পাঠভিত্তিক প্রশ্নোত্তৰ
ভাৱ বিষয়ক
প্রশ্ন ১। চমু উত্তৰ দিয়া
(ক) বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্রেণীৰ শিক্ষাৰ্থীসকলক কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিল ?
উত্তৰ: কাজিৰঙা অভয়াৰণ্যলৈ ।
(খ) পল আৰু পাহি কোন কোন শ্রেণীত পঢ়ে?
উত্তৰ: পল নৱম আৰু পাহি অষ্টম শ্ৰেণীত পঢ়ে।
(গ) পলে কোনবোৰ কাম ছোৱালীৰ বুলি কৈছে?
উত্তৰ : কাঁহী-বাটি, বাচন-বৰ্তন ধোৱা, ঘৰৰ আচবাবৰ ধূলি মচা-সৰা আদি কাম।
(ঘ) লর্ড কার্জন কোন?
উত্তৰ: ব্ৰিটিছ ভাইচৰয়।
প্রশ্ন ২। ল’ৰা-ছোৱালীৰ কামৰ পাৰ্থক্য দেখি পাহিয়ে মাকক কি কৈছিল? মাকে তাৰ প্ৰত্যুত্তৰত পাহিক কি বুজনি দিছিল ?
উত্তৰ: ল’ৰা-ছোৱালীৰ কামৰ পাৰ্থক্য দেখি পাহিয়ে মাকক এইবুলি কৈছিল— “মা, ল’ৰা আৰু ছোৱালীৰ কামবোৰ কোনে পৃথক কৰিলে? ময়ো দেখোন দাদাৰ দৰেই পঢ়া- শুনা কৰোঁ। দাদাই কিয় নিজৰ পিন্ধা কাপোৰ জাপি নথয়, জোটাযোৰ পৰিষ্কাৰকৈ নাৰাখে, গা ধোৱাৰ পাছত তিতি থকা গামোচাখন কিয় বিছনাতে পেলাই থৈ যায়? দাদাই এই কামবোৰ কিয় তুমি কৰি দিবা বুলি ভাবে বা মই কৰি দিম বুলি ভাবে? ল’ৰাই নিজৰ জোটাযোৰ পৰিষ্কাৰ কৰিব নালাগে বা নিজে খোৱা কাঁহীখন কেতিয়াও ধুব নালাগে বুলি ক’ৰবাত লিখা আছে নেকি?”
মাকে তাৰ প্ৰত্যুত্তৰত পাহিক এইবুলি বুজনি দিলে— “পাহি সোণজনী, তুমি নিজেই দেখিছা, তোমালোকে যি বয়সত যিবোৰ কাম কৰিব পাৰা, সেই কাম বয়স অনুযায়ী মই শিকাই আহিছোঁ তোমালেকি দুয়োটাকে। তোমালোকে পঢ়া-শুনা কৰি ভাল চাকৰি বা ব্যৱসায় কৰিবা, ধন উপাৰ্জন কৰিবা। কিন্তু প্রয়োজনীয় কামখিনি কৰিব নাজানিলে পৰনিৰ্ভৰশীল হ’বলৈ বাধ্য হ’বা। তেতিয়া কেতিয়াবা সময়েও তোমোলাকক ঠগিব আৰু মানুহেও ঠগিব।
প্রশ্ন ৩। প্ৰকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে?
উত্তৰ : পাহিহঁত নগৰত বাস কৰে যদিও প্ৰকৃতিৰ সুন্দৰ নিয়মবোৰে পাহিক বৰকৈ আকৃষ্ট কৰে। প্ৰতিজোপা গছৰ ৰং ভিন্ন, পাতৰ আকাৰ ভিন্ন, তামোল গছৰ কাষতে আমগছ জোপাৰ চেহেৰাৰ মিল নাই, দুজোপা ভিন্ন ধৰণৰ গছ যদিও ওচৰা-উচৰিকৈ মিলা-প্ৰীতিৰে থাকে।
আকৌ কলগছ জোপাৰ কাষতে থাকে নেমুজোপা, নেমুৰ কাঁইটে কলগছজোপাক কেতিয়াও বিন্ধিবলৈ নাযায়। প্ৰকৃতিৰ এই সুন্দৰ নিয়মবোৰ গছবোৰে মানি চলে। সেইবাবেই প্ৰকৃতিৰ এই নিয়মবোৰে পাহিক আকৃষ্ট কৰে।
প্রশ্ন ৪। কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল?
