Class 10 Assamese Lesson 6 |ছাত্ৰ জীৱন আৰু সমাজসেৱা| Question Answer

Class 10 Assamese Lesson 6 ছাত্ৰ জীৱন আৰু সমাজসেৱা Question Answer

পাঠভিত্তিক প্রশ্নোত্তৰ

প্রশ্ন ১ : চমুকৈ উত্তৰ দিয়া

(ক) লিখকৰ মতে ছাত্ৰজীৱনৰ প্ৰকৃত উদ্দেশ্য কি কি? [HSLC.’17, 20]

উত্তৰ : ছাত্ৰজীৱন শিক্ষাৰ সময়। গতিকে জীৱন্ত সংসাৰৰ বিষয়ে শিক্ষালাভ কৰা গত্ৰৰ প্ৰকৃত উদ্দেশ্য হোৱা উচিত। ছাত্ৰাসকলে জ্ঞান অর্জনতহে মূৰপুতি লাগিব লাগে।

(খ) বর্তমান প্রচলিত শিক্ষাৰ দোষ কি কি?

উত্তৰ : আমাৰ বৰ্তমান শিক্ষা কামৰ নহয়, এয়ে ইয়াৰ ঘাই দোষ।

(গ) ছাত্ৰসকলে কি কি বিষয়ৰ জ্ঞানলাভ কৰি দেশসেৱাত ব্ৰতী হ’ব লাগে?

উত্তৰ : ছাত্ৰসকলে ছাত্ৰ অৱস্থাত যিমান দূৰ পৰা হয় জ্ঞানকৰী, অৰ্থকৰী আৰু কাৰ্যকৰী জ্ঞান লাভ কৰিব লাগিব আৰু পৰিপুষ্ট জ্ঞান আহৰণ কৰি দেশসেৱাত ব্ৰতী হ’ব লাগিব।

তেওঁলোকৰ মনৰ গতি মুকলি হ’বলৈ সুবিধা দি তেওঁলোকক পোহৰলৈ ওলাবলৈ দিব

লাগিব। চেঁচকৰ ডেমডেউকা কৰি ৰাখিলে নহ’ব।

(ঘ) ছাত্ৰসকলে কার্যকৰী শিক্ষা ক’ৰ পৰা কিদৰে লাভ কৰিব পাৰে? [M.Q., HSLC.’16, 17]

উত্তৰ : ছাত্ৰসকলে কাৰ্যকৰী শিক্ষা জ্ঞানৰ ক্ষেত্ৰ হিচাপে গাঁৱতে নিজৰ কাৰ্যক্ষেত্ৰ বাছি ল’ব পাৰে। গ্ৰাম্য জীৱনৰ মাজত বৰ্তি থকা অন্ধসংস্কাৰ, অজ্ঞানতা দূৰ কৰি তেওঁলোকৰ মনবোৰ আধুনিক চিন্তাৰ উপযোগী কৰি তুলিব লাগিব। জ্ঞানৰ উৎকৰ্ষ সাধনৰ যোগেদিহে কাৰ্যকৰী শিক্ষালাভ সম্ভৱ |

(ঙ) লিখকৰ মতে দেশৰ প্ৰকৃত উন্নতি কৰা মানে কিহৰ উন্নতি কৰা?

উত্তৰ : লিখকৰ মতে দেশৰ প্ৰকৃত উন্নতি কৰা মানে গাঁৱৰ উন্নতি কৰা। গাঁৱত শিক্ষা বিস্তাৰ কৰা, গাঁৱলীয়া লোকসকলৰ নিজ সন্মান আৰু দায়িত্বৰ কথা সোঁৱৰাই দিয়া ৷

প্রশ্ন ২ : ছাত্ৰজীৱনৰ প্ৰকৃত উদ্দেশ্য সফল কৰিবলৈ ছাত্ৰসকলে শিক্ষাৰ সময়ছোৱাত কোনবোৰ পন্থা অৱলম্বন কৰিব পাৰে? দেশ সেৱাত ব্ৰতী হ’বলৈ ছাত্ৰজীৱনত বহুমুখী শিক্ষাৰ প্ৰয়োজনীয়তা সম্বন্ধে আলোচনা কৰা।

উত্তৰ : একাগ্রতা শিক্ষা জীৱনৰ সফলতাৰ ঘাই মন্ত্ৰ। অধ্যয়নৰ সময়ত শিক্ষাৰ্থীৰ মনৰ গতি একমুখী হ’ব লাগিব। বহুমুখী হ’লে ছাত্ৰৰ একাগ্ৰতাত ব্যাঘাত জন্মে আৰু অধ্যয়নত সফলতা লাভ কৰাটো সম্ভৱ নহয় ৷ তেওঁলোকে ঘৰুৱা জঞ্জাল কিছুমানত বেছিকৈ মনোনিবেশ কৰিলে নিজৰ অধ্যয়ন অনুশীলনত ব্যাঘাত জন্মিব পাৰে। তেওঁলোকে জ্ঞান অৰ্জনৰ দিশটোত অধিক গুৰুত্ব দিব লাগে।

ছাত্ৰসকলে ছাত্ৰজীৱনৰ সীমাত থাকিয়েই দেশৰ দুৰ্যোগৰ সময়ত প্রৌঢ়সকলৰ কান্ধৰ ভাৰখন দাঙি ল’বলৈ সাজু হ’ব লাগিব। শিক্ষাদানৰ উদ্দেশ্য জ্ঞান অৰ্জনৰ দিশটো সম্পূর্ণ অটুত ৰাখি অতিৰিক্তভাৱে সামাজিক দায়িত্ব পালন কৰিব লাগিব। দেশৰ ভৱিষ্যতৰ স্বাৰ্থতেই ছাত্ৰসকলে নিজৰ ব্যক্তিত্ব বিকশাই তুলিব লাগিব।

তেওঁলোকে জীৱনৰ বাবে প্ৰয়োজনীয়কাৰ্যকৰী জ্ঞান লাভ কৰি দেশসেৱাৰ কাৰণে নিজকে উপযুক্ত কৰি তুলিব লাগিব। তেওঁলোকে মুকলি মনেৰে দেশৰ সেৱাৰ কাৰণে আগবাঢ়ি আহিবৰ বাবে সুযোগ আগবঢ়াই দিব লাগিব। সমাজৰ পৰা অজ্ঞান-অন্ধকাৰ, অন্ধবিশ্বাস, কুসংস্কাৰ দূৰ কৰিবৰ কাৰণে তেওঁলোকে গাঁওসমূহত জাগ্ৰত প্ৰহৰীৰ দৰে কাম কৰিব লাগিব। তেওঁলোকে অশিক্ষিত লোকসকলক অন্ধসংস্কাৰৰ বিষয়ে সচেতন কৰি তেওঁলোকৰ মনবোঁৰ মুকলি কৰিব লাগিব।

