Class 10 Assamese Lesson 12 |পাৰস্যত এভুমুকি | Question Answer

পাঠভিত্তিক প্রশ্নোত্তৰ

প্রশ্ন ১। চমুকৈ উত্তৰ দিয়া

(ক) লেখকে উল্লেখ কৰা মতে তেওঁলোকৰ ৰিগটো ক’ত অৱস্থিত? [HSLC.’17]

উত্তৰ: পাৰস্য উপসাগৰত।

(গ) বুশ্বেৰত হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত কোন কোন আছিল?

উত্তৰ : লেখক গোস্বামীৰ লগত আৰু দুজন ব্যক্তি আছিল; তেওঁলোক হ’ল মেহদি আৰু ঘাছেম। তেওঁলোক তিনিও বুশ্বেৰ বন্দৰত অবতৰণ কৰে।

(ঘ) বুশ্বেৰ বিমান বন্দৰটোক কিয় গুৰুত্বপূৰ্ণ বুলিছে? [HSLC.’17]

উত্তৰ: বন্দৰটো হৈছে ইৰানৰ এটা সামৰিক ঘাটি। সেয়ে ইয়াৰ বিশেষ গুৰুত্ব আছে।

(ঙ) লেখকে বুশ্বেৰত কি আছে বুলি শুনিছে?

উত্তৰ : লেখকে বুশ্বেৰত এটা নিউক্লিয় ৰিয়েক্টৰ থকাৰ কথাও উল্লেখ কৰিছে।

(চ) মেহদি আৰু ঘাছেম কোন?

উত্তৰ : লেখকৰ সহযাত্ৰী, দুয়োজন ইৰানী যুৱক৷ তেওঁলোক তৈলনগৰী আহৱাজৰ বাসিন্দা।

(ছ) মেহদি আৰু ঘাছেমে কাম কৰা কোম্পানিটোৰ নাম কি ?

উত্তৰ : দুয়ো জিঅ’লগ নামৰ ইটালিয়ান কোম্পানিটোৰ ‘মাডলগাৰ’। তেলৰ বাবে চলোৱা খননকার্যত ‘মাডলগিং’ আহিলাসমূহৰ ভূমিকা গুৰুত্বপূৰ্ণ ।

(জ) ভেংকি ক’ত থাকে?

উত্তৰঃ ভেংকি লেখকৰ সহকৰ্মী আৰু তেওঁ বুশ্বেৰত থাকে।

(খ) বুশ্বেৰ কি ?

উত্তৰ: পাৰস্য উপসাগৰত অৱস্থিত বন্দৰ নগৰী।

(ঝ) ভেংকিয়ে কি কৰে?

উত্তৰ : ভেংকিয়ে ৰিগলৈ যাবলগীয়া হেলিকপ্টাৰ আৰু সামগ্ৰী যোগানকাৰী জাহাজৰ তদাৰক কৰে।

(ঞ) অবুজাৰ কোন ?

উত্তৰ : অবুজাৰ হৈছে ট্ৰেভেল এজেণ্ট; তেওঁ লেখকৰ টেহৰাণ যাত্ৰাৰ বাবে টিকেট কিনিবলৈ গৈছে।

(ট) ‘আগা’ শব্দৰ অৰ্থ কি?

উত্তৰ : ‘আগা’ শব্দটো শ্ৰীযুতৰ সমাৰ্থক সন্মানীয় শব্দ।

(ঠ) পোনতে ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ মূল পৃষ্ঠপোষক কোন আছিল? [HSLC.’18]

উত্তৰ : ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ মূল কেন্দ্ৰ হৈছে উত্তৰ দিশত অৱস্থিত নাটাঞ্জৰ ভূগৰ্ভত থকা প্ৰকল্প ।

(ড) ইৰাণে কেতিয়া ইছলামিক গণতন্ত্র হিচাপে স্বীকৃতি লাভ কৰে?

উত্তৰ: ১৯৭৯ চনৰ বিখ্যাত ধর্মীয় বিপ্লৱৰ ফলস্বৰূপে পহিলা এপ্ৰিলৰ পৰা ইবানে ইছলামিক গণতন্ত্র হিচাপে স্বীকৃতি লাভ কৰে।

(ঢ) ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা কোন?

উত্তৰ : ইমাম আয়াতুল্লা খোমেনি এই গণতন্ত্ৰৰ প্ৰতিষ্ঠাপক।

(ণ) ইৰাণৰ কোনটো বিষয়ে লেখকৰ কৌতূহল বৃদ্ধি কৰিছিল?

উত্তৰ : বুশ্বেৰ চহৰৰ পাৰমাণৱিক গৱেষণাগৃহ থকা গোলাকৃতিৰ স্থাপত্যটোৱে লেখকককৌতূহলী কৰি তুলিছিল ।

(ত) ইৰাণৰ ৰাজধানীৰ নাম কি? [HSLC.’16]

উত্তৰ : টেহৰাণ।

(থ) টেহৰাণত বিমান বন্দৰ কেইটা?

উত্তৰ: দুটা। মেহৰাবাদ এয়াৰপ’ৰ্ট আৰু খোমেনি ইণ্টাৰনেশ্যনেল এয়াৰপ’ৰ্ট।

(দ) লেখক থকা টেহৰাণৰ হোটেলখনৰ নাম কি? [HSLC.’19,20]

উত্তৰ: হোমা হোটেল।

(ধ) ভাৰতৰ প্ৰায়বোৰ তৈলক্ষেত্ৰ কেনেকুৱা শিলাস্তৰত অৱস্থিত?

উত্তৰ : ভাৰতৰ প্ৰায়বোৰ তৈলক্ষেত্ৰ নৱজীৱি মহাকল্পৰ শিলাস্তৰত অৱস্থিত।

(ন) ‘স্লামবাৰ্জাৰ’ কি ?

