Class 10 Assamese Lesson 5 |দৃশ্যান্তৰ| Question Answer

পাঠভিত্তিক প্রশ্নোত্তৰ

প্রশ্ন ১। চমু উত্তৰ দিয়া :

(ক) কবিয়ে কিমান বছৰ পিছত মানুহজনক লগ পাইছিল? [HSLC.’16]

উত্তৰ : পঁচিশ বছৰৰ পিছত।

(খ) মানুহজনে কিয় নিজৰ ঘৰ বিচাৰি পোৱা নাছিল ?

উত্তৰ : কুকুৰীকণা হোৱা কাৰণে জোনৰ পোহৰত নিজৰ ঘৰ বিচাৰি পোৱা নাছিল।

(গ) মানুহজনে নিজৰ ঘৰৰ পদূলি ক’ত বিচাৰিছিল ?

উত্তৰ : আলি কেকুঁৰীটোৰ কাষত।

(ঘ) মানুহজনৰ ঘৰৰ দাঁতিত কিহে নমস্কাৰৰ ভংগিত আছিল ?

উত্তৰ : আগলি বাঁহে।

(ঙ) কবিয়ে কেনে সময়ত মানুহজনক লগ পাইছিল ?

উত্তৰ : গধূলি সময়ত।

(চ) নিজৰ ঘৰ বিচাৰি নোপোৱা মানুহজন কি আছিল ? [HSLC.’17]

উত্তৰ : কবিয়ে ‘দৃশ্যান্ত’ৰ কবিতাত বৰ্ণনা কৰা মতে ঘৰ বিচাৰি নোপোৱা মানুহজন আছিল কুকুৰীকণা। পূৰ্ণ জোনৰ পৰিপূৰ্ণ জোনাকৰ পোহৰতো তেওঁৰ পদূলিত থকা পঁজাঘৰটো বিচাৰি নোপোৱাত কবিয়ে তেওঁক হাতত ধৰি আগবঢ়াই দিছিল।

(ছ) কবিয়ে লগ পোৱা বৃদ্ধ কুঁজা মানুহজনক লগ পোৱা আলি-কেঁকুৰিটো কেনে আছিল? [M.Q.2015]

উত্তৰ : কবিয়ে লগ পোৱা মানুহজনক লগপোৱা আলি কেঁকুৰিটো আছিল কেঁচা। কবিয়ে মানুহজনক পঁচিশ বছৰৰ আগতে লগ পাইছিল। কবিৰ ভাষাত—

‘পঁচিশ বছৰ আগতে

এই ঠাইতেই এজনক লগ পাইছিলোঁ

আলি-কেঁকুৰিটো আছিল কেঁচা।’

প্রশ্ন ২। সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ মানুহজনে কবিৰ সৈতে কি কি কথা পাতিছিল, তোমাৰ নিজৰ কথাৰে লিখা। [ HSLC.’16]

অথবা, ‘দৃশ্যান্তৰ’ কবিতাটোত কবিয়ে কিদৰে পৰিৱৰ্তিত সামাজিক জীৱনৰ ছবি আঁকিছে, তোমাৰ ভাষাৰে বুজাই লিখা।

উত্তৰ : পঁচিশ বছৰৰ পিছত একে ঠাইতেই কবিয়ে আৰু এজন মানুহক লগ পালে; বৃদ্ধ কুঁ । মানুহজন সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ আছিল। ওচৰে-পাজৰে কেইবাটাও অট্টালিকা সগৌৰৱে ঠিয় হৈ আছিল। কবিক দেখি সন্দেহপূৰ্ণ চাৱনিৰে চাই মানুহজনে তেওঁক ভাৰাঘৰ বিচাৰি আহিছে নেকি সুধিলে।

তেওঁ লগতে ক’লে যে এই কুবেৰৰ মহলাত ভাৰাঘৰ নাই, থাকিলেও তাত শান্তিৰে থাকিব পৰা নাযাব। এই ঘৰটোত কিছুমান স্বাৰ্থপৰ মানুহ বাস করে। এইবুলি কৈয়েই বৃদ্ধ মানুহজন সাতমহলীয়া ঘৰৰ ভিতৰলৈ সোমাই গ’ল।

প্রশ্ন ৩। ‘দৃশ্যান্তৰ’ কবিতাটোৰ মূলভাৱ লিখা।[M.Q. HSLC’15, ’16, ‘17,18, 19]

