Class 10 Assamese Lesson 15 |বিষাদযোগ|Question Answer

Class 10 Assamese Lesson 15 বিষাদযোগ Question Answer: আমাৰ ৱেবছাইটলৈ স্বাগতম! আপোনাৰ শৈক্ষিক যাত্ৰাৰ বাবে আপোনাক দশম শ্ৰেণীৰ Notes প্ৰদান কৰি আমি আনন্দিত।

দশম শ্ৰেণী শিক্ষাৰ্থীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ বছৰ কিয়নো তেওঁলোকে আগন্তুক ব’ৰ্ড পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰে, যি তেওঁলোকৰ শৈক্ষিক সফলতা নিৰ্ধাৰণ কৰিব।

আজি, এই প্ৰবন্ধটোত মই আপোনাৰ দশম শ্ৰেণীৰ Assamese Lesson 15 “বিষাদযোগ” দীঘলয়া আৰু চুটি প্ৰশ্ন আলোচনা কৰিম| আমি প্ৰায় সকলো দীঘলয়া আৰু চুটি প্ৰশ্ন প্ৰদান কৰিছোঁ।

আমাৰ লক্ষ্য হৈছে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰা। আমি ইয়াত বিনামূলীয়াকৈ Notes সমূহ প্ৰদান কৰিছো। আমি আপোনাক আগন্তুক পৰীক্ষাৰ বাবে শুভেচ্ছা জনাইছো। যদি আপোনাৰ কোনো সন্দেহ আছে তেন্তে আমাৰ সৈতে যোগাযোগ কৰক।

পাঠভিত্তিক প্রশ্নোত্তৰ

প্রশ্ন ১। চমু উত্তৰ লিখা।

(ক) মহাৰথী কাক বোলে?

উত্তৰ : যি অকলে দশ হেজাৰ ধানুকীক যুঁজে, তাক মহাৰথী বোলে।

(খ) কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম লিখা।

উত্তৰ : গুৰু দ্রোণ, ভীষ্ম পিতামহ, কর্ণ মহাৰথী, কৃপ অগ্রগণী, অশ্বত্থামা, বিকর্ণ, সোমদত্ত পুত্ৰ ভূৰিশ্ৰৱা ।

(গ) সেনাপতি ভীষ্মৰ যুদ্ধোত্‍সৱ দেখি কি কি ৰণবাদ্যৰ মহাশব্দ হৈছিল?

উত্তৰ : সেনাপতি ভীষ্মৰ যুদ্ধোত্‍সৱ দেখি সকলো ঠাইতে শংখ, ভেৰী, আনক, গোমুখ আদি নানা বাদ্য বাজি উঠিল, তাৰ মহাশব্দ হ’ল।

(ঘ) আততায়ী কাক বোলে? [HSLC. ‘2019]

উত্তৰ: যি বিষ দিব বিচাৰে, অগ্নি দিয়ে, ধৰ্ম সৰ্বস্ব হৰণ কৰে, ৰাজ্যভাৰ কাঢ়ি নিয়ে, ভাৰ্যাকো অপকাৰ কৰিছে, অস্ত্ৰ ধৰি যুঁজিছে, এই ছয়দোষত দোষীসকল আততায়ী।

(ঙ) কুলক্ষয় দোষ কি?

উত্তৰ: কুলক্ষয় হ’লে কুলধর্ম নষ্ট হয়, ধর্ম নষ্ট হ’লে অৱশিষ্ট কুলকো অধৰ্মই বিৰাজ কৰে। অধৰ্ম বিয়পিলে কুলস্ত্ৰীসকল দুষ্টা হয়।

প্রশ্ন ২। তোমাৰ পাঠটিত উল্লেখ কৰা অনুসৰি পাণ্ডৱসকলৰ যুদ্ধোৎসৱৰ বিষয়ে লিখা। [HSLC.’17, 18]

উত্তৰ : সঞ্জয়ে ক’লে— জানা ৰাজা, পাণ্ডৱৰ সেনাসকলে বেহুৰূপে থকা দেখি তোমাৰ পুত্ৰ দুর্যোধনে দ্রোণাচাৰ্যৰ ওচৰলৈ গৈ ক’বলৈ ধৰিলে— ‘হে আচাৰ্য, পাণ্ডৱসকলৰ বিস্তৰ সেনালৈ চোৱা, দ্ৰুপদৰ পুত্ৰ শিষ্য ধৃষ্টদ্যুম্মই বেহু পাতি আছে। ভীমাৰ্জ্জুনসম মহা ধনুৰ্দ্ধৰসবো আছে। তার নাম শুনা— সাত্যকি, বিৰাট, চেকিতান, কাশীৰাজ, পুৰুজিত, কুণ্ডীভোজ যুধামন্যু, দ্রৌপদীৰ পাঁচ পুত্ৰ, প্ৰতিবিন্ধ্যাদি, এই সকলো মহাৰথী।

কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ ভিতৰত গুৰু দ্রোণ, ভীষ্ম পিতামহ, কর্ণ মহাৰথী, কৃপ অগ্রগণী, অশ্বত্থামা, বিকৰ্ণ আৰু সোমদত্তৰ পুত্ৰ ভূৰিশ্ৰৱা। ইয়াৰ বাহিৰে অনেক যুদ্ধবিশাৰদ সেনাবাহিনী আছে। কিন্তু একাদশ অক্ষৌহিণী সেনায়ো যেন পাণ্ডৱৰ বিপক্ষে যুঁজিবলৈ সক্ষম নহয়, এনে ধাৰণা জন্মে। আনহাতে পাণ্ডৱে সাত অক্ষৌহিণী সেনা লৈয়েই, কৌৰৱৰ সৈতে যুঁজিবলৈ সামৰ্থ্য প্ৰকাশ কৰিছে৷ গতিকে কৌৰৱসকলে সাৱধানে যুদ্ধক্ষেত্ৰত থাকি ভীষ্মক ভালদৰে ৰক্ষা কৰিব লাগে। ভীষ্মৰ জীৱনেই কৌৰৱৰ জীৱন। এনেয়ে ৰজাক সন্তুষ্ট কৰিবৰ কাৰণে ভীষ্মই সিংহৰ দৰে মহানাদ কৰি উচ্চ স্বৰত শংখ বজালে । ভীষ্মক অনুসৰণ কৰি অন্যান্যসকলেও শংখ, ভেৰী, আনক, গোমুখ আদিবাদ্য বজালে।

ইতিমধ্যে শুক্লবর্ণ চাৰিটা ঘোঁৰাসজ্জিত মহাৰথত উঠি কৃষ্ণাৰ্জ্জুনে দিব্য শংখ বজালে। কৃষ্ণই পাঞ্চজন্য, অর্জুনে দেৱদত্ত, ভীমে পৌণ্ড্রক, যুধিষ্ঠিৰে অনন্ত, নকুলে সুঘোষ আৰু সহদেৱে মণিপুষ্পক নামৰ শংখ বজালে। অন্যান্য বীৰসকলেও পৃথকে পৃথকে শংখ বজালে। পাণ্ডৱ পক্ষৰ শংখৰ মহাশব্দই আকাশ পৃথিৱীসমে চৌদিশ পুৰি কৌৰৱ সৈন্যৰ মহাভয় জন্মালে, হৃদয় বিদীর্ণ কৰিলে।

প্রশ্ন ৩। অর্জুনে শ্রীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিল ? [HSLC.15,’16,’18]

উত্তৰ : অর্জুনে সন্মুখত দেখি গাণ্ডীৱ ধনু ধৰি হৃষীকেশ ভগৱন্তক এই বাক্য বুলিলে— ‘হে অচ্যুত, এই উভয় সেনাৰ মধ্যত মোৰ ৰথখন ৰাখা৷ মই পাণ্ডৱৰ বিৰুদ্ধে যুঁজিবলৈ অহা বীৰসকলক চাওঁ। যদি তুমি কোৱা যে তুমি যুঁজাৰু, যুদ্ধ চোৱা তোমাৰ কাম নহয়।

তেন্তে অৰ্জুনেনো কাৰ বিৰুদ্ধে যুদ্ধ কৰিব, দুর্বুদ্ধি দুৰ্যোধনৰ প্ৰতি অনুগত হৈ যিসকল বীৰ আহিছে তেওঁলোকক চাওঁ। গতিকে উভয় সেনাৰ মাজত মোৰ ৰথখন ৰাখিরা।

প্রশ্ন ৪। অর্জুনে যুদ্ধক্ষেত্ৰলৈ গৈ কাক কাক দেখা পালে আৰু তেওঁলোকক দেখা পাই শ্রীকৃষ্ণক কি কৈছিল তোমাৰ নিজৰ কথাৰে লিখা।

উত্তৰ: শ্ৰীকৃষ্ণই উভয় সেনাৰ মাজত ৰথখন ৰখাৰ পিছৰ বিপক্ষৰ সেনাৰ প্ৰতি অর্জুনে দৃষ্টি নিক্ষেপ কৰিলে। তেওঁ দেখিলে যে পিতৃব্য, পিতামহ, আচার্য, মাতুল, ভাতৃ, পুত্র, পৌত্র, সখি, শশুৰ আৰু সুহৃদসবক উভয় সেনাৰ মাজত দেখিলে।

সেই সকলো আত্মীয়সকল যুদ্ধৰ কাৰণে বিপক্ষত সমবেত হোৱা দেখি অৰ্জুনৰ মনত বৰ দুখ লাগিল আৰু শ্ৰীকৃষ্ণক ক’লে যে এই জ্ঞাতি-কুটুম্বসকল যুদ্ধৰ বাবে যুদ্ধস্থলীত উপস্থিত হোৱা দেখি তেওঁৰ হাত-ভৰিৰ কঁপনি উঠিছে, মুখ শুকাই গৈছে, শৰীৰ কঁপিছে, নোম শিয়ৰি উঠিছে, হাতৰ পৰা গাণ্ডীৱ খহি পৰিব ধৰিছে, গাত উত্তাপ বৃদ্ধি পাইছে। মনলৈ ভ্ৰম আহিছে, যুঁজিব পাৰিম নে নোৱাৰিম।

সমুখত নানা ধৰণৰ অমংগলৰ চিহ্ন দেখা গৈছে। যুদ্ধত আত্মীয়সকলক বধ কৰি একো ফল নেদেখো, বিজয়ৰ আকাংক্ষাও নকৰোঁ, ৰাজ্যৰ ইচ্ছাও নকৰোঁ, সুখৰ বাঞ্ছাও নকৰোঁ। হে গোবিন্দ, আমাৰ ৰাজ্যভোগত কি প্রয়োজন?