প্রশ্ন ৩ : এইখিনি কাম তেওঁলোকৰ কাৰ্যকৰী শিক্ষাৰ একোটা পাঠ মাথোন।’ কোনখিনি কাম তেওঁলোকৰ (ছাত্ৰ-ছাত্ৰীসকলৰ) কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ, বুজাই লিখা। [HSLC.’18, ’22]

উত্তৰ : কাৰ্যকৰী শিক্ষাৰ ঠাইস্বৰূপে আমাৰ ছাত্ৰসকলে সম্প্ৰতি গাঁৱতে নিজৰ কাৰ্যক্ষেত্র কৰি ল’ব পাৰে। এই কুৰি শতিকাৰ মাজভাগতো আমাৰ দেশত অজ্ঞানতাই নির্বিবাদে ৰাজত্ব কৰিছে, ইয়াতকৈ আৰু ধিক্কাৰৰ কথা কি হ’ব পাৰে? আজিৰ স্বাধীন আৰু উন্নত দেশবোৰ তিনি চাৰিশ বছৰৰ আগেয়ে যি অৱস্থাত আছিল আমাৰ দেশৰ অধিকাংশ লোক আজিও এই অৱস্থাত।

আমাৰ গাঁওবোৰত মাথোন আমাৰ পুৰণি সভ্যতা, শিক্ষা আৰু সাধনাৰ অলপ অৱশেষ দেখিবলৈ পোৱা যায়; কিন্তু অনেক দিনৰ অজ্ঞানতাই সেই সভ্যতাক ম্লান কৰি সেই শিক্ষা আৰু সাধনাক অৰ্থহীন কৰি তুলিছে। বর্তমান গাঁওসমূহত অজ্ঞানতাৰ বশৱৰ্তী হৈ মানুহে উদৰ পূৰ্ণকে জীৱনৰ একান্ত কৰ্তব্য ৰূপে বিবেচনা কৰিবলৈ লৈছে।

ফলত নিজৰ পৰিয়ালৰ সদস্যৰ বাহিৰে তেওঁলোকে আনৰ মৰম নুবুজে। এচিকটা মাটিৰ কাৰণে ভায়ে ভায়ে কাজিয়া কৰি কাছাৰী ঘৰলৈ দৌৰাদৌৰি কৰাটো অশুভ লক্ষণ। উন্নতিৰ চিন্তা নকৰি তেওঁলোকে কোনোমতে পেটে- ভাতে খাই থকা চিন্তাতেই মগ্ন হৈ থাকে। ফলত কুৰ্চট- কপট ভাবে গাঁওবোৰ খুলি খুলি খাইছে। তেওঁলোকে নিজেও আগুৱাব নিবিচাৰে, আনকো উধাবলৈ নিদিয়ে।

শস্যৰ উৎপাদন বৃদ্ধি, উন্নত গো-প্রজনন, উৎপাদন বৃদ্ধি আদিৰ যোগেদি নিজৰ পাৰ্থিৱ অৱস্থা টনকিয়াল কৰাৰ চিন্তাত তেওঁলোকে মনোনিবেশ কৰা নাই । লেখকে দেখুৱাইছে যে ছাত্ৰ-ছাত্ৰীসকলে গাঁৱৰ নিৰক্ষৰ জনসাধাৰণক অন্ধবিশ্বাস, কুসংস্কাৰ আদিৰ পৰা মুক্ত কৰি বাহিৰৰ জগতখনৰ সৈতে পৰিচয় কৰাই দিব লাগিব।

মানুহৰ মনৰ পৰা সংকীৰ্ণ ভাব দূৰ কৰিব লাগিব। নানা ধৰণৰ সদুপদেশেৰে তেওঁলোকৰ মনবোৰ বিকশাই তুলিবলৈ যত্ন কৰিব লাগিব। এনেদৰেই শিক্ষাৰ্থীয়ে কাৰ্যকৰী শিক্ষালাভ কৰিব পাৰে।

পশ্চিমীয়া সভ্যতা-সংস্কৃতিৰ ফলস্বৰূপে সামাজিক জীৱন পদ্ধতিলৈ অহা নিত্য নতুন পৰিৱেশ পৰিস্থিতিৰ বিৰুদ্ধে নিৰক্ষৰ জনসাধাৰণক সচেতন কৰি দি স্বাস্থ্যসন্মত আৰু গতিশীল জীৱনবোধৰ প্ৰতি আগ্ৰহী কৰি তোলাত ছাত্ৰসকলে কাৰ্যকৰী ভূমিকা গ্ৰহণ কৰিব পাৰে।

প্রশ্ন ৪: আমাৰ দেশৰ অধিকাংশ লোক আজিও কেনে অৱস্থাত আছে পাঠটোৰ আধাৰত বুজাই লিখা।

[HSLC. 20]

উত্তৰ: আমাৰ দেশৰ অধিকাংশ লোক আজিও অজ্ঞানতাৰ আন্ধাৰত ডুব গৈ আছে। গাঁওবোৰত মাথোন পুৰণি সভ্যতা, শিক্ষা আৰু সাধনাৰ অলপ অৱশেষ দেখিবলৈ পোৱা যায়; কিন্তু অনেক দিনৰ অজ্ঞতাই সেই সভ্যতাক অসভ্যতা, সেই শিক্ষণক অশিক্ষা আৰু সেই সাধনাক কপটতাত পৰিণত কৰিছে। আজি গাঁও অজ্ঞানতা আৰু কু-সংস্কাৰৰ লীলাভূমি।

গাহৰিৰ দৰে পেট পুহি থকাটোকে জীৱনৰ লক্ষ্য বুলি ভাবিছে। নিজৰ ঘৈণী আৰু ল’ৰা- ছোৱালীৰ বাহিৰে আনৰ মৰম নুবুজে, এচিকটা মাটিৰ কাৰণে ভায়ে ভায়ে কটা-কটি, মৰা- মৰি হৈছে। বহুতেই কানি, ভাং, মদ আদিত মজি আছে। চাৰিওফালে দেশত কত কি ঘটিছে ক’ব নোৱাৰে।