উত্তৰ : দৃশ্যান্তৰ কবিতাটোত কবিয়ে পঁচিশ বছৰৰ আগতে আৰু পঁচিশ বছৰৰ পিছত দৃষ্টিগোচৰ হোৱা দুটি ভিন্ন দৃশ্যৰ অবতাৰণা কৰিছে। সময়ৰ পৰিবৰ্তনৰ লগে লগে সমাজ জীৱনলৈ যেনে ধৰণৰ পৰিবৰ্তন আহে, সেই পৰিবৰ্তনে মানুহক বৈষয়িক সুখ-সমৃদ্ধি প্ৰদান কৰিলেও আচলতে যে মানুহ প্রকৃত সুখ লাভৰ পৰা বঞ্চিত হয়, সেই কথা কবিতাটোৰ দুটি ভিন্ন দৃশ্যৰ মাধ্যমেদি কবিয়ে প্ৰকাশ কৰিছে।

পঁচিশ বছৰৰ আগতে জোনাকৰ পোহৰত নিজৰ পঁজাঘৰটো বিচাৰি উলিয়াবলৈ সক্ষম নোহোৱা এগৰাকী মানুহক কবিয়ে হাতত ধৰি আগুৱাই দিওঁতে উক্ত পঁজা ঘৰটিতে তেওঁ অতি শান্তিত জীয়াই থকা বুলি মতপ্ৰকাশ কৰিছিল। সুদীৰ্ঘ পঁচিশ বছৰৰ মূৰত কবিয়ে উক্ত স্থানত পঁজাঘৰ, কেঁচা আলি, কাকিনী তামোল আৰু বাঁহগছ দেখা নাপালে।

তাৰ পৰিবৰ্তে এটি সাতমহলীয়া ঘৰৰ ওচৰত গৈ তেওঁ উপস্থিত হৈছিল। সেই ঠাইত বহুতো অট্টালিকা গঢ় লৈ উঠিছিল আৰু মানুহবোৰে ব্যস্ততাৰে নিজৰ কৰ্তব্য সম্পাদন কৰিছিল। অচিনাকি কবিক দেখি মানুহজনে তেওঁক ভাৰাঘৰ বিচাৰি যোৱা বুলি সন্দেহ কৰি তেওঁক এই কুবেৰৰ মহলাত ঘৰ নাই আৰু থাকিলেও ইয়াত কোনো ধৰণৰ শান্তি নাই বুলি সতৰ্ক কৰি দিছিল।

দুটি দৃশ্যৰ মাজেদি কবিয়ে গ্রাম্য জীৱনৰ সৰলতা আৰু সহজ আন্তৰিকতাৰ বিপৰীতে নাগৰিক সভ্যতাৰ বিকাশে সৃষ্টি কৰা কংক্রীটৰ অৰণ্যত যে মানুহ প্রকৃত সুখ-শান্তি লাভৰ পৰা বঞ্চিত, সেই কথা সোঁৱৰাই দিছিল।

প্রশ্ন ৪। “বৰ শান্তিত আছোঁ এই পজাটিত। কথাষাৰিৰ অন্তর্নিহিত ভাব মোকলাই লিখা। কোনে, কিয় এইদৱে কৈছিল? [HSLC.’17]

উত্তৰ : পঁচিশ বছৰৰ আগতে ‘দৃশ্যান্তৰ’ কবিতাটিৰ কবি হৰেকৃষ্ণ ডেকাই গধূলি সময়ত এটা কেঁচা আলিৰ কেঁকুৰিত নঙলামুখত নিজৰ পদূলিটো বিচাৰি খেপিয়াই ফুৰা এজন মানুহ লগ পাইছিল। ‘তেওঁ নঙলামুখত বিচাৰি ফুৰিছিল নিজৰ ঘৰৰ পদূলি। এটা পঁজাঘৰৰ।

সেই পঁজাঘৰটোৰ দাঁতিত কেইজোপামান কাকিনী-তামোল আকাশলৈ ধিয়াই থিয় হৈ আছিল। ঘৰৰ দাঁতিত আগলি বাঁহজোপাই তললৈ হাউলি নমস্কাৰ জনাইছিল। গ্রাম্য জীৱনৰ এনে শান্তিময় পঁজাটিত অকলশৰীয়া মানুহজনক যেতিয়া কবিয়ে হাতত ধৰি প্ৰৱেশ কৰাই দিছিল, তেতিয়া কবিক তেওঁ কৈছিল যে এই পঁজা ঘৰটিতেই তেওঁ অতি সুখেৰে আছে। মানুহৰ কোলাহল নাই যদিও প্ৰকৃতিৰ নিবিড় পৰিবেশ। মানুহজনে কবিক এই কথা জনাইছিল।

প্রশ্ন ৫ : ‘হেৰা অচিনাকি মানুহজন, তোমাক কি লাগেহে ইয়াত ?’- কোনে কিয় কবিক এনেদৰে সুধিছে বুজাই লিখা।

