Class 10 General Science Chapter 13 |প্রবাহৰ চুম্বকীয় ক্রিয়া l Magnetic Effects of Electric Current Question Answer

পাঠ অন্তর্ভুক্ত প্রশ্নোত্তৰ

প্রশ্ন 1. দণ্ডচুম্বকৰ কাষলৈ আনিলে দিগদর্শন যন্ত্ৰৰ কাঁটাডাল কিয় বিক্ষেপিত হয়?

উত্তৰঃ কাৰণ, দিগদর্শন যন্ত্ৰৰ কাঁটাডাল আচলতে এডাল অতিকৈ সৰু আৰু পাতল দণ্ডচুম্বক। সেয়েহে দণ্ডচুম্বক এডালৰ ওচৰলৈ আনিলে দণ্ড চুম্বকৰ মেৰুটোৱে দিগদর্শন যন্ত্ৰৰ কাঁটাডালৰ মেৰু দুটাত পৰস্পৰ বিপৰীতমুখী বল প্রয়োগ কৰে। ইয়াৰ ফলত কাঁটাডাল বিক্ষেপিত হয় আৰু ই ঘূৰিবলৈ ধৰে।

প্রশ্ন 2. এডাল দণ্ড চুম্বকৰ কেউকাষৰ চৌম্বক বলৰেখাবোৰ অংকন কৰা।

উত্তৰঃ

প্রশ্ন 3. চৌম্বক বলৰেখাৰ ধৰ্মসমূহ তালিকাভুক্ত কৰা।

উত্তৰঃ (i) চুম্বক এডালৰ বাহিৰত চৌম্বক বলবেখাবোৰ চুম্বকৰ উত্তৰ মেৰুৰ পৰা ওলাই দক্ষিণ মেৰুত সোমায়।

(ii) চুম্বক এডালৰ অন্তৰ্ভাগত চৌম্বক বলৰেখাবোৰৰ দিশ দক্ষিণ মেৰুৰ পৰা উত্তৰ মেৰুলৈ।

(iii) দুডাল চৌম্বক বলৰেখাই কেতিয়াও কটাকটি নকৰে।

(iv) চৌম্বক ক্ষেত্ৰখনৰ যিখিনি অঞ্চলত চৌম্বক বলৰেখাবোৰ ঘন ঘন, তাত চৌম্বক ক্ষেত্ৰৰ প্ৰাৱল্য বেছি আৰু যিখিনি অঞ্চলত পাতল পাতল, তাত চৌম্বক ক্ষেত্ৰৰ প্ৰাৱল্য কম।

(v) এখন সুষম চৌম্বক ক্ষেত্ৰৰ বাবে চৌম্বক বলৰেখাবোৰ সমদূৰত্বত থকা কিছুমান সমান্তৰাল সৰলৰেখা।

প্রশ্ন 4. দুডাল চৌম্বক বলৰেখাই কিয় পৰস্পৰ কটাকটি কৰিব নোৱাৰে? [HSLC 2022]

উত্তৰঃ কাৰণ, যদি দুডাল চৌম্বক বলৰেখাই পৰস্পৰ কটাকটি কৰে, তেন্তে কটাকটি কৰা বিন্দুটোত ৰখা দিগদৰ্শন যন্ত্ৰৰ কাঁটাডালে একে সময়তে দুটা বেলেগ বেলেগ দিশ দেখুৱাব লাগিব, যিটো সম্ভৱ নহয়।

প্রশ্ন 5. এখন টেবুলৰ সমতলত তাঁৰৰ বৃত্তাকাৰ কুণ্ডলী এটা বিবেচনা কৰা। ধৰা হওক, ঘড়ীৰ কাঁটাৰ দিশত ইয়াৰ মাজেৰে প্ৰবাহ চালিত হৈছে। কুণ্ডলীটোৰ ভিতৰত আৰু বাহিৰত চৌম্বক ক্ষেত্ৰৰ দিশ উলিয়াবলৈ সোঁহাতৰ নীতি প্ৰয়োগ কৰা।

উত্তৰঃ কুণ্ডলীটোৰ ভিতৰত চৌম্বক ক্ষেত্ৰৰ দিশ টেবুলখনৰ ভিতৰলৈ আৰু কুণ্ডলীৰ বাহিৰত ইয়াৰ দিশ টেবুলখনৰ পৰা ওপৰলৈ।

প্রশ্ন 6. এটা প্রদত্ত অঞ্চলত চৌম্বক ক্ষেত্ৰৰ প্ৰকৃতি সুষম। ইয়াক প্ৰদৰ্শন কৰি চিত্ৰ অংকন কৰা।

উত্তৰঃ

প্রশ্ন 7. শুদ্ধ উত্তৰটো বাছি উলিওৱা।

প্ৰৱাহযুক্ত দীঘল চ’লেনইড এটাৰ ভিতৰত চৌম্বক ক্ষেত্র— [HSLC 2015]

(a) শূন্য (b) ইয়াৰ প্ৰান্তৰ ফালে ক্রমে কমি যায়

(c) ইয়াৰ প্ৰান্তৰ ফালে ক্রমে বাঢ়ি যায় (d) সকলো বিন্দুতে একে থাকে।

উত্তৰঃ (d) সকলো বিন্দুতে একে থাকে।

প্রশ্ন ৪. চৌম্বক ক্ষেত্ৰত মুক্তভাৱে গতি কৰা অৱস্থাত প্ৰটন এটাৰ নিম্নোক্ত কোনটো ধৰ্ম সলনি হ’ব পাৰে? (ইয়াত এটাতকৈ বেছি শুদ্ধ উত্তৰ থাকিব পাৰে)

(a) ভৰ

(b) দ্রুতি

(c) বেগ

(d) ভৰবেগ

উত্তৰঃ (c) বেগ আৰু (d) ভৰবেগ

প্রশ্ন 9. কার্যকলাপ 13.7 ত AB দণ্ডৰ সৰণ কেনেদৰে প্ৰভাৱিত হ’ব যদি (i) AB দণ্ডৰ প্রবাহ বৃদ্ধি কৰা হয়, (ii) পূৰ্বতকৈ অধিক শক্তিশালী অশ্বখুৰা চুম্বক ব্যৱহাৰ কৰা হয়, আৰু (iii) AB দণ্ডৰ দৈৰ্ঘ্য বৃদ্ধি কৰা হয়?

