্ৰটেষ্টাণ্ট আৰু কেথলিক মিছনাৰীসকলে চৰকাৰক যথেষ্ট হেঁচা দিছিল। মুঠতে উপনিবেশ স্থাপনত মিছনাৰীসকলেই বাট দেখুৱাই দিয়া বুলি ক’ব পাৰি৷

৮। দুঃসাহসিক অভিযানকাৰীসকলৰ অৱদানঃ দুর্গম পাৰাপাৰহীন সাগৰ-মহাসাগৰত ভ্ৰমণ কৰি অভিযান চলাই স্পেইন, পর্তুগালৰ দুঃসাহসিক নাবিকবোৰে যিবোৰ ভৌগোলিক আৱিষ্কাৰ কৰিছিল, তেনে কাৰ্যই মানৱ জাতিৰ সীমিত ভৌগোলিক জ্ঞানৰ ধাৰণা সলনি কৰি ইউৰোপীয় জাতিবোৰক যথেষ্ট উৎসাহিত কৰি, উপনিবেশিক আৰু সাম্ৰাজ্যবাদী নীতিৰ দিশত আগবঢ়াই লৈ যায় আৰু আন দেশ-মহাদেশৰ সম্পদ আহৰণৰ দ্বাৰা নিজৰ দেশ ধনী কৰাৰ মনোভাব গঢ়ি তোলে। ইয়াৰ ফলতে ইউৰোপৰ দেশসমূহৰ মাজত সাম্ৰাজ্যবাদী আৰু উপনিবেশবাদী নীতিৰ বিকাশ ঘটে।

৯। জাতীয়তাবাদী ৰাষ্ট্ৰ গঠনৰ মনোভাব : ইউৰোপৰ লোকসকলৰ জাতীয়তাবাদী মনোভাবে ‘জাতীয় ৰাষ্ট্ৰ’ গঠনৰ আৱশ্যকতা যথেষ্ট গুৰুত্বপূৰ্ণ কৰি তুলিছিল আৰু দেশৰ মর্যাদা তথা সুনাম দেশ-বিদেশত উন্নত কৰাত গুৰুত্ব দিছিল। ইটালী-জাৰ্মানী আৰু ইংলেণ্ড আদি এই মনোভাব গঢ়ি উঠিছিল। জন চিলিয়ে (John Sealey) তেওঁৰ ১৮৮০ চনত প্রকাশ কৰা “The Expansion of England’ নামৰ গ্ৰন্থত, ইংলেণ্ডে কিয় উপনিবেশিকতা আৰু সাম্রাজ্যবাদত গুৰুত্ব দিব লাগে তাৰ যুক্তিযুক্ততা বিশদভাৱে দাঙি ধৰিছিল। বিভিন্ন চিন্তাবিদ আৰু লেখকৰ মনোভাবে আৰু প্রকাশনে সাম্রাজ্যবাদী ধাৰণাক এক জনমতত পৰিণত কৰিছিল ।

প্রশ্ন ৩। সাম্রাজ্যবাদৰ ফলাফলসমূহ বর্ণনা কৰা।

উত্তৰ : সাম্রাজ্যবাদী নীতি পৃথিৱীত প্রাচীন কালৰে পৰা প্ৰচলিত হৈ আহিছে যদিও তী কালত ১৬শ আৰু ১৮শ শতিকাত সাম্রাজ্যবাদে লাহে লাহে উপনিবেশবাদলৈ স্বৰ্ত কৰিছিল। এই উপনিবেশবাদৰ পিছ পৰা আফ্ৰিকা আৰু এছিয়াৰ নিচিনা দুৰ্বল আৰু খীয়া মহাদেশ দুখনত দ্বিতীয় পর্যায়ত (১৮৭০-১৯১৪) যথেষ্ট প্ৰসাৰতা লাভ কৰে।