উত্তৰ : কবিয়ে পঁচিছ বছৰ আগতে দেখা পঁজাঘৰ এটিৰ ঠাইত উঠা সাতমহলীয়া ঘৰৰ সমুখত ৰৈ থকা বৃদ্ধ লোক এজনে তাত, তেওঁক দেখি এনেদৰে সুধিছিল। বৃদ্ধ লোকজনে কবিক তালৈ ভাড়াঘৰ বিচাৰি যোৱা বুলি ভাবিছিল। পঁচিছ বছৰ আগতে পূঁজা ঘৰটোত মানুহজন বৰ শান্তিত আছিল। আজি সাতমহলীয়া ঘৰত থাকিও তেওঁ শান্তি পোৱা নাই।

কংক্রিটৰ জংঘলত অকলশৰীয়াৰ দৰে বৰ অশান্তিত তেওঁ আছে। তেনে ঠাইত ভাড়াঘৰ নল’বলৈ যেন কবিক বৃদ্ধজনে ক’ব বিচাৰিছে।

প্রশ্ন 6। ব্যাখ্যা কৰা :

(ক) ‘মৰিলে দাহ কৰিবলৈয়ো

এজন মানুহ নাই।’

উত্তৰ : উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথি ‘সাহিত্য-সুবাস’ৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকা বিৰচিত ‘দৃশ্যান্তৰ’ কবিতাৰ পৰা তুলি দিয়া হৈছে। গ্ৰাম্য জীৱনৰ সৰলতা আৰু আন্তৰিকতাক ক্রমান্বয়ে আধুনিক জীৱনশৈলীয়ে গ্রাস কৰি পেলাইছে। মানুহবোৰ অধিক ব্যস্ত হৈ পৰিছে আৰু এই ব্যস্ততাত ইন্ধন যোগাইছে আধুনিক জীৱনশৈলীয়ে ৷

প্ৰতিযোগিতাৰে পৰিপূৰ্ণ এই জগতখনত-মানুহবোৰ ক্ৰমে হৃদয়হীন হৈ পৰিছে, স্বাৰ্থপৰ আৰু সংকীৰ্ণ মানসিকতাই মানুহক মানৱীয় অনুভূতিশূন্য কৰি পেলাইছে। সেয়ে, বিপদে-আপদে কোনেও কাকো সহায় নকৰে। আনকি মানুহ মৰিলেও ওচৰ- চুবুৰীয়াই সহায় কৰিবলৈ নাহে। এনে প্ৰসঙ্গতে কবিয়ে উক্ত কথাখিনি কৈছে।

(খ) ‘যশৰ পোৱালিহঁতে কাক কেনে চায়।’

উত্তৰ : উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত দৃশ্যান্তৰ’ শীর্ষক কবিতাৰ পৰা তুলি দিয়া হৈছে। সাতমহলীয়া ঘৰৰ সমুখত ৰৈ থকা বৃদ্ধ লোকজনে কবিক তাতে দেখি তালৈ তেওঁ ঘৰভাড়া বিচাৰি যোৱা বুলি ভাবি অশান্তিৰে এনেদৰে কৈছিল।

পঁচিছ বছৰ আগতে সাতমহলীয়া ঘৰটোৰ ঠাইত এটি পঁজাঘৰ আছিল। সেই ঘৰটোত মানুহজন বৰ শান্তিত আছিল। সেই সময়ত মানুহে মানুহক সহযোগ কৰিছিল। মানুবোৰ সৰল আছিল। এতিয়া চাৰিওফালে ডাঙৰ ডাঙৰ অট্টালিকা গঢ়ি উঠিল। মানুহবোৰ নিজৰ স্বাৰ্থত অতি ব্যস্ত হৈ পৰিল।

কোনেও কাৰো ফালে চোৱাৰ সময় নাই। যশৰ দৰে মানুহৰমৰম-চেনেহ আন্তৰিকতা নোহোৱা হ’ল৷ এই নিষ্ঠুৰ পৰিৱৰ্তনত অতিষ্ঠ হৈয়েই বৃদ্ধ মানুহজনে হৃদয়হীন এই মানুহবোৰক যশৰ পোৱালি বুলি কবিক কৈছিল।

(গ) ‘এই কংক্রীটৰ হাবিখনত তেওঁক

বিচাৰি নাপলো আৰু।’ [HSLC.’18 ]

উত্তৰ : উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত ‘দৃশ্যান্তৰ’ শীর্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে। মানুহবোৰ সৰু পঁজাঘৰত থাকোতেই অতি শান্তিত আছিল। পৰস্পৰে পৰস্পৰক সহায় কৰিছিল, মানুহৰ মাজত হৃদয়ৰ সম্পৰ্ক আছিল।

কিন্তু সময়ৰ পৰিবৰ্তনৰ লগে লগে কংক্রীটৰ অৰণ্যত পৰিণত হৈছে আমাৰ সমাজখন। লগে লগে মানুহৰ হৃদয়বোৰো কংক্রীটলৈ পর্যবসিত হৈছে। সেয়ে অচিনাকি কবিক ঘৰ বিচাৰি অহা বুলি সতৰ্ক কৰি দিয়া মানুহজন সাতমহলীয়া কংক্রীটৰ অৰণ্যত হঠাতেই ক’ত লুকাই পৰিল কবিয়ে বিচাৰি পোৱা নাই। প্ৰেম আৰু আন্তৰিকতা নোহোৱা ঠাইত যে মানুহ কাহানিও সুখত থাকিব নোৱাৰে, সেয়া তাৰ নিদৰ্শন মাত্র।

