Class 10 Assamese Lesson 14 |ধৰ ঝাড়ু ধৰ ভাই| Questions Answer

Class 10 Assamese Lesson 14 |ধৰ ঝাড়ু ধৰ ভাই| Questions Answer: আমাৰ ৱেবছাইটলৈ স্বাগতম! আপোনাৰ শৈক্ষিক যাত্ৰাৰ বাবে আপোনাক দশম শ্ৰেণীৰ Notes প্ৰদান কৰি আমি আনন্দিত।

দশম শ্ৰেণী শিক্ষাৰ্থীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ বছৰ কিয়নো তেওঁলোকে আগন্তুক ব’ৰ্ড পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰে, যি তেওঁলোকৰ শৈক্ষিক সফলতা নিৰ্ধাৰণ কৰিব।

আজি, এই প্ৰবন্ধটোত মই আপোনাৰ দশম শ্ৰেণীৰ Assamese Lesson 14 “ধৰ ঝাড়ু ধৰ ভাই” দীঘলয়া আৰু চুটি প্ৰশ্ন আলোচনা কৰিম| আমি প্ৰায় সকলো দীঘলয়া আৰু চুটি প্ৰশ্ন প্ৰদান কৰিছোঁ।

আমাৰ লক্ষ্য হৈছে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰা। আমি ইয়াত বিনামূলীয়াকৈ Notes সমূহ প্ৰদান কৰিছো। আমি আপোনাক আগন্তুক পৰীক্ষাৰ বাবে শুভেচ্ছা জনাইছো। যদি আপোনাৰ কোনো সন্দেহ আছে তেন্তে আমাৰ সৈতে যোগাযোগ কৰক।

পাঠভিত্তিক প্রশ্নোত্তৰ

ভাববিষয়ক প্রশ্নোত্তৰ :

প্রশ্ন ১। অতি চমু উত্তৰ লিখা—

(ক) অম্বিকাগিৰি ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল ?

উত্তৰ : ‘অসম কেশৰী’ আখ্যা।

(খ) ‘সাতাম পুৰুষীয়া সোণৰ চোতাল-ঘৰ’ কিহেৰে পোত খাই আছে বুলি কৰিয়ে কৈছে?

উত্তৰ : ‘কত যুগৰ ভূঁহৰ পৰি’ পোত খাই আছে বুলি কবিয়ে কৈছে।

(গ) আজিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি বেশেৰে ঝাড়ু ধৰিবলৈ কৈছে?

উত্তৰ : বীৰ বেশেৰে।

(ঘ) কবিয়ে চাই থাকোতে থাকোঁতে মুখ কিহেৰে ভৰি পৰিল বুলিছে?

উত্তৰঃ কাজল ছাইৰে।

প্রশ্ন ২। ‘হ’ল এৱে তোৰ সময় হ’বৰ জাতিৰ ঝাড়ুদাৰ যে ভাই।’

– ইয়াত কবিয়ে কি কাৰণে জাতিৰ ঝাড়ুদাৰ হোৱাৰ সময় হ’লহি বুলি সকীয়াই দিছে?

উত্তৰ : বহু বছৰ ধৰি ভাৰতীবাসীয়ে ব্ৰিটিছৰ গোলামী কৰি ‘ধাৰে-ঋণে জীৱন দিয়ো’ হিনে-ঘিণে তেওঁলোকৰ চৰণৰ পূজা কৰি থাকিল। ভাৰতবাসীৰ মাজত ‘হিংসা-দ্বেষৰ, ভেদাভেদৰ, ঘৃণা-ঘৃণিৰ ভেমৰ কত কি যে মলি মামৰ’ পৰি ‘সোণৰ চোতাল-ঘৰ’ত ‘ক’ত যুগৰ ভূঁহৰ পৰি’ পোত খালে, মুখত ‘কাজল-ছাই’ পৰিল ।

এইবোৰ সাৰি-পুচি আঁতৰাই ভাৰতবৰ্ষৰ তথা অসমক পৰিষ্কাৰ কৰিবলৈ ‘জাতিৰ ঝাড়ুদাৰ’ হোৱাৰ সময় হ’লহি বুলি কবিয়ে সকলোকে সকীয়াই দিছে। নহ’লে চিৰকালেই ভাৰতবাসী তথা অসমবাসীয়ে গোলামি কৰি দুর্বিসহ জীৱন কটাব লাগিব।

প্রশ্ন ৩। ‘নহ’লে যে বিশ্বসভাত

নহ’ব তোৰ বহাৰ ঠাই।”

-বিশ্ব সভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে?