উত্তৰ : এটা বহুৰাষ্ট্ৰীয় কোম্পানীৰ কাৰ্যালয়। এই কোম্পানীৰ কাৰ্যালয় নাজিৰাৰ পৰা নাইজেৰীয়ালৈকে, দুলীয়াজানৰ পৰা ডুবাইলৈকে, টেহৰাণৰ পৰা টেক্সাছলৈকে পৃথিৱীৰ সকলো তৈলক্ষেত্ৰৰ আশে-পাশে আছে।

(প) ইৰাণীসকলে নৱবৰ্ষক কি বোলে?

উত্তৰ : ন’ৰোজ (নতুন দিন)

(ফ) বেহেষ্ট-ই-জাহৰা কি? [M.Q. HSLC.’15, 18]

উত্তৰ : টেহৰাণৰ এখন জনপ্রিয় স্থান বেহেষ্ট-এই-জাহৰা। টেহৰাণক জানিৱৰ কাৰণে এই ঠাই ভ্ৰমণ কৰা উচিত। ই এখন মুখ্য সমাধিস্থান। ইয়াত খোৱা-বোৱাৰ পৰা খেলপথাৰলৈকে সকলো আছে।

(ব) শ্বিৰীণ ইবাডি কোন? [M.Q. HSLC.’15]

উত্তৰ :শ্বিৰীণ ইবাডি হ’ল ন’বেল বিজয়ী। তেওঁৰ পৰিয়ালৰ সদস্য এজনকো ইয়াতে সমাধিস্থ কৰা হৈছে। মানৱ অধিকাৰ প্ৰতিষ্ঠাৰ বাবে তেওঁ কঠোৰপন্থীসকলৰ বিৰুদ্ধে সংগ্রাম কৰিছিল। মানৱ-অধিকাৰ সংগ্ৰামৰ বাবেই তেওঁ ন’বেল বঁটা পায় ।

(ভ) চেনি কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ : সম্রাট জামছেদে নৱৰোজৰ কোনো এটা পবিত্ৰ দিনত চেনি আৱিষ্কাৰ কৰিছিল।

(ম) লেখক ইৰাণলৈ কি দায়িত্ব লৈ গৈছিল ?

উত্তৰ: লেখকে তেলৰ অন্বেষণত ইৰাণৰ চৰকাৰী তেল কোম্পানীৰ এগৰাকী মুখ্য বিষয়াক লগ ধৰিবৰ কাৰণে ইৰাণলৈ গৈছিল। তেওঁৰ নাম আগা আশ্রুফজাদেক, কোম্পানীটোৰ এগৰাকী তেল অন্বেষক।

(য) ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নাম কি?

উত্তৰ : খোমেনি ইণ্টাৰনেশ্যনেল বিমান বন্দৰ।

(ৰ) ‘কেন্দ’ৰ অৰ্থ কি?

উত্তৰ : ‘কেন্দ’ পাৰ্ছি শব্দ, যাৰ অৰ্থ চেনি। ইংৰাজীত ইয়াক কেন্দি বোলে।

প্রশ্ন ২। তেলৰ বাবে চলোৱা খনন কাৰ্যত মাডলগিং’আহিলাসমূহৰ ভূমিকা কি? [HSLC.19]

উত্তৰ : তেলৰ বাবে চলোৱা খনন কাৰ্যত মাডলগিং আহিলাসমূহৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। এইবোৰৰ জৰিয়তে সংগ্ৰহ কৰা তথ্যই এখন নতুন তৈলক্ষেত্ৰ আৱিষ্কাৰত আৰু কোনো বিপজ্জনক পৰিস্থিতি নোহোৱাকৈ খনন কৰাত সহায় কৰিব। ভূতত্ববিদৰ বাবে ই এক গুৰুত্বপূৰ্ণ সঁজুলি।

প্রশ্ন ৩। বুশ্বেৰ চহৰৰ এটি বর্ণনা দিয়া। [M.Q.2015]

উত্তৰ : বুশ্বেৰ হৈছে এখনি বন্দৰনগৰী। বুশ্বেৰৰ তাপমাত্রা ৪০ ডিগ্ৰী ছেণ্টিগ্ৰেডৰ ওপৰত। বন্দৰটো অধিক ব্যস্ত নহয় যদিও ইয়াৰ এটা বিশেষ গুৰুত্ব আছে। ই ইৰাণৰ এটা সামৰিক ঘাটি। তাতে বুশ্বেৰত এটা নিউক্লীয় ৰিয়েক্টৰো আছে।

তেল অন্বেষণৰ কামত যোৱা লেখক গোস্বামীয়ে গম পাইছিল যে বুশ্বেৰৰ কোনোবা এঠাইত পাৰমাণৱিক গৱেষণা চলি আছে। তেওঁ ডাটা ইঞ্জিনিয়াৰ জাৰ্ভাদৰ মুখেদি বুশ্বেৰত এটা ৰিয়েক্টৰ থকা বুলি গম পাইছিল।

সেয়ে বুশ্বেৰত থকা গোলাকৃতিৰ স্থাপত্যটোৱে লেখকক আকৰ্ষিত কৰিছিল। বুশ্বেৰ এখন পৰিকল্পিত সৰু চহৰ। চাৰিলেন যুক্ত পৰিষ্কাৰ আৰু পৰিকল্পিত চহৰখনৰ গুৰুত্ব সৰু চহৰ হ’লেও যথেষ্ট।