(ঘ) ‘সময়টো আছিল গধূলি।

তেওঁ নঙলামুখত বিচাৰি ফুৰিছিল

নিজৰ ঘৰৰ পদূলি।’ [HSLC.’19]

উত্তৰ : উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথি ‘সাহিত্য-সুবাস’ৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত ‘দৃশ্যান্তৰ’ কবিতাৰ পৰা তুলি দিয়া হৈছে। কবিয়ে এদিন গধূলি এটা কেঁচা আলিৰ কেঁকুৰিত নিজৰ নঙলামুখত এজন কুকুৰীকণা মানুহ লগ পাইছিল। মানুহজন অকলশৰীয়া। তেওঁক সহায় কৰিবলৈ কোনো নাই।

কবিয়ে জানিব পাৰিলে যে জোনাকৰ পোহৰতো নিজৰ নঙলামুখত ঘৰৰ পদূলিতো বিচাৰি নোপোৱা মানুহজনক হাতত ধৰি নিজৰ পঁজাঘৰত সুমুৱাই দিছিল। নিজৰ নঙলামুখত থাকিও পদুলিতো আৱিষ্কাৰ কৰিব নোৱৰা মানুহজনলৈ কবিৰ দয়া উপজিছিল। কবিৰ মতে মানুহজন কুকুৰীকণা ৰোগত ভুগি থকাৰ কাৰণেই হয়তো গধূলি সময়ত তেওঁ নিজৰ ঘৰটো বিচাৰি উলিওৱাত অসুবিধা হৈছিল।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। ‘‘দৃশ্যান্তৰ’ কবিতাটোৰ কবিজনৰ চমু পৰিচয় দিয়া।

উত্তৰ: কবি পৰিচিতি চাই লিখা।

প্রশ্ন ২। প্রসঙ্গ সঙ্গতি দৰ্শাই ব্যাখ্যা কৰা :

(ক) আকাশ ধিয়াই কেইজোপামান কাকিনী তামোল। ঘৰৰ দাঁতিত আগলি বাঁহৰ নমিত নমস্কাৰ।

উত্তৰ: উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকা বিৰচিত ‘দৃশ্যান্তৰ’ শীর্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে। কবিয়ে অতীত আৰু বৰ্তমানৰ মাজত দৃষ্টিগোচৰ হোৱা পৰিবৰ্তনৰ এখনি সুন্দৰ চিত্ৰ কবিতাটিৰ মাজেৰে ফুটাই তুলিবলৈ যত্ন কৰিছে।

মাত্ৰ তিনিটা দশকৰ ভিতৰতেই গ্ৰাম্য জীৱনৰ সৰলতাৰ সম্পূৰ্ণ পৰিবৰ্তন ঘটিল। এসময়ত গাঁৱত তামোল-পাণ আৰু কাঁহৰ অপূর্ব সমন্বয় ঘটিছিল। মানুহৰ বাঁৰীৰ আগলি বাঁহবোৰ হালি-জালি যেন বাটৰুৱাক নমস্কাৰ জনাইছিল। পাঁচিশ বছৰৰ আগতে এদিন গধূলি সময়ত কবিয়ে যিটো পদূলিত আকাশ ধিয়াই থকা কেইজোপামান কাকিনী তামোল আৰু ঘৰৰ দাঁতিত হালি-জালি থকা বাঁহগছ দেখা পাইছিল, সেয়া বর্তমান অনুপস্থিত। কিন্তু, সেই সৰলতা, অকৃত্রিমতা আৰু পৱিত্ৰতাই কবিৰ মন আজিও অচল কৰি ৰাখিছে।

(খ) ‘বয়সৰ চিন নোহোৱা হ’লে

মুখত পঁচিশ বছৰ আগৰ সাইলাখ সাঁচ।’

উত্তৰ : উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকা বিৰচিত দৃশ্যান্তৰ শীর্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে। কবিতাটিত পঁচিশ বছৰৰ আগৰ আৰু পিছৰ দুটা দৃশ্যৰ মাজত দৃষ্টিগোচৰ হোৱা পৰিবৰ্তনৰ আভাস দাঙি ধৰি কবিয়ে কৈছে যে পঁচিশ বছৰৰ আগতে এদিন গধূলি সময়ত কবিয়ে এজন মানুহক লগ পাইছিল এটা পঁজাঘৰৰ পদূলিত।