উত্তৰ : মাকে এইবুলি উপদেশ দিছিল যে সিঁহত পৃথিৱীৰ ভিতৰতে যশস্যা থকা এখন অৰণ্যলৈ যাবলৈ ওলাইছে, অৰণ্যৰ পৰা শিকিবলগা বহুত কথা আছে। যিমান পাৰে শিকিব আৰু নিজৰ লগতে নিজৰ বয়বস্তুবোৰ চম্ভালিব । দেউতাকেও শিক্ষকৰ লগ নেৰিবলৈ, যি কয় সেইমতে চলিবলৈ ক’লে। আনহাতে তেওঁ সিহঁতৰ খবৰ লৈ থাকিম বুলি ক’লে।
প্রশ্ন ৫। “কামত ল’ৰা-ছোৱালী বুলি ভাগ নাই। যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকৈ কৰা।”— এই কথাষাৰৰ বক্তা কোন? তেওঁ কিয় এই কথাষাৰ ক’বলগীয়া হৈছিল, আঁতিগুৰি মাৰি লিখা। [HSLC.’20]
উত্তৰ : এই কথাষাৰৰ বক্তা আছিল পাহি-পলহঁতৰ অঙ্কৰ শিক্ষক ৰঞ্জিত হাজৰিকা ছাৰৰ৷ কাজিৰঙা অভয়াৰণ্যলৈ গৈ থকা অৱস্থাতে বাছৰ ভিতৰতে শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীৰ মাজৰ পৰা নেতা-নেত্রী পাতি দিছিল । পাহি আৰু বিদিশাক দায়িত্ব দিয়া হৈছিল বাছত থকা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা গণনা কৰিবলৈ আৰু অসুবিধাসমূহলৈ মন দিবলৈ। নৱম শ্ৰেণীৰ সৌৰভ আৰু আফতাবক দায়িত্ব দিয়া হৈছিল খাদ্য বস্তুৰ পেকেট আৰু পানীৰ বটল সকলোৰে মাজত সমভাৱে বিতৰণ কৰিবলৈ।
সৌৰভে কামটো টান পাই কৈছিল ‘পাহি আৰু বিদিশাই খাদ্য বিলাওক, আমি সিহঁতক দিয়া কামটো কৰোঁ, কাৰণ আমি ল’ৰা, লগৰীয়াবোৰে, উৎপাত কৰিলে শাসনো কৰিব পাৰিম আৰু অসুবিধাবোৰলৈও মন দিব পাৰিম। আফতাবেও সৌৰভৰ কথাত হয়ভৰ দিলে। তেতিয়া অংকৰ শিক্ষক ৰঞ্জিত হাজৰিকা ছাৰে খং কৰি উক্ত কথাষাৰ কৈছিল।
প্রশ্ন ৬। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল-আফতাবহঁত কি বিপদত পৰিছিল? এই বিপদৰ পৰা সিহঁতক কোনে উদ্ধাৰ কৰিছিল ?
