Class 10 Assamese Lesson 13 |কানাইৰ চাতুৰী | Question Answer

পাঠভিত্তিক প্রশ্নোত্তৰ

প্রশ্ন ১। অতি চমু উত্তৰ দিয়া :

(ক) কৃষ্ণক টোপনিৰ পৰা জগাবলৈ কোনে আহি যশোদাক কৈছিল?

উত্তৰ : গোপশিশুসকলে খেলিবৰ বাবে কৃষ্ণক জগাবলৈ কৈছিল।

(খ) কৃষ্ণই কিমান দিন টোপনিৰ পৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল ?

উত্তৰ : কৃষ্ণই চাৰি-পাঁচ দিন একেৰাহে শুই থাকিব নোখোৱা নোবোৱাকৈ, গৰু চৰাবলৈকো নাযায়। ‘দিন চাৰি পাঞ্চ, নুঠিবো নখাইবো, নযাইবো গোৰক্ষ থানে।’

(গ) দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল ? [HSLC.’17, 22]

উত্তৰঃ মোহিনীৰূপ ।

(ঘ) কপিল মুনিৰ মাতৃ কোন আছিল ? [HSLC.’16, 18, 22]

উত্তৰ : দেৱহুতি।

(ঙ) কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল ?

উত্তৰ : বামন ৰূপ।

প্রশ্ন ২। তথাপি তোহোক দেখন্তে ডৰত

উৰি যায় মোৰ জীউ।’

এই কথাষাৰ কাৰ উক্তি? কাক দেখি কিয় তেওঁৰ ভয়তে জীউ উৰি যায় বুজাই লিখা। [M.Q.’15, HSLC.’18, 22]

উত্তৰ : এইষাৰ কৃষ্ণৰ উক্তি । কৃষ্ণই আত্ম পৰিচয় প্ৰদান কৰি কৈছে যে তেওঁ নিজেই নাৰায়ণ আৰু জগতৰ মূল কাৰণ। আনহাতে যশোদা গোৱালৰ জীয়াৰী। তথাপিও মাতৃক দেখাৰ লগে লগেই কৃষ্ণৰ জীৱ উৰি যায়। কৃষ্ণই যিমানেই খোৱা-বোৱা নকৰক কিয়, তেওঁৰ অলপো শ্ৰীবৃদ্ধি নহয়।

মাক যশোদাৰ কৃষ্ণৰ প্ৰতি থকা মৰমৰ অভাৱেই তাৰ ঘাই কাৰণ। মাকে কৃষ্ণক ভালদৰে শুবলৈয়ো নিদিয়ে বুলি মিছা অভিযোগ কৰি ৰাতিপুৱা বহু, সময়লৈকে শোৱাপাটীত টোপনিৰ ভাও ধৰি শুই আছিল।

প্রশ্ন ৩। ‘মোহিনী স্বৰূপে অমৃত পিয়ালো

সাধিলো দেৱৰ কাম।’

কোনে মোহিনী ৰূপ ধাৰণ কৰিছিল? তেওঁ কাক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল? খৰচি মাৰি লিখা। [HSLC.’17]

উত্তৰ: কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰিছিল। তেওঁ দেৱতাসকলক অমৃত খুৱাই অমৰত্ব প্ৰদান কৰিছিল। এই অমৃত লাভৰ বাবে দেৱতা আৰু অসুৰ সকলো মিলি সাগৰ মন্থন কৰিছিল যদিও মোহিনী ৰূপেৰে অসুৰক মোহজালত পেলাই দেৱতাক অমৃত পানৰ সুযোগ দিয়া হৈছিল।

প্রশ্ন ৪। মাকৰ কি গুণৰ কথা ক’বলৈ শিশু কৃষ্ণৰ লাজ লাগে বুলি কৈছিল? কথাখিনি তোমাৰ নিজৰ কথাৰে বহলাই লিখা। [HSLC’16]

অথবা, “মোহোৰ মুখত লাজ লাগে বৰ .