প্রশ্ন ৫ : ‘গাঁও একেধাৰে নগৰৰ জনক-জননী’- কথাষাৰৰ তাৎপর্য ব্যাখ্যা কৰা।

উত্তৰ : গাঁও একেধাৰে নগৰৰ জনক-জননী। কারণ গাঁৱেই মাতৃৰূপে নগৰক জন্ম দি পিতৃৰূপে পালন কৰিছে। গাঁৱৰ মানুহেই শিক্ষিত, ধনী-মানি হৈ নগৰ সৃষ্টি কৰে, নগৰত সকলো সা-সুবিধা, ব্যৱস্থা আদি কৰি লয়। আনহাতে গাঁৱৰ মানুহেই খেতি-বাতি কৰি, গৰু-গাই পুহি নানা খাদ্যসম্ভাৰ নগৰক যোগান ধৰি লালন-পালন কৰে। সেই কাৰণে গাঁৱক একেধাৰে নগৰৰ জনক-জননী অর্থাৎ পিতৃ-মাতৃ বুলি কোৱা হয়।

প্রশ্ন ৬ : ব্যাখ্যা কৰা :

(ক) পঢ়াই, পঢ়ে, ৰোৱে পাণ এই তিনি নিচিন্তে আন। [M.Q.2015, HSLC.19]

উত্তৰ: উদ্ধৃত পটন্তৰটি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ডিম্বেশ্বৰ নেওগ বিৰচিত ছাত্ৰজীৱন আৰু সমাজসেৱা’ শীৰ্ষক পাঠটিৰ পৰা তুলি দিয়া হৈছে। উদ্ধৃত নীতি বচনটোত ‘পঢ়া’ শব্দটোৱে কেৱল কিতাপৰ পৰা দুটামান পাঠ আওৰোৱাকে বুজোৱা নাই। ইয়াত পঢ়া শব্দই শিক্ষালাভ কৰা কথাক বুজাইছে। পঢ়োৱাসকল হৈছে শিক্ষক। তেওঁলোকো ছাত্ৰক পঢ়াবৰ কাৰণে নিয়মিত অধ্যয়ন কৰিব লাগিব।

অধ্যয়ন আৰু অনুশীলনৰ ধাৰাবাহিকতাই শিক্ষকসকলক জ্ঞানদানৰ কাৰণে প্ৰস্তুত কৰাৰ লগে লগে শিক্ষাৰ্থীৰ সন্দেহ ভঞ্জনতো সহায় কৰে। ‘ৰোৱা পাণ’ অৰ্থাৎ খেতিয়কসকলেও নিষ্ঠাৰে কৃষিকৰ্মত আত্মনিয়োগ কৰিব লাগিব। তেতিয়াহে দেশৰ অৰ্থনৈতিক ভেটি টনকিয়াল হ’ব।

ছাত্ৰসকলে এনেদৰে অধ্যয়ন বাদ দি ঘৰুৱা জঞ্জাল কিছুমান মূৰ পাতি ল’লে অথবা বাহিৰৰ কোলাহলত মন দিলে এক প্ৰকাৰে পঢ়া-শুনা কৰিব নোৱাৰে। ছাত্ৰসকলৰ মনৰ গতি একমুখী হ’লৈহে প্রকৃত শিক্ষালাভ সম্ভৱ। অনুৰূপভাৱে শিক্ষক আৰু কৃষকসকলেও অন্য চিন্তাৰ পৰা মুক্ত হৈ নিজ নিজ কৰ্তব্যত অগ্ৰসৰ হ’ব লাগিব।

(খ) কমাৰশালত গঢ়িবলৈ হ’লে আগতে জুইশালত গঢ়িব লাগিব। সাঁতুৰিবলৈ শিকিবলৈ হ’লে পানীত ননমাকৈ নহয়।

উত্তৰ: উদ্ধৃত পটন্তৰটি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ডিম্বেশ্বৰ নেওগৰ ‘ছাত্ৰজীৱন আৰু সমাজসেৱা’ শীৰ্ষক পাঠটিৰ পৰা তুলি দিয়া হৈছে। ছাত্ৰজীৱনৰ শিক্ষা দৰাচলতে জীৱন্ত সংসাৰৰ বিষয়ে শিক্ষা। কমাৰশালত গঢ়িবলৈ হ’লে আগতে জুইশালত গঢ়ি চাব লাগিব। কাৰণ কমাশালত কঠোৰতা আৰু কঠিনতাৰ মুখামুখি হ’ব পৰাকৈ জুইশালতেই প্ৰাৰম্ভিক ধৈৰ্য্য, কষ্টসহিষ্ণুতা আহৰণ কৰিব লাগিব।

তেতিয়াহে কঠিন কামলৈ অগ্ৰসৰ হ’ব পাৰিব। শিক্ষাৰ্থীসকলে চাই চাই কোনো শিক্ষা লাভ কৰিব নোৱাৰে। শিক্ষালাভৰ কাৰণে ব্যৱহাৰিক জ্ঞান লাভ কৰিবই লাগিব। সাঁতুৰিবলৈ শিকিবলৈ হ’লে যেনেকৈ পানীত নমা আৱশ্যক, তেনেদৰে দূৰৈৰ পৰা চাই কোনো ধৰণৰ শিক্ষালাভ সম্ভৱ নহয়। বাস্তৱৰ ধৰাতললৈ নামি আহিবই লাগিব ।

(গ) এই কলি সময়ত বিকশিত হৈ ফুল আৰু তাৰ পিছত ফল হৈ মাতৃপূজাত লাগে। কাইট কলিতে এইসকলৰ পূজাৰ উপাচাৰ স্বৰূপে মাতৃয়ে গ্ৰহণ নকৰে।’

উত্তৰঃ উদ্ধৃত বাক্যাংশ আমাৰ পাঠ্যপুথি ‘সাহিত্য সুবাস’ৰ অন্তৰ্গত ডিম্বেশ্বৰ নেওগ বিৰচিত ‘ছাত্ৰজীৱন আৰু সমাজসেৱা’ শীৰ্ষক পাঠটিৰ পৰা তুলি দিয়া হৈছে। ছাত্ৰসকলে নিজৰ সিমাবদ্ধতা সম্পর্কে সতর্ক হৈ কামত অগ্ৰসৰ হ’ব লাগিব। ছাত্ৰসকলেই হৈছে দেশৰ ভৱিষ্যৎ, আশা ভৰসাৰ কলি। এই কলি সময়ত বিকশিত হৈ প্ৰথমে ফুল আৰু তাৰ পিছত ফল হৈ মাতৃপূজাত লাগে।