উত্তৰঃ (i) প্রবাহ বৃদ্ধি কৰিলে AB দণ্ডৰ সৰণৰ মানো বৃদ্ধি পাব।

(ii) পূৰ্বতকৈ অধিক শক্তিশালী অশ্ব-খুৰা চুম্বক ব্যৱহাৰ কৰিলে, AB দণ্ডৰ সৰণৰ মানো বৃদ্ধি পাব।

(iii) AB দণ্ডৰ দৈৰ্ঘ্য বৃদ্ধি কৰিলে, AB দণ্ডৰ সৰণৰ মানো বৃদ্ধি পাব ।

প্রশ্ন :10. পশ্চিম দিশলৈ উৎক্ষেপিত ধনাত্মক আধাননেৰে আহিত কণা এটা (আলফা কণা) চৌম্বক ক্ষেত্র এখনত উত্তৰ দিশলৈ বিচ্যুত হ’ল।

চৌম্বক ক্ষেত্ৰৰ দিশ হ’ব—

(a) দক্ষিণমুৱা (b) পূবমুৱা (c) নিম্নমুখী (d) ঊর্ধ্বমুখী

উত্তৰঃ (d) ঊর্ধ্বমুখী

প্রশ্ন 11. ফ্লেমিঙৰ বাঁওহতীয়া নিয়মটো লিখা।

উত্তৰঃ এই নীতি অনুসৰি আমি যদি আমাৰ বাঁওহাতৰ বুঢ়া আঙুলি, তৰ্জনী আঙুলি আৰু মধ্যমা আঙুলি পৰস্পৰ লম্ব দিশত এনেদৰে প্ৰসাৰিত কৰোঁ যাতে তর্জনী আঙুলি আৰু মধ্যমা আঙুলি ক্ৰমে চৌম্বক ক্ষেত্ৰ আৰু বিদ্যুৎ প্রবাহৰ দিশত থাকে, তেন্তে আমাৰ বুঢ়া আঙুলিটো পৰিবাহীত প্ৰয়োগ হোৱা বলৰ দিশত থাকিব।

প্রশ্ন 12. বৈদ্যুতিক মটৰৰ মূল নীতিটো কি ? [HSLC 2018]

উত্তৰঃ চৌম্বক ক্ষেত্ৰত ৰখা প্রবাহযুক্ত পৰিবাহী এডালৰ ওপৰত বল প্রয়োগ হয়। সেয়েহে চৌম্বক ক্ষেত্ৰত ৰখা আয়তাকাৰ পৰিবাহী কুণ্ডলী এটাত ঘূর্ণনৰ সৃষ্টি হয়।

প্রশ্ন 13. বৈদ্যুতিক মটৰত ফলা আঙঠিৰ ভূমিকা কি? [HSLC 2015, 2018, 2020]

উত্তৰঃ বৈদ্যুতিক মটৰত ফলা আঙঠিটোৱে দিক পৰিৱৰ্তক হিচাপে কাম কৰে। দিক পৰিৱৰ্তক হ’ল এনে এবিধ সঁজুলি যিয়ে বর্তনী এটাত প্ৰবাহৰ দিশ বিপৰীতমুখী কৰে। এনেদৰে বৈদ্যুতিক মটৰ এটাত ফলা আঙঠিৰ ব্যৱহাৰৰ ফলত কুণ্ডলীটোৱে প্ৰতি আধা পাক ঘূৰাৰ মূৰে মূৰে কুণ্ডলীটোত প্ৰবাহৰ দিশ বিপৰীতমুখী হয়। ইয়াৰ বাবে কুণ্ডলীৰ বিপৰীত বাহু দুটাৰ ওপৰত কুণ্ডলীটোৱে আধা পাক ঘূৰাৰ মূৰে মূৰে প্ৰয়োগ হোৱা বলৰ দিশো বিপৰীতমুখী হয়। ইয়াৰ ফলত কুণ্ডলীটোৱে একেটা দিশত অবিৰ্তভাৱে ঘূৰিবলৈ ধৰে।

প্রশ্ন 14. কুণ্ডলীত প্রবাহ আৱিষ্ট কৰা বিভিন্ন উপায়বোৰ ব্যাখ্যা কৰা।

উত্তৰঃ (i) এটা পৰিবাহী কুণ্ডলীৰ ওচৰত দণ্ড চুম্বক এডাল অনা-নিয়া কৰিলে কুণ্ডলীটোত আৱিষ্ট প্ৰবাহ সৃষ্টি হয়। তেনেদৰে দণ্ড চুম্বকডাল স্থিতিশীল অৱস্থাত ৰাখি ইয়াৰ ওচৰত কুণ্ডলীটোক গতিশীল কৰিলেও কুণ্ডলীটোত প্ৰবাহ আৱিষ্ট হ’ব।

(ii) এটা পৰিবাহী কুণ্ডলীৰ ওচৰত ৰখা প্রবাহযুক্ত কুণ্ডলী এটাত প্ৰবাহৰ মান সলনি কৰিলে পৰিবাহী কুণ্ডলীটোত প্ৰবাহ আৱিষ্ট হয়।

প্রশ্ন 15. এটা বৈদ্যুতিক জেনেৰেটৰৰ মূলনীতি লিখা। [HSLC 2016, 2020]

উত্তৰঃ বৈদ্যুতিক জেনেৰেটৰ এটাই বিদ্যুৎ চুম্বকীয় আৱেশৰ নীতিৰ আধাৰত কাম কৰে। এই নীতি অনুসৰি পৰিবাহী কুণ্ডলী এটাৰ মাজেৰে পাৰ হৈ যোৱা চৌম্বক বলৰেখাৰ সংখ্যাৰ সলনিয়ে কুণ্ডলীটোত এক আৱিষ্ট বিভৱৰ্ভেদৰ সৃষ্টি কৰে, যিয়ে কুণ্ডলীটোত এক আৱিষ্ট প্ৰবাহৰ সৃষ্টি কৰে।

প্রশ্ন 16. প্রত্যক্ষ প্ৰবাহৰ উৎস কেইটামানৰ নাম লিখা।

উত্তৰঃ বৈদ্যুতিক কোষ, DC জেনেৰেটৰ, সৌৰ কোষ।

প্রশ্ন 17. পৰিৱৰ্তী প্রবাহ কোনবিলাক উৎসই উৎপাদন কৰে?