তোহোৰ গুণ কহন্তে।”

—কাৰ গুণৰ কথা কোৱা হৈছে? এইবোৰ গুণ কবলৈ বক্তাৰ কিয় লাজ লাগে, বর্ণনা কৰা। [HSLC’19]

উত্তৰ : যশোদাক নগৰবাসীয়ে কাঠবাজী বুলি হাঁহিছিল যদিও কৃষ্ণই তেওঁৰ ঘৰত পুত্ৰৰূপে আহি সেই দুখ দূৰ কৰিলে। তথাপিও যশোদাৰ প্ৰতি কৃষ্ণৰ মৰম নাই। সেয়েকৃষ্ণই মাকৰ গুণৰ কথা ক’বলৈ লাজ লাগে বুলি কৈছিল। যশোদা ‘গোৱালৰ ৰজা নন্দৰ ৰাণী হৈয়ো কৃষ্ণক ছয় ৰতি সোণ খৰচ কৰি এটা সোণৰ বাঁহী তৈয়াৰ কৰি নিদি বাঁহৰ বাঁহী বজাবলৈ দিয়াৰ ফলত দুই ওঁঠ ফাটি তেজ বৈ গৈছে। এনেদৰে সাঁচোতে, গাঁতত পোতোতে ধনত জুই লাগিব। গৰু চৰাবলৈ যাওঁতে পেট ভৰাই খাবলৈ প্ৰয়োজনীয় অন্নমুঠিও যশোদাই নিদিয়ে।

এগৰাহ খাই পিছৰ গৰাহ খাবলৈ নোজোৰাৰ বাবে কৃষ্ণই আধাপেটি হৈ কটাবলগীয়া হয়। গৰু চৰাওঁতে কাঁইটে বিন্ধি তেওঁক নগুৰনাকটি কৰে। কঠিন ৰ’দতো নটুৱা সাজ পিন্ধি গৰু চৰাই ফুৰিব লাগে। কেঁকোৰা চুলিবোৰত ধূলি পৰি কুকুহা পৰি যায়, বহুদিন তেল নসনাৰ বাবে চুলিত জঁটা বান্ধিছে। গতিকে কৃষ্ণই বৃন্দাবন এৰি মথুৰালৈ গুচি যাব আৰু যশোদাই পুত্ৰশোকত কান্দি মৰিব লাগিব। এনেদৰেই কৃষ্ণই যশোদাৰ হৃদয়হীন অন্তৰৰ স্বৰূপ প্ৰকাশ কৰিছে।

প্রশ্ন ৫। চমুটোকা লিখা

বামন, দেৱহুতি, কপিল, শ্ৰীধৰ কন্দলি, দৈৱকী।

বামন: বিষ্ণুৰ পঞ্চম অৱতাৰ। বিষ্ণুৱে বাওনা মানুহৰ ৰূপ লৈ এই অৱতাৰ ধাৰণ কৰিছিল৷ এওঁ দৈত্যৰাজ বলিৰ যজ্ঞলৈ আহি তিনিপদ ভূমি বিচৰা ছলেৰে তেওঁক পাতাললৈ পঠাইছিল। অর্থাৎ দান কৰাৰ বাবে বলিৰ অহংকাৰ নাশ কৰিছিল।

দেৱহুতি : স্বায়ম্ভুৱ মুনিৰ কন্যা। এওঁ কপিল মুনিৰ মাতৃ। মাতৃ দেৱহুতিয়ে কপিলৰ পৰা সাংখ্য দর্শন সম্পৰ্কে শ্ৰৱণ কৰিছিল।

কপিল: এজন প্রসিদ্ধ মুনি। এওঁ সাংখ্য দৰ্শনৰ প্ৰৱৰ্তক। কদম মুনি আৰু স্বায়ম্ভুৱ মুনিৰ কন্যা দেৱহুতিৰ পুত্ৰ। এওঁৰ শাপত সৰগ ৰজাৰ ষাঠী হাজাৰ পুত্ৰ ভস্মীভূত হয়। এওঁক বিষ্ণুৰ আন এক অৱতাৰ বুলিও ধৰা হয়।

