Class 10 Assamese Lesson 1 | বৰগীত | Question Answer | SEBA

বৰগীত | Class 10 Assamese Lesson 1 Question Answer | SEBA: আমাৰ ৱেবছাইটলৈ স্বাগতম! আপোনাৰ শৈক্ষিক যাত্ৰাৰ বাবে আপোনাক দশম শ্ৰেণীৰ Notes প্ৰদান কৰি আমি আনন্দিত।

দশম শ্ৰেণী শিক্ষাৰ্থীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ বছৰ কিয়নো তেওঁলোকে আগন্তুক ব’ৰ্ড পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰে, যি তেওঁলোকৰ শৈক্ষিক সফলতা নিৰ্ধাৰণ কৰিব।

আজি, এই প্ৰবন্ধটোত মই আপোনাৰ দশম শ্ৰেণীৰ “বৰগীত” দীঘলয়া আৰু চুটি প্ৰশ্ন আলোচনা কৰিম| আমি প্ৰায় সকলো দীঘলয়া আৰু চুটি প্ৰশ্ন Solution প্ৰদান কৰিছোঁ।

আমাৰ লক্ষ্য হৈছে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰা। আমি ইয়াত বিনামূলীয়াকৈ Notes সমূহ প্ৰদান কৰিছো। আমি আপোনাক আগন্তুক পৰীক্ষাৰ বাবে শুভেচ্ছা জনাইছো। যদি আপোনাৰ কোনো সন্দেহ আছে তেন্তে আমাৰ সৈতে যোগাযোগ কৰক।

Class 10 Assamese Lesson 1 Question Answer:

পাঠভিত্তিক প্রশ্নোত্তৰ

প্রশ্ন ১ : চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়া।

(ক) ………. নেৰিবা বান্ধৱ মোক জীৱনে মৰণে!

কবিয়ে জীৱনে মৰণে নেৰিবৰ কাৰণে কাক অনুৰোধ কৰিছে?

উত্তৰ : কবিয়ে জীৱনে-মৰণে নেৰিবৰ কাৰণে ভগৱানক অনুৰোধ কৰিছে। কবিয়ে ইতিমধ্যে ভগৱানৰ চৰণত আত্মনিবেদন কৰিছে আৰু তেওঁৰ চৰণতেই মুক্তিৰ প্ৰয়াস কৰিছে। কবিয়ে সকলো ধৰণৰ পাৰ্থিৱ মোহ-আকাঙ্ক্ষা ত্যাগ কৰি ভগৱানৰ চৰণত শৰণ লোৱাৰ লগতে জীৱনে-মৰণে তেওঁৰ পদপ্রান্ততেই একমাত্র আশ্ৰয় গ্ৰহণ কৰাটো অতি তাৎপর্যপূর্ণ।

(খ) ‘সনক সনন্দ যোগী যাহাকু ধিয়ায়!’

সনক, সনন্দ আদি যোগীসকলে কাক ধিয়ান কৰে বুলি কৈছে?

উত্তৰ : সনক, সনন্দ, সনাতন প্রভৃতি শ্রীকৃষ্ণৰ একান্ত ভক্ত। তেওঁলোক একান্ত নাৰায়ণ-পৰায়ণা আৰু সেয়ে সকলো সময়তে ভগৱদ চিন্তাত ব্যস্ত হৈ থাকে। ভক্তিৰ মাধ্যমেদি ভগৱদ প্রাপ্তি সম্ভৱ বাবেই এইসকল পৰমভক্ত যোগীয়ে একান্তভাৱে তেওঁক ধ্যান কৰে বুলি কোৱা হৈছে।

(গ) কবিয়ে কিহত আতুৰ হোৱা বুলি কৈছে?

উত্তৰ : কবিয়ে সাংসাৰিক দুখ তথা বিষয়-বাসনাৰ তাড়নাত আতুৰ হোৱা বুলি উল্লেখ কৰিছে। বিষয়ৰ বন্ধনেই হৈছে সাংসাৰিক দুখৰ মূল কাৰণ। এই দুখৰ নিবৃত্তিৰ বাবে হৰিভক্তি পৰম মহৌষধ।

(ঙ) বৰগীতটো কি ৰাগত বন্ধা?

উত্তৰ : বৰগীতটো বসন্ত ৰাগত বন্ধা৷ ভাৰতীয় সংগীত শাস্ত্ৰৰ বিধান অনুসৰি উচ্চাঙ্গ সংগীতৰ আৰ্হিত এই গীতসমূহ ৰচিত হৈছে।

(চ) কবিয়ে ‘বান্ধৱ’ বুলি কাক সম্বোধন কৰিছে?

উত্তৰ : কবিয়ে ‘বান্ধৱ’ বুলি হৰিক কৈছে।

(ছ) ‘মোহ-পাশ’ মানে কি?

উত্তৰ : মোহ-পাশ মানে মায়াৰ বন্ধন। মায়া মোহেই হৈছে জাগতিক আসক্তি তথা বন্ধনৰ মূল কাৰণ। ইয়াত ‘পাশ’ শব্দই ‘বন্ধন’ক সূচাইছে।

প্রশ্ন ২ : বৰগীতটোৰ মূলভাব লিখা।

উত্তৰ : ভক্তকবি মাধৱদেৱে ভগৱন্তৰ চৰণত একান্তভাৱে আত্মনিবেদন কৰি তেওঁক জীৱনে-মৰণে নেৰিবৰ কাৰণে অতিশয় কাকৃতি কৰিছে। ভগৱানৰ অপাৰ মহিমা। আগম আৰু নিগম প্রভৃতি শাস্ত্ৰত ভগৱানৰ বিভিন্ন মহিমাৰ বৰ্ণনা দাঙি ধৰা হৈছে যদিও একান্ত ভক্তি অবিহনে ভগৱন্তৰ স্বৰূপ উপলব্ধি সম্ভৱ নহয়।

আনকি ব্ৰহ্মাদি দেৱতাসকলেও ভগৱন্তৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰিবলৈ সক্ষম নহয়। কবিয়ে কৈছে যে পাৰ্থিৱ মোহাকাঙ্ক্ষাই সাংসাৰিক বান্ধোনৰ প্ৰতি আকৰ্ষিত কৰিছে বাবেই তেওঁ উদ্ধাৰৰ পথ বিচাৰি ভগৱন্তৰ চৰণত আত্মসমৰ্পণ কৰিছে।

ভক্তৰ মনোবাঞ্ছা পূৰণ কৰি ভগৱন্তই কৃপা কৰিলেহে তেওঁ সাংসাৰিক মোহবন্ধনৰ পৰা মুক্তি লাভ কৰিবলৈ সক্ষম হ’ব। সেয়ে তেওঁ ভগৱন্তৰ চৰণত শৰণ ভিক্ষা কৰিছে।

(ঘ) বৰগীতটি কোনে ৰচনা কৰা?