উত্তৰ: পাহি-পলহঁত কাজিৰঙা গৈ পোৱাৰ পিছত শিক্ষক-শিক্ষয়িত্ৰীসকলৰ পৰামর্শক্রমে আলহীঘৰৰ নিৰ্দিষ্ট কোঠাত নিজা নিজা বিছনাপত্ৰ পাৰি খেলত ব্যস্ত হ’ল আৰু কিছুমানে ৰং, কাগজ উলিয়াই ছবি অঁকাত লাগিল। পিছে পল, আফতাব আৰু সৌৰভে এইবোৰ একো নকৰি কোনেও ক’ব নোৱৰাকৈ আবাসৰ ‘পিছফালে গৈ শিকলিৰে বান্ধি থোৱা জপনা বগাই পাৰ হ’ল। সিহঁতৰ আটাইৰে মন ৰোমাঞ্চিত হৈ পৰিল। একেবাৰে নিৰ্জন ঠাইখনত মনৰ আনন্দতে তিনিও অলপ আগুৱাই গৈ আধা অংশ মেটেকাৰে আগুৰি থকা
এটা পুখুৰী আৰু তাত বান্ধি থোৱা এখন নাও দেখা পালে। নাও বোৱাৰ আনন্দত বান্ধি থোৱা ঠাইৰ পৰা নাওখন এৰি দি তিনিও নাৱত উঠি বাই নিবলৈ ধৰিলে। সিহঁতৰ এজনেও ভালদৰে নাও বাব বা সাঁতুৰিব নাজানিছিল । নাও গৈ মেটেকাৰ মাজত সোমোৱাৰ লগে লগে নাওৰ এটা ফুটাইদি নাৱৰ ভিতৰলৈ জোৰেৰে পানী সোমাবলৈ ধৰিলে। তাৰ পৰা ৰক্ষা পাবলৈ কোনো উপায় নাছিল। নাওখন পানীত ডুবিলেই তিনিওজনৰে মৃত্যু অনিবার্য। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পলহঁত এই বিপদত পৰিছিল।
ইয়াৰ পৰা উদ্ধাৰ পাবলৈ তিনিও কান্দি কান্দি চিঞৰিবলৈ ধৰিলে (আমি মৰিলো, বচোৱা, কোন আছা আমাক বচোৱা)। ইতিমধ্যে নাওখন কাতি হৈ পল পানীত পৰিল। আফতাব আৰু সৌৰভে চিঞৰত গগণ ভেদিলে। এনেতে পাছজনী মাছমৰীয়া ছোৱালী জাকৈ-খালৈ লৈ সেইপিনে গৈ থাকি সিহঁতৰ চিঞৰ শুনি আৰু অৱস্থা দেখি তালৈ দৌৰি গ’ল আৰু সিহঁতৰ দুজনী ডাঙৰ ছোৱালীয়ে একে জাঁপে পানীত নামি সাঁতুৰি গৈ নাওসহ সিহঁত তিনিওকে পাৰলৈ তুলি আনিলে। পলে যথেষ্ট পানী খাইছিল। তাৰে এজনী ছোৱালীয়ে তাৰ পেটত হেচুকি পানীখিনি উলিয়াই তাক সুস্থ কৰি তুলিলে। এনেদৰেই সেই মাছমৰীয়া ছোৱালীকেইজনীয়ে সেই বিপদৰ পৰা সিহঁতক উদ্ধাৰ কৰিছিল।
প্রশ্ন ৭ । শিক্ষক-শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শনৰ কাৰ্যসূচী কিয় বাতিল কৰিব খুজিছিল ? ইয়াৰ পিছত পৰিস্থিতি কি হ’ল বহলাই লিখা।
উত্তৰ : পল, আফতাব আৰু সৌৰভে শিক্ষকৰ কথা অমান্য কৰি যি বিপদত পৰিছিল আৰু কোনো ৰকমেহে প্ৰাণ ৰক্ষা পৰিল বিদ্যালয়খন। এটা ডাঙৰ বদনামৰ পৰা উদ্ধাৰ পালে। সিহঁতৰ এই দুর্ঘটনাই আৰু কাৰ্যই সকলোকে দুখ দিছে। এই কাৰণেই শিক্ষক- শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শনৰ কাৰ্যসূচী বাতিল কৰিব খুজিছিল। ছাৰসকলৰ এই কথাত ছাত্ৰ-ছাত্ৰীসকলৰ মনত বৰ বেয়া লাগিল আৰু পলহঁতলৈ খং উঠিল।
