প্রশস্তি |Class 10 Assamese | Lesson 3

Class 10 assamese lesson 3 প্রশস্তি :

পাঠভিত্তিক প্রশ্নোত্তৰ

ভাৱ বিষয়ক :

প্রশ্ন ১ : অতি চমু উত্তৰ দিয়া—

(ক) ৰঘুনাথ চৌধাৰীক কি কবি বুলি জনা যায় ?

উত্তৰ : ‘বিহগী কবি’ বুলি ।

(খ) ৰঘুনাথ চৌধাৰীৰ কবিতা পুথি দুখনৰ নাম লিখা।

উত্তৰ: ‘কেতেকী’, ‘দহিকতৰা’।

(গ) প্রকৃতিক কোনে সাদৰি আনিলে বুলি কৈছে?

উত্তৰ : নৱ কিশলয় দলে।

(ঘ) মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে?[HSLC.’20]

উত্তৰ : ৰবাব ফুলে।

(ঙ) জল, স্থল আৰু ক’ত দেৱতাৰ মহা অভিযান চলিছে?

উত্তৰ : আৰু অন্তৰীক্ষত।

(চ) মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে?

উত্তৰ : মোহন কীচক বেণু অনাহত ছন্দে।

প্রশ্ন ২। ‘প্রশস্তি’ কবিতাটোত কবিয়ে প্ৰকৃতিৰ কি কি বস্তু টানি আনিছে লিখা।

উত্তৰ : ‘প্রশস্তি’ কবিতাটোত কবিয়ে প্ৰকৃতিৰ প্ৰায় সকলো বস্তুকে টানি আনিছে। ৰাতিপুৱাৰ সূৰ্যৰ মনোমোহা ৰ’দৰ পোহৰ, প্ৰকৃতিক আদৰি অনা ‘নৱ কিশলয়’, মন-প্রাণ হৰি নিয়া প্রস্ফুটিত ফুলসমূহ, ‘প্রেম পৰিমল’ যাচি দিয়া ৰবাব ফুল, গছৰ ডালে ডালে আনন্দতে জঁপিয়াই ফুৰি সুমধুৰ গীত গোৱা চৰাই-চিৰিকতিসমূহ, জল, স্থল, আকাশ, বোকা-পানী, প্ৰকৃতিৰ এই সকলো বস্তুকে কবিয়ে কবিতাটোত টানি আনিছে।

প্রশ্ন ৩। কবিয়ে কবিতাটোত কিয় আৰু কাৰ প্ৰশস্তি কৰিছে?

উত্তৰ : কবিয়ে ঊষাৰ ‘কুঙ্কুম ৰাগে ৰাতিপুৱা পৃথিৱীক সুন্দৰ কৰি তোলাৰ কাৰণে, নৱ কিশলয় দলে সেউজী সু আভাসেৰে প্ৰকৃতিক আদৰি অনাৰ কাৰণে, ৰবাব ফুলেও ‘প্ৰেম পৰিমল’ ছটিওৱাৰ কাৰণে, বিভিন্ন ফুলে প্রকৃতিক জাতিষ্কাৰ কৰি তোলাৰ কাৰণে কবিয়ে সেইবোৰৰ প্ৰশস্তি কৰিছে।

তাৰোপৰি গছে গছে চৰাইবোৰ সুললিত সুৰে ৰাতিপুৱা প্ৰকৃতিক উৎফুল্লিত কৰি তোলাৰ কাৰণে, সূৰ্যৰ পোহৰে নিশাৰ এন্ধাৰ আঁতৰাই পঠিওৱাৰ কাৰণেও কবিয়ে প্রশস্তি কৰিছে। কাৰণ প্ৰকৃতিৰ এনেকুৱা কাৰ্যসমূহে সৃষ্টি কৰা সুন্দৰ সময়ছোৱাত ‘অমৃতৰ পুত্ৰ’ ভক্তপ্রাণ মানুহক নিদ্রা ত্যাগ কৰি মহামহিমৰ অৰ্থাৎ পৰম ঈশ্বৰৰ গুণ-গান কৰিবলৈ প্ৰেৰণা যোগায়। কবিয়ে ভক্তবৃন্দক তন্দ্ৰা ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কৈছে।