উত্তৰ : কবিতাটি ৰচনাৰ সময়ত ভাৰতবৰ্ষ ব্ৰিটিছৰ অধীনত আছিল। পৰাধীন দেশে কেতিয়াও সুসভ্য জাতিৰ বিশ্বসভাত বহাৰ সুযোগ নাপায়। সেয়ে ভাৰতবাসীৰ মাজত থকা হীনমন্য ভাব, হিংসা-দ্বেষৰ ভেদাভেদৰ, ঘৃণা-ঘৃণিৰ, স্বাৰ্থ-ভেমৰ মলি-মামৰবোৰ আঁতৰাই বীৰ বেশেৰে পৰাধীনতাৰ শিকলি চিঙি জাতিৰ জীৱন মনোহৰ কৰিব পাৰিলেহে ভাৰতবাসীয়ে বিশ্বসভাত বহাৰ ঠাই পাবলৈ সক্ষম হ’ব বুলি কবিয়ে সকীয়াই দিছে।

প্রশ্ন ৪। ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটিৰ মূলভাৱ লিখা।

উত্তৰ : দেশপ্রেমী বিপ্লৱী কবি অম্বিকাগিৰী ৰায়চৌধুৰীদেৱৰ ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটি ৰচনাৰ সময়ত তেওঁ দেশৰ স্বাধনীতাৰ কাৰণে যুঁজাৰ কাৰণেই সশ্রম কাৰাবাস খাটিব লগীয়া হৈছিল। তোমাৰ ভিতৰত ঝাড়ু ধৰি তেওঁ পায়খানা আদি সাৰি-পুচি ঘৰ- দুৱাৰ চিকুণাই তোলাৰ দৰে ইমান দিনে ব্ৰিটিছৰ গোলামী কৰি অজ্ঞান আন্ধাৰত ডুব গৈ আমাৰ মাজত হিংসা-দ্বেষৰ, ভেদা-ভেদৰ, ঘৃণা-ঘৃণিৰ, ভেম-অহংকাৰৰ যিবোৰ মলি-মামৰ গোট খালে তাক সকলোৱে মিলিজুলি, সাৰি-পুছি আমাৰ অন্তৰখন, আমাৰ মাতৃভূমিখন পৰিষ্কাৰ কৰিব লাগে।

তেতিয়াহে আমাৰ গোলামীৰ শিকলি আঁতৰি যাব আৰু মাতৃভূমি দাসত্বৰ পৰা মুক্ত হৈ স্বাধীন দেশ হিচাপে মূৰ দাঙি থিয় হ’ব পাৰিব, বিশ্বৰ সভাৰ সভ্য জাতিৰ একে শাৰীতে বহাৰ সুযোগ লাভ কৰিব। সেয়ে সকলোকে বীৰ বেশেৰে ইয়াৰ বাবে আগবাঢ়ি আহিবলৈ কবিয়ে আহ্বান জনাইছে৷