পূজাৰ কাৰণে যেনেদৰে ফুলৰ কলিৰ প্ৰয়োজন নহয়, ঠিক তেনেদৰে পৰিপক্ক জ্ঞান লাভ নকৰাকৈ ছাত্ৰসকলেও দেশৰ বিশেষ উন্নতি কৰিব নোৱাৰে। জ্ঞানবৃক্ষৰ কলিসমূহ পত্রে-পুষ্পে বিকশিত হৈ ফলত পৰিণত হ’লেহে সেই ফুল আৰু ফল দেৱতাৰ পূজাত অৰ্পিত হয় ।

দেশসেৱাৰ কাৰণে ছাত্ৰসকলেও নিজৰ জ্ঞান বিকশাই তুলিব লাগিব। যেনেদৰে মাতৃয়ে কাঁইট-কলিতে পূজাৰ উপাচাৰ গ্ৰহণ নকৰে, তেনেদৰে ছাত্ৰসকলেও দেশসেৱাৰ কাৰণে জ্ঞানকৰী, কাৰ্যকৰী জ্ঞান আহৰণ কৰি লোৱাটো বাঞ্ছনীয়।

মুঠতে ছাত্ৰসকলে নিজকে দেশসেৱাৰ কাৰণে উপযুক্ত ৰূপে গঢ়ি তুলিবৰ কাৰণে উপযুক্ত জ্ঞান আহৰণ কৰিব লাগিব আৰু সেয়া অধ্যয়ন আৰু অনুশীলনৰ যোগেদিহে সম্ভৱ।

(ঘ) ‘নৰ সেৱাই প্ৰকৃত নাৰায়ণ সেৱা।’

উত্তৰঃ উদ্ধৃত পটন্তৰটি আমাৰ পাঠ্যপুথি ‘সাহিত্য-সুবাস’ৰ অন্তৰ্গত ডিম্বেশ্বৰ নেওগৰ ‘ছাত্ৰ-জীৱন আৰু সমাজসেৱা’ শীৰ্ষক পাঠটিৰ পৰা তুলি দিয়া হৈছে।

ছাত্ৰসকলে গাঁৱত সোমাই নিজ ঘৰে-ঘৰে গাঁৱৰ অশিক্ষিত লোকসকলক ককাই, দদাই বা দেউতা বুলি সম্বোধন কৰি তেওঁলোকক নিজ অৱস্থাৰ কথা চকুৰ আগত দাঙি ধৰি চকু মুকলি কৰিব লাগিব;, বাতৰি কাকত আৰু জ্ঞান আৰু জগতৰ বাতৰি থকা পুথি পঢ়ি তেওঁলোকৰ অজ্ঞানতা দূৰ কৰিবলৈ যত্ন কৰিব লাগিব, তেওঁলোকৰ মাজৰপৰা কুচুঁট-কপট গুচারলৈচাব লাগিব, গাঁৱত কোনো নৰীয়া আদি হ’লৈ উপদেশেৰে বা আন উপায়েৰে সহায় কৰিব লাগিব, উপদেশেৰে আৰু উদাহৰণেৰে নিজৰ ঘৰ আৰু গাঁওখন একোখন আদর্শ গাঁও কৰিবলৈ চাব লাগিব।

প্ৰকৃততে দেশৰ উন্নতি কৰা মানে গাঁৱৰ উন্নতি কৰা; গাঁৱত শিক্ষা বিস্তাৰ কৰা, গাঁৱলীয়া ‘লোকসকলক নিজ সন্মান আৰু দায়িত্বৰ কথা সোঁৱৰাই দিয়া। পশ্চিমৰ শিক্ষা আৰু সভ্যতাৰ লগত এটি পৱিত্ৰ সাম্য ভাৱৰ ঢৌ আহিছে; সেই সাম্যভাব এতিয়া সকলোৱে প্ৰচাৰ কৰিব লাগিব।

খোৱা-লোৱা, থকা-মেলা সকলো বিষয়ে যে গৰু-পহুৰ জীৱনতকৈ মানুহৰ জীৱন বহু ওখ ভাৱে নিয়াব লাগে সেই কথাও দেখুৱাব লাগিব। এনেবোৰেই ছাত্ৰসকলৰ আহৰি সময়ৰ উপযুক্ত বন আৰু কাৰ্যকৰী দেশ সেৱাৰ শিক্ষা হ’ব। এই সমাজ সেৱা আৰু দেশ সেৱাৰ শিক্ষাই প্রকৃত শিক্ষা। এই নৰ সেৱাই প্রকৃত নাৰায়ণ সেৱা।

ভাষা বিষয়ক প্রশ্ন :

প্রশ্ন ১ : বিপৰীত শব্দ লিখা।

নিষ্কর্মা-কর্মী
ত্রুটী-ত্রুটীহীন
সহযোগিতা-প্রতিযোগিতা
দেশহিতৈষীতা-দেশদ্রোহীতা
প্রৌঢ়-অপ্রৌঢ়, কিশোৰ।

প্রশ্ন ২ : সমার্থক শব্দ লিখা।

কাৰ্যকৰী-কার্যক্ষম, সক্রিয়।
প্রকৃত-আচল
সাম্য-সমান
আনমনা-অন্যমনস্ক
অৰ্থকৰী-মূল্যৱান
দুর্দিন-বেয়াদিন
কাপ-কলম
কাকত-কাগজ

প্রশ্ন ৩ : বাক্য ৰচনা কৰা

নীতি-বচন:মহৎ লোকৰ নীতি-বচন মানি চলিব লাগে।
কাপ-কাকত:শিক্ষকে পাঠদান কৰাৰ সময়ত কাপ-কাকত সাজু কৰি ৰাখিব লাগে।
কূৰ্চত কপট:অন্তৰত কাৰোবাৰ প্ৰতি কূৰ্চত-কপট ভাব ৰাখিব নালাগে৷
জনক-জননী:গাঁও একেধাৰে নগৰৰ জনক-জননী।
লোণ-তেল:লোণ-তেল কণেহে ভাতৰ জুতি বঢ়ায়।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১ : অজ্ঞানতাই মানুহৰ জীৱন কেনেদৰে দুখেৰে পৰিপূৰ্ণ কৰি তুলিছে?

উত্তৰ : সকলো লোকে অজ্ঞানতা অচেতন, গাহৰিৰ দৰে পেট পুহি থকাকে বহুতে জীৱনৰ লক্ষ্য বুলি ভাবিছে। নিজৰ ঘৈণী আৰু ল’ৰা-ছোৱালীৰ বাহিৰে আনৰ মৰম নুবুজে, এচিকটা মাটিৰ কাৰণে ভায়ে-ভায়ে কটাকটি, মৰা-মৰি কৰি কাছাৰী ঘৰলৈ আহি পাপৰ বেহা বেহাইছে।

প্রশ্ন ২ : ছাত্ৰসকলে গ্ৰাম্যজীৱনত শিক্ষাৰ প্ৰসাৰ কেনেদৰে কৰিব পাৰে?