শ্ৰীধৰ কন্দলি : শ্ৰীমন্ত শংকৰদেৱৰ পৰৱৰ্তী বৈষ্ণৱ কবি। এওঁৰ কাব্যত বৈষ্ণৱ প্ৰভাৱ সুস্পষ্ট। কন্দলিয়ে ‘কাণখোৱা’ আৰু ‘ঘুনুচা কীৰ্ত্তন’ নামৰ দুখন কাব্য ৰচনা কৰে। কাণখোৱা পুথিখন নিচুকণি গীতৰ আৰ্হিত ৰচনা কৰা।

প্রশ্ন ৬। পাঠটিৰ কাহিনীভাগ তোমাৰ নিজৰ কথাৰে লিখা। [HSLC’19]

উত্তৰ : কানাইৰ চাতুৰী পাঠটিত শ্ৰীকৃষ্ণৰ শিশুসুলভ চাতুৰী প্ৰদৰ্শন কৰা হৈছে। এদিনাখন কৃষ্ণই ছল কৰি বেলি দুপৰীয়ালৈকে শুই থকাত তেওঁক বিচাৰি নন্দৰজাৰ ঘৰত গোপশিশুসকল উপস্থিত হয় আৰু মাতৃ যশোদাৰ ওচৰত তেওঁলোকৰ খেলৰ লগৰীয়া কৃষ্ণক বিচাৰি তেওঁক সোনকালে টোপনিৰ পৰা জগাই দিবলৈ অনুৰোধ কৰে। যশোদাই কৃষ্ণক জগাবৰ কাৰণে নানা ধৰণৰ তোষামোদ কৰিলে যদিও একোতে সৈমান নোহোৱা শিশু কৃষ্ণই অভিমান কৰি ক’লে যে তেওঁৰ মুখত পুত্ৰ নামটো শোভা নাপায়।

তেওঁ বৰঞ্চ নাখাই শুই শুইয়ে কটাব, আনকি গৰু চৰাবলৈয়ো নাযায়। কৃষ্ণই লগতে নিজৰ পৰম পুৰুষত্বৰ ইংগিত দি ক’লে যে তেওঁ স্বয়ং নাৰায়ণ আৰু যশোদা এগৰাকী সাধাৰণ গোৱালৰ জীয়াৰী। মই যিমান খাই শুই থাকিলেও শৰীৰৰ শ্রীবৃদ্ধি নহয়। নিজে ব্রহ্মাণ্ডৰ স্ৰষ্টা আৰু প্ৰতিপালক হৈয়ো মই তোমাৰ ঘৰত গৰু চৰায় কৰকৰা ভাত ভক্ষণ কৰি সাধাৰণ শিশুৰ দৰে জীৱন অতিবাহিত কৰিছোঁ। নাৰায়ণৰূপে মই জলত অনন্ত শয্যাত শয়ন কৰোঁ, মোৰ নাভিপদ্মৰ পৰাই ব্ৰহ্মা জাত হৈছে। মানুহৰ অজ্ঞানতা দূৰ কৰিবৰ কাৰণে ময়েই ব্ৰহ্মাৰ যোগেদি বেদৰ জ্ঞান জনসমাজত প্ৰচাৰ কৰালোঁ ।

তোমাৰ ঘৰলৈ আহি মোৰ সকলো ঐশ্বর্য ধূলিত পৰিণত হ’ল। দেৱতাসকলে অসুৰৰ ভয়ত মোক চিন্তা কৰাত মোৰ চতুৰ্ভুজ ৰূপ দেখি ত্ৰিদশৰ সকলো মোহিত হৈছিল। এতিয়া তুমি মোক কলীয়া কলীয়া বুলি মাতি অপমান কৰিছা। মোহিনী ৰূপ ধাৰণ কৰি দেৱতাৰ মংগল সাধন কৰা মোক তুমি দধিচোৰ নামহে দিলা। কপিল অৱতাৰত মাতৃ দেৱহুতিক ধৰ্মৰ তত্ত্ব উপদেশ দি, বামণ অৱতাৰত মই বলিক ছলনা কৰিছিলোঁ।