যি বন্ধুসকলৰ অৰ্থে আমি ৰাজ্যভোগৰ বাঞ্ছা কৰোঁ বন্ধুসকলৰ প্ৰাণত্যাগৰ অংগীকাৰ স্বীকাৰ কৰি যুদ্ধক্ষেত্ৰত উপস্থিত হৈ আচাৰ্য, পিতৃব্য, পিতামহ, মাতুল, শশুৰ, শ্যালা, প্রভৃতি সম্বন্ধীয়সকলে আমাক হত্যা কৰিলেও আমি তেওঁলোকক মাৰিবৰ বাবে যোগ্য নহয়? তাতে ধৃতৰাষ্ট্ৰৰ পুত্ৰসকলক বধ কৰি আমাৰ কি লাভ হ’ব? যদিও তেওঁলোক আততায়ী আৰু আততায়ীক বধ কৰাত কোনো দোষ নাই, তথাপি ধর্মশাস্ত্রমতে তেওঁলোকক বধ কৰিলে আমাৰ দোষ হ’ব। যিহেতু ধৃতৰাষ্ট্ৰৰ পুত্ৰসকল আমাৰ বান্ধৱ, গতিকে তেওঁলোকক বধ কৰিলে আমাৰ অন্যায় হ’ব। গতিকে বন্ধুসকলক বধ কৰি ইহলোকত কেনেদৰে সুখী হ’ম?

প্রশ্ন ৫। কুলক্ষয় দোষক কিয় মহাপাপ বোলা হৈছে, আলোচনা কৰা। [HSLC ’17]

উত্তৰ: কুলক্ষয় হ’লে কুলধর্ম নষ্ট হয়, ধর্ম নষ্ট হ’লে অৱশিষ্ট কুলতো অধর্ম বিয়পে। অধর্ম বিয়পিলে কুলস্ত্ৰীসকল দুষ্টা হ’ব। স্ত্রী দুষ্টা হ’লৈ বৰ্ণসংকৰ হ’ব, কুল নৰকগতি হ’ব, তেতিয়া পিতৃসকল লুপ্তপিণ্ড জলাঞ্জলিহীন হৈ পৰিব। এই কথা শ্ৰুতিত আছে। ৰাজ্যসুখ লোভত স্বজন বধ কৰাৰ দৰে মহাপাপ আচৰণ কৰিবলৈ আগবঢ়া বুলি মনলৈ অহাত তেওঁ অস্ত্ৰ নধৰো বুলি অংগীকাৰ কৰে।

প্রশ্ন ৬ ৷ ‘জানা ৰাজা যুদ্ধৰ সন্মুখত অৰ্জুনে এহি বাক্য বুলি ধনশৰ এৰি কম্পিত হৈলা…।” এইদৰে কোনে কাক কৈছে? অর্জুনে কি বাক্য কৈ ৰথৰ ওপৰত বহি পৰিল তোমাৰ কথাৰে লিখা। [HSLC. ‘2019]

উত্তৰ : এইদৰে সঞ্জয়ে ধৃতৰাষ্ট্ৰৰ আগত কৈছিল। অৰ্জুনে জাতিধর্ম, কুলধর্ম, বর্ণাশ্রম ধৰ্ম নষ্ট হৈ মনুষ্যসকল নৰকত বাস কৰিব। ৰাজ্যসুখৰ লোভত স্বজনক বধিবলৈ উদ্যত হৈ এনে মহাপাপ কাৰতকৈ মৃত্যুয়েই শ্রেয়। এই বুলি কৈ অস্ত্ৰ নধৰি অৰ্জুন মনে মনে থাকিল । তাৰ পৰিৱৰ্তে দুর্যোধনহঁতে অস্ত্ৰ ধৰি অৰ্জুনক বধ কৰিলেও তেওঁৰ মংগল। এই বুলি অর্জুনে কৃষ্ণক ক’লে।

প্রশ্ন ৭। তলত দিয়া শব্দবোৰৰ একোটিকৈ সমার্থক শব্দ লিখা।

নিপুণ, সমীপ, বিস্তৰ, সহস্ৰ, সদৃশ, বাদ্য, কৰ-চৰণ, চৰ্ম, শ্ৰুতি

উত্তৰ:

নিপুণ- পাকৈত

বিস্তৰ – প্ৰচুৰ

সদৃশ— সাদৃশ্য

কৰ-চৰণ— হাত-ভৰি

সমীপ— নিকট

সহস্ৰ — হাজাৰ

বাদ্য— বাজনা

চর্ম— ছাল

শ্রুতি— বেদ

প্রশ্ন ৮। তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা।

হুয়া, কহা, চক্ষু, কৰিলা, চাঞো, মঞি, বুলিলা, খাম, ফুঙ্কিলা, বাইলা, ৰহিবে, ৰহো

উত্তৰ:

হুয়া— হৈ

কহা – কয়

চক্ষু – চকু

চাঞো— চাওঁ

বুলিলা— ক’লে

ফুঙ্কিলা— ফুকিলে

ৰহিবে—ৰ’ব

কৰিলা— কৰিলে,

মঞ্চি — মই খাম খায়

বাইলা— ক’লে

ৰহো—ৰ’বা।

প্রশ্ন ৯। ভট্টদেৱৰ গদ্যৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। [HSLC.’17 ]

উত্তৰ : ‘কথা ভাগৱত’ ৰচনা কৰোঁতে ভট্টদেৱে কিছু পৰিমাণে কাব্যিকতাৰ সহায় লৈছে। তেওঁ কথাগীতা, কথা ভাগৱত আৰু কথা-ভক্তিৰত্নাৱলী ৰচনা কৰি পুৰণি অসমীয়া কথা সাহিত্যৰ ভেটি টনকিয়াল কৰে। ভট্টদেৱে দামোদৰ দেৱৰ আজ্ঞা অনুসাৰে ভাগৱত কথা ৰচনা কৰিছিল৷ ‘কথা-ভাগৱত’ আৰু ‘কথা-গীতা’ত কবিয়ে নিজকে কবিৰত্ন হিচাপে আত্ম-পৰিচয় প্ৰদান কৰা দেখা যায়।

বাণীকান্ত কাকতিয়ে কথা-ভাগৱতৰ শব্দচয়ন সংস্কৃত শব্দেৰে ভাৰাক্ৰান্ত বুলি উল্লেখ কৰিছে। তেওঁৰ ভাষা কাব্যত ভাগৱতৰ ভাঙনি কৰোঁতাসকলতকৈ কম ঘৰুৱা বুলি উল্লেখ কৰিছে। কিন্তু কথা-গীতা, কথা ভাগৱতৰ দৰে দাৰ্শনিক তত্ত্বৰে পৰিপূৰ্ণ গ্ৰন্থ ঘৰুৱা ভাষাত ৰচনা কৰাটো অতি কঠিন। কিয়নো, ভট্টদেৱে গদ্য ৰচনা কৰাৰ সময়ত তেওঁৰ আগত তেনে কোনো আদর্শ নাছিল।

আনহাতে গ্ৰন্থ দুখনিৰ মহত্ব আৰু গাম্ভীৰ্যৰ প্ৰতিও সততে লক্ষ্য ৰাখিবলগীয়া হৈছিল। কিন্তু, তৎসম শব্দৰ মাজে মাজে য’তেই সুবিধা পাইছে। তাতেই ভট্টদেৱে দেশজ শব্দৰ প্ৰয়োগ কৰিছে। মাজে মাজে জতুৱা ঠাচৰ প্ৰয়োগো দেখা যায়। ভট্টদেৱৰ কথা ভাগৱতখন মূল ভাগৱতৰ শ্লোকানুবাদ নহয় সাৰানুবাদহে। কথাৰ ওপৰত ভট্টদেৱৰ অগাধ দখল থাকিলেও কথা-ভাগৱত কাব্যিক সৌন্দৰ্যৰে পৰিপূৰ্ণ।

ভট্টদেৱৰ গদ্যই বৈয়াকৰণিক দিশৰ উপৰি ধৰ্মীয় তত্ত্বক যুক্তিপূৰ্ণভাৱে উপস্থাপন কৰাত গুৰুত্ব দিছিল । দুয়োখন গ্ৰন্থ ৰচনা কৰোঁতে ভট্টদেৱে শ্ৰীধৰ স্বামীৰ টীকাক অনুসৰণ কৰিছে। মূলৰ অধ্যয়নসমূহৰ সৈতে সংগতি ৰাখি ভট্টদেৱে গদ্যত সংস্কৃত ব্যাকৰণ ৰীতি অনুসৰণ কৰা দেখা যায়।

ভট্টদেৱে গীতা অনুবাদ কৰোঁতে শ্ৰীধৰ স্বামীৰ সুবোধিনী টীকা অনুসৰণ কৰিছে। তেওঁৰ গীতা ব্যাখ্যা ভক্তিপ্রধান। ইয়াত জ্ঞান আৰু কৰ্মতকৈ ভক্তিৰ ওপৰত অধিক গুৰুত্ব দিয়া দেখা যায় ।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। অতি চমু উত্তৰ দিয়া :

(ক) অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা কোন?

উত্তৰ : বৈকুণ্ঠনাথ ভাগৱত ভট্টাচার্য।

(খ) ভট্টদেৱে ৰচনা কৰা গদ্যপুথিকেইখন কি কি?