তেওঁ নিজৰ নঙলামুখত থিয় হৈ নিজৰ নঙলামুখত তেওঁৰ ঘৰটো বিচাৰি ফুৰিছিল । সুদীৰ্ঘ পঁচিশ বছৰৰ মূৰত কবিয়ে পুনৰ একে ঠাইতে আন এজন মানুহক লগ পালে, যিজন মানুহ দেখিবলৈ পঁচিশ বছৰৰ আগত লগপোৱা মানুহজনৰ সৈতে প্রায় একেই যদিও বয়সৰ চিন ধৰিব নোৱাৰিলে ৷

(গ) কুকুৰীকণা মানুহজনে নিজৰ ঘৰ বিচাৰি পোৱা নাছিল। [HSLC.’17 ]

উত্তৰ : উদ্ধৃত কবিতা ফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকা ৰচিত দৃশ্যান্তৰ শীৰ্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে। পঁচিশ বছৰৰ আগতে কবিয়ে এদিন গধূলি সময়ত নিজৰ নঙলামুখতে খপ্‌জপাই নিজৰ পদূলি বিচাৰি নোপোৱা এজন মানুহৰ সৈতে লগালগি হৈছিল।

তেতিয়া আছিল গধূলি সময়, কিন্তু পৰিপূৰ্ণ জোনাকৰ পোহৰত পৃথিৱীখন আলোকিত হৈ উঠিছিল। কিন্তু, সেই মানুহজন আছিল কুকুৰীকণা ৰোগত আক্রান্ত, সেয়ে তেওঁ নিজৰ পদূলিমুখত থিয় হৈয়ো নিজৰ ঘৰলৈ সোমোৱা বাটটো বিচাৰি পোৱা নাছিল । নিজৰ ঘৰ বিচাৰি নোপোৱা মানুহজনক বাট দেখুৱাই দিবলৈ তাত কোনো সাৰথিও নাছিল।

প্রশ্ন ৩। সাম্প্রতিক অসমীয়া কবিতাৰ লক্ষ্য আৰু বৈশিষ্ট্য সম্পর্কে এটি চমু আলোচনা আগবঢ়োৱা।

উত্তৰ : ৰোমাণ্টিক যুগৰ অৱসানৰ লগে লগে অসমীয়া কাব্য সাহিত্যলৈ যথেষ্ট পৰিবৰ্তন আহে ৷ কুৰি শতিকাৰ চতুৰ্থ আৰু পঞ্চম দশকৰ পৰাই অসমীয়া কবিতাত নতুন আঙ্গিক আৰু বিষয়বস্তুৱে প্ৰৱেশ লাভ কৰে। জয়ন্তী, আৱাহন, ৰামধেনু প্রভৃতি আলোচনীৰ যোগেদি নতুন এক কাব্য-আন্দোলনৰ সূচনা হয়। ৰোমাণ্টিক কবিতাৰ প্ৰচলিত ভাবধাৰাৰ বিপৰীতে নব্যধাৰাৰ কবিসকলে দ্বিতীয় মহাযুদ্ধৰ ক্ষয়ংকাৰী অভিজ্ঞতা, ফ্রয়দীয় মনস্তত্ত্ব,

মার্ক্সীয় দৰ্শন, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ নতুন আৱিষ্কাৰ, নতুন মূল্যবোধ, যান্ত্রিক সভ্যতাৰ প্ৰচণ্ড আঘাত, মানৱীয় মূল্যবোধৰ পৰিবৰ্তন প্রভৃতিৰ ফলস্বৰূপে সৃষ্টি হোৱা জটিল সমাজ জীৱনৰ প্ৰতিফলন ঘটাই ‘এলানি নতুন কাব্যৰ সৃষ্টি কৰে। ৰোমাণ্টিক কবিসকলে প্ৰধানকৈ শোলী, কীটছ, বাইৰণ, ৱৰ্ডচৱৰ্থ আদিৰ কবিতাৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ বিপৰীতে এইসকল কবিয়ে এলিয়ট, অভেন, স্পেন্সাৰ, হুইটমেন, পাবলো নেরুদা, গছিয়া লৰকা, প্রভৃতি দেশী-বিদেশী কবিৰ প্ৰভাৱেৰে প্ৰভাৱিত হৈ আধুনিক অসমীয়া কবিতাক নব্যৰূপ প্ৰদান কৰিলে ।