উত্তৰ : শ্ৰীশ্ৰীশংকৰদেৱ।

প্রশ্ন ৪ : ব্যাখ্যা কৰা

(ক) “সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা।

অধমে জানিবে কেনে তোমাৰ মহিমা।”

উত্তৰ: উদ্ধৃত কবিতাংশ মহাপুৰুষ মাধৱেদেৱৰ দ্বাৰা ৰচিত আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট বৰগীতটিৰ পৰা তুলি দিয়া হৈছে।

ভগৱানৰ মহিমা অসীম। তেওঁৰ অনন্ত মহিমাৰ কথা ব্ৰহ্মা আদি দেৱতাৰো অজ্ঞাত। ভগৱানৰ অনন্ত মহিমাৰ কথা সাধাৰণ ভক্তৰ বাবে জনাটো অতি দুৰূহ। সেইবাবেই ভক্তকবি মাধৱদেৱে কৈছে যে যিগৰাকী স্ৰষ্টাই অনন্ত ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰিছে, সৃষ্টি-স্থিতি-প্ৰলয়ৰ গৰাকী অনন্ত শক্তিমান, সেইগৰাকী ভগৱন্তৰ তাপৰিসীম মহিমাৰ অন্ত নাই।

ব্ৰহ্মা, মহেশ্বৰ প্রভৃতি দৈৱিক গুণসম্পন্ন মহৎ লোকৰ দৃষ্টিগোচৰ নোহোৱা ঈশ্বৰৰ মহিমা সেয়ে মাধৱদেৱৰ দৰে ভক্তৰ দৃষ্টিৰ, বোধগম্যতাৰ বাহিৰত। তেওঁৰ দৰে সাধাৰণ ভক্তৰ বাবে ভগৱানৰ মহিমা বুজাটো সেয়ে সহজ নহয়।

(খ) আতুৰ ভৈলোহো হৰি বিষয় বিকলে।

কৰিয়ো উদ্ধাৰ মোক চৰণ কমলে।।

উত্তৰ: উদ্ধৃত কবিতাংশ মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা ৰচিত আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট বৰগীতটিৰ পৰা তুলি দিয়া হৈছে। মানুহৰ জন্মৰ লগে লগেই ছয় ৰিপু আৰু বিভিন্ন প্ৰবৃত্তি সমূহেও জন্ম লাভ কৰে। প্রবৃত্তিসমূহ বংশানুক্রমিক আৰু বয়সৰ লগে লগে ই শক্তিশালী ৰূপত আত্মপ্রকাশ কৰে।

কাম, ক্রোধ, লোভ, মোহ, মদ, মাৎসর্য প্রভৃতি ৰিপুৰ তাড়নাই মানুহৰ বৈষয়িক বন্ধনৰ মূল কাৰণ। এই ৰিপুসমূহৰ প্ৰৰোচনাত মানুহে নানা ধৰণৰ অপকৰ্মত লিপ্ত হৈ কাললৈ কুখ্যাতি ৰাখে, দুখ-বেদনাৰে ভাৰাক্ৰান্ত হয়। কবি নিজেও এনে বিষয় বন্ধনৰ পৰা মুক্ত হ’ব পৰা নাই।

সেয়েহে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে যাতে তেওঁৰ অভয় চৰণত স্থান দি কবিক বিষয় বন্ধনৰ পৰা মুক্ত কৰে। হৰিভক্তিয়েই দৰাচলতে মোহ সাগৰৰ পৰা পৰিত্ৰাণৰ একমাত্র উপায়। কবিয়ে সেয়ে ভগৱন্তৰ চৰণত ভক্তিভাৱে আত্মসমৰ্পণ কৰিছে।

(গ) “তোমাৰ চৰণ দুই মোৰ মহা ধন ।

ভকত জনেৰ নিজ তুমিসে জীৱন।।

উত্তৰ: উদ্ধৃত কবিতাংশ মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা ৰচিত আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট বৰগীতটিৰ পৰা তুলি দিয়া হৈছে।

সংসাৰ সাগৰৰ পৰা পৰিত্ৰাণ লাভৰ কাৰণে কবিয়ে একান্তভাৱে ভগৱানৰ চৰণত আত্মনিবেদন কৰিছে। তেওঁ উপলব্ধি কৰিছে যে মায়াময় সংসাৰৰ বান্ধোনৰ পৰা হাত সাৰি থাকিবলৈ হ’লে ভগৱন্তৰ দুখনি চৰণত আশ্ৰয় গ্ৰহণৰ বাহিৰে আন কোনো পথ নাই সেয়ে তেওঁ কৈছে যে কবিৰ বাবে সকলোৰে ঊৰ্দ্ধত হৈছে ভগৱানৰ অভয় চৰণত শৰণগ্রহণ।

এয়ে তেওঁৰ জীৱনৰ একান্ত আকাঙ্ক্ষিত মহাধন। কবিয়ে এইবিধ সম্পদৰ বাহিৰে আৰু একো নিবিচাৰে। ভক্তৰ কাৰণে ভগৱানেই পৰম আশ্রয়। গতিকে, তেওঁৰ চৰণত আশ্ৰয় গ্ৰহণৰ বাহিৰে ভক্তই আন একোকে কামানা নকৰে।

প্রশ্ন ৫ : সনক সনন্দ যোগী যাহাকু ধিয়ায়।

সকল নিগমে যাক বিচাৰি নাপায়।।— তাৎপর্য বিচাৰ কৰা।

উত্তৰ : ভাৰতীয় সনাতন ধর্ম সাধনাত প্রবৃত্তি আৰু নিবৃত্তি অর্থাৎ আগম আৰু নিগম শাস্ত্ৰৰ যোগেদি সাধন পদ্ধতি নিৰূপিত কৰা দেখা গৈছে। কিন্তু মুক্তিৰ বাবে দুয়োবিধ মার্গেই কষ্টসাধ্য। যোগমার্গ, জ্ঞানমার্গ আদিতকৈ ভক্তিমার্গ প্রশস্ত। সেয়ে সনক, সনন্দ প্রভৃতি একান্ত ভক্তসকলে সৰ্বান্তকৰণে ভগৱন্তক হৃদয়ত ধ্যান কৰে।