প্রশ্ন ৪। ইৰাণৰ ইতিহাসৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ : ইৰাণ মানৱ সভ্যতাৰ প্ৰাচীন ইতিহাসৰ ধ্বজাবাহক। প্রত্নতাত্ত্বিক, ঐতিহাসিক, সাংস্কৃতিক আৰু কীৰ্তিস্তম্ভৰ যোগেদি ইৰাণৰ প্ৰাচীন সভ্যতা আজিও সজীৱ হৈ আছে। প্ৰায় চাৰি হাজাৰ বছৰ পূৰ্বে ইৰাণলৈ আৰ্য গোষ্ঠীৰ লোকসকল বসবাস কৰিবলৈআহিছিল। খ্রীষ্টপূর্ব ছশ শতিকামান পূৰ্বে বিখ্যাত ৰজা ছাইৰাছে উত্তৰ ইৰাণৰ ‘মেডেছসকলক’ পৰাস্ত কৰি ইৰাণবাসীক একগোট কৰিছিল। খ্ৰীষ্টপূর্ব ৫২৯ ত ছাইৰাছৰ মৃত্যু হোৱাত নতুন ৰজা দাৰিয়াছে সাম্ৰাজ্য প্ৰসাৰৰ প্ৰয়াস কৰিছিল।

পৰৱৰ্তী কালত (৪র্থ শতিকাত) আলেকজেণ্ডাৰৰ আগমনে ছাইৰাছৰ পাৰ্ছেপলিছ সাম্ৰাজ্যৰ পতন ঘটাইছিল। খ্রীষ্টপূর্ব দ্বিতীয় শতিকালৈকে গ্ৰীক শাসনৰ পাছত পাৰ্থিয়াসকলে ইৰাণৰ শাসনভাৰ লৈছিল। তেওঁলোকৰ শাসনকালত জোৰাষ্ট্রিয়ান ধৰ্মই ৰাজধৰ্ম হিচাপে স্বীকৃতি লাভ কৰিছিল। ৩৫০ বছৰীয়া পাৰ্থিয়ান শাসনৰ পাছত ছাজানিকসকলে চাৰিটা শতিকা ইৰাণ শাসন কৰিছিল।

আৰৱসকলে ইৰাণীলৈ ইছলামধৰ্মৰ আগমন ঘটাইছিল আৰু কিছুকাল পাছত ইছলামক ইৰাণৰ মুখ্যধৰ্মৰূপে স্বীকৃতি দিয়া হৈছিল। কেইবা শতিকাজুৰি চলা আগৰ শাসনৰ পৰৱৰ্তী কালত বহুতো বিদেশী শক্তিৰ আক্ৰমণত আৰব বিধ্বস্ত হৈছিল।

ছাফাভিদ বংশৰ শাসন কালত ইৰাণে পূৰ্বৰ খিয়াতি কিছু পৰিমাণে ঘূৰাই পাবলৈ সক্ষম হৈছিল। স্থাপত্যৰ প্ৰতি শ্বাহ তপধ্বজ(প্রথম)ৰ বিশেষ অনুৰাগ আছিল। তেওঁৰ দিনত ইছলাম ধৰ্মৰ ছিয়া সম্প্ৰদায়ে ৰাজধৰ্মৰ খিতাপ লাভ কৰিছিল। পৰৱৰ্তী কালত আফগানসকলৰ আক্ৰমণৰ বাবে ছাফাভিদ ৰাজত্বৰ পতন ঘটে।

ইৰাণৰ শাসকসকলৰ কথা আলোচনা কৰিলে মনলৈ ভাহি অহা শাসকজন হ’ল নাদিশ্বাহ । তেওঁ বেছিদিন ৰাজত্ব কৰা নাছিল (১৭৩৭-৪৭)। কিন্তু তেওঁৰ ৰাজত্বই আমাৰ দেশত বিভীষিকাৰ সৃষ্টি কৰিছিল। তেওঁ আফগানিস্তানৰ পাছত ভাৰত আক্ৰমণ কৰিছিল আৰু মোগল সম্রাট মহম্মদ শ্বাহক পৰাস্ত কৰি (১৭৩৯) এটা বিশাল ৰাজভঁৰাল লুট কৰিছিল। তেওঁ বহুতো নাগৰিকক হত্যা কৰিছিল আৰু কহিনুৰ, হীৰা, মুক্তা আদিৰ উপৰি হাতী, ঘোঁৰা, উট লৈ গৈছিল।

নাদিৰ শ্বাহৰ পিছত দুটা শাসকবংশৰ মাজত সংঘাত হয় আৰু ১৭৯০ খ্ৰীষ্টাব্দত কাজাৰ বংশ জয় হয় আৰু তেওঁলোকে প্রথম বিশ্বযুদ্ধলৈকে ৰাজত্ব কৰে। কেইবা শতিকাজুৰি আৰৱৰ ৰাজত্বৰ অধীন হোৱাৰ বাবে ইৰাণৰ সম্পৰ্ক আন দেশৰ সৈতে নোহোৱাৰ দৰেই হৈছিল। প্রথম বিশ্বযুদ্ধৰ পিছত ৰেহাশাহ পাহ্লাভিয়ে ইবানৰ শাসনভাৰ হাতত ল’লে আৰু তেতিয়াৰে পৰা আধুনিকীকৰণৰ প্ৰচেষ্টাই গতিশীলতা লাভ কৰে।

১৯৪১ চনত ছোভিয়েট ৰাছিয়া আৰু ইংলেণ্ড ইৰাণৰ আভ্যন্তৰীণ বিষয়ৰ সৈতে জড়িত হৈ পৰিছিল। আৰাছ নদীৰ উত্তৰে থকা সকলো অঞ্চল ছোভিয়েট ৰাছিয়াই দখল কৰিছিল। ইৰাণৰ তৈলক্ষেত্ৰৰ ব্যৱসায়িক স্বত্ব ইংলেণ্ডে লাভ কৰিছিল। প্ৰকৃততে ইৰাণৰ শাসনতন্ত্র শক্তিহীন হৈ পৰিছিল।