আনহাতে ফ্রয়দীয় মনস্তত্ত্বৰ যোগেদি মানৱ মনৰ জটিলতাৰ সম্ভেদ দানতো আধুনিক কবিসকলে সফলতা লাভ কৰা দেখা যায়। এলিয়টৰ নতুন ব্যাখ্যা ৰীতিৰ লগতে স্পেন্সাৰ হুইটমেন আদিৰ চিন্তাৰ প্ৰভাৱেও আধুনিক কবিসকলক আকৰ্ষিত কৰিলে৷ আধুনিক কবিসকলে বিষয়বস্তুৰ লগতে আঙ্গিকৰ ক্ষেত্ৰতো পৰিবৰ্তনৰ সূচনা কৰিলে চিত্ৰকল্পৰ যথাযথ প্রয়োগ, কথিত ভাষাৰ ব্যৱহাৰ, সমসাময়িক জীৱনৰ বিভিন্ন ক্ষেত্ৰৰ পৰা বুটলি অনা বিবিধ চিত্ৰকল্প আৰু প্ৰতীকে আধুনিক কবিতাৰ আঙ্গিকলৈ নতুনত্ব কঢ়িয়াই আনিছে।

জয়ন্তী আলোচনীৰ পাততেই প্রথমে আধুনিকতাৰ সূচনা হয়। কেইগৰাকীমান প্রগতিবাদী চিন্তাৰ কবি বিশেষকৈ ধীৰেন্দ্ৰনাথ দত্ত, ভবানন্দ দত্ত, আদিয়ে ৰোমাণ্টিক ভাবপ্রবণতাৰ পৰা আঁতৰি আহি বাস্তৱৰ সমস্যাৰ প্ৰতি মনোনিবেশ কৰি কাব্যৰচনাত প্রবৃত্ত হয়। মিশ্রিত কথ্যভাষা আৰু গদ্য ছন্দৰ প্ৰয়োগৰ যোগেদি বাস্তৱবাদী ভাবধাৰাৰে কাব্যচৰ্চা কৰ কবিসকলৰ ভিতৰত ভবানন্দ দত্ত, অমূল্য বৰুৱা আদিৰ নাম বিশেষভাৱে উল্লেখযোগ্য।

ভবানন্দ দত্তৰ ‘ৰাজপথ’, অমূল্য বৰুৱাৰ ‘আন্ধাৰৰ হাহাকাৰ’, কুকুৰ, বেশ্যা, কয়লা প্রভৃতিত বাস্ত জীৱনৰ কদর্যতা আৰু অন্তঃসাৰশূন্যতাৰ প্ৰতিফলন ঘটিছে। পৰৱৰ্তী সময়ছোৱাত সমাজবাদী ভাবধাৰাৰে কাব্য ৰচনাত প্রবৃত্ত হোৱা কবিসকল ভিতৰত হেম বৰুৱা সকলোৰে অগ্ৰগণ্য। তেওঁৰ কবিতাত ৰোমাণ্টিকতাবিৰোধী চিত্ৰকল আৰু গদ্যছন্দৰ প্ৰয়োগ মনকৰিবলগীয়া। হেম বৰুৱাৰ সমসাময়িকভাবে অসমীয়া কবিতাত আত্মপ্ৰকাশ কৰা আন দুগৰাকী প্ৰতিভাশালী কবি হৈছে নৱকান্ত বৰুৱা আৰু অজিত বৰুৱা

নৱকান্ত বৰুৱাই জয়ন্তী, পচোৱা আৰু ৰামধেনুৰ যোগেদি কবি হিচাপে প্ৰতিষ্ঠা লাভ কৰে বৰুৱাৰ কবিতা মূলতঃ প্রতীকধৰ্মী, তেওঁৰ কবিতাৰ শব্দযোজনা, ছন্দ বৈচিত্র্য আৰু চিত্ৰকল্প নিখুঁত প্রয়োগ চকুতলগা। অজিত বৰুৱাৰ কবিতাত প্ৰতীকৰ প্ৰয়োগ অধিক পঞ্চাশৰ দশকত আত্মপ্ৰকাশ কৰি অসমীয়া কাব্য জগতত প্রতিষ্ঠা লাভ কৰা কবিসকলৰ ভিতৰত বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্য, হৰি বৰকাকতি, হোমেন বৰগোহাঞি, মহিম বৰা, বীৰেশ্বৰ বৰুৱা, নীলমণি ফুকন, সুশীল শৰ্মা, অমলেন্দু গুহ, কেশৱ মহন্ত, হেমাংগ বিশ্বাস, দীনেশ গোস্বামী, হীৰেন গোহাঁই, ৰাম গগৈ আদিৰ নাম বিশেষভাৱে উল্লেখযোগ্য।

এওঁলোকৰ প্রায়সকলৰ কবিতাতেই সমাজ-বাস্তৱতাৰ সুৰ শুনিবলৈ পোৱা যায়। অৱশ্যে বীৰেশ্বৰ বৰুৱা, মহিম বৰা, নীলমণি ফুকন, সুশীল শৰ্মা প্রভৃতিয়ে চিত্ৰকল্পৰ সুনিপুণ প্ৰয়োগেৰে আধুনিক অসমীয়া কবিতাক সমৃদ্ধ কৰিছে। ষাঠিৰ দশকত আত্মপ্ৰকাশ কৰা উল্লেখযোগ্য কবিসকলৰ ভিতৰত নিৰ্মলপ্ৰভা বৰদলৈ, হীৰেন ভট্টাচাৰ্য, হীৰেন্দ্ৰনাথ দত্ত, ভবেন বৰুৱা, হৰেকৃষ্ণ ডেকা আদিৰ নাম উল্লেখ কৰিব পাৰি৷ এওঁলোকে কবিতাৰ শৈল্পিক দিশটোৰ ওপৰত অধিক মনোনিবেশ কৰা দেখা যায়।