প্রশ্ন ২। ব্যাখ্যা কৰা

(ক) ‘হিংসা-দ্বেষৰ, ভেদা-ভেদৰ,

ঘৃণা-ঘৃণিৰ, স্বাৰ্থ ভেমৰ

কত যে কি মলি-মামৰ

ভৰি জাতিৰ জীৱন যায়।

উত্তৰ: উদ্ধৃত কবিতাফাঁকি ‘অসম কেশৰী’ বিপ্লৱী কবি অম্বিকাগিৰী ৰায়চৌধুৰীদেৱ ৰচিত ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটিৰ অন্তৰ্গত। দেশপ্রেমিক কবিয়ে দেশক পৰাধীনতাৰপৰা উদ্ধাৰ কৰিবলৈ দেশৰ জন-গণক বীৰ বেশেৰে আগবাঢ়ি আহিবলৈ উদাত্ত কণ্ঠে আহ্বান কৰিবলৈ লৈ এনেদৰে কবিতা ফাঁকিৰ উল্লেখ কৰিছে।

বহু বছৰ ধৰি ব্ৰিটিছৰ গোলামী কৰি ভাৰতৰ জন-গণ অজ্ঞান আন্ধাৰত ডুব গৈ থকাৰ কাৰণে পৰস্পৰৰ ভিতৰত হিংসা-দ্বেষৰ, ভেদা-ভেদৰ, ঘৃণা-ঘৃণিৰ; স্বাৰ্থপৰতা, ভেম-অহংকাৰ আদি কদর্য মলি স্বৰূপ আবৰণে গোটেই জাতিটোকে নিঃস্ব কৰি ৰাখিছে। জাতিটোক ধ্বংসৰ মুখলৈ ঠেলি দিছে। সেয়ে এইবোৰ, আঁতৰাই জাতিটোক উদ্ধাৰ কৰিবলৈ বীৰ বেশেৰে ওলাই আহিবলৈ কবিয়ে সকলোকে আহ্বান জনাইছে।

(খ) ‘ধৰ ঝাড়ু ধৰ ভাই !

আৰু চাবৰ সময় নাই

চাই থাকোতে মুখত কেৱল

ভৰিল কাজল ছাই।”

উত্তৰ: উদ্ধৃত কবিতাফাঁকি ‘অসম কেশৰী’ বিপ্লৱী কবি অম্বিকাগিৰী ৰায়চৌধুৰীদেৱ ৰচিত ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটিৰ অন্তৰ্গত। পৰাধীনতাৰ কৱলত পৰি হিংসা-দ্বেষৰ, ভেদা-ভেদ আদিৰ মলি-মামৰে কদৰ্য হৈ পৰা দেশখনক উদ্ধাৰ কৰিবলৈ দেশবাসীক আহ্বান জনাবলৈ গৈ কবিয়ে কবিতাটিৰ আৰম্ভণিতে এনেদৰে উল্লেখ কৰিছে।

কবিয়ে অন্তৰেৰে উপলব্ধি কৰিছে ভাৰতবাসীয়ে পৰাধীনতাৰ কৱলত পৰি অজ্ঞান অন্ধকাৰৰ কাৰণে নিজৰ ভিতৰতে হিংসা-দ্বেষৰ, ভেদা-ভেদৰ, ঘৃণা-ঋণিৰ, স্বাৰ্থ-ভেমৰ মলি-মামৰেৰে নিজেই ডুব গৈছে। দেশ-জাতি ধ্বংস হৈ যাওঁ যাওঁ অৱস্থা। এই অৱস্থা চাই থাকিও যেন জন-গণৰ জ্ঞান অহা নাই; মুখত ‘কাজল-ছাই’ পৰা মানুহৰ দৰে নিবোকা হৈ চাই আছে। এই দেশ জাতি নিঃশেষ হ’বলৈ ধৰা অৱস্থাত চাই থাকিবৰ আৰু সময় নাই।

ঝাড়ুৰে অপৰিষ্কাৰ ঠাই সাৰি-মছি পৰিষ্কাৰ কৰাৰ দৰে বীৰ-বেশেৰে সকলোৱে ওলাই আহি আমাৰ মাজত থকা হিংসা-দ্বেষ, ভেদা-ভেদ, ঘৃণা-ঘৃণি মিছা ভেম অহংকাৰবোৰ আঁতৰ কৰিবৰ হ’ল বুলি কবিয়ে সকলোকে সকীয়াই দিছে।