১৯৭৯ চনৰ বিখ্যাত ধর্মীয় বিপ্লৱৰ ফলস্বৰূপে পহিলা এপ্ৰিলৰ পৰা ইৰাণে ইছলামিক গণতন্ত্র হিচাপে স্বীকৃতি লাভ কৰে। বিপ্লৱৰ নেতা ইমাম আয়াতুল্লাৰ খোমেনি এই গণতন্ত্রব প্ৰতিষ্ঠাপক। ধর্মীয় বিপ্লৱে দেশখনৰ আভ্যন্তৰীণ ব্যৱস্থাত আমূল পৰিৱৰ্তন আনি দিলে।

শ্বাহৰ শাসন কালত যিখন দেশৰ আদৱ-কায়দা পশ্চিমীয়া দেশৰ দৰে হৈ পৰিছিল। হঠাতে সেইখন দেশৰ সম্বন্ধ বহুতৰে স’তে ছেদ হ’ল। আমেৰিকা তেওঁলোকৰ শত্ৰুৰ দৰে হৈ পৰিল। আৰৱৰ দেশবোৰৰ সৈতে বৈদেশিক নীতিগত পার্থক্যৰ বাবে ইৰাণৰ ব্যৱসায়- বাণিজ্য হ্রাস পালে। তেনে সময়তে ইৰাকৰ সৈতে হোৱা দীঘলীয়া যুদ্ধত দুয়োখন দেশৰে প্ৰচুৰ ক্ষতি হ’ল।

এই সময়ত এবছৰ জুৰি আমেৰিকাৰ নৌসেনাৰ সৈতে যুদ্ধ হ’ল। এনেবোৰ কাৰণত দেশখন বহুত পিছুৱাই গ’ল। প্ৰচুৰ তৈলভাণ্ডাৰ থকা সত্ত্বেও দেশখনে সম্পদসমূহ সঠিকভাৱে আহৰণ কৰি নিজৰ বিকাশত ব্যৱহাৰ কৰিব নোৱাৰিলে।

প্রশ্ন ৫। ইৰাণৰ ভূতত্ত্বৰ বিষয়ে লিখা।

উত্তৰ : ইৰানব ভূতত্ত্বৰ বিভিন্ন যুগৰ বিভিন্ন শিলাত তেল আৰু গেছ পোৱা যায়। পাৰস্য উপসাগৰ আৰু উত্তৰ-পশ্চিম আহৱাজৰ ওচৰে-পাজৰে বহুতো তৈলক্ষেত্র আছে আৰু আনহাতে ইৰাণত কেইবাখনো গেছ উৎপাদনকাৰী তৈলক্ষেত্র আছে। পাৰস্য উপসাগৰীয় এলেকাত মধ্যজীৱী মহাকল্পৰ শিলাস্তৰত বৃহৎ পৰিমাণৰ তৈল সম্পদ মজুত আছে।

প্রশ্ন ৬। জাগ্ৰছ পর্বতমালাৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা।[HSLC.’18]

উত্তৰ : ডুবাইৰ পৰা বুশ্বেৰ অভিমুখে আকাশীপথেৰে যাওঁতে যাত্ৰীসকলক জাগ্ৰছ পর্বতমালাই সততে আকর্ষণ কৰে। এই পাঠৰ ৰচক গোস্বামীকো বিশেষভাৱে পৰ্বতমালাই আকৰ্ষণ কৰিছিল । জাগ্ৰছ আৰু হিমালয়ৰ জন্ম কাহিনী একে। এই জাগ্ৰছৰ দক্ষিণ-পশ্চিম দিশত সঞ্চিত হৈ আছে বিৰাট তেল আৰু গেছৰ ভাণ্ডাৰ। ভূতত্ত্বৰ আশীৰ্বাদপুষ্ট পাৰস্য উপসাগৰীয় অঞ্চলত ড্ৰেৰশতকৈয়ো অধিক তৈলক্ষেত্ৰ আছে আৰু এই অঞ্চলৰ ওপৰতে বিশ্বৰ বহুতো দেশ নিৰ্ভৰশীল।

প্রশ্ন ৭। ইৰাণৰ কেইখনমান ঠাইৰ নাম লিখা।

উত্তৰ : তেলৰ অন্বেষণত ইৰাণলৈ অহাৰে পৰা কিছুমান শব্দ, কিছুমান ঠাইৰ নাম লেখকৰ চিনাকি হৈ পৰিছিল। কোনোবা মানুহক লগ পালেই তেওঁ জানিবলৈ বিচাৰে যে মানুহজন কোমলানি পাহাৰৰ ওচৰত থাকে জাগ্ৰাছৰ এই পাৰে নে সিপাৰে। আনহাতে ছিৰাজ, আহৱাজ, ইছফাহান, নাটাঞ্জ, মাছাদয়াজ, টাবজি, হামাদান, কামান, আৰডাবিল আদি ঠাইখ নামবোৰ তেওঁৰ চিনাকি হৈ পৰিছে। তাতোকৈ আদৰৰ হৈ পৰিছে কেইটামান ফাটী শব্দ – খেলে মামনুন, মেৰচি, ছালাম, ছাব্বাখেৰ ইত্যাদি।

প্রশ্ন ৮ ৷ টেহৰাণৰ বিমানবন্দৰ কেইটা আৰু কি কি আৰু কোন কোন স্থানত অৱস্থিত ?