উত্তৰঃ AC জেনেৰেটৰ, বাইচাইকেল, ডায়নামো ।

প্রশ্ন 18. শুদ্ধ উত্তৰটো বাছি উলিওৱা :

তামৰ তাঁৰৰ আয়তাকাৰ কুণ্ডলী এটা চৌম্বক ক্ষেত্ৰ এখনত ঘূৰোৱা হৈছে। আৱিষ্ট প্ৰবাহৰ দিশ প্রতি –

(a) দুপাকত সলনি হ’ব

(b) এপাকত সলনি হ’ব

(c) আধা পাকত সলনি হ’ব (d) এপাকত চাৰি ভাগৰ এভাগত সলনি হ’ব।

উত্তৰঃ (c) আধা পাকত সলনি হ’ব

প্রশ্ন 19. বৈদ্যুতিক বর্তনী এটা আৰু সঁজুলিত সাধাৰণতে ব্যৱহাৰ হোৱা দুটা নিৰাপত্তা ব্যৱস্থাৰ নাম লিখা।

উত্তৰঃ বৈদ্যুতিক ফিউজ আৰু ভূমি-সংলগ্ন তাঁৰৰ ব্যৱস্থা।

প্রশ্ন 20. এটা বৈদ্যুতিক অ’ভেনৰ ক্ষমতা 2KW আৰু ইয়াক 5A প্রবাহ ক্ষমতাৰ ঘৰুৱা বৰ্তনী এটাৰ (220V) লগত সংযোগ কৰা হৈছে। কি ফলাফল তুমি আশা কৰিবা ? আলোচনা কৰা।

উত্তৰঃ ইয়াত, P = 2KW = 2000W

V = 220V

I =?

আমি জানো যে, P=VI ⇒ I = P/V = 2000/220 = 9.09 A

এতেকে, অ’ভেনটোৱে উৎসৰ পৰা নিৰ্ধাৰিত পৰিমাণৰ প্ৰবাহৰ মান 5A তকৈ বেছি প্রবাহ ল’ব। সেয়েহে সঁজুলিটো ঘৰুৱা বৰ্তনীত সংযোগ কৰিলে, সঁজুলিৰ লগত সংযোজিত ফিউজ তাঁৰডাল গলি যাব আৰু বৰ্তনীটো ছেদ হ’ব। ফলত সঁজুলিটোৱে কাম কৰিব নোৱাৰিব।

প্রশ্ন 21. ঘৰুৱা বৈদ্যুতিক বর্তনীবিলাক অত্যধিক বোজাৰ পৰা ৰক্ষা কৰিবলৈ কি সাৱধানতা ল’বা।

[HSLC 2018]

উত্তৰঃ (i) বৰ্তনীত ব্যৱহৃত তাঁৰবিলাক মজবুত অন্তৰণবিশিষ্ট হোৱা উচিত, যাতে এই অন্তৰণ ফাটি সজীৱ আৰু উদাসীন তাঁৰৰ অবাঞ্ছিত সংযোগ ঘটিব নোৱাৰে আৰু ফলত হ্রস্ববর্তনী সংঘটিত নহয়।

(ii) ঘৰুৱা বৰ্তনীত বৈদ্যুতিক ফিউজ ব্যৱহাৰ কৰিব লাগে।

(iii) একেটা খাঁজৰ পৰা বহু সংখ্যক সঁজুলি সংযোগ কৰিব নালাগে।

অনুশীলনীৰ প্রশ্নোত্তৰ

প্রশ্ন 1. তলৰ কোনটোৱে এডাল পোন, দীঘল পৰিবাহীৰ ওচৰত চৌম্বক ক্ষেত্র শুদ্ধভাৱে বৰ্ণনা কৰে?

(a) ক্ষেত্ৰখন তাঁৰডালৰ লম্ব সৰলৰেখাৰে গঠিত।

(b) ক্ষেত্ৰখন তাঁৰডালৰ সমান্তৰাল সৰলৰেখাৰে গঠিত।

(c) ক্ষেত্ৰখন তাঁৰডালৰ পৰা ওলোৱা কিছুমান পৰিধিমুখী ৰেখাৰে গঠিত।

(d) ক্ষেত্ৰখন তাঁৰডালক কেন্দ্ৰ কৰি ঐককেন্দ্রিক বৃত্তৰে গঠিত।

উত্তৰঃ (d) ক্ষেত্ৰখন তাঁৰডালক কেন্দ্ৰ কৰি ঐককেন্দ্ৰিক বৃত্তৰে গঠিত।

প্রশ্ন 2. বিদ্যুৎ আৱেশৰ পৰিঘটনা হৈছে?

(a) বস্তু আহিতকৰণৰ প্ৰক্ৰিয়া।

(b) কুণ্ডলীত চালিত প্রবাহে চৌম্বক ক্ষেত্র সৃষ্টি কৰা প্ৰক্ৰিয়া।

(c) চুম্বক আৰু কুণ্ডলীৰ মাজৰ আপেক্ষিক গতিৰ বাবে এটা কুণ্ডলীত আৱিষ্ট প্রবাহ সৃষ্টি হোৱাৰ প্ৰক্ৰিয়া।

(d) বৈদ্যুতিক মটৰৰ কুণ্ডলীৰ ঘূৰ্ণনৰ প্ৰক্ৰিয়া।

উত্তৰঃ (c) চুম্বক আৰু কুণ্ডলীৰ মাজৰ আপেক্ষিক গতিৰ বাবে এটা কুণ্ডলীত আৱিষ্ট প্ৰবাহ সৃষ্টি হোৱাৰ প্ৰক্ৰিয়া।