প্রশ্ন ৩। কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিৱৰি লিখা।

উত্তৰ : কবিতাটোত কবিয়ে প্ৰকৃতিৰ সন্মোহনী সুধাৰ মাজত সুন্দৰৰ সাধনা অর্থাৎ নেদেখাজনৰ অস্তিত্ব দেখিবলৈ পাইছে। সেই কাৰণেই কবিয়ে ভক্তবৃন্দক তন্দ্ৰা ত্যাগ কৰি সেই সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ বাৰে বাৰে আহ্বান জনাইছে। প্ৰকৃতিৰ ৰূপ আৰাধনাৰ আঁৰত কবিতাটোত ঈশ্বৰ ভক্তিৰ স্বৰূপ সোমাই আছে।

এক আধ্যাত্মিক সুৰে কবিতাটোক গভীৰ অনুভূতিৰ বাহক কৰি তুলিছে। সৃষ্টিকৰ্তাৰ সন্ধানে কবিতাটোক ৰহস্যবাদী ধাৰাৰ ওচৰ চপাই নিছে।

প্রশ্ন ৩। ‘প্রশস্তি’ কবিতাটোৰ মূলভাৱ লিখা।

উত্তৰ : প্রশস্তি কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। প্ৰশক্তিৰ অৰ্থ হৈছে আৰাধনা বা গুণানুকীৰ্তন কৰা। ৰাতিপুৱাৰ সূৰ্যৰ পোহৰে পোহৰাই তোলা পৃথিৱীত গছ-বনে প্রকৃতিক ন ৰূপত সজাই তুলিছে, চৌদিশে ফুলি থকা বিবিধ ৰঙৰ ফুলবোৰৰ প্ৰাণ আনন্দৰে ভৰি পৰিছে।

চৰাই-চিৰিকতিবোৰেও গছৰ ডালে ডালে পৰি আনন্দত নানান সুৰত গীত গাই যেন দেৱতাৰহে সন্ধান কৰিছে। অমৃতৰসন্ধান কৰিছে। অমৃতৰ সন্তান মানুহক কালৰাত্ৰিৰ শেষত মুক্তিৰ বাট বিচাৰি যাবলৈ আহ্বান জনাইছে। কীচক বেণুৱে বতাহত স্ৰষ্টাৰ গান জুৰিছে। কবিয়ে ভক্তবৃন্দক তন্দ্ৰা ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কৈছে।

প্ৰকৃতিৰ সন্মোহনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব দেখিবলৈ পাইছে। প্ৰকৃতিৰ ৰূপ আৰাধনাৰ আঁৰত কবিতাটোত ঈশ্বৰ ভক্তিৰ স্বৰূপ সোমাই আছে। এক আধ্যাত্মিক সুৰ কবিতাটোত উপলব্ধ কৰিব পাৰি।

প্রশ্ন ৬। “উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ

উঠা যত মুক্তি পথযাত্রী।”

কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা।

উত্তৰ : ৰাতিপুৱা বেলিৰ পোহৰে গোটেই পৃথিৱীখনকেই সুন্দৰভাৱে পোহৰাই সজাই

তোলে। প্ৰকৃতিৰ বুকুত ফুলি থকা নানাৰঙৰ ফুল, গছ-গছনিৰ ডালে ডালে জঁপিয়াই বিবিধ

ৰকমৰ চৰাই-চিৰিকতিয়ে মাত মাতি সৃষ্টি কৰা সুন্দৰ তথা মনোমোহা পৰিৱেশত ঈশ্বৰৰ

মহিমা তথা অস্তিত্ব লুকাই থাকে। এই অস্তিত্ব উপলব্ধি কৰিবলৈ ভগৱানৰ ধ্যানৰত অমৃতৰ

সন্তান মানুহক তন্দ্ৰা ত্যাগ কৰিবলৈ আহ্বান জনাইছে। ভক্তসকল মুক্তিপথৰ যাত্ৰী। এই মুক্তিপথৰ

যাত্রী অর্থাৎ ভক্তসকলে তন্দ্ৰা ত্যাগ কৰি সুন্দৰৰ আৰাধনা কৰিবলৈ কবিয়ে আহ্বান জনাইছে।

প্রশ্ন ৭। সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দক কিয় আহ্বান জনাইছে বিৱৰি লিখা।