প্রশ্ন ৬। ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটোৰ মাজেৰে কবি ৰায়চৌধুৰীদেৱৰ স্বদেশ প্ৰেমৰ ভাব কিদৰে প্ৰকাশ পাইছে লিখা।

উত্তৰ : ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটোৰ কবি অম্বিকাগিৰী ৰায়চৌধুৰীক এগৰাকী বিপ্লৱী কবি বুলি কোৱা হয়। তেওঁ বিপ্লৱ কৰিছিল স্বদেশ প্ৰেমত বলিয়ান হৈ স্বদেশৰ স্বাধীনতাৰ কাৰণে। এই বিপ্লৱী ভাব তথা স্বদেশ প্ৰেমৰ ভাব তেওঁৰ প্ৰায়বোৰ কবিতা, লিখনিৰ আৰু কাৰ্য-কৰণৰ মাজেৰে পৰিস্ফুট হৈ আহিছে। তেওঁৰ তেনে এটি কবিতা হ’ল ধৰ ঝাড়ু ধৰ ভাই’। স্বদেশ প্ৰেমৰ কাৰণে হক কথা কওঁতে, কাম কৰোঁতে তেওঁ সশ্রম গৰাবাস খাটিব লগীয়া হৈছিল আৰু সেই কাৰাবাসৰ সময়ত পায়খানা আদি ঝাডুধৰি নাৰি-পুছি পৰিষ্কাৰ কৰিব লগীয়া হোৱা অৱস্থাতেই তেওঁৰ এই কবিতাটিৰ সৃষ্টি হৈছিল। ই কথাৰ পৰাই বুজিব পাৰি কবিতাটিত স্বদেশ প্ৰেমৰ সুন্দৰ ভাব-ৰাশি নিহিত হৈ আছে।

ঝাড়ুৰে মলি-মামৰ সাৰি-পুছি পৰিষ্কাৰ কৰাৰ বাবে তেওঁ পৰাধীনতাৰ কৱলত থকা নিজৰ দেশখনকো হিংসা-দ্বেষ, ভেদা-ভেদ, ঘৃণা-ঘৃণি, ভেম-অহংকাৰ আদিৰ মলি-মামৰবোৰ আঁতৰাই পৰিষ্কাৰ কৰিবলৈ জনগণক কবিতাটিৰ আৰম্ভণিতেই আহ্বান জনাইছে।

ধৰ ঝাড়ু ধৰ ভাই

আৰু চাবৰ সময় নাই—

চাই থাকোঁতে মুখত কেৱল

ভৰিল কাজল-ছাই।

স্বদেশৰ এনে দুর্গতি, ধ্বংসলীলা কবিয়ে আৰু চাই থাকিব নোৱৰা হৈছে। অজ্ঞান আন্ধাৰত ডুব গৈ এনেদৰে চাই থাকোঁতেই চাৰিওফালে যেন স্বদেশৰ, স্বদেশবাসীৰ মুখত ছাই পৰি লেতেৰা কৰি পেলাইছে। এসময়ৰ গৌৰৱময় ভাৰত আজি নিঃস্ব, নিঃশেষ হ’বলৈ ধৰিছে। তেওঁ খেদ কৰি কৈছে –

সাতাম পুৰুষৰ

আহা! সোণৰ চোতাল-ঘৰ

ক’ত যুগৰ ভূঁহৰ পৰি

আছে যে পোত খাই।

সেই কাৰণেই তেওঁ ব্যথিত অন্তৰেৰে আমাৰ মাজত থকা সকলো প্ৰকাৰৰ হিংসা- দ্বেষৰ, ভেদা-ভেদ, ঘৃণা-ঘৃণিৰ, স্বার্থ ভেমৰ ভাব পাহৰি একগোট হৈ নিজৰ দেশ, জাতি উদ্ধাৰ কৰিবলৈ জনগণক উদাত্ত কণ্ঠেৰে আহ্বান জনাইছে— •