প্রশ্ন 3. বৈদ্যুতিক প্রবাহ উৎপন্ন সঁজুলিক—

(a) জেনেৰেটৰ বোলা হয় (b) গেলভেন’মিটাৰ বোলা হয়

(c) এমিটাৰ বোলা হয় (d) মটৰ বোলা হয়।

উত্তৰঃ (a) জেনেৰেটৰ বোলা হয়

প্রশ্ন 4. পৰিৱৰ্তী প্রবাহ জেনেৰেটৰ আৰু প্ৰত্যক্ষ প্রবাহ জেনেৰেটৰৰ মাজৰ আৱশ্যকীয় পার্থক্যটো হৈছে –

(a) পৰিৱৰ্তী প্রবাহ জেনেৰেটৰত বিদ্যুৎ চুম্বক থাকে, কিন্তু প্রত্যক্ষ প্রবাহ জেনেৰেটৰত স্থায়ী চুম্বক থাকে।

(b) প্রত্যক্ষ প্রবাহ জেনেৰেটৰে উচ্চ বিভৱভেদ উৎপন্ন কৰে।

(c) পৰিৱৰ্তী প্রবাহ জেনেৰেটৰে উচ্চ বিভৱভেদ উৎপন্ন কৰে।

(d) পৰিৱৰ্তী প্রবাহ জেনেৰেটৰত শিল্প ৰিং থাকে, কিন্তু প্রত্যক্ষ প্রবাহ জেনেৰেটৰত এটা দিক পৰিৱৰ্তৰ্ক থাকে।

উত্তৰঃ (d) পৰিৱৰ্তী প্রবাহ জেনেৰেটৰত শিল্প ৰিং থাকে, কিন্তু প্রত্যক্ষ প্রবাহ জেনেৰেটৰত এটা দিক পৰিৱৰ্তৰ্ক থাকে।

প্রশ্ন 5. হ্রস্ববর্তনী হোৱাৰ সময়ত বৰ্তনীটোৰ প্ৰবাহ-

(a) বুৰ্জন পৰিমাণে কমি যায়। (b) সলনি নহয়।

(c) বুজন পৰিমাণে বৃদ্ধি পায়। (d) অবিৰতভাৱে সলনি হয়।

উত্তৰঃ (c) বুজন পৰিমাণে বৃদ্ধি পায় ৷

প্রশ্ন 6. তলৰ উক্তিসমূহ শুদ্ধ নে ভুল কোৱা-

(a) এটা বৈদ্যুতিক মটৰে যান্ত্রিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰে।

উত্তৰঃ ভুল।

(b) এটা বৈদ্যুতিক জেনেৰেটৰে বিদ্যুৎ-চুম্বকীয় আৱেশৰ মূলনীতি অনুসৰি কা সম্পাদন কৰে।

উত্তৰঃ শুদ্ধ।

(c) এড়া দীঘল বৃত্তাকাৰ প্ৰবাহযুক্ত পৰিবাহীৰ কেন্দ্ৰত ক্ষেত্ৰখন সমান্তৰাল সৰলৰেখা হ’ব।

উত্তৰঃ শুদ্ধ।

(d) সেউজীয়া অন্তৰ্কৰ তাঁৰক সাধাৰণতে বৈদ্যুতিক যোগানৰ সজীৱ তাঁৰ বোলে।

উত্তৰঃ ভুল।

প্রশ্ন 7. চৌম্বক ক্ষেত্র উৎপন্ন কৰা দুটা পদ্ধতি উল্লেখ কৰা।

উত্তৰঃ (i) স্থায়ী চুম্বক ব্যৱহাৰ কৰি।

(ii) এডাল পোন পৰিবাহী বা বৃত্তাকাৰ কুণ্ডলীৰ মাজেৰে প্ৰবাহ চালিত কৰি।

প্রশ্ন ৪.চ’লেনইডে কেনেদৰে চুম্বকৰ দৰে আচৰণ কৰে? এডাল দণ্ড চুম্বকৰ সহায়ত তুমি প্রবাহযুক্ত চ’লেনইড এটাৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু নিৰ্ণয় কৰিব পাৰিবানে?ব্যাখ্যা কৰা।

[HSLC 2017, 2019]

উত্তৰঃ চ’লেনইড এটাৰ মাজেৰে বিদ্যুৎ প্রবাহ চালিত কৰিলে, এই প্ৰবাহৰ বাবে চ’লেনইডব অন্তর্ভাগত আৰু বহির্ভাগত এখন শক্তিশালী চৌম্বক ক্ষেত্ৰৰ সৃষ্টি হয়। চ’লেনইডৰ অন্তৰ্ভাগৰ চৌম্বক বলৰেখাবোৰ সমান্তৰাল সৰলৰেখা, যিয়ে চ’লেনইডৰ অন্তর্ভাগত এখন সুষম চৌম্বক ক্ষেত্রক সূচায়। আনহাতে চ’লেনইডৰ বহির্ভাগত চৌম্বক বলৰেখাসমূহ চ’লেনইডৰ এটা মূৰৰ পৰা ওলাই আনটো মূৰত প্ৰৱেশ কৰে। এনেদৰে চ’লেনইডৰ এটা মূৰে দণ্ড চুম্বক এডালৰ উত্তৰ মেৰুৰ দৰে আৰু আনটো মূৰে দণ্ড চুম্বকৰ দক্ষিণ মেৰুৰ দৰে আচৰণ দেখুৱায়। এনেদৰে প্ৰবাহযুক্ত চ’লেনইড এটাই চুম্বকৰ দৰে আচৰণ দেখুৱায়।

এডাল দণ্ড চুম্বকৰ সহায়ত চ’লেনইড এটাৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু নিৰ্ণয় কৰিব পাৰি। দণ্ড চুম্বক এডালৰ উত্তৰ মেৰুটো চ’লেনইডৰ যিকোনো এটা মূৰৰ ওচৰলৈ নিলে যদি ই উত্তৰ মেৰুটোক বিকৰ্ষণ কৰে, তেন্তে চ’লেনইডৰ এই মূৰটো ইয়াৰ উত্তৰ মেৰু আৰু আনটো মূৰ ইয়াৰ দক্ষিণ মেৰু হ’ব। আনহাতে যদি চ’লেনইডৰ মূৰটোৱে দণ্ড চুম্বকৰ উত্তৰ মেৰুটোক আকর্ষণ কৰে, তেন্তে ই চ’লেনইডৰ দক্ষিণ মেক হ’ব আৰু আনটো মূৰ উত্তৰ মেৰু হ’ব।