উত্তৰ : প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজেৰে কবিয়ে সুন্দৰৰ আৰাধনা কৰিছে। এই সুন্দৰৰ আৰাধনাৰ জৰিয়তে সন্মোহনী সুধা লাভ কৰিব পাৰি আৰু মুক্তিৰ পথো বিচাৰি পায় বুলি কবিয়ে কৈছে। সুন্দৰৰ ৰূপ ধ্যানৰ আঁৰত ঈশ্বৰ ভক্তিৰ স্বৰূপ নিহিত হৈ আছে। ঈশ্বৰৰ অস্তিত্ব তথা স্বৰূপ লাভ কৰি মুক্তি পাবলৈ ভক্তবৃন্দই অহৰহ স্তুতি কৰি আহিছে।

সেই কাৰণেই সুন্দৰৰ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দক আহ্বান জনাইছে। এই সুন্দৰ হ’ল ‘মহামহিম’ পৰমপিতা পৰমেশ্বৰ।

প্রশ্ন ৮। ব্যাখ্যা কৰা-

(ক) “উঠে তৰু শিৰে শিৰে বন বিহঙ্গৰ

ছন্দভৰা সুমধুৰ তান,

জল, স্থল অন্তৰীক্ষ সকলোতে যেন

দেৱতাৰ মহা অভিযান।”

উত্তৰ : উদ্ধৃত কবিতা ফাঁকি বিহগী কবি ৰঘুনাথ চৌধাৰীদেৱৰ ৰচিত ‘প্ৰশস্তি’ কবিতাটিৰ অন্তর্গত। ৰাতিপুৱাৰ সূৰ্যৰ পোহৰে আলোকিত কৰা প্ৰকৃতিৰ ৰূপ-সৌন্দৰ্যৰ কথা প্ৰকাশ কৰিবলৈ যাওঁতে কবিয়ে কবিতাটিত এনেদৰে উল্লেখ কৰিছে।

বেলিৰ পোহৰে পোহৰাই তোলা পৃথিৱীত গছ-বনে প্রকৃতিক ন ৰূপত সজাই তুলিছে। চৰাই-চিৰিকতিবোৰেও আনন্দেৰে এই ৰূপত ৰূপ চৰাই গছৰ ডালে ডালে জঁপিয়াই ফুৰি এক সুমধুৰ তানত ছন্দভৰা গীত জুৰিছে। এই গীতৰ ছন্দে যেন জল, স্থল, আকাশ সকলোতে দেৱতাৰহে সন্ধান কৰিছে। প্ৰকৃতিৰ এনে ৰূপ সৌন্দৰ্যৰ মাজত কবিয়ে দেৱতা অৰ্থাৎ ঈশ্বৰৰ অস্তিত্ব অনুভৱ কৰা কথা প্রকাশ পাইছে।

(খ) “কৰি দীৰ্ণ জৰ্জীৰ্ণ পুঞ্জীভূত ক্লেদ

শেষ হ’ল মহা কালৰাত্ৰি,

উঠাহে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ

উঠা যত মুক্তি পথযাত্রী।”

উত্তৰ : উদ্ধৃত কবিতা ফাকি বিহগী কবি ৰঘুনাথ চৌধাৰীদেৱৰ ৰচিত ‘প্ৰশস্তি’ কবিতাটিৰ অন্তর্গত। ৰাতিপুৱাৰ প্ৰকৃতিৰ সুন্দৰ পৰিৱেশত শুই নাথাকি কাজে-কামে নিয়োজিত হ’বলৈ অমৃতৰ পুত্ৰ মানুহক কবিয়ে আহ্বান জনোৱাৰ কথা কবিতাফাকিত প্রকাশ পাইছে।

মানুহ হ’ল অমৃতৰ সন্তান, তেওঁলোক মুক্তিপথৰ যাত্ৰী। এন্ধাৰ বিনাশী বেলিৰ পোহৰ পৃথিৱীত পৰাৰ লগে লগে প্রকৃতি ন-ৰূপত আলোকিত হৈ উঠে। এনে পৰিৱেশত সুন্দৰৰ অৰ্থাৎ পৰমপিতাৰ আৰাধনা কৰা মনোৰম সময়। এই পৰিৱেশতহে সুন্দৰৰ অস্তিত্ব উপলব্ধি কৰিব পাৰি। সেয়ে এনে পৰিৱেশত শুই নাথাকি এই সুন্দৰৰ ধ্যান কৰিবলৈ ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ মানুহক কবিয়ে আহ্বান জনাইছে।