এই সাম্রাজ্যবাদৰ ফলাফল দুয়োখন মহাদেশৰ উপৰি সমগ্ৰ পৃথিৱীৰ কাৰণে আছিল অতি গুরুত্বপূর্ণ। সাম্রাজ্যবাদৰ ঔপনিবেশিক দেশবোৰ প্ৰভাৱত যিদৰে দুখ-কষ্ট, অত্যাচাৰ উৎপীড়ন, ৰাজনৈতিক আৰু অৰ্থনৈতিক শোষণৰ বলি হ’ব লগা হৈছিল, ঠিক তেনেদৰে উপনিবেশকাৰী দেশসমূহে শোষিত সম্পদাজিৰে নিজৰ নিজৰ দেশবোৰক সমৃদ্ধিশালী কৰি তুলিছিল আৰু পৃথিৱীৰ ভিতৰতে ধনী-মানী আৰু শক্তিশালী দেশ হিচাপে নিজকে পৰিগণিত কৰিছিল। তলত সাম্রাজ্যবাদৰ কেইটামান কুফল আৰু সুফল উল্লেখ কৰা হ’ল—

(ক) কুফলসমূহ :

১। সাম্রাজ্যবাদৰ ফলতে এছিয়া আৰু আফ্ৰিকাৰ পিছপৰা দুৰ্বল দেশবোৰে নিজৰ স্বাধীনতা হেৰুৱাব লগা হৈছিল। আনহাতে ইউৰোপৰ শক্তিশালী ধনী দেশবোৰে সামৰিক শক্তির বলত সাম্রাজ্যবাদী শাসনেৰে নিজৰ শাসনাধীন কৰি সমগ্র পৃথিৱীতে সাম্রাজ্যবাদী শাসন চলায়।

২। সাম্রাজ্যবাদৰ মূল উদ্দেশ্য আছিল অর্থনৈতিক শোষণ। সাম্রাজ্যবাদী শাসনৰ দ্বাৰা এছিয়া আৰু আফ্ৰিকাৰ দেশবোৰৰ পৰা কেঁচা সামগ্ৰী আহৰণ কৰি, সাম্রাজ্যবাদী দেশবোৰৰ উদ্যোগত উৎপাদিত সামগ্রীবোৰ উপনিবেশত বেছি দামত বিক্ৰী কৰি যথেষ্ট লাভৱান হৈছিল। এইদৰেই উপনিবেশিক দেশবোৰৰ মূল্যৱান সম্পদবোৰ আহৰণ কৰি নিজৰ দেশবোৰ ধনী কৰিছিল ।

৩। সাম্রাজ্যবাদী শাসনে পুঁজিবাদী অর্থনীতিৰ সৃষ্টি কৰে। সাম্রাজ্যবাদী আৰু উপনিবেশিক নীতিয়ে শিল্প বিপ্লৱৰ জৰিয়তে উপনিবেশিক দেশৰ সম্পৰাজি ধনী শক্তিশালী দেশবোৰৰ পুঁজিপতি বা উদ্যোগপতিসকলৰ হাতত পুঞ্জীভূত কৰাৰ সুবিধা পাব। কৃষক আৰু শ্রমিক শ্রেণী শোষণৰ বলি হয়। সমাজত ধনী-দুখীয়াৰ ব্যৱধান যথেষ্ট বৃদ্ধি পায়।

৪। উপনিবেশিক দেশবোৰত আগৰে পৰা প্ৰচলিত হৈ থকা হস্তশিল্পৰ প্ৰচলন সাম্রাজ্যবাদী শাসনে নাইকিয়া কৰি পেলায়। কাৰণ হস্তশিল্পৰ সামগ্ৰীয়ে কল-কাৰখানাত বা বৃহৎ উদ্যোগত উৎপাদিত সামগ্ৰীৰে লগত ফেৰ মাৰিব নোৱাৰে। সেইবাবে উপনিবেশিক দেশবোৰত স্থানীয় হস্তশিল্পৰ অৱনতি ঘটে। আনহাতে সাম্রাজ্যবাদী দেশৰ উদ্যোগিক সামগ্ৰীয়ে একচেতীয়া অর্থনৈতিক সুবিধা গ্রহণ কৰিব পাৰে।