উত্তৰ : টেহৰাণৰ দুটা বিমানবন্দৰ আছে— মেহৰাবাদ এয়াৰপৰ্ট আৰু খোমেনি ইণ্টাৰনেশ্যনেল এয়াৰপ’ৰ্ট। মেহৰাবাদ বিমানবন্দৰটো চহৰত অৱস্থিত। আনহাতে খোমেনি বিমানবন্দৰটো চহৰৰ পৰা দূৰত ৷

প্রশ্ন ৯। টেহৰাণৰ প্ৰাকৃতিক অৱস্থা কেনেকুৱা লিখা। [HSLC.’20]

উত্তৰ : টেহৰাণৰ মৃদু শীতল বতাহে লেখকক টেহৰাণলৈ আদৰণি জনালে। টেহৰাণ এখন পৰিকল্পিত চহৰ। লেখকে পুৱাৰ টেহৰাণৰ দৃশ্য উপভোগ কৰিলে । চহৰৰ কাষতে ওখ পাহাৰ, সুৰুযৰ চুমাত সেইবোৰ জ্বিলিকি উঠিছে। অতদিনে ইৰান বুলিলে মৰুভূমিৰ ধাৰণাটো প্ৰকট হৈ উঠিছিল৷

পাছত গম পোৱা গৈছিল যে টেহৰাণক বহুতে পেৰিছৰ লগত তুলনা কৰে। ওখ ওখ পৰ্বতেৰে পৰিবেষ্টিত হোৱা বাবে টেহৰণখন অতি সুন্দৰ। গ্রীষ্মৰ দুটা মাহৰ বাহিৰে বাকী সময়ছোৱাত ইয়াৰ জলবায়ু অতি আৰামদায়ক। শীতকালত ইয়াত পৰে। টেহৰাণক এই সুন্দৰ জলবায়ু প্ৰদান কৰিছে এলৱুন পৰ্বতৰাশিয়ে। মহানগৰীৰ বাবে খোৱাপানী আহে পৰ্বতৰ ওপৰৰ হিমপ্ৰবাহৰ পৰা ।

প্রশ্ন ১০। স্লামবাৰ্জাৰ কোম্পানিৰ কাৰ্যালয় ক’ত ক’ত আছে?

উত্তৰ : স্লামবাৰ্জাৰ এটা বহুৰাষ্ট্ৰীয় কোম্পানি আৰু এই কোম্পানিৰ কাৰ্যালয় নাজিৰাৰ পৰা নাইজেৰিয়ালৈকে, দুলিয়াজানৰ পৰা ডুবাইলৈকে, টেহৰাণৰ পৰা টেক্সাছলৈকে পৃথিৱীৰ সকলো তৈলক্ষেত্ৰৰ ওচৰে-পাজৰে আছেই। এক অৰ্থত তৈল উদ্যোগৰ সৈতে এই কোম্পানি অতি ঘনিষ্ঠভাৱে জড়িত। তেল উদ্যোগৰ বিকাশত এই কোম্পানিৰ গুৰুত্বপূৰ্ণ বৰঙণি আছে।

প্রশ্ন ১১। ইৰাণীসকলৰ নৱবৰ্ষ উৎসৱৰ বিৱৰণ দিয়া। [HSLC.’16]

উত্তৰ : বসন্তৰ মনোৰম দিনৰ আৰম্ভণিতে ইৰাণীসকলে তেওঁলোকৰ নৱবৰ্ষ ‘ন’ৰোজ (নতুন দিন) উদযাপন কৰে। দুসপ্তাহ জুৰি উদযাপন কৰা এই উৎসৱ আৰম্ভ হয় বসন্তৰ প্রথম দিনত। যেতিয়া সূৰ্যই বিযুৱ ৰেখা অতিক্রম কৰে (মাৰ্চ মাহৰ ২০-২২ তাৰিখৰ ভিতৰত)। সেই সময়ত বুশ্বেৰৰ হোটেলৰ কথা বাদেই স্কুল-কলেজৰ পৰা আৰম্ভ কৰি চৰকাৰী কাৰ্যালয়লৈকে সকলোতে শিবিৰ স্থাপন কৰা হয়, যাতে ইৰাণীসকলে নৱবৰ্ষ উদযাপন কৰিব পাৰে। আমাৰ বিহুৰ দৰে এওঁলোকেও নতুন কাপোৰ লয়, পিঠা-পনা খায়। নৱবৰ্ষৰ এই আনন্দোৎসৱত বহুতো বিষয় সামৰি লোৱা হয়— পৰিৱেশ আৰু

নিজকে চাফ-চিকুণকৈ ৰখা, শত্রুভাব দূৰ কৰি বন্ধুত্ব গঢ়া, অগ্নিশিখা প্রজ্বলন কৰা, সীমান্ত, নদী বা সাগৰ অভিমুখে যাত্ৰা কৰা ইত্যাদি। সাধাৰণতে উৎসৱৰ সময়ত যিকোনো পাৰ্ছি গৃহত টেবুল বা কার্পেটৰ ওপৰত এখন সুন্দৰ কাপোৰ পাৰি সাতবিধ খাদ্যবস্তু সজোৱা হয়। প্ৰতিটো বস্তুৰে এটা প্রতীকী অর্থ আছে, বস্তুবোৰ হ’ল— ছবজে (ঘেঁহু বা দাইল, পুনর্জন্মৰ প্ৰতীক), চামানু (ঘেঁহুৰ কঠীয়াৰ শাসনবিৰোধী বুলি যুৱকক শাস্তি দিয়া হৈছিল, পতিয়ে পত্নীক বেয়া ব্যৱহাৰ কৰিছিল।