কিন্তু, তুমি মোক মাটিখোৱা বুলি ককৰ্থনাহে কৰিলা। মোৰ ইমানবোৰ মহিমা দেখাৰ পাছতো তোমাৰ মনত আক্ৰোশৰ শেষ নাই। ইমান দিনে কাঠবাজীবুলি সমস্ত জগতে তোমাক হাঁহিলে। মই পুত্ৰৰূপে উপজি তোমাৰ সেই দুখ দূৰ কৰিলোঁ । তথাপিও তুমি মোৰ মৰম নুবুজিলা। ৰাজপটেশ্বৰী হৈয়ো তুমি ছয়ৰতি খৰচ কৰি মোক এটা সোণৰ বাঁহী বনাই দিব নোৱাৰিলা। বাঁহৰ বাঁহী বজাই মোৰ দুই ওঁঠ ফাঁটি গৈছে, তালৈ তোমাৰ ভ্ৰূক্ষেপ নাই। তুমি এনেদৰে কাৰবাবে ধনবোৰ সাঁচি থৈছা ? এনেকৈ সাঁচোতে সাঁচোতে তোমাৰ ধনত জুই লাগিব।

গৰু চৰাবলৈ যাওঁতে মই ভোক গুচাই ভাত খাবলৈ নাপাওঁ। দিনৰ দিনটো গৰুৰ পিছে পিছে দৌৰোতে দৌৰোতে মোৰ অৱস্থা নোহোৱা হয়। গৰু চৰাওঁতে ধূলি লাগি মোৰ কেঁকোৰা চুলিত জঁট বান্ধে। কিমান দিন যে মূৰত তেল সানিবলৈ আহৰি পোৱা নাই। এইবোৰ কথা ক’বলৈ গলৈ মোৰ চকুলো নিগৰি পৰে। ইমানবোৰ দুখ-কষ্ট সহ্য কৰিব নোৱাৰি মই বৃন্দাবন এৰি মথুৰালৈ গুচি যামগৈ। তোমাৰ কাষৰ পৰা গৈ মই দৈৱকী আইৰ ওচৰ পামগৈ। তেতিয়াহে তুমি মোৰ মৰম বুজি পাবা।

কৃষ্ণৰ কথা শুনি যশোদাই পুনৰ কৃষ্ণক তোষামোদ কৰিবলৈ ধৰিলে আৰু ক’লে যশোদাৰ বৰ ভুল হৈছে। গতিকে আজিৰ পিছত যদি এনে দোষ দেখে তেন্তে কৃষ্ণই মাকক গালি পাৰিব। মাকৰ কাতৰ্ভৰা কথা শুনি কৃষ্ণই একে দেৱে গৈ মাকৰ কোলাত উঠি স্তনপান কৰিবলৈ ধৰিলে ৷ যশোদায়ো কৃষ্ণৰ মুখলৈ চাই পৰম শান্তি পালে।

প্রশ্ন ৭। কৃষ্ণই বিভিন্ন সময়ত কি কি অৱতাৰ ধাৰণ কৰি কেনে কাৰ্য সাধন কৰিছিল, পাঠৰ আলমত বৰ্ণনা কৰা।[HSLC.’18. ’22]

উত্তৰ : কানাইৰ চাতুৰী পাঠটোত শিশুকৃষ্ণৰ শিশুসুলভ চাতুৰী আৰু কৌশলৰ বৰ্ণনা দাঙি ধৰা হৈছে। শ্রীকৃষ্ণই নিজেই অনন্ত ব্ৰহ্মাণ্ডৰ স্ৰষ্টা, পালন কৰোঁতা। ব্ৰহ্মাদি দেৱতাসকল তেওঁৰেই সৃষ্টি। নাৰায়ণৰূপে তেওঁ অনন্ত শয্যাত জলত শয়ন কৰে আৰু তেওঁৰ নাভিপদ্মৰ পৰাই ব্ৰহ্ম৷ জাত হৈছে। তেওঁ মোহিনী ৰূপ ধাৰণ কৰি সাগৰ মন্থনৰ যোগেদি সংগৃহীত অমৃত পানেৰে দেৱতাসকলক অমত্ব প্ৰদান কৰি দেৱতাৰ কাম সিদ্ধি কৰিছিল।