উত্তৰ : ছাত্ৰসকলে গাঁৱত সোমাই গাঁৱে গাঁৱে অশিক্ষিত লোকসকলক শিক্ষিত কৰি তুলিব লাগিব। তেওঁলোকৰ মাজৰ পৰা কুচুঁট-কপট গুছাবলৈ চাব লাগিব। গাঁৱত কোনো নৰীয়া আদি হ’লে উপদেশেৰে বা আন উপায়েৰে সহায় কৰিব লাগিব। এনেবোৰ কাম ছাত্ৰৰ কৰ্তব্যৰ ভিতৰুৱা ।

প্রশ্ন ৩ : গাঁও আৰু নগৰৰ অন্তর্নিহিত সম্পর্ক কেনে ধৰণৰ?

উত্তৰ: গাঁও একেধাৰে নগৰৰ জনক জননী। গাঁৱেই মাতৃস্বৰূপে নগৰক জন্ম দি পিতৃস্বৰূপে পালন কৰিছে।

প্রশ্ন ৪ : কি কাৰণে খেতিয়কসকলৰ প্ৰতি যত্নশীল হোৱা বাঞ্ছনীয়?

উত্তৰ : নগৰ যেনেকৈ একে উশাহে সৃষ্টি হৈছে, সেইদৰে একে উশাহে ধ্বংস হ’ব, কিন্তু গাঁও অর্থাৎ খেতিয়ক জাতিটো এবাৰ ধ্বংস পালে তাক সহজে পুনৰ জন্মাব নোৱাৰি।

প্রশ্ন ৫ : প্রকৃত দেশৰ উন্নতি কিহৰ ওপৰত নিৰ্ভৰশীল?

উত্তৰ : প্রকৃত দেশৰ উন্নতি মানে গাঁৱৰ উন্নতি কৰা, গাঁৱত শিক্ষা বিস্তাৰ কৰা, গাঁৱলীয়া লোকসকলক নিজৰ সন্মান আৰু দায়িত্বৰ কথা সোঁৱৰাই দিয়া।

প্রশ্ন ৬ : ছাত্ৰসকলে কেনেদৰে কাৰ্যকৰী দেশসেৱাত নিয়োজিত হ’ব পাৰে?

উত্তৰ: খোৱা-লোৱা, থকা-মেলা সকলো বিষয়তে গৰু-পশুৰ জীৱনতকৈ মানুহৰ জীৱন যে বহু ওপৰৰ সেই কথা দেখুৱাব লাগে। এনেবোৰেই ছাত্ৰসকলৰ উপযুক্ত বন আৰু কাৰ্যকৰী দেশসেৱাৰ শিক্ষা হ’ব।

প্রশ্ন ৭ : প্রকৃত শিক্ষা কি? [HSLC.’17]

উত্তৰ : সমাজ সেৱা আৰু দেশসেৱাৰ শিক্ষাই প্রকৃত শিক্ষা। এই নৰসেৱাই প্ৰকৃত নাৰায়ণৰ সেৱা৷

প্রশ্ন ৮ : একাগ্রতা ছাত্ৰজীৱনৰ বাবে কিয় প্রয়োজনীয় ?

উত্তৰ : একাগ্ৰতা উন্নতিৰ ঘাই মন্ত্ৰ। এই অৱস্থাত মনৰ গতি একমুখী হ’ব লাগে, বহুমুখী হ’লে তেওঁলোকৰ অধ্যয়ন বিঘ্নিত হ’ব পাৰে৷

প্রশ্ন ৯ : জীৱনত উন্নতি কৰিবলৈ হ’লে ছাত্ৰসকল কেনেদৰে আগবাঢ়িব লাগিব ?

উত্তৰ: ছাত্ৰ হৈ ঘৰুৱা জঞ্জাল কিছুমান মূৰত জাপি ল’লে নাইবা বাহিৰত হৈ চৈ কোলাহল আদিত গা ঢালি দিলে তেনে ছাত্ৰই জীৱনত উন্নতি কৰিব নোৱাৰে। এনেবিলাক কথাত কাল আৰু পাত্রভেদে বিচাৰ কৰি চলিব লাগিব।

প্রশ্ন ১০ : অভ্যাসে কেনেদৰে কাৰ্যকৰী শিক্ষালাভত সহায় কৰে?

উত্তৰ: কমাৰশালত গঢ়িবলৈ হ’লে আগতে জুইশালত গঢ়ি চাব লাগিব। সাঁতুৰিবলৈ হ’লে পানীত ননমাকৈ নহয়।

প্রশ্ন ১১ : শিক্ষালাভত অনুশীলনে কেনেদৰে সহায় কৰে?

উত্তৰ: ছাত্ৰসকলে শালিধানৰ বোকামাটিত নেনানিব পাৰে কিন্তু কঠিয়াতলিত হাল জুৰি চাব লাগিব, নহলে তেওঁলোকৰ কোনো শিক্ষাই হ’ব নোৱাৰে। অনুশীলন হৈছে শিক্ষাৰ প্ৰথম আৰু প্ৰধান আহিলা ।

প্রশ্ন ১২ : ছাত্ৰসকলে সমাজসেৱা কৰোঁতে কি দিশত ধ্যান দিয়া উচিত?

উত্তৰঃ ছাত্ৰসকলে সকলোবোৰ কাম ছাত্ৰজীৱনৰ সীমনাত থাকি কৰিব লাগিব, অর্থাৎ শিক্ষালাভ আৰু পঢ়াশুনা অটুত ৰাখি তেওঁলোকে সুবিধা উলিয়াই সমাজৰ উন্নতিৰ চিন্তা কৰিব লাগিব ৷

প্রশ্ন ১৩ : বাক্য ৰচনা কৰা

কৃতকার্য : গভীৰ অধ্যয়নৰ যোগেদিহে ছাত্ৰ জীৱনত কৃতকার্য হ’ব পাৰি।
একাগ্রতা : একাগ্ৰতা উন্নতিৰ ঘাই মন্ত্র।
অনুশীলন : অনুশীলনে সু-অভ্যাস গঠনত সহায় কৰে।
ত্ৰিষ্কাৰ : দুখীয়াক ৰিষ্কাৰ নকৰিবা ৷
পুতৌ :মনগনীয়াক পুতৌ কৰিবা।
হাত-সাৱটি:হাত সাৱটি বহি থাকিলে কোনো কাম নিসিজে।
আশা-ভ্ৰসাৰ কলি : ছাত্ৰসকলেই দেশৰ আশা-ভৰসাৰ কলি।
চেঁচুকৰ ডেমডেউকা : আজিৰ দিনত চেঁচুকৰ ডেমডেউকা হৈ থাকিলে জীৱনত উদ্‌গতি কৰিব নোৱাৰি ।
পেট পুহি থকা :গাহৰিৰ দৰে পেট পুহি থকাটোৱেই জীৱনৰ লক্ষ্য হোৱা উচিত নহয় ৷