উত্তৰ : কথা-গীতা, কথা-ভাগৱত আৰু কথা-ভক্তিৰত্নাৱলী।

(গ) ভট্টদেৱৰ সম্পূর্ণ নাম কি?

উত্তৰ : বৈকুণ্ঠনাথ ভাগৱত ভট্টাচার্য।

(ঘ) ভট্টদেৱৰ পিতৃ-মাতৃৰ নাম কি?

উত্তৰ: পিতৃৰ নাম পুৰোষোত্তম ভাৰতী আৰু মাতৃৰ নাম তাৰা দেৱী।

(ঙ) ভট্টদেৱৰ ঘৰ ক’ত আছিল? [HSLC.20]

উত্তৰ : বজালীৰ ওচৰৰ বিমানকুছিত ভট্টদেৱৰ ঘৰ আছিল।

(চ) ভট্টদেৱে কাৰ ওচৰত শৰণ লৈছিল ? [HSLC. ‘2019]

উত্তৰ : বৈকুণ্ঠনাথে শিক্ষা সমাপ্ত কৰি দামোদৰদেৱৰ ওচৰত শৰণ লয়।

(ছ) ভট্টদেৱে কাৰ অনুৰোধত ভাগৱত ব্যাখ্যা কৰিছিল ?

উত্তৰ: বৰনগৰৰ ৰাইজৰ অনুৰোধ ক্ৰমে ভাগৱত ব্যাখ্যা কৰি তেওঁ কবিৰত্ন উপাধি লাভ কৰে।

(জ) ভট্টদেৱক কোনে কথাত ভাগৱত ৰচনা কৰিবলৈ পৰামৰ্শ দিছিল?

উত্তৰ: বৰনগৰত থকা কালতে দামোদৰদেৱে তেওঁক কথাত ভাগৱত ৰচনা কৰিবলৈ পৰামৰ্শ দিছিল।

(ঝ) ভট্টদেৱৰ আগতে কোনে ভাগৱতৰ ভাঙনি কৰিছিল?

উত্তৰ : ভট্টদেৱৰ আগতে শংকৰদেৱে ভাগৱতৰ ভাঙনি কৰিছিল

(ঞ) ভট্টদেৱৰ কথা-ভাগৱতখন শ্লোকানুবাদ নে সাৰানুবাদ?

উত্তৰ : ভট্টদেৱৰ কথা-ভাগৱতখন শ্লোকানুবাদ নহয়, সাৰানুবাদহে।

(ট) ভট্টদেৱৰ গদ্যত বৈয়াকৰণিক দিশৰ উপৰি কি আছে?

উত্তৰ : ভট্টদেৱৰ গদ্যত বৈয়াকৰণিক দিশৰ উপৰি ধৰ্মীয় তত্ত্বৰ যুক্তিপূৰ্ণ উপস্থাপন কৰা হৈছে।

(ঠ) ভট্টদেৱে অনুবাদকৰ্মত কি টীকাৰ সহায় লৈছে?

উত্তৰ: ভট্টদেৱে গীতা অনুবাদ কৰোঁতে শ্রীধৰ স্বামীৰ সুবোধিনী টীকাৰ সহায় লৈছে।

(ড) ভট্টদেৱে কি কাৰণে ভক্তিপ্ৰধান টীকা অনুসৰণ কৰিছিল ?

উত্তৰ: বৈষ্ণৱসকলৰ প্ৰীতিৰ বাবে।

(ঢ) ভট্টদেৱে শ্ৰীধৰ স্বামীৰ লগতে কাৰ কাৰ টীকাৰ সহায় লৈছিল ?

উত্তৰ : ভট্টদেৱে শ্ৰীধৰ স্বামীৰ টীকাৰ লগতে ঠায়ে ঠায়ে শংকৰী আৰু ভাস্কৰী টীকাৰো সহায় লৈছে।

(ণ) ভট্টদেৱে শংকৰী ভাস্কৰী, শ্রীধৰী আৰু দামোদৰী টীকাৰ ভিতৰত কাৰ টীকাৰ প্রতি অধিক আকৰ্ষিত হৈছিল?

উত্তৰ : ভট্টদেৱে ভাগৱত আৰু গীতাৰ অনুবাদত শ্রীধৰ স্বামীৰ টীকাৰ দ্বাৰা অধিক আকৰ্ষিত হৈছে।

(ত) ভীমৰ শঙ্খটোৰ নাম কি?

উত্তৰ : ভীমৰ শঙ্খটোৰ নাম পৌণ্ড্রক।

(থ) যুধিষ্ঠিৰৰ শংখটোৰ নাম কি?

উত্তৰ : যুধিষ্ঠিৰৰ মহাশংখটোৰ নাম আছিল অনন্ত।

(দ) নকুল আৰু মহাদেৱে বজোৱা শংখ দুটাৰ নাম লিখা।

উত্তৰ : নকুলে সুঘোষ আৰু সহদেৱে মণিপুষ্প নামৰ শংখ বজালে।

(ধ) ভট্টদেৱৰ সংস্কৃতত লিখা গ্রন্থদুখন কি কি ?