যেতিয়া তেওঁ বিজয়ৰ মুখ দেখিলে তেতিয়া তেওঁ মানৱ অধিকাৰৰ অগ্ৰণী ৰণুৱাৰূপে সমগ্র বিশ্বতে পৰিচিত হৈ পৰিল। তেনে সময়তে তেওঁক ন’বেল বঁটাৰে সন্মানিত কৰা হয়। সকলোকে চমকিত কৰি ইৰাণবাসীয়ে তেওঁক টেহৰাণৰ বিমানবন্দৰত বিপুল আদৰণি জনালে ।

প্রশ্ন ১৪। তলত দিয়া শব্দকেইটা কি ভাষাৰ লিখা।

কেঁচি, দোৱাত, চিয়াঁহী, চিচা, কেন্দি

উত্তৰ: কেঁচি – অসমীয়া ভাষাত ব্যৱহাৰ হোৱা এই শব্দবোৰ ফাৰ্চী ভাষাৰ পৰা অহা। এই শব্দবোৰ কেইবা শতিকা আগেয়ে আহি অসমীয়া ভাষাত প্ৰৱেশ কৰে।

পাচী ভাষাৰ

দোৱাত

চিয়াঁহী

চিচা

কেন্দি

প্রশ্ন ১৫। তলত দিয়া শব্দকেইটাৰ অৰ্থ লিখাঃ

খেলে মামনুন, মিৰছি ছালাম

উত্তৰ : খেলে মামনুন

ফাৰ্চী ভাষাৰ ধন্যবাদসূচক শব্দ

প্রশ্ন ১৬। তলত দিয়া শব্দকেইটাৰ প্ৰতীকী অর্থ কি লিখা?

চবজে, চামানু, ছিব, ছেজেভ, ছিৰ, ছমাক ছেৰকেহ

চৰজে ঘেঁহু বা দাইল – পুনর্জন্মৰ প্ৰতীক।

চামানু— ঘেঁহুৰ কঠীয়াৰ পায়স –– নতুন জীৱনৰ প্ৰতীক।

ছিব— আপেল – স্বাস্থ্য আৰু সৌন্দৰ্যৰ প্ৰতীক।

বনৰীয়া শুকান জলফাই— প্ৰেমৰ প্রতীক।

ছেনজেভ

ছিৰ– নহৰু –– ঔষধ।

ছমাক

এবিধ বগৰী— সূর্যোদয়ৰ বৰণ বুজায়।

ছেৰকেহ

ভিনেগাৰ বয়স আৰু ধৈৰ্যৰ প্ৰতীক

প্রশ্ন ১৭। তলত দিয়া শব্দকেইটাত ‘য’ আৰু ‘ণ’ কিয় প্ৰয়োগ হৈছে লিখা।

সম্ভাষণ, অন্বেষণ, গৱেষণা, অৱতৰণ

উত্তৰ : সম্ভাষণ—- ষৰ পিছত থকা দত্ত্য ন মধূণ্য ‘ণ’ হয়।

অন্বেষণ

গৱেষণা

অৱতৰণ

পদৰ ভিতৰত ঋ, ‘ৰ, যৰ পিছত থকা দন্ত্য ন মধূণ্য ‘ণ’ হয়।

প্রশ্ন ১৮। তলৰ শব্দকেইটাত কি প্রত্যয় যোগ হৈছে লিখা :

ইৰাণী, আবাসিক, বাণিজ্যিক, শেহতীয়া, সোণালী, খৰচী

ইৰাণ + ঈ = ইৰাণী = ঈ প্রত্যয়

আবাস + ইক = আবাসিক = ইক প্রত্যয়

ইৰাণ + ঈ = ইৰাণী = ঈ প্রত্যয়

বাণিজ্য + ইক = বাণিজ্যিক, ইক প্রত্যয়

সোণ + আলী = সোণালী = আলী প্রত্যয়

খৰচ + ঈ = খৰচী = ঈ প্রত্যয়

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। চমু উত্তৰ দিয়া :

(ক) ভেংকি ক’ত থাকে আৰু তেওঁ কিহৰ তদাৰক কৰে?

উত্তৰ : লেখকৰ সহকর্মী ভেংকি (ভেংকটৰমণী) বুশ্বেৰত থাকে আৰু তেওঁ ৰিগলৈ যাবলগা হেলিকপ্টাৰ আৰু সামগ্ৰী যোগানকাৰী জাহাজৰ তদাৰক কৰে।

(খ) নিৰাপত্তাৰক্ষীসকলৰ সৈতে কথা-বতৰাত হুছেইনে কেনে উদ্যোগ লৈছিল ?

উত্তৰ: ভেংকিয়ে নিৰাপত্তাৰক্ষী কেইগৰাকীৰ সৈতে কথা-বতৰা আৰম্ভ কৰিলে। হুছেইনে ফাৰ্চীৰ পৰা ইংৰাজীলৈ আৰু ইংৰাজীৰ পৰা ফাৰ্চীলৈ অনুবাদ কৰি বাৰ্তালাপত সহায় কৰিলে।

(গ) হুছেইন আৰু অবুজাৰ কোন আছিল?

উত্তৰ: হুছেইন হৈছে অবুজাৰৰ সহযোগী। অবুজাৰ’ লেখকৰ ট্ৰেভেল এজেণ্ট।

(ঘ) ইৰাণীসকল কেনে প্রকৃতিব? তেওঁলোকৰ বাৰ্তালাপ কেনেধৰণৰ?

উত্তৰ : ইৰাণীসকল নম্ৰ। তেওঁলোকে সুন্দৰ সম্ভাষণেৰে বাৰ্তালাপ কৰে, উচ্চস্তৰত কথা নকয় আৰু কথা-বতৰাত বিনয়ী স্বভাৱৰ প্ৰতিফলন ঘটে। তেওঁলোকে যে এটা ঐতিহ্যময় সভ্যতাৰ শিখা কঢ়িয়াই আনিছে তাৰ পৰিচয় পোৱা যায় তেওঁলোকৰ বাৰ্তালাপত।

(ঙ) ইৰাণীসকলৰ চেহেৰা আৰু সাজপাৰ কেনেধৰণৰ ?