প্রতীক আৰু চিত্ৰকল্পৰ সাৰ্থক প্ৰয়োগৰ লগতে আধুনিক যুগৰ মানসিকতাৰ প্ৰতিফলন আৰু লোকজীৱনৰ প্ৰজ্ঞাপ্রসূত দৃষ্টিভংগীয়ে এওঁলোকৰ কবিতাত প্ৰাধান্য লাভ কৰিছে । সত্তৰৰ দশকত কেইবাজনো কবিয়ে কাব্য সাধনাত আত্মনিয়োগ কৰে। এওঁলোকৰ সৰহভাগেই সমাজবাদী চিন্তাৰ দ্বাৰা প্ৰভাৱিত, তেওঁলোকৰ ভিতৰত মোহন কৃষ্ণ মিশ্র, ৰবীন্দ্ৰ সৰকাৰ, ৰবীন্দ্ৰ বৰা, জ্ঞান পূজাৰী, অবনী চক্ৰৱৰ্তী, গায়ত্ৰী কোঁৱৰ, তোষেশ্বৰ চেতিয়া আদি প্ৰধান।

আশীৰ দশকত সমীৰ তাঁতী, অনন্ত তাঁতী, দিলীপ তালুকদাৰ, বিপুলজ্যোতি শইকীয়া, লুইফা হানুম চেলিমা বেগম, অনুভৱ তুলসী, অনুপম কুমাৰ, অৰ্চনা শৰ্মা, উদয় কুমাৰ শৰ্মা, পূৰ্ণ ভট্টাচাৰ্য, কবিতা কোঁৱৰ, সাৱিত্ৰী শ‍ইকীয়া, পৰাগ কুমাৰ ভট্টাচাৰ্য, কৰবী ডেকা হাজৰিকা, মাখন কলিতা, বীৰেন হাজৰিকা, প্রেম গগৈ, মিকু সিং ৰাজপুত, ৰোহিণী পাঠক, প্রভৃতি কবিয়ে আত্মপ্রকাশ কৰি আধুনিক অসমীয়া কবিতাক সমৃদ্ধ কৰে।

সাম্প্ৰতিক অসমীয়া কবিতাই নতুন আঙ্গিক, চিত্রকল্প আৰু প্ৰকাশ ৰীতিৰ মাধ্যমেদি জনসাধাৰণৰ বিশেষ আকর্ষণ আদায় কৰিবলৈ সক্ষম হৈছে। জনসাধাৰণৰ কাষ চপাই নিয়াত, কবিতাক নতুন আৰু জনপ্রিয় শিল্প ৰূপে প্ৰতিষ্ঠা কৰাত এইসকল কবিৰ গুৰুত্ব অনস্বীকার্য।

প্রশ্ন ৪। সময়ৰ পৰিবৰ্তনে মানুহৰ জীৱনধাৰালৈ কেনে ধৰণৰ পৰিবৰ্তন অনা বুলি কবিতাটিত উল্লেখ কৰিছে?

উত্তৰ: সময়ৰ পৰিবৰ্তনৰ লগে লগে মানুহৰ জীৱন ধাৰাৰ পদ্ধতি, চিন্তা-চৰ্চা সকলোৰে পৰিবৰ্তন হয়। পৰিবৰ্তন কেৱল যে বাহ্যিক জগতখনৰে হয়, তেনে নহয়। মানুহৰ মানসিক জগতখনৰো পৰিবৰ্তন ঘটে। ফলত মানুহৰ মানৱীয় বিচাৰধাৰা, চিন্তা-চৰ্চা সকলোতে পৰিবৰ্তন ঘটে।

প্রশ্ন ৫ । মানুহৰ মানসিক জগতখনলৈ পৰিবৰ্তনৰ ঢৌ কেনেদৰে বিয়পিল ?