৫। সাম্ৰাজ্যবাদী দেশবোৰে নিজকে শ্রেষ্ঠ, আভিজাত্যসম্পন্ন দেশ বা জাতি হিচাপে প্রতিপন্ন কৰাৰ উদ্দেশ্যে পিছপৰা দেশৰ অজ্ঞ, অশিক্ষিত লোকসকলক জাতিগতভাৱে হেয়, আৰু নিকৃষ্ট বুলি গণ্য কৰিছিল। বৰ্ণবৈষম্য আৰু জাত্যাভিমানৰ বাবে উপনিবেশৰ জনসাধাৰণক নিকৃষ্ট আৰু দাস হিচাপে ব্যৱহাৰ কৰি সমাজত সমান স্থান নিদিছিল। সাম্ৰাজ্যবাদে পৃথিৱীত বৰ্ণবৈষম্য মনোভাবক প্রকট কৰি তুলিছিল।

সুফলবোৰ :

১। সাম্রাজ্যবাদ আৰু উপনিবেশবাদে ইউৰোপৰ ধনী, শক্তিশালী দেশবোৰৰ অভিযানকাৰীসকলে মানৱ জাতিৰ ভৌগোলিক, সংকীর্ণ মনোভাবৰ কৰে আৰু দুঃসাহসিক অভিযানৰ দ্বাৰা বিভিন্ন দেশ-মহাদেশ আৱিষ্কাৰ কৰি সাম্ৰাজ্য নীতিৰ প্ৰসাৰণ সাধন কৰে।

২। সাম্ৰাজ্যবাদী নীতিৰ প্ৰসাৰণে পশ্চিমীয়া দেশবোৰৰ উন্নত শিক্ষা-দীক্ষা, বৈজ্ঞানিক চিন্তাধাৰা, উন্নত সুশৃংখল নীতি-নিয়ম, আচাৰ-ব্যৱহাৰ আদিৰ আফ্রিকা, এছিয়া আদি মহাদেশৰ পিছপৰা সমাজত ক্রমান্বয়ে প্রসাৰ ঘটাইছিল। পাশ্চাত্যৰ বৈজ্ঞানিক চিন্তা, শিক্ষা আৰু সংস্কৃতিৰ প্ৰভাৱত পিছপৰা দেশবোৰৰ সমাজ পৰোক্ষভাৱে উপকৃত হৈছিল।

৩। ঔপনিবেশিক সাম্রাজ্যবাদী নীতিয়ে ইউৰোপৰ শিল্প বিপ্লৱৰ প্ৰত্যক্ষ প্ৰভাৱ উপনিবেশবোৰতো পেলাইছিল। ইউৰোপৰ দৰে উপনিবেশবোৰতো বৃহৎ উদ্যোগ আৰু কল-কাৰখানা আদি স্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মন মেলে। ইয়াৰ ফলতে লাহে লাহে উপনিবেশিক দেশবোৰৰ উৎপাদন ব্যৱস্থাৰো পৰিৱৰ্তন হ’বলৈ ধৰে।

৪। উপনিবেশবোৰত সাম্ৰাজ্যবাদী শোষণ নীতিৰ উদ্দেশ্যে প্ৰসাৰিত কৰা বাণিজ্যিক বিকাশৰ বাবে দেশবোৰত পৰিবহন তথা যাতায়াত ব্যৱস্থাৰ উন্নতি সাধন কৰা হৈছিল। ৰাস্তা-ঘাট, ৰে’ল-মটৰ, যোগাযোগ ব্যৱস্থাৰ যথেষ্ট উন্নতি হৈছিল।