প্রশ্ন 9. চৌম্বক ক্ষেত্ৰত স্থাপন কৰা প্ৰবাহযুক্ত পৰিবাহী এডালে অনুভৱ কৰা বল কেতিয়া সর্বোচ্চ হয়? [HSLC 2019]

উত্তৰঃ যেতিয়া প্ৰবাহৰ দিশ আৰু চৌম্বক ক্ষেত্ৰৰ দিশ পৰস্পৰ লম্ব হয়।

প্রশ্ন 10. ধৰা হওক তুমি কোঠা এটাত বেৰৰ ফালে পিঠি দি বহি আছা। ইলেক্ট্ৰনৰ কিৰণ এটা পিছফালৰ বেৰৰ পৰা সমুখৰ বেৰলৈ আনুভূমিকভাৱে আহিছে। এই কিৰণডাল শক্তিশালী চুম্বকৰ দ্বাৰা সোঁফাললৈ বিচ্যুত হৈছে। চৌম্বক ক্ষেত্ৰৰ দিশ কি হ’ব?

উত্তৰঃ উলম্বভাৱে নিম্নমুখী হ’ব।

প্রশ্ন 11. বৈদ্যুতিক মটৰৰ চিহ্নিত চিত্র আঁকা। ইয়াৰ মূলনীতি আৰু কাৰ্যপ্রণালী ব্যাখ্যা কৰা। বৈদ্যুতিক মটৰত ফলা আঙঠিৰ কাম কি ? [HSLC 2019]

উত্তৰঃ

বৈদ্যুতিক মটৰৰ মূলনীতিঃ চৌম্বক ক্ষেত্ৰত ৰখা প্ৰবাহযুক্ত পৰিবাহীৰ ওপৰত বল প্রয়োগ হয়। সেয়েহে চৌম্বক ক্ষেত্ৰত ৰখা পৰিবাহী কুণ্ডলী এটাত এক ঘূর্ণনৰ সৃষ্টি হয়।

বৈদ্যুতিক মটৰৰ কাৰ্যপ্রণালী : ধৰা হ’ল ABCD কুণ্ডলীত প্রবাহ ABCD দিশত বয়। অর্থাৎ AB বাহুত প্ৰবাহৰ দিশ A ৰ পৰা B লৈ আৰু CD বাহুত এই প্ৰবাহৰ দিশ C ৰ পৰা D লৈ। এতিয়া ফ্লেমিঙৰ বাঁওহতীয়া নীতি প্ৰয়োগ কৰি পাওঁ যে AB বাহুত প্ৰয়োগ হোৱা বলৰ দিশ নিম্নমুখী আৰু CD বাহুত প্ৰয়োগ হোৱা বলৰ দিশ ঊর্ধ্বমুখী। ইয়াৰ ফলত ABCD কুণ্ডলীয়ে ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰিবলৈ আৰম্ভ কৰে।

এতিয়া কুণ্ডলীটোৱে আধা পাক ঘূৰাৰ পিছত ফলা আঙঠিৰ P অংশটো ব্ৰাছ Y ৰ লগত আৰু Q অংশটো ব্ৰাছ X ৰ লগত সংযুক্ত হ’ব সেয়েহে এইবাৰ প্রবাহ কুণ্ডলাটোত DCBA দিশত ৰব। এতিয়া ফ্লেমিঙৰ বাঁওহতীয়া নীতি প্রয়োগ কৰি পাওঁ যে AB বাহুত এইবাৰ প্ৰয়োগ হোৱা বলৰ দিশ হ’ব ঊর্ধ্বমুখী আৰু CD বাহুত প্রয়োগ হোৱা বলৰ দিশ হ’ব নিম্নমুখী।

এনেদৰে কুণ্ডলীটোৱে প্ৰতি আধা পাক ঘূৰাৰ মূৰে মূৰে কুণ্ডলীত প্ৰবাহৰ দিশ বিপৰীতমুখী হ’ব, যাৰ ফলত AB আৰু CD বাহুত প্ৰয়োগ হোৱা বলৰ দিশো বিপৰীতমুখী হ’ব। ইয়াৰ ফলত কুণ্ডলীটোৱে একেটা দিশত অবিৰতভাৱে ঘূৰি থাকিব।

বৈদ্যুতিক মটৰত ফলা আঙঠিৰ কাম হ’ল দিক পৰিৱৰ্তক হিচাপে কাম কৰা। ফলা আঙঠিটোৱে কুণ্ডলীটোৰ প্ৰতি আধা পাকৰ মূৰে মূৰে কুণ্ডলীত প্ৰবাহৰ দিশ বিপৰীতমুখী কৰে (ABCD/DCBA), যাৰ বাবে প্ৰতি আধা পাকৰ মূৰে মূৰে কুণ্ডলীৰ বাহু দুটাত (AB আৰু CD) প্ৰয়োগ হোৱা বলৰ দিশো বিপৰীতমুখী হয়। ইয়াৰ ফলত কুণ্ডলীটোৱে -একেটা দিশতে অবিৰতভাৱে ঘূৰি থাকে।

প্রশ্ন 12. বৈদ্যুতিক মটৰ ব্যৱহৃত হোৱা কেইবিধমান সঁজুলিৰ নাম লিখা।

উত্তৰঃ বৈদ্যুতিক পাংখা, ৰেফ্রিজাৰেটৰ, মিক্সাৰ, কাপোৰ ধোৱা মেচিন, কম্পিউটাৰ, এম. পি. থ্রী প্লেয়াৰ আদি ।

প্রশ্ন 13. অন্তৰিত তামৰ তাঁৰৰ কুণ্ডলী এটা গেলভেন’মিটাৰ এটাৰ লগত সংযোগ কৰা হৈছে। যদি এডাল দণ্ড চুম্বক (i) কুণ্ডলীৰ ভিতৰলৈ ঠেলি দিলে, (ii) কুণ্ডলীৰ ভিতৰৰ পৰা আঁতৰাই আনিলে, (iii) কুণ্ডলীৰ অন্তৰ্ভাগত স্থিতিশীল অৱস্থাত ৰাখিলে কি হ’ব?