উত্তৰ : ইৰাণীসকল যথেষ্ট ধুনীয়া চেহেৰাৰ, সাজ-পোছাক আধুনিক। চহৰত ভ্ৰমণ কৰোতে বহুতো ইৰাণী মহিলাই বোৰ্খা নিপিন্ধাকৈয়ে ফুৰা দেখা গ’ল। যুৱতীবোৰে টি ছাট, জিনছ, কে’ডছ আদি পিন্ধিছে, মাথোন একোখন স্কার্ফেৰে মূৰটো ঢাকি লৈছে। সেই স্কার্যখনক তেওঁলোকে হিজাব বোলে।

(চ) ইৰাণত শুকুৰবাৰে কেনেধৰণৰ পৰিৱেশ হয় ?

উত্তৰ : ইৰাণত শুকুৰবাৰে আমাৰ ইয়াৰ দেওবাৰৰ দৰে পৰিৱেশ হয়। তাৰ মাজতো দুই এখন দৈনন্দিন প্রয়োজনীয় দোকান খোলা থাকে।

(ছ) ফল-মূলৰ দোকানবোৰত কি সজাই থোৱা হৈছিল?

উত্তৰ : ফল-মূলৰ দোকানত ৰঙা ছেৰিৰ পৰা আৰম্ভ কৰি তৰমুজলৈকে বিভিন্ন ফল- মূল সজাই থোৱা আছে।

(জ) বুশ্বেৰৰ খেজুৰৰ জুতি কেনেধৰণৰ ?

উত্তৰ : বুশ্বেৰৰ খেজুৰ বিখ্যাত। মিঠা আৰু সতেজ। পকা খেজুৰৰ পৰা যিদৰে ৰস ওলায়, নাজানিলে ধাৰণা হ’ব যেন কোনোবাই ৰস ঢালি আনিছে।

(ঝ) পাৰস্যৰ কি কথাই লেখকক বিশেষভাৱে আকৰ্ষণ কৰিছিল? [HSLC.’17 ]

উত্তৰ : পাৰস্যৰ এটা কথাই লেখকক বিশেষভাৱে আকৰ্ষণ কৰিছিল, সেয়া হৈছে ‘অসমীয়া ভাষাত ব্যৱহাৰ হোৱা ফাৰ্চী ভাষাৰ শব্দবোৰ। কেবাশতিকা ধৰি কিছুমান ব্যক্তিয়ে সুদূৰ পাৰস্যৰ পাৰৰ পৰা আনি ভাৰতৰ উত্তৰ-পূব দিশত এই শব্দবোৰ বিলাই দিছিল।

(ঞ) জাগ্ৰছৰ পৰ্বত শৃংখলাটো ক লৈকে বিয়পি আছে? [HSLC.’18].

উত্তৰ : জাগ্ৰছ পর্বত শৃংখলা ইৰাণৰ উত্তৰ-পশ্চিমৰ পৰা দক্ষিণ-পূবলৈকে বিয়পি আছে। ইয়াৰ সৰ্বোচ্চ শৃংগৰ উচ্চতা প্রায় ৪৫,০০ মিটাৰ। জাগ্ৰছৰ উপৰি দেশখনত আৰু কেইবাটাও পর্বত শৃংখলা আছে।

(ট) ইৰাণৰ কাৰ্যালয়ৰ কোম্পানিটোৰ সঞ্চালক কোন আৰু তেওঁ কেনেদৰে কথা- বতৰা কয় ?

উত্তৰ : ইৰাণৰ কাৰ্যালয়ৰ কোম্পানিটোৰ সঞ্চালক এম এফ আলাবিৰ বয়স সত্তৰৰ ওপৰত। তেওঁ যথেষ্ট লাহে-ধীৰে কথা কয়। ইৰাণৰ তৈল উদ্যোগ আৰু এই অঞ্চলৰ ভূতত্ত্বৰ বিষয়ে তেওঁৰ বিস্তৃত জ্ঞান আছে।

(ঠ) টেহৰাণত কিমান পুৰণি অট্টালিকা আছে?

উত্তৰ : টেহৰাণত বহুতো দর্শনীয় স্কুল আছে। ইয়াত বহুতো সংগ্ৰহালয় আৰু পুৰণি অট্টালিকা আছে।

(ড) ইৰাণীসকলে কেতিয়া ন’ৰোজ পালন কৰে?

উত্তৰ : বসন্তৰ মনোৰম দিনৰ আৰম্ভণিতে ইৰাণীসকলে তেওঁলোকৰ নৱবৰ্ষ ‘ন’ৰোজ (নতুন দিন) পালন কৰে। দুসপ্তাহ জুৰি এই উৎসৱ পালন কৰা হয়।

(ঢ) কোনে কেতিয়া চেনি আৱিষ্কাৰ কৰিছিল ?

উত্তৰ : তিনি হাজাৰ বছৰীয়া এটা কিম্বদন্তি মতে সম্রাট জামছেদে নৱৰোজৰ কোনো এটা পৱিত্ৰ দিনত চেনি আৱিষ্কাৰ কৰিছিল। সেয়ে এই আৱিষ্কাৰৰ লগত সংগতি ৰাখি পাৰ্ছিসকলে সাতবিধ মিঠাই প্রস্তুত কৰে।

(ণ) ইমাম আয়াতুল্লা খোমেনিৰ মৃত্যুৰ দিনটো ইৰাণীসকলে কেনেদৰে পালন কৰে?