তেতিয়া পলে সকলোৰে ওচৰত ক্ষমা খুজি ছাৰসকলে যি শাস্তি দিয়ে তাকে ল’বলৈ সাজু বুলি কৈ সিহঁতৰ বাবেই অৰণ্য দর্শন বাতিল কৰিব নালাগে বুলি অনুৰোধ জনালে। সিহঁত তিনি ওকে এৰি বাকীসকলক অৰণ্য দৰ্শনলৈ লৈ গ’লেই সিহঁতৰ ডাঙৰ শাস্তি হ’ব বুলি ক’লে। ইয়াৰ পিছত নিশা ভাত খাই উঠি ছাত্ৰ-ছাত্ৰীসকলৰ আগত ঘোষণা কৰিলে ‘ইয়াৰ পৰা গৈ তোমালোকে এই যাত্ৰাৰ অভিজ্ঞতাৰে এখন ৰচনা লিখি আমাক দিব লাগিব। পল, সৌৰভ আৰু আফতাবে আজি কৰা বেয়া কামটোৰ বিষয়ে আৰু কথমপি মৃত্যুমুখৰ পৰা বঙ্গা পৰাৰ বিষয়ে সকলো কথা ৰচনাত স্বীকাৰ কৰি লিখিব লাগিব। তেতিয়াহে কাইলৈ পুৱাই আমি সকলো সাজু হম অৰণ্য দৰ্শন কৰিবলৈ।’ লগে লগেই সকলোৱে ফূৰ্তিত চিঞৰি উঠিল আৰু হাতচাপৰি বজালে। পলহঁতে ক’লে, ‘আমি ৰচনাত সকলো লিখিম আৰু জীৱনত এনে কাম নকৰোঁ ছাৰ- ধন্যবাদ, আমাকো যাবলৈ দিয়া বাবে।
প্রশ্ন ৮। মহীচন্দ্ৰ মিৰি কোন? কাজিৰঙাক বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিল?
উত্তৰ : মহীচন্দ্ৰ মিৰি আছিল কাজিৰঙাৰ প্ৰথম ভাৰতীয় তথা অসমীয়া বন বিষয়া। তেওঁ কাজিৰঙাৰ গঁড় আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছিৰিয়াখানালৈ পঠিয়াই কাজিৰঙা অৰণ্য যে গঁড়ৰ বসতিস্থল, সেই কথা সমগ্র জগতক প্রথম জনালে। বিশ্বৰ মানচিত্ৰত কাজিৰঙাক চিনাকি কৰি দিয়া প্রথম ব্যক্তিগৰাকী হ’ল মহীচন্দ্ৰ মিৰি ।
প্রশ্ন ৯। নিগিনা চিকাৰীৰ প্ৰকৃত নাম কি? তেওঁ কাক প্রথমে কাজিৰঙাৰ গঁড় দেখুৱাইছিল ?
উত্তৰ : নিগিনা চিকাৰীৰ প্ৰকৃত নাম হ’ল— বাপীৰাম হাজৰিকা । তেওঁ প্ৰথম লেডী কার্জনক গঁড় দেখুৱাইছিল।
প্রশ্ন ১০। কাজিৰঙালৈ যাত্ৰা কৰি কি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষার্থীসকলে শিক্ষক-শিক্ষয়িত্ৰীসকলক অৱগত কৰিছিল? [HSLC. 20]
উত্তৰ : কাজিৰঙালৈ যাত্ৰা কৰি শিক্ষাৰ্থীসকলে যি বিশেষ শিক্ষা লাভ কৰিলে তাক শিক্ষক-শিক্ষয়িত্ৰীসকলৰ আগত এইদৰে অৱগত কৰিছিল পাহিয়ে ক’লে যে নিজে কৰিব পৰা কামসমূহ নিজেই কৰিব লাগে, আনে কৰি দিব বুলি বাট চাব নালাগে।