প্রশ্ন ১৪ : তলত দিয়া কথাখিনিৰ ভাব সম্প্ৰসাৰণ কৰা—

(অ)‘পঢ়াই, পঢ়ে, ৰোৱে পাণ। এই তিনিয়ে নিচিন্তে আন। [M.Q.2015, HSLC.’16, ’19]

উত্তৰ: শিক্ষক, যিয়ে পঢ়ায় আৰু ছাত্ৰ যিয়ে পঢ়ে আৰু খেতিয়ক, যিয়ে ৰোৱে, অৰ্থাৎ খেতি কৰে, তেওঁলোকে নিচিন্তমনে সেই কামত ব্ৰতী হৈ থাকিলেহে একোখন দেশৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিব পাৰি। পঢ়োৱা কাৰ্যতো অতি টান বিশেষকৈ শিশুৰ শিক্ষাদান। শিশু মনস্তত্ত্বৰ উপযোগীকৈ শিক্ষা প্রদান নকৰিলে সি ফলপ্রসূ নহয়। বয়স অনুপাতে শিক্ষাৰ্থীৰ চিন্তা আৰু অভিজ্ঞতা বেলেগ বেলেগ।

গতিকে তেওঁলোকক শিক্ষা পদান কৰোঁতেও বয়সোপযোগী চিন্তাৰ লগত খাপ খুৱাই শিক্ষা দিব লাগিব। এই তিনিও শ্ৰেণীৰ লোক সকলো ধৰণৰ বাহ্যিক চিন্তাৰ পৰা মুক্ত হৈ নিজৰ কৰ্তব্যত মনোনিবেশ কৰিব পাৰিলেই দেশৰ মঙ্গল।

বৰ্তমান সময়ত বিভিন্ন আর্থ-সামাজিক আৰু ৰাজনৈতিক কাৰণত শিক্ষক, ছাত্ৰ আৰু কৃষক কোনোৱেই মনপুতি কৰ্তব্যত লাগিব পৰা নাই। তাৰ কাৰণ যিয়েই নহওক, দেশৰ বিকাশ বাধাগ্রস্ত যে হৈছে সেইটো ধুৰূপ ।

(আ) ‘উদৰ সাতপুৰুষ মৰিল কেঁচা মাছ খাই, বান্দৰৰ সাত পুৰুষ মৰিল ডাল কোবাই।’ [HSLC.’19]

উত্তৰ: উদৰ প্ৰিয় খাদ্য হৈছে মাছ। এই প্রাণীবিধে মাছ চিকাৰ কৰে আৰু উদৰ পূৰাই মাছ ভক্ষণ কৰে ৷ পুৰুষানুক্ৰমে উদে এই বৃত্তিকেই পালন কৰি আহিছে। কেঁচা মাছ খোৱাটো উদৰ পুৰুষানুক্রমিক প্রবৃত্তি, গতিকে তাৰ পৰিৱৰ্তন কেতিয়াও সম্ভৱ নহয় ।

আনহাতে বান্দৰে গছৰ ডালত থাকিয়েই জীৱন অতিবাহিত কৰে। ডালে ডালে বগাই ফল-মূল খাই জীৱন ধাৰণ কৰাই বান্দৰৰ স্বভাৱ। এই স্বাভাৱিক ধৰ্মৰ বাবেই বান্দৰৰ জীৱনত কোনো পৰিৱৰ্তন নাই। মানুহৰ দৰে হাত-ভৰি থাকিও বান্দৰে নিজে থকাৰ কাৰণে কোনো ধৰণৰ সা-সুবিধা তৈয়াৰ কৰি ল’ব নোৱাৰে। গতিকে যাৰ যি বংশানুক্রমিক প্রবৃত্তি, সেয়া ধাৰাবাহিকভাৱে চলি থাকে, তাৰ কোনো পৰিৱৰ্তন নহয় ৷

প্রশ্ন ১৫ : পাঠটোত থকা খণ্ডবাক্যসমূহ বাছি উলিওৱা।

উত্তৰ :

মন বুৰি থকা (মন মগ্ন হৈ থকা)

পেটে কলমলোৱা (খুব ভোক লগা)

হাত উজান দিয়া (সহায়-সহযোগিতা আগবঢ়োৱা)

হাত-সাৱটি বহি থকা (নিষ্কর্মা হৈ থকা, একো কাম নকৰা)

আশা-ভৰসাৰ কলি (ভৱিষ্যতৰ সম্ভাৱনা, ভৱিষ্যৎ)

পেট পুহি থকা (কেৱল খোৱাৰ চিন্তাত থকা)

লাজ নিবাৰণ কৰা (কাপোৰ পিন্ধা, কোনোমতে দেহ ঢাকি ৰখা)

লোকৰ হাত-মুখলৈ চোৱা (দিব খাম বুলি বাট চাই থকা)

প্রশ্ন ১৬ : পাঠটিৰ পৰা প্ৰবচন যুক্ত বাক্যবোৰ বাছি উলিওৱা।

বাক্য: কমাৰশালত গঢ়িবলৈ হ’লে আগতে জুইশালত গঢ়ি চাব লাগিব ।

উত্তৰ:

(১) জুইশালত গঢ়িলেহে কমাৰশালত গঢ়িব পাৰি।

(২) উদৰ সাতপুৰুষ মৰিল কেঁচা মাছ খাই।

(৩) বান্দৰৰ সাতপুৰুষ মৰিল ডাল কোবাই।

প্রশ্ন ১৭ : “গাঁও একেধাৰে নগৰৰ জনক-জননী”— লিখকে গাঁৱক কিয় নগৰৰ জনক-জননী বুলি কৈছে বুজাই লিখা।[HSLC.’16]

উত্তৰ : লেখকৰ মতে গাঁও হৈছে নগৰৰ জনক-জননী। কিয়নো নগৰৰ সৃষ্টি গাঁৱৰ লোকসকলৰ দ্বাৰাই হৈছে। গাঁৱৰ লোকেই মাতৃস্বৰূপে নগৰক জন্ম দি পিতৃস্বৰূপে পালন কৰিছে। গাঁৱৰ কৃষকসকলে খেতি-বাতি কৰি নগৰলৈ খাদ্যৰ যোগান ধৰে। সেয়ে ক’ব পাৰি গাঁৱেই হৈছে নগৰৰ পিতৃ আৰু মাতৃ ।

প্রশ্ন ১৮ : অতি চমু উত্তৰ দিয়া :

(ক) আমাৰ শিক্ষাৰ বৰ্তমান দোষ কি?