উত্তৰ : ভক্তিসাৰ আৰু ভক্তিবিবেক।

(ন) বিষাদযোগ পাঠটি ক’ৰ পৰা লোৱা হৈছে?

উত্তৰ : বিষাদযোগ পাঠটি কথা-গীতাৰ পৰা তুলি দিয়া হৈছে।

(প) ভট্টদেৱৰ গুৰু কোন?

উত্তৰ : দামোদৰদেৱ।

প্রশ্ন ১। চমু উত্তৰ দিয়া :

(ক) ধৃতৰাষ্ট্ৰই সঞ্জয়ক কি বুলি প্ৰশ্ন কৰিছিল ?

উত্তৰ : হে সঞ্জয় মোৰ পুত্ৰসব, পাণ্ডুপুত্ৰসব ধৰ্মভূমি কুৰুক্ষেত্ৰত যুদ্ধৰ বাবে মিলিত হৈ কি কৰ্ম কৰিছে, মোক সবিশেষ কোৱা।

(খ) ধৃতৰাষ্ট্ৰৰ কথাত সঞ্জয়ে কি উত্তৰ দিলে? [HSLC. ‘2019]

উত্তৰ: সঞ্জয়ে ক’লে— জানা ৰাজা পাণ্ডৱৰ সেনাসকলে বেহুৰ দৰে সজ্জিত হৈ থকা দেখি তোমাৰ পুত্ৰ দুর্যোধনে দ্রোণাচাৰ্যৰ ওচৰলৈ গৈ ক’বলৈ ধৰিলে— ‘হে আচাৰ্য, পাণ্ডৱসকলৰ বিস্তৰ সেনাবাহিনীলৈ চোৱা। দ্ৰুপদৰ পুত্ৰ শিষ্য ধৃষ্টদ্যুম্নে বেহু পাতি আছে।

ভীমাৰ্জ্জুনসহ মহা ধনুৰ্দ্ধৰসবো আছে। তেওঁলোকৰ ভিতৰত সাত্যকি, বিৰাট, চেকিতান, কাশীৰাজ, পুৰুজিত, কুন্তীভোজ, সুধামন্যু, দ্রৌপদীৰ পাঁচপুত্ৰ, প্ৰতিবিন্ধাদি প্রভৃতি মহাৰথীসকল আছে।

(গ) মহাৰথী কোন?

উত্তৰ: যিসকলে অকলে দহ হাজাৰ ধানুকীৰ সৈতে যুঁজিব পাৰে তেওঁলোকক মহাৰথী বোলে।

(ঘ) কৌৰৱৰ মাজত কোন কোন বিশিষ্ট সেনাপতি আছিল?

উত্তৰ : কৌৰৱ সেনাৰ মাজত উপস্থিত থকা বিশিষ্ট সেনাপতিসকল আছিল গুৰু দ্রোণ, পিতামহ ভীষ্ম, কৰ্ণ মহাৰথী, কৃপ অগ্রগণী, অশ্বত্থামা, বিকৰ্ণ আৰু সোমদত্ত পুত্ৰ ভূৰিশ্ৰৱা। তাৰ বাহিৰেও দুর্যোধনৰ বাবে প্ৰাণ দিবলৈ আগবাঢ়ি অহা ভালেমান অস্ত্রত নিপুণ, যুক্তিবিশাৰদ বীৰ আছে।

(ঙ) পাণ্ডৱৰ সেনাবাহিনী দেখি দুৰ্যোধনৰ কেনে ধাৰণা হৈছিল ?

উত্তৰ : ইমানবোৰ বীৰযুদ্ধ হৈও ভীষ্মকে ধৰি সেনাপতিসকল লগ হৈ একাদশ অক্ষৌহিণী সেনায়ো যেন পাণ্ডৱৰ সৈতে যুঁজিবলৈ সক্ষম নহয় এনে ধাৰণা হৈছে।

(চ) পাণ্ডৱৰ সেনাবাহিনীৰ পৰিমাণ কিমান?

উত্তৰ : কৌৰৱৰ বিপৰীতে মাত্র সাত অক্ষৌহিণী সেনা লৈয়েই ভীমৰ নেতৃত্বত পাণ্ডৱসকলে যুদ্ধৰ বাবে নিজৰ সমৰ্থতা প্ৰকাশ কৰিছে। গতিকে তোমালোকে যুদ্ধক্ষেত্ৰত থাকি ভীমক ভালমতে ৰক্ষা কৰিবা। ধর্মযুদ্ধত সমুখৰ পৰা যুদ্ধ কৰোঁতে যেন কোনেও পিছফালৰ পৰা প্ৰহাৰ নকৰে। কাৰণ ভীষ্মৰ জীৱনেই কৌৰৱৰ জীৱন।

(ছ) ৰজাক সন্তোষিত কৰিবৰ কাৰণে ভীষ্মই কি কৰিলে?