৫। সাম্ৰাজ্যবাদী নীতিৰ শোষণ আৰু শাসনে, উপনিবেশবোৰৰ জনসাধাৰণক ক্রমান্বয়ে অতিষ্ঠ কৰি তুলিছিল। অত্যাচাৰ, উৎপীড়ন, নিকৃষ্ট হীনমান্য ব্যৱহাৰ, দাসত্বৰ বোজাই জনসাধাৰণক সাম্রাজ্যবাদ-বিৰোধী কৰি তুলিছিল। আনহাতে বিভিন্ন উন্নত দেশত হোৱা মানৱ অধিকাৰ প্ৰতিষ্ঠাৰ বাবে হোৱা বিপ্লৱবোৰৰ উদাহৰণে উপনিবেশৰ জনসাধাৰণক ঐক্যবদ্ধ কৰিছিল আৰু এক জাতীয়তাবাদী আন্দোলন গঢ়ি তোলাত সহায় কৰিছিল। এই জাতীয়তাবাদী আন্দোলনে অৱশেষত শোষণকাৰী সাম্ৰাজ্যবাদী শাসনৰ পৰা মুক্তি লাভ কৰাৰ প্রবল ইচ্ছাই স্বাধীনতা আন্দোলন গঢ়ি তোলাত উদ্বুদ্ধ কৰিছিল। ইয়াৰ ফলস্বৰূপে অৱশেষত কুৰি শতিকাৰ শেষৰ ফালে প্ৰায়বোৰ দেশেই সাম্রাজ্যবাদী শাসন কালৰ পৰা ক্রমান্বয়ে মুক্তি লাভ কৰিবলৈ সমৰ্থ হৈছিল।

প্রশ্ন ৪। ভাৰতত ব্ৰিটিছ ঔপনিবেশিক সাম্রাজ্যৰ উৎপত্তি আৰু বিকাশ সম্পর্কে আলোচনা কৰা। নাইবা, ব্ৰিটিছ সাম্রাজ্যবাদ সম্পর্কে চমুকৈ লিখা। [HSLC. ’14]

নাইবা, ব্ৰিটিছসকলে ভাৰতবৰ্ষত উপনিবেশ সাম্রাজ্য কেনেদৰে স্থাপন কৰিছিল আলোচনা কৰা। [HSLC. ’17. ’20]

উত্তৰ : ইংলেণ্ডৰ ৰাণী এলিজাবেথৰ ৰাজত্বকালত, ১৬০০ চনৰ ৩১ ডিচেম্বৰ তাৰিখে ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী গঠন কৰা হৈছিল। এই কোম্পানীৰ মূল উদ্দেশ্য আছিল ভৌগোলিক আবিষ্কাৰ আৰু উপনিবেশ স্থাপন কৰা। ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ লক্ষ্য আছিল ভাৰতবৰ্ষত বাণিজ্য আৰম্ভ কৰা ।

ব্ৰিটিছসকলে প্রথমে ১৬১১ চনত মছলিপট্টমত আৰু ১৬৩৯ চনত মাদ্ৰাজ (চেন্নাই)ত উপনিবেশ স্থাপন কৰিছিল। তাৰ পাছত ইংলণ্ডৰ ৰজা দ্বিতীয় চালৰ্চে পৰ্টুগালৰ ৰাজকুমাৰীক বিয়া কৰাই যৌতুক হিচাপে লাভ কৰা বোম্বে দ্বীপটো, ১৬৬১ চনত কোম্পানীক দান পৰে। ৰবাৰ্ট ক্লাইবে ১৭৫৭ চনত পলাশী যুদ্ধত জিকি বংগদেশ অধিকাৰ কৰে। ১৭৬০ মত দাক্ষিণাত্যত বন্দিৱাছৰ যুদ্ধত ফৰাচীসকলক ইংৰাজ সেনাপতি ছাৰ আয়াৰ কুটে পৰাজিত কৰি বংগদেশ তথা ভাৰতবৰ্ষত প্রায় একচত্ৰী সাম্ৰাজ্য গঢ়ি তোলাৰ পথ নিষ্কণ্টক কৰি তোলে। তেতিয়াৰে পৰা ভাৰতবৰ্ষত ইংলণ্ডৰ ভাগ্য ৰবি উদয় হয়।