কপিল অৱতৰণত কদম মুনিৰ ঘৰত মাতৃ দেৱহুতিক শাস্ত্ৰৰ তত্ত্বজ্ঞান প্ৰদান কৰিছিল। বামণ অৱতাৰত তিনিপল ভূমি বিচাৰি বলিক ছলনা কৰি পাতালপুৰীলৈ পঠাইছিল। এতিয়া কৃষ্ণ অৱতাৰ ধাৰণ কৰি বৃন্দাবনত গৰু চৰাইছে যদিও কৃষ্ণৰ পৰম-পুৰুষত্ব সম্পর্কে জ্ঞাত নোহোৱা বাবেই মাতৃ যশোদাই কৃষ্ণক এটি সাধাৰণ শিশুৰ দৰেই ব্যৱহাৰ কৰে। এনেদৰে কৃষ্ণই বিভিন্ন অৱতাৰ গ্ৰহণ কৰি কেনেধৰণৰ লীলাকৰ্ম সম্পন্ন কৰিছিল, সেইবিষয়ে কবিয়ে প্রসংগৰূপে সুন্দৰ বৰ্ণনা দাঙি ধৰিছে।

‘মোহিনী স্বৰূপে অমৃত পিয়ালো

সাধিলো দেৱৰ কাম।

তোমাৰ ঘৰে আসি লৈলো দধিচোৰ নাম।।

——————————————————————————————-

কপিল স্বৰূপে কদমৰ ঘৰে

হুয়া মই অৱতাৰ ।

দেৱহুতি নামে মাতৃক তাৰিলো

কৰিও তত্ত্ব বিচাৰ।।

——————————————————————————————-

বামন স্বৰূপে বলিক ছলিয়ে

বিশ্বৰূপ দশাইলো। ইত্যাদি।

প্রশ্ন ৯। কবিতাটোত ‘কাঠবাজী’ বুলি কাক কৈছে? ইয়াৰ অৰ্থ কি? এই অপবাদৰ পৰা তেওঁক কোনে ৰক্ষা কৰিলে?

উত্তৰ : কবিতাটোত কাঠবাজী বুলি যশোদাক কোৱা হৈছে। ‘সন্তানহীন’ তিৰোতাক কাঠবাজী বুলি কোৱা হয়। শ্রীকৃষ্ণই পুত্ৰৰূপে যশোদাৰ সেই অপবাদ দূৰ কৰিছিল। কবিয়ে উল্লেখ কৰিছে–

‘কাঠবাজী বুলি জগতে হাসয়

দেখিলে সুমৰো হৰি।

মই আসি তোৰ ঘৰে পুত্ৰ ভৈলো

সিটো দুখ দূৰ কৰি।’

প্রশ্ন ১০। “আন কাল যদি দোষ দেখা মোৰ

পাৰিবাহা মোক গালি।।”

কোনে, কাক উদ্দেশ্য কৰি এইদৰে কৈছে, বুজাই লিখা। [HSLC. ’22]

উত্তৰ : এইষাৰ কথা যশোদাই পুত্র শ্রীকৃষ্ণক উদ্দেশি কৈছে। বালক কৃষ্ণই মাতৃ যশোদাৰ পৰা অতদিনে পাই অহা দুখ-যাতনা, মনৰ ক্ষোভ বেদনা বৰ্ণাই যশোদাৰ ওচৰত আব্দাৰ কৰি কৈছে যে তেওঁ ইমান দিনে পাই অহা দুখ-যাতনা তথা অপমান সকলোবোৰ মথুৰা পুৰীলৈ গৈ মাক দৈৱকীৰ আগত বেকত কৰিবগৈ। আৰু মথুৰাপুৰীতে আশ্রয় ল’বগৈ। সেয়ে যশোদাই কৃষ্ণৰ অনুপস্থিতিত হাহাকাৰ কৰিব লাগিব। কৃষ্ণই যশোদাক এইদৰে কোৱাত যশোদাই কৃষ্ণক শপত দি তেনে কাৰ্য নকৰিবলৈ কৈ এইদৰে কৈছিল।

প্রশ্ন ১১। তাৎপর্য ব্যাখ্যা কৰা :