বিদিশাই ক’লে যে গছ হ’ল বনৰ জীৱ-জন্তু আৰু মানুহৰ বন্ধু, গছ নহ’লে কোনো জীয়াই থাকিব নোৱাৰে। পলে ক’লে যে ল’ৰা আৰু ছোৱালী সকলো সমান। ছোৱালীকেইজনীয়ে সিহঁতক সেই বিপদৰ পৰা উদ্ধাৰ নকৰিলে সিহঁতে কাজিৰঙাই দেখা নাপালেহেঁতেন।
আফতাবে ক’লে যে আত্মৰক্ষা কৰিব নাজানিলে মৰসাহ কৰাটো মূৰ্খৰ কাম। শেযত সৌৰভে ক’লে যে দলীয়ভাৱে ক’ৰবালৈ গ’লে অনুশাসন-শৃংখলা মানি চলাটো জৰুৰী কথা।
ভাষা বিষয়ৰ প্রশ্নোত্তৰ
প্রশ্ন ১১। বাক্য ৰচনা কৰা—
ককাই-ভনী : | ঘৰখনত ককাই-ভনী আটায়ে মিলা-প্ৰীতিৰে থাকিব লাগে। |
টুলুং ভুটুং : | নাওখনে পানীত টুলুং ভুটুং কৰাত নাওখনত থকা সৰু ল’ৰা- ছোৱালীকেইটিয়ে ভয়তে চিঞৰিলে। |
চিঞৰ-বাখৰ : | চিঞৰ-বাখৰ কৰি থাকিলে বৰ অশান্তি লাগে। |
মানুহ-দুনুহ: | মানুহ দুনুহ কোনো নাই, ঘৰখন উদং হৈ আছে। |
তিতি-বুৰি: | নাৱৰ পৰা পানীত পৰি পলহঁত তিতি-বুৰি আহিছিল। |
প্রশ্ন ১২ : মূৰ্দ্ধন্য ‘ণ’ হোৱাৰ কাৰণ দর্শোৱা :
অৰণ্য, অৰ্পণ, কণ্ঠ, ওৰণি, পোৰণি, আড়ম্বৰপূৰ্ণ
উত্তৰ:
অৰণ্য: | ‘ৰ’ৰ পিছত ন মূৰ্দ্ধন্য ‘ণ’ হয় কাৰণে। |
অর্পণ: | ‘ৰ’ৰ পিছত ন মূৰ্দ্ধন্য ‘ণ’ হয় কাৰণে। |
ওৰণি: | ‘ৰ’ৰ পিছত ন মূৰ্দ্ধন্য ‘ণ’ হয়-কাৰণে৷ |
পোৰণি: | ‘ৰ’ৰ পিছত ন মূৰ্দ্ধন্য ‘ণ’ হয় কাৰণে। |
আড়ম্বৰপূৰ্ণ: | ‘ৰ’ৰ পিছত ন মূৰ্দ্ধন্য ‘ণ’ হয় কাৰণে। |
কণ্ঠ: | ‘ঠ’ ৰ লগত যুক্ত হোৱাৰ কাৰণে। |
অতিৰিক্ত প্রশ্নোত্তৰ
চমু প্রশ্নোত্তৰ :
প্রশ্ন ১। ‘অৰণ্য যাত্রা’ প্ৰবন্ধটোৰ লেখক কোন?
উত্তৰ : অনুৰাধা শৰ্মা পূজাৰী।
প্রশ্ন ২। অনুৰাধা শৰ্মা পূজাৰীৰ জন্ম ক’ত হৈছিল?
উত্তৰ : ১৯৬৪ চনত যোৰহাটত।
প্রশ্ন ৩ ৷ অনুৰাধা শৰ্মা পূজাৰীয়ে সাংবাদিকতাৰ পাঠ্যক্ৰম ক’ত সম্পূৰ্ণ কৰিছিল?
উত্তৰ : কলিকতাৰ বিৰলা ইনষ্টিটিউট অব লিবাৰেল আৰ্টছ এণ্ড মেনেজমেন্টত।
প্রশ্ন ৪। অনুৰাধা শৰ্মা পূজাৰী কোনখন কাকতৰ বৰ্তমান সম্পাদকৰ দায়িত্বত আছে?
উত্তৰ : পযেকীয়া কাকত ‘সাদিন’ৰ ।
প্রশ্ন ৫। অনুৰাধা শৰ্মা পূজাৰীয়ে সম্পাদনা কৰা আলোচনীখনৰ নাম কি?
উত্তৰ : ‘সাতসৰী’।
প্রশ্ন ৬। অনুৰাধা শৰ্মা পূজাৰীৰ এখন উপন্যাসৰ নাম লিখা।
উত্তৰ : ‘হৃদয় এক বিজ্ঞাপন’
প্রশ্ন ৭। অনুৰাধা শৰ্মা পূজাৰীৰ এখন আত্মজীৱনীমূলক গ্ৰন্থৰ নাম লিখা।
উত্তৰ : ‘ডায়েৰি’।
প্রশ্ন ৮। কোন কোন শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক কাজিৰঙালৈ লৈ গৈছিল ?