ভাৰতত ইংৰাজসকলে প্রথমে মছলাৰ ব্যৱসায় কৰিছিল পাছত ক্ৰমে— সস্তা কপাহী কাপোৰত প্ৰচুৰ লাভ কৰে। তাৰ পাছত ভাৰতত উৎপাদিত মিহি, কোমল আৰু বিলাতী কেলিকো কাপোৰৰ চাহিদাও বাঢ়ি আহিবলৈ ধৰে। এই কাপোৰবোৰ ইংলণ্ডৰ জনসাধাৰণৰ মাজত জনপ্ৰিয় হৈ পৰিছিল। কেলিকো কাপোৰৰ জনপ্ৰিয়তাই চৰকাৰক, নিজৰ দেশৰ উদ্যোগক সুৰক্ষা দিবলৈ আইন পাছ কৰিব লগা হৈছিল।

কোম্পানীৰ বাণিজ্যিক সফলতাই কোম্পানীৰ ৰাজ্যক্ষেত্ৰৰ সম্প্ৰসাৰণ ঘটাইছিল। মুঠতে প্রায় এশ বছৰৰ ভিতৰত তেওঁলোকে সমগ্ৰ ভাৰতবৰ্ষ দখল কৰিবলৈ সক্ষম হৈছিল। মুঠতে ১৮৫৭-৫৮ চনৰ ভিতৰত ইংলণ্ডৰ চৰকাৰে গোটেই ভাৰতৰ শাসন নিজৰ হাতলৈ নিবলৈ সক্ষম হৈছিল।

প্রশ্ন ৫। ভাৰতবৰ্ষত সাম্ৰাজ্য স্থাপনৰ ক্ষেত্ৰত ফ্ৰান্স কিয় বিফল হৈছিল আলোচনা [HSLC.’15,’22]

উত্তৰ : ১৬৬৪ চনত ফৰাচী ইষ্ট ইণ্ডিয়া কোম্পানী সংগঠিত হৈছিল। ১৬৭০-৭৩ চনত এই কোম্পানীয়ে ভাৰতত মাদ্ৰাজৰ ওচৰত ছেইন্টয়ে আৰু পণ্ডিচেৰী দখল কৰে। ফৰাচীসকলে পণ্ডিচেৰীত ৰাজধানী পাতিছিল ৷ তেওঁলোকে মালৱৰ উপকূলত মাহে আৰু বংগদেশত চন্দননগৰত বাণিজ্যিক কোঠ স্থাপন কৰিছিল। কিন্তু ১৭৬০ চনত ৱন্দিৱাছৰ যুদ্ধত, ইংৰাজৰ হাতত ফৰাচী সেনাপতি লালীৰ পৰাজয় হোৱাৰ পাছত ভাৰতত ফৰাচীসকলৰ উপনিবেশ সম্প্ৰসাৰণৰ পথ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছিল।

ভাৰতত অধিপাত্য লাভৰ সংগ্ৰামত ফ্ৰাচীসকলৰ ব্যৰ্থতাৰ কাৰণ বহুতো। কেইটিমান কাৰণ উল্লেখ কৰা হ’ল।

(১) সপ্তদশ আৰু অষ্টাদশ শতিকাত ফ্রান্সত ধর্মীয় সংঘাত, সংঘৰ্ষ আৰু মহাদেশীয় যুদ্ধত লিপ্ত থকা বাবে দেশখনত আন ৰাজ্যৰ দৰে এটা শক্তিশালী বণিক শ্রেণী গঢ়ি উঠা নাছিল।

(২) আনহাতে ফৰাচী ইষ্ট ইণ্ডিয়া কোম্পানীটো ইংলণ্ডৰ দৰে বেচৰকাৰী প্ৰতিষ্ঠান নাছিল, ফৰাচী কোম্পানীটো চৰকাৰৰ এটা বিভাগীয় অনুষ্ঠান আছিল। সেইবাবে চৰকাৰৰ নিয়ন্ত্রণ আছিল অত্যন্ত কঠোৰ। ফৰাচীসকলৰ সকলো কাম-কাজ গৃহ চৰকাৰৰ তত্ত্বাৱধানত চলিছিল। বিদেশত ব্যৱসায়ৰ বাবে গৃহ চৰকাৰৰ কৰ্মপ্ৰেৰণা, সহযোগ, উৎসাহ-উদ্দীপনা স্বাধীনতা নহ’লে কোনো অনুষ্ঠান বা কোম্পানীৰ উন্নতি অসম্ভৱ। ফৰাচীসকল তেনে ক্ষতিৰ সন্মুক্ষীণ হ’ব লগা হৈছিল আৰু আৰ্থিকভাৱে দুৰ্বল হৈ পৰিছিল।