পৱিত্ৰ অন্তঃকৰণেৰে ঈশ্বৰ চিন্তাৰ যোগেদিহে ভগৱন্তৰ কৰুণা লাভ কৰিব পাৰি। যোগীসকলে ধ্যানৰ যোগেদি সম্ভেদ লাভ কৰিব নোৱৰা ভগৱন্তৰ কিন্তু ভক্তিত নিজে সন্তুষ্ট হয়। সেয়ে কবিয়ে কৈছে যে শাস্ত্ৰৰ জটিলতালৈ নগৈ একান্ত অন্তঃকৰণেৰে হৰিভক্তি কৰাটো বাঞ্ছনীয় ।

অন্যথা কর্ম, যোগ, জ্ঞান প্রভৃতি কষ্টসাধ্য পদ্ধতিৰে তেওঁৰ কৰুণাবোধ সম্ভৱ নহয়। সেইবাবেই নিগম শাস্ত্ৰৰ যোগেদি দুর্লভ প্ৰতিপন্ন হোৱা ভগৱন্তৰ প্রতি একান্ত ভক্তিভাব প্ৰদৰ্শন কৰা হৈছে।

প্রশ্ন ৬ : বৰগীতৰ চাৰিটা লক্ষণৰ বিষয়ে লিখা।

উত্তৰ : বৰগীতৰ চাৰিটা লক্ষণ তলত উল্লেখ কৰা হ’ল—

(১) বৰগীত ভাৰতীয় উচ্চাঙ্গ সংগীতৰ আৰ্হিত ৰচিত।

(২) বৰগীতৰ ৰচক হ’ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱ।

(৩) বৰগীতত নিৰ্দিষ্ট ৰাগ আছে।

(৪) বৰগীতসমূহ সকলো ধৰণৰ পাৰ্থিৱ ভাৱনাৰ পৰা মুক্ত আধ্যাত্মিক পৰ্যায়ৰ গীত।

(৫) বৰগীতসমূহত ভগৱান শ্ৰীকৃষ্ণ তথা শ্ৰীৰামচন্দ্ৰৰ মহিমা কীৰ্তিত হৈছে।

(৬) ভাব, ভাষা আৰু বিষয়বস্তুৰ ক্ষেত্ৰত বৰগীত সমসাময়িক অন্যান্য গীতৰ পৰা পৃথক।

প্রশ্ন ৭ : তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা।

উত্তৰ :

নপাৱন্ত:নাপায়
জনেৰ-জনৰ
কেনে- কেনেদৰে, কেনেকৈ
তুমিসে- তুমিয়েই
ভৈলোহো –হ’লো
কহয়- কয়

প্রশ্ন ৮ : ব্রজবুলি ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰ : ব্রজবুলি ভাষাৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল—

(১) ব্রজবুলি এক প্ৰকাৰৰ কৃত্ৰিম সাহিত্যিক ভাষা।

(২) পশ্চিমা হিন্দীৰ অপভ্রংশ ব্রজভাষাৰ সৈতে এই ভাষাৰ কোনো সম্পর্ক নাই।

(৩) ব্রজবুলি ভাষাৰ মূল ভেটি মৈথিলী আৰু মধ্যযুগত এই ভাষাক কেন্দ্ৰ কৰি

কৃষ্ণলীলা বিষয়ক ভালেমান গীত পদ ৰচিত হৈছিল।

(৪) ব্রজবুলী ভাষাত মৈথিলী, ভোজপুৰী, উৰিয়া, হিন্দী, পুৰণি অসমীয়া প্রভৃতি

শব্দৰ প্ৰয়োগ দৃষ্টিগোচৰ হয় ।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১ : বৰগীত পাঠটিৰ গুৰুত্ব সম্পর্কে লিখা।

উত্তৰ : মহাপুৰুষ মাধৱদেৱ কেৱল এগৰাকী ধৰ্মপ্ৰচাৰকেই নাছিল, এগৰাকী আগশাৰীৰ গীতিকাৰ, কবি, নাট্যকাৰ আৰু সংগীতজ্ঞও আছিল। শংকৰদেৱৰ পৰামৰ্শক্রমে তেওঁ বৰগীত ৰচনাত হাত দিছিল।

মাধৱদেৱৰ বৰগীতত শিশু কৃষ্ণৰ দুমুখীয়া ব্যক্তিত্ব অতি সাৰ্থকৰূপত প্ৰকাশিত হৈছে। আলোচ্য পাঠটিৰ যোগেদি মাধৱদেৱৰ সাঙ্গীতিক প্ৰতিভাৰ লগে লগে তেওঁৰ অনুপম ৰচনাশৈলীৰ সৈতে পৰিচিত হোৱাৰ লগতে শিক্ষার্থীসকলে মধ্যযুগৰ ভক্ত কবিসকলৰ

যোগেদি অসমৰ জাতীয় জীৱনলৈ সাহিত্য-কলা-সংস্কৃতিৰ মাধ্যমেদি কঢ়িয়াই অনা আধ্যাত্মিক পৰিৱেশৰ বিষয়ে উপলব্ধি কৰিবলৈ সক্ষম হ’ব। শিক্ষাৰ্থীৰ মনত কলাত্মক ৰুচিবোধ বৃদ্ধি, আধ্যাত্মিক ভাবধাৰাৰ জাগৰণ আদিয়েই অন্তর্নিহিত উদ্দেশ্য।

প্রশ্ন ২ : তলত দিয়া শব্দবোৰৰ অৰ্থ লিখা ।

উত্তৰঃ

শব্দঅৰ্থ
ছোড়- ছিঙি দিয়া।
বান্ধৱ- বন্ধু
ধিয়ায়- ধ্যান কৰে।
নিগম- নিগম শাস্ত্ৰ
কৃপাৰ সাগৰদয়াৰ সাগৰ, দয়ালু
বিষয় বিকলেসাংসাৰিক দুখ, বিষয়-বাসনাত কাতৰ
মোহপাশ- মায়াৰ বন্ধন
যাহাকু- যিজনক
দাসকু দাস—দাসৰো দাস।
মহাধন- মূল্যৱান সম্পদ।
চৰণ-ভৰি

প্রশ্ন ৩ : বৰগীত বুলিলে কি বুজা?