উত্তৰ : আমাৰ বৰ্তমান শিক্ষা কামৰ শিক্ষা নহয়।

(খ) দেশৰ দুর্দিনত ডেকাসকলে কি কৰা উচিত?

উত্তৰ: দেশৰ দুর্দিনৰ সময়ত ডেকাসকলে প্রৌঢ়সকলৰ কান্ধৰ ভাৰখন দাঙি ল’বলৈ সাজু থাকিব লাগিব।

(গ) কাৰ্যকৰী শিক্ষাৰ কাৰণে ছাত্ৰই কি কৰা উচিত?

উত্তৰ : কাৰ্যকৰী শিক্ষাৰ বাবে ছাত্ৰসকলে গাঁৱৰ নিৰক্ষৰতা দূৰীকৰণ, অন্ধবিশ্বাস- কুসংস্কাৰ ইত্যাদিৰ নিৰ্মূলত অংশগ্ৰহণ কৰিব লাগে। উপদেশ আৰু উদাহৰণেৰে গাঁৱলীয়া জীৱনৰ সংস্কাৰমুক্ত কৰাত আগভাগ ল’ব পাৰে।

(ঘ) ডিম্বেশ্বৰ নেওগে ৰচনা কৰা সাহিত্যৰ বুৰঞ্জীবোৰ কি কি?

উত্তৰ : আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জী, অসমীয়া সাহিত্যৰ বুৰঞ্জীত এভুমুকি, নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী, ইত্যাদি।

(ঙ) ডিম্বেশ্বৰ নেওগৰ জন্ম কেতিয়া আৰু ক’ত হৈছিল ?

উত্তৰ: ১৮৯৯ খ্ৰীঃত শিৱসাগৰৰ ওচৰৰ কমাৰফদীয়া গাঁৱত নেওগ ডাঙৰীয়াৰ জন্ম হয়।

(চ) ডিম্বেশ্বৰ নেওগৰ পিতৃৰ নাম কি ?

উত্তৰ : মাণিকচন্দ্ৰ নেওগ।

(ছ) নেওগে ক’ৰ পৰা স্নাতক ডিগ্রী লাভ কৰে?

উত্তৰ : গুৱাহাটীৰ কটন কলেজৰ পৰা ১৯২৪ চনত নেওগে বিজ্ঞানৰ স্নাতক (বি. এছ. চি) ডিগ্রী লাভ কৰে।

(জ) ডিম্বেশ্বৰ নেওগে কেতিয়া চাকৰিৰপৰা অৱসৰ গ্ৰহণ কৰে?

উত্তৰ : অসমৰ বিভিন্ন ঠাইৰ চৰকাৰী হাইস্কুলত শিক্ষকতা কৰি শেষত যোৰহাট নৰ্মাল স্কুলৰ পৰা নেওগে ১৯৫১ চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে।

(ঝ) ডিম্বেশ্বৰ নেওগে কেতিয়া আৰু ক’ৰ পৰা স্নাতকোত্তৰ ডিগ্রী লাভ কৰে।

উত্তৰ : ডিম্বেশ্বৰ নেওগে ১৯৪০ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা প্রথম স্থান অধিকাৰ কৰি অসমীয়াত স্নাতকোত্তৰ ডিগ্ৰী (এম. এ.) পৰীক্ষাত উত্তীর্ণ হয়।

(ঞ) অসমীয়া সাহিত্যত নেওগ কিৰূপে পৰিচিত ?

উত্তৰঃ ডিম্বেশ্বৰ নেওগ অসমীয়া সাহিত্যত কবি, সমালোচক আৰু সাহিত্যৰ ইতিহাস প্ৰণেতা হিচাপে পৰিচিত।

(ট) ডিম্বেশ্বৰ নেওগৰ দ্বাৰা ৰচিত অসমীয়া সাহিত্যৰ বুৰঞ্জী কেইখন কি কি ?

উত্তৰ : অসমীয়া সাহিত্যৰ বুৰঞ্জীত এভুমুকি, আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জী, অসমীয়া সাহিত্যৰ চমু বুৰঞ্জী, আৰু অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ লগতে তেওঁ ইংৰাজী ভাষাত New Light on the History of Asamiya Literature শীৰ্ষক গ্ৰন্থ ৰচনা কৰে।

(ঠ) ডিম্বেশ্বৰ নেওগৰ সমালোচনামূলক দুখন গ্ৰন্থৰ নাম লিখা।

উত্তৰ: নেওগৰ সমালোচনামূলক গ্ৰন্থসমূহৰ ভিতৰত ‘অসমীয়া সাহিত্যৰ জিলিঙনি’, ‘অসমীয়া সাহিত্যৰ জেউতি’, ‘অসমীয়া সাহিত্যৰ অধ্যয়ন’ ইত্যাদি গ্ৰন্থ গুৰুত্বপূৰ্ণ।

(ড.) ডিম্বেশ্বৰ নেওগৰ শংকৰদেৱ বিষয়ক গ্রন্থ দুখন কি কি?

উত্তৰ : ‘বৈষ্ণৱ ধৰ্মৰ আঁতিগুৰি’, ‘যুগনায়ক শংকৰদেৱ’ প্রভৃতি গ্ৰন্থত শ্ৰীশংকৰদেৱ আৰু নৱবৈষ্ণৱ ধৰ্মৰ বিষয়ে বিজ্ঞানসন্মত আলোচনা দাঙি ধৰা হৈছে।

(ঢ) নেওগৰ প্ৰতিভাৰ প্ৰধান দিশসমূহ কি কি?

উত্তৰ: নেওগ একেধাৰে কবি, নাট্যকাৰ, সমালোচক, সাহিত্যৰ ইতিহাস প্রণেতা, শিক্ষাবিদ আৰু সংগঠক।

(ণ) নেওগৰ একমাত্ৰ গল্পপুথিখনৰ নাম লি?

উত্তৰ : ‘দীপাৱলী’ নেওগৰ একমাত্ৰ চুটিগল্পৰ সংকলন।

(ত) নেওগৰ একমাত্ৰ উপন্যাসখনৰ নাম কি?