বীৰ বেশেৰে ধৰ ঝাড়ু ধৰ

জাতিৰ জীৱন কৰ মনোহৰ

তেতিয়াহে ভাৰতবাসীয়ে বিশ্বৰ সভ্য সমাজৰ সভাত একেলগে বহাৰ ঠাই পাব। ইয়াৰ ব্যতিক্ৰম হ’লেই আমাৰ বিপদ—

নহ’লে যে বিশ্বসভাত

নহ’ব তোৰ বহাৰ ঠাই— বুলি কবিয়ে সকীয়াই দিছে।

ভাষা বিষয়ৰ প্ৰশ্নোত্তৰ :

প্রশ্ন ১। তলত দিয়া যুৰীয়া শব্দবোৰেৰে একোটিকৈ বাক্য ৰচনা কৰা।

(ক) হীনে-ঘিণে (খ) ধাৰে-ঋণে, (গ) ঘৃণা-ঘৃণি, (ঘ) জাহি-জাবৰ (ঙ) সাৰি-পুছি, (চ) মলি-মামৰ

উত্তৰ:

(ক) হীনে-ঘিণে : সমাজত হীনে-ঘিণে জীয়াই থকাটো নিষ্ফল জীৱন।

(খ) ধাৰে-ঋণে : গোটেই জীৱনটো ধাৰে-ঋণে চলিব নালাগে।

(গ) ঘৃণা-ঘৃণি: মানুহৰ মাজত থকা ঘৃণা-ঘৃণিয়ে অশান্তিৰ সৃষ্টি কৰে।

(ঘ) জাহি-জাবৰ: জাহি-জাবৰবোৰ সাৰি-পুছি পৰিষ্কাৰ কৰিলেহে মনত শান্তি পোৱা যায়।

(ঙ) সাৰি-পুছিঃ লেতেৰাবোৰ সাৰি-পুছি থাকিলেহে ঠাই পৰিষ্কাৰ হৈ থাকে।

(চ) মলি-মামৰ: হিংসা-দ্বেষ, ভেদা-ভেদ, ঘৃণা-ঘৃণি, স্বার্থ-ভেম আদি সমাজৰ মলি- মামৰ স্বৰূপ।

প্রশ্ন ২। তলৰ শব্দৰোৰত মূৰ্দ্ধন্য ‘ণ’ হোৱাৰ কাৰণ দর্শোৱা৷

(ক) সোণ, (খ) ঘৃণা, (গ) ঋণ

উত্তৰ:

(ক) সোণ-সোণ শব্দত স্বাভাৱিকতে মূৰ্দ্ধন্য ‘ণ’ হয়।

(খ) ঘৃণা – ঋ ( ) ৰ পাছত বহা ‘ন’ মূৰ্দ্ধন্য ‘ণ’ হয়।

(গ) ঋণ – ঋ () ৰ পাছত বহা ‘ন’ মূৰ্দ্ধন্য ‘ণ’ হয়।

প্রশ্ন ৩। বিপৰীত শব্দ লিখা :

(ক) ঘৃণা, (খ) স্বার্থ, (গ) জীৱন, (ঘ) বীৰ

উত্তৰ :

(ক) ঘৃণা-মৰম

(খ) স্বার্থ- নিস্বাৰ্থ, উদাৰ

(গ) জীৱন- মৰণ

(ঘ) বীৰ- ভীৰু

শব্দাৰ্থ আৰু টোকা :

কাজল ছাই: কলংক, পৰাধীনতা, কালিমা, ক’লা চিন।

সোণৰ চোতাল : সোণ অতি মূল্যৱান উজ্জ্বল ধাতু। সোণৰ দৰেই মূল্যৱান চোতাল এখন, যিখন ঐতিহ্যৰে ভৰপূৰ ৷

যুগৰ ভূহুৰ: বিভিন্ন সময়ত তৰপে তৰপে গোটখাই থকা ভেহনি— অর্থাৎ বহুত দিন ধৰি গোট খাই থকা জাবৰ-জোঁথৰ, মলি ইত্যাদি।