(৩) ফৰাচী চৰকাৰৰ ভাৰতত ব্যৱসায় কৰাটো মুখ্য উদ্দেশ্য নাছিল। তেওঁলোকৰ উদ্দেশ্য আছিল ভাৰতত এখন ফৰাচী ৰাজ্য স্থাপন কৰাটো। গতিকে বাণিজ্যৰ লাভ লোকচানৰ প্ৰতি ফৰাচীসকল উদাসীন আছিল। ফলত ফৰাচীসকলৰ কাৰ্য্যদক্ষতা হ্ৰাস পাইছিল আৰু কোম্পানীৰ আৰ্থিক অৱস্থা ক্ৰমে দুৰ্ব্বল হৈ পৰিছিল। গৃহ চৰকাৰৰ পৰা সময়ত আর্থিক সাহায্য নোপোৱাত কোম্পানী সমস্যাত পৰিছিল। মুঠতে আর্থিক তেওঁলোকৰ প্ৰধান কাৰণ আছিল বুলিয়ে ক’ব পাৰি।

(৪) ভাৰতত আধিপত্য লাভৰ বাবে নৌশক্তিৰ অতি প্রয়োজন আছিল। ব্ৰিটিছ সক দৰে ফৰাচীসকলৰ তেনে নৌশক্তি নাছিল। নৌশক্তিৰ দুৰ্বলতা ফৰাচীসকলৰ ব্যৰ্থতাৰ আন এটা কাৰণ আছিল।

(৫) ফ্ৰাচীসেনাপতি লালীৰ ব্যক্তিগত চৰিত্ৰও তেওঁলোকৰ ব্যৰ্থতাৰ আন এটা কাৰণ। তেওঁ উগ্ৰ স্বভাৱৰ বশবর্তী হৈ আত্মসংযমহীনভাৱে কাম কৰিছিল। মইমতীয়াভাৱে কাম কৰি সহকৰ্মীসকলৰ সদভাব আৰু সহযোগিতা হেৰুৱাইছিল। মুঠতে সেনাপতিসকলৰ অজ্ঞতা আৰু অদক্ষতাৰ বাবে আৰু আৰ্থিক অনাটনে ফৰাচীসকলৰ ব্যৰ্থতাৰ মূল কাৰণ আছিল।

প্রশ্ন ৬। পৰ্টুগালৰ নেতৃত্বত সংঘটিত হোৱা ভৌগোলিক আবিষ্কাৰসমূহৰ বিষয়ে আলোচনা কৰা। [HSLC-2015]

নাইবা, ঔপনিৱেশিক শক্তি হিচাপে পৰ্টুগালৰ মূল্যায়ন কৰা। [HSLC-2014]

উত্তৰ: উপনিবেশ স্থাপনত প্রথমে অগ্রণী ভূমিকা লোৱা ইউৰোপৰ প্ৰথম দেশখন হ’ল পৰ্টুগাল। ভৌগোলিক আবিষ্কাৰৰ বাটকটীয়া। এই দেশৰ মানুহবোৰ আছিল অত্যন্ত দুঃসাহসী, আৰু কঠোৰ পৰিশ্ৰমী। বণিক শ্ৰেণীটো আছিল অত্যন্ত শক্তিশালী। খ্রীষ্টান ধর্ম প্ৰচাৰৰ প্ৰতি অত্যন্ত আগ্রহী, মুছলমানৰ প্ৰতি বিদ্বেশী, প্রতিশোধপৰায়ণ ।