উত্তৰ : ‘গাঁৱে-নগৰে’ নেওগৰ একমাত্ৰ সামাজিক উপন্যাস।

(থ) নেওগে কেতিয়া মৃত্যুক আঁকোৱালি লয়?

উত্তৰঃ ১৯৬৬ খ্ৰীঃৰ ১২ নৱেম্বৰ তাৰিখে অসমীয়া সাহিত্যৰ অন্যতম সাধক ডিম্বেশ্বৰ নেওগে মৃত্যুক আঁকোৱালি লয়।

(দ) অসমীয়া সাহিত্যত ডিম্বেশ্বৰ নেওগ কি কবিৰূপে পৰিচিত ?

উত্তৰ: অসমীয়া কাব্য সাহিত্যত ডিম্বেশ্বৰ নেওগ ‘ইন্দ্ৰধনু’ৰ কবি ৰূপে পৰিচিত।

(ধ) ডিম্বেশ্বৰ নেওগৰ কবিতা পুথিসমূহৰ নাম কি?

উত্তৰ: ডিম্বেশ্বৰ নেওগৰ কবিতা পুথিসমূহ হ’ল— মালিকা, অসমা, বিচিত্রা, থুপিতৰা, মালতী, থাপনা, মেঘদূত, মুকুতা ইত্যাদি।

(ন) নেওগৰ কবিতাৰ প্ৰধান ধাৰা দুটি কি কি?

উত্তৰ : নেওগৰ কবিতাৰাজিত সাধাৰণতে দুটা ধাৰা চকুত পৰে। এহাতে তেওঁ আবেগত গা ঢালি দিয়া কবি, আনহাতে স্বদেশপ্রেমিক কবি। মুখ্যতঃ তেওঁ প্ৰেমৰ কবি আৰু তেওঁৰ সৰহভাগ কবিতাৰ উৎস হ’ল প্রেম।

(ত) নেওগৰ অনুবাদ কবিতাসমূহ কেনে ধৰণৰ ?

শ্যেলী,

উত্তৰ: নেওগে কেইবাটাও ইংৰাজী কবিতাৰ সৰল অসমীয়া ভাঙনি কৰে। টেনিচন আদিৰ কবিতাৰ ভাঙনিতো নেওগে দক্ষতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে।

(থ) “Growth of Assamese Language” গ্ৰন্থৰ ৰচক কোন? [HSLC.’16]

উত্তৰ : সাহিত্যিক-সমালোচক ডিম্বেশ্বৰ নেওগ।

(দ) ‘অসমীয়া সাহিত্যৰ বুৰঞ্জীত এভুমুকি’ গ্ৰন্থৰ ৰচক কোন?[HSLC.’18, 20]

উত্তৰ: ডিম্বেশ্বৰ নেওগ।

(ধ) কলেজীয়া সময়ৰ পৰাই ডিম্বেশ্বৰ নেওগে কোনখন আলোচনীত প্ৰবন্ধ আৰু কবিতা প্রকাশ কৰে?[HSLC.22]

উত্তৰ: বাঁহী।

প্রশ্ন ১৯ : ছাত্ৰজীৱন আৰু সমাজসেৱা পাঠটিৰ গুৰুত্ব সম্পর্কে লিখা।

উত্তৰ : ছাত্ৰজীৱন আৰু সমাজসেৱা পাঠটি ডিম্বেশ্বৰ নেওগৰ এটি অতি গুৰুত্বপূৰ্ণ প্ৰৱন্ধ৷ ছাত্ৰজীৱনৰ প্ৰধান কাম অধ্যয়ন আৰু জ্ঞানলাভ যদিও তাৰ মাজেৰেই ভৱিষ্যৎ সমাজৰ বাবে প্ৰয়োজনীয় দক্ষতা আহৰণ কৰিব লাগিব। গতিকে, দেশ আৰু জাতিৰ প্রয়োজনত ছাত্ৰ-ছাত্ৰীয়ে অগ্ৰজসকলৰ লগত খোজ মিলাই চলিব লাগিব।

কিন্তু, অধ্যয়ন বাদ দি নহয় । নিজ গাঁৱৰ অন্ধবিশ্বাস, কুসংস্কাৰ দূৰীকৰণৰ যোগেদি তেওঁলোকে সমাজসেৱাৰ পাঠ আহৰণ কৰিব পাৰে।

প্রশ্ন ২০ : “ছাত্রসকল দেশৰ ভৱিষ্যৎ, আশা-ভ্ৰসাৰ কলি।” কথাষাৰৰ তাৎপৰ্য্য ব্যাখ্যা কৰা। [HSLC.’22]

উত্তৰ : ‘ছাত্ৰ জীৱন আৰু সমাজ সেৱা’ নামৰ পাঠটিত লেখকে উল্লেখ কৰা মতে ‘ছাত্ৰসকল দেশৰ ভৱিষ্যত, আশা-ভৰসাৰ কলি।’ এই কথাষাৰৰ তাৎপৰ্য্য বিচাৰ কৰিবলৈ,গৈ লেখকে কৈছে যে, শিশু অৱস্থাত ছাত্ৰ-ছাত্ৰীক ‘দুখীয়াক পুতৌ কৰিবা’ বুলি পঢ়ালেই সেয়া প্রকৃত শিক্ষা নহয় । হাতে কামে সেইটো কৰিলেহে সি শিক্ষাৰূপে গুণ দিব। পুথিগত শিক্ষাই ছাত্ৰ-ছাত্ৰীৰ বাবে যথেষ্ট নহয়।

লেখকৰ মতে বিলাতৰ বিশ্ববিদ্যালয়ত ছাত্ৰই দুখীয়া ছাত্ৰক সহায় কৰে, দেশৰ কোনো আন্দোলন হ’লে পাৰ্যমানে নেতাসকলৰ লগত হাত উজান দিয়ে। আমাৰ ছাত্ৰ-ছাত্ৰীৰ মহৎ কামত সহযোগিতা আৰু দেশহিতৈষী কৰিবৰ সুবিধা নাথাকিলেও সুবিধা উলিয়াই নিজ দেশৰ ঘোৰ দুর্দিনত ছাত্ৰ-ছাত্ৰীসকলেই প্রৌঢ়সকলৰ কান্ধৰ ভাৰখন দাঙি ল’বলৈ সাজু থাকিব লাগিব। সেই অর্থতেই লেখকে ছাত্ৰসকলক দেশৰ ভৱিষ্যতৰ লগতে আশা-ভৰসাৰ কলি ৰূপে অভিহিত কৰিছে।

Leave a Comment

error: Content is protected !!