উত্তৰঃ (i) গেলভেন’মিটাৰ কাঁটাই বিক্ষেপণ দেখুৱাব, কাৰণ এই ক্ষেত্ৰত কুণ্ডলীত প্ৰবাহ আৱিষ্ট হ’ব।

(ii) গেলভেন’মিটাৰৰ কাঁটাই বিক্ষেপণ দেখুৱাব, কিন্তু আগৰবাৰৰ বিপৰীত দিশত। কাৰণ এই ক্ষেত্ৰত উৎপন্ন আৱিষ্ট প্ৰবাহৰ দিশ আগৰবাৰৰ বিপৰীত হ’ব।

(iii) গেলভেন’মিটাৰৰ কাঁটাই বিক্ষেপণ নেদেখুৱায়, কাৰণ এই ক্ষেত্ৰত কুণ্ডলীত আৱিষ্ট প্ৰবাহৰ সৃষ্টি নহয় ৷

প্রশ্ন 14. দুটা বৃত্তাকাৰ কুণ্ডলী A আৰু B পৰস্পৰ ওচৰা-উচৰিকৈ ৰখা হৈছে। A কুণ্ডলীত প্রবাহ পৰিৱৰ্তন হ’লে B কুণ্ডলীত প্রবাহ আৱিষ্ট হ’বনে? কাৰণ দৰ্শোৱা ৷ [HSLC 2022]

উত্তৰঃ হ’ব। কাৰণ কুণ্ডলী A ৰ চাৰিওফালে প্ৰবাহৰ বাবে এখন চৌম্বক ক্ষেত্ৰৰ সৃষ্টি হ’ব। সেয়ে কুণ্ডলী A ত প্ৰবাহ সলনি হ’লে ইয়াৰ লগত জড়িত চৌম্বক ক্ষেত্ৰৰ মানো সলনি হ’ব। ইয়াৰ বাবে কুণ্ডলী A ৰ ওচৰত ৰখা কুণ্ডলী B ৰ মাজেৰে পাৰ হৈ যোৱা কুণ্ডলী A ৰ বাবে উৎপন্ন চৌম্বক বলৰেখাৰ সংখ্যাৰ সলনি ঘটিব। এনেদৰে কুণ্ডলী B ৰ মাজেৰে পাৰ হৈ যোৱা চৌম্বক বলৰেখাৰ সংখ্যাৰ সলনিয়ে কুণ্ডলী B ত প্রবাহ আৱিষ্ট কৰিব।

প্রশ্ন 15. (1) বাহযুক্ত পোন পৰিবাহীৰ কেউফালে সৃষ্টি হোৱা প (ii) চৌম্বক ক্ষেত্র এখনৰ লম্বভাবে স্থাপন কৰা প্রবাহযুক্ত পোন পরিবাহী এভালে অনুভব কৰা বল আৰু (iii) চৌম্বক ক্ষেত্র এখনত ঘূৰাওঁতে কুণ্ডলীত আবিষ্ট প্রবাহৰ দিশ নির্ণয় কৰাৰ নিয়ম উল্লেল্লখ কৰা। [HSLC 2016]

উত্তৰঃ (i) সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি: এই নীতি অনুসৰি আমি যদি আমাৰ সোঁহাতেৰে প্ৰবাহযুক্ত পৰিবাহী এডাল এনেকৈ খামুচি ধৰাৰ কল্পনা কৰোঁ, যাতে আমার বুঢ়া আঙুলিটো প্ৰবাহৰ দিশত থাকে, তেন্তে আমাৰ বাকীকেইটা আঙুলিৰ ভাঁজে পৰিবাহীৰ কেউকাষে উৎপন্ন হোৱা চৌম্বক ক্ষেত্ৰৰ দিশক সূচাব।

(ii) ফ্লেমিঙৰ বাঁওহতীয়া নীতি: এই নীতি অনুসৰি আমি যদি আমাৰ বাঁওহাতৰ বুঢ়া আঙুলি, তর্জনী আঙুলি আৰু মধ্যমা আঙুলি পৰস্পৰ লম্ব দিশত এনেদৰে প্ৰসাৰিত কৰো যাতে তৰ্জনী আঙুলি আৰু মধ্যমা আঙুলি ক্ৰমে চৌম্বক ক্ষেত্ৰৰ দিশ আৰু প্ৰবাহৰ দিশত থাকে, তেন্তে আমাৰ বুঢ়া আঙুলিটো পৰিবাহীত প্রয়োগ হোৱা বলৰ দিশত থাকিব।

(iii) ফ্লেমিঙৰ সোঁহতীয়া নীতি: এই নীতি অনুসৰি আমি যদি আমাৰ সোঁহাতৰ বুঢ়া আঙুলি, তর্জনী আঙুলি আৰু মধ্যমা আঙুলি পৰস্পৰ লম্ব দিশত এনেকৈ প্ৰসাৰিত কৰো যাতে আমাৰ বুঢ়া আঙুলি আৰু তৰ্জনী আঙুলি ক্ৰমে কুণ্ডলীৰ গতি (বল) আৰু চৌম্বক ক্ষেত্ৰৰ দিশত থাকে, তেন্তে আমাৰ মধ্যমা আঙুলিটোৱে কুণ্ডলীত আৱিষ্ট প্ৰবাহৰ দিশত থাকিব।

প্রশ্ন 16. চিহ্নিত চিত্ৰৰ সহায়ত এটা বৈদ্যুতিক জেনেৰেটৰ (উৎপাদক) ৰ মূলনীতি আৰু কাৰ্যপ্রণালী বৰ্ণনা কৰা। ইয়াত ব্ৰাছ দুডালৰ কাম কি ? [HSLC 2016, 2020]