উত্তৰ : অসমত নৱ-বৈষ্ণৱ ভক্তিধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে ভাৰতীয় উচ্চাঙ্গ সঙ্গীতৰ আৰ্হিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱে চৈধ্য প্ৰসঙ্গত উপযোগীকৈ একশ্ৰেণীৰ আধ্যাত্মিক গীত ৰচনা কৰিছিল। ব্রজবুলি ভাষাত ৰচিত এই বিশেষ আধ্যাত্মিক গীতসমূহকেই বৰগীত আখ্যা দিয়া হৈছে।

বৰগীত মহাপুৰুষদ্বয়ৰ দ্বাৰা ৰচিত আধ্যাত্মিক গীত। সেয়ে কোনো ধৰণৰ পাৰ্থিৱ বিষয় ইয়াত অনুপস্থিত। আধ্যাত্মিক ভাব, ব্রজবুলি ভাষা আৰু আধ্যাত্মিক প্রেম তথা একনিষ্ঠ ভক্তিৰ ভাবনাই বৰগীতৰ অন্তর্নিহিত বিষয়।

বৰগীতসমূহ সকলো ধৰণৰ পাৰ্থিৱ প্ৰেম-কলহৰ পৰা মুক্ত, আধ্যাত্মিক পৰ্যায়ৰ গীত। ভগৱান শ্ৰীকৃষ্ণ বা শ্ৰীৰামচন্দ্ৰৰ ৰূপ, গুণ, ঐশ্বৰ্য আৰু অপৰিসীম শক্তিৰ প্ৰকাশ এই গীতসমূহত লক্ষ্য কৰা যায়। মহাপুৰুষ শংকৰদেৱে মুঠ ৩৪ টি আৰু মাধৱদেৱে ১৫৭ টি বৰগীত ৰচনা কৰে। গতিকে দুয়োজনৰ সৰ্বমুঠ গীতৰ সংখ্যা ১৯১ টা।

বৰগীতসমূহ উচ্চ মানবিশিষ্ট, আধ্যাত্মিক ভাবসম্পন্ন আৰু ভাৰতীয় উচ্চাঙ্গ সঙ্গীতৰ আৰ্হিত ৰচিত |

প্রশ্ন ৪ : বৰগীতৰ লক্ষণ সম্পর্কে চমুকৈ লিখা।

উত্তৰ : শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত আধ্যাত্মিক ভাবসম্পন্ন ১৯১ টা গীতক বৰগীত আখ্যা দিয়া হৈছে। ভাব, ভাষা আৰু বিষয়বস্তুৰ শ্ৰেষ্ঠতাৰ বাবে সমসাময়িক অন্যান্য গীতৰ পৰা এই গীতসমূহ পৃথক। তলত বৰগীতৰ লক্ষণসমূহ চমুকৈ উল্লেখ কৰা হ’ল—

(১) বৰগীতসমূহ ভাৰতীয় সংগীতশাস্ত্ৰৰ নিয়মানুসৰি নিৰ্দিষ্ট ৰাগ-তালত ৰচনা কৰা হৈছে।

(২) বৰগীতৰ ভাষা ব্রজবুলি।

(৩) বৰগীতসমূহ আধ্যাত্মিক ভাবসম্পন্ন আৰু ভগৱানৰ মাহাত্ম্য প্রকাশক।

(৪) বৰগীতসমূহ নববৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে ৰচিত।

(৫) শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা নিৰ্দিষ্ট আৰ্হিত ই ৰচিত।

(৬) বৰগীতৰ বিষয়বস্তু সকলো ধৰণৰ পাৰ্থিৱ ভাবৰ পৰা মুক্ত।

(৭) বৰগীত ভক্তিভাবপ্রকাশক।

(৮) বৰগীতত ভক্তিৰ আনুষঙ্গিকভাৱে শান্ত, বাৎসল্য আৰু দাস্যভাবৰ সমাৱেশ ঘটিছে।

(৯) মাধৱদেৱৰ বৰগীত শিশু কৃষ্ণৰ চৰিত্ৰই প্রাধান্য লাভ কৰিছে।

(১০) শিশু কৃষ্ণৰ শিশুসুলভ চোৰ, চাতুৰী, লীলা, বিৰহ, পৰমাৰ্থ ইত্যাদি বিভিন্ন বিষয়ে গীতত ঠাই পাইছে।

(১১) দাস্যভক্তি মাধৱদেৱৰ প্ৰায়বোৰ গীতত লক্ষ্য কৰা হয়।

প্রশ্ন ৫ : ব্রজবুলি ভাষা বুলিলে কি বুজা ?

উত্তৰ : মহাপুৰুষ শংকৰদেৱ মাধৱদেৱ আদিয়ে সাহিত্য ৰচনাত ব্যৱহাৰ কৰা ভাষাটো যদিও পুৰণি অসমীয়া ভাষা, বৰগীত আৰু অংকীয়া নাটকত ব্যৱহাৰ কৰা ভাষাটো কাব্যৰ ভাষাৰ পৰা কিছু পৃথক। কোনো কোনো পণ্ডিতে ইয়াক কৃত্রিম সাহিত্যিক ভাষা বুলি অভিহিত কৰিছে।

সেই সময়ত শ্ৰীকৃষ্ণৰ লীলা-মাহাত্ম্য প্ৰয়োগৰ কাৰণে অসম, বঙ্গ, উৰিষ্যা প্রভৃতিৰ কবিসকলে যিটো সাহিত্যিক ভাষা ব্যৱহাৰ কৰিছিল তাক ব্রজবুলি ভাষা বোলা হৈছে যদিও পশ্চিমা হিন্দীৰ অপভ্রংশ ব্রজভাষাৰ সৈতে ইয়াৰ কোনো সম্পর্ক নাই। মৈথিলী ভাষাহে ইয়াৰ মূল ভেটি৷ অৱশ্যে মৈথিলী ভাষাৰ লগতে ভোজপুৰী, উৰিয়া, বাংলা, পুৰণি অসমীয়া, নেৱাৰী প্ৰভৃতি বিভিন্ন ভাষাৰ শব্দাৱলীৰ সংমিশ্ৰণত এই ভাষাটোৰ সৃষ্টি হৈছে।