(গ) “মোহন কীচক বেণু অনাহত ছন্দে

গায় মহামহিমৰ গান,

মোহ তন্ত্রালস তেজি উঠাহে ভক্তবৃন্দ

সুন্দৰৰ কৰা ৰূপধ্যান।”

উত্তৰ : উদ্ধৃত কবিতাফাকি বিহগী কবি ৰঘুনাথ চৌধাৰী দেৱৰ ৰচিত ‘প্ৰশস্তি’ কবিতাটির অন্তর্গত। ৰাতিপুৱা মনোমোহা পৰিৱেশত শুই নাথাকি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দক আহ্বান জনোৱাৰ কথা কবিতাফাকিত প্রকাশ পাইছে।

সূর্যোদয়ৰ লগে লগে সূৰ্যৰ পোহৰেৰে প্ৰকৃতিৰ গছ-গছনি আলোকিত হৈ পৰে। চৰাই-চিৰিকতিয়ে আনন্দত গছৰডালে ডালে পৰি ছন্দভৰা সুমধুৰ গীত গাবলৈ ধৰে। কীচক বাঁহৰ মোহন বাঁহীয়েও বতাহত সুৰ তুলি পৰিৱেশ অতি সুন্দৰ কৰি তোলে।

সেই মোহন বাঁহীয়েও যেন মহামহিম অর্থাৎ পৰম পিতাৰহে গুণ-গানৰ সুৰ তোলে। এনে এটা মোহনীয় পৰিৱেশত ভক্তবৃন্দই তন্দ্রালস ত্যাগ কৰি সুন্দৰৰ অৰ্থাৎ ভগৱানৰ ৰূপ ধ্যান কৰিবলৈ উঠি আহক— এই কথাকেই কবিয়েআশা কৰিছে। কাৰণ এনে পৰিৱেশতহে সুন্দৰৰ অস্তিত্ব উপলব্ধি কৰিব পাৰি।

প্ৰতিপাল আৰু মেৰামতিৰ অভাৱত ঘৰ-দুৱাৰবোৰৰ অৱস্থা জৰাজীৰ্ণ হৈ পৰে।

চমু উত্তৰ দিয়া

(ক) ‘প্ৰশস্তি’ কবিতাটিৰ কবি কোন?

উত্তৰ : বিহগী কবি ৰঘুনাথ চৌধাৰী।

(খ) ৰঘুনাথ চৌধাৰীক ‘বিহগী কবি’ কিয় বোলা হয় ?

উত্তৰ : বিহগ মানে চৰাই। ৰঘুনাথ চৌধাৰীয়ে সাধাৰণতে চৰাইৰ সম্বন্ধে অধিক কবিতা ৰচনা কৰাৰ কাৰণে তেওঁক ‘বিহগী কবি’ বোলা হয় ৷

(গ) ৰঘুনাথ চৌধাৰীৰ পিতৃৰ নাম কি ?

উত্তৰ : ভোলানাথ চৌধাৰী।

(ঘ) ৰঘুনাথ চৌধাৰীৰ সম্পাদিত শিশু আলোচনীখনৰ নাম কি?

উত্তৰ : ‘মইনা’।

(ঙ) ৰঘুনাথ চৌধাৰীৰ প্ৰথম প্রকাশিত কবিতা পুথিখনৰ নাম কি ?

উত্তৰ : ‘সাদৰী’ (১৯১০)।

(চ) ৰঘুনাথ চৌধাৰীৰ মৃত্যুৰ পিছত তেওঁৰ প্ৰকাশিত গ্রন্থ দুখনি কি কি?

উত্তৰ : ‘মনাই বৰাগী’ কবিতা আৰু ‘পচতীয়া’ গল্পৰ গ্ৰন্থ।

(ছ) ৰঘুনাথ চৌধাৰীৰ কোন কোন কাকত-আলোচনীত কবিতা প্রকাশ পাইছিল?

উত্তৰ : ‘জোনাকী’, ‘আলোচনী’, ‘বাঁহী’ আদি আলোচনীত।

(জ) ৰঘুনাথ চৌধাৰীয়ে অসম সাহিত্য সভাৰ কোন চনত ক’ত অনুষ্ঠিত সভাত সভাপতিত্ব কৰিছিল ?