পর্তুগীজসকলে প্রথম ভৌগোলিক আবিষ্কাৰৰ সূচনা কৰে ১৪১৫ চনত আফ্ৰিকাৰ উপকূল অঞ্চলত ‘ছেউতা’ বিজয়েৰে। ১৪৮১ চনত আফ্ৰিকাৰ গুইনা উপকূল অঞ্চল দখল কৰে। ১৪৮৬ চনত বাৰ্থলোমিও ডিয়াজে আফ্ৰিকাৰ দক্ষিণত ‘ধুমুহাৰ অন্তৰীপ’ আবিষ্কাৰ কৰে। [HSLC.’17] পৰ্টুগালৰ ৰজা দ্বিতীয় জোৱাওয়ে এই অন্তৰীপটোক উত্তমাশা অন্তৰীপ নাম দিয়ে।

পৰ্টুগালৰ ৰজা মানুৱেলৰ নিৰ্দেশত ভাস্কো-ডা-গামাই ১৪৯৮ চনত ভাৰতৰ মালৱাৰ উপকূলৰ কালিকটত উপনিবেশ স্থাপন কৰে। ইউৰোপৰ পৰা ভাৰতলৈ নতুন সামুদ্রিক পথৰ আবিষ্কাৰ কৰে। ১৫০০ চনত কোলে ‘কোচিনত’ এটা বাণিজ্যিক ঘাটি স্থাপন কৰে। ১৫০৩ চনত আলবুকাকৈ কোচিনত এটা সামৰিক ঘাটি কোঠ নিৰ্মাণ কৰে। ১৫০৯ চনত পৰ্টুগীজসকলে ডিউ দখল কৰে। ১৫১০ আৰু ১৫১১ চনত ক্ৰমে গোৱা আৰু মালাক্কা আৰু মালয় দখল কৰে। আৰু গোৱাত পৰ্টুগীজসকলৰ ৰাজধানী পাতে।

চমুকৈ উত্তৰ দিয়া

প্রশ্ন ১। পুঁজিবাদ কি ? [HSLC. 20]

উত্তৰ : যি আর্থিক ব্যৱস্থাত ৰাষ্ট্ৰৰ উৎপাদনৰ সকলো আহিলা ব্যক্তিগত মালিকী স্বত্বত থাকে আৰু উৎপাদিত সামগ্ৰীসমূহ ব্যক্তিগত মুনাফা লাভৰ বাবে বিতৰণ বা বিক্ৰী কৰা হয়, তাকে পুঁজিবাদী ব্যৱস্থা বা পুঁজিবাদী অর্থনীতি বোলে।

প্রশ্ন ২। ঔপনিবেশিকতাবাদ কি? [HSLC. ’22]

উত্তৰ : যেতিয়া কিছুমান বিদেশীয়ে জীৱন আৰু জীবিকাৰ বাবে প্ৰব্ৰজনৰ যোগেদি সনো ঠাইত অস্থায়ীভাৱে বসবাস কৰি থাকিবলৈ লয় আৰু নিজদেশৰ অৰ্থনৈতিক, জনৈতিক, সাংস্কৃতিক আৰু সামাজিক নিয়ন্ত্ৰণ স্থাপন কৰিবলৈ ধৰে তাকে ঔপনিবেশিকতাবাদ বুলি জনা যায় ।

প্রশ্ন ৩। কনষ্টান্টিনোপলৰ পতনৰ তাৎক্ষণিক পৰিণতি কি?

উত্তৰ : কনষ্টান্টিনোপলৰ পতনৰ তাৎক্ষণিক পৰিণতি হৈছিল–

(১) লগে লগে বাইজাইনটাইন সাম্রাজ্যৰ পতন হৈছিল।

(২) মধ্যযুগৰ অৱসান হৈছিল আৰু আধুনিক যুগৰ সূচনা হৈছিল।

(৩) ইয়াৰ ফলতে তুর্কীসকলৰ নেতৃত্বত নতুনকৈ অটোমান সাম্ৰাজ্যৰ আৱিৰ্ভাৱ হৈছিল।

(৪) লগতে কনষ্টান্টিনোপলৰ পতনে ইউৰোপত নৱজাগৰণৰ সূচনা কৰিছিল।

প্রশ্ন ৪। উত্তমাশা অন্তৰীপ কি? ইয়াৰ পূৰ্বৰ নাম কি আছিল ?