কাঠবাজী বুলি জগতে হাসয়

দেখিলে সুমৰো হৰি।

মই আসি তোৰ ঘৰে পুত্ৰ ভৈলো

সিটো দুখ দূৰ কৰি।

উত্তৰ : উদ্ধৃত কতিবাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীধৰ কন্দলি বিৰচিত ‘কানাইৰ চাতুৰী’ শীর্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে। যশোদা নিঃসন্তান আছিল বাবেই তেওঁক সমাজত কাঠবাজী বুলি নিন্দা কৰা হৈছিল। কৃষ্ণই পুত্ৰৰূপে আহি তেওঁৰ সেই অপবাদ দূৰ কৰিলেহি। কিন্তু, যশোদাই কৃষ্ণৰ প্ৰকৃত স্বৰূপ বুজিব নোৱাৰি তেওঁক সাধাৰণ শিশুৰ দৰেই ব্যৱহাৰ কৰাত শ্ৰীকৃষ্ণই কোপিত হৈ মাকক তেনেদৰে কঠোৰভাৱে সমালোচনা কৰিছিল।

যশোদাৰ মাতৃ কামনা পূৰণৰ বাবেই যদিও কৃষ্ণই তেওঁৰ ভক্তিত সন্তুষ্ট হৈ পুত্ৰৰূপে জাগতিক লীলা সম্পাদন কৰিছেহি, আচলতে তেওঁ পৰমপুৰুষ পুৰুষোত্তম। সেই কথা উপলব্ধি কৰিব নোৱাৰি পুত্ৰজ্ঞান কৰি যশোদাই যি ব্যৱহাৰ কৃষ্ণৰ প্ৰতি প্ৰদৰ্শন কৰিছে, তাত তেওঁ অতিশয় অসন্তুষ্ট, সেয়ে তেওঁ মাকক তেনেদৰে সমালোচনা কৰিছে।

(খ) ‘মোহিনী স্বৰূপে অমৃত পিয়ালো

সাধিলো দেৱৰ কাম।

তোমাৰ ঘৰে আসি বৰ যশ পাহলো

লৈলো দধিচোৰ নাম।।’

উত্তৰ: উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সুবাস’ৰ অন্তৰ্গত শ্ৰীধৰ কন্দলি বিৰচিত ‘কানাইৰ চাতুৰী’ শীর্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে। মাতৃ যশোদাই শ্রীকৃষ্ণক পুত্ৰজ্ঞান কৰি নানা ধৰণৰ কঠোৰ শাস্তি বিহা আৰু তেওঁৰ প্রতি যথোচিত চেনেহ প্ৰদৰ্শন নকৰা বুলি অভিযোগ কৰি শ্ৰীকৃষ্ণই নিজৰ পৰম পুৰুষত্বৰ কথা ঘোষণা কৰিছে আৰু বিভিন্ন অৱতাৰ গ্ৰহণৰ যোগেদি তেওঁ সমাধা কৰা বিভিন্ন লীলা-মাহাত্ম্যৰ সোঁৱৰণ কৰিছে।

দেৱতা আৰু অসুৰৰ মাজত মীমাংসা কৰিবৰ কাৰণে সাগৰ মন্থনত উদ্ভৱ হোৱা অমৃত দেৱতাক ভোগ কৰাই মোহিনী বেশেৰে অসুৰসকলক আকৰ্ষণ কৰি তেওঁলোকক অমৃত ভোগৰ পৰা বঞ্চিত কৰাত সফল হৈছিল৷ দেৱতাৰ কৰ্ম সাধনৰ কাৰণেই তেওঁ মোহিনী অৱতাৰ ধাৰণ কৰিছিল। কিন্তু, ইমানবোৰ লীলা প্ৰদৰ্শন কৰাৰ পিছতো যশোদাৰ ঘৰত আহি তেওঁৰ গুণানুকীৰ্তনৰ পৰিৱৰ্তে ‘লৱণুচোৰ’ নামহে ল’বলগীয়া হ’ল। ইয়াতকৈ দুৰ্ভাগ্যৰ কথা কি হ’ব পাৰে?