মধ্যযুগত এই ভাষা সমগ্ৰ উত্তৰ-পূব ভাৰতত জনপ্ৰিয় আছিল। মৈথিলি কবি বিদ্যাপতিয়ে তেওঁৰ অনুপম শব্দাৱলীৰ মাধ্যমেদি এই ভাষাটোক জনপ্ৰিয় কৰি গৈছিল । পৰৱৰ্তী কালৰ বৈষ্ণৱ কবিসকলে সাহিত্য ৰচনাৰ বাবে এই জনপ্রিয় ভাষাটোকেই আৰ্হি হিচাপে গ্ৰহণ কৰা বুলি কোনো কোনো পণ্ডিতে মতপ্ৰকাশ কৰা দেখা যায়।

প্রশ্ন ৬ : ব্যাখ্যা কৰা

কৃপাৰ সাগৰ কৃপা কৰা এক বাৰ।

কাতৰ কৰিয়া লৈলো শৰণ তোমাৰ।।

উত্তৰ : উদ্ধৃত কবিতাংশ মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা ৰচিত আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট বৰগীতটিৰ পৰা তুলি দিয়া হৈছে।

ভগৱান কৃপাৰ সাগৰ। তেওঁৰ কৃপাৰ অন্ত নাই। ভক্তসকলৰ একান্ত আকাঙ্ক্ষা হৈছে ভগৱপ্ৰীতি তথা ভগৱানৰ কৃপা ৷ সেইবাবেই ভগৱানক কৃপাৰ সাগৰ আখ্যা দিয়া হৈছে। কৃপাৰ সাগৰ দৈৱকীনন্দনে সদায়েই ভক্তৰ মনোবাঞ্ছা পূৰণ কৰি আহিছে। ভক্ত কৰি মাধৱদেৱেও সেয়ে তেওঁৰ কৃপা ভিক্ষা কৰিছে আৰু একান্ত কাতৰভাৱে প্ৰাৰ্থনা জনাইছে।

ভগন্তৰ চৰণত শৰণ লওঁতাজনৰ কোনো ধৰণৰ বিপদ-বিঘিনি হ’ব নোৱাৰে। এয়ে ভক্তৰ আন্তৰিক বিশ্বাস । ভগৱন্তৰ পদপ্ৰান্তত একান্ত শৰণ গ্ৰহণ কৰি মহাপুৰুষ মাধৱদেৱে সেয়েহে কৰুণাময় ভগৱন্তৰ কৃপা ভিক্ষা কৰাটো এইক্ষেত্ৰত তাৎপর্যপূর্ণ।

অতি চমু উত্তৰ দিয়া :

(ক) মাধৱদেৱৰ জন্ম কেতিয়া আৰু ক’ত হেছিল?

উত্তৰ : ১৪৮৯ চনত লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ অন্তৰ্গত লেটেকুপুখুৰীত মাধৱদেৱৰ জন্ম হয়।

(খ) মাধৱদেৱৰ পিতৃ-মাতৃৰ নাম কি ?

উত্তৰ : মাধৱদেৱৰ পিতৃৰ নাম গোবিন্দগিৰি ভূঞা আৰু মাতৃৰ মনোৰমা ভূঞা।

(গ) মাধৱদেৱে কাৰ অধীনত শিক্ষালাভ কৰিছিল?

উত্তৰ : ৰাজেন্দ্ৰ অধ্যাপকৰ অধীনত তেওঁৰ টোলত মাধৱদেৱে শিক্ষা লাভ কৰিছিল।

(ঘ) মাধৱদেৱে ক’ত শংকৰদেৱৰ সৈতে মিলিত হয়?

উত্তৰ : ধুৱাহাট বেলগুৰিত।

(ঙ) মাধৱদেৱৰ গুৰু কোন আছিল?

উত্তৰ : শ্ৰীমন্ত শংকৰদেৱ।

(চ) মাধৱদেৱে ৰচনা কৰা সৰ্বশ্ৰেষ্ঠ গ্ৰন্থখন কি ? অথবা, মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি?

উত্তৰ : নামঘোষা।

(ছ) মাধৱদেৱে ৰামায়ণৰ কোন খণ্ড প্রণয়ন কৰে?

উত্তৰ : আদিকাণ্ড ৰামায়ণ।

(জ) মাধৱদেৱৰ বৰগীতৰ সংখ্যা কিমান?

উত্তৰ : ১৫৭টা।

(ঝ) মাধৱদেৱৰ বৰগীতৰ মূল ৰস কি ?

উত্তৰ : দাস্যমূলক ভক্তিৰস।

(ঞ) মাধৱদেৱৰ বৰগীতত কি কি ভাবৰ প্ৰকাশ অধিক ?

উত্তৰ : বাৎসল্য, দাস্য আৰু সাম্যভাবৰ প্ৰকাশ ঘটিছে।

(ট) মাধৱদেৱৰ দ্বাৰা ৰচিত ঝুমুৱা কেইখন কি কি?

উত্তৰ ঃ চোৰধৰা, পিম্পৰা গুছোৱা, ভোজন বেহাৰ, ভূমি লুটিয়া ইত্যাদি।

(ঠ) মাধৱদেৱৰ দ্বাৰা প্ৰণীত তত্ত্বমূলক গ্ৰন্থ কি কি?

উত্তৰ : জন্মৰহস্য, নামমালিকা, ভক্তি ৰত্নাৱলী।

(ড) তোমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বৰগীতটিত “বান্ধৱ” বুলি কাক সম্বোধন কৰিছে?

উত্তৰ : ভগৱান শ্ৰীকৃষ্ণক।

চমু উত্তৰ লিখা |Short Answer

(ক) আমাৰ সংগীতৰ প্ৰাচীন ইতিহাস কেতিয়াৰে পৰা আৰম্ভ হৈছে?

উত্তৰ : অসমীয়া সংগীতৰ ইতিহাস অতি প্রাচীন। প্রাক্ শঙ্কৰী যুগৰ বহু পূৰ্বতেই অসমীয়া লোক সংগীতে বিভিন্ন দিশত প্ৰকাশ লাভ কৰে।

(খ) সপ্তম শতিকাত সংগীতৰ চৰ্চা কোনে কৰিছিল ?