গোলামি: : অধীনত থকা, আনৰ তলত থকা,— য’ত নিজৰ কোনো ধৰণৰ স্বাধীনতা নাথাকে।

সাতামপুৰুষীয়া : সু-প্রাচীন, বহু পুৰুষৰ পৰা চলি অহা ।

হিংসা-দ্বেষ: পৰস্পৰৰ প্ৰতি থকা হিংসাৰ ভাব, খিয়লা-খিয়লি।

চুকে-কোণে: অতি ভিতৰুৱা ঠাইত, সকলো ঠাইতে।

এৱে: এতিয়া

ঝাড়ুদাৰ: যিয়ে ঝাড়ু মাৰে ।

স্বার্থ: একমাত্ৰ নিজৰ কাৰণে কৰা চিন্তা

মনোহৰ: মন হৰণ কৰিব পৰা, সুন্দৰ।

অতিৰিক্ত প্রশ্নোত্তৰ

অতি চমু উত্তৰ দিয়া :

(ক) ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটিৰ কবি কোন?

উত্তৰ : অম্বিকাগিৰী ৰায়চৌধুৰী।

(খ) ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটি কবিয়ে কোন সময়ত লিখিছিল?

উত্তৰ: কবিয়ে সশ্রম কাৰাবাস খাটি পায়খানা পৰিষ্কাৰ কৰিব লগীয়া হোৱা সময়ত।

(গ) সশ্রম কাৰাবাস খাটোতে কবি অম্বিকাগিৰী ৰায়চৌধুৰীক কি কাম কৰিবলৈ দিয়া হৈছিল ?

উত্তৰ : পায়খানা চাফা কৰিবলৈ দিয়া হৈছিল।

(ঘ) কোন চনত অম্বিকাগিৰী ৰায়চৌধুৰীক সশ্রম কাৰাদণ্ড বিহা হৈছিল?

উত্তৰ: ১৯২১ চনত।

(ঙ) অসম সহিত্য সভাৰ ক’ত অনুষ্ঠিত অধিৱেশনত অম্বিকাগিৰী ৰায়চৌধুৰীয়ে নভাপতিত্ব কৰিছিল ?

উত্তৰ : মাৰ্ঘেৰিটাত অনুষ্ঠিত অধিৱেশনত।

(চ) কোন চনত অম্বিকাগিৰী ৰায়চৌধুৰীয়ে অসম সাহিত্য সভাৰ মাৰ্ঘেৰিটা অধিৱেশনত নভাপতিত্ব কৰিছিল ?

উত্তৰ : ১৯৫০ চনত।

(ছ) অম্বিকাগিৰী ৰায়চৌধুৰীৰ জন্ম আৰু মৃত্যু চন দুটা উল্লেখ কৰা।

উত্তৰ : জন্ম চন ১৮৮৫, মৃত্যু চন ১৯৬৭

(জ) অম্বিকাগিৰী ৰায়চৌধুৰীৰ পিতৃৰ নাম কি আছিল ?

উত্তৰ : কৃষ্ণৰাম ৰায়চৌধুৰী।

(ঝ) অম্বিকাগিৰী ৰায়চৌধুৰীৰ কাব্যগ্রন্থ এখনিৰ নাম লিখা।

উত্তৰ : ‘বীণা’

(ঞ) ‘অম্বিকাগিৰী ৰায়চৌধুৰীক ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটি কি ভাবৰ কবিতা?

উত্তৰ : দেশপ্ৰেমৰ কবিতা ।

(ট) ‘পৰগোলামি হীনে-ঘিনে’ – কাৰ গোলামিৰ কথা কোৱা হৈছে?

উত্তৰ : ব্ৰিটিছৰ গোলামিৰ কথা ।

(ঠ) ‘পূজা দিলি পৰ চৰণত’— কাৰ চৰণত পূজা দিয়াৰ কথা কৈছে?