উত্তৰ : অষ্টম আৰু নৱম শ্ৰেণীৰ ।
প্রশ্ন ৯। ছাত্র-ছাত্রীসকলক কোনখন অভয়াৰণ্যলৈ নিয়াৰ সিদ্ধান্ত কৰিছিল?
উত্তৰ : কাজিৰঙা অভয়াৰণ্যলৈ ৷
প্রশ্ন ১০। কাজিৰঙালৈ যোৱা ছাত্ৰ-ছাত্ৰীৰ দলটোত কিমান গৰাকী ছাত্ৰ-ছাত্ৰী আছিল?
উত্তৰ : পঞ্চাশগৰাকী।
প্রশ্ন ১১। পল আৰু পাহি সম্বন্ধত কি আছিল?
উত্তৰ: ককাই-ভনী।
প্রশ্ন ১২। কাজিৰঙালৈ যাওঁতে ছাত্ৰ-ছাত্ৰীসকলক লগত কি নল’বলৈ কোৱা হৈছিল ?
উত্তৰ : কেমেৰা, ম’বাইল ফোন।
প্রশ্ন ১৩। মাকে পল আৰু পাহিৰ কাজিয়াৰ সামৰণি কেনেকৈ মাৰিছিল?
উত্তৰ: পকা কল দুটা সিহঁতৰ হাতত দি বা মিঠাই, বিস্কুট দি।
প্রশ্ন ১৪। ‘পাহি আৰু পলে মাক-দেউতাকৰ ভৰি চুই আশীৰ্বাদ ল’লে।” – কিহৰ আশীর্বাদ লৈছিল।
উত্তৰ: শিক্ষক-শিক্ষয়িত্ৰীসহ অন্যান্য ছাত্র-ছাত্ৰীৰ লগত কাজিৰঙালৈ যাবলৈ ওলাই আশীর্বাদ লৈছিল।
প্রশ্ন ১৫। কেইখন বাছত কাজিৰঙালৈ পলহঁত যাত্ৰা কৰিছিল ?
উত্তৰ : দুখন বাছত।
প্রশ্ন ১৬। পাহি আৰু বিদিশাক কি দায়িত্ব দিয়া হৈছিল ?
উত্তৰ : বাছত থকা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা গণনা কৰিবলৈ আৰু অসুবিধাসমূহ মন দিবলৈ ৷
প্রশ্ন ১৭। সৌৰভ আৰু আফতাবক কি দায়িত্ব দিয়া হৈছিল ?
উত্তৰ : খাদ্য বস্তুৰ পেকেট আৰু পানীৰ বটল সকলোৰে মাজত সমবিতৰণ কৰিবলৈ।
প্রশ্ন ১৮। সৌৰভ আৰু আফতাব কোন শ্ৰেণীৰ ছাত্ৰ?
উত্তৰ : নৱম শ্ৰেণীৰ
প্রশ্ন ১৯। বিজ্ঞানৰ শিক্ষয়িত্ৰীগৰাকীৰ নাম কি আছিল?
উত্তৰ: মালবিকা।
প্রশ্ন ২০। অংকৰ শিক্ষকজনৰ নাম কি ?
উত্তৰ : ৰঞ্জিত হাজৰিকা।
প্রশ্ন ২১। বিজ্ঞানৰ শিক্ষয়িত্ৰী মালবিকা বাইদেৱে ছাত্ৰ-ছাত্ৰীসকলক কি বুলি কৈছিল?
উত্তৰ: তেওঁ কৈছিল— “তোমালোকক আমি এই কেইদিন প্রতিমুহূৰ্ততে পর্যৱেক্ষণ কৰিম। তোমালোকে সমনীয়াৰ সৈতে ভালদৰে মিলা-প্ৰীতিৰে থাকিবা। শিক্ষকৰ কথা শুনিবা আৰু কি কি দেখিলা, শিকিলা তোমালোকৰ টোকাবহীত লিখি যাবা।”
প্রশ্ন ২২। অসমীয়া বিষয়ৰ শিক্ষকজনৰ নাম কি ?
উত্তৰ : তপন বৰুৱা।
প্রশ্ন ২৩। গঁড়, হাতী, হৰিণা পহু চাবলৈ কেই বজাত ছাত্ৰ-ছাত্ৰীসকলক ৰাতিপুৱা উঠিবলৈ কৈছিল?
উত্তৰ : ৰাতিপুৱা চাৰি বজাত ৷
প্রশ্ন ২৪। খোৱা ঘৰৰ বেৰত কি লিখা আছিল?
উত্তৰ : ‘self service’.
প্রশ্ন ২৫। “এনেকৈ নহয়, শাৰী পাতা সকলোৱে” বুলি কেনে কৈছিল?
উত্তৰঃ পাহিয়ে।
প্রশ্ন ২৬। ভাত খোৱাৰ পাছত ছাত্ৰ-ছাত্ৰীসকলক ক’লৈ যাবলৈ কোৱা হৈছিল?
উত্তৰ : জিৰণি ঘৰলৈ।
প্রশ্ন ২৭। পলহঁত উঠা নাওখনত কেনেকৈ পানী সোমাইছিল?
উত্তৰ: নাওখনৰ তলীত থকা ফুটাৰে।
প্রশ্ন ২৮। “বচোৱা, কোন আছা, আমাক ৰচোৱা”— বুলি কোনে চিঞৰিছিল?
উত্তৰ: পলে।
প্রশ্ন ২৯। পলহঁতক বিপদৰ পৰা কোনে উদ্ধাৰ কৰিছিল?
উত্তৰ: মাছ মাৰিবলৈ যোৱা ছোৱালীকেইজনীয়ে।
প্রশ্ন ৩০। পলহঁতক বিপদৰ পৰা উদ্ধাৰ কৰা ছোৱালীকেইজনীৰ নাম কি কি?
উত্তৰ: দীপালী, ৰুমী, শেৱালি, জিনা আৰু লক্ষী।
প্রশ্ন ৩১ ৷ পলহঁতক বিপদৰ পৰা উদ্ধাৰ কৰা মাছমৰীয়া ছোৱালী কেইজনী আছিল ?
উত্তৰ : পাঁচজনী।
প্রশ্ন ৩২। ছোৱালীকেইজনীয়ে গুচি যাওঁতে পলহঁতক কি বুলি কৈ গ’ল ?
উত্তৰঃ “ঠিক আছে, ভালকৈ যাবা, আৰু আগলৈ নজনা কামত মৰসাহস নেদেখুৱাবা।”
প্রশ্ন ৩৩। গা-পা ধুই অহাৰ পাছত পলহঁতক কি খাবলৈ দিছিল?
উত্তৰ: গৰম গাখীৰ।
প্রশ্ন ৩৪। ফুৰিবলৈ যাবলৈ ওলাই “পল, সৌৰভ আৰু আফতাব যাব নালাগে। সিহঁতে জিৰণি লওক।”— বুলি কোনে কৈছিল?
উত্তৰ : অংকৰ ছাৰে।
প্রশ্ন ৩৫। কাজিৰঙা যাত্ৰাৰ দলপতি কোন আছিল ?
উত্তৰ: হাজৰিকা ছাৰ।
প্রশ্ন ৩৬। “তোমালোক সকলোৱে ভাত খাই লোৱাৰ পাছত আমি সিদ্ধান্ত লম।”—ইয়াত কিহৰ সিদ্ধান্ত লোৱাৰ কথা কৈছে?
উত্তৰ : কাজিৰঙা অভয়াৰণ্যৰ ভিতৰলৈ গৈ দৰ্শন কৰা নকৰাৰ সিদ্ধান্ত।
প্রশ্ন ৩৭। মানসী কোন শ্রেণীৰ ছাত্ৰী ?
উত্তৰ : অষ্টম শ্ৰেণীৰ ।
প্রশ্ন ৩৮৷ এটা খৰ্গৰ গঁড় সৰ্বাধিক ক’ত পোৱা যায়?
উত্তৰ : অসমৰ কাজিৰঙাত।
প্রশ্ন ৩৯। ইয়াণ্ডাবু সন্ধি কোন চনত হৈছিল ?
উত্তৰ : ১৮২৬ চনত।
প্রশ্ন ৪০। ব্ৰিটিছ ভাইচৰয় জনৰ নাম কি?
উত্তৰ: লর্ড কার্জন।
প্রশ্ন ৪১। ব্ৰিটিছ ভাইচৰয় লর্ড কার্জনৰ পত্নীৰ নাম কি আছিল?
উত্তৰ: মেৰী কাৰ্জন।
প্রশ্ন ৪২। বিশ্বৰ মানচিত্ৰত কাজিৰঙাক চিনাকি কৰি দিয়া প্রথম ব্যক্তিজন কোন আছিল ?
উত্তৰ : বন বিষয়া মহীচন্দ্ৰ মিৰি ।
প্রশ্ন ৪৩। গৰমৰ বন্ধত পল আৰু পাহিয়ে কি কৰিছিল?
উত্তৰ : গৰমৰ বন্ধ আৰম্ভ হোৱাৰ দিনাৰ পৰাই পলে পুৱা পঢ়া-শুনা কমকৈ কৰিছিল,
দেৰিকৈ শুই উঠিছিল। পাহিয়ে কিন্তু পুৱা চাহ-জলপান খোৱাৰ পাছত মাকক বাচন-বৰ্তন
ধোৱা আৰু ঘৰৰ আচবাবৰ ধূলি মচা-সৰাত সহায় কৰিছিল।
প্রশ্ন ৪৪। অৰণ্যযাত্ৰাৰ আগদিনা পাহিয়ে বেগত কি কি বস্তু বেগত ভৰাই লৈছিল ?
উত্তৰ: এখন ডাঙৰ আৰু এখন সৰু টোকা বহী, কাপোৰৰ আৰামদায়ক জোতা, টুপী,পাতল গামোচা, প্রাথমিক চিকিৎসাৰ ঔষধ, টর্চলাইট, কপাহী কাপোৰ, কলম ইত্যাদি।
প্রশ্ন ৪৫। পলৰ ঠেহ ভাঙিবলৈ মাকে কি বুলি কৈছিল?
উত্তৰ : “তুমি নিজৰ বস্তু সামৰি গোটাই লোৱা নাই কিয়? এয়া পাহিৰ দোষ নহয়, তোমাৰ দোষ। ঠিক আছে, নোযোৱাকৈ থাকিব নালাগে; মই তোমাৰ নিবলগা বেগটো সাজু কৰি দিম— এতিয়া মন মাৰি নাথাকিবা।”
প্রশ্ন ৪৬। “একোখন অৰণ্য মানুহৰ হাওঁফাওঁৰ দৰে।”— কথাষাৰি বুজাই লিখা।
উত্তৰ : অৰণ্যত থকা গছ-গছনি আৰু কিছুমান জীৱ-জন্তুই বায়ুত থকা এঙাৰ গেছ সেৱন কৰি অম্লজান বায়ুত এৰি দিয়ে। এই অম্লজানেই মানুহক সুস্থ শৰীৰেৰে জীয়াই ৰাখে৷ গছ নাথাকিলে মানুহ জীয়াই থাকিব নোৱাৰে। কিছুমান ৰোগীকো জীয়াই ৰাখিবলৈ অম্লজানৰ মুখা পিন্ধাই দিয়া হয়। পানীৰ তললৈ যোৱা ডুবাৰুসকলেও অম্লজানৰ চুঙাপিঠিত বান্ধি লৈ যায়।
এই অম্লজান তৈয়াৰ কৰিব পাৰে একমাত্ৰ গছ-গছনি আৰু অৰণ্যত থকা কিছুমান জীৱ-জন্তুৱেহে। সেই কাৰণেই অৰণ্যক মানুহৰ হাওঁফাওঁৰ লগত তুলনা কৰিছে। হাওঁফাওঁৰ অবিহনে মানুহ জীয়াই নাথাকে, সেইদৰে মানুহক জীয়াই ৰখা অম্লজান তৈয়াৰ কৰা অৰণ্য নহ’লেও মানুহ বাচি নাথাকিব।