উত্তৰ : আফ্রিকা মহাদেশৰ একেবাৰে দক্ষিণ-পশ্চিমৰ অন্তৰীপটোকে উত্তমাশা অন্তৰীপ’ বুলি জনা যায়। ইয়াৰ পূৰ্বৰ নাম আছিল ‘ধুমুহাৰ অন্তৰীপ’। ইয়াৰ নতুন নাম হ’ল ‘উত্তমাশা অন্তৰীপ’— ‘Cap of Good hope |

প্রশ্ন ৫। ‘নতুন পৃথিৱী’ বুলিলে কি বুজা?

উত্তৰ : ফ্লোৰেঞ্চৰ (ইটালীৰ) আমেৰিগো ভেছপুছি নামৰ এজন নাবিকে পৰ্টুগালৰ পৃষ্ঠপোষকতাত দক্ষিণ আমেৰিকাৰ একেবাৰে দক্ষিণত থকা ‘পাটাগোনিয়া’ আৱিষ্কাৰ কৰি তাকে ‘নতুন পৃথিৱী’ নামেৰে অভিহিত কৰিছিল। পৰবৰ্তীকালত এই ‘নতুন পৃথিৱী’ নাম দিয়া ঠাইখনকে আমেৰিগোৰ নামানুসাৰে আমেৰিকা নামেৰে জনাজাত হৈ পৰে। বৰ্তমান ইয়াক আর্জেন্টিনা বোলে৷

প্রশ্ন ৬। ‘বিশ্বৰ কাৰখানা’ বুলি কোন দেশক কোৱা হৈছিল? [HSLC.’19]

উত্তৰ : ইংলেণ্ডক বিশ্বৰ কাৰখানা বুলি কোৱা হৈছিল।

প্রশ্ন ৭। অষ্ট্ৰেলিয়াস্থিত ব্ৰিটেইনৰ উপনিবেশ ছয়খনৰ নাম কি কি আছিল লিখা। [HSLC.’17]

উত্তৰ : অষ্ট্ৰেলিয়াত প্ৰতিষ্ঠা কৰা ইংলেণ্ডৰ উপনিবেশ ছয়খন হ’ল—

(১) নিউ ছাউথ ওৱেলছ; (২) কুইনছ ল্যাণ্ড; (৩) ভিক্টোৰিয়া;

(৪) দক্ষিণ অষ্ট্রেলিয়া, (৫) পশ্চিম অষ্ট্রেলিয়া, (৬) তাছমানিয়া।

প্রশ্ন ৮। ভাৰতবৰ্ষত উপনিবেশ স্থাপন কৰা দুখন ইউৰোপীয় দেশৰ নাম লিখা?[HSLC.’22]

উত্তৰ : ইংলেণ্ড আৰু ফ্রান্স।

প্রশ্ন ৯। কনষ্টান্টিনোপলৰ পতনে কেদেৰে ইউৰোপৰ সমাজ জীৱনত প্ৰভাৱ পেলাইছিল? [HSLC.’22]

উত্তৰঃ কনষ্টান্টিনোপলৰ পতনে তলত দিয়া ধৰণে ইউৰোপৰ সমাজ জীৱনত প্ৰভাৱ পেলাইছিল—

(ক) কনষ্টান্টিনোপলৰ পতনৰ লগে লগে বাইজাইনটাইন সাম্ৰাজ্যৰ পতন হৈছিল

(খ) মধ্যযুগৰ অৱসান হৈছিল আৰু আধুনিক যুগৰ সূচনা হৈছিল।

(গ) কনষ্টান্টিনোপলৰ পতনে ইউৰোপত নৱজাগৰণৰ সূচনা কৰিছিল।

Conclusion:

Leave a Comment

error: Content is protected !!