উত্তৰ : গাঁৱৰ গজাঘৰৰ ঠাইত সুদৃশ্য অট্টালিকা হ’ল যদিও মানুহবোৰৰ মনবোৰ সংকীৰ্ণ হৈয়েই ৰ’ল। সেয়ে মানুহ মৰিলেও খবৰ ল’বলৈ কাৰো আহৰি নোহোৱা এটা অৱস্থা আহি পৰিল ৷ মানুহবোৰ বেছি ব্যক্তিকেন্দ্ৰিক হৈ পৰাত সংকীৰ্ণ চিন্তাই তেওঁলোকৰ মনত ঠাই পাবলৈ ধৰিলে।

মানুহে নিজৰ ঘৰৰ চাৰিসীমাৰ মাজত অশান্তিৰ মাজত বাস কৰিবলৈ ধৰিলে । কবিয়ে লগতে উল্লেখ কৰিছে যে এইখন সমাজত এতিয়া মানুহ মৰিলে দাহ কৰিবলৈহে এজন মানুহ নাই। আধুনিক জীৱনশৈলী আৰু প্ৰতিযোগিতাই মানুহৰ মনবোৰ ইমানেই সংকীৰ্ণ, স্বাৰ্থপৰ আৰু অন্তঃসাৰশূন্য কৰি তুলিছে যে বিপদে-আপদে মানুহৰ প্ৰতি সহায়ৰ হাত আগবঢ়োৱালৈয়ো তেওঁলোক অপাৰগ হৈ পৰিছে।

প্রশ্ন ৬। কবিয়ে কংক্রীটৰ হাবিত কি বিচাৰি নোপোৱা বুলি কৈছে?

উত্তৰ : কংক্রীটৰ অৰণ্যত মানুহৰ হৃদয়বোৰো কংক্রীটলৈ পৰিবৰ্তন হোৱাত মানুহবোৰ সম্পূৰ্ণ হৃদয়হীন হৈ পৰিছে। কবিয়ে যেতিয়া এটি সাতমহলীয়া ঘৰৰ ওচৰত গৈ উপস্থিত হৈছিল, তেতিয়া এগৰাকী অচিনাকী মানুহে ভাৰাঘৰ বিচাৰি অহা বুলি তেওঁক আগতীয়াকৈ সকীয়াই দিছিল যে তাত ঘৰ নাই আৰু থাকিলেও তাত কোনো শাস্তি নাই।

নাগৰিক সভ্যতাই সৃষ্টি কৰা কংক্রীটৰ অৰণ্যত মানুহে যে প্রকৃত সুখ-শান্তি লাভ কৰিব নোৱাৰে, সেই কথা কবিয়ে কবিতাটিৰ মাজেদি প্ৰকাশ কৰিছে। প্ৰেম আৰু আন্তৰিকতা নথকা ঠাইত মানুহ যে কেতিয়াও শান্তিত থাকিব নোৱাৰে, তাৰ প্ৰমাণ স্বৰূপে কংক্রীটৰ অৰণ্যত হঠাতে নিৰুদ্ধেশ হোৱা মানুহজনৰ প্ৰসঙ্গৰ অবতাৰণাৰে কবিয়ে উপলব্ধি কৰাব বিচাৰিছে।

প্রশ্ন ৮। “গল্প আৰু কল্প” নামৰ গল্প পুথিখনৰ ৰচক কোন?

উত্তৰ : সুসাহিত্যিক হৰেকৃষ্ণ ডেকা।

প্রশ্ন ৯। হৰেকৃষ্ণ ডেকাদেৱৰ একমাত্ৰ উপন্যাসখনৰ নাম কি? [HSLC. 18]

উত্তৰ : ‘আগন্তুক’।

প্রশ্ন ১০। হৰেকৃষ্ণ ডেকাদেৱে ২০১০ চনত লাভ কৰা বঁটাটোৰ নাম কি? [HSLC, 20]

উত্তৰ : ‘আসাম ভেলি লিটাৰেৰী বঁটা’

প্রশ্ন ৭। বিপৰীতার্থক শব্দ লিখা :

গধূলি-পুৱা
আকাশ-পাতাল
আৰম্ভ-শেষ
আপোন-মৰণ
নতুন-পুৰণি

প্রশ্ন ৭। বিপৰীত শব্দ লিখা : ,

কেঁচাপকা
গধূলিপুৱা
ৰূপঅৰূপ।

প্রশ্ন ৮। এটাকৈ সমার্থক শব্দ লিখা।

জোন –চন্দ্ৰ
ঘৰ –আলয়
দাহ – জ্বলন
উভতিঘূৰি
চৰা-অতি
শান্তি – অশান্তি

প্রশ্ন ৯। নঞার্থক শব্দ গঠন কৰা :

শান্তি –ন + শান্তি = অশান্তি
চিনাকি – অচিনাকি
সহায় –অসহায়

প্রশ্ন ১০। ‘নমস্কাৰ’ শব্দটো ভাঙিলে এনে হ’ব- নমঃ + কাৰ।— (এনেদৰে আন চাৰিটা শব্দৰ সন্ধি কৰা)

দুঃ + অভিসন্ধি –দুৰভিসন্ধি
দুঃ + শাসন –দুশাসন
দুঃ + সম্বাদ –দুসম্বাদ

Leave a Comment

error: Content is protected !!