উত্তৰ : ইমাম আয়াতুল্লা খোমেনিৰ মৃত্যু দিনটো ইৰাণবাসীৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ দিন। সেই উদ্দেশ্যে টেহেৰাণত এটা বিৰাট গণ-সমাৱেশৰ আয়োজন কৰা হয় আৰু সেই ৰাজহুৱা সভালৈ ধৰ্মীয় নেতাসকলো আহে।

(ত) ৰথীন্দ্ৰনাথ গোস্বামীৰ জন্ম ক’ত হয় ?

উত্তৰ : বথীন্দ্ৰনাথ গোস্বামীৰ জন্ম হয় যোৰহাটত।”

(থ) ৰথীন্দ্রনাথ গোস্বামীৰ পিতৃ কোন?

উত্তৰ : ৰথীন্দ্ৰনাথ গোস্বামীৰ পিতৃ সাহিত্যাচার্য যতীন্দ্রনাথ গোস্বামী।

(দ) ৰথীন্দ্ৰনাথ গোস্বামী ৰচিত শিশু সাহিত্যসমূহৰ নাম লিখা।

উত্তৰ : ৰথীন্দ্ৰনাথ গোস্বামীৰ দ্বাৰা ৰচিত শিশু সাহিত্যসমূহ হ’ল ‘বিদেশী বন্ধুৰ দেশত’, ‘কিংকিনীৰ বিদ্রোহ’, ‘Kinkini’s story’ ‘হবী’, ‘বিজ্ঞানে আনিব জোৱাৰ’, ‘অংক জংক পংক’, ‘ৰথীন মামাৰ অংকৰ মজা’, ‘Universe and Solar family’ ইত্যাদি।

প্রশ্ন ২। নাদিৰ শ্বাহ কেনে প্ৰকৃতিৰ শাসক আছিল? [HSLC.’19]

উত্তৰ : ইৰাণৰ শাসকসকলৰ ভিতৰত নাদিৰ শ্বাহে অতি কম দিন ৰাজত্ব কৰিছিল (১৭৩৭-৪৭) যদিও তেওঁৰ শাসনকালত ভাৰতত বিভীষিকাৰ সৃষ্টি হৈছিল। তেওঁ আফগানিস্তানৰ পিছত ভাৰত আক্ৰমণ কৰিছিল আৰু মোগল সম্রাট মহম্মদ শ্বাহক পৰাস্ত কৰি (১৭৩৯) এটা বিশাল ৰাজভঁৰাল লুট কৰিছিল।

তেওঁ বহুতো নাগৰিকক হত্যা কৰিছিল আৰু কহিনুৰ, হীৰা, মুকুতা আদিৰ উপৰি হাতী, ঘোঁৰা, উট আদি লৈ গৈছিল। ভাৰতবৰ্ষৰ পৰা তেওঁ ইমানবোৰ সা-সম্পত্তি লুট কৰি নিছিল যে পৰৱৰ্তী তিনিবছৰ তেওঁ দেশবাসীৰ পৰা কোনো কৰ সংগ্ৰহ কৰা নাছিল।

প্রশ্ন ৩। লেখকে বুশ্বেৰ চহৰৰ বৰ্ণনা কেনেদৰে দাঙি ধৰিছে?

উত্তৰ : বুশ্বেৰ এখন সৰু চহৰ যদিও অতি সুপৰিকল্পিত। চাৰিটা লেনৰ ৰাস্তা, মাজত ডিভাইদাৰ। চহৰখন যথেষ্ট চাফা। নগৰ পৰিকল্পনাই যে বুশ্বেৰ চহৰখনত গুৰুত্ব লাভ কৰিছে সেই কথা লেখকে আকাশমাৰ্গৰ পৰাই অনুমান কৰিব পাৰিছিল। প্ৰতিটো ঘৰ দেৱালেৰে ঘেৰা। প্ৰৱেশদ্বাৰত এখন মজবুট লোহাৰ গেট। আবাসিক অঞ্চলৰ ঘৰবোৰ দুই বা তিনি মহলীয়া ।

তেল অন্বেষণৰ উদ্দেশ্যে ইৰাণত উপস্থিত হোৱা লেখকে বুশ্বেৰ চহৰৰ মাজেদি যাত্ৰা কৰোঁতে এক অজান পুলক অনুভৱ কৰিলে। বুশ্বেৰ চহৰত কোনোবা এঠাইত পাৰমাণৱিক গৱেষণা চলি আছে। ডাটা ইঞ্জিনিয়াৰ জাভাদৰ যোগেদি তেওঁ গম পালে যে বুশ্বেৰত এটা বিয়েক্টৰ আছে। এই ঠাইতেই এটা গোলাকৃতিৰ স্থাপত্যৰ ভিতৰত পাৰমাণৱিক গৱেষণাৰ কাম চলি আছে বুলি তেওঁ জানিব পাৰিলে।

প্রশ্ন ৪। নুন কি? কেনেকৈ প্ৰস্তুত কৰে?

উত্তৰ : ইৰাণত প্ৰস্তুত কৰা ডেৰফুটমান দীঘল এখন ৰুটী। এই ৰুটী ‘মেচিনত তৈয়াৰী। আমাৰ দেশত যিদৰে ব্লেড বা পাওৰুটী বিক্ৰী হয় সেইদৰে ইৰাণত নুন (হিন্দীত নান) অতি জনপ্রিয়। এইবোৰ সাধাৰণতে ঘৰত তৈয়াৰ নকৰে। মানুহে দোকানৰ পৰা নি খায় । এইবোৰ শুকান আৰু লেকেটা।

Leave a Comment

error: Content is protected !!