উত্তৰ : ব্ৰিটিছৰ চৰণত পূজা দিয়াৰ কথা কোৱা হৈছে।

(ড) ‘কত যুগৰ ভূঁহৰ পৰি

আছে যে পোত খাই।”— ইয়াত ভূঁহৰ শব্দই কি অর্থ বুজাইছে?

উত্তৰ : পৰাধীনতাৰ কালিমাক বুজাইছে।

(ঢ) কিহৰ মলি-মামৰ সাৰি-পুছি পৰিষ্কাৰ কৰাৰ কথা কবিয়ে কৈছে?

উত্তৰ : আমাৰ মাজত থকা হিংসা-দ্বেষ, ভেদা-ভেদ, ঘৃণা-ঘৃণি, স্বাৰ্থ-ভেমৰ মলি-মামৰ।

(ণ) কিহৰ ‘মলি-মামৰ ভৰি জাতিৰ জীৱন যায়’ বুলি কবিয়ে কৈছে?

উত্তৰ : হিংসা-দ্বেষৰ, ভেদা-ভেদৰ, ঘৃণা-ঘৃণি, স্বাৰ্থ ভেমৰ মলি-মামৰ।

(ত) কি ‘বিশ্বসভাত নহ’ব তোৰ বহাৰ ঠাই’ বুলি কবিয়ে কৈছে?

উত্তৰ : বিশ্বৰ স্বাধীন আৰু সভ্য দেশৰ লগত একেশাৰীতে বহাৰ ঠাই নহ’ব বুলি কৈছে।

(থ) অম্বিকাগিৰী ৰায়চৌধুৰীৰ প্ৰথম প্রকাশিত কবিতাপুথিখনিৰ নাম কি?

উত্তৰ: ‘তুমি’ (১৯১৬)

(দ) অম্বিকাগিৰী ৰায়চৌধুৰীৰ এখনি গদ্য সংলনৰ নাম লিখা।

উত্তৰ : ‘আহুতি’

(ধ) ‘জাতিৰ জীৱন কৰ মনোহৰ’— কেনেকৈ?

উত্তৰ: জাতিৰ মাজত থকা হিংসা-দ্বেষ, ভেদা-ভেদ, ঘৃণা-ঘৃণি স্বার্থ-ভেম’ আদি আঁতৰাই জাতিৰ জীৱন মনোহৰ কৰিবলৈ কৈছে।

(ন) ‘বিশ্বসভা ই কি বুজাইছে?

উত্তৰ : সভ্য মানুহৰ সমাজক বুজাইছে।

(প) ‘জাহি-জাবৰ’ শব্দই কি বুজাইছে?

উত্তৰ : জাতিৰ মাজত থকা হিংসা-দ্বেষ, ভেদা-ভেদ, ঘৃণা-ঘৃণি, স্বার্থ-ভেম আদিক বুজাইছে।

(ফ) ‘সোণৰ চোতাল’ কাক বোলা হৈছে?

উত্তৰ: অসমখনক বোলা হৈছে।

সামৰণি

আমি বিশ্বাস কৰোঁ যে এই Class 10 Assamese chapter 14 টোকাবোৰে শিক্ষাৰ্থীসকলক lesson টো বিষয়ে ভালদৰে বুজাবুজি বিকশিত কৰাত আৰু তেওঁলোকৰ পৰীক্ষাৰ বাবে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰিব।

আমি নিশ্চিত যে এই টোকাবোৰে শিক্ষাৰ্থীসকলক তেওঁলোকৰ লক্ষ্য প্ৰাপ্ত কৰাত আৰু তেওঁলোকৰ শৈক্ষিক প্ৰদৰ্শন বৃদ্ধি কৰাত সহায় কৰিব। যদি আপুনি এই প্ৰবন্ধটো ভাল পায় আৰু সহায়ক হয় তেন্তে আপোনাৰ বন্ধুবৰ্গৰ সৈতে Share কৰিবলৈ নাপাহৰিব।

1 thought on “Class 10 Assamese Lesson 14 |ধৰ ঝাড়ু ধৰ ভাই| Questions Answer”

Leave a Comment

error: Content is protected !!