উত্তৰ : খ্ৰীষ্টীয় ৭ম শতিকা আৰু তাৰ বহু পূর্বেই অসমত সংগীতৰ ব্যাপক চৰ্চা আছিল বুলি অনুমান কৰিব পাৰি।

(গ) অসমত সংগীতৰ প্ৰাচীনত্বৰ কি নিদৰ্শন পোৱা যায় ?

উত্তৰ : অসমৰ বিভিন্ন স্থানত আৱিষ্কৃত ভগ্নাৱশেষ, স্থাপত্য আদিত নৃত্যৰ মুদ্ৰা আৰু বিদ্যাধৰ-বিদ্যাধৰীৰ মূৰ্ত্তি পোৱা গৈছে।

(ঘ) নাটঘৰ প্ৰতিষ্ঠা কিয় কৰা হৈছে?

উত্তৰ : পুৰণি মন্দিৰবোৰৰ সৈতে নৃত্য-গীত অভিনয়ৰ কাৰণে একোটাকৈ নাটঘৰ প্ৰতিষ্ঠা কৰা হৈছিল। এই নাটঘৰবোৰে ৰজাঘৰীয়া পৃষ্ঠপোষকতা লাভ কৰিছিল। অসমৰ ভালেমান প্রাচীন মঠ-মন্দিৰত নিয়মিতভাৱে নৃত্য-গীতৰ চৰ্চা হৈছিল।

(ঙ) অসমৰ ওজাপালিৰ ঐতিহ্য কেতিয়াৰ ?

উত্তৰ: অসমত ওজাপালিৰ ঐতিহ্যও অতি প্রাচীন। এই পৰম্পৰা প্ৰাক্‌ শংকৰী যুগৰে পৰা অসমত প্ৰচলিত হৈ আহিছে।

(চ) চর্যাগীতৰ সৈতে বৰগীতৰ সাদৃশ্য কোনখিনিত ?

উত্তৰ : চর্যাগীতসমূহে দৰাচলতে প্রতীকধর্মী ভাষাত ৰচিত ধর্ম সাধনৰ গীত। এই গীতৰ ভাব আৰু বিষয়বস্তুৰ সৈতে শংকৰদেৱ-মাধৱদেৱ বিৰচিত বৰগীতৰ যথেষ্ট সাদৃশ্য আছে।

(ছ) চৰ্যাগীত আৰু গীতিৰামায়ণৰ সৈতে বৰগীতৰ কোন দিশত সাদৃশ্য পৰিলক্ষিত হয় ?

উত্তৰ : চর্যাগীতত থকা ভালেমান ৰাগ বৰগীততো সঞ্চালনীভাৱে পোৱা যায়। চৰ্যাগীতত সন্নিৱিষ্ট ৰাগৰ ভিতৰত পটমঞ্জৰী, গবড়া, অৰু, গুজৰী, গঞ্জৰ, কচু গুঞ্জৰী প্রভৃতি ৰাগে বৰগীততো আছে। শঙ্কৰদেৱৰ সমসাময়িক কবি দুর্গাবৰ বিৰচিত গীতিৰামায়ণতো বিবিধ ৰাগ সন্নিৱিষ্ট হৈছে। গতিকে অসমৰ ৰাগ সংগীতৰ ইতিহাস যথেষ্ট পুৰণি।

(জ) বৰগীতত শাস্ত্ৰীয় আৰু থলুৱা ৰাগৰ সমন্বয় কেনেদৰে ঘটিছে?

উত্তৰ : শংকৰদেৱ আৰু মাধৱদেৱ বিৰচিত বৰগীতত সন্নিৱিষ্ট ৰাগসমূহে ভাৰতীয় ৰাগ-তালৰ সৈতে সাদৃশ্য থাকিলেও বৰগীতৰ সুৰত কিছু থলুৱা সুৰৰ প্ৰভাৱ দেখা যায়। বৰগীতৰ কেইবাটাও ৰাগত পৰম্পৰাগত থলুৱা সংগীতৰ লগে লগে চৰ্যাত ব্যৱহৃত সুৰৰ সাদৃশ্য দেখা যায়।

(ঝ) বৰগীতসমূহ কেনেদৰে পৰিৱেশন কৰা হয় ?

উত্তৰ : ভাৰতীয় সংগীত শাস্ত্ৰৰ নীতি অনুসৰি বৰগীতসমূহ নিৰ্দ্ধাৰিত ৰাগ অনুসৰি পৰিৱেশন কৰা হয়।

(ঞ) অসমত থলুৱা সংগীতে কেতিয়াৰে পৰা ৰাজপৃষ্ঠপোষকতা লাভ কৰে?

উত্তৰ : স্বৰ্গদেউ ৰুদ্ৰসিংহৰ সময়ৰে পৰাই অসমৰ থলুৱা সংগীতে ৰজাঘৰীয়া পৃষ্ঠপোষকতা লাভ কৰিবলৈ সক্ষম হয়। ৰুদ্ৰসিংহ নিজে এগৰাকী সংগীত অনুৰাগী আছিল আৰু তেওঁ গীতো ৰচনা কৰিছিল।

(ট) কেতিয়াৰে পৰা অসমত নৃত্য-গীত চৰ্চাৰ কাৰণে অনুকূল পৰিৱেশৰ সৃষ্টি হয় ?

উত্তৰ : আহোম ৰজাৰ ৰাজত্বকালত নৃত্য-গীত চৰ্চাৰ বাবে এক অনুকূল পৰিৱেশৰ সৃষ্টি হৈছিল। প্ৰায়বোৰ প্ৰাচীন মন্দিৰৰ লগতে নৃত্য-গীত চৰ্চাৰ কাৰণে একোটাকৈ নাটঘৰ প্ৰতিষ্ঠা কৰা হৈছিল।

(ঠ) ৰুদ্ৰসিংহই কোনবিধ সংগীতৰ প্ৰতি পৃষ্ঠপোষকতা আগবঢ়াইছিল?

উত্তৰ : ৰুদ্ৰসিংহই ভাৰতীয় শাস্ত্রীয় সংগীতৰ লগে লগে সত্ৰীয়া থুলৰ বৰগীত, নৃত্য আৰু অংকীয়া নাট অভিনয়ৰ বাবেও পৃষ্ঠপোষকতা আগবঢ়াইছিল। তেওঁ ভাৰতৰ বাহিৰলৈ গৈ হিন্দুস্থানী সংগীতৰ প্ৰশিক্ষণ ল’বৰ কাৰণে নট-নটী পঠিয়াইছিল। লগতে ভাৰতীয় সংগীতৰ ওস্তাদৰ হতুৱাই থলুৱা মানুহকো সংগীতৰ জ্ঞান লাভ কৰিবলৈ উৎসাহিত কৰিছিল।

(ড) কোনজন স্বৰ্গদেৱে সংগীতৰ উৎকৰ্ষত সৰ্বাধিক অৱদান আগবঢ়াইছিল ?