উত্তৰ : ১৯৩৫চনত তেজপুৰত অনুষ্ঠিত সভাত।

(ঝ) নৱ কিশলয় দলে চামৰ ধুলাই’ কাক সাদৰি আনিলে?

উত্তৰ : প্রকৃতিক।

(ঞ) “আনন্দত প্ৰাণ টল্ব”— কাৰ ?

উত্তৰ : ‘চিত্তহাৰী যত ফুল্ল কুসুমৰ’।

(ট) মন্দিৰৰ উপেক্ষিত ফুল কি ?

উত্তৰ : ৰবাব ফুল ।

(ঠ) ৰবাব ফুলক কিয় ‘মন্দিৰৰ উপেক্ষিত’ বুলি কোৱা হৈছে?

উত্তৰ : কোনো পূজা-পাতলত ৰবাব ফুল নালাগে কাৰণে।

(ড) বন বিহঙ্গৰ ছন্দভৰা সুমধুৰ তান ক’ত উঠে বুলি কৈছে?

উত্তৰ : গছ-গছনিৰ ডালে-পাতে।

(ঢ) ‘ঋত্বিক ধ্যানী অমৃতৰ সন্তান’ বুলি কাক কোৱা হৈছে?

উত্তৰ : মানুহক।

(ণ) মুক্তি পথযাত্রী কোন?

উত্তৰ : ভক্তসকল।

(ত) ‘কীচক বেণু’ কি?

উত্তৰ : কীচক বাঁহৰ পৰা সজা এবিধ বাঁহী।

(থ) কোনে মহামহিমৰ গান গায় ?

উত্তৰ: মোহন কীচক বেণুৱে।

(দ) সুন্দৰৰ ৰূপধ্যান কৰিবলৈ কাক আহ্বান জনাইছে?

উত্তৰ: মুক্তিকামী ভক্তবৃন্দক।

ভাষা বিষয়ক প্রশ্নোত্তৰ :

প্রশ্ন ১। অর্থ লিখা-

কিশলয়-কুঁহিপাত, গজালি, কোঁহ।
চিত্ত হাৰী-মন-প্ৰাণ হৰণ কৰিব পৰা ।
অন্তৰীক্ষ-আকাশ, পৃথিৱী আৰু সূৰ্যৰ মাজত দেখা অংশ।
তন্দ্রালস-শ্রান্ত-ক্লান্ত, টোপনিয়ে ধৰা অৱস্থা।

প্রশ্ন ২। বাক্য ৰচনা কৰা

দশোদিশ-বেলিৰ পোহৰে পৃথিৱীৰ দশোদিশ পোহৰাই তুলিছে।
উপেক্ষিত-কোনেও কাৰো প্ৰতি উপেক্ষিত ভাৱ ল’ব নালাগে।
জৰাজীৰ্ণ- প্ৰতিপাল আৰু মেৰামতিৰ অভাৱত ঘৰ-দুৱাৰবোৰৰ অৱস্থা জৰাজীৰ্ণ হৈ পৰে।
অমৃত-মানুহক অমৃতৰ সন্তান বুলি কোৱা হয়।
মোহ-কাম, ক্রোধ, লোভ, মোহ, মানুহৰ প্ৰধান শত্রু।

প্রশ্ন ৩। সমার্থক শব্দ লিখা-

তৰু-বৃক্ষ, গছ, পাদপ।
মুক্তি-স্বাধীনতা, মুকলি।
সুমধুৰ-অতি মিঠা, সুন্দৰ।
অভিযান-যাত্রা।
ধ্যানী-ধ্যানৰত, তপস্বী।

প্রশ্ন ১। শব্দার্থ লিখা-

প্ৰশস্তি-আৰাধনা, প্ৰশংসা, গৌৰৱ ।
দশোদিশ – চাৰিওফালে।
ধুলাই- বিচি, বা দি।
টলমল-অস্থিৰ।
উপেক্ষিত-অৱহেলিত।
তৰু- গছ।
অভিযান-কোনো এক উদ্দেশ্যেৰে কৰা যাত্ৰা।
জৰাজীৰ্ণ- ভাগি-চিগি যাবলৈ ধৰা অৱস্থা ।

1 thought on “প্রশস্তি |Class 10 Assamese | Lesson 3”

Leave a Comment

error: Content is protected !!