উত্তৰ : কুৰুবীৰ ভীষ্মই ৰজাক সন্তোষিত কৰিবৰ কাৰণে সৰ্বপ্ৰকাৰ ভয়ংকৰ সিংহসদৃশ মহানাদ ধ্বনি কৰি শংখ বজালে ৷ সেনাপতি ভীষ্মৰ ৰণোদ্যম দেখি অন্যান্যসকলেও শংখ, ভেৰী, আনক, গোমুখ আদি বাদ্যেৰে মহাকোলাহলৰ সৃষ্টি কৰিলে ৷

(জ) কৃষ্ণাৰ্জ্জুনে কি কি শংখ বজাইছিল? তেওঁলোকে কিহত উঠি শংখ বজাইছিল?

উত্তৰ : শুক্লবর্ণ চাৰিটা ঘোঁৰাচালিত মহাৰথত উঠি কৃষ্ণাৰ্জ্জুনে দিব্য শংখ বজালে। শ্রীকৃষ্ণই পাঞ্জজন্য শংখ আৰু অৰ্জ্জুনে দেৱদত্ত শংখ বজালে।

(ঝ) পাণ্ডৱ পক্ষৰ কোনে কোনে শংখ বজাইছিল?

উত্তৰ : কাশীৰাজ, সাত্যকি, ধৃষ্টদ্যুম্ন, বিৰাট, দ্রুপদ, দ্রৌপদীৰ পঞ্চপুত্ৰ, সুভদ্ৰাৰ পুত্ৰ অভিমন্যু আদি সকলোৱে নিজৰ নিজৰ শংখ বজালে।

(ঞ) পাণ্ডৱৰ মহাশংখৰ ধ্বনিয়ে কৌৰৱক কেনেদৰে শংকিত কৰিছিল ?

উত্তৰ: পাণ্ডৱৰ সন্মিলিত মহাশংখৰ মহাধ্বনিয়ে আকাশ-পৃথিৱীৰ সৈতে দশোদিশে খলকনি তোলাত কৌৰৱৰ মহাভয় উপজিল, হৃদয় কম্পিত হ’ল।

(ট) অর্জুনে যুদ্ধক্ষেত্ৰত প্ৰৱেশ কৰি সন্মুখত কৌৰৱসেনাক দেখি কি কৰিলে?

উত্তৰ : অর্জুনে যুদ্ধক্ষেত্ৰত প্ৰৱেশ কৰি সন্মুখত কৌৰৱসেনাক দেখি হৃষীকেশ ভগৱন্তক এই কথা জনালে— ‘হে অচ্যুত, এই উভয় সেনাৰ মধ্যত মোৰ ৰথক ৰাখিও, যাৱে যুজন্তা বীৰসবক চাঞো’।

(ঠ) শ্ৰীকৃষ্ণই অৰ্জুনৰ অনুৰোধ শুনি কি কৰিলে ?

উত্তৰ : অর্জুনৰ অনুৰোধ উপেক্ষা কৰিব নোৱাৰি হৃষীকেশ কৃষ্ণই উভয় সেনাৰ মাজত ৰথখন ৰাখিলে আৰু ক’লে ‘হে পাৰ্থ, কুৰুৱীৰসকলক ভালদৰে চোৱা ।

(ড) অর্জুনে উভয়পক্ষৰ মাজত কাক কাক দেখিলে?

উত্তৰ : অর্জুনে চাই দেখিলে যে পিতৃব্য, পিতামহ, আচার্য মাতুল ভ্রাতৃ, পুত্র পৌত্র, সখি শশুৰ আৰু সুহৃদসকল উভয় সেনাৰ মাজত আছে।

(ঢ) যুদ্ধৰ উদ্দেশ্যে আত্মীয়সকল সমবেত হোৱা দেখি কৃষ্ণক অৰ্জুনে কি কৈছিল?

উত্তৰ : যুদ্ধৰ উদ্দেশ্যে আত্মীয়সকল সমবেত হোৱা দেখি অর্জুনে অতি দুখেৰে কৃষ্ণক ক’লে— ‘হে কৃষ্ণ, এই জ্ঞাতিসকল যুদ্ধৰ বাবে যুদ্ধক্ষেত্ৰত উপস্থিত হোৱা দেখি মোৰ হাত-ভৰি কঁপিছে, মুখ শুকাইছে, শৰীৰ কঁপিছে, নোম শিয়ৰিছে, চোৱা হাতৰ পৰা গাণ্ডীৱ খহি পৰিছে, গাত উত্তাপ বৃদ্ধি হৈছে। যুঁজিব পাৰিম নে নোৱাৰিম, মনত মতিভ্রম হৈছে, চাৰিওফালে অমংগলৰ চিন দেখা পাইছোঁ। ওপৰত শগুন উৰিছে, শিয়ালবোৰে আৰাও কৰিছে। যুদ্ধত স্বজনক বধি একো ফল নেদেখো, বিজয়ৰো আকাংক্ষা নকৰোঁ, ৰাজ্যৰ ইচ্ছা নাই, সুখক নবাঞ্ছো। হে গোবিন্দ, আমাৰ ৰাজ্য ভোগক বা কি প্রয়োজন?