(খ) ‘মই নাৰায়ণ জগত কাৰণ

তুমি গোৱালৰ জীউ

তথাপি তোহাক দেখন্তে ডৰত

উৰি যায় মোৰ জীউ।’

উত্তৰ: উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সুবাস’ৰ অন্তৰ্গত শ্ৰীধৰ কন্দলি বিৰচিত ‘কানাইৰ চাতুৰী’ শীর্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে। শ্ৰীকৃষ্ণই মাতৃ যশোদাৰ মনুষ্য ভাৱনাত অসন্তুষ্টি প্ৰকাশ কৰি কৈছে যে তেওঁ নিজেই নাৰায়ণ, জগতৰ আদি কাৰণ। তেওঁ সৃষ্টি-স্থিতি প্ৰলয়ৰ মূল গৰাকী। অথচ তেওঁৰ স্বৰূপ উপলব্ধি নকৰি এগৰাকী সাধাৰণ গোৱালৰ জীয়াৰী হিচাপে যশোদাই কৃষ্ণৰ প্ৰতি যি আচৰণ কৰিছে, সেয়া সঁচাই দুখজনক।

যশোদাই কৃষ্ণক ভালদৰে খাবলৈ পিন্ধিবলৈতো নিদিয়েই আনকি প্ৰচুৰ ধন সম্পদ থকা সত্ত্বেও তেওঁক ভালদৰে বাঁহী এটাও তৈয়াৰ কৰি নিদিয়ে। কৃষ্ণই এটা সোণৰ বাঁহী বিচাৰে, যদিও যশোদাই যোগাৰ নধৰাত বাঁহৰ বাঁহী বজাই তেওঁৰ ওঁঠ ফাটি যোৱাৰ উপক্ৰম হৈছে।

প্রশ্ন ১২। তলত দিয়া শব্দবোৰৰ আধুনিক ৰূপ লিখা।

আসি, খেড়ি, পুহাইল, নুজুৰাই, হন্তে, বিগুটিয়া

উত্তৰ :

আসি: আহি।
খেড়ি: খেলা।
পুহাইল: পুৱালে।
নুজুৰাই: জুৰ নপৰে।
হন্তে: পৰা ।
বিগুটিয়া: ঠাট্টা কৰা। [M.Q.2015 ]

প্রশ্ন ১৩। তলত দিয়া শব্দকেইটাৰ লিংগ পৰিৱৰ্তন কৰা।

সুন্দৰী, মাতৃ, মামা

সুন্দৰী: সুন্দৰ।

মাতৃ: পিতৃ।

মামা: মামী।

প্রশ্ন ১৪। বিপৰীত শব্দ লিখা।

বিশ্বাস, দোষ, আনন্দ, অপমান, অমৃত, ৰজনী, নিদ্রা, শয়ন, ক্রন্দন

উত্তৰ :

বিশ্বাস: অবিশ্বাস

দোষ: গুণ

অপমান: অমৃত

ৰজনী: প্রভাত

শয়ন: ক্রন্দন

আনন্দ: বিষাদ

অপমান: মান

অমৃত: বিষ

নিদ্রা: জাগ্রত

ক্রন্দন: হাঁহি

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। শব্দার্থ লিখা :

উত্তৰ : ভকত বৎসল: ভকতপ্রিয়, ভকতৰ প্ৰতি প্রেমযুক্ত।

কৃপাময়: কৃপাৰে পৰিপূৰ্ণ, দয়াময়।

ঘৰণী: ঘৈণী।

নিদ্রা: টোপনি

যদুমণি: কৃষ্ণ, যদুকুলত জন্মা কৃষ্ণ।

ৰজনী: ৰাতি।

চক্রপাণি: চক্র আছে পাণিত যাব, বিষ্ণু।

গোৰক্ষ: গৰু চৰোৱা।

দুর্ঘশ: দুৰ্গুণ।

কলংক: বেয়া, দোষ।

সুমৰস্তে: বেয়া, দোষ।

উদগতি: উদগতি, উন্নতি

হাতমুঠি: হাতৰ মুঠি

চৰাচৰ: চৰ আৰু অচৰ

Leave a Comment

error: Content is protected !!