উত্তৰঃ

বৈদ্যুতিক জেনেৰেটৰৰ মূল নীতি : বৈদ্যুতিক জেনেৰেটৰ বিদ্যুৎ চুম্বকীয় আৱেশৰ নীতিৰ ওপৰত আধাৰিত। এই নীতি অনুসৰি পৰিবাহী-কুণ্ডলী এটাৰ মাজেৰে পাৰ হৈ যোৱা চৌম্বক বলৰেখাৰ সংখ্যাৰ সলনিয়ে কুণ্ডলীটোত এক আৱিষ্ট বিভৱভেদৰ সৃষ্টি কৰে, যিয়ে কুণ্ডলীটোত এক আৱিষ্ট প্ৰবাহৰ সৃষ্টি কৰে।

বৈদ্যুতিক জেনেৰেটৰৰ কাৰ্যপ্রণালী :

ধৰা হ’ল ABCD কুণ্ডলীটোক ঘড়ীৰ কাঁটাৰ দিশত ঘুৰোৱা হৈছে। অর্থাৎ, AB বাহুত প্রয়োগ হোৱা বলৰ দিশ ঊর্ধ্বমুখী আৰু CD বাহুত প্রয়োগ হোৱা বলৰ দিশ নিম্নমুখী। এতিয়া ফ্লেমিঙৰ সোঁহতীয়া নীতি প্রয়োগ কৰি পাওঁ যে AB বাহুত আৱিষ্ট প্রবাহৰ দিশ A ৰ পৰা B লৈ আৰু CD বাহুত আৱিষ্ট প্ৰবাহৰ দিশ C ৰ পৰা D লৈ। গতিকে কুণ্ডলীটোত আৱিষ্ট প্রবাহ ABCD দিশত বব। সেয়েহে বাহ্যিক বর্তনীটোত প্ৰবাহৰ দিশ হ’ব ব্ৰাছ B2 ৰ পৰা ব্ৰাছ B1 লৈ ।

এতিয়া কুণ্ডলীটোৱে আধা পাক ঘূৰাৰ পিছত AB বাহুত প্রয়োগ হোৱা বলৰ দিশ নিম্নমুখী হোৱাৰ বিপৰীতে CD বাহুত প্রয়োগ হোৱা বলৰ দিশ ঊর্ধ্বমুখী হ’ব। এতিয়া ফ্লেমিঙৰ সোঁহতীয়া নীতি প্ৰয়োগ কৰি পাওঁ যে AB বাহুত আৱিষ্ট প্ৰবাহৰ দিশ B ৰ পৰা A লৈ আৰু CD বাহুত এই প্ৰবাহৰ দিশ D ৰ পৰা Cলৈ ৷ অৰ্থাৎ কুণ্ডলীটোত এইবাৰ প্রবাহ DCBA দিশত ব’ব। ফলত বাহ্যিক বর্তনীত প্ৰবাহৰ দিশ হ’ব ব্ৰাছ B1 ৰ পৰা ব্ৰাছ B2 লৈ। এনেদৰে কুণ্ডলীটোৱে প্ৰতি আধা পাক ঘূৰাৰ মূৰে মূৰে বাহ্যিক বর্তনীটোত চালিত প্ৰবাহৰ দিশ পৰস্পৰ বিপৰীতমুখী হৈ থাকিব (B2 ৰ পৰা B1 /B1 ৰ পৰা B2)।

সেয়েহে এনেদৰে উৎপন্ন হোৱা প্ৰবাহৰ প্ৰকৃতি পৰিৱৰ্তী প্রবাহ (AC)।

বৈদ্যুতিক জেনেৰেটৰত ব্ৰাছৰ কাম : বৈদ্যুতিক জেনেৰেটৰত ব্ৰাছ দুডালৰ কাম হ’ল আয়তাকাৰ কুণ্ডলীটোত উৎপন্ন আৱিষ্ট প্ৰবাহক তলৰ বাহ্যিক বর্তনীটোলৈ কঢ়িয়াই অনা।

প্রশ্ন 17. এটা বৈদ্যুতিক হ্রস্ববর্তনী কেতিয়া সংঘটিত হয়?

উত্তৰঃ যেতিয়া সজীৱ আৰু উদাসীন তাঁৰৰ অবাঞ্ছিত সংযোগ ঘটে।

প্রশ্ন 18. ভূমি সংলগ্ন তাঁৰৰ কাম কি ? ধাতুৰ সঁজুলিবোৰ ভূমি সংলগ্ন কৰাৰ প্ৰয়োজন কিয়?

উত্তৰঃ ভূমি সংলগ্ন তাঁৰ হ’ল এক সুৰক্ষা ব্যৱস্থা যাক বৈদ্যুতিক সঁজুলিসমূহৰ ধাতৱীয় শৰীৰৰ লগত সংযোগ কৰি মাটিৰ যথেষ্ট তলত ধাতুৰ পাত এখনৰ লগত সংযোগ কৰা হয়। ইয়াৰ দ্বাৰা সঁজুলিৰ ধাতৱ শৰীৰলৈ নিঃসৰিত প্ৰবাহক ভূমিলৈ নিয়াৰ বাবে ভূমি সংলগ্ন তাঁৰে এক কম ৰোধৰ পৰিবাহী পথৰ যোগান ধৰে। এনেদৰে এই ব্যৱস্থাই সঁজুলিৰ ধাতৱ শৰীৰৰ বিভৱ ভূমিৰ সৈতে একে (শূন্য ভল্ট) কৰি ৰাখে। ধাতুৰ সঁজুলিবোৰ ভূমি সংলগ্ন কৰাটো প্ৰয়োজনীয় যাতে কিবা কাৰণত সঁজুলিৰ ধাতৱ শৰীৰলৈ প্ৰবাহ নিঃসৰিত হ’লেও, এই সঁজুলি ব্যৱহাৰকাৰীজনৰ শৰীৰলৈ এই প্রবাহ সঞ্চালিত হ’ব নোৱাৰে আৰু তেওঁ প্ৰচণ্ড বৈদ্যুতিক আঘাত নাপায়।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন 1. বৃত্তাকাৰ কুণ্ডলীৰ মাজেৰে প্ৰবাহ চালিত হ’লে সৃষ্টি হোৱা চুম্বকীয় বলৰেখাবোৰ অংকন কৰা। [HSLC 2016]