(ণ) আততায়ী কোন? [HSLC. 16,19]

উত্তৰ : যদিও ধৃতৰাষ্ট্ৰৰ পুত্ৰসকলে পাণ্ডৱক বিষ দিব বিচাৰিছে, অগ্নি দিছে, ধনসর্বস্ব হৰিছে, ৰাজ্যভোগ কাঢ়ি নিছে, ভাৰ্যাকো অপকাৰ কৰিছে, অস্ত্ৰ ধৰি যুঁজিছে, — এই ছয় দোষত দোষী কাৰণে তেওঁলোক আততায়ী।

(ত) আততায়ীক বধত দোষ আছেনে?

উত্তৰ : অর্থশাস্ত্ৰৰ মত অনুসৰি আততায়ীক বধ কৰিলেও কোনো দোষ নহয়। তথাপি ধৰ্মশাস্ত্ৰৰ মতে তেওঁলোকক বধ কৰিলে আমাক দোষে ছুব।

(থ) কুলক্ষয় হ’লে কি হ’ব?

উত্তৰ: কুলক্ষয় হ’লে কুলধৰ্ম নষ্ট হ’ব, ধৰ্ম নষ্ট হ’লে অৱশিষ্ট কুললৈয়ো অধর্ম বিয়পিব। অধর্ম বিয়পিলে স্ত্রীসকল দুষ্ট হ’ব আৰু বৰ্ণসংকৰ সন্তানৰ জন্ম হৈ কুলে নৰকগতি লাভ কৰিব।

(ন) অর্জুনে কেনেধৰণৰ মহাপাপ কৰিবলৈ আগবঢ়া বুলি আক্ষেপ কৰিছে?

উত্তৰ : ৰাজ্যসুখৰ লোভত স্বজনক বধ কৰাটো মহাপাপ। অর্জুনে এনে মহাপাপ কৰিবলৈ আগবঢ়া বুলি আক্ষেপ কৰিছে ।

(প) অধর্মই ব্যাপিলে কি হয়?

উত্তৰ: অধৰ্মই ব্যাপিলে কুলস্ত্ৰীসকল দুষ্টা হয় আৰু তেওঁলোক দুষ্টা হ’লৈ বৰ্ণসংকৰ হ’ব। লগতে কুলে নৰকগতি লাভ কৰিব। পিতৃসকল সুপ্তপিণ্ড জলাঞ্জলিহীন হ’ব।

(ফ) ভট্টদেৱৰ ৰচনা সমূহ কি কি?

উত্তৰ: কথা-ভাগৱত, কথা-গীতা, কথা-ভক্তিৰত্নাৱলী, শৰণ মলিকা, গুৰু বংশাৱলী, প্ৰসংগমালা আৰু ভক্তিবিবেক।

(ব) কুৰুক্ষেত্ৰ বনৰ আৰম্ভণিত কৃষ্ণ অর্জুন, ভীম, যুধিষ্ঠিৰ, নকুল আৰু সহদেৱে বজোৱা শংখকেইটাৰ নাম লিখা।[HSLC.’20]

উত্তৰ : কৃষ্ণই পাঞ্চজন্য, অর্জুনে দেৱদত্ত, ভীমে পৌণ্ড্রক, যুধিষ্ঠিৰে অনন্ত, নকুলে সুঘোষ আৰু সহদেৱে মণিপুষ্পক নামৰ শংখ বজাইছিল।

(ভ) ‘যুদ্ধত স্বজন বন্ধে কিছু ফলক নেদখু, বিজয়কো আকাঙ্খা নকৰু, ৰাজ্যক ইচ্ছা নাই, সুখকো নবাঞ্ছো।” —কথাষাৰ কোনে, কাক কেতিয়া কৈছিল? [HSLC. 2011]

উত্তৰ : কুৰুক্ষেত্ৰ ৰণৰ আৰম্ভণিতে দুই সেনাৰ মাজত ৰথ ৰখোৱাত অৰ্জুনে যেতিয়া নিজৰ আত্মীয় স্বজন, ভাই, গুৰু আদি দেখিলে তেতিয়া শোকত অৰ্জুনে সাৰথী শ্ৰীকৃষ্ণক এনে দেৰে কৈছিল।

সামৰণি:

আমি বিশ্বাস কৰোঁ যে এই Class 10 Assamese chapter 15 টোকাবোৰে শিক্ষাৰ্থীসকলক lesson টো বিষয়ে ভালদৰে বুজাবুজি বিকশিত কৰাত আৰু তেওঁলোকৰ পৰীক্ষাৰ বাবে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰিব।

আমি নিশ্চিত যে এই টোকাবোৰে শিক্ষাৰ্থীসকলক তেওঁলোকৰ লক্ষ্য প্ৰাপ্ত কৰাত আৰু তেওঁলোকৰ শৈক্ষিক প্ৰদৰ্শন বৃদ্ধি কৰাত সহায় কৰিব। যদি আপুনি এই প্ৰবন্ধটো ভাল পায় আৰু সহায়ক হয় তেন্তে আপোনাৰ বন্ধুবৰ্গৰ সৈতে Share কৰিবলৈ নাপাহৰিব।

Leave a Comment

error: Content is protected !!