উত্তৰ : অসমৰ সংগীতৰ উৎকৰ্ষৰ ক্ষেত্ৰত স্বৰ্গদেৱ ৰুদ্ৰসিংহৰ অৱদান সবাতোকৈ অধিক। তেওঁৰ দিনতেই ভাৰতীয় শাস্ত্রীয় সংগীত আৰু থলুৱা লোক-সংগীতৰ বিকাশৰ কাৰণে পৃষ্ঠপোষকতা আগবঢ়োৱা হয় ।

(ঢ) কোনে শাস্ত্ৰীয় পৰম্পৰাৰ নৃত্যধাৰাক জনপ্ৰিয় কৰিছিল ?

উত্তৰ : মহাপুৰুষ শংকৰদেৱে শাস্ত্ৰীয় পৰম্পৰাৰ নৃত্যধাৰাক জনপ্ৰিয় কৰি তোলাৰ বাবে বিশেষ চেষ্টা কৰিছিল। এই নাচবোৰৰৰ ভিতৰত চালিনাচ, সূত্ৰধাৰী নাচ, কৃষ্ণ নাচ, নটুৱা নাচ আদি বিশেষভাৱে উল্লেখযোগ্য।

(ণ) ভাৰতীয় ৰাগ-সংগীত ঐতিহ্যপ্রসূত হ’লেও বৰগীতত কি থলুৱা বৈশিষ্ট্য আছে।

উত্তৰ : বৰগীত ভাৰতীয় ৰাগ-সংগীতৰ ঐতিহ্যপ্রসূত আৰু নিৰ্দিষ্ট ৰাগ-তালত ৰচিত হ’লেও ইয়াত কেতবোৰ স্বকীয় বৈশিষ্ট্য আছে, যিবোৰ চৰ্যাৰ অধিক কাষচপা।

(ত) বৰগীত কাক বোলে?

উত্তৰ : মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা চৈধ্য প্ৰসঙ্গৰ উপযোগীকৈ ভাৰতীয় উচ্চাস্থ সংগীতৰ আৰ্হিত ৰচনা কৰা আধ্যাত্মিক ভাব বিশিষ্ট বিবিধ ৰাগযুক্ত গীতাসমূহকে বৰগীত আখ্যা দিয়া হৈছে। বৰগীতৰ ভাব, ভাষা আৰু বিষয়বস্তুৰ শ্ৰেষ্ঠতাই বৰগীতৰ শ্ৰেষ্ঠতাৰ মূল কথা।

(থ) বৰগীতৰ মূলবস্তু কি ?

উত্তৰ : ৰাগ বৰগীতৰ মূল বস্তু। শুদ্ধ ৰূপ প্ৰয়োগৰ অবিহনে বৰগীতৰ স্বৰূপ ফুটি নুথে |

(দ) বৰগীতৰ অন্তর্নিহিত সাতত্ত্ব কি?

উত্তৰ : বৰগীত সাংসাৰিক প্রেম কাহিনীৰ পৰা মুক্ত, সম্পূর্ণ আধ্যাত্মিক উপাসনা প্রসঙ্গৰ গীত। তদুপৰি ই মহাপুৰুষৰ দ্বাৰা ৰচিত হ’ব লাগিব ৷

(ধ) বৰগীত সম্পর্কে কি প্রবাদ প্রচলিত আছে। মহাপুৰুষৰ ৰচিত গীতৰ সংখ্যা কিমান?

উত্তৰ: আমাৰ সমাজত ‘বাৰকুৰি বৰগীত তেৰকুৰি ফকৰা’ বুলি এটি প্রবাদ প্ৰচলিত হৈ আহিছে যদিও শঙ্কৰ-মাধৱৰ মুঠ গীতৰ সংখ্যা ১৯১ হৈছে।

(ন) কথাগুৰুচৰ্তিত বৰগীত ৰচনা সম্পর্কে কি উল্লেখ আছে?

উত্তৰ : শংকৰদেৱে প্ৰথমবাৰ তীৰ্থযাত্ৰাৰ পৰা উভতি আহি ‘মন মেৰি ৰাম চৰণেহি লাগু’ শীর্ষক বৰগীতটি ৰচনা কৰা বুলি কথাগুৰুচৰিতত উল্লেখ কৰা হৈছে।

(প) শংকৰদেৱৰ গীতত কি কি ভাবৰ সমাৱেশ ঘটিছে?

উত্তৰ : শংকৰদেৱৰ বৰগীতসমূহত বিবিধ ভাবৰ সমাহাৰ লক্ষ্য করা যায়। জ্ঞান আৰু ভক্তিযোগৰ লগে লগে তেওঁৰ গীতত বাৎসল্য, দাস্য, সখ্য প্রভৃতি বিবিধ ভাবৰ সমাহাৰ ঘটিছে।

(ফ) শংকৰদেৱৰ বৰগীতত কি কি ৰাগ উল্লেখিত হৈছে?

উত্তৰ : শংকৰদেৱৰ বৰগীতত আশোৱাৰী, নাটমল্লাৰ, ধনশ্রী, গৌৰী, শ্রী, কেদাৰ, সুহাই, বসন্ত, মাউৰ, ভূপালী, অহিৰ, কল্যাণ, ভুড় বসন্ত প্রভৃতি ৰাগৰ উল্লেখ পোৱা যায় ।

(ব) বৰগীতত কোনবোৰ দিশ প্রতিফলিত হৈছে?

উত্তৰ: বৰগীতসমূহ শংকৰদেৱ আৰু মাধৱদেৱৰ কবিত্ব শক্তিৰ জলন্ত নিদর্শন। সাংসাৰিক বিষয় ভোগৰ প্ৰতি অনাস্থা, যাগ-যজ্ঞ, পূজা-পাতল, তপ-জপৰ অসাৰতা আৰু জীৱন যৌৱনৰ ক্ষণস্থায়িত্বৰ লগতে ভগৱানৰ ওচৰত আত্ম সমৰ্পণৰ ভাব বৰগীতসমূহত সন্নিৱিষ্ট হৈছে।

(ভ) বৰগীত আৰু বিদ্যাপতি চণ্ডীদাসৰ পদাৱলীৰ মাজত পাৰ্থক্য কোনখিনিত?