উত্তৰঃ

প্রশ্ন 2. চিত্ৰত দেখুওৱাৰ দৰে এটা ইলেক্ট্রন এখন চৌম্বক ক্ষেত্ৰত তাৰ লম্বভাৱে সোমাইছে। ইলেক্ট্রনৰ ওপৰত ক্রিয়া কৰা বলৰ দিশ হ’ব— [HSLC 2022]

(a) সোঁফাললৈ

(b) বাঁওফাললৈ

(c) পৃষ্ঠাৰ বাহিৰলৈ

(d) পৃষ্ঠাৰ ভিতৰলৈ

উত্তৰঃ (d) পৃষ্ঠাৰ ভিতৰলৈ

প্রশ্ন 3. বিদ্যুৎ-চুম্বকীয় আৱেশ কি ? [HSLC 2017]

উত্তৰঃ পৰিবাহী কুণ্ডলী এটাৰ মাজেৰে পাৰ হৈ যোৱা চৌম্বক বলৰেখাৰ সংখ্যাৰ সলনিয়ে কুণ্ডলীটোত এক আৱিষ্ট বিভৱভেদৰ সৃষ্টি কৰে, যিয়ে কুণ্ডলীটোত এক আৱিষ্ট প্ৰবাহৰ সৃষ্টি কৰে। এই পৰিঘটনাক বিদ্যুৎ-চুম্বকীয় আৱেশ বোলে।

প্রশ্ন 4, বৈদ্যুতিক মটৰ আৰু বৈদ্যুতিক জেনেৰেটৰৰ মূল পার্থক্য কি? [HSLC 2015]

উত্তৰঃ বৈদ্যুতিক মটৰে বৈদ্যুতিক শক্তিক যান্ত্রিক শক্তিলৈ ৰূপান্তৰিত কৰাৰ বিপৰীতে বৈদ্যুতিক জেনেৰটৰে যান্ত্রিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত কৰে।

প্রশ্ন 5. পৰিৱৰ্তী প্রবাহ জেনেৰেটৰ আৰু প্ৰত্যক্ষ প্রবাহ জেনেৰেটৰৰ মূল পার্থক্য কি? [HSLC 2017]

উত্তৰঃ পৰিৱৰ্তী প্রবাহ জেনেৰেটৰত দুটা শিল্প ৰিং (slip ring) ব্যৱহাৰ হোৱাৰ বিপৰীতে প্রত্যক্ষ প্রবাহ জেনেৰেটৰত এটা দিক পৰিৱৰ্তক (ফলা আঙঠি) ব্যৱহাৰ কৰা হয়।

প্রশ্ন 6. বৈদ্যুতিক জেনেৰেটৰত ব্ৰাছৰ কাম কি? [HSLC 2015]

উত্তৰঃ বেদ্যুতিক জেনেৰেটৰত ব্ৰাছৰ কাম হ’ল চৌম্বক ক্ষেত্ৰত ঘূর্ণায়মান আয়তাকাৰ কুণ্ডলীটোত আৱিষ্ট হোৱা প্ৰবাহক তলৰ বাহ্যিক বর্তনীটোলৈ কঢ়িয়াই অনা।

চমু প্রশ্নোত্তৰ

প্রশ্ন 1. বিদ্যুৎ চুম্বকীয় আৱেশৰ পৰিঘটনা দেখুৱাবলৈ এটা কার্যকলাপ বর্ণনা কৰা। [HSLC 2015]

উত্তৰঃ

বহুসংখ্যক পাক থকা এটা তাঁৰৰ কুণ্ডলী AB লোৱা হ’ল । কুণ্ডলীটোৰ মূৰ দুটা এটা গেলভেন’মিটাৰৰ লগত সংযোগ কৰা হ’ল। এডাল শক্তিশালী দণ্ড চুম্বক লৈ ইয়াৰ উত্তৰ মেৰুটো কুণ্ডলীৰ B মূৰৰ ফালে নিয়া হ’ল। গেলভেন’মিটাৰৰ কাঁটাৰ এক ক্ষণস্থায়ী বিক্ষেপণ দেখা যাব।ই কুণ্ডলীটোত এক প্ৰবাহৰ সৃষ্টি হোৱাৰ ইংগিত বহন কৰে। চুম্বকডালৰ গতি বন্ধ কৰি দিয়াৰ লগে লগে গেলভেন’মিটাৰৰ বিক্ষেপণো শূন্য হ’ব। এতিয়া চুম্বকৰ উত্তৰ মেৰুটো কুণ্ডলীৰ পৰা আঁতৰাই নিয়া হ’ল। গেলভেন’মিটাৰৰ কাঁটাই এইবাৰ আগৰবাৰৰ বিপৰীত দিশত বিক্ষেপণ দেখুৱাব। ই কুণ্ডলীত প্ৰবাহৰ দিশ আগৰ দিশৰ ওলোটা হোৱাটো সূচায়। আনহাতে কুণ্ডলীৰ ওচৰত এটা বিন্দুত চুম্বকডাল স্থিতিশীল অৱস্থাত ৰাখি কুণ্ডলীটো চুম্বকৰ উত্তৰ মেৰুৰ ফালে গতি কৰালে গেলভেন’মিটাৰৰ বিক্ষেপণ দেখা যাব। আকৌ কুণ্ডলীটো চুম্বকৰ উত্তৰ মেৰুৰ পৰা আঁতৰাই আনিলে গেলভেন’মিটাৰৰ কাঁটাৰ বিপৰীতমুখী বিক্ষেপণ দেখা যাব। আকৌ যেতিয়া চুম্বক সাপেক্ষে কুণ্ডলীটো স্থিতিশীল অৱস্থাত ৰখা হয়, তেতিয়া গেলভেন’মিটাৰৰ বিক্ষেপণ শূন্য হয়।

এই কাৰ্যকলাপৰ পৰা দেখা যায় যে কুণ্ডলী সাপেক্ষে চুম্বক এডালৰ গতিয়ে কুণ্ডলীটোত এক আৱিষ্ট বিভৱভেদ সৃষ্টি কৰে, যিয়ে কুণ্ডলীটোত এক আৱিষ্ট প্রবাহৰ সৃষ্টি কৰে। এই পৰিঘটনাকে বিদ্যুৎ-চুম্বকীয় আৱেশ বোলে।

Leave a Comment

error: Content is protected !!