উত্তৰ : বিষয়বস্তুৰ গাম্ভীৰ্য আৰু প্ৰকাশভঙ্গীৰ সংযম বৰগীতসমূহৰ মন কৰিবলগীয়া বৈশিষ্ট্য। বৰগীতত বিদ্যাপতি চণ্ডীদাসৰ গীতসমূহৰ দৰে ৰাধা-কৃষ্ণৰ অবৈধ প্ৰণয়ৰ চিত্ৰ নাই; তাৰ পৰিৱৰ্তে ভক্ত আৰু ভগৱানৰ আধ্যাত্ম সম্পৰ্কৰ কথাহে আছে।

(ম) বৰগীতত কেনে ভাবৰ মৰ্মস্পর্শী চিত্ৰণ লক্ষ্য কৰা যায় ?

উত্তৰ : বৰগীতসমূহ মহাপুৰুষদ্বয়ৰ কাব্যিক আৰু সাহিত্যিক প্ৰতিভাৰ উল্লেখযোগ্য নিদৰ্শন। বৰগীতত কবিৰ ভগৱন্তৰ প্ৰতি ভক্তি বিগলিত হৃদয়েৰে কৰা একান্ত প্রার্থনা, পৰমজনৰ ওচৰত আত্মসমৰ্পণৰ সুৰ, জীৱন-যাতনাৰ পৰা মুক্তি পাবলৈ কৰা আবেগময়ী প্ৰাৰ্থনাৰ অতি মর্মস্পর্শী চিত্র অংকিত হৈছে।

(য) অন্যান্য সমসাময়িক গীতিকাৰৰ গীতসমূহক কি আখ্যা দিয়া হৈছে?

উত্তৰ : শংকৰদেৱ আৰু মাধৱদেৱক অনুসৰণ কৰি সমসাময়িক বৈষ্ণৱ গীতিকাৰসকলে একে ষ্টাইলত ৰচনা কৰা গীতসমূহক বৰগীত আখ্যা দিয়া নহয়, সেইবোৰক গীতহে আখ্যা দিয়া হয় ।

(ৰ) অঙ্কৰ গীত কি?

উত্তৰ : অংকীয়া নাটসমূহত সন্নিৱিষ্ট গীতবোৰক অংকৰ গীত বোলা হৈছে।

(ল) বৰগীতৰ ৰাগসমূহ ক’ত এতিয়াও ব্যৱহৃত হৈ আছে?

উত্তৰ: শংকৰদেৱ আৰু মাধৱদেৱৰ বৰগীতসমূহত সন্নিৱিষ্ট ৰাগসমূহ অন্যান্য ভাৰতীয় মাৰ্গ সংগীততো প্ৰচুৰ পৰিমাণে পোৱা যায়। ইয়াৰ সৰহভাগেই বর্তমানো হিন্দুস্তানী আৰু কৰ্ণাটকী ৰাগ সংগীতত বহুলভাৱে ব্যৱহৃত হৈ আছে।

(ৱ) বৰগীতসমূহ ক’ত আৰু কেতিয়া পৰিৱেশন কৰা হয় ?

উত্তৰ: বৰগীতসমূহ মুখ্যতঃ প্ৰাৰ্থনা গীত। অসমৰ সত্ৰসমূহত এই গীতসমূহ বিভিন্ন প্রসঙ্গত পৰিৱেশন কৰা হয়। চৈধ্য প্ৰসঙ্গৰ উপযোগীকৈ এই গীতসমূহ ৰচনা কৰা হৈছে। ইয়াৰ কোনোবাটো পুৱা, কোনোটো দিনৰ অন্য সময়ত পৰিৱেশন কৰা হয়।

(শ) শংকৰদেৱ আৰু মাধৱদেৱৰ বৰগীতত কেনেবোৰ ভাব প্রকাশিত হৈছে?

মাধৱদেৱৰ বৰগীতৰ আনুভূতিক দিশটো কেনে ধৰণৰ ?

উত্তৰ : বৈষ্ণৱ ধৰ্মৰ মূল নীতি, বিষ্ণু বা শ্ৰীকৃষ্ণ তথা ৰামচন্দ্ৰৰ ৰূপ বর্ণনা, কৃষ্ণ-বিষ্ণু-ৰামচন্দ্ৰৰ অভিন্নতা, আত্মত্রুটি ভগৱানৰ কৃপা-ভিক্ষা, নামৰ মহিমা, গোপিনী বিৰহ, লীলা, মাতৃ-পুত্ৰৰ মাজত আন্তৰিক সম্পৰ্ক, বিৰহ বেদনা, আধ্যাত্মিক বেদনা প্রভৃতি বিবিধ ভাব বৰগীতত প্ৰকাশিত হৈছে। মাধৱদেৱৰ বৰগীতত অনুভূতিৰ গাঢ়তা শংকৰদেৱতকৈ অধিক। মাধৱদেৱৰ বৰগীতত আত্মসসমৰ্পণ আৰু দাস্যভাবৰ আকুলতা লক্ষ্য করা যায়।

Conclusion:

আমি বিশ্বাস কৰোঁ যে এই টোকাবোৰে শিক্ষাৰ্থীসকলক বিষয়বোৰৰ বিষয়ে ভালদৰে বুজাবুজি বিকশিত কৰাত আৰু তেওঁলোকৰ পৰীক্ষাৰ বাবে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰিব।

আমি নিশ্চিত যে এই টোকাবোৰে শিক্ষাৰ্থীসকলক তেওঁলোকৰ লক্ষ্য প্ৰাপ্ত কৰাত আৰু তেওঁলোকৰ শৈক্ষিক প্ৰদৰ্শন বৃদ্ধি কৰাত সহায় কৰিব। যদি আপুনি এই প্ৰবন্ধটো ভাল পায় আৰু সহায়ক হয় তেন্তে আপোনাৰ বন্ধুবৰ্গৰ সৈতে Share কৰিবলৈ নাপাহৰিব।

1 thought on “Class 10 Assamese Lesson 1 | বৰগীত | Question Answer | SEBA”

Leave a Comment